Axomiya Kobitar Saneki Unit 4 পুৰণি অসমীয়া কবিতা

Axomiya Kobitar Saneki Unit 4 পুৰণি অসমীয়া কবিতা, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Axomiya Kobitar Saneki Unit 4 পুৰণি অসমীয়া কবিতা Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Axomiya Kobitar Saneki Unit 4 পুৰণি অসমীয়া কবিতা Question Answer can be of great value to excel in the examination.

Axomiya Kobitar Saneki Unit 4 পুৰণি অসমীয়া কবিতা

Join Telegram channel

Axomiya Kobitar Saneki Unit 4 পুৰণি অসমীয়া কবিতা Notes cover all the exercise questions in UGC Syllabus. The Axomiya Kobitar Saneki Unit 4 পুৰণি অসমীয়া কবিতা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

পুৰণি অসমীয়া কবিতা

ASSAMESE

AXOMIYA KOBITAR SANEKI

অসমীয়া কবিতাৰ চানেকি

(ক) মাধৱ কন্দলিৰ ৰামায়ণঃ

‘শঙ্খিনী চিত্রিণী নাৰী… বহয় পৱন’ অংশ 

(খ) বৰগীত (শংকৰদেৱ)

শংকৰদেৱৰ শুন শুন ৰে সুৰ…শঙ্কৰ কেহতু উপায় 

(গ) নামঘোষা (মাধৱদেৱ)

দুৰ্বাৰ দুঃসঙ্গ…মজিয়া নপাইলো পাৰ’ৰ অংশ 

(ঘ) ঊষা পৰিণয় (পীতাম্বৰ কবি) :

বৈশম্পায়ন বোলে…নাৰায়ণ পৰসনে’ অংশ


১। মাধৱ কন্দলি ৰামায়ণৰ এটি আভাস দিয়া।

উত্তৰঃ ভাৰতীয় ঐতিহ্যত মাধৱ কন্দলিৰ ৰামায়ণে গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আছে। মাধৱ কন্দলিয়ে সপ্তকাণ্ড ৰামায়ণ ৰাচনা কৰিছিল বুলি জনা যায় যদিও মাধৱ কন্দলিৰ আদিকাণ্ড আৰু উত্তৰাকাণ্ড দুটা পোৱা নাযায়। পৰৱৰ্তীসময়ত ক্ৰমে মাধৱদেৱ আৰু শংকৰদেৱে এই কাণ্ড দুটা অনুবাদ কৰি মাধৱ কন্দলিৰ ৰামায়ণখন সম্পূৰ্ণ কৰি তোলে। মাধৱ কন্দলিৰ ৰামায়ণৰ কাণ্ড কেইটা হৈছে— আদিকাণ্ড, অয্যোধা কাণ্ড, অৰণ্যকাণ্ড, কিষ্কিন্ধাকাণ্ড, সুন্দৰাকাণ্ড, লংকাকাণ্ড, উত্তৰাকাণ্ড। 

(ক) আদিকাণ্ডঃ

অয্যোধা নগৰত মহাবলীশালী আৰু প্ৰজাবৎসল ৰজা দশৰথৰ তিনিগৰাকী প্ৰধান মহিষী কৌশল্যা, কৈকেয়ী আৰু সুমিত্ৰাৰ গৰ্ভত পুত্ৰেষ্টি যজ্ঞৰ ফলস্বৰূপে চাৰিটা সন্তান জন্ম হয়। কৌশল্যাৰ পৰা ৰাম, কৈকেয়ীৰ গৰ্ভত ভৰত আৰু সুমিত্ৰাৰ গৰ্ভত ক্ৰমে লক্ষ্মণ আৰু শত্রুঘ্নৰ জন্ম হয়। ল’ৰাকেইটাৰ উপযুক্ত শিক্ষাৰ ফলত ধৰ্মজ্ঞ, নীতিজ্ঞ, সকলো প্ৰাণীৰ হিতকাৰী আৰু যুদ্ধবিশাৰদ হৈ উঠে। ৰামৰ পোন্ধৰ বছৰ বয়সত ঋষি বিশ্বামিত্ৰই তেওঁৰ সিদ্ধাশ্ৰমত যজ্ঞ ৰক্ষাৰ্থে দশৰথক অনুৰোধ কৰি ৰাম-লক্ষ্মণক লৈ যায়। পৰৱৰ্তী সময়ত বিশ্বামিত্রসহ ৰাম-লক্ষ্মণে জনকৰ পুৰীত প্ৰৱেশ কৰি জনকৰ কন্যাদানৰ পণ অৰ্থাৎ ধনুত গুণ লগোৱাৰ চৰ্তৰ কথা শুনি ৰামে গুণ লগাই ধনুখন ভাঙে আৰু পণৰ চৰ্ত অনুসাৰে সীতাক লাভ কৰে। ধনুভঙ্গ কৰি সীতাক লাভ কৰাৰ খবৰ পাই দশৰথে মিথিলাত উপস্থিত হৈ ৰাম-সীতাক আদৰি আনে। অয্যোধালৈ ঘূৰি আহোঁতে ৰামে পৰশুৰামৰ লগত যুদ্ধত লিপ্ত হ’বলগীয়া হৈছিল।

(খ) অয্যোধা কাণ্ড‌ঃ

অয্যোধা কাণ্ডত দেখা গৈছে উপযুক্ত বয়সত ৰামক ৰাজ্যভাৰ দিবলৈ দশৰথ ৰজাই অভিষেকৰ আয়োজন কৰিছে। কিন্তু দাসী মন্থৰাই কৈকেয়ীক ৰাম অভিষেকৰ সংবাদ দি তেওঁক দশৰথে এসময়ত দুটা বৰ দিয়াৰ প্ৰতিশ্ৰুতি সোঁৱৰাই দিয়ে আৰু বৰ দুটা ল’বলৈ কৈকেয়ীক ৰাম ৰজা হ’লে ভয়াৱহ সম্ভাৱনা দেখুৱাই একপ্ৰকাৰ জোৰ কৰে৷ প্রথমতে কৈকেয়ীয়ে সংবাদটি শুনি আনন্দত কুজী মন্থৰাক উত্তম আভৰণ প্ৰদান কৰে। কিন্তু শেষত বিপৰীতে যুক্তিত পতিয়ন গৈ

দশৰথৰ পৰা দুটা বৰ আদায় কৰে। দশৰথৰ অনুৰোধ-উপৰোধ, কাকৃতিমিনতিও অৱজ্ঞা কৰি কুঁজীৰ মন্ত্ৰণাত বিষাক্তহৃদয়া কৈকেয়ীয়ে ৰামৰ চৌদ্ধ বছৰ বনবাস আৰু ভৰতক যৌৱৰাজত্বত অভিষেকৰ বৰ আদায় কৰে। পিতৃ সত্য পালিবলৈ গৈ ৰাম বনবাসলৈ ওলাল। ৰামক সংগ দিয়ে পত্নী সীতাই আৰু ভাতৃ লক্ষ্মণে। এই সকলোবোৰ ভৰতৰ অজ্ঞাতে ঘটিছিল। ৰাম বনবাসলৈ যোৱাৰ শোকত ভাগি পৰি দশৰথ ৰজাৰ মৃত্যু হ’ল। দশৰথৰ অন্ত্যেষ্ঠিক্ৰিয়াত উপস্থিত হৈ ভৰতে সকলো জানি ৰাম পুনৰ ৰাজ্যলৈ উভতাই আনিবলৈ চেষ্টা কৰিছিল যদিও সফল নহ’ল। পিছত ৰামৰ অনুপস্থিতি চৌধ্য বছৰৰ বাবে ভৰতে প্রতিনিধি হিচাপে ৰাজ্যৰ শাসনভাৰ চলাব এই চর্ত মানি অয্যোধা ৰাজ্য পৰিচালনা কৰিবলৈ লয়। D.B.S.

(গ) অৰণ্যকাণ্ডঃ

অৰণ্যকাণ্ডত পোৱা গৈছে ভৰতৰ পৰা বিদায় লৈ ৰামে বিন্ধ্যা পৰ্বতৰ দক্ষিণে ৰাক্ষসৰ বিচৰণ ঠাই বুলি জানি ৰামে সেই পিনে যায় ৷ বিন্ধ্যা পর্বতত সোমাই প্রথমে বিৰাধ ৰাক্ষসক পাই বধ কৰে। ইয়াৰ পিছত ঋষি মুনি আদি লোকৰ সঙ্গ পাই প্রায় দহ বছৰ কাল কটায়। আৰু দক্ষিণলৈ গৈ দণ্ডকাৰণ্যত গোদাবৰী নদীৰ পাৰত জন্মস্থান নামে ঠাইত অগস্ত্য ঋষি আৰু তেওঁৰ পত্নী লোপমুদ্ৰাক লগ পাই তেওঁলোকৰ আদৰ অভ্যর্থনাত থাকে। ইয়াতে চৌদ্ধ হাজাৰ ৰাক্ষসসহ খৰ-দূষণত্ৰিশিৰা সেনাপতি ৰামৰ হাতত নিধন হোৱাত শূৰ্পনখাৰ লংকাযাত্রা আৰু ৰাক্ষসনিধনৰ ভয়াৱহ বাৰ্তা ৰাৱণক দিয়ে আৰু প্ৰতিকাৰাৰ্থে ৰাৱণক ত্ৰিস্কাৰপূৰ্বক আৱেদন কৰে। লগতে সীতাৰ অপূৰ্ব সৌন্দৰ্যৰ কথা কৈ তাই ৰাৱণক লালায়িত কৰে। ৰাৱণে মাৰীচৰ সহায় ভিক্ষা কৰে, মাৰীচে ৰাৱণক প্রতিনিৰত কৰিবলৈ বৃথা চেষ্টা কৰি উপায়ন্তৰ তৈ স্বৰ্ণমগৰ ৰূপত পঞ্চবটীত বিচৰণ কৰি সীতাৰ দৃষ্টি আকর্ষণ কৰে। সীতাৰ প্ৰাৰ্থনাত ৰামে স্বৰ্ণমৃগ অনুসৰণ কৰে আৰু লক্ষ্মণেও সীতাৰ অনুৰোধ আৰু কটুবাক্যত ৰামক অনুসৰণ কৰিবলৈ বাধ্য হয়। এি সুযোগতে ৰাৱণে সন্যাসীৰ বেশত সীতাক অপহৰণ কৰে। পথত জটায়ু পক্ষীৰ বাধা দান কিন্তু জটায়ুৰ পক্ষছেদন কৰি ৰাৱণে লংকাভিমুখে গমন কৰে আৰু অশোকবনত ৰাক্ষসীৰ তত্ত্বাৱধানত ৰাখে। পিছত ৰাৱণৰ কূটকৌশল জটায়ু মুখৰ পৰা জানি সীতাক উদ্ধাৰৰ বাবে ৰামলক্ষ্মণে ৰণকৌশল তৈয়াৰ কৰে।

(ঙ) কিষ্কিন্ধা কাণ্ডঃ

এই অধ্যায়ত সীতাৰ সন্ধানত ভ্ৰমি ফুৰি ৰাম লক্ষ্মণে পম্পা সৰোবৰ পালেগৈ। তাতে সুগ্ৰীৱ আৰু হনুমন্তক তেওঁলোকে লগ পায়। বালিয়ে সুগ্ৰীৱৰ ৰাজ্য আৰু স্ত্ৰী কাঢ়ি লৈ নিজে ৰজা হৈ ছিল। এতিয়া সুগ্ৰীৱ আৰু ৰামৰ ভিতৰত এনে সূত্ৰত মিত্ৰতা হ’ল যে ৰামে সুগ্ৰীৱক নিজা ৰাজ্য ঘূৰাই দিব আৰু সুগ্ৰীৱে ৰামক সীতাক উদ্ধাৰ কৰাত সহায় কৰিব। সুগ্রীৱে ৰামৰ কথা মতে বালীৰে যুদ্ধ কৰে আৰু ৰামে শৰ মাৰি বালীক বধ কৰে। বালীয়ে মৃত্যু কালত ৰামক বিষমৰূপে তিৰস্কাৰ কৰে, কিন্তু ৰামে কয় যে তেওঁ অয্যোধাৰ ৰজাৰ প্ৰতিনিধি স্বৰূপে দুষ্টৰ শাস্তি বিধানহে কৰিছে। এতিয়া সুগ্ৰীৱ কিষ্কিন্ধাৰে ৰজা হৈ পৰে৷ ৰজা হৈ বানৰ সৈন্যক দিশে দিশে সীতাৰ সন্ধানত পঠালে। প্রধান দলটো হনুমন্ত বা মাৰুতিৰ অধীনত গৈছিল সাগৰৰ কুলৰ পিনে।

(চ) সুন্দৰাকাণ্ডঃ

সুন্দৰাকাণ্ডত হনুমানৰ সাগৰ লংঘন, পথত সুৰমা দেৱী আৰু ছায়াগ্ৰাসী সিংহিকা ৰাক্ষসীৰ বাধাপ্ৰদান বৰ্ণনা কৰি হনুমানৰ নিশাভাগত দেহসংকোচনপূর্বক লংকাত প্ৰৱেশ কৰা দেখুৱাইছে। লংকা নগৰীৰ অধিষ্ঠাত্ৰী ৰাক্ষসীৰ লগত হনুমানৰ সংঘৰ্ষ আৰু হনুমানে তাইক পৰাভৱ কৰি নগৰৰ ভিতৰত প্ৰৱেশ কৰাৰ চিত্ৰ, হনুমানৰ লংকাৰ নানান ঠাইত সীতাৰ অন্বেষণ, আৰু অশোক বনত সীতাক আৱিষ্কাৰৰ বৰ্ণনা বিশদভাৱে পোৱা যায়। সীতা অন্বেষণৰ বাবে যাত্রা পথত নানান বিপদ-বিঘিনি অতিক্ৰম কৰি হ’লেও হনুমান লংকাত উপস্থিত হ’ল। হনুমানৰ এই সীতা অন্বেষণৰ যাত্ৰাতে কন্দলিয়ে বৰ কৌশলপূৰ্ণভাৱে লংকা নগৰীৰ শৌর্যবীর্য অথবা তাৰ প্ৰাকৃতিক পৰিৱেশ, লংকাবাসীৰ জীৱন প্রবাহ, ঘৰ-দুৱাৰ আদিৰ নিখুঁত বৰ্ণনা দাঙি ধৰিছে। 

(ছ) লংকাকাণ্ডঃ

সীতাক উদ্ধাৰ কৰাৰ নিমিত্তে ৰামে লংকা আক্রমণ কৰিবলৈ ওলায়— সুগ্ৰীৱে বানৰ সৈন্য আৰু জাম্বৱন্তে ভালুক সৈন্যৰ সহায় ৰামে লাভ কৰে। সাগৰৰ পাৰ পাই নলৰ সহায়ত ৰামে সাগৰত শিলৰ সেতু বান্ধে। ইয়াতে ৰাৱণৰ কনিষ্ঠ ভাতৃ বিভীষণে ৰামৰ লগ লয়হি। বিভীষণে ৰাৱণক অন্যায় কাম কৰা বুলি কোৱাত ৰাৱণে বিভীষণকহে তিৰস্কাৰ কৰে। বিভীষণে তেতিয়া ৰামৰ পক্ষ লয়হি৷ ৰামে ৰাৱণ বধৰ পিছত রাজ্যত থাপিব বুলি কয়। সাগৰ পৰ হৈ ৰামে লংকা আক্ৰমণ কৰে আৰু ৰাৱণৰ সৈতে সকলো ৰাক্ষস সৈন্য বধ কৰে আৰু বিভীষমক ৰজা পাতে। ৰামে তেতিয়া সীতাক লগ পায়। কিন্তু সমাজৰ গ্লানিলৈ ভয় কৰি সীতাক পৰীক্ষা নোহোৱাকৈ সামৰি লবলৈ টান পায়। তেতিয়া সীতাই মম্মাহত গৈ অগ্নিপৰীক্ষাৰ কথা তোলে। অগ্নি প্রজ্জ্বলিত হ’লত সীতাই অগ্নিত প্ৰৱেশ কৰে তৎক্ষণাত অগ্নি দেৱতাই সীতাক লৈ সকলোৰে আগত তেওঁ নিষ্কলুষা বুলি ঘোষণা কৰে। তেতিয়াহে ৰামে সীতাক গ্ৰহণ কৰে। সেই সময়ত বনবাসৰ চৈধ্য বছৰ প্ৰায় উকলি গৈছিল। ৰামে ৰাৱণৰ আকাশীযান পুষ্পকথ লৈ লক্ষ্মণ সীতা আৰু বন্ধুবৰ্গৰে গৈ অয্যোধা পায়গৈ। সকলোৱে মহা উৎসৱ কৰি তেওঁলোকক আদৰি, ৰামক সিংহাসনত অভিষেক কৰে।

(চ) উত্তৰাকাণ্ডঃ

অভিষেক উৎসৱৰ কেইমাহমানৰ পিছত ৰাজ্যত ঠায়ে এনে ঠায়ে এটা আৰাও হ’ল যে ৰাৱণৰ ঘৰত এবছৰকৈ থকা সীতাক ৰামে সামৰি লোৱাটো ভাল হোৱা নাই। এই লোকাপবাদৰ কাৰণে ৰামে সীতাক ত্যাগ কৰিবলৈ সংকল্প কৰিলে। সীতা তেতিয়া অন্তঃসত্ত্বা আছিল৷ ৰামে লক্ষ্মণক পাচি ৰথত তোলাই সীতাক গঙ্গাৰ পাৰৰ বনলৈ নি ৰামৰ অভিপ্ৰায় জনাই থৈ আহিল। বাল্মিকী মুনিয়ে নির্বাসিতা সীতাক পাই তেওঁৰ আশ্ৰয়ত ৰাখিলে। তাতে লব-কুশৰ জন্ম হয়। লব-কুশক মুনিয়ে আন শিষ্যসকলৰ লগতে শিক্ষা দিব ধৰিলে। তাতে ৰামায়ণৰ গানো তেওঁলোকক শিকালে ৷

ইফালে ৰামে নৰ অশান্তিৰে ৰাজ্য চলাব ধৰিলে, সীতাৰ প্ৰতি অন্যায় আচৰণেই তেওঁৰ অশান্তিৰ কাৰণ হৈছিল। পিছত ৰামৰ অশ্বমেধ যজ্ঞ কৰিবলৈ ইচ্ছা গ’ল। এই যজ্ঞলৈ বাল্মিকীয়ে লব-কুশক লৈ উপস্থিত হয়হি৷ ৰামৰ অনুসন্ধানত লব-কুশ ৰামৰে সন্তান বুলি প্ৰমাণিত হ’ল। সীতাকো লৈ আনিবলৈ মানুহ পঠিয়ালে। সীতা অহাত ৰামে তেওঁৰ সতীত্বৰ আৰু কিবা প্রমাণ আছেনে সুধিলে৷ সীতাই তেতিয়া ক’লে— মই যদি কৰ্ম, মন আৰু বাক্যত ৰামৰ অপৰাধ কৰিছোঁ তেনেহ’লে আই বসুমতীয়ে মোক কোলাত সামৰি লওক। লগে লগে আই বসুমতীয়ে সীতাক পাতাললৈ লৈ গ’ল। ৰামেও নিজৰ জীৱনৰ কাল চাপিল বুলি অনুভৱ কৰি ৰাজ্যখন চাৰি ভাইৰ মাজত ভাগ কৰি দিলে। আৰু ৰামে সৰযুৰ জলত প্ৰৱেশ কৰিলে। বাকী ভায়েকসকল আৰু গোটেই অয্যোধাবাসী স্বর্গ পালেগৈ।

২। মাধৱদেৱৰ নামঘোষা সন্দৰ্ভত তোমাৰ এটি ধাৰণা দিয়া‌? 

উত্তৰঃ নামঘোষা মাধৱদেৱৰ সৰ্বশ্ৰেষ্ঠ সৃষ্টি। অসমৰ বৈষ্ণৱ সমাজৰ চাৰিখুটি যেনেকৈ গুৰু, দেৱ, নাম, ভকত ঠিক সেইদৰে চাৰি শাস্ত্ৰ হ’ল—কীৰ্ত্তন, দশম, নামঘোষা আৰু ৰত্নাৱলী। নামঘোষা ভক্তিবাদী গ্রন্থ। ইয়াৰ দার্শনিক ভিত্তি বেদান্ত আৰু আদৰ্শ ভাগৱত পুৰাণ৷ এহেজাৰ ঘোষা থকা কাৰণে নামঘোষাক হেজাৰী ঘোষা বুলিও কোৱা হয়। 

বাণীকান্ত কাকতিয়ে নামঘোষাত তিনিটা ভাবধাৰাৰ সংমিশ্ৰণৰ কথা কৈছে। সেই কেইটা হ’ল—পূণ্য শ্লোক শংকৰ স্মৃতি, মাধৱদেৱৰ আত্ম লঘিমা আৰু কৃষ্ণ ভক্তি মাহাত্ম্য। মাধৱদেৱৰ জীৱনৰ ধ্যানধাৰণা, আদৰ্শ, নিষ্ঠা সকলো ক্ষেত্ৰতে শংকৰদেৱৰ অখণ্ড প্ৰভাৱ দৃষ্টিগোচৰ হয়। মাধৱদেৱেই প্ৰকৃতাৰ্থত শংকৰদেৱক অসমীয়া জাতিৰ গুৰুৰূপে প্ৰতিষ্ঠা কৰিলে। আগতে অসমৰ বৈষ্ণৱ মাৰ্গত থকা দেৱ, নাম, ভকতৰ লগত ‘গুৰু’ বস্তু সংযোগ কৰি মাধৱদেৱে অসমৰ বৈষ্ণৱ ধৰ্মৰ ‘চাৰিবস্তু’ সম্পূৰ্ণ কৰিলে।

নামঘোষা মাধৱদেৱৰ শেষ ৰচনা। তথাপি তেওঁৰ তিৰোধানৰ বহু আগতে ৰচনা কৰা নহয়। মাধৱদেৱৰ পৰম গুৰু শংকৰদেৱৰ তিৰোভাৱৰ বহু পিছতো তেৰাৰ স্মৃতি মাধৱদেৱৰ মনত সজীৱ হৈ আছিল। কিয়নো শংকৰদেৱৰ পাণ্ডিত্য, আভিজাত্য আৰু আধ্যাত্মিকতাৰ সন্মোহিনী গুণত ৰজা-প্ৰজা, শত্ৰু-মিত্ৰ সকলোকে এডাল ভক্তিৰ সূতাৰে মেৰাই লৈছিল। শংকৰদেৱৰ অবৰ্তমানত সেই দেখি খল, সূচকসকলৰ হিংসা-দ্বেষ, নিগ্রহ-লাঞ্ছনা সকলোকে মাধৱদেৱে অকলশৰে বুকু পাতি সামৰি ল’ব লগাত পৰিছিল। তাত বাজেও নৱ-প্ৰৱৰ্তিত বৈষ্ণৱ-সম্প্ৰদায়ৰ ভিতৰত বেলেগ বেলেগ ভিন্ন মতে দেখা দিছি. এই সন্ধিক্ষণত ৰচনা কৰা নাম ঘোষা গ্রন্থক শংকৰ-স্মৃতি-মণ্ডিত মাধৱদেৱৰ পূৰ্ণৱহ্ম-স্বৰূপ কৃষ্ণৰ প্ৰতি একান্তিকা ভক্তিৰ বিৰাট ঝঙ্কাৰ বুলিব পাৰি।

সংসাৰ ত্যাগী মাধৱদেৱক দাস্যভক্তিৰ মূর্তিমান স্বৰূপ বুলিব পাৰি ঘোষা-ৰত্ন কবি গোপাল মিশ্ৰই গুণগ্রাহী ভাষাৰেই মাধৱদেৱৰ প্ৰকৃতি বৰ্ণনা কৰিছে—“শ্ৰীমন্ত মাধৱ নাম ধৰি, বিষয়-সুখক পৰিহৰি, কৃষ্ণ যশৰস কৰিলা সিটো বিস্তাৰ।” পৰম বৈৰাগ্যৰ পৰিপোষক চিৰকৌমার্য ব্ৰত অৱলম্বন কৰি মাধৱদেৱ আজীৱন কৃষ্ণ-যশ-ৰসতেই ডুবি আছিল । সংসাৰত যেনেকৈ তেওঁ নিৰ্জৰ পৰিচয় দিবলৈ তেজৰ সম্বন্ধ ৰাখি যোৱা নাই, সাহিত্য-ক্ষেত্ৰতো মাধৱদেৱে কোনো ঠাইত আত্ম-পৰিচয় দি যোৱা নাই। আত্মৰাম ভাব মাধৱ-চৰিত্ৰৰ কেন্দ্ৰস্থান। বৈষ্ণৱ আন্দোলনত ভাৰতৰ ইমূৰৰপৰা সিমূৰলৈকে যিসকল মহানুভৱ কবি ওলাইছিল, সেই সময়ৰ ৰীতি অনুসাৰে তেওঁলোকে নিজ নিজ কবিতাৰ ভণিতাত নাইবা ঠাই বিশেষে গ্ৰন্থৰ ভিতৰতো আপোন আপোন বংশ আদিৰ পৰিচয় দি থৈ গৈছে। কিন্তু পৰম বিৰক্ত মাধৱদেৱে কোনো গ্রন্থতেই বংশ বা আত্ম-পৰিচয় দি যোৱা নাই। আত্ম-লঘিমা মাধৱদেৱৰ চৰিত্ৰৰ এটি প্রধান লক্ষণ।

নামঘোষাত বিগলিত হৃদয়ৰ আকুলতা আৰু ভগৱানতেই সৰ্বস্ব সমৰ্পণৰ ভাব প্রকাশ পাইছে। মাধৱদেৱে নিজকে পাপীতকৈয়ো পাপী বুলি উল্লেখ কৰি মাধৱদেৱৰ ক্ষেত্ৰত ভগৱানৰ যি ইচ্ছা তাকে কৰিবলৈ কৈছে।

মোৰ সম পাপী লোক নাহিকে ই তিনি লোক 

তুমি সম নাহি পাপহাৰী 

ইজানি গোৱিন্দ মোক যেন যুৱাই কৰিয়োক 

তুৱা পদে কৰোহো গোহাৰি।। (নামঘোষা ৭৯)

কৃষ্ণ ভক্তিৰ মাহাত্ম্য প্রকাশ নামঘোষাৰ প্ৰধান উপজীৱ্য। বেদান্তৰ ব্ৰহ্মই মাধৱদেৱৰ নামঘোষাৰ কৃষ্ণ। ভাগৱতৰ ‘কৃষ্ণস্তু ভগৱান স্বয়ম্ গীতাৰ ‘পুৰুষোত্তম কৃষ্ণ’, মহাভাৰতৰ ‘বাসুদেৱ’ আৰু নামঘোষাৰ ‘কৃষ্ণ’ অভিন্ন। এওঁৱেই ভগৱান, অদ্বিতীয় ব্ৰহ্ম আৰু জগতৰ সৃষ্টি, স্থিতি আৰু প্ৰলয়ৰ কাৰণ। এই পৰমজনক উপলব্ধিৰ বাবে কোনো যাগ-যজ্ঞ, তীর্থ, দান, ব্রত-উপবাস আৰু আনুষ্ঠানিকতাৰ প্ৰয়োজন নাই। কেৱল নামৰ দ্বাৰাই ভগৱানৰ স্বৰূপ উপলব্ধি কৰিব পাৰি। শংকৰদেৱও নৱধা ভক্তিৰ ভিতৰত শ্ৰৱণ-কীৰ্ত্তনত অধিক গুৰুত্ব আৰোপ কৰিছে। মাধৱদেৱেও কামনা কৰিছে মৃত্যুকাল পর্যন্ত যেন তেওঁ ভগৱানৰ নাম ল’ব পাৰে।

হে কৃষ্ণ তযু পাদ পদ্ম পঞ্জৰ বিতৰে মোৰ মন 

ৰাজহংস পশি থাকোক প্রভু সৰ্ব্বথা।

প্ৰাণ প্ৰয়াণৰ সময়ত কফ বাত পিত্ত আদি যত

কণ্ঠ নিৰোধনে তোমাৰ স্মৰণ কথা।। (নামঘোষা ৬৬৩) 

ভক্তি প্রতিপাদক গ্ৰন্থৰূপে নামঘোষা অসমীয়া জাতিৰ আপুৰুগীয়া সম্পদ। অৱতাৰবাদ, ভগৱানৰ অনুগ্রহ, ভক্তিৰ শ্ৰেষ্ঠতা, মায়া তৰণৰ উপায় স্বৰূপ ভগৱানৰ নামৰ শ্ৰৱণ-কীৰ্ত্তনত গুৰুত্ব, গুৰু মাহাত্ম্য, নাম মাহাত্ম্য, সৎসংগ আৰু ভকত মাহাত্ম্য, শৰণ মাহাত্ম্য, মোক্ষ-তত্ত্ব, দাস্য ভক্তি আৰু আত্ম নিৱেদন, সেৱাযুক্ত ভক্তি নামঘোষাৰ প্ৰধান বৈশিষ্ট্য। ভগৱানৰ নামৰ দ্বাৰাই জীৱই এই সংসাৰৰপৰা উদ্ধাৰ পাব পাৰে৷ মাধৱদেৱে সাধাৰণ লোকৰ বাবে মুক্তিৰ কথা ক’লেও মাধৱদেৱে নিজৰ বাবে মুক্তি বিচৰা নাই। নামঘোষাৰ প্ৰথমতেই মাধৱদেৱে ৰসময়ী ভক্তি কামনা কৰি মুক্তিত নিস্পৃহ ভকতকহে নমস্কাৰ জনাইছে। আৰাধ্য দেৱতা বা নিজ গুৰুক বন্দনা নকৰি ভকত বন্দনাৰ জৰিয়তে কাব্য

আৰম্ভ কৰা ৰীতিৰ ক্ষেত্ৰত মাধৱদেৱ ভাৰতবৰ্ষৰ ভিতৰতেই অদ্বিতীয়। 

৩। নামঘোষা আৰু বেদান্ত দৰ্শন এই সম্পৰ্কে এটি আলোচনা আগবঢ়োৱা।

উত্তৰঃ নামঘোষাৰ দার্শনিক ভিত্তি বেদান্ত, ভাগৱত পুৰাণ হ’ল সমস্ত বেদান্ত সাৰ। বেদান্তৰ প্ৰধান প্রতিপাদ্য বিষয় হ’ল ব্ৰহ্ম, জীৱ আৰু জগত মায়া। এই তিনিটা প্রধান বিষয়ৰ উপৰি কৰ্মফল আৰু জীৱৰ সংসাৰ চক্ৰত ভ্ৰমণ, বিশুদ্ধ কৰ্ম, শাস্ত্ৰসেৱা, গুৰুৰ উপদেশৰ ফলত জ্ঞান চকু মুকলি আৰু ব্ৰহ্ম-জ্ঞান-প্ৰাপ্তি, আচৰণ সম্পৰ্কীয় বিচাৰ, বৈৰাগ্য, আত্মজ্ঞান, আশ্ৰম বিহিত কৰ্ম নকৰিলেও মুক্তিৰ উপায়, বাৰম্বাৰ হৰি নাম কীৰ্তনত গুৰুত্ব, ধ্যান, প্রতীকোপাসনা, মৃত্যু কালত জীৱৰ অৱস্থা আৰু সৰ্বোপৰি ভগৱানৰ নামত গুৰুত্ব প্ৰদান আদি দিশ প্ৰতিভাত হৈছে।

উপনিষদসমূহত ব্রহ্মবিষয়ক চিন্তা গভীৰভাৱে বিশ্লেষণ কৰা হৈছে৷ ব্ৰহ্মৰ স্বৰূপ সম্বন্ধে কোৱা হৈছে যে ব্ৰহ্ম বিৰাট। ছান্দোগ্য উপনিষদত এই বিৰাট সম্বন্ধে কৈছে—

জ্যায়ান্ পৃথিৱ্যাজায়াননস্তৰিক্ষাৎ জ্যায়ান দিৱো জ্যায়ানেভ্যো লোকেভ্যঃ।

অৰ্থাৎ হৃদয়ৰ অভ্যন্তৰত থকা আমাৰ আত্মা পৃথিৱী, অন্তৰীক্ষ আৰু সমুদ্ৰতকৈয়ো বিৰাট।

উপনিষদসমূহত ব্ৰহ্মৰ স্বৰূপ সম্বন্ধে কোৱা হৈছে যে ব্ৰহ্ম সর্বত্র বিস্তাৰিত, ধ্ৰুৱ আৰু অক্ষয় অব্যয়। ব্ৰহ্ম নিৰ্গুণ আৰু নিৰ্বিশেষ৷ তেওঁ একো নহয়, কিন্তু একমাত্র আত্মাৰূপে প্ৰসিদ্ধ। ব্ৰহ্মতত্ত্বই চৰম আৰু পৰমতত্ত্ব। ব্ৰহ্ম সৎ, চিৎ আৰু আনন্দময়। ব্ৰহ্ম ব্যতিৰেকে আন সকলো অল্প বা পৰিচ্ছিন্ন। এনে অল্প বা পৰিচ্ছিন্নই বিনাশী।

এই ব্ৰহ্ম মায়াৰ সহায়ত সগুণ হয়। মায়াক প্ৰকৃতি, অবিদ্যা, অধ্যাস আদি নামেৰেও জনা যায়। মায়াই ব্ৰহ্মৰ যৱনিকা, এই মায়াই জগত জননী প্রকৃতি, মায়াময় ব্ৰহ্মই ঈশ্বৰ।

মায়াৰ বিচিত্ৰ আৰু আশ্চর্যজনক কাৰ্যৰ ভিতৰত সকলোতকৈ আশ্চর্যজনক কাৰ্য হ’ল আমাৰ অহংজ্ঞান। মায়া সম্বলিত ব্ৰহ্মই জগতৰ কাৰণ৷ নিৰ্গুণ ব্ৰহ্ম জগতৰ উপাদান কাৰণ আৰু মায়াময় ব্ৰহ্ম বা সগুণ ব্ৰহ্ম বা পৰমেশ্বৰ জগতৰ নিমিত্ত কাৰণ। এক ব্ৰহ্মই জগতৰ নিমিত্তও, উপাদানো। এক ব্ৰহ্মৰ ‘নিমিত্ত উপাদানতাই অদ্বৈত বেদান্তৰ সিদ্ধান্ত।

উদাহৰণৰদ্বাৰা কথাটো এনেদৰে ক’ব পাৰি। কুমাৰে যি বিভিন্ন মৃন্ময় পাত্ৰ তৈয়াৰ কৰে তাৰ উপাদান হ’ল মাটি। মাটি বিভিন্ন মৃন্ময় পাত্ৰৰ উপাদান কাৰণ আৰু কুমাৰ হ’ল নিমিত্ত কাৰণ। অদ্বৈত বেদান্ত মতে একে ব্রহ্মই নিমিত্তও আৰু উপাদানো। অর্থাৎ যিজন নিমিত্তৰূপী কুমাৰ তেওঁৱেই উপাদানৰূপী মাটি।

অদ্বৈত বেদান্ত মতে উপাদান কাৰণো দুই প্ৰকাৰৰ—পৰিণামী উপাদান আৰু অপৰিণামী উপাদান। অপৰিণামী ব্ৰহ্ম পৰিণামী উপাদান হ’ব নোৱাৰে, কিন্তু জগত ব্ৰহ্মৰ বিৱৰ্তমান বা ব্ৰহ্মৰ অধিষ্ঠানৰূপে ব্ৰহ্মক অপৰিণামী উপাদান বুলি কোৱাত বাধা নাই।

মায়াৰ দুই প্ৰকাৰৰ শক্তি আছে। আৱৰণ শক্তি আৰু বিক্ষেপণ শক্তি। ব্ৰহ্মৰ আৱৰণ শক্তি প্রধান মায়াক অবিদ্যা আৰু বিক্ষেপণ শক্তি প্রধান মায়াক মায়া বোলা হৈছে। বস্তুতঃ আৱৰণ আৰু বিক্ষেপণ প্ৰকাৰন্তৰে মায়াৰে শক্তি। আৱৰণ শক্তিয়ে ব্ৰহ্মক আচ্ছাদিত কৰি ৰাখে আৰু ফলত জীৱই ব্ৰহ্মৰ স্বৰূপ উপলব্ধি কৰিব নোৱাৰে। বিক্ষেপণ শক্তিৰ দ্বাৰা মায়াই জীৱক মোহিত কৰি অন্য দিশলৈ মন বিক্ষেপিত নহয়। হাজাৰ হাজাৰ বছৰ ব্যাপিও ইয়াৰ অৱসান নহ’ব পাৰে। মায়াৰ অৱসান হ’লে ই পুনৰ ব্ৰহ্মতেই বিলীন। হ’ব। সেয়ে মায়াৰ আচ্ছাদন গুচাব পাৰিলেই জীৱই উন্মুক্ত অৱস্থা প্রাপ্ত হয় আৰু ব্ৰহ্মৰ স্বৰূপ প্ৰাপ্ত হয় অর্থাৎ মুক্তি লাভ কৰে। 

জীৱ আৰু জগত ব্ৰহ্মৰেই সৃষ্টি। অগ্নিৰ লগত ফিৰিঙতিৰ দৰে। জীৱ আৰু ব্ৰহ্মৰ অংগাংগীভাব। জগত ব্ৰহ্মৰ মায়িক বিকাশ। জীৱই অবিদ্যাৰ বাবে ব্ৰহ্মৰ স্বৰূপ উপলব্ধি কৰিব নোৱাৰে। নিৰ্গুণ ব্ৰহ্ম মায়াৰ সহায়ত জড় জগত ৰমণ কৰিছে। মাধৱদেৱে নামঘোষাৰ বিভিন্ন ঘোষাত ব্ৰহ্মৰ স্বৰূপ ব্যক্ত কৰিছে।

ক) যিহেতু চৈতন্য-পূর্ণ         পৰমাত্মা-ৰূপে হৰি

                   হৃদয়ত আছন্ত প্ৰকাশি।

তাতেসে ইন্দ্রিয়গণ                ভূত প্ৰাণ বুদ্ধি মন 

                   প্ৰৱৰ্ত্তে যতেক জড় ৰাশি।। (নামঘোষা ২২) 

খ) হে কৃষ্ণ তুমি মাত্র            চৈতন্য-স্বৰূপ নিত্য 

                   সত্য শুদ্ধ জ্ঞান অখণ্ডিত।

আৱৰ যতেক ইটো               তোহ্মাৰ বিনোদ ৰূপ 

                  চৰাচৰ মায়াৰ কল্পিত।। (নামঘোষা-৮৪) 

গ) নিৰন্তৰে নিজানন্দ-          সুখ পৰিপূৰ্ণ ৰূপ 

                  অখণ্ড আনন্দ নুগুচায়।

এতেকেসে সদানন্দ               নিত্যানন্দ নামে ইটো

               ঈশ্বৰক বুলিয় নিশ্চয়।। (নামঘোষা-১৪২)

ঘ) তোমাৰেসে অবিদ্যায়ে      আহ্মাক মুহিলে হৰি

                নাজানোহো তোহ্মাৰ তত্ত্বক। 

তোহ্মাৰ চৰণে হৰি                শৰণ পশিয়া সাৰ 

                কৰিলোহো তোহ্মাৰ নামক।। (নামঘোষা ৮৩) 

ঙ) তোহ্মাৰ মায়ায়ে হৰি         কপট গুণক ধৰি 

                মুহিয়োছে আহ্মাক সমূলি। 

গুছায়োক মায়া স্বামী            তোহ্মাৰ চৰণে আমি 

               ভজিলোহো জয় জয় বুলি।। (নামঘোষা-৭৩)

বেদান্ত দৰ্শনত কোৱা হৈছে যে যুগে যুগে জীৱই কৰ্মফল ভোগৰ বাবেই সুখ-দুখঃময় এই সংসাৰত পৰিভ্ৰমণ কৰিবলগা হৈছে। শ্বেতাশ্বতৰ উপনিষদত কৈছে যে জীৱই অজ্ঞানতাৰ কাৰণেই বাৰে বাৰে এই সংসাৰত জন্ম ল’বলগা হয়।²⁰ব্রহ্মক উপলব্ধি কৰিব পাৰিলেহে সকলো প্ৰকাৰৰ বন্ধনৰপৰা মুক্ত হ’ব পাৰি।²¹

জীৱৰ কৰ্মই ভাগ্য নির্ণয় কৰে, কিন্তু জ্ঞানৰ অভাৱৰ বাবে জীৱই সংসাৰ ভ্ৰমণ কৰিবলগা হয়। মাধৱদেৱে কৈছে—

অজ্ঞান আন্ধাৰে          পৰিয়া জীৱৰ

    জ্ঞান-পথ ভৈল নাশ। (নামঘোষা-৩৫)

মায়াৰ বন্ধনৰ বাবে জীৱই মায়াৰ কৱলৰপৰা মুক্তি নাপায়। মায়াৰ কৱলৰপৰা মুক্তি পাবৰ বাবে ঈশ্বৰৰ কৰুণাৰ প্ৰয়োজন। কঠোপনিষদত কৈছে যে বিধাতাৰ অনুগ্রহ ভিন্ন ব্রহ্মক জনা নাযায়।²² হৰিৰ নামেই একমাত্র নির্গুণ ব্রহ্ম, বাকীসকলো গুণময়। সেইবাবে মাধৱদেৱে কেৱল নামকে আশ্ৰয় কৰিছে।

তযু গুণ নাম হৰি            কেৱলে নির্গুণ মাত্র 

             আৱৰ সমস্তে গুণময়।

এতেক জানিয়া হৰি         তোহ্মাৰ নামক মাত্র 

              কৰিলোহো সাৰ কৃপাময়। (নামঘোষা-৮৫) 

ঈশ্বৰৰ সেৱাতেই জীৱৰ মায়াৰ ভ্ৰম দূৰ হয়। মাধৱদেৱে কৈছে— 

ঈশ্বৰৰ সেৱা           কৰিলে জীৱৰ

       গুচয় মায়াৰ ভ্ৰম। (নামঘোষা-১৭৪) 

বেদান্তৰ শিক্ষা গুৰু প্ৰধান শিক্ষা। শ্বেতাশ্বতর উপনিষদত পৰমজনৰ প্রতি ভক্তি থকা জনকহে ব্ৰহ্ম জ্ঞান দিয়া উচিত বুলি কৈছে। কাৰণ সদাচাৰ বেদান্তৰ অন্যতম বিষয়। ব্ৰহ্মসূত্ৰত কোৱা হৈছে—

চৰণাৎ ইতি চেৎ, ন উপলক্ষ্যাণার্থ্যে ইতি কাষ্ণাজিনি‌ : ।

আনর্থক্যাৎ ইতি চেৎ, ন অনপেক্ষাত্বাৎ।

ইয়াত ‘চৰণ’ শব্দৰ অৰ্থ হ’ল ‘চৰিত্ৰ’ বা ‘শীল’। প্রতিপাদ্য বিষয় হ’ল চৰিত্ৰ ভাল নহ’লে কৰ্ম ভাল নহয়। প্ৰকাৰন্তৰে ভাল কৰ্ম নহ’লে ভাল চৰিত্ৰ নহয়। অর্থাৎ ভাল কাম আৰু ভাল চৰিত্ৰ ওতঃপ্রোতভাৱে জড়িত। সদাচাৰী নহ’লে সৎ কৰ্ম অসম্ভৱ।

বক্তিয়ে নিজে সজ আচৰণ আয়ত্ত নকৰিলে, নিজকে সৎ কৰাৰ চেষ্টা নকৰিলে কোনেও কাকো সৎ কৰিব নোৱাৰে। ব্যক্তিয়ে নিজকে সৎ কৰিব পাৰিব লাগিব। মাধৱদেৱে কৈছে—

আপুনি আপুন বন্ধু         আপুনি আপুন শত্রু

              আপুনি আপুন ৰাখে মাৰে।

হৰিক নভজি নৰে            আপুনি হোৱয় নষ্ট

             হৰি ভজি আপুনাক তাৰে।। (নামঘোষা-২৬)

সদাচাৰী হ’বৰ বাবে ব্যক্তিৰ আত্মজ্ঞান হ’ব লাগিব। বেদান্তত আত্মজ্ঞানক পৰম পুৰুষাৰ্থ বুলি কোৱা হৈছে।

পুৰুষাৰ্থঃ অতঃ শব্দাৎ ইতি বাদৰায়ণঃ ।

অৰ্থাৎ আচার্য বাদৰায়ণে শ্ৰুতি প্রমাণেৰে কয় যে আত্মজ্ঞান (পুৰুষাৰ্থ) হ’লেই পৰম পুৰুষাৰ্থ মোক্ষ লাভ হয়। মাধৱদেৱে কৈছে যে এনে আত্মজ্ঞান (আত্মবোধ) ভগৱানৰ প্ৰতি ভক্তি আৰু কৃপাতহে পাব পাৰি। 

ভগৱন্ত ভক্তিযুক্ত          পুৰুষৰ আত্মবোধ

           মাধৱৰ প্ৰসাদে মিলয়।

কৃষ্ণৰ কৃপাত জানা       গুচয় সংসাৰ বন্ধ

           এহিমানে গীতাৰ নিৰ্ণয়।। (নামঘোষা ৬২০) 

লক্ষ্যণীয় বিষয় এই যে বেদান্তৰ একোটা গভীৰ তত্ত্বক মাধৱদেৱে সৰলীকৰণ কৰি তাক প্ৰতি স্তৰতেই ভক্তিৰসৰ ফালে প্ৰৱাহিত কৰিছে। বেদান্তৰ একোটা সিদ্ধান্তক মাধৱদেৱে ভক্তিৰসেৰে সংপৃক্ত কৰি সাধাৰণ জনগণৰ ওচৰত উপস্থাপন কৰিব পৰাৰ ক্ষেত্ৰত মাধৱদেৱ ভাৰতীয় ভক্ত কবিসকলৰ ভিতৰতেই অগ্ৰগণী। কাৰণ নানক, কীবৰ, ৰবিদাস, তুকাৰাম, দাদু, সুৰদাস, মীৰাবাঈ আদি ভক্ত কবিসকলৰ কাব্যকৃতিলৈ দৃষ্টি দিলে এই কথা প্রতীয়মান হয় যে এই কবিসকলে গীতা, ভাগৱত বা উপনিষদৰ তত্ত্ব একোটাক তত্ত্ব হিচাপেই উপস্থাপন কৰিছিল। কিন্তু মাধৱদেৱে এই তত্ত্বক তত্ত্ব হিচাপে নাৰাখি কৃষ্ণ ভক্তিৰ আৱেগেৰে ৰসসিক্ত কৰি তুলিলে।

নামঘোষাত মাধৱদেৱে মূল বিষয়ৰূপে কৃষ্ণক আধাৰ কৰি ভক্তিক প্রধান ভাবৰূপে লৈ বেদান্তৰ গভীৰ তত্ত্বক ভাগৱত পুৰাণৰ আদৰ্শৰে বিচিত্ৰভাৱে উপস্থাপন কৰি নিজেই তাত সম্পূৰ্ণৰূপে নিমগ্ন হ’ব পৰাটোৱেই মাধৱদেৱৰ সাৰ্থকতা। নামঘোষাৰ আধাৰ কৃষ্ণ চৰিত্ৰ আৰু আধেয় কৃষ্ণ ভক্তি। মাধৱদেৱৰ নিপুণ ৰচনাশৈলী আৰু কৃষ্ণভক্তিৰ আৱেগত আধাৰ আধাৰ হৈ নাথাকি, আধেয় আধেয় হৈ নাথাকি সি ক্ৰমে ক্ৰমে নামঘোষাৰ শেষৰ ফালে (নামছন্দত) পূৰ্ণ ভক্তিত পৰিণত হৈছে। মাধৱদেৱ নিজেও এই ভক্তিৰ মাজতেই বিলীন হৈ গৈছে।

বেদান্ত দৰ্শনৰ অন্যতম ভাষ্যকাৰ গৌড়পাদৰ মাণ্ডুক্য কাৰিকাত বৈৰাগ্য সম্পৰ্কীয় আলোচনা পোৱা যায়। বৈৰাগ্যৰ দ্বাৰাহে বৈকুণ্ঠ সুখ পাব পাৰি— যাক মাণ্ডুক্য কাৰিকাত ‘সনিৰ্বাৰ্ণমকথ্যং’ বুলি কোৱা হৈছে। ইয়াত কোৱা হৈছে যে বিষয় ভোগত সুখ নাই, কেৱল দুখ। এই কথা ভাবি বৈৰাগ্যৰ সহায়ত বিষয় ভোগৰ পৰা চিত্তক নিৰোধ কৰি ব্ৰহ্ম ভাবনাত চিত্তক সুদৃঢ় কৰিব লাগে। বৈৰাগ্যৰ ফলত নিশ্চল, নিকম্প, বিষয় বিমুখ, নির্বিকল্প চিত্তত ব্ৰহ্মবুদ্ধিৰ উদয় হ’ব আৰু এয়াই পুৰুষাৰ্থ আৰু চৰম আনন্দ। বৈৰাগ্য সম্পৰ্কে মাধৱদেৱৰ মত হ’ল—

বৈৰাগ্যত পৰে ভাগ্য          নাহি প্ৰবোধত পৰে

              সুখ আৰ নাহি পুৰুষৰ। 

হৰি বিনে পৰিত্ৰাণ             কৰ্ত্তা আৰ নাহি জানা

               ৰিপু নাহি সংসাৰত পৰ।। (নামঘোষা-৩৫) 

বেদান্তত কোৱা হৈছে যে আশ্রম বিহিত কৰ্ম জ্ঞান লাভৰ উপায়। কিন্তু ইয়াৰ লগতে ব্ৰহ্মসূত্ৰত কোৱা হৈছে যে আশ্রম বিহিত কর্ম নকৰিলেই যে জ্ঞান লাভ নহ’ব তেনে কথাও নহয়। সন্ধ্যা, নাম-কীৰ্ত্তন, ধ্যান আদি ব্যৱস্থাৰেও জ্ঞান লাভ কৰিব পাৰি আৰু এইসমূহ কৰ্মত সকলো লোকৰে অধিকাৰ আছে। ৰৈক্ক, ৱাচক্লৱী, সম্বৰ্ত্ত আদিয়ে বন্দনা,আশ্ৰম পালন নকৰাকৈয়ো জ্ঞান লাভ কৰিছিল। 

প্রতীক উপাসনাৰ ক্ষেত্ৰত বেদান্তই মত প্ৰকাশ কৰিছে যে প্রতীকত আত্মবুদ্ধি স্থাপন কৰিব নালাগে। কাৰণ উপাসাক প্রতীক নহয়।

ন প্রতীকে ন হি সঃ ।

প্রতীকক ব্ৰহ্ম বুলি ধ্যান কৰিবলৈহে বেদান্তই কৈছে। 

ব্রহ্ম দৃষ্টিঃ উৎকর্ষাৎ।

মাধৱদেৱেও নামঘোষাৰ দ্বিতীয় ঘোষাতেই সদানন্দ সনাতন ব্ৰহ্মৰূপী কৃষ্ণক সদায় হৃদয়তে উপাসনা কৰিবলৈ কৈছে।

যাৰ ৰাম-ৰাম-কৃষণ           নাৱে ভৱ-সিন্ধু তৰি

            পাৱে পৰম্পদ পাপী যত।

সদানন্দ সনাতন               হেনয় কৃষ্ণক সদা

             উপাসা কৰোহোঁ হৃদয়ত।। (নামঘোষা-২) 

শ্বেতাশ্বতৰ উপনিষদত কোৱা হৈছে যে পৰমাত্মাই সৃষ্টিৰ প্ৰয়োজনত ব্ৰহ্মাক সৃষ্টি কৰি বেদবিদ্যা প্ৰদান কৰিছিল। সেই পৰম পুৰুষ ব্ৰহ্মত মুক্তি কামনা কৰি শৰণ লোৱা হ’ল।

যো ব্ৰহ্মাণং ৱিদধাতি পূৰ্ব যো ৱৈ ৱেদাংশ্চ প্ৰহিপোতি তন্মৈ। 

তং হ দেৱমাত্মা বুদ্ধি প্ৰকাশং মুমুক্ষৱৈ শৰণমহং প্রপদ্যে।। 

একেদৰে মাধৱদেৱেও  হৰিৰ চৰণত শৰণ লৈছে।

যাদৱ যদু নন্দন, মাধৱ মধু সুদন 

তুমি নিত্য নিৰঞ্জন নাৰায়ণ         তোহ্মাত লৈলো শৰণ।। 

ইবাৰ কৰুণাময়                          হৰি কমলাপতি

                     মোৰে নছাড়িবা নাৰায়ণ।

অৰুণ চৰণ তলে                         হৰি কমলাপতি

                     সত্যে সত্যে পশিলো শৰণ।। (নামঘোষা–৬৮৫)

বাণীকান্ত ককিতয়ে উল্লেখ কৰা তিনিটা ভাবধাৰাৰ সংমিশ্ৰণৰ উপৰি নামঘোষাৰ বিষয়বস্তু আৰু ভাববস্তুলৈ দৃষ্টি দিলে অন্য কেইটামান দিশ দৃষ্টিগোচৰ হয়। প্ৰথমতে দেখা যায় মাধৱদেৱে কৃষ্ণভক্তি প্রকাশক বিভিন্ন পুৰাণ আৰু অন্যান্য ভক্তিবাদী গ্ৰন্থৰপৰা উপযুক্ত শ্লোকসমূহ চয়ন কৰি তাৰ অসমীয়া ৰূপ প্ৰদান কৰিছে। নিপুণ মালীয়ে বিভিন্ন ফুলৰ সমাহাৰেৰে উত্তম মালা প্রস্তুত কৰাৰ দৰে মাধৱদেৱে উত্তম শ্লোকসমূহ চয়ন কৰি নামঘোষা গ্ৰন্থখনি সজাই তুলিলে।

দ্বিতীয়তে লক্ষ্য কৰা যায় যে ঘোষাছন্দ পর্যন্ত কৃষ্ণক আধাৰৰূপে লৈ যি বিষয়বস্তু উপস্থাপন কৰা হৈছে তাৰ অংগাংগীভাৱে ভক্তিৰ নিৰৱচ্ছিন্ন প্ৰৱাহ নামঘোষাৰ অন্যতম বিশেষত্ব। নামঘোষাৰ প্ৰতি ক্ষেত্ৰতেই প্রতিপাদ্য ভাব কৃষ্ণভক্তি প্রকাশিত হৈছে।

নামঘোষাৰ তৃতীয় তথা সর্বোপৰি গুৰুত্বপূৰ্ণ দিশটি হৈছে কৃষ্ণভক্তিতেই মাধৱদেৱৰ সমাধি ৰূপ। ঘোষাছন্দৰ আগতে বিষয়বস্তু কৃষ্ণ ভাববস্তু ভক্তিত পৰিণত হৈছে। ঘোষাছন্দত এই বিষয়বস্তু আৰু ভাববস্তু মিল ক্ৰমে ভক্তিৰসৰ পূৰ্ণতাৰ ফালে গতি কৰিছে আৰু পূৰ্ণ ভক্তিত পৰিণত হৈছে। মাধৱদেৱ নিজেও এই ভক্তিৰ মাজত বিলীন হৈ গৈছে। আন এক কথাত ঘোষাছন্দতেই মাধৱদেৱৰ সমাধি হোৱা যেন লাগে। এনেদৰে নিজকে ভগৱানৰ নামত সমাধিৰ প্ৰচেষ্টা লক্ষ্য কৰিয়েই নিশ্চয় বাণীকান্ত কাকতিয়ে নামঘোষা মাধৱদেৱৰ ‘মহাপ্রস্থানিক গীত’ বুলি অভিহিত কৰিছিল। 

চতুৰ্থতে নামঘোষাৰ যি ভূমানন্দ সি অতুলনীয়। মাধৱদেৱে ভগৱানৰ সেৱাৰ দ্বাৰা গাম্ভীর্যপূৰ্ণ আৰু বিচিত্ৰভাৱে ভাবক ভক্তিলৈ পর্যবসিত কৰিলে। মুখত ভগৱানৰ গুণ-নাম, হৃদয়ত তেওঁৰ পাদপদ্ম, ঐকান্তিক ভক্তি আৰু সেৱাৰে মাধৱদেৱে ভগৱানৰ চৰণত নিজকে বিলীন কৰাৰ সৰ্বশ্ৰেষ্ঠ উদাহৰণ হ’ল ‘কাকুতি’। এনেধৰণৰ কাকূতি ভাৰতীয় অন্য দুজনমান কবিৰ ৰচনাটো দেখা পোৱা যায়। কিন্তু মাধৱদেৱৰ কাকুতি অতুলনীয়।

৫। শংকৰদেৱৰ সাহিত্যকৃতি সম্পর্কে এটি আলোচনা আগবঢ়োৱা।

উত্তৰঃ বৰলুইতৰ দুয়োপাৰে সমগ্ৰ অসমীয়া সমাজক একতাৰ ডোলেৰে বন্ধা অগ্রণী ব্যক্তি মহাপুৰুষ শংকৰদেৱ। অসমীয়া সমাজ, সাহিত্য, সংস্কৃতিক সুদৃঢ় কৰাত শংকৰদেৱৰ অৱদান বহুমুখী। অন্যান্য সকলো দিশ বাদ দি যদি সাহিত্যিক অৱদানসমূহকে আলোচনা কৰোঁ, তেন্তে সেয়াই শংকৰদেৱক অমৰত্ব প্ৰদান কৰিবৰ বাবে যথেষ্ট বুলিব পাৰি। উচ্চ আধ্যাত্মিক ভাব তথা মহান সাংস্কৃতিক মূল্যবোধৰ প্ৰকাশে শংকৰদেৱৰ সাহিত্যৰাজিক মহীয়ান কৰি তুলিছে। আলোচনাৰ সুবিধাৰ বাবে শংকৰদেৱৰ সাহিত্যকৃতিক তলত দিয়া ধৰণে আলোচনা কৰিব পাৰি—

১) কাব্য : হৰিশ্চন্দ্ৰ উপাখ্যান, ৰুক্মিণী হৰণ কাব্য, বলি ছলন, অমৃতমথন, অজামিল উপাখ্যান, কুৰুক্ষেত্র।

২) ভক্তিতত্ত্ব প্রকাশক গ্ৰন্থ : ভক্তিপ্রদীপ, ভক্তিৰত্নাকৰ (সংস্কৃত), নিমি-নৱসিদ্ধসংবাদ, অনাদিপাতন।

৩) অনুবাদমূলক : ভাগৱতৰ ১ম, ২য়, ৬ষ্ঠ (অজামিল উপাখ্যান, ৮ম (বলিছলন, অমৃতমথন), ১০ম, ১১শ, ১২শ স্কন্ধ আৰু ৰামায়ণৰ উত্তৰাকাণ্ড।

৪) অংকীয়া নাটঃ পত্নীপ্রসাদ, কালিয়দমন, কেলিগোপাল, ৰুক্মিণীহৰণ, পাৰিজাত হৰণ, ৰামবিজয়।

৫) গীতঃ বৰগীত, ভটিমা, টোটয় আৰু চপয় ৷ 

৬) নাম প্রসংগমূলকঃ কীৰ্তন আৰু গুণমালা ।

উল্লিখিত সাহিত্যৰাজিয়ে অনন্য প্রতিভাধৰ শংকৰদেৱৰ সাহিত্যকৃতিক উজলাই তুলিছে। শংকৰদেৱৰ সাহিত্যৰাজিক বিজ্ঞানসন্মতভাৱে শ্ৰেণীবদ্ধ কৰি ড° মহেশ্বৰ নেওগে তিনিটা ভাগত ভাগ কৰিছে। সেইকেইটা হ’ল—

১) আদি বা বাৰভূঞা ৰাজ্যত কটোৱা কলিঃ

এই কালছোৱাত হৰিশ্চন্দ্ৰ উপাখ্যান, ৰুক্মিণী হৰণ কাবা, কীৰ্তনৰ অন্তৰ্গত ‘উৰেষা বৰ্ণনা, ভাগৱতৰ কিছু অনুবাদ, প্ৰথমটো বৰগীত আদি ৰচিত হৈছিল।

২) মধ্য বা অসম ৰাজ্যত কটোৱা কালঃ

এই কালছোৱাত কীৰ্তনৰ কিছু অংশ, পত্নীপ্রসাদ নাট, ভাগৱতৰ শিশুলীলাৰ অংশবিশেষৰ অনুবাদ আদি ৰচিত হৈছিল।

৩) শেষ বা কোচ ৰাজ্যত কটোৱা কালঃ

এই কালছোৱাত কীৰ্তনৰ কিছু অংশ, পত্নীপসাদৰ বাদে বাকী পাঁচখন নাট, কুৰুক্ষেত্ৰ কাব্য, নিমিনৱসিদ্ধ সংবাদ আদি ৰচিত হৈছিল।

ধৰ্মীয় আৰু ৰাজনৈতিক কাৰণত শংকৰদেৱ কেইবাবাৰো স্থানান্তৰ হ’বলগীয়া হোৱা হেতুকে ড° মহেশ্বৰ নেওগে তেওঁৰ সাহিত্যিক জীৱনক এনেদৰে তিনিটা স্তৰত বিভাজন কৰিছে।

শংকৰদেৱৰ ৰচনাৰাজিৰ সঠিক চন-তাৰিখ নিৰ্ণয় কৰাটো জটিল। চৰিত পুথি আৰু শংকৰদেৱৰ ৰচনাৰাজিৰ ভনিতাকে ধৰি অন্যান্য আভ্যন্তৰীণ প্ৰমাণৰ ভিত্তিত পণ্ডিসকলে ‘হৰিশ্চন্দ্ৰ উপাখ্যান’ক শংকৰদেৱৰ প্ৰথম ৰচনা আৰু ‘ৰামবিজয়’ নাটক শেষ ৰচনা বুলি মন্তব্য কৰিছে। শংকৰদেৱৰ সাহিত্যকৃতি বিশ্লেষণ কৰিলে মহাপুৰুষজনাৰ আগবয়সৰ ৰচনাৰাজিৰ কল্পনাৰ সংযম আৰু ভক্তিৰ গাঢ়তা পৰিলক্ষিত হয়। এনেদৰেই শংকৰদেৱৰ সাহিত্যকৃতি সম্পর্কে আলোচনা কৰিব পাৰি। 

৫। বৰগীত বুলিলে কি বুজা? বুজাই লিখা?

উত্তৰঃ বৰগীত মহাপুৰুষৰ অভিনৱ সৃষ্টি। মহাপুৰুষ শংকৰদেৱ আৰু তেওঁৰ প্ৰিয় শিষ্য মাধৱদেৱে ৰচনা কৰা ভক্তিৰসাশ্রয়ী একেশ্ৰেণীৰ বিশেষ গীতেই হ’ল বৰগীত। অসমীয়া সংস্কৃতিৰ ভঁৰালত বৰগীত একক আৰু অনন্য সংযোজন। এককথাত অসমত নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ বাবে মহাপুৰুষ দুজনাই যি আধ্যাত্মিক ভাবসম্পন্ন গীতৰ সৃষ্টি কৰিছিল, সেয়াই বৰগীত। মহাপুৰুষ দুজনাই নিজে এই গীতবোৰক ‘বৰগীত’ বুলি কোৱা নাই। পৰৱৰ্তী সময়ত এওঁলোকৰ শিষ্য-প্ৰশিষ্য, সন্ত-মহন্তসকলেহে অন্য গীততকৈ পৃথক এই গীতবোৰক ‘বৰ’ বিভূষণেৰে বিভূষিত কৰি ‘বৰগীত’ আখ্যা দিছে। অর্থাৎ শংকৰ-মাধৱৰ পৰৱৰ্তী গীতিকাৰসকলে গুৰু দুজনাৰ প্ৰতি থকা শ্রদ্ধাশীল মনোভাৱৰ বাবেই তেওঁলোকৰ গীতসমূহক মহত্ব প্ৰদান কৰিব বিচাৰিছিল।

বৰগীত সম্পর্কে বিভিন্ন পণ্ডিতে বিভিন্ন অভিমত আগবঢ়াইছে। ড° সত্যেন্দ্ৰ নাথ শৰ্মাই ‘অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত’ গ্ৰন্থত উল্লেখ কৰিছে— “বিষয়বস্তুৰ মহত্ব, ৰচনাভংগীৰ সৌষ্ঠৱ আৰু শাস্ত্ৰীয় সুৰৰ গাম্ভীর্য আৰু কল্পনাৰ সংযমে মহাপুৰুষৰ দ্বাৰা ৰচিত এই সমসাময়িক আন শাস্ত্রীয় সুৰযুক্ত গীতৰ পৰা পৃথক কৰিছে গীতৰ বিপৰীতে ‘বৰগীত’ বোলা হ’ল।” ড° মহেশ্বৰ নেওগে ‘অসমীয়া সাহিত্যৰ ৰূপৰেখা’ গ্ৰন্থত লিখিছে – “বৰগীতৰ এটা সংজ্ঞা দিয়া যদিও টান হৈ পৰে, তথাপি এটা কথা প্রতীয়মান হয় যে, সংগীত শাস্ত্ৰীয় কিছুমান ধৰাবন্ধা নিয়ম মানি চলিলেই বৰগীত নহয়; বৰগীতৰ সাংসাৰিক জগতৰ, প্রেম কাহিনীৰ পৰা মুক্ত, আধ্যাত্মিক ভাবৰ উপাসনা প্ৰসংগৰ গীত। তদুপৰি ই মহাপুৰুষৰ বিৰচিত হ’ব লাগিব ৷ এনে প্ৰকাৰে বিবেচনা কৰিলে বৰগীতক এটা শ্ৰেণী নুবুলি এক থূপ বোলাহে সমীচীন হ’ব।” বুৰঞ্জীবিদ দেবেন্দ্ৰ নাথ বেজবৰুৱাই ‘Holly Songs’ (পৱিত্ৰ গীত), ভাষাতত্ত্ববিদ কালিৰাম মেধিয়ে “Great Songs or Songs Celestial” (মহান গীত বা স্বর্গীয় গীত) বুলি অভিহিত কৰিছে। 

ড° বাণীকান্ত কাকতিয়ে ‘পুৰণি অসমীয়া সাহিত্য’ গ্রন্থত উল্লেখ কৰিছে – “বৰগীতবোৰ ওখ নৈতিক আৰু আধ্যাত্মিক ভাবৰ ওপৰত প্ৰতিষ্ঠিত। সেইকাৰণে সেইবোৰক ‘বৰগীত বোলা হয়।” ইংৰাজ কবি হেৰিকেও কেতবোৰ আধ্যাত্মিক ভাবৰ কবিতা ৰচনা কৰি সেইবোৰক নাম দিছিল ‘Noble Numbers’, আমাৰ সাহিত্যতো বৰগীতবোৰ ‘Noble Numbers’।

মহাপুৰুষ শংকৰদেৱ বৰগীতৰ জনক। চৰিপুথি মতে, শংকৰদেৱে প্ৰথমবাৰ তীৰ্থ ৰমণ কৰিবলৈ যাওঁত বদৰিকাশ্ৰমত খ্ৰীষ্টীয় ১৫শ শতিকাৰ শেষৰ ফালে প্রথমটি বৰগীত ৰচনা কৰে। এই গীতটো হ’ল— “মন মেৰি ৰাম চৰণেহি লাগু।” এই গীতৰ ৰাগ হ’ল ‘ধনশ্ৰী’৷ ‘চৰিত পুথি’ মতে, শংকৰদেৱে ‘বাৰেকুৰি’ বৰগীত ৰচনা কৰিছিল। কিন্তু বৰপেটাৰ কমলা বায়নে সেইখিনি আওৰাবলৈ নিওঁতে বনপোৰা জুয়ে গীতখিনি পুৰিলে। এই কথাত শংকৰদেৱে বৰ মনোকষ্ট পালে আৰু নতুনকৈ গীত ৰচনা নকৰি প্ৰিয় শিষ্য মাধৱদেৱকে বৰগীত ৰচনা কৰাৰ দায়িত্ব দিলে। সেয়ে শংকৰদেৱতকৈ মাধৱদেৱৰ বৰগীতৰ সংখ্যা বেছি। সম্প্ৰতি অসমত সৰ্বমুঠ ১৯১ টা বৰগীত সংৰক্ষিত হৈ আছে। ইয়াৰ ভিতৰত ১৫৭ টা মহাপুৰুষ মাধৱদেৱৰ সৃষ্টি আৰু বাকী ৩৪ টা বৰগীত শংকৰদেৱৰ দ্বাৰা ৰচিত।

বিষয়বস্তু অনুসৰি বৰগীতক ছটা ভাগত ভাগ কৰা হৈছে। সেইবোৰ হ’ল—

১) লীলা বিষয়ক

২) বিৰহ

৩) পৰমাৰ্থ

৪) বিৰক্তি

৫) চোৰ

৬) চাতুৰী

তুলনামূলকভাৱে বিচাৰ কৰিলে শংকৰদেৱৰ গীতত পৰমাৰ্থ আৰু বিৰক্তি বিষয় আৰু মাধৱদেৱৰ গীতত লীলা, চোৰ-চাতুৰী বিষয়ৰ বৰ্ণনা অধিক। আকৌ লীলা বিষয়ক বৰগীতবোৰকো পাঁচটা উপভাগত ভাগ কৰা হৈছে। সেয়া হ’ল—

১) জাগড়

২) চলন

৩)চাৰণ

8) খেলন

৫) নৃত্য

এনেদৰেই ভক্তি ৰসাশ্রয়ী, আধ্যাত্মিক ভাবসিক্ত, শাস্ত্রীয় সুৰৰ গাম্ভীর্য প্রকাশিত বৰগীত সম্পর্কে আলোচনা কৰিব পাৰি।

৬। বৰগীতৰ বৈশিষ্ট্য সম্পর্কে আলোচনা কৰা।

উত্তৰঃ অসমীয়া গীতি-সাহিত্যৰ ইতিহাসত বিশিষ্ট স্থান অধিকাৰ কৰা বৰগীতবোৰ অসমীয়া সাহিত্যৰ এক অভিনৱ উপাদান। আধ্যাত্মিকতাৰ ওখ আদৰ্শ লৈ জনসাধাৰণৰ মন আকৃষ্ট কৰিব পৰা বৰগীতৰ এতিহাসিক গুৰুত্ব অতি লেখত ল’বলগীয়া৷ শংকৰদেৱমাধৱদেৱে ৰচনা কৰা বৰগীতবোৰৰ কিছুমান স্বকীয় বিশেষত্ব আছে, যাৰ বাবে অমসীয়া গীতি-সাহিত্যৰ ইতিহাসত বৰগীতে শ্রেষ্ঠ সন্মান লাভ কৰিবলৈ সমৰ্থ হৈছে। ড° মহেশ্বৰ নেওগে বৰগীতৰ পাঁচটা বৈশিষ্ট্যৰ কথা আলোচনা কৰিছে। সেয়া হ’ল—

১) ভাষা

২) বিষয়বস্তুৰ সংৰক্ষণশীলতা

৪) চৈধ্য প্ৰসংগত স্থান

৫) সীমাবদ্ধ পবিত্রতা।

তলত এই বৈশিষ্ট্যসমূহ আলোচনা কৰা হ’ল—

১) ভাষাঃ বৰগীতৰ প্ৰথম বৈশিষ্ট্য পৰিলক্ষিত হয় ইয়াৰ ভাষাৰ ক্ষেত্ৰত। বৰগীতৰ ভাষা হ’ল ব্ৰজাৱলী। ব্ৰজাৱলী এক কৃত্রিম সাহিত্যিক ভাষা। পুৰণি অসমীয়া ভাষা, মৈথিলী ভাষা আৰু পশ্চিমীয়া হিন্দীৰ বিভিন্ন উপাদানৰ সংমিশ্ৰণতেই ব্ৰজাৱলী ভাষা সৃষ্টি। মহাপুৰুষজনাই বৰগীতৰ বিষয়বস্তুক গাম্ভীৰ্য প্ৰদান কৰিবলৈকে এই কৃত্রিম সাহিত্যক ভাষাটো ব্যৱহাৰ কৰিছে। ব্ৰজাৱলী ভাষাৰ উৎপত্তি সম্বন্ধে যথেষ্ট মত পার্থক্য আছে যদিও এই ভাষাৰ ব্যৱহাৰে যে বৰগীতক এক সুকীয়া মাত্ৰা প্ৰদান কৰিছে ই নিশ্চিত। এক কথাত শংকৰদেৱে এই গীতবোৰক এক গাম্ভীৰ্য প্ৰদান কৰিবলৈ যে ব্ৰজাৱলী ভাষা ব্যৱহাৰ কৰিছিল যেন লাগে।

২) বিষয়বস্তুৰ সংৰক্ষণশীলতাঃ বৰগীতৰ দ্বিতীয় বৈশিষ্ট্য হ’ল ইয়াৰ বিষয়বস্তু। বৰগীতৰ বিষয়বস্তুত সংৰক্ষণশীলতা বা সংযমতা এটা লক্ষণীয় দিশ। বৰগীত যিহেতু আধ্যাত্মিক ভাবসিক্ত ভক্তিমূলক ধর্মীয় গীত, সেয়ে এইবোৰৰ বিষয়বস্তুও অতি সংযম। বিষ্ণুৰ মাহাত্ম্য প্রকাশ কৰাই হ’ল বৰগীতৰ মূল আধাৰ। প্ৰায়বোৰ বৰগীতৰ মাজতেই এফালে শ্ৰীকৃষ্ণৰ ঐশ্বৰিক গুণৰাজি, আনফালে মানৱী লীলা অতী সুন্দৰকৈ ফুটি উঠিছে। মহেশ্বৰ নেওগৰ ভাষাত— “বৰগীত সাংসারিক জগতৰ প্রেম কাহিনীৰ পৰা সম্পূর্ণ মুক্ত আধ্যাত্মিক ভাবৰ উপাসনা প্ৰসংগীত গীত।” বৰগীত হ’বলৈ হ’লে ই সাংসাৰিক জগতৰ সাধাৰণ বিষয়বস্তুৰ পৰা সম্পূৰ্ণ মুক্ত হ’ব লাগিব। ইয়াৰ বিষয়বস্তু কৃষ্ণকেন্দ্রিক, কিন্তু ইয়াত সাধাৰণ আৰু দৈহিক কৃষ্ণপ্ৰেমৰ বৰ্ণনা নাথাকে। ই আধ্যাত্মিক ভাবৰ উপাসনা সংগীত। বৰগীতৰ বিষয়বস্তুৱে সদায় আধ্যাত্মিকতাৰ পিনেহে গতি কৰে। সামান্য জগতৰ কথাই ইয়াত স্থান নাপায়। এই আধ্যাত্মিকতাৰ বাবেই ড° বাণীকান্ত কাকতিয়ে বৰগীতক ‘Noble Numbers’, কালিৰাম মেধিয়ে ‘Great Songs, দেবেন্দ্র নাথ বেজবৰুৱাই ‘Holy Songs’ আখ্যা দিছে।

৩) সুৰঃ সুৰৰ সংযোজন বৰগীতৰ অন্যতম বিশেষত্ব । গীতবোৰৰ বিষয়বস্তু, উদ্দেশ্য আৰু উপলক্ষ্য অনুসৰিয়েই ইয়াৰ সুৰো নিৰ্দিষ্ট। ভক্ত হৃদয়ৰ সুগভীৰ ভাব-অনুভূতি বৰগীতৰ সুৰৰ মাজেৰে প্ৰকাশিত হৈছে। মহেশ্বৰ নেওগে বৰগীতক অসমৰ ক্লাছিকেল বা ধ্রুপদী সংগীত বুলিয়ে কৈছে। বৰগীতৰ ৰাগ, তাল, মান নিৰ্দিষ্ট। শংকৰদেৱে ৩৪ টা বৰগীতত ১৩ টা আৰু মাধৱদেৱে ১৫৭ টা বৰগীতত ২৭ টা ৰাগৰ ব্যৱহাৰ কৰিছে। বৰগীতত ব্যৱহৃত ৰাগবোৰৰ ভিতৰত সিন্ধুৰা, সুহাই,অহিৰ, আশোৱাৰী কল্যাণ, কামোড, কেদাৰ, গৌৰী, ধনজী, পূৰবী, বসন্ত, নাট মল্লাৰ, ভাটিয়ালী, মাহুৰ, ললিত, শ্যাম, খ্রী-গান্ধাৰ আদিয়ে প্রধান। এই বাগবোৰ কালবিধি অনুসৰি বৰগীতত প্রয়োগ হয়। নির্দিষ্ট ৰাগৰ গীত নিৰ্দিষ্ট সময়ত গোৱাৰহে নিয়ম আছে। মুঠতে উচ্চাংগ সংগীত হিচাপে বৰগীতৰ সুৰৰ বৈশিষ্ট্য মনকৰিবলগীয়া। বিষয়বস্তু, উদ্দেশ্য আৰু প্ৰসংগ অনুসৰি বৰগীতৰ বাবে ৰাগ আৰু সুৰ নিৰ্দিষ্ট নিয়মত বন্ধা।

৪) চৈধ্য প্ৰসংগত স্থানঃ চৈধ্য প্ৰসংগত স্থান পোৱাটো বৰগীতৰ আন এক বিশেষ বৈশিষ্ট্য। সত্ৰত সমূহীয়াভাৱে কৰা প্ৰাৰ্থনাকে ‘প্ৰসংগ’ বোলে। এই প্ৰৰ্থনাৰে কিছুমান ৰীতি-নীতি নির্দিষ্ট। ভক্ত বৈষ্ণৱৰ সহযোগত দৈনিক চৈধ্যবাৰ প্ৰাৰ্থনা কৰাৰ নীতিয়েই হ’ল ‘চৈধ্য প্ৰসংগ’। সত্ৰৰ চৈধ্য প্ৰসংগত বৰগীতসমূহে স্থান পোৱাটো অতি তাৎপর্যপূর্ণ। প্ৰতিটো প্ৰসংগৰ উপযোগীকৈ বৰগীতসমূহক, বাছি লৈ সত্ৰসমূহত পৰিবেশন কৰা হয়। সাধাৰণতে নাম-প্ৰসংগৰ আৰম্ভণিত আলাপ কৰি গীতাংশ জুৰি দিয়া হয়। পুৱাৰ প্ৰসংগৰ আৰম্ভতে বৰগীতত তুতি, তাৰ পিছতহে কীর্তন, ভটিমা আদিৰ স্থান। সেইদৰে আন প্ৰসংগতো বৰগীতৰ স্থান অতি বিশিষ্ট।

৫) সীমাবদ্ধ, পবিত্রতাঃ সীমাবদ্ধ পবিত্রতা বৰগীতৰ অন্যতম বৈশিষ্ট্য। সংখ্যাৰ ক্ষেত্ৰত সীমিত হোৱাটোৱেই বৰগীতৰ সীমাবদ্ধ পবিত্ৰতা। শংকৰ-মাধৱৰ বাহিৰে আন কবিয়ে ৰচনা কৰা গীতবোৰক বৰগীত বোলা নহয়। একে তাল, ৰাগ, ভাব-ভাষাৰে ৰচিত হ’লেও অন্যান্য বৈষ্ণৱ কবিসকলৰ গীতবোৰ কিন্তু বৰগীত নহয়।

উল্লিখিত বৈশিষ্ট্যৰ উপৰি বৰগীতৰ মাজত আন কিছুমান বিশেষত্বও পৰিলক্ষিত হয়। সেইবোৰৰ ভিতৰত চিত্ৰধর্মিতা বৰগীতৰ বিশেষ বিশেষত্ব৷ বৰ্ণনাৰ মাধুৰ্য, শব্দ সংযোজন আৰু সুৰৰ গাম্ভীৰ্যই চিত্ৰধৰ্মিতা গুণক বিকশাই তোলে বুলি ক’ব পাৰি। কাব্যিক সৌন্দৰ্যৰ ক্ষেত্ৰতো বৰগীতসমূহ এমশ্বর্যশালী। ঘাইকৈ বৰগীতসমূহত শান্তৰসেই প্রাধান্য লাভ কৰে যদিও মাজে মাজে কৰুণ, হাস্য, বীৰ ৰসো ফুটি উঠা চকুত পৰে।

বিষয়ভেদে পয়াৰ আৰু ত্ৰিপদী ছন্দৰ প্ৰয়োগ বৰগীতৰ বিশেষত্ব। আলংকাৰিক ভাৱেও বৰগীতবোৰ সৌন্দৰ্যশালী। শব্দচয়নত শব্দালংকাৰ আৰু অৰ্থৰ পয়োভৰত অৰ্থালংকাৰ উভয়ৰ নিদৰ্শন পোৱা যায়।

এনেদৰেই বৰগীতৰ বিশেষত্ব সম্পর্কে আলোচনা কৰিব পাৰি।

৭। শংকৰদেৱৰ সাহিত্য সম্পর্কে আলোচনা কৰা। 

উত্তৰঃ মহাপুৰুষ শংকৰদেৱে ভালেমান কাব্য, নাটক, গীত, তত্ত্বমূলক গ্ৰন্থ আদি ৰচনাৰে অসমীয়া সাহিত্যৰ বুনিয়াদ সুপ্রতিষ্ঠিত কৰে৷ এওঁৰ ৰচনাৰাজিৰ ভিতৰত কীৰ্ত্তনঘোষা, গুণমালা, ভক্তিপ্রদীপ, ভক্তিৰত্নাকৰ, নিমিনবসিদ্ধসংবাদ, অনাদিপাতন আদি বিশেষ উল্লেখযোগ্য। ভক্তিধৰ্ম প্ৰচাৰৰ বাবে শংকৰদেৱে ভালেমান গীতো ৰচনা কৰে। এই গীতবোৰ ‘বৰগীত’ নামেৰে জনাজাত। উচ্চ আধ্যাত্মিক ভাবসম্পন্ন বৰগীতসমূহ ভাৰতীয় উচ্চাংগ সংগীতৰ আৰ্হিত চৌধ্য প্ৰসংগৰ উপযোগীকৈ ৰচিত। মহেশ্বৰ নেওগৰ ভাষাত, ‘বৰগীত আধ্যাত্মিক ভাবৰ উপাসনা প্ৰসংগৰ গীত।’ শংকৰদেৱৰ ৰচনাৰাজিৰ ভিতৰত হৰিশ্চন্দ্ৰ উপাখ্যানেই প্ৰথম ৰচিত ক্যাব্য বুলি পণ্ডিতসকলে মন্তব্য কৰিছে। কাব্যখনত ভক্ত হৰিশ্চন্দ্ৰৰ ঐকান্তিক বিষ্ণভক্তি ফুটি উঠিছে। ইয়াৰ প্ৰতিটো চৰিত্ৰই শংকৰদেৱৰ হাতত মূলতকৈ অধিক স্পষ্ট হৈ উঠিছে। শংকৰদেৱৰ কাব্যসমূহৰ ভিতৰত সবাটোতকৈ জনপ্রিয় কাব্যখন হ’ল ‘ৰুক্মিণীহৰণ’। হৰিবংশ আৰু ভাগৱত পুৰাণৰ কাহিনীৰ আধাৰত ৰচিত ৰুক্মিণীহৰণ কাব্য শংকৰদেৱৰ প্ৰতিভাৰ উৎকৃষ্ট নিদর্শন। 

বেজবৰুলাই কাব্যখনক ‘শংকৰদেৱৰ অমৃতময় লিখনিৰ অমৃতকথা’ হিচাপে অভিহিত কৰিছে। ‘ভাগৱত পুৰাণ’ৰ পঞ্চম আৰু ষষ্ঠ স্কন্ধৰ আধাৰত ৰচিত শংকৰদেৱৰ আন এখন কাব্য হ’ল ‘অজামিল উপাখ্যান’। এই কাব্যত প্রেমময় হৰিনামৰ মহিমা বর্ণিত হৈছে। পাপী অজামিলে মৃত্যুৰ সময়ত ভয়ত কাতৰ হৈ পুতেক ‘নাৰায়ণ’ৰ নাম লৈছিল আৰু সেই নাম স্মৰণ কৰাৰ ফলত তেওঁ মুক্তি লাভ কৰিবলৈ সক্ষম হ’ল। নামৰ বলতেই অজামিলে কর্মবন্ধনৰ পৰা মুক্তি লাভ কৰিলে । ভাগৱত পুৰাণৰ অষ্টম স্কন্ধৰ আধাৰত শংকৰদেৱে ‘অমৃত মন্থন’ কাব্য আৰু ভাগৱতৰ অষ্টম স্কন্ধৰ ১৮-২৩ অধ্যায়ৰ আধাৰত ‘বলিছলন’ কাব্য ৰচনা কৰে। কাব্যখনত বলিক ছলনা কৰি সুতলপুৰীলৈ পঠোৱাৰ কাহিনা ভাগ বৰ্ণিত হৈছে। অৱশ্যে সুতলপুৰীৰ বৰ্ণনাত কবিয়ে বামন পুৰাণৰ বৰ্ণনাৰ কাষ চপা দেখা যায়। ভাগৱতৰ দশম স্কন্ধৰ আধাৰত শংকৰদেৱে ৰচনা কৰিছে – কুৰুক্ষেত্ৰ কাব্য। কাব্যখনত ব্ৰজবাসীৰ সৈতে ভগৱান শ্ৰীকৃষ্ণৰ অন্তিম মিলনৰ ছবি অংকন কৰিছে। এই কাব্যত কৌৰৱ, পাণ্ডৱ, যাদৱ আৰু ভাৰতবৰ্ষৰ অসংখ্য ৰজা-মহাৰজা আৰু খষি-মুনি কুৰুক্ষেত্ৰ যুদ্ধত একত্ৰিত হোৱাৰ বৰ্ণনা দাঙি ধৰিছে। 

অসমত নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ বাবে শংকৰদেৱে সংস্কৃত নাটকৰ আৰ্হি অনুসৰণ কৰি তাতে থলুৱা আৰু ভালেমান সৰ্বভাৰতীয় নাট্যধর্মী অনুষ্ঠানৰ সমল মিলাই এক শ্ৰেণীৰ ভক্তিমূলক নাটক ৰচনা কৰি উলিয়ালে ৷ শংকৰদেৱ বিৰচিত এইধাৰাৰ নাটকেই হ’ল ‘অংকীয়া নাট’। ‘চিহ্নযাত্রা’ নাট ৰচনাৰ জৰিয়তে এই কৰ্মত হাত দিয়া শংকৰদেৱে সৰ্বমুঠ ছখন অংকীয়া নাট ৰচনা কৰিছিল। এইকেইখন হ’ল— পত্নীপ্রসাদ, কালীয়দমন, কেলিগোপাল, ৰুক্মিণীহৰণ, পাৰিজাত হৰণ আৰু ৰামবিজয়। সমালোচকসকলে ‘পত্নীপ্রসাদ’ নাটককে শংকৰদেৱৰ প্ৰথম ৰচনা বুলি কৈছে। এই নাটকৰ বিষয়বস্তু ভাগৱতৰ ত্ৰিবিংশতম,অধ্যায়ৰ পৰা লোৱা।

‘কালিয়দমন’ নাটকৰ কাহিনীভাগ বিষ্ণুপুৰাণ, হৰিবংশ আৰু ভাগৱত পুৰাণৰ আধাৰত ৰচিত হৈছে। ‘কেলিগোপাল’ নাটৰ কাহিনীৰ মূল শ্ৰীমদ্ভাগৱত পুৰাণ, বিষ্ণুপুৰাণ, হৰিবংশ আৰু ব্ৰহ্মবৈৱৰ্ত পুৰাণত পোৱা যায়। মহাপুৰুষজনাই নাটকখনত ১৯-৩৩ অধ্যায়ৰ সহায় লৈছে। ভাগৱত পুৰাণ আৰু হৰিবংশৰ কথাবস্তুৰ সংযোগত শংকৰদেৱে ৰচনা কৰা আন এখন নাট হ’ল ‘ৰুক্মিণীহৰণ’। শংকৰদেৱৰ নাটসমূহৰ ভিতৰত ‘পাৰিজাত হৰণে’ই সৰ্বশ্ৰেষ্ঠ। এই নাটতে নাট্যকাৰ বাস্তৱৰ ধৰাতললৈ নামি আহিছে। এপাহ পাৰিজাত পুষ্পৰ কাৰণে সৃষ্টি হোৱা এটা সৰু সমস্যাক লৈয়ে নাটকখনৰ কাহিনীভাগ ৰচনা হৈছে। শংকৰদেৱৰ নাটবোৰৰ ভিতৰত শেষৰ ৰচনাই হ’ল ‘সীতা স্বয়ম্বৰ’ বা ‘ৰামবিজয়’ নাট। বিশ্বামিত্র মুনিৰ অনুৰোধক্ৰমে দৈত্য দমনৰ উদ্দেশ্যে গমন কৰি ৰাম-লক্ষ্মণে যজ্ঞভূমিৰ গ পৰা দৈত্য অপসাৰণ কৰি পাছত জনকৰ ৰাজসভালৈ গৈ হৰধনু ভংগ কৰি সীতাক লাভ কৰাৰ কাহিনী ইয়াত বৰ্ণিত হৈছে। নাটখনৰ মূল ৰস হ’ল শান্ত। 

শংকৰদেৱৰ সাহিত্যিক প্ৰতিভাৰ উজ্জ্বল চানেকি হ’ল কীৰ্ত্তন পুথি ৷ ভক্তিধৰ্ম পালনৰ সৰ্বোৎকৃষ্ট উপায় হিচাপে শ্ৰৱণ-কীৰ্তনৰ উপযোগীকৈ এই গ্ৰন্থখন মহাপুৰুষে ৰচনা কৰিছে। কীৰ্ত্তনঘোষা অনুবাদমূলক ভক্তিকাব্য। কীৰ্ত্তনৰ মূল হ’ল ভাগৱত পুৰাণ, অৱশ্যে ভাগৱত পুৰাণৰ বাহিৰেও পদ্মপুৰাণ, ব্ৰহ্মাণ্ডপুৰাণ, স্কন্ধপুৰাণ, ব্ৰহ্মপুৰাণ, বিষ্ণুপুৰাণ, বৃহৎ নাৰদীয় পুৰাণ আৰু অন্যান্য পুৰাণৰ প্ৰভাৱো কম-বেছি পৰিমাণে কীৰ্ত্তনত পৰিছে। উল্লেখযোগ্য যে, কীৰ্ত্তনৰ অন্তৰ্গত ২৭ টা খণ্ডৰ ভিতৰত ২৫ টা খণ্ডহে শংকৰদেৱে ৰচনা কৰিছে। ইয়াৰ ধ্যান-বৰ্ণন অংশ মাধৱদেৱৰ আৰু ‘সহস্ৰনাম বৃত্তান্ত’ ৰত্নাকৰ কন্দলিৰ ৰচনা।

কুসুমমালা ছন্দত ৰচিত মহাপুৰুষৰ এলানি সৰু কলেৱৰৰ গ্ৰন্থ হ’ল—‘গুণমালা’৷ এইখন ইশ্বৰৰ লীলা স্মৰণৰ উদ্দেশ্যে ৰচনা কৰা হৈছে। একশৰণ ধৰ্মৰ মতানুসাৰে নাম, দেৱ আৰু ভক্তিৰ প্ৰতিপাদন কৰাই পুথিখনিৰ ঘাই উদ্দেশ্য বুলিব পাৰি। এই পুথি শংকৰদেৱৰ পাণ্ডিত্যৰ পৰিচায়ক।

শংকৰদেৱৰ ভক্তিতত্ত্বমূলক গ্রন্থসমূহৰ ভিতৰত ‘ভক্তিপ্রদীপ’ অন্যতম। গ্ৰন্থখনত কৃষ্ণ আৰু অৰ্জুনৰ কথোপকথনৰ মাধ্যমেৰে ভক্তিতত্ত্বৰ ব্যাখ্যা দঙি ধৰা হৈছে। কাব্যখনত ভক্তিৰ লক্ষণ আৰু স্বৰূপ প্রকাশিত হৈছে। এই গ্ৰন্থত একেশ্বৰবাদৰ মহিমা ঘোষিত হৈছে।

ভক্তিধৰ্মৰ বৈশিষ্ট্য আৰু মাহাতম্য প্ৰকাশৰ উদ্দেশ্যে শংকৰদেৱৰ সংস্কৃত ভাষাত ৰচিত একমাত্র গ্রন্থখন হ’ল ‘ভক্তি ৰত্নাকৰ’। গ্ৰন্থখন ভাগৱত পুৰাণৰ লগতে পদ্মপুৰাণ, মৎস্য পুৰাণ, গীতা, শ্ৰীধৰ স্বামীৰ টীকা-ভাষ্য, বিষ্ণুধৰ্মোত্তৰ, যোগসাৰ শাস্ত্ৰ আদিৰ পৰা সমল সংগ্ৰহ কৰি ৰচনা কৰা হৈছে। গ্ৰন্থখনি ৰামচৰণ ঠাকুৰে অসমীয়ালৈ ভাঙনি কৰি উলিয়ায়।

মহাপুৰুষজনাই খ্ৰীমস্তাগৱত পুৰাণৰ একাদশ স্কন্ধৰ অন্তত দ্বিতীয়ৰ পৰা পঞ্চম অধ্যায়লৈ মুঠ চাৰিটা অধ্যায়ৰ বিষয়বস্তুৰ আধাৰত শংকৰদেৱে নিমিনৱসিদ্ধ সংবাদ নামৰ ভক্তিতত্ত্বমূলক গ্ৰন্থখনি ৰচনা কৰে। এই গ্ৰন্থ দাৰ্শনিকতত্ত্বৰে পৰিপূৰ্ণ ।

শংকৰদেৱৰ দার্শনিক তত্ত্ব প্রকাশক আন এখন গ্ৰন্থ হ’ল— ‘অনাদিপাতন’। ইয়াত সৃষ্টিৰ আদি আৰু প্ৰলয়, প্রকৃতি আৰু তত্ত্বসকলৰ উৎপত্তি, চৰাচৰ প্ৰাণীৰ বিকাশ, সপ্তদ্বীপ, সপ্তসাগৰ, দেহতত্ত্ব আদি জটিল তাত্বিক কথাবোৰ দাঙি ধৰা হৈছে।

ইয়াৰোপৰি শংকৰদেৱে ভাগৱত পুৰাণৰ কেইবাটাও স্কন্ধৰ অনুবাদ কৰে। প্ৰথম স্কন্ধৰ অনুবাদত শংকৰদেৱে মূলক যথাযথভাৱে অনুসৰণ কৰা নাই। দ্বিতীয় স্কন্ধটো চমু কৰিছে। মূলৰ ৩৯২ টা শ্লোক মাত্ৰ ২১৬ টা পদত সামৰিছে। দশম স্কন্ধৰ ৯০ টা অধ্যায়ৰ ভিতৰত শংকৰদেৱে ভাঙনি কৰিছে ৪৭ টা । ভাগৱত অনুবাদত শংকৰদেৱে শ্ৰীধৰ স্বামীৰ টীকা অনুসৰণ কৰিছে। একাদশ স্কন্ধৰ আধাৰত ৰচনা কৰিছে নিমিনৱসিদ্ধ-সংবাদ। তদুপৰি মাধৱ কন্দলিৰ ৰামায়ণৰ ‘উত্তৰাকাণ্ড’ ৰচনাৰেও শংকৰদেৱে তেখেতৰ শৈল্পিক দক্ষতা প্রদর্শন কৰিবলৈ সক্ষম হৈছে।

এনেদৰেই শংকৰদেৱৰ সাহিত্য সম্পর্কে আলোচনা কৰিব পাৰি। 

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top