কাৰ্ল লিনিয়াছ (Carl Linnaeus) ১৭০৭ চনৰ ২৩ মে’ (পুৰণা নিয়মত ১৩ মে’) তাৰিখে জন্মগ্ৰহণ কৰা এজন প্ৰখ্যাত ছুইডিছ উদ্ভিদবিজ্ঞানী, চিকিৎসক আৰু প্ৰাণীবিজ্ঞানী আছিল। তেওঁ আধুনিক দ্বৈৰাশিক নামকৰণৰ (Binomial Nomenclature) ভিত্তি স্থাপন কৰি থৈ গৈছিল আৰু বিজ্ঞানীসকলৰ মাজত “আধুনিক বৰ্গীকৰণৰ জনক” হিচাপে পৰিচিত। লগতে, তেওঁ আধুনিক বাস্তুবিজ্ঞানৰ অন্যতম আগশাৰীৰ প্ৰতিষ্ঠাতা হিচাপেও গণ্য।

Read also: Louis Pasteur Biography | লুই পেষ্ট’ৰৰ জীৱনী
নাম (Name) | কাৰ্ল লিনিয়াছ (Carl Linnaeus ) |
জন্ম (Date of Birth) | ২৩ মে’, ১৭০৭ |
জন্ম স্থান (Place of Birth) | দক্ষিণ ছুইডেনৰ, ছামালান্দৰ |
মৃত্যু (Death) | ১০ জানুৱাৰী, ১৭৭৮ |
কাৰ্ল লিনিয়াছৰ প্ৰাৰম্ভিক জীৱন তথা শিক্ষা | Earlier Life and Education of Carl Linnaeus
কাৰ্ল লিনিয়াছৰ জন্ম ১৭০৭ চনত দক্ষিণ ছুইডেনৰ ছামালান্দৰ এখন গাঁৱত হৈছিল। তেওঁৰ পূৰ্বপুৰুষ কোনেও শেষ নাম (উপাধি) ব্যৱহাৰ কৰা নাছিল। তেওঁ স্কাণ্ডিনেভীয় দেশৰ পেট্ৰ’নিমিক নিয়ম অনুসৰি নাম লাভ কৰিছিল। লিনিয়াছ নামটো তেওঁ গৰৰ ওচৰৰ এখন বৃহৎ লিণ্ডেন গছৰ নামানুসৰি লাভ কৰিছিল।
শিক্ষাজীৱন
লিনিয়াছে শিক্ষাজীৱনৰ অধিকাংশ সময় উপছালা বিশ্ববিদ্যালয়ত কটায়। ১৭৩০ চনত তেওঁ এই বিশ্ববিদ্যালয়ত প্ৰবক্তা হিচাপে যোগ দিয়ে। লিনিয়াছে খনিজ আৰু উদ্ভিদ বিজ্ঞানত বিশেষ আগ্ৰহী আছিল আৰু এই বিষয়ত গুৰুত্বপূৰ্ণ অধ্যয়ন চলাইছিল।
বিদেশত অধ্যয়ন আৰু Systema Naturae
১৭৩৫ চনৰ পৰা ১৭৩৮ চনলৈকে তেওঁ বিদেশত আছিল। এই সময়ছোৱাত তেওঁ নেডাৰলেণ্ডত থাকি প্ৰসিদ্ধ গ্ৰন্থ Systema Naturae ৰ প্ৰথম সংস্কৰণ প্ৰকাশ কৰিছিল। এই গ্ৰন্থত তেওঁ উদ্ভিদ আৰু প্ৰাণীৰ বৈজ্ঞানিক শ্ৰেণীবিন্যাসৰ পদ্ধতি উন্নীত কৰিছিল, যি আধুনিক জীৱবিজ্ঞানত বিশেষ গুৰুত্ব লাভ কৰে।
লিনিয়াছৰ বৈজ্ঞানিক অৱদান | Scientific Contributions Carl Linnaeus
তেওঁ উদ্ভিদ আৰু প্ৰাণীৰ বৈজ্ঞানিক নামকৰণৰ বাবে এখন সংগঠিত ব্যৱস্থা প্ৰস্তুত কৰিছিল, যাক “দ্বৈৰাশিক নামকৰণ পদ্ধতি” (Binomial Nomenclature) বুলি কোৱা হয়। এই পদ্ধতিত প্ৰতিটো প্ৰজাতিক দুটা অংশবিশিষ্ট লেটিন নাম দিয়া হয়, যেনে Homo sapiens (মানুহৰ বাবে) আৰু Panthera leo (সিংহৰ বাবে)।
লিনিয়াছৰ বিজ্ঞানী ৰূপ
লিনিয়াছে বহুতো উদ্ভিদ আৰু প্ৰাণীৰ নামকৰণ কৰিছিল, আৰু এই নামবোৰৰ শেষত “L” অক্ষৰটো উল্লেখ থাকিব লাগিছিল। তেওঁৰ দ্বিপদী নামকৰণ পদ্ধতি আজিও জীৱবিজ্ঞানত ব্যৱহাৰ হয়।
শ্ৰেণীবিন্যাস পদ্ধতি আৰু বৈজ্ঞানিক অৱদান
ছুইডেনলৈ উভতি আহি, লিনিয়াছে উপছালা বিশ্ববিদ্যালয়ত উদ্ভিদ বিজ্ঞানৰ অধ্যাপক পদত যোগ দিয়ে। ১৭৪০ আৰু ১৭৬০ৰ দশকত তেওঁ ছুইডেনৰ বিভিন্ন স্থান পৰ্যটন কৰি উদ্ভিদ আৰু প্ৰাণীৰ বৈজ্ঞানিক শ্ৰেণীবিন্যাস উন্নয়ন কৰে। তেওঁ দ্বিপদী নামকৰণ প্ৰণালী (Binomial Nomenclature) প্ৰচলন কৰিছিল, য’ত প্ৰাণী বা উদ্ভিদৰ বৈজ্ঞানিক নাম লেটিন ভাষাত দ্বিপদী ৰূপত দিয়া হয়।
দ্বিপদ নামকৰণ আৰু কেৰলাছ লিনিয়াছ | Binomial Nomenclature and Carl Linnaeus
কেৰলাছ লিনিয়াছ আৰু জীৱজগতৰ শ্ৰেণীবিভাজন
ছুইডেনৰ বিজ্ঞানী কেৰলাছ লিনিয়াছ জীৱজগতৰ উদ্ভিদ আৰু প্ৰাণীসমূহৰ শ্ৰেণীবিভাজনৰ দ্বৈৰাশিক পদ্ধতিৰ প্ৰচলন কৰিছিল। এই অভিনৱ পদ্ধতিৰ বাবে তেওঁক জীৱজগতৰ শ্ৰেণীবিন্যাসৰ জনক বোলা হয়।
দ্বিপদী নামকৰণ পদ্ধতি
লিনিয়াছে উদ্ভিদ আৰু প্ৰাণী প্ৰজাতিবোৰৰ নামকৰণৰ জটিলতা দূৰ কৰিবলৈ দ্বিপদী নামকৰণ পদ্ধতি প্ৰচলন কৰে। ইয়াৰ আগতে বিভিন্ন প্ৰজাতিৰ বৈজ্ঞানিক নাম অত্যন্ত দীঘল আৰু জটিল আছিল। দ্বিপদী নামকৰণ পদ্ধতিত প্ৰত্যেক প্ৰজাতিৰ নাম দুইটা শব্দৰে গঠিত হয়—প্ৰথমটো গণ (Genus) আৰু দ্বিতীয়টো প্ৰজাতি (Species)। উদাহৰণস্বৰূপে, মানুহৰ বৈজ্ঞানিক নাম “Homo sapiens” লিনিয়াছে ৰাখিছিল।
লিনিয়াছৰ দিশনির্দেশনা আৰু গ্ৰন্থসমূহ
লিনিয়াছে প্ৰায় সাত হাজাৰ উদ্ভিদ আৰু চাৰি হাজাৰ প্ৰাণীৰ নামকৰণ কৰিছিল। তেওঁৰ উল্লেখযোগ্য গ্ৰন্থসমূহ হৈছে—
- “স্পিছিছ প্লাণ্টাৰাম” (১৭৫৩) – উদ্ভিদৰ নামকৰণ বিষয়ে লিখা।
- “জেনেৰা প্লাণ্টাৰাম” (১৭৫৪) – উদ্ভিদৰ গণসমূহৰ বিৱৰণ দিয়া।
- “ছেষ্টেমা নেচাৰা” (১৭৫৮) – প্ৰাণীৰ শ্ৰেণীবিন্যাস আৰু নামকৰণ বিষয়ে লিখা।
এই গ্ৰন্থসমূহ আন্তৰ্জাতিকভাৱে স্বীকৃত আৰু জীৱবিজ্ঞানৰ অধ্যয়ন আৰু নামকৰণত বিশেষভাৱে প্ৰসঙ্গিক।
আধুনিক শ্ৰেণীবিন্যাসত লিনিয়াছৰ প্ৰভাৱ
আধুনিক বিজ্ঞানত বিবৰ্তন-প্ৰভাৱিত নতুন নতুন শ্ৰেণীবিন্যাস পদ্ধতি প্ৰচলিত হ’লেও লিনিয়াছৰ দ্বিপদী নামকৰণ আজিও স্বীকৃত আৰু ব্যৱহৃত। তেওঁৰ নামকৰণৰ নিয়ম আৰু ক্ৰিয়াপদবর্জিত বৰ্ণনা পদ্ধতি আধুনিক জীৱবিজ্ঞানৰ ক্ষেত্ৰতো প্ৰাসংগিক হৈ আছে।
দাৰ্শনিক আৰু সাহিত্যিকৰ মতামত
তেওঁৰ অসামান্য কৃতিত্বৰ বাবে বহুতো বিখ্যাত ব্যক্তি লিনিয়াছক গভীৰভাবে প্ৰশংসা কৰিছিল।
- ফৰাচী দাৰ্শনিক জঁ-জাক ৰুছ’ তেওঁৰ বিষয়ে কৈছিল, “মই এই পৃথিৱীত তেওঁতকৈ মহান কোনো ব্যক্তিক চিনি নাপাওঁ।”
- জাৰ্মান দাৰ্শনিক য়োহান ভোল্ফগেং ফন গ্যোটে লিনিয়াছৰ প্ৰভাৱৰ বিষয়ে উল্লেখ কৰি লিখিছিল, “শ্বেইকছপীয়েৰ আৰু স্পিনোজাক বাদ দিলে পৃথিৱীত এই পৰ্যন্ত বাস কৰি যোৱা সকলো মানুহৰ ভিতৰত মোৰ ওপৰত লিনিয়াছৰ প্ৰভাৱেই আছিল সকলোতকৈ বেছি।”
- ছুইডেনৰ লেখক আগষ্ট ষ্ট্ৰীণবাৰ্গ লিনিয়াছক এজন কবিৰ দৰে আখ্যা দি কৈছিল, “লিনিয়াছ প্ৰকৃততে এজন কবি আছিল, কেনেদৰেযে তেওঁ প্ৰকৃতিবিদ হৈ গ’ল!”
মৃত্যু আৰু সন্মান | Death and Honor of Carl Linnaeus
১৭৭৮ চনত লিনিয়াছ মৃত্যুবৰণ কৰে। মৃত্যুৰ সময়ত তেওঁ ইউৰোপৰ অন্যতম শ্ৰেষ্ঠ বিজ্ঞানী হিচাপে পৰিচিতি লাভ কৰিছিল। তেওঁৰ কবৰৰ নামফলকত তেওঁৰ শেষ ইচ্ছানুসৰি “হ’মো ছেপিয়েঞ্চ” শব্দটো সংযোজন কৰা হৈছিল, যিয়ে তেওঁৰ বিজ্ঞানে মানুহক কেনেদৰে শ্ৰেণীবদ্ধ কৰিছিল, সেই কথা প্ৰতিফলিত কৰে। লিনিয়াছৰ এই অৱদানসমূহ আধুনিক জীৱবিজ্ঞানত আজিও গুৰুত্বপূৰ্ণ।
উপসংহাৰ | Conclusion
কেৰলাছ লিনিয়াছ (Carl Linnaeus) প্ৰকৃততে জীৱবৈচিত্র্যৰ বৈজ্ঞানিক শ্ৰেণীবিভাজনৰ পিতৃ হিচাপে পৰিচিত। তেওঁ দ্বিপদ নামকৰণ পদ্ধতি (Binomial Nomenclature) আৰু জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন প্ৰণালী উদ্ভাৱন কৰি জীৱবিদ্যা আৰু উদ্ভিদবিদ্যাৰ ক্ষেত্ৰত এক নতুন যুগৰ সূচনা কৰিছিল। তেওঁৰ ব্যৱস্থাই প্ৰকৃতিৰ জীৱৰ বাবে এটি সুসংগঠিত আৰু বোধগম্য শ্ৰেণীবিভাজন প্ৰদান কৰিছে, যি আজিও আধুনিক বিজ্ঞানত গুৰুত্বপূৰ্ণ। লিনিয়াছৰ অৱদান পৃথিৱীৰ জীৱবৈচিত্র্য অধ্যয়নৰ ক্ষেত্ৰত এক যুগান্তকাৰী পদক্ষেপ আছিল, যিয়ে বিজ্ঞানীসকলক জীৱৰ নামকৰণ আৰু পৰিচয়কৰণৰ এটা সঠিক পদ্ধতি প্ৰদান কৰিছে।
FAQ
1. কাৰ্ল লিনিয়াছ কোন আছিল?
A: কাৰ্ল লিনিয়াছ এজন প্ৰখ্যাত ছুইডিছ উদ্ভিদবিজ্ঞানী, চিকিৎসক আৰু প্ৰাণীবিজ্ঞানী আছিল।
2. কাৰ্ল লিনিয়াছ জন্ম কেতিয়া আৰু ক’ত হৈছিল?
A: ২৩ মে ১৭০৭ চনত কাৰ্ল লিনিয়াছৰ জন্ম হৈছিল।
3. কাৰ্ল লিনিয়াছ মৃত্যু কেতিয়া হৈছিল?
A: ১৭৭৮ চনত কাৰ্ল লিনিয়াছ মৃত্যু হৈছিল।
4. Binomial Nomenclature কি?
A: ই এটা নামকৰণ পদ্ধতি য’ত প্ৰতিটো প্ৰাণী বা উদ্ভিদৰ বৈজ্ঞানিক নাম দুটা অংশৰ সমন্বয়ে গঠিত — প্ৰথমটো গণ (Genus) আৰু দ্বিতীয়টো প্ৰজাতি (Species)।
5. লিনিয়াছৰ মুখ্য গ্ৰন্থ কি?
A: তেওঁৰ প্ৰসিদ্ধ গ্ৰন্থ “Systema Naturae” (1735) আছিল, য’ত তেওঁ জীৱ জগতক শ্রেণীবদ্ধ কৰিছিল।
Read also: Isaac Newton Biography | আইজাক নিউটনৰ জীৱনী

My self Mahezubin Saikia. Working in Dev Library as a Content Writer. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Health, Finance, Biography, Quotes, Study Materials, and more.