Class 10 Science MCQ Chapter 11 মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী

Class 10 Science MCQ Chapter 11 মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী, দশম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নৰ উত্তৰ, Class 10 Science Multiple Choice Question Answer to each chapter is provided in the list of SEBA বিজ্ঞান Class 10 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 10 Science MCQ Chapter 11 মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী Question Answer can be of great value to excel in the examination.

SEBA Class 10 Science MCQ Chapter 11 মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী

Join Telegram channel

Table of Contents

SEBA Class 10 General Science MCQ Chapter 11 মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 10 Science MCQ Chapter 11 মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী

Chapter – 11

পদার্থ বিজ্ঞান

Multiple Choice Questions & Answers

1. তলৰ কোনটো অংশই বিভিন্ন দূৰত্বত অৱস্থিত বস্তুৰ পৰা অহা পোহৰ অক্ষিপটত নিবিষ্ট কৰিবলৈ প্রয়োজন হোৱা ফ’কাছ দৈৰ্ঘ্যৰ সূক্ষ্ম সমযোজন ঘটায়— 

(a) কর্ণিয়া। 

(b) চকুৰ পতা।

(c) স্ফটিকীয় লেন্‌ছ। 

(d) চকুৰ মণি।

উত্তৰঃ (c) স্ফটিকীয় লেন্‌ছ। 

2. তলৰ চকুৰ কোনটো অংশই চকুত সোমোৱা পোহৰৰ পৰিমাণ নিয়মীয়া আৰু নিয়ন্ত্ৰণ কৰে –

(a) চকুৰ মণি।

(b) কর্ণিয়া।

(c) লেন্‌ছ।

(d) চিলিয়াৰী পেশী।

উত্তৰঃ (a) চকুৰ মণি।

3. তলৰ কোনটো অংশই চকুৰ লেন্‌ছৰ বক্রতা সলনি কৰে? 

(a) কর্ণিয়া।

(b) চকুৰ পতা।

(c) চকুৰ মণি। 

(d) চিলিয়াৰী পেশী।

উত্তৰঃ (d) চিলিয়াৰী পেশী।

4. সুস্থ চকুৰ বাবে চকুৰ নিকট বিন্দুৰ অৱস্থান চকুৰ পৰা-

(a) অসীম।

(b) 25cm

(c) 2.5 cm

(d) 250m 

উত্তৰঃ (b) 25cm

5. সুস্থ চকুৰ বাৰে চকুৰ দুৰ বিন্দু থাকে চকুৰ পৰা–

(a) 25 cm

(b) 100 cm

(c) অসীমত। 

(d) 100km

উত্তৰঃ (c) অসীমত। 

6. কোনো ব্যক্তিৰ চকুৰ দূৰ বিন্দু অসীমৰ পৰা আগবাঢ়ি চকুৰ পৰা ওচৰত অৱস্থিত হ’লে, তেওঁ ভোগা দৃষ্টিৰ বিকাৰটো হ’ব–

(a) মায়’পিয়া।

(b) হাইপাৰমেট্ৰ ‘পিয়া। 

(c) প্ৰেছবায়’পিয়া।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (a) মায়’পিয়া।

7. কোনো ব্যক্তিৰ চকুৰ নিকট বিন্দু স্বাভাৱিক 25 cm তকৈ বেছি দূৰত্বত অৱস্থিত হ’লে, তেওঁ ভোগা দৃষ্টিৰ বিকাৰটো হ’ব–

(a) প্ৰেছবায়’পিয়া।

(b) মায়’পিয়া।

(c) হাইপাৰমেট্ৰ’পিয়া।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (c) হাইপাৰমেট্ৰ’পিয়া।

8. বয়সৰ লগে লগে চকুৰ উপযোজন ক্ষমতা কমি যোৱাৰ ফলত সৃষ্টি হোৱা দৃষ্টিৰ বিকাৰটো হ’ল–

(a) মায়’পিয়া।

(b) প্ৰেছবায়’পিয়া।

(c) হাইপাৰমেট্ৰ’পিয়া।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (b) প্ৰেছবায়’পিয়া।

9. প্রিজমৰ নিৰ্গত ৰশ্মিয়ে আপতিত ৰশ্মিৰ দিশৰ লগত কৰা কোণক বোলা হয়–

(a) প্রিজমৰ কোণ।

(b) নির্গত কোণ।

(c) প্ৰতিসৰণ কোণ। 

(d) বিচ্যুতি কোণ।

উত্তৰঃ (d) বিচ্যুতি কোণ।

10. প্রিজমৰ মাজেৰে পাৰ হৈ যাওঁতে সূৰ্যৰ বগা পোহৰত থকা কোনটো ৰঙৰ পোহৰ আপতিত ৰশ্মি সাপেক্ষে আটাইতকৈ কমকৈ বেঁকা হয়? 

(a) নীলা।

(b) বেঙুনীয়া।

(c) ৰঙা।

(d) কমলা।

উত্তৰঃ (c) ৰঙা।

11. প্রিজমৰ মাজেৰে পাৰ হৈ যাওঁতে সূৰ্যৰ পোহৰত থকা তলৰ কোনটো ৰঙৰ পোহৰ আটাইতকৈ বেছিকৈ কেঁকা হয়? 

(a) বেঙুনীয়া।

(b) ৰঙা।

(c) হালধীয়া।

(d) নীল।

উত্তৰঃ (a) বেঙুনীয়া।

12. সূৰ্যৰ পোহৰৰ বৰ্ণালী পাবলৈ প্ৰিজমৰ ব্যৱহাৰ কৰা প্রথম বিজ্ঞানীগৰাকী আছিল–

(a) গেলিলিঅ’।

(b) টিণ্ডেল।

(c) নিউটন।

(d) ফ্লেমিং।

উত্তৰঃ (c) নিউটন।

13. বৰষুণ এজাকৰ পিছত আকাশত সৃষ্টি হোৱা ৰামধেনুৰ বাবে জড়িত পৰিঘটনাটো হ’ল–

(a) প্রতিফলন।

(b) প্রতিসৰণ।

(c) বিক্ষেপণ।

(d) বিচ্ছুৰণ।

উত্তৰঃ (d) বিচ্ছুৰণ।

14. তলৰ কোনটো পৰিঘটনাৰ বাবে আমি অগ্রিম সূর্যোদয় আৰু পলম সূর্যাস্ত দেখো–

(a) প্ৰতিসৰণ।

(b) প্রতিফলন।

(c) বিচ্ছুৰণ।

(d) বিক্ষেপণ। 

উত্তৰঃ (a) প্ৰতিসৰণ।

15. তলৰ কোনটো পোহৰৰ পৰিঘটনা তৰাৰ তিৰবিৰণিৰ লগত জড়িত–

(a) প্রতিফলন।

(b) বিক্ষেপণ।

(c) বিচ্ছুৰণ।

(d) প্রতিসৰণ।

উত্তৰঃ (d) প্রতিসৰণ।

16. অতি সূক্ষ্ম কণাবোৰে বিক্ষিপ্ত কৰা পোহৰৰ ৰং –

(a) বগা।

(b) নীলা।

(c) ৰঙা। 

(d) বেঙুনীয়া।

উত্তৰঃ (b) নীলা।

17. মুকলি আকাশৰ নীলা ৰঙৰ বাবে দায়ী পোহৰৰ পৰিঘটনাটো হ’ল –

(a) বিচ্ছুৰণ।

(b) প্ৰতিসৰণ।

(c) বিক্ষেপণ।

(d) প্রতিফলন।

উত্তৰঃ (c) বিক্ষেপণ।

18. ধূলিকণা, পানীৰ ক্ষুদ্ৰ টোপাল আদিৰ দৰে কণাই বিক্ষিপ্ত কৰা পোহৰৰ ৰং–

(a) নীলা।

(b) ৰঙা।

(c) বগা। 

(d) ইয়াৰ এটাও নহয়।

উত্তৰঃ (c) বগা। 

19. সূর্যোদয় আৰু সূৰ্যাস্তৰ সময়ৰ সূৰ্যৰ ৰঙচুৱা বৰণৰ বাবে দায়ী পোহৰৰ পৰিঘটনাটো হ’ল–

(a) প্রতিফলন।

(b) বিচ্ছুৰণ।

(c) প্ৰতিসৰণ। 

(d) বিক্ষেপণ।

উত্তৰঃ (d) বিক্ষেপণ।

20. চন্দ্ৰপৃষ্ঠৰ পৰা আকাশৰ ৰং–

(a) নীলা।

(b) বেঙুনীয়া।

(c) ক’লা।

(d) ৰঙা।

উত্তৰঃ (c) ক’লা।

21. ব্যক্তি এগৰাকীৰ চকুৰ দূৰ বিন্দু চকুৰ পৰা 1.5m আঁতৰত অৱস্থিত। তেওঁৰ দৃষ্টিৰ বিকাৰটো হ’ল –

(a) মায়’পিয়া।

(b) প্ৰেছবায়’পিয়া।

(c) কেটেৰেক্ট।

(d) হাইপাৰমেট্ৰ’পিয়া।

উত্তৰঃ (a) মায়’পিয়া।

22. ব্যক্তি এগৰাকীৰ চকুৰ নিকট বিন্দু চকুৰ পৰা 1.2m আঁতৰত অৱস্থিত। তেওঁৰ দৃষ্টিৰ বিকাৰটো –

(a) মায়’পিয়া।

(b) হাইপাৰমেট্ৰ’পিয়া। 

(c) কেটেৰেক্ট।

(d) প্ৰেছবায়’পিয়া।

উত্তৰঃ (b) হাইপাৰমেট্ৰ’পিয়া। 

23. চকুৰ কোনটো অংশই পোহৰক বৈদ্যুতিক সংকেতলৈ ৰূপান্তৰিত কৰে –

(a) কর্ণিয়া। 

(b) নেত্র-স্নায়ু।

(c) অক্ষিপট।

(d) চিলিয়াৰী পেশী।

উত্তৰঃ (c) অক্ষিপট।

24. চকুৰ কোনটো অংশই বৈদ্যুতিক সংকেতক মস্তিষ্কলৈ প্ৰেৰণা কৰে-

(a) অক্ষিপট।

(b) নেত্র – স্নায়ু।

(c) চিলিয়াৰী পেশী।

(d) নেত্রমেদ। 

উত্তৰঃ (b) নেত্র-স্নায়ু।

25. বগা পোহৰ সাতটা উপাদানমূলক ৰঙৰ পোহৰলৈ ভাঙি যোৱা পৰিঘটনাটো হ’ল –

(a) প্ৰতিসৰণ।

(b) প্রতিফলন।

(c) বিক্ষেপণ।

(d) বিচ্ছুৰণ।

উত্তৰঃ (d) বিচ্ছুৰণ।

26. ৰামধেনু–

(a) সূৰ্যৰ একে দিশত সৃষ্টি হয়।

(b) সূৰ্যৰ বিপৰীত দিশত সৃষ্টি হয়।

(c) সূৰ্যৰ দিশৰ ওপৰত নিৰ্ভৰ নকৰে।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (b) সূৰ্যৰ বিপৰীত দিশত সৃষ্টি হয়।

27. যেতিয়া আমি দূৰৰ কোনো বস্তুলৈ লক্ষ্য কৰো, তেতিয়া–

(a) চিলিয়াৰী পেশীবোৰ শিথিল অৱস্থাত থাকে। 

(b) চকুৰ লেন্‌ছখন খীণ হয়।

(c) চকুৰ লেন্‌ছৰ ফ’কাছ দৈৰ্ঘ্য বাঢ়ে। 

(d) ওপৰৰ আটাইকেইটা।

উত্তৰঃ (d) ওপৰৰ আটাইকেইটা।

28. যেতিয়া আমি ওচৰৰ বস্তুলৈ লক্ষ্য কৰো, তেতিয়া –

(a) চিলিয়াৰী পেশীৰ সংকোচন ঘটে।

(b) চকুৰ লেন্‌ছৰ বক্রতা কমে।

(c) চকুৰ লেন্‌ছৰ ফ’কাছ দৈর্ঘ্য বাঢ়ে। 

(d) ওপৰৰ আটাইকেইটা।

উত্তৰঃ (a) চিলিয়াৰী পেশীৰ সংকোচন ঘটে।

29. মায়পিয়া বিকাৰত ভোগা ব্যক্তি এগৰাকীৰ বাবে— 

(a) চকুৰ দুৰ বিন্দু অসীমতকৈ ওচৰত থাকে। 

(b) চকুৰ লেন্‌ছে দূৰৰ বস্তুবোৰৰ প্ৰতিবিম্ব চকুৰ ৰেটিনাত গঠন নকৰি ৰেটিনাৰ কিছু সন্মুখত গঠন কৰে।

(c) দূৰৰ বস্তুবোৰ স্পষ্টকৈ দেখাত অসুবিধা হয়, কিন্তু ওচৰৰ বস্তুবোৰ স্পষ্টকৈ দেখে। 

(d) ওপৰৰ আটাইকেইটা।

উত্তৰঃ (d) ওপৰৰ আটাইকেইটা।

30. ব্যক্তি এগৰাকীয়ে দূৰ দৃষ্টি প্ৰস্ততাত ভুগিছে। 

(i) তেওঁৰ চকুৰ নিকট বিন্দু চকুৰ পৰা স্বাভাৱিক 25cm তকৈ অধিক দূৰত্বত অৱস্থিত হৈছে।

(ii) তেওঁৰ চকুৰ দূৰ বিন্দু অসীমৰ পৰা আগবাঢ়ি আহিচকুৰ পৰা ওচৰৰ আন এটা বিন্দুত অৱস্থিত হৈছে। 

(iii) চকুৰ লেন্‌ছে ওচৰৰ কোনো বস্তুৰ পৰা অহা পোহৰ ৰশ্মি অক্ষিপটৰ পিছফালে থকা এটা বিন্দুলৈ অভিসাৰী কৰে। 

(iv) চকুৰ লেন্‌ছে দূৰৰ কোনো বস্তুৰ প্ৰতিবিম্ব অক্ষিপটত গঠন নকৰি অক্ষিপটৰ সন্মুখত গঠন কৰে। 

ইয়াৰে শুদ্ধ উক্তি/ উক্তিবোৰ হ’ল—

(a) (i), (iii) আৰু (iv) 

(b) (i) আৰু (iii) 

(c) (ii) আৰু (iv) 

(d) (ii) আৰু (iii) 

উত্তৰঃ (b) (i) আৰু (iii) 

31. প্রিজমৰ দুখন আয়তাকাৰ পার্শ্বীয় পৃষ্ঠৰ মাজৰ কোণটোক বোলা হয়–

(a) বিচ্যুতি কোণ।

(b) প্রিজমৰ কোণ।

(c) পৃষ্ঠীয় কোণ।

(d) পার্শ্বীয় কোণ।

উত্তৰঃ (b)প্রিজমৰ কোণ।

32. বগা পোহৰৰ বৰ্ণালীৰ পুনৰ সংযোজন ঘটাবলৈ দুখন প্রিজমৰ তলত দিয়া কোন ধৰণে ব্যৱহাৰ কৰিবা? 

উত্তৰঃ (c)

33. সূর্যোদয় আৰু সূৰ্যাস্তৰ সময়ত সূৰ্যৰ চাকটো আপাতভাৱে চেপেটা দেখাৰ কাৰণ হ’ল –

(a) বায়ুমণ্ডলীয় প্রতিসৰণ।

(b) বিক্ষেপণ।

(c) বিচ্ছুৰণ।

(d) প্রতিফলন।

উত্তৰঃ (a) বায়ুমণ্ডলীয় প্রতিসৰণ।

34. গ্রহবোৰে তিৰবিৰ নকৰে। কাৰণ— 

(a) ইহঁত পৃথিৱীৰ পৰা বহু দূৰত অৱস্থিত। 

(b) ইহঁত পোহৰৰ বিন্দু উৎস। 

(c) ইহঁতৰ পৰা অহা পোহৰৰ প্ৰতিসৰণ নঘটে। 

(d) ইঁহতক বিস্তৃত উৎস হিচাপে গণ্য কৰিব পাৰি।

উত্তৰঃ (d) ইঁহতক বিস্তৃত উৎস হিচাপে গণ্য কৰিব পাৰি।

35. বিপদ সংকেত বুজোৱা পোহৰৰ ৰং ৰঙা। ইয়াৰ কাৰণ হ’ল–

(a) ৰঙা ৰঙৰ পোহৰৰ বিক্ষেপণ অতি বেছিকৈ হয়। 

(b) ৰঙা ৰঙৰ পোহৰৰ বিক্ষেপণ অতি কমকৈ হয়। 

(c) ৰঙা ৰঙৰ পোহৰৰ বিচ্ছুৰণ নঘটে। 

(d) ৰঙা ৰঙৰ পোহৰ বিচ্ছুৰিত হয়। 

উত্তৰঃ (b) ৰঙা ৰঙৰ পোহৰৰ বিক্ষেপণ অতি কমকৈ হয়। 

36. মহাকাশচাৰী এজনে আকাশৰ ৰং ক’লা দেখাৰ কাৰণ–

(a) মহাকশত পোহৰৰ বিচ্ছুৰণ নঘটে।

(b) মহাকাশত পোহৰৰ প্ৰতিফলন নঘটে।

(c) মহাকশত পোহৰৰ বিক্ষেপণ নঘটে। 

(d) মহাকশত পোহৰৰ প্ৰতিসৰণ নঘটে। 

উত্তৰঃ (c) মহাকশত পোহৰৰ বিক্ষেপণ নঘটে। 

37. তলৰ কোনটোৱে টিণ্ডেল ক্রিয়া দেখুৱাব? 

(a) চেনিৰ দ্ৰৱ।

(b) নিমখৰ দ্রৱ।

(c) কপাৰ ছালফেটৰ দ্রৱ।

(d) শ্বেতসাৰৰ দ্ৰৱ।

উত্তৰঃ (d) শ্বেতসাৰৰ দ্ৰৱ।

38. মায়’পিক চকু এটাৰ ভিতৰত দূৰৰ বস্তুৰ প্ৰতিবিম্ব গঠনৰ স্থান–

(a) ৰেটিনা ত।

(b) ৰেটিনাৰ সমুখত।

(c) ৰেটিনাৰ পিছত।

(d) স্ফটিকীয় লেন্‌ছত।

উত্তৰঃ (b) ৰেটিনাৰ সমুখত।

39. হাইপাৰমেট্ৰ’পিক চকুৰ বাবে ওচৰৰ বস্তুৰ প্ৰতিবিম্ব গঠনৰ স্থান-

(a) ৰেটিনাত।

(b) ৰেটিনাৰ সমুখত। 

(c) ৰেটিনাৰ পিছত।

(d) স্ফটিকীয় লেন্‌ছত।

উত্তৰঃ (c) ৰেটিনাৰ পিছত।

40. অতি উচ্চতাত উৰা বিমানযাত্ৰীয়ে আকাশখন ক’লা দেখে কাৰণ—

(a) এনে উচ্চতাত পোহৰ বিক্ষেপিত হৈ শেষ হৈ যায়।

(b) দৃশ্যমান পোহৰৰ তৰংগদৈৰ্ঘ্যতকৈ কণাৰ আকাৰ সৰু।

(c) এনে উচ্চতাত বায়ুমণ্ডল নাথাকে। 

(d) এনে উচ্চতাত পোহৰৰ বিক্ষেপণৰ প্ৰভাৱ কম।

উত্তৰঃ (d) এনে উচ্চতাত পোহৰৰ বিক্ষেপণৰ প্ৰভাৱ কম।

Very Short & Short Type Questions and Answers

1. চকুৰ ভিতৰত ক’ত প্রতিবিম্ব গঠন হয়? 

উত্তৰঃ অক্ষিপট বা ৰেটিনাত। 

2. চকুৰ যিটো অংশৰ মাজেৰে পোহৰ চকুত সোমায়, সেই অংশটোৰ নাম কি? 

উত্তৰঃ কর্ণিয়া। 

3. অক্ষিগোলকৰ ব্যাস কিমান? 

উত্তৰঃ প্ৰায় 2.3 ছে. মি.। 

4. চকুৰ স্ফটিকীয় লেন্‌ছখনৰ কাম কি? 

উত্তৰঃ চকুৰ স্ফটিকীয় লেনছখনে বেলেগ বেলেগ দূৰত্বত অৱস্থিত বস্তুৰ পৰা অহা পোহৰ অক্ষিপটত নিবিষ্ট কৰিবলৈ প্রয়োজন হোৱা ফ’কাছ দৈৰ্ঘ্যৰ সূক্ষ্ম সমযোজন ঘটায়।

5. চকুৰ স্ফটিকীয় লেন্‌ছখনৰ প্ৰকৃতি কি? 

উত্তৰঃ উত্তল। 

6. চকুৰ মণিৰ আকাৰ কিহে নিয়ন্ত্ৰণ কৰে? 

উত্তৰঃ চকুৰ পতা বা আইৰিছে। 

7. চকুৰ মণি বা পিউপিলৰ কাম কি?

উত্তৰঃ চকুত সোমোৱা পোহৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। 

8. চকুৰ লেন্‌ছে অক্ষিপটত গঠন কৰা প্ৰতিবিম্বৰ প্রকৃতি কি? 

উত্তৰঃ সৎ আৰু ওলোটা।

9. অক্ষিপট কি? 

উত্তৰঃ অক্ষিপট হৈছে অসংখ্য পোহৰ সংবেদী কোষযুক্ত কোমল আৱৰণী এখন, যাৰ কোষবোৰত পোহৰ পৰিলে ইহঁত সক্ৰিয় হৈ উঠে আৰু বৈদ্যুতিক সংকেত উৎপন্ন কৰে। অক্ষিপট চকুৰ গোলকটোৰ পিছফালে থাকে, য’ত চকুৰ লেনছখনে প্রতিবিম্ব গঠন কৰে।

10. চকুৰ লেন্‌ছখনৰ বক্রতা কিহে নিয়ন্ত্ৰণ কৰে? 

উত্তৰঃ চিলিয়াৰী পেশীয়ে।  

11. স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব বুলিলে কি বুজা? 

 উত্তৰঃ চকুৰ পৰা যি ন্যূনতম দূৰত্বত বস্তু এটা স্পষ্টকৈ আৰু কষ্টসাধন নকৰাকৈ দেখা পোৱা যায়, তাক স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব বোলে। 

12. চকুৰ নিকট বিন্দু কি? 

উত্তৰঃ চকুৰ পৰা ন্যূনতম দূৰত্বত থকা যিটো বিন্দুত অৱস্থিত বস্তু এটা চকুৱে স্পষ্টকৈ আৰু কষ্টসাধন নকৰাকৈ দেখা পায়, তাক চকুৰ নিকট বিন্দু বোলে। 

13. প্ৰাপ্তবয়স্ক ব্যক্তি এগৰাকীৰ সুস্থ চকুৰ বাবে স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব বা নিকট বিন্দুৰ মান কি?  

উত্তৰঃ চকুৰ পৰা প্ৰায় 25 ছে. মি.। 

14. চকুৰ দূৰবিন্দু কি?

উত্তৰঃ  চকুৰে স্পষ্টকৈ দেখা আটাইতকৈ দূৰৰ বিন্দুটোক দূৰবিন্দু বোলে। 

15. সুস্থ চকুৰ বাবে দূৰবিন্দুৰ অৱস্থান কি? 

উত্তৰঃ অসীম। 

16. সুস্থ চকুৰ বাবে দৃষ্টিৰ পৰিসৰ কি? 

উত্তৰঃ  25.ছে. মি.ৰ পৰা অসীম।  

17. কেটেৰেক্ট বা ছানি পৰা কি? 

উত্তৰঃ কেতিয়াবা বয়সীয়াল মানুহৰ চকুৰ স্ফটিকীয় লেন্‌ছখন দুগ্ধবৰণীয়া আৰু অস্পষ্ট হৈ পৰে। ইয়াকে কেটেৰেক্ট বা ছানি পৰা বোলে।

18. দৃষ্টিৰ বিকাৰসমূহ কি কি? 

উত্তৰঃ মায়’পিয়া (নিকটদৃষ্টিগ্ৰস্ততা), হাইপাৰমেট্ৰ’পিয়া (দূৰদৃষ্টিগ্ৰস্ততা) আৰু প্ৰেছবায়’পিয়া (জৰাদৃষ্টি)। 

19. মায়’পিয়া বা নিকটদৃষ্টিগ্রস্ততা কি? 

উত্তৰঃ যি দৃষ্টিৰ বিকাৰত ব্যক্তি এগৰাকীয়ে ওচৰৰ বস্তু স্পষ্টকৈ দেখা পায়, কিন্তু দূৰৰ বস্তু স্পষ্টকৈ দেখা নাপায় তাক মায়’পিয়া বা নিকটদৃষ্টিগ্রস্ততা বোলে। 

20. মায় পিয়া বিকাৰৰ সংশোধন কেনেদৰে কৰিব পাৰি? 

উত্তৰঃ উপযুক্ত ক্ষমতাৰ অৱতল লেন্‌ছ ব্যৱহাৰ কৰি। 

21. হাইপাৰমেট্ৰ পিয়া বা দূৰদৃষ্টিগ্ৰস্ততা কি?

উত্তৰঃ যি দৃষ্টিৰ বিকাৰত ব্যক্তি এগৰাকীয়ে দূৰৰ বস্তুবোৰ স্পষ্টকৈ দেখে, কিন্তু ওচৰৰ বস্তুবোৰ স্পষ্টকৈ দেখা নাপায়, তাক হাইপাৰমেট্ৰ’পিয়া বা দূৰদৃষ্টিগ্রস্ততা বোলে।

22. হাইপাৰমেট্ৰ ‘পিয়াৰ সংশোধন কেনেদৰে কৰিব পাৰি?

উত্তৰঃ উপযুক্ত ক্ষমতাৰ উত্তল লেন্‌ছ ব্যৱহাৰ কৰি। 

23. প্ৰেছবায় পিয়া কি? 

উত্তৰঃ  বয়সৰ লগে লগে চকুৰ উপযোজন ক্ষমতা সাধাৰণতে কমি আহে। সৰহ সংখ্যক মানুহৰ বাবে চকুৰ নিকট বিন্দুটো ক্রমান্বয়ে দূৰলৈ আঁতৰি যায়। তেওঁলোকে সংশোধনীমূলক চছমা নহ’লে ওচৰৰ বস্তুবোৰ স্পষ্টকৈ আৰু অনায়াসে দেখাত অসুবিধা পায়। ইয়াকে প্ৰেছবায়’পিয়া বোলে।  

24. প্রিজমৰ কোণ কি? 

উত্তৰঃ প্রিজমৰ দুখন পার্শ্বীয় পৃষ্ঠৰ মাজক কোণটোৰ প্রিজমৰ কোণ বোলে। 

25. প্রিজমৰ বিচ্যুতি কোণ কি? 

উত্তৰঃ প্রিজমৰ পৰা নিৰ্গত ৰশ্মিয়ে আপতিত ৰশ্মিৰ দিশৰ লগত উৎপন্ন কৰা কোণক বিচ্যুতি কোণ বোলে।

26. ত্ৰিভুজাকাৰ গ্লাছ প্রিজমৰ মাজেদি পোহৰৰ প্ৰতিসৰণৰ সময়ত উৎপন্ন হোৱা বিচ্যুতি কোণ আঁকা৷

 উত্তৰঃ   

27. পোহৰৰ বিচ্ছুৰণ কাক বোলে? 

উত্তৰঃ  প্রিজমৰ মাজেদি বগা পোহৰ পাৰ হৈ গ’লে, ই সাতটা উপাদানমূলক ৰঙৰ পোহৰলৈ ভাঙি যায়। এই পৰিঘটনাকে পোহৰৰ বিচ্ছুৰণ বোলে। 

28. প্রিজমৰ দ্বাৰা বগা পোহৰৰ বিচ্ছুৰণৰ ৰশ্মিচিত্র আঁকা। 

উত্তৰঃ   

29. চিত্র অংকন কৰি দেখুওৱা যে বগা পোহৰ ৰশ্মিগুচ্ছ বিচ্ছুৰিত নোহোৱাকৈ দুটা প্রিজমৰ মাজেদি পাৰ হৈ যায়। 

30. বৰষুণৰ পিছত আমি ৰামধেনু কিয় দেখো। 

উত্তৰঃ  বৰষুণ এজাকৰ পিছত বায়ুমণ্ডলত ওপত্তি থকা পানীৰ ক্ষুদ্ৰ টোপালবোৰত সূৰ্যৰ পোহৰৰ বিচ্ছুৰণ ঘটি ৰামধেনুৰ সৃষ্টি হয়। 

31. পোহৰৰ বিক্ষেপণ কি? 

উত্তৰঃ পোহৰ ৰশ্মি কোনো সূক্ষ্ম কণা যেনে- ধূলিকণা আৰু বায়ুৰ অণুসমূহত খুন্দা মাৰিলে ইহঁতে পোহৰক সকলো দিশতে সিঁচৰতি কৰি দিয়ে। এই পৰিঘটনাক পোহৰৰ বিক্ষেপণ বোলে। 

32. টিণ্ডেল পৰিঘটনা কি? 

উত্তৰঃ কিছুমান কলয়ডীয় কণাত পোহৰ ৰশ্মি আপতিত হ’লে এই কণাসমূহে পোহৰৰ বিক্ষেপণ ঘটাই পোহৰৰ গতিপথ দৃশ্যমান কৰি তোলে। এই পৰিঘটনাক টিণ্ডেল পৰিঘটনা বোলে। কলয়ডীয় কণা যেনে ধূলিকণা, ধোঁৱা আৰু পানীৰ ক্ষুদ্ৰ ক্ষুদ্ৰ টোপালবোৰে পোহৰৰ বিক্ষেপণৰ দ্বাৰা টিণ্ডেল পৰিঘটনা সংঘটিত কৰে।

33. বগা পোহৰ অতি সূক্ষ্ম কণা থকা মাধ্যমৰ মাজেদি পাৰ হৈ গ’লে কোন তৰংগদৈৰ্ঘ্যৰ পোহৰ আটাইতকৈ বেছি বিক্ষিপ্ত হ’ব?

উত্তৰঃ  চুটি তৰংগদৈৰ্ঘ্যৰ নীলা ৰঙৰ পোহৰ আটাইতকৈ বেছি বিক্ষিপ্ত হ’ব। 

34. বিক্ষিপ্ত পোহৰৰ ৰং বিক্ষিপ্ত কৰা কণাসমূহৰ আকাৰৰ ওপৰত কেনেদৰে নিৰ্ভৰ কৰে? 

উত্তৰঃ বিক্ষিপ্ত কৰা কণাসমূহৰ আকাৰ অতি সূক্ষ্ম হ’লে বিক্ষিপ্ত পোহৰৰ ৰং নীলা হয়। তাতকৈ ডাঙৰ আকাৰৰ কণাবোৰে বেছি দীঘল তৰংগদৈৰ্ঘ্যৰ পোহৰ বিক্ষিপ্ত কৰে। যদি কণাসমূহৰ আকাৰ যথেষ্ট ডাঙৰ হয়, তেন্তে বিক্ষিপ্ত পোহৰৰ ৰং বগা হয়। 

35. বিপদ সংকেত দিয়া পোহৰৰ ৰং ৰঙা কিয়? 

উত্তৰঃ কাৰণ, ৰঙা ৰঙৰ পোহৰৰ তৰংগদৈর্ঘ্য আটাইতকৈ দীঘল, যাৰ বাবে ৰঙা ৰঙৰ পোহৰৰ বিক্ষেপণ কমকৈ হয়। সেয়ে বায়ুমণ্ডলৰ মাজেৰে পাৰ হৈ গ’লে ৰঙা ৰঙৰ পোহৰ অতি কমকৈ বিক্ষেপিত হৈ বহু দূৰ অতিক্ৰম কৰিব পাৰে আৰু সেয়ে দূৰৰ পৰাই দৃশ্যমান হয়।

36. দৃষ্টিৰ বাবে আমাক এটাৰ পৰিবৰ্তে দুটা চকুৰ প্রয়োজন কিয়? 

উত্তৰঃ আমাৰ দুটা চকু থকাৰ বাবে আমাৰ দৃষ্টিক্ষেত্ৰৰ পৰিসৰ বহল হয়। (প্রায় 180°)। তদুপৰি এটাৰ পৰিৱৰ্তে দুটা সংসূচকৰ ব্যৱহাৰে কম পোহৰত বস্তুবোৰ দেখাৰ সামর্থ্য বঢ়ায়। আনহাতে দুটা চকুৰে চালে পৃথিৱীখন ত্রি- মাত্ৰিকৰূপে ধৰা দিয়ে আৰু বস্তুবোৰৰ মাজৰ আপেক্ষিক দূৰত্বৰ উমান দিয়ে।

37. সূৰ্যৰ পোহৰৰ বৰ্ণালী পাবলৈ প্রিজমৰ ব্যৱহাৰ কৰা প্ৰথম ব্যক্তিগৰাকী কোন আছিল?

উত্তৰঃ ছাৰ আইজাক নিউটন। 

38. তৰাৰ তিৰবিৰণি কিহৰ বাবে দেখা যায়? 

উত্তৰঃ  তৰাৰ পোহৰৰ বায়ুমণ্ডলীয় প্ৰতিসৰণৰ বাবে তৰাৰ তিৰবিৰণি দেখা যায়।

39. বগা পোহৰ কি?  

উত্তৰঃ  সূৰ্যৰ পোহৰৰ লেখীয়া বৰ্ণালীৰ সৃষ্টি কৰিব পৰা যিকোনো পোহৰকে বগা পোহৰ বোলা হয়।  

40. ৰামধেনুৰ গঠনৰ লগত জড়িত তলত দিয়া প্ৰক্ৰিয়াবোৰক শুদ্ধ ক্ৰমত সজোৱা— 

আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন।

প্ৰতিসৰণ।

প্ৰতিসৰণ আৰু বিচ্ছুৰণ।

উত্তৰঃ  প্ৰতিসৰণ আৰু বিচ্ছুৰণ।

আভ্যন্তৰীণ পূর্ণ প্ৰতিফলন।

প্ৰতিসৰণ।

41. চকুৰ উপযোজন ক্ষমতা কি?

উত্তৰঃ চকুৰ লেন্‌ছৰ ফ’কাছ দৈৰ্ঘ্য সাল-সলনি কৰিব পৰা সামৰ্থ্যক উপযোজন ক্ষমতা বোলে।

অতি চমু প্ৰশ্নোত্তৰঃ

প্রশ্ন ১। চকুৰ ভিতৰত ক’ত প্ৰতিবিম্ব গঠন হয়?

উত্তৰঃ অক্ষিপট বা ৰেটিনাত।

প্রশ্ন ২। চকুৰ যিটো অংশৰ মাজেৰে পোহৰ চকুত সোমায়, সেই অংশটোৰ নাম কি?

উত্তৰঃ কর্ণিয়া।

প্রশ্ন ৩। অক্ষিগোলকৰ ব্যাস কিমান?

উত্তৰঃ প্রায় 2.3 ছে. মি.।

প্রশ্ন ৪। চকুৰ স্ফটিকীয় লেন্‌ছখনৰ কাম কি?

উত্তৰঃ চকুৰ স্ফটিকীয় লেন্‌ছখনে বেলেগ বেলেগ দূৰত্বত অৱস্থিত বস্তুৰ পৰা অহা পোহৰ অক্ষিপটত নিবিষ্ট কৰিবলৈ প্ৰয়োজন হোৱা ফ’কাছ দৈৰ্ঘ্যৰ সূক্ষ্ম সমযোজন ঘটায়।

প্রশ্ন ৫। চকুৰ স্ফটিকীয় লেন্‌ছখনৰ প্ৰকৃতি কি?

উত্তৰঃ উত্তল।

প্রশ্ন ৬। চকুৰ মণিৰ আকাৰ কিহে নিয়ন্ত্ৰণ কৰে?

উত্তৰঃ চকুৰ পতা বা আইৰিছে।

প্রশ্ন ৭। চকুৰ মণি বা পিউপিলৰ কাম কি?

উত্তৰঃ চকুত সোমোৱা পোহৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে।

প্রশ্ন ৮। চকুৰ লেন্‌ছে অক্ষিপটত গঠন কৰা প্ৰতিবিম্বৰ প্ৰকৃতি কি?

উত্তৰঃ সৎ আৰু ওলোটা।

প্রশ্ন ৯। চকুৰ লেন্‌ছখনৰ বক্তৃতা কিহে নিয়ন্ত্ৰণ কৰে?

উত্তৰঃ চিলিয়াৰী পেশীয়ে।

প্রশ্ন ১০। স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব বুলিলে কি বুজা?

উত্তৰঃ চকুৰ পৰা যি ন্যূনতম দূৰত্বত বস্তু এটা স্পষ্টকৈ আৰু কষ্টসাধন নকৰাকৈ দেখা পোৱা যায়, তাক স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব বোলে।

প্রশ্ন ১১। চকুৰ নিকট বিন্দু কি?

উত্তৰঃ চকুৰ পৰা ন্যূনতম দূৰত্বত থকা যিটো বিন্দুত অৱস্থিত বস্তু এটা চকুৱে স্পষ্টকৈ আৰু কষ্টসাধন নকৰাকৈ দেখা পায়, তাক চকুৰ নিকট বিন্দু বোলে।

প্রশ্ন ১২। প্রাপ্তবয়স্ক ব্যক্তি এগৰাকীৰ সুস্থ চকুৰ বাবে স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব বা নিকট বিন্দুৰ মান কি?

উত্তৰঃ চকুৰ পৰা প্ৰায় 25 ছে. মি.।

প্রশ্ন ১৩। চকুৰ দূৰবিন্দু কি?

উত্তৰঃ চকুৰে স্পষ্টকৈ দেখা আটাইতকৈ দূৰৰ বিন্দুটোক দূৰবিন্দু বোলে।

প্রশ্ন ১৪। সুস্থ চকুৰ বাবে দূৰবিন্দুৰ অৱস্থান কি?

উত্তৰঃ অসীম।

প্রশ্ন ১৫। সুস্থ চকুৰ বাবে দৃষ্টিৰ পৰিসৰ কি?

উত্তৰঃ 25 ছে. মি.ৰ পৰা অসীম।

প্রশ্ন ১৬। কেটেৰেক্ট বা ছানি পৰা কি?

উত্তৰঃ কেতিয়াবা বয়সীয়াল মানুহৰ চকুৰ স্ফটিকীয় লেন্‌ছখন দুগ্ধবৰণীয়া আৰু অস্পষ্ট হৈ পৰে। ইয়াকে কেটেৰেক্ট বা ছানি পৰা বোলে।

প্রশ্ন ১৭। দৃষ্টিৰ বিকাৰসমূহ কি কি?

উত্তৰঃ মায়’পিয়া (নিকটদৃষ্টিগ্ৰস্ততা), হাইপাৰমেট্ৰ’পিয়া (দূৰদৃষ্টিগ্ৰস্ততা) আৰু প্ৰেছবায়’পিয়া (জৰাদৃষ্টি)।

প্রশ্ন ১৮। মায়’পিয়া বা নিকটদৃষ্টিগ্রস্ততা কি?

উত্তৰঃ যি দৃষ্টিৰ বিকাৰত ব্যক্তি এগৰাকীয়ে ওচৰৰ বস্তু স্পষ্টকৈ দেখা পায়, কিন্তু দূৰৰ বস্তু স্পষ্টকৈ দেখা নাপায় তাক মায়’পিয়া বা নিকটদৃষ্টিগ্রস্ততা বোলে।

প্রশ্ন ১৯। মায়’পিয়া বিকাৰৰ সংশোধন কেনেদৰে কৰিব পাৰি?

উত্তৰঃ উপযুক্ত ক্ষমতাৰ অৱতল লেন্‌ছ ব্যৱহাৰ কৰি।

প্রশ্ন ২০। হাইপাৰমেট্ৰ’পিয়া বা দূৰদৃষ্টিগ্ৰস্ততা কি?

উত্তৰঃ যি দৃষ্টিৰ বিকাৰত ব্যক্তি এগৰাকীয়ে দূৰৰ বস্তুবোৰ স্পষ্টকৈ দেখে, কিন্তু ওচৰৰ বস্তুবোৰ স্পষ্টকৈ দেখা নাপায়, তাক হাইপাৰমেট্ৰ’পিয়া বা দূৰদৃষ্টিগ্ৰস্ততা বোলে।

প্রশ্ন ২১। হাইপাৰমেট্ৰ ‘পিয়াৰ দুটা সাম্ভাৱ্য কাৰণ কি?

উত্তৰঃ (i) চকুৰ গোলকটো যথেষ্ট সৰু।

(ii) চকুৰ লেন্‌ছৰ ফ’কাছ দৈৰ্ঘ্য যথেষ্ট বেছি।

প্রশ্ন ২২। হাইপাৰমেট্ৰ’পিয়াৰ সংশোধন কেনেদৰে কৰিব পাৰি?

উত্তৰঃ উপযুক্ত ক্ষমতাৰ উত্তল লেন্‌ছ ব্যৱহাৰ কৰি।

প্রশ্ন ২২। প্ৰেছৰায়’পিয়াৰ দুটা সাম্ভাব্য কাৰণ কি?

উত্তৰঃ (i) চিলিয়াৰী পেশীবোৰ দুৰ্বল হৈ পৰা।

(ii) চকুৰ লেন্‌ছৰ নমনীয়তা কমি যোৱা।

প্রশ্ন ২৩। প্ৰেছবায়’পিয়াৰ সংশোধন কেনেদৰে কৰা হয়?

উত্তৰঃ এই ক্ষেত্ৰত সাধাৰণতে দ্বি-ফ’কাছযুক্ত লেন্‌ছৰ ব্যৱহাৰ কৰা হয়। এনে লেন্‌ছৰ ওপৰৰ অংশটো অৱতল আৰু তলৰ অংশটো উত্তল।

প্রশ্ন ২৪। প্রিজমৰ কোণ কি?

উত্তৰঃ প্রিজমৰ দুখন পার্শ্বীয় পৃষ্ঠৰ মাজক কোণটোৰ প্ৰিজমৰ কোণ বোলে।

প্রশ্ন ২৫। প্ৰিজমৰ বিচ্যুতি কোণ কি?

উত্তৰঃ প্রিজমৰ পৰা নিৰ্গত ৰশ্মিয়ে আপতিত ৰশ্মিৰ দিশৰ লগত উৎপন্ন কৰা কোণক বিচ্যুতি কোণ বোলে।

প্রশ্ন ২৬। পোহৰৰ বিচ্ছুৰণ কাক বোলে?

উত্তৰঃ প্রিজমৰ মাজেদি বগা পোহৰ পাৰ হৈ গ’লে, ই সাতটা উপাদানমূলক ৰঙৰ পোহৰলৈ ভাঙি যায়। এই পৰিঘটনাকে পোহৰৰ বিচ্ছুৰণ বোলে।

প্রশ্ন ২৭। বর্ণালী কি?

উত্তৰঃ বগা পোহৰৰ বিচ্ছুৰণৰ ফলত উৎপন্ন হোৱা ৰঙীণ উপাংশৰ পটিবোৰক একেলগে বর্ণালী বোলা হয়।

প্রশ্ন ২৮। বৰষুণৰ পিছত আমি ৰামধেনু কিয় দেখো।

উত্তৰঃ বৰষুণ এজাকৰ পিছত বায়ুমণ্ডলত ওপঙি থকা পানীৰ ক্ষুদ্ৰ টোপালবোৰত সূৰ্যৰ পোহৰৰ বিচ্ছুৰণ ঘটি ৰামধেনুৰ সৃষ্টি হয়।

প্রশ্ন ২৯। পোহৰৰ বিক্ষেপণ কি?

উত্তৰঃ পোহৰ ৰশ্মি কোনো সূক্ষ্ম কণা যেনে—  ধূলিকণা আৰু বায়ুৰ অণুসমূহত খুন্দা মাৰিলে ইহঁতে পোহৰক সকলো দিশতে সিঁচৰতি কৰি দিয়ে। এই পৰিঘটনাক পোহৰৰ বিক্ষেপণ বোলে।

প্রশ্ন ৩০। বগা পোহৰ অতি সূক্ষ্ম কণা থকা মাধ্যমৰ মাজেদি পাৰ হৈ গ’লে কোন তৰংগদৈৰ্ঘ্যৰ পোহৰ আটাইতকৈ বেছি বিক্ষিপ্ত হ’ব?

উত্তৰঃ চুটি তৰংগদৈৰ্ঘ্যৰ নীলা ৰঙৰ পোহৰ আটাইতকৈ বেছি বিক্ষিপ্ত হ’ব।

বিকল্পীধৰ্মী প্রশ্নোত্তৰ

প্রশ্ন ১। তলৰ কোনটো অংশই বিভিন্ন দূৰত্বত অৱস্থিত বস্তুৰ পৰা অহা পোহৰ অক্ষিপটত নিৱিষ্ট কৰিবলৈ প্ৰয়োজন হোৱা ফ’কাছ দৈৰ্ঘ্যৰ সূক্ষ্ম সমযোজন ঘটায়—

(a) কর্ণিয়া।

(b) চকুৰ পতা।

(c) স্ফটিকীয় লেন্‌ছ।

(d) চকুৰ মণি।

উত্তৰঃ (c) স্ফটিকীয় লেন্‌ছ।

প্রশ্ন ২। তলৰ চকুৰ কোনটো অংশই চকুত সোমোৱা পোহৰৰ পৰিমাণ নিয়মীয়া আৰু নিয়ন্ত্ৰণ কৰে–

(a) চকুৰ মণি।

(b) কর্ণিয়া।

(c) লেন্‌ছ।

(d) চিলিয়াৰী পেশী।

উত্তৰঃ (a) চকুৰ মণি।

প্রশ্ন ৩। তলৰ কোনটো অংশই চকুৰ লেন্‌ছৰ বক্রতা সলনি কৰে?

(a) কর্ণিয়া।

(b) চকুৰ পতা।

(c) চকুৰ মণি।

(d) চিলিয়াৰী পেশী।

উত্তৰঃ (d) চিলিয়াৰী পেশী।

প্রশ্ন ৪। সুস্থ চকুৰ বাবে চকুৰ নিকট বিন্দুৰ অৱস্থান চকুৰ পৰা—

(a) অসীম।

(b) 25cm

(c) 2.5cm

(d) 25m

উত্তৰঃ (b) 25cm

প্রশ্ন ৫। সুস্থ চকুৰ বাবে চকুৰ দূৰ বিন্দু থাকে চকুৰ পৰা–

(a) 25cm ত।

(b) 100 cm 3 

(c) অসীমত।

(d) 100 km ত।

উত্তৰঃ (c) অসীমত।

প্রশ্ন ৬। কোনো ব্যক্তিৰ চকুৰ দূৰ বিন্দু অসীমৰ পৰা আগবাঢ়ি চকুৰ পৰা ওচৰত অৱস্থিত হ’লে, তেওঁ ভোগা দৃষ্টিৰ বিকাৰটো হ’ব—

(a) মায় পিয়া।

(b) হাইপাৰমেট্ৰ’পিয়া।

(c) প্ৰেছবায়’পিয়া।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (a) মায় পিয়া।

প্রশ্ন ৭। কোনো ব্যক্তিৰ চকুৰ নিকট বিন্দু স্বাভাৱিক 25 cm তকৈ বেছি দূৰত্বত অৱস্থিত হ’লে, তেওঁ ভোগা দৃষ্টিৰ বিকাৰটো হ’ব—

(a) প্ৰেছবায়’পিয়া।

(b) মায় পিয়া।

(c) হাইপাৰমেট্ৰ’পিয়া।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (c) হাইপাৰমেট্ৰ’পিয়া।

প্রশ্ন ৮। বয়সৰ লগে লগে চকুৰ উপযোজন ক্ষমতা কমি যোৱাৰ ফলত সৃষ্টি হোৱা দৃষ্টিৰ বিকাৰটো হ’ল–

(a) মায়’পিয়া।

(b) প্ৰেছবায়’পিয়া।

(c) হাইপাৰমেট্ৰ’পিয়।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (b) প্ৰেছবায়’পিয়া।

প্রশ্ন ৯। প্রিজমৰ নিৰ্গত ৰশ্মিয়ে আপতিত ৰশ্মিৰ দিশৰ লগত কৰা কোণক বোলা হয়—

(a) প্রিজমৰ কোণ। 

(b) নিৰ্গত কোণ।

(c) প্রতিসৰণ কোণ। 

(d) বিচ্যুতি কোণ।

উত্তৰঃ (d) বিচ্যুতি কোণ।

প্রশ্ন ১০। প্রিজমৰ মাজেৰে পাৰ হৈ যাওঁতে সূৰ্যৰ বগা পোহৰত থকা কোনটো ৰঙৰ পোহৰ আপতিত ৰশ্মি সাপেক্ষে আটাইতকৈ কমকৈ বেঁকা হয়?

(a) নীলা।

(b) বেঙুনীয়া।

(c) ৰঙা।

(d) কমলা।

উত্তৰঃ (c) ৰঙা।

প্রশ্ন ১১। প্রিজমৰ মাজেৰে পাৰ হৈ যাওঁতে সূৰ্যৰ পোহৰত থকা তলৰ কোনটো ৰঙৰ পোহৰ আটাইতকৈ বেছিকৈ বেঁকা হয়?

(a) বেঙুনীয়া।

(b) ৰঙা।

(c) হালধীয়া।

(d) নীলা।

উত্তৰঃ (a) বেঙুনীয়া।

প্রশ্ন ১২। সূৰ্যৰ পোহৰৰ বৰ্ণালী পাবলৈ প্ৰিজমৰ ব্যৱহাৰ কৰা প্রথম বিজ্ঞানীগৰাকী আছিল—

(a) গেলিলিঅ’। 

(b) টিণ্ডেল।

(c) নিউটন।

(d) ফ্লেমিং।

উত্তৰঃ (c) নিউটন।

প্রশ্ন ১৩। বৰষুণ এজাকৰ পিছত আকাশত সৃষ্টি হোৱা ৰামধেনুৰ বাবে জড়িত পৰিঘটনাটো হ’ল-

(a) প্রতিফলন।

(b) প্রতিসৰণ।

(c) বিক্ষেপণ।

(d) বিচ্ছুৰণ।

উত্তৰঃ (d) বিচ্ছুৰণ।

প্রশ্ন ১৪। তলৰ কোনটো পৰিঘটনাৰ বাবে আমি অগ্রিম সূর্যোদয় আৰু পলম সূর্যাস্ত দেখো—

(a) প্রতিসৰণ।

(b) প্রতিফলন।

(c) বিচ্ছুৰণ।

(d) বিক্ষেপণ। 

উত্তৰঃ (a) প্রতিসৰণ।

প্রশ্ন ১৫। তলৰ কোনটো পোহৰৰ পৰিঘটনা তৰাৰ তিৰবিৰণিৰ লগত জড়িত —

(a) প্রতিফলন।

(b) বিক্ষেপণ।

(c) বিচ্ছুৰণ।

(d) প্রতিসৰণ। 

উত্তৰঃ (d) প্রতিসৰণ।

প্রশ্ন ১৬। অতি সূক্ষ্ম কণাবোৰে বিক্ষিপ্ত কৰা পোহৰৰ ৰং- 

(a) বগা।

(b) নীলা।

(c) ৰঙা।

(d) বেঙুনীয়া।

উত্তৰঃ (b) নীলা।

প্রশ্ন ১৭। মুকলি আকাশৰ নীলা ৰঙৰ বাবে দায়ী পোহৰৰ পৰিঘটনাটো হ’ল—

(a) বিচ্ছুৰণ।

(b) প্ৰতিসৰণ।

(c) বিক্ষেপণ।

(d) প্রতিফলন।

উত্তৰঃ (c) বিক্ষেপণ।

প্রশ্ন ১৮। ধূলিকণা, পানীৰ ক্ষুদ্ৰ টোপাল আদিৰ দৰে কণাই বিক্ষিপ্ত কৰা পোহৰৰ ৰং-

(a) নীলা।

(b) ৰঙা।

(c) বগা।

(d) ইয়াৰ এটাও নহয়।

উত্তৰঃ (c) বগা।

প্রশ্ন ১৯। সূর্যোদয় আৰু সূৰ্যাস্তৰ সময়ৰ সূৰ্যৰ ৰঙচুৱা বৰণৰ বাবে দায়ী পোহৰৰ পৰিঘটনাটো হ’ল—

(a) প্রতিফলন।

(b) বিচ্ছুৰণ।

(c) প্ৰতিসৰণ।

(d) বিক্ষেপণ।

উত্তৰঃ (d) বিক্ষেপণ।

প্রশ্ন ২০। চন্দ্ৰপৃষ্ঠৰ পৰা আকাশৰ ৰং-

(a) নীলা।

(b) বেঙুনীয়া।

(c) ক’লা।

(d) ৰঙা।

উত্তৰঃ (c) ক’লা।

প্রশ্ন ২১। ব্যক্তি এগৰাকীৰ চকুৰ দূৰ বিন্দু চকুৰ পৰা 1.5m আঁতৰত অৱস্থিত। তেওঁৰ দৃষ্টিৰ বিকাৰটো হ’ল—

(a) মায় পিয়া।

(b) প্ৰেছবায়’পিয়া।

(c) কেটেৰেক্ট।

(d) হাইপাৰমেট্ৰ’পিয়া।

উত্তৰঃ (a) মায় পিয়া।

প্রশ্ন ২২। ব্যক্তি এগৰাকীৰ চকুৰ নিকট বিন্দু চকুৰ পৰা 1.2m আঁতৰত অৱস্থিত। তেওঁৰ দৃষ্টিৰ বিকাৰটো—

(a) মায়’পিয়া।

(b) হাইপাৰমেট্ৰ’পিয়া। 

(c) কেটেৰেক্ট।

(d) প্ৰেছবায়’পিয়া।

উত্তৰঃ (b) হাইপাৰমেট্ৰ’পিয়া।

প্রশ্ন ২৩। চকুৰ কোনটো অংশই পোহৰক বৈদ্যুতিক সংকেতলৈ ৰূপান্তৰিত কৰে-

(a) কর্ণিয়া।

(b) নেত্র-স্নায়ু।

(c) অক্ষিপট।

(d) চিলিয়াৰী পেশী।

উত্তৰঃ (c) অক্ষিপট।

প্রশ্ন ২৪। চকুৰ কোনটো অংশই বৈদ্যুতিক সংকেতক মস্তিষ্কলৈ প্ৰেৰণা কৰে—

(a) অক্ষিপট।

(b) নেত্র-স্নায়ু।

(c) চিলিয়াৰী পেশী। 

(d) নেত্রমেদ।

উত্তৰঃ (b) নেত্র-স্নায়ু।

প্রশ্ন ২৫। বর্গা পোহৰ সাতটা উপাদানমূলক ৰঙৰ পোহৰলৈ ভাঙি যোৱা পৰিঘটনাটো হ’ল—

(a) প্ৰতিসৰণ।

(b) প্রতিফলন।

(c) বিক্ষেপণ। 

(d) বিচ্ছুৰণ।

উত্তৰঃ (d) বিচ্ছুৰণ।

প্রশ্ন ২৬। ৰামধেনু—

(a) সূৰ্যৰ একে দিশত সৃষ্টি হয়।

(b) সূৰ্যৰ বিপৰীত দিশত সৃষ্টি হয়।

(c) সূৰ্যৰ দিশৰ ওপৰত নিৰ্ভৰ নকৰে।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (b) সূৰ্যৰ বিপৰীত দিশত সৃষ্টি হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top