Class 10 Social Science MCQ Chapter 1 বংগ বিভাজন আৰু স্বদেশী আন্দোলন

Class 10 Social Science MCQ Chapter 1 বংগ বিভাজন (১৯০৫ – ২৯১১) আৰু স্বদেশী আন্দোলন, Class 10 Social Science Multiple Choice Question Answer As Per New Syllabus to each chapter is provided in the list of SEBA সমাজ বিজ্ঞান Class 10 Objective Type Question Answer so that you can easily browse through different chapters and select needs one. Class 10 Social Science MCQ Chapter 1 বংগ বিভাজন (১৯০৫ – ২৯১১) আৰু স্বদেশী আন্দোলন Question Answer can be of great value to excel in the examination.

Class 10 Social Science MCQ Chapter 1 বংগ বিভাজন (১৯০৫ – ২৯১১) আৰু স্বদেশী আন্দোলন

Join Telegram channel

SEBA Class 10 Social Science MCQ Chapter 1 বংগ বিভাজন (১৯০৫ – ২৯১১) আৰু স্বদেশী আন্দোলন Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 10 Social Science MCQ Chapter 1 বংগ বিভাজন (১৯০৫ – ২৯১১) আৰু স্বদেশী আন্দোলন provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

বংগ বিভাজন (১৯০৫ – ২৯১১) আৰু স্বদেশী আন্দোলন

Chapter – 1

ইতিহাস

Multiple Choice Questions & Answers

১। বন্দিনী ভাৰত নামৰ নাটকখনৰ ৰচক-

(ক) অমৰ নাথ।

(খ) গিৰীশ কুমাৰ।

(গ) অমৃত প্রভা।

(ঘ) অম্বিকাগিৰি ৰায় চৌধুৰী।

উত্তৰঃ (ঘ) অম্বিকাগিৰি ৰায় চৌধুৰী।

২। ১৯০৫ খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল—

(ক) ২৬ জানুৱাৰী।

(খ) ১৬ অক্টোবৰ।

(গ) ১৫ আগষ্ট।

(ঘ) ১৪ মার্চ।

উত্তৰঃ (খ) ১৬ অক্টোবৰ।

৩। ‘পূর্ব বংগ আৰু অসম’ নামৰ প্ৰদেশখনৰ ৰাজধানী স্থাপন কৰা হৈছিল—

(ক) শ্বিলঙত।

(খ) পাকিস্তানত।

(গ) বংগদেশত।

(ঘ) ঢাকাত।

উত্তৰঃ (ঘ) ঢাকাত।

৪। কোনজন ভাইচৰয়ৰ শাসনকালত বংগ বিভাজন হৈছিল—

(ক) লর্ড মিন্টো।

(গ) লর্ড নেথানিয়েল কার্জন।

(খ) লর্ড হামিল্টন।

(ঘ) লর্ড ৰিপণ।

উত্তৰঃ (গ) লৰ্ড নেথানিয়েল।

৫। ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বুলি কোন ঠাইক অভিহিত কৰা হয়—

(ক) দিল্লীক।

(খ) বাংলাদেশক।

(গ) বংগদেশক।

(ঘ) ঢাকাক।

উত্তৰঃ (গ) বংগদেশক।

৬। ‘যুগান্তৰ’ নামৰ সংবাদপত্ৰখন সম্পাদনা কৰিছিল—

(ক) অমৃতলাল।

(খ) ভূপেন্দ্রনাথ দত্ত।

(গ) অৰবিন্দ ঘোষ।

(ঘ) মহিৰাম বসু।

উত্তৰঃ (খ) ভূপেন্দ্ৰনাথ দত্ত।

৭। বংগদেশৰ একত্ৰীকৰণ হৈছিল—

(ক) ১৯১০ খ্ৰীঃৰ ২২ ডিচেম্বৰত।

(খ) ১৯১১ খ্ৰীঃৰ ১২ ডিচেম্বৰত।

(গ) ১৯১২ খ্ৰীঃৰ ২ ডিচেম্বৰত।

(ঘ) ১৯১৩ খ্ৰীঃৰ ২২ ডিচেম্বৰত।

উত্তৰঃ (খ) ১৯১১ খ্ৰীঃৰ ১২ ডিচেম্বৰত।

৮। বংগদেশত জাতীয় শিক্ষা পৰিষদ গঠন হৈছিল—

(ক) ১৯০২ চনৰ ৫ আগষ্ট।

(খ) ১৯০৩ চনৰ ২৬ আগষ্ট।

(গ) ১৯০৪ চনৰ ১৫ আগষ্ট।

(ঘ) ১৯০৬ চনৰ ১১ মাৰ্চত।

উত্তৰঃ (ঘ) ১৯০৬ চনৰ ১১ মাৰ্চত।

৯। ‘বেংগল কেমিকেলছ’ নামৰ উদ্যোগটোৰ প্ৰধান উদ্যোক্তা হ’ল—

(ক) আচার্য প্রফুল্ল ৰায়।

(খ) অমৃতলাল বসু।

(গ) গিৰীশ ঘোষ।

(ঘ) খীৰোদ প্ৰসাদ।

উত্তৰঃ (ক) আচার্য প্রফুল্ল ৰায়।

১০। ‘বংগলক্ষী কটন মিল’ নামৰ উদ্যোগটোৰ প্ৰধান উদ্যোক্তা হ’ল—

(ক) অম্বিকাগিৰী ৰায় চৌধুৰী।

(খ) নীলৰতন চৰকাৰ।

(গ) ভূপেন্দ্রনাথ।

(ঘ) লর্ড মিন্টো।

উত্তৰঃ (খ) নীল ৰতন চৰকাৰ৷

১১। অসম নামৰ প্ৰদেশখন গঠন হৈছিল—

(ক) ১৮৭৪ খ্রীষ্টাব্দৰ ৭ ফেব্ৰুৱাৰীত।

(খ) ১৮৮৪ খ্ৰীষ্টাব্দৰ ৭ ফেব্ৰুৱাৰীত।

(গ) ১৮৮৫ খ্রীষ্টাব্দৰ ৭ ফেব্ৰুৱাৰীত।

(ঘ) ১৮৮৭ খ্রীষ্টাব্দৰ ৭ ফেব্ৰুৱাৰীত।

উত্তৰঃ (ক) ১৮৭৪ খ্ৰীষ্টাব্দৰ ৭ ফেব্ৰুৱাৰীত।

১২। ঢাকাক ৰাজধানী হিচাপে লৈ প্ৰস্তারিত “পূব বংগ আৰু অসম’ নামৰ প্ৰদেশখনৰ জনসংখ্যা হ’ল-

(ক) ৫ কোটি ১০ লাখ।

(খ) ৪ কোটি ১০ লাখ।

(গ) ৩ কোটি ১০ লাখ।

(ঘ) ৬ কোটি ১০ লাখ।

উত্তৰঃ (গ) ৩ কোটি ১০ লাখ।

১৩। ‘বন্দে মাতৰম’ সংবাদপত্ৰৰ সম্পাদক-

(ক) সুৰেন্দ্ৰনাথ বন্দোপাধ্যায়।

(খ) বংকিমচন্দ্র চট্টোপাধ্যায়।

(গ) ৰবীন্দ্ৰনাথ ঠাকুৰ।

(ঘ) ঋষি অৰবিন্দ ঘোষ।

উত্তৰঃ (ঘ) ঋষি অৰবিন্দ ঘোষ।

১৪। কাৰ নেতৃত্বত ‘ছাত্র সংসদ’ গঠন হৈছিল—

(ক) ৰবীন্দ্ৰ নাথ ঠাকুৰ।

(খ) অমৃত লাল বসু।

(গ) অমৰেন্দ্ৰ নাথ।

(ঘ) সুৰেন্দ্ৰ নাথ বন্দোপাধ্যায়।

উত্তৰঃ (ঘ) সুৰেন্দ্ৰনাথ বন্দোপাধ্যায়।

১৫। স্বদেশী আন্দোলনৰ সময়ত ৰচিত প্রমথনাথ ৰায় চৌধুৰীৰ গ্ৰন্থখন হ’ল—

(ক) জয় সংগীত।

(খ) জাপানী বীচ।

(গ) কেশৰী।

(ঘ) যুগান্তৰ।

উত্তৰঃ (ক) জয় সংগীত।

১৬। স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰা গীত হ’ল—

(ক) ৩৩ টা।

(খ) ১৮ টা।

(গ) ২৩ টা।

(ঘ) ২২ টা।

উত্তৰঃ (গ) ২৩ টা।

১৭। মুছলিম লীগ স্থাপনৰ নেতৃত্ব বহন কৰা ব্যক্তিগৰাকী হ’ল—

(ক) মহম্মদ আলি জিন্না।

(খ) নবাব ছলিমউল্লা।

(গ) হেমপ্রভা মজুমদাৰ।

(ঘ) নবাব ইকবাল।

উত্তৰঃ (খ) নবাব ছলিমউল্লা।

১৮। “শাসন আৰু শোষণ একে লগে চলাই যোৱা হ’ব” – কথাষাৰ কোনে কৈছিল— 

(ক) ৰবাৰ্টচনে।

(খ) লর্ড কার্জনে।

(গ) লর্ড হেমিল্টনে।

(ঘ) ডেভিদ স্কটে।

উত্তৰঃ (খ) লর্ড কার্জনে।

১৯। ১৯০৬ খ্ৰীষ্টাব্দৰ ২১ নৱেম্বৰত কলিকতাত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ দ্বাবিংশতম অধিবেশনৰ সভাপতি আছিল—

(ক) দাদাভাই নৌৰজী।

(খ) চৌকত আলি।

(গ) গোপাল কৃষ্ণ গোখলে।

(ঘ) লালা লাজপত ৰায়।

উত্তৰঃ (ক) দাদাভাই নৌৰজী।

২০। ক্ষুদিৰাম বসুক ফাঁচি দিয়া হৈছিল—

(ক) ১৯১১ চনত।

(খ) ১৯১০ চনত।

(গ) ১৯০৮ চনত।

(ঘ) ১৯০৯ চনত।

উত্তৰঃ (গ) ১৯০৮ চনত।

২১। ৰংগ বিভাজন কাৰ্যকৰী হৈছিল—

(ক) ১৯০৩ চনত।

(খ) ১৯০৬ চনত।

(গ) ১৯০৪ চনত।

(ঘ) ১৯০৫ চনত।

উত্তৰঃ (ঘ) ১৯০৫ চনত।

২২। ১৯০৬ চনত মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্ৰশাসকজন হ’ল—

(ক) লর্ড মিন্টো।

(খ) লর্ড কার্জন।

(গ) লৰ্ড কৰ্ণৱালিছ।

(ঘ) লৰ্ড ৰিপণ।

উত্তৰঃ (ক) লর্ড মিন্টো।

২৩। ব্ৰিটিছ চৰকাৰে বংগ-ভংগ আঁচনি বাতিল কৰিছিল—

(ক) ১৯১১ চনৰ ২ ডিচেম্বৰত।

(খ) ১৯১১ চনৰ ১৬ ডিচেম্বৰত।

(গ) ১৯১১ চনৰ ১৮ ডিচেম্বৰত।

(ঘ) ১৯১১ চনৰ ২০ ডিচেম্বৰত।

উত্তৰঃ (ক) ১৯১১ চনৰ ২ ডিচেম্বৰত।

২৪। কাৰ কাৰ্যকালত “বংগ বিভাজন আঁচনিখন” কাৰ্যকৰী কৰা হৈছিল?

(ক) লর্ড মাউন্ট বেটেন।

(খ) লর্ড উইলিয়াম বেণ্টিংক।

(গ) লর্ড ডেলহাউচী।

(ঘ) লর্ড কার্জন।

উত্তৰঃ (ঘ) লর্ড কার্জন।

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। বন্দে মাতৰম বোলা গীতটিৰ ৰচক কোন আছিল?

উত্তৰঃ বংকিমচন্দ্ৰ চেটাৰ্জী।

প্রশ্ন ২। কাৰ কাৰ্যকালত ‘বংগ বিভাজন আঁচনিখন’ কাৰ্যকৰী কৰা হৈছিল?

উত্তৰঃ লর্ড কার্জনৰ দিনত।

প্রশ্ন ৩। কোনখন আইনৰ দ্বাৰা বংগদেশৰ গৱৰ্ণৰজনক গৱৰ্ণৰ জেনেৰেল পদলৈ উন্নীত কৰা হৈছিল?

উত্তৰঃ ভাৰত পৰিষদ আইন।

প্রশ্ন ৪। লর্ড মিন্টো কোন আছিল?

উত্তৰঃ ব্ৰিটিছ ভাৰতবৰ্ষৰ এজন ভাইচৰয় আছিল।

প্রশ্ন ৫। ঢাকা, চট্টগ্রাম আৰু ৰাজশাহী এই তিনিটা সংমণ্ডলৰ সৰ্বমুঠ এলেকা কিমান আছিল?

উত্তৰঃ ১,০৬,৫৪০ বর্গ মাইল।

প্রশ্ন ৬। বাল গংগাধৰ তিলকে সম্পাদনা কৰা বাতৰি কাকতখনৰ নাম কি?

উত্তৰঃ কেশৰী।

প্রশ্ন ৭। ‘বংগ জাতীয় বিদ্যালয়’ নামৰ জাতীয় শিক্ষানুষ্ঠানটো কোনে প্রতিষ্ঠা কৰে?

উত্তৰঃ ৰবীন্দ্ৰনাথ ঠাকুৰে ১৯০৫ চনৰ ৬ আগষ্ট তাৰিখে।

প্রশ্ন ৮। মুছলিম লীগৰ প্ৰথম অধিবেশন ক’ত বহিছিল?

উত্তৰঃ লাহোৰত।

প্রশ্ন ৯। ‘জাতীয় শিক্ষা পৰিষদ’ কোনে আৰু কেতিয়া গঠন কৰিছিল?

উত্তৰঃ ৰাসবিহাৰী বসুৰ চেষ্টাত ১৯০৬ চনৰ ১১ মাৰ্চ তাৰিখে।

প্রশ্ন ১০। “স্বৰাজ আমাৰ জন্মস্বত্ব আৰু ই আমাৰ কাম্য” এই কথাষাৰ কোনে কৈছিল?

উত্তৰঃ লোকমান্য বাল গংগাধৰ তিলকে।

প্রশ্ন ১১। বংগ বিভাজনৰ পিছত সৃষ্টি হোৱা নতুন ৰাজ্য দুখনৰ নাম কি কি?

উত্তৰঃ অসম আৰু বংগ প্ৰদেশ।

প্রশ্ন ১২। অসম নামৰ প্ৰদেশখনৰ কেতিয়া গঠন কৰা হৈছিল?

উত্তৰঃ ১৮৭৪ চনৰ ৭ ফেব্ৰুৱাৰীত।

প্রশ্ন ১৩। ব্ৰিটিছ চৰকাৰে প্ৰদান কৰা ‘নাইটহুড’ উপাধি কোনজন ভাৰতীয় নেতাই ঘূৰাই দিছিল?

উত্তৰঃ গোপাল কৃষ্ণ গোখলেই।

প্রশ্ন ১৪। ‘পূববংগ আৰু অসম’ নামৰ প্ৰদেশখনৰ ৰাজধানী ক’ত স্থাপন কৰা হৈছিল?

উত্তৰঃ ঢাকাত।

প্রশ্ন ১৫। কোনে সুবিখ্যাত ‘বংগ মাতা’ ছবিখন অংকন কৰিছিল?

উত্তৰঃ অবনীন্দ্ৰনাথ ঠাকুৰে।

প্রশ্ন ১৬। স্বদেশী আন্দোলনৰ সময়ত সৰ্বমুঠ কিমানখন জাতীয় বিদ্যালয় গঢ়ি উঠিছিল?

উত্তৰঃ সৰ্বমুঠ ৬২ খন মাধ্যমিক আৰু ৩,০০০ খন প্রাথমিকজাতীয় বিদ্যালয় গঢ়ি উঠিছিল।

প্রশ্ন ১৭। স্বদেশী আন্দোলনৰ সময়ত ৰচিত ‘বংগলক্ষ্মী ব্রতকথা’ গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন আছিল?

উত্তৰঃ ৰামেন্দ্ৰসুন্দৰ ত্রিবেদী।

প্রশ্ন ১৮। স্বদেশী আন্দোলনৰ সময়ত ৰচিত ‘নব্য ভাৰত’গ্ৰন্থৰ গ্ৰন্থকাৰ কোন আছিল?

উত্তৰঃ কার্তিক চন্দ্ৰ দাশগুপ্ত।

প্রশ্ন ১৯। ‘জয় সংগীত’ নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল?

উত্তৰঃ প্রমথ নাথ ৰায়চৌধুৰীয়ে।

প্রশ্ন ২০। নৱ গঠিত পূর্ব বংগ আৰু অসমৰ মুঠ জনসংখ্যা কিমান আছিল?

উত্তৰঃ ৩১ নিযুত।

প্রশ্ন ২১। পূৰ্ববংগ আৰু অসমৰ মুঠ অসমীয়া ভাষীৰ সংখ্যা কিমান আছিল?

উত্তৰঃ ১৩,৪৯,৭৮৪ গৰাকী।

প্রশ্ন ২২। নৱ গঠিত প্ৰদেশ পূৰ্ববংগ আৰু অসমৰ মুঠ বাংলাভাষীৰ পৰিসংখ্যা কিমান আছিল?

উত্তৰঃ ২,৭২,৭২,৮৯৫ গৰাকী।

প্রশ্ন ২৩। অবিভক্ত বংগদেশত কিমান বঙালী মানুহ আছিল?

উত্তৰঃ ১৮ নিযুত।

প্রশ্ন ২৪। অবিভক্ত বংগদেশত কিমান বিহাৰী আৰু উৰিয়া মানুহ আছিল?

উত্তৰঃ ৩৬ নিযুত।

প্রশ্ন ২৫। কিমান চনত আৰু ক’ত ‘জাতীয় শিক্ষা পৰিষদ’ গঠন কৰা হৈছিল?

উত্তৰঃ ১৯০৬ চনৰ ১৫ আগষ্টত, কলিকতাত।

প্রশ্ন ২৬। ১৯০৫ চনত বেনাৰসত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল?

উত্তৰঃ গোপাল কৃষ্ণ গোখলেয়ে।

প্রশ্ন ২৭। ১৯০৮ চনৰ ডিচেম্বৰ মাহত দেশান্তৰিত কৰা দুজন আগশাৰীৰ নেতাৰ নাম লিখা।

উত্তৰঃ কৃষ্ণ কুমাৰ মিত্ৰ আৰু অশ্বিনী কুমাৰ দত্ত।

প্রশ্ন ২৮। বাল গঙ্গাধৰ তিলক ক’ৰ মানুহ আছিল?

উত্তৰঃ মহাৰাষ্ট্ৰৰ।

প্রশ্ন ২৯। হৰিসৰ্বোত্তম ৰাও কৰ মানুহ আছিল?

উত্তৰঃ অন্ধ্ৰ প্ৰদেশৰ।

প্রশ্ন ৩০। চিদাম্বৰম পিল্লাই কৰ মানুহ আছিল?

উত্তৰঃ মাদ্ৰাজৰ।

প্রশ্ন ৩১। কাৰ নেতৃত্বত কলিকতাত জাতীয় কলেজ স্থাপন কৰা হৈছিল?

উত্তৰঃ অৰবিন্দ ঘোষৰ নেতৃত্বত।

প্রশ্ন ৩২। বংগ ভংগ আঁচনি বিৰোধিতা কৰা এজন বঙালী জাতীয়তাবাদী ৰাজনৈতিক নেতাৰ নাম লিখা।

উত্তৰঃ সুৰেন্দ্ৰনাথ বেনার্জী।

প্রশ্ন ৩৩। কিমান চনত লর্ড কার্জনে পূর্ব বংগ আৰু অসম নামে এখন নতুন প্রদেশ গঠন কৰিছিল?

উত্তৰঃ ১৯০৫ চনৰ ২০ জুলাইত।

প্রশ্ন ৩৪। বংগ ভংগ বিৰোধী আন্দোলনৰ সময়ত হোৱা ৰুছ আৰু জাপানৰ যুদ্ধত কোনে জয়লাভ কৰিছিল?

উত্তৰঃ জাপানে (১৯০৪-০৫)।

প্রশ্ন ৩৫। কি অপৰাধত ব্ৰিটিছ চৰকাৰে ক্ষুদিৰাম বসুক ফাঁচী দিছিল?

উত্তৰঃ এজন ব্ৰিটিছ বিষয়াক হত্যা কৰিবলৈ চেষ্টা কৰাৰ অপৰাধত ১৯০৮ চনত ক্ষুদিৰাম বসুক ফাঁচী দিছিল।

প্রশ্ন ৩৬। কোনটো ৰাজনৈতিক সংগঠন গঢ়ি তোলাত লর্ড মিন্টোৱে মুছলমানসকলক সহায় কৰিছিল?

উত্তৰঃ মুছলিম লীগ সংগঠন।

প্রশ্ন ৩৭। জন মার্লি কোন আছিল?

উত্তৰঃ ভাৰতৰ পৰিক্ৰমা মন্ত্ৰী।

প্রশ্ন ৩৮। কাৰ নেতৃত্বত ১৯০৬ চনৰ ১ অক্টোবৰত এটি মুছলমান সঁজাতি দলে ছিমলাত ভাইচৰয় লর্ড মিণ্টোৰ লগত গোপন আলোচনাত মিলিত হৈছিল?

উত্তৰঃ কৰ্ণেল ডানলপ স্মিথৰ নেতৃত্বত।

প্রশ্ন ৩৯। হিন্দুসকলৰ মাজতেই বিভাজনমুখী ৰাজনীতিৰ প্ৰৱৰ্তনৰ কথা চিন্তা কৰা ভাৰত পৰিক্ৰমাৰ মন্ত্ৰীজনৰ নাম কি আছিল?

উত্তৰঃ লর্ড হেমিলণ্টন।

প্রশ্ন ৪০। কোনে আৰু কাৰ নেতৃত্বত অৰুণডেল সমিতি গঠন কৰা হৈছিল?

উত্তৰঃ লর্ড মিন্টোৱে ছাৰ এ. টি. অৰুণডেলৰ নেতৃত্বত ১৯০৬ চনত।

প্রশ্ন ৪১। কোনটো ধ্বনিক বংগদেশত অবৈধ ঘোষণা কৰা হৈছিল?

উত্তৰঃ বন্দে মাতৰম।

প্রশ্ন ৪২। কাৰ শাসন কালছোৱাক ভাৰতবৰ্ষত মুছলমান সাম্প্রদায়িক ৰাজনীতিৰ “বীজৰ গজালি ওলোৱা যুগ” বুলি কোৱা হয়?

উত্তৰঃ লর্ড মিন্টোৰ৷

প্রশ্ন ৪৩। কাৰ শাসন কালছোৱাক ভাৰতবৰ্ষত মুছলমান সাম্প্ৰদায়িক ৰাজনীতিৰ “বীজ সিচাৰ যুগ’ বুলি কোৱা হয়৷

উত্তৰঃ লর্ড কার্জনৰ৷

প্রশ্ন ৪৪। বংগ-ভংগ আঁচনি বাতিল কৰাৰ আগতে ব্ৰিটিছ ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা ক’লৈ স্থানান্তৰিত কৰা হৈছিল?

উত্তৰঃ দিল্লীলৈ।

প্রশ্ন ৪৫। বংগ ভংগ আঁচনি বিৰোধী আন্দোলনৰ প্ৰাথমিক কার্যসূচীসমূহ কি কি আছিল?

উত্তৰঃ হৰতাল, সভা, শোভাযাত্ৰা আৰু ৰাখি বন্ধন।

প্রশ্ন ৪৬। বংগ বিভাজনৰ সময়ত কোন দুজন ইংৰাজ বিষয়াই লর্ড কার্জনক সহায় কৰিছিল?

উত্তৰঃ মধ্যপ্ৰদেশৰ মুখ্য আয়ুক্ত এন্দু ফ্ৰেজৰ (Andrew Fraser) আৰু আন জন অসমৰ মুখ্য আয়ুক্ত জন ব্যামফিল্ড ফুলাৰ।

প্রশ্ন ৪৭। ঐতিহাসিক ‘বংগ ভংগ’ বুলিলে কি বুজা?

উত্তৰঃ বংগদেশক দ্বিখণ্ডিত কৰা আৰু খণ্ডিত একাংশ অসমৰ সৈতে সংলগ্ন কৰাৰ প্রক্রিয়াটোকে ঐতিহাসিক ‘বংগ ভংগ’ বুলি জনা যায়।

প্রশ্ন ৪৮। ১৭৬৫ চনত স্বাক্ষৰিত এলাহাবাদ সন্ধিৰ যোগেদি বংগ প্ৰদেশত অন্তর্ভুক্ত হোৱা অঞ্চলকেইটা কি কি?

উত্তৰঃ বংগ, বিহাৰ আৰু উৰিষ্যা।

প্রশ্ন ৪৯। ১৮৭৪ খ্ৰীঃৰ ৭ ফেব্ৰুৱাৰী তাৰিখে নৱগঠিত ‘অসম’ নামৰ প্ৰদেশখনত আন আন ঠাইৰ লগতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ কোন কেইখন জিলাক অন্তৰ্ভুক্ত কৰা হৈছিল?

উত্তৰঃ গোৱালপাৰা, কামৰূপ, নগাঁও, দৰং, শিৱসাগৰ, লক্ষীমপুৰ।

প্রশ্ন ৫০। বংগৰ জাতীয় বিশ্ববিদ্যালয়ৰ আৰ্হিত দেশৰ বিভিন্ন ঠাইত গঢ়ি উঠা কেইখনমান বিদ্যালয়ৰ নাম লিখা।

উত্তৰঃ জাতীয় বিদ্যালয়ৰ আৰ্হিত পাটনাত— বিহাৰ বিদ্যাপীঠ।

মহাৰাষ্ট্ৰত— সমৰ্থ বিদ্যালয়। 

গুজৰাটত— গুজৰাট বিদ্যালয়।

প্রশ্ন ৫১। স্বদেশী আন্দোলনৰ প্ৰধান অংগ কেইটা কি কি?

উত্তৰঃ স্বদেশী, বয়কট আৰু জাতীয় শিক্ষা।

প্রশ্ন ৫২। স্বদেশী আন্দোলনৰ সময়ত অবৈধভাৱে ঘোষিত কৰা কেইখনমান বাতৰি কাকতৰ নাম লিখা।

উত্তৰঃ ‘যুগান্তৰ’, ‘বন্দে মাতৰম’, ‘সন্ধ্যা’।

প্রশ্ন ৫৩। স্বদেশী আন্দোলনৰ প্ৰধান অংগ কেইটা কি কি?

উত্তৰঃ স্বদেশী আন্দোলনৰ প্ৰধান অংগ কেইটা হ’ল— 

(ক) স্বদেশী।

(খ) বয়কট। আৰু 

(গ) জাতীয় শিক্ষা।

প্রশ্ন ৫৪। ‘বংগলক্ষ্মী কটন মিল’ মানে কি?

উত্তৰঃ স্বদেশী আন্দোলনৰ সময়ত ভাৰতীয় উদ্যোগপতিসকলে কলিকতাত গঢ়ি তোলা এটি উদ্যোগ প্রতিষ্ঠানৰ নাম হৈছে ‘বংগলক্ষ্মী কটন মিল’।

প্রশ্ন ৫৫। কোন চনত আৰু কাৰ কাৰ মাজত এলাহাবাদৰ সন্ধি স্বাক্ষৰিত হৈছিল?

উত্তৰঃ ১৭৬৫ চনত। মোগল সম্রাট শ্বাহ আলম আৰু ৰবাৰ্ট ক্লাইবৰ মাজত হৈছিল।

প্রশ্ন ৫৬। ১৯০৫ চনৰ বংগ বিভাজনৰ ক্ষেত্ৰত কোন দুজন ইংৰাজ বিষয়াই লর্ড কার্জনক সহায় কৰিছিল?

উত্তৰঃ মধ্যপ্ৰদেশৰ মুখ্য আয়ুক্ত এণ্ডু ফেজাৰ আৰু অসমৰ মুক্ত আয়ুক্ত জন বামফিল্ড ফুলাৰ।

প্রশ্ন ৫৭। বেংগল কেমিকেলছ নামৰ উদ্যোগ প্রতিষ্ঠানটোৰ উদ্যোক্তা কোন আছিল? কিমান চনত এই উদ্যোগটো মুকলি কৰিছিল।

উত্তৰঃ আচার্য প্রফুল্ল চন্দ্ৰ ৰায়।

এই উদ্যোগটো ১৯০৬ চনৰ ২৫ জুলাইত মুকলি কৰিছিল।

প্রশ্ন ৫৮৷ কিমান চনত আৰু কাৰ পৌৰহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনত ভাৰতীয়ৰ বাবে স্বৰাজ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল?

উত্তৰঃ ১৯০৬ চনত কলিকতাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনত দাদাভাই নৌৰজীৰ পৌৰহিত্যত স্বৰাজ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল৷

প্রশ্ন ৫৯। কোম্পানীৰ শাসনকালত কেতিয়া আৰু ক’ত দুর্ভিক্ষ হৈছিল?

উত্তৰঃ ১৮৬৬ খ্রীষ্টাব্দত উৰিষ্যাত লর্ড ক্লাইৱৰ শাসন কালত।

প্রশ্ন ৬০। বাল গংগাধৰ তিলক কোন আছিল?

উত্তৰঃ বাল গংগাধৰ তিলক এজন স্বাধীনতা যুঁজাৰু আছিল৷

‘স্বৰাজ মোৰ জন্মস্বত্ব’ এই বাণীটো তেওঁ উদ্ভাৱন কৰিছিল।

প্রশ্ন ৬১। লালা ৰাজপট ৰায় কোন আছিল?

উত্তৰঃ লালা ৰাজপট ৰায় এজন স্বাধীনতা যুঁজাৰু আছিল। তেওঁ পঞ্জাৱ কেশৰী নামে বিখ্যাত।

প্রশ্ন ৬২। সুভাষ চন্দ্র বসু কোন আছিল?

উত্তৰঃ সুভাষ চন্দ্ৰ বসু এজন জাতীয়তাবাদী নেতা আছিল। তেওঁ দুবাৰকৈ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সভাপতি আছিল।

প্রশ্ন ৬৩। কি কি পত্ৰিকাৰ যোগেদি ৰবীন্দ্ৰ কুমাৰ ঘোষে যুৱ শক্তিত বিদেশী শাসকৰ বিৰুদ্ধে সংগ্ৰামৰ পথ লবলৈ আহ্বান জনাইছিল?

উত্তৰঃ ‘ভৱানী মন্দিৰ’ নামৰ পুস্তিকা আৰু ‘মুক্তি কোন পথে’ নামৰ পত্রিকা দুখনৰ জৰিয়তে।

প্রশ্ন ৬৪। কোন গৰাকী শ্বহীদৰ ফাঁচীৰ দিনটোত বংগদেশৰ প্ৰতিটো পৰিয়ালে উপবাসে কটাইছিল?

উত্তৰঃ প্রফুল্ল চাকীৰ ফাঁচীৰ দিনটোত।

প্রশ্ন ৬৫। বংগীয় কলা সংসদ নামৰ জাতীয় অনুষ্ঠানটো কেতিয়া আৰু কাৰ প্ৰচেষ্টাত গঢ়ি উঠিছিল?

উত্তৰঃ ১৯০৭ চনত অবনীন্দ্ৰ নাথ ঠাকুৰৰ প্ৰচেষ্টাত।

প্রশ্ন ৬৬৷ কেতিয়া আৰু কোনে বংগ জাতীয় বিদ্যালয় নামৰ জাতীয় শিক্ষানুষ্ঠানটো প্রতিষ্ঠা কৰিছিল?

উত্তৰঃ ১৯০৭ চনৰ ৬ আগষ্ট তাৰিখে কলিকতাৰ এখন জনসভাত ৰবীন্দ্ৰ নাথ ঠাকুৰে এই শিক্ষানুষ্ঠানটো প্ৰতিষ্ঠা কৰিছিল।

প্রশ্ন ৬৭। কোনে আৰু কেতিয়া জাতীয় শিক্ষা পৰিষদ নামৰ শিক্ষানুষ্ঠানটো গঠন কৰিছিল?

উত্তৰঃ ৰাজবিহাৰী বসুর অধ্যক্ষতাত কলিকতাৰ টাউন হলত ১৯০৬ চনৰ ১১ মাৰ্চ তাৰিখে।

প্রশ্ন ৬৮। বংগ জাতীয় মহাবিদ্যালয়খন কেতিয়া স্থাপন হৈছিল আৰু ইয়াৰ প্ৰথম গৰাকী অধ্যক্ষ কোন আছিল?

উত্তৰঃ ১৯০৬ চনৰ ১৫ আগষ্ট তাৰিখে স্থাপন হৈছিল।

ইয়াৰ প্ৰথম জন অধ্যক্ষ আছিল অৰবিন্দ ঘোষ।

প্রশ্ন ৬৯। স্বদেশী আন্দোলনৰ সময়ত দুখন সংবাদ পত্ৰ আৰু তাৰ সম্পাদকৰ নাম লিখা।

উত্তৰঃ (ক) বেংগলী — সুৰেন্দ্ৰ নাথ বন্দোপধ্যায়।

(খ) যোগান্তৰ – ভূপেন্দ্রনাথ দত্ত।

প্রশ্ন ৭০। ‘স্বৰাজ আমাৰ জন্মস্বত্ব’ আৰু ‘‘ই আমাৰ কাম্য’ উক্ত কথাফাঁকি কোনে ক’ত প্ৰকাশ কৰিছিল।

উত্তৰঃ উক্ত কথাফাঁকি বাল গংগাধৰ তিলকে তেওঁৰ ‘কেশৰী’ নামৰ পত্রিকাখনত প্ৰকাশ কৰিছিল।

প্রশ্ন ৭১। কোন দুজন নেতাই লণ্ডনত উপস্থিত হৈ বংগ ভংগ আঁচনি পৰিত্যাগ কৰিবলৈ চৰকাৰক আবেদন কৰিছিল?

উত্তৰঃ লালা লাজপত ৰায় আৰু গোপাল কৃষ্ণ গোখলে।

প্রশ্ন ৭২। কোনগৰাকী ভাইচৰয়ে মোগল বাদশ্বাহৰ পৰম্পৰাৰে হাতীত উঠি দিল্লীৰ ৰাজধানীত প্ৰৱেশ কৰিছিল?

উত্তৰঃ ১৯১২ খ্ৰীষ্টাব্দৰ ২৩ ডিচেম্বৰ তাৰিখে ভাইচৰয় লর্ড হার্ডিনঞ্জে।

প্রশ্ন ৭৩। গংগাধৰ তিলকৰ দুখন কিতাপৰ নাম লিখা।

উত্তৰঃ গীতা ভাষ্য আৰু অৰিয়ন।

প্রশ্ন ৭৪। স্বদেশী আন্দোলনৰ যিকোনো তিনিজন নেতাৰ নাম লিখা।

উত্তৰঃ (ক) সুৰেন্দ্ৰ নাথ বেনাৰ্জী।

(খ) বিপিন চন্দ্ৰ পাল।

(গ) অৰবিন্দ ঘোষ।

প্রশ্ন ৭৫। স্বদেশী আন্দোলনৰ সময়ৰ দুখন বাতৰি কাকতৰ নাম লিখা।

উত্তৰঃ যুগান্তৰ আৰু কেশৰী।

প্রশ্ন ৭৬। স্বদেশী আন্দোলনৰ কেইগৰাকীমান মহিলা আন্দোলনকাৰীৰ নাম লিখা।

উত্তৰঃ (ক) হেমপ্রবাহ মজুমদাৰ।

(খ) গাংগোলী। আৰু 

(গ) বাসন্তী দেৱী।

প্রশ্ন ৭৭। বংগ বিভাজনৰ পিছত সৃষ্টি হোৱা নতুন ৰাজ্য দুখন কি কি?

উত্তৰঃ (ক) পূৱ বংগ আৰু অসম। আৰু 

(খ) বংগ প্ৰদেশ।

প্রশ্ন ৭৮। লাল বাল পালৰ সম্পূৰ্ণ নাম কি?

উত্তৰঃ (ক) লালা লাজপত ৰায়।

(খ) বাল গংগাধৰ তিলক। আৰু 

(গ) বিপিন চন্দ্ৰ পাল।

প্রশ্ন ৭৯। দুজন পাৰ্চী সমাজ সেৱকৰ নাম লিখা।

উত্তৰঃ (ক) দাদা ভাই নৌৰজী।

(খ) নৌৰজী ফুৰ ডনজী।

প্রশ্ন ৮০। বংগ ভংগৰ দ্বাৰা ঘোষিত পূব বংগ আৰু অসমৰ কি কি ঠাই অন্তর্ভুক্ত আছিল?

উত্তৰঃ অসম, ঢাকা, ৰাজস্বাহী, চত্ৰগ্ৰাম, মালদহ, ত্ৰিপুৰা।

প্রশ্ন ৮১। ১৯০৫ খ্রীষ্টাব্দৰ স্বদেশী আন্দোলনৰ প্ৰধান শ্লোগান সমূহ কি কি?

উত্তৰঃ (ক) বিলাতী বস্তু বর্জন।

(খ) স্বদেশী বস্তু ব্যৱহাৰ কৰা।

(গ) স্বদেশী হ’বলৈ আহ্বান জনোৱা।

প্রশ্ন ৮২। ‘বন্দে মাতৰম’ নামৰ গীতটি সন্নিৱিষ্ট উপন্যাসখনৰ নাম কি? ইয়াৰ ৰচক কোন?

উত্তৰঃ আনন্দ মঠ। বংকিম চন্দ্র চট্টোপাধ্যায়।

প্রশ্ন ৮৩। কোন দুজন ভাৰতীয় নেতাই লণ্ডনত ইষ্ট ইণ্ডিয়া এচ’ছিয়েচন নামৰ এটা অনুষ্ঠান গঠন কৰিছিল?

উত্তৰঃ উমেশ চন্দ্ৰ বেনাৰ্জী আৰু দাদা ভাই নৌৰজী।

প্রশ্ন ৮৪। বংগ বিভাজনৰ চৰকাৰী কাৰণ কি আছিল?

উত্তৰঃ বংগদেশখন বৃহৎ হোৱাৰ কাৰণে ব্ৰিটিছ চৰকাৰে শাসন কৰাটো অসম্ভৱ হৈbপৰিছিল। সেইকাৰণে ব্ৰিটিছ চৰকাৰে বংগদেশক দুটা ভাগত বিভক্ত কৰে। 

প্রশ্ন ৮৫। বংগ ভংগ আন্দোলনৰ প্ৰাথমিক কাৰ্যসূচী সমূহ কি আছিল?

উত্তৰঃ বংগ ভংগ আন্দোলনৰ প্ৰাথমিক কাৰ্যসূচী সমূহ কি আছিল— 

(ক) হৰতাল।

(খ) সভা।

(গ) শোভাযাত্রা।

(ঘ) ৰাখি বন্ধন।

1 thought on “Class 10 Social Science MCQ Chapter 1 বংগ বিভাজন আৰু স্বদেশী আন্দোলন”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top