Axomiya Kobitar Saneki Unit 5 আধুনিক কালৰ অসমীয়া কবিতা, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Axomiya Kobitar Saneki Unit 5 আধুনিক কালৰ অসমীয়া কবিতা Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Axomiya Kobitar Saneki Unit 5 আধুনিক কালৰ অসমীয়া কবিতা Question Answer can be of great value to excel in the examination.
Axomiya Kobitar Saneki Unit 5 আধুনিক কালৰ অসমীয়া কবিতা
Axomiya Kobitar Saneki Unit 5 আধুনিক কালৰ অসমীয়া কবিতা Notes cover all the exercise questions in UGC Syllabus. The Axomiya Kobitar Saneki Unit 5 আধুনিক কালৰ অসমীয়া কবিতা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
আধুনিক কালৰ অসমীয়া কবিতা
ASSAMESE
AXOMIYA KOBITAR SANEKI
অসমীয়া কবিতাৰ চানেকি
(ক) মাধুৰী (চন্দ্ৰকুমাৰ আগৰৱালা)
(খ) ইয়াত নদী আছিল (নৱকান্ত বৰুৱা)
(গ) ওলমি থকা গোলাপী জামুৰ লগ্ন (নীলমণি ফুকন)
(ঘ) চুলি নাবান্ধিবা যাজ্ঞসেনী (কৰবী ডেকা হাজৰিকা)
১। ৰোমাণ্টিক কবিতাৰ প্ৰধান লক্ষণসমূহ কি কি?
উত্তৰঃ ৰমন্যাসবাদ মূলতঃ পাশ্চাত্যৰ চিন্তা। ফৰাচী বিপ্লৱৰ ফল, ৰুচোৰ প্ৰকৃতিৰ প্ৰতি প্রত্যাৱৰ্তনৰ ধাৰণা আদি বিভিন্ন কাৰণত পাশ্চাত্যত ৰমন্যাসবাদৰ মূল চিন্তা চেতনাই গা কৰি উঠে আৰু ই ক্রমান্বয়ে সমস্ত বিশ্বত ব্যাপ্ত হৈ পৰে।
অসমলৈ ৰোমাণ্টিক চিন্তা চেতনাৰ বাট কাটি আনে কলিকতাত শিক্ষাৰত হৈ থকা প্ৰৱসুৱা ছাত্ৰসকলে। বিশেষকৈ চন্দ্ৰকুমাৰৰ ‘বনকুঁৱৰী’ নামৰ প্ৰথম ৰোমাণ্টিক কবিতাত প্রকাশে সার্থক উন্মেষ ঘটায়। ৰমন্যাসবাদীসকলৰ ৰচনা কেতবোৰ বিশেষ লক্ষণ সমালোচক সকলে প্রত্যক্ষ কৰিছে। তাৰে ভিতৰত উল্লেখনীয় লক্ষণবোৰ হ’ল—
(ক) প্রকৃতি প্রীতিঃ
ৰুচোৰ প্ৰকৃতিৰ প্ৰতি প্রত্যাবৰ্তনৰ ধাৰণাই ৰোমাণ্টিক কবিসকলৰ মনত প্ৰকৃতিৰ প্ৰতি এক আকৰ্ষণৰ জন্ম দিয়ে। জগতৰ সকলো সৎগুণ প্ৰকৃতিৰ বুকুতে নিহিত হৈ আছে বুলি বিশ্বাস কৰা ৰোমাণ্টিক কবিসকলে সেয়েহে প্ৰকৃতিৰ অনিৰ্বাচনীয় সৌন্দৰ্যৰ সন্ধানত নিজকে ব্ৰতী কৰিছিল আৰু সেয়েহে প্ৰকৃতি প্ৰীতি আছিল ৰমন্যাসিক কবিসকলৰ এক বিশিষ্ট লক্ষণ।
(খ) সাধাৰণ বস্তুত অসাধাৰণত্ব আৰোপঃ
ৰোমাণ্টিক কবিসকলে জগতৰ সকলো সৰু বস্তুৰ মাজতে অসাধাৰণত্ব দেখিবলৈ পাইছিল। আমাৰ ৰঘুনাথ চৌধুৰীদেৱে কেতেকীৰ মাজতো পৃথিৱীৰ সকলো সততা সকলো সৌন্দর্য দেখিবলৈ পোৱাৰ দৰে তেওঁলোকে সাধাৰণ বস্তুৰ মাজতে অসাধাৰণত্ব আৰোপ কৰিছিল ৷
(গ) ৰহস্যৰ সূক্ষ্ম অনুভূতিঃ
ৰোমাণ্টিক কবিসকলে অতি বিচক্ষণভাৱে সৌন্দৰ্য ৰহস্য আৰু বিস্ময়ক একীভূত কৰিছিল। তেওঁলোকে সকলোৰে মাজত এক সূক্ষ্ম ৰহস্য বিচাৰৰ যত্ন কৰিছিল।
(ঘ) মন্ময় ধর্মিতাঃ
অন্তৰৰ ভাৱৰাজিক এক সাৰ্বজনীন ৰূপ দিয়াই হ’ল মন্ময়ধর্মিতা। ৰোমাণ্টিক কবিসকলৰ কল্পনাত তেওঁলোকৰ মনৰ সকলোবোৰ সৰু বস্তুৱেই একোটা সাৰ্বজনীন ৰূপ ল’বৰ চেষ্টা কৰিছে। বস্তু একোটাৰ অস্তিত্বই তাৰ অৰ্ন্তলোকৰ অভিজ্ঞতা আৰু তাৰ সামগ্ৰিক ৰূপ তৃষ্ণাৰ অন্বেষণে ৰোমাণ্টিক কবিসকলৰ ভাৱনাক সাৰ্বজনীন ৰূপ দিছে।
(ঙ) জীৱনৰ মৌলিক সৰলতাৰ প্ৰতি আকর্ষণঃ
ৰুচোৰ ধাৰণাই আছিল যে জীৱনটো মৌলিকভাৱে সৎ আৰু সুন্দৰ ৷ সামাজিক আৱহাৱাইহে মানুহক অসুন্দৰ কৰি তোলে। সেয়েহে তেওঁলোকে সাধাৰণ মানুহ বা চহা জীৱনৰ সৰলতাৰ প্ৰতি এক বিশেষ ধৰণৰ আদান-প্রদান অনুভৱ কৰিছিল। জীৱনৰ এই মৌলিক সৰলতাৰ প্ৰতি অন্বেষণ ৰোমামিটক কবিতাৰ এক অন্যতম বৈশিষ্ট্য।
(চ) অতীত প্ৰীতি আৰু মধ্যযুগৰ ভাবান্বেষণঃ
মধ্যযুগৰ মাজত থকা লোক জীৱনৰ এক বিশেষ আকর্ষণ আছিল। অতীতৰ বিভিন্ন বৈচিত্র্যই তেওঁলোকৰ মনত বিশেষভাৱে ধৰা দিছিল। আনকি অসমীয়া ৰোমাণ্টিক কবিসকলৰ কল্পনাতো বাৰে বাৰে মধ্যযুগৰ ভাবান্বেষণ প্রত্যক্ষ কৰিব পাৰি।
(ছ) কাৰুণ্যতাঃ
সমসাময়িক সামাজিক ঘটনাৱলীৰ বাবে ৰোমাণ্টিক কবিসকল হয়তো বৰ সুখী নাছিল। সৎ আৰু অসত্ৰ দ্বন্দ্বই সৃষ্টি কৰা এক দোদ্যোল্যমান মানসিক অৱস্থাই অনবৰতে তেওঁলোকৰ অন্তৰ আলোড়িত কৰি ৰাখিছিল। সেয়েহে প্রচলিত অৱস্থা বা সংসাৰখনৰ প্ৰতি এক অনীহা আৰু কাৰুণ্যতাৰ ভাবো তেওঁলোকৰ কবিতাৰ মাজত ফুটি উঠিছিল।
(জ) এক সতেজ বৌদ্ধিক অনুসন্ধিৎসাঃ
ৰোমাণ্টিক কবিসকল যদিও বিশেষভাৱে কল্পনাপ্ৰৱণ আছিল বা সৌন্দৰ্যৰ কল্পলোকত উটি ভাঁহি ফুৰিছিল তথাপিও তেওঁলোকৰ চিন্তাৰ মাজত আছিল এক সতেজ বৌদ্ধিক অনুসন্ধিৎসা।
(ঝ) স্বতঃস্ফূর্ত্ততাঃ
ৰোমাণ্টিক কবিসকলে তাহানিৰ ধৰা বন্ধা নীতি নিয়মবোৰ ভাঙিবলৈ যত্ন কৰিছিল আৰু নিজৰ কবিতাৰ কাননত মুক্তভাৱে বিচৰণ কৰাৰ চেষ্টা কৰিছিল। তেওঁলোকৰ কল্পনা স্বতঃস্ফুর্ত্ত, উন্মুক্ত।
(ঞ) পুৰণি ছন্দ ৰীতি আদিৰ পুনৰুত্থানঃ
ৰোমাণ্টিক কবিসকলে যেনেদৰে অতীতৰ প্ৰতি প্ৰীতি অনুভৱ কৰিছিল, তেনেকৈ অতীতৰ ছন্দ অলংকাৰবোৰক নতুন ৰূপত সজাই তুলিছিল আৰু নিজৰ কবিতাত স্থান দিছিল।
সামগ্ৰিকভাৱে ৰমন্যাসবাদ মুক্ত ধাৰণা, কল্পনাৰ বিচৰণৰ ক্ষেত্র। এই কেন্দ্ৰটোকে তেওঁলোকে ৰহস্যৰ অনুভূতি, বৌদ্ধিক অনুসন্ধিৎসা আদিৰে সজাই তুলিছিল ।
২। অসমীয়া কবিতা জগতলৈ চন্দ্ৰকুমাৰ আগৰৱালাৰ অৱদান এই শীর্ষক এটি টোকা লিখা?
উত্তৰঃ অসমীয়া কাব্য সাহিত্যত চন্দ্ৰকুমাৰ আগৰৱালাই ‘প্ৰতিমা’ (১৯১৪) আৰু ‘বীণব’ৰাগী’ (১৯২৩) শীর্ষক কাব্যগ্রন্থ দুখন অৱদান হিচাপে দি গৈছে। ‘চন্দ্ৰামৃত’ (১৯৬৭) নামৰ আন এখন কবিতা পুথি তেখেতৰ মৃত্যুৰ পিছত প্ৰকাশ পায়। চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা সংখ্যাত বেছি নহয়৷ আটাইবোৰ কবিতা হিচাপ ‘কৰিলে মুঠতে ৭২ টা মানহে হ’ব। সংখ্যাৰে নহয় চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা গুণগতভাবে অতি উচ্চখাপৰ। অসমীয়া ৰোমাণ্টিক কবিতাৰ বাটকটীয়া চন্দ্ৰকুমাৰ আগৰৱালাক অসমীয়া সাহিত্যত ‘প্ৰতিমাৰ খনিকৰ’ নামেৰে অভিহিত কৰা হয়।
‘বনকুঁৱৰী’ নামৰ কবিতাটোৱেই প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতা ৷ এই কবিতাটোৰ যোগেদিয়েই অসমীয়া কাব্যমোদীসকলে প্রথমবাৰৰ বাবে ৰোমাণ্টিক কবিতাৰ বিবিধ লক্ষণৰ সৈতে পৰিচয় লাভ কৰে। ৰোমাণ্টিক কবিতাৰ লক্ষণপুষ্ট একাধিক কবিতা ৰচনাৰে চন্দ্ৰকুমাৰ আগৰৱালাই অসমীয়া সাহিত্যত ৰোমাণ্টিক কবিতাৰ এটা সুকীয়া ধাৰাৰ প্ৰতিষ্ঠা কৰে। পৰৱৰ্তী সময়ত আগৰৱালাৰ কবিতাৰ প্ৰেৰণা আৰু আদৰ্শত বহুজন ৰোমাণ্টিক কবিয়ে আত্মপ্ৰকাশ কৰি এই ধাৰাটো সমৃদ্ধ কৰে।
অসমীয়া সমালোচকসকলে চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ বিষয়ে ব্যাপকভাবে বিচাৰ-বিশ্লেষণ আগবঢ়াইছে। এই বিশ্লেষণসমূহে কবিগৰাকীৰ কবিতাৰ গুৰুত্ব আৰু কলাকৰ্ম হিচাপে সিবোৰৰ সফলতাকে প্ৰতিপন্ন কৰিছে। চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাত ৰোমাণ্টিক কবিতাৰ বিবিধ লক্ষণে জুমুৰি দি ধৰিছেহি। তাৰ ভিতৰত প্ৰকৃতিপ্ৰীতি, মানৱতাবাদ, বিশ্বপ্রেম, অতিপ্রাকৃত পৰিবেশৰ চিত্ৰণ তথা আধ্যাত্মিকতাৰ প্ৰকাশ ইত্যাদিয়েই প্রধান। এই প্ৰসংগত বীৰেণ বৰকটকীয়ে কৈছে—
“চন্দ্ৰকুমাৰে যি দুখন কবিতা পুথি লিখিলে সেই দুয়োখন কবিতা পুথিৰেই কবিতাবিলাকৰ ভাব গধুৰ। এই ভাবগধুৰ কবিতাবিলাকৰ ভিতৰত প্ৰকৃতি, মানৱতা, বিশ্বপ্রেম, অতিপ্রাকৃত আৰু আধ্যাত্মিক বিষয়ৰ কবিতাই প্রধান। সকলোবোৰ কবিতাৰ মাজেদি চন্দ্ৰকুমাৰৰ মানৱতাবাদী ভাবধাৰা সুস্পষ্ট হৈ পৰিছে। আধ্যাত্মিকতাবাদী কবিতাৰ ওপৰত প্ৰভাব পৰিছে গীতা, উপনিষদ আদিৰ মহান বাণীৰ।”
চন্দ্ৰকুমাৰ আগৰৱালাৰ যিবোৰ কবিতাত আধ্যাত্মিকতাৰ সুৰ অনুৰণিত হৈ আছে সেই কবিতাবোৰ গভীৰভাবে দার্শনিক ভাবধাৰাৰে সম্পৃক্ত। প্ৰহ্লাদ কুমাৰ বৰুৱাৰ মতে, “চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাতে পোনপ্রথম দার্শনিকতাবাদী ভাবধাৰাৰ সূত্রপাত ঘটিছিল।”
উদাৰ মানৱতাবোধ ৰোমাণ্টিক কবিতাৰ এক ডাঙৰ লক্ষণ। এই ধাৰণা পাশ্চাত্যৰপৰা আহৰিত। কিন্তু আধ্যাত্মিকতাবাদী ধাৰণা মূলতঃ প্ৰাচ্য আদৰ্শৰ লগত জড়িত। আগৰৱালাৰ কবিতাত কিন্তু এই দুই আদৰ্শৰ সমাহাৰ ঘটিছে। ‘বীণ-ব’ৰাগী’ৰ কবিতাসমূহ ইয়াৰ প্ৰকৃষ্ট উদাহৰণ। সেয়েহে নগেন শইকীয়াই মন্তব্য কৰিছে —
“এহাতে পশ্চিমৰপৰা অহা উদাৰ মানৱিকতাবাদ [Liberal humanism] আৰু আনহাতে পূবৰ অধ্যাত্মবাদ (Spiritualism) এই দুয়োটা ভাবাদর্শই ‘বীণ-ব’ৰাগী’ত এটি সমন্বিত ৰূপ লাভ কৰিছে।”
সোন্দৰ্য-চেতনা চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাত অন্তলীন হৈ থকা আন এক লক্ষণ। ‘সুন্দৰৰ আৰাধনা জীৱনৰ খেল’ কবিৰ জীৱনৰ যেন আপ্তবাক্য। চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাত ফুটি উঠা সৌন্দর্য-চেতনাই ক্ৰমে সাধাৰণৰপৰা অসাধাৰণলৈ গতি কৰিছে। তেওঁৰ কবিতাত প্ৰকাশিত সৌন্দর্য-চেতনা আপাত দৃষ্টিত অতি সৰল, অথচ গভীৰ। সেয়েহে কৰবী ডেকা হাজৰিকাই কৈছে—
“তেওঁৰ কবিতাত সুন্দৰী প্ৰকৃতিৰ নিষ্ঠুৰতা, অতিপ্রাকৃত চৰিত্ৰৰ সৌন্দৰ্য, সাধাৰণ মানুহৰ মাজত প্ৰছন্ন ঐশী শক্তি আৰু সকলো অশুভক নাশ কৰি নিজহাতে মংগল প্ৰতিষ্ঠাৰ বাসনা আদি নতুন ভাব-অনুভূতিৰ প্রকাশ ঘটিছে।”
আধুনিক কবিতাৰ দৰে ৰোমাণ্টিক কবিতাৰ প্ৰকাশভংগী জটিল নহয়। চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ প্ৰকাশভংগীও অতি সহজ৷ সৰল। এই প্ৰসংগত ত্রৈলোক্য নাথ গোস্বামীৰ মন্তব্য প্রণিধানযোগ্য। তেওঁ কৈছে—
“লোকগীতৰ দৰে সৰল আৰু অনেক ক্ষেত্ৰত পোনপটীয়া বাক্যৰীতিয়ে আগৰৱালাৰ কবিতাবোৰত নতুন ৰহন সানিছে। তেওঁৰ আগতে কোনো কবিয়ে সৰল বাক্-ভংগীৰ সহায়ত গভীৰ অৰ্থ পৰিস্ফুট কৰাৰ আদৰ্শ চকুৰ আগত ৰখা চিন পোৱা নাযায়। তেওঁ যিকেইটা ৰোমাণ্টিক কবিতা লিখিছে, সেইকেইটাৰ মাজতো আছে সৰল প্ৰকাশভংগী, কিন্ত ৰহস্য-ঘন পৰিৱেশ আৰু বিস্ময়াকুল কবি মনৰ অন্তৰ্পণ বিচৰণ।”
চন্দ্ৰকুমাৰ আগৰৱালাই তেওঁৰ কবিতাত মানৱতাৰ জয়গান গাইছে। আগৰৱালাৰ এই মানৱতাবাদী দৃষ্টিভংগীত আধুনিকতাৰ উমান পোৱা যায়। আধুনিক মনৰ অধিকাৰী আছিল বাবেই সংসাৰৰ প্ৰতি কবিৰ দৃষ্টিভংগী বাস্তৱসন্মত তথা প্ৰত্যয়জনক। ‘মানৱ-বন্দনা’ কতিাত কবিয়ে কৈছে –
“মানুহেই দেৱ মানুহেই সেৱ
মানুহ বিনে নাই কেৱ।
কৰাঁ কৰাঁ পূজা-পাদ্য অৰ্ঘ্য লই –
জয় জয় মানৱ দেৱ !”
একেদৰে, ‘বীণ-ব’ৰাগী’ কবিতাত কবিয়ে কৈছে—
মানুহেই পৰাৎপৰ।”
“দেখিছোঁ পৃথিৱী স্বৰ্গতো অধিক,
মানুহৰ নিজাপী ঘৰ,
মানুহেই দেৱ ইহজগতৰ
এনে প্রেক্ষাপটতে হেম বৰাই কৈছে— “সামগ্রিক বিচাৰত চন্দ্ৰকুমাৰ আগৰৱালাক মানৱতাবাদী (humanist) কবি হিচাপে মূল্যায়ন কৰা উচিত।”
ওপৰত চন্দ্ৰকুমাৰ আগৰৱালাৰ ব্যক্তিত্ব আৰু কৃতিত্বৰ সাধাৰণ আভাস দাঙি ধৰা হ’ল ৷ কবিগৰাকীৰ কৃতিত্বৰ আভাস দিবলৈ যাওঁতে তেওঁৰ কবিতাত লক্ষ্য কৰা সাধাৰণ বিশেষত্বৰো উমান লোৱা হ’ল। আমাৰ আলোচনাৰ বিষয় যিহেতু ‘অসমীয়া সাহিত্যলৈ চন্দ্ৰকুমাৰ আগৰৱালাৰ অৱদান’, সেয়েহে তেওঁৰ কবিতাৰ ব্যাপক বিচাৰ-বিশ্লেষণ ইয়াত কৰা হোৱা নাই। মাথোন অসমীয়া কাব্য সাহিত্যলৈ ৰোমাণ্টিকতাৰ ঢৌ বোৱাই অনা পথিকৃৎ ৰোমাণ্টিক কবি হিচাপে অসমীয়া সাহিত্যলৈ তেওঁৰ স্বকীয় অৱদান কোনখিনিত সেই দিশতহে দৃষ্টিপাত কৰা হ’ল। আলোচনাৰপৰা নিম্নলিখিত সিদ্ধান্তকেইটাত উপনীত হ’ব পাৰি।
ক) অসমীয়া ভাষা-সাহিত্যৰ চৰ্চা কৰিবলৈ কাকত-আলোচনীৰ অভাৱ হৈ থকা কালছোৱাত ‘জোনাকী’ কাকতৰ প্ৰকাশৰ ব্যৱস্থা কৰি তাৰ সম্পাদনাৰ দায়িত্ব মূৰ পাতি লোৱাত চন্দ্ৰকুমাৰ আগৰৱালাৰ অৱদান আছে।
খ) ‘আসাম প্রিন্টার্চ এণ্ড পাব্লিছাৰ্চ লিমিটেড’ নামৰ প্ৰতিষ্ঠান স্থাপন কৰি অসমীয়া পুথি প্ৰকাশৰ পথ সুচল কৰি তোলাত আগৰৱালাৰ অৱদান আছে। এইক্ষেত্ৰত ভিন্ন সময়ত ভিন্ন ক্ষেত্ৰত তেওঁ অৰ্থ সাহাৰ্যৰেও সহায়ৰ হাত আগবঢ়াইছিল।
গ) ‘অসমীয়া’ নামৰ কাকতখনো চন্দ্ৰকুমাৰ আগৰৱালাই প্রকাশ কৰি উলিয়াইছিল। এই কাকতখনতো যথেষ্ট সংখ্যক অসমীয়া লেখকে সাহিত্য চৰ্চা কৰি অসমীয়া সাহিত্যক আগবঢ়াই নিছিল।
ঘ) অসমীয়া সাহিত্যৰ ঐতিহ্য প্রাচীন পুথিসমূহ পুনৰুদ্ধাৰ কৰি সেইবোৰক পুনৰ প্ৰকাশৰ ব্যৱস্থা কৰাত চন্দ্ৰকুমাৰ আগৰৱালাৰ অৱদান আছে। এই প্ৰসংগত তেওঁ ১৮৭৬ চনতে শংকৰদেৱৰ ‘কীর্তন-ঘোষা’ আৰু মাধৱদেৱৰ ‘নামঘোষা’ ছপা কৰি প্ৰকাশ কৰি উলিওৱা কাৰ্যলৈ আঙুলিয়াব পাৰি ।
ঙ) ‘বনকুঁৱৰী’ নামৰ কবিতা ৰচনাৰে পোনপ্ৰথমে অসমীয়া সাহিত্যত ৰোমাণ্টিক কবিতাৰ দুৱাৰ মুকলি কৰি এক সুকীয়া কাব্যধাৰাৰ প্ৰতিষ্ঠা কৰাত চন্দ্ৰকুমাৰ আগৰৱালাৰ অৱদান আছে। ‘অসমীয়া ৰোমাণ্টিক কবিতাৰ প্ৰথম বিস্ময়কৰ আৰু প্ৰকাশসাৰ্থক উন্মেষ তেওঁৰ ‘বনকুঁৱৰীত’ বুলি মহেশ্বৰ নেওগেও স্বীকাৰ কৰি গৈছে।
চ) চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাতে প্ৰথমবাৰৰ বাবে প্ৰাচ্য আৰু পাশ্চাত্য ভাবধাৰাৰ সমন্বয় ঘটিছিল। আগৰৱালাৰ সমসাময়িক কবিসকলৰ বাবে সেয়া আছিল অনুকৰণীয় আদৰ্শস্বৰূপ। সেই আদৰ্শকে সাৰোগত কৰি অসমীয়া সাহিত্যত এচাম কবিৰ আত্মপ্রকাশ ঘটিছি, যিসকলে অসমীয়া ৰোমাণ্টিক কাব্যধাৰা আগবঢ়াই নিছিল।
অসমীয়া ভাষা-সাহিত্যৰ প্ৰগতিত অহোপুৰুষাৰ্থ কৰা চন্দ্ৰকুমাৰ আগৰৱালাই মাথোন দুখন কবিতা পুথি ৰচনা কৰিয়েই সমসাময়িক অসমীয়া লেখকসকলৰ সুপ্ত সাহিত্যিক প্রতিভা জাগ্ৰত কৰাত অনুপ্ৰেৰকৰ ভূমিকাত অৱতীৰ্ণ হৈছিল। অভিনৱ বিশেষত্ব আৰু সুকীয়া শৈলীৰে কবিতা ৰচনা কৰি আগৰৱালাই তদানীন্তন গতানুগতিক কাব্যধাৰাৰ যতি পেলাই অসমীয়া পাঠক সমাজক নতুনত্বৰ সোৱাদ দিবলৈ সক্ষম হৈছিল। নন্দ তালুকদাৰে সাৰ্থকভাবেই কৈছে—
“চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা সংখ্যা সাপেক্ষ নহয়। মুষ্টিমেয় কবিতাকেইটিৰ মাজেৰে ৰোমাণ্টিক ভাব-আদৰ্শ আগত ৰাখি কবিয়ে অপৰূপ দৃশ্যাৱলীৰ চিত্ৰপট অংকন কৰিছে।”
৩। চন্দ্ৰকুমাৰ আগৰৱালাৰ মাধুৰী কবিতাটিৰ মূলভাৱ ব্যাখ্যা কৰা?
উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতালৈ সামগ্ৰিকভাৱে লক্ষ্য কৰিলে দেখা যায় যে তেওঁৰ কবিতাত সমাৱেশিত হোৱা কল্পনা প্ৰৱণতা, সৌন্দর্য চেতনা, মানৱিকতাবাদ, প্রকৃতিপ্ৰীতি, অতি প্ৰাকৃত বর্ণনা আদি ভাবধাৰাই তেওঁৰ কবিতাসমূহক সকলোৰে হৃদয়ৰ সম্পদ কৰি গঢ়ি তুলিছে।
সৌন্দর্য সম্পর্কে কবি চন্দ্ৰকুমাৰৰ মৌলিক দৃষ্টি কেইবাটাও কবিতাত প্ৰকাশ পাইছে— সুন্দৰৰ আৰাধানা জীৱনৰ খেল, অভিনয় অন্তে ঘোৰ কাল যৱনিকা (সৌন্দৰ্য) বুলি অনুভৱ কৰা কবিয়ে সুন্দৰৰ লগত তেওঁৰ প্ৰাণেৰে বন্ধা সম্পৰ্কৰ বিষয়ে কৈছে— সুন্দৰৰো সুন্দৰ সংসাৰ দুদিনীয়া, প্রাণে প্রাণে বন্ধা মোৰ চিৰ লগৰীয়া (চিৰলগৰীয়া) আকৌ সত্য তুমি শিৱ তুমি, অসীম সুন্দৰ কবিতাত কবিয়ে কৈছে— জ্ঞানময় প্ৰেমময় প্ৰাণৰ ঈশ্বৰ, সত্য তুমি শিৱ তুমি অসীম সুন্দৰ। এই চিন্তাৰ লগত যেন কীটছৰ beauty is truth, truth is beauty সেই বিখ্যাত কবিতাৰ পংক্তিটোৰেই অনুৰণন শুনিবলৈ পোৱা যায়। কবিৰ যিকেইটা কবিতাৰ মাজেৰে সৌন্দৰ্য চেতনা প্ৰকাশ পাইছে তাৰ ভিতৰত মাধুৰী কবিতাটো হ’ল অন্যতম। বনকুঁৱৰী কবিতাটো সম্পর্কে মন্তব্য আগবঢ়াই ডঃ নগেন শইকীয়াই কৈছে— প্ৰতিটো স্তৱকে ধৰি ৰাখিছে কল্পিত চিত্ৰৰ অচাক্ষুষ শব্দৰূপ আৰু তাৰ মাজত ব্যঞ্জিত হৈছে সৌন্দর্যসন্ধানী কবি চিত্ৰৰ নান্দনিক ৰসবোধ। এই সৌন্দর্যবোধ বা নান্দনিক চেতনা হ’ল চন্দ্ৰকুমাৰৰ কাব্য চেতনাৰ ঘাই আধাৰ।
(চন্দ্ৰকুমাৰৰ কবিতা সমগ্র, পৃষ্ঠা -৯) এই একেখিনি কথা কবিৰ মাধুৰী নামৰ কবিতাটোৰ ক্ষেত্ৰতো প্রযোজ্য। মাধুৰী কবিতাত সৌন্দৰ্য সম্পৰ্কে কবিৰ এক মৌলিক দৃষ্টিভংগী প্রকাশ পাইছে। পূর্ণ বিকশিত সৌন্দৰ্যতকৈ অৰ্দ্ধ বিকশিত সৌন্দৰ্যইহে ৰহস্যময়তা আৰু সম্ভাৱনীয়তাৰ কাৰণে মানৱ হৃদয়ত সুগভীৰ আহ্লাদৰ জোঁৱাৰ তোলে— এই ভাববস্তুৱেই কবিতাটোৰ প্ৰাণশক্তি।
এই ভাববস্তুক বিকশাই তুলিবলৈ কবিয়ে অৱলম্বন হিচাপে গ্রহণ কৰিছে তেওঁৰ কাল্পনিক প্রেয়সীক। যি প্ৰেয়সীৰ এক সৌন্দর্যময় ৰূপ দাঙি ধৰিছে বিভিন্ন উপমাৰ সমাহাৰেৰে। কবিৰ প্ৰেয়সীৰ প্ৰতি আছে এক সুতীব্র প্রেম। সেই প্ৰেমেৰে আলোড়িত হৈ কবিয়ে প্রেয়সীক গঢ়ি তুলিছে সৌন্দৰ্যৰ আলফুল সম্ভাৰেৰে। কিন্তু পূৰ্ণৰূপত বিকশিত হোৱা সুন্দৰ সম্পদৰ পৰিৱৰ্তে অৰ্দ্ধ বিকশিত সৌন্দৰ্যময় বস্তুৰ লগতহে কবিয়ে প্ৰেয়সীৰ তুলনা বিচাৰি পাইছে।
ফুটো নুফুটোকৈ থকা কুমলীয়া কলি, মাৰো নামোৰোকৈ মৰা মিচিকি হাঁহি, আধা মেলা হৃদয়ৰ দুৱাৰ, আধা বন্ধা খোপা, মুহূৰ্তৰ কাৰণে উদঙাই দিয়া সদ্য যৌৱনপ্রাপ্ত কিশোৰীৰ বুকু, আধা ফুটা মাত, ৰিণিকি ৰিণিকি বাঁহীৰ সুৰ, ছয়াময়া ঠেহ পেঁচ, হাঁহো নে কান্দোকৈ থকা চলচলীয়া চকু, যাওঁ নেযাওঁকৈ থকা আগ-পিছ কৰা ভৰি, ধেমালিমিহলি খং এই সকলোবোৰ অৰ্দ্ধপ্রস্ফুটিত, অৰ্দ্ধ মুকুলিত, আধা দেখানেদেখা সৌন্দর্যময় বস্তুৰ মাজতেই কবিয়ে প্ৰেয়সীৰ সৌন্দৰ্য তথা তুলনা বিচাৰি পাইছে। এনে তুলনাই কবিৰ প্ৰেয়সীক ৰূপৰ এখন প্ৰতিমূৰ্তিলৈ ৰূপান্তৰ কৰিছে যে সেই সৌন্দৰ্যত বিভোৰ হৈ কবিয়ে আৱেগত যেন চিঞৰি উঠিছে— দেৱী নে মানৱী ঐ মাধুৰীৰ ছবিটিঙ্গ
কবিয়ে অৰ্দ্ধ বিকশিত সৌন্দর্যময় সম্পদবোৰ এটাৰ পাছত এটাকৈ এনেদৰে দাঙি ধৰিছে যেন এটা সম্পদৰ সৌন্দৰ্য-সুধা পান কৰিবলৈ লওঁতেই অন্য এটা সৌন্দর্যময় বস্তুৱে পাঠকৰ সন্মুখত লয়লাসেৰে ওৰা পাতেহি। ইটোৰ পিছত সিটোকৈ অৰ্দ্ধ বিকশিত সৌন্দর্যময় সম্পদ এনে শোভাযাত্রাই পাঠক মনকো বিস্ময় বিমুগ্ধ কৰি ভাবিলৈ বাধ্য কৰে— সঁচাকৈয়ে মাধুৰী দেৱী নে মানৱী। মানস চিত্ৰবোৰৰ এনে অহা-যোৱাই সৃষ্টি কৰা মায়াময় পৰিমণ্ডলেই কবিতাটোৰ সৌন্দৰ্যৰ অন্যতম আধাৰ। কবিয়ে এনে উপমাবোৰৰ সমাহাৰেৰে প্ৰেয়সীৰ এনে ৰূপ অংকন কৰিছে যে পাঠকৰ সন্মুখত ধৰা দিব খুজিও ধৰা দিব বিচৰা নাই। ৰূপৰ পোহাৰ মেলিব খুজিও মেলা নাই। এনে লুকা-ভাকু, আন্ধাৰপোহৰৰ ছয়াময়া খেলেৰে কবিয়ে প্ৰেয়সীক সৌন্দৰ্যৰ এখন অনুপম মায়াময় চিত্ৰ কৰি গঢ়ি তুলিছে। যিখন চিত্ৰৰ সৌন্দৰ্য পাঠকৰ সন্মুখত সম্পূৰ্ণৰূপে উন্মুক্ত হৈ পৰা নাই। যিকণ সৌন্দৰ্যই পাঠকৰ সন্মুখত ধৰা দিছেহি তাৰ সিপাৰেও যেন থূপ খাই আছে অলেখ সৌন্দর্য। যি সৌন্দর্য পান কৰিব নোৱাৰি পাঠকৰ মনত ৰৈ যায় এক অতৃপ্তি। থাকি যায় সৌন্দৰ্য-সুধা পান কৰাৰ এক হাবিয়াস। এনে অতৃপ্তিও কবিতাটোৰ সৌন্দৰ্যৰ অন্যতম দিশ।
সৌন্দৰ্যৰ পূৰ্ণ বিকশিত ৰূপটোতকৈ অৰ্দ্ধ বিকশিত ৰূপটো অধিক আকর্ষণীয়। কাৰণ পূৰ্ণ বিকশিত সৌন্দৰ্যই পাঠকৰ প্ৰাণত কোনো উৎসুক্য জগাব নোৱাৰে। তাত কল্পনাৰ সম্ভাৱনাও শেষ হৈ যায়। অৰ্দ্ধবিকশিত সৌন্দৰ্যৰ থাকে এক উৎকণ্ঠা। নেদেখাখিনি চাবৰ কাৰণে, নজনাখিনি জানিবৰ কাৰণে মনক কল্পনা প্ৰৱণ কৰি তোলে।
অন্যহাতে অৰ্দ্ধবিকশিত সৌন্দৰ্যৰ এক সম্ভাৱনা থাকে ভৱিষ্যতে অধিক বিকশিত হ’বৰ কাৰণে। যি সৌন্দর্য পূৰ্ণৰূপত বিকশিত হৈ পৰিল তাৰ সকলো সম্ভাৱনা ইতিমধ্যে শেষ হৈ গ’ল। কিন্তু অৰ্দ্ধ বিকশিত ৰূপত সেই সম্ভাৱনা তীব্ৰহে হৈ পৰে। গতিকে ভবিষ্যতৰ সম্ভাৱনাৰ কাৰণেও অৰ্দ্ধ বিকশিত সৌন্দৰ্যৰ এক বিশেষ আছে। মাধুৰীৰ অপৰূপ ৰূপৰ সমান্তৰালভাৱে এনে এটা ভাব প্রকাশ পোৱাৰ কাৰণে কবিতাটো অধিক সৌন্দর্যশালী হৈ পৰিছে।
মাধুৰী কবিতাটোত দেশী-বিদেশী কবিৰ কাব্যৰ অনুৰণন উপলব্ধি হয়। কল্পনা বিলাসী ৰোমাণ্টিক কবিসকলে তীব্রতম অনুভূতিৰ স্বতঃস্ফুর্ত প্রকাশেই কবিতা বুলি কৈছিল [Spontaneous overflow of powerful feelings]। সেয়েহে গগন বিহাৰী পখীৰ দৰে তেওঁলোকৰ মন বাস্তৱৰ পাৰ ভাঙি সীমাহীন কল্পলোকত বিচৰণ কৰি ফুৰে। কল্পলোকত বিচৰণ কৰা ইংৰাজ কবি ৱৰ্ডচৱৰ্থে অৰ্দ্ধ বিকশিত ভায়োলেট ফুলপাহ দেখি আৱেগৰ আতিশাৰ্যত চিঞৰি উঠিছিল—
A violet by a mossy stone
half hidden from the eye
Fair as a star
when only one is shining in the sky.
অন এ গ্রেচিয়ান আর্ন কবিতাটোত কবি কীটছে কৈছে—
Heard melodies are sweet, but those unheard Are Sweeter, there for, ye soft pipes, play on.
এই দুয়োজন ইংৰাজ কবিৰ কবিতাৰ পংক্তিকেইটাৰ সুৰ যেন মাধুৰী কবিতাটোত ধ্বনিত হৈছে। অন্যহাতে মহাদেৱক দেখি লাজ, সংকোচত, দোধোৰ-মোধোৰ হৈ পৰা পাৰ্বতীৰ অৱস্থাক প্ৰকাশ কৰা ন যথৌ ন তস্থৌ এই বাক্যশৰীক কবি চন্দ্ৰকুমাৰে লৈ আহিছে মাধুৰীৰ ৰূপ বৰ্ণনা কৰিবলৈ। দেশী বিদেশী কবিৰ কবিতাৰ এনে অনুৰণনে মাধুৰী কবিতাটোক এক নতুন মাত্ৰা প্ৰদান কৰিছে।
কবিতাটোৰ অন্য এক মোহনীয় দিশ হ’ল— ইয়াৰ গতি। প্ৰথমৰপৰা শেষলৈকে ব্যৱহাৰ কৰা ফুলিব খুজিও নুফুলা ফুলকলি, ফুটিব খুজিও নুফুটা মাত, উদঙাব খুজিও ঢাকি থোৱা বুকু, শুনা নুশুনা বাঁহীৰ সুৰ, যাওঁ নে নেযাওঁকৈ থকা খোজৰ চেও আদি বাক্যবোৰে কবিতাটোত বিৰোধৰ সৃষ্টি কৰিছে। এই বিৰোধৰ নিৰসন কিন্তু কবিতাটোৰ শেষলৈকে হোৱা নাই। দেৱী নে মানৱী ঐ মাধুৰীৰ ছবিটি বুলি শেষ কৰা কবিতাটোৰ শেষৰ স্তৱকতো বিৰোধৰ আভাস থাকি যায়। কিন্তু এনে বিৰোধ ভাবৰ উপমাবোৰে কবিতাটোক এটা গতি প্ৰদান কৰিছে। এটা ভাবৰ শেষ নৌ-হওঁতেই অন্য এটা ভাবে দেখা দিয়াৰ কাৰণে পাঠক মনত অলেখ ভাবে উদুলি-মুদুলি কৰে। এনেদৰেই কবিতাটো শেষ হোৱাৰ কাৰণে কবিতাটোৱে পাঠকক নতুন স্বাদ দিবলৈ সক্ষম হয়।
কবিতাটোত দুটা ভাবৰ সমন্বয় সাধন হৈছে। এটা হ’ল প্ৰেমৰ অনুভৱ আৰু আনটো হ’ল— সৌন্দৰ্যৰ অনুভৱ। কবিতাটোৰ সৃষ্টিৰ অন্তৰালত প্ৰেৰণা হিচাপে আছে এগৰাকী প্ৰেয়সীৰ প্ৰতি থকা গভীৰ প্রেম। কবিৰ মনত সেই প্ৰেয়সীয়ে ধৰা দিছে সৌন্দৰ্যৰ এক প্ৰতিমূৰ্তি হৈ। সেই মানসী প্ৰতিমাৰ ৰূপক তুলি ধৰিবলৈ তেওঁ আলফুলে গোটাই আনিছে বহুকেইটা সৌন্দৰ্যময় উপমাৰ। কেতিয়াবা প্রকৃতি, কেতিয়াবা মানৱীয় আচৰণৰ মাজৰপৰা কবিয়ে উপমাবোৰ বুটলি আনিছে। এই উপমাবোৰ কবিৰ সৌন্দৰ্য দৃষ্টিৰেই ফল। সেয়েহে কবিতাটোত প্ৰেমৰ অনুভৱ আৰু সৌন্দৰ্যৰ অনুভৱ প্ৰথমৰ পৰা শেষলৈকে সমান্তৰালভাৱে প্ৰৱাহিত হৈ আছে। প্ৰেম আৰু সৌন্দৰ্যৰ এনে যুগল মিলন অসমীয়া কবিতাত প্রায় অনুপস্থিত।
শেষত ক’ব পাৰি চন্দ্ৰকুমাৰ আগৰৱালাই আলফুল-উপমাৰ সহায় লৈ তেওঁ মানসী প্ৰিয়াৰ সৌন্দৰ্যৰে ভৰা যি অনুপম ৰহস্যময় মূৰ্তি নিৰ্মাণ কৰিলে তাৰ কাৰণে মাধুৰী কবিতাটো অসমীয়া কাব্য জগতত এটা অন্যতম মোহনীয় আৰু সুখপাঠ্য কবিতা হিচাপে চিহ্নিত হৈ ৰ’ব৷
৪। আধুনিক অসমীয়া কবিতা ইয়াত নদী আছিল কবিতাৰ বিষয়বস্তু আলোচনা কৰা।
উত্তৰঃ আধুনিক অসমীয়া কবি নৱকান্ত বৰুৱাৰ ইয়াত নদী আছিল শীর্ষক কবিতাটি এটি বহু সমাদৃত আৰু বহু পঠিত, চিন্তা উদ্বেগকাৰী কবিতা ৷ ইয়াত নদী আছিল শীৰ্ষক শিৰোনামটোৱে পাঠকৰ মনত এটি তড়িৎ গতিৰ সংবেদন জগাই তোলে। যি সংবেদনে পাঠকৰ মনত এটি ধাৰণা দিব যে ইয়াত থকা নদীখন এতিয়া নাই । অর্থাৎ এতিয়া ইয়াত পানীৰ অভাৱ, পানীৰ অভাৱে সৃষ্টিত ব্যাঘাত জন্মাইছে। শিৰোনামটোৱে উৰ্বৰতা হ্রাস হোৱাৰ এক ইংগিত বহন কৰিছে। কিন্তু প্রশ্ন হয় এই উৰ্বৰতা ক’ত হ্ৰাস পাইছে। ‘ইয়াত’ বোলা স্থানবাচক, সর্বনামটোৱে কোনখন ঠাইৰ কথা ক’ব বিচাৰিছে, এই সন্দৰ্ভত কবি সমালোচক হৰেকৃষ্ণ ডেকাদেৱৰ মন্তব্য উল্লেখনীয়—‘নৱকান্ত বৰুৱা’ৰ ইয়াত নদী আছিল কবিতাটোৰ শিৰোনামৰ বাক্যটোলৈ চালে পাওঁ যে ‘ইয়াত’ শব্দটো এটা স্থানবাচক সর্বনাম, যাৰ আঁৰত এডোখৰ ঠাইৰ নাম থাকিব লাগে। অৰ্থাৎ ঠাইডোখৰ নিৰ্দিষ্ট।
কবিতাটোৰ ভিতৰত ক’তো এই সর্বনাম নিৰ্দিষ্ট কৰা নাম এটা নাই। স্থানবাচক এটা নাম আছে। সেই ঠাইডোখৰ পৃথিৱী (১১ নং বাক্যত আছে, ‘আহিছিল ভাঙি-ছিঙি পৃথিৱীৰ কঠিন জৰায়ু’, ১৮ নং বাক্যত আছে ‘ফুট-ছাই বৰণৰ এখন পৃথিৱী।’) কিন্তু ‘ইয়াত’ সর্বনামটোক ‘পৃথিৱী’ নামটোৰ সর্বনাম বোলাত আহুকাল আছে। কাৰণ, কবিতাটোত যি কেইটা দৃশ্যপট আছে, তাৰ এটাত এখনি ‘দূৰণিৰ গাঁও’ আছে। অর্থাৎ ‘ইয়াত’ বোলা ঠাইডোখৰৰ পৰা দূৰত্বক সূচিত কৰা আন এডোখৰ ঠাই আছে, সেই ঠাই এখন গাঁও, মানুহৰ বসতি। গতিকে, পৃথিৱীৰ ‘ইয়াত’ সর্বনামৰ নাম বুলি বুজালে এই ‘দূৰণিৰ গাঁও’ক পৃথিৱীৰ বাহিৰৰ বুলি ভাবিব লাগিব আৰু তেতিয়া কথাটো আহুকলীয়া হৈ পৰিব। এই কথা বিচাৰ কৰি আমি ‘ইয়াত’ সর্বনামে সূচোৱা ঠাইডোখৰ এইদৰে ভাবি ল’ব পাৰোঁ—‘ইয়াত’ শব্দই
নিৰ্দেশ দিয়া ঠাইডোখৰ সেইডোখৰ ঠাই যি ঠাইত কবিতাটোৰ বিষয়ী বা কবিসত্ত্বা বা lyrical আছে। এই দৃষ্টিভংগী সমালোচক ডেকাদেৱৰ নিজস্ব কল্পিত নির্মাণ বুলি তেওঁ উল্লেখো কৰিছে। ইয়াত’ শব্দৰ ভৌগোলিক স্থানক সমালোচক গৰাকীয়ে প্ৰয়োজনবোধত ৰূপকলৈ স্থানান্তৰ কৰিছে।
কিন্তু, আধুনিক হৈয়ো পৰম্পৰাবাদী নৱকান্ত বৰুৱাৰ কবিতাৰ ‘ইয়াত’ আমি ঔপন্যাসিক বাতাবৰণত ক্ৰমে নিঃশেষ হ’ব ধৰা আমাৰ অসমৰ জাতীয় জীৱনৰ মহানাগৰিক ৰূপৰ ছবি ফুটি উঠা প্রত্যক্ষ কৰিব পাৰোঁ৷ সেইফালৰ পৰা কবিতাটোৰ পৃষ্ঠভূমিত আধুনিকত্বই মানুহৰ জীৱনলৈ নমাই অনা অধঃপতন, হ্রাস পাব ধৰা মানৱীয় প্ৰমূল্যবোধকে ধৰি আধুনিক জীৱনৰ ঋণাত্মক দিশসমূহে সংবেদনশীল কবিক হতাশ আৰু বিষণ্ণ কৰাৰ স্বৰূপ উপলব্ধি কৰিব পাৰি৷
কবিতাটিৰ প্ৰথম পাঁচশাৰীৰ মাজত প্ৰতীকী অৰ্থেৰে দেখুওৱা হৈছে এক ধ্বংস অভিযানৰ ছবি। নদীৰ ঢলক উদভ্রান্ত, উদণ্ড কামুক পুৰুষৰ লগত তুলনা কৰি দেখুওৱা হৈছে নাৰীৰূপী পথাৰ কিদৰে ধ্বংস হৈছে। এক উন্মাদ আচৰণে গৰ্ভৱতী পথাৰত একলা-দুকলাকৈ বাঢ়ি অহা শস্য সন্তানক গৰ্ভতে কবৰ দিছে। নদীৰ পলসে যদিও উৰ্বৰতা বৃদ্ধিত সহায় কৰে ইয়াত কিন্তু অপ্রয়োজনত অহা নদীৰ পলসে ধ্বংসহে মাতি আনিছে। সিন্ধুৰ বানে নিমিষতে নগৰক আত্মসাৎ কৰি শ্মশানত প্ৰশান্তিৰ গানৰ সৃষ্টি কৰা কবিয়ে শুনিছে। কিন্তু নদীৰ ঢলৰ বিভৎসতা যে দেখিছে তাকো ইয়াত বৰ্ণনা কৰিছে।
কবিৰ বাবে ‘উদগ্ৰ ধ্বংসৰ নিচা’, ‘লোভৰ কুটিল দুঃসাহস’, ‘পাপৰ কুৎসিৎ অভিসাৰ’ আদি ক্ষয়ংকাৰী কাৰ্য উপাসক কবিয়ে সৃষ্টিৰ সম্ভাৱনা প্রত্যক্ষ কৰিছে— ধ্বংসকাৰী পলসৰ অন্তৰালত কবিয়ে সৃষ্টিৰ অমোঘ সত্যক স্বীকাৰ কৰি সেই ধ্বংসৰ দুঃস্বপ্নৰ মাজত স্বপ্নৰ মৰ্যাদাৰ সন্ধান পাইছে।
উদগ্ৰ ধ্বংসৰ নিচা লোভৰ কুটিল দুঃসাহস
ছলনাৰ জীৱন্ত ধেমালি আৰু পাপৰ কুৎসিৎ অভিসাৰ
তাৰো সৌন্দর্যই মোক দিছিল স্বপ্নৰ জাল ৰচি
কাৰণ, মই যে দিও দুঃস্বপ্নকো স্বপ্নৰ মৰ্যাদা,
জৰায়ুৰ পৰাই যিদৰে জীৱনৰ অংকুৰ হয়, পৃথিৱীৰ কঠিন জৰায়ুৰ পৰাই সেইদৰে বন্দী হ’লেও তাপ, পোহৰ আৰু জীৱৰ আধাৰ স্বৰূপ সূৰ্যকণাৰ জন্ম হৈছে। বহু হতাশাৰ মাজতো কবিৰ বাবে এয়া প্রত্যাশা, আশাৰ বতৰা।
এনে আশাৰ বতৰাৰ মাজতো কবিয়ে লক্ষ্য কৰিছে জীৱন প্ৰৱাহত প্ৰকৃত ৰং-সুৰভি যেন লাহে লাহে নিঃশেষ হৈ আহিব ধৰিছে। মৰুভূমিৰ ক্রমাগত অনুৰ্বৰ্তাই জীৱনক মৃত্যুমুখী কৰি তুলিছে। উৰ্বৰ ঠাই এখনক মৰুভূমিয়ে হঠাতে ক্ষয় কৰিব নোৱাৰে, ই লাহে লাহে মাহ বছৰৰ জোখেৰেহে ক্ষয় হয়। যিদৰে মানুহৰ মানৱীয়তা একে নিশাই হঠাৎ হোৱা এটা ঘটনাই শেষ কৰি নিদিয়ে কবি নৱকান্তই যেন প্রত্যক্ষ কৰিছে তেওঁৰ সময়ৰ সমাজৰ ক্ষয়িষ্ণু বাতাবৰণ। লক্ষ্য কৰিছে মানুহৰ চাৰিত্ৰিক, নৈতিক অধঃপতন, মানুহৰ মিথ্যাচাৰ, সাম্প্ৰদায়িক উন্মাদনা, বজৰুৱা, তৰল অগভীৰ মানসিকতা, বৌদ্ধিক শূন্যতা। এই গুণগত দিশবোৰৰ ক্ৰমাগত বিলুপ্তিয়ে যেন আমাৰ সমাজ জীৱনলৈ মৰুভূমিৰ নিস্তেজতা আৰু অনুৰ্বৰতাক আগবঢ়াই আনিছে। এক মৃত্যুমুখী সংক্রমণ গোপান ব্যাধিৰ দৰে আমাৰ সমাজ জীৱনলৈ আহিছে। ফলত মৰুভূমিত সেউজীয়া হেৰাই যোৱাৰ দৰে সমাজ জীৱনৰ পৰাও প্ৰাণৰ ৰং হেৰাই যোৱাৰ উপক্রম ঘটি নীলা আকাশৰ ঠাইত এখন তামৰঙী আকাশ আৰু ফুট ছাই বৰণৰ পৃথিৱী এখন আমালৈ আছেগৈ। য’ত সৃষ্টিৰ বীজ অংকুৰিত হোৱাৰ কোনো সম্ভাৱনা নাই।
কিন্তু মৰুভূমি আহে,
লাহে লাহে মাহে মাহে বছৰে বছৰে
…
গোপন ব্যাধিৰ দৰে লাহে লাহে মচি নিয়ে
প্ৰাণৰ যিমান ৰং, সেউজী সোণালী
আঁকি দিয়ে তামৰঙী এখন আকাশ আৰু
ফুট ছাই বৰণৰ এখন পৃথিৱী।
দেখুওৱা হৈছে যে যি ঠাইত এখন নদী আছিল তাত সকলো স্বাভাৱিকভাৱে প্ৰাকৃতিকভাৱে সংঘটিত হৈছিল। কিন্তু যেতিয়াই মৰুভূমিৰ আগমন ঘটিল তেতিয়াই আহি পৰিল অস্বাভাৱিকতা। প্রাকৃতিক ঘটনা পৰিঘটনাবোৰো ওলট-পালট হৈ পৰিল। ব’হাগৰ ঢল নাহিল, আহিনতে আঘোণ আহিল, আষাঢ়ৰ বৰষুণৰ মেঘ পাহাৰৰ সিপাৰে থাকিল। মেঘতকৈও যেন পাহাৰ ওখ হ’ল, ফলত বৰষুণ কেনেকৈ আহিব, আহিব নোৱাৰে। তাৰ ফলতেই পানীৰ অভাৱ হ’ল আৰু মৰুভূমিৰ লক্ষণে দেখা দিলে—
ধননিত নগজিল জোৱাৰ ব্ৰজ়া, আমৰ বনত
দোঁ নাখালে খেজুৰি।
অর্থাৎ ‘নগজিল’ এই শব্দৰ শব্দগত অৰ্থ আৰু ঘোষিত আৱেদনে শস্যভূমিৰ বিলুপ্তিৰ ইংগিত বহন কৰিছে।
এইদৰে চালে দেখা যায় যে কবিতাটিৰ এইখিনিলৈকে প্রাকৃতিকভাৱে মৰুভূমি কিদৰে আহিছে তাৰ এটি দিশৰ ইংগিতৰ লগতে প্ৰতীকী অৰ্থেৰে সমজ জীৱনলৈ মৰুভূমিৰ অনুৰ্বৰতা কিদৰে আহিব ধৰিছে তাৰো ইংগিত পোৱা যায়। কিন্তু ইয়াৰ পিছৰ পংক্তিত দেখিবলৈ পোৱা গৈছে কেনেদৰে মৰুভূমিৰ ব্যাপ্তিয়ে পৰিৱৰ্তন আনিব ধৰিছে।
কেৱল ফুলিব সিজু, মাজনিশা তৰাৰ পোহৰে ৰেণু তাৰ বালিদাঁহী সাপক বিলাব। দুবৰি ধৰিব ছাটি কাঁইটীয়া বনে।
ৰাতিৰ বতাহে আহি ছটিয়াই শুকান বৰফ
দিনৰ পোহৰে তাতে ঢালি দিব কমলা ৰঙৰ গলা লোহা।
লগে লগে আহিছে মৰুভূমিৰ নিত্যসংগী উটৰ ধাৰণা। নদী ‘সিজু’, ‘মাজনিশাৰ তৰাৰ পোহৰ’, ‘বালিদাঁহী সাপ’, ‘দুবৰি ছাটি ধৰা কাঁইটীয়া বন’, ‘শুকান বৰফ’, ‘গলা লোহা’, ‘উটৰ ডিঙিৰ ছাঁ’, এইবোৰ শব্দই সমবেতভাৱে এই স্তৱকটোত এক সুকঠিন, অ-মানৱীয় নীৰৱতাৰ আভাস দিয়েঃ এই নীৰৱতাত মানুহ নাই, মানুহে সহ্য কৰিব পৰাতকৈ এই নীৰৱতা যেন বেছি ভয়ংকৰ। এই প্ৰসংগত ‘শুকান বৰফ’ (এনে বৰফ আছেও হেনো) সংগত এই কাৰণেও যে সেই বৰফত কোনো প্রাণসঞ্চাৰী শক্তি নাই। সি এক শীতৰ প্ৰতীকঃ
কিন্তু সেই শীত শ্যেলীৰ ‘ৱেষ্ট ৱিণ্ড’ৰ শীতৰ দৰে নহয় তাৰ পৰা নতুন বসন্তৰ জন্ম সম্ভৱপৰ নহয় ৷ জীৱনানন্দৰ ‘উটেৰ গ্ৰীমৰ মতো কোনো এক নিস্তব্ধতা।’—এই শব্দকেইটাৰ অমানৱীয় ৰহস্যৰ অপ্ৰাকৃতিকতাক ব্যঞ্জনা আছে মৰুভূমিৰ চিত্ৰ ধৰি ৰখা ‘উটৰ ডিঙিৰ ছাঁ’ত। সেইখন জগত যেন মানুহৰ সাধাৰণ পৰিচিত জগতখন নহয়।” মানুহৰ সাধাৰণ পৰিচিত জগতখনৰ উধলৈ গৈ কবিয়ে মৰুভূমিৰ ক্ষয়িষ্ণু ৰূপক দাঙি ধৰিছে এইদৰে—
এইদৰে শেষ হোৱা…এই যে ৰোমাঞ্চ মৰণৰ…..
ই যে প্রৌঢ়া ৰমনীৰ ৰমন বিলাস, অনভিজ্ঞ
কিশোৰৰ সতে। যত
গ্লানিৰ অতৃপ্তি নাই, তৃপ্তিৰ অশান্তি নাই,
ধ্বংসৰ সৌন্দৰ্য নাই— কেৱল ক্ষয়ৰ আবিলতা,
অনায়াম গ্ৰহণৰ কেৱল ক্লীৱতা ৷
প্রৌঢ়া ৰমনীলৈ ৰূপান্তৰিত মৰুভূমিৰ ক্ষয়মান ৰূপ যেন এক বিলাসৰ ফলশ্রুতি যি বিলাসৰ আধেয় অনভিজ্ঞ কিশোৰ বিশেষ। যত গ্লানি নাই, নাই কোনো ধ্বংসৰ সৌন্দৰ্য। জীৱন প্ৰক্ৰিয়াৰ প্ৰতীক স্বৰূপ অনভিজ্ঞ কিশোৰৰ আচৰণত স্বাভাৱিকতা নাই। এক অস্বাভাৱিক আচৰণেৰে মৰুভূমি সদৃশ জীৱনৰ ছবি অংকিত হৈছে। বাধাহীন এইবিলাক কার্যত সেয়ে আছে কেৱল ক্ষয়ৰ আবিলতা’। অনভিজ্ঞ কিশোৰ প্ৰৌঢ়া ৰমনীৰ বৌদ্ধিক চেতনা অনায়াসলব্ধ প্রাপ্তিত যেন ক্ষয় যাব ধৰিছে। এয়া কবিৰ এক আত্মিক অনুভূতিক স্তৰৰ শৈল্পিক প্রকাশ। ভাস্কৰে ‘বিগ্ৰহ’ নিৰ্মাণ কৰাৰ দৰে জীৱনৰ বিভিন্ন ৰূপৰ চিত্ৰ কবিয়ে কল্পনাৰ সহায়ত শব্দেৰে কাব্যৰূপত মূৰ্তমান কৰি আহিছে। এই কবিতাত যি জীৱনৰ ৰূপ মূৰ্ত কৰিবৰ বাবে প্ৰয়াস কৰা হৈছে সি জীৱনমুখী ৰোমাঞ্চকৰ হ’লেও তাত কবিৰ আগ্ৰহ নাই, কাৰণ জীৱনৰ ক্ষয়িষ্ণুতা আৰু দুখ-বেদনাৰ নতুন নতুন বিগ্ৰহ ৰচি কবি ভৰাক্ৰান্ত, ভাগৰুৱা চাবলৈ গ’লে কবিতাটিত প্ৰকাশিত জীৱনৰ বিভীষিকাময় ৰূপৰ প্ৰতীক মৰুভূমি ভয়ানক চিত্ৰৰ বৰ্ণনাৰ মাজেৰে উদ্ভাসি উঠিছে।
কবি নৱকান্ত বৰুৱাৰ কবিতাত ‘মৰুভূমি’ৰ উপস্থিতি এলিয়ট অধ্যয়নৰ ফল বুলিও ক’ব পাৰি। এলিয়টৰ মৰুভূমি আৰু নৱকান্ত বৰুৱাৰ ‘মৰুভূমি’ৰ মাজত সূক্ষ্ম পার্থক্য নথকা নহয়। এলিয়টৰ যি প্ৰাকৃতিক মৰুভূমি তাৰ বিপৰীতে নৱকান্ত বৰুৱাৰ মৰুভূমি মনৰ ভিতৰৰ মনস্তাত্ত্বিক মৰুভূমি। এজন কবিৰ ঘোষণা পত্ৰত নৱকান্ত বৰুৱাই নিজে কোৱা কথা এইখিনিতে প্রণিধানযোগ্য—‘মোৰ গঠনশীল কালৰ ৰচনাত এলিয়টৰ উপস্থিতি এটা সত্য কথা।… যিসকলে মুক্ত মনেৰে মোৰ কবিতা পঢ়িছে সেইসকলে মৰুভূমিৰ এক পূৰ্ব ধাৰণা সহজে অনুভৱ কৰিব পাৰিব। এই মৰুভূমিৰ ধাৰণাটো ক্ৰমশঃৰ পৰা ইয়াত নদী আছিললৈকে মোৰ কবিতাত এটা পৌনঃপুনিক বিষয়। …বাহিৰৰ মৰুভূমিত মোৰ ভিতৰৰ মৰুভূমিখনকলৈহে মই বেছি উদ্বিগ্ন হৈছিলোঁ। কেৱল নৃতত্ত্ব আৰু ধ্রুপদী গ্ৰন্থসমূহ মোৰ বাবে যথেষ্ট নহৈছিল। ভূতাত্ত্বিক মৰুভূমিখনৰ প্ৰতিও মই সচেতন হ’বলগা হৈছিল। মই কোনো ৰাজ্যৰ ধ্বংসস্তূপৰ মাজত নিজকে বিচাৰি পোৱা নাছিলোঁ । ভূতাত্ত্বিক প্ৰক্ৰিয়াৰ মাজতে মনস্তাত্ত্বিক আৰু ব্যক্তিগত মৰুভূমিখন বগুৱাবাই ফুৰা দেখিছিলোঁ। এলিয়টৰ জন্ম মৰুভূমিৰ মাজতে হৈছিল। সেয়ে তেওঁ
চাৰিও দিশৰ মৰুভূমিখন দেখিবলৈ পাইছিল। মই মোৰ মনৰ চকুৰে মৰুভূমিখন দেখা পোৱা যেন লাগিছিল। এইধৰণৰ এলিয়ট ভাবৰ উপৰি এলিয়টৰ প্ৰতীকবাদী শৈলীও নৱকান্ত বৰুৱাৰ কবিতাত মূৰ্ত হৈ উঠা পৰিলক্ষিত হয়।
And the dead tree gives so shelter, the cricket no relief
And the dry stone no sound of water, only There is shadow under this red rocks. M
( The waste land – T.S. Eliot.)
এলিয়টৰ এই পংক্তিৰ তুলনা নৱকান্ত বৰুৱাৰ তলৰ পংক্তিফাকিৰ মাজত এইদৰে দেখা যায়—
নদীক নিজৰা কৰি জুৰিক শিলনি কৰি
বালিৰ দলেৰে গঢ়ে গছ, লতা ফুলৰ সমাধি
ছুঁয়াময়া জিঁয়া এটি বালিয়ে বালিয়ে উৰি
পানীৰ কাৰণে ঘূৰি
ক’ৰবাত বাট হেৰুৱায়৷ (ইয়াত নদী আছিল)
আধুনিক অসমীয়া কবিতাৰ সুৰ আৰু লয়ক এক নতুন মাত্রা দিয়া নৱকান্ত বৰুৱাৰ কবিতাত এক সাংগীতিক লয় আৰু আংগিকৰ আধুনিকীকৰণৰ সচেতন প্রয়াস দেখা যায়। তেওঁৰ বহু কবিতাত মুক্তক ছন্দ আৰু স্পন্দিত গদ্য ছন্দৰ সু-প্ৰয়োগ মন কৰিবলগীয়া দিশ। কবিৰ ভাববস্তুক শব্দ আৰু বাক্য গাঁথনিৰ সু-প্ৰয়োগে এক গভীৰ অৰ্থজ্ঞাপক কাব্য কলালৈ উন্নীত কৰা দেখা যায়। ক্ৰমশঃ, পলস, এটা প্ৰেমৰ পদ্য, বোধিদ্ৰুমৰ খৰি, স্বনিমন্ত্রিত আদি কবিতাৰ দৰে ইয়াত নদী আছিল কবিতাও নৱকান্ত বৰুৱাৰ শ্ৰেষ্ঠ কবিতাসমূহৰ মাজৰ এটা কবিতা। কবিতা ৰচনাৰ উষা লগনৰ পৰাই নৱকান্ত বৰুৱাৰ কবিতাত ৰোমাণ্টিক চেতনা এটি প্ৰৱাহিত হৈ থকা পৰিলক্ষিত হয়। তেওঁৰ কবিতাৰ গভীৰতা যেন এক ৰোমাণ্টিক সুৰৰ ঝংকাৰ উপলব্ধ হয়। তেওঁৰ কবিতাৰ ধ্বনি মাধুৰ্যই পাঠকক মোহিত আৰু আহ্লাদিত কৰে।
‘মৰুভূমি আহে
লাহে লাহে মাহে মাহে বছৰে বছৰে’ (ইয়াত নদী আছিল।)
প্রতীকী ভাষাৰে অঁকা চিত্ৰৰ এই ধ্বনি ব্যঞ্জনাই কবি বৰুৱাৰ কবিতাক এক শীৰ্ষ মাত্ৰা প্ৰদান কৰিছে। কবি বৰুৱাৰ কবিতাত উপলব্ধ হোৱা ৰোমাণ্টিকতা সম্বন্ধে তীক্ষ্ণধী সমালোচক ভৱানন্দ দত্তই কৰা মন্তব্য মন কৰিবলগীয়া—‘জয়ন্তী যুগৰ আৰু এজন লেখত ল’বলগীয়া কবি হৈছে নৱকান্ত বৰুৱা। ‘জয়ন্তী’ত প্রকাশিত প্রথম কবিতাতেই তেওঁ জীৱনৰ ৰোমাণ্টিক কল্পনাৰ বাস্তৱ বিমুখীৰ ছবি আঁকিছেঃ
‘আমিতো নেপালে হায় পৃথিৱীৰ প্ৰথম যৌৱন
অৰণ্যৰ সেউজী সুভী।’—কিন্তু ইয়াতেই ফুটি উঠিছে তেওঁৰ গভীৰ প্ৰাণৰ ৰোমাণ্টিক সুৰ। এই সুৰেই তেওঁৰ জীৱনৰ উপলব্ধিৰ ক্ষেত্ৰত এটা বিষাদৰ সুৰ, নিৰাশাৰ সুৰ সানি দিছে। কিন্তু তেওঁৰ জীৱনৰ দৃষ্টি গভীৰ, জীৱনৰ প্ৰতি মমতা আৰু জগতৰ প্ৰতি আত্মীয়তা নিবিড়।’ জীৱনক ভালপোৱা জগতক ভালপোৱা কবি নৱকান্ত বৰুৱা আধুনিক হৈয়ো পৰম্পৰাবাদী, সাম্প্ৰতিক হৈও ইতিহাস চেতনাৰ অধিকাৰী। বিনন্দীয়া পৃথিৱীৰ ৰং ৰূপ বৰ্ণৰ প্ৰতি থকা প্ৰেম ভালপোৱাৰ ছবি আঁকিব পাৰিছিল ৷ গভীৰ প্ৰত্যয়েৰে সেয়ে তেওঁ ক’ব পাৰিছিল—
হে পৃথিৱী ভালপাওঁ তোমাক সঁচায়ে
— তাৰ বেছি আৰু একো নাই৷
সন্দেহৰ বহু মেঘ পাৰ হৈ দুখৰ নিশাত
আজি মই এটা কথা কওঁ।
সহজ সৰল সঁচা
ভালপাওঁ তোমাক পৃথিৱী। (স্বগতঃ )
পৃথিৱীক ভাল পায় বাবেই কবিয়ে ইয়াত নদী আছিল কবিতাত কেৱল এখন মৰুভূমিৰ বিৱৰণ দিয়েই ক্ষান্ত থকা নাই, কবিয়ে জীৱন বিৰোধী আৰু সমাজৰ ক্ষয়িষ্ণু ৰূপটোৰ এক ভয়ংকৰ ছবি আঁকিবলৈ প্ৰয়াস কৰিছে। য’ত আছে ধ্বংস, ধ্বংসৰ সৌন্দৰ্য আৰু আছে স্বপ্নৰ ৰূপত বিভীষিকাময় সৌন্দৰ্যৰ এক গোপন আধাৰ।
৫। কৰবী ডেকা হাজৰিকাৰ চুলি নাবান্ধিবা যাজ্ঞসেনী কবিতাটিৰ সামগ্রিক আলোচনা আগবঢ়োৱা?
উত্তৰঃ ‘মাটিৰ পৰা মেঘলৈ’, ‘সুবাসিত যি যন্ত্রণা’, ‘চুলি নাবান্ধিবা যাজ্ঞসেনী’, ‘পৰীৰ বাঁহী’ কাব্যগ্রন্থৰে অসমীয়া সাহিত্যৰ এটি গুৰুত্বপূৰ্ণ প্ৰকাৰ (genre) কবিতাৰ বৰ্তমানৰ জগতৰ এটি গুৰুত্বপূৰ্ণ নাম কৰবী ডেকা হাজৰিকা। তেখেতৰ ‘চুলি নাবান্ধিবা যাজ্ঞসেনী’ শীর্ষক কবিতাটিৰ জৰিয়তে কবিগৰাকীয়ে লাভ কৰিছে এক বিশেষ পৰিচিতি। সাধাৰণতে কঠোৰ কোমলে মিশ্রিত অভিব্যক্তি লাভ কৰা ডেকা হাজৰিকাৰ কবিতাসমূহত নাথাকে কোনো জটিল ৰূপক, প্রতীক, ব্যঞ্জনা অথবা অপৰিচিত চিত্ৰকল্প। এই কবিতাটিত সেই দিশৰ পৰা ব্যতিক্ৰম নহয় ৷ তথাপি এই কবিতাটিৰ আন কবিতাত নথকা এটি দিশ সংযোজিত হৈছে, সেইটো হ’ল কবিৰ প্ৰৱল নাৰীবাদী চেতনা। এই আলোচনাত কবিগৰাকীৰ জনপ্ৰিয় হৈ উঠা ‘চুলি নাবান্ধিবা যাজ্ঞসেনী’ নামৰ কবিতাটিৰ মূল্যায়নৰ সুবিধার্থে তলত দিয়া ধৰণেৰে ভাগ কৰি লৈ আলোচনা কৰিবলৈ প্ৰয়াস কৰা হ’ল—
১। ‘চুলি নাবান্ধিবা যাজ্ঞসেনী’ কবিতাটিৰ উৎস আৰু বিষয় প্ৰৱেশ।
২। চুলি নাবান্ধিবা যাজ্ঞসেনী’ কবিতাটিৰ পোনপটীয়া আৰু নিহিত অর্থ।
৩। কবিতাটিত ব্যৱহৃত শব্দ, বাক্যাংশ আৰু চিত্ৰকল্পৰ ভাবৰ লগত সংগতি।
৪। কবিতাটিত দ্রৌপদীৰ মাজেদি প্ৰকট হোৱা নাৰী মনস্তত্ব আৰু বিকশিত হোৱা প্ৰতিবাদী চেতনা ।
এই কবিতাটো মহাভাৰতৰ কালজয়ী এটি চৰিত্ৰ যাজ্ঞসেনীৰ ওপৰত আধাৰিত। যাজ্ঞসেনী হ’ল মহাভাৰতৰ সেই নাৰী, যাক কেন্দ্ৰ কৰি সূচনা হৈছিল কুৰুক্ষেত্ৰ মহাৰণ। বাল্যবন্ধু দ্রোণাচাৰ্যৰ ওপৰত ৰজা । ভ্ৰূপদে প্রতিশোধ চেতনাৰ মহাযজ্ঞত জন্ম লাভ কৰা যাজ্ঞসেনী দ্রৌপদীৰ ঘটনাচক্ৰত বিবাহ ঘটে পঞ্চপাণ্ডৱৰ লগত। পঞ্চপতিৰ পত্নী হ’বলগীয়া হোৱাতেই দ্রৌপদীৰ যন্ত্ৰণা শেষ নহ’ল। পঞ্চপাণ্ডৱৰ জ্যেষ্ঠ পিতৃ ধৃতৰাষ্ট্ৰৰ সন্তান কৌৰৱৰ লগত হোৱা ভ্ৰাতৃবিৰোধৰ পৰিণতিত দুয়োপক্ষৰ মাজত পাশা খেল অনুষ্ঠিত হয় আৰু এই পাশা খেলত অন্যান্য দ্ৰব্যৰ লগতে পত্নী দ্রৌপদীক পণ ৰাখি পৰাজিত হয় পঞ্চপাণ্ডৱ। এই পৰাজয়ৰ ফলশ্ৰুতিত দ্বিতীয় কৌৰৱ দুঃশাসনৰ হাতত শাৰীৰিকভাৱে নির্যাতিত হোৱাই নহয়, গুৰুজনৰ সন্মুখত দুর্যোধন আৰু কৰ্ণৰ হাততো ৰাজসভাত লাঞ্ছিত হ’ল পাঞ্চালী। তথাকথিত ৰাজসিক গ্লানিময় পৰম্পৰাৰ ওচৰত নতশিৰ অসহায় স্বামী, পৰিজন, গুৰুজন সকলো সেই লাঞ্ছনাৰ নিৰ্বাকনিমাত আৰু নীৰৱ দৰ্শক আছিল সেইদিনা।
মানুহৰ পৃথিৱীত এনেকৈয়ে নাৰীৰ ৰক্ষক স্বামীৰ ভূমিকাত অৱতীৰ্ণ পুৰুষেই নাৰীৰ ওপৰত অত্যাচাৰ আৰু অবিচাৰৰো কাৰণ আৰু কাৰকো হৈ আহিছে যুগে যুগে। ভাৰতীয় সমাজ ব্যৱস্থাই বৈবাহিক বন্ধনেৰে একোজনী নাৰীক একোজন পুৰুষৰ নিৰাপত্তা আৰু আশ্ৰয়ৰ অধীন কৰি আহিছে, য’ত নাৰীৰ নিজা মতামতক কেতিয়াও গুৰুত্ব দিয়া নহৈছিল৷ নাৰীৰ মনে কি বিচাৰে সোধা নহৈছিল। অথচ, ঘটনাচক্ৰত সেই একে সমাজেই দ্রৌপদীক পাঁচজন স্বামীৰ অধীন কৰিছিল৷ প্ৰতিজন স্বামী আছিল বিশেষ বিশেষ দিশত বিশিষ্ট ৰূপত পাৰদৰ্শী সেই সময়ৰ একোজন প্রতিনিধি স্থানীয় অগ্রণী ব্যক্তি—মহাধার্মিক একচ্ছত্রী সম্রাট যুধিষ্ঠিৰ, মহা বলশালী বাহুবলী ভীম, অপ্রতিদ্বন্দ্বী অদ্বিতীয় ধৰ্দ্ধৰ অর্জুন, অতি সুশ্ৰী বীৰ নকুল, মহাপণ্ডিত ভৱিষ্যদ্ৰষ্টা সহদেৱৰ পত্নী হৈয়ো যাজ্ঞসেনী অপ্রতিৰোধে অপমানিত হ’ল জনসমাজত—— ৰাজসভাত। দ্রৌপদীৰ স্বাভিমান হৰণৰ সেই দুর্ভাগ্যজনক পৰিস্থিতিৰ লগত প্ৰাসংগিকভাৱে সেই লাঞ্ছিত নাৰীৰ অনুভৱৰ চিত্ৰণ ঘটোৱা হৈছে আধুনিক পটভূমিৰে, আধুনিক দৃষ্টিভংগীৰে চুলি নাবান্ধিবা যাজ্ঞসেনী কবিতাটোত।
নাৰীৰ ওপৰত কি ব্যক্তিগত কি সামাজিক, কি ৰজা কি প্ৰজা, সকলো স্তৰতে যুগে যুগে চলি অহা অবিচাৰ, অত্যাচাৰ অথবা নিৰ্যাতনৰ প্ৰতিভূ হ’ল দ্রৌপদী। এই ক্ষেত্ৰত কবিতাটিৰ পোনপটীয়া অৰ্থ হ’ল পঞ্চপতিৰ পত্নী অথবা ৰাণী হৈয়ো যাজ্ঞসেনীয়ে ভুগিবলগীয়া হোৱা ৰজাৰ অন্যায়, সমাজৰ অন্যায়, আত্মীয় পৰিজনৰ অন্যায় আৰু পতিৰ পত্নীৰ প্ৰতি অসন্মানৰ যন্ত্ৰণাৰ অনুভৱ দাঙি ধৰা। সেই অনুভৱৰ যোগেদি নাৰীৰ আত্মসন্মানৰ চেতনা জাগ্ৰত কৰাৰ লগে লগে নিজৰ ওপৰত হোৱা অন্যায়ৰ প্ৰতি সচেতন নাৰীয়ে প্ৰতিবাদ আৰু প্ৰতিৰোধৰ ক্ষমতা আহৰণ কৰা উচিত বুলি কৰা কবিৰ অনুভৱৰ সংযোজন ঘটোৱা হৈছে কবিতাটোত। অর্থাৎ লাঞ্ছিতা, নির্যাতিতা মহাভাৰতীয় চৰিত্ৰ যাজ্ঞসেনীৰ বঞ্চনাৰ সত্য দাঙি ধৰাৰ লগে লগে আধুনিক প্ৰেক্ষাপটত মুক্তকেশৰে তেতিয়াৰ সেই নাৰীয়ে কৰা প্ৰতিবাদী ভূমিকাৰ মাজত আজিৰ নাৰীৰ আত্মসত্তাৰ জাগৰণক প্ৰতিষ্ঠাৰ প্ৰয়াস কৰিছে কবিয়ে। সেই প্রাচীন নাৰীৰ স্বাভিমানৰ অংকুৰণকেই চেতনাৰ বিকাশ ঘটাৰ প্ৰৱল সম্ভাৱনাময় দিশবোৰক চিহ্নিত কৰিছে।
চুলি নাবান্ধিবা যাজ্ঞসেনী কবিতাটোত আধুনিক নাৰীৰ মন-মগজুৰে বিকশিত হৃদয়ানুভৱৰ প্ৰেক্ষাপটত মহাভাৰতীয় চৰিত্ৰ দ্রৌপদীৰ জীৱনৰ সংঘাতক বিশ্লেষণ কৰা হৈছে। সেই ভাবৰ লগত সংগতি ৰখা এক প্ৰকাৰ তীব্ৰ শ্লেষ আৰু ব্যংগৰ ভাব প্রকাশক শব্দ, বাক্যাংশ পৰিঘটনাক চিহ্নিত কৰিবলৈ, যিবোৰে নাৰী হৃদয়ৰ অপমানৰ চেতনা আৰু প্ৰতিবাদী সত্ত্বাৰ ক্ষোভ প্রকট কৰিব পাৰে।
সঘন ব্যৱহৃত শব্দঃ
কাল ভুজংগ/কালসাপ— কাল অর্থাৎ সংহাৰমূৰ্তি ধৰা
সাপ অগ্নিসম্ভৱা— অর্থাৎ প্রয়োজন হ’লে অগ্নি অথবা জুই জ্বলোৱাৰ ক্ষমতা থকা
প্ৰলয়— মহানাশ, ৰুক্ষকেশ-শুকান চুলি।
শোণিত—তেজ, পাঞ্চজন্য—কৃষ্ণৰ মংগল শংখ
ভীৰু—ভয়াতুৰ, পণ—অংগীকাৰ
অনাথিনী— গৰাকীহীন ইত্যাদিৰ উপৰি বিদ্যৎ, ৰক্তিম, ক্লেশ, তৃষ্ণা আদি।
সঘন ব্যৱহৃত বাক্যাংশ আৰু চিত্ৰকল্পঃ
‘ধৰ্মপুত্ৰ নীতিৰ অধীন’, ‘পাৰ্থৰো আজি বৃহন্নলা বেশ’, ‘বীৰ বৃকোদ হয়তো ভোগত মগন’ আদিৰ দৰে বাক্যাংশত যি তীর্যক শ্লেষ আৰু ক্ষোভ জড়িত চিত্রকল্প নিহিত হৈ আছে, তাৰ মাজত কেৱল দ্রৌপদীৰ তেতিয়াৰ যন্ত্ৰণাই প্রকট হোৱা নাই, যুগে যুগে সৰ্বকালৰ সৰ্বভূমিৰ নাৰীয়ে অনুভৱ কৰা মনস্তাপ প্রকাশ পাইছে। সেইদৰে ‘কালভুজংগৰ দৰে বিয়পি পৰক তোমাৰ কেশৰ মেঘালি’, নয়নত লোৱা প্ৰলয় শিখাৰ তীৰ’, পঞ্চপতিৰ অনাথিনি প্রিয়া’ আদিৰ মাজেৰে দ্রৌপদী চৰিত্ৰৰেই নহয় সমগ্ৰ নাৰীৰ সুপ্ত আত্মশক্তি জাগ্ৰত কৰাৰ প্ৰয়াস কৰা হৈছে। একেদৰেই এনে অনেক অৰ্থৱহ চিত্রকল্প বহন কৰা বাক্যাংশৰ ব্যৱহাৰ কবিতাটোত ঘটোৱা হৈছে; যিবিলাকে ব্যক্তি তথা সমাজৰ নাৰীৰ প্ৰতি কৰা অন্যায়-অবিচাৰ, প্ৰতাৰণাৰ প্ৰতি খং, ক্ষোভ, ঘৃণা আৰু প্ৰতিবাদৰ ভাব প্ৰকাশ কৰিছে।
ভাৰতবৰ্ষই নহয়, সমগ্ৰ পৃথিৱীৰ নাৰীকেই পুৰুষ প্ৰধান সমাজে শিক্ষাৰ পৰা দূৰত ৰাখি শৃংখলিত কৰি ৰাখিছিল বহু যুগ। ব্যক্তি, পৰিয়াল আৰু সমাজৰ সৰ্বস্তৰৰ কল্যাণৰ কাৰণে নাৰীয়ে ত্যাগ আৰু সেৱাৰ মনোভাবেৰে সুদীর্ঘ দিন অতিবাহিত কৰাৰ পিছতো নাৰীৰ মানুহ হিচাপে পাবলগীয়া ন্যূনতম গুৰুত্বটো বাদেই সামাজিক অস্তিত্বৰ প্ৰতিও পুৰুষপ্ৰধান সমাজ সচেতন নাছিল। বহু অনীহা, বহু শোষণ, বহু অৱহেলাৰ অধ্যায় নাৰীৰ সভ্যতাৰ বিকাশৰ ইতিহাসত ৰচিত হৈছিল। এদিন বহু প্ৰচেষ্টা-প্ৰয়াসৰ যোগেদি নাৰীয়ে শিক্ষাৰ পোহৰ লাভ কৰাৰ লগে লগে বুজিবলৈ আৰম্ভ কৰে নিজৰ স্থিতি আৰু আত্ম অস্তিত্বৰ সংকটক। নিজক বুজি পোৱা নাৰীয়ে অনুভৱ কৰে আত্ম-জাগৰণৰ আৱশ্যকতা।
যুগে যুগে চলি অহা এই অত্যাচাৰ-অবিচাৰৰ প্ৰাসংগিকতা সাব্যস্ত কৰিয়েই চুলি নাবান্ধিবা যাজ্ঞসেনী কবিতাটোত দ্রৌপদীৰ চৰিত্ৰটো মূল্যায়ন কৰাৰ প্ৰয়াস কৰা দেখা গৈছে। ইয়াত দ্রৌপদীৰ জীৱনৰ সংঘাত আৰু সেই সংঘাতৰ প্ৰতি দ্রৌপদীৰ মনত অংকুৰিত বিদ্ৰোহৰ মনোভাবক ভেটি কৰি আজিৰ নাৰী হৃদয়ৰ মনস্তত্ত্বক প্ৰকট কৰি তুলিবলৈ প্ৰয়াস কৰা হৈছে। দ্রৌপদীৰ যি পৰিস্থিতিত অর্জুন সমন্বিতে পঞ্চপাণ্ডৱৰ লগত বিয়া হৈছিল, সেই পৰিস্থিতিৰ পাকচক্ৰক দ্রৌপদীয়ে ভাগ্য বুলি মানি লৈছিল। কিন্তু দ্রৌপদীক নিৰাশ কৰি সময়ৰ সোঁততো সলনি নহ’ল দ্রৌপদীৰ ভাগ্য— একেই পুৰুষ নিৰ্ধাৰিত আৰু আৰোপিত পৰিস্থিতিৰ চাকনৈয়াত দ্রৌপদীয়ে মানুহ হিচাপে পাবলগীয়া ন্যূনতম অধিকাৰকণো হেৰুৱাইছিল বাৰে বাৰে৷ পাশাখেলৰ পণ হিচাপে পত্নীক পণ্যসম্পদ হিচাপে ব্যৱহাৰ কৰি পঞ্চপাণ্ডৱে পত্নীক কৰা অপমানক দৃঢ় কৰিলে কৌৰৱৰ হাতত শাৰীৰিক নির্যাতনে, য’ত দ্ৰৌপদীৰ মানৱীয় সত্তাৰ প্ৰতিয়েই অৱমাননা কৰি নাৰী অস্তিত্বক মষিমূৰ কৰি পেলোৱা হ’ল। তেতিয়া আৰু সেই ভাগ্য বুলি জীৱনৰ সংঘাতক মানি লোৱা তেতিয়াৰ নাৰী দ্রৌপদীৰো আত্মসত্তা অপমানত জাগি নুঠাকৈ নাথাকিল ৷ যি মুক্তকেশত হাত দি দ্বিতীয় কৌৰৱ দুঃশাসনে ৰাজসভালৈ চেঁাঁচৰাই আনিছিল যাজ্ঞসেনীক, সেই কেশ দুঃশাসনৰ ৰক্ত সানিহে বান্ধিম বুলি দুর্দান্ত প্রতিজ্ঞা কৰি দ্ৰৌপদীয়ে আত্ম-অপমানৰ নিৰ্মম প্রতিশোধ ঘোষণা কৰি প্ৰতিবাদৰ প্ৰথম পদক্ষেপ আগবঢ়ালে। এই অৱস্থাটোৰ চিত্ৰপ ঘটাবলৈ প্ৰয়াস কৰোঁতে কবিয়ে এই অপমানৰ ঘটনাৰ অংশীদাৰ মহাভাৰতীয় প্ৰতিটো পুৰুষ চৰিত্ৰ, বিশেষকৈ যাজ্ঞসেনীৰ স্বামীসকলক থকা সৰকাকৈ উদঙাই দাঙি ধৰিছে। নাৰী নিৰ্যাতনৰ ঘৃণ্য অপৰাধত অপৰাধী পুৰুষৰ অপৰাধক ক্ষমা নকৰাৰ বাণী সম্বলিত চুলি নাবান্ধিবা যাজ্ঞসেনী নামৰ কবিতাটো এটা উৎকৃষ্ট নাৰাবাদী কবিতা।
চুলি নাবান্ধিবা যাজ্ঞসেনী নামৰ কবিতাটোত নাৰী মনস্তত্ত্বৰ হৃদয়স্পর্শিতা থাকিলেও বহু সময়ত খঙে ক্ষোভে কাব্যিক সুষমাৰ গণ্ডী অতিক্রমি কঠুৱা গদ্যলৈ পর্যবসিত হোৱা যেন লাগে। নাৰীৰ প্ৰতিবাদী চেতনাৰ বিজ্ঞাপন যেন হৈ উঠা কিছুমান শব্দ বা বাক্যাংশৰ মাজেৰে কবিতাটো ঠাই বিশেষে কাব্যগুণ ৰহিত হৈ পৰা যেনো বোধ হয়। সেয়ে কাব্যকলাৰ আৱেদনৰ দিশৰ পৰা চুলি নাবান্ধিবা যাজ্ঞসেনী কবিতাটোক এটি ৰসোত্তীর্ণ কবিতা বুলি একে আষাৰে কৈ দিব নোৱাৰি। অৱশ্যে মহাভাৰতীয় সাঁচৰ এটি নাৰী চৰিত্ৰক আধুনিক চিন্তাৰে সমৃদ্ধ আজিৰ নাৰীৰ ৰূপত প্ৰতিষ্ঠা কৰি, সেই নাৰীৰ অনুভৱক সৰ্বকালীন আৰু সাৰ্বজনীন আৱেদন প্ৰদান কৰাত সফল হোৱা কবিগৰাকীয়ে নিঃসন্দেহে কৃতিত্ব দাবী কৰিব পাৰে।