Axomiya Kobitar Saneki Unit 2 অসমীয়া লোক কবিতা

Axomiya Kobitar Saneki Unit 2 অসমীয়া লোক কবিতা, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Axomiya Kobitar Saneki Unit 2 অসমীয়া লোক কবিতা Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Axomiya Kobitar Saneki Unit 2 অসমীয়া লোক কবিতা Question Answer can be of great value to excel in the examination.

Axomiya Kobitar Saneki Unit 2 অসমীয়া লোক কবিতা

Join Telegram channel

Axomiya Kobitar Saneki Unit 2 অসমীয়া লোক কবিতা Notes cover all the exercise questions in UGC Syllabus. The Axomiya Kobitar Saneki Unit 2 অসমীয়া লোক কবিতা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

অসমীয়া লোক কবিতা

ASSAMESE

AXOMIYA KOBITAR SANEKI

অসমীয়া কবিতাৰ চানেকি

(ক) জিকিৰ (‘বাৰ মাহৰ তেৰ গীত’ৰ সংখ্যা-৭, কলিমাহে বৰ ধন…আছোঁ ভেদ’ অংশৰ)

(খ) নাহৰৰ মালিতা (‘বাৰ মাহৰ তেৰ গীত’ৰ সংখ্যা-১, ‘ৰঙালী মদাৰৰ… ওলোমাই পেলালে চুলি’ অংশৰ)

‌১। জিকিৰ সম্পৰ্কে এটি ধাৰণা দিয়া

উত্তৰঃ জিকিৰ সংগীত অসমীয়া সমাজৰ এক সম্পত্তি স্বৰূপ । অসমৰ লোকসংগীত সমূহৰ মাজত জিকিৰ সংগীতো ঐন্যতম । জিকিৰ শব্দটো আচলতে আৰবিয়ান শব্দৰ পৰা অহা । ইয়াৰ অৰ্থ এনেকুৱা ধৰণৰ গীত-কথা নাট আদিৰ মাজেৰে সাধাৰন মানুহক ধর্মীয় তথা সামাজিক নীতি শিক্ষা প্ৰদান কৰা । জিকিৰ সংগীতৰ জন্মদাতা মহম্মদ আজান পিৰ । সুদূৰ বাগদাদৰ পৰা লগত ১২০ জন মান মানুহ লৈ তেওঁ অসমলৈ আহিছিল ৷ যেতিয়া আজান পিৰ অসমলৈ আহিছিল তেতিয়া অসমৰ আহোম ৰজা আছিল প্ৰতাপ সিংহ । তেওঁলোকে আহি শিৱসাগৰৰ গড়গাৱৰ ওচৰৰে শাওনপাৰা নামৰ এঠাইত বাহৰ পাতিছিল । প্ৰতাপ সিংহই সেই সময়ত তেওঁলোকক মোগলৰ চোৰাংচোৱা ভাবি শাস্তি বিহিব ওলাইছিল । আজান পিৰৰ কথা তেওঁ বুজিবই বিচৰা নাছিল । সেই সময়ত আজান পিৰৰ চকুৰ দৃষ্টিত এটা দৈৱিক শক্তি লুকাই আছিল । 

বুৰঞ্জীবিদ ড: সূৰ্য্য কুমাৰ ভূঞাৰ মতে আজান পিৰে ১৬৮৪ চনত গদাধৰ সিংহৰ ৰাজত্ব কালত ৰুপাই দাধৰাৰ পৰা চকুৰ মাজত এক দৈৱিক শক্তি লাভ কৰিছিল । যি শক্তি প্রয়োগ কৰি প্ৰতাপ সিংহৰ আগতেই আজান পিৰে দিখৌ নৈৰ সোত বিপৰীত মুখ কৰি ৰজাৰ প্ৰাসাদ কাৰেংঘৰৰ ফালে কৰি দিছিল । তেতিয়া আহোম ৰজাই ভয় খালে আৰু আজান পিৰৰবিষয়ে জানি তেওঁক ক্ষমা খুজিলে আৰু সোত সলনি কৰিবলৈ কলে লগতে উপহাৰ স্বৰুপ ঠিক দিখৌ নৈৰ পাৰতে সৰাগুৰি চাপৰিত ১০০ বিঘা মাটি প্ৰদান কৰিলে । তেতিয়াৰ পৰাই আজান পিৰ আৰু তেওঁৰ লোক সকল তাত থাকিবলৈ ললে । তেওঁলোক অসমলৈ অহাৰ উদ্দেশ্য আছিল ইছলামিক ধৰ্মৰ গুন গৰিমা আৰু সামাজিক নীতি শিক্ষা সমাজত প্ৰচাৰ কৰা । যিহেতু অসমখন স্বদেশী মুছলমান ধাৰ্মিক ৰাজ্যও আছিল । ঠিক একে সময়তে মহাপুৰুষ শংকৰদেৱেও অসমৰ হকে নানান কাম কাজ কৰি আছিলে । মহাপুৰুষজনাৰ মহানুভৱতাত আজান পিৰো অনুপ্রানিত হৈ পৰিল । 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

আজান পিৰে জিকিৰ আৰু যাৰী সংগীতৰ মাধ্যমেৰে অসমত ইছলামিক গুন গৰিমাৰ লগতে সামাজিক নীতি শিক্ষা কথাবোৰ প্ৰচাৰ কৰিব ললে । যিহেতু সেই সময়ত অসমত ব্ৰজাৱলী আৰু অসমীয়া ভাষাৰ প্ৰচলন আছিলে গতিকে আজান পিৰেও জিকিৰবোৰ বিশেষভাৱে অসমীয়া ভাষাত ৰচনা কৰি অসমীয়া সমাজে সহজে বুজিবলৈ প্ৰস্তুত কৰি প্ৰচাৰ কৰিবলৈ ললে । কালক্ৰমত অসমীয়া ভাষাটো তেওঁ অতিকে আপোন কৰি ললে আৰু নিজেও হাৰে হিমজুৱে এজন প্ৰকৃত অসমীয়া হৈ পৰিল । তেওঁ জিকিৰ গান বোৰ লিখিছিল কম মুখেৰেই বেছিকে প্ৰচাৰ কৰি গৈছিল সহজ অসমীয়া ভাষাত । জিকিৰ গীত সমূহ ঠিক টোকাৰী গীত সমূহৰ লেখীয়া । জিকিৰ গীত সমূহৰ মাজেৰে তেওঁ ইছলামীয় ধৰ্মৰ গুন গৰিমা, সামজিক নীতি শিক্ষা দিয়াৰ উপৰিও অসমৰ সংস্কৃতিবোৰৰ কথাও আৰু অসমীয়া ভাষাটোকো প্ৰচাৰ কৰিব লৈছিলে । আজান পিৰ এজন প্ৰকিতাৰ্থত ধাৰ্মিক শিক্ষাগুৰু, দার্শনিক, সাহিত্যিক, সামাজিক দায়দ্ধতাকাৰী,নীতি শিক্ষা প্ৰচাৰক আছিলে । 

অসমৰ সমাজে সেই সময়ত শংকৰদেৱৰ লগতে আৰু এজন গুৰু মানৱৰ কথা শুনিবলৈ  পাইছিলে । মানুহৰ মনৰ ভ্ৰান্ত ধাৰনাবোৰক আজান পিৰ তেওঁৰ সতীৰ্থ সকলে জিকিৰ সংগীতৰ জৰিয়তে নিৰ্মূল কৰিবলৈ চেষ্টা কৰিছিলে । অসমখনক একতাৰ বলেৰে বান্ধি ৰাখিবলৈও নীতি শিক্ষা দিছিলে তেওঁ বাস কৰা সৰাগুৰি চাপৰি অসমৰ ৰাইজৰ কাৰণে এখন ধর্মান্বলম্বী ঠাই হিচাপে পৰিগনিত হৈ পৰিল । একতা সামাজিক দায়দ্ধতা, ধৰ্য্যৰ মাজেৰে সুব্যক্তিত্ব গঢ়া, তথা সমাজৰ বিভিন্ন দিশত শংকৰদেৱৰ দৰেই হাচান,হূচেইন ভায়েক আদিৰ খথাবোৰ জিকিৰ গানবোৰৰ মাজেৰে সমাজখনক নীতিৰ শিক্ষা দিয়া গৈ আছে । আজিও মহৰমৰ দিনাখ অসমৰ কিছুমান অঞ্চলত এই জিকিৰ 

বোৰ আৰু কথাবোৰত দেখা পোৱা গৈছিল‌। আজান পিৰে গোৱা জিকিৰ বোৰ আৰু কথাবোৰত দেখা পোৱা গৈছিল দিখৌ নৈ পাৰৰ সৰাগুৰি চাপৰিতেই ১৬৯০ চনত তেও শেষ নিশ্বাস ত্যাগ কৰে । অসমলৈ তেওঁৰ অৱদান জিকিৰ গীতসমূহৰ উপৰিও সামাজিক নৈতিক দিশৰ পৰাও উল্লেখযোগ্য । 

আজান পিৰে গোৱা জিকিসমূহ লিখিত আকাৰত বহুত কম, বেছিভাগেই তেওঁ মুখেৰেই গাই কথাৰে কৈ ফুৰিছিল । যথাসময়ত গৈ সেই জিকিৰসমূহৰ স্পষ্টতা তথা নৈতিক শিক্ষাসমূহ অর্থহীন হৈ পৰিল । ইয়াৰ বহুত পিছত এই জিকিৰ লোক সংগীত সমূহ জীয়াই ৰখাৰ মানসেৰে সাহিত্যিক চৈয়দ আব্দুল মালিক ডাঙৰীয়াই গুৱাহাটী বিশ্ববিদ্যালয়ৰ তত্ত্বাৱধানত অসমৰ বিভিন্ন ঠাই সমূহ পৰিদৰ্শন কৰি সেই হেৰাই যোৱা জিকিসমূহ মুখে মুখে শুনি তাক লিখিত আকাৰ দি ১৯৫৮ চনত জিকিৰ আৰু যাৰী বুলি তেও উপস্পান কৰে । তথ্য মতে হজৰত আজান পিৰেও প্ৰায় ১৬০ মান ‘জিকিৰ লিখিছিলে যদিও মালিক ডাঙৰীয়াই অসমৰ বিভিন্ন জেগাৰ পৰ ৯০ টা জিকিৰ হে গোটাবলৈ সক্ষম হৈছিল । গতিকে বাকী যিমান বোৰ আছিলে সেইবোৰ যেন আজান পিৰৰ লগতেই অস্তিত্ব হেৰাই পেলাইছিল । বর্তমান অসমত এই জিকিৰ সমূহৰ অস্তিত্ব হেৰাই যোৱাৰ পথত আজান পিৰৰ প্ৰচাৰৰ পিছৰে পৰাই আজিপর্যন্ত প্রত্যেক মহমত কাৰবালা, হাচান, হুচেইন ভায়েক আদিৰ খথাবোৰ জিকিৰ গানবোৰৰ মাজেৰে সমাজখনক নীতিৰ শিক্ষা দিয়া গৈ আছে । আজিও মহৰমৰ দিনাখন অসমৰ কিছুমান অঞ্চলত এই জিকিৰ সমূহ পৰিবেশন কৰা দেখা যায়। 

আজিৰ এই সময়ত যদি জিকিৰ গীত সমূহ সংৰক্ষন কৰি তাৰ জ্ঞান গৰিমাৰ কথা তথা নৈতিক নৈতিক শিক্ষা সমূহ আমি জাতি ধর্ম নির্বিশেষে সকলো অসমীয়াই প্ৰচাৰিত নকৰো বা আওকান কৰো তেন্তে অহা দিনবোৰত অসমৰ পৰা এই জিকিৰ লোকসংগীত সমূহ নাইকীয়া হৈ যাব। এইক্ষেত্ৰত স্বদেশী মুচলমান সকলে জিকিৰ সমূহৰ বাবে এক গুৰু দায়িত্ব বহন কৰিব লাগে বুলিও মই অনুভৱ কৰোঁ। আজিৰ অসমত নাই একতা, নাই ভ্রাতৃত্ববোধ, নাই সামাজিক শান্তি, গতিকে এই সকলোবোৰ সঠিক কৰা দায়িত্ব আমি প্রত্যেকজন অসমীয়াৰেই। জাতি ভেদ ধৰ্মৰ ক্ষেত্ৰত বৰ্তমানৰ অসমখন ক্ষনে ক্ষনে ধ্বংস হবলৈ লৈছে । আমি সকলো ভাই ভাই, আমি প্রত্যেকেই কাৰোপক্ষে ভেদাভেদ ভাৱ নাৰাখি আহকচোন সকলোৱে মিলি আজান পিৰে গোৱা জিকিৰ দুশাৰীলৈ মন কৰো আৰু সকলোৱে মিলিজুলি একতাৰ মাজেৰে অসমখন ধুনীয়া কৰি তোলো। ‘মোৰ মনত আন ভাৱ নাই ও আল্লা মোৰ মনত ভিন পৰ নাই ও আল্লা হিন্দু কি মুচলমান একেই আল্লাৰ ফৰ্মান মোৰ মনত একেইটি ভাৱ”।

২। আজান ফকীৰৰ জিকিৰ-জাৰীৰসমূহৰ সাহিত্যিক মূল আৰু সম্প্ৰীতিবোধৰ কিদৰে প্ৰকাশ পাইছে বৰ্ণনা কৰা?

উত্তৰঃ মূলতঃ ধৰ্মীয় উদ্দেশ্যেৰেই ৰচনা কৰা জিকিৰ-জাৰী গীতসমূহ অসমীয়া সংস্কৃতিৰ যে অমূল্য সম্পদ তাক নুই কৰিব নোৱাৰি। এই জিকিৰ-জাৰী সমূহত ব্যৱহৃত ভাৱ, ভাষা, ছন্দৰ সৰলতা আৰু সাংগীতিক মূর্ছনাই প্ৰতিজন শ্ৰোতাৰ অন্তৰ যুগ যুগ ধৰি জয় কৰি আহিছে। অসমীয়া সংস্কৃতিৰ পথাৰত এই জিকিৰ-জাৰীসমূহৰ অনবদ্য অৱদানে সাহিত্যক সমৃদ্ধিশালী কৰি তোলাৰ উপৰিও হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ এনাজৰী ডালো কটকটীয়া কৰি তুলিছে। ইয়াৰোপৰি জিকিৰ-জাৰী সমূহৰ আন এক উল্লেখযোগ্য অৱদান হ’ল- অসমীয়া সমাজত সম্প্ৰীতিৰ বাৰ্তা জাই ৰখা। ভাষা আৰু আংগিকৰ ক্ষেত্ৰতো জিকিৰ-জাৰী সমূহে অসমীয়াৰ স্বকীয়তা বজাই ৰখাত সফলতা অর্জন কৰিছে।

শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ বৰগীতসমূহ যিদৰে ভাগৱতৰ আদৰ্শৰ ভিত্তিত ৰচিত, ঠিক সেইদৰে জিকিৰসমূহৰ ৰচিত হৈছিল কোৰানৰ নীতি-আদৰ্শক লৈ জিকিৰ গীত সমূহৰ সম্পৰ্কে বিশিষ্ট সাহিত্যিক চৈয়দ আব্দুল মালিকে এইদৰে কৈছিল যে,“বৈষ্ণৱ কাব্যই যিদৰে গীত, ভাগৱত, পুৰাণ আদিৰ কথাবোৰ সাধাৰণ অসমীয়া পাঠক। আৰু শ্ৰোতাৰ আগত সহজ কৰি দাঙি ধৰিছে আৰু তাৰ যোগেদি অসমীয়া বৈষ্ণৱ সমাজ আৰু জাতীয় জীৱনক নতুন ভিত্তিত গঢ়ি তুলিছে সেইদৰে এই ৰচনাবোৰে অসমৰ মুছলমান সমাজক ইছলামীয় দৰ্শ কোৰান, হাদিছ কাব্য আদিৰ বিষয়ে সহজ পৰিচয়ৰ সুযোগ কৰি দিলে।

অসমীয়া বৰগীত, লোকগীত, দেহবিচাৰৰ গীত, বিহুগীত আদিৰ আৰ্হিত এই জিকিৰ-জাৰী সমূহ ৰচিত হৈছিল। জিকিৰ শব্দৰ মূল হ’ল ‘জিকৰ’ (আৰবী, ফাৰ্চী মূলৰ শব্দ) বা উল্লেখ কৰা। অৰ্থাৎ আল্লাহৰ নাম স্মৰণ কৰা বা উল্লেখ কৰাই হৈছে জিকিৰ গীতসমূহৰ মূল উদ্দেশ্য বিষয়বস্তুৰ ফালৰ পৰা জিকিৰসমূহৰ উদ্দেশ্য আৰু বৰগীতসমূহৰ উদ্দেশ্যও একেই। মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ বিৰচিত বৰগীতসমূহো মূলতঃ বৈষ্ণৱ ধৰ্মৰ মূল উপাস্য বিষ্ণু বা কৃষ্ণৰ শ্ৰেষ্ঠত্ব প্ৰতিপাদনৰ বাবেই ৰচিত হৈছিল। যিহেতু নাম, কীৰ্তন, শ্ৰৱণ আৰু স্মৰণেই আছিল বৈষ্ণৱ ধৰ্মৰ মূল ভেটি। ইয়াৰ ঠিক অনুৰূপ জিকিৰ জাৰী সমূহেও অসমীয়া মুছলমান সমাজত তেনে উদ্দেশ্যই সাধন কৰিছিল। এই সম্পৰ্কে কাৰো দ্বিমত নাই যে – ‘একেশ্বৰবাদ’ ৰ ধাৰণা মহাপুৰুষীয়া ভক্তিধৰ্ম আৰু ইছলাম ধৰ্মৰো মূলমন্ত্র।

সুদূৰ বাগদাদ চহৰৰ পৰা আজান ফকীৰ (প্রকৃত নাম শ্বাহ মিৰাণ বা শ্বাহ মিলন) নামৰ চুফীসাধক জনেই আছিল জিকিৰ গীতসমূহৰ ৰচক। ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে আহিলেও তেখেতৰ আদৰ্শ ধৰ্মীয় গোড়ামীৰ পৰা মুক্ত আছিল। তেওঁ অসমৰ ভৌগোলিক পৰিবেশৰ সৈতে একাকাৰ হৈ পৰিছিল আৰু ইয়াৰ ভাষা, সাহিত্যিক আৰু সাংস্কৃতিক অধ্যয়ন সম্পূর্ণভাবে কৰিছিল৷ অসমীয়া সমাজখনক সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি ইয়াৰ মাত কথা, থলুৱা সুৰ আৰু প্ৰচলিত সমাজ ব্যৱস্থা সম্পর্কেও অধ্যয়ন কৰিছিল৷ অসমীয়া দেহ-বিচাৰৰ গীত, ওজাপালি, হুঁচৰিৰ পদ যোজনা আৰু বিভিন্ন জনপ্ৰিয় লোকগীত সমূহৰ ৰচনাশৈলী শিকিছিল আৰু সলসলীয়াকৈ গাব পাৰিছিল। ইয়াৰ অনুকৰণতে তেওঁ নিজেও ইছলামীয় আদর্শত গীত ৰচনা কৰিছিল। তেওঁৰ সেই গীত সমূহত(জিকিৰ গীত) থলুৱা মাত আৰু সুৰৰ সুন্দৰ সমাহাৰ ঘটিছিল “জীৱৰ সাৰথি নাম ঔ আল্লা

জীৱৰ সাৰথি নাম

সৎ গুৰুক ভেটিবা, আত্মাকে চিনিবা 

সিজিব দিনৰে কাম।”

অসমত জিকিৰ পৰিবেশনৰ পদ্ধতি হিন্দু সকলৰ নাম-কীৰ্তনৰ লগত প্রায় একেই৷ বিশ্বৰ আন দেশবোৰত জিকিৰ পৰিবেশনৰ পদ্ধতি অসমৰ দৰে নহয়। নিশা উজাগৰে থাকি মৰ্চিয়া গীত গোৱা পদ্ধতি, লাঠি-তৰোৱাল লৈ তাজিয়া খেলা পদ্ধতি, নাচি নাচি বুকুত ভুকুৱাই জাৰী গীত পৰিবেশন আদি অসমীয়া সমাজত নাই। গৰিষ্ঠ সংখ্যক হিন্দুৰ মাজত থকাৰ বাবেই হয়তো অসমৰ মুছলমান সকলে তেওঁলোকৰ পূৰ্বৰ বেছিভাগ ধৰ্মীয় নীতি-নিয়ম পৰিহাৰ কৰি অসমৰ নীতি-নিয়মৰ লগত মিলি গৈছিল। এই ক্ষেত্ৰত ইছলাম ধৰ্মৰ এটি দৰ্শন চিৰ আদৰণীয় যে – “তুমি যি দেশলৈ যাবা সেই দেশৰ ভাষা-সংস্কৃতি গ্ৰহণ কৰিবা।” উক্ত বাক্যাংশটি স্বয়ং বিশ্বৰ শেষ গৰাকী নবী হজৰত মোহম্মদৰ (ছঃ ) বাণী। আন সকলো ধৰ্মৰ লোকক সন্মান কৰি প্ৰতিখন দেশৰ সামাজিক ৰীতি-নীতি, ভাষা-সংস্কৃতি আপোন কৰি লৈ মিলি-জুলি বসবাস কৰাটো ইছলামৰ অন্যতম প্রধান বৈশিষ্ট। এককথাত অসমৰ মুছলমান সকল অসমীয়া সমাজৰ আদৰ্শৰ লগত এনেদৰে মিলি গৈছিল যে- মাথোঁ ‘আল্লা’ নামৰ পাৰ্থক্যৰ বাহিৰে তেওঁলোকৰ ধৰণ-কৰণ সকলো অসমীয়া সমাজৰ সৈতে একাকাৰ হৈ পৰিছিল।

আজান ফকীৰে মুঠ আঠ কুৰি জিকিৰগীত ৰচনা কৰিছিল যদিও বৰ্তমানলৈকে চৌৰাশীটা হে সংগ্ৰহীত হৈছে বুলি জনা যায়। জিকিৰজাৰী সমূহত ব্যৱহৃত কাব্যিক ভাষা আৰু উপমা সমূহ মন কৰিবলগীয়া। থলুৱা উপমাৰে সমৃদ্ধ এই গীতসমূহত সাহিত্যিক প্ৰমূল্যও ৰক্ষিত হোৱা দেখা যায়৷ উদাহৰণ হিচাবে তলৰ জিকিৰ দুটিৰ উপমালৈ মন কৰিব পাৰি –

“পঁচা শিমলুৱে নাওখনি সঁজালে

নুৰৰ দি গল ভৰা,

এক নাম জাহিৰত এক নাম বাতিনত 

পাতে মোহাম্মদৰ চ’ৰা।।”

“মাছক লাগি বগুলাই জুপি আছে মনুৰাই

ৰখে আছে কেমনে মৰদ হেই 

পানী শুকাই যাব বগে ধৰি খাব 

কিমান পানীৰ তই মাছ হেই মনুৰাই।” 

আংগিকৰ ক্ষেত্ৰতো জিকিৰ সমূহত প্ৰাঞ্জল ভাষা আৰু চিত্ৰকল্পৰ প্রয়োগ তাৎপর্যপূর্ণ। জটিল ভাৱ বিষয় এটাকো সহজ ঘৰুৱা উপমাৰে । ৰসবোধ্য কৰি তুলি পাঠক-শ্রোতাৰ কাষ চপাই অনাটো হৈছে জিকিৰসমূহৰ বিশেষ কৃতিত্ব।

ভাষাৰ ক্ষেত্ৰত জিকিৰ-জাৰী সমূহত বহু আৰবী-ফাৰ্চী ভাষাৰ শব্দও ব্যৱহৃত হৈছে যদিও এই শব্দৰ ব্যাপক প্রচলনে কালক্ৰমত ঘৰুৱা মৰ্য্যদা লাভ কৰিলে। যাৰ ফলত এই শব্দবোৰেও অসমীয়া ভাষাৰ শব্দৰ ভঁৰাল চহকী কৰি তুলিলে। উদাহৰণ হিচাবে – দুনীয়া, খোদা, চাহাব, গোলাম, মালিক, দৰিয়া, কবৰ ইত্যাদি।

জিকিৰসমূহত থকা ঘোষা আৰু পদৰ ব্যৱহাৰো মন কৰিবলগীয়া বৈশিষ্ট। মূল জিকিৰটো ওজা জনে অকলে গায় আৰু নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে সংগীসকলে ঘোষাফাকি গাই যায়। ভক্তিৰসেৰে পৰিপূৰ্ণ হৈ থকা এই জিকিসমূহেও অসমীয়া সাহিত্যত বৰগীতৰ দৰেই উচ্চ ভাৱ বহন কৰি আছে বুলি কব পাৰি। অসমীয়া লোক সংগীতৰ আৰ্হিত ৰচনা কৰা জিকিৰ আৰু জাৰীসমূহত হুঁচৰিৰ আৰ্হিও দেখা যায়। জাৰী গীতসমূহত কাৰুণ্যতা দেখা যায়, য’ত কৰুণ ৰস আৰু বিলাপ স্পষ্ট হৈ উঠে। ইয়াৰ পৰা এটা কথা স্পষ্টভাৱে কব পাৰি যে- জিকিৰ- জাৰী গীতসমূহত ওজাপালি, হুঁচৰিৰ আৰ্হি স্পষ্ট। ঘাইকৈ অসমীয়া ওজাপালি, দেহবিচাৰৰ গীত, বৰগীত আদিৰ প্ৰভাৱতেই জিকিৰ –জাৰীসমূহ ৰচিত যদিও পদ, ছবি, দুলড়ি আদি ছন্দও জিকিৰ জাৰী সমূহত ব্যৱহৃত। 

পৰিবেশনৰ ক্ষেত্ৰত ইছলামীয় দৰ্শনত নৃত্যৰ প্ৰচলন নাই যদিও ওজাপালি, হুঁচৰি ৰ সৈতে অসমীয়া মুছলমান সমাজ ইমানেই একাত্ম যে ধর্মীয় বাধাক নেওচি ঠাই বিশেষে নৃত্যৰ প্ৰদৰ্শনো চলি আহিছে। আনহাতে, জিকিৰৰ মাজেদি অকল মুছলমান সমাজ আৰু সংস্কৃতিয়েই নহয়, হিন্দু সমাজ-সংস্কৃতিও প্রতিফলিত হৈছে। উদাহৰণ স্বৰূপে হিন্দুৰো পাপ-পুণ্যৰ বিচাৰ, স্বৰ্গ-নৰকৰ কথা, মৃত্যুৰ পাছত শৱ জ্বলাই শেষ সৎকাৰ কৰা আদিৰ উপৰিও অসমৰ জলবায়ু, ভৌগোলিক পৰিবেশ, নদ-নদী, পৰ্বত-পাহাৰ, জান-জুৰি ইত্যাদিৰ কথাও জিকিস্ সমূহত আছে। ইয়াৰ বাহিৰেও অসমৰ সামাজিক, ৰাজনৈতিক, অর্থনৈতিক আদি বিভিন্ন দিশ সমূহো গীত সমূহৰ মাজেৰে ফুটি উঠিছিল।

শেষত ইয়াকে ক’ব পাৰি যে – ইছলামৰ ভ্ৰাতৃত্ববোধ, মোহম্মদ শান্তি বাণী আৰু ধৰ্মীয় সংহতিৰ বাৰ্তা জিকিৰ-জাৰীসমূহত স্পষ্ট। ঘৰুৱা আৰু প্ৰাঞ্জল ভাষাত জিকিৰসমূহত জাতি-ধর্ম-বৰ্ণৰ উৰ্ধত শান্তি সম্প্রীতি বাণী প্রকাশ পাইছে। তীব্র ধর্মীয় গোড়ামীৰ পৰা মুক্ত কৰি উদাৰ নীতিৰে ধৰ্মীয় সহিষ্ণুতাৰ বাৰ্তা প্ৰচাৰত জিকিৰ-জাৰী সমূহৰ অৱদান চিৰ-যুগমীয়া আৰু চিৰ-আদৰণীয় হৈ ৰ’ব।

৩। অসমীয়া সাহিত্যত চুফীবাদ দৰ্শনৰ প্ৰভাৱ কেনেকৈ পৰিছিল ব্যাখ্যা কৰা?

নাইবা

চুফীবাদী সাধক হিচাপে আজান ফকীৰৰ ভূমিকা আলোচনা কৰা?

উত্তৰঃ আজান পীৰ চাহাবে মহান আল্লাহ তথা মহত্ত্ব আৰু সার্বভৌমত্বৰ শিক্ষা দিছিল মানুহক। তেওঁৰ দৰ্শন অনুসৰি মানুহৰ মাজত কোনো সৰু-বৰ ভেদাভেদ নাই, আল্লাহৰ ওচৰত সকলো মানুহেই সমান। আজান পীৰ আছিল অসমৰ হিন্দু-মুছলমানৰ মাজৰ এক সমন্বয়ৰ সেতু, যিয়ে জিকিৰ গীতৰ যোগেদি জগাই তুলিছিল সাম্প্রদায়িক ঐক্য আৰু সম্প্ৰীতিৰ মনোভাব, সর্বোপৰি আজান পীৰৰ মুকলিমূৰীয়া উদাৰ মনোভাবৰ বাবে অসমৰ ৰাইজে তেওঁক আন্তৰিকতাৰে গ্ৰহণ কৰিছিল। এফালে আজাদ ফকীৰৰ প্ৰতি অসমৰ জনগণৰ অকৃত্রিম শ্রদ্ধা আৰু আনফালে আজান ফকীৰৰো অকৃত্রিম উদাৰতাৰ সংমিশ্ৰণত গঢ় লৈ উঠিছিল হিন্দু-মুছলমানৰ এক সমন্বয় ভাব। উল্লেখ্য যে আজান পীৰ বা ছাহ মীৰাণৰ মহত্ত্বত মুগ্ধ হৈ কিছুসংখ্যক হিন্দু সম্প্ৰদায়ৰ লোকেও তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰিছিল। হৰিদাস কিমাৰ আৰু বেতাই ছোৱালে জিকিৰৰ আৰ্হিতে গীত আৰু কবিতা ৰচনা কৰিছিল। মহাপুৰুষ শংকৰদেৱৰ দৰে আজান পীৰো আছিল সাম্প্ৰদায়িক ঐক্য-সংহতিৰ এক অন্যতম বাহক। 

গুৰুজনাৰ জীৱন দৰ্শনৰ আদৰ্শৰে তেওঁ হিন্দুমুছলমানৰ মাজত সমন্বয় গঢ়ি তুলিবলৈ প্রচেষ্টা গ্ৰহণ কৰিছিল আৰু সফল হৈছিল। এক উদাৰ মনোভাবেৰে ধৰ্মৰ বাণী গীত-মাতেৰে তথা থলুৱা উপাদানেৰে প্ৰচাৰ কৰি সমন্বয়ৰ বাৰ্তাৰে অসমৰ জাতি গঠনত সবল অৰিহণা যোগায়। আজান পীৰৰ এনে নিস্বাৰ্থ প্ৰচেষ্টাটোত এহাতে যেনেকৈ তেওঁৰ জনপ্ৰিয়তা বৃদ্ধি পাইছিল, সেইদৰে গঢ় লৈ উঠিছিল বৃহত্তৰ অসমীয়া সমাজৰ এক অবিচ্ছেদ্য অংগ হিচাপে মুছলমান সমাজ। উল্লেখ্য যে বিভিন্ন জাতি জনগোষ্ঠী আৰু অসমত বসবাস কৰি অহা মুছলমানসকলক লৈ গঠিত হৈছে বৃহত্তৰ অসমীয়া জাতি। কোৱা বাহুল্য যে মহাপুৰুষ শংকৰদেৱ আৰু আজান পীৰ এনে উদাৰ ভাবাদৰ্শী আৰু দৰ্শনৰ বাবেই আমি সাম্প্রদায়িক ৰহিত এখন আদর্শ সমাজ লাভ কৰিবলৈ সক্ষম হৈছো আৰু যুগ যুগ ধৰি হিন্দু-মুছলমানে গাত গা লগাই বসবাস কৰাটো সম্ভৱ হৈছে।

আজান পীৰৰ সেই বিখ্যাত জিকিফাঁকিয়ে বহন কৰে সাম্প্রদায়িক ঐক্য আৰু সদ্ভাব—মোৰ মনত ভিন পৰ নাই ঐ আল্লা মোৰ মনত ভিন পৰ নাই/ হিন্দু কি মুছলমান একেই আল্লাৰ ফৰমান/ মোৰ মনত একেটি ভাব।

আজান ফকীৰৰ অসমীয়া সমাজ-জীৱনলৈ আন এটি অৱদান হ’ল তেওঁ ৰচনা কৰা জিকিসমূহ। জিক্ৰিসমূহ মূলতঃ ধর্মীয় শিক্ষামূলক হ’লেও এইবোৰৰ সাহিত্যিক মূল্য অতি উচ্চ, যিবোৰে অসমীয়া ভাষাসাহিত্যক চহকী আৰু বৰ্ণাঢ্য কৰি তুলিলে। নিৰ্ভাজ অসমীয়া ভাষাত ৰচিত চুফীবাদী ভাবৰ এই গীতবোৰে অসমীয়া চুফী সাহিত্যৰ এক সুকীয়া দিশো মুকলি কৰিলে। শংকৰদেৱৰ ভক্তিমূলক বৰগীতসমূহৰ সমান্তৰাললৈ ৰচিত জিকিৰ গীতবোৰে অসমীয়া সাহিত্যৰ ক্ষেত্ৰত এক বিশেষ আসন লাভ কৰিবলৈ সক্ষম হয়। চুফীবাদৰ দৰে এক গভীৰ তত্ত্বপূর্ণ বিষয়কো আজান পীৰে নিৰহ-নিপানীকৈ বুজাই দিয়াৰ প্ৰয়াস কৰিছে তেওঁৰ অভিনৱ উদ্ভাৱন জিকিৰৰ জৰিয়তে। 

তাকো তেওঁ নিজা মাতৃভাষা আৰবী বা পাচী ভাষাত জিকিৰ ৰচনা নকৰি অসমীয়া ভাষাত জিকিৰ গীত ৰচনা কৰিছিল। তেওঁ জিকিৰ গীতবোৰ অসমীয়া থলুৱা গীত-মাত যেনে লোকগীত, বিয়াগীত, দেহবিচাৰ, বিহুগীত, হুঁচৰি, বৰগীত আদিৰ সুৰত গাই গণচিত্তক বিনোদন দিয়াৰ উপৰি অন্তঃসলিলাৰ ইছলামৰ প্ৰচাৰো কৰিছিল আৰু সেই সময়ত ধর্মভ্রষ্ট মুছমান সমাজখনক পোন বাট দেখুৱাবলৈ সক্ষমো হৈছিল। ড° পইনুৰুদ্দিন আহমেদে লিখিছে পীৰ চাহাবৰ জিকিৰক সাধাৰণতে তিনিটা ভাগত ভগাব পাৰি

১) সমন্বয় সম্প্রীতিমূলক,

২) ধৰ্মমূলক ফজ, চুন্নত, ৱাজিব, নফল আদি কাৰ্য আৰু 

৩) চুফী তত্ত্বমূলক শ্বৰীয়ত, তৰিকত, মাৰিফত, হকিকত আদি। 

এই বিষয়বোৰ গীতৰ মাজেৰে প্ৰকাশ কৰিবলৈ গৈ তেওঁ কেতিয়াও প্ৰচাৰধৰ্মিতা বা বিজ্ঞাপনৰ পৰ্যায়লৈ যোৱা নাই অথবা এইবোৰৰ ভাষাত দাঁত ভঙা শব্দৰে ভাৰাক্ৰান্ত কৰা নাই৷ বৰং সহজ-সৰল ঘৰুৱা শব্দ, জতুৱা ঠাঁচ আদি প্ৰয়োগ কৰি সৰ্বসাধাৰণ অনাখৰ লোকৰো হিয়া চুই যোৱাকৈ এইবোৰ ৰচনা আৰু সুৰাৰোপ কৰিছিল ৷

শ্ৰীমন্ত শংকৰদেৱে যেনেদৰে প্ৰতিপাদ গ্ৰন্থৰ আধাৰত গীত কবিতা কৰি ৰচি মানুহক সৎ পথলৈ আনিবলৈ যত্ন কৰিছিল, ঠিক তেনেদৰে আজান পীৰ চাহাবেও কোৱান হচিদৰ আধাৰত ‘জিকিৰ’ ৰচনা কৰি মানুহক পোন বাট দেখুৱাবলৈ যত্ন কৰিছিল। ইছলামিক কঠোৰ ৰীতিনীতিক বাদ দি বা আঁতৰি আহি স্থানীয় ৰীতি-নীতিক জিকিৰ ৰচনাত প্রাধান্য দিছিল। ইছলামত বাদ্যযন্ত্র নিষেধ যদিও তেওঁ বীণ বা টোকাৰী ব্যৱহাৰ কৰিছিল। নামঘৰত মাহ-প্ৰসাদ বিতৰণ কৰাৰ পিচত শীৰিণী বিতৰণ কৰিছিল, না-প্ৰসংগ পাঠৰ দৰে হাত চাপৰি বজাই জিকিৰ গোৱাৰ ব্যৱস্থা কৰিছিল। ‘আজান চাহাবে ৰচনা কৰা জিকিৰ ঠাইবিশেষে নাচি নাচি আৰু হাত চাপৰি বজাই সমূহীয়াভাৱে গোৱাৰ যি ৰীতি বৰ্তমান চলি আছে, তাৰ পৰা তেওঁ জিকিৰৰ অংশ হিচাপে নৃত্যক অনুমোদন জনাইছিল বুলি ধাৰণা হ্য’- চৈয়দ আব্দুল মালিক। 

এই সন্দৰ্ভত ড° মহেশ্বৰ নেওগে এনেদৰে মন্তব্য কৰিছে- ‘অসমৰ ভক্তিধৰ্মৰ লগত আজাৰ চাহাবৰ প্ৰৱৰ্তিত পন্থাৰ বহুতো সাদৃশ্য দেখা পোৱা যায়৷ জিকিৰত কালিমা আৰু নামৰ মহিলা কীৰ্তিত হৈছে। সুৰ, তাল, চাপৰিৰে জিকিৰ গোৱাও কোৰানৰ শাসন কঢ়ামুঠীয়াকৈ মানিলে ইছলামবিৰুদ্ধ নীতি। নাম-প্ৰসংগৰ শেষত মহাপুৰুষীয়াসকলে প্ৰসাদ গ্ৰহণ কৰাৰ দৰে ছাহ মিলানৰ চিন্নি বা নিনি(ফাৰ্চী শীৰিণী) দিয়া প্ৰথা প্ৰৱৰ্তায়’।

আজান পীৰে শংকৰ-মাধৱে প্ৰৱৰ্তন কৰা উদাৰ মানৱীয় নীতি আৰু আচৰণবিধিৰ দ্বাৰা প্ৰভাৱিত আৰু অনুপ্রাণিত হৈ তাক নিজৰ ধৰ্মীয় আৰু সামাজিক তৎপৰতাৰ লগত যুক্ত কৰি লৈছিল। তাৰ কাৰণে তেওঁ শংকৰ-মাধৱ আৰু তেৰাসৱৰ সহযোগী কবিসকলৰ দ্বাৰা ৰচিত কীৰ্তন ঘোষা আৰু নামঘোষাৰ লগতে বৰগীতৰ বাচিক পাঠসমূহ গভীৰভাৱে অধ্যয়ন কৰিছিল বুলি ধৰি লোৱাৰ যথেষ্ট থল আছে, কাৰণ তেওঁৰ ভালেমান জিকিৰত ঠায়ে ঠায়ে এনে কিছুমান অংশ পোৱা যায়, যিবোৰ উল্লিখিত ৰচনাসমূহৰ দ্বাৰা প্ৰত্যক্ষভাৱে গৃহীত অথবা পৰোক্ষভাৱে অনুপ্ৰেৰিত’- ড° বীৰেন্দ্ৰ দত্ত। তদুপৰি বৈষ্ণৱ ধৰ্মৰ এক ঈশ্বৰ আৰু ইছলাম ধৰ্মৰ এক একোৱেই নাই। সেয়েহে মহাপুৰুষ শংকৰদেৱ প্ৰচাৰিত বৈষ্ণৱ ধৰ্মৰ দৰ্শন-সাহিত্য বিশেষকৈ ‘বৰগীত’ৰ আৰ্হি আৰু প্ৰেৰণা আজান ফকীৰৰ সন্মুখত উন্মুক্ত হৈ পৰিছিল। সেয়েহে বৰগীতৰ আংগিকতা, আধ্যাত্মিকতা, ভাব বস্তুৰ গাম্ভীর্য আদিৰ প্ৰভাৱ জিক্ৰিসমূহত ভালকৈ দেখা যায়। একেদৰে আজান ফকীৰৰ জিকিৰসমূহত বৈষ্ণৱ ধৰ্মৰ গুৰু, দেৱ, নাম, ভকত এই চাৰি মূল বস্তুৰ প্ৰগাঢ়তা ষোল্ল অনাই আছে।

আজান-পীৰৰ জীৱন-কৰ্ম আৰু জিকিৰৰ মূল্যায়ন কৰি চৌয়দ ইকাম হুছেইনে ‘বাহী’ৰ(১৯৯৪) পাতত লিখিছে- আজান চাহেবৰ জিকিৰবোৰ ধৰ্ম হিচাপে যিয়েই মূল্য নহওক, সাহিত্য হিচাপে তাৰ মূল্য বৰ বেছি। মহাপুৰুষ শংকৰদেৱে নিজৰ লেখাৰে অসমীয়া সাহিত্যত এটা নতুন অধ্যায়ৰ সৃষ্টি কৰাৰ দৰে আজান চাহেবৰ জিকিৰবোৰেও অসমীয়া সাহিত্যত নতুন ইছলামীয় যুগ কৰিলেহেঁতেন। কিন্তু দুখৰ বিষয় এই বহুমূলীয়া জিকিৰবোৰ সংগ্ৰহ কৰিব নোৱৰাত ক্ৰমে লোপ পাবলৈ ধৰিছে। কবি আজানৰ কবিত্ব প্রতিভাই এই জিকিৰবোৰ ৰচনা ৰীতি, ভাষাৰ ঠাঁচ, ভাবৰ প্ৰশস্ততা, উচ্চ ধৰণৰ দৰ্শনে সহজেই চিনাকি দিয়ে। আজান ফকীৰ অসমীয়া মুছলমানৰ প্ৰথম কবি। আজি যদি কোনো ঠাইত আজান ফকীৰৰ অসমীয়া সাহিত্যত ঠাই ক’ত বুলি প্ৰশ্ন কৰে, আমি অতি সহজেই উত্তৰ দিব পাৰিম যে শংকৰদেৱৰ পিচতেই তেওঁৰ স্থান ৷ (আহোম ৰাজ শাসনৰ সময়ছোৱা)। এই উচ্চ ঠাই আজান চাহেবে বলেৰে লোৱা নহয়, তেওঁৰ নিজৰ প্ৰতিভাৰ বলেৰে অৰ্জা যোগ্য ঠাই। ইয়াত কাৰো সন্দেহ নাই।

লক্ষণীয় কথাটো হ’ল যে আজান পীৰে তেওঁৰ মাতৃভাষাত জিকিসমূহ ৰচনা নকৰি স্থানীয় তথা অসমীয়া ভাষা-সংস্কৃতি আয়ত্ত কৰি সহজ-সৰল অসমীয়া ভাষাত তত্ত্বমূলক জিকিৰ গীতসমূহে ৰচনা কৰিছিল। আজান ফকীৰেই অসমৰ একমাত্ৰ চুফী সাধক যিজনে অসমত ইছলাম ধৰ্মটোক আৰবী ভাষা-সংস্কৃতিৰ দুর্বোধ্য গণ্ডীৰ পৰা উলিয়াই আনি সম্পূৰ্ণ থলুৱা ভাষা-সংস্কৃতি মাধ্যমেৰে প্ৰচাৰ কৰিছিল। আজান ফকীৰে আৰবী ভাষাৰ উপৰি ফাৰ্চী, উর্দু ভাষাও জানিছিল আৰু অসমলৈ আহি ইয়াতেই থাকিবলৈ লৈ অসমীয়া ভাষাক নিজৰ কৰি লৈ তেওঁ ৰচনা কৰিছিল জিকিৰ গীতবোৰ, যাৰ কথা আৰু সুৰে আবেদন আৰু মাধুৰ্যই চাৰে তিনিশ বছৰৰো অধিক কাল অসমীয়া সমাজ, অসমীয়া সাহিত্য এই ঐতিহ্য সম্পদেৰে চহকী কৰি ৰাখিছে। 

৪। মালিতা কাক বোলে? ইয়াৰ প্ৰধান ভাগবোৰ উল্লেখ কৰি প্ৰতিটো ভাগৰে বৈশিষ্ট্য চমুকৈ দাঙি ধৰা।

উত্তৰঃ মালিতা এক শ্ৰেণীৰ কাহিনী গীত। M.H. Abrams ৰ মতে মালিতা হ’ল A ballad is a song transmitted orally, which tells a story. ইটালিৰ Ballare শব্দৰ পৰা Ballad শব্দটোৰ সৃষ্টি হৈছে। যাৰ অৰ্থ হৈছে to dance.

মালিতাৰ বৈশিষ্ট্য :

(ক) মালিতাত এটি গল্প বা কাহিনী নিহিত থাকে। সাধাৰণভাৱে গল্প নিৰ্ভৰ হয়।

(খ) মালিতাৰ ভাষা সহজ-সৰল আৰু প্ৰাঞ্জল হয়।

(গ) মালিতাৰ প্ৰত্যেকটো কাহিনীতে নাটকীয় উপাদান যথেষ্ট পৰিমাণে বিদ্যমান হৈ থাকে।

(ঘ) মালিতাত হাস্যউদ্দীপনকাৰী ৰসৰ সমাহাৰ ঘটে তেনেকৈ ট্ৰেজেডী ৰসৰো প্রকাশ ঘটে।

(ঙ) ছুটীগল্পৰ দৰে মালিতাৰো কেন্দ্ৰত একোটা ঘটনা প্রতিফলন ঘটে।

মালিতাৰ শ্ৰেণী বিভাজন্ঃ অসমীয়া মালিতা বা বেলাডক প্রধানকৈ তিনিটা ভাগত ভগাব পাৰি—

(ক) বুৰঞ্জীমূলক মালিতা।

(খ) কিম্বদন্তি বা জনশ্রুতিমূলক। 

(গ) কাল্পনিক মালিতা।

(ক) বুৰঞ্জীমূলক মালিতা্ঃ বুৰঞ্জীমূলক মালিতাৰ ভিতৰত বৰফুকনৰ গীত, হৰদত্ত-বীৰদত্তৰ গীত, মণিৰাম দেৱানৰ গীত, চিকণ সাহিত্য গীত, নাহৰৰ গীত, জয়মতী কুঁৱৰীৰ গীত, গৌৰীনাথ সিংহৰ গীত বিশেষভাৱে উল্লেখযোগ্য। এই গীতবোৰৰ ভিতৰত নাহৰৰ গীতটোৱেই সৰ্বপ্ৰাচীন, কাৰণ নাহৰ-ডেকা খোৰাৰজাৰ কুঁৱৰী এগৰাকী তোলনীয়া ল’ৰা আছিল। মণিৰাম দেৱানৰ গীতটোৱেই অতি অর্বাচীন ।

চিকণ সৰিয়হ জয়ধ্বজ সিংহৰ শহুৰেক ৰাজশহুৰ নাও বৈচাফুকনৰ পুতেক। সি সৰিয়হৰ ফুল যেন চিকণ বা শুৱনী আছিল। তাৰ সাত ককাই ভায়ে ষড়যন্ত্ৰ কৰি ৰাজপাত ল’বলৈ উপক্ৰম কৰা বুলি ৰজাই গম পাই তাক সবংশে বধ কৰে। গীতটোত এই কাহিনীকে বর্ণনা কৰা হৈছে। গৌৰীনাথ সিংহৰ গীতত ৰজা গুপ্ত প্ৰণয়ৰ এটি কাহিনীকে লুকাই আছে। ঘিণাই বৰফুকন বা বদন বৰফুকনে মান অনাৰ কাহিনী লৈ ৰচনা কৰা বৰফুকনৰ গীতেই সম্পূৰ্ণভাৱে পোৱা গৈছে।

(খ) কিম্বদন্তি বা জনশ্রুতিমূলক

ফুলকোঁৱৰৰ গীত, মণিকোঁৱৰৰ গীত, জনা গাভৰুৰ গীত, কমলা কুঁৱৰীৰ গীত, ৰাধিকা-শান্তিৰ গীত, দুবলা শান্তিৰ গীত, কিম্বদন্তী বা জনশ্রুতিমূলক। সেইদৰে মধুমতীৰ গীত, কন্যা বাৰমাহীৰ গীত আদিক কাল্পনিক মালিতা আখ্যা দিব পাৰি‌। 

ফুলকোঁৱৰ, মণিকোঁৱৰ আৰু জনাগাভৰুৰ আখ্যানৰ জুমুঠিটো প্রাক আহোম যুগৰ হয়তো হ’ব পাৰে; কিন্তু বর্তমানে এই আখ্যানকেইটা যি ৰূপত পোৱা গৈছে আৰু প্ৰকাশ হৈছে সেই ৰূপ লাভ কৰিছে আহোম ৰাজত্বৰ শেষৰ ফালে। ফুলকোঁৱৰ আৰু মণিকোঁৱৰৰ গীত দুটাত সম্পূৰ্ণ আহোম ৰাজত্বৰ পৰিৱেশ পোৱা যায়। জনাগাভৰুৰ গীতৰ নায়ক গোপীচন কোঁৱৰ; মাক ময়নামতী, আৰু “তিৰী হৈ ৰাজপাট খোৱা” নায়িকা জনাৰ লগত নাথ সাহিত্যৰ প্ৰসিদ্ধ গোপীচন্দ্ৰ ৰজা, মাক ময়নামতী আৰু মৎশ্যেন্দ্ৰনাথ বন্দী হৈ থকা স্ত্ৰীৰাজ্যৰ কিবা সম্বন্ধ আছে নে নাই সেই বিষয়ে সঠিককৈ একো সিদ্ধান্ত দিব নোৱাৰি যদিও, সাদৃশ্যটো মন কৰিবলগীয়া।

(গ) কাল্পনিক মালিতা

কন্যা বাৰমাহী গীত, দুবলা শান্তিৰ গীত; জয়ধন বনিয়াৰ গীত প্ৰায়ে একে পৰ্যায়ৰ গীত। আখ্যানমূলক মালিতাবোৰত অলৌকিকতা আৰু অতি প্রাকৃত ঘটনাৰ সংযোগ বিশেষভাৱে মন কৰিবলগীয়া। কিছুমান গীতত দেৱতা, অপদেৱতা আৰু ভূত-প্ৰেতত বিশ্বাস আৰু চৰিত্ৰই অলৌকিক কৌশলৰ দ্বাৰা অসম্ভৱ কাৰ্য সম্পন্ন কৰা দেখা যায় ৷ বুৰঞ্জীমূলক গীততো অতি প্ৰাকৃতৰ প্ৰভাৱ নপৰাকৈ থকা নাই। বৰফুকনৰ গীতত এঠেঙীয়াৰ দেশ, কুলাকণীয়াৰ দেশৰ কথা পোৱা যায়।

চহা জীৱনৰ মনস্তত্ব, অন্ধবিশ্বাস, জনসাধাৰণৰ ধৰ্ম, আচাৰব্যৱহাৰ আৰু জীৱন যাত্ৰাৰ প্ৰণালী সম্বন্ধে মালিতাবোৰত যথেষ্ট উপকৰণ পোৱা যায়। গীতবোৰ প্ৰায়েই ত্ৰিপদী ছন্দত ৰচিত আৰু চৰণৰ শেষৰ ধ্বনিৰ মিল পৰিলক্ষিত। সংলাপন ৰীতিৰ প্ৰয়োগ, আকস্মিক সংযোগ আৰু অপ্রত্যাশিত ঘটনাই গীতবোৰক নাটকীয়ত্বও প্রদান কৰে।

৫। অসমীয়া বেলাড বা মালিতাৰ এটি পৰিচয়সূচক আলোচনা আগবঢ়োৱা?

উত্তৰঃ অনাখৰী, অনামীৰ অমূল্য সৃষ্টি :

মানুহৰ মুখে মুখে বাগৰি অহা বহু পুৰণি কোনো অনামী কবিৰ অমূল্য সৃষ্টি গীত-পদবোৰক মৌখিক সাহিত্য বুলি অভিহিত কৰা হৈছে। অন্যহাতেদি এটা জাতিৰ যি অতীত জীৱন, সেয়া উত্তৰ পুৰুষে জানিব পৰাৰ অন্যতম উপায় হ’ল সেই জাতিটোৰ বিভিন্ন ধর্মীয় আচাৰ-বিচাৰ, লোক-বিশ্বাস, ধৰ্মি-নীতি আদিৰ অধ্যয়ন। ইয়াৰ লগতে সেই জাতিটোৰ জন-সাহিত্য (যাক ইংৰাজীত Folk literature বুলি কোৱা হয়) অধ্যয়ন কৰিও বহুখিনি কথা জানিব পাৰি।

যুগ যুগ ধৰি মানুহৰ মুখে মুখে চলি অহা গীতপদ, ফকৰা যোজনা, সাঁথৰ, মালিতা [Ballad], সাধুকথা আদিয়েই হ’ল এটা জাতিৰ লোক সাহিত্য বা জন-সাহিত্য। যি লোক সাহিত্যৰ মূল চালিকা শক্তি হ’ল স্মৃতি। বিশিষ্ট লেখক শশী শৰ্মাদেৱে “অসমৰ লোকসাহিত্য” গ্ৰন্থত উল্লেখ কৰিছে যে – লোকসাহিত্যৰ মাজেদি লোক বিশ্বাস, সংস্কাৰ, আচাৰ অনুষ্ঠান, সৰলতা-দূর্বলতা, শোষণ-নীপিড়ন আদিৰ আভাষ পোৱা যায়। শ্রমকাৰী মানুহৰ গীত-মাত, ফকৰা যোজনা ইতিকথা [legends] আদিক বোলা হয় লোক-সাহিত্য –

লোক সাহিত্যৰ সুগন্ধি সুবাসঃ

অসমীয়া লোক সাহিত্যৰ ভঁৰাল অতি চহকী। পাহৰণিৰ গৰ্ভৰ পৰা সেইবোৰ বুটলি আনি ডিম্বেশ্বৰ নেওগ, বিৰিঞ্চি কুমাৰ বৰুৱা, ড° প্রফুল্লদত্ত গোস্বামী, হেমন্ত কুমাৰ শৰ্মা, লীলা গগৈ, ড° নবীন চন্দ্ৰ শৰ্মা আদিৰ দৰে বিশিষ্ট গৱেষক পণ্ডিতসকলে অসমীয়া লোক সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰাই নহয় উত্তৰ পুৰুষৰ বাবেও ৰাখি থৈছে এক উজ্জ্বল চানেকি। অধ্যাপক লীলা গগৈদেৱে তেখেতৰ “অসমীয়া লোক সাহিত্যৰ ৰূপৰেখা” নামৰ গ্ৰন্থত সেয়ে উল্লেখ কৰিছে– “অসমীয়া লোক সাহিত্য অসমীয় সাহিত্যৰ ভঁৰালত মাণিকী মধুৰী জহা হৈ খুন্দ খাই আছে। ইয়াত আছে সুগন্ধি-সুবাস, তৃপ্তি আৰু মাধুৰিমা।” হয় যিমানেই লোক সাহিত্যৰ ভিতৰলৈ সোমাই সেইবোৰ অধ্যয়ন কৰিবলৈ লৈছোঁ, সিমানেই মনটো পুলকিত হৈছে – সেই অনাখৰী কবি-সাহিত্যিক সকলৰ প্ৰতি শ্ৰদ্ধাত মূৰ দোঁ খাই পৰিছে। আঃ কি সুন্দৰ সৃষ্টি!!

গৱেষক-পণ্ডিত সকলে দেখুৱাই দিছে যে গদ্যতকৈ পদ্যৰ সৃষ্টি আগতে হৈছে। আমি জানো যে আদিম যুগত লিপিৰ আৱিষ্কাৰ হোৱা নাছিল। সেয়ে সকলো সৃষ্টিয়েই আছিল মৌখিক ৰূপত। মুখে মুখে ৰচনা কৰা গীত-পদবোৰ আৰু সেইবোৰৰ লয়, ছন্দ, সুৰ মানুহৰ স্মৃতিৰ মণিকোঠাত সঞ্চিত হৈ থাকি এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ বাগৰি আহিছিল। মুখে মুখে সময়ৰ অগ্ৰগতিৰ লগে লগে সাধুকথা, কিংবদন্তি আদিৰ সৃষ্টি হ’ল আৰু সেইবোৰ কথিত গদ্যৰ ৰূপত প্ৰৱহমান হৈ থাকিল ৷

মন্ত্ৰৰ পৰা মালিতালৈ্ঃ

লোক সাহিত্যৰ এক অন্যতম ঠাল হ’ল মন্ত্ৰ সাহিত্য। পদ্যধর্মী মন্ত্ৰ সাহিত্য লোক সাহিত্যৰ এক অমূল্য সম্পদ। সম্ভৱতঃ মন্ত্ৰ সাহিত্যই লোক সাহিত্যৰ আটাইতকৈ পুৰণি সম্পদ। মন্ত্ৰ সাহিত্যৰ বিষয়ে অধ্যয়ন কৰি অধ্যাপক লীলা গগৈদেৱে কৈছে যে- মানুহৰ জাগতিক জীৱনত প্রয়োজনীয় সকলো বিষয়ৰেই মন্ত্ৰৰ প্ৰচলন আছে। ৰোগ-ব্যাধি নিৰাকৰণ, ভূত-প্রেত দূৰীকৰণ, বশীকৰণ, সন্মোহন, সৌভাগ্যকৰণ, ধন-ধান্য বৃদ্ধিকৰণ, শত্ৰু ক্ষয়কৰণ আদি সকলো বিষয় মন্ত্ৰপুথিত পোৱা যায়। 

যি কি নহওক; অসমীয়া লোক সাহিত্যৰ মন্ত্ৰৰ পৰা মালিতালৈ যি মহাযাত্রা সেয়া ইয়াত আলোচনা কৰাটো সম্ভৱ নহয়। তথাপিও অসমীয়া মালিতা সম্পর্কে কিছু কথা আলোচনা কৰাৰ প্ৰয়াস কৰিছোঁ।

‘মালা’ শব্দৰ পৰাই ‘মালিতা’ শব্দৰ সৃষ্টি বুলি কোৱা হয়। মালিতা [Ballad] বোৰ অসমীয়া লোকগীতৰ এক অন্যতম সম্পদ। অধ্যাপক হেমন্ত কুমাৰ শৰ্মাই তেখেতৰ “অসমীয়া লোকগীতি সঞ্চয়ন” গ্রন্থত উল্লেখ কৰিছে যে-“অসমীয়া লোকগীত অতি সমৃদ্ধিশালী। সাহিত্যিক সৌন্দৰ্য্য আৰু আনন্দ প্ৰদানৰ উপৰি এই গীতবোৰে জনসাধাৰণৰ জন্মৰ পৰা মৃত্যুলৈকে পালিত বিভিন্ন ধৰ্ম কাৰ্য আৰু আচাৰ অনুষ্ঠানৰ লগত নিবিড় সম্বন্ধ স্থাপন কৰি আহিছে।”

সমৃদ্ধিশালী অসমীয়া লোকগীতৰ বহল পথাৰখনত মালিতা বা আখ্যানমূলক বা কাহিনী গীতসমূহৰ এক বিশেষ স্থান আছে। অসমীয়া মালিতাক বঙালীত “গাথা” বোলা হয়। গীতিধর্মিতাই মালিতাৰ প্ৰাথমিক লক্ষণ যদিও প্ৰতিটো মালিতাৰে এক নিজস্ব কাহিনী থাকে।

মালিতা সমূহৰ ভাষা অতি প্রাণস্পর্শী। তলত উল্লেখ কৰা মালিতাটোৰ ভাষা লক্ষ্য কৰিব—

হাবিত কান্দিলে   ‌    হঁয়কলী চৰায়ে

            চিটিকাৰ মুখলৈ চাই,

জেৰেঙা পথাৰত       কান্দে জয়মতী

            চাওডাঙৰ মুখলৈ চাই।

চিউ বুলি চিলনী‌         লনী সুৰে মাতিলে

            কাউ বুলি উৰিলে কোৱা, 

জয়মতী কুঁৱৰীৰ       অৱস্থা শুনিলে

           নেদেখা ৰাজ্যলৈ যোৱা” (জয়মতী কুঁৱৰীৰ মালিতা) 

মালিতা বা আখ্যানমূলক গীতত বৰ্ণনা কৰা আখ্যান সমূহ বুৰঞ্জীৰ পৰা সংগ্ৰহ কৰা আৰু কিছুমান আখ্যান কাল্পনিক বা কিংবদন্তিমূলক। অধ্যাপক হেমন্ত কুমাৰ শৰ্মাই উল্লেখ কৰা মতে- মালিতাত দেশৰ অতীত কাহিনী আৰু দুঃসাহসিক বা অতিপ্রাকৃত ঘটনাৰ সমাৱেশ দেখা যায়। কিন্তু কাৰুণ্যই এই গীতৰ প্ৰধান সুৰ। মালিতাৰ ৰচনাৰীতি সৰল, পোনপটীয়া আৰু কেতিয়াবা নাটকীয় ঠাঁচৰ হয়।

কাৰুণ্যক কবিয়ে কেনেদৰে প্ৰকাশ কৰিছে তাৰ এটি আভাস এনে ধৰণৰ

চালত মলঙিলে         ছালেদৈ কোমোৰা

         টেকেলীত মলঙিলে লোণ

মাটিত মলঙিলে        মণিৰাম দেৱান ঐ

          নেকান্দি থাকিব কোন? (মণিৰাম দেৱানৰ গীত) 

মালিতা সমূহক বিষয়বস্তুৰ ফালৰ পৰা দুটা ভাগত ভাগ কৰা হৈছে। ক) বুৰঞ্জীমূলক আৰু খ) পৌৰাণিক কাহিনী মূলক।

বুৰঞ্জীমূলক গীতসমূহৰ ভিতৰত নাহৰৰ গীত, চিকণ সৰিয়হৰ গীত, জয়মতী কুঁৱৰীৰ গীত, গৌৰীনাথ সিংহৰ গীত, হৰদত্ত-বীৰদত্তৰ গীত, মণিৰাম দেৱানৰ গীত ইত্যাদি বিখ্যাত আৰু প্ৰচলিত। একেদৰে পৌৰাণিক মালিতাসমূহৰ ভিতৰত মণিকোঁৱৰৰ গীত, ফুলকোঁৱৰৰ গীত, জনা গাভৰুৰ গীত, কমলা কুঁৱৰীৰ গীত, বীৰোৰজাৰ গীত, বাৰমাহীৰ গীত। মধুমতীৰ গীত ইত্যাদি উল্লেখযোগ্য।

চমু টোকা লিখাঃ

(ক) কাহিনী গীত আৰু আখ্যান গীতঃ 

উত্তৰঃ লোক সংস্কৃতিৰ প্ৰধান উপাদানসমূহৰ ভিতৰত লোকসাহিত্যৰ গুৰুত্ব অপৰিসীম। লোক-সাহিত্যক বিভিন্নজন পণ্ডিতে জনসাহিত্য, মৌখিক-সাহিত্য, অলিখিত-সাহিত্য, আদিম সাহিত্য আদি বিবিধ নামেৰে অভিহিত কৰিছে। এই সাহিত্যই এনে নামবোৰ লাভ কৰাৰ কাৰণ হ’ল মৌখিক- সাহিত্য বা জন সাহিত্যৰ সৃষ্টি কেতিয়া, ক’ত, কোনে কৰিছিল এনে প্ৰশ্নৰ সদোত্তৰ কাহানিও পোৱা নাযায়। ইবোৰ কোনোবা অজান সময়ত কোনো অনামী ৰচকৰ হাতত ৰচিত হৈছিল আৰু ইবোৰৰ সামাজিক মূল্য আৰু কাব্যিক সৌন্দৰ্যৰ বাবে জনসাধাৰণে আকোৱালি লয় আৰু সাধাৰণৰ মুখ বাগৰি চলি ব্যাপক অঞ্চলত প্ৰচলন হৈ পৰে। তেতিয়াই ইবোৰে লোক-সাহিত্যৰ মর্যাদা লাভ কৰে। যি পৰিৱেশত আৰু যি যি প্ৰয়োজনত এই সাহিত্যৰ সৃষ্টি হয় সেই সেই পৰিৱেশ আৰু প্ৰয়োজন ইবোৰত প্ৰতিফলন ঘটে। 

আনহাতে মানুহৰ মুখ বাগৰি চলি আহোঁতে সময় বা যুগৰ ব্যাপক ব্যৱধানত লোক-সাহিত্যৰ পৰিৱেশ আৰু ভাষাই আঞ্চলিক পৰিৱৰ্তনৰ স্বাক্ষৰ বহন কৰিলেও এনে গীতবোৰে গীতটোৰ উদ্দেশ্য আৰু ভাৱটো সজীৱ কৰি ৰাখে। এনেদৰেই অনামী কবিৰ ৰচনাই লোক সাহিত্য হিচাপে মানুহৰ মুখ বাগৰি চলি আহি বৰ্তমানৰ অৱস্থাত উপনীত হৈছেহি। অনামী কবিৰ ৰচনা বাবেই আৰু মানুহৰ মুখ বাগৰি চলি আহি সমাজৰ সাংস্কৃতি সম্পদ হিচাপে স্বীকৃত বাবেই এই শ্রেণী সাহিত্যই জনসাহিত্য, লোক-সাহিত্য বা মৌখিক-সাহিত্য আদি নাম পায়। আনহাতে এই শ্রেণী সাহিত্য পদ্যত লিখা হোৱা বাবেই ইবোৰক ‘লোক-গীত’ বুলিও জনা যায়। 

মৌখিক-সাহিত্যক ইহঁতৰ সৃষ্টিৰ উৎস, স্বৰূপ আৰু ব্যৱহাৰিক দিশটোৰ প্ৰতি লক্ষ্য ৰাখি কেইবাটাও ভাগত ভাগ কৰা হয়। যেনে, অনুষ্ঠানমূলক, অনানুষ্ঠানিক আৰু কৰ্ম-সংগীত। অনুষ্ঠানমূলক গীতৰ ভিতৰত পৰে আইনাম, বিয়ানাম, বিহুগীত আদি। অনানুষ্ঠানিক গীতৰ ভিতৰত পৰে কাহিনী গীত বা মালিতাসমূহ। তেনেদৰে কৰ্ম-সংগীতৰ অন্তৰ্গত গীতসমূহ হ’ল—ধাইনাম, গৰখীয়া গীত, মৈষাল গীত, জুনা গীত, বিভিন্ন খেল-ধেমালিৰ গীতসমূহ। 

অনানুষ্ঠানিক গীতক আখ্যান গীত বা মালিকা বুলিও জনা যায়৷ ‘মালিতা’ ইংরাজী ‘Ballad’শব্দৰ সমার্থক শব্দ। অসমীয়া কীহিনী গীতৰ ক্ষেত্ৰত ‘মালিতা’ শব্দটো পোনতে ব্যৱহাৰ কৰিছিল ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাদেৱে হয়তো উজনি অসমৰ ঢোলৰ ওজাসকলে, ঢোলবাদনৰ সময়ত হোৱা বিভিন্ন বস্তুৰ সৃষ্টিৰহস্য জ্ঞাপক কাহিনী ‘মালিতা’ৰ অনুকৰণত। কাহিনীৰ পটভূমিৰ ফালৰ পৰা মালিতাক তিনিটা ভাগত ভাগ কৰা হৈছে। যেনে, কিংবদন্তীমূলক বা জনশ্রুতিমূলক, বুৰঞ্জীমূলক আৰু কাল্পনিক। জনশ্রুতিমূলক কাহিনী গীতবিলাকৰ সৃষ্টি কেতিয়া সেইটো সঠিকভাৱে ক’ব পৰা নাযায়৷ তথাপি ইবোৰৰ সৃষ্টি যে ইতিহাসৰ আগৰ কথা সেইটো নিশ্চিত। সময়ৰ পৰিৱৰ্তনৰ প্ৰভাৱ এই গীতসমূহত লক্ষ্য কৰা যায়। অসমীয়া জনশ্ৰুতি বা কিংবদন্তীমূলক গীতৰ ভিতৰত প্ৰধান হ’ল—মণিকোঁৱৰ-ফুলকোঁৱৰৰ গীত, জনা গাভৰুৰ গীত, কমলা কুঁৱৰীৰ গীত আদি। বুৰঞ্জীমূলক আখ্যান গীতৰ পটভূমি বুৰঞ্জীৰ কোনো তেজস্বী চৰিত্ৰ। অসমত আহোম শাসন কালত বিভিন্ন পটভূমত উজলি উঠা চৰিত্ৰৰ জীৱন কাহিনীজ্ঞাপক এনে আখ্যান গীতেই বুৰঞ্জীমূলক কাহিনী গীত। এনে গীতৰ ভিতৰত, জয়মতী কুঁৱৰীৰ গীত, বৰফুকনৰ গীত, মণিৰাম দেৱানৰ গীত, হৰদত্ত বীৰদত্তৰ গী আদি। 

যিবোৰ আখ্যান গীতৰ আধাৰ কোনো অনামী লেখকৰ কল্পনা বিলাসত বাস্তৱ অভিজ্ঞতাৰ চিত্ৰণ, যিবোৰত বুৰঞ্জীৰ কোনো মহান চৰিত্ৰ বা প্রাঐতিহাসিক কোনো চৰিত্ৰৰ বৰ্ণনা পোৱা নাযায়, সেইবোৰেই কাল্পনিক মালিতা। যেনে, কন্যাবাৰমাহী গীত, দুবলা শান্তিৰ গীত, জয়ধন বনিয়াৰ গীত, লীলাৱতীৰ গীত আদি ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top