Class 10 Science MCQ Chapter 16 প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা

Class 10 Science MCQ Chapter 16 প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা, দশম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নৰ উত্তৰ, Class 10 Science Multiple Choice Question Answer to each chapter is provided in the list of SEBA বিজ্ঞান Class 10 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 10 Science MCQ Chapter 16 প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা Question Answer can be of great value to excel in the examination.

SEBA Class 10 Science MCQ Chapter 16 প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা

Join Telegram channel

Table of Contents

SEBA Class 10 General Science MCQ Chapter 16 প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 10 Science MCQ Chapter 16 প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা

Chapter – 16

পৰিৱেশ বিজ্ঞান

Multiple Choice Questions & Answers

1. তলৰ কোনবিধ বেক্টেৰিয়াৰ উপস্থিতিয়ে ৰোগ- সৃষ্টিকাৰী অণুজীৱৰ দ্বাৰা পানী প্ৰদূষিত হোৱাৰ ইংগিত দিয়ে?

(a) চায়েন’ বেক্টেৰিয়া।

(b) চালম’নেলা।

(c) ক’লিফর্ম।

(d) বেছিলাছ।

উত্তৰঃ (c) ক’লিফর্ম।

2. তলৰ কোনটোক ‘জৈৱ বৈচিত্ৰ্যৰ ভঁড়াল’ বোলা হয়?

(a) নদী।

(b) পুখুৰী।

(c) শস্য পথাৰ।

(d) বনাঞ্চল।

উত্তৰঃ (d) বনাঞ্চল।

3. তলৰ কোনটো বনাঞ্চলৰ লগত জড়িত এটা অংশীদাৰ নহয়? 

(a) উদ্যোগপতিসকল।

(b) কৃষকসকল।

(c) চৰকাৰৰ বন বিভাগ।

(d) বন্যপ্রাণী আৰু প্ৰকৃতিপ্ৰেমীসকল।

উত্তৰঃ (b) কৃষকসকল।

4. অমৃতদেৱী বিষ্ণোইয়ে তলৰ কোনবিধ গছৰ সুৰক্ষাৰ বাবে প্ৰাণ আহুতি দিছিল?  

(a) পাইন গছ।

(b) শাল।

(c) খেজুৰ।

(d) খেজৰি।

উত্তৰঃ (d) খেজৰি।

5. ৰাজস্থানৰ বিষ্ণোই সম্প্রদায় তলৰ কোনটোৰ সংৰক্ষণৰ লগত জড়িত?

(a) কয়লা আৰু পেট্ৰ’লিয়াম।

(b) পানী।

(c) বন আৰু বন্যপ্রাণী।

(d) মাটি।

উত্তৰঃ (c) বন আৰু বন্যপ্রাণী।

6. তলৰ কোনটোৰ সংৰক্ষণৰ লগত চিপকো আন্দোলন জড়িত? 

(a) গছ।

(b) পানী।

(c) নদী।

(d) বন্যপ্রাণী।

উত্তৰঃ (a) গছ।

7. ভ-গৰ্ভস্থ জলভাগৰ বহনক্ষমতা কমি যোৱাৰ কাৰণ – 

(a) মাটিৰ ওপৰৰ পৰা ঘাঁহ-বনৰ আৱৰণীৰ অপসাৰণ।

(b) অধিক পানীৰ প্ৰয়োজন হোৱা শস্যৰ খেতি।

(c) উদ্যোগিক আৱৰ্জনা আৰু নগৰ অঞ্চলৰ আৱৰ্জনাৰ দ্বাৰা হোৱা প্ৰদূষণ।

(d) ওপৰৰ আটাইকেইটা।

উত্তৰঃ (d) ওপৰৰ আটাইকেইটা।

8. তলৰ কোনটো ৰাজস্থানত ব্যৱহাৰ হোৱা এটা পুৰণি পানী সঞ্চয়ন পদ্ধতি?

(a) কুলহ্।

(b) খাদিন।

(c) এৰি।

(d) কাট্টা।

উত্তৰঃ (b) খাদিন।

9. আহাৰ আৰু পাইন তলৰ কোনখন ৰাজ্যত ব্যৱহৃত পানী সঞ্চয়নৰ দুটা পৰম্পৰাগত পদ্ধতি?

(a) উত্তৰ প্ৰদেশ।

(b) ৰাজস্থান।

(c) বিহাৰ।

(d) মহাৰাষ্ট্ৰ।

উত্তৰঃ (c) বিহাৰ।

10. হিমাচল প্ৰদেশত প্ৰচলিত পানী সঞ্চয়ন পদ্ধতিটো – 

(a) নদী।

(b) কুল্‌হ।

(c) এৰি।

(d) তাল।

উত্তৰঃ (b) কুল্‌হ।

11. কয়লা আৰু পেট্ৰ’লিয়ামৰ দহনৰ ফলত উৎপন্ন হয়। 

(a) কার্বন ডাই অক্সাইড।

(b) পানী।

(c) নাইট্ৰ’জেন আৰু ছালফাৰৰ অক্সাইড।

(d) ওপৰৰ আটাইকেইটা।

উত্তৰঃ (d) ওপৰৰ আটাইকেইটা।

12. অপর্যাপ্ত বায়ুৰ উপস্থিতিত কয়লা আৰু পেট্ৰ’লিয়াম দহন কৰিলে উৎপন্ন হয়— 

(a) কার্বন ডাই অক্সাইড।

(b) কার্বন ম’নক্সাইড।

(c) ছালফাৰ আৰু নাইট্ৰ’জেনৰ অক্সাইড।

(d) ওপৰৰ আটাইকেইটা।

উত্তৰঃ (b) কার্বন ম’নক্সাইড।

13. জীৱাশ্ম ইন্ধনৰ দহনৰ ফলত উৎপন্ন হোৱা তলৰ কোনটো গেছ বিষাক্ত নহয়?

(a) কার্বন ম’নক্সাইড।

(b) ছালফাৰ ডাই অক্সাইড।

(c) কার্বন ডাই অক্সাইড।

(d) নাইট্ৰ’জেন ডাই অক্সাইড।

উত্তৰঃ (c) কার্বন ডাই অক্সাইড।

14. কয়লা আৰু পেট্ৰ’লিয়ামৰ ব্যৱহাৰৰ অসুবিধা হ’ল –

(a) বায়ু প্ৰদূষণ।

(b) গোলকীয় উত্তাপন ।

(c) ইহঁত ক্ষয়িষ্ণু শক্তিৰ উৎস।

(d) ওপৰৰ আটাইকেইটা। 

উত্তৰঃ (d) ওপৰৰ আটাইকেইটা। 

15. তলৰ কোনটো প্ৰাকৃতিক সম্পদ ক্ষয়িষ্ণু? 

(a) বনাঞ্চল।

(b) বন্যপ্রাণী। 

(c) জীৱাশ্ম ইন্ধন।

(d) পানী।

উত্তৰঃ (c) জীৱাশ্ম ইন্ধন।

Very Short & Short Type Questions and Answers

1. ‘গংগা নদীৰ কাৰ্যকৰী আঁচনি’ প্ৰকল্পটো কেতিয়া স্থাপন কৰা হৈছিল? 

উত্তৰঃ 1985 চনত।  

2. ‘গংগা নদীৰ কাৰ্যকৰী আঁচনি’ কিয় স্থাপন কৰা হৈছিল? 

উত্তৰঃ গংগা নদীৰ পানী অতিকৈ প্ৰদূষিত হোৱাৰ কাৰণে। 

3. গংগা নদীৰ কাৰ্যকৰী আঁচনি কি? 

উত্তৰঃ গংগা নদীৰ পানীক প্ৰদূষণমুক্ত কৰিবলৈ ১৯৮৫ চনত ভাৰত চৰকাৰে গ্ৰহণ কৰা এটা প্ৰকল্প। 

4. তোমাৰ ঘৰলৈ যোগান ধৰা পানীৰ pH সহজে পৰীক্ষা কৰিবলৈ তুমি কি আহিলা ব্যৱহাৰ কৰিবা? 

উত্তৰঃ সাৰ্বজনীন সূচক বা লিটমাছ কাগজ  

5. পৰিৱেশৰ সুৰক্ষাৰ বাবে তিনিটা R ৰ নীতি কি?

উত্তৰঃ হ্রাসকৰণ, পুনঃচক্রীয়কৰণ, পুনঃ ব্যৱহাৰ।

6. পুনঃ ব্যৱহাৰ পুনঃচক্রীয়কৰণতকৈ কিয় ভাল? 

উত্তৰঃ কাৰণ পুনঃচক্রীয়কৰণ প্ৰক্ৰিয়াত কিছু শক্তিৰ ব্যৱহাৰ হয়। 

7. ‘জৈৱ – বৈচিত্ৰ্যৰ অঞ্চল’ কাক বোলা হয়? 

উত্তৰঃ বনাঞ্চলসমূহক। 

8. বনাঞ্চলৰ মাটিৰ গৰাকী কোন যিয়ে বনাঞ্চলৰ সম্পদসমূহ নিয়ন্ত্ৰণ কৰে? 

উত্তৰঃ চৰকাৰৰ বন বিভাগ। 

9. বনাঞ্চলৰ কোনটো অংশীদাৰে বনাঞ্চলৰ উৎপাদিত সামগ্ৰী ব্যৱহাৰ কৰে, কিন্তু কোনো ক্ষেত্ৰতে বনাঞ্চলৰ ওপৰত নিৰ্ভৰশীল নহয়? 

উত্তৰঃ উদ্যোগপতিসকল। 

10. বনাঞ্চলৰ কোনটো অংশীদাৰে প্ৰকৃতিক ইয়াৰ বিশুদ্ধ ৰূপত সংৰক্ষণ কৰিব খোজে? 

উত্তৰঃ বন্যপ্রাণী আৰু প্ৰকৃতিপ্ৰেমীসকল। 

11. বনাঞ্চলৰ বৃহৎ অঞ্চল পাইন, শাল বা ইউকেলিপটাছ এক বৃক্ষ অৰণ্যলৈ ৰূপান্তৰিত কৰাৰ এটা অসুবিধা লিখা। 

উত্তৰঃ ইয়াৰ বাবে প্রথমতে বৃহৎ অঞ্চলৰ অৰণ্য ধ্বংস কৰিবলগীয়া হয়। ইয়াৰ ফলত সেই অঞ্চলৰ জৈৱ বৈচিত্ৰাৰ অৱলুপ্তি ঘটে আৰু স্থানীয় লোকসকলে সেই অৰণ্যৰ পৰা নিজৰ বিভিন্ন প্রয়োজনীয়তাসমূহ পুৰণ কৰিবলৈ অসমৰ্থ হয়। 

12. একবৃক্ষ অৰণ্যৰ দুটা সুবিধা লিখা। 

উত্তৰঃ উদ্যোগপতিসকলৰ বাবে কোনো নিৰ্দিষ্ট বনজ সম্পদৰ আহৰণ আৰু বন বিভাগৰ দ্বাৰা ৰাজহৰ সংগ্ৰহ।

13. বনাঞ্চলৰ উৎপাদিত দ্ৰব্যৰ ওপৰত আধাৰিত দুটা উদ্যোগৰ নাম লিখা। 

উত্তৰঃ কাঠ, কাগজ।  

14. অমৃতা দেৱী বিষ্ণোইৰ স্মৃতিত ভাৰত চৰকাৰে কোনটো পুৰস্কাৰ ঘোষণা কৰিছে? 

উত্তৰঃ অমৃতা দেৱী বিষ্ণোই বন্যপ্ৰাণী সংৰক্ষণ ৰাষ্ট্ৰীয় বঁটা।

15. দুবিধ জীৱাশ্ম ইন্ধনৰ নাম লিখা। 

উত্তৰঃ কয়লা, পেট্ৰ’লিয়াম। 

16. জীৱাশ্ম ইন্ধনৰ দহনৰ ফলত উৎপন্ন পোৱা দুবিধ হানিকাৰক পদাৰ্থৰ উদাহৰণ দিয়া। 

উত্তৰঃ ছালফাৰৰ অক্সাইড, নাইট্ৰ’জেনৰ অক্সাইড।

অতি চমু প্ৰশ্নোত্তৰঃ

প্রশ্ন ১। পানীৰ খেতি (Water harvesting) কি?

উত্তৰঃ পানীৰ খেতি হ’ল এনে এক ব্যৱস্থা য’ত বৰষুণৰ পানী সংগ্ৰহ কৰি তাক ভূগর্ভস্থ পানীৰ পুনৰুদ্ধাৰৰ বাবে মাটিৰ তললৈ পঠাই দিয়া হয়।

প্রশ্ন ২। জলবিভাজিকা ব্যৱস্থাপনা বা ৱাটাৰশ্বেড ব্যৱস্থাপনা (Water management) কি?

উত্তৰঃ জৈৱ-ভৰৰ উৎপাদন বৃদ্ধিৰ বাবে মাটি আৰু পানীৰ সংৰক্ষণৰ বিজ্ঞানসন্মত পদ্ধতিকে জলবিভাজিকা ব্যৱস্থাপনা বোলা হয়।

প্রশ্ন ৩। নদী বান্ধৰ এটা সুবিধা লিখা।

উত্তৰঃ নদীবান্ধৰ এটা সুবিধা হ’ল— নদীবান্ধসমূহ বিদ্যুৎ উৎপাদনৰ বাবে ব্যৱহাৰ কৰা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top