HSLC 2019 Social Science Question Paper Solved

HSLC 2019 Social Science Question Paper Solved Assamese Medium, SEBA Class 10 Social Science Old Question Paper Solved, দশম শ্ৰেণীৰ সমাজ বিজ্ঞান 2019 ৰ প্ৰশ্নকাকত সমাধান কৰা হৈছে to each Paper is Assam Board Exam in the list of SEBA so that you can easily browse through different subjects and select needs one. Assam Board HSLC 2019 Social Science Question Paper Solved can be of great value to excel in the examination.

HSLC 2019 Social Science Question Paper Solved

HSLC 2019 Social Science Question Paper Solved

Join Telegram channel

HSLC Old Question Paper provided is as per the 2019 Assam Board Exam and covers all the questions from the SEBA HSLC 2019 Question Paper. Access the detailed SEBA Class 10 Social Science 2019 Paper provided here and get a good grip on the subject. Access the HSLC 2019 Social Science Question Paper Solved, Class X Social Science 2019 Old Paper Question Answer of Assamese in Page Format. Make use of them during your practice and score well in the exams.

HSLC SOCIAL 2019 QUESTION PAPER

2019

SOCIAL SCIENCE OLD PAPER

ALL QUESTION ANSWER

1.(a) ১৯৩২ চনত সাম্প্রদায়িক বাটোৱাৰা ঘোষণা কৰা বৃটিছ প্ৰধানমন্ত্ৰীজন আছিল–

(i) ক্লিমেন্ট এট্‌লি৷

(ii) উইনষ্টন চার্চিল৷

(iii) ৰামছে মেকডোনাল্ড৷ 

(iv) থেৰেচা মে’ই৷

উত্তৰঃ (iii) ৰামছে মেকডোনাল্ড৷

(b) তলৰ কোনটো চনত বৃটিছসকলে অসমত দাস প্ৰথাৰ বিলুপ্তি ঘটাইছিল ?

(i) ১৮৪৩ চনত৷

(ii) ১৮৫৭ চনত৷

(iii) ১৮৬০ চনত৷

(iv) ১৮৬৩ চনত৷

উত্তৰঃ (i) ১৮৪৩ চনত ৷

(c) তলৰ কোনজন ‘জোনাকী’ ৰ প্ৰথম সম্পাদক আছিল ?

(i) হেমচন্দ্ৰ বৰুৱা৷

(ii) হেমচন্দ্ৰ গোস্বামী৷

(iii) লক্ষ্মীনাথ বেজবৰুৱা৷

(iv) চন্দ্ৰকুমাৰ আগৰৱালা৷

উত্তৰঃ (iv) চন্দ্ৰকুমাৰ আগৰৱালা ৷

(d) তলৰ কোনবিধ ভাৰতীয় ধ্রুপদী নৃত্য অন্ধ্ৰপ্ৰদেশৰ ?

(i) কথাকলি৷

(ii) কুচিপুড়ী৷

(iii) ভাৰতনাট্যম৷

(iv) অ’ডিছি৷

উত্তৰঃ (ii) কুচিপুড়ী ৷

(e) তলৰ কোনবিধ অনৱীকৰণযোগ্য সম্পদ ? 

(i) পানী৷

(ii) উদ্ভিদ৷

(iii) প্রাকৃতিক গেছ৷

(iv) সূৰ্যৰ ৰশ্মি৷

উত্তৰঃ (iii) প্রাকৃতিক গেছ ৷

(f) সেউজগৃহ গেছবোৰৰ ভিতৰত তলৰ কোনবিধ গেছ গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী ? 

(i) অক্সিজেন৷

(ii) কার্বন-ডাই-অক্সাইড৷

(iii) নাইট্ৰ’জেন৷

(iv) আর্গন৷

উত্তৰঃ (ii) কার্বন-ডাই-অক্সাইড ৷

(g) পৃথিৱীৰ দীর্ঘতম পর্বতশ্রেণীটো হ’ল

(i) হিমালয় পর্বতমালা৷

(ii) এণ্ডিজ পর্বতমালা৷

(iii) ৰ ‘কি পর্বতমালা৷

(iv) ইউবাল পর্বতমালা৷

উত্তৰঃ (ii) এণ্ডিজ পর্বতমালা ৷

(h) তলৰ কোনজন ব্যক্তি ভাৰতৰ সংবিধান খচৰা কমিটিৰ সদস্য নাছিল ? 

(i) এন. গোপালস্বামী৷

(ii) কে.এম. মুন্সি৷

(iii) জৱাহৰলাল নেহৰু৷

(iv) ডি.পি.খৈটান৷

উত্তৰঃ (iii) জৱাহৰলাল নেহৰু৷

Group – B

2. গান্ধীজীয়ে কেতিয়া সৰমতী আশ্ৰমৰ পৰা সাগৰৰ পাৰৰ দাণ্ডিলৈ লোণ আইন ভংগ কৰিবলৈ যাত্ৰা কৰিছিল? সবমতী আশ্ৰম আৰু সাগৰৰ পাৰৰ দাণ্ডিৰ দূৰত্ব কিমান ? 

উত্তৰঃ ১৯৩০ চনৰ ১২ মাৰ্চত সবরমতী আশ্ৰমৰ পৰা দাণ্ডিলৈ যাত্ৰা কৰিছিল। সবমতী আশ্ৰমৰ পৰা দাণ্ডিলৈ দূৰত্ব প্রায় ৩৮৫ কি.মি.।

3. অসম এছ চিয়েচনৰ প্ৰথমখন অধিৱেশনত নির্বাচিত হোৱা সভাপতি আৰু সাধাৰণ সম্পাদকৰ নাম লিখা ৷

উত্তৰঃ অসম এছচিয়েচনৰ প্ৰথমখন অধিৱেশনত নির্বাচিত হোৱা সভাপতি প্রভাত চন্দ্ৰ বৰুৱা আৰু সাধাৰণ সম্পাদক মাণিক চন্দ্ৰ বৰুৱা।

4. ওজাপালিৰ দুটা ভাগৰ নাম লিখা আৰু উদাহৰণ দিয়া। 

উত্তৰঃ ওজাপালিৰ দুটা ভাগ হ’ল : ব্যাসৰ ওজা আৰু সুকনান্নী ওজা।

উদাহৰণ— ব্যাসৰ ওজা : ৰামায়ণ, মহাভাৰতৰ কাহিনীলৈ গীত গায়। 

সুকনান্নী ওজা : মনসা দেৱীৰ গীত গায়।

5. স্বদেশী আন্দোলন দুর্বল কৰাৰ বাবে বৃটিছ চৰকাৰে কি কি পন্থা লৈছিল ? আন্দোলনৰ নেতাসকলৰ পৰা চৰকাৰে সঁহাৰি লাভ কৰিছিল নে ? 

উত্তৰঃ স্বদেশী আন্দোলন দমন/দুর্বল কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে ভাৰতীয় লোকৰ মাজত বিভেদ অনাৰ প্রয়াস চলাইছিল। ব্ৰিটিছ চৰকাৰে জাতীয় কংগ্ৰেছৰ উদাৰপন্থী নেতাসকলৰ পৰা সহযোগিতা আশা কৰিছিল। লর্ড কার্জনে এই নেতাসকলক হাতব মুঠিত ৰখাৰ উদ্দেশ্যে তেওঁলোকৰ বহুতক ব্ৰিটিছ চৰকাৰ আৰোপিত উপাধি, পদক আৰু পদ প্ৰদান কৰিছিল। উদাৰপন্থী কংগ্ৰেছ সদস্যক উচ্চ ন্যায়ালয়ৰ বিচারপতির পদ, ব্ৰিটিছ সংসদত সদস্য পদ, ভাইচৰয় পৰিষদৰ সদস্য পদ যাচি বংগ ভংগ পৰিকল্পনাত তেওঁলোকৰ সমৰ্থন আশা কৰিছিল যদিও কার্জনে বংগ ভংগ বিৰোধী আন্দোলন দুর্বল কৰিব পৰা নাছিল। লর্ড কার্জনে ভাইচৰয়ৰ আসনত বহিয়েই শাসন আৰু শোষণ একেলগে চলাই যোৱা হ’ব বুলি ঘোষণা কৰিছিল। 

কিন্তু অৱশেষত বংগ ভংগ বাতিলৰ সিদ্ধান্তই ব্ৰিটিছ চৰকাৰৰ পৰাজয় আৰু ব্যর্থতা সুস্পষ্ট ৰূপত উদঙাই দিছিল। ভাৰতৰ স্বাধীনতা সংগ্ৰামত বংগ ভংগ বিৰোধী আন্দোলনৰ সাফল্য এক উল্লেখযোগ্য ঘটনা হিচাপে চিহ্নিত হৈ ৰ’ব। স্বদেশী আন্দোলন দুর্বল কৰিবৰ বাবে ইংৰাজসকলে ভাৰতীয় ৰাজনৈতিক নেতাসকলক উপাধি দি, পদৰ লোভ দেখুৱাই নেতাসকলৰ সঁহাৰি বিচাৰিছিল যদিও সঁহাৰি পোৱা নাছিল।

নাইবা 

স্বদেশী আন্দোলনৰ প্ৰাৰম্ভিক কাৰ্যসূচীবোৰ কি কি আছিল ? প্রতিবিধৰ কাৰ্যসূচী চমুকৈ উল্লেখ কৰা।

উত্তৰ : বংগ ভংগ আন্দোলনৰ প্ৰেক্ষাপটত সার্বজনীন প্রতিবাদ আছিল আৰু গণ আন্দোলনৰ ৰূপত সংগঠিত হোৱা স্বদেশী আন্দোলনৰ মূল কাৰ্যসূচীসমূহ আছিল– 

(ক) স্বদেশীা।

(খ) বয়কটা। আৰু 

(গ) জাতীয় শিক্ষা।

‘স্বদেশী কাৰ্যসূচীৰ দ্বাৰা আন্দোলনকাৰীসকলে ভাৰতীয় সামগ্ৰীৰে প্ৰস্তুত কৰা সকলো ধৰণৰ পণ্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছিল। এনে কাৰ্যসূচীত স্বদেশীয় আত্মনির্ভৰশীলতা আৰু আত্মসহায়তাক সামৰি লোৱা হৈছিল।

বয়কট কাৰ্যসূচীৰ দ্বাৰা সকলো ভাৰতীয় লোককে বিদেশী বস্তু পৰিত্যাগৰ আহ্বান জনোৱা হৈছিল। তদুপৰি ইংৰাজী ভাষা পৰিত্যাগ, ইংৰাজ প্রদত্ত উপাধি পৰিত্যাগ আদি উল্লেখযোগ্য আছিল। 

জাতীয় শিক্ষা কাৰ্যসূচীৰ দ্বাৰা ব্ৰিটিছে প্ৰৱৰ্তন কৰা ইংৰাজী শিক্ষা বৰ্জন কৰি জাতীয় শিক্ষা গ্ৰহণ কৰাৰ ব্যৱস্থা লোৱা হৈছিল। এনে কাৰ্যসূচী ৰূপায়ণ কৰোঁতে প্রাচীন ভাৰতীয় শিক্ষা, সাহিত্য-সংস্কৃতি আৰু ভাষাৰ পৰত অধিক গুৰুত্ব দিয়া হৈছিল।

6. স্বদেশী আন্দোলনৰ তিনিটা অবদান আলোচনা কৰা। 

উত্তৰঃ স্বদেশী আন্দোলনৰ অৱদানসমূহক তলত উল্লেখ কৰা হ’ল—

(ক) স্বদেশী আন্দোলনে ভাৰতবাসীক গণআন্দোলন সম্পর্কে এটা ৰাজনৈতিক শিক্ষা দিবলৈ সক্ষম হৈছিল।

(খ) ভাৰতীয় জাতীয় কংগ্ৰেছে আৰম্ভণিৰে পৰা আৱেদন-নিবেদনৰ মাজেৰে সহনশীল চিন্তাত বিশ্বাস ৰাখি ব্ৰিটিছ চৰকাৰৰ ওচৰত ভাৰতীয়ৰ উন্নতি আশা কৰিছিল। ‘একমাত্র গণসংগ্ৰামৰ যোগেদিহে ভাৰতীয়ৰ উন্নতি সম্ভৱ’— এই ভাবনা স্বদেশী আন্দোলনে জাতীয় কংগ্ৰেছক প্রদান কৰিছিল।

(গ) স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতীয়ই ব্ৰিটিছ চৰকাৰৰ ওচৰত স্বৰাজ দাবী কৰাৰ সুযোগ লাভ কৰিছিল। স্বদেশী আন্দোলনৰ তীব্র উত্তেজনাই জাতীয় কংগ্ৰেছক দাদাভাই নৌৰজীৰ পৌৰাহিত্যত অনুষ্ঠিত কলিকতা অধিবেশনত পোনপ্ৰথমে ভাৰতীয়ৰ বাবে স্বৰাজ দাবী কৰি প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ বাধ্য কৰিছিল।

(ঘ) স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতীয় নাৰীৰ আন্দোলন প্রবণতা গঢ়ি উঠিছিল। এই আন্দোলনে নাৰীসমাজক আন্দোলনমুখী কৰি তুলিছিল। 

(ঙ) স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতবৰ্ষত সশস্ত্র বিপ্লৱৰ সূচনা হৈছিল। আগ্নেয়াস্ত্ৰৰে বিপ্লৱৰ পথ অনুসৰণ কৰি দেশক স্বাধীন কৰাৰ প্ৰৱণতা এচাম আন্দোলনকাৰীৰ মাজত গঢ়ি উঠিছিল।

7. ভাৰতৰ ১৮৫৭-৫৮ চনৰ বিদ্ৰোহৰ কাৰণসমূহ আৰু অসমত ইয়াৰ প্ৰভাৱ চমুকৈ আলোচনা কৰা। 

উত্তৰঃ আধুনিক ভাৰত বুৰঞ্জীত ১৮৫৭ চন এক বিশেষভাবে উল্লেখনীয় বছৰ। ব্ৰিটিছ সৈন্যবাহিনীত থকা ভাৰতীয় সৈন্যই এই বছৰতেই বিদ্রোহ ঘোষণা কৰিছিল আৰু ভাৰতবৰ্ষত ব্ৰিটিছ শাসনৰ ভেঁটি কঁপাই তুলিছিল। ভাৰতত এই বিদ্রোহ ঘোষণা কৰাৰ প্রধান কাৰণসমূহ আছিল– 

(ক) লর্ড ওৱেলচলিৰ বশ্যতামূলক মিত্ৰতা নীতি।

(খ) লর্ড ডেলহাউচীৰ স্বত্ব বিলোপ নীতি।আৰু 

(গ) বিভিন্ন দুর্দশাৰ প্ৰতিবাদত ১৮৫৭ চনৰ ১০ মে তাৰিখে মিৰাটৰ ভাৰতীয় সৈন্যসকলে বিদ্রোহ ঘোষণা কৰিছিল। এই বিদ্রোহী সৈন্যবাহিনীক সম্পূর্ণ সমর্থন আগবঢ়াই বিদ্রোহ আৰু শক্তিশালী কৰিবলৈ ভাৰতৰ বঞ্চিত শাসকসকলে সম্পূর্ণ সমর্থন আগবঢ়াই বিদ্ৰোহ শক্তিশালী কৰি তুলিছিল। তাঁতিয়াটোপে, ঝান্সীৰ ৰাণী লক্ষ্মীবাঈ আদিয়ে এই বিদ্ৰোহৰ নেতৃত্ব প্ৰদান কৰিছিল।

১৮৫৭ চনৰ বিদ্রোহে অসমৰ অভিজাত শ্ৰেণীটোক বৃটিছ শাসন ওফৰাই পুৰণি ৰাজতন্ত্র প্রতিষ্ঠা কৰাৰ এক সোণালী সুযোগ প্রদান কৰিছিল। সেয়েহে এই বিদ্রোহে অসমতো প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। ব্রহ্মপুত্র উপত্যকাত কিছুসংখ্যক লোকে অসমত অৱস্থান কৰা ব্ৰিটিছ সৈন্য বাহিনীত থকা ভাৰতীয় সেনাৰ মাজত অসন্তুষ্টি বিয়পাই অসমতো চিপাহী বিদ্ৰোহৰ উত্থান ঘটাই তেওঁলোকৰ সহায়ত ইংৰাজক খেদি আহোম শাসন প্রতিষ্ঠা কৰাৰ চেষ্টা কৰিছিল। বৰাক উপত্যকাতো চিটাগঞ্জৰ পৰা অহা চিপাহীসকলে বিদ্ৰোহৰ সূচনা কৰিছিল।

ডিব্ৰুগড়ৰ আসাম লাইট ইনফ্ৰেণ্ট্ৰী আৰু গুৱাহাটীৰ দ্বিতীয় আসাম লাইট ইনফ্রেণ্ট্ৰী সৈন্যসকলেও পিছত বিদ্ৰোহৰ সূচনা কৰিছিল। 

8. অসমত ১৮৫৭ চনৰ বিদ্ৰোহ। গুৰুত্ব সম্পর্কে চমুকৈ আলোচনা কৰা।

উত্তৰঃ অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পর্কে তলত উল্লেখ কৰা হ’ল। ১৮৫৭ চনৰ বিদ্ৰোহ ব্ৰিটিছ চৰকাৰে কঠোৰ হাতেৰে দমন কৰিবলৈ সক্ষম হৈছিল যদিও অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এক সৰ্বভাৰতীয় ঐতিহাসিক ঘটনাৰ লগত অসম জড়িত হৈছিল।

দ্বিতীয়তে, ১৮৬১ চনৰ পৰা অসমত আৰম্ভ হোৱা কৃষক বিদ্ৰোহসমূহ ১৮৫৭ চনৰ বিদ্ৰোহৰে প্ৰতিক্ৰিয়া।

তৃতীয়তে, অসমতো হিন্দু আৰু মুছলমান এই দুটা সম্প্রদায়ে একগোট হৈ বিদ্রোহত অংশগ্ৰহণ কৰি জাতীয়তাবোধৰ বিকাশত ইন্ধন যোগাইছিল। 

১৮৫৭ চনৰ বিদ্ৰোহৰপৰা ভাৰতীয় স্বাধীনতা আন্দোলনৰ অন্যান্য সংগ্রামীৰ দৰে অসমীয়া সংগ্রামীসকলেও মণিৰাম দেৱান তথা সহযোগীসকলৰ কৰ্মৰ দ্বাৰা অনুপ্রাণিত হৈছিল।

নাইবা 

ইতিহাসত ফুলগুৰি ধাৱাৰ গুৰুত্ব আলোচনা কৰা। 

উত্তৰঃ অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ অধ্যায়ৰ অন্তৰ্গত ফুলগুৰিৰ ধাৱা অসমৰ কৃষক বিদ্ৰোহৰ ক্ষেত্ৰত এটা লেখত ল’বলগীয়া ঘটনা। সেয়ে এই ঘটনাই ঐতিহাসিক গুৰুত্ব লাভ কৰিছে। অসমৰ সামাজিক ইতিহাসত ফুলগুৰিৰ ধাৱাই আছিল খাটিখোৱা শ্ৰেণীৰ লোকৰ প্ৰথমটো ব্ৰিটিছ বিৰোধী বিদ্ৰোহ। এই বিদ্রোহে খাটিখোৱা শ্ৰেণীৰ লোকক এটা গণভিত্তি দিয়ে। এই কৃষক বিদ্রোহটো হোৱাৰ ঘাই কাৰণ আছিল ১৮৬১ চনত ব্ৰিটিছ চৰকাৰে আফু খেতি কৰাটো নিষিদ্ধ কৰে। ফুলগুৰি অঞ্চলৰ তিৱা কৃষকসকলে আফু খেতি কৰি জীৱন-নিৰ্বাহ কৰিছিল। চৰকাৰে হঠাৎ আফু খেতি বন্ধ কৰি দিয়াত আৰু পাণ-তামোলৰ ওপৰতো কৰ লগাব বুলি জনৰৱ উঠাত ৰাইজমেল যোগে কৃষকসকল সংগঠিত হৈ ফুলগুৰি ধাৱাৰ সূত্ৰপাত ঘটায়। এই ঘটনাই পৰৱৰ্তী সময়ত দৰং, কামৰূপ আদিত ব্ৰিটিছ শাসকৰ বিৰুদ্ধে এলানি কৃষক বিদ্ৰোহৰ সূচনা হোৱাত ইন্ধন যোগাইছিল যাৰ বাবে ফুলগুৰিৰ ধাৱাই এক ঐতিহাসিক মাত্ৰা লাভ কৰিছিল।

9. ‘সত্যাগ্রহ’ বুলিলে কি বুজা ? যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীজীয়ে সত্যাগ্রহক প্ৰথমতে প্ৰয়োগ কৰিছিল সেই তিনিটাৰ বিষয়ে সংক্ষিপ্ত বিৱৰণ দিয়া।

উত্তৰঃ গান্ধীজীয়ে ১৯১৯ চনত সত্যাগ্রহ আৰম্ভ কৰিছিল। গান্ধীজীৰ মতে সত্যাগ্রহ হ’ল ‘এক আধ্যাত্মিক আন্দোলন, এক বিশুদ্ধিকৰণ আৰু প্রায়শ্চিত্তকৰণৰ প্ৰক্ৰিয়া’। সত্যাগ্রহৰ অৰ্থ হ’ল সত্যৰ প্ৰতি থকা আগ্রহ অর্থাৎ সত্যনিষ্ঠ হৈ কাম কৰা। সত্যাগ্রহৰ ভিত্তি হ’ল অহিংসা।

গান্ধীজীয়ে তেওঁ ভূ-স্বামীসকলৰ বিপক্ষে সাধারণ কৃষকসকলক নেতৃত্ব প্রদান কৰিছিল, খেড়াত কৃষকসকলৰ খেতি নষ্ট হোৱাৰ পিছতো চৰকাৰে আৰোপ কৰা অত্যাধিক ৰাজহৰ বিপক্ষে মাত মাতিছিল। আকৌ আহমেদাবাদত বঞ্চিত মিল শ্রমিকসকলৰ হৈ মিল মালিকসকলৰ বিপক্ষে থিয় হৈছিল। এই প্ৰতিটো কাৰ্যসূচীতে তেওঁ ‘সত্যাগ্রহ ক কৌশল হিচাপে ব্যৱহাৰ কৰিছিল, য’ত আদৰ্শ আছিল সত্য আৰু অহিংসা। 

10. অসমৰ চিত্ৰকলাৰ ঐতিহ্যৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ চিত্রকলাত অসম অতীতৰ পৰা আগবঢ়া। খ্ৰীষ্টিয় সপ্তদশ শতিকা মানৰ পৰা অসমীয়া চিত্ৰকলাৰ উন্নতি হোৱা দেখা যায়। মধ্যযুগত সাঁচিপাতত অংকিত কৰা নানান চিত্ৰকলাৰ নিদৰ্শন পোৱা যায়। মধ্যযুগত বিশেষকৈ বিভিন্ন গ্রন্থ সাঁচিপাতত ৰচনা কৰা দেখা গৈছে। গ্রন্থসমূহৰ লগতে সাঁচিপাতত নানা ধৰণৰ চিত্ৰও অংকন কৰা দেখা যায়। মধ্যযুগত ৰচিত তেনে চিত্ৰ অংকিত গ্ৰন্থসমূহৰ ভিতৰত হস্তীবিদ্যার্ণৱ, চিত্ৰ ভাগৱত আদি। চিত্ৰসমূহ অংকন কৰোতে নানা ধৰণৰ ৰং ব্যৱহাৰ কৰিছিল। স্বৰ্গদেউ শিৱ সিংহৰ দিনত সুকুমাৰ বৰকাইথে দিলবৰ আৰু দোচাই নামৰ দুজন চিত্ৰকৰৰ দ্বাৰা অপূৰ্ব ৰঙৰ সমাহাৰ ঘটাই হস্তিবিদ্যার্ণৱ গ্ৰন্থখন মনোৰম কৰিছিল।

11. ইংৰাজসকলৰ বিৰুদ্ধে অসমৰ বিভিন্ন ঠাইত কিদৰে ৰায়ত সভাসমূহ গঢ়ি উঠিছিল ? 

উত্তৰঃ যোৰহাটত গঠন হোৱা যোৰহাট সাৰ্বজনিক সভাৰ পৰৱৰ্তী সময়ত অসমৰ নগাঁও আৰু তেজপুৰত মধ্যবিত্ত শ্রেণীৰ উদ্যোগত ‘বায়ত সভা’ গঢ়ি উঠিছিল। এই ক্ষেত্ৰত ১৮৮৪-৮৫ চনত লক্ষ্মীকান্ত বৰকাকতী, হৰিবিলাস আগৰৱালা, লম্বোদৰ বৰা, ভৱানীচৰণ ভট্টাচার্য, জয়দেৱ শৰ্মা, লক্ষ্মীকান্ত দাস, মহেন্দ্ৰ দে আৰু ঠাকুৰ দাস শৰ্মাৰ উদ্যোগত ‘তেজপুৰ ৰায়ত সভা’ গঠন হৈছিল। ঠিক তেনেদৰে ১৮৮৬-৮৭ চনত নগাঁও ৰায়ত সভা’ৰ জন্ম হৈছিল।

এই ৰায়ত সভাসমূহৰ মূল উদ্দেশ্য আছিল ব্ৰিটিছ চৰকাৰৰ দ্বাৰা প্ৰৱৰ্তিত নতুন ভূমি নীতি আৰু ৰাজহ বৃদ্ধিকৰণৰ প্ৰতিবাদ কৰা। মূলতঃ মধ্যবিত্ত শ্ৰেণীৰ নেতৃত্বত গঢ়ি উঠা এই সভাৰ সমাৱেশসমূহত গাঁৱৰ হাজাৰ হাজাৰ কৃষকে অংশগ্ৰহণ কৰিছিল। ৰায়ত সভাৰ নেতৃত্বত ১৮৮৬-৮৭ চনত বহু কেইখন কৃষক সমাবেশ অনুষ্ঠিত হৈছিল। বায়ত সভাসমূহৰ প্রধান উদ্দেশ্য আছিল গ্ৰেজিৎ বন্ধ কৰা, মাটিৰ খাজনা হ্রাস কৰা আৰু পূৰ্ববংগৰ পৰা হোৱা প্ৰব্ৰজন ৰোধ কৰা। অন্যহাতে পৰৱর্তী সময়ত ৰায়ত সভাসমূহক অধিক সক্ৰিয় আৰু শক্তিশালী কৰিবলৈ ১৯৩৩ চনত ‘সদৌ অসম ৰায়ত সভা’ গঠন কৰা হৈছিল। 

নাইবা 

‘ভাৰত ত্যাগ আন্দোলন’ ত অসমৰ মানুহৰ ভূমিকা সম্বন্ধে সংক্ষেপে আলোচনা কৰা। 

উত্তৰঃ অসমত ৪২-ৰ গণ আন্দোলনে এক ভয়াবহ ৰূপ লৈছিল। ১৯৪২ চনৰ আগষ্ট মাহত গান্ধীজীয়ে ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভণি কৰিছিল। আগষ্ট মাহত প্ৰস্তাৱ গৃহীত হোৱা বাবে এই আন্দোলনক আগষ্ট বিপ্লৱ নামেৰেও জনা যায়। গান্ধীজীৰ ‘কৰা নহ’লে মৰা’ (Do or Die) ধ্বনিৰ প্ৰেৰণ/ত উদ্বুদ্ধ হৈ দেশে এই আন্দোলনত জপিয়াই পৰিছিল।

অসমীয়া মুক্তিযুঁজাৰুৱে সাম্রাজ্যবাদী শক্তিক সকলো প্ৰকাৰে বাধা দিবলৈ উঠিপৰি লাগিছিল। 

ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো কংগ্ৰেছৰ প্ৰধান নেতাসকলক গ্ৰেপ্তাৰ কৰাৰ লগতে অসম প্রদেশ কংগ্ৰেছ কমিটি, জিলা কংগ্ৰেছ কমিটি আৰু অন্যান্য ঐক্যমঞ্চসমূহক অবৈধ ঘোষণা কৰা হৈছিল। সকলো ধৰণৰ সভা, সমিতি, হৰতাল আৰু মানুহৰ সমাগম নিষিদ্ধ কৰা হৈছিল। অসমত এই আন্দোলন অহিংসা পদ্ধতিৰে হৰতাল, শোভাযাত্রা, সমাৰোহ আৰু পিকেটিং আদিৰ জৰিয়তে আৰম্ভ হৈছিল যদিও জেলত থকা নেতাসকলৰ ওপৰত পুলিচৰ অত্যাচাৰে সীমা চেৰাই যোৱাত এই আন্দোলনে বিপ্লৱ বা হিংসাত্মক ৰূপ ধাৰণ কৰিছিল। জনসাধাৰণে চৰকাৰী ঘৰ-দুৱাৰ আক্ৰমণ কৰাৰ লগতে ৰে’লপথ আৰু সামৰিক বাহিনীৰ অস্ত্র শস্ত্ৰ সৰবৰাহৰ পথসমূহ ধ্বংস কৰি দিছিল। বিশেষকৈ নগাঁও আৰু দৰং জিলাত চৰকাৰী ঘৰ-দুৱাৰ ধ্বংস কৰাৰ লগতে চৰকাৰী বিষয়াসকলক হাৰাশাস্তি কৰা হৈছিল। গোলাঘাটৰ বৰপথাৰ, কামৰূপৰ পাণবাৰী, শিৱসাগৰ চাক্ৰাইত, ৰঙিয়া আদি ঠাইত ৰে’লপথ বগৰোৱাৰ ঘটনা সংঘটিত হৈছিল। অসমত এই আন্দোলন দমন কৰিবলৈ ব্ৰিটিছসকলে কঠোৰ পদক্ষেপ গ্রহণ কৰিছিল। বৰপথাৰত ৰে’ল বগৰোৱাৰ অপৰাধত কুশল কোঁৱৰক ফাঁচী দিয়া হৈছিল। বৰ্বৰ পুলিচৰ নিৰ্বিচাৰ গুলীচালনাত বৰপেটাৰ পাটাচাৰকুছি, গোৱালপাৰৰ ফকিৰগ্ৰাম, দৰং জিলাৰ ঢেঁকীয়াজুলি আৰু গহপুৰত শ শ মানুহৰ মৃত্যু হৈছিল। আন্দোলনকাৰী কনকলতা, ভোগেশ্বৰী ফুকননী, মদন বৰ্মন, ৰাওতা কছাৰী, মুকুন্দ কাকতি, ঠগী মৃত আদিক পুলিচে নির্মমভাৱে গুলীয়াই মাৰিছিল।

ভাৰত ত্যাগ আন্দোলন প্রকৃতাৰ্থত এক গণআন্দোলন আছিল। হেজাৰ হেজাৰ সাধাৰণ জনতাই অংশগ্ৰহণ কৰা এই আন্দোলনে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত হিংসাত্মক ৰূপ হৈছিল। কিন্তু অৱশেষত এই আন্দোলনৰ বিফলতাত বহু জাতীয়তাবাদী নেতা হতাশাগ্রস্ত হৈছিল।

12. সম্পদ আৰু বিজ্ঞান-প্ৰযুক্তিৰ মাজত থকা সম্পর্ক চমুকৈ লিখা। 

উত্তৰঃ প্রকৃতি, মানুহ আৰু সমাজ-সংস্কৃতি তথা বিজ্ঞান-প্ৰযুক্তিৰ আন্তঃক্ৰিয়াৰ ফলতেই একো একোটা সম্পদ সৃষ্টি হয়। মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ লগে লগে নতুন নতুন সম্পদৰো সৃষ্টি হৈছে আৰু ব্যৱহাৰ হৈছে।

বিজ্ঞান-প্রযুক্তিবিদ্যাৰ সহায়ত বৰ্তমানত ব্যৱহাৰ নোহোৱা সামগ্রী বা বৰ্তমানত অপকাৰী সামগ্রী ভৱিষ্যতে মানৱ কল্যাণত ব্যবহৃত হ’ব পাৰে। উদাহৰণ হিচাপে মানুহে যেতিয়ালৈকে শক্তি উৎপাদনত কয়লা বা খনিজ তেলৰ ব্যৱহাৰ নাজানিছিল তেতিয়ালৈকে এইবোৰ সামগ্ৰী ব্যৱহাৰত অহা নাছিল। কিন্তু বিজ্ঞান-প্রযুক্তিবিদ্যাৰ প্ৰয়োগত এনেবোৰ সামগ্রী বর্তমান বা ভৱিষ্যততো ব্যৱহাৰ হৈ থাকিব আৰু মানৱ কল্যাণ সাধন কৰিব। গতিকে মানুহৰ জ্ঞানৰ প্ৰসাৰ আৰু বিজ্ঞান-প্রযুক্তিৰ উন্নয়নৰ ফলত পৃথিৱীত থকা কিছুমান নিৰপেক্ষ সামগ্ৰী আৰু প্ৰতিৰোধক মানুহৰ সুপ্ৰচেষ্টাত সম্পদলৈ ৰূপান্তৰিত হৈছে।

13. মৰুকৰণৰ প্ৰধান কাৰণসমূহ চমুকৈ লিখা। 

উত্তৰঃ মৰুকৰণৰ কাৰণসমূহ :

(ক) খৰাং বতৰ আৰু গোলকীয় উত্তাপ বৃদ্ধিয়েই হৈছে মৰকৰণৰ প্ৰধান কাৰণ। বৃষ্টিপাতৰ অভাৱত মরুভূমিত প্রায়ে খৰাং অৱস্থাৰ সৃষ্টি হয়। খৰাং অৱস্থাই ভূমিৰ উৎপাদন ক্ষমতা হ্রাস কৰাৰ লগতে মৰুকৰণ প্ৰক্ৰিয়াকো ত্বৰান্বিত কৰে। আনহাতেদি গোলকীয় উত্তাপ বৃদ্ধিয়ে মকৰণ প্ৰক্ৰিয়াক ভয়াবহ ৰূপ প্ৰদান কৰিছে।উত্তাপ বৃদ্ধিয়ে উষ্ণ মৰুভূমিবোৰত পৰিৱেশ আৰু অধিক শুকান কৰি তুলিছে। 

(খ) মৰকৰণৰ কাৰণে মানুহৰ কাৰ্যকলাপো জগৰীয়া। অভ্যধিক পশুচাৰণ, কৃষিৰ প্ৰসাৰ আৰু বননি ধ্বংসই প্ৰধান কাৰণ যাৰ দ্বাৰা মৰুকৰণ প্ৰক্ৰিয়াৰ সৃষ্টি হৈছে। মৰুকৰণজনিত সমস্যাৰ সমাধান এটা সাধাৰণ কথা নহয়। ই সমগ্র বিশ্ববাসীৰ বাবে এক জটিল প্রত্যাহ্বান।

14. উত্তৰ আমেৰিকা মহাদেশৰ প্ৰধান পৰ্বতশ্রেণীৰ নাম কি ? ই মহাদেশখনৰ কোন অংশত অৱস্থিত ?

উত্তৰঃ উত্তৰ আমেৰিকা মহাদেশৰ প্ৰধান পৰ্বত শ্ৰেণীটোৰ নাম হৈছে ৰ’কি পার্বত্য অঞ্চল। ই মহাদেশৰ পশ্চিম অংশত অৱস্থিত। ইয়াৰ দৈৰ্ঘ্য হৈছে ৩৭৫৪ মিটাৰ। 

15. অসম চৰকাৰৰ ২০১৪ চনত ঘোষণা কৰা ঔদ্যোগিক আৰু বিনিয়োগ নীতিৰ প্রধান লক্ষ্যবোৰ কি কি ? 

উত্তৰঃ প্রধান লক্ষ্যবোৰ হৈছে :

(ক) ৰাজ্যখনত পণ্য উৎপাদনকাৰী খণ্ড আৰু সেৱা খণ্ডৰ লগতে বিভিন্ন অর্থনৈতিক কার্যকলাপৰ বিকাশ ঘটাই ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি কৰা। 

(খ) ৰাজ্যখনত বিশেষকৈ গ্রামাঞ্চলত জনমূৰি আয় আৰু নিয়োগৰ সুবিধা বৃদ্ধি কৰা।

(গ) ৰাজ্যখনৰ অতি ক্ষুদ্র ক্ষুদ্ৰ আৰু মধ্যমীয়া উদ্যোগৰ বিকাশৰ বাবে বিনিয়োগ বৃদ্ধি কৰা।

(ঘ) বৃহৎসংখ্যক দক্ষ লোকৰ সৃষ্টি কৰা। 

নাইবা 

অসমৰ জল পৰিবহণ ব্যৱস্থাৰ সুবিধাবোৰ উল্লেখ কৰা।

উত্তৰঃ (ক) অসম নদী মাতৃক ৰাজ্য হোৱাৰ বাবে ইয়াত জল পৰিবহন ব্যৱস্থাৰ প্ৰসাৰৰ বাবে অনেক সুযোগ আৰু সুবিধা আছে।

(খ) অন্য পৰিবহনৰ তুলনাত জল পৰিবহনত ইন্ধনৰ খৰচ কম। 

(গ) গধুৰ মাল বস্তুৰ পৰিবহনৰ ক্ষেত্ৰত এই পরিবহন ব্যৱস্থা অতি উপযোগী।

(ঘ) পথ পৰিবহনৰ দৰে জল পৰিবহনত বায়ু প্ৰদূষণৰ সমস্যা নাথাকে। 

(ঙ) জল পৰিবহনত পথ মেৰামতিৰ সমস্যা নাথাকে।

(চ) বানপানীৰ সময়ত জল পৰিবহন ব্যৱস্থাই উল্লেখযোগ্য ভূমিকা পালন কৰে।

16. প্ৰদূষণ মানে কি বুজায় ? মাটি কিদৰে প্ৰদূষিত হয়, লিখা। 

উত্তৰঃ অনিষ্টকাৰী দ্ৰব্যই পৰিৱেশ বিনষ্ট কৰা প্ৰক্ৰিয়াকে সহজ কথাত প্ৰদূষণ বুলি কোৱা হয়। সাধাৰণতে মানুহে সৃষ্টি কৰা দ্রব্যসমূহ অধিক মাত্রাত পৰিৱেশত সংযোজিত হ’লেই জীৱজগতৰ ক্ষতি সাধন হয়। এনে দ্রব্যকে প্রদূষণ বুলি কোৱা হয়। উদাহৰণস্বৰূপে ধূলি, ধোঁৱা, ছাই, ছালফাৰ-ডাই-অক্সাইড, কার্বন-মন’ক্সাইড আদি প্ৰদূষকৰ কথা ক’ব পাৰি।

মাটি হৈছে প্ৰকৃতিৰ এক অতি গুৰুত্বপূর্ণ অবদান। মানব সভ্যতাই বিকাশ ঘাইকৈ এই সম্পদৰ ওপৰত ভিত্তি কৰিয়েই সম্ভৱ হৈছে। কিন্তু এই মানৱৰ হাততেই মাটি প্ৰদূষণৰ কৱলত পৰিছে। সাধাৰণতে মাটিৰ লগত কোনো বাসায়নিক পদার্থ, বিষয় ধাতু, ঔদ্যোগিক আবর্জনা, তেজক্রিয় পদার্থ, এচিড বৰষুণ আদি মিহলি হ’লে মাটিৰ স্বাভাৱিক গুণাগুণ নষ্ট হয় আৰু উৰ্বৰ্তাও হ্রাস পায়। এনে অৱস্থাত মাটিভাগক প্ৰদূষিত মাটি বুলি কোৱা হয়।

সাধাৰণতে আধুনিক কৃষিকাৰ্য, উদ্যোগৰ প্ৰসাৰ আৰু ক্ৰমবর্ধিত হাৰত চলি থকা বননি ধ্বংসই মাটিক প্রদূষিত কৰে। কৃষিৰ আধুনিকীকৰণে কৃষিক্ষেত্ৰত ৰাসায়নিক সাৰ, জলসিঞ্চন, কীটনাশক দৰৱ আদিৰ প্ৰয়োগ বৃদ্ধি কৰিছে। ফলত মাটিৰ স্বাভাৱিক গঠন আৰু গুণাগুণৰ পৰিৱৰ্তন ঘটিছে। তদুপৰি ঔদ্যোগিক আবর্জনা, প্লাষ্টিক, কাঁচ আৰু ৰাসায়নিক পদার্থয়ো মাটিত মিহলি হৈ মাটি প্ৰদূষিত কৰে। ভূ-গর্ভৰ পৰা কয়লা, খাৰুৱা তেল আদি উত্তোলন কৰোঁতেও সেইবোৰৰ কিছু অংশ অসাৱধানবশতঃ ওচৰৰ মাটিত মিহলি হৈ মাটি প্ৰদূষিত কৰে। ভূ-গর্ভস্থ পানী (Underground water) কৃষিক্ষেত্ৰত প্ৰয়োগ কৰিলেও ভূমিৰ গুণাগুণৰ পৰিৱৰ্তন ঘটে। এনেদৰেই বিভিন্ন কাৰণত মাটি প্ৰদূষিত হয়।

17. অসমৰ জনসংখ্যা বৃদ্ধিৰ কাৰণবোৰ চমুকৈ বিশ্লেষণ কৰা। 

উত্তৰঃ অসমত উচ্চহাৰত জনসংখ্যা বৃদ্ধিৰ কাৰণ হৈছে মূলত : দুটা :

(ক) জনসংখ্যাৰ প্ৰাকৃতিক বৃদ্ধি : ৰাজ্যখনৰ জনসংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত জনসংখ্যাৰ প্ৰাকৃতিক বৃদ্ধি দৰাচলতে জন্ম আৰু মৃত্যুৰ হাৰৰ ওপৰত নিৰ্ভৰশীল। অসমৰ জনসংখ্যাৰ জন্ম আৰু মৃত্যুৰ হাৰ ভাৰতৰ গড় হাৰৰ মাজত বেছি পার্থক্য নাই। ইয়াৰ অৰ্থ এইটোৱেই যে অসমৰ জনসংখ্যাৰ প্ৰাকৃতিক বৃদ্ধিৰ ফলত ৰাজ্যখনত যি হাৰত জনসংখ্যা বাঢ়িছে সেই প্রায় একে হাৰত ভাৰতবৰ্ষৰ জনসংখ্যাও বৃদ্ধি পাইছে।

(খ) বাহিৰৰ পৰা ৰাজ্যখনলৈ অধিক মাত্ৰাত জনপ্রবজন : জনসংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত জনপ্ৰব্ৰজনৰ অৰিহণা অধিক। বর্তমান সময়ত অধিক মাত্ৰাত হোৱা জনপ্ৰব্ৰজনেই অসমৰ অসমৰ জনসংখ্যা বৃদ্ধিৰ এটা প্ৰধান কাৰণ বুলি কোৱা হৈছে। কিয়নো ১৯৪৭ চনত দেশ বিভাজনৰ সময়ত বহুসংখ্যক হিন্দু শৰণাৰ্থীয়ে তেতিয়াৰ পূৱ পাকিস্তানৰ পৰা অসমলৈ প্ৰব্ৰজন কৰিছিল। ১৯৫১ ৰ পৰা ২০০১ চনৰ ভিতৰত অসমৰ জনসংখ্যা দ্রুতগতিত বৃদ্ধি পাবলৈ ধৰে। প্ৰায় ২৩২ শতাংশ বৃদ্ধি পাইছিল। ইয়াৰ মূল কাৰণ আছিল বাংলাদেশৰ পৰা অসমলৈ অবাধ গতিত হোৱা অনুপ্রৱেশ। 

নাইবা 

অসমৰ পৰিবহন ব্যৱস্থাৰ উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া প্রধান কাৰণবোৰ উল্লেখ কৰা। 

উত্তৰঃ অসমৰ পৰিবহন ব্যৱস্থাৰ উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া পাঁচটা প্রধান কাৰণ

হৈছে— (ক) পাহাৰ, মালভূমি, সমভূমি, প্লাবনভূমি, জলাশয় আদিৰে বৈশিষ্ট্যপূৰ্ণ অসমৰ ভিন্ন ভূ-প্রকৃতিৰ বাবে যাতায়াত ব্যৱস্থা সম্প্ৰসাৰণ কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হয়। 

(খ) অসম ৰাজ্যখন ইয়াৰ পশ্চিমৰ ঠেক ভূ-খণ্ডৰ দ্বাৰা ভাৰতৰ সৈতে সংলগ্ন হৈছে। সেইবাবে বহনৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হৈছে।

(গ) বাট-পথ নির্মাণ আৰু মেৰামতিৰ বাবে অসমৰ মাটিৰ গুণাগুণ ঠাই বিশেষে সিমান উপযুক্ত নহয়। তদুপৰি বাৰিষাকালত হোৱা প্ৰচুৰ বৰষুণৰ বাবে বাট-পথ সহজে নষ্ট হয়। আনহাতে বাট-পথ নিৰ্মাণৰ ক্ষেত্ৰত উপযুক্ত আধুনিক প্রযুক্তি আৰু কৌশল প্রয়োগ নকৰাৰ ফলত কম দিনৰ ভিতৰতে বাট-পথৰ অৱস্থা শোচনীয় হৈ পৰে। 

(ঘ) ঔদ্যোগিক বিকাশৰ ক্ষেত্ৰত অসম ভাৰতৰ আন কিছুমান ৰাজ্যৰ তুলনাত এতিয়াও পিছপৰি আছে। ইয়াৰ এটা প্ৰধান কাৰণ হৈছে অসমৰ অনুন্নত পৰিবহন ব্যৱস্থা। 

(ঙ) অসমত বৃহৎ বজাৰৰ অভাৱত ইয়াৰ পৰিবহন ব্যৱস্থাৰ বিকাশ আশা কৰা মতে হোৱা নাই। আন্তঃৰাজ্যিক আৰু আন্তঃর্জাতিক পৰ্যায়ত বেপাৰ-বাণিজ্যৰ ক্ষেত্ৰখনৰ লগত অসম সক্রিয়ভাৱে জড়িত হ’ব পৰা নাই, যাৰ কাৰণে ইয়াৰ পৰিবহন ব্যৱস্থাৰ আন্তঃগাঁঠনি দুর্বল হৈ আছে।

18. সম্পদ সংৰক্ষণ বুলিলে কি বুজায় ? ইয়াৰ প্ৰয়োজনীয়তা আলোচনা কৰা।

উত্তৰঃ পৃথিৱীৰ উন্নত দেশবোৰত উচ্চমাত্ৰাত হোৱা প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ আৰু উন্নয়নশীল দেশবোৰত জনবিস্ফোৰণৰ ফলত বৃদ্ধি পোৱা প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰে সমগ্ৰ বিশ্বৰ বহু প্রাকৃতিক সম্পদ বিশেষকৈ লাগতিয়াল অ-নৱীকৰণযোগ্য সম্পদ নিঃশেষ হৈ যোৱাৰ এক ভয়াৱহ ইংগিত দিছে। এনে পৰিস্থিতিৰ জোৰা মাৰিবলৈ বা সহযোগ কৰিবলৈ এক উপায় হিচাপে সমগ্র বিশ্বতে সম্পদ সংৰক্ষণৰ কাৰ্যসূচী হাতত লোৱা হৈছে। সম্পদ ব্যৱহাৰ আৰু ইয়াৰ সংৰক্ষণ ওতঃপ্রোতভাবে জড়িত। সাধাৰণতে কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাব্যপূৰ্ণ কৰা কাৰ্য বা ধাৰণাকে সম্পদ সংৰক্ষণ বোলা হয়। অর্থাৎ সম্পদ সংৰক্ষণৰ মূল উদ্দেশ্য হ’ল প্ৰকৃতিৰ পৰা আমাৰ প্ৰয়োজনীয় সম্পদবোৰ এনেদৰে ব্যৱহাৰ কৰিব লাগে যাতে ইয়াৰ দ্বাৰা আমি সকলোৱে বহু সময় ধৰি উপকৃত হওঁ।

আমাৰ বিভিন্ন আপুৰুগীয়া প্রাকৃতিক সম্পদ আদিৰ সংৰক্ষণৰ বাবে বহু আঁচনি বা প্রকল্প হাতত লৈছো। জনসংখ্যা বৃদ্ধি আৰু মানুহৰ বিলাসী জীবন-যাপনৰ প্ৰসাৰৰ ফলত অ-নৱীকৰণযোগ্য শক্তি-সম্পদ আদি নিঃশেষ হ’বলৈ ধৰিছে। এনে পৰিস্থিতিৰ বাবেই সমগ্ৰ বিশ্বতে সম্পদৰ সংৰক্ষণ আৰু ইয়াৰ যুক্তিপূর্ণ ব্যৱহাৰ অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। অন্যথা এই পৃথিৱীত মানুহ আৰু মানৱ সভ্যতা বৰ্তি থকাটো টান হৈ পৰিব। 

19. অসমৰ এখন নক্সা মানচিত্র আঁকা আৰু তাত তলত দিয়াসমূহ নাম সহকাৰে বহুওৱা :

(ক) এটা ডেল শোধনাগাৰ।

(খ) অপ্তানী বৃদ্ধি ঔদ্যোগিক পার্ক।

উত্তৰঃ

নাইবা 

(কেৱল অন্ধ পৰিক্ষাৰ্থীৰ বাবে) অসম বনজ সম্পদ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ অসমৰ বনজ সম্পদৰ গুৰুত্ব অতি তাৎপর্যপূর্ণ। ইয়াৰ বনজ সম্পদে সংৰক্ষণ আৰু উৎপাদন দুয়োবিধ কাম কৰে।

অসমত শাল, চেগুণ, শিঙৰি, বনচোম, উৰিয়াম, আজাৰ, পমা, গমাৰি, শিমলু, কঁঠাল, শিলিখা, খয়েৰ, শিৰিষ, ঔটেঙা, কদম আদি পর্ণপাতী উদ্ভিদ দেখা যায়। ইয়াৰ বাহিৰেও চিৰসেউজীয়া অৰণ্যও দেখা যায়। ইয়াৰ ভিতৰত পৰা গছ হ’ল— হলক, নাহৰ, শলখ, মাকৰি, শাল, শিশু, তিঁতাচঁপা, বনৰীয়া আম, অর্জুন, অগৰু ইত্যাদি প্রধান। অসমৰ ঘাঁহ-বনকো বনজ সম্পদৰূপে গণ্য কৰা হয়।

প্ৰকৃতিৰ দ্বাৰা প্ৰদত্ত সম্পদৰ পৰা আমাৰ খাদ্যবস্তু, আশ্রয় স্থল, আচবাব-পত্র, সা সবঞ্জাম আদি প্ৰস্তুত কৰি লোৱা হয়। বনজ সম্পদৰ পৰা পোৱা কাঠেৰে ঘৰ-দুৱাৰ, দলং, ৰে’লপথৰ শিপাৰ, ঘৰুৱা আচবাব আদি প্ৰস্তুত কৰি লোৱা হয়। ইয়াৰ কিছুমান কাঠক ভিত্তি কৰি অসমত কেইবাটাও প্লাইউড উদ্যোগ গঢ়ি উছিছে। অসম চৰকাৰৰ বন বিভাগে বনজ সম্পদৰ পৰা কেইবা কোটি টকা ৰাজহ সংগ্ৰহ কৰে।

ইয়াৰ হাবি-বন বহুতো আপুৰুগীয়া বন্য প্রাণীৰো বাসস্থান। ইয়াৰ ভিতৰত কাজিৰঙাৰ এটা খৰ্গৰ গঁড়, উজনি অসমৰ হলৌ বান্দৰ, বনৰীয়া ম’হ, হাতী, বাঘ, ভালুক, বৰা, নল গাহৰি আদি প্ৰধান। ইয়াৰ বিল, জলাহ আদিত বহুতো স্থানীয় আৰু প্ৰৱসুৱা পক্ষী দেখা যায়। নদীবোৰত বিভিন্ন মাছ-কাছ পোৱা যায়। অসমৰ বনজ সম্পদৰ ওপৰত নিৰ্ভৰ কৰি ইয়াত কাগজ কল, দিয়াশলাই উদ্যোগ আদি গঢ় লৈ উঠিছে।

বনজ সম্পদক কেন্দ্ৰ কৰিয়েই ৰাষ্ট্ৰীয় উদ্যান, সমংৰক্ষিত বনাঞ্চল আৰু পক্ষী উদ্যান গঢ়ি উঠিছে। 

20. উত্তৰ আমেৰিকা মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা। 

উত্তৰঃ উত্তৰ আমেৰিকা পৃথিৱীৰ তৃতীয় বৃহত্তম মহাদেশ। এই মহাদেশখনৰ ভূ প্রাকৃতিক গঠন বৈচিত্র্যময়। 

(ক) ইয়াৰ উচ্চতম ঠাই মেকিনলে শৃংগ (৬১৯৪ মি.) আৰু নিম্নতম ঠাই ডেথভেলী (সাগৰ পৃষ্ঠৰ পৰা ৮৬ মি. তলত) মহাদেশখনৰ পশ্চিম আৰু পূৱ অংশ দুটা উত্তৰ-দক্ষিণতকৈ পৰ্বত-পাহাৰময়। আনহাতে, বাকী অংশ উচ্চ আৰু নিম্ন সমতল ভূমিৰে আৱৰা।

ভূ-প্রাকৃতিকভাৱে মহাদেশখনক চাৰিটা ভাগত বিভক্ত কৰিব পাৰি— 

(ক) ৰ’কি পার্বত্য অঞ্চল।

(খ) বিশাল উচ্চ সমভূমি অঞ্চল।

(গ) আপেলেছিয়ান উচ্চভূমি অঞ্চল।আৰু 

(ঘ) উপকূলীয় নিম্ন সমতল ভূমি অঞ্চল। 

মহাদেশখনৰ পশ্চিম অংশত আলস্কাৰ পৰা মেক্সিকো পর্যন্ত উত্তৰা-দক্ষিণাকৈ থকা সুউচ্চ পৰ্বত শ্ৰেণীৰে ৰ’কি পার্বত্য অঞ্চল গঠিত। তদুপৰি পশ্চিম অংশত উপকূলৱৰ্তী কাস্কেড, ছিয়েবা, লেভাডা আৰু কষ্টৰেঞ্জ পর্বতশ্রেণী আৰু পূর্ব অংশত উত্তৰে নিউফাউগুলেণ্ডৰ পৰা দক্ষিণে ফ্লোৰিডা পর্যন্ত বিস্তৃত পৰ্বত-পাহাৰ, ঠেক উপত্যকা আৰু ভগ্ন মালভূমিৰে গঠিত ওখোৰা-মোখোৰা আপেলেচিয়ান উচ্চ ভূমি আছে। আপেলেচিয়ান উচ্চ ভূমিৰ পুৱে এক বিস্তৃত উপকূলীয় সমতল আছে। মহাদেশখনৰ পশ্চিম উপকূলত ঠেক কেলিফোর্ণিয়া উপকূল। তদুপৰি মহাদেশখনৰ চাৰিওদিশত অজস্র সৰু-বৰ দ্বীপ আছে।

মহাদেশখনত বহুতো নদী, হ্রদ আছে আৰু মহাদেশৰ দক্ষিণ পশ্চিম অংশত কোলেৰাড’ নামেৰে এটা মৰুভূমি সদৃশ অঞ্চল আছে।

নাইবা 

পৃথিৱীৰ স্থলভাগৰ উপৰিভাগত থকা ভূ অৱয়ৱসমূহৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ পৃথিৱীৰ স্থলভাগৰ উপৰিভাগত বিভিন্ন ধৰণৰ ভূ-অবয়ব দেখা পোৱা যায়।

ইবোৰে স্থলভাগৰ ভূ-অৱয়ৱ অসমান কৰি ৰাখিছে, যেনে— পর্বত, পাহাৰ, মালভূমি, সমভূমি, উপকূলীয় সমভূমি ইত্যাদি। ইয়াৰ উপৰি অৱস্থান অনুসৰি পৃথিৱীৰ সকলোতে জলবায়ু একে নাথাকে। উদাহৰণস্বৰূপে বিষুবীয় তথা ক্রান্তীয় অঞ্চলৰ জলবায়ু উষ্ণ আৰু আর্দ্র, মধ্য অক্ষাংশ অঞ্চলৰ জলবায়ু নাতিশীতোষ্ণ আৰু মেক অঞ্চলৰ জলবায়ু অতিপাত ঠাণ্ডা হয়। জলবায়ুৰ এনে তাৰতম্যৰ বাবে উদ্ভিদো বেলেগ বেলেগ হয়। 

তদুপৰি পৰ্বত, পাহাৰ আৰু মালভূমিয়ে সৃষ্টি কৰা উচ্চভূমি অঞ্চলৰ পৰা বহু ডাঙৰ নদীৰ উৎপত্তি হৈ সাগৰ-মহাসাগৰলৈ বৈ গৈ কেইবাখনো সাৰুৱা সমভূমি আৰু ব-দ্বীপৰ সৃষ্টি কৰিছে।

21. অসমৰ প্ৰাকৃতিক সম্পদৰ অৱক্ষয়ৰ কাৰণবোন বর্ণনা কৰা। 

উত্তৰঃ অসমৰ প্ৰাকৃতিক সম্পদৰ অৱক্ষয়ৰ কাৰণসমূহ : (ক) জনসংখ্যা দ্রুতগতিত বৃদ্ধি পোৱা। ফলস্বৰূপে প্রাকৃতিক পৰিৱেশৰ ওপৰত জনসংখ্যাৰ হেঁচা বাঢ়ি গৈছে। জনবসতিৰ পৰিমাণ বৃদ্ধি পোৱাত বনাঞ্চল, জলাশয়, আর্দ্রভূমি, কৃষিভূমি আদি মূল্যৱান সম্পদবোৰ ক্ৰমে হ্রাস পাবলৈ ধৰিছে। কৃষিভূমি হ্রাস পাবলৈ ধৰিছে।

(খ) ভূমি সম্পদৰ দৰে অসমৰ বন সম্পদো মানুহৰ কাৰ্যকলাপৰ দ্বাৰা আক্ৰান্ত হৈছে। বর্তমান চলি থকা বন ধ্বংস কার্য যদি এতিয়াই ৰোধ কৰিব পৰা নাযায় তেন্তে অচিৰেই বনজ সম্পদ অসমৰ পৰা নোহোৱা হৈ যাব। বনাঞ্চলৰ অভাৱ ঘটি গুৰুতৰ পাৰিৱেশিক সমস্যাৰ সৃষ্টি হ’ব।

(গ) অসমত নগৰীকৰণ আৰু ঔদ্যোগীকৰণ প্ৰক্ৰিয়া ক্ৰমশঃ অগ্ৰসৰ হৈছে আৰু ইয়াৰ ফলত প্রাকৃতিক সম্পদসমূহৰ ওপৰত প্ৰত্যক্ষ আৰু পৰোক্ষ প্রভাৱ পৰিছে। উপযুক্ত পৰিকল্পনাৰ অভাৱত ৰাজ্যখনৰ বায়ু, ভূমি আৰু জলসম্পদ প্ৰদূষিত হ’বলৈ ধৰিছে। 

নাইবা 

অসমৰ কৃষিভিত্তিক উদ্যোগসমূহৰ চমু বৰ্ণনা দিয়া।

উত্তৰঃ অসমৰ কৃষি উপযোগী জলবায়ু আৰু মাটিৰ বাবে ইয়াত বিভিন্ন প্ৰকাৰৰ খাদ্য শস্য আৰু অৰ্থকৰী শস্য উৎপন্ন হয়। এই কৃষিজাত কেঁচা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰি বহু ধৰণৰ উদ্যোগ স্থাপন কৰাৰ সুযোগ আছে। এই ক্ষেত্ৰত ৰাজ্যখনত কিছুমান কৃষিভিত্তিক উদ্যোগবিলাক হ’ল—বন উদ্যোগ, চাহ উদ্যোগ, ৰেচম উদ্যোগ, ৰবৰ উদ্যোগ, খাদ্য প্রস্তুতকৰণ উদ্যোগ আৰু কাগজ উদ্যোগ।

কৃষিভিত্তিক উদ্যোগৰ এটা প্ৰধান ভাগ হৈছে খাদ্য প্রস্তুতকৰণ উদ্যোগ। এই উদ্যোগে অসমত লাহে লাহে গুৰুত্ব লাভ কৰিছে আৰু কম সময়ৰ ভিতৰত অসমৰ অৰ্থনীতিত এই উদ্যোগে ইতিবাচক প্রভাৱ পেলাব বুলি আশা কৰিব পাৰি। 

অসমৰ হাবি বনৰ ব্যৱহাৰ কৰি কাগজ, প্লাইউড আদি উদ্যোগ গঢ়ি উঠিছে। অৱশ্যে ইয়াৰ হাবিবনত পোৱা ফল-মূল, শাক-পাচলি জাতীয় উদ্ভিদ আৰু বনৌষধি উদ্ভিদ এতিয়াও ব্যৱসায়িক ভিত্তিত ব্যৱহাৰ হোৱা নাই। অসমৰ ছয়গাঁও আৰু টিৰ নাথকুচিত স্থাপন কৰা খাদ্য উদ্যোগ উল্লেখযোগ্য। 

অসমৰ ৰেচম উদ্যোগ ৰাজ্যখনৰ অন্যতম প্রধান কৃষিভিত্তিক উদ্যোগ। সোণালী সূতা বুলি জনাজাত মুগা সূতা উৎপাদনৰ বাবে অসম পৃথিবী বিখ্যাত। ভাৰতবৰ্ষৰ মুঠ উৎপাদনৰ ৯.৭ শতাংশতকৈও অধিক মুগা সূতা কেৱল অসমত উৎপাদন কৰে। ৰেছম উদ্যোগক কেন্দ্ৰ কৰি হস্ততাঁত উদ্যোগো গঢ় লৈ উঠিছে।

ৰবৰ উদ্যোগ অসমৰ আন এটা উল্লেখযোগ্য কৃষিভিত্তিক উদ্যোগ। চাহ খেতিৰ পিছতে ৰবৰ খেতি বর্তমান জনপ্ৰিয় হৈ পৰা দেখা গৈছে। ৰবৰ উৎপাদনৰ বাবে অসমত প্ৰচুৰ সম্ভাৱনা থকালৈ চাই ভাৰতৰ ৰবৰ ব’র্ডে দ্বাদশ পঞ্চবার্ষিক পৰিকল্পনাৰ শেষত ববব খেতি দুই লাখ হেক্টৰলৈ সম্প্ৰসাৰিত কৰাৰ আঁচনি গ্ৰহণ কৰিছে।

চাহ উদ্যোগ অসমৰ আটাইতকৈ বৃহৎ কৃষিভিত্তিক উদ্যোগ। পৃথিৱীত অসমৰ চাহ উদ্যোগে এক উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। অসমে অকলেই মুঠ চাহ উৎপাদনৰ আধাতকৈ বেছি চাহ উৎপাদন কৰে। চাহ উদ্যোগে এক বুজন সংখ্যক লোকক সংস্থাপনো দিছে।

22. ৰাষ্ট্ৰসংঘৰ সচিব প্রধানজনক কিদৰে নিয়োগ কৰা হয় ? ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্রধানজন কোন আছিল ?

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ চন্দৰ ৯৭ নং অনুচ্ছেদ মতে নিৰাপত্তা পৰিষদৰ অনুমোদনক্রমে সাধাৰণ সভাই সচিব প্রধানক নিয়োগ কৰে। সচিব প্রধানজন নিয়োগৰ ক্ষেত্ৰত নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰৰ ভূমিকা গুৰুত্বপূর্ণ।

ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্ৰধানজন আছিল নৰ’ৱেৰ ট্ৰাইভহাল্ডান লী।

23. বিনিময় প্রথাৰ অসুবিধাসমূহ কি কি ?

উত্তৰঃ বিনিময় প্ৰথাৰ অসুবিধাসমূহ হ’ল – 

(ক) সংগতিবিহীন অভাৱ।

(খ) বিভাজনীয়তাৰ অসুবিধা।

(গ) মূল্যৰ ভাণ্ডাৰৰ অভাৱ।

(ঘ) হিচাব-নিকাচৰ উমৈহতীয়া এককৰ অভাৱ। 

24. অর্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ দুটা প্রধান পার্থক্য লিখা।

উত্তৰঃ (ক) অর্থনৈতিক বিকাশ বুলিলে দেশখনৰ জাতীয় আয় আৰু জনমূৰি আয় বৃদ্ধি হোৱাটো বুজায়। কিন্তু জাতীয় আয় বৃদ্ধিৰ ফলত অর্থনৈতিক বিকাশ হ’লেও ইয়াৰ সমবিতৰণ নহ’লে অর্থনৈতিক উন্নয়ন সম্ভৱপৰ নহয়।

(খ) জাতীয় আয় বৃদ্ধিৰ মূলতে যদি বিলাসৰ সামগ্ৰী নাইবা নিচাযুক্ত সামগ্ৰীৰ উৎপাদন বৃদ্ধি জড়িত হৈ থাকে আৰু নিত্য ব্যবহার্য সামগ্রী বৃদ্ধি হোৱাৰ বাবে এই বিকাশ নহয় তেন্তে অর্থনৈতিক উন্নয়ন সম্ভৱপৰ নহয়।

নাইবা 

মানব উন্নয়নৰ ওপৰত এটা টোকা লিখা। 

উত্তৰঃ একোখন দেশৰ উন্নয়নৰ সামগ্ৰিক ছবিখন মানব উন্নয়ন সূচকাংকৰে বুজোৱা হয়। মানৱ উন্নয়নৰ এই চাৰিটা স্তৰ অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু বাজনৈতিক উন্নয়নৰ ভিত্তিত মানুহৰ উন্নত জীৱন-যাপনৰ বাবে প্রত্যাশিত আয়ুস শিক্ষা আৰু জনমূৰি আয় এই তিনিটা সূচকৰ সন্মিলিত পৰিসংখ্যাই মানব উন্নয়নৰ সূচকাংক। মানৱ উন্নয়নে মানুহৰ শিক্ষা, স্বাস্থ্য, আয়ুসৰ উন্নত অৱস্থাক বুজোৱাৰ লগতে উন্নত জীৱন-যাপন কৰাটো সূচায়।

25. ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গ্ৰধান কাৰ্যসমূহ আলোচনা কৰা। 

উত্তৰঃ (ক) কেন্দ্ৰীয় বেংকে কাগজী মুদ্ৰাৰ প্ৰচলন কৰে। কাগজী মুদ্রা বা নোট ছপা কৰা কেন্দ্ৰীয় বেংকৰ প্ৰধান কাম। আন কোনো বেংকে এই কাম কৰিব নোৱাৰে। ভাৰতব কেন্দ্ৰীয় বেংকে ৰিজাৰ্ভ বেংকে এটকীয়া নোটৰ বাহিৰে আন সকলো মূল্যৰ নোট ছপা কৰে। কাগজী মুদ্ৰা ছপাৰ বাবে কেন্দ্রীয় বেংকে এক নির্দিষ্ট পৰিমাণৰ সোণ বা বৈদেশিক ঋণ-পত্র জমা ৰাখিব লাগে।

(খ) কেন্দ্ৰীয় বেংকৰ আন এটা উল্লেখযোগ্য কাম হ’ল মুদ্ৰা নিয়ন্ত্ৰণ কৰা। কেন্দ্ৰীয় বেংকে সুদৰ হাৰ, খোলা বজাৰত ঋণ-পত্ৰৰ কিনা-বেচাৰ হ্রাস-বৃদ্ধি কৰা, বাণিজ্যিক বেংকৰ কেন্দ্ৰীয় বেংকত ৰখা জমাৰ হ্রাস-বৃদ্ধি কৰি মুদ্ৰাক নিয়ন্ত্রণ কৰা কাৰ্য সম্পাদন কৰে।

(গ) কেন্দ্ৰীয় বেংকে চৰকাৰক বিত্তৰ যোগান ধৰে। বছৰেকীয়া বাজেটত দেখুওৱা চৰকাৰী ব্যয়ৰ পৰিমাণতকৈ চৰকাৰী আয়ৰ পৰিমাণ কম হলে বাজেট ঘাটিয়ে দেখা দিয়ে। বাজেট ঘাটি দূৰ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় বেংকৰ পৰা বিত্তীয় সাহায্য ল’ব পাৰে। কেন্দ্ৰীয় বেংকে নতুন মুদ্ৰাৰ সৃষ্টি কৰি এই সাহায্য আগবঢ়ায়। চৰকাৰৰ প্রতিনিধি হিচাপে কেন্দ্ৰীয় বেংকে সকলো চৰকাৰী আয় আৰু ব্যয়ৰ হিচাপ ৰাখে।

(ঘ) কেন্দ্রীয় বেংকে দেশৰ বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ ৰক্ষক হিচাপে কাম কৰে। উদাহৰণস্বৰূপে, ভাৰতীয় টকাৰ বিপৰীতে বৈদেশিক মুদ্ৰা আহৰণ কৰিব পাৰি। বিভিন্ন দেশৰ মুদ্ৰাৰ বিপৰীতে টকাৰ বিনিময় হার বেলেগ বেলেগ। এই বিনিময় হাৰ ভাৰতীয় ৰিজাৰ্ভ বেংকে কেন্দ্রীয় বেংক হিচাপে নিৰ্ধাৰণ কৰি দিয়ে। 

26. ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এটা চমু বিৱৰণ দিয়া।

উত্তৰঃ প্রথম বিশ্বযুদ্ধৰ বিভীষিকাত ত্ৰভমান হৈ বিশ্বৰ পৰা চিৰদিনৰ বাবে যুদ্ধক বিদায় দিবলৈ ১৯২০ চনত জাতিসংঘৰ প্ৰতিষ্ঠা কৰিছিল। কিছুমান অন্তর্নিহিত আসোৱাহৰ বাবে ১৯৩৯ চনত পুনৰ দ্বিতীয় বিশ্বযুদ্ধই শান্তিকামী বিশ্বত অশান্তির সৃষ্টি কৰে। সেয়েহে ১৯৪৫ চনত পুনৰ ‘ৰাষ্ট্ৰসংঘ’ নামে এটা আন্তঃৰাষ্ট্ৰীয় সংগঠন গঢ়ি তোলে যাতে বিশ্বত যুদ্ধৰ পৰিৱৰ্তে শাস্তিয়ে বিৰাজ কৰে।

বিশ্বত আন্তঃৰাষ্ট্ৰীয় শান্তি, নিৰাপত্তা আৰু সহযোগিতা বজাই ৰাখিবলৈ আৰু বিশ্বৰ পৰা যুদ্ধক চিৰদিনৰ বাবে বিদায় দিবলৈকেই ৰাষ্ট্ৰসংঘ গঠন কৰা হৈছিল।

ইয়াৰ সদস্য ৰাষ্ট্ৰবোৰৰ মাজত বন্ধুত্ব আৰু ভাতৃত্বভাবক শক্তিশালী কৰিবলৈ যিকোনো বিবাদ শান্তিপূর্ণভাৱে আৰু সুহৃদয়তাৰে মীমাংসা কৰাটো ইয়াৰ এটা প্রধান উদ্দেশ্য। ৰাষ্ট্ৰসংঘৰ সকলো ৰাষ্ট্ৰই সৰু-বৰ নির্বিশেষে সমমর্যাদা পাব।

ৰাষ্ট্ৰসংঘৰ কাম-কাজবোৰ চলাবলৈ ইয়াৰ ৬ টা প্ৰধান অংগ আছে। যেনে—সাধাৰণ সভা, নিৰাপত্তা পৰিষদ, অর্থনৈতিক আৰু সামাজিক পৰিষদ, গ্যাসৰক্ষী পৰিষদ, আন্তর্জাতিক ন্যায়ালয় আৰু সচিবালয়। এই ৬ টা অংগই বিভিন্ন কাম-কাজ কৰিলেও ইয়াৰ ভিতৰত নিৰাপত্তা পৰিষদখন আটাইতকৈ শক্তিশালী। ইয়াত ৫ খন স্থায়ী সদস্য ৰাষ্ট্ৰ সদস্য ৰাষ্ট্ৰ আছে আৰু প্রত্যেক ৰাষ্ট্ৰৰে ভেট’ (Veto) প্ৰয়োগ কৰিব পৰা বিশেষ ক্ষমতা আছে।

ৰাষ্ট্ৰসংঘৰ এই ৬ অংগৰ বাহিৰেও আন কেতবোৰ ‘এজেঞ্চি’ আছে যিবোৰে বিশ্ব মানৱৰ কল্যাণ আৰু উন্নয়নৰ বাবে কাম কৰি ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য সফলকাম কৰাত অবদান যোগায়। সেইবোৰৰ ভিতৰত বিশ্ব স্বাস্থ্য সন্থা, আন্তঃৰাষ্ট্ৰীয় শ্রমিক সংঘ, ৰাষ্ট্ৰসংঘৰ শিশু পুঁজি, খাদ্য আৰু কৃষি সংগঠন, ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ, আন্তঃৰাষ্ট্ৰীয় মুদ্রা নিধি, ৰাষ্ট্ৰসংঘৰ শিক্ষা, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংগঠন ইত্যাদি।

27. ভাৰতবৰ্ষত অর্থনৈতিক সংস্কাৰৰ ক্ষেত্ৰত উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু বিশ্বায়নে কিদৰে প্ৰভাৱ পেলাইছে, চমুকৈ লিখা। 

উত্তৰঃ ১৯৯১ চনৰ পৰা বৰ্তমানলৈকে অর্থনৈতিক সংস্কাৰে উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ বা বিশ্বায়নৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছে।

ৰাষ্ট্ৰৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ শিথিলকৰণ হ’ল— উদাৰীকৰণ। অর্থনৈতিক সংস্কাৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰে পৰা সুৰা, চিগাৰেট, বিপদযুক্ত ৰায়াসনিক দ্রব্য, ঔদ্যোগিক বিস্ফোৰক, বৈদ্যুতিক সা-সৰঞ্জাম, ঔষধ আদি কেইবিধমান দ্ৰব্যৰ বাহিৰে বাকীবোৰৰ ক্ষেত্ৰত নিয়ন্ত্রণ তুলি দিয়া হ’ল। প্ৰতিৰক্ষা উৎপাদন, আণবিক শক্তি উৎপাদন আৰু ৰেল পৰিবহন ব্যৱস্থা, ৰাজহুৱা খণ্ডৰ বাবে এতিয়াও সুৰক্ষিত হৈ আছে। ব্যৱসায়িক বেংক, বিনিয়োগ বেংক, অংশপত্ৰৰ বজাৰ আৰু বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ বজাৰৰ সমষ্টিয়েই হ’ল বিত্তীয় খণ্ড। উদাৰীকৰণ নীতি এইখণ্ডলৈকে সম্প্ৰসাৰিত হৈছে। ইয়াৰ ফলত ভাৰতীয় বেংক খণ্ডলৈ বৈদেশিক বেংকৰ আগমনত অনুমতি দিয়া হৈছে।

১৯৯১ চনৰ নতুন বৈদেশিক নীতিয়ে ৰাজহুৱা খণ্ডৰ ৯ টা উদ্যোগ ব্যক্তিগত খণ্ডলৈ মুকলি কৰি দিয়াৰ লগে লগেই ব্যক্তিগতকৰণ নীতি প্ৰৱৰ্ত্তন কৰা হ’ল।

দেশ এখনৰ অৰ্থনীতিৰ সৈতে বিশ্বব অন্যান্য দেশৰ অৰ্থনীতিৰ সংযোগ স্থাপন বা সংহতি সাধন কৰাটোৱেই হ’ল গোলকীকৰণ বা বিশ্বায়ন। গোলকীকৰণক উদাৰীকৰণ আৰু ব্যক্তিগতকৰণৰ পৰিণতি বুলিও ক’ব পাৰি। গোলকীকৰণৰ ফলত গ্ৰাহক আৰু উৎপাদক এই দুয়োটা শ্ৰেণী লাভৱান হয়। ৰাষ্ট্ৰীয় স্বার্থ অক্ষুণ্ণ বাখি গোলকীকৰণৰ সুফলবোৰ লাভ কৰিব পৰা যায়।

28. সংসদীয় গণতন্ত্র কি ? ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰ আৰু ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ মাজত থকা মূল পার্থক্যকেইটা লিখা।

উত্তৰঃ সংসদীয় গণতন্ত্র হ’ল এবিধ শাসন ব্যৱস্থা য’ত জনপ্রতিনিধিৰ দ্বাৰা গঠিত এটা সন্থাৰ ওচৰত শাসনৰ সৰ্বোচ্চ ক্ষমতা অৰ্পণ কৰা হয়। ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ লগত ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ মূল পার্থক্যকেইটা হ’ল–

(ক) ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্র প্রধানতঃ এখন গণৰাজ্য কিন্তু ইংলেণ্ডৰ সংসদীয় গণতন্ত্র গণৰাজ্য নহয়।

(খ) ভাৰতবৰ্ষৰ সংসদৰ উচ্চ সদন ৰাজসভাৰ গঠন আৰু ক্ষমতা ইংলেণ্ডৰ উচ্চ সদন হাউছ অৱ লৰ্ডছতকৈ বহু পৃথক।

(গ) ইংলেণ্ডৰ সংসদীয় গণতন্ত্রত সংসদখন অতি শক্তিশালী। কিন্তু ভাৰতবৰ্ষৰ সংসদ ইমান শক্তিশালী নহয়। অৱশ্যে আমাৰ দেশৰ সংসদীয় গণতন্ত্রই দেশখনক বিশ্বৰ এখন মর্যাদাসম্পন্ন সংসদীয় গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাত সফল হৈছে।

1 thought on “HSLC 2019 Social Science Question Paper Solved”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top