Class 10 Political and Economies Chapter 3 মুদ্রা আৰু বেংক ব্যৱস্থা

Class 10 Political and Economies Chapter 3 মুদ্রা আৰু বেংক ব্যৱস্থা – সমাধান answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 10 Political and Economies Chapter 3 মুদ্রা আৰু বেংক ব্যৱস্থা – সমাধান and select needs one.

Class 10 Political and Economies Chapter 3 মুদ্রা আৰু বেংক ব্যৱস্থা – সমাধান

Join Telegram channel

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 10 Political and Economies Chapter 3 মুদ্রা আৰু বেংক ব্যৱস্থা – সমাধান Solutions for All Subject, You can practice these here.

মুদ্রা আৰু বেংক ব্যৱস্থা

( MONEY AND BANKING )

তৃতীয় খণ্ড

ADDITIONAL QUESTIONS ANSWER

Short Types Questions Answer

প্রশ্ন ১। ‘Every time you spend money. You’re casting a vote for the kind of world you want. ” – কথাষাৰ কোনে কৈছিল? 

উত্তৰঃ Anna Lappe (আন্না লোপি)।

প্রশ্ন ২। “পৰম্পৰাগত বিনিময় প্রথা একেশ শতিকাৰ আধুনিক যুগতো অব্যাহত আছে।”- – এটা উদাহৰণ দিয়া।

উত্তৰঃ জোনবিল মেলা।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

প্রশ্ন ৩। মূল্য মানে কি?

উত্তৰঃ মূল্য বুলিলে সা-সামগ্ৰীৰ দামকেই বুজায়।

প্রশ্ন ৪। মুদ্ৰাৰ বৈশিষ্ট্যসমূহৰ ভিতৰত সকলোতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যটো কি?

উত্তৰঃ মুদ্ৰাৰ সাধাৰণ গ্রহণযোগ্যতা থাকিব লাগিব।

প্রশ্ন ৫। দুটা হিচাপ-নিকাচৰ মুদ্ৰাৰ নাম লিখা। 

উত্তৰঃ টকা’ আৰু ‘ডলাৰ’।

প্রশ্ন ৬। ভাৰতবৰ্ষৰ মান মুদ্রা কি?

উত্তৰঃ টকা।

প্রশ্ন ৭। ভাৰতবৰ্ষৰ হিচাপৰ মুদ্রা কি?

উত্তৰঃ টকা।

প্রশ্ন ৮। আমেৰিকা যুক্তৰাষ্ট্ৰৰ হিচাপৰ মুদ্ৰা কি?

উত্তৰঃ ডলাৰ।

প্রশ্ন ৯। প্রকৃত মুদ্ৰাৰ দুটা প্ৰকাৰ লিখা।

উত্তৰঃ সামগ্ৰী মুদ্ৰা আৰু জন্তু মুদ্ৰা।

প্রশ্ন ১০। প্রদর্শিত মূল্য কি?

উত্তৰঃ মুদ্ৰাৰ ওপৰত যিটো সংখ্যা লিখা থাকে সেইটো হ’ল প্ৰদৰ্শিত মুদ্রা।

অতি চমু উত্তৰৰ প্রশ্ন :

১। বিনিময় প্রথা কি ? 

উত্তৰঃ বিনিময় প্রথা হৈছে এনে এক ব্যৱস্থা যত মুদ্ৰাৰ ব্যৱহাৰ নকৰাকৈ সামগ্ৰীৰ বিপৰীতে সামগ্রী প্রত্যক্ষ বিনিময় কৰা হয়। 

২। মুদ্রা কি ? 

উত্তৰঃ বিনিময়ৰ মাধ্যম হিচাপে সাধাৰণ গ্রহণযােগ্যতা থকা, সামগ্ৰীৰ মূল্যৰ মাপকাঠী আৰু মূল্যৰ ভাণ্ডাৰ হিচাপে কার্য সম্পাদন কৰা যিকোনাে সামগ্রীয়েই  হৈছে মুদ্রা।

৩। মুদ্ৰাৰ এটা মুখ্য কার্য উল্লেখ কৰা ৷ 

উত্তৰঃ মুদ্ৰাৰ এটা মুখ্য কার্য হ’ল মুদ্ৰাই বিনিময়ৰ মাধ্যম হিচাপে সেৱা আগবঢ়ায়। 

৪। অবিহিত মুদ্ৰাৰ এটা উদাহৰণ দিয়া। 

উত্তৰঃ অবিহিত মুদ্ৰাৰ এটা উদাহৰণ হ’ল চেক মুদ্রা। 

৫। প্রতিনিধিত্বমূলক কাগজী মুদ্রা কি ? 

উত্তৰঃ কাগজী মুদ্রাই যেতিয়া প্রতীকী মুদ্রাক সূচায় যাক সমমূল্যৰ সােণ বা ৰূপলৈ সম্পূৰ্ণ ৰূপে পৰিৱৰ্তিত কৰিব পাৰি তাক প্রতিনিধিত্বমূলক কাগজী মুদ্ৰা বোলে। 

৬। বেংক কি ? 

উত্তৰঃ বেংক হ’ল বিত্তীয় অনুষ্ঠান যি সঞ্চয় গ্রহণ কৰে আৰু ঋণ প্রদান কৰে। 

৭। ভাৰতীয় ৰিজাৰ্ভ বেংক কোন চনত স্থাপিত হৈছিল ? 

উত্তৰঃ ভাৰতীয় ৰিজাৰ্ভ বেংক ১৯৩৫ চনত স্থাপিত হৈছিল । 

৮। চলিত আমানত কি ? 

উত্তৰঃ চলিত আমানত হৈছে এনে একধৰণৰ আমানত ব্যৱস্থা য’ত সঞ্চয়কাৰীয়ে বা আমানতকাৰিয়ে যিকোনাে সময়তে নিজৰ জমা ধন উলিয়াই আনিব পাৰে।

চমু উত্তৰৰ প্রশ্ন:

১। সংগতিবিহীন অভাৱে বিনিময় প্রথাত কিদৰে সমস্যাৰ সৃষ্টি কৰে ? 

উত্তৰঃ বিনিময় প্রথা অভাৱৰ দ্বৈত সংগতিৰ ওপৰত নিৰ্ভৰ কৰে। অভাৱৰ সংগতি নাথাকিলে বিনিময় প্রথা ভাঙি পৰে। উদাহৰণস্বৰূপে , ধৰা হ’ল ‘ক’ আৰু ‘খ’ য়ে পৰস্পৰৰ মাজত বিনিময় কৰিব বিচাৰে , তেন্তে ‘ ‘খ’ ই বিচৰা বস্তুটো ‘ক’ ৰ ওচৰত থাকিবই লাগিব আৰু একে সময়তে ‘ক’ ই বিচৰা বস্তুটোও ‘খ’ ৰ ওচৰত থাকিব লাগিব। যদি ‘ক’ আৰু ‘খ’ ই এই চর্ত পূৰণ কৰিব পাৰিব লাগিব অর্থাৎ দুয়োৰে অভাৱৰ সংগতি থাকিলেহে বিনিময় সম্ভৱ হ’ব।

২। মূল্যভাণ্ডাৰ বুলিলে কি বুজা ? 

উত্তৰঃ মূল্যৰ ভাণ্ডাৰ বুলিলে মুদ্ৰাক অৰ্থাৎ মুদ্ৰাৰ কাৰ্যক বুজায় যিয়ে মুদ্ৰাৰ মাধ্যমত সামগ্ৰীবোৰ সঞ্চয় কৰি ৰাখিব পাৰে লগতে পৰৱৰ্তী সময়ত প্রয়ােজন অনুসৰি সামগ্রী ক্রয় কৰোঁতে ইয়াক ব্যৱহাৰােপযােগী কৰি তােলে। 

৩। মুদ্ৰাৰ কোনটো বৈশিষ্ট্য সবাতােকৈ গুৰুত্বপূৰ্ণ আৰু কিয় ? 

উত্তৰঃ মুদ্ৰাৰ সাধাৰণ গ্রহণযোগ্যতা হৈছে মুদ্ৰাৰ সবাতােকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। কিয়নাে বিনিময়ৰ মাধ্যম হিচাপে সেৱা আগবঢ়োৱা যিকোনাে সামগ্ৰীৰে সাধাৰণ গ্রহণযােগ্যতা থাকিব লাগিব। এই বৈশিষ্ট্যৰ অবিহনে মুদ্রা বিনিমুয়ৰ মাধ্যম হ’ব নােৱাৰে। 

৪। মুদ্ৰাৰ তাৰল্য গুণ কি ? 

উত্তৰঃ যিকোনাে মুদ্ৰাক সমমূল্যৰ সা-সামগ্রীলৈ তৎক্ষণাত আৰু প্ৰত্যক্ষভাৱে ৰূপান্তৰ কৰিব পৰা গুণটোক মুদ্ৰাৰ তাৰল্য গুণ’ বুলি কোৱা হয়। মুদ্রাক সকলােতকৈ তাৰল্য গুণসম্পন্ন সম্পত্তি হিচাপে গণ্য কৰা হয় কিয়নাে ইয়াক সহজে অন্য সম্পদলৈ ৰূপান্তৰিত কৰিব পৰা যায়। মুদ্ৰাৰ উপৰি এনেধৰণৰ অন্যান্য সম্পদসমূহ হৈছে সােণ , ৰূপ , ভূমি আদি। 

৫। “মুদ্রা সা – সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠী ” — ব্যাখ্যা কৰা। 

উত্তৰঃ আমি জানাে যে সকলােবােৰ আর্থিক সামগ্ৰীৰে মূল্য আছে। মুদ্ৰাৰে সকলো বস্তু ক্ৰয় কৰিব পাৰি। কোনাে এটা বস্তু ক্ৰয় কৰাৰ বাবে যি পৰিমাণৰ মুদ্রা প্রদান কৰিব লাগে তাকে বস্তুটোৰ ‘দাম’ বুলি কোৱা হয়। যিহেতু মুদ্ৰা হৈছে সামগ্ৰীৰ উমৈহতীয়া মাপকাঠী সেয়েহে ইয়াৰ দ্বাৰা যিকোনাে সেৱা বা সা – সামগ্ৰীৰ মূল্য নির্ধাৰণ কৰাটো অতি সহজ হৈ পৰে। গতিকে , এইটোৱে শুদ্ধকৈ ব্যক্ত কৰিছে যে “ মুদ্ৰা হৈছে সা – সামগ্রী তথা সেৱাসমূহৰ মূল্যৰ উমৈহতীয়া মাপকাঠী ”। 

৬। সসীম বিহিত মুদ্রা আৰু অসীম বিহিত মুদ্রা পার্থক্য কি ? 

উত্তৰঃ সসীম বিহিত মুদ্রা আৰু অসীম বিহিত মুদ্ৰাৰ পাৰ্থক্য হলঃ 

ক্ৰমিক নংপার্থক্যৰ ভিত্তিসসীম বিহিত মুদ্ৰাঅসীম বিহিত মুদ্ৰা
(a)অৰ্থবিহিত মুদ্ৰাৰ এটা ৰূপ যাৰ দ্বাৰা সীমিত মূল্যৰ লেনদেনহে সম্পন্ন কৰিব পাৰিব।বিহিত মুদ্ৰাৰ অন্য এটা ৰূপ যাৰ দ্বাৰা যিকোনো মূল্যৰ বা অসীম মূল্যৰ লেনদেন সম্পূৰ্ণ কৰিব নোৱাৰি।
(b)উদাহৰণঅধিক মূল্যৰ লেনদেনৰ বাবে ধাতু মুদ্ৰা বা কম মূল্যৰ কাগজী মুদ্ৰাৰ ব্যৱহাৰ কৰিব নোৱাৰি, অৰ্থাৎ কম মূল্যৰ কাগজী মুদ্ৰা বা ধাতু মুদ্ৰা হৈছে সসীম বিহিত মুদ্ৰা।অধিক মূল্যৰ কাগজী মুদ্ৰা।

৭। আঞ্চলিক গ্রাম্য বেংকে কি কার্য সম্পাদন কৰে ? 

উত্তৰঃ আঞ্চলিক গ্রাম্য বেংকে সম্পাদন কৰা কাৰ্যসমূহ হলঃ 

( ক ) কম সুতৰ হাৰত গাঁওবাসীসকললৈ ঋণ প্রদান কৰি তেওঁলােকক ব্যক্তিগত ঋণদাতা মহাজন সকলৰ দ্বাৰা দাবী কৰা উচ্চ পৰিমাণৰ সুতৰ হাৰৰ পৰা সকাহ দিয়া। আৰু 

( খ ) গ্রাম্য সঞ্চয় সংগ্রহ কৰি বিভিন্ন উৎপাদনমূলক কার্যত ব্যৱহাৰ কৰা।

৮। অনা – বেংক প্রতিষ্ঠানসমূহ বেংকতকৈ কি অর্থত বেলেগে? 

উত্তৰঃ নিম্নোল্লিখিত দিশসমূহৰ ক্ষেত্ৰত অনা – বেংক প্রতিষ্ঠানসমূহ বেংকতকৈ পৃথক:

ক্ৰমিক নংপার্থক্যৰ ভিত্তিঅনা-বেংক প্ৰতিষ্ঠানবেংক
(a)জমাধন  উলিওৱা পদ্ধতিচেকৰ দ্বাৰা সঞ্চয়কাৰীয়ে আমানত ধন উলিয়াই নিব নোৱাৰে।সঞ্চয়কাৰীয়ে চেকৰ দ্বাৰা আমানত ধন উলিয়াব পাৰে।
(b)বীমাকৰণ বা ক্ষতিপূৰণৰ পৰিসৰসঞ্চয়কাৰীৰ বাবে কোনো ধৰণৰ সঞ্চয় বীমা আঁচনি নাথাকে।সঞ্চয়কাৰীৰ বাবে সঞ্চয় বীমা আঁচনিৰ ব্যৱস্থা থাকে।

দীঘল উত্তৰৰ প্ৰশ্ন:

১। বিনিময় প্রথাৰ চাৰিটা অসুবিধা ব্যাখ্যা কৰা। 

উত্তৰঃ বিনিময়ৰ প্ৰথাৰ চাৰিটা অসুবিধা হৈছেঃ 

(ক ) সংগতিবিহীন অভাৱ :- বিনিময় প্রথা সাধাৰণতে অভাৱৰ সংগতিৰ ওপৰত নিৰ্ভৰ কৰে। বিনিময় কার্য সম্পাদন কৰিব হলে ব্যক্তি দুজনৰ হাতত থকা সামগ্রীসমূহ অর্থাৎ দুজন ব্যক্তিয়ে আগবঢ়োৱা বস্তু দুবিধ পৰস্পৰৰ বাবে গ্রহণযােগ্য হ’ব লাগিব। যদিহে এই চর্ত পূৰণ কৰিব নোৱাৰে তেন্তে বিনিময় প্রথা সম্ভৱ নহয়। 

( খ ) হিচাপ – নিকাচৰ উমৈহতীয় একক অভাৱ :- বিনিময় প্রথাত দ্ৰব্যৰ মূল্যাংকনৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হয়। সকলাে সামগ্ৰীৰ মূল্য অন্য সামগ্ৰীৰ দ্বাৰা নিৰ্ধাৰণ বা প্রকাশ কৰিব লাগিব , ফলস্বৰূপে প্ৰতিটো সামগ্ৰীৰ বিপৰীতে অন্য সামগ্রীৰ বিনিময় হাৰ ভিন্ন হয়। এনে অৱস্থাত সকলাে সামগ্রীক এটা সাধাৰণ মূল্যমানেৰে প্ৰকাশ কৰাটো অসম্ভৱ হৈ পৰে।

( গ ) বিনিময়যােগ্য সামগ্ৰীৰ অবিভাজ্যতা :- সামগ্ৰীসমূহৰ অবিভাজ্যতাই বিনিময় প্রথাৰ সমস্যাৰ সৃষ্টিকৰে আৰু বিনিময় প্রথা সম্পন্ন কৰাটো অসম্ভৱ হৈ উঠে। উদাহৰণস্বৰূপে – হাতী এটাৰ দৰে ডাঙৰ বস্তু এটা আপেলৰ দৰে সৰু বস্তু এটাৰ সৈতে বিনিময় কৰিবলৈ বিচাৰিলে যথেষ্ট অসুবিধাৰ সৃষ্টি হ’ব কাৰণ হাতীটোক সৰু সৰু অংশত বিভাজিত কৰি বিনিময় কার্য সম্পাদন কৰাটো সম্ভৱ নহয়। 

( ঘ ) সঞ্চয় তথা মূল্য ভাণ্ডাৰৰ অভাৱ :- মূল্য বুলিলে সা-সামগ্ৰীৰ মূল্য বুজিব লাগিব। বিনিময় প্রথাত মূল্যৰ ৰূপত সামগ্ৰীৰ ভাণ্ডাৰ সঞ্চয় কৰিব লাগিব। কিন্তু সামগ্ৰীৰ ৰূপত মূল্যৰ ভাণ্ডাৰ সঞ্চয় কৰিলে নির্দিষ্ট কিছুমান সমস্যাৰ সৃষ্টি হ’ব, যেনেঃ মাছ, গাখীৰ আদি বেছি দিন সাঁচি ৰাখিব নােৱাৰি কাৰণ সেইবােৰ সােনকালে নষ্ট হৈ যায়। সঞ্চয়ৰ অসুবিধা বিনিময় প্রথাৰ এটা প্রধান সমস্যা আছিল। বৰ্তমান মুদ্রা হ’ল সা-সামগ্ৰীৰ মূল্যৰ ভাণ্ডাৰ।

২। মুদ্ৰাৰ যিকোনাে চাৰিটা প্রধান বৈশিষ্ট্য ব্যাখ্যা কৰা।

উত্তৰঃ মুদ্ৰাৰ প্রধান চাৰিটা বৈশিষ্ট্যসমূহ হ’ল-

( ক ) সাধাৰণ গ্রহণযােগ্যতা :- বিনিময়ৰ মাধ্যম হিচাপে সেৱা আগবঢ়াবলৈ হ’লে মুদ্রা সর্বসাধাৰণ লােকৰ দ্বাৰা গ্রহণযােগ্য হােৱাটো অতি প্রয়ােজনীয়। মুদ্ৰাৰ সাধাৰণ গ্রহণযােগ্যতা নাথাকিলে মুদ্ৰা বিনিময়ৰ মাধ্যম হব  নােৱাৰিব।  

( খ ) মুদ্ৰাৰ সহজ চিনাক্তকৰণ :- মুদ্ৰাৰ চিনাক্তকৰণ সহজ হ’ব লাগিব। আন সকলোবোৰ সামগ্ৰীতকৈ ই বেলেগ হ’ব লাগিব। মুদ্ৰাৰ চিনাক্তকৰণ নহ’লে সামগ্ৰী বেচা-কিনাৰ সময়ত জটিলতাই দেখা দিব। 

( গ ) দীর্ঘস্থায়িত্ব :- মুদ্ৰাৰ দীর্ঘস্থায়িত্বতা মানে মুদ্ৰা সহজেই নষ্ট হৈ যোৱা সামগ্ৰী হ’ব নোৱাৰে । মুদ্ৰা সঞ্চয়ৰ ভাণ্ডাৰ হ’ব লাগিব। মাছ,কণী, গাখীৰ,ইত্যাদিৰ কোনোটোৱেই মুদ্ৰা হব নোৱাৰে ǀ কাৰণ এইবোৰ সামগ্ৰী বেছি দিন নিটিকে।

( ঘ ) সাদৃশ্যতা :- মুদ্রা প্রকৃততে পূর্ণ সাদৃশযুক্ত। সহজ অর্থত ক’বলৈ গ’লে , সদৃশ পৰিমাণৰ মুদ্ৰা সকলাে দিশৰ পৰা অবিকল একে হ’ব লাগিব অর্থাৎ আকাৰ , আকৃতি , কাগজৰ গুণাগুণ আদি সকলাে দিশ একে হব লাগিব। 

৩। মুদ্রাই সম্পাদন কৰা চাৰিটা প্রধান কার্য ব্যাখ্যা কৰা ৷ 

উত্তৰঃ মুদ্রাই সম্পাদন কৰা চাৰিটা প্রধান কার্য হ’ল:

(ক) বিনিময়ৰ মাধ্যম :- মুদ্ৰাৰ প্রধান কার্য হ’ল যে ই বিনিময়ৰ মাধ্যম হিচাপে সেৱা আগবঢ়ায়। সকলাে সামগ্ৰী আৰু সেৱাকাৰ্যৰ বিনিময়ৰ মাধ্যম হিচাপে মুদ্ৰাৰ ব্যৱহাৰ কৰা হয়। মুদ্ৰাৰ সাধাৰণ গ্রহণযােগ্যতা থকাৰ বাবে ইয়াৰ সহায়ত সকলাে ধৰণৰ সেৱা আৰু সা – সামগ্ৰীৰ বিনিময় সম্ভৱ হৈছে। 

(খ) মূল্যৰ মাপকাঠী :- মুদ্রাই সকলােধৰণৰ সা – সামগ্রী তথা সেৱাৰ মূল্য নির্ধাৰণৰ ক্ষেত্ৰত মূল্যৰ মাপকাঠী হিচাপে কাম কৰে। মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা সামগ্ৰীটোৰ বিনিময় মূল্যই হ’ল সামগ্ৰীটোৰ দাম। মুদ্ৰা হৈছে হিচাপ বা সামগ্রীৰ মূল্যৰ উমৈহতীয়া একক যাৰ দ্বাৰা সকলােবােৰ আর্থিক সামগ্রী আৰু সেৱাৰ মূল্য নিৰূপণ কৰা হয়। সেইবাবে মুদ্রাই মূল্যৰ মাপকাঠী।

(গ) মূল্যৰ ভাণ্ডাৰ :- মুদ্রা হ’ল মূল্যৰ ভাণ্ডাৰ আৰু ইয়াক ভৱিষ্যতৰ বাবে সাঁচি ৰাখিব পাৰি। ই অতি দীর্ঘস্থায়ী আৰু ইয়াক যিকোনাে সময়তে প্রয়ােজন অনুসৰি যিকোনাে সেৱা বা সা – সামগ্রীলৈ পৰিৱৰ্তিত কৰিব পাৰি ৷ মুদ্ৰাৰ স্থায়ীত্ব গুণ অধিক আৰু মুদ্রাক সঞ্চয় কৰি ৰখাটোও সহজ। 

(ঘ) স্থগিত দেনা – পাওনাৰ মানদণ্ড :- ঋণ গ্রহণ, ঋণ প্রদান আদি সকলাে স্থগিত লেন-দেনৰ মাধ্যম হিচাপে কার্য কৰে। যেতিয়া মুদ্ৰাক সাধাৰণভাৱে বিনিময়ৰ মাধ্যম তথা মূল্যৰ একক হিচাপে গ্ৰহণ কৰি লােৱা হয় , তেতিয়াই ই স্বতঃস্ফুর্তভাৱে স্থগিত বা ভৱিষ্যৎ দেনা – পাওনাৰ হিচাপৰ এককত -পৰিণত হয়। 

৪। চেক এখন মুদ্রা নে ? তােমাৰ উত্তৰৰ সপক্ষে যুক্তি দর্শোৱা। 

উত্তৰঃ প্রকৃত অৰ্থত চেক এখনক মুদ্ৰা বুলি ক’ব নোৱাৰি। তলত উল্লেখ কৰা কাৰণসমূহৰ বাবে চেক এখনক মুদ্রা হিচাপে বিৱেচনা কৰা নহয়:

( ক ) মুদ্ৰাৰ দৰে চেক এখনৰ সাধাৰণ গ্রহণযোগ্যতা নাথাকে। কোনো ব্যক্তিয়ে চেক গ্ৰহণ নকৰিলে তেওঁৰ বিৰুদ্ধে কোনো আইনগত ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰি।

( খ ) চেক খনক সাধাৰণতেন নিকটমুদ্ৰা অৰ্থাৎ ধনাদেশ বুলিব পাৰি। সেইখন বেংকত দিয়াৰ পিছতহে ধন হাতলৈ আহে।

( গ ) চেক এখনক তৎক্ষণাত মুদ্ৰালৈ ৰূপান্তৰিত কৰিব নােৱাৰি অর্থাৎ, মুদ্ৰাৰ তাৰল্য গুণতকৈ চেকৰ তাৰল্য গুণ কম।

( ঘ ) চেক এখন সহজে চিনাক্তকৰণ কৰিব নােৱাৰি। যদিহে চেক এখন বেংকৰ দৃষ্টিত মূল্যহীন হৈ পৰে তেন্তে লেনদেন প্রক্রিয়াত সমস্যা হ’ব পাৰে। 

( ঙ ) চেক সহজবােধগম্য নহয়। এক নির্দিষ্ট সময়লৈকেহে চেক এখনৰ বৈধতা থাকে। চেক বাউন্স হ’লে লেনদেনত সমস্যাৰ উদ্ভৱ হয়। 

৫। মুদ্রাই সৃষ্টি কৰিব পৰা চাৰিটা প্রধান অসুবিধা ব্যাখ্যা কৰা। 

উত্তৰঃ মুদ্ৰাই সৃষ্টি কৰিব পৰা যিকোনো চাৰিটা প্ৰধান অসুবিধা হৈছে-

( ক ) মুদ্ৰাৰ মূল্য হ্রাস হােৱা : মুদ্ৰাৰ মূল্যৰ স্থিৰতা নাথাকিলে কেতবোৰ সমস্যাৰ সৃষ্টি হয়। মুদ্ৰাৰ মূল্য অৱিৰত ভাৱে কমি গলে মানুহৰ অসুবিধা হয় কাৰণ একেখিনি সামগ্রী কিনিবলৈ ক্ৰমাৎ অধিক ব্যয় কৰিব লগীয়া হয়। 

( খ ) সম্পদ একত্রীকৰণৰ আহিলা :- মুদ্রা – সর্বস্ব অর্থনীতিত মুদ্রাই প্ৰায় কেইগৰাকীমান ব্যক্তি অথবা ব্যক্তি গােটৰ হাতত অর্থনৈতিক ক্ষমতা তথা সম্পদ একত্রীকৰণৰ পথ প্রশস্ত কৰি তােলে। মুদ্ৰা সৰ্বস্ৱ অৰ্থনীতিত মুদ্ৰা অনৈতিক ক্ষমতা আহৰণৰ উপায় হৈ পৰে।

( গ ) সামাজিক ব্যাধিক উৎসাহিত কৰে :- বর্তমান সময়ত সমাজক প্ৰভাৱিত কৰা বহুতাে সামাজিক ব্যাধিসমূহৰ মূল হৈছে মুদ্ৰাৰ অপব্যৱহাৰ। ৰাজনৈতিক ক্ষেত্ৰত হােৱা ধনৰ ক্ষমতাৰ অপব্যৱহাৰ , উৎকোচ , দুর্নীতি আদিৰ লগতে অর্থনৈতিক প্রবঞ্চনা , বেংক ঠগবাজী আদি মুদ্ৰাৰ প্ৰতি থকা দুৰ্বলতাই সামাজিক মূল্য়বোধকৰ অৱক্ষয়ৰ কাৰণ হ’ব পাৰে।

( ঘ ) ক’লা ধন বা মুদ্রা :- মুদ্ৰাৰপৰা ক’লা মুদ্ৰাৰ সৃষ্টি হয়। অর্থনৈতিক অপৰাধসমূহৰ ফলত ক’লা মুদ্ৰাৰ সৃষ্টি হয়। ইয়াৰ জৰিয়তে বজাৰত সৃষ্টি হােৱা হিচাপ বহির্ভূত বিশাল পৰিমাণৰ ধনে দেশত মুদ্রাস্ফীতিৰ সৃষ্টি কৰে। 

৬। কেন্দ্রীয় বেংকৰ চাৰিটা প্রধান কার্য ব্যাখ্যা কৰা। 

উত্তৰঃ ভাৰতৰ কেন্দ্ৰীয় বেংকটো হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংক। 

কেন্দ্রীয় বেংকৰ চাৰিটা প্রধান কার্য হৈছেঃ 

( ক ) মুদ্রা জাৰি কৰে :- কেন্দ্ৰীয় বেংকে কাগজী মুদ্ৰা ছপা কৰে কেন্দ্ৰীয় বেংকৰ এইটো একচেটীয়া অধিকাৰ। বাকী কোনো বেংকৰ এই অধিকাৰটো নাই।

( খ ) কেন্দ্ৰীয় বেংকে বেংকসমূহৰ বেংক হিচাপে কাৰ্য সম্পাদন কৰে :- কেন্দ্ৰীয় বেংকে বেংকসমূহৰ বেংক হিচাপে কাম কৰে। গোটেইবোৰ বেংকৰ হিচাপে-নিকাচ কেন্দ্ৰীয় বেংকে পৰীক্ষা কৰে। আৰ্থিক সংকটৰ সময়ত কেন্দ্ৰীয় বেংকেই বেংকসমূহৰ বাবে শেষ আশ্ৰয়স্থল।

( গ ) চৰকাৰৰ বেংক : কেন্দ্রীয় বেংকে কেন্দ্রীয় চৰকাৰৰ ঘাটি বাজেট দূৰ কৰিবলৈ নতুন মুদ্রা ছপা কৰি কেন্দ্ৰীয় চৰকাৰক বিত্তীয় সাহায্য আগবঢ়ায়। চৰকাৰৰ আয় নীতি , বাণিজ্যিক নীতি , ৰাজহ নীতি আদিক অধিক ফলপ্রসূ কৰি তুলিবৰ বাবে কেন্দ্রীয় বেংকে কেন্দ্রীয় চৰকাৰক অর্থনৈতিক পৰামৰ্শ আগবঢ়ায়।

( ঘ ) বৈদেশিক বিনিময়যােগ্য মুদ্ৰাৰ ৰক্ষক :- কেন্দ্রীয় বেংকে দেশৰ বৈদেশিক বিনিময়যােগ্য মুদ্ৰাৰ ৰক্ষক হিচাপে কাম কৰে। ই ভাৰতৰ বৈদেশিক বিনিময়ৰ আনুষ্ঠানিক হাৰ নিৰ্ধাৰণ কৰি দিয়ে। 

৭। বাণিজ্যিক বেংকে সম্পাদন কৰা দুটা প্রধান কার্য ব্যাখ্যা কৰা। 

উত্তৰঃ বাণিজ্যিক বেংকে সম্পাদন কৰা প্রধান কার্যসমূহ হৈছে :-

( ক ) সঞ্চয় বা আমানত গ্রহণ :- বাণিজ্যিক বেংকে সঞ্চয় গ্রহণ বা সংগ্রহ কৰে।  

এই সঞ্চয় তিনি প্ৰকাৰৰ— 

(ক) চলিত আমানত। 

(খ) স্থিৰ আমানত। 

(গ) সঞ্চয় আমানত।

( i ) চলিত আমানত :- এই ধৰণৰ সঞ্চয় ব্যৱস্থাত সঞ্চয়কাৰীয়ে যিকোনাে সময়তে নিজৰ ধন বেংকৰ পৰা উলিয়াই নিব পাৰে। 

( ii ) সঞ্চয় আমানত :- এই ধৰণৰ সঞ্চয় ব্যৱস্থাত আমানতকাৰী বা সঞ্চয়কাৰীয়ে প্রয়ােজন অনুসৰি যিকোনাে সময়তে নিজৰ জমাধনৰ এটা অংশ উলিয়াই আনিব পাৰে কিন্তু আনটো অংশ উলিয়াবলৈ হ’লে বেংকৰ পৰা আগতীয়া অনুমতিৰ প্রয়ােজন হ’ব। 

( iii ) স্থিৰ আমানত :- এই সঞ্চয় ব্যৱস্থাত সঞ্চয়কাৰীয়ে এক , দুই বা পাঁচ বছৰৰ এক নির্দিষ্ট সময়ৰ বাবে ধনৰাশি বেংকত সঞ্চয় কৰিব পাৰে কিন্তু যিকোনাে সময়তে বেংকক আগতীয়াকৈ নজনােৱাকৈ জমাধন উলিয়াই নিব নােৱাৰে। এই ব্যৱস্থাত সঞ্চয়কাৰীয়ে জমাধন উলিয়াবলৈ হ’লে বেংকক আগতীয়াকৈ জনাব লাগে। 

( খ ) ঋণৰ যােগান ধৰে :- বাণিজ্যিক বেংক সমূহে কৃষক , কাৰিকৰ , উদ্যোগপতি , ঠেলাচালক , ৰিক্সাচালক আদি শ্ৰেণীৰ লোকক উপযােগী হােৱাকৈ ঋণৰ যোগান ধৰে। বাণিজ্যিক বেংকসমূহে সাধাৰণতে হ্রস্বম্যাদী তথা মধ্যমীয়া সময়সীমাৰ ঋণহে আগবঢ়ায়। বাণিজ্যিক বেংকসমূহে ঋণ গ্রহণকাৰীৰ পৰা এক নির্দিষ্ট হাৰত সুদ আদায় কৰে। এনেদৰে বাণিজ্যিক বেংকসমূহ আর্থিকভাৱে লাভৱান হ’ব পাৰে।

৮। তলত উল্লেখ কৰা প্রতিষ্ঠানসমূহে কি কার্য সম্পাদন কৰে চমুকৈ ব্যাখ্যা কৰা : 

( ক ) আই ডি বি আই 

( খ ) আঞ্চলিক গ্রাম্য বেংক 

( গ ) কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক 

( ঘ ) ভাৰতীয় ক্ষুদ্র উদ্যোগ উন্নয়ন বেংক 

উত্তৰঃ ( ক ) আই ডি বি আই :- ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক , চমুকৈ আই ডি বি আয়ে সম্পাদন কৰা কাৰ্যসমূহ দুটা বিস্তৃত ভাগত বিভক্ত কৰিব পাৰি। এইকেইটা হৈছেঃ 

( i ) ঔদ্যোগিত উন্নয়নৰ বাবে ঔদ্যোগিক প্রতিষ্ঠানসমূহলৈ প্রত্যক্ষ বা পৰােক্ষভাৱে বিত্তীয় সাহায্য প্রদান কৰে। 

( ii ) দেশৰ ঔদ্যোগিক উন্নয়নৰ সৈতে জড়িত প্রতিষ্ঠানসমূহৰ প্ৰসাৰতা বৃদ্ধি কৰাত সহায় কৰে।

( iii ) অর্থনৈতিক দিশত পিছপৰা অঞ্চলসমূহৰৰ উদ্যোগলৈ ৰেহাই সুদৰ হাৰত ঋণ আগবঢ়ায়।

( iv ) প্রশিক্ষৰ জৰিয়তে উদ্যোগবিহীন জিলাসমূহত ঔদ্যোগিক ক্ষেত্ৰত উদ্যম বৃদ্ধিৰ বাবে নতুন প্রজন্মক উৎসাহিত কৰে। 

( খ ) আঞ্চলিক গ্রাম্য বেংক : ১৯৭৫ চনত আঞ্চলিক গ্রাম্য বেংক স্থাপন কৰা হয়। এই বেংকে সম্পাদন কৰা মূল কাম দুটা হ’ল-

( i ) বেপাৰী , মহাজনসকলৰ পৰা অত্যধিক সুদ দি ঋণ লােৱা গাঁওবাসীলৈ অতি কম সুদৰ হাৰত ঋণ প্রদান কৰি দুখীয়া গাঁওবাসীক সকাহ দিয়া। আৰু 

( ii ) গ্রাম্য সঞ্চয় সংগ্রহ কৰি বিভিন্ন উৎপাদনমূলক কার্যত সেই সঞ্চয় ব্যয় কৰা।

( গ ) কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক :- ১৯৮২ চনত কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক স্থাপন কৰা হয়। ই সম্পাদন কৰা কাৰ্যবােৰ হ’ল- 

( i ) গ্রাম্য অঞ্চলত বিনিয়ােগ আৰু উৎপাদন কার্যক উৎসাহিত কৰা শীর্ষ উন্নয়নমূলক বেংক হিচাপে সেৱা আগবঢ়োৱা। 

( ii ) ঋণ প্রদান প্রক্রিয়া, আঁচনিৰ পুনৰীক্ষণ আৰু পর্যালােচনা, প্রশিক্ষণ আদিৰ সুদৃঢ়কৰণৰ বাবে নাবার্ডে ব্যৱস্থা গ্ৰহণ কৰে।

( iii ) বিভিন্ন গ্রাম্য আঁচনিসমূহৰ পুনৰীক্ষণ আৰু পর্যালােচনা কৰা আৰু হিতাধিকাৰীসকলৰ বাবে প্রশিক্ষণ কার্যসূচী অনুষ্ঠিত কৰা।

( ঘ ) ভাৰতীয় ক্ষুদ্র উদ্যোগ উন্নয়ন বেংক :- ভাৰতীয় ক্ষুদ্র উদ্যোগ উন্নয়ন বেংকৰ প্ৰধান কার্যসমূহ হৈছেঃ-

( i ) ক্ষুদ্র উদ্যোগসমূহৰ বাবে উন্নত প্রযুক্তিবিদ্যা আৰু আধুনিকীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰা আৰু উৎপাদিত সামগ্ৰীৰ বাবে উপযুক্ত বজাৰৰ ব্যৱস্থা কৰি দিয়া। 

( ii ) অর্ধ-নগৰীয়া অঞ্চলসমূহৰ উদ্যোগসমূহত অধিক নিয়ােগৰ ব্যৱস্থা কৰি নগৰীয়া অঞ্চলসমূহলৈ হােৱা জনপ্ৰব্ৰজন ৰােধ কৰা। 

( iii ) ঔদ্যোগিক নিগম , ৰাজ্যিক বিত্ত নিগম , সমবায় বেংক , আঞ্চলিক গ্রাম্য বেংক আৰু বাণিজ্যিক রেংকসমূহলৈ ঋণ তথা বিত্তীয় সাহায্য আগবঢ়োৱা যাতে এই বিত্তীয় প্রতিষ্ঠানসমূহে ক্ষুদ্র উদ্যোগসমূহলৈ ঋণৰ যােগান ধৰিব পাৰে।

4 thoughts on “Class 10 Political and Economies Chapter 3 মুদ্রা আৰু বেংক ব্যৱস্থা”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top