Axomiya Kobitar Saneki Unit 4 পুৰণি অসমীয়া কবিতা, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Axomiya Kobitar Saneki Unit 4 পুৰণি অসমীয়া কবিতা Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Axomiya Kobitar Saneki Unit 4 পুৰণি অসমীয়া কবিতা Question Answer can be of great value to excel in the examination.
Axomiya Kobitar Saneki Unit 4 পুৰণি অসমীয়া কবিতা
Axomiya Kobitar Saneki Unit 4 পুৰণি অসমীয়া কবিতা Notes cover all the exercise questions in UGC Syllabus. The Axomiya Kobitar Saneki Unit 4 পুৰণি অসমীয়া কবিতা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
৮। শংকৰদেৱৰ বৰগীত সম্পৰ্কে এটি আলোচনা দাঙি ধৰা।
উত্তৰঃ নৱবৈষ্ণব ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে মহাপুৰুষ শংকৰদেৱে ৰচনা কৰা বৰগীতবোৰ প্ৰধানতঃ ভক্তিপ্রধান গীত। গীতবোৰ গভীৰ আধ্যাত্মিক ভাৱেৰে সিক্ত গীত। প্ৰথমবাৰ তীৰ্থ ভ্রমণলৈ যাওঁতে শংকৰদেৱে বদৰিকাশ্ৰমত ‘মন মেৰি ৰাম চৰণেহি লাগু’ নামৰ প্ৰথম বৰগীতটি ৰচনা কৰা। এই গীতটি কেৱল শংকৰদেৱ বিৰচিত প্রথম বৰগীতেই নহয়, সমগ্ৰ পূৰ্ব ভাৰতৰ সাহিত্যৰে সুপ্রাচীন গীত। মহাপুৰুষজনাই বাৰকুৰি বৰগীত ৰচনা কৰিছিল বুলি চৰিত পুথিত উল্লেখ আছে। কিন্তু কমলা বায়নে আওৰাবলৈ নি নষ্ট কৰ। বাবে শংকৰদেৱৰ নামত ৩৪ টা বৰগীতহে প্ৰচলিত। শংকৰদেৱৰ বৰগীতত দুটা ধাৰা প্ৰবাহিত হৈ আছে, এটা হ’ল ভক্তিমূলক ধাৰা আৰু আনটো বাৎসল্য ভাব প্রকাশক ধাৰা ৷ শ্ৰীকৃষ্ণৰ পৰমপুৰুষত্ব, লীলা, ৰূপ, শক্তি, মাহাত্ম্য প্ৰকাশ কৰাই বৰগীতৰ মূল বিষয়বস্তু। বৈষ্ণৱ ধৰ্মৰ মূলধাৰা শ্ৰীকৃষ্ণৰ পৰমপুৰুষত্ব, অৱতাৰী ৰূপ আদিকে ধৰি হিন্দু দৰ্শনৰ পৰমার্থিক তত্ত্ববোৰেই শংকৰদেৱৰ বৰগীতৰ মূল আধাৰ। বিষয়বস্তুৰ ফালৰ পৰা শংকৰদেৱ ৰচিত সমস্ত বৰগীতক কেইবাটাও ভাগত ভগাব পাৰি। সেয়া হ’ল—
(ক) লীলা বিষয়ক গীত।
(খ) পৰমাৰ্থ বিষয়ক গীত।
(গ) বিৰহ বিষয়ক গীত।
(ঘ) বিৰক্তি বিষয়ক গীত।
পৰমপুৰুষ ভগৱানৰ নানা অৱতাৰী লীলাৰ বৰ্ণনাই লীলা বিষয়ক গীতৰ মূল প্রতিপাদ্য বিষয়। ভগৱানৰ মাহাত্ম্য প্রকাশেই পৰমাৰ্থিক বিষয়ৰ গীতৰ মূলকথা। আনহাতে কৃষ্ণৰ অনুপস্থিতিত গোকুলবাসীৰ দুখ-বেদনা যিবোৰ গীতত ফুটি উঠিছে, সেইবোৰেই হ’ল বিৰহ বিষয়ক বৰগীত৷ গোকুলৰ তৰু-তৃণ আৰু জীৱ-জন্তুৱেও যে কৃষ্ণৰ অনুপস্থিতি উপলদ্ধি কৰিছিল, তাৰ মৰ্মস্পৰ্শী বৰ্ণনা গীতবোৰৰ মাজত ফুটি উঠিছে। যিবোৰ গীতত সংসাৰৰ প্ৰতি বিৰক্তি, বৈৰাগ্য ভাব প্রতিফলিত হৈ উঠিছে, সেইবোৰেই বিৰক্তি বিষয়ক বৰগীত। তদুপৰি শংকৰদেৱৰ লীলা বিষয় গীতবোৰকো কাৰ্যৰ ওপৰত ভিত্তি কৰি কেইটামান ভাগত ভাগ কৰা হৈছে; সেয়া হ’ল—
(ক) চলন বিষয়ক গীত।
(খ) চাৰণ বিষয়ক গীত।
(গ) খেলন বিষয়ক গীত।
(ঘ) নৃত্য বিষয়ক গীত।
চলনৰ গীতত কৃষ্ণই লগৰীয়াসকলৰ সৈতে গৰু চৰাবলৈ যোৱাৰ মধুৰ বৰ্ণনা থাকে৷ চাৰণৰ গীতত কৃষ্ণই বৃন্দাবনত গৰু চৰাওঁতে গোৱা গীতৰ বৰ্ণনা থাকে। তদুপৰি গৰু চৰাওঁতে কৃষ্ণই লগৰীয়াসকলৰ সৈতে কৰা খেল, নৃত্য আদি বর্ণনা থকা গীতেই হ’ল ক্ৰমে খেলন বিষয়ক আৰু নৃত্য বিষয়ক গীত। উল্লেখযোগ্য যে, শংকৰদেৱৰ বৰগীতত অন্যান্য বিষয়তকৈ পৰমাৰ্থ আৰু বিৰক্তি বিষয় গীতেই সর্বাধিক।
শংকৰদেৱৰ গীতৰ বিষয়বস্তু সম্পর্কেও বিভিন্ন পণ্ডিতে বিভিন্ন মন্তব্য কৰিছে। ড° সত্যেন্দ্ৰ নাথ শৰ্মাৰ মতে, “জীৱন ক্ষণস্থায়ী, কিন্তু দুৰ্লভ। এই দুর্লভ আৰু ক্ষণস্থায়ী জীৱন সাৰ্থক কৰিবৰ উপায় একমাত্র হৰিভক্তি। চঞ্চল মনৰ অধীন ইন্দ্ৰিয়বৰ্গই সংসাৰ সমুদ্ৰত জীৱনক লটিঘটি কৰি মাৰে। হৰিক আশ্ৰয় কৰি জীৱই সংসাৰ-সাগৰ পাৰ হ’বলৈ সক্ষম হয়। এইবোৰেই শংকৰদেৱৰ বৰগীতৰ প্ৰধান বক্তব্য। শংকৰদেৱৰ বৰগীতত খেদোক্তি, অনুশোচনা আৰু ভগৱানৰ চৰণত আত্মসমৰ্পণৰ ভাব বিশেষকৈ দেখা যায়।” আকৌ, বাণীকান্ত কাকতিৰ ভাষাত, “শংকৰদেৱৰ ৰচিত যিবোৰ গীত এতিয়াও আছে, সেই আটাইবোৰেই প্ৰাৰ্থনাসূচক। মানৱ জীৱন দুষ্প্রাপ্য অথচ ক্ষণভংগুৰ আৰু মায়াময়। হৰিৰ্ভক্তি, মোহাচ্ছন্ন জীৱন- সমুদ্রত ধ্ৰুৱতৰা স্বৰূপ, এয়ে নানা ভাব আৰু ভাষাত শংকৰদেৱৰ গীতৰ সাধাৰণ তাৎপৰ্য”। শংকৰদেৱৰ বৰগীতত কৃষ্ণৰ লগতে ৰাম অৱতাৰৰ কথাও পোৱা, যায়। তেওঁৰ ‘শুন শুনৰে সুৰ বৈৰী প্ৰমাণা, নিশাচৰ নাশ নিদানা” বৰগীতটোত ৰণ সংগীতৰ সুৰত ৰামনামৰ বিজয় ঘোষণা কৰা হৈছে। সেয়ে ডিম্বেশ্বৰ নেওগদেৱে এই বৰগীতটোক “বৃত্তান্তৰ ভিতৰেদি উপদেশ দিয়া বৰগীতৰ নিদৰ্শন” বুলি অভিহিত কৰিছে।
শংকৰদেৱৰ বৰগীতবোৰ ৰসৰ ফালৰ পৰাও বৈচিত্র্যপূর্ণ। ঘাইকৈ বৰগীতবোৰত দাস্য, বাৎসল্য, সখ্য আৰু ভক্তিৰসৰেই সমাৱেশ ঘটা পৰিলক্ষিত হয়। ৰসৰ লগতে ছন্দ আৰু অলংকাৰ প্ৰয়োগেও বৰগীতক আকর্ষণীয় কৰি তুলিছে। উপমা, ৰূপক, অনুপ্ৰাস আৰু ছন্দৰ মাধুৰ্য্যই শংকৰদেৱৰ বৰগীতৰ সাহিত্যিক সৌন্দর্য বৃদ্ধি কৰিছে। শংকৰদেৱে তেওঁৰ ৩৪ টি বৰগীতত ১৩ টা ৰাগৰ ব্যৱহাৰ কৰিছে। সেইকেইটা হ’ল — ধনশ্রী, সুহাই, বসন্ত, শ্ৰী, কেদাৰ, গৌড়ী, নটমল্লাৰ, মাহুৰ, আশোৱাৰী, তুৰবসন্ত, কল্যাণ, ভূপালি আৰু অহিৰ।
এনেদৰেই শংকৰদেৱৰ বৰগীত সম্পর্কে আলোচনা কৰিব পাৰি।
চমু প্ৰশ্নৰ উত্তৰঃ
১। ‘হৰিশ্চন্দ্ৰ উপাখ্যান’ কোনে ৰচনা কৰিছিল ?
উত্তৰঃ মহাপুৰুষ শংকৰদেৱে।
২। শংকৰদেৱৰ সংস্কৃতত লিখা গ্ৰন্থখনৰ নাম কি?
উত্তৰঃ ভক্তি ৰত্নাকৰ।
৩। ভক্তি ৰত্নাৱলী’ গ্ৰন্থৰ মূল কি?
উত্তৰঃ বিষ্ণুপুৰী সন্ন্যাসীৰ দ্বাৰা ভাগৱত পুৰাণৰ পৰা সংকলিত কৰা কিছুমান শ্লোকৰ সমষ্টি হ’ল ভক্তি ৰত্নাৱলী। ইয়াত ভক্তি আৰু শৰণৰ মাহাত্ম্য প্ৰদৰ্শিত হৈছে।
৪। শংকৰদেৱে ৰচনা কৰা নাম-প্ৰসংগমূলক গ্রন্থ দুখন কি কি?
উত্তৰঃ কীৰ্ত্তন ঘোষা আৰু গুণমালা।
৫। শংকৰদেৱৰ ভক্তিতত্ত্বমূলক গ্রন্থকেইখন কি কি?
উত্তৰঃ ভক্তিপ্রদীপ, ৰত্নাকৰ (সংস্কৃত ভাষাত) আৰু নিমিনৱসিদ্ধ সংবাদ।
৬। শংকৰদেৱৰ বিৰচিত কাব্যকেইখন কি কি?
উত্তৰঃ হৰিশ্চন্দ্ৰ উপাখ্যান, ৰুক্মিণী হৰণ কাব্য, বলিচলন, অমৃত মথন, গজেন্দ্র উপাখ্যান, অজামিল উপাখ্যান আৰু কুৰুক্ষেত্র।
৭। শংকৰদেৱ বিৰচিত নাটককেইখন কি কি?
উত্তৰঃ পত্নীপ্রসাদ, কালিয়দমন, কেলিগোপাল, ৰুক্মিণীহৰণ, পাৰিজাতহৰণ আৰু ৰামবিজয় নাট।
৮। শংকৰদেৱৰ দ্বাৰা ৰচিত শ্রেষ্ঠ নাটক কোনখন?
উত্তৰঃ পাৰিজাত হৰণ।
৯। শংকৰদেৱৰ প্ৰথম সাহিত্য কৃতি কি?
উত্তৰঃ হৰিশ্চন্দ্ৰ উপাখ্যান।
১০। শংকৰদেৱৰ শেষ নাট্যকৃতি কি?
উত্তৰঃ ৰামবিজয় নাট।
১১। শংকৰদেৱৰ কোনখন গ্ৰন্থক অসমীয়া সাহিত্যৰ মৌচাক বোলা হয়।
উত্তৰঃ কীৰ্ত্তন ঘোষাক।
১২। ‘অনাদি পাতন’ৰ লেখক কোন?
উত্তৰঃ শংকৰদেৱ।
১৩। শংকৰদেৱ বিৰচিত প্রথম কাব্যগ্ৰন্থখনৰ নাম কি?
উত্তৰঃ হৰিশ্চন্দ্ৰ উপাখ্যান।
১৪। গুণমালা পুথিখন শংকৰদেৱে কি ছন্দত ৰচনা কৰিছিল?
উত্তৰঃ কুসুমমালা ছন্দত।
১৫। ‘অসমীয়া নাট্য সাহিত্য’ৰ জন্মদাতা কোন?
উত্তৰঃ শংকৰদেৱ ।
১৬। বৰগীত কি?
উত্তৰঃ শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা ভক্তি ৰসাশ্রয়ী এক শ্ৰেণীৰ বিশেষ আধ্যাত্মিক গীতেই হ’ল বৰগীত।
১৭। বাণীকান্ত কাকতিয়ে বৰগীতক কি বুলি আখ্যা দিছে?
উত্তৰঃ Noble Numbers
১৮। বৰগীতক কোনে ‘Great Songs’ বা ‘Songs Celestials’ বুলি আখ্যা দিছে?
উত্তৰঃ কালিৰাম মেধিয়ে।
১৯। দেবেন্দ্র নাথ বেজবৰুৱাই বৰগীতক কি আখ্যা দিছে?
উত্তৰঃ Holy Songs.
২০। বৰগীতৰ বৈশিষ্ট্যবোৰ কি?
উত্তৰঃ ব্ৰজাৱলী।
২১। বৰগীতৰ ভাষা কি?
উত্তৰঃ (ক) ব্ৰজাৱলী ভাষাৰ প্ৰয়োগ।
(খ) বিষয়বস্তুৰ ক্ষেত্ৰত সংৰক্ষণশীলতা বা সংযম।
(গ) সুৰ, লয়, তাল নিদিষ্ট।
(ঘ) চৈধ্য প্ৰসংগৰ পৰিক্ৰমাত স্থান।
(ঙ) সীমাবদ্ধ পবিত্রতা, ইত্যাদি।
২২। সম্প্রতি অসমত কিমান বৰগীত সংৰক্ষিত আৰু স্বীকৃত হৈ আছে?
উত্তৰঃ ১৯১ টা।
২৩। শংকৰদেৱৰ ৰচিত বৰগীতৰ সংখ্যা কিমান?
উত্তৰঃ ৩৪ টা।
২৪। মাধৱদেৱ ৰচিত বৰগীতৰ সংখ্যা কিমান?
উত্তৰঃ ১৫৭ টা।
২৫। বৰগীতৰ জনক কোন?
উত্তৰঃ মহাপুৰুষ শংকৰদেৱ। :
২৬। শংকৰদেৱে তেওঁৰ ৩৪ টা বৰগীতত কেইটা ৰাগ ব্যৱহাৰ কৰিছে?
উত্তৰঃ ১৩টা।
২৭। বৰগীতত ব্যৱহৃত ৰাগবোৰৰ নাম লিখা।
উত্তৰঃ অহিৰ, আশোৱৰী, কল্যাণ, কানাড়া, কামোদ, কেদাৰ, কৌ, গৌৰী, তুড়, তুড়বসন্ত, ভাটিয়ালী, ধনশ্রী, নাট, নাটমল্লাৰ, মাহুৰ, মাহুৰ ধনশ্রী, ললিত, শ্যাম, শ্যামগড়া, শ্রী গান্ধাৰ, শ্রীগৌৰী, সাৰংগ, সিন্ধুৰা, সুহাই।
২৮। বৰগীতত ৰীগবোৰ কেনেকৈ প্ৰয়োগ কৰা হয়?
উত্তৰঃ কালবিধি অনুসৰি৷
২৯। সত্ৰসমূহত বৰগীতৰ ৰাগ পৰিবেশন কৰাৰ ক্ষেত্ৰত সময়ৰ বিভাজন কেনেধৰণৰ?
উত্তৰঃ ৰাতিপুৱাঃ অহিৰ, কল্যাণ, কৌ, পূবী, শ্যাম, ললিত আদি।
দুপৰীয়াঃ অহিৰ, কল্যাণ।
আবেলিঃ বসন্ত, ভাটিয়ালী, বড়াড়ী, তুড়বসন্ত, কেদাৰ আদি। ৰাতিঃ ধনশ্ৰী, আশোৱাৰী, শ্রী, শ্ৰীগান্ধাৰ, কামোদ, কানাড়া, গৌৰ ভূপালী ইত্যাদি।
৩০। ‘চৌধ্য প্ৰসংগ কি?
উত্তৰঃ সত্ৰত সমূহীয়াভাৱে কৰিবলগীয়া প্ৰাৰ্থনাই হ’ল প্ৰসংগ। সত্ৰসমূহত ভক্ত বৈষ্ণৱৰ সহযোগত দৈনিক কৰিবলগীয়া প্ৰাৰ্থনাৰ যি ৰীতি বান্ধি দিছে, সেয়াই হ’ল চৌধ্য প্ৰসংগ।
৩১। শংকৰদেৱে ৰচনা কৰা প্ৰথম বৰগীতটি কি?
উত্তৰঃ ‘মন মেৰি ৰাম চৰণেহি লাগু’।
৩২। শংকৰদেৱে প্ৰথম বৰগীতটি ক’ত ৰচনা কৰিছিল?
উত্তৰঃ বদৰিকাশ্ৰমত।
৩৩। শংকৰদেৱৰ বৰগীতৰ সংখ্যা কিয় কম?
উত্তৰঃ কমলা গায়ন নামৰ বায়ন এজনে আওৰাবলৈ নি নষ্ট কৰাৰ বাবে মনৰ দুখতে গুৰুজনাই আৰু গীত ৰচনা নকৰা বাবে শংকৰদেৱৰ বৰগীতৰ সংখ্যা কম।
৩৪। শংকৰদেৱৰ বৰগীতত প্ৰকাশিত দুটা ধাৰা কি কি?
উত্তৰঃ ক) ভক্তিমূলক ভাব প্রকাশক।
(খ) বাৎসল্য ভাব প্রকাশক।
৩৫। বৰগীতৰ বিষয়বস্তুক কেনেকৈ ভাগ কৰিব পাৰি?
উত্তৰঃ ১। লীলা বিষয়ক।
২। বিৰহ বিষয়ক।
৩। পৰমাৰ্থক বিষয়ক।
৪। বিৰক্ত বিষয়ক।
৫। চোৰ চাতুৰী বিষয়ক।
৩৬। লীলা বিষয়ক গীতৰ ভাগবোৰ কি কি?
উত্তৰঃ ক) জাগন বিষয়ক।
খ) চলন বিষয়ক।
গ) চাৰণ বিষয়ক।
ঘ) খেলন বিষয়ক।
ঙ) নৃত্য বিষয়ক।
৩৭। ‘লীলা বিষয়ক গীত’ মানে কি?
উত্তৰঃ যিবোৰ বৰগীতত পৰমপুৰুষ ভগৱানৰ নানা অৱতাৰী লীলাৰ বৰ্ণনা হয়, সেইবোৰেই লীলা বিষয়ক গীত।
৩৮। ‘পৰমাৰ্থিক বিষয়ৰ গীত’ মানে কি?
উত্তৰঃ ভগৱানৰ মাহাত্ম্য প্রকাশক বৰগীতবোৰেই হ’ল পৰমাৰ্থিক বিষয়ৰ গীত।
৩৯। ‘বিৰহ বিষয়ক গীত’ মানে কি?
উত্তৰঃ যিবোৰ বৰগীতত কৃষ্ণৰ অনুপস্থিতিত গোকুলবাসীৰ দুখবেদনা প্রকাশিত হৈ উঠে, সেইবোৰেই বিৰহ বিষয়ক গীত।
৪০। ‘বিৰক্তি বিষয়ক গীত’ মানে কি?
উত্তৰঃ সংসাৰৰ প্ৰতি বিৰক্তি,বৈৰাগ্য ভাব প্রতিফলিত হোৱা গীতবোৰেই হ’ল ‘বিৰক্তি বিষয়ক গীত’।
৪১। ‘চোৰ চাতুৰী বিষয়ক গীত’ মানে কি?
উত্তৰঃ যিবোৰ বৰগীতত শিণশুকৃষ্ণৰ বাল্যকালৰ বিভিন্ন মান, অভিমান, চোৰ-চাতুৰী, খেল-ধেমালি আদি প্ৰতিফলিত হয়, সেইবোৰেই চোৰ-চাতুৰী বিষয়ক গীত।
৪২। ‘চলনৰ গীত’ কি?
উত্তৰঃ কৃষ্ণই লগৰীয়াৰ স’তে গৰু চৰাবলৈ যোৱাৰ মধুৰ বৰ্ণনাৰাজিৰ গীত।
৪৩। ‘চাৰণৰ গীত’ কি?
উত্তৰঃ কৃষ্ণই বৃন্দাবনত গৰু চৰাওঁতে গোৱা গীত৷
৪৪। ‘জাগনৰ গীত’ কি?
উত্তৰঃ গৰু চৰাবৰ বাবে শিশুপুত্র কৃষ্ণক মাতৃ যশোদাই পৰা জগোৱাৰ টোপনিৰ ছবি চিত্ৰিত হোৱা গীত।
৪৫। শংকৰদেৱৰ ৰাম অৱতাৰৰ বৰ্ণনা থকা বৰ্গীতটো কি?
উত্তৰঃ ‘শুন শুন ৰে সুৰ বৈৰী প্ৰমাণা’ গীতটো।
৪৬। বৰগীতত প্ৰকাশিত ৰস কি কি?
উত্তৰঃ দাস্য, বাৎসল্য, সখ্য আৰু ভক্তিৰস।
৪৭। ‘শুন শুন ৰে সুৰ…..’ বৰগীতটোৰ মূল প্রতিপাদ্য বিষয় কি?
উত্তৰঃ ৰণ সংগীতৰ সুৰত ৰামনামৰ বিজয় ঘোষণা কৰা।
৪৮। ‘শুন শুন ৰে সুৰ… বৰগীতটোক ডিম্বেশ্বৰ নেওগে কি বুলি আখ্যা দিছে?
উত্তৰঃ ‘বৃত্তান্তৰ ভিতৰেদি উপদেশ দিয়া বৰগীতৰ নিদৰ্শন’ বুলি আখ্যা দিছে।
৪৯। শুন শুন ৰে সুৰ… বৰগীতটোৰ বিষয়বস্তুৰ আভাস দিয়া।
উত্তৰঃ মহাপুৰুষ শংকৰদেৱে ৰচনা কৰা বৰগীতবোৰৰ ভিতৰত উল্লেখযোগ্য হ’ল ‘শুন শুন ৰে সুৰ’ শীৰ্ষক বৰগীতটি। বৰগীতটোত ভগৱানৰ অৱতাৰ শ্ৰীৰাম চন্দ্ৰৰ মাহাত্ম বর্ণনা কৰাৰ লগতে দুৰাত্মা ৰাৱণ আৰু লংকাৰ আগন্তুক বিনাশৰ সম্ভেদ দাঙি ধৰিছে। ৰাৱণে জানকীক হৰণ কৰি নি অশোকবনত বন্দিনী কৰি ৰাখিছিল। শ্ৰীৰামচন্দ্ৰই এই কথাৰ সম্ভেদ পাই কিষ্কিন্ধা ৰাজ্যৰ কোটি কোটি কপিগণক লগত লৈ সীতা উদ্ধাৰৰ বাবে লংকালৈ সমদলে যাত্ৰা কৰিছে। এই মহাক্ষণৰ বৰ্ণনাই বৰগীতটোৰ মাজত বিধৌত হৈছে। ৰাৱণ হ’ল দেৱতাৰ বৈৰীস্বৰূপ। দেৱতাৰ বৈৰীৰ কিছুদিন অত্যাচাৰ চলিলেও তেওঁলোকৰ নাশ বা বিনাশ অৱশ্যম্ভাৱী। পৰমেশ্বৰ বা বিষ্ণুৱেই হ’ল এই জগতৰ সৃষ্টি, স্থিতি আৰু প্ৰলয়ৰ মূল কাৰণ। সেইবাবে নাৰায়ণ বা বিষ্ণুৰে আন এক প্ৰসিদ্ধ উপাধি হ’ল যম। স্বয়ং ৰামচন্দ্ৰই যম ৰূপেৰে ৰাৱণৰ বিৰুদ্ধে সমদলে যুদ্ধৰ বাবে সাজু হৈছে।
ৰামচন্দ্ৰৰ লগত কোটি কোটি কপি বা বানগণে এই সমদলত যোগদান কৰিছে। দক্ষতাৰে যুদ্ধলৈ আগবঢ়া বানৰগণ যুদ্ধযাত্ৰাত গিৰি, গড় সকলোতে কঁপনি উঠিছে। চৰাচৰ বিশ্বতে ত্ৰাসৰ সূচনা হৈছে। হাতে হাতে প্রকাণ্ড শিল, প্রকাণ্ড গছ আদি লৈ সমৰৰ অভিমুখে সকলোৱে সমদল যাত্ৰা আৰম্ভ কৰিছে। সাগৰ পাৰ হৈ শ্ৰীৰাম সহিতে কোটি কোটি বানৰ সেনাই স্বৰ্ণলংকাত প্ৰৱেশ কৰিছেগৈ। চাৰিওফালৰ পৰা এওঁলোকে লংকা নগৰী আগুৰি ধৰিছে। শ্ৰীৰামচন্দ্ৰৰ সৈতে দুৰাত্মা ৰাৱণৰ যুদ্ধ আৰম্ভ হৈছে। যুদ্ধৰ গম্ভীৰ ভয়ানক চিৎকাৰে সমগ্ৰ পৃথিৱীত কম্পন সৃষ্টি কৰিছে। চাৰিওফালে তৰোৱালকে ধৰি বিভিন্ন অস্ত্ৰৰ ঘৰ্ষণ, ঝণঝণনি, গৰ্জনৰ শব্দই সকলোৰে মনত ভীতি সঞ্চাৰ কৰিছে। এফালে দুৰাত্মা, পাপীষ্ঠ অধম ৰাৱণে আৰু আনফালে ধৈর্যশীল, শক্তিমন্ত, পুণ্যাত্মা সৰ্বশ্ৰেষ্ঠ দেৱতা ৰামচন্দ্ৰ। ৰাৱণৰ নিধনৰ বাবে সদলবলে শ্ৰীৰামচন্দ্ৰই সমৰ্থলীত যুদ্ধ কৰিছে। এই যুদ্ধৰ ফলত বিশ্ববন্মাণ্ডৰ স্থাৱৰ জংগম সকলো ভয়ত কঁপি উঠিছে।
উন্মুক্ত, মূর্খ, দুৰাত্মা ৰাৱণে জানকীক শিৰত তুলি ৰামচন্দ্ৰৰ সন্মুখলৈ আনিছে। ৰাৱণৰ এনে এক মহাসংকটৰ ক্ষণত মহাপুৰুষ শংকৰদেৱে দুৰ্জন ৰাৱণক শ্ৰীৰামচন্দ্ৰৰ চৰণ যুগলত আশ্ৰয় লোৱাই তেওঁৰ শ্ৰেষ্ঠ কৰণীয় বুলি এক উপায় সূচিত কৰিয়ে ‘শুন শুন ৰে সুৰ ..-’ শীৰ্ষক বৰগীতটি সামৰণি মাৰিছে। এনেদৰেই শংকৰদেৱ বিৰচিত ‘শুন শুন ৰে সুৰ……… শীৰ্ষক বৰগীতটিৰ বিষয়বস্তু সম্পর্কে আলোচনা কৰিব পাৰি।
৫০। শুন শুন ৰে সুৰ বৰগীতটিৰ ভাৱাৰ্থ ব্যাখ্যা কৰি আধ্যাত্মিক তাৎপৰ্য আৰু কাব্যিক সৌন্দর্য বিশ্লেষণ কৰা?
উত্তৰঃ ৰাৱণৰ উদ্দেশ্যে কোৱা হৈছে–হে দেৱতাৰ শত্ৰু নিশাচৰ তোমাৰ বিনাশৰ কাৰণ শুনা। ৰাম তোমাৰ মৃত্যুদাতা যম সদৃশ হৈ যুদ্ধৰ অভিলাসে সমদলে লংকালৈ যাত্ৰা কৰিছে। কোটি কোটি বান্দৰসেনাৰ ভৰিৰ আঘাতত পৰ্বত-পাহাৰ গৰগৰকৈ কঁপি উঠিছে। সাগৰ পাৰ হৈ হাতে হাতে বৃহৎ আকাৰৰ পৰ্বতখণ্ড তুলিলৈ তেওঁলোক যুদ্ধলৈ দ্ৰুতগতিৰে আগবাঢ়িছে। তদুপৰি হাট-ঘাট আৰু বিভিন্ন পথেৰে ব্যাপক ৰূপত বান্দৰসেনাই লংকাৰ চাৰিওফালৰ গড় বেঢ়ি ধৰিছে। সৈন্যসকলে সঘনাই কৰা ভয়ংকৰ ঘৰ্ষণ, গৰ্জনত মনত শংকা জন্মিছে। বীৰশ্রেষ্ঠ ৰামচন্দ্ৰ তোমাৰ ওপৰত জঁপিয়াই পৰা দেখি দেৱতা, মনুষ্য, কিন্নৰ, সৰ্প আদিৰ উপৰি পৰ্বতো থৰে থৰে কম্পমান হৈছে। হেৰা অন্ধ, মোহগ্রস্থ পাপবুদ্ধিৰ ৰাৱন, তুমি জানকীক শিৰত তুলি লৈ ৰামৰ শ্রেষ্ঠ চৰণত অৰ্পণ কৰি শৰণাপন্ন হোৱা। শংকৰে তোমাৰ এইখিনি উপদেশকে প্ৰদান কৰিছে।
আধ্যাত্মিক তাৎপর্যঃ
বৰগীতটিত প্ৰকাশিত ভাৱবস্তুক সুক্ষ্মভাৱে বিশ্লেষণ কৰিলে ইয়াৰ এটি প্রতীক ধর্মী অর্থত অনুভূত হয়। ইয়াত ৰাম, ৰাৱন, জানকী, বান্দৰসেনা, লংকা এই সকলোবোৰ প্রতীক। সীতা বা জানকী আচলতে সংসাৰত পৰিভ্ৰমণ কৰা জীৱ বা জীৱাত্মাৰ প্ৰতীক, ৰাৱন জীৱাত্মাক পৰিচালনা কৰা মন বা চিত্তৰ প্ৰতীক, ৰামচন্দ্ৰ পৰমাত্মা বা ব্ৰহ্মাৰ প্রতীক। তেনেদৰে লংকাও আন একো নহয় এই পৰিদৃশ্যমান জগতখন আৰু অসংখ্য বান্দৰসেনাৰ অভিযান প্ৰকৃততে ভক্তিধৰ্মৰ অপ্ৰতিৰোধ্য প্ৰৱাহহে। কবিতাটিৰ মতে সীতা লংকাত ৰাৱনৰ দ্বাৰা বন্দিনী। অর্থাৎ জীৱৰ দশেন্দ্ৰিয়ক পৰিচালনা কৰা মনে লোভ, মোহ, কাম, ক্রোধ আদি ছয় ৰিপুৰ বশৱৰ্তী হৈ জীৱাত্মাক এই সংসাৰৰ অবিদ্যা বা মায়াৰূপী অন্ধকাৰত বন্দী কৰি ৰাখে। সেই জীৱাত্মাক মায়াৰ পৰা উদ্ধাৰ কৰিবলৈ ভক্তি বা নামধৰ্ম ৰূপী বিশাল বান্দৰ বাহিনীয়ে পৰমাত্মাৰূপী ৰামৰ নিৰ্দেশত চিত্ত বা মনৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে। এই সময়ত মনে ভক্তিৰ অধীন হৈ আত্মনিৱেদন কৰিলে পৰমগতি লাভ কৰিব পাৰে। অন্যথা জীৱাত্মাৰ মুক্তি অসম্ভৱ।
কাব্যিক সৌন্দর্যঃ
বৰগীতটিত শংকৰদেৱৰ অসামান্য দক্ষতা প্রকাশ পাইছে। আন বৰগীততকৈ এই গীতটি ব্যতিক্রম। ইয়াত ৰাৱনৰ বিৰুদ্ধে ৰাম তথা বান্দৰ সেনাৰ যুদ্ধ যাত্ৰাৰ বৰ্ণনা অতি প্ৰাঞ্জল ভাষাত দাঙি ধৰা হৈছে। স্বাভাৱিকতে গীতটি বীৰৰস প্রধান। সাধাৰণতে বৰগীতত শান্ত, কৰুণ আদি ৰসৰ লগতে দাস্য আৰু বাৎসল্য ভাৱৰ প্ৰকাশ দেখা যায়। কিন্তু এই বৰগীতটিত তাৰ বিপৰীতে প্ৰকাশ পাইছে যুদ্ধ যাত্ৰাৰ বিৱৰণ গীতটিৰ চিত্ৰময়তা এটি মন কৰিবলগীয়া বিশেষত্ব। আৰম্ভণিতে ৰাৱনক সতৰ্ক কৰি দিয়া হৈছে যম সদৃশ ‘ৰাম নামে’ তেওঁৰ বিৰুদ্ধে ভয়ংকৰ অভিযান আৰম্ভ কৰিছে। ৰাৱনক বিনাশ কৰিবলৈ কোটি কোটি বান্দৰসেনা সাগৰ পাৰহৈ হাতে হাতে পৰ্বত (শিলা) খণ্ডলৈ দ্ৰুতগতিৰে আগবঢ়াৰ বৰ্ণনা অতি চিত্তাকর্ষক। তদুপৰি চাৰিওদিশৰ পৰা লংকাক ঘেৰি লৈ কৰা আক্রমণাত্মক তর্জন-গর্জনত জীৱজগতৰ লগতে পৰ্বতপাহাৰো থৰ্থৰকৈ কঁপিবলৈ ধৰাৰ বৰ্ণনা যথেষ্ঠ বাস্তৱানুগ আৰু তীব্ৰ অনুভূতিপূর্ণ। গীতটিত প্রকাশিত আৱেদনে যুদ্ধ ক্ষেত্ৰৰ ভয়াৱহতাৰ এখন নিখুঁট ছবি চকুৰ আগত দাঙি ধৰে। এনে বাস্তৱ বৰ্ণনাই শংকৰদেৱৰ অসামান্য সৃজনী প্রতিভাৰে পৰিচয় দান কৰে।
অলংকাৰক সতর্কতাৰে প্ৰয়োগ কৰি কবিতাক অধিক ৰসঘন আৰু আৱেগময়ী কৰি তুলিব পৰাতে কবি প্ৰতিভাৰ সাৰ্থকতা প্রকাশ পায়। এই বৰগীতটিত শংকৰদেৱৰ চমকপ্রদ সৃজনীশীলতা প্রকাশ পাইছে— বিশেষকৈ অলংকাৰৰ যথাৰ্থ প্ৰয়োগৰ ক্ষেত্ৰত। অনুপ্রাস অলংকাৰৰ সুষম প্রয়োগ, শব্দৰ উৎকৃষ্টতম্ বিন্যাসে এই কবিতাটিক অনির্বচনীয় সৌন্দৰ্য প্ৰদান কৰিছে। কবিতাত এক বা অনেক বর্ণ দুই বা ততোধিক বাৰ আবৃত্ত বা উচ্চাৰিত হ’লে তাক বৃত্তানুপ্রাস অলংকাৰ বালে। বৰগীতটিৰ
‘ঠাট প্রকট পটু কৌটি কৌটি কপি
গিৰি গৰগৰ পদঘাৱে।
বাৰিধি তৰি তৰি কৰে গুৰুতৰ গিৰি
ধৰি ধৰি সমৰক ধাৱে।।’
এই অংশত ট, ক, গ, ৰ, ত, ধ আদি বৰ্ণযুক্ত শব্দ দুই বা ততোধিক বাৰ উচ্চাৰিত হৈছে। সেয়ে বৃত্তানুসাৰে অলংকাৰৰ প্ৰয়োগ কবিতাটিত দেখা যায়। আনহাতে ৰামৰ লংকা অভিযানৰ বৰ্ণনা থকা বীৰ ৰস প্রধান কাব্যাংশত ঠ, ট, ঘ, ধ আদি বৰ্ণযুক্ত শব্দৰ প্ৰয়োগে পুৰুষতাব্যঞ্জক বৰ্ণৰ আবৃত্তি সূচাইছে। সেয়ে ইয়াত আচলতে পুৰুষাবৃত্তানুপ্রাস অলংকাৰো ধ্বনিত হৈছে।
তেনেদৰে উপমা অলংকাৰৰ উমানো বৰগীতটিত পোৱা যায়। বৈসাদৃশ্যৰ কোনো উল্লেখ নকৰাকৈ দুটা বস্তুৰ মাজৰ সাদৃশ্য স্পষ্টকৈ একেটা বাক্যতে প্রকাশিত হ’লে তাকেই উপমা অলংকাৰ বোলা হয়। উপমাৰ চাৰিটা উপাদান—উপমেয়, উপমান, সাধাৰণ ধৰ্ম আৰু উপমা প্রতিপাদক শব্দ বা সাদৃশ্যবাচক শব্দ। যাক তুলনা কৰা হয় তাক উপমেন, যাৰ লগত তুলনা কৰা হয় তাক উপমান, যিটো গুণৰ তুলনা কৰা হয় তাক সাধাৰণ বা সামান্য ধৰ্ম আৰু তুলনা বুজাবলৈ ব্যৱহাৰ কৰা দৰে, নিচিনা, যেন আদি শব্দক সাদৃশ্যবাচক শব্দ বোলে। এই চাৰিওটা উপাদান য’ত স্পষ্ট হৈ থাকে তাক পূর্ণোপমা আৰু চাৰিওটাৰ ভিতৰত এক বা ততোধিক উপাদান উল্লিখিত নহ’লে তাক লুপ্তোপমা বোলা হয়। শংকৰদেৱৰ বৰগীতটিত পোৱা যায়—
ৰাম নাম যম সমৰক সাজি
সমদলে কয়লি পয়ানা।
ইয়াত উপমেয়—ৰাম নাম, উপমান — যম, সাধাৰণ ধৰ্ম—সমৰ কিন্তু উপমাবাচক ‘দৰে’ পদটো লুপ্ত হৈছে। ৰাম নাম যমৰ দৰে সমৰক সাজি বাক্যাংশৰ ‘দৰে’ পদটো লুপ্তহৈ থকাৰ বাবে ই লুপ্তোপমাৰ উৎকৃষ্ট নিদর্শন হিচাপে প্রকাশিত হৈছে।
অলপ কথাৰ মাজেৰে গভীৰ আৰু ব্যাপকভাৱ প্ৰকাশিত হ’লে সি উচ্চতৰ সাহিত্যৰ মৰ্যাদা লাভ কৰে। শংকৰদেৱে এই গীতটিত সীমিত শব্দৰ মাজেৰে যি গভীৰভাৱ আৰু সূক্ষ্ম অনুভূতি প্ৰকাশ কৰিছে সেয়া নিতান্তই উচ্চতম সাহিত্যৰ লক্ষণ। ইংৰাজ কবি কলৰাজে কবিতাৰ এটি শ্ৰেষ্ঠ সংজ্ঞা প্ৰদান কৰিছিল ‘Best words in best order? অৰ্থাৎ উৎকৃষ্টতম শব্দপুঞ্জৰ উৎকৃষ্টতম বিন্যাসেই কবিতা। শংকৰদেৱৰ এই বৰগীতটি যেন সেই সংজ্ঞাৰ যথাৰ্থ প্ৰতিফলন ঘটিছে। বৰগীতটিত ব্যৱহাৰ কৰা প্ৰতিটো শব্দই গভীৰ অৰ্থৱহ আৰু নিতোল। ইয়াৰ এটাও শব্দ যদি কবিতা শৰীৰৰ পৰা আঁতৰাই সমার্থক আন শব্দ প্ৰয়োগ কৰা হয়, কবিতাৰ অৰ্থ ঠিকেই থাকিব সঁচা, কিন্তু সৌন্দর্য মুঠেই নাথাকে। উদাহৰণস্বৰূপে ‘বাৰিধি’ৰ সলনি সাগৰ বা সমুদ্র, ‘শংকা’ৰ সলনি ভীতি, ‘মহীধৰ’ৰ সলনি পৰ্বত আদি শব্দৰ সমাহাৰ হ’লে কাব্যার্থ থাকিলেও কবিতাৰ শ্ৰুতি মাধুৰ্য তথা সৌন্দর্য অনুভৱ কৰিব পৰা নাযাব। কবিতাটিত শব্দৰ এনে এটি শৃংখল পোৱা যায়, যি মুকুটা মণিৰ দৰে স্বচ্ছ, নিতোল তথা মসৃণ। এনে ৰচনা শ্রেষ্ঠতম কবি প্ৰতিভাৰে পৰিচায়ক নিশ্চয়। বৰগীতটিয়ে শব্দশিল্পী শংকৰদেৱৰ অনুপম প্ৰতিভাৰ উজ্জ্বল নিদৰ্শন পাঠক শ্ৰোতাৰ আগত দাঙি ধৰে।
২। শব্দৰ অৰ্থ লিখা।
উত্তৰঃ বৈৰী — (সং-বৈৰী) অহিত সাধৌতা, শত্রু।
প্রমাণাঃ (সং-প্রমাণ কোনো বস্তু বা বিষয়ৰ যথাৰ্থ জ্ঞান। উৎপত্তিৰ সাখ্য বা কাৰণ) মূৰ্ত্ত প্রতীক, স্বৰূপ কাৰণ।
নিশাচৰঃ (সং-নিশাচৰ-নিশা বিচৰণ কৰা প্ৰাণীসমূহ) ৰাক্ষস।
নাশঃ (সং-নাশ) ধ্বংস, সংহাৰ, ক্ষয়, বিনাশ।
পয়ানাঃ (সং-প্রয়াণ) প্রস্থান, গমন, যাত্রা, যুদ্ধযাত্রা
ঠাটঃ (হিন্দী-ঠাট) প্ৰভাৱশালী, শৌর্যশালী, শত্ৰুক বাধা দিব পৰা বা পৰাভৱ কৰিব পৰা শক্তিসম্পন্ন।
গৰ গৰঃ দুটা অৰ্থ (১) কোনো ৰাজ্য শত্ৰুৰপৰা ৰক্ষা কৰিবৰ উদ্দেশ্যে বা শত্রুক বাধা দিবৰ কাৰণে ওখকৈ দিয়া ভেটা)
(২) বাগৰি যোৱা, শব্দ কৰি বাগৰি যোৱা।
ঘাৱেঃ (সং- ঘাত-প্ৰহাৰ) আঘাত।
পদঘাৱেঃ ভৰিৰ আঘাত।
বাৰিধিঃ (সং ৱাৰি পানী + ধাৰিন-ধাৰণ কৰোঁতা) সাগৰ।
তৰিঃ (সং-তৃ- তৰ্ উদ্ধাৰ হ) পাৰ হৈ, অতিক্ৰম কৰি।
তথিঃ (সং- তৎ- সেই, তাত) সেই ঠাইত, তাত।
গিৰিঃ পৰ্বত।
সমৰকঃ যুদ্ধৰ হেতু
ধাৱেঃ (সং-ধাৱ, ধাৱন) আগ বাঢ়িছে
বিয়পিয়াঃ (সং- ব্যাপন) বিয়পি পৰা, ব্যাপ্ত।
চৌগঢ়েঃ (সং-চতু + হিন্দী- গঢ়) চাৰিওফালে কোঠ পাতি।
বেঢ়লিঃ (সং-বেঢু-আগুৰি ল) বেৰি ধৰিছে, আগুৰি লৈছে অৰ্থত।
ঘোষঃ ধ্বনি, চিৎকাৰ, ঘোষণা।
মৰিষণঃ (সং-ঘৰ্ষণ) -ঘঁহনি।
শ্ৰৱণেঃ (সং-শ্ৰৱণ) শুনিলেই।
জনময়ঃ (জন্ম) ওপজে, কোনো অনুভূতিৰ সঞ্চাৰ হোৱা।
সঙ্কাঃ (সং-শংকা) ভয়।
সুৰঃ দেৱতা।
সুৰ সেখৰঃ শ্রেষ্ঠ দেৱতা।
ঝাম্পেঃ (হিন্দী- ঝাঁপনা) প্রতিপক্ষৰ অগোচৰে সষ্টম হোৱা। আক্ৰমণৰ বাবে চোপ লৈ থকা।
মহীধৰঃ পর্বত।
প্রকাম্পেঃ (সং-প্ৰ+কম্প) থৰ থৰকৈ কপাঁ মুগুধঃ (সং-মুগ্ধ) জড়বুদ্ধি, মূর্খ, মূঢ়।
দশকন্ধঃ (সং-কন্ধ- শৰীৰৰ ওপৰভাগ) ৰাৱণক বুজোৱা এটা নাম।
চড়াইঃ (হিন্দী-চড়, ওপৰলৈ উঠ) তুলি লৈ আগত স্থাপন কৰা।
ৰঘুপতিঃ ৰামচন্দ্ৰ।
পদ বৰঃ শ্রেষ্ঠ চৰণ যুগল।
ধৰঃ ধাৰণ কৰা, আশ্রয় লোৱা ৷
ৰজনীচৰঃ ৰাক্ষস, নিশাচৰ।
শংকৰ কহতু উপায়ঃ (ৰাৱণে তেওঁৰ দ্বাৰা সংঘটিত অপৰাধৰ পৰা নিস্তাৰ পোৱাৰ উপায়) শংকৰদেৱে এই উপায়কে সূচিত কৰিছে।
৩। পীতাম্বৰ কবিৰ কাব্যিক সৌন্দর্যৰ বিষয়ে আলোচনা কৰা?
উত্তৰঃ পঞ্চাদশ শতিকাৰ শেষ ভাগৰ পৰা ষোড়শ শতিকাৰ আদি ভাগত বৈষ্ণৱ আন্দোলনৰ প্ৰভাৱমুক্ত কেইজনমান কবিৰ উদ্ভৱ হয়। মনকৰ; দুৰ্গাবৰ, সুকবি নাৰায়ণদেৱৰ লগতে পীতাম্বৰো তেওঁলোকৰ মাজৰ এজন৷ এই কবিসকলক পাঁচালী কবি আৰু তেওঁলোকৰ সাহিত্যক পাঁচালী নামে জনা যায়। প্রসংগতে উল্লেখনীয় যে পাঁচালী সাহিত্যৰ দুটা ভাগ— এটা মনসা বা পদ্মাদেৱীৰ মাহাত্ম্য প্রকাশক আৰু আনটো ৰামায়ণ, মহাভাৰতৰ, পুৰাণ কাহিনী সম্বলিত। দুয়োবিধৰে বিষয়বস্তুৰহে পার্থক্য আছে, ৰচনা ৰীতিত নাই। এই ৰচনাবোৰ ওজাপালি গোৱাৰ বাবেহে ৰচিত। মনসাৰ মাহাত্ম্যসমূচক ৰচনাৰাজিক বিষহৰীৰ গীত আৰু পৌৰাণিক কাহিনীক লৈ ৰচিত কাব্যসমূহক বিয়াহৰ গীত বুলি কোৱা হয়।
বৈষ্ণৱ প্ৰভাৱমুক্ত কবিসকলৰ ভিতৰত পীতাম্বৰ সৰ্বশ্ৰেষ্ঠ। মহাপুৰুষ শংকৰদেৱৰ এওঁ সমসাময়িক। তেওঁৰ কাব্যৰ মাজৰপৰা সমল সংগ্ৰহ কৰি এই কথা ক’ব পাৰি যে পীতাম্বৰে কমতাপুৰত বাস কৰিছিল আৰু কুমাৰ সমৰ সিংহ অৰ্থাৎ চিলাৰায় দেৱানৰ অনুপ্ৰেৰণাত তেওঁ কাব্য চৰ্চা কৰিছিল। সংস্কৃত ভাষা আৰু শাস্ত্ৰত পীতাম্বৰৰ যথেষ্ট ব্যুৎপত্তি আছিল। মার্কণ্ডেয় চণ্ডীৰ ভণিতাত ‘নাৰায়ণ পৰসনে’ ৰচনা কৰা বুলি উল্লেখ কৰালৈ চাই এই কথা ক’ব পাৰি ধৰ্মবিশ্বাসৰ ক্ষেত্ৰত তেওঁ বৰ উদাৰ আছিল আৰু সকলো দেৱ-দেৱীৰ প্ৰতি শ্ৰদ্ধা থকাৰ লগতে বৈষ্ণৱ পন্থাকো শ্রদ্ধা কৰিছিল।
পীতাম্বৰ কবি ঘাইকৈ ‘ঊষা-পৰিণয়’ কাব্যপুথিৰ বাবে বিখ্যাত। তেওঁ যে কমতাপুৰত থাকি এই কাব্য ৰচনা কৰিছিল সেই কথা ‘ঊষাপৰিণয়’তে সুস্পষ্ট। ‘ঊষা-পৰিণয়’ পীতাম্বৰৰ প্ৰথম গ্রন্থ। কাব্যখনৰ মূল হৈছে ‘খিল হৰিবংশ’। হৰিবংশৰ বিষ্ণুপৰ্বৰ ১১৬-১২৮ অধ্যায়, শ্ৰীমদ্ভাগৱত দশম স্কন্ধৰ, ৬২-৬৩ অধ্যায়, ‘কুমৰ-হৰণ’ আৰু ‘ঊষাপৰিণয়’ৰ কাহিনী বর্ণনা পোৱা যায়। আটাইবোৰতে মূল ঘটনা একে থাকিলেও ঘটনা বিশেষত প্ৰভেদ লক্ষ্য কৰা যায়। পীতাম্বৰ কবিৰ ‘ঊষা-পৰিণয়’ সম্পূৰ্ণৰূপে হৰিবংশৰ ঘটনাৰ ভেটিত ৰচিত। ভাগৱতৰ মূল ‘দৃষ্টা-কিঞ্চিজুগুপ্সিতম্’ এই কাব্যাংশৰ অনুবাদ হিচাপে পীতাম্বৰ কবিয়ে ৰচনা কৰিছে–
বিলাপ কৰি কান্দে দেৱী ৰক্ক্মিণী।
কোন অঙ্গে খুন দেখি নাইলা যদুমণি।।
এই পদ শংকৰদেৱে শুনি পীতাম্বৰক, ‘শাক্ত কামসিক’ আৰু ‘ধৰ্ম’
ধৰিবাৰ সিটো যোগ্য নোহে লোক’ বুলি সাব্যস্ত কৰিছে। সতেন্দ্ৰনাথ শৰ্মাই কৈছে যে মহাপুৰুষ শংকৰদেৱৰ নিৰহ-নিপানী একশৰণ ধৰ্ম প্ৰৱৰ্তিত আৰু প্ৰচাৰ হোৱা সময়ত বা, তাৰ আগমুহূৰ্তত কামৰূপত প্ৰচলিত বৈষ্ণৱ ধৰ্মৰ ‘ঊষা-পৰিণয়’ এক প্ৰকাৰ মানদণ্ড স্বৰূপ বুলিও ক’ব পাৰি, কিয়নো কবিসকলৰ বৈষ্ণৱ ভাৱাপন্ন হ’লেও এক শৰণীয়া নিষ্ঠা তেওঁলোকত লক্ষ্য কৰা নাযায়।
‘ঊষা-পৰিণয়’ত পীতাম্বৰে ঊষাক যিমান যত্ন সহকাৰে ৰূপায়িত কৰিছে, চৰিত্ৰটো কিন্তু সিমানভাৱে ফুটি উঠা নাই। কাব্যখনৰ শেষৰ ফালে বাণেই নায়ক স্বৰূপ হৈ পৰিছে। অনিৰুদ্ধ প্ৰথমে এজন প্রেমিক যুৱক, মধ্যাংশত গর্বিত নায়ক আৰু শেষত তেঁৱেই হৈ পৰিছে কৃষ্ণবলোৰামৰ একান্ত বাধ্য এজন নিৰ্জু যুৱক।
‘ঊষা-পৰিণয়’ত উৎকট শৃঙ্গাৰ ৰসে প্রাধান্য লাভ কৰিছে। পিছলৈ শৃঙ্গাৰ ৰস ৰৌদ্ৰৰসত পৰিণত হৈছে। সেইদৰে হৰি-হৰ আৰু বীৰসকলৰ গালি-শপনি, তর্কতর্কিত হাস্যৰসৰ সন্ধান পোৱা যায়। ঊষাৰ প্ৰতিটো উপমা লোৱা হৈছে প্ৰকৃতিৰ পৰা। হৰ-গৌৰীৰ কাম-ক্রীড়া দেখি ঊষাৰ মনতো তেনে অনুভূতিৰ সৃষ্টি হয়। ই যেন এক লৌকিক আদর্শ। কাব্যখনিৰ অনেক ঠাইত বিষ্ণু বা কৃষ্ণৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰা হৈছে। কাব্যখনিৰ প্ৰত্যেক অধ্যায়ৰ শেষত কৃষ্ণক বা নাৰায়ণক প্ৰণাম জনোৱা হৈছে।
কাব্যখনত পীতাম্বৰ কবিৰ মৌলিক প্রতিভাই সোণত সুৱগা চৰাইছে। হৰিবংশত চিত্ৰলেখা স্বাভাৱিক ভাৱেই চিত্রাঙ্কনত নিপুন; কিন্তু পীতাম্বৰ কবিৰ মতে শংকৰৰ প্ৰসাদ লাভ কৰিহে চিত্ৰলেখা চিত্ৰবিদ্যাত নিপুণ হৈ উঠিছে। কোকিল ধাইৰ চৰিত্ৰটোত কবিৰ মৌলিক প্রতিভা উপচি পৰিছে। কামসেনা যক্ষিণী আৰু কোকিলাধাইৰ কাৰ্যকলাপ, অনিৰুদ্ধৰ বিৰহ দুখত সন্নাসী হোৱাৰ প্ৰচেষ্টা, কৃষ্ণই অনিৰুদ্ধক প্রবোধ দিয়া কাৰ্য আদিত পীতাম্বৰৰ কবি-প্রতিভা প্রকাশ পাইছে।
পীতাম্বৰৰ দ্বিতীয়খন গ্ৰন্থ ভাগৱতৰ দশম স্কন্ধ। তেওঁ ১৫৪০ খৃষ্টাব্দত বা তাৰ দুই-চাৰি বছৰৰ ইফালে সিফালে ভাগৱত দশম স্কন্ধ ৰচনা কৰে। পয়াৰ আৰু ত্ৰিপদী ছন্দত ই ৰচিত। পীতাম্বৰৰ আন এখন গ্ৰন্থ হৈছে মার্কেণ্ডয়ী চণ্ডী। পীতাম্বৰে মূল সংস্কৃতৰ পৰা এইখন মুকলি অনুবাদ কৰিছে। এইখন কাব্যৰ মাজতো কবিজনাৰ পাৰদৰ্শিতা লক্ষ্য কৰা যায়।
পীতাম্বৰে ৰচনা কৰা আন এখন কাব্য হ’ল ‘নল-দময়ন্তী’। এই কাব্যপুথিখন পদ, লেছাড়ি, দীৰ্ঘ ছন্দত ৰচনা হৈছে। ই গীত আৰু পদ সংমিশ্ৰিত ৰূপ। নল-দময়ন্তীৰ বেদনাসিক্ত কাহিনী, দময়ন্তীৰ বিৰহ কাতৰা আৰু মদন-বিহ্বল অৱস্থাৰ কথা পীতাম্বৰে অতি দক্ষতাৰে বৰ্ণনা কৰিছে। মহেশ্বৰ নেওগৰ ভাষাত, ‘পীতাম্বৰ এটি বিশেষ ঐতিহ্যৰ এজন শ্রেষ্ঠ কবি।’ De
৪। ঊষা পৰিণয়ৰ চিত্ৰলেখাৰ চিত্ৰপট নির্মাণ’ সম্পর্কে আলোচনা কৰা?
উত্তৰঃ চিত্ৰলেখাৰ চিত্ৰপট নির্মাণ কাব্যখনিৰ ৰচক পীতাম্বৰ কবি। এওঁ শংকৰদেৱৰ সমসাময়িক কবি। ঘৰ কমতাপুৰত। বৈষ্ণৱ যুগৰ কবি যদিও এওঁ বৈষ্ণৱ ভাৱাপন্ন নাছিল। অনস্বীকার্য যে পাঁচালী কবিসকলৰ ভিতৰত পীতাম্বৰ আছিল অন্যতম। পীতাম্বৰ ৰচিত চাৰিখন গ্ৰন্থ— ঊষা পৰিণয়, ভাগৱত দশম স্কন্ধ, মার্কণ্ডেয় চণ্ডী আৰু নলদময়ন্তী। গ্ৰন্থ চাৰিখনৰ কেৱল ঊষা-পৰিৰ্ণয় কাব্যখনিহে প্ৰকাশ হৈ ওলাইছে। ১৪৫৫ শকত কাব্যখন ৰচিত। এইখনেই প্রথম কাব্য। তৰুণ বয়সত ৰচিত কাৰণে কাব্যখনত আদি আৰু বীৰ ৰসাত্মক বর্ণনা আৰু কল্পনাৰ ৰহন বিশেষভাৱে মন কৰিবলগীয়া।
ঊষা পৰিণয় মূল কাহিনীভাগ হৰিবংশৰ। ঊষা পৰিণয় (চিত্ৰলেখা চিত্রপট নির্মাণ) অংশত কাহিনী বর্ণনা কৰা মতে বানৰজাৰ ঘৰত ঊষা ডাঙৰ-দীঘল হৈ গাভৰু হয়। অতিশয় সুন্দৰী ঊষাই বসন্ত কালত এদিন সখীসকলৰ সতে আনন্দ কৰিবৰ মনেৰে গ’ল। সেই উপবনলৈ ইতিমধ্যে হৰ-পাৰ্বতী আহিছে। হৰ-পাৰ্বতীৰ কাম-কেলি দেখি ঊষা মন উন্মনা হৈ পৰিল। ঊষাই মনে মনে ভাবিলে—
বসন্ত সময়ে যাৰ কোনে নাহি পতি
অকাৰণে প্ৰাণ ধৰে সেহিসে যুৱতী।।
দূৰৰ পৰাই ঊষাৰ মনোভাৱ জানিব পাৰি পাৰ্বতীয়ে চিত্ৰলেখা নামৰ অপ্সৰা গৰাকীক আৰু কামসেনাক পঠিয়াই ঊষাক নিজৰ ওচৰলৈ মতাই আনিলে, “চিত্রলেখা দিয়া তাক আনিল ডাকিয়া।” (পদ-১০৪) আকৌ.“কামসেনা দিয়া তাকে আনিল মতায়া” (পদ ১১৫)
ঊষাৰ মন বুজি পাই হৰ-পাৰ্বতীয়ে তেওঁক পতি লাভৰ বৰ দিলে৷ ব’হাগ মাহৰ শুক্লপক্ষৰ দ্বাদশী তিথিত সপোনত যিজন পুৰুষ লগ পাবা সেইজনাই তোমাৰ স্বামী হ’ব।” লগতে অপ্সৰা চিত্ৰলেখাক ঊষাৰ সখী হিচাপে দিলে। বৰ দি হৰ-পাৰ্বতী কৈলাসলৈ গুচি গ’ল। চিত্ৰলেখায়ো সখীক চুম্বন কৰি “স্মৰণ কৰিলেই মোক পাবা” বুলি বিদায় দিলে।
হৰ-পাৰ্বতীয়ে যখিনী কামসেনাক মাতি আনি দ্বাৰকালৈ গৈ ঊষাৰ ৰূপ ধৰি অনিৰুদ্ধ মন মুহিবৰ কাৰণে পঠিয়াই দিলে। কামসেনাই আহি ঊষাৰ বেশ ধৰি এনিশা অনিৰুদ্ধৰ লগত থাকি ৰতিৰসত তেওঁক ডুবাই গ’ল। পুৱা সাৰ পাই কাষত কন্যাক বিচাৰি নাপাই অনিৰুদ্ধ ব্যাকুল হৈ পৰিল। তেওঁ আনকি সপোনত পোৱা কন্যা নাপালে সন্যাসী হৈ যাবৰ সাজু হ’ল। তেওঁৰ অৱস্থাৰ কথা কৃষ্ণক জনোৱাত কৃষ্ণই নাতিয়েকক প্রবোধ দিলে যে সপোনত দেখা পোৱা কন্যা তেওঁক আনি দিয়া হ’ব। ইতিমধ্যে অনিৰুদ্ধক ৰাখিবৰ কাৰণে কৃষ্ণই বলভদ্ৰক প্ৰহৰী নিয়োগ কৰিলে।
পাৰ্বতীৰ পৰা পোৱা বৰৰ কথা ঊষাই পাহৰি গ’ল। কিন্তু ব’হাগ মাহৰ নিৰ্দিষ্ট দিনত সপোনত তেওঁ পুৰুষ এজন লগ পালে। পুৱা নিজৰ দেহৰ অৱস্থা দেখি তেওঁ নিজেই লজ্জ্বিত হ’ল।
ঋতুমতি আপুনাকে দেখিয়া সুন্দৰী।
কান্দে’ নিৰন্তৰে বহে নয়নেৰ কৰি।।
মন্ত্ৰী কুভাণ্ডৰ জীয়ৰী বামাৰ আগত ঊষাই নিজৰ কুমাৰীব্ৰত ভংগৰ হোৱাৰ কথা ভাঙি পাতি ক’লৈ আৰু ‘অরিবাহিতা’ অৱস্থাত এনে হোৱা অতিশয় লজ্জ্বিত হৈ অগ্নিত জাপ দি নিজকে ধ্বংস কৰাৰ সংকল্প ল’লে ৷ তেতিয়া বামাই তেওঁক বনত ভ্ৰমণ কৰোঁতে হৰ-পাৰ্বতীয়ে দিয়া বৰৰ কথা সোঁৱৰাই দিলে। তেতিয়াহে ঊষাৰ মনৰ সংশয় গুচিল। তেওঁ হৃদয়েৰে স্বামীৰ কথা চিন্তা কৰিবলৈ লাগিল আৰু ‘দান মদনে তেওঁ উন্মত্ত হৈ পৰিল৷ বিৰহ দুখত কাতৰ হৈ পৰা ঊষাই বামা সখীয়ে চিত্ৰলেখাৰ কথা সোঁৱৰাই দিলে। সখীৰ কথা মতে স্মৰণ কৰা মাত্রকে চিত্ৰলেখা আহি ঊষাৰ কাষত উপস্থিত হ’ল। চিত্ৰলেখাৰ আগত ঊষাই নিজৰ বিৰহৰ কথা ক’লে আৰু চিত্ৰলেখাই তিনিলোকৰ চিত্ৰ অঁকাত প্রবৃত্ত হ’ল। চিত্ৰলেখাৰ চিত্ৰত অনিৰুদ্ধক দেখা পাই সেইজনেই তেওঁৰ স্বামী বুলি জনালে। চিত্ৰলেখাৰ মুখেদি অনিৰুদ্ধ কৃষ্ণৰ নাতি বুলি ঊষাই জানিব পাৰিলে৷ অনিৰুদ্ধ কোঁৱৰক আনি দিবৰ কাৰণে ঊষাই চিত্ৰলেখাক খাটনি ধৰিলে ৷ দ্বাৰকাৰ পৰা কৃষ্ণৰ নাতি অনিৰুদ্ধক অনা খুৱ দুৰূহ কাৰ্য বুলি চিত্ৰলেখাই ক’ল—‘মঞি নপাৰিবো হে কুমাৰ হৰিবাৰে।’ নিৰাশ হৈ ঊষাই অগিত জাপ দি আত্মহত্যা কৰিব খুজিলে। তেতিয়া চিত্রলেখাই তেনে কাৰ্যৰ পৰা বিৰত কৰিলে আৰু অনিবদক আনি দিব বুলি কথা দিলে।
সখীয়েকক কথা দিয়েই পবন সমান গতিত ৰথ চলাই চিত্ৰলেখা দ্বাৰকালৈ যাত্ৰা কৰিলে। দ্বাৰকা নগৰ পায়েই পানী খাবৰ কাৰণে ৰপৰ পৰা নামি নদীৰ কাৰ্যলৈ যাওঁতেই চিত্রলেখাই নাৰদক লগ পালে, নাৰদৰ আগত চিত্ৰলেখাই নিজৰ উদ্দেশ্যৰ কথা ক’লে। কিন্তু কুমাৰক হৰ কৰা যে খুব কঠিন কাম সেই কথা নাৰদে চিত্ৰলেখাক বিৱৰি ক’লে। কুমাৰৰ অবিহনে ঊষাই প্রাণত্যাগ কৰাৰ কথা শুনি নাৰদে চিত্রলেখাক তামসী বিদ্যা শিকাই দিলে। তামসী বিদ্যাতে চিত্রলেখাই অনিৰুদ্ধৰ ৰখীয়াসকলোকে নিদ্ৰাৰ কবলত পেলাই গৃহৰ ভিতৰত প্ৰৱেশ কৰিলে। অনিৰুদ্ধকো একেদৰেই নিদ্ৰাদেৱৰ কোলালৈ ঠেলি দিলে। অনিৰুদ্ধৰ অংগপশাৰ লগে লগে চিত্ৰলেখাৰ দেহতো পঞ্চবানৰ পশ লাগিল। গোটেই দেহ ঘৰ্মেৰে ৰোমাঞ্চিত হৈ পৰিল। তথাপি বিষ্ণু নাম স্মৰণ কৰি নিদ্রা অৱস্থাতে অনিৰুদ্ধক ৰথত তুলি দ্বাৰকা এৰি শোণিতপুৰলৈ যাত্ৰা কৰিলে।
ৰথত আহোঁতে বাটতে অনিৰুদ্ধই সাৰ পাই এক যুৱতী নাৰীৰ লগত নিজকে দেখা পাই আচৰিত হ’ল। তেতিয়া চিত্ৰলেখাই নিজৰ পৰিচয় দিলে আৰু সকলো কথা বিৱৰি ক’লে। শোণিতপুৰৰ ওচৰ পোৱাৰ লগে লগে অগ্নিগড় দেখি অনিৰুদ্ধ আতংকিত হৈ পৰিল। চিত্রলেখাই আশ্বাস দিলে যে অগ্নিগড় লংঘন কৰি তেওঁলোকে সহজেই যাব পাৰিব। মায়া পোহৰত অনিৰুদ্ধই আনকি নিশাৰ ভাগতে দৈত্যপুৰীখনো ভালকৈ চাই ল’লে।
তাৰ পিছত অনিৰুদ্ধক ঊষাৰ লগত চমজাই দিয়েই চিত্ৰলেখাৰ কাৰ্যৰ অন্ত নপৰিল। তেওঁ ঊষা-অনিৰুদ্ধৰ মাজত গন্ধর্ব প্রথা অনুযায়ী বিবাহ সম্পাদন কৰালে। সেই বিবাহৰ কথা কেইগৰাকীমান সখীৰ বাহিৰে কোনেও নাজানিলে।
ইয়াতেই চিত্ৰলেখাৰ কৰ্তব্যৰ সামৰণি পৰিছে।