Child And Adolescent Psychology Unit 4 কিশোৰ সকলৰ প্ৰয়োজনীয়তা আৰু সমস্যা Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Child And Adolescent Psychology Unit 4 কিশোৰ সকলৰ প্ৰয়োজনীয়তা আৰু সমস্যা Bring Gender Equality to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Child And Adolescent Psychology Unit 4 কিশোৰ সকলৰ প্ৰয়োজনীয়তা আৰু সমস্যা can be of great value to excel in the examination.
Child And Adolescent Psychology Unit 4 কিশোৰ সকলৰ প্ৰয়োজনীয়তা আৰু সমস্যা
Child And Adolescent Psychology Unit 4 কিশোৰ সকলৰ প্ৰয়োজনীয়তা আৰু সমস্যা Notes cover all the exercise questions in UGC Syllabus. The Child And Adolescent Psychology Unit 4 কিশোৰ সকলৰ প্ৰয়োজনীয়তা আৰু সমস্যা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
9. অপৰাধ প্ৰৱণতাৰ কাৰণবোৰ উল্লেখ কৰা আৰু কিছুমান প্ৰতিকাৰমূলক ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ আগবঢ়োৱা । (Mention the causes of crime tendency and suggest some remedial action.)
উত্তৰঃ অপৰাধ প্ৰৱণতাৰ কাৰণবোৰ তলত উল্লেখ কৰা চাৰিটা প্ৰধান ভাগত ভগাব পাৰি—
(ক) বংশগত কাৰকঃ
(১) অসৎ বংশ পৰিয়াল।
(২) পৰিয়ালৰ সদস্যৰ ত্রুটিপূর্ণ মানসিকতা।
(৩) শাৰীৰিক, মানসিক, আৱেগিক অক্ষমতা।
(৪) অস্বাভাৱিক প্রাণচাঞ্চল্য, শক্তি, অস্থিৰতা আৰু মাত্ৰাধিক কার্যকলাপ আদি।
(খ) পাৰিপাৰ্শ্বিকতাজনিত কাৰকঃ
(১) ঘৰ অথবা পৰিয়ালঃ
(ক) মুৰব্বীৰ মৃত্যু, সদস্য পৃথক হৈ পৰা, ভগ্ন পৰিয়াল, পিতৃ নাইবা মাতৃয়ে পৰিত্যাগ কৰা, কোনোবাই কাৰাবাস খাটিবলগীয়া হোৱা আদি বিভিন্ন কাৰণত ভাঙি যোৱা ঘৰ বা পৰিয়াল।
(খ) ল’ৰা-ছোৱালীৰ প্ৰতি, সিহঁতৰ আগ্ৰহ আৰু কাৰ্য-কলাপৰ প্ৰতি পিতৃ-মাতৃৰ আওকণীয়া মনোভাৱ।
(গ) কঠোৰ অনুশাসন।
(ঘ) পৰিয়ালৰ দুৰ্বল আৰ্থ-সামাজিক পৰিস্থিতি।
(২) বিদ্যালয়ঃ
(ক) বিদ্যালয়ত উপযুক্ত, সমৰূপ অনুশাসনমূলক ব্যৱস্থাৰ অভাৱ নাইবা অতি কঠোৰ অনুশাসনমূলক ব্যৱস্থাৰ কাৰণেও কিশোৰ-কিশোৰীৰ মনত অপৰাধ প্ৰৱণতাই গা কৰি উঠিব পাৰে।
(খ) বিদ্যালয় যদি কোনো ঔদ্যোগিক এলেকাৰ ভিতৰত থাকে, কোনো চিনেমা হলৰ কাষত থাকে, কোনো অনাকাংক্ষিক বজাৰ এলেকাত থাকে, তেন্তে ল’ৰা-ছোৱালী আইন ভংগকাৰী কাৰ্য-কলাপত জড়িত হ’বলৈ প্রলোভিত হ’ব পাৰে।
(গ) শিক্ষকৰ অ-বন্ধুত্বসুলভ আৰু উগ্ৰ মনোভাৱ তথা শাৰীৰিক শাস্তি প্রদানেও বিদ্যালয়ৰ পৰিৱেশ অধিক বিনষ্ট কৰিব পাৰে।
(৩) চৌপাশৰ পৰিৱেশ আৰু সমাজঃ
(ক ) অ-সৌহার্দ্যপূৰ্ণ পৰিৱেশ।
(খ) কাজিয়াপ্রিয় চুবুৰীয়া।
(গ) সংখ্যালঘু সংঘাতৰ মুখামুখি হ’বলগীয়া হোৱাটো।
(ঘ) ধর্মীয় সংঘাত, ৰাজনৈতিক অস্থিৰতা, সাম্প্রদায়িক হিংসা, সামাজিক অন্যায়।
(গ) ব্যক্তিগত কাৰকঃ
(১) দুর্বল স্বাস্থ্য।
(২) হীনমান্যতা, অসুৰক্ষা আৰু প্ৰত্যাখ্যিত হোৱাৰ ভাবনা।
(৩) আৱেগিক অপৰিপক্কতা অথবা অস্থিৰতা।
(৪) বিবেকে বাধা নিদিয়া উগ্ৰ প্ৰবৃত্তি।
(ঘ) অস্তিত্বজনিত কাৰকঃ
(১) কর্মসংস্থাপনহীনতা।
(২) অশিক্ষিত অৱস্থা।
(৩) দৰিদ্ৰতা অথবা অর্থনৈতিক অসুৰক্ষা।
(8) অধিক জনসংখ্যা।
(৫) প্রাকৃতিক দুর্যোগ।
অপৰাধ প্ৰৱণতাৰ প্ৰতিকাৰৰ ব্যৱস্থাঃ পৰিয়াল, বিদ্যালয়, সমাজ তথা ৰাষ্ট্ৰ সকলোবোৰ মাধ্যমেই অপৰাধ প্ৰৱণতা প্ৰতিকাৰৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা উচিত। যেনে–
(ক) মৰম-চেনেহৰ মাজেৰে ল’ৰা-ছোৱালীক তেওঁলোকৰ কু-কৰ্মৰ সাৰ্থকতা যে নাই তাক উপলব্ধি কৰোৱাৰ ব্যৱস্থা কৰিব লাগিব।
(খ) অপৰাধ প্ৰৱণ হোৱাৰ আৰম্ভণিতে শাস্তিমূলক সতর্কতা অৱলম্বন কৰাটো প্ৰয়োজন।
(গ) সকলো ক্ষেত্ৰতে সুস্থ পৰিৱেশ সৃষ্টি কৰাৰ প্ৰচেষ্টা হাতত ল’ব লাগিব।
(ঘ) ল’ৰা-ছোৱালীয়ে ঘৰুৱা শাসন মানি চলিবলৈ নিবিচাৰিলে আঁতৰত থকা দায়িত্বশীল অভিভাৱকৰ অথবা শৃঙ্খলাবদ্ধ কঠোৰ অনুশাসনৰ ছাত্ৰাবাসত থৈ পৰীক্ষা কৰি চাব পাৰি।
(ঙ) বন্ধুবৰ্গৰ লগত হলি-গলি কৰোঁতে অভিভাৱক আৰু শিক্ষকসকল সচেতন হোৱাটো অতি দৰকাৰ। তেওঁলোকৰ নিজস্ব ব্যক্তিত্বৰ প্রভাৱে অপৰাধীসকলক সৎ পথলৈ অনাত সহায় হ’ব পাৰে।
(চ) দায়িত্ব জ্ঞান বৃদ্ধি কৰাৰ প্ৰচেষ্টা কৰিলেও এই ক্ষেত্ৰত সুফল পোৱা যাব পাৰে। তেওঁলোকৰ বয়স আৰু সামর্থ অনুযায়ী স্বাধীন দায়িত্ব এই ক্ষেত্ৰত অৰ্পণ কৰি চাব পাৰি।
(ছ) মানসিক সুস্থতা আৰু নিৰাপত্তা প্ৰদানৰ বাবে মনোচিকিৎসাৰ ব্যৱস্থা কৰা অতি প্রয়োজনীয়।
(জ) ল’ৰা-ছোৱালীবোৰক সামাজিক কৰ্মৰ ক্ষেত্ৰত উৎসাহ যোগালে তেওঁলোক সমাজৰ প্রতি আস্থাশীল হোৱাৰ সম্ভাৱনা থাকে।
(ঝ) স্কুলবোৰৰ এই ক্ষেত্ৰত ভূমিকা অতি গুৰুত্বপূৰ্ণ। বিদ্যালয়সমূহে অপৰাধ প্ৰৱণ শিশুৰ অপৰাধ প্ৰৱণতাৰ প্ৰকৃত কাৰণসমূহ উদ্ঘাটন কৰাৰ ক্ষেত্ৰত আগভাগ ল’ব লাগিব।
(ঞ) ল’ৰা-ছোৱালীবিলাকৰ অৱসৰৰ সময়খিনি যাতে ভাল কামৰ মাজত কটাব পাৰে তাৰ ব্যৱস্থা স্কুল আৰু সমাজসমূহে কৰিব লাগিব। সংঘ, জিৰণি ঘৰ, পুথিভঁড়াল আদি স্থাপন কৰি খেলা-ধূলা, আলাপ-আলোচনা, সভা-সমিতি আদি পাতি তেওঁলোকক ব্যস্ত কৰি ৰাখিব লাগিব।
সাদৌ শেষত অপৰাধ প্ৰৱণতাৰ প্ৰতিকাৰ কৰিবলৈ হ’লে বিভিন্ন ধৰণৰ নিৰ্দেশনা কেন্দ্র স্থাপন কৰিব লাগিব। বিদ্যালয়ত ব্যক্তিগত তত্ত্বাবধানৰ ব্যৱস্থা কৰিব লাগিব আৰু ঘৰুৱা কামৰ বোজা বৃদ্ধি কৰিব লাগিব। এই ক্ষেত্ৰত কৌশলগত তদাৰকী ব্যৱস্থা হাতত ল’ব পাৰিলে সুফল পোৱাটো স্বাভাৱিক। অপৰাধ প্ৰৱণতা এবিধ সামাজিক ব্যাধি। ইয়াৰ প্ৰতিকাৰ হোৱাটো অতি প্ৰয়োজনীয়। ইয়াৰ প্ৰতিকাৰ কৰাৰ বাবে শিক্ষক, শিক্ষয়িত্রী, পিতৃ-মাতৃ, অভিভাৱক, সমাজকর্মী সকলোৱে সহযোগিতাৰ ভাবেৰে আগুৱাই যাব লাগিব। ইয়াৰ লগতে গণমাধ্যম হিচাপে ৰেডিঅ’, দূৰদৰ্শন, কথাছবি আদিয়েও গঠনমূলক ভাৱধাৰাৰ প্ৰচাৰ কৰিব লাগিব। তেতিয়াহে সমাজ সর্বাঙ্গসুন্দৰ, সুস্থ আৰু সমৃদ্ধশালী হৈ পৰিব।
10. কৈশোৰ কালৰ অপৰাধ প্ৰৱণতাই সমাজত কি ৰূপে প্ৰভাৱ বিস্তাৰ কৰে লিখা । (Write about how the crime tendency of adolescence affects this society.)
উত্তৰঃ কৈশোৰ কালৰ অপৰাধ প্ৰৱণতাই সমাজত বিৰূপ বা নেতিবাচক প্ৰভাৱ বিস্তাৰ কৰে ।
(ক) মনোবিজ্ঞানী হেডফিল্ড (Hadfield) ৰ মতে, “অপৰাধ প্ৰৱণতাক এক অসামাজিক আচৰণ বুলি ক’ব পাৰি।”
(খ) মনোবিজ্ঞানী চিৰিল বাৰ্ট (C. Burt) ৰ মতে, “যেতিয়া এগৰাকী কিশোৰ-কিশোৰীৰ সমাজ বিৰোধী কাৰ্য কৰাৰ প্ৰৱণতা গভীৰ হৈ পৰে আৰু এনে পৰ্যায়ত উপনীত হয় যে আইনৰ আশ্ৰয় ল’বলগীয়া হয়। ইয়াকে অপৰাধ প্ৰৱণতা বুলি কোৱা হয়।”
(গ) ৰিচাৰ্ড এ ক্লাৱাৰ্ড (Richard A. Cloward) ৰ মতে, “সমাজৰ নীতি-নিয়ম উলংঘা কৰা আচৰণেই হৈছে অপৰাধ প্ৰৱণতা।”
(ঘ) হার্বাট কিউইৰ (Herbert Kiwi) ৰ মতে, “অপৰাধ প্ৰৱণতা কিশোৰৰ আচৰণ বয়স অনুযায়ী গ্রহণযোগ্য নহয় আৰু আইনৰ চকুত দণ্ডনীয় হয়। বুদ্ধিহীনতা ইয়াৰ একমাত্ৰ কাৰণ নহয়”। হাৰ্বাট কিউইয়ে তেওঁৰ গ্ৰন্থ ” Juvenile Delinquency” ত এই সংজ্ঞা আগবঢ়াইছিল। তেওঁ উল্লেখ কৰিছিল যে, অসুস্থ সামাজিক আৰু সাংস্কৃতিক পৰিৱেশত বিকাশ হোৱা কিশোৰ-কিশোৰীসকলেও অপৰাধমূলক কাৰ্য সংঘটিত কৰে।
সাধাৰণতে কৈশোৰ কালত এনেধৰণৰ অপৰাধমূলক কাৰ্য বেছিকৈ হোৱা দেখা যায়। কৈশোৰ কালৰ দেহ মানসিক পৰিৱৰ্তনৰ ফলস্বৰূপে তেওঁলোকৰ প্রয়োজনসমূহো পৰিৱৰ্তন হয়। বিভিন্ন ধৰণৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ অসমৰ্থ হ’লে তেওঁলোকে বিভিন্ন ধৰণৰ অসামাজিক কামত লিপ্ত হোৱা দেখা যায়। কৈশোৰ কাল ১৩ বছৰৰ পৰা ১৮/১৯ বছৰলৈ ব্যাপি থাকে। গতিকে, এনেধৰণৰ অপৰাধমূলক কাৰ্য ১৩ বছৰ বয়সৰ পৰা ১৮/১৯ বছৰ বয়সৰ শিশুৱে কৰে বাবে এনে অপৰাধমূলক কাৰ্যক কৈশোৰ অপৰাধ প্ৰৱণতা (Juvenile Delinquency) বুলি কোৱা হয়।
কৈশোৰ কালৰ অপৰাধ প্ৰৱণতা সম্বন্ধে পৰিয়াল, সমাজ আৰু বিদ্যালয় অধিক সচেতন হোৱা দেখা যায়। অঞ্চলভেদে এনে অপৰাধ প্ৰৱণতা বেলেগ বেলেগ ধৰণৰ। ই বহুতো কাৰকৰ ওপৰত নিৰ্ভৰশীল। যেনে– আৰ্থ-সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক কাৰক আদি।
অপৰাধ প্ৰৱণতাক এক আবেগিক ৰোগ বা সমস্যা বুলিও কোৱা হয়। আবেগিক সমস্যাৰ বশৱৰ্তী হৈ মানসিক অন্তৰ্দন্দ্বৰ সৃষ্টি হয়। ফলত অচেতন অৱস্থাত তেওঁলোকে এনে অপৰাধজনিত কামত লিপ্ত হয়।
11. অপৰাধ প্ৰৱণতাৰ প্ৰকৃতিসমূহ উল্লেখ কৰা। (Mention the natures of the crime tendency.)
উত্তৰঃ অপৰাধ প্ৰৱণতাৰ প্ৰকৃতি তলত দিয়া ধৰণৰ —
(ক) অপৰাধ প্ৰৱণ শিশু মানসিক বা বৌদ্ধিকভাৱে পিছপৰা। তেওঁলোক শিক্ষা গ্ৰহণৰ বাবে আগ্রহী নহয় ।
(খ) অপৰাধ প্ৰৱণ শিশুৰ বুদ্ধ্যংক (I.Q.) সাধাৰণ শিশুৰ তুলনাত কম।
(গ) অপৰাধ প্ৰৱণ শিশুসকলে আবেগিক সমস্যাত ভোগে। তেওঁলোকে আবেগ নিয়ন্ত্রণ কৰিবলৈ অসমৰ্থ হয়।
(ঘ) অপসমাযোজন বা সমাযোজনৰ সমস্যা অপৰাধ প্ৰৱণ শিশুৰ এক প্ৰকৃতি।
(ঙ) অপৰাধ প্ৰৱণ শিশুৱে সমাজত নেতিবাচক প্ৰভাৱ বিস্তাৰ কৰে।
(চ) অপৰাধ প্ৰৱণ শিশুৱে সমাজৰ আদৰ্শ, নীতি-নিয়মক উলংঘা কৰা দেখা যায় ।
(ছ) অপৰাধ প্ৰৱণ শিশুৰ সুস্থ মানসিকতাৰ বিকাশ সম্ভৱ নহয়।
(জ) অপৰাধ প্ৰৱণ শিশু অতি সহজে অপৰাধমূলক কামত লিপ্ত হয়।
(ঝ) অপৰাধ প্ৰৱণ শিশুৰ বিভিন্ন ধৰণৰ আবেগৰ বাহ্যিক প্রকাশ ঘটে। অর্থাৎ তেওঁলোকে আবেগসমূহ নিয়ন্ত্ৰণ কৰিব নোৱাৰে।
12. অপৰাধ প্ৰৱণতাৰ প্ৰকাৰৰ বিষয়ে বৰ্ণনা কৰা । (Describe the types of crime tendencies.)
উত্তৰঃ অপৰাধ প্ৰৱণতা সামাজিক পৰিস্থিতি বা অঞ্চলভেদে ভিন্ ভিন্ হোৱা দেখা যায়। প্রত্যেক সমাজৰ অৰ্থনৈতিক, ৰাজনৈতিক আৰু সামাজিক দিশৰ ওপৰত ভিত্তি কৰি অপৰাধ প্ৰৱণতাৰ কাৰণ বেলেগ বেলেগ হয়।
মনোবিজ্ঞানী হাৰ্ৱাড বেকাৰ (Howard Becker) ৰ মতে, অপৰাধ প্ৰৱণতা চাৰি প্ৰকাৰৰ ৷ সেইবোৰ হ’ল–
(ক) ব্যক্তিগত প্ৰৱণতাঃ এজন ব্যক্তি অপৰাধমূলক কাৰ্যত লিপ্ত হৈ থাকে বাবে তেনে অপৰাধক ব্যক্তিগত অপৰাধ প্ৰৱণতা বুলি কোৱা হয়। এনে প্ৰকাৰৰ অপৰাধমূলক কার্য ব্যক্তিগত কাৰণত সংঘটিত হয়। এনে ব্যক্তিগত অপৰাধ প্ৰৱণতাৰ মূল উপাদান হ’ল গৃহ আৰু সামাজিক পৰিৱেশ; নিজৰ প্ৰয়োজন পূৰণত ব্যৰ্থতা, হীনমন্যতা, পিতৃ-মাতৃৰ মনোমালিন্য, দোষযুক্ত পৰিয়ালৰ সম্বন্ধ আদি। বিভিন্ন ধৰণৰ গৱেষণা আৰু পৰীক্ষা-নিৰীক্ষাৰ আধাৰত এনে ধৰণৰ ব্যক্তিগত অপৰাধ প্ৰৱণতাৰ কাৰণৰ তথ্য সংগ্ৰহ কৰা হয়।
(খ) দলগত অপৰাধ প্ৰৱণতাঃ দলগত অপৰাধ প্ৰৱণতাত দল বান্ধি কিছুমান অপৰাধজনিত কামত লিপ্ত হোৱা দেখা যায়। এনে অপৰাধজনিত কাম সামাজিক পৰিৱেশ, ওচৰ-চুবুৰীয়া, সমনীয়া দল, সাংস্কৃতিক পৰিৱেশৰ ফলত সংঘটিত হয়। বিভিন্নজন মনোবিজ্ঞানীয়ে মত পোষণ কৰে যে, সমনীয়া দলৰ নেতিবাচক প্ৰভাৱ বা কুসংগৰ প্ৰভাৱত এনে দলগত অপৰাধমূলক কাৰ্যত লিপ্ত হয়। পৰিৱেশ আৰু বংশগতীয় কাৰকৰ ওপৰতো এনে অপৰাধ প্ৰৱণতা গঢ় লৈ উঠে। বিশেষকৈ পৰিৱেশীয় কাৰক দলগত অপৰাধ প্ৰৱণতাৰ মূল কাৰণ।
(গ) সংগঠিত অপৰাধ প্ৰৱণতাঃ কৈশোৰ কালত ল’ৰা-ছোৱালীয়ে বিভিন্ন ধৰণৰ সংগঠনৰ লগত জড়িত হোৱা দেখা যায়। দল সংগঠনৰ কু-প্ৰভাৱৰ ফলত তেওঁলোকে কিছুমান অসামাজিক কামত লিপ্ত হয়। অর্থাৎ বিভিন্ন ধৰণৰ দল সংগঠনৰ নিয়ম-নীতি, আদর্শ উলংঘন কৰি অপৰাধজনিত কামত জড়িত হোৱা দেখা যায়। ১৯৫০ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত অপৰাধমূলক অপ-সংস্কৃতি দল-সংগঠনৰ দ্বাৰা গঢ় লৈ উঠিছিল।
(ঘ) পৰিস্থিতি সাপেক্ষ অপৰাধ প্রৱণতাঃ কিছুমান পৰিস্থিতি অনিয়ন্ত্রিত বিধৰ হৈ উঠিলে পৰিস্থিতি সাপেক্ষ অপৰাধ প্ৰৱণতা কার্যত কিশোৰ-কিশোৰীসকল জড়িত হয়। পৰিয়াল, সমাজ আৰু বিদ্যালয়ৰ চোকা দৃষ্টিতহে এনে অপৰাধ প্ৰৱণতাৰ পৰা কিশোৰ-কিশোৰীসকলক আঁতৰাই ৰাখিব পাৰি। যেনে— যৌৱনকালত উদ্ভৱ হোৱা আবেগৰ বাহ্যিক প্রকাশ স্বৰূপে কিশোৰ-কিশোৰীসকলে বিভিন্ন ধৰণৰ যৌন কাৰ্যত লিপ্ত হয়। এনে ধৰণৰ কাৰ্য কৰিবলৈ কাৰো বাধা নাথাকিলে বা আবেগৰ নিয়ন্ত্ৰণ নকৰিলে কিশোৰ- কিশোৰীসকলে অপৰাধমূলক কাৰ্যত লিপ্ত হোৱা পৰিলক্ষিত হয়। ডেভিড মাট্জা (David Matza) নামৰ গৱেষকজনে এনে অপৰাধমূলক কাৰ্যৰ ধাৰণা প্ৰথম প্ৰদান কৰিছিল।
13. আবেগ মানে কি? উন্নীতকৰণৰ জৰিয়তে আবেগিক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত শিক্ষাৰ ভূমিকা সম্পর্কে আলোচনা কৰা । (What does emotion mean? Discuss the role of education in emotional control with improvement.)
উত্তৰঃ আবেগ বুলি ক’লে যিবোৰ অনুভূতিয়ে আমাৰ দেহ-মনত এক আলোড়নৰ সৃষ্টি কৰে তাকে বুজা যায়। যেনে— খং, ভয়, চিন্তা, ক্রোধ, লোভ, মোহ, দ্বেষ, মৰম, সহানুভূতি আদি। মানুহৰ আবেগসমূহৰো নিয়ন্ত্ৰণ আৰু উন্নীতকৰণ একান্ত প্রয়োজন। উন্নীতকৰণৰ জৰিয়তে অর্থাৎ শিক্ষাৰ জৰিয়তে আবেগিক নিয়ন্ত্ৰণ কৰি সুস্থ পথেৰে শিশুসকলক পৰিচালিত কৰিব পাৰি। এই ক্ষেত্ৰত শিক্ষক-শিক্ষয়িত্ৰীয়ে তলৰ দিশকেইটাৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগে। শিক্ষার্থীৰ আবেগিক নিয়ন্ত্ৰণৰ বাবে উন্নীতকৰণ ব্যৱস্থা অতি প্রয়োজনীয়। শিক্ষাৰ্থীৰ অবাঞ্ছিত আবেগসমূহ যেনে— হাই-কাজিয়া কৰা, যুদ্ধ-বিগ্ৰহ ইত্যাদি দিশসমূহক বাঞ্ছিত পথেৰে পৰিচালিত কৰি সমাজ কল্যাণ হোৱাকৈ সম্পাদন কৰা কাৰ্যাৱলীকে উন্নীতকৰণ বুলি কোৱা হয়। ইয়াৰ বাবে শিক্ষানুষ্ঠানবোৰে গ্ৰহণ কৰিবলগীয়া দিশসমূহ তলত উল্লেখ কৰা হ’ল।
(ক) বিদ্যালয়সমূহত খেল-ধেমালি, কবিতা আবৃত্তি, চিত্রবিদ্যা, নৃত্য, নাট্যাভিনয়, সংগীত চর্চা আদি অতিৰিক্ত পাঠ্যক্ৰমৰ সুবিধা থাকিব লাগে যাতে এইবিলাকৰ অনুসৰণে ছাত্ৰ-ছাত্ৰীৰ আত্ম মর্যাদা, আত্মবিশ্বাস আদি জগাই তুলিব পাৰে।
(খ) প্রতিজন ছাত্র-ছাত্রী, শিক্ষক-শিক্ষয়িত্ৰীৰ ব্যৱহাৰ সৌহাৰ্দ্যপূৰ্ণ আৰু সহানুভূতিশীল হ’ব লাগে।
(গ) শিক্ষানুষ্ঠানত বিভিন্ন ধৰ্ম, ভাষা আৰু সংস্কৃতিৰ লগত জড়িত উৎসৱ উদ্যাপন কৰিব লাগে যাতে ছাত্র-ছাত্রীৰ মাজত মৰম-চেনেহ আৰু প্ৰীতিমূলক এক পৰিৱেশ সৃষ্টি হ’ব পাৰে।
(ঘ) বিদ্যালয়ৰ পৰিৱেশ পৰিষ্কাৰ-পৰিচ্ছন্ন আৰু সুৰুচি পূৰ্ণভাৱে সজ্জিত হ’ব লাগে আৰু ইয়াৰ সকলো কাম-কাজ, নিয়ম-শৃংখলাৰ মাজেদি চলিব লাগে।
(ঙ) শিক্ষক-শিক্ষয়িত্রীসকলে ছাত্র-ছাত্রীক বেয়া মন্তব্য কৰা অনুচিত। অন্যহাতেদি ছাত্র- ছাত্ৰীসকলক বিনা কাৰণত যাতে শাস্তি প্ৰদান কৰা নহয় তাৰ ওপৰতো গুৰুত্ব দিয়া উচিত। নহ’লে অসুস্থ আবেগ জগাই তুলিব পাৰে ।
14. প্ৰবৃত্তিৰ লগত বুদ্ধিৰ এক তুলনামূলক আলোচনা কৰা । (Discuss about the comparison of intelligence with instinct.)
উত্তৰঃ প্ৰবৃত্তি আৰু বুদ্ধিৰ মাজত এক নিবিড় সম্পৰ্ক আছে। সাধাৰণতে কোৱা হয় যে নিম্ন স্তৰৰ ইতৰ প্ৰাণীবিলাকৰ আচৰণ প্ৰধান সহজাত প্রবৃত্তিৰ দ্বাৰা নিয়ন্ত্ৰিত আৰু উচ্চস্তৰৰ প্রাণীবিলাকৰ বিশেষকৈ মানুহৰ আচৰণ বুদ্ধিৰ দ্বাৰা পৰিচালিত হয়।
তলত বুদ্ধি আৰু প্ৰবৃত্তিৰ সম্বন্ধ সম্পর্কে এক তুলনামূলক বিৱৰণ দাঙি ধৰা হ’ল—
(ক) বুদ্ধি আৰু প্ৰবৃত্তি দুয়োটাই সহজাত বা জন্মগত।
(খ) বুদ্ধি পৰিৱৰ্তনধৰ্মী আৰু প্ৰবৃত্তি অপৰিৱৰ্তনধর্মী।
পৰিবৰ্তনধৰ্মী হোৱাৰ বাবে বুদ্ধিৰে সম্পাদিত হোৱা কাৰ্য বৈচিত্র্যময়। আনহাতে অপৰিৱৰ্তনধৰ্মী হোৱাৰ বাবে প্ৰবৃত্তিজাত কাৰ্য-বৈচিত্র্যহীন আৰু যান্ত্রিক। প্ৰবৃত্তিৰ কাৰ্যকাৰিতা সীমিত, বুদ্ধিৰ কাৰ্যকাৰিতা বিস্তৃত।
(গ) বুদ্ধিয়ে অতীত অভিজ্ঞতাক উপযুক্তভাৱে কামত ঘটোৱাই সম্পূর্ণ নতুন এক প্রতিক্রিয়া সৃষ্টি কৰিব পাৰে। আনহাতে, অতীত অভিজ্ঞতাৰ ফলত প্ৰবৃত্তিৰ কাৰ্যপ্ৰণালী সাল-সলনি নঘটে আৰু সেইবাবে প্রবৃত্তিজাত কার্য যান্ত্রিক।
(ঘ) পৰিৱেশৰ লগত সমাযোজন কৰিবৰ বাবে প্ৰবৃত্তি আৰু বুদ্ধি দুয়োটাই ভিন্ন ভিন্ন ধৰণেৰে উপযুক্ত আহিলা।
(ঙ) আদিতে অন্যান্য জীৱ-জন্তুৰ লগত বনত বাস কৰোতে মানুহৰ আচৰণো প্ৰবৃত্তিৰ দ্বাৰাই পৰিচালিত আছিল। কালক্ৰমত মানুহৰ জীৱন ইমানেই জটিল হৈ পৰিল যে মানুহে পৰিৱেশৰ লগত সমাযোজন কৰিবৰ বাবে চিন্তা কৰিব লগা হ’ল। ফলত বুদ্ধিৰ আৱিৰ্ভাৱ হ’ল।
15. আবেগত প্ৰভাৱ পেলোৱা উপাদানবিলাকৰ বিষয়ে চমুকৈ লিখা। (Write briefly about the elements that affect emotion?)
উত্তৰঃ আবেগৰ ক্ষেত্ৰত বিভিন্ন ব্যক্তিৰ মাজত অনেক বৈষম্য দেখা যায়। মানুহৰ যিবিলাক বৈশিষ্ট্যই আবেগ নিয়ন্ত্ৰণ কৰে অৰ্থাৎ যিবিলাক কাৰণৰ ফলত মানুহৰ আবেগিক আচৰণ বেলেগ বেলেগ হয়, সেইবিলাকৰে কেইটামান প্ৰধান কাৰণ তলত চমুকৈ উল্লেখ কৰা হৈছে।
(ক) পৰিপক্কতাঃ বয়স বঢ়াৰ লগে লগে কেঁচুৱাৰ মস্তিষ্ক, স্নায়ুতন্ত্র, মাংসপেশী, গ্রন্থি আদি অধিক পৰিপক্ক হয় তাৰ ফলত বিভিন্ন বয়সত বাহ্যিক পৰিৱেশৰ একেধৰণৰ উদ্দীপকেই দেহ-মনত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰে।
(খ) পৰিৱেশঃ ভৌতিক আৰু মনোভৌতিক দিশত এক সুস্থ আবেগিক বাতাবৰণত ডাঙৰ দীঘল হ’বলৈ পোৱা ব্যক্তিয়ে সদায় মানসিকভাৱে নিৰাপদ অনুভৱ কৰে আৰু আনৰ ওপৰত বিশ্বাস ৰাখি অন্তৰঙ্গ সম্বন্ধ গঢ়ি তুলিব পাৰে। এনে ব্যক্তিৰ আবেগিক জীৱন স্বাস্থ্যময় হৈ উঠে।
(গ) জ্ঞানঃ জীৱনত আহৰণ কৰা জ্ঞানেও আমাৰ আবেগ বহু পৰিমাণে নিয়ন্ত্ৰণ কৰে আৰু প্রকাশভঙ্গী সলনি কৰে। কুৰুক্ষেত্ৰৰ যুদ্ধত শ্ৰীকৃষ্ণক বহুত বুজনি দিয়াৰ পাছতহে অর্জুনৰ মনৰ পৰা সন্দেহ, দুৰ্বলতা, মায়া, মোহ আদি অবাঞ্ছিত আবেগ আঁতৰ হৈছিল।
(ঘ) ভাষা আৰু যোগাযোগৰ কৌশলঃ মুখৰ ভাষা আৰু দেহৰ অঙ্গী-ভঙ্গী আদিৰ সহায়তে মানুহে আনৰ পৰা আবেগিক বাৰ্তা সংগ্ৰহ কৰে আৰু নিজৰ আবেগিক অৱস্থা প্রকাশ পায়। সেয়েহে ভাষা আৰু যোগাযোগ কৌশলৰ দিশত থকা দক্ষতাৰ ওপৰত আবেগ বহু পৰিমাণে নিৰ্ভৰ কৰে।
(ঙ) সামাজীকিকৰণঃ আবেগিক প্ৰকাশ যদিও মূলতঃ স্বতস্ফুর্ত তথাপি ই সামাজীকিকৰণৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰ কৰে। কোনো সমাজে নির্ভীকতাক প্রশ্রয় দিয়ে, কোনো সমাজে দুঃসাহসিক কামত বাধা দিয়ে, কোনো সমাজে কৌতুহলক প্রয়োজনীয় গুণ বুলি ভাৱে কোনো সমাজে নাভাৱে ইত্যাদি। সেয়েহে বিভিন্ন সমাজত ডাঙৰ-দীঘল হোৱা ল’ৰা ছোৱালীৰ আবেগিক জীৱন ভিন্ন ভিন্ন ধৰণৰ হয়।
(চ) ব্যক্তিত্ব আৰু চিত্ত প্ৰকৃতিঃ সমাজৰ বিভিন্ন ব্যক্তিলৈ লক্ষ্য কৰিলে এই কথা সহজেই উপলব্ধি কৰিব পাৰি যে আবেগৰ অনুভূতি আৰু প্ৰকাশ বহু পৰিমাণে মানুহৰ ব্যক্তিত্ব আৰু চিত্ত প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল।
16. কৈশোৰ কালৰ সমস্যাসমূহ আৰু বিশেষ প্রয়োজনসমূহ আলোচনা কৰা। এই ক্ষেত্ৰত শিক্ষক আৰু অভিভাৱকসকলৰ কৈশোৰসকলৰ প্ৰতি দায়িত্ব আৰু কৰ্তব্যৰ বিষয়ে আলোচনা কৰা। (Discuss the problems and special needs of adolescence. In this case, discuss the responsibilities and duties of teachers and parents towards adolescence.)
উত্তৰঃ সাধাৰণতে ১২/১৩ বছৰৰ পৰা ১৭/১৮ বছৰৰ মাজৰ সময়ছোৱাক কৈশোৰ কাল বোলা হয়। এই সময়ত ল’ৰা- ছোৱালীবিলাক মানসিক, আবেগিক, সামাজিক আৰু শাৰীৰিকভাৱে পৰিপক্ক হয়। ষ্টেনলি হ’লে কৈশোৰ কালক মানুহৰ জীৱনৰ ধুমুহা আৰু পীড়নৰ সময় বুলি অভিহিত কৰিছে।
কৈশোৰ কালত ল’ৰা-ছোৱালীৰ মাজত দেখা দিয়া সমস্যাসমূহ হ’ল—
(ক) এই সময়ত মস্তিষ্কৰ বিকাশ প্রায় সম্পূৰ্ণ হয় আৰু সেইবাবে দ্রুত গতিৰে মানসিক উন্নতি সম্ভৱ হৈ উঠে। সু-পৰিকল্পিতভাৱে ল’ৰা-ছোৱালীক মানসিক দিশত আগবঢ়াই নিব নোৱাৰিলে ক্ৰমবৰ্দ্ধমান চিন্তা শক্তি, যুক্তি ক্ষমতা আৰু স্বাধীন চিন্তাই তেওঁলোকক অবাটে নিয়াৰ আশংকা বৰ বেছি।
(খ) বয়ঃসন্ধি কালত যৌনতাই পূর্ণতা লাভ কৰে। এই সময়ছোৱাত শৰীৰৰ আকস্মিক পৰিৱৰ্তনসমূহে ল’ৰা- ছোৱালীৰ মনত যৌন কৌতূহল তীব্রভাৱে বৃদ্ধি পায়। বহু সময়ত তেওঁলোকে যৌন সম্পর্কীয় নানান প্রয়োজনীয় কথা বিকৃত সত্য ৰূপে গ্ৰহণ কৰা দেখা যায়। ইয়াৰ ফলত তেওঁলোকৰ ভৱিষ্যত যৌন জীৱন সমস্যাবহুল হৈ পৰাৰ আশংকা বৰ বেছি।
(গ) এই সময়ছোৱাত বয়স্কসকলৰ পৰা উপযুক্ত স্বীকৃতি নোপোৱাৰ বাবে তেওঁলোক বিদ্ৰোহী হৈ উঠে। ল’ৰা- ছোৱালীবোৰে তেওঁলোকৰ প্ৰতি সমাজে অন্যায়ভাৱে নিপীড়ন কৰিছে বুলি ভাবিবলৈ লয়। সেয়ে সমাজৰ ৰীতি-নীতি, আচাৰ-ব্যৱহাৰৰ প্ৰতি উলংঘা কৰাৰ মাজতেই তেওঁলোকে আনন্দ বিচাৰি পায়।
(ঘ) এই সময়ছোৱাত ল’ৰা-ছোৱালীয়ে দিবাস্বপ্ন আৰু অলীক কল্পনাৰ আশ্ৰয় লয়। বয়ঃসন্ধি কালত ল’ৰা-ছোৱালীয়ে পৰীক্ষাত প্ৰথম স্থান পাইছে, খেলা-ধূলাত ভাল সম্মান পাইছে আদি স্বপ্ন দেখে। দিবাস্বপ্নই এই দিশৰ পৰা মানসিক স্বাস্থ্য অক্ষুণ্ণ ৰখাত অশেষ অৰিহণা যোগায় যদিও নিবাস্বপ্ন অত্যাধিক হ’লে ব্যক্তিজন মানসিক ৰোগত আক্ৰান্ত হ’ব পাৰে।
(ঙ) কৈশোৰ কালৰ এক গুৰুত্বপূৰ্ণ সমস্যা হৈছে সমাযোজনৰ সমস্যা। এই সময়ছোৱাত ল’ৰা-ছোৱালীৰ দ্ৰুত দৈহিক, মানসিক, আবেগিক আৰু যৌনমূলক বিকাশৰ কাৰণে তেওঁলোকে উপযুক্তভাৱে পৰিৱেশৰ লগত খাপ খাব নোৱাৰা হয়। সংগতি বিধানৰ অভাৱৰ কাৰণেই এই কালছোৱা পীড়নমূলক আৰু কষ্টদায়ক হৈ পৰে।
(চ) এই কালছোৱাত দ্রুত গতিৰে শৰীৰৰ বৰ্দ্ধন হয় আৰু ভালেমান দৈহিক পৰিৱৰ্তনে দেখা দিয়ে । এই সময়ত নিজৰ শৰীৰটোৱেই আচহুৱা যেন লাগে। দ্রুত বৰ্ধনৰ ফলত ল’ৰা-ছোৱালীৰ খোজ-কাটল, চাল-চলনৰ ওপৰত নিয়ন্ত্ৰণ হেৰাই যায়।
(ছ) দেহৰ আকস্মিক পৰিৱৰ্তন, যৌৱনাৰম্ভ, মানসিক শক্তিৰ পূৰ্ণতা লাভ, বাহ্যিক জগতৰ ওপৰত এইবিলাকৰ প্ৰতিক্রিয়া সকলো মিলি বয়ঃসন্ধিকালত কিশোৰৰ মনত এক প্রৱল আবেগিক আলোড়ন সৃষ্টি হয়।
(জ) এই বয়সত এহাতে কিশোৰে নিজৰ বহুমুখী পৰিপূৰ্ণতা উপলব্ধি কৰি আনন্দ উপভোগ কৰে, আনহাতে তেওঁলোকৰ সামৰ্থ্যৰ সমাজৰ উদাসীনতা আৰু অৱহেলা দেখি বিস্মিত হয়। সমাজৰ উদাসীনতাই বহু ক্ষেত্ৰত কিশোৰসকলক অন্তর্মুখী বা আত্মকেন্দ্ৰিক কৰি তোলে।
কৈশোৰ কালৰ প্ৰতি অভিভাৱক আৰু শিক্ষকসকলৰ কৰ্তব্যঃ যৌৱনপ্রাপ্ত কৈশোৰসকলৰ স্বাভাৱিক বিকাশ যাতে কোনোপ্ৰকাৰে বাধাগ্ৰস্ত নহয় তাৰ বাবে অভিভাৱক আৰু শিক্ষকৰ সহযোগিতাৰ একান্তই প্রয়োজন। কিশোৰসকলৰ সৰ্বতোমুখী বিকাশ কৰি তুলিবলৈ হ’লে পিতৃ-মাতৃ, অভিভাৱক আৰু শিক্ষকসকলে কিছুমান বিশেষ বিষয়ৰ প্ৰতি দৃষ্টি ৰাখিব লাগিব ।
(ক) বিদ্যালয়ত প্ৰচুৰ পৰিমাণে সহ-পাঠ্যক্রমিক কার্যাৱলীৰ ব্যৱস্থা ৰখা দৰকাৰ। প্ৰত্যেকেই যাতে খেলা-ধূলা, সাহিত্য, সংগীত আদি বিভিন্ন মাধ্যমৰ জৰিয়তে নিজৰ ব্যক্তিত্বৰ আটাইবিলাক দিশ অবাধে বিকশিত কৰি তুলিব পাৰে তাৰ প্ৰতি চকু দিব লাগে ।
(খ) বয়ঃসন্ধিকালত কিশোৰ-কিশোৰীক ভাল কিতাপ পঢ়াৰ সুবিধা দিয়া, জীৱনৰ গুৰুত্বপূৰ্ণ সমস্যাসমূহ আলোচনা কৰা, প্রগতিশীল চিন্তাধাৰাৰ লগত পৰিচয় ঘটোৱা, উদাৰ দৃষ্টিভংগী সৃষ্টি কৰা, নানান দিশত সজ অভ্যাস গঢ়ি তোলা আদি বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা উচিত, যাতে তেওঁলোকে এক উপযুক্ত জীৱন দর্শন গঢ়ি তুলিব পাৰে। এইক্ষেত্ৰত পিতৃ-মাতৃ আৰু শিক্ষক-শিক্ষয়িত্রী সচেতন হ’ব লাগে।
(গ) যৌন বিষয়ৰ কৌতূহল তৃপ্ত কৰিবৰ কাৰণে যাতে ছাত্র-ছাত্রীয়ে বিজ্ঞানসম্মতভাৱে জ্ঞান লাভ কৰিব পাৰে তাৰ বাবে শিক্ষাৰ প্ৰতি স্তৰৰ পাঠ্যক্ৰমত যৌন শিক্ষাৰ ব্যৱস্থা ৰখা প্রয়োজন।
(ঘ) কিশোৰসকলে তেওঁলোকৰ শাৰীৰিক পৰিৱৰ্তনসমূহ সহজভাৱে ল’বৰ বাবে যিমান দূৰ পাৰি তেওঁলোকৰ সৈতে মানসিক সংঘাত এৰাই চলিব লাগিব আৰু তেওঁলোকৰ সৈতে সহানুভূতি আৰু বিচক্ষণতাৰে আচৰণ কৰিব লাগিব।
(ঙ) তেওঁলোকৰ স্বাধীনভাৱে কাম কৰাৰ প্ৰয়োজনীয়তাসমূহ পূৰাবৰ বাবে সৰু-সুৰা কামৰ দায়িত্ব তেওঁলোকৰ ওপৰত সম্পূৰ্ণ এৰি দি তেওঁলোকৰ আত্ম প্ৰতিষ্ঠাৰ আকাংক্ষা পূৰণ কৰাৰ সুযোগ দিব লাগে।
(চ) প্রত্যেক ছাত্র-ছাত্রীয়েই যদি নিজৰ প্ৰয়োজন আৰু শক্তি অনুযায়ী শিক্ষা লাভ কৰিবলৈ পায় তেন্তে তেওঁলোকৰ ব্যক্তিগত জীৱন সম্পূৰ্ণৰূপে সার্থক হয়।
(ছ) শিক্ষাৰ মাধ্যমিক স্তৰত বিভিন্ন প্ৰকৃতিৰ কিশোৰৰ কামত অহাকৈ বহুমুখী পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিব লাগে।
(জ) কৈশোৰৰ সমস্যাসমূহ সমাধান কৰি তেওঁলোকক সমাজৰ একোজন সুস্থ ব্যক্তি হিচাপে গঢ়ি তুলিবৰ বাবে শিক্ষক, অভিভাৱক আৰু সমাজৰ প্ৰতিজন ব্যক্তিয়েই এই ক্ষেত্ৰত সচেতন হোৱা উচিত।
সাহিত্য, সংগীত, নৃত্য, নাটক আদি চৰ্চাৰ যোগেদি কিশোৰ-কিশোৰীৰ আবেগিক জীৱনৰ উপযুক্ত প্ৰকাশ আৰু বিকাশ সাধন কৰি তুলিব পাৰি। সেইদৰে নানাবিধ খেল-ধেমালি, সামাজিক ক্রিয়া, আঁচনি আদিৰ যোগেদি কাৰ্যকৰীভাৱে আবেগৰ শিক্ষা দিব পাৰি। এনেবোৰ অতিৰিক্ত পাঠ্যক্ৰমৰ কাৰ্যসূচীৰ দ্বাৰা কিশোৰৰ যৌন সমস্যাৰো সমাধানৰ পথ উলিয়াব পৰা যায়।
১৭। কিশোৰ-কিশোৰীসকলৰ প্ৰয়োজনীয়তা কি? (What is the need of adolescents?)
উত্তৰঃ এজন ব্যক্তিৰ প্ৰয়োজনীয়তাই তেওঁৰ বিকাশক যথেষ্ট পৰিমাণে প্ৰভাৱিত কৰে। কিশোৰ অৱস্থা হৈছে এজন ব্যক্তিৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ সময় যাৰ বিশেষ প্রয়োজনীয়তা হৈছে সমন্বয় । প্ৰতিজন কিশোৰৰ কিছুমান প্রয়োজনীয়তা আছে, যাৰ সন্তুষ্টি তেওঁৰ নিৰন্তৰ শাৰীৰিক আৰু বিকাশৰ আন দিশবোৰৰ বাবে অত্যাৱশ্যকীয়। এটা প্রয়োজন হৈছে জীৱৰ ভিতৰত এক উত্তেজনা যি জীৱৰ কল্যাণৰ বাবে সন্তুষ্ট হ’ব লাগিব। যেতিয়া প্রয়োজনীয়তা পূৰ্ণ হয় তেতিয়া উত্তেজনা মুকলি হয় আৰু ব্যক্তিজনে সন্তুষ্টি অনুভৱ কৰে। কিছুমান মৌলিক প্রয়োজনীয়তা আছে যিবোৰে প্ৰতিজন ব্যক্তিৰ ক্ষেত্ৰত কাম কৰি আছে। সেইবোৰক বহুলভাৱে শাৰীৰিক প্ৰয়োজনীয়তা আৰু মানসিক প্রয়োজনীয়তাত শ্রেণীবদ্ধ কৰা হয়।
(ক) প্ৰাথমিক বা শাৰীৰিক প্ৰয়োজনীয়তাঃ শাৰীৰিক প্ৰয়োজনীয়তাৰ পূৰ্ণ অনিবাৰ্য কিয়নো সেইবোৰ ব্যক্তিৰ অস্তিত্বৰ সৈতে সম্পর্কিত। অক্সিজেনৰ প্ৰয়োজনীয়তা, পানী আৰু খাদ্যৰ প্রয়োজনীয়তা, বিশ্ৰাম আৰু টোপনিৰ প্ৰয়োজনীয়তা, যৌন সন্তুষ্টিৰ প্ৰয়োজনীয়তা ইত্যাদি গুৰুত্বপূৰ্ণ শাৰীৰিক প্ৰয়োজনীয়তা।
(খ) গৌণ বা সামাজিক-মানসিক প্রয়োজনীয়তাঃ ব্যক্তি এজনৰ সামাজিক-সাংস্কৃতিক পৰিৱেশৰ সৈতে সম্পর্কিত প্রয়োজনীয়তাক গৌণ প্রয়োজনীয়তা বুলি কোৱা হয়। সেইবোৰ সামাজিক শিক্ষাৰ জৰিয়তে আহৰণ কৰা হয় আৰু ব্যক্তিজনৰ মানসিক সুস্থতাৰ বাবে তেওঁলোকৰ সন্তুষ্টি প্রয়োজনীয়। গুৰুত্বপূর্ণ সামাজিক-মানসিক প্রয়োজনীয়তাবোৰ নিম্নলিখিত ধৰণৰঃ
(১) সুৰক্ষাৰ প্ৰয়োজনীয়তাঃ কিশোৰসকলক শাৰীৰিক সুৰক্ষাৰ উপৰিও আবেগিক, সামাজিক আৰু অৰ্থনৈতিক সুৰক্ষাৰ প্ৰয়োজন। নিৰাপত্তাৰ অনুভূতিৰ অভাৱ থকা ব্যক্তিজন অসামর্থ্যপূৰ্ণ হ’ব পাৰে। সামাজিক সুৰক্ষাৰ প্ৰয়োজনীয়তা মানুহৰ সংগ্ৰামৰ আকাংক্ষাৰ সৈতে সম্পর্কিত।
(২) প্ৰেমৰ প্ৰয়োজনীয়তাঃ স্নেহ বা প্ৰেম হৈছে কিশোৰ-কিশোৰীসকলৰ আটাইতকৈ মৌলিক মানসিক প্রয়োজনীয়তা। কিশোৰ-কিশোৰীসকলৰ প্ৰেম আৰু প্ৰেম কৰাৰ তীব্ৰ আকাংক্ষা আছে। যিজন ব্যক্তিক ভাল পোৱা নহয় তেওঁ নিজৰ মূল্য সম্পর্কে সঠিক মনোভাৱ আৰু ধাৰণা গভীৰ নকৰিব। সঠিক প্রেমে ব্যক্তিসকলক সুৰক্ষাৰ অনুভূতি শক্তিশালী কৰিব।
(গ) অনুমোদনৰ প্ৰয়োজনীয়তাঃ কিশোৰ-কিশোৰীসকলৰ স্বীকৃতিৰ বাবে এটা কাৰুকাৰ্য আছে। যেতিয়া তেওঁক চিনাক্ত আৰু অনুমোদিত কৰা হয় তেতিয়া তেওঁৰ অহংকাৰে সন্তুষ্টি লাভ কৰে। কিশোৰসকলে বিচাৰে যে তেওঁ বিপৰীত লিংগৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ হ’ব লাগে আৰু তেওঁৰ সামৰ্থ্য, বুদ্ধিমত্তা আৰু সামৰ্থ্যক আনে স্বীকৃতি দিব লাগে। শিক্ষকসকলে সেই ক্ষেত্ৰখন বিচাৰি উলিয়াব লাগে য’ত শিক্ষার্থীজনে ভালদৰে জিলিকিব পাৰে আৰু যিটোৱে তেওঁক আনৰ পৰা প্ৰশংসা অৰ্জন কৰাত সহায় কৰে।
(ঘ) স্বাধীনতা আৰু স্বাধীনতাৰ প্ৰয়োজনীয়তাঃ কৈশোৰ হৈছে এনে এক সময় যেতিয়া ব্যক্তিজনে পিতৃ-মাতৃ আৰু জ্যেষ্ঠসকলৰ নিয়ন্ত্ৰণৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰি আছে। তেওঁ তেওঁৰ অনুভূতি, আবেগ আৰু ধাৰণাবোৰক অভিব্যক্তি দিয়াৰ অধিকাৰ বিচাৰে। যেতিয়া তেওঁৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰা হয় তেতিয়া তেওঁ বিৰক্ত আৰু অপ্রিয় অনুভৱ কৰে।
(ঙ) আত্মপ্রকাশ আৰু প্ৰাপ্তিৰ প্ৰয়োজনীয়তাঃ প্ৰতিজন কিশোৰৰ তেওঁৰ সম্ভাৱনা প্ৰকাশৰ বাবে এক অন্তর্নিহিত আকাংক্ষা থাকে। তেওঁৰ ভিতৰত এজন কবি, সংগীতজ্ঞ, চিত্ৰকৰ আদি লুকাই থাকিব পাৰে আৰু তেওঁ তেওঁৰ সম্ভাৱনা প্ৰকাশৰ বাবে পৰ্যাপ্ত সুযোগ পাব বিচাৰে। যেতিয়া তেওঁ সেইবোৰত সফল হয় তেতিয়া তেওঁ সন্তুষ্টি অনুভৱ কৰে আৰু বিফলতাই তেওঁক হতাশাগ্রস্ত আৰু হতাশ কৰি তোলে। সেয়েহে পাঠ্যক্ৰমটো প্ৰতিজন শিক্ষাৰ্থীৰ বাবে উপযুক্ত হ’ব লাগে যাতে তেওঁৰ বাবে প্ৰাপ্তিৰ অনুমতি দিয়া যায় ।
18. কিশোৰ-কিশোৰীসকলৰ সমস্যাবোৰ কি কি? (What are the problems of adolescents?)
উত্তৰঃ বিকাশৰ যিকোনো সময়ৰ সৈতে বহুতো সাম্ভাব্য অসুবিধা ৰখাৰ সম্ভাৱনা আছে। কৈশোৰ হৈছে শৈশৱৰ পৰা প্ৰাপ্তবয়স্কলৈ পৰিৱৰ্তনৰ এক সময় যিয়ে বহুতো বিকাশৰ পৰিৱৰ্তন আৰু সম্পর্কিত সমস্যা বুজায়। ভাৰতীয় কৈশোৰৰ কিছুমান অমীমাংসিত সমস্যাবোৰ হৈছে—
(ক) দৈহিক তাৰতম্যৰ সন্দৰ্ভত বিভ্ৰান্তিঃ প্ৰতিজন কিশোৰৰ যৌৱনৰ সন্দৰ্ভত হ’ব পৰা দেহগত তাৰতম্যৰ সৈতে খাপ খোৱাটো কম-বেছি কঠিন কাম হয়। ছোৱালীৰ ঋতুস্ৰাৱৰ সময়ত তেজৰ অনুসৰণ আৰু ল’ৰাৰ নিশাচৰ নিৰ্গমনৰ ফলত চিন্তাৰ সৃষ্টি হয় আৰু ইমান ভয় তথা উদ্বেগৰ জন্ম দিয়ে। যিহেতু আমাৰ সমাজখন এখন ৰক্ষণশীল সমাজ, যৌৱনৰ সময়ত হোৱা শাৰীৰিক পৰিৱৰ্তনৰ বিষয়ে যুৱক-যুৱতীসকলক কম অৱগত কৰা হয়। যৌন পৰিচ্ছন্নতা আৰু দৰ্শনৰ বিষয়ে বৈজ্ঞানিক তথ্যৰ অভাৱে তেওঁলোকক যৌন সম্পর্কীয় বিষয়বোৰৰ বিষয়ে অপৰিশোধিত আৰু বিকৃত জ্ঞানেৰে সন্তুষ্ট কৰিবলৈ বাধ্য কৰে। ই শিশুসকলৰ মনত অপৰাধবোধ আৰু বহুতো জটিলতা সৃষ্টি কৰে যিয়ে তেওঁলোকক অন্তর্মুখী আৰু গোপনীয় কৰি তোলে।
(খ) যৌন-চেতনাৰ তীব্ৰতাৰ সৈতে সম্পর্কিত সমস্যাঃ কৈশোৰৰ সময়ত যৌন প্রবৃত্তিৰ আকস্মিক জাগৰণৰ ফলত যৌন সচেতনতা তীব্র হয়। কিশোৰসকলে যৌন সম্পর্কীয় বিষয়বোৰৰ বিষয়ে জানিবলৈ আগ্ৰহী আৰু যৌন বিষয়ত তেওঁলোকৰ অগণন সন্দেহৰ উত্তৰ বিচাৰি আছে। আমাৰ দেশত বেছিভাগ অভিভাৱক নিৰক্ষৰ আৰু তেওঁলোকৰ যৌন সমস্যাৰ বৈজ্ঞানিক জ্ঞান নাই। তদুপৰি, আমাৰ সামাজিক মূল্যবোধ পশ্চিমীয়া দেশবোৰতকৈ পৃথক আৰু সেয়েহে অভিভাৱকসকলে তেওঁলোকৰ সন্তানৰ সৈতে যৌন সমস্যাৰ বিষয়ে আলোচনা কৰিবলৈ দ্বিধা কৰে। গতিকে কিশোৰ- কিশোৰীসকলে তেওঁলোকৰ কৌতূহল নিবাৰণ আৰু তেওঁলোকৰ যৌন প্রয়োজনীয়তা পূৰণ কৰাৰ বাবে সামাজিকভাৱে অগ্রহণযোগ্য উপায়ৰ আশ্ৰয় লয়। প্রিণ্ট আৰু ইলেক্টনিক মাধ্যমৰ ভুল পথ প্ৰদৰ্শনো আছে যাৰ ফলত অৱশেষত কিশোৰসকলৰ যৌন অসামঞ্জস্যতা হয়।
(গ) পিতৃ-মাতৃৰ সৈতে সমন্বয়ৰ অসুবিধাঃ কিশোৰ- কিশোৰীসকল স্বাধীন আৰু শক্তিশালী। কিন্তু প্ৰায়ে ইয়াক পিতৃ-মাতৃৰ বিৰোধিতাৰ দ্বাৰা বাধা দিয়া হয়। ভাৰতীয় পৰিপ্ৰেক্ষিতত পিতৃ-মাতৃৰ বিৰোধিতা বন্ধুৰ পছন্দ, শিক্ষাৰ পছন্দ, মনোৰঞ্জনমূলক আগ্ৰহ, পোছাক, জীৱনশৈলী, ঘৰলৈ অহা-যোৱা কৰা, আচৰণৰ পদ্ধতি আদিৰ দৰে ক্ষেত্ৰলৈ প্ৰসাৰিত হ’ব পাৰে। পিতৃ-মাতৃৰ আচৰণৰ নিয়ম আৰু সহকৰ্মী গোটৰ সম্পৰ্কৰ মাজৰ বিবাদৰ ফলত প্ৰায়ে সম্পৰ্কত ঘৰ্ষণ হয় আৰু কিশোৰ-কিশোৰীসকলে পিতৃ-মাতৃৰ প্ৰয়োজনীয়তা আৰু দাবীৰ সৈতে খাপ খোৱাত অসুবিধা পায়। পিতৃ-মাতৃৰ সৈতে মিলা-মিছা কৰাত বিফল হোৱাৰ ফলত পিতৃ-মাতৃ আৰু কৰ্তৃত্বৰ বিৰুদ্ধে বিদ্রোহ হ’ব পাৰে।
(ঘ) শৈশৱ-প্রাপ্তবয়স্কৰ সংঘৰ্ষঃ আমাৰ সমাজত কিশোৰসকলক শিশু বা প্রাপ্তবয়স্ক হিচাপে গণ্য কৰা নহয়। তেওঁ তেওঁৰ শাৰীৰিক আৰু আবেগিক প্রয়োজনীয়তাৰ বাবে তেওঁৰ পিতৃ-মাতৃ আৰু জ্যেষ্ঠসকলক নিৰ্ভৰ কৰিব লাগিব। কিন্তু একে সময়তে তেওঁ প্রাপ্তবয়স্কৰ দৰে স্বতন্ত্র দৃষ্টিভংগী আৰু মতামত ৰাখিব বিচাৰে। তেওঁ নিজৰ কাম-কাজ ভালদৰে পৰিচালনা কৰিব পাৰে আৰু জ্যেষ্ঠসকলৰ যিকোনো অপ্রয়োজনীয় হস্তক্ষেপ প্ৰতিৰোধ কৰিব পাৰে। পিতৃ-মাতৃয়ে দেখুওৱা সুৰক্ষা আৰু যত্নৰ বাবে তেওঁ লজ্জিত অনুভৱ কৰিবলৈ আৰম্ভ কৰে। তেওঁক প্ৰায়ে অভিভাৱক আৰু শিক্ষকসকলৰ দ্বাৰা অস্পষ্ট ধৰণে ব্যৱহাৰ কৰা হয়। কেতিয়াবা তেওঁলোকে তেওঁক প্ৰাপ্তবয়স্ক হিচাপে আচৰণ কৰিব বুলি আশা কৰে আৰু আন সময়ত তেওঁলোকে তেওঁক শিশু হিচাপে ব্যৱহাৰ কৰে। দৰিদ্ৰ কিশোৰজন শিশু আৰু প্ৰাপ্তবয়স্কৰ ভূমিকাৰ মাজত ধৰা পৰে, যি তেওঁক বিভ্ৰান্তি আৰু উত্তেজনালৈ ঠেলি দিয়ে।
(ঙ) বিদ্যালয়ৰ অনুশাসনৰ সৈতে সমন্বয়ৰ অসুবিধাঃ বেছিভাগ কিশোৰে বিদ্যালয়ৰ অনুশাসনৰ সৈতে খাপ খোৱাত এক ডাঙৰ সমস্যাৰ সন্মুখীন হয়। কিছুমান সময়ত বিদ্যালয়ে শিক্ষার্থীসকলৰ পৰা অত্যাধিক আশা কৰে যিসকলে কেতিয়াবা অত্যাচাৰী হ’ব পৰা শিক্ষকসকলৰ ওচৰত দাখিল কৰিব লাগিব। বিদ্যালয়সমূহে প্রশ্নহীন আজ্ঞাকাৰিতাৰ অভ্যাস স্থাপন কৰা উচিত নহয় যিয়ে প্রকৃত স্বাধীনতাৰ প্ৰতি যুৱ লোকসকলৰ বিকাশত বাধা দিয়ে।
(চ) সম্প্ৰদায়ৰ সৈতে সমন্বয়ৰ অসুবিধাঃ কিশোৰজনে সামাজিক বিচ্ছিন্নতা বৃদ্ধি আৰু দ্রুত প্রযুক্তিগত পৰিৱৰ্তনৰ দ্বাৰা চিহ্নিত সমাজত তেওঁৰ স্থান বিচাৰি পাব বুলি আশা কৰা হৈছে। এই পৰিৱৰ্তনশীল পৃথিৱীয়ে কিশোৰ জীৱনৰ বাবে অনুমান কৰা আৰু পৰিকল্পনা কৰা কঠিন কৰি তোলে। তেওঁলোকৰ সম্প্ৰদায়ৰ দাবীৰ সৈতে তেওঁলোকৰ সামৰ্থ্য মিলাবলৈ অসুবিধা হয়। এই সংকটজনক পর্যায়ত বেছিভাগ কিশোৰে আনন্দ আৰু সন্তুষ্টিৰ এক অ-দাবীপূৰ্ণ আৰু কাম নকৰা পৃথিৱীক প্ৰত্যাহাৰ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
(ছ) আদৰ্শ আৰু বাস্তৱতাৰ সংঘাতঃ এয়া হৈছে কৈশোৰৰ সময়ত এজন কিশোৰ শিশুৰ পৰা প্ৰাপ্তবয়স্কলৈ যায়। সম্ভৱতঃ একমাত্ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু আটাইতকৈ ডাঙৰ পৰিৱর্তন।
আদৰ্শ আৰু প্ৰকৃতৰ মাজৰ বৈষম্যই বিভ্ৰান্তি আৰু অ-অভিযোজন সৃষ্টি কৰিব পাৰে বা এই বৈষম্য পৰিচয় বিচাৰি থকা কিশোৰসকলৰ বাবে অনুপ্ৰেৰণা আৰু আকাংক্ষাৰ উৎস হ’ব পাৰে। যিহেতু কৈশোৰে এক আকর্ষণীয় পৰিৱৰ্তনশীল সময়ক প্রতিনিধিত্ব কৰে, যি নতুন পোৱা জ্ঞানীয় ক্ষমতাৰ উদ্ভৱ আৰু সামাজিক প্রত্যাশা সলনি হোৱাৰ দ্বাৰা চিহ্নিত।
এই ক্ষেত্ৰত পিতৃ-মাতৃৰ প্ৰভাৱ যথেষ্ট গুৰুত্বপূর্ণ, যাৰ ভিতৰত আছে ইচ্ছাকৃতভাৱে মৰম প্ৰকাশ কৰা, কিশোৰৰ সমস্যাৰ বিষয়ে চিন্তা, ঘৰত সম্প্রীতি, পাৰিবাৰিক কার্যকলাপত অংশগ্রহণ, প্রয়োজন হ’লে বা বিচৰা সময়ত সংগঠিত সহায় আগবঢ়োৱাৰ উপলব্ধতা, স্পষ্ট আৰু ন্যায্য নিয়ম নিৰ্ধাৰণ কৰা, আত্মসন্মানৰ ওপৰত সহকৰ্মীৰ প্ৰভাৱ বুজা ইত্যাদিয়ে কিশোৰসকলক যথেষ্ট পৰিমাণে সহায় কৰিব পাৰে।
19. কিশোৰ-কিশোৰীসকলৰ যত্ন লোৱাৰ ক্ষেত্ৰত শিক্ষকৰ ভূমিকা সম্পর্কে লিখা। (Write about the role of teacher in caring for adolescents?)
উত্তৰঃ কিশোৰসকলৰ শিক্ষক হিচাপে আন্তঃব্যক্তিগত, সাংস্কৃতিক আৰু সামাজিক প্রেক্ষাপটকে ধৰি কৈশোৰৰ বিকাশমূলক বৈশিষ্ট্যৰ পৰিসৰ বুজিব লাগিব আৰু শিক্ষার্থীয়ে শিকাৰ সুবিধাৰ বাবে এই জ্ঞান ব্যৱহাৰ কৰিব লাগিব।
(ক) কিশোৰ-কিশোৰীসকলক যথেষ্ট আশ্বাসৰ প্ৰয়োজন হ’ব পাৰে, বিশেষকৈ যদি তেওঁলোক বন্ধুবৰ্গৰ দৰে সোনকালে পৰিপক্ক নহয়। তেওঁলোক আৰু তেওঁলোকৰ পিতৃ-মাতৃয়ে কম চিন্তা কৰিব পাৰে যদি তেওঁলোকে মনত ৰাখে যে এই পৰিৱৰ্তনবোৰ যি বয়সত হয় তাত যথেষ্ট পার্থক্য আছে।
(খ) কিশোৰ-কিশোৰীসকলৰ সমস্যা আৰু উদ্বেগবোৰ বুজি পায়, প্ৰাথমিক পৰামৰ্শ সেৱা প্ৰদান কৰে আৰু সেইবোৰ প্ৰেৰণ কৰে।
(গ) তেওঁলোকক জীৱনৰ দক্ষতা বিকাশ কৰাত আৰু য’তেই, যেতিয়াই প্রয়োজন হয়, সেইবোৰ সঠিকভাৱে ব্যৱহাৰ কৰাত সহায় কৰিব লাগে।
(ঘ) কিশোৰসকলৰ স্বাস্থ্যকৰ বিকাশক প্রভাৱিত কৰিব পৰা প্ৰত্যাহ্বান বা অসুবিধাৰ ইঙ্গিতবোৰ লক্ষ্য কৰে আৰু অংশগ্ৰহণ কৰে।
(ঙ) কিশোৰ আৰু যুৱ প্রাপ্তবয়স্কসকলৰ স্বাস্থ্যকৰ বিকাশত সহায় কৰা এক যত্নশীল পৰিৱেশ স্থাপন কৰা তেওঁলোকৰ বিকাশৰ বাবে পৰিয়াল আৰু অন্যান্য প্রাপ্তবয়স্কৰ সৈতে কাম কৰিবলৈ প্রতিশ্রুতিবদ্ধ।
(চ) শিক্ষার্থীসকলক জ্ঞান, দক্ষতা আৰু অনুসন্ধানৰ পদ্ধতিবোৰ বাস্তৱ জীৱনৰ প্ৰয়োগৰ সৈতে সংযুক্ত কৰিবলৈ কেইবাটাও পাঠ্যক্ৰমৰ ক্ষেত্ৰ অন্তৰ্ভুক্ত আন্তঃশাখা আৰু একত্রিত শিক্ষণ অভিজ্ঞতা প্রদান কৰে।
(ছ) কিশোৰ আৰু যুৱ প্ৰাপ্তবয়স্কসকলৰ বিকাশ হোৱা সামাজিক আৰু সাংস্কৃতিক প্ৰেক্ষাপটৰ গুৰুত্ব বুজি পায়।
(জ) প্ৰতিজন শিক্ষাৰ্থীৰ স্বকীয়তা আৰু সমাজলৈ প্ৰত্যেকে আগবঢ়াব পৰা অৱদানক মূল্য দিয়ে।
(ঝ) এই উন্নয়নমূলক সময়ছোৱাত শিক্ষাৰ্থীসকলৰ প্ৰতি শিক্ষকসকল ইতিবাচক, উৎসাহী আৰু প্ৰতিশ্ৰুতিবদ্ধ।
(ঞ) শিক্ষার্থীসকলক তেওঁলোকৰ পাৰস্পৰিক, সম্প্রদায় আৰু সামাজিক দায়বদ্ধতাৰ সৈতে সম্পর্কিত কার্যকলাপত নিয়োজিত কৰে।
(ট) কাৰ্যকৰী শ্ৰেণীকোঠা ব্যৱস্থাপনা বজাই ৰাখে যি শিক্ষার্থীসকলক স্ব-নির্দেশিত হ’বলৈ সক্ষম কৰে।
(ঠ) কিশোৰ আৰু যুৱ প্ৰাপ্তবয়স্কৰ স্বাস্থ্যকৰ বিকাশত বিভিন্ন পাৰিবাৰিক গাঁথনিৰ জটিলতা বুজাত পৰিয়ালে মুখ্য ভূমিকা গ্ৰহণ কৰে।
২০। কিশোৰ-কিশোৰীসকলৰ যত্ন লোৱাত পিতৃ-মাতৃৰ ভূমিকা কি? (What is the role of parents in taking care of adolescents?)
উত্তৰঃ কিশোৰ-কিশোৰীসকলৰ যত্ন লোৱাত পিতৃ-মাতৃৰ ভূমিকা হৈছে—
(ক) স্বাভাৱিক জীৱনৰ প্ৰগতিক প্ৰশংসা কৰে যাৰ কৈশোৰ আৰু যুৱ প্ৰাপ্তবয়স্কতা এটা অংশ।
(খ) কিশোৰ-কিশোৰীসকলৰ সমস্যা আৰু উদ্বেগবোৰ বুজি পায়।
(গ) কিশোৰ-কিশোৰীসকলৰ স্বাস্থ্যকৰ বিকাশত প্ৰভাৱ পেলাব পৰা প্ৰত্যাহ্বান বা অসুবিধাৰ ইঙ্গিতবোৰ লক্ষ্য কৰে আৰু গ্ৰহণ কৰে।
(ঘ) কিশোৰ আৰু যুৱ প্রাপ্তবয়স্কসকলৰ স্বাস্থ্যকৰ বিকাশত সহায় কৰা পৰিয়ালবোৰত এক যত্নশীল পৰিৱেশ স্থাপন কৰা।
(ঙ) কিশোৰ-কিশোৰীসকলৰ গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তা আৰু উদ্বেগৰ বিষয়ে তেওঁলোকৰ সৈতে যোগাযোগ কৰাৰ বাবে ভাল সময় অতিবাহিত কৰা।
(চ) কিশোৰ আৰু যুৱ প্রাপ্তবয়স্কসকলৰ বাবে সিদ্ধান্ত লোৱাৰ আৰু বৃহত্তৰ সমাজৰ পৰিপ্ৰেক্ষিতত ব্যক্তিগত লক্ষ্য সৃষ্টি কৰাৰ সুযোগ সৃষ্টি কৰে।
(ছ) বিদ্যালয় আৰু সামূহিক সম্পদৰ বিষয়ে অৱগত, যি কিশোৰ আৰু যুৱ প্রাপ্তবয়স্কসকলৰ স্বাস্থ্যকৰ বৌদ্ধিক, সামাজিক আৰু ব্যক্তিগত বিকাশত সহায় কৰিব পাৰে।
21. কৈশোৰত ড্ৰাগৰ অপব্যৱহাৰ কেনেদৰে প্ৰতিহত কৰিব পাৰি? (How to prevent drug abuse in adolescence?)
উত্তৰঃ সময়ৰ লগে লগে, কিশোৰ-কিশোৰীসকলৰ মাজত নিচাযুক্ত দ্ৰৱ্যৰ অপব্যৱহাৰ ৰখাৰ বাবে চৰকাৰে প্ৰয়োজনীয় প্ৰতিৰোধমূলক আৰু নিয়ন্ত্ৰণ ব্যৱস্থা গ্ৰহণ কৰিছে। ড্রাগৰ অপব্যৱহাৰৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান (N.I.D.A.) ৰাসায়নিক পদাৰ্থৰ ব্যৱহাৰ পৰীক্ষা আৰু নিৰীক্ষণ কৰে। তদুপৰি, এনে পদাৰ্থৰ ব্যৱহাৰ প্ৰতিহত কৰিবলৈ ড্ৰাগৰ আসক্তিৰ পদক্ষেপৰ ওপৰত বহুতো অনুসন্ধানমূলক প্রকল্প সংঘটিত হৈছে।
পদাৰ্থ গ্রহণ হ্ৰাস কৰাৰ নিৰ্দিষ্ট প্ৰতিৰোধমূলক উপায় আছে, যেনে—
(ক) ঔষধৰ ক্ষতিকাৰক প্ৰভাৱ সম্পৰ্কে কিশোৰ আৰু যুৱ প্রাপ্তবয়স্কসকলক শিক্ষা প্রদান কৰিলে তেওঁলোকৰ গ্ৰহণ হ্ৰাস হ’ব পাৰে। বিভিন্ন চৰকাৰী সংস্থা, সম্প্ৰদায়ৰ নেতা আৰু বিদ্যালয় কর্তৃপক্ষ আছে যিয়ে কিশোৰ-কিশোৰীসকলক ড্ৰাগছৰ পৰা মুক্ত জীৱন যাপন কৰিবলৈ শিকোৱাৰ লক্ষ্য ৰাখে।
(খ) যদি প্ৰতিৰোধমূলক ব্যৱস্থা ঘৰত আৰম্ভ হ’ব পাৰে তেন্তে ই সদায় লাভজনক। যেতিয়া এজন অভিভাৱকে তেওঁলোকৰ সন্তানৰ সৈতে এনে বিষয়ত মুকলিকৈ বাৰ্তালাপ কৰে তেতিয়া কৈশোৰত ড্ৰাগ আৰু সুৰাৰ অপব্যৱহাৰ সোনকালে বন্ধ হয়।
(গ) ইতিবাচক লোক আৰু বন্ধুবৰ্গৰ সৈতে সংযোগ স্থাপন কৰিলে ঔষধ গ্রহণ বন্ধ কৰাৰ প্ৰতিকাৰ হিচাপে কাম কৰিব পাৰে। স্বাস্থ্যকৰ পৰিৱেশৰ পৰা প্ৰভাৱিত হ’লে কিশোৰ- কিশোৰীসকলক সঠিক নির্দেশনা প্রাপ্ত কৰাত আৰু পদাৰ্থৰ অপব্যৱহাৰ প্ৰতিহত কৰাত সহায় কৰিব পাৰে।
অৱশ্যে, পৰিস্থিতি অধিক বেয়া হলে চিকিৎসা গ্ৰহণ কৰিব পাৰি। এনে ধৰণৰ ঘটনাত সহায় কৰিবলৈ বহুতো পুনৰসংস্থাপন গৃহ আৰু সহায় কেন্দ্ৰ উপস্থিত আছে।
22. সামাজিক প্রয়োজনীয়তা আৰু উদ্বেগ বুলিলে কি বুজা? ব্যাখ্যা কৰা। (What do you mean by social need and concern? Explain.)
উত্তৰঃ কৈশোৰৰ সময়ত প্ৰাপ্তবয়স্ক হোৱাৰ স্বায়ত্তশাসনৰ প্ৰতি শৈশৱৰ নিৰ্ভৰশীলতাৰ পৰা আঁতৰত এক আন্দোলন হয়। কৈশোৰত সামাজিক পৰিৱৰ্তনৰ এটা লক্ষণীয় দিশ হ’ল ব্যক্তিসকলে তেওঁলোকৰ সহকৰ্মীসকলৰ সৈতে অতিবাহিত কৰা সময়ৰ পৰিমাণ বৃদ্ধি। তেওঁলোকে পৰিয়ালৰ বাহিৰত তেওঁলোকৰ নিজৰ বয়সৰ বন্ধুবৰ্গৰ সৈতে ঘনিষ্ঠ সম্পর্ক স্থাপন কৰে। পৰিয়ালৰ ভিতৰৰ সম্পৰ্কও সলনি হয়। পৰিয়ালৰ বাহিৰত তেওঁলোকৰ জীৱন বিকশিত হোৱাৰ লগে লগে পিতৃ-মাতৃ তেওঁলোকৰ সন্তানৰ দৃষ্টিত কম গুৰুত্বপূৰ্ণ হৈ পৰে। সাধাৰণতে, শৈশৱকালত ল’ৰা আৰু ছোৱালীবোৰ তেওঁলোকৰ পিতৃ-মাতৃৰ প্ৰতি অত্যন্ত অভিমুখী আৰু তেওঁলোকৰ সহকৰ্মীসকলৰ প্ৰতি কম অভিমুখী প্ৰাৰম্ভিক প্রাথমিক বিদ্যালয়ৰ বছৰবোৰত সহকৰ্মীৰ চাপ বিশেষভাৱে শক্তিশালী নহয়। কিন্তু তেওঁলোকে কৈশোৰৰ ওচৰ চাপি অহাৰ লগে লগে শিশুসকলে তেওঁলোকৰ পিতৃ-মাতৃৰ প্ৰতি কিছু কম অভিমুখী আৰু তেওঁলোকৰ সহকৰ্মীসকলৰ প্ৰতি অধিক অভিমুখী হৈ পৰে আৰু সহকৰ্মীসকলৰ চাপ বৃদ্ধি হ’বলৈ আৰম্ভ কৰে।
কৈশোৰৰ আৰম্ভণিতে, পিতৃ-মাতৃৰ সৈতে সামঞ্জস্য হ্ৰাস হৈ থাকে আৰু সহকৰ্মীসকলৰ সৈতে সামঞ্জস্য থাকে আৰু সহকৰ্মীৰ চাপ বাঢ়ি গৈ থাকে। যদিও ই পিতৃ-মাতৃৰ বাবে বিৰক্তিকৰ হ’ব পাৰে, কিন্তু ই অধিক স্বতন্ত্ৰ হোৱাৰ এক গুৰুত্বপূর্ণ উপায়। কাপোৰ আৰু চেহেৰা হৈছে বন্ধুবৰ্গৰ সৈতে একাত্মতা প্রকাশ কৰাৰ এক উপায়, অৱশ্যে কিশোৰ শিশুৱে এতিয়াও পৰিয়ালৰ পৰা তেওঁলোকৰ মূল্যবোধ প্রাপ্ত কৰাৰ সম্ভাৱনা অধিক। কৈশোৰৰ সময়ত পিতৃ-মাতৃ আৰু সহকৰ্মীৰ প্ৰভাৱৰ প্ৰতি সংবেদনশীলতা সলনি হয়। বহুতো অভিভাৱকে কিশোৰ-কিশোৰীসকলৰ সহকৰ্মীৰ চাপৰ প্ৰতি সংবেদনশীলতাৰ বিষয়ে আচৰিত হয়। তেওঁলোকে কৈশোৰৰ আৰম্ভণিক ভয় কৰে, তেওঁলোকৰ সন্তান বিদ্বেষী আৰু বিদ্ৰোহী হোৱাৰ আশংকা কৰে আৰু তাৰ পৰিয়ালক প্রত্যাখ্যান কৰিবলৈ আৰম্ভ কৰে। কৈশোৰ হৈছে পাৰিবাৰিক সম্পৰ্কত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আৰু পুনর্গঠনৰ সময়।
যৌৱন প্ৰাপ্তিৰ সময়ত পাৰিবাৰিক সম্পর্ক আটাইতকৈ বেছি সলনি হয়, বহুতো পিতৃ-মাতৃ কিশোৰৰ সম্পৰ্কত বিবাদ বৃদ্ধি আৰু ধনিষ্ঠতা হ্রাস হয়। কিশোৰ-কিশোৰীসকলে পৰিয়ালৰ নিয়ম-কানুনৰ প্ৰতি দৃষ্টিভংগীৰ পৰিৱৰ্তনৰ ফলত তেওঁলোক আৰু তেওঁলোকৰ পিতৃ-মাতৃৰ মাজত মতবিৰোধ বৃদ্ধি হ’ব পাৰে। যৌৱন প্ৰাপ্তিৰ সময়ত পাৰিবাৰিক সম্পৰ্ক আটাইতকৈ বেছি সলনি হয়, বহুতো পিতৃ-মাতৃ-কিশোৰৰ সম্পৰ্কত বিবাদ বৃদ্ধি আৰু ঘনিষ্ঠতা হ্রাস হয়। কিশোৰ-কিশোৰীসকলে পৰিয়ালৰ নিয়ম- কানুনৰ প্ৰতি দৃষ্টিভংগীৰ পৰিৱৰ্তনৰ ফলত তেওঁলোক আৰু তেওঁলোকৰ পিতৃ-মাতৃৰ মাজত মতবিৰোধ বৃদ্ধি হ’ব পাৰে। এই পৰ্যায়ত পৰিবাৰিক বিবাদে সম্পূর্ণ যুঁজতকৈ দৈনন্দিন বিষয়বোৰত বিবাদৰ ৰূপ লোৱাৰ সম্ভাৱনা অধিক। একেদৰে, কিশোৰ-কিশোৰীসকলৰ দ্বাৰা বৰ্ধিত গোপনীয়তা আৰু কিশোৰ আৰু পিতৃ-মাতৃৰ মাজত শাৰীৰিক স্নেহ হ্ৰাস হোৱাৰ ফলত হোৱা ঘনিষ্ঠতা প্ৰকাশ হোৱাৰ সম্ভাৱনা অধিক, পিতৃ-মাতৃ আৰু সন্তানৰ মাজত কোনো গুৰুতৰ প্রেম বা সন্মান হেৰুওৱাৰ সলনি। গৱেষণাই পৰামর্শ দিয়ে যে এই দূৰত্ব অস্থায়ী আৰু কৈশোৰৰ শেষৰ ফালে পাৰিবাৰিক সম্পৰ্ক কম বিৰোধী আৰু অধিক ঘনিষ্ঠ হ’ব পাৰে।
23. কিশোৰ এজনৰ সমস্যাবোৰ আলোচনা কৰা ৷ (Discuss the problems of an adolescent.)
উত্তৰঃ কৈশোৰত সময়ে সময়ে সমস্যা থাকে। অৱশ্যে বেছিভাগ যুৱক-যুৱতীয়ে গুৰুতৰ অসুবিধা নোহোৱাকৈ কৈশোৰৰ মাজেৰে পাৰ হয়। তেওঁলোকে নতুন বন্ধু বনায়, ক্লাবত যোগদান কৰে আৰু ক্ৰীড়া আৰু সামাজিক কার্যকলাপত অংশগ্ৰহণ কৰে। এই যুৱক-যুৱতীসকলৰ বাবে কিশোৰ কাল সাধাৰণতে সুখী আৰু ৰোমাঞ্চকৰ হয়।
কিশোৰসকলৰ বেছিভাগ সমস্যা স্কুলৰ কাম, নিযুক্তি, বিত্তীয় বা সহকর্মী গোট আৰু পাৰিবাৰিক সম্পৰ্কৰ সৈতে সম্পর্কিত।
কিছুমান লোকে বিশ্বাস কৰে যে এই সমস্যাবোৰ সংঘটিত হোৱাৰ বাবে পৰিয়ালৰ ভিতৰত যোগাযোগ দায়বদ্ধ। উচ্চ প্রকাশিত আবেগ থকা পৰিয়ালবোৰে ইতিমধ্যে বিচলিত কিশোৰ এজনৰ চাপ অব্যাহত ৰখাত অৰিহণা যোগায়। কিশোৰ এজনৰ সচৰাচৰ দেখা পোৱা সমস্যাবোৰ হৈছে—
(ক) সমন্বয়ৰ সমস্যাঃ এইবোৰ প্রতিক্রিয়াশীল বা পৰিস্থিতিগত প্ৰকৃতিৰ। এই সমন্বয়ৰ সমস্যাবোৰ শৰীৰৰ পৰিৱৰ্তনৰ সৈতে হ’ব পাৰে, অভিভাৱক, শিক্ষক, বিদ্যালয় আদিৰ সৈতে হ’ব পাৰে।
(খ) আচৰণ ৰক্ষা কৰাঃ আচৰণ কৰাটোৱে কিশোৰৰ বাবে শব্দৰ সলনি কাৰ্যৰ জৰিয়তে বিবাদ প্রকাশ কৰে। এইটো যৌন আবেগৰ বিৰুদ্ধে প্ৰতিৰক্ষা কৰাৰ এটা উপায় আৰু আক্রমণাত্মক অভিযান প্ৰকাশ কৰাৰ পোনপটীয়া উপায়।
তিনিটা আচৰণক কাম কৰা বুলি চিনাক্ত কৰা হৈছে—
(১) পলাই যোৱা।
(২) বিশ্বাসঘাতক আচৰণ।
(৩) সমস্যাজনক যৌন আচৰণ।
ইয়াত একাকীত্ব আৰু উদ্বেগৰ অনুভূতি হ্ৰাস কৰিবলৈ যৌনতাৰ ব্যৱহাৰ অন্তর্ভুক্ত থাকে।
(গ) যৌনতাৰ প্ৰতি নেতিবাচক মনোভাৱঃ বেছিভাগ ভাৰতীয় পৰিয়ালত কিশোৰ বা পিতৃ-মাতৃয়ে যৌনতাৰ বিষয়ে স্পষ্টভাৱে আলোচনা নকৰে। অৱশেষত কিশোৰসকলক সস্তীয়া অশালীন সাহিত্য, চলচ্চিত্ৰ আৰু মাধ্যম বাছনি কৰিবলৈ এৰি দিয়া হয়, যি অতি স্ব-ব্যাখ্যামূলক আৰু সুৰক্ষিত নহয়। কম জ্ঞান আৰু বুজাবুজিৰ সৈতে কিশোৰসকলে যৌনতাৰ দিশত ভুল দিশত আগবাঢ়ে।
কৈশোৰৰ সময়ত হৰমনৰ পৰিৱৰ্তনৰ বাবে বিপৰীত লিংগৰ প্ৰতি আকর্ষণ স্বাভাৱিক। তেওঁলোকে বহুত দোষী আৰু অস্বাভাৱিক অনুভৱ কৰে কাৰণ তেওঁলোকে যৌনতাৰ বিষয়ে প্ৰায়ে চিন্তা কৰে। তেওঁলোকে সমাজৰ দ্বাৰা নিষিদ্ধ বুলি গণ্য কৰা বিষয়বোৰৰ বিষয়ে চিন্তিত। যেনে— বিপৰীত লিংগৰ প্ৰতি আকৰ্ষণ, গৰ্ভধাৰণৰ ভয়, প্ৰেমিকাৰ সৈতে যৌন পৰীক্ষা- নিৰীক্ষাৰ বাবে প্রলোভন। ঋতুস্ৰাৱ, শাৰীৰিক পৰিৱৰ্তন, অধিক যৌন স্বাধীনতা, আইনী নিষেধাজ্ঞা থকা গৰ্ভপাতৰ প্ৰতি মানসিক প্রতিক্রিয়া হিচাপে, এই সকলোবোৰ বিকাশ সমাজে স্বাভাৱিক বুলি গণ্য নকৰে, তেওঁলোকক চাৰিওফালৰ লোকসকলে সমালোচনা আৰু ব্যৱহাৰ কৰে।
(ঘ) যৌন পৰিপক্কতাঃ কৈশোৰৰ সময়ত যৌন আবেগ আৰু যৌন উত্তেজনা বৃদ্ধি হয়। পুৰুষ কিশোৰৰ যৌন আবেগবোৰে তেওঁলোকৰ সঘনতা আৰু তীব্ৰতাৰ শীৰ্ষত উপনীত হয়। যৌন উত্তেজনাৰ সকাহৰ বাবে খুব কম অনুমোদিত বিপনী উপলব্ধ। বহুতো ল’ৰাই তেওঁলোকৰ শক্তিশালী যৌন আবেগৰ বাবে আত্ম আঘাতৰ ভয়ত অপৰাধবোধত ভুগি থাকে।
(ঙ) ঋতুস্ৰাৱ সম্পৰ্কীয় সমস্যাঃ ছোৱালীজনীক তাইৰ নাৰীত্ব গ্ৰহণ কৰিবলৈ শিকাত সহায়ৰ প্ৰয়োজন। বহুতো কিশোৰী ঋতুস্ৰাৱ সম্পৰ্কে সাধাৰণ ভয় আৰু অন্ধবিশ্বাসত ভুগি আছে। অপৰাধ আৰু হীনমন্যতাৰ অনুভূতিবোৰ সাধাৰণতে ঋতুস্ৰাৱ আৰম্ভ হোৱাৰ সৈতে সম্পর্কিত।
(চ) পদাৰ্থৰ অপব্যৱহাৰঃ কিশোৰ-কিশোৰীসকলৰ ক্ষেত্ৰত বেছিভাগ ড্ৰাগৰ অপব্যৱহাৰৰ ঘটনা প্রতিবেদিত হয় আৰু ই এক ডাঙৰ চিন্তাৰ কাৰণ। এই ঔষধবোৰ শাৰীৰিকভাৱে ক্ষতিকাৰক। নিয়মীয়াকৈ হেৰোইন বা বাৰবিটুৰেটৰ দৰে কিছুমান ঔষধৰ অত্যাধিক পৰিমাণ গ্ৰহণ কৰাৰ ফলত মৃত্যু হ’ব পাৰে ।
24. কৈশোৰৰ সামাজিক বিকাশত বিদ্যালয়ৰ ভূমিকা সম্পর্কে আলোচনা কৰা। (Discuss the role of school in the social development of adolescence.)
উত্তৰঃ বিদ্যালয় হৈছে আনুষ্ঠানিক শিক্ষাৰ এক গুৰুত্বপূৰ্ণ মাধ্যম। বিদ্যালয়ৰ জৰিয়তে কিশোৰ- কিশোৰীসকলৰ সামাজিক বিকাশ যথেষ্ট পৰিমাণে হোৱা দেখা যায়। শিক্ষকসকলৰ আচৰণৰ লগতে গুণ, আদর্শ, বন্ধু-বান্ধৱীৰ আচৰণে কৈশোৰ কালৰ সামাজিক বিকাশত প্ৰভাৱ বিস্তাৰ কৰে। স্কুলৰ সুস্থ সামাজিক পৰিৱেশতহে সুস্থ সমাযোজন সম্ভৱ হয়। সেই কাৰণে স্কুল কর্তৃপক্ষই সুস্থ পৰিৱেশ প্ৰদানত গুৰুত্ব দিব লাগে ।
বিদ্যালয়ে কিশোৰ-কিশোৰীৰ সুস্থ সামাজিক বিকাশৰ বাবে লোৱা পদক্ষেপসমূহ তলত দিয়া ধৰণৰ—
(ক) বিদ্যালয়ৰ জৰিয়তে কিশোৰ-কিশোৰীসকলক সুনাগৰিক ব্যক্তি হিচাপে গঢ় দি তুলিব লাগে। বিভিন্ন ধৰণৰ কাৰ্যসূচীৰ ৰূপায়ণৰ জৰিয়তে সুনাগৰিকৰ গুণসমূহ বিকশাই তোলাত সহায় কৰিব লাগে।
(খ) অনুষ্ঠানসমূহত বা বিদ্যালয়ত বিভিন্ন ধৰণৰ কাৰ্যসূচীৰ ৰূপায়ণ কৰি পৰস্পৰৰ মাজৰ সম্বন্ধ নিবিড় কৰি তুলিব লাগে। এনেধৰণৰ অনানুষ্ঠানিক কাৰ্যসূচীৰ জৰিয়তে কিশোৰ- কিশোৰীসকলৰ সামাজিক বিকাশ অধিক মজবুত হ’ব।
(গ) দলীয় কাৰ্যসূচীৰ ৰূপায়ণ বা দলীয় কার্যত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰিব লাগে। বিভিন্ন ধৰণৰ খেলা-ধূলা, সাহিত্য প্রতিযোগিতা, আলোচনা চক্ৰ আৰু প্ৰকল্প গঠনৰ যোগেদিও সামাজিক সচেতনতা বৃদ্ধি কৰিব পাৰি।
(ঘ) বিদ্যালয়ৰ জৰিয়তে বন্ধু-বান্ধৱী বা শিক্ষক-শিক্ষয়িত্ৰীৰ লগত আন্তৰিকতা বৃদ্ধিৰ বাবে বিভিন্ন ধৰণৰ ভ্ৰমণ কাৰ্যসুচী, বনভোজ আদি অনুষ্ঠিত কৰি পৰস্পৰৰ মাজত সহযোগিতা বৃদ্ধি কৰিব লাগে।
(ঙ) কিশোৰ-কিশোৰীসকলৰ আৰ্থ-সামাজিক দিশ জানিবলৈ বিভিন্ন ধৰণৰ শিক্ষক- অভিভাৱক সম্মিলন অনুষ্ঠিত কৰিব লাগে। এনে ধৰণৰ অনুষ্ঠানে কিশোৰ-কিশোৰীসকলৰ সমস্যাৰ বিষয়ে অৱগত হৈ উচিত ব্যৱস্থা স্কুল কর্তৃপক্ষ বা শিক্ষকসকলে ল’ব পাৰে।
(চ) বিদ্যালয়ৰ জৰিয়তে বিশেষ ব্যক্তিৰ আদৰ্শ প্ৰতিফলিত কৰিবলৈ বিভিন্ন দিৱস যেনে— গান্ধী জয়ন্তী, নেতাজীৰ জন্ম জয়ন্তী, শংকৰদেৱৰ তিথি, মাধৱদেৱৰ তিমি আদি অনুষ্ঠিত কৰিব লাগে।
(ছ) বিভিন্ন ধৰণৰ বৃত্তীয় নিৰ্দেশনা প্রদান কৰি শিক্ষকসকলে কিশোৰ-কিশোৰীসকলক বৃত্তীয় দিশত সমাযোজনৰ চেষ্টা কৰিব লাগে ।
(জ) বিদ্যালয়ৰ জৰিয়তে সামাজিক সহযোগিতা বৃদ্ধিৰ বাবে N.C.C, N.S.S, SCOUT GUIDE আদিৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব উৎসাহিত কৰিব লাগে।
(ঝ) বিদ্যালয়ৰ বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে আৰ্তজনক বা ক্ষতিগ্রস্তসকলক সহায়ৰ হাত আগবঢ়াব লাগে।
(ঞ) সামাজিক সমস্যাসমূহৰ বিষয়ে কৈশোৰকালত শিক্ষা প্ৰদান কৰি সমাধানৰ উপায় প্ৰদান কৰিব লাগে।
সামাজিক বিকাশৰ মাধ্যম স্বৰূপে বিদ্যালয়ে গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰা দেখা যায়। কৈশোৰ কালৰ সুস্থ সামাজিক বিকাশৰ বাবে বিদ্যালয়ৰ লগত সৌহার্দ্যপূর্ণ সম্পর্ক গঢ়ি তোলা অতি প্রয়োজন।
25. সমাযোজনৰ পদ্ধতিসমূহ/কৌশলসমূহৰ বিষয়ে বৰ্ণনা কৰা । (Describe the methods or techniques of the adjustment.)
উত্তৰঃ সমাযোজনৰ দ্বাৰা এজন ব্যক্তিয়ে সমাজ এখনত উপযুক্তভাৱে খাপ খাব পাৰে। সমাযোজন প্ৰক্ৰিয়াৰ জৰিয়তে ব্যক্তিয়ে নিজ প্রয়োজন পূৰণ কৰে। ব্যক্তিয়ে নিজৰ প্ৰয়োজন পূৰণ কৰিবলৈ কিছুমান সমাজৰ দ্বাৰা স্বীকৃত নীতি-নিয়ম মানি চলিবলগীয়া হয়। এনে প্রয়োজন পূৰণত কেতিয়াবা সামাজিকভাৱে বাধাপ্রাপ্ত হোৱা দেখা যায়। প্রত্যেক ব্যক্তিৰে একো একোটা মানসিক চেতনা থাকে। এই মানসিক দিশ ভয়, সংশয়, অনিশ্চয়তা, সংঘাত, চাপ, উত্তেজনা আদি নঞর্থক দিশসমূহে বিৰক্তিকৰ পৰিৱেশৰ সৃষ্টি কৰে। এনে বিৰক্তিকৰ পৰিৱেশে ব্যক্তিৰ মনত উৎকণ্ঠাই দেখা দিয়ে। এনে উৎকণ্ঠাৰ পৰা পৰিত্ৰাণ পাবলৈ ব্যক্তিয়ে যত্ন কৰে আৰু দুই ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে। সেইবোৰ হ’ল— যুঁজ কৰা আৰু পলায়ন কৰা। এনেধৰণৰ যুঁজ আৰু পলায়নবাদিতাৰ সহায়ত ব্যক্তিয়ে প্রয়োজন পূৰণ কৰিবলৈ চেষ্টা কৰে। যিটোৰ জৰিয়তে তেওঁ সমাজত সন্মান ৰক্ষা কৰাৰ ওপৰিও সমাজৰ দ্বাৰা স্বীকৃতি লাভ কৰে। এই পদ্ধতিক প্ৰতিৰক্ষা কৌশল (Defense Mechanism) বা সমাযোজন কৌশল (Adjustment Mechanism) বুলি কোৱা হয়।
এই প্ৰতিৰক্ষা কৌশল বা সমাযোজন কৌশল বা পদ্ধতিসমূহ তলত দিয়া ধৰণৰ—
(ক) অৱদমনঃ প্ৰতিৰক্ষা বা সমাযোজন কৌশলৰ এটা গুৰুত্বপূৰ্ণ কৌশল হ’ল অৱদমন। মানুহে সমাজৰ নীতি-নিয়মৰ কথা স্বীকাৰ কৰি সকলোবোৰ প্ৰয়োজন পূৰণত ব্যৰ্থ হয়। তেতিয়া তেনেধৰণৰ প্ৰয়োজনবোৰ দমন কৰি ৰখা হয়। অৱদমনৰ অৰ্থ হ’ল যি প্ৰক্ৰিয়াৰ দ্বাৰা ব্যক্তিয়ে ইচ্ছা বা চিন্তাক অচেতন মনত অৱদমিত কৰি ৰাখে। এনেধৰণৰ চিন্তা বা ইচ্ছাই চেতন মনৰ পৰা অচেতন মনত আশ্ৰয় লয় আৰু ব্যক্তিয়ে তেনে ইচ্ছা-বাসনাবোৰ পাহৰি যায়। অচেতন মনত অৱদমিত হোৱা এনে চিন্তা আৰু ইচ্ছা সময়-সুযোগ পালে বিস্ফোৰিত হয়। অৱদমন হ’ল মানসিক বিকাৰৰ এটা কাৰণ। কিয়নো এনে অতৃপ্ত বাসনাই মানুহৰ মনত সংঘাতে দেখা দিয়ে আৰু ফলত মানসিক ধৈৰ্য হেৰাই যায়। এনেধৰণৰ সমাজ বিৰোধী ইচ্ছা-আকাংক্ষাৰ অৱদমন কৰি সমাজত সমাযোজন ঘটাব বিচাৰে।
(খ) পলায়নঃ ব্যক্তিয়ে পৰিৱেশৰ লগত সমাযোজন ৰক্ষা কৰিবলৈ নিজৰ ব্যৰ্থতা বা দুৰ্বলতা ঢাকি ৰখা প্ৰক্ৰিয়াকে “পলায়ন” বুলি কোৱা হয়। এনে পলায়ন কৌশল প্রয়োগ কৰি সময় আৰু পৰিৱেশৰ মাজত ভাৰসাম্য ৰক্ষা কৰে আৰু নিজৰ মানসিক চাপৰ পৰা ৰক্ষা পাবলৈ পলায়ন মনোভাৱ গ্ৰহণ কৰে। ব্যক্তিৰ মনত সৃষ্টি হোৱা ব্যৰ্থতাৰ পৰা যি মানসিক সংঘাতৰ সৃষ্টি হয় তাৰ পৰা পৰিত্ৰাণ পোৱা কৌশল হ’ল পলায়ন।
(গ) যুক্তিযুক্তকৰণঃ ব্যক্তিয়ে নিজৰ অসমর্থতা লুকুৱাই ৰাখি আত্মতৃপ্তি লাভৰ লগতে সমাযোজন হ’বলৈ অযুক্তিকৰ কাৰ্য কৰাৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কিছুমান যুক্তিৰ অৱতাৰণা কৰে। এনে যুক্তি প্ৰদানত কিছুমান পৰিস্থিতিক দোষাৰোপ কৰি সমাযোজন কৰিব বিচাৰে। যেনে—নাচনীয়ে নৃত্যকলাৰ অজ্ঞতাক ঢাকি ৰাখিবলৈ ৰংগমঞ্চ বা বাদ্যযন্ত্ৰক দোষাৰোপ কৰে। মানুহে দৈনন্দিন জীৱনত যুক্তিযুক্তকৰণেৰে বহুতো ধৰণে সমাযোজন হ’ব বিচাৰে।
(ঘ) উন্নীতকৰণঃ উন্নীতকৰণ সমাযোজন কৌশলৰ দ্বাৰা মানুহৰ মনৰ অতৃপ্ত আংশিক কামনাৰ তৃপ্তি লাভ কৰে। মনোবিজ্ঞানী ফ্রয়েডে গঠনাত্মক কৌশল প্রয়োগ কৰি সমাযোজন লাভ কৰিবলৈ চেষ্টা কৰিছিল। সমাজৰ অবাঞ্চিত কাৰ্যসমূহক বাঞ্চিত আচৰণৰ দিশত পৰিচালিত কৰা কাৰ্যই হ’ল উন্নীতকৰণ। উদাহৰণস্বৰূপে, যৌন মিলনৰ বাসনাই উন্নীতকৰণ কৰি ক্লাব, পার্টি, সহনৃত্য প্ৰভৃতিৰ মাধ্যমেৰে পুৰুষ মহিলাৰ মাজত অবাধ মিলন কার্য সংগঠিত হয়।
এনেধৰণৰ প্ৰক্ৰিয়াৰ জৰিয়তে ব্যক্তি এজনে সমাজত সমাযোজিত হ’বৰ বাবে চেষ্টা কৰা দেখিবলৈ পোৱা যায়।
(ঘ) প্রক্ষেপনঃ এই পদ্ধতিৰ জৰিয়তে ব্যক্তিয়ে নিজৰ দোষ আনৰ গালৈ প্ৰক্ষেপণ কৰে। ব্যক্তিয়ে নিজৰ অতৃপ্ত ইচ্ছা বা বাসনাক বাহিৰৰ পৃথিৱীৰ ওপৰত প্ৰক্ষেপন কৰে। নিজৰ দোষবোৰ অন্য ব্যক্তিৰ গালৈ নিক্ষেপিত কৰি সমাযোজন কৰিব বিচাৰে। নিজৰ অযোগ্যতাক লুকাই ৰাখিবলৈ এনে কাৰ্য কৰা হয়৷
(চ) চিনাক্তকৰণঃ চিনাক্তকৰণ সমাযোজন কৌশলৰ দ্বাৰা ব্যক্তিয়ে আন ব্যক্তি বা দল বা সংগঠনৰ সফলতাৰ লগত নিজকে সংযোজিত কৰি লয়। নিজৰ নিসংগতা, অক্ষমতা, দুর্বলতা আদিৰ পৰা হাত সাৰিবৰ বাবে কোনো বিখ্যাত ব্যক্তিৰ পৰিচয়ৰে নিজৰ পৰিচয় প্ৰদান কৰে। কেতিয়াবা নিজৰ অযোগ্যতাক ঢাকি ৰাখিবলৈ মাক-দেউতাকৰ পৰিচয় প্ৰদান কৰি নিজৰ পৰিচয় দাঙি ধৰে, বিখ্যাত মহাবিদ্যালয় বা বিদ্যালয়ৰ পৰিচয়েৰে নিজৰ পৰিচয় গঢ়ি তোলা, বিখ্যাত ব্যক্তিৰ পৰিচয়ৰে নিজৰ ঠিকনাৰ পৰিচয় প্ৰদান কৰা আদি ।
(ছ) ওভোতাই লোৱাঃ ব্যক্তিয়ে যেতিয়া হতাশাজনক পৰিস্থিতি বা বিফলতাৰ সন্মুখীন হয়, তেতিয়া তেনে ব্যক্তিয়ে নিজকে আঁতৰত ৰাখে। ব্যক্তিয়ে তেনে জটিল পৰিস্থিতিৰ পৰা আঁতৰত ৰাখি নিৰাপদ আৰু নিৰাপত্তা অনুভৱ কৰে। ওভোতাই লোৱা কাৰ্যৰ জৰিয়তে ব্যক্তিয়ে সমাযোজনৰ ভয়ত কিছুমান দিশত বিফল হ’ব লাগে বুলি অংশগ্ৰহণৰ পৰা বিৰত থাকে।
(জ) অবাস্তৱ ধাৰণাঃ ব্যক্তিয়ে দিবাস্বপ্নৰ জৰিয়তে বাস্তৱ জগতৰ পৰা কল্পনাৰ জগতত বিচৰণ কৰে। বাস্তৱৰ আশা-আকাংক্ষা পূৰণ কৰিব নোৱাৰিলে দিবাস্বপ্নৰ জৰিয়তে পূৰণ কৰিবলৈ চেষ্টা কৰে। এনে দিবাস্বপ্নই ব্যক্তিৰ সামাজিক সমাযোজনত যথেষ্ট সহায় কৰে।
(ঝ) ক্ষতিপূৰ্ণঃ ক্ষতিপূৰ্ণ হ’ল সমাযোজনৰ এক উপযুক্ত কৌশল। ক্ষতিপূৰ্ণ কৌশলৰ জৰিয়তে ব্যক্তিয়ে নিজৰ অসামর্থতাক আঁতৰাবলৈ যত্ন কৰে। কোনো ছাত্ৰই পঢ়া শুনাত শুনাম অৰ্জন কৰিব নোৱাৰিলে তেওঁ অন্য কিছুমান দিশত সফলতা অৰ্জন কৰিবলৈ চেষ্টা কৰে। এনে চেষ্টাই তেওঁলোকক ক্ষতিপূৰণ হিচাপে অন্য আচৰণ কৰিবলৈ প্ৰেৰণা যোগায়। ক্ষতিপূৰ্ণ কৌশলৰ জৰিয়তে ব্যক্তিয়ে সামাজিক সমাযোজন কৰিব পাৰে।
(ঞ) অস্বীকাৰকৰণঃ সমাযোজনৰ আন এটা গুৰুত্বপূৰ্ণ কৌশল হ’ল অস্বীকাৰকৰণ। এই পদ্ধতিৰ জৰিয়তে ব্যক্তিয়ে কৰা কামটো নকৰা বুলি মিছা মাতে, ব্যক্তিয়ে কামটোৰ ফলাফল অশুভ হ’ব বুলি নিজকে নকৰা বুলি কয় বা অস্বীকাৰ কৰে। যিকোনো দায়িত্বৰ পৰা তেওঁলোকে মিছা কথাকৈ নিজকে আঁতৰাই ৰাখে।
(ট) প্রত্যাৱর্তনঃ কেতিয়াবা কিছুমান পৰিস্থিতিত ব্যক্তিয়ে নিজকে সমাযোজন কৰিব নোৱাৰি বৰ্তমানক ত্যাগ কৰি শৈশৱলৈ উভতি যায়। শৈশৱত কৰি ভাল পোৱা কামৰ জৰিয়তে সমাযোজন কৰাৰ চেষ্টা কৰে। হিষ্ট্ৰিয়া ৰোগীয়ে প্ৰত্যাৱৰ্তনৰ যোগেদি সমাজত সমাযোজন কৰিব বিচাৰে।
(ঠ) পশ্চাৎ অপসৰণঃ পলায়নৰ জৰিয়তে কিছুমান ব্যক্তিয়ে বাস্তৱ পৰিস্থিতিৰ পৰা নিজকে আঁতৰত ৰাখে। ব্যর্থতা তেওঁলোকৰ বাবে কাম হ’ব নোৱাৰে। সেয়েহে, এনে ব্যৰ্থতাৰ পৰা হাত সাৰি থকাতকৈ সেই কামটোৰ পৰা বিৰত থাকে। অর্ন্তমুখী ব্যক্তিত্বৰ অধিকাৰীসকলে পশ্চাৎ অপসৰণত ভোগা দেখা যায়। বাস্তৱৰ বিভিন্ন সমস্যাৰ পৰা আঁতৰত থাকিবলৈ পশ্চাৎ অপসৰণ সমাযোজন কৌশল অৱলম্বন কৰে।
(ড) আক্ৰমণঃ পৰিস্থিতি সাপেক্ষে নিজক সমাযোজন কৰিব নোৱাৰিলে আক্ৰমণকাৰীৰ ভূমিকা গ্ৰহণ কৰে।
(ঢ) প্রতিক্রিয়া বিধানঃ পৰিস্থিতি সাপেক্ষে সমাযোজনৰ বাবে বিভিন্ন প্রতিক্রিয়া প্রদর্শন কৰে। তেওঁলোকে প্রকৃত পৰিস্থিতিৰ পৰিৱর্তে কৃত্ৰিম প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰে।