Child And Adolescent Psychology Unit 4 কিশোৰ সকলৰ প্ৰয়োজনীয়তা আৰু সমস্যা

Child And Adolescent Psychology Unit 4 কিশোৰ সকলৰ প্ৰয়োজনীয়তা আৰু সমস্যা Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Child And Adolescent Psychology Unit 4 কিশোৰ সকলৰ প্ৰয়োজনীয়তা আৰু সমস্যা Bring Gender Equality to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Child And Adolescent Psychology Unit 4 কিশোৰ সকলৰ প্ৰয়োজনীয়তা আৰু সমস্যা can be of great value to excel in the examination.

Child And Adolescent Psychology Unit 4 কিশোৰ সকলৰ প্ৰয়োজনীয়তা আৰু সমস্যা

Join Telegram channel

Child And Adolescent Psychology Unit 4 কিশোৰ সকলৰ প্ৰয়োজনীয়তা আৰু সমস্যা Notes cover all the exercise questions in UGC Syllabus. The Child And Adolescent Psychology Unit 4 কিশোৰ সকলৰ প্ৰয়োজনীয়তা আৰু সমস্যা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

কিশোৰ সকলৰ প্ৰয়োজনীয়তা আৰু সমস্যা

EDUCATION

CHILD & ADOLESCENT PSYCHOLOGY

শিশু আৰু কিশোৰ মনোবিজ্ঞান 

অতি চমু প্রশ্নোত্তৰঃ

1. অপৰাধ প্ৰৱণতা কি? (What is the crime trend?)

উত্তৰঃ অপৰাধ প্ৰৱণতাক এক অসামাজিক আচৰণ বুলিব পাৰি। ১৮ বছৰ বা তাতকৈ কম বয়সৰ ল’ৰা-ছোৱালীবোৰে কৰা অসামাজিক অপৰাধকহে অপৰাধ প্ৰৱণতা বোলা হয়।

2. অপৰাধ প্ৰৱণতাৰ এটি সংজ্ঞা দাঙি ধৰা। (Give a definition of crime tendency.)

উত্তৰঃ মনোবৈজ্ঞানিক হেডফিল্ডৰ মতে, “অপৰাধ প্ৰৱণতাক এক অসামাজিক আচৰণ বুলিব পাৰি।”

3. কৈশোৰ অপৰাধ প্ৰৱণতা কি? (What is the tendency of adolescent crime?)

উত্তৰঃ ১৮ বছৰ বা তাতকৈ কম বয়সৰ ল’ৰা-ছোৱালীবোৰে কৰা এনে অপৰাধক কৈশোৰ অপৰাধ প্ৰৱণতা বুলি কোৱা হয়। 

4. অপৰাধ প্রৱণতাৰ ক্ষেত্ৰত দিয়া মন্তব্যটো কি? (What is the comment given in case of crime tendency?) 

উত্তৰঃ “আমি অপৰাধক ঘৃণা কৰিব লাগে, অপৰাধীক নহয়।” – এইটোৱে হ’ল অপৰাধ প্ৰৱণতাৰ ক্ষেত্ৰত দিয়া মন্তব্যটো।

5. অপৰাধ প্ৰৱণতাৰ এটি আচৰণৰ সাধাৰণ প্ৰকাৰৰ নাম লিখা। (Write the name of a common type of behaviour with a criminal tendency?) 

উত্তৰঃ চুৰি কৰা ।

6. অপৰাধ প্ৰৱণতাৰ কাৰণ এটা লিখা । (Write a reason for the crime trend.) 

উত্তৰঃ অপৰাধ প্ৰৱণতাৰ কাৰণ এটা হ’ল ঘৰৰ দৰিদ্ৰতা।

7. উড আৰু ওৱেইট নামৰ মনোবিদ দুজনৰ মতে ব্যক্তিৰ অপৰাধ প্রৱণতা গঢ় লোৱাৰ কাৰণসমূহ কি কি? (According to Wood and witt, what causes a person to develop a criminal tendency?) 

উত্তৰঃ ব্যক্তিৰ দৈহিক দোষ-ত্রুটি, বেমাৰ আৰু দুৰ্বলতা।

8. Delinquency শব্দটো লেটিন ভাষাৰ কি শব্দৰ পৰা উৎপত্তি হৈছে? (From which Latin word is the word Delinquency derived?) 

উত্তৰঃ Delinqure শব্দৰ পৰা উৎপত্তি হৈছে।

9. কিশোৰ অপৰাধৰ এটা প্ৰকাৰ উল্লেখ কৰা । (Mention a type of juvenile delinquency.)

উত্তৰঃ যৌন অপৰাধ।

10. শুদ্ধ নে অশুদ্ধ লিখাঃ (Write true & False) 

(ক) অপৰাধ প্ৰৱণতা হ’ল এক প্ৰকাৰৰ অস্বাভাৱিক আচৰণৰ আৰ্হি। (Criminal tendencies are a pattern of normal behaviour.)

উত্তৰঃ শুদ্ধ।

(খ) সামাজিক সংগঠনৰ এটা ৰূপ হ’ল অপৰাধ প্ৰৱণতা। (One form of social organization is crime.)

উত্তৰঃ অশুদ্ধ।

(গ) অপৰাধ প্ৰৱণতা সমাজবিৰোধী আচৰণ প্ৰদৰ্শন কৰে। (Crime tends to be anti-social.)

উত্তৰঃ শুদ্ধ।

(ঘ) অপৰাধ প্ৰৱণতা সমাজৰ নীতি আৰু নিয়ন্ত্রণমূলক নিয়ম ভঙা কার্য। (Criminal tendencies act to break the rules and regulatory rules of society.) 

উত্তৰঃ শুদ্ধ।

(ঙ) ১৩ ৰ পৰা ১৮ বছৰীয়া ল’ৰা-ছোৱালী অপৰাধ প্ৰৱণ হ’ব পাৰে। (Boys and girls aged 13-18 may be prone to crime.)

উত্তৰঃ শুদ্ধ।

(চ) অপৰাধ প্ৰৱণতাৰ এক প্ৰকাৰ হ’ল মাদক দ্ৰৱ্যৰ আসক্তি। (One of the criminal tendencies is drug addiction)

উত্তৰঃ শুদ্ধ।

11. কাক অপৰাধ প্ৰৱণ বুলি কোৱা হয়? (Who is called prone to crime?) 

উত্তৰঃ ১৮ বছৰতকৈ কম বয়সীয়া ল’ৰা নাইবা ছোৱালীয়ে যদি নিজ সমাজৰ স্বীকৃত নীতি-নিয়মৰ পৰা গুৰুতৰভাৱে বিচ্যুত হয় আৰু সামাজিকভাৱে আইন ভংগকাৰী কাৰ্যত লিপ্ত হয় তেন্তে তেনে ল’ৰা-ছোৱালীক অপৰাধ প্ৰৱণ বুলি কোৱা হয়। 

12. কিশোৰ অপৰাধী বুলিলে কি বুজা? (What do you mean by juvenile delinquency?)

উত্তৰঃ ১৮ বছলাতকৈ কম বয়সীয়া ল’ৰা নাইবা ছোৱালী যদি আনুষ্ঠানিক আইনসংগত ব্যৱস্থাৰ মুখামুখি হয় তেন্তে তেনেকুৱা ল’ৰা নাইবা ছোৱালী ‘কিশোৰ অপৰাধী’ বোলা হয়।

13. বৰ্বৰতা কি? (What is vandalism?)

উত্তৰঃ বৰ্বৰতা হৈছে ৰাজহুৱা বা ব্যক্তিগত সম্পত্তিৰ ইচ্ছাকৃত ধ্বংস বা ক্ষতিৰ সৈতে জড়িত কর্য।

14. হিংসাৰ সংজ্ঞা দিয়া। (Define violence.)

উত্তৰঃ নিজৰ বিৰুদ্ধে, আন এজন ব্যক্তিৰ বিৰুদ্ধে বা এটা গোট বা সম্প্ৰদায়ৰ বিৰুদ্ধে ইচ্ছাকৃতভাৱে শাৰীৰিক শক্তি বা শক্তি ব্যৱহাৰ কৰা, যাৰ ফলত আঘাত, মৃত্যু, মানসিক ক্ষতি, দুৰ্বিকাশ বা বঞ্চনা হোৱাৰ সম্ভাৱনা অধিক হয়।

15. বিষমকামী যৌন আকর্ষণ কি? (What is Hetero- sexual attraction?)

উত্তৰঃ বিষমকামী লোকসকল বিপৰীত লিংগৰ লোকৰ প্ৰতি যৌন বা ৰোমান্টিকভাৱে আকর্ষিত হয়। বিষমকামী পুৰুষসকল যৌন বা ৰোমান্টিকভাৱে মহিলাৰ প্ৰতিও আকর্ষিত হয়, আৰু বিষমকামী মহিলাসকল যৌন বা ৰোমান্টিকভাৱে পুৰুষৰ প্ৰতি আকৰ্ষিত হয়।

16. নিচাযুক্ত দ্ৰৱ্যৰ অপব্যৱহাৰ কি? (What is substance abuse?)

উত্তৰঃ পদাৰ্থৰ অপব্যৱহাৰ, যাক ড্ৰাগৰ অপব্যৱহাৰ বুলিও কোৱা হয়। ই হৈছে পৰিমাণত বা ব্যক্তি বা আনৰ বাবে ক্ষতিকাৰক পদ্ধতিৰ দ্বাৰা ঔষধ এটা ব্যৱহাৰ কৰা। ই এক প্ৰকাৰৰ পদাৰ্থ-সম্পৰ্কীয় বিকাৰ ।

17. কিশোৰ-কিশোৰীসকলৰ মৌলিক প্রয়োজনীয়তাবোৰ কি কি? (What are the basic needs of Adolescents?)

উত্তৰঃ খাদ্য, পোছাক, উষ্ণতা আৰু স্বাস্থ্যসেৱা হৈছে কিশোৰসকলৰ মৌলিক প্রয়োজনীয়তা।

18. কিশোৰ এজনে তেওঁলোকৰ পিতৃ-মাতৃৰ পৰা কি বিচাৰে? (What does an adolescent want from their parents?)

উত্তৰঃ কিশোৰ-কিশোৰীসকলে তেওঁলোকৰ পিতৃ-মাতৃৰ পৰা প্ৰেম, সমর্থন, উৎসাহ, প্রতিপালন, গ্রহণযোগ্যতা আৰু মনোযোগ বিচাৰে।

19. যৌৱনাৰম্ভ বুলিলে কি বুজা? (What do you mean by youthfulness?) 

উত্তৰঃ কৈশোৰকালৰ আৰম্ভণিতে দেখা পোৱা এক অৱস্থা হ’ল যৌৱনপ্রাপ্তি। আভিধানিক দিশেৰে চালে যৌৱনাৰম্ভ হ’ল এক পর্যায় য’ত ব্যক্তিয়ে যৌন ক্ষমতা লাভ কৰে। এই সময়ছোৱাত ল’ৰা-ছোৱালীৰ যৌনাংগৰ পৈণতা প্রাপ্তি হয় আৰু জৈৱিক প্রজনন ক্ষমতা সিহঁতে লাভ কৰি উঠে। এই কালছোৱাত ছোৱালী ঋতুমতী হয় আৰু ল’ৰাৰ মুখত দাঢ়ি গজা, মাত সলনি হোৱা আদিৰ পৰা যৌৱনাৰম্ভৰ কথা জানিব পাৰি।

20. কৈশোৰ কালৰ অপৰাধ প্ৰৱণতাৰ অর্থ কি? (What is the meaning of adolescent crime?) 

উত্তৰঃ কৈশোৰকালৰ অপৰাধ প্ৰৱণতা বুলি ক’লে ১৮ বছৰতকৈ কম বয়সৰ ল’ৰা নাইবা ছোৱালীয়ে একাধিকবাৰ কৰা কোনো সামাজিক ‘আইন ভংগকাৰী কাৰ্য’ক বুজোৱা হয়।

ভাৰতত আইন অনুসৰি যেতিয়া ১৮ বছৰতকৈ কম বয়সৰ ল’ৰা নাইবা ছোৱালী কোনো আনুষ্ঠানিক আইনসংগত কাৰ্যৰ আওতালৈ আহে তেস্তে সেই ল’ৰাটোক বা ছোৱালীজনীক ‘কিশোৰ অপৰাধী’ বোলা হয়।

21. যুৱ অপৰাধ প্রৱণতা বুলিলে কি বুজা? (What do you mean by youth crime tendency?) 

উত্তৰঃ সমাজৰ বিভিন্ন দিশত দেখা যায় যে কিছুমান ল’ৰা-ছোৱালীয়ে স্বাভাৱিক পথত অগ্ৰসৰ নহৈ সমাজে নিবিচৰা অবাঞ্ছিত অসামাজিক কাম কৰি সামাজিক জীৱনত নানা ধৰণৰ সমস্যাৰ সৃষ্টি কৰে। প্ৰাপ্তবয়স্ক হ’লে এই অসামাজিক কামবোৰ কৰা বাবে তেওঁলোকক আইনৰ চকুত অপৰাধী বুলি গণ্য কৰা হয়। কিন্তু বয়স্ক নৌহওঁতেই এনে কাম কৰা বাবে তেওঁলোকক অপৰাধ প্ৰৱণ শিশু বুলি কোৱা হয়। ইয়াকেই শিশুসকলৰ যুৱ অপৰাধ প্ৰৱণতা বুলি কোৱা হয় ৷

চমু প্রশ্নোত্তৰঃ

1. অপৰাধ প্ৰৱণতাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। (Mention two characteristics of crime tendency.)

উত্তৰঃ অপৰাধ প্ৰৱণতাৰ দুটা বৈশিষ্ট্য তলত উল্লেখ কৰা হ’ল—

(ক) ১২-১৩ বছৰৰ পৰা ১৮ বছৰ বয়সীয়া আইন উলংঘাকাৰী ল’ৰা-ছোৱালীক অপৰাধ প্ৰৱণ বুলি কোৱা হয়।

(খ) অপৰাধ প্ৰৱণ কিশোৰ-কিশোৰীবোৰৰ প্ৰকৃতি সাধাৰণতে অশান্ত আৰু অস্থিৰ।

2. অপৰাধ প্রৱণতা প্ৰতিৰোধৰ ক্ষেত্ৰত পৰিয়ালে গ্ৰহণ কৰিবলগীয়া দুটা ব্যৱস্থা উল্লেখ কৰা। (Mention two measures taken in the family to prevent crime.)

উত্তৰঃ অপৰাধ প্রৱণতা প্ৰতিৰোধৰ ক্ষেত্ৰত পৰিয়ালে গ্ৰহণ কৰিবলগীয়া দুটা ব্যৱস্থা হ’ল— 

(ক) অভিভাৱকসকলৰ এইটো এটা দায়িত্ব যে কিশোৰ- কিশোৰীসকলক উপযুক্ত নির্দেশনা প্ৰদান কৰিব লাগে বা তাৰ বাবে ব্যৱস্থা কৰি দিব লাগে।

(খ) শিশুসকলৰ প্ৰতি মাক-দেউতাকৰ মনোভাৱ ভাৰসাম্য আৰু নিৰপেক্ষ প্ৰকৃতিৰ হ’ব লাগে।

3. অপৰাধ প্ৰৱণতাৰ বেয়া সংগ কাৰকৰ বিষয়ে অতি চমুকৈ লিখা । (Write briefly about the perpetrators of bad associations of crime.) 

উত্তৰঃ অপৰাধ প্ৰৱণতাৰ আন এক কাৰণ হ’ল বেয়া সংগ। ঘৰুৱা পৰিৱেশৰ বাহিৰত ল’ৰা-ছোৱালী সমনীয়াৰ লগত মিলিত হয়। যদি সমনীয়াৰ লগত মিলিত হৈ জুৱাৰ আড্ডা, চহৰৰ দোকান, চিনেমা হলত, ৰাস্তাত ঘূৰি-পকি ফুৰি নিজৰ মানসিক ক্ষতি সাধন কৰে তেন্তে ইয়ো ল’ৰা-ছোৱালীক অপৰাধ প্ৰৱণ কৰি তোলে।

4. অপৰাধমূলক ব্যৱহাৰৰ কাৰণসমূহ কি কি? (What are the causes of criminal use.)

উত্তৰঃ অপৰাধমূলক ব্যৱহাৰৰ বিষয়ে পৰীক্ষা আৰু গৱেষণা চলাই মনোবৈজ্ঞানিকসকলে মত ব্যক্ত কৰিছে যে যুৱক-যুৱতীসকলৰ ক্ষেত্ৰত সমাজবিৰোধী আচৰণৰ জন্ম দিয়াৰ মূলতে থাকে তলত দিয়া কিছুমান কাৰণ । যেনে—

(ক) বংশধাৰামূলক।

(খ) পৰিৱেশগত।

(গ) সামাজিক।

(ঘ) মনোবৈজ্ঞানিক।

5. অপৰাধ প্ৰৱণতাৰ মূল কাৰণবোৰ কি কি? (What are the main causes of crime?)

উত্তৰঃ অপৰাধ প্ৰৱণতাৰ মূল কাৰণবোৰ হ’ল —

(ক) শাৰীৰিক।

(খ) মানসিক।

(গ) সামাজিক।

6. অপৰাধ প্ৰৱণতাৰ মূলে পৰিৱেশীয় আৰু সামাজিক দুটা কাৰক উল্লেখ কৰা । (Mention two environmental and social factors at the root of the crime trend.) 

উত্তৰঃ পৰিৱেশীয় আৰু সামাজিক দুটা কাৰক হ’ল—

(ক) ভগ্ন পৰিয়াল। 

(খ) ঘৰত দৰিদ্ৰতা।

7. চমুটোকা লিখাঃ (Write a short note)

অপৰাধ প্ৰৱণতা। (Crime Tendency.) 

উত্তৰঃ প্রাপ্তবয়স্কসকলৰ ক্ষেত্ৰত যি কাৰ্য, কথা আৰু আচৰণ আইনৰ চকুত দণ্ডনীয় বুলি ধৰা হয়, অপ্রাপ্তবয়স্কসকলৰ ক্ষেত্ৰত সেইবোৰক অপৰাধমূলক আচৰণ বুলি কোৱা হয়। বহুত সময়ত দেখা যায় যে কিছুমান ল’ৰা-ছোৱালীয়ে স্বাভাৱিক পথত অগ্ৰসৰ নহৈ নানা ধৰণৰ অবাঞ্ছিত আৰু অসামাজিক কাম কৰি সমাজত সমস্যাৰ সৃষ্টি কৰে। বিশেষকৈ যৌৱন কালত দেখা দিয়া এনেবোৰ আচৰণ আৰু সমাজবিৰোধী কাৰ্যকলাপক অপৰাধমূলক আচৰণ বোলা হয়। এনে সমাজবিৰোধী ব্যৱহাৰ বহুলভাৱে লঘু আৰু গুৰু নানা ধৰণৰ হ’ব পাৰে। যেনে— মিছা কথা কোৱা, অবাধ্যতা, পঢ়া শুনাত অৱহেলা আদি লঘু অপৰাধৰ ভিতৰত আৰু চুৰি কৰা, ডকাইতি কৰা, ধ্বংসাত্মক কার্যত লিপ্ত হোৱা, হত্যাকাণ্ড আদি গুৰুতৰ অপৰাধৰ ভিতৰত পৰে।

মনোবৈজ্ঞানিক হেডফিল্ডৰ মতে, “অপৰাধ প্ৰৱণতাক এক অসামাজিক আচৰণ বুলিব পাৰি।” অপৰাধ প্ৰৱণতা সাধাৰণতে কৈশোৰ কালত বেছিকৈ পৰিলক্ষিত হয়। কৈশোৰ কালছোৱাত সাধাৰণতে ল’ৰা-ছোৱালীবোৰৰ দেহ-মানসিক প্রয়োজনবোৰ সলনি হয় আৰু এই প্ৰয়োজনবোৰ পূৰণ কৰিবলৈ ব্যৰ্থ হ’লেও তেওঁলোক অসামাজিক কামত লিপ্ত হোৱা দেখা যায়। ১৮ বছৰ বা তাতকৈ কম বয়সৰ ল’ৰা-ছোৱালীবোৰে কৰা এনে অপৰাধক কৈশোৰ অপৰাধ প্ৰৱণতা বুলি কোৱা হয়।

8. অপৰাধ প্ৰৱণতা আচৰণৰ সাধাৰণ প্ৰকাৰসমূহ কি কি? (What are the common types of criminal behavior?) 

উত্তৰঃ অপৰাধ প্ৰৱণতা আচৰণৰ সাধাৰণ প্ৰকাৰসমূহ তলত উল্লেখ কৰা হ’ল— 

(ক) যৌন অপৰাধ।

(খ) ক্রোধজাত অপৰাধ।

(গ) মিথ্যাভাষণ।

(ঘ) সংগ্রহ প্রবৃত্তিজাত অপৰাধ।

(ঙ) পলায়ন।

(চ) শৃঙ্খলা ভংগতা। 

(ছ) নেতি মনোভাৱ।

(জ) অবাধ্যতা।

(ঝ) প্ৰতাৰণা।

(ঞ) গোপনীয়তা প্রবৃত্তিজাত অপৰাধ।

(ট) দুঃখ ভাবৰ পৰা হোৱা অপৰাধ আদি।

9. অপৰাধ প্ৰৱণতাৰ বংশগত দুটি কাৰকৰ বিষয়ে উল্লেখ কৰা । (Mention two hereditary factors of crime tendency.)

উত্তৰঃ অপৰাধ প্ৰৱণতাৰ বংশগত কাৰক দুটা হ’ল—

(ক) অপৰাধ প্রৱণতা জন্মতেই গড় লয়। কিছুমান মনোবৈজ্ঞানিকৰ মতে শিশু মাতৃগৰ্ভত থকাৰ পৰা অপৰাধ প্ৰৱণতাই বিকাশ লাভ কৰে। ই ক্ৰম’জম আৰু জিনৰ বাবে সৃষ্টি হয়। অপৰাধ প্ৰৱণতাৰ কোনো সংলক্ষণ যদি পূর্ব-প্ৰজন্মৰ আছে তেন্তেই পৰৱৰ্তী প্ৰজন্মলৈ গতি কৰে।

(খ) শিশুৱে মাক-দেউতাকৰ পৰা শাৰীৰিক অৱয়ব লাভ কৰে। কিছু সংখ্যক শিশুৱে কিছুমান সোঁচৰা বেমাৰো মাক-দেউতাকৰ পৰা লাভ কৰে। ঠিক এনে আন কিছুমান অপৰাধ প্ৰৱণতাৰ সংলক্ষণো লাভ কৰে।

10. অপৰাধ প্ৰৱণতা প্ৰতিৰোধৰ ক্ষেত্ৰত বিদ্যালয়ে গ্ৰহণ কৰিবলগীয়া দুটা ব্যবস্থা উল্লেখ কৰা। (Mention two measures to be taken in schools to curb crime.)

উত্তৰঃ অপৰাধ প্রৱণতা প্ৰতিৰোধৰ ক্ষেত্ৰত বিদ্যালয়ে গ্ৰহণ কৰিবলগীয়া দুটা ব্যৱস্থা তলত উল্লেখ কৰা হ’ল—

(ক) বিদ্যালয়সমূহত নিয়ন্ত্ৰিত স্বাধীনতা নীতিৰ আধাৰত অনুশাসন কার্য চলাব লাগে। 

(খ) এক সুস্থ সামাজিক পৰিৱেশ সকলো কিশোৰ-কিশোৰীৰ বাবে প্ৰদানৰ ব্যৱস্থা কৰিব লাগে। শিক্ষকসকলে ব্যক্তি গতভাৱে প্রত্যেক কিশোৰ-কিশোৰীৰ ব্যক্তিত্ব বিকাশৰ প্ৰচেষ্টা গ্ৰহণ কৰিব লাগে।

11. অপৰাধ প্ৰৱণতাৰ বাবে ঘৰৰ প্ৰভাৱৰ বিষয়ে আলোচনা কৰা । (Discuss the impact of the house on crime tendency.) 

উত্তৰঃ অসুস্থ গৃহ পৰিৱেশ বহুত সময়ত অপৰাধ প্ৰৱণতাৰ কাৰণ হ’ব পাৰে। ঘৰুৱা পৰিৱেশৰ এনেবোৰ কাৰণেই ঘাইকৈ দুষ্কাৰ্য্যত ইন্ধন যোগোৱাৰ কাৰণে দায়ী। যেনে—

(ক) ল’ৰা-ছোৱালীৰ কাৰণে আৱেগিক নিৰাপত্তাৰ অভাৱ।

(খ) অভাৱ-অনাটন।

(গ) পিতৃ-মাতৃৰ নিৰক্ষৰতা। 

(ঘ) পিতৃ-মাতৃৰ অনুন্নত বুদ্ধি।

(ঙ) পিতৃ-মাতৃ উভয়ে অথবা যিকোনো এজন অপৰাধী।

(চ) পিতৃ-মাতৃৰ উশৃঙ্খল জীৱনযাত্রা।

(ছ) পিতৃ-মাতৃ উভয় বা এজনৰ চৰিত্ৰহীনতা।

(জ) ঘৰৰ শাসনৰ অভাৱ।

(ঝ) বিপর্যস্ত ঘৰ।

(ঞ) দ্বন্দ্ব, হাই-কাজিয়াৰে কলুষিত গৃহ পৰিৱেশ।

(ট) মৰম-চেনেহৰ অভাৱ আদি।

12. অপৰাধ প্ৰৱণতাৰ প্ৰতিৰোধমূলক পন্থাসমূহৰ বিষয়ে আলোচনা কৰা। (Discuss crime trends and its preventive measures.) 

উত্তৰঃ অপৰাধ প্ৰৱণতা আঁতৰ কৰিবলৈ হ’লে নিম্নোক্ত উপায়বোৰ গ্ৰহণ কৰিব লাগিব। যেনে—

(ক) শিশুৰ গৃহ পৰিৱেশ সুস্থ আৰু উন্নত কৰিব লাগে। 

(খ) অপৰাধমূলক আচৰণৰ প্ৰথম অভিব্যক্তিই তাক নিৰ্মূল কৰিবলৈ চেষ্টা কৰিব লাগে।

(গ) বিদ্যালয়ত পাঠ্যক্ৰমৰ লগতে নৈতিক শিক্ষাৰ ব্যৱস্থা কৰিব লাগে।

(ঘ) মানসিক সুস্থতা আৰু নিৰাপত্তা ঘূৰাই আনিবৰ কাৰণে মনস্তাত্ত্বিকৰ দ্বাৰা চিকিৎসা কৰাব লাগে।

(ঙ) অপৰাধীক শাস্তি দিয়াতকৈ সংশোধনৰহে ব্যৱস্থা কৰিব লাগে । 

(চ) অপৰাধীক এক প্ৰকাৰ বিশেষ আদালতত বিচাৰ কৰি লঘু শাস্তিৰ ব্যৱস্থা কৰিব লাগে।

(ছ) অপৰিণত বয়সৰ অপৰাধীৰ চৰিত্ৰ সংশোধন আৰু অপৰাধ নিবাৰণৰ কাৰণে প্রণালীবদ্ধভাৱে কার্যপন্থা হাতত ল’ব লাগে।

(জ) স্বাস্থ্যকৰ বাসস্থান, পুষ্টিকৰ খাদ্য, প্ৰচুৰ বিশ্ৰাম আৰু পৰিমিত ব্যায়ামৰ ব্যৱস্থা কৰিব লাগে।

(ঝ) সংশোধনী স্কুলত অপৰাধীক ৰাখি চাৰিত্ৰিক পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিব লাগে।

(ঞ) শিশুক অতিৰিক্ত আবদাৰ দিব নালাগে।

অপৰাধ প্ৰৱণতা নিবাৰণ কৰি এখন সুস্থ আৰু সুন্দৰ সমাজ প্ৰতিষ্ঠাৰ দায়িত্ব নিৰ্ভৰ কৰিছে ৰাষ্ট্ৰৰ ওপৰত । সেইবাবে প্ৰতি ৰাষ্ট্ৰই ইয়াৰ উঠি অহা নাগৰিকসকলৰ কাৰণে উপযুক্ত বাসস্থান, শিক্ষা-দীক্ষা, আমোদ-প্রমোদৰ ব্যৱস্থা কৰিব লাগে ।

13. আইডিয়েল আৰু ব্ৰননাৰে আগবঢ়োৱা কৈশোৰ কালৰ অপৰাধ প্ৰৱণতাৰ কাৰণকেইটা কি কি? (What are the causes of adolescent crime tendency given by Ideal and Bruna?)

উত্তৰঃ আইডিয়েল আৰু ব্ৰননাৰৰ মতে কৈশোৰকালত অপৰাধ প্ৰৱণতা গঢ় লোৱাৰ কাৰণকেইটা হ’ল – 

(ক) দৃষ্ট সংগ।

(খ) বয়ঃসন্ধিকালৰ অস্থিৰতা আৰু প্ৰবৃত্তি। 

(গ) উপযুক্ত সময়তকৈ আগতে লাভ কৰা যৌন অভিজ্ঞতা। 

(ঘ) মানসিক সংঘাত। 

(ঙ) বিদ্যালয়কেন্দ্রিক অসন্তুষ্টি ইত্যাদি।

14. জ্ঞানীয় পৰিৱৰ্তন কি? (What is cognitive transition?)

উত্তৰঃ কৈশোৰৰ মাজেৰে যোৱাৰ এটা দ্বিতীয় উপাদান হৈছে এক জ্ঞানীয় পৰিৱৰ্তন। শিশুৰ তুলনাত কিশোৰ- কিশোৰীসকলে অধিক উন্নত, অধিক দক্ষ আৰু সাধাৰণতে অধিক জটিল উপায়েৰে চিন্তা কৰে। কৈশোৰত জ্ঞানীয় পৰিৱৰ্তনত কিশোৰ-কিশোৰীসকলে চিন্তা কৰা, যুক্তি আৰু বুজাৰ পদ্ধতিৰ পৰিৱৰ্তন অন্তর্ভুক্ত থাকে। তেওঁলোক আৰু তেওঁলোকৰ চাৰিওফালৰ পৰিৱেশ যিহেতু কিশোৰ- কিশোৰীসকল বৌদ্ধিকভাৱে পৰিপক্ক হয় আৰু জ্ঞানীয় পৰিৱৰ্তনৰ মাজেৰে যায়, তেওঁলোকে নিজকে অধিক অত্যাধুনিক আৰু পৃথক উপায়েৰে অনুভৱ কৰে। তুলনামূলকভাৱে সৰল, দৃঢ় শব্দত নিজকে বৰ্ণনা কৰা শিশুৰ তুলনাত, কিশোৰ-কিশোৰীসকলে জটিল, বিমূর্ত আৰু মানসিক আত্ম-চৰিত্ৰায়ন কৰাৰ সম্ভাৱনা অধিক। যিহেতু ব্যক্তিসকলৰ আত্ম-ধাৰণা অধিক বিমূৰ্ত হৈ পৰে আৰু তেওঁলোকে নিজকে মানসিক ৰূপত চাবলৈ অধিক সক্ষম হোৱাৰ লগে লগে, তেওঁলোকে তেওঁলোকৰ নিজৰ ব্যক্তিত্ব আৰু তেওঁলোকে কিয় তেওঁলোকৰ দৰে আচৰণ কৰে বুজিবলৈ অধিক আগ্ৰহী হয়। 

ইয়াৰ উপৰিও বৃদ্ধ কিশোৰ-কিশোৰীসকলে তেওঁলোকৰ পিতৃ-মাতৃক কেৱল তেওঁলোকৰ পিতৃ-মাতৃৰ দৰে নহয়, লোক হিচাপে চাবলৈ আৰু বাৰ্তালাপ কৰিবলৈ সক্ষম হয়। উদাহৰণস্বৰূপে, বহুতো অভিভাৱকে তেওঁলোকৰ কিশোৰ-কিশোৰীসকলক বিশ্বাস কৰিব পাৰে, যিটো তেওঁলোকৰ ল’ৰা-ছোৱালী সৰু অৱস্থাত সম্ভৱ নাছিল বা তেওঁলোকৰ কিশোৰ-কিশোৰীসকলে কামত কঠিন দিন অতিবাহিত কৰাৰ সময়ত তেওঁলোকৰ প্ৰতি সহজে সহানুভূতি প্রকাশ কৰিব পাৰে। কৈশোৰৰ শেষৰ ফালে বেছিভাগ ব্যক্তিয়ে বিকাশৰ প্ৰক্ৰিয়াটো গ্ৰহণ কৰিছে আৰু তেওঁলোকে নিজকে ব্যক্তি হিচাপে গ্ৰহণ কৰা আৰম্ভ কৰিছে। 

15. কৈশোৰৰ যৌন প্রয়োজনীয়তা কি? (What is the sexual need of the adolescence?)

উত্তৰঃ কৈশোৰৰ যৌন অঙ্গবোৰৰ আভ্যন্তৰীণ আৰু বাহ্যিক ৰূপৰ নাটকীয় শাৰীৰিক পৰিৱৰ্তন কিছুমান কিশোৰৰ বাবে অতি উদ্বেগজনক হ’ব পাৰে, বিশেষকৈ যিসকল লাজকুৰীয়া আৰু প্রশ্ন সুধিবলৈ ভাল নাপায়। ছোৱালীৰ প্ৰথম ঋতুস্ৰাৱৰ ৰক্তক্ষৰণে অতি ভয়ংকৰ চিন্তাৰ সৃষ্টি কৰিব পাৰে। কিছুমানে যৌন সামঞ্জস্য আৰু অভিজ্ঞতাৰ বিষয়ে অত্যাধিক অহংকাৰ কৰি তেওঁলোকৰ উদ্বেগ প্রকাশ কৰে। যৌনতাৰ সৈতে বেছিভাগ কিশোৰৰ প্ৰথম অভিজ্ঞতা স্বয়ংক্রিয় আচৰণ, যৌন আচৰণৰ শ্ৰেণীত পৰে যি কেৱল অনুভৱ কৰা হয়। কিশোৰসকলৰ দ্বাৰা প্ৰতিবেদিত আটাইতকৈ সচৰাচৰ স্বয়ংক্রিয় কার্যকলাপবোৰ হ’ল কামোদ্দীপক কল্পনা। 

বেছিভাগ কিশোৰ-কিশোৰী উচ্চবিদ্যালয়ত পঢ়ি থকালৈকে তেওঁলোকে সম্পৰ্কৰ পৰিপ্ৰেক্ষিতত যৌন আচৰণৰ সৈতে কিছু অভিজ্ঞতা লাভ কৰিছে। কিছুমান যুৱক-যুৱতীয়ে আৰু তেওঁলোকৰ পিতৃ-মাতৃ নিশ্চিত নহ’ব যে তেওঁলোক সমকামী নে পোন। আগতীয়াকৈ যৌন সম্ভোগ কৰা কিশোৰসকলৰ গৰ্ভধাৰণ আৰু স্বাস্থ্যজনিত সমস্যাৰ আশংকা অধিক। যৌন সংক্রমিত ৰোগ সচৰাচৰ হয়। এইচ.আই.ভি. সংক্ৰমণ আৰু এইডছ অধিক সচৰাচৰ হৈ আহিছে। 

16. যৌন অভিমুখিতা কি? (What is sexual orientation?) 

উত্তৰঃ যৌন অভিমুখিতা হৈছে এজন ব্যক্তিয়ে আন এজন ব্যক্তিৰ প্ৰতি অনুভৱ কৰা আৱেগিক, ৰোমান্টিক বা যৌন আকর্ষণ। বিভিন্ন প্ৰকাৰৰ যৌন অভিমুখিতা আছে; উদাহৰণস্বৰূপে—

(ক) বিষমকামীঃ বিষমকামী লোকসকল ৰোমান্টিক আৰু শাৰীৰিকভাৱে বিপৰীত লিংগৰ সদস্যসকলৰ প্ৰতি আকৰ্ষিত হয়, বিষমকামী পুৰুষ-মহিলাৰ প্ৰতি আকৰ্ষিত হয় আৰু বিষমকামী মহিলা পুৰুষৰ প্ৰতি আকর্ষিত হয়। 

(খ) সমকামীঃ সমকামী লোকসকল ৰোমান্টিক আৰু শাৰীৰিকভাৱে সমলিংগৰ লোকৰ প্রতি আকৰ্ষিত হয়। আন মহিলাৰ প্ৰতি আকৰ্ষিত হোৱা মহিলাসকল সমকামী; আন পুৰুষৰ প্ৰতি আকৰ্ষিত হোৱা পুৰুষসকলক প্ৰায়ে সমকামী বুলি কোৱা হয়। সমকামী শব্দটো কেতিয়াবা সমকামী ব্যক্তিসকলক যিকোনো লিংগৰ বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰা হয়।

(গ) উভকামীঃ উভকামী লোকসকল ৰোমান্টিক আৰু শাৰীৰিকভাৱে দুয়োটা লিংগৰ সদস্যৰ প্ৰতি আকৰ্ষিত হয়।

(ঙ) অযৌনঃ যিসকল লোক অযৌন হয় তেওঁলোকে যৌনতাৰ প্ৰতি আগ্ৰহী নহ’ব পাৰে, কিন্তু তথাপিও তেওঁলোকে আন লোকৰ ওচৰত আৱেগিকভাৱে ওচৰ চাপিব খোজে।

17. ড্ৰাগ আৰু সুৰাৰ অপব্যৱহাৰৰ পৰিণাম কি? (What are the consequences of drug and alcohol abuse?)

উত্তৰঃ ড্ৰাগ আৰু সুৰাৰ অপব্যৱহাৰৰ পৰিণাম হৈছে—  

কৈশোৰত ড্ৰাগ আৰু সুৰাৰ অপব্যৱহাৰে তেওঁলোকৰ জীৱনত বিধ্বংসী পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে আৰু তেওঁলোকৰ পৰিয়ালকো বিৰূপ প্ৰভাৱ পেলাব পাৰে। যুৱ প্রাপ্তবয়স্ক আৰু কিশোৰ-কিশোৰীসকলৰ ক্ষেত্ৰত পদাৰ্থৰ অপব্যৱহাৰৰ কিছুমান সচৰাচৰ ক্ষতিকাৰক প্ৰভাৱ হৈছে— 

(ক) পাৰিবাৰিক সম্পৰ্ক ভঙা আৰু শুভাকাংক্ষীসকলৰ পৰা দূৰত্ব।

(খ) যুৱক-যুৱতীসকলৰ মাজত উদ্বেগ আৰু বিষাদ।

(গ) মানসিক শান্তি আৰু স্বাস্থ্যৰ সমস্যাৰ অভাৱ।

(ঘ) স্বাস্থ্যকৰ সম্পৰ্ক গঢ়ি তোলাত বিচ্ছিন্নতা আৰু সমস্যা।

(ঙ) মর্যাদা আৰু আত্মসন্মান বজাই ৰাখিবলৈ সমস্যাৰ সন্মুখীন হোৱা।

18. অপৰাধ প্ৰৱণতাৰ বংশগত আৰু মনোবৈজ্ঞানিক কাৰকবোৰৰ বিষয়ে আলোচনা কৰা । (Discuss crime tendencies and hereditary and psychological factors.)

উত্তৰঃ কিছু সংখ্যক শিক্ষাবিদে কয় যে অপৰাধীৰ জন্ম হয়, গঢ়ি নুঠে আৰু আন কিছুমানে কয় যে অপৰাধী গঢ়ি তোলা হয়, কিন্তু নজন্মে। ইয়াৰ বাবে বংশগত আৰু মনোবৈজ্ঞানিক কাৰকবোৰে প্রভাৱ পেলায়।

(ক) বংশগত কাৰকবোৰঃ অপৰাধ প্ৰৱণতা জন্মতেই গঢ় লয়। কিছুমান মনোবৈজ্ঞানিকৰ মতে শিশু মাতৃগৰ্ভত থকাৰ পৰা অপৰাধ প্রৱণতাই বিকাশ লাভ কৰে। ই ক্ৰম’জম আৰু জিনৰ বাবে সৃষ্টি হয়। অপৰাধ প্ৰৱণতাৰ কোনো সংলক্ষণ যদি পূৰ্ব-প্ৰজন্মৰ আছে তেন্তে ই পৰৱৰ্তী প্ৰজন্মলৈ গতি কৰে। শিশুৱে মাক-দেউতাকৰ পৰা শাৰিৰীক অবয়ব লাভ কৰে। কিছু সংখ্যক শিশুৱে কিছুমান সোঁচৰা বেমাৰো মাক-দেউতাকৰ পৰা লাভ কৰে। ঠিক এনে আন কিছুমান অপৰাধ প্ৰৱণতাৰ সংলক্ষণো লাভ কৰে।

(খ) মনোবৈজ্ঞানিক কাৰকবোৰঃ শিশুৰ অপৰাধ প্ৰৱণ আচৰণত মনোবৈজ্ঞানিক কাৰকবোৰেও বিশেষ ভূমিকা পালন কৰে। যেনে— কম বুদ্ধিসম্পন্ন অভিভাৱকসকলৰ প্ৰভাৱ তেওঁলোকৰ ল’ৰা-ছোৱালীৰ ওপৰতো পৰে। এনে শিশুসকলৰ ইচ্ছাশক্তি দুর্বল হয় আৰু আনৰ পৰামৰ্শ সকলো ক্ষেত্ৰতে গ্রহণ কৰে। নিজস্বতা বুলিবলৈ তেওঁলোকৰ একো নাই। মানসিকভাৱে অসুস্থ হ’লেও ল’ৰা-ছোৱালীবোৰে অপৰাধমূলক আচৰণ প্ৰদৰ্শন কৰা দেখা যায়। আৱেগৰ দমনেও অপৰাধ প্ৰৱণতাৰ জন্ম দিয়ে বুলি ক’ব পাৰি ।

ৰচনাধর্মী প্রশ্নোত্তৰঃ

1. অপৰাধ প্ৰৱণতাৰ কাৰণবোৰ বৰ্ণনা কৰা। এই সমস্যাবোৰ সমাধানৰ বাবে কেনে ব্যৱস্থা গ্ৰহণ কৰা উচিত? (Describe the causes of crime. What measures should be taken to address these issues?)

উত্তৰঃ অপৰাধ প্ৰৱণতাৰ মূল কাৰণবোৰ হ’ল—

(ক) শাৰীৰিক। 

(খ) মানসিক। আৰু

(গ) সামাজিক।

শাৰীৰিক অক্ষমতা যেনে— বিকলাংগ অৱস্থা, ভগ্নস্বাস্থ্য আদিৰ কাৰণে শিশুৱে অন্য ল’ৰা-ছোৱালীৰ দৰে স্বাভাৱিকভাৱে সামাজিক সম্পর্ক স্থাপন কৰাত ব্যৰ্থ হয়। দেহৰ যথাযথ বৃদ্ধিৰ অভাৱ বা অতিবৃদ্ধি, অর্জিত অথবা অনর্জিত বিকলাংগ অৱস্থা, ইন্দ্রিয়ানুভূতিৰ বৈকল্য, ৰুগ্নতা আদিয়ে ল’ৰা-ছোৱালীৰ মনৰ ধৈৰ্য আৰু শাস্তি নষ্ট কৰি অস্থিৰতা আৰু অস্বাভাৱিকতাৰ জন্ম দিয়ে।

সেইদৰেই মানসিকভাৱে বাধাগ্রস্ত যেনে– ক্ষীণ বুদ্ধিৰ হ’লেও বহুতো সময়ত ল’ৰা-ছোৱালীয়ে দুষ্কৃতিৰ আশ্ৰয় লোৱা দেখা যায়। ক্ষীণ বুদ্ধিয়ে সিহঁতক সহজে বিপথে যোৱাত সহায় কৰে। সেইদৰেই অতিমাত্রা মানসিক অস্থিৰতা, স্নায়ৱিক দুর্বলতা আৰু বিষণ্ণতাত ভোগা ল’ৰা-ছোৱালীবোৰে সহজভাৱে আনৰ লগত সামাজিক সম্পর্ক স্থাপন কৰাত ব্যৰ্থ হয় আৰু তেতিয়া অসামাজিক কামত লিপ্ত হৈ অহং ভাৱৰ পৰিতৃপ্তি বিচাৰে।

অপৰাধ প্ৰৱণতাৰ সমস্যাৰ সমাধানসমূহ হ’ল–

(ক) ঘৰৰ প্রভাৱঃ অসুস্থ গৃহ পৰিৱেশ বহুত সময়ত অপৰাধ প্ৰৱণতাৰ কাৰণ হ’ব পাৰে। ঘৰুৱা পৰিৱেশৰ এনেবোৰ কাৰণেই ঘাইকৈ দুষ্কাৰ্যত ইন্ধন যোগোৱাৰ কাৰণে দায়ী।

(খ) কুসংগঃ বেয়া সংগ হ’ল অসামাজিক আচৰণৰ এক মূল কাৰণ। ঘৰুৱা পৰিৱেশ শিশুৰ কাৰণে তৃপ্তিদায়ক নহ’লে সিহঁতে বাহিৰলৈ গৈ কুসংগীৰ লগত মিলিত হৈ জুৱাৰ আড্ডা, চহৰৰ দোকান, চিনেমা হলত, ৰাস্তাত ঘুৰি-পকি ফুৰি সেই নিৰানন্দময় অৱস্থাৰ ক্ষতি পূৰ কৰিব বিচাৰে। এইদৰেই কুসংগীৰ প্ৰৰোচনাত পৰি বহুতো স্বাভাৱিক ল’ৰা-ছোৱালী বিপথে যোৱা দেখা যায়।

(গ) অনুপযোগী স্কুলঃ সৰ্বসাধাৰণ স্কুলৰ বৈচিত্র্যহীন পাঠ্যক্ৰমে ল’ৰা-ছোৱালীৰ সৃজনী প্ৰতিভাৰ স্ফুৰণ হ’বলৈ খুব কমেই সুযোগ দান কৰে। সেয়েহে স্কুলত এক বুজন সংখ্যক ছাত্রই অমনোযোগিতা আৰু বিৰক্তিৰ ভাব প্ৰকাশ কৰে। ইয়াৰ উপৰিও অনুপযুক্ত শিক্ষক অপৰাধ প্ৰৱণতাৰ কাৰণে দায়ী হ’ব পাৰে। গতিকে স্কুলৰ শিক্ষা পৰিকল্পনা কৰোঁতে ছাত্ৰৰ বুদ্ধি, প্রতিভা আৰু ৰুচি-অভিৰুচিৰ কথা বিশেষভাৱে বিবেচনা কৰিব লাগে ।

(ঘ) সমাজৰ প্ৰভাৱঃ সমাজত ল’ৰা-ছোৱালীৰ কাৰণে প্ৰচুৰ পৰিমাণৰ অৱসৰ-বিনোদনৰ সুবিধা নাথাকিলেও সিহঁতৰ মনত এটা অস্থিৰ ভাব আৰু অবাঞ্ছিত কাম কৰাৰ প্ৰলোভন আহি পৰাটো একো অস্বাভাৱিক কথা নহয়। এনে অৱস্থাত বাহিৰত অবাঞ্ছিত কামত লিপ্ত হ’বলৈ উদ্দেশ্য বিহীনভাৱে ঘূৰি ফুৰিবলৈ, অসৎ উপায়ে অর্থ সংগ্ৰহ কৰিবলৈ আৰু অন্যান্য বিবিধ অসামাজিক কাম কৰিবলৈ ল’ৰা-ছোৱালীবোৰে উৎসাহ পায় ।

(ঙ) বিনোদনৰ নতুন উপায়ঃ বর্তমান সময়ৰ কিশোৰ-কিশোৰীসকলৰ বাবে বিনোদনৰ নতুন কিছুমান উপায় উদ্ভাৱন হৈছে যিবোৰৰ সবলতা আৰু দুৰ্বলতা দুয়োটাই আছে। কমিক কিতাপ, সস্তীয়া কিতাপ তথা আলোচনী, চিনেমা, টেলিভিছনৰ কিছুমান অনুষ্ঠানে তেওঁলোকৰ আগ্ৰহ পঢ়াৰ পৰা আঁতৰাই আনে। বাস্তৱ জগতৰ লগত সম্বন্ধ নথকা বিষয়বস্তুবোৰৰ বাবে তেওঁলোকৰ আৱেগিক বিকাশ ভালদৰে নহয় আৰু অপৰাধ প্ৰৱণ কিছুমান আচৰণ প্ৰদৰ্শন কৰিবলৈ ধৰে। 

2. অপৰাধ প্ৰৱণতা প্ৰতিৰোধৰ ক্ষেত্ৰত বিদ্যালয়ে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহ উল্লেখ কৰা। (Mention the measures taken in schools to prevent crime.)

উত্তৰঃ অপৰাধ প্ৰৱণতা প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত বিদ্যালয়ৰ ভূমিকা অপৰিহার্য। বিদ্যালয়ক গণতন্ত্ৰৰ দুৰ্গস্বৰূপ বুলি ক’ব পৰা যায়। যেনে—

(ক) এক সুস্থ সামাজিক পৰিৱেশ সকলো কিশোৰ-কিশোৰীৰ বাবে প্ৰদানৰ ব্যৱস্থা কৰিব লাগে। শিক্ষকসকলে ব্যক্তিগতভাৱে প্রত্যেক কিশোৰ-কিশোৰীৰ ব্যক্তিত্ব বিকাশৰ প্রচেষ্টা গ্রহণ কৰিব লাগে।

(খ) বিদ্যালয়সমূহৰ নিয়ন্ত্ৰিত স্বাধীনতা নীতিৰ আধাৰত অনুশাসন কার্য চলাব লাগে। 

(গ) পুথিভঁড়াল হৈছে বিদ্যালয়বোৰৰ কেন্দ্ৰস্বৰূপ। শিক্ষাৰ্থীসকলৰ বাবে সকলো প্ৰকাৰৰ কিতাপ-পত্ৰ তাতে মজুত ৰাখিব লাগে ।

(ঘ) কিশোৰ-কিশোৰীসকলৰ মনোযোগ আকৰ্ষিত কৰিব পৰাকৈ বৃহৎ সংখ্যক সহঃপাঠ্যক্রমিক কার্যসূচী সংগঠনৰ ব্যৱস্থা কৰিব লাগে।

(ঙ) শিক্ষকসকলে স্থানীয় পৰ্যায়ত দেখা দিয়া সামাজিক সমস্যাসমূহ সমাধানৰ ব্যৱস্থা কৰিব লাগে।

(চ) প্রত্যেক কিশোৰ-কিশোৰীৰে কিছুমান নিজস্ব ক্ষমতা আৰু দক্ষতা থাকে। শিক্ষকসকলে শিক্ষাৰ্থীসকলৰ এই দক্ষতাবোৰ বিকশাই তোলাৰ ব্যৱস্থা কৰিব লাগে।

(ছ) বিদ্যালয়সমূহত প্ৰতিকাৰমূলক পাঠদানৰ ব্যৱস্থা কৰিব লাগে।

3. অপৰাধ প্ৰৱণতা প্ৰতিৰোধৰ ক্ষেত্ৰত পৰিয়ালে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহৰ বিষয়ে আলোচনা কৰা। (Mention the steps taken by the family to prevent crime.) 

উত্তৰঃ পৰিয়ালৰ সদস্যসকলে অপৰাধ প্রৱণতা প্ৰতিৰোধৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহ তলত উল্লেখ কৰা হ’ল—

(ক) সৰু পৰিয়াল সুখী পৰিয়াল। এনে পৰিয়ালত মাক- দেউতাকে কিশোৰ-কিশোৰীক ব্যক্তিগত মনোযোগ দিব পাৰে আৰু প্ৰত্যেক কিশোৰ-কিশোৰীৰ অর্থনৈতিক প্রয়োজন পূৰণ কৰিব পাৰে।

(খ) পৰিয়ালে সদায় কিশোৰ-কিশোৰীসকলক এক সুস্থ আৰু উপযুক্ত সামাজিক পৰিৱেশ প্ৰদান কৰিব লাগে আৰু সদস্যসকলে এই কথাৰ প্ৰতি মনোযোগ দিব লাগে যে ল’ৰা-ছোৱালীবোৰ হৈছে দেশৰ ভৱিষ্যত। 

(গ) কিশোৰ-কিশোৰীসকলৰ মাক-দেউতাকে এক নিৰ্দিষ্ট পৰিমাণৰ খৰচ প্ৰদান কৰিব লাগে।

(ঘ) শিশুসকলৰ প্ৰতি মাক-দেউতাকৰ মনোভাৱ ভাৰসাম্য আৰু নিৰপেক্ষ প্ৰকৃতিৰ হ’ব লাগে।

(ঙ) অভিভাৱকসকলে শিশুসকলৰ কাম-কাজবোৰ নিৰীক্ষণ আৰু পৰ্যবেক্ষণ কৰিব লাগে৷ 

(চ) অভিভাৱকসকলে কিশোৰ-কিশোৰীসকলক উপযুক্ত নির্দেশনা প্রদান কৰিব লাগে আৰু তাৰ ব্যৱস্থাও কৰি দিব লাগে। 

(ছ) পঢ়াৰ লগত জড়িত থকা ল’ৰা-ছোৱালীবোৰক গৃহকৰ্ম কৰিব দিব লাগে আৰু ইয়াৰ বাবে প্ৰয়োজন হোৱা সামগ্ৰীসমূহৰ যোগান ধৰিব লাগে ।

(জ) কিশোৰ-কিশোৰীসকলে যাতে ভাল অভ্যাস গঠন কৰে সেইপিনে অভিভাৱকে নজৰ দিব লাগে।

(ঝ) ঘৰৰ সদস্যসকলে কিশোৰ-কিশোৰীসকলৰ বাবে উপযুক্ত বিনোদনৰ ব্যৱস্থা কৰিব লাগে।

কিশোৰ-কিশোৰীৰ সৰ্বাত্মক বিকাশত আৱেগিক আৰু ব্যক্তিত্বৰ বিকাশে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। কিশোৰ-কিশোৰীসকলে সামাজিক পৰিৱেশত সুস্থভাৱে সমাযোজিত হৈ এই দিশত বৰঙণি আগবঢ়াব লাগে। কিয়নো সুস্থ সমাযোজনে সুস্থ ব্যক্তিত্ব আৰু অসুস্থ সমাযোজনে কিশোৰ-কিশোৰীৰ অসুস্থ ব্যক্তিত্ব গঢ়ি তোলে।

4. কৈশোৰ অপৰাধ প্ৰৱণতা বুলিলে কি বুজা? অপৰাধ প্ৰৱণতাৰ বিভিন্ন কাৰণসমূহ আলোচনা কৰি ইয়াৰ প্ৰতিকাৰ সম্ভাব্য উপায়সমূহ আলোচনা কৰা । (What do you mean by juvenile delinquency? Discuss the different factors of crime tendency and possible ways to remedy it.)

উত্তৰঃ সামাজিকভাৱে অগ্রহণীয় আৰু আইনমতে দণ্ডনীয় কার্যকলাপত লিপ্ত থকাসকল সমাজ আৰু আইনৰ চকুত অপৰাধী আৰু তেওঁলোকে কৰা সমাজবিৰোধী কাৰ্যকলাপবোৰেই হ’ল অপৰাধ । যেতিয়া এনে অপৰাধ এজন কিশোৰে প্ৰদৰ্শন কৰে তেতিয়া তেওঁক কিশোৰ অপৰাধী বোলা হয়। প্রায় প্রত্যেক সমাজতে দেখা যায় বহুতো প্রাপ্তবয়স্ক লোকৰ আচৰণ সামাজিক ৰীতি-নীতিৰ লগত খাপ নোখোৱা আৰু আনৰ বাবে ক্ষতিকাৰক, ইয়াৰে কিছুমান আচৰণ আইন মতে দণ্ডনীয়। কিশোৰ অৱস্থাত অপৰাধৰ প্ৰতি থকা ঢাল বা আশ্রয়কে অপৰাধ প্রৱণতা বোলা হয়। যিবিলাক কিশোৰে সমাজৰ ৰীতি-নীতি শিকি-বুজি ল’বলৈ অৱহেলা কৰে, তেওঁলোকেই অপৰাধী হ’বলৈ প্ৰয়াস কৰে।

অপৰাধ প্ৰৱণতাৰ কাৰণঃ মনোবিদ আৰু সমাজবিদসকলে অপৰাধ প্ৰৱণতাৰ কিছুমান সাধাৰণ কাৰণ উদ্ভাৱন কৰিবলৈ সক্ষম হৈছে। এই কাৰণবিলাকক বহুলভাৱে পাঁচটা ভাগত ভাগ কৰিব পাৰি। যেনে — 

(ক) মনোবৈজ্ঞানিক কাৰণ।  

(খ) পৰিৱেশীয় কাৰণ।

(গ) বংশগতিমূলক কাৰণ।

(ঘ) ব্যক্তিগত কাৰণ। আৰু 

(ঙ) সামাজিক কাৰণ।

(ক) মনোবৈজ্ঞানিক কাৰণঃ কিছুমান মনোবৈজ্ঞানিক কাৰণতো ল’ৰা-ছোৱালী অপৰাধপ্রৱণ হয়। নিম্ন বুদ্ধিমাত্রা, মানসিক বা শাৰীৰিকভাৱে বাধাগ্ৰস্থতা, মৰম-চেনেহৰ অভাৱ বা অতিপাত মৰম-চেনেহ কৰা আৰু অশুদ্ধ অনুবন্ধনে ল’ৰা-ছোৱালীক অপৰাধপ্ৰৱণ কৰি তোলে।

(খ) পৰিৱেশীয় কাৰণঃ বহুতো মনোবিদে বিশ্বাস কৰিছিল যে অপৰাধ প্ৰৱণতা পৰিৱেশৰ ফলত উদ্ভৱ হয়। নগৰীয়া জীৱনৰ পৰিস্থিতি কাৰক গাঁৱলীয়া জীৱনৰ পৰিস্থিতি কাৰকতকৈ বহুত বেলেগ। যিমান নগৰৰ ওচৰ চপা যায় সিমানে অপৰাধৰ মাত্ৰা বৃদ্ধি পায়। নগৰৰ ভিতৰৰ আৰু কাষৰ বস্তিবিলাকত অপৰাধীৰ সংখ্যা তুলনামূলকভাৱে বেছি। ঠিক সেইদৰে পৰিয়ালৰ কিছুমান অশুভ প্রভাৱসমূহ যেনে— দৰিদ্ৰতা, পৰিয়ালত দোষমুক্ত সম্বন্ধ, পৰিয়ালত দোষমুক্ত অনুশাসন, দুৰাচাৰী ঘৰ, পিতৃ-মাতৃ উভয়ে জেলত থকা, পিতৃ-মাতৃয়ে পুতেক-জীয়েকক অপৰাধমূলক কামত লিপ্ত কৰা, ল’ৰা-ছোৱালীৰ অপৰাধমূলক কাম দেখিও আওকাণ কৰা, জানি শুনি ল’ৰা-ছোৱালীক অপৰাধ বৃত্তি শিকোৱা, ৰাগীয়াল বস্তু সেৱন কৰা, পিতৃ মাতৃৰ শাৰীৰিক অসুস্থতা, ল’ৰা-ছোৱালীৰ শৰীৰৰ প্ৰতি যত্ন নোলোৱা আদি। আনহাতে বিদ্যালয়ত অনুশাসনৰ অভাৱ, শিক্ষকৰ নেতৃত্বহীনতা, শিক্ষক অভিভাৱকৰ সহযোগৰ অভাৱ, ছাত্র-ছাত্রীক সম্পূর্ণ নিষ্ক্রিয় কৰি ৰখা শিক্ষাদান পদ্ধতি, ছাত্ৰ-ছাত্ৰীৰ ওপৰত দায়িত্ব অৰ্পণৰ অভাৱ, আসোঁৱাহপূৰ্ণ পৰীক্ষা পদ্ধতি, শৈক্ষিক আৰু বৃত্তিমূলক নিৰ্দেশনাৰ অভাৱ আদিয়ে কিশোৰসকলক অপৰাধপ্ৰৱণ কৰি তুলিব পাৰে।

(গ) বংশগতিমূলক কাৰণঃ ক্ষীণ বুদ্ধিমত্তাক অপৰাধ প্রৱণতাৰ বংশগতিমূলক কাৰণ হিচাপে মনোবিজ্ঞানীসকলে ব্যাখ্যা কৰিছে। অপৰাধ প্রৱণতা ব্যক্তিৰ মাজত ক্ষীণ বুদ্ধিৰ ব্যক্তিৰ সংখ্যাই অনেক বেছি। কাৰণ তেওঁলোকে কি কাম কৰিলে কি ফলাফল হ’ব সেই সম্পর্কেও তেওঁলোকে এটা সুস্থ ধাৰণা ল’ব নোৱাৰে আৰু অপৰাধ প্রৱণ হৈ উঠে।

(ঘ) ব্যক্তিগত কাৰণঃ বিশেষ পৰিস্থিতিত কিছুমান ব্যক্তিৰ শৰীৰৰ কিছুমান বৈশিষ্ট্য যেন— হিংসাত্মক কার্যৰ বাবে উপযুক্ত, জেপ লুৰুকাৰ বাবে সূচল নিমজ আঙুলিৰ এখন লাহী হাত, কোমল বয়সৰ নিৰপৰাধী এটা শিশুৰ দ্বাৰা অসৎ কাম কৰাবলৈ সূচল আদিৰ বাবে বহুলোকে বহুতো শিশুক অপৰাধী কৰি গঢ়ি তোলে।

(ঙ) সামাজিক কাৰণঃ সমাজৰ কোনো দল বা ব্যক্তিৰ মাজত উদ্ভৱ হোৱা সংঘাত, যুদ্ধ আদিৰ সময়ত হোৱা উদ্বেগ, প্রাকৃতিক দুর্যোগ, জনসংযোগ মাধ্যমৰ জৰিয়তে অসামাজিক তথ্যৰ যোগান আদিয়েও ল’ৰা-ছোৱালীক অপৰাধমূলক কাৰ্যৰ প্রতি প্রবলভাৱে আকর্ষিত কৰে।

অপৰাধ প্ৰৱণতাৰ প্ৰতিৰোধঃ অপৰাধ প্ৰৱণতা ৰোধ কৰিবৰ কাৰণে পৰিয়াল, বিদ্যালয় আৰু সমাজে তলৰ ব্যৱস্থাসমূহ লোৱাটো নিতান্তই প্রয়োজন । 

(ক) ঘৰ-দুৱাৰ, আচবাব-পত্র, প্রশাসন আদি সকলো মিলি অনুষ্ঠান হিচাপে বিদ্যালয়ৰ এটা সুস্থ-সবল ব্যক্তিত্ব গঢ়ি তুলিব লাগে যাতে প্রত্যেক ছাত্ৰ-ছাত্ৰীয়ে নিজৰ ব্যক্তিত্ব গঢ়ি তুলিবলৈ কিছুমান স্পষ্ট দিশ বিচাৰি পায় । 

(খ) বিদ্যালয়ৰ পাঠ্যক্রম, শিক্ষাদান আৰু মূল্যায়ন পদ্ধতি ছাত্র-ছাত্রী বয়সৰ উপযোগীকৈ তেওঁলোকৰ বয়সৰ প্ৰয়োজন পূৰাব পৰা, মনোগ্ৰাহী আৰু আধুনিক জীৱন-নির্বাহ প্ৰণালীৰ লগত সংগতিপূৰ্ণ হ’ব লাগে।

(গ) ল’ৰা-ছোৱালীৰ ওপৰত কোনোধৰণৰ অশুভ প্রভাৱ যাতে পৰিব নোৱাৰে তাৰ বাবে পৰিয়ালৰ সকলো ব্যক্তি সচেতন হোৱা দৰকাৰ।

(ঘ) পৰিয়ালত হোৱা কথা-বতৰাৰ ভাষা, আলোচনা-বিলোচনাৰ বিষয়বস্তু, কাৰ্যকলাপৰ প্রকৃতি আদি উচ্চ পৰ্যায়ৰ হ’ব লাগে যাতে ল’ৰা-ছোৱালীৰ প্ৰবৃত্তিসমূহ উন্নত দিশৰ প্রতি ঢাল ল’ব পাৰে।

(ঙ) নগৰবিলাকত অপৰাধমূলক কাৰ্যৰ বাবে অনুকূল পৰিৱেশ নাইকিয়া কৰিব লাগে। 

(চ) বিভিন্ন জনসংযোগৰ মাধ্যমত যৌনমূলক আৰু হিংসাত্মক উপাদান কমাবৰ বাবে প্রবল জনমত গঢ়ি তুলিব লাগে।

(ছ) মান্যভাৱে বিপথগামী হোৱা পৰিলক্ষিত হ’লেই ল’ৰা-ছোৱালীৰ প্ৰতি বিশেষ চকু দিব লাগে।

(জ) ল’ৰা-ছোৱালীক আদৰ-যত্নৰ পৰা কাহানিও বঞ্চিত কৰিব নালাগে। অৱশ্যে অত্যাধিক আদৰত ৰাখিলেও ল’ৰা-ছোৱালী নষ্ট হোৱাৰ ভয় থাকে।

(ঝ) যথেষ্ট পৰিমাণৰ সহ-পাঠ্যক্রমিক কাৰ্যাৱলীৰ সুবিধা থাকিব লাগে যাতে বাঢ়ি অহা ছাত্ৰ-ছাত্ৰীয়ে নিজৰ ৰাপ, ৰুচী আৰু দক্ষতা অনুযায়ী কাৰ্য বাচি ল’ব পাৰে। 

(ঞ) বিদ্যালয়ত শৈক্ষিক আৰু বৃত্তিমূলক নিৰ্দেশনাৰ সুবিধা থাকিব লাগে ।

5. অপৰাধ প্ৰৱণ কিশোৰ-কিশোৰীৰ বৈশিষ্ট্যবোৰ উল্লেখ কৰা । (Mention the characteristics of a juvenile delinquent.) 

উত্তৰঃ অপৰাধ প্ৰৱণ কিশোৰ-কিশোৰীৰ বৈশিষ্ট্যবোৰ হ’ল–

(ক) ১২-১৩ বছৰৰ পৰা ১৮ বছৰ বয়সীয়া আইন উলংঘাকাৰী ল’ৰা-ছোৱালীক অপৰাধ  প্ৰৱণ বুলি কোৱা হয়।

(খ) অপৰাধ প্ৰৱণ কিশোৰ-কিশোৰীৰ গোট হিচাপে থকা এটা উমৈহতীয়া বৈশিষ্ট্য হ’ল শিক্ষাহীনতা আৰু কিছু পৰিমাণৰ বৌদ্ধিক হীনমান্যতা।

(গ) মৌখিক চিহ্ন অথবা প্রতীকবোৰ চিনাক্ত কৰাত অপৰাধ প্ৰৱণ কিশোৰ-কিশোৰী সাধাৰণতে দুৰ্বল।

(ঘ) এনে কিশোৰ-কিশোৰী স্বাভাৱিকতে সামাজিক প্ৰকৃতিৰ। সিহঁতে অন্যৰ সৈতে সহজে সংযোগ স্থাপন কৰিব পাৰে।

(ঙ) এনে কিশোৰ-কিশোৰী নিজৰ বয়সৰ ল’ৰা-ছোৱালীৰ সৈতে সু-সম্পর্ক গঢ়ি তুলিবলৈ সক্ষম। সিহঁতে সাধাৰণতে সফলতাৰে অপৰাধী দল গঠন আৰু তদাৰক কৰিব পাৰে।

(চ) অপৰাধ প্ৰৱণ কিশোৰ-কিশোৰীবোৰৰ প্ৰকৃতি সাধাৰণতে অশান্ত আৰু অস্থিৰ।

(ছ) অপৰাধ প্ৰৱণ কিশোৰ-কিশোৰীবোৰ সাধাৰণতে আৱেগিকভাৱে অপৰিপক্ক। সিহঁত কেতিয়াবা আৱেগিকভাৱে অস্থিৰ, কেতিয়াবা পৰিয়াল নাইবা চৌপাশত চলি থকা আৱেগিক উত্তেজনাৰ প্ৰতি অস্বাভাৱিকভাৱে সংবেদনশীল হয়।

(জ) শিক্ষক আৰু অন্য বিদ্যালয় কৰ্মচাৰীৰ মাজত এনে কিশোৰ-কিশোৰী সাধাৰণতে জনপ্রীয় নহয়।

(ঝ) অপৰাধ প্ৰৱণ কিশোৰ-কিশোৰীৰ কিছুমান নেতিবাচক গুণ থাকে। যেনে– নিৰ্ভৰশীলতা, বাস্তৱিক প্রশংসাৰ দ্বাৰা সন্তুষ্টি লাভ কৰাৰ অসমর্থতা, হতাশাগ্রস্ততা, অভ্যাস নিয়ন্ত্ৰণ কৰাৰ অক্ষমতা ইত্যাদি ।

(ঞ) অপৰাধ প্রৱণ কিশোৰ-কিশোৰীয়ে অন্য লোক নাইবা পৰিৱেশক লৈ ভয় নাখায় অথবা সন্ত্রাসিত নহয়। ইয়াৰ পৰিৱৰ্তে সিহঁতে এনে ভাবুকিৰ বিৰুদ্ধে যুঁজে। ইয়াৰ ফলস্বৰূপে সিহঁত আগ্রাসী, উগ্র, মেজাজ, সন্দেহবাদী, হিংসাকুৰীয়া আৰু কাজিয়াপ্রিয় হয়।

6. কৈশোৰকালৰ অপৰাধ প্ৰৱণতা নাইকিয়া কৰাত পিতৃ-মাতৃ আৰু শিক্ষকৰ ভূমিকা বৰ্ণনা কৰা । (Describe the role of parents and teachers in ending adolescent crime tendency.) 

উত্তৰঃ অপৰাধ প্ৰৱণতাৰ কাৰণবোৰ সমাধান কৰাৰ দায়িত্ব সমগ্ৰ সমাজখনৰে লোকসকলৰ। পৰিয়াল, বিদ্যালয়, সমাজ তথা ৰাষ্ট্ৰ সকলোবোৰ মাধ্যমেই অপৰাধ প্ৰৱণতা প্ৰতিকাৰৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা উচিত।

পিতৃ-মাতৃৰ ভূমিকাঃ

(ক) ঘৰত কিশোৰ-কিশোৰীসকলক এক সুস্থ আৰু উপযুক্ত সামাজিক পৰিৱেশ প্ৰদান কৰিব লাগে আৰু সদস্যসকলে এই কথাৰ প্ৰতি মনোযোগ দিব লাগে যে ল’ৰা-ছোৱালীবোৰ হৈছে দেশৰ ভৱিষ্যত।

(খ) সৰু পৰিয়ালবোৰ সদায় সুখী পৰিয়াল। এনে পৰিয়ালত মাক-দেউতাক কিশোৰ কিশোৰীৰ ব্যক্তিগত মনোযোগ দিব পাৰে আৰু প্ৰত্যেক কিশোৰ-কিশোৰী অৰ্থনৈতিক প্রয়োজন পূৰণ কৰিব পাৰে ।

(গ) অভিভাৱকসকলৰ এইটো এটা দায়িত্ব যে কিশোৰ- কিশোৰীসকলক উপযুক্ত নির্দেশনা প্ৰদান কৰিব লাগে বা তাৰ বাবে ব্যৱস্থা কৰি দিব লাগে।

(ঘ) অভিভাৱকসকলে শিশুসকলৰ কাম-কাজবোৰ নিৰীক্ষণ আৰু পৰ্যবেক্ষণ কৰিব লাগে। 

(ঙ) শিশুসকলৰ প্ৰতি মাক-দেউতাকৰ মনোভাৱ ভাৰসাম্য আৰু নিৰপেক্ষ প্ৰকৃতিৰ হ’ব লাগে।

(চ) শিশুসকলক পঢ়াৰ লগত জড়িত গৃহকর্ম কৰিব দিব লাগে আৰু ইয়াৰ বাবে প্রয়োজন হোৱা সামগ্ৰীবোৰৰ মাক-দেউতাকে যথাক্রমে ব্যৱস্থা কৰি দিব লাগে।

(ছ) কিশোৰ-কিশোৰীসকলৰ মাক-দেউতাকে এক নিৰ্দিষ্ট পৰিমাণৰ জেপ খৰচ প্ৰদান কৰিব লাগে। 

(জ) অভিভাৱকে এইটো নিৰীক্ষণ কৰিব লাগে যে কিশোৰ-কিশোৰীসকলে ভাল অভ্যাস গঠন কৰিছে।

শিক্ষকৰ ভূমিকাঃ

(ক) এক সুস্থ সামাজিক পৰিৱেশ সকলো কিশোৰ-কিশোৰীৰ বাবে প্ৰদানৰ ব্যৱস্থা কৰিব লাগে। শিক্ষকসকলে ব্যক্তিগতভাৱে প্রত্যেক কিশোৰ-কিশোৰীৰ ব্যক্তিত্ব বিকাশৰ প্রচেষ্টা গ্রহণ কৰিব লাগে ।

(খ) প্রত্যেক কিশোৰ-কিশোৰীৰে কিছুমান নিজস্ব ক্ষমতা আৰু দক্ষতা থাকে। শিক্ষকসকলে কিশোৰ-কিশোৰীৰ সেই দক্ষতাবোৰ বিকশাই তোলাৰ ব্যৱস্থা কৰিব লাগে।

(গ) শিক্ষকসকলে স্থানীয় পৰ্যায়ত দেখা দিয়া সামাজিক সমস্যাসমূহো সমাধানৰ ব্যৱস্থা কৰিব লাগে।

(ঘ) শিক্ষকসকল সহানুভূতিশীল মনোভাৱাপন্ন হোৱা উচিত। শিক্ষকে অপৰাধ প্ৰৱণ কিশোৰ-কিশোৰীয়ে যুঁজি থকা সমস্যাবোৰ অনুধাৱন কৰি সিহঁতক তেনে পৰিস্থিতিৰ পৰা বাহিৰ ওলোৱাত সহায় কৰা উচিত। তেওঁ এনে কিশোৰ-কিশোৰীৰ সৈতে এটা সর্বাত্মক মানৱীয় সম্পর্ক গঢ়ি তোলা উচিত।

(ঙ) শিক্ষকৰ দিক্‌-নিৰ্দেশনা থকা দলীয় কার্যকলাপ আৰম্ভ কৰিব লাগে। যেনে– দলীয় নাট, দলীয় ক্রীড়া, স্কাউটিং, সমাজ সেৱা, দলীয় থেৰাপি ইত্যাদি। এনেবোৰ কামে ল’ৰা-ছোৱালীৰ আত্মবোধ আৰু মহা-আত্মবোধ শক্তিশালী কৰি তোলে।

(চ) বিশেষ সমস্যা বুজিবলৈ শিক্ষকসকলে চিকিৎসা মনোবৈজ্ঞানিক সেৱাৰ সহায় লোৱা উচিত।

7. ‘অপৰাধ প্ৰৱণতা জন্মগত’ – উক্তিটো আলোচনা কৰা। (Discuss the phrase ‘crime tendency is innate’.) 

উত্তৰঃ কিছু সংখ্যক শিক্ষাবিদে কয় যে অপৰাধীৰ জন্ম হয়, গঢ়ি নুঠে। সেয়েহে এইটো প্ৰয়োজনীয় যে আমি অপৰাধ প্ৰৱণতাৰ কাৰণবোৰ বিশ্লেষণ কৰিব লাগিব। সেইবোৰ হ’ল—

বংশগত কাৰকবোৰঃ

(ক) অপৰাধ প্ৰৱণতা জন্মতেই গঢ়ি উঠে। কিছু সংখ্যক মনোবৈজ্ঞানিকৰ মতে শিশু মাতৃগৰ্ভত থকাৰ পৰা অপৰাধ প্ৰৱণতাই বিকাশ লাভ কৰে। ই ক্ৰম’জ’ম আৰু জিনৰ বাবে সৃষ্টি হয়। অপৰাধ প্ৰৱণতাৰ কোনো সংলক্ষণ যদি পূৰ্ব প্ৰজন্মৰ আছে তেন্তে ই পৰৱৰ্তী প্ৰজন্মলৈ গতি কৰিব পাৰে।

(খ) শিশুৱে মাক-দেউতাকৰ পৰা শাৰীৰিক অৱয়ব লাভ কৰে। কিছু সংখ্যক শিশুৱে কিছুমান সোঁচৰা বেমাৰো মাক- দেউতাকৰ পৰা লাভ কৰে। ঠিক এনেদৰে আন কিছুমান অপৰাধ প্ৰৱণতাৰ সংলক্ষণো লাভ কৰে। উড আৰু ওৱেইট নামৰ মনোবিদ দুজনৰ মতে ব্যক্তিৰ দৈহিক দোষ-ত্রুটি, বেমাৰ আৰু দুৰ্বলতা আদিৰ পৰাও অপৰাধ প্ৰৱণতাই গঢ় ল’ব পাৰে৷

মনোবৈজ্ঞানিক কাৰকবোৰঃ শিশুৰ অপৰাধ প্ৰৱণ আচৰণত মনোবৈজ্ঞানিক কাৰকবোৰেও বিশেষ ভূমিকা পালন কৰে। মনোবৈজ্ঞানিক কাৰণবোৰে দৰ্শোৱায় যে অপৰাধ প্ৰৱণতা জন্মগত। যেনে—

(ক) কম বুদ্ধিসম্পন্ন অভিভাৱকসকলৰ প্ৰভাৱ তেওঁলোকৰ ল’ৰা-ছোৱালীৰ ওপৰতো পৰে। এনে শিশুসকলৰ ইচ্ছা শক্তি দুর্বল হয় আৰু আনৰ পৰামৰ্শ সকলো ক্ষেত্ৰতে গ্ৰহণ কৰে। নিজস্বতা বুলিবলৈ তেওঁলোকৰ একো নাই। 

(খ) মানসিকভাৱে অসুস্থ হ’লেও ল’ৰা-ছোৱালীবোৰে অপৰাধমূলক আচৰণ প্ৰদৰ্শন কৰা দেখা যায়।

(গ) আৱেগৰ দমনেও অপৰাধ প্ৰৱণতাৰ জন্ম দিয়ে বুলি কয়।

(ঘ) আৱেগিক সুৰক্ষাৰ অভাৱ আৰু ঘৰত চলি থকা মাত্রাধিক উদ্বেগজনক পৰিস্থিতি। 

(ঙ) বয়ঃসন্ধিকাল হ’ল যৌন পৰিপক্কতা লাভৰ স্তৰ। কিন্তু উপযুক্ত যৌন শিক্ষাৰ অভাৱত যৌনতা সম্পর্কে পক্ষপাতিত্বমূলক মনোভাৱ গঢ়ি উঠে। ইয়াৰ ফলতো কিশোৰ-কিশোৰী অপৰাধ প্ৰৱণ হৈ উঠিব পাৰে।

দেহ-মনৰ পূৰ্ণ উদ্যম আৰু প্ৰেৰণাৰ সময়খিনিতেই একো কৰিবলৈ নথকা এক অসহনীয় পৰিস্থিতিয়ে তেওঁলোকৰ মানসিক ভাৰসাম্য নোহোৱা কৰি পেলায়। তেওঁলোকৰ মনৰ হতাশা, নিৰাশা, ব্যর্থতা, ক্ষোভ আদি পঞ্জীভূত দুখ-বেদনাসমূহ অপৰাধ প্রৱণতাৰ এক অশুভ ৰূপত আত্মপ্রকাশ কৰি উঠে। সমাজৰ ওপৰত আৰু নিজৰ ওপৰতো প্ৰতিশোধৰ এক আত্মপীড়নৰ মনোভাৱে দেখা দিয়ে। ফলত তেওঁলোকৰ মনত আইন অমান্য আৰু ভংগ কৰা এক অসুস্থ আৰু অস্বাভাৱিক প্ৰৱণতাই সকলো চিন্তা, ক্ৰিয়া আৰু আচৰণ পৰিচালিত কৰে। সকলো ব্যক্তি, বিষয় আৰু পৰিস্থিতিৰ প্ৰতি এক নেতিবাচক মনোভাব গঢ়ি উঠে। কিশোৰ-কিশোৰীৰ এই ব্যক্তিগত সমস্যা নিজৰ আৰু সমাজৰো জটিল সমস্যাত পৰিণত হোৱাত সহায় কৰে। 

ওপৰোক্ত আলোচনাৰ পৰা ক’ব পৰা যায় যে “অপৰাধ প্ৰৱণতা জন্মগত।” কিশোৰ-কিশোৰীৰ সর্বাত্মক বিকাশত আৱেগিক আৰু ব্যক্তিত্ব বিকাশে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। কিশোৰ- কিশোৰীসকলে সামাজিক পৰিৱেশত সুস্থভাৱে সমাযোজিত হৈ এই দিশত বৰঙণি আগবঢ়াব পাৰে।

8. ‘ব্যক্তিক অপৰাধ প্ৰৱণ কৰি তোলা হয়’– উক্তিটো আলোচনা কৰা । (Discuss the phrase ‘The person is prone to crime’.)

উত্তৰঃ কিছু সংখ্যক শিক্ষাবিদে কয় যে অপৰাধী গঢ়ি তোলা হয়, কিন্তু নজন্মে। কিশোৰ কিশোৰীৰ মনত অপৰাধ প্ৰৱণতা গঢ় লোৱাৰ আঁৰত কোনবোৰ কাৰক থাকে সেয়া বুজাটো আমাৰ বাবে দৰকাৰী। অপৰাধমূলক আচৰণ সাধাৰণতে ল’ৰাবোৰেহে প্ৰদৰ্শন বেছিকৈ কৰা দেখা যায়। ছোৱালীৰ ক্ষেত্ৰত অপৰাধ প্ৰৱণতা কম হোৱা দেখা যায়। যিয়েই নহওঁক কিয় অপৰাধ প্ৰৱণতা সৃষ্টি হোৱাৰ মূলতে নানা ধৰণৰ কাৰক থাকে। “লম্বোচা” নামৰ চিন্তাবিদ গৰাকীয়ে প্ৰকাশ কৰিছিল যে অপৰাধী শিশুসকল এটি বেলেগ শ্ৰেণীৰ মানুহ, সিহঁতৰ চেহেৰা পাতিও অন্য ধৰণৰ। কিন্তু এই ধাৰণাক মনোবিজ্ঞানীসকলে প্রত্যাখ্যান কৰিছে। মনোবিজ্ঞানীসকলে কয় যে বিভিন্ন পৰিৱেশীয় আৰু সামাজিক কাৰকবোৰে অপৰাধী গঢ়ি তোলাত সহায় কৰে। এই কাৰকবোৰ এনে ধৰণৰ—

(ক) ঘৰত দৰিদ্ৰতাঃ ঘৰত দৰিদ্ৰতাইও অপৰাধ প্ৰৱণতাত ইন্ধন যোগায়। অতি দৰিদ্ৰ ঘৰত ল’ৰা-ছোৱালীয়ে কৈশোৰ কালৰ বৈশিষ্ট্য অনুযায়ী নিজকে সজোৱাৰ আকাংক্ষা পূৰণ কৰিব নোৱাৰি হতাশগ্ৰস্ত হৈ পৰে আৰু অনেক সময়ত চৌর্য বৃত্তি অৱলম্বন কৰিও ধনী ঘৰৰ ল’ৰা-ছোৱালীৰ দৰে চলিবলৈ বিচাৰে।

(খ) ভগ্ন পৰিয়ালঃ ভগ্ন পৰিয়াল হ’ল সেইসমূহ পৰিয়াল য’ত স্বামী আৰু স্ত্ৰীৰ মাজত কোনো ধৰণৰ সম্বন্ধ নাথাকে আৰু তেওঁলোকে এজনে আনজনৰ পৰা আঁতৰি থাকে। এনে পৰিয়ালৰ শিশুবোৰে বহুত কষ্ট সহ্য কৰিব লগা হয় আৰু মৰম লাভৰ পৰা বঞ্চিত হয়। তেওঁলোকৰ মনত হতাশা, মানসিক সংঘাত আৰু আৱেগিক দ্বন্দৰ সৃষ্টি কৰে আৰু ইয়াৰ ফলতো অপৰাধ প্ৰৱণতাই দেখা দিয়ে।

(গ) ত্রুটিপূর্ণ অনুশাসনঃ অনুশাসন প্রধানতঃ তিনি প্ৰকাৰৰ যেনে– 

(১) অতি কঠোৰ।

(২) অতি বিনম্ৰ। আৰু 

(৩) অনুশাসনৰ ক্ষেত্ৰত মাক আৰু দেউতাকৰ পৃথক দৃষ্টিভংগী। 

পৰিয়ালৰ এই তিনিও প্ৰকাৰৰ অনুশাসনৰ কোনো এটা প্ৰকাৰে ল’ৰা-ছোৱালীৰ আচৰণ অপৰাধমূলক কৰি তোলে।

(ঘ) অসৎ সংগঃ অপৰাধ প্ৰৱণতাৰ আন এক কাৰণ হ’ল অসৎ সংগ। ঘৰুৱা পৰিৱেশৰ বাহিৰত ল’ৰা-ছোৱালীয়ে সমনীয়াৰ লগত মিলিত হয়।

(ঙ) অনুপযোগী বিদ্যালয়ঃ কিশোৰ- কিশোৰীসকলে বেছিভাগ সময় বিদ্যালয়তে অতিবাহিত কৰে। ইয়াৰ স্থান, অনুশাসনহীনতা, পৰীক্ষা ব্যৱস্থা, সহ-পাঠ্যক্রমিক কাৰ্যসূচীৰ অতি দুখ লগা অৱস্থা আদিয়ে তেওঁলোকৰ আচৰণত নানা সমস্যাৰ সৃষ্টি কৰে।

(চ) বিনোদনৰ নতুন উপায়ঃ বৰ্তমান সময়ৰ কিশোৰ-কিশোৰীসকলৰ বাবে বিনোদনৰ নতুন কিছুমান উপায় উদ্ভাৱন হৈছে, যিবোৰৰ সবলতা আৰু দুৰ্বলতা দুয়োটাই আছে । কমিক কিতাপ, সস্তীয়া কিতাপ তথা আলোচনী, চিনেমা, টেলিভিছনৰ কিছুমান অনুষ্ঠানে তেওঁলোকৰ আগ্ৰহ পঢ়াৰ পৰা আঁতৰাই আনে। বাস্তৱ জগতৰ লগত সম্বন্ধ নথকা বিষয়বস্তুবোৰৰ বাবে তেওঁলোকৰ আৱেগিক বিকাশ ভালদৰে নহয় আৰু অপৰাধ প্ৰৱণ কিছুমান আচৰণ প্ৰদৰ্শন কৰিবলৈ ধৰে।

(ছ) অৰ্থনৈতিক অস্থিৰতাঃ অপৰাধ প্ৰৱণতা গঢ়ি উঠাৰ মূলতে অর্থনীতিও জড়িত হৈ থাকে। এই সমস্যাটোৱে কিশোৰ-কিশোৰীসকলক পৰোক্ষভাৱে প্ৰাভাৱান্বিত কৰে। পৰিয়ালৰ অৰ্থনৈতিক দুৰৱস্থাৰ লগতে সমাজখনৰ অৰ্থনৈতিক ভাৰসাম্যতাৰ কথাও তেওঁলোকৰ চকুত ভাঁহি উঠে। এই সময়ছোৱাৰ ল’ৰা-ছোৱালীয়ে স্বাধীনভাৱে চিন্তা কৰিব পৰা হয় আৰু তেওঁলোকক এনে দৃষ্টিভংগীয়ে পঢ়াশুনাৰ পৰা বিৰত হ’বলৈ বাধ্য কৰায় আৰু টকা-পইচা সংগ্ৰহ কৰাৰ পথ সুগম কৰাৰ ক্ষেত্ৰত উদগনি যোগায়।

(জ) প্রবৃত্তিগত আচৰণঃ কৈশোৰ কালত ল’ৰা-ছোৱালীৰ প্ৰবৃত্তিসমূহ পূৰ্ণ পৰ্যায়লৈ বিকশিত হয়। তেওঁলোকে প্রবৃত্তিসমূহ চৰিতাৰ্থ কৰিবলৈ বিচাৰোতে বিপথে পৰিচালিত হয়। বিশেষকৈ যৌন প্রবৃত্তিৰ বিকাশে তেওঁলোকক যৌন অপৰাধ কৰিবলৈও সক্ষম কৰি তোলে । তেওঁলোকে নিজে যিটো ভাল বুলি গণ্য কৰে সেইটোকে কৰিবলৈ উদ্যত হয় ।

(ঝ) অন্ধবিশ্বাসৰ প্ৰভাৱঃ আধুনিক সমাজতো অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ বিভিন্ন কাম-কাজ কৰাৰ ফলস্বৰূপে ল’ৰা-ছোৱালীৰ মনত কুভাব গঢ়ি উঠে। সমাজত চলি থকা অস্পৃশ্যতা, ধর্মীয় গোড়ামী, সাম্প্রদায়িক বিভাজন আদিৰ বিৰুদ্ধে ল’ৰা-ছোৱালীৰ মনত বিদ্রোহাত্মক ভাব জাগি উঠা দেখা যায় আৰু সিহঁত অপৰাধ প্ৰৱণ হৈ পৰে।

(ঞ) সামাজিক বিশৃঙ্খলতাঃ সামাজিক বিশৃঙ্খলতাই অপৰাধ প্ৰৱণ শিশুসকলক উৎসাহিত কৰি তোলে। সমাজৰ সকলো পিনে অস্থিৰতা, কর্মহীনতা, দুখ, দৈন্যতা, অপৰাধ, অশ্লীলতা, বিভিন্ন ধৰণৰ সামাজিক অনুষ্ঠান আদিয়ে আগুৰি থকা যৌৱনপ্ৰাপ্ত কিশোৰ-কিশোৰীৰ মন দোদুল্যমান অৱস্থালৈ গুচি যায় আৰু কি কৰিব কি নকৰিব তাক স্থিৰ কৰিব নোৱাৰা হয়। তেতিয়া মনলৈ হতাশা আহে আৰু অপৰাধ প্ৰৱণ হৈ পৰে।

অপৰাধ প্ৰৱণতা এবিধ সামাজিক ব্যাধি। ইয়াৰ প্ৰতিকাৰ হোৱাটো অতি প্ৰয়োজনীয়। ইয়াৰ প্ৰতিকাৰ কৰাৰ বাবে শিক্ষক-শিক্ষয়িত্রী, পিতৃ-মাতৃ, অভিভাৱক, সমাজকর্মী সকলোৱে সহযোগিতাৰ ভাবেৰে আগুৱাই যাব লাগিব। ইয়াৰ লগতে গণমাধ্যম হিচাপে ৰেডিঅ’, দূৰদৰ্শন, কথাছবি আদিয়েও গঠনমূলক ভাৱধাৰাৰ প্ৰচাৰ কৰিব লাগিব ।

উপৰোক্ত আলোচনাৰ পৰা এইটো ক’ব পাৰো যে “ব্যক্তিক অপৰাধ প্ৰৱণ কৰি তোলা হয়।” বৰ্তমানৰ পৰিৱেশে কিশোৰ-কিশোৰীসকলৰ মনত দুৰ্বলতাৰ সৃষ্টি কৰি অপৰাধ প্ৰৱণ আচৰণ কৰাত সহায় কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top