Class 10 Political and Economies Chapter 4 অৰ্থনৈতিক উন্নয়ন

Join Telegram channel

Class 10 Political and Economies Chapter 4 অৰ্থনৈতিক উন্নয়ন – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 10 Political and Economies Chapter 4 অৰ্থনৈতিক উন্নয়ন – সমাধান and select needs one.

Class 10 Political and Economies Chapter 4 অৰ্থনৈতিক উন্নয়ন – সমাধান

Table of Contents

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 10 Political and Economies Chapter 4 অৰ্থনৈতিক উন্নয়ন – সমাধান Solutions for All Subject, You can practice these here…

অৰ্থনৈতিক উন্নয়ন

( ECONOMIC DEVELOPMENT )

অতি চমু উত্তৰৰ প্রশ্ন :

১। ব্যাখ্যা কৰা ( এটা বাক্যত ) :

( ক ) অর্থনৈতিক বিকাশ । 

উত্তৰঃ অর্থনৈতিক বিকাশ হৈছে এটা সংখ্যাগত ধাৰণা যি এটা নির্দিষ্ট সময়ত দেশ এখনত হােৱা উৎপাদিত দ্রব্য তথা সেৱাৰ বৃদ্ধি , বিশেষকৈ জনমূৰি আয়ত হােৱা বৃদ্ধিৰ সৈতে জড়িত । 

( খ ) অর্থনৈতিক উন্নয়ন । 

উত্তৰঃ অর্থনৈতিক উন্নয়ন হৈছে এটা গুণগত ধাৰণা যিটো অর্থনৈতিক বিকাশৰ লগতে গুৰুত্বপূৰ্ণ ক্ষেত্রসমূহত সাধন হােৱা দীর্ঘম্যাদী সামাজিক তথা অর্থনৈতিক পৰিৱর্তনসমূহৰ সৈতে জড়িত । 

( গ ) মানব উন্নয়ন । 

উত্তৰঃ মানৱ উন্নয়ন মানে হ’ল অর্থনৈতিক , সামাজিক , সাংস্কৃতিক আৰু ৰাজনৈতিক পছন্দসমূহৰ দৰে জনসাধাৰণৰ সামূহিক পছন্দসমূহৰ বিস্তাৰ সাধন হােৱা । 

( ঘ ) অর্থনৈতিক পৰিকল্পনা ৷ 

উত্তৰঃ অর্থনৈতিক পৰিকল্পনা হৈছে নির্ধাৰিত সময়ৰ ভিতৰত কেতবােৰ সুনির্দিষ্ট লক্ষ্যত উপনীত হােৱাৰ উদ্দেশ্যে কেন্দ্রীয় পৰিকল্পনা কর্তৃপক্ষৰ দ্বাৰা দেশৰ অৰ্থনীতিৰ নিয়ন্ত্রণ তথা দিগ দর্শন কৰা । 

( ঙ ) গণতান্ত্রিক পৰিকল্পনা । 

উত্তৰঃ গণতান্ত্রিক পৰিকল্পনা হ’ল এনে এক পৰিকল্পনা য’ত পৰিকল্পনাৰ যুগুতকৰণৰ বিভিন্ন পর্যায়ত জনসাধাৰণে সক্রিয়ভাৱে অংশগ্রহণ কৰাৰ সুযােগ লাভ কৰে । 

( চ ) উদাৰীকৰণ । 

উত্তৰঃ উদাৰীকৰণ মানে হৈছে দেশ এখনৰ অর্থনৈতিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ শিথিলকৰণ । 

( ছ ) ব্যক্তিগতকৰণ । 

উত্তৰঃ ব্যক্তিগতকৰণ মানে হৈছে চৰকাৰী বা ৰাজহুৱা  নিয়ন্ত্রণত থকা প্রতিষ্ঠানসমূহ ব্যক্তিগত বা বেচৰকাৰী খণ্ডলৈ মুকলি কৰি দিয়া । 

( জ ) গােলকীকৰণ বা বিশ্বায়ন । 

উত্তৰঃ গােলকীকৰণ হৈছে দেশ এখনৰ অৰ্থনীতিৰ সৈতে বিশ্বৰ অন্যান্য দেশৰ অৰ্থনীতিৰ সংযােগ স্থাপন বা সংহতি সাধন কৰাৰ প্রক্রিয়া । 

চমু উত্তৰৰ প্ৰশ্ন :

২ । অর্থনৈতিক বিকাশ আৰু অর্থনৈতিক উন্নয়নৰ দুটা প্রধান পার্থক্য উল্লেখ কৰা । 

উত্তৰঃ অর্থনৈতিক বিকাশ আৰু অর্থনৈতিক উন্নয়নৰ দুটা প্রধান পার্থক্য হলঃ 

Class 10 Political Solutions
অর্থনৈতিক বিকাশ আৰু অর্থনৈতিক উন্নয়নৰ

৩। মানব উন্নয়নৰ তিনিটা সূচক কি কি ? 

উত্তৰঃ মানৱ উন্নয়ন সূচক তিনিটা হলঃ 

( ক ) প্রত্যাশিত আয়ুস ।

( খ ) শিক্ষা বা সাক্ষৰতা ।

( গ ) জীৱন ধাৰণৰ মানদণ্ড । 

৪। সমষ্টিগত পছন্দৰ বিস্তাৰ সাধন হৈছে বুলিলে কি বুজিবা ? 

উত্তৰঃ সমষ্টিগত পছন্দৰ বিস্তাৰ সাধন হৈছে মানৱ উন্নয়নৰ প্রাথমিক ভিত্তি । জনসাধাৰণৰ পছন্দ হৈছে মানৱ উন্নয়নৰ মধ্যবিন্দু । জনসাধাৰণৰ সমষ্টিগত পছন্দই অর্থনৈতিক , সামাজিক , সাংস্কৃতিক আৰু ৰাজনৈতিক পছন্দসমূহকো সামৰি লয়। জনসাধাৰণৰ সমষ্টিগত পছন্দক তিনিটা কাৰকে প্রভাৱান্বিত কৰে । এইকেইটা হলঃ 

( ক ) প্রত্যাশিত আয়ুস ।

( খ ) সাক্ষৰতা । 

( গ ) জীৱন ধাৰণৰ মানদণ্ড । 

৫। ভাৰতবৰ্ষৰ পঞ্চবার্ষিক পৰিকল্পনাৰ তিনিটা মূল লক্ষ্য উল্লেখ কৰা । 

উত্তৰঃ ভাৰতবৰ্ষৰ পঞ্চবার্ষিক পৰিকল্পনাৰ তিনিটা মূল লক্ষ্য হলঃ 

( ক ) অর্থনৈতিক উন্নয়নৰ হাৰ বৃদ্ধি কৰা । 

( খ ) নিয়োগৰ সা – সুবিধা বৃদ্ধি কৰা । 

( গ ) দৰিদ্ৰতা নির্মূল কৰা । 

( ঘ ) আঞ্চলিক বৈষম্য আঁতৰ কৰা ।

( ঙ ) আর্থ – সামাজিক বৈষম্য দূৰ কৰা । 

( চ ) পৰিৱেশৰ অনিষ্ট সাধন নকৰাকৈ বহনক্ষম অর্থনৈতিক উন্নয়ন সুনিশ্চিত কৰা । 

৬। নিটি ( NITI ) আয়ােগৰ সদস্যসকল কোন কোন ? 

উত্তৰঃ নিটি আয়ােগৰ সদস্যসকল হৈছেঃ 

( ক ) অধ্যক্ষ হিচাপে আছে ভাৰতৰ মাননীয় প্রধানমন্ত্রী । 

( খ ) প্রধানমন্ত্ৰীৰ দ্বাৰা নিযুক্ত এজন উপাধ্যক্ষ । 

( গ ) নিজৰ নিজৰ ক্ষেত্ৰত দক্ষতাসম্পন্ন তিনিগৰাকী পূর্ণকালীন সদস্য । 

( ঘ ) দুগৰাকী অংশকালীন সদস্য । 

( ঙ ) পদেন সদস্য হিচাপে নিযুক্ত সর্বোচ্চ চাৰিজন কেন্দ্রীয় মন্ত্রী ।

( চ ) মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্ত এজন ভাৰতীয় প্রশাসনিক বিষয়া । 

( ছ ) পৰিচালনা পৰিষদৰ সদস্য হিচাপে আছে প্রতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ লগতে কেন্দ্রীয় শাসিত অঞ্চলসমূহৰ উপ – ৰাজ্যপালসকল । 

দীঘল উত্তৰৰ প্রশ্ন :

৭।ভাৰতবৰ্ষৰ পৰিকল্পিত অর্থনৈতিক উন্নয়নৰ প্ৰথমছােৱা ( ১৯৫১-১৯৯১ ) আৰু দ্বিতীয়ছােৱা ( ১৯৯১ ৰপৰা বৰ্তমানলৈ ) ৰ মাজত থকা এটা মূল পার্থক্য ব্যাখ্যা কৰা । 

উত্তৰঃ ভাৰতবৰ্ষৰ পৰিকল্পিত অর্থনৈতিক উন্নয়নৰ প্রথমছােৱা ( ১৯৫১-৫২ ৰ পৰা ১৯৯০-৯১ ) ত ৰাজহুৱা বা চৰকাৰী খণ্ডই ভাৰতীয় অর্থনীতিত মুখ্য ভূমিকা পালন কৰিছিল ।

কিন্তু ভাৰতবৰ্ষৰ পৰিকল্পিত অর্থনৈতিক উন্নয়নৰ দ্বিতীয়ছােৱা ( ১৯৯১ ১২ চনৰ পৰা বৰ্তমানলৈ ) সময়ত ৰাজহুৱা খণ্ডৰ ভূমিকা যথেষ্ট পৰিমাণে হ্রাস হ’বলৈ ধৰে আৰু উদাৰীকৰণ , ব্যক্তিগতকৰণ তথা গােলকীকৰণ আদিৰ দৰে নতুন ধাৰণাসমূহে গতি লাভ কৰিবলৈ ধৰে । 

S.L. No.Contents
HISTORY (ইতিহাস)
পাঠ-1বংগ বিভাজন আৰু স্বদেশী আন্দোলন
পাঠ-2মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্রাম
পাঠ-3অসমত ব্রিটিছ বিৰােধী জাগৰণ আৰু কৃষক বিদ্রোহ
পাঠ-4ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ
পাঠ-5ভাৰত আৰু উত্তৰ – পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য
GEOGRAPHY (ভূগােল)
পাঠ-1অর্থনৈতিক ভূগােল: বিষয়বস্তু আৰু সম্পদ
পাঠ-2পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা
পাঠ-3পৃথিৱীৰ ভূগোল
পাঠ-4অসমৰ ভূগোল
POLITICAL SCIENCE AND ECONOMICS
পাঠ-1ভাৰতীয় গণতন্ত্ৰ
পাঠ-2আন্তর্জাতিক সংস্থা – ৰাষ্ট্ৰসংঘ আৰু অন্যান্য
পাঠ-3মুদ্রা আৰু বেংক ব্যৱস্থা
পাঠ-4অৰ্থনৈতিক উন্নয়ন

৮। ভাৰতবৰ্ষত অর্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ তিনিটা মূল কাৰণ চমুকৈ ব্যাখ্যা কৰা । 

উত্তৰঃ ভাৰতবৰ্ষত অর্থনৈতিক সংস্কাৰ প্রৱর্তনৰ তিনিটা প্রধান কাৰণ হৈছেঃ 

( ক ) বিত্তীয় ঘাটি :-  বিত্তীয় ঘাটি হৈছে এটা অর্থনৈতিক পৰিঘটনা যত মুঠ চৰকাৰী বা ৰাজহুৱা ব্যয়ে পুঞ্জীভূত চৰকাৰী ৰাজহ বা আয়ৰ সীমা অতিক্রম কৰি যায় । ভাৰতবৰ্ষৰ পৰিকল্পিত অর্থনৈতিক উন্নয়নৰ প্ৰথমছােৱাত ভাৰতীয় অর্থনীতিয়ে বৃহৎ বিত্তীয় ঘাটিৰ সন্মুখীন হ’বলগীয়া হৈছিল ।

এই সময়ছােৱাত ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠানসমূহৰ অৱস্থা অতি শােচনীয় হৈ পৰিছিল । প্ৰায়বােৰ উদ্যোগেই লােকচান ভৰিবলগীয়া হৈছিল । 

( খ ) মুদ্রাস্ফীতি :-  প্রাক্ – অর্থনৈতিক সংস্কাৰৰ সময়ছােৱাত ভাৰতীয় অর্থনীতি মুদ্রাস্ফীতিৰ দ্বাৰা অতি গভীৰভাৱে ক্ষতিগ্রস্ত হৈছিল । মুদ্রাস্ফীতিৰ উচ্চ হাৰে সামাজিক তথা আর্থিকভাৱে পিছপৰা সীমিত উপার্জনকাৰী লােকসকলৰ ওপৰত প্রতিকূল প্ৰভাৱ পেলাইছিল । 

( গ ) পৰিশােধেয় ধনৰ ভাৰসাম্যতা :- ৮০ ৰ দশকৰ পৰা ভাৰতৰ বৈদেশিক বাণিজ্যৰ ক্ষেত্ৰত পৰিশােধেয় ধনৰ ভাৰসাম্যতাত ব্যাঘাত জন্মিছিল । ভাৰতীয় অর্থনীতিৰ পৰা মূলধনৰ বহিৰ্গম বৃদ্ধি পােৱাৰ বিপৰীতে ভাৰতীয় অর্থনীতিলৈ বিদেশৰ পৰা অহা মূলধনৰ পৰিমাণ কমি গৈছিল ।

মূলধনৰ প্ৰৱাহৰ ক্ষেত্ৰত দেখা দিয়া এনে ভাৰসাম্যতাহীনতাই ভাৰতৰ বৈদেশিক বাণিজ্য ঘাটিৰ পৰিমাণ উদ্বেগজনকভাৱে বৃদ্ধি কৰিছিল । 

এনে ধৰণৰ অৱস্থাৰ পৰিপ্ৰেক্ষিতত বিশ্ববেংকে ভাৰত চৰকাৰক ভাৰতীয় অর্থনীতিত গাঁথনিমূলক পৰিৱৰ্তন সাধন কৰাৰ বাবে পৰামৰ্শ আগবঢ়ায় ।

৯। অর্থনৈতিক সংস্কাৰৰ তিনিটা সুফল উল্লেখ কৰা । 

উত্তৰঃ ভাৰতত অর্থনৈতিক সংস্কাৰৰ তিনিটা সুফল হৈছেঃ 

( ক ) বর্ধিত অর্থনৈতিক উন্নয়নৰ হাৰ :- অর্থনৈতিক সংস্কাৰৰ প্রৱর্তনৰ পূর্বে ভাৰতৰ অর্থনৈতিক উন্নয়নৰ বার্ষিক হাৰ আছিল ৩,৫ শতাংশ । কিন্তু নতুন সংস্কাৰৰ প্রৱর্তনৰ পিছত অর্থনৈতিক বার্ষিক উন্নয়নৰ হাৰ ২০০৫-২০০৮বর্ষত ৯ শতাংশ আৰু ২০০৯-২০১৪ বৰ্ষত প্রায় ৭ শতাংশলৈ বৃদ্ধি হয় । 

( খ ) পাইকাৰী মূল্যসূচীৰ হ্রাসীকৰণ :- অর্থনৈতিক সংস্কাৰােত্তৰ সময়ছােৱাত পাইকাৰী মূল্যসূচী হ্রাস হৈছে । অৱশ্যে খুচুৰা মূল্যসূচী একে হাৰত হ্রাস হােৱা নাই । 

( গ ) বৈদেশিক বিনিময়যােগ্য মুদ্ৰাৰ পৰিমাণত হােৱা বৃদ্ধি :- ভাৰতত ১৯৯০-৯১ বৰ্ষত ৰিজাৰ্ভ বেংকত জমা থকা বৈদেশিক বিনিময়যােগ্য মুদ্ৰাৰ পৰিমাণ তেনেই কম আছিল যাৰ দ্বাৰা কেৱল ১৫ দিনৰ আমদানি কার্যহে সম্পাদন কৰা সম্ভৱ আছিল । কিন্তু ২০১৫ চনৰ মাৰ্চত এই পৰিমাণ বৃদ্ধি হৈ ৩২৮,৭ বিলিয়ন ডলাৰ হৈছে , যিয়ে পৰৱর্তী ৭ মাহৰ আমদানিৰ মূল্য সামৰি লৈছে । এইদৰে অর্থনৈতিক সংস্কাৰ প্রৱর্তনৰ পিছত ভাৰতৰ বৈদেশিক বিনিময়যােগ্য মুদ্ৰাৰ পৰিমাণ যথেষ্ট বৃদ্ধি হৈছে ।

১০। অর্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ ফলত সৃষ্টি হােৱা দুটা অসুবিধা চমুকৈ ব্যাখ্যা কৰা । 

উত্তৰঃ ভাৰতত অর্থনৈতিক সংস্কাৰ প্ৰৱর্তনৰ ফলত সৃষ্টি হােৱা অসুবিধাসমূহ হৈছেঃ 

( ক ) সীমিত ক্রয় ক্ষমতা :- অর্থনৈতিক সংস্কাৰৰ ফলস্বৰূপে প্রতিযােগিতাৰ প্ৰসাৰ আৰু তীব্রতা দুয়ােটাই বুজন পৰিমাণে বৃদ্ধি পাইছে । কিন্তু ক্রয় ক্ষমতাৰ নাটনিৰ বাবে সাধাৰণ জনগণই এইধৰণৰ সুবিধাসমূহ গ্ৰহণ কৰিব নােৱাৰে । 

( খ ) অত্যধিক ভােগবাদী আসক্তি :- অত্যধিক ভােগবাদী আসক্তি বৃদ্ধি হােৱাৰ ফলত সামাজিক প্ৰমূল্যসমূহৰ প্ৰতি ভাবুকি সৃষ্টি হয় কিয়নাে মুদ্রা বা ধনে প্রভাৱকাৰী ভূমিকা পালন কৰাৰ লগে লগে নৈতিকতাৰ অৱক্ষয় হ’বলৈ ধৰে । 

( গ ) গােলকীকৰণৰ ব্যৱস্থাপনা :- যােৱা কেইবছৰত গােলকীকৰণৰ ব্যৱস্থাপনাৰ প্ৰয়ােজন অনুভৱ কৰা হৈছে । কোনো ধৰণৰ পৰিস্থিতিতেই গােলকীকৰণ আৰু জাতীয় স্বার্থৰ পাৰস্পৰিক সংঘর্ষ হ’ব নালাগিব । 

( ঘ ) সু-প্রশাসনৰপ্ৰয়ােজন :- অর্থনৈতিক সংস্কাৰৰ সুবিধা বা লাভালাভসমূহে সমাজৰ দুর্বল শ্রেণীটোক ঢুকি পাব পাৰে যেতিয়া দেশত এক সুপ্রশাসন ব্যৱস্থা বহাল থাকে । অন্যথা দেশৰ দৰিদ্ৰ তথা দুর্বল শ্রেণীটো বজাৰকেন্দ্রিক অর্থনীতিৰ পৰা বঞ্চিত হৈ থাকিব । 

১১। অসমৰ চলিত পঞ্চবার্ষিক পৰিকল্পনাৰ ছটা প্রধান লক্ষ্য উল্লেখ কৰা ।

উত্তৰঃ অসমৰ চলিত পঞ্চবার্ষিক পৰিকল্পনাৰ প্ৰধান লক্ষ্যসমূহ হলঃ 

( ক ) শ্রেষ্ঠ ভাৰতীয় ৰাজ্যসমূহৰ অর্থনীতি আৰু অসমৰ অৰ্থনীতিৰ মাজত থকা ব্যৱধান আঁতৰ কৰিব পৰাকৈ অহা দুই তিনিটা দশৰ ভিতৰত ৰাজ্যখনৰ বাৰ্ষিক অর্থনৈতিক উন্নয়নৰ হাৰ ত্বৰান্বিত কৰা ।

( খ ) দৰিদ্ৰতা নিমূলকৰণৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰা । 

( গ ) শেহতীয়া প্ৰযুক্তিবিদ্যা আৰু বিজ্ঞানসন্মত ব্যৱস্থাপনাৰ জৰিয়তে বানপানী আৰু গৰাখহনীয়াৰ সমস্যা সমাধান কৰা ।

( ঘ ) কৃষিখণ্ডৰ বার্ষিক উন্নয়নৰ হাৰ ৬ শতাংশৰ পৰা ৮ শতাংশলৈ বৃদ্ধি কৰা । 

( ঙ ) শক্তি উৎপাদনত আত্মনিৰ্ভৰশীলতা অর্জনৰ লগতে শক্তি পৰিবহণ তথা বিতৰণৰ ক্ষেত্ৰত আধুনিক প্রযুক্তিবিদ্যাৰ প্রয়ােগ কৰা । 

( চ ) স্বাস্থ্য তথা শিক্ষা খণ্ডত বিনিয়ােগৰ পৰিমাণ বৃদ্ধি কৰাৰ দ্বাৰা অসমৰ মানৱ উন্নয়নৰ সূচাংকৰ মান বৃদ্ধি কৰা ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top