Axomiya Kobitar Saneki Unit 1 অসমীয়া কবিতাৰ সংক্ষিপ্ত ইতিহাস

Axomiya Kobitar Saneki Unit 1 অসমীয়া কবিতাৰ সংক্ষিপ্ত ইতিহাস, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Axomiya Kobitar Saneki Unit 1 অসমীয়া কবিতাৰ সংক্ষিপ্ত ইতিহাস Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Axomiya Kobitar Saneki Unit 1 অসমীয়া কবিতাৰ সংক্ষিপ্ত ইতিহাস Question Answer can be of great value to excel in the examination.

Axomiya Kobitar Saneki Unit 1 অসমীয়া কবিতাৰ সংক্ষিপ্ত ইতিহাস

Join Telegram channel

Axomiya Kobitar Saneki Unit 1 অসমীয়া কবিতাৰ সংক্ষিপ্ত ইতিহাস Notes cover all the exercise questions in UGC Syllabus. The Axomiya Kobitar Saneki Unit 1 অসমীয়া কবিতাৰ সংক্ষিপ্ত ইতিহাস provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

অসমীয়া কবিতাৰ সংক্ষিপ্ত ইতিহাস

ASSAMESE

AXOMIYA KOBITAR SANEKI

অসমীয়া কবিতাৰ চানেকি

১। প্ৰত্ন অসমীয়া কবিতা সম্পর্কে এটি আলোচনা আগবঢ়োৱা?

উত্তৰঃ অসমীয়া কবিতা বুলিলে চর্যাপদ, শ্রীকৃষ্ণ কীৰ্ত্তন, শূন্য পুৰাণ আদিকেই প্রধানত সামৰি লোৱা হয়। তলত আটাইবোৰৰ বিষয়ে এটি আলোচনা আগবঢ়োৱা হ’ল—

চৰ্যাপদঃ চৰ্যাপদবোৰ অৱশ্যে উদ্ধাৰ হোৱা বৰ বেছিদিন হোৱা নাই। ১৯০৪ খ্রীষ্টাব্দত (এই সময় সম্পর্কত দ্বিমত নথকা নহয়) মহামহোপাধ্যায় হৰপ্ৰসাদ শাস্ত্ৰীয়ে নেপালৰ ৰাজকীয় গ্রন্থাগাৰৰপৰা চর্যাচর্য বিনিশ্চয়, সৰোজবজ্ৰৰ দোহাকোষ, কৃষ্ণাচাৰ্যৰ দোহাকোষ আৰু ডাকাৰ্ণৱ নামে চাৰিখন পুথি উদ্ধাৰ কৰি ১৯১৬ চনত হাজাৰ বছৰেৰ পুৰাণ বাঙ্গালা ভাষায় বৌদ্ধ গান ও দোহা নাম দি বঙ্গীয় সাহিত্য পৰিষদৰ পৰা প্ৰকাশ কৰে।

চর্যাচর্য বিনিশ্চয়ৰ অৰ্থ হৈছে চৰ্য আচৰণীয় + অচর্য = অনাচৰণীয়; বিনিশ্চয় = নিৰূপণ বা নিৰ্ধাৰণ; অর্থাৎ বৌদ্ধ ধৰ্মৰ আচাৰব্যৱহাৰ, বিধি-নিষেধ সম্বন্ধীয় শাস্ত্র। উল্লেখযোগ্য যেচর্যাচর্য বিনিশ্চয় নামটি শাস্ত্ৰীদেৱে দিয়া। মূল পুথিখনৰ নাম আছিল চর্যাগীতিকোষ। যি কি নহওক এই পুথিখনত ৪৬ টা সম্পূৰ্ণ আৰু এটা খণ্ডিত গীত পোৱা যায়। এই গীতসমূহ ২৪ জন সিদ্ধাচাৰ্যৰ দ্বাৰা ৰচিত। এই সিদ্ধাচাৰ্যসকলৰ ভিতৰত লুইপা (লৌহিত্যপাদ), সৰহপা/সৰহপাদ, মীননাথ, মৎস্যেন্দ্রনাথ (মছীন্দ্ৰ) আদি লোকসকল পুৰণি কামৰূপৰ লোক আছিল বুলি প্ৰসিদ্ধি আছে। আনহাতে তিবৃতীগ্রন্থ Pag Sam Jon Zan ৰ মতেও সহপা কামৰূপৰ ৰাজ্ঞী অঞ্চলৰ লোক আছিল বুলি উল্লেখ আছে। সেই ৰাজ্ঞী পুৰণি কামৰূপৰ ৰাণী অঞ্চল বুলি পণ্ডিতসকলে অনুমান কৰে। এইখিনিতে স্বাভাৱিকতে এটি প্রশ্নৰ উদয় হ’ব পাৰে যে বাঙালীসকলে তেওঁলোকৰ সম্পত্তি বুলি দাবী কৰা এই চৰ্যাপদসমূহক আমাৰ লিখিত সাহিত্যৰ প্ৰথম সাহিত্যিক নিদর্শন হিচাপে টানি অনাৰ আৰু কিবা যুক্তি আছেনে? যুক্তি নিশ্চয় নোহোৱা নহয়ঙ্গ কিয়নো—

(১) অসমীয়া ভাষাত নিষেধাৰ্থক ‘ন’ ক্ৰিয়াৰ আগত বহে চর্যাপদতো নিষেধাৰ্থক ‘ন’ ক্ৰিয়াৰ আগত বহে; যেনে— ন জাই, ন লেই আদি। 

(২) অতীত কলাৰ ক্ৰিয়া বুজাবলৈ ল, ইলা আদি প্ৰত্যয় অসমীয়াৰ দৰেই ব্যৱহাৰ কৰিছে। যেনে— চোৰে নিল; বিবাহে চলিলা ইত্যাদি ।

(৩) অসমাপিকা ক্রিয়া বুজাবলৈ ই আৰু ইয়া প্ৰত্যয় অসমীয়াৰ দৰে চৰ্যাটো ব্যৱহাৰ হৈছে। যেনে— গই (গৈ); উঠি, মাৰিআ আদি ।

(৪) বিভক্তিযুক্ত পদবোৰো অসমীয়াৰ দৰেই হুবহু ৷ প্ৰথমা বিভক্তিৰ এ, ই – যেনে— কুম্ভীৰে খাঅ, ৰুখেৰ তেন্তেলি; দ্বিতীয়া বিভক্তিৰ— ‘ক’ যেনে— ঠাকুৰক পৰিনিবিতা ইত্যাদি। 

(৫) বহুবচনাত্মক প্রত্যয় আধুনিক অসমীয়াৰ ‘সকল’ চৰ্যাত সঅল হিচাপে ব্যৱহাৰ হৈছে। যেনে— মণ্ডলসঅল।

(৬) তদুপৰি কিছুমান অতি ঘৰুৱা অসমীয়া শব্দও চর্যাত দেখা যায়। যেনে— ঘৰ, চকা, পানী, ভাত, তেন্তেলি, তৰু, চোৰ ইত্যাদি। 

এনেবোৰ ধ্বনিতাত্ত্বিক, ৰূপতাত্ত্বিক সাদৃশ্যৰ বাবেই চৰ্যাপদসমূহক আমাৰ অসমীয়া সাহিত্যৰ প্ৰথম লিখিত নিদৰ্শন বুলি সামৰি লোৱা‌ হৈছে ।

চৰ্যাপদৰ বিষয়বস্তু সাঁথৰৰ দৰে ৰহস্যপূর্ণ; ইয়াৰ বাহ্যিক অর্থ যিমান সহজ; গূঢ়ার্থ বা মমার্থ কিন্তু সিমান সহজ নহয়। প্রত্যেকটো এক ৰহস্যঘন আৱৰণেৰে আৱৰি ৰাখিছে। ইয়াত সাধনতত্ত্বৰ কথাবোৰ সাংকেতিক ভাষাত লিখা হৈছে। সেয়ে গুৰুৰ আশ্রয় অবিহনে | ইয়াৰ মমাৰ্থ বুজা কঠিন হৈ পৰে; যি বোবা গুৰুৱে কলা শিষ্যক (গুৰু বোব সে সীস কাল) বুজোৱা কিছুমান ইংগিত মাথোন। গুৰুৰ আশ্ৰয়ৰ কথা এটি চর্যাত নিৰ্দেশ দিছে এনেদৰে —

দিঢ় কৰিঅ মহাসুহ পৰিমাণ।

লুই ভনই গুৰু পুচ্ছিঅ জান।

এনে ৰহস্যঘন ভাষাৰ বাবেই হৰপ্ৰসাদ শাস্ত্ৰীদেৱে চৰ্যাপদৰ ভাষাক সন্ধ্যাভাষা বুলি মত পোষণ কৰিছে। সন্ধ্যাৰ আধা আলো আধা ছায়াৰ ৰহস্যঘনতাই আৱৰি থকাৰ বাবেই হয়তো এই ভাষাক সন্ধ্যাভাষা বুলিবলৈ বাধ্য হৈছে। চৰ্যাপদৰ ভাষা সাংকেতিক হোৱাৰ মূলতে অৱশ্যে আন এক কাৰণো জড়িত নোহোৱা নহয় ! সেই সময়ত অসমত শাক্ত,  শৈৱ, বৈষ্ণৱ আদি অন্যান্য ধৰ্মাৱলম্বীলোক তথা ৰাজৰোষৰ ভয়তে বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে এই ধর্ম গোপনে আচৰণ কৰিবলগীয়া হোৱাৰ বাবেও এই ধৰ্ম সাধনতত্ত্বৰ গীতবোৰৰ ভাষা সাংকেতিক হোৱা বুলি অনুমান কৰিব পাৰি। গীতবোৰৰ মাজেৰে সংসাৰৰ অনিত্যতা, নিৰ্বাণ লাভৰ উপায় সম্পর্কে উল্লেখ পোৱা যায়। মায়া বা অবিদ্যাক  নাশ কৰি অহংভাবৰ বিলুপ্তি ঘটাই শূন্যতাত স্থিত হ’ব পাৰিলেই যে  সহজানন্দ লাভ হয়; এই কথাও চৰ্যাপদসমূহৰ মাজেৰে বুজাবলৈ যত্ন কৰা হৈছে।

অসমীয়া সাহ্যিতৰ প্ৰথম লিখিত সাহিত্য তথা প্রথম পদ্য সাহিত্য হিচাপে ইয়াৰ সাহিত্যিক মূল্য অৱশ্যেই স্বীকাৰ কৰিবলগীয়া। গাবৰ কাৰণে ৰচনা কৰা চৰ্যাপদবোৰক ভাব, ৰচনাৰীতি আৰু সাংগীতিক গুণৰ ফালৰপৰা চৰ্যাপদক দেহ বিচাৰৰ গীত আৰু বৰগীতৰ লগত তুলনা কৰিব পাৰি। দেহবিচাৰ গীত আৰু বৰগীতৰ দৰে চৰ্যাপদবোৰো নাতিদীর্ঘ ছন্দোবদ্ধ ৰচনা। দেহবিচাৰ গীত আৰু বৰগীতৰ দৰে চৰ্যাপদবোৰে৷ নাতিদীর্ঘ ছন্দোবদ্ধ ৰচনা। দেহবিচাৰ গীত আৰু বৰগীতৰ দৰে চৰ্যাতো গভীৰ দাৰ্শনিক তত্ত্ব, সংসাৰৰ অনিত্যতা, জীৱৰ মুক্তিৰ উপায় আদিৰ কথা উল্লেখ আছে! তদুপৰি নৈতিক আৰু আধ্যাত্মিক ভাবেৰেও ভৰপূৰ। বৰগীতৰ দৰে চৰ্যাতো পটমঞ্জৰী, বৰাড়ী, মল্লাৰ আদি ৰাগৰ উল্লেখৰ লগতে গীতিকাৰৰ নামোল্লেখো পোৱা যায়। গীতৰ প্ৰথম দুশাৰীক ধ্ৰুৱ বা ধ্ৰুং বোলা হৈছে। সাধাৰণতে প্ৰতিটো গীততে দহশাৰী পদ আৰু অন্ত্যানুপ্রাস দেখা যায়। চৰ্যাৰ ছন্দই অপভ্রংশ আৰু নব্য ভাৰতীয় আর্যভাষাৰ মাজৰ স্তৰ প্ৰতিফলিত কৰে। পিছৰ কালৰ পয়াৰ আৰু ত্ৰিপদীৰ ৰূপ ইয়াত স্পষ্ট ৰূপত নাপালেও মাত্রাবৃত্তৰ পাদাকুলক চউপঈ ছন্দ ধ্বনিত হৈছে। (মহেশ্বৰ নেওগ, অসমীয়া সাহিত্যৰ ৰূপৰেখা, পৃষ্ঠা- ৪১) 

প্রতীক বা ৰূপকৰ প্ৰয়োগে চর্যাপদক এক কাব্যিক মহত্ত্ব প্রদান কৰিছে–

কা আ তৰুবৰ পঞ্চ বি ডাল। 

চঞ্চল চীএ পইঠো কাল।

( ইয়াত দেহৰ পঞ্চ ইন্দ্ৰিয়ক এজোপা তৰুৰ পাঁচোটি ডালৰ লগত তুলনা কৰা হৈছে।)

যিকোনো সাহিত্যই একোখন সমাজৰ দাপোণ। সেই সাহিত্য দাপোণত প্রতিফলিত হয় সমসাময়িক সমাজ জীৱনৰ সামগ্রিক চিত্র। চর্যাপদতো সমসাময়িক সমাজ জীৱনৰ এখন নিখুঁত ছবি উদ্ভাসিত হোৱা দেখিবলৈ পোৱা যায়। ডোমৰ বৃত্তি, তাঁতৰ কাম, জাল গোঁঠা, নাও বোৱা আদি অনেক বৃত্তিৰ কথাও পোৱা যায়। চৰ্যাপদৰ আন এক বিশেষত্ব এয়ে যে ইয়াত প্রতিফলিত হোৱা সমাজখন সম্পূৰ্ণৰূপে নিম্নশ্রেণীৰ সমাজ; ইয়াত কোনো উচ্চ অভিজাত শ্ৰেণীৰ জীৱনধাৰাৰ বিষয়ে উল্লেখ পোৱা নাযায়।

ভাৰতীয় মানুহৰ যে প্রধান আহাৰ ভাত আছিল তাৰ প্ৰমাণো চৰ্যাত পোৱা যায়—

টালত মোৰ ঘৰ নাহি পৰবেশী

হাড়িত ভাত নাহি নিতি আবেশী।।

সেই সময়ত নৃত্য-গীতৰ মাধ্যমেৰে বৌদ্ধধৰ্ম প্ৰচাৰ প্ৰধান বুদ্ধ কাহিনী নাটকীয় ৰূপত দৰ্শন কৰোৱা হৈছিল বুলিও অনুমান কৰিব পাৰি তলৰ চৰ্যাটিৰ জৰিয়তে—

নাচন্তি বাজিল গান্তি দেৱী। 

বুদ্ধ নাটক বিসমা হোই।।

আনহাতে চোৰৰ ভয়ত দুৱাৰত তলাৰ ব্যৱস্থাৰ কথাও পোৱা যায়—

 দুআৰে দিঢ় তালা বি দিজ্জই

(দুৱাৰত ভাল তলা লগাবা)

এনেদৰে অনেক চর্যাতে সমসাময়িক সমাজৰ জীৱনধাৰাৰ এক চিত্রময় বর্ণনাই চর্যাপদক এক সুকীয়া মর্যাদা প্রদান কৰিছে। যাৰ বাবে চর্যাপদক দশম শতিকাৰ পৰা দ্বাদশ শতিকাৰ অসমীয়া সমাজজীৱনৰ একোখন নজহা নপমা দলিল বুলিব পাৰি; তদুপৰি যাৰ জৰিয়তে অসমীয়া কাব্য সাহিত্যৰ দ্বাৰ উন্মোচিত হ’ল, সেই চর্যাগীতক অসমীয়া কাব্য ইতিহাসত এক বিশিষ্ট মাইলৰো খুঁটি বুলিব পাৰি।

বডু চণ্ডীদাসৰ শ্ৰীকৃষ্ণ কীর্তনঃ 

পণ্ডিতসকলে যিদৰে চৰ্যাপদৰ ভাষাত অসমীয়া, বঙলা, উড়িয়া আদি ভাষাৰ নিদৰ্শন আছে বুলি দাবী কৰিছে; ঠিক তেনেদৰেই অসমীয়া আৰু বঙলা ভাষাৰ আদি স্তৰৰ নিদৰ্শন থকা আন এখন উল্লেখযোগ্য পুথি হৈছে বড়ু চণ্ডীদাসৰ শ্ৰীকৃষ্ণ কীৰ্তন। এই পুথিখনৰ উদ্ধাৰকৰ্তা আৰু প্ৰথম সম্পাদক বসন্তৰঞ্জন ৰায় বিদ্বৎবল্লভে পুথিখন সম্পাদনা কৰোঁতে মূলৰ বহুবোৰ পাঠ এৰি যোৱাৰ লগতে বহুতো নিজস্ব সংযোজন কৰি নিজৰ আপোন কৰি ল’বলৈ যাওঁতে তেওঁ হাঁহিয়াতৰ পাত্ৰ হ’ব লগা হৈছে। সেয়ে এই পুথিখনৰ আন এজন সম্পাদক ড° অমিত্রসূদন ভট্টাচাৰ্যই ক’বলৈ বাধ্য হৈছে যে শ্ৰীকৃষ্ণ কীৰ্তনৰ পাতে পাতে কিমান যে ভুল ভ্রান্তি, অসতৰ্কতা আৰু দায়িত্বহীনতাৰ পৰিচয় ঘটিছে তাক দেখি শিক্ষিত বঙালী মাত্রেই লজ্জিত আৰু মৰ্মাহত হ’ব। এনে কথাই প্ৰমাণ কৰে যে শ্ৰীকৃষ্ণ কীৰ্তনৰ ভাষাক সংস্কাৰ কৰি তথা অসমীয়া বৰ্ণৰ পৰিৱৰ্তন কৰি তাক অধিক বঙলুৱা কৰিবলৈ যাওঁতেই পুথিখনৰ এনে দশা হ’বলৈ পালে। 

মূলতে পুথিখন অসমীয়া বঙালী এই ভাষা দুটাৰ উমৈহতীয়া স্তৰৰ নিদৰ্শন আৰু বৰঞ্চ আমাৰ অসমীয়াৰহে বেছি ওচৰ চপা আছিল বুলিব পাৰি। সেয়ে বঙালী হ’লেও পুথিখনৰ ভাষা সমালোচনা কৰি বসন্তৰঞ্জন ৰায়ে স্বীকাৰ কৰিবলৈ বাধ্য হৈছে যে পুথিখনে শেষ লিপিকাৰৰ হাতত পৰাৰ আগতে সম্ভৱতঃ কামৰূপ বা অসম ভ্ৰমণ কৰি আহিছিল। আনহাতে ড° বাণীকান্ত কাকতিয়ে ধ্বনিতাত্ত্বিক-ৰূপতাত্ত্বিক বিশ্লেষণৰ জৰিয়তে শ্ৰীকৃষ্ণ কীৰ্তনৰ ভাষাত যে অসমীয়া ঠাঁচ যথাৰ্থ ৰূপত বিদ্যমান সেই কথা উনুকিয়াই গৈছে।

(১) পুথিখনত বঙলা ব্যৱহাৰ নোহোৱা অথচ অসমীয়া ভাষাত ব্যৱহাৰ হোৱা অনেক শব্দ বা পদ পোৱা যায়। যেনে— বাটে বাটে, আছিলা, আই, পেলাইয়া আদি অনেক শব্দ।

(২) পুথিখনত অসমীয়াৰ দৰে ক্ৰিয়াৰ নিষেধাৰ্থক ‘ন’ আগত বহা দেখা গৈছে। যেনে—নহোঁ, নাবোলসি ইত্যাদি। তাৰ পৰিৱর্তে বাংলাত ক্ৰিয়াৰ নিষেধাৰ্থক ‘ন’ সদায় পাছতহে বহে। 

(৩) শব্দৰ ক্ষেত্ৰতো বহুতো শব্দ আছে যিবোৰ অন্ততঃ আধুনিক বঙলাত ব্যৱহাৰ নহয়, অথচ অসমীয়াত এতিয়াও জীৱন্ত ৰূপত চলি আছে।

(৪) আনহাতে বড়ু শব্দটোও আমাৰ বৰুৱা শব্দৰে ৰূপান্তৰ বুলি সত্যেন্দ্ৰ নাথ শৰ্মাই ক’ব খোজে।

এনেবোৰ যুক্তিৰ খাতিৰতে শ্রীকৃষ্ণ কীৰ্তনৰ ভাষাত বঙলুৱা ঠাঁচ থাকিলেও প্রাচীন স্তৰৰ জঁকাটোত যে অসমীয়া ৰূপ স্পষ্টভাৱে দেখিবলৈ পোৱা যায় তাক ন দি ক’ব পৰা যায়।

পুথিখনত কৃষ্ণ, ৰাধা আৰু বড়াই (বৰ আই) এই তিনিটি চৰিত্ৰকে লৈ এটি প্রণয় কাহিনী নিৰ্মাণ কৰা হৈছে। যথার্থতে শ্রীকৃষ্ণ কীর্তন ৰাধা-কৃষ্ণৰ প্ৰণয় সম্বলিত এখনি মনোৰম কাব্য। ইয়াত কাহিনীভাগক গীতৰ মাধ্যমেৰে আগুৱাই নিয়া হৈছে। গীতিধর্মিতা ইয়াৰ অন্যতম মূখ্য আকর্ষণ। পুথিখনত ১৬১ টা শ্লোক আৰু ৪১৮ টা পদ আছে। কাব্যখনত অংকীয়া নাটৰ দৰে মাজে মাজে সংস্কৃত শ্লোক আছে আৰু পদবোৰত কথোপকথন থকাত কাব্যখনে নাটকীয় গুণ লাভ কৰিছে।

ৰামাই পণ্ডিতৰ শূন্য পুৰাণঃ 

শূন্য পুৰাণৰ কবি ৰামাই পণ্ডিতৰ আৱিৰ্ভাৱ সম্পর্কেও সমালোচকসকলৰ মাজত মত পার্থক্য দেখিবলৈ পোৱা যায়। শূন্য পুৰাণৰ সম্পাদক নগেন্দ্ৰনাথ বসু আৰু দীনেশ চন্দ্ৰ সেনৰ একাদশ শতিকাৰ ব্যক্তি যোগেশচন্দ্ৰ বিদ্যানিধিৰ মতে তেওঁ চতুৰ্দশ শতিকাৰ আগৰ নহয়; ড° সুনীতিকুমাৰ চট্টোপাধ্যায়ৰ মতে পঞ্চদশৰ আগৰ নহয়; আৰু ড° সুকুমাৰ সেনৰ মতে ষোড়শ শতিকাৰ আগৰ হ’ব নোৱাৰে। সি যি কি নহওক শূন্য পুৰাণত প্রাচীন অসমীয়া ভাষাৰ শব্দ আৰু বৈয়াকৰণিক ৰূপলৈ লক্ষ্য ৰাখি শূন্য পুৰাণক আমাৰ অসমীয়া আৰু বঙলাৰ পূৰ্বাৱস্থাৰ তথা উমৈহতীয়া নিদৰ্শনৰূপে আগুৱাই চাব পাৰি। বঙালী সম্পাদকৰ হাতত পৰি অধিক বঙলুৱা হৈ পৰিলেও পুথিখনৰ বহু ঠাইত অসমীয়া চাপ স্পষ্টৰূপত বিদ্যমান। 

(১) পিতাক, খুড়াক, বাপা, পো, খৰিকা, ঝিয়াৰী (জীয়ৰী), দৰৱ, জুই, টোপোলা, বেগেতে আদি অসমীয়া শব্দৰ প্ৰয়োগে পুথিখনক আমাৰ বুলিবলৈ সকলোকে বাধ্য কৰে।

(২) বিভক্তিসমূহৰ প্ৰয়োগো অসমীয়াৰ দৰেই ব্যৱহৃত হোৱা পৰিলক্ষিত হৈছে।

শূন্য পুৰাণ ধৰ্মদেৱতাৰ পূজাৰ পুথি; ইয়াত সৃষ্টিতত্ত্বৰ ৰহস্যও কাব্যিক ভাষাৰে ফুটাই তোলা হৈছে।

নাছিল জল থল নহিছি আকাশ। 

মেৰু মন্দাৰ নাছিল না (ছিল) কৈলাস।। 

নহি ছিষ্টি ছিল আৰ নহি সুৰ নৰ। 

ব্ৰহ্ম বিষ্ণু নাছিল নাছিল আঁবৰ।।

তদুপৰি—

(১) প্ৰতিটো পদৰে শেষ বৰ্ণৰ মিল ইয়াৰ এটি উল্লেখযোগ্য বিশেষত্ব বুলিবপাৰি।

(২) ছন্দ আৰু উপমা আদি অলংকাৰৰ যথাযথ প্রয়োগে কাব্যখনিক এক সুকীয়া মর্যাদা প্রদান কৰিছে।

অন্যান্য কাব্যগ্রন্থঃ

বহুতো সমালোচকে আকৌ ভৱানী দাসৰ ময়নামতীৰ গান; সুকুৰ গোপীচন্দ্ৰেৰ গান; দুর্লভ মল্লিকৰ গোবিন্দচন্দ্ৰেৰ গীত আদিকো অসমীয়া সাহিত্যৰ পূৰ্বাৱস্থাৰ নিদৰ্শন বুলি দাবী কৰিব খোজে। ড° দীনেশচন্দ্ৰ সেন আৰু বসন্তৰঞ্জন ৰায়ে ময়নামতী গোপীচন্দ্ৰেৰ গান১৯২২-২৪ চনত প্ৰকাশ কৰি প্ৰাচীন বঙলা সাহিত্যৰ নিদৰ্শন বুলি দাবী কৰিলেও শব্দ আৰু ব্যাকৰণগত দিশত তাৰ মাজতো বহুবোৰ অসমীয়া ৰূপ পৰিলক্ষিত হয়। যেনে— আই, ইয়াৰ, ঠেং, ডাঙৰ আদি শব্দ ; বিভক্তিযুক্ত পদ যেনে— প্রথমা বিভক্তিৰ –‘এ’ (মায়ে জানে); সপ্তমী বিভক্তিৰ ‘ত’ খাজনাৰ তাপত আদিৰ ব্যৱহাৰ অসমীয়া সদৃশ। অসমাপিকা ক্রিয়াত ব্যৱহৃত ‘ই’ (ৰাজ্য কৰি) ৰ ব্যৱহাৰ অসমীয়াৰ দৰে। এই কথাই প্রমাণ কৰে যে বহু শতাব্দী ধৰি চলি অহা এই কাহিনীসমূহেও বঙালী ভাষাৰ প্ৰভাৱ বা লিপিকাৰৰ হাতত পৰি সপ্তদশ ই লিখিত ৰূপ পৰিগ্ৰহণ কৰে যদিও অসমীয়া ভাষাৰ চিন-মোকাম একেবাৰে নিঃশেষ হৈ যোৱা নাই।

আনহাতে পণ্ডিতসকলৰ মতেও কাহিনী কেইটাৰ পটভূমি একাদশ ।দ্বাদশ শতিকাৰ। কিয়নো গোপীচন্দ্ৰ আৰু তেওঁৰ মাক ময়নামতীৰ গুৰু হাড়িপাৰ উদ্ভৱকাল দশম-একাদশ শতিকাৰ বুলি অনুমান কৰা হৈছে। কাহিনীৰ জুমুধি দুটা দ্বাদশ-ত্রয়োদশ শতিকাত বঙ্গদেশ আৰু ইয়াৰ ওচৰ-পাঁজৰে প্ৰচলিত আছিল। ড° দীনেশচন্দ্ৰ সেনৰ মতেও ভৱানী দাস আৰু সুকুৰ মামুদ ক্ৰমে ত্ৰিপুৰা আৰু উত্তৰবংগৰ লোক সেই সময়ত উত্তৰবংগৰ ভাষা বঙালীতকৈ অসমীয়াৰহে বেছি ওচৰ চপা আছিল। এনেবোৰ কথাই প্রমাণ কৰে যে কাহিনী কেইটাৰ ওপৰত ‘মাথোন বঙালীৰ হাতৰ পৰশহে পৰিছে; ই মূলত অসমীয়াৰ পূৰ্বস্তৰৰ ‘উদ্ভৱকালীন অসমীয়াৰ উৎকৃষ্ট নিদর্শন।

এনেদৰে বিশ্লেষণ কৰি চালে দেখা যায় যে অসমীয়া কবিতাৰ প্রত্ন যুগ এটি বিবাদমান বিষয়। অথচ বহু আলোচনা বিলোচনাই এই কথা পোহৰলৈ আনে যে অসমীয়া, বঙালী, উড়িয়া, হিন্দী আদি ভাষাৰ উমৈহতীয়া ৰূপৰ নিদর্শন হিচাপে অন্যান্য প্রান্তীয় ভাষা সমূহতকৈ অসমীয়া ভাষাই বেছি দাবীদাৰ হৈ ব্যাকৰণগত দিশৰ পৰা সেইসমূহ বিশ্লেষণ কৰি আমাৰ সাহিত্যৰ আওঁতালৈ টানি আনি এক গৌৰৱময় অধ্যায়ৰ সূচনা কৰিছে। যিবোৰ সাহিত্য এতিয়া আমাৰ বাবে এক আপুৰুগীয়া সম্পদ হৈ পৰিল ৷

২ । চৰ্যাপদৰ সাহিত্যিক মূল্য নির্ণয় কৰা।

উত্তৰঃ ১৯০৭ চনত নেপালৰ ৰাজদৰবাৰৰ পৰা হৰপ্ৰসাদ শাস্ত্রীয়ে চৰ্য্যাচর্যবিনিশ্চয়,সৰোজবজ্ৰৰ দোহোকোষ আৰু কৃষ্ণাচাৰ্য্যৰ দোহোকোষ— এই চাৰিখন পুথি সংগ্ৰহ কৰি আনি প্ৰকাশ কৰে। এই পুথিকেইখনৰ লগত পূৰ্বতে সংগ্ৰহ কৰি অনা ডাকাৰ্ণৱ নামৰ পুথিখন লগ লগাই ১৯১৬ চনত বংগীয় সাহিত্য পৰিষদৰ পৰা ‘হাজাৰ বছৰেৰ পুৰাণ বাংলা ভাষাই “বৌদ্ধ গান ও দহা” নামৰ গ্ৰন্থখন প্ৰকাশ কৰি উলিয়ায়। এই পুথিৰ গীতৰ ভাষা বাংলা ভাষাৰ আদি স্তৰৰ নিদৰ্শন বুলি পোনতে তেওঁ ক’ব বিচাৰিছিল যদিও পৰৱৰ্তী গৱেষণাই তেওঁক চৰ্য্যাপদৰ ভাষাত শৌৰসেনী অপভ্রংশৰ নিদৰ্শনৰ কথাও স্বীকাৰ কৰিবলৈ বাধ্য কৰিলে। অৱশ্যে পৰৱৰ্তী সময়ত চৰ্যাপদ যে অকল বঙলা ভাষাৰেই সম্পদ নহয় অসমীয়া, উড়িয়া আৰু মৈথিলীৰ নিদর্শনো যে চৰ্যাপদত প্রকটিত হৈ আছে সেই কথা গৱেষণা কৰ্মৰ জৰিয়তে প্রতীয়মান কৰিলে। বাণীকান্ত কাকতি, ডিম্বেশ্বৰ নেওগ আদি ভাষাতাত্ত্বিক পণ্ডিতৰ মতে, চৰ্য্যাপদত প্রাচীন অসমীয়া ভাষাৰূপে প্রকটিত হৈ উঠিছিল। যাৰ বাবে চৰ্য্যাপদ উমৈহতীয়া সাহিত্য হৈয়ো প্রত্যেক ভাষাৰে স্বকীয় সাহিত্য ৰূপে পৰিচিত হৈ পৰিছিল।

চৰ্যাপদত ৮৪ জন বৌদ্ধ সিদ্ধাচাৰ্য্যৰ ভিতৰত ২৩ জন সিদ্ধাচাৰ্য্যৰ গীতৰ টীকাসহ উল্লেখ পোৱা গৈছে। লৌহপাদ বা লুইপাদক প্রথমজন চৰ্যালেখক। সহজীয়া ধৰ্ম প্ৰচাৰৰ বাবে ৰচিত চৰ্য্যাগীতসমূহৰ মাজেৰে ধৰ্মৰ ফল্গুধাৰা অবিৰ্তভাৱে প্ৰকাশিত হৈ আহিছে। উচ্চ আধ্যাত্মিক ভাবাসম্পন্ন গীত হৈয়ো চৰ্যাপদসমূহ সাহিত্যিক সৌন্দৰ্য্যৰে মহীয়ান হোৱাৰ মূলতে আছে ইয়াৰ বিষয়বস্তুৰ নির্মিতি আৰু ভাষা। বৌদ্ধধৰ্মৰ মূলমন্ত্ৰ হৈছে- নির্বাণ লাভ। “নির্বাণ মানে বাসনাৰ নিবৃত্তি৷ পাৰ্থিৱ স্থিতিৰ অনিত্যতা সম্বন্ধে জ্ঞান লাভ কৰি অবিদ্যা-মোহ ধ্বংস কৰিব পাৰিলেই নিৰ্বান লাভ হয়।” (পৰীক্ষিত হাজৰিকা, ২০০৪ : ৬২) । চৰ্যাপদসমূহৰ মাজেৰে জাগতিক সুখদুখৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় সম্বন্ধে উল্লেখ আছে। সহজীয়া ধৰ্ম অনুসৰি কোনো বস্তুৰেই স্থায়িত্ব নাই। অনিত্য এই সংসাৰ-জগত। এই সংসাৰ জগতৰ পৰা নিবৃত্তি লাভ কৰা সহজ নহয়। মানুহে জগত নির্বান আদিৰ বিষয়ে ভ্ৰান্ত ধাৰণা লৈ সংসাৰ বন্ধনত আৱদ্ধ হৈ আছে। এই বিষয়ে চৰ্যাগীতত উল্লেখ আছে এনেদৰে— 

“অপণে ৰচি ৰচি ভৱ নির্বাণা ।

মিছে লোঅ বন্ধাৱএ অপণা।। 

অন্তে ন জানহ্ব অচিন্ত জোই।।

জাম মৰণ ভৱ কইসণ হোই।।”(চৰ্য্যা নং-২২)

চিত্তৰ উৎকৰ্ষ সাধনৰ জৰিয়তে জাগতিক মায়া-মোহৰ পৰা জীৱক আঁতৰি থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। তন্ত্র মন্ত্র, যাগ-যজ্ঞৰ বিপৰীতে যোগ সাধনা কৰি চিত্তৰ চঞ্চলতা দূৰ কৰি নিৰ্বাণৰ পথত অগ্ৰসৰ হ’বলৈ চৰ্যাপদে উপদেশ দিছে। চৰ্যাপদৰ মাজেৰে ধৰ্মৰ এনে এক নিগূঢ় তত্ত্ব ফুটি উঠিছে; যি চৰ্যাপদৰ বিষয়বস্তু আৰু  উদ্দেশ্যক একমূখী কৰি তুলি তাক সাহিত্য কর্ম হিচাপে তাত্ত্বিকতা প্ৰদান কৰিছে।

উপৰুৱা দৃষ্টিৰে চালে চৰ্যাপদসমূহ আমাৰ বাবে দুর্বোধ্য। কাৰণ ইয়াৰ মূল তত্ত্বসমূহ জটিল আৰু দাৰ্শনিক নত লগতে ইয়াৰ ভাষাও সাংকেতিক। “চৰ্য্যাপদৰ ভাষা দুতৰপীয়া – সাংকেতিক আৰু সাধাৰণ। গীতৰচকসকলে বিষয়বস্তুৰ গূঢ়তা বোধগম্য কৰিবলৈ উপমা, ৰূপক, ব্যাজোক্তি আৰু উৎপ্ৰেক্ষা অলংকাৰৰ সহায় লৈছে ; এইয়া শব্দ চয়নৰ কুশলতা আৰু বাহ্যিক সাধাৰণ ভাষাটোৰ অর্থ – নিৰ্দেশক উপকৰণ।” (হাজৰিকা, ২০০৪ :১২২) চৰ্য্যাপদৰ ভাষাক সান্ধ্য ভাষা বুলি কোৱা হয়। সান্ধ্যভাষা বা আলো আধাঁৰি ভাষা বা সাংকেতিক ভাষা যি বুলিয়েই কোৱা নাযাওক কিয় চৰ্যাপদৰ ভাষাইহে ইয়াৰ সাহিত্যিক সৌন্দর্য বিকশিত কৰি তুলিছে। চৰ্যাপদত লৌকিকতাই প্রধান ঠাই পাইছে।

সমকালীন অসমীয়া সমাজ-সংস্কৃতিৰ চিত্ৰ চৰ্য্যাপদৰ মাজেৰে বিধৃত হৈছে। অসমত বাস কৰা বিভিন্ন শ্ৰেণীৰ লোকক জীৱনাচার্য চৰ্য্যাপদৰ মাজেৰে প্ৰতিফলিত হৈছে। বিশেষকৈ তাঁতী,যোগী, ব্যাধ, সুতাৰ, শবৰ, চণ্ডাল, ব্ৰাহ্মণ, ডোম,কুমাৰ,নাপিত,মালী আদি বিভিন্ন বৃত্তিধাৰী লোকৰ জীৱনচাৰ্যৰ বিষয়ে চৰ্যাপদত উল্লেখ আছে। কৃষিভিত্তিক অসমৰ সমাজ জীৱনৰ চিত্ৰ চৰ্য্যাপদৰ মাজেৰে মূৰ্তমান হৈ উঠিছে। গৰু বান্ধিবৰ বাবে সেই সময়ৰ সমাজত যে গোহালি ঘৰৰ প্ৰচলন আছিল আৰু কৃষিকৰ্মত যে গৰুৱে মূখ্য ভুমিকা গ্ৰহণ কৰিছিল সেই কথা তলৰ গীতফাঁকিৰ মাজেৰে প্ৰকাশ পাইছে যিয়ে অসমৰ কৃষিকৰ্মৰ নিদৰ্শন দাঙি ধৰিছে :

“সৰহ ভণন্তি বৰ সূণ গোহালী কি মো দুঠ্যে বলন্দে।

একেঁলে জগ নাশিঅ ৰে বিহৰুঈ চ্ছন্দ্ৰে।”(চৰ্যা নং-৩৯) 

ইয়াৰ উপৰিও যৌথ পৰিয়ালৰ চিত্ৰ, বিবাহকেন্দ্রিক লোকসংস্কৃতি, অসমৰ আ-অলংকাৰ, সাজপাৰ, বাদ্যযন্ত্র, খাদ্যাভাস, যাতায়ত ব্যৱস্থা, প্রাকৃতিক সম্পদ, বনজ সম্পদ আদি বিভিন্ন পৰিস্থিতি চিত্ৰ চৰ্য্যাপদৰ মাজেৰে বৰ্ণিত হৈছে। মুঠতে ক’বলৈ গ’লে, অসমৰ সাংস্কৃতিক -অর্থনৈতিক- ভৌগোলিক চিত্ৰ চৰ্য্যাপদৰ মাজেৰে প্ৰকাশি উঠিছে। পৰিবেশ-পৰিস্থিতি আৰু সমকালীন সমাজ-সংস্কৃতিৰ এখন সজল চিত্র লোকচক্ষুৰ আগত দাঙি ধৰিবলৈ সক্ষম হোৱা বাবেই চৰ্যাগীতসমূহে সাহিত্যিক সৌন্দৰ্য্যৰ স্বাক্ষৰ আজিকোপতি বহন কৰি আহিছে।

চৰ্য্যাপদৰ গঠন শৈলীয়ে ইয়াৰ সাহিত্যিক সৌন্দৰ্য্যক নতুন মাত্রা প্ৰদান কৰিছে। অসমীয়া গীতি সাহিত্যৰ আলোচনাতো চৰ্য্যাগীতে বিশেষ স্থান লাভ কৰিছে। “ ধ্ৰুৱপদ বা শাস্ত্রীয় সংগীতত থকা লক্ষণেৰে পৰিপূৰ্ণ চৰ্য্যাগীতবোৰ বৌদ্ধ সহজীয়া পন্থৰ ধৰ্ম সাধনৰ গীত হ’লেও সেইবোৰ সংগীত শাস্ত্ৰৰ বিধানত ৰচিত।” (গোস্বামী, ২০১০ : ১১৮) যাৰ বাবে চৰ্য্যাপদসমূহ নিৰ্দিষ্ট ৰাগ আৰু তালত বন্ধা। চৰ্য্যাগীতত তলত উল্লেখ কৰা ৰাগসমূহ সাধাৰণতে ব্যৱহৃত হোৱা দেখিবলৈ পোৱা যায়- অৰুৰাগ, কামোদৰাগ, কহ্নগুঞ্জৰীৰাগ, গউড়া ৰাগ, গৱড়া ৰাগ, গুঞ্জৰী/গুৰ্জৰী ৰাগ, দেৱক্ৰীৰাগ, দেশাখ ৰাগ, ধনশ্রী ৰাগ, সীৰাগ, পটমঞ্জৰী ৰাগ, বৰাড়ী/ বড়াড়ী ৰাগ, বল্লাড়ীৰা, বঙলা/বংগালৰাগ, ভৈৰবীৰাগ, মল্লাৰীৰাগ, মালশী, মালশী গৱৰা, ৰামক্ৰীৰাগ, শৱৰী, শীৱৰী ইত্যাদি। 

বিভিন্ন ৰাগ আৰু তালত বন্ধা চৰ্য্যাগীত সমূহৰ এক সাংগীতিক লয় আছে, যি মানুহৰ মন-প্রাণ আহলাদিত কৰি মানুহৰ মন বৌদ্ধধৰ্ম অভিমুখী কৰি তোলাত সহায় কৰিছে। চৰ্য্যাগীত গাবৰ সময়ত বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰাৰ কথা ক’তো উল্লেখ নাই । চৰ্যাপদত উল্লিখিত ডম্বৰু, দুন্দুভি, মাদল, পটহ আদি বাদ্যই চৰ্য্যালেখক সকলৰ এই বাদ্যসমূহৰ সৈতে যে চিনাকি আছিল সেই কথাৰ সম্ভেদ দিয়ে। চৰ্য্যাগীতসমূহ ৰূপকাত্মক। ৰূপকব্যঞ্জনাৰ ব্যৱহাৰে চৰ্যাপদৰ সাহিত্যিক সৌন্দর্য্য বিকশিত কৰি তুলিছে। বর্ণনীয় বিষয়ক মনোগ্রাহী কৰিবৰ বাবে সচৰাচৰ ৰূপক ব্যৱহাৰ হয় যদিও চৰ্য্যাপদত ৰূপকৰ ব্যৱহাৰে ইয়াৰ দাৰ্শনিক তত্ত্বৰ নিৰ্মিৰ্তিত সহায় কৰিছে। চৰ্য্যাপদত মানৱীয় আৱেগ-অনুভূতি ৰূপকৰ মাজেৰে সফল ৰূপত চিত্রায়িত হোৱা আমি দেখিবলৈ পাওঁ

‘ উঞ্চা উঞ্চা পাবত তঁহি বসই সৱৰী বালী‌‌ । 

মোৰঙ্গি পীচছ পৰহিণ সৱৰী গিৱত গুঞ্জৰী মালী।। 

উমত সৱৰো পাগল শৱৰো মা কৰ গুলী গুহাড়া তোহৌৰী। 

ণিঅ ঘৰিণী নামে,সহজ সুন্দাৰী।” (চৰ্য্যা নং-২৮)

এই গীতটিত প্রকৃতি বন্দনাৰ মাজেৰে শৱৰ-শৱৰীৰ মিলন চিত্র অংকিত হৈছে আৰু এই চিত্র অংকনত গীতিকাৰ শৱৰপাদে সফলতা লাভ কৰিছে। কুকুৰপাদ, ভুসুকপাদ আদি চৰ্য্যাকাৰৰ গীততো ৰূপকে বিশেষভাৱে স্থান পোৱা দেখিবলৈ পোৱা যায়।

কাব্যৰ ৰমণীয়তা বৃদ্ধিত সহায় কৰা অলংকাৰে চৰ্যাপদৰো ৰমণীয়তা বৃদ্ধি কৰিছে। শব্দালংকাৰ আৰু অৰ্থালংকাৰ এই দুইবিধ অলংকাৰৰে ব্যৱহাৰ চৰ্যাপদত আছে। শব্দালংকাৰৰ ভিতৰত অনুপ্ৰাসৰ ব্যৱহাৰ বেছি। আদ্যানুপ্রাস, অন্ত্যানুপ্রাস আৰু ছেকানুপ্ৰাসেৰে চৰ্য্যাগীত পৰিপূৰ্ণ হৈ আছে। তলত ইয়াৰ উদাহৰণ দাঙি ধৰা হ’ল—

আদ্যানুপ্রাস : কবিতাৰ বিভিন্ন চৰণৰ আদ্য বৰ্ণৰ মিল থাকিলে আৰু শুনিবলৈ শুৱলা হলে তাক অদ্যানুপ্রাস বোলা হয়। চৰ্যাপদত অদ্যানুপ্রাসৰ উদাহৰণ আছে— 

“জিম জিম কাৰিয়া

ডিম ডিম তথতা।” (চৰ্যা নং-৯)

অন্ত্যানুপ্রাস : কবিতাৰ বিভিন্ন চৰণৰ শেষৰ ব্যঞ্জন বৰ্ণৰ মিল থাকিলে তাক অন্ত্যানুপ্রাস বোলা হয়। চৰ্যাপদত অন্ত্যানুপ্ৰাসৰ উদাহৰণ আছে—

“কা আ তৰুবৰ পঞ্চ বি ডাল

চঞ্চল চীত্র পইঠো কাল।” (চৰ্যা নং-১)

ছেকানুপ্রাসঃ ছেক শব্দৰ অৰ্থ চতুৰ। সেইবাবে ছেকানুপ্রাসক বিদগ্ধ কবিয়ে প্রয়োগ কৰা অনুপ্রাস বুলি কোৱা হয়। এইবিধ অনুপ্রাসত দুটা বা তাতোধিক বর্ণ একেটা ক্রমতে সংযুক্ত বা বিযুক্তভাবে দুবাৰ ধ্বনিত হয়। চৰ্যাপদত ইয়াৰ ব্যৱহাৰ থকা পৰিলক্ষিত হয়—

“ধমন চমন বেনি পাণ্ডি বহঁঠা।” (চৰ্য্যা নং-১)

“সঅ সম্বেঅন সৰুঅ বিআঁৰেতে অলকখ লকখ ন জাই।” (চৰ্য্যা নং-১৫)

অর্থালংকাৰ ভিতৰত উপমা, ৰূপক, উৎপ্রেক্ষা, বিৰোধ, সমাসোক্তি, স্বভাৱোক্তি আদি অলংকাৰৰ ব্যৱহাৰ চৰ্য্যাপদত থকা দেখিবলৈ পোৱা যায়। তলত কেইটমান উদাহৰণ চৰ্য্যাগীতৰ আধাৰত দাঙি ধৰা হ’ল—

উৎপ্রেক্ষা : উপমেয়ক উপমান বুলি হোৱা সন্দেহৰ ভিত্তিত যি অলংকাৰ নিৰ্ণিত হয় তাকে উৎপ্রেক্ষা অলংকাৰ বুলি কোৱা হয়। উদাহৰণস্বৰূপে —

“সোনে ভৰিলী কৰুণা নাৱী 

ৰূপা থোই নাহিকে ঠাৱী।”(চৰ্য্যা নং-৮)

ইয়াত কৰুণা উপমেয়। সোণ আৰু নাৰী হল উপমান। কৰুণ শব্দই ৰোধিচিত্তক বুজাইছে।কৰুণা শব্দৰ দ্যোতনা কৰিবলৈ যাওঁতে উৎপ্রেক্ষা অলংকাৰৰ সৃষ্টি হৈছে।

ৰূপকঃ  ৰূপকৰ সহায়ত ধৰ্মীয় তত্ত্বৰ ব্যাখ্যা চৰ্য্যাপদত দাঙি ধৰা হৈছে। তলৰ উদাহৰণত উল্লিখিত তেন্তলি আৰু কুম্ভীৰ শব্দই যথাক্রমে বোধিচিত্ত আৰু কুম্ভক যোগৰ কথা বুজাইছে । কুম্ভক যোগৰ জৰিয়তে সহজানন্দ প্রাপ্তিৰ বিষয়েহে কোৱা হৈছে—

“দুলি দুহি পিটা ধৰণ নজাই

ৰুখেৰ তেন্তলি কুম্ভীৰে খাআ।”(চৰ্য্যা নং-৮)

বিৰোধঃ যত দুটা বস্তুৰ মাজত পৰস্পৰ বিৰোধে দেখা দিয়া যেন লাগিলেও প্ৰকৃততে তাৰ তাৎপর্য নিৰূপনৰ দ্বাৰা সেই বিৰোধৰ অৱসান ঘটে, তাক বিৰোধ বা বিৰোধাভাস অলংকাৰ বুলি জনা যায়। তলত ইয়াৰ উদাহৰণ দাঙি ধৰা হল—

“জো সো বুধী সৌধ নিবুধী 

জো সো ঢৌৰ সৌই ষাধী।”(চৰ্য্যা নং-৮)

সমাসোক্তিঃ প্রস্তুতৰ ওপৰত অপ্রস্তুতৰ ব্যৱহাৰ আৰোপ কৰিলে তাক সমাসোক্তি অলংকাৰ বুলি জনা যায়৷ উদাহৰণস্বৰূপে —

“ভৱ ণই গহন গম্ভীৰ বেগে বাঁহী।”(চৰ্য্যা নং-৫)

— সাধাৰণতে নদী অচেতন বস্তু যদিও ইয়াত নদীৰ ওপৰত চেতনা আৰোপ কৰা হৈছে বাবেই ৰ সৃষ্টি হৈছে।

ছন্দৰ ব্যৱহাৰে চৰ্য্যাপদক শ্রুতিমধুৰ কৰি তোলাৰ লগতে তাৰ সাহিত্যিক সৌন্দৰ্য্য নির্ণয়তো প্রধান ভূমিকা লৈছে। চৰ্যাপদত মূলত : পদ ছন্দৰ ব্যৱহাৰ হৈছে যদিও দুই এটা গীতত ত্ৰিপদী ছন্দৰো ব্যৱহাৰ হোৱা পৰিলক্ষিত হয়। পয়াৰ ছন্দৰ ভিতৰত হ্রস্ব আৰু দীর্ঘ দুয়োটা পয়াৰৰে ব্যৱহাৰ আছে। ইয়াৰ উপৰিও ঝুনা ছন্দৰ ব্যৱহাৰ আছে। সুনীতিকুমাৰ চট্টোপাধ্যায়ৰ মতে; “প্রাকৃতৰ যি তিনিটি ছন্দোৱন্ধৰ পৰা চৰ্য্যাগীতিৰ ছন্দোৱন্ধৰ উদ্ভৱ হৈছে বুলি অনুমান কৰা হয়, সেই পাদাকুলক, চউপইআ আৰু দোহা ছন্দবন্ধও মূলতঃ জাতি বা কলামাত্রা উচ্চাৰণ ৰীতিৰ ছন্দ।” (চক্ৰৱৰ্তী আৰু হাজৰিকা, ২০০৪ : ৮৮) তলত চৰ্য্যাপদৰ ছন্দৰ উদাহৰণ দাঙি ধৰা হ’ল—

হ্রস্ব পয়াৰঃ ইয়াত ১৩টা অক্ষৰ থাকে।

“ বৰ গুৰু বঅণে কুঠাৰেঁ চিজঅ।

কাহ্ন ভণই তৰু। পুণ ন উইজঅ।।”(চৰ্য্যা নং-৪৫) 

ত্রিপদী ছন্দঃ “ণাণা তৰুবৰ মৌলিল ৰে

গঅণত লাগেলী ডালী।

একেলী সৱৰী

এ বণ হিগুই

কণ্ন কুণ্ডল বজ্ৰধাৰী।” (চৰ্য্যা নং-২৮)

চৰ্য্যাপদৰ মাজেৰে ক্ষীণ ভাবে হ’লেও কাব্য ৰস আস্বাদন কৰিব পাৰি। চৰ্য্যাপদৰ মাজেৰে ধৰ্মীয় তত্ত্ব প্রতিপাদন হোৱা হেতুকে ইয়াৰ মাজেৰে প্ৰধানতঃ ভক্তিৰসৰ সোৱাদহে অনুভূত হয়। অৱশ্যে এই ভক্তিৰসৰ লগতে শৃংগাৰ আৰু হাস্যৰসে চৰ্য্যাপদক মানুহৰ মাজলৈ লৈ যোৱাত সহায় কৰিছে। কাহ্নপাদৰ ১০ নং চৰ্য্যা আৰু শবৰ পাদৰ ২৮ নং চৰ্য্যাত শৃংগাৰ ৰসৰ আৱিৰ্ভাৱ হৈছে। “তো মুহ চম্বী কমলৰস পীবমি’ ৰূপকাত্মক ভাৱে উদ্ধৃত চৰ্য্যাটিত কোৱা হৈছে যে— তোমাৰ মুখ চুহি মই পৰমাৰ্থ মধুপান কৰিম। কিন্তু সাধাৰণ ভাৱে এই চৰ্য্যাৰ মাজেৰে প্রেমিক যুগলৰ প্ৰেমৰ চৰিত্ৰহে প্ৰতিভাত হৈছে। য’ত শৃংগাৰ ৰসে ভুমুকি মাৰিছে। হাস্যৰসৰ সমান্তৰাল ভাৱে অদ্ভুত ৰসৰ উদ্রেক হৈছে চৰ্য্যাগীতত। সমকালীন সমাজৰ জাতিগত বিভেদৰ চিত্ৰ হাস্যৰসাত্মকভাবে তুলি ধৰা এটি চৰ্য্যাগীতৰ উল্লেখ কৰা হ’ল— 

“নগৰ বাহিৰি ৰে ডোম্বি তোহোৰি কোড়িআ 

ছই ছোই জাই সো ব্রাহ্ম নাড়িয়া।”(চৰ্য্যা নং-২৮) 

চৰ্য্যাপদৰ মাজেৰে বিভিন্ন ৰস প্ৰকাশি উঠিছে যদিও ই চৰ্য্যাপদৰ মূল তত্ত্বত আঘাত হানিব পৰা নাই বৰঞ্চ সাহিত্যিক সৌন্দৰ্য্য বিকশিত কৰিহে তুলিছে।

শব্দৰ সুবিন্যস্ত চয়ন আৰু শিল্প নৈপুন্যই চৰ্যাপদৰ ভাষাক নতুনত্ব প্ৰদান কৰাৰ লগতে অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ ভঁৰালো চহকী কৰি তুলিছে। শব্দৰ চিত্ৰময় আৰু যথোপযুক্ত ব্যৱহাৰে চৰ্য্যাপদক প্ৰাণৱন্ত কৰি তুলি মানুহৰ ওচৰলৈ লৈ গৈছে। গুণ্ডিনীৰ ঘৰত মদ বিক্ৰী কৰাৰ মাজেৰে যি তাত্ত্বিক চিত্র বর্ণিত হৈছে তাৰ মাজেৰে আমি চৰ্য্যালেখকৰ শব্দচয়নৰ নিপুনতাৰ উদাহৰণ দাঙি ধৰিব পাৰো—

“এক যে গুণ্ডিনী দুই ঘৰে সান্ধঅ। 

চীঅন বাকলঅ বাৰুনী বান্ধঅ।। 

সহজে থিৰ কৰি বাৰুনী বান্ধ।

জে অজৰামৰ হোই দিয় কান্ধ।। 

দশমি দুআৰত চিহ্ন দেখাইআ

আইল গৰাহক অপনে বহিআ।।”(চৰ্যা নং-৩) 

অসমীয়া লিখিত সাহিত্যৰ প্ৰথম নিদৰ্শন হিচাপে চৰ্য্যাপদৰ গুৰুত্ব অপৰিসীম। ইয়াৰ গঠনশৈলী নিখুঁত বুলি ক’ব পৰা নাযায় যদিও ৰচনাৰ সময়লৈ চাই ই সাহিত্য ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি আছে। অনুভূতিৰ গাঢ়তা আৰু মননশীলতাই চৰ্যাপদক সাহিত্যকর্ম হিচাপে বিশিষ্টতা প্ৰদান কৰিছে। চৰ্য্যাপদৰ সাহিত্যিক মূল্যই মানৱীয় প্রমূল্য নির্ণয়তো তাৎপর্যপূর্ণ ভূমিকা লৈছে; যাৰ বাবে ই সহজীয়া বৌদ্ধধৰ্মৰ গীত হৈয়ো সাৰ্বজনীন ৰূপ লাভ কৰিছে।

৩। পাঁচালী সাহিত্য বুলিলে কি বুজা? পাঁচালী কবিসকলৰ বিষয়ে আলোচনা কৰা‌?

উত্তৰঃ পঞ্চদশ শতিকাৰ অন্তিম দশকৰপৰা ষষ্ঠদশ শতিকাৰ প্ৰথম ভাগৰ ভিতৰত অসমত কেইগৰাকীমান ব্যতিক্রমী কবিৰ জন্ম হৈছিল। তেওঁলোকে শংকৰদেৱ তথা শংকৰদেৱৰ অনুগামীসকলে প্ৰৱলভাৱে বোৱাই নিয়া বৈষ্ণৱ ভাবাদৰ্শৰ দ্বাৰা প্ৰভাৱিত নোহোৱাকৈ থাকি কাব্য ৰচনা কৰিছিল। কাব্যৰ ঠাঁচ আছিল লৌকিক। এই কবিসকল পাঁচালী কবি হিচাপে পৰিচিত। তেওঁলোকৰ ভিতৰত পীতাম্বৰ, দুৰ্গাকৰ, মনবৰ আৰু সুকবি নাৰায়ণদেৱ প্ৰখ্যাত। পাঁচালী সাহিত্যৰ দুটা ভাগ দেখা যায়। এটা ভাগত মনসাদেৱীৰ মাহাত্ম্য প্ৰকাশ কৰা হয় আৰু আনটো ভাগত ৰামায়ণ-মহাভাৰত আদিৰ কাহিনী বিধৃত হয়। পাঁচালী সাহিত্য ৰচনা কৰা হৈছিল ওজাপালিৰ উদ্দেশ্যে। কোনো ধর্মীয় আৱেষ্টনী তথা অনুশাসন নথকাৰ বাবে এইবিধ সাহিত্যত কবিৰ স্বাধীন চিন্তাৰ প্রকাশ দেখা যায়। ড° মহেশ্বৰ নেওগৰ মতে লৌকিকতাক প্রাধান্য দিয়াৰ বাবে এই সাহিত্যত স্বতঃস্ফূর্ত প্রাণ আছে।

পীতাম্বৰ, দুর্গাবৰ, মনবৰ আৰু সুকবি নাৰায়ণদেৱে ৰচনা কৰা গীত, কাব্যক পাঁচালী হিচাপে নামকৰণ কৰাৰ কেইবাটাও সম্ভাৱ্য কাৰণ বিভিন্ন পণ্ডিতে নিৰ্ণয় কৰিছে। যথা—

(১) ‘পাঁচালি’ শব্দ সংস্কৃত পাঞ্চালিকা (পুতলা) শব্দৰপৰা আহিছে। পুতলা নাচৰ সূত্ৰধাৰৰ আদৰ্শতে বোধকৰো কথক বা ওজাই কোনো পৌৰাণিক কাহিনীযুক্ত গীত বা কাব্য নাচ-গান আৰু অঙ্গী-ভঙ্গীৰ যোগেদি সামাজিকৰ আগত ৰূপায়িত কৰিছিল কাৰণেই হয়তো এই শ্ৰেণীৰ কাব্যই পাঁচালি নাম পালে।

(২) কোনো কোনো বঙ্গদেশীয় পণ্ডিতে মত প্ৰকাশ কৰিছে যে পাঞ্চাল দেশত এক প্ৰকাৰ গীত পদ্ধতি প্রচলিত আছিল, যিবোৰক পাঞ্চালি বুলিছিল। সেই আদৰ্শতে ৰচিত গীতপদক পাঞ্চালি বা পাঁচালি বোলা হয়‌।

(৩) বঙ্গদেশত কথকতাৰ উপযোগী কৰি যিবোৰ গীত পদ ৰচনা কৰিছিল সেইবোৰক পাঁচালী বুলিছিল। কৃত্তিবাসৰ ৰামায়ণক সেই কাৰণে পাঁচালি বুলিছে। অসমৰ ওজাপালিও একপ্ৰকাৰ কথকতা বুলিলে বৰ ভুল নহ’ব আকৌ এই শ্ৰেণীৰ ৰচনাত থকা গীতবোৰক পীতাম্বৰ কবি আৰু সুকবি নাৰায়ণদেৱে ‘লাচাৰী’ও বুলিছে। সম্ভৱতঃ কাব্য ৰচনাৰ ৰীতিটোক পাঁচালি আৰু গীতবোৰক ‘লাচাৰী’ বুলি অভিহিত কৰিছিল।

(৪) কোনো কোনোৰ মতে কেৱল পদ চাৰনা কৰি যি গীত গোৱা হয়, সেয়ে পাঁচালী।

(৫) আন কিছুসংখ্যকৰ মতে, পাঁচালী হ’ল একধৰণৰ গীত বা সুৰ। এই সুৰত গোৱা সাহিত্যকো পাঁচালী আখ্যা দিয়া হয়।

পাঁচালী কবিসকলঃ 

পীতাম্বৰঃ 

শংকৰদেৱৰ সমসাময়িক এইজন কবিৰ জীৱন বুৰঞ্জী সম্পৰ্কে আমাৰ সাহিত্যৰ বুৰঞ্জীকাৰসকল নিমাত। কবিৰ জীৱন সম্পৰ্কীয় তথ্য বিশেষ পাবলৈ নাই। তদুপৰি বাঙালীসকলে পীতাম্বৰক বাঙালী কবি বুলি দাবী কৰিও যথেষ্ট আহুকালৰ সৃষ্টি কৰিছে। অৱশ্যে সম্প্ৰতি পীতাম্বৰৰ বাসস্থান কোঁচৰজা বিশ্ব সিংহৰ ৰাজধানী কমতা নগৰ বুলি স্বীকৃত হৈছে। তদুপৰি ৰজা নৰনাৰায়ণৰ ভ্ৰাতৃ যুৱৰাজ চিলাৰায় বা সমৰ সিংহৰ পৃষ্ঠপোষকতাত পীতাম্বৰে সাহিত্য সাধনা কৰাটোও সর্বসন্মত বিষয়।

শংকৰদেৱে পীতাম্বৰ কবিক শাক্ত তামসিক কবি বুলি ৰায় দিছিল। আনুমানিক ১৫৪৬ খ্ৰীত শংকৰদেৱে বৰপেটাত থাকোঁতে তেওঁৰ নশিষ্য নাৰায়ণ ঠাকুৰক সেই অঞ্চলৰ শাস্ত্ৰজ্ঞ ব্যক্তিসকলৰ বিষয়ে সুধিলে। তেতিয়া ঠাকুৰে পীতাম্বৰ কথিৰ নাম কৈ কবিৰ দ্বাৰা ৰচিত নিম্নোক্ত শাৰী দুটা উদাহৰণ স্বৰূপে আগবঢ়ালে—

বিলাপ কৰি কান্দে দেৱী ৰুক্মিণী।

কোন অঙ্গে খুন দেখি নাইলা যদুমণি।।

শংকৰদেৱে দেহজ প্ৰেমৰ বৰ্ণনা শুনি পীতাম্বৰ কবি ধৰ্ম প্ৰচাৰৰ বাবে অনুপযুক্ত বুলি ৰায় দিয়ে। কথা গুৰু চৰিত উল্লিখিত এই ঘটনাই ইংগিত দিয়ে যে নিজৰ সমকালীন পণ্ডিতসকলৰ দ্বাৰা পীতাম্বৰ কবি উৎসাহিত হোৱা নাছিল। বিশেষকৈ নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰকসকলে তেওঁক প্রকাশ্যেই নিন্দা কৰিছিল। তেনে ফলশ্রুতিতেই কবি আৰু তেওঁৰ কৃতিসমূহ অৱহেলিত হৈছিল বুলি ভাবিব পাৰি। ফলত তেওঁক লৈ বাঙালী সকলে কঢ়া- আজোঁৰা কৰিবলৈ সুবিধা পালে।

পীতাম্বৰ কবিৰ সাহিত্য কৃতিসমূহ হ’ল— ঊষা পৰিণয়, ভাগৱত প্ৰথম আৰু দশম স্কন্ধ, নল দময়ন্তী, মার্কণ্ডেয় পুৰাণ আৰু কুমাৰ হৰণ৷ ইয়াৰে সৰহকেইখনেই উদ্ধাৰ কৰিব পৰা হোৱা নাই। অন্যহাতে পীতাম্বৰে ৰচনা কৰা আৰু পুথি পোৱা যাব পাৰে বুলিও পণ্ডিত প্ৰতাপ চন্দ্ৰ গোস্বামীয়ে য’ত প্ৰকাশ কৰিছে। সেয়ে হ’লে পীতাম্বৰ কবিৰ যশস্যা বহুগুণে বৃদ্ধি পাব। 

দুৰ্গাবৰ কায়স্থঃ 

ষোড়শ শতাব্দীৰ কোঁচ ৰজা বিশ্বসিংহৰ দিনৰ (১৫১৫-১৫৪০ খ্ৰীঃ) কবি দুৰ্গাবৰ কায়স্থ সংগীতত কৃতবিদ্যা লোক আছিল। সংগীত পটু মনসাৰ সেৱক বাহুবল শিকদাৰ আছিল কায়স্থ চন্দ্ৰধৰপুত্ৰ দুৰ্গাবৰৰ পৃষ্ঠপোষক। কোনোৱে তেওঁক কামৰূপৰ হাজো অঞ্চলৰ লোক বুলিও ক’ব খোজে যদিও কবিৰ লেখাৰ মাজত উক্ত ঠাইৰ নামটো পোৱা নাযায়। বেউলাৰ আখ্যানত উল্লিখিত পর্বত গহন নীলাচল কবিৰ জন্মস্থান নহ’লেও সাহিত্য সাধনাৰ থলী বুলি ভাবিব পাৰি৷ বৰ্তমানলৈকে কবিৰ দুখন গ্ৰন্থ পোৱা গৈছে, এখন আদিকাব্য ৰামায়ণৰ ওজাপালি তাঙৰণ গীতি ৰামায়ণ আৰু আনখন বেউলাৰ আখ্যান বা পদ্মৰ পুৰাণ৷ বহু সংখ্যক ৰাগৰ সাৰ্থক প্রয়োগে দুৰ্গাবৰৰ ৰচনাখনিক অমৰত্ব প্ৰদান কৰিছে৷১১

মনকৰঃ 

মনকৰৰ সময় ষোড়শ শতাব্দীৰ প্ৰথম ভাগ বুলি অনুমান কৰা হয়। তেওঁৰ কাব্যত কমতাৰ ৰজা বিশ্ব সিংহৰ উল্লেখ পোৱা যায়। গতিকে মনকৰ কমতা অর্থাৎ কোঁচবিহাৰ অঞ্চলৰেই কবি আছিল। মনকৰৰ সাহিত্যকৃতি হিচাপে কেৱল পদ্মাপুৰাণৰ অংশ বিশেষহে পোৱা গৈছে। তেওঁৰ কাব্যৰীতি সৰল আৰু ভাষা পোনপটীয়া। বহুতে তেওঁক গাঁৱলীয়া চহা কবি আখ্যা দিব খোজে। 

সুকবি নাৰায়ণদেৱঃ

সুকবি নাৰায়ণদেৱৰ জীৱন সম্পৰ্কে মত দ্বৈধতাৰ অন্ত নাই। তথাপি তেওঁ দৰঙী ৰজা ধৰ্মনাৰায়ণ (১৬১৫-১৬৩৭) ৰ পৃষ্ঠপোষকতা লাভ কৰাৰ সপক্ষে অধিক যুক্তি পোৱা যায়। কবিৰ সাহিত্যকৃতি হ’ল পদ্মাপুৰাণ। মন কৰিবলগীয়া বিষয় এয়ে যে সুকবি নাৰায়ণদেৱে নিজৰ সৃষ্টিক নিজে পাঁচালী আখ্যা দি গৈছে।

৪। প্রাক্‌-শংকৰী যুগৰ কবিসকলৰ এটি সাধাৰণ পৰিচয় দিয়া?

উত্তৰঃ অসমীয়া সাহিত্যৰ মধ্যযুগটোক স্তৰ বিভাজন কৰা হয় শংকৰদেৱৰ প্ৰসিদ্ধিৰ ওপৰত নিৰ্ভৰ কৰি। সেই অনুসৰি শংকৰদেৱৰ পূৰ্বৱৰ্তী সময়চোৱাক প্ৰাক্ শংকৰী যুগ হিচাপে নামকৰণ কৰা হৈছে। প্রাক্‌-শংকৰী যুগৰ সময় নিৰ্ধাৰণ কৰা হয় ১৩০০-১৪৯০ খ্রী.। প্রাক্ শংকৰী যুগটো হ’ল অসমীয়া সাহিত্যৰ ভেটি প্রতিষ্ঠাৰ সময়। এই যুগত মুঠ পাঁচ গৰাকী কবিয়ে কাব্য সাধনা কৰিছিল। তেওঁলোক হ’ল হেম সৰস্বতী, কবিৰত্ন সৰস্বতী, ৰুদ্ৰ কন্দলী, হৰিবৰ বিপ্ৰ আৰু মাধৱ কন্দলী।

হেম সৰস্বতীঃ

হেম সৰস্বতীয়ে কমতাৰ ৰজা দুর্লভনাৰায়ণৰ পৃষ্ঠপোষকতাত সাহিত্য সাধনা কৰিছিল বুলি মানি লোৱা হয়৷ অৱশ্যে তেওঁৰ পৰিচয় সূচক ভনিতাৰপৰা এই তথ্য সম্পর্কত নিশ্চিত হ’ব নোৱাৰি। কবিৰ উদ্ভৱকাল আনুমানিক ত্রয়োদশ শতিকাৰ অন্তিম ভাগ অথবা চতুদর্শ শতাব্দীৰ প্ৰথম। তেওঁৰ কাব্যকৃতি হ’ল এশটা খণ্ডত সমাপ্ত প্রহ্লাদ চৰিত আৰু ৮৯৯ টা পদযুক্ত হৰগৌৰী সংবাদ। উল্লেখযোগ্য হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিতখনেই প্ৰথম অসমীয়া কাব্য।

কবিৰত্ন সৰস্বতীঃ 

কমতাৰ ৰজা দুর্লভনাৰায়ণৰ পুত্ৰ ইন্দ্ৰনাৰায়ণৰ পৃষ্ঠপোষকতাত কবিৰত্ন সৰস্বতীয়ে কাব্য চৰ্চা কৰিছিল। গতিকে তেওঁ হেম সৰস্বতীৰ কিছুকালৰ পাছৰ বুলি ভাবিবৰ থল আছে। কবিয়ে মহাভাৰতৰ দ্রোণপৰ্বৰ জয়দ্রথ বধ কাহিনীটো কাব্য আকাৰে বৰ্ণনা কৰিছে।

ৰুদ্ৰ কন্দলীঃ 

কমতা ৰজা দুর্লভনাৰায়ণৰ সমসাময়িক তথা প্রতিদ্বন্দী ৰজা ধৰ্মনাৰায়ণৰ পুত্ৰ শ্ৰীমন্ত তাম্ৰধ্বজৰ পৃষ্ঠপোষকতাত ৰুদ্ৰ কন্দলীয়ে কাব্য সাধনা কৰিছিল। কন্দলীয়ে মহাভাৰতৰ দ্রোণপৰ্বৰ জয়দ্রথ বধ অন্তর্গত সাত্যকিৰ যুদ্ধযাত্ৰা আৰু বীৰত্বৰ কথা বর্ণনা কৰি সাত্যকি প্ৰৱেশ নামে পদ ৰচনা কৰিছিল। কাব্যখনৰ অংশ বিশেষত ঘৰুৱা জতুৱা ঠাঁচৰ প্ৰয়োগ দেখা যায়। ইয়ে কাব্যখনক মনোহাৰিত্ব প্রদান কৰিছে।

মাধৱ কন্দলিঃ

মাধৱ কন্দলি প্ৰাক্ শংকৰী যুগৰ শ্ৰেষ্ঠ কবি। তেওঁৰ আত্ম পৰিচয়মূলক বর্ণনাত তেওঁ বৰাহী ৰজা মহামানিক্যৰ পৃষ্ঠপোষকতা লাভ কৰাৰ কথা জানিব পাৰি। বৰাহী ৰজা মহামানিক্যই ডিমাপুৰৰ কাছাৰ সামৰি নগাঁৱৰ পশ্চিম অঞ্চলত ৰাজত্ব কৰিছিল বুলি সিদ্ধান্ত কৰা হয়৷ মাধৱ কন্দলিয়ে অসাধাৰণ পাণ্ডিত্যৰে ৰামায়ণৰ অসমীয়া পদ ভাঙনি কৰে। মন কৰিবলগীয়া কথা এয়ে যে সমগ্র উত্তৰ-পূব ভাৰতৰ ৰাজ্যিক ভাষাসমূহৰ ভিতৰত কন্দলিয়েই প্রথমতে বাল্মীকি ৰামায়ণৰ ভাঙনি কৰে। সেয়ে ভাৰতীয় ৰামায়ণী সাহিত্যৰ ইতিহাসত কন্দলি গুৰুত্বপূৰ্ণ ব্যক্তিত্ব। মাধৱ কন্দলিয়ে ৰচনা কৰা অন্য এখন কাব্য হ’ল দেৱজিৎ‌ ।

হৰিবৰ বিপ্ৰঃ

কমতাপুৰৰ ৰজা দুর্লভনাৰায়ণৰ পৃষ্ঠপোষকতাত কাব্য চৰ্চা কৰা কবিকেইজনৰ ভিতৰত হৰিবৰ বিপ্ৰও এজন। কবিয়ে জৈনিমীয়শ্বমেধ পৰ্বৰ বিষয়বস্তুৰ আধাৰত তিনিখন যুদ্ধকাব্য ৰচনা কৰি থৈ যায়। কাব্যকেইখন হ’ল— লব-কুশৰ যুদ্ধ, বব্ৰুবাহনৰ যুদ্ধ আৰু তাম্ৰধ্বজৰ যুদ্ধ।

৫। উত্তৰ শংকৰী যুগৰ কবি আৰু কবিতা সম্পর্কে আলোচনা আগবঢ়োৱা।

উত্তৰঃ উত্তৰ শংকৰী যুগ বা শংকৰোত্তৰ যুগ বুলিলে সপ্তদশ শতিকাৰ পৰা ঊনবিংশ শতিকাৰ প্ৰথম চতুর্থাংশ (১৮২৬) লৈকে ধৰা হয়। এই যুগৰ প্ৰধান অৱলম্বন আছিল ঘাইকৈ সত্ৰসমূহ আৰু লগতে আহোম, কোঁচ, কছাৰী ৰজাসকলৰ পৃষ্ঠপোষকতা আৰু উদ্‌গনি। মন কৰিব লগীয়া কথা হ’ল সপ্তদশ শতিকাৰ মাজভাগত কোনো নতুন পৰিৱৰ্তন অসমীয়া সাহিত্যত দেখা পোৱা নাযায়। অষ্টাদশ শতিকাৰ আৰম্ভণিতে আহোম ৰজাসকলৰ পৃষ্ঠপোষকতাত অসমীয়া সাহিত্যৰ ইতিহাসত নতুন পৰিৱৰ্তন দেখিবলৈ পোৱা যায়। গীত, কাব্য আৰু নাট আদি সাহিত্যৰ শাখা সমূহক ফুলে-ফলে জাতিষ্কাৰ কৰা পুৰণি অসমীয়া সাহিত্যৰ এই সময়ছোৱাক বিস্তাৰ যুগ বুলিও কোৱা হয়।

উত্তৰ শংকৰী যুগৰ কবি সকলে শংকৰদেৱৰ সাহিত্যিক আদর্শকে সাৰোগত কৰি কাব্য ৰচনা কৰিছিল৷ গুৰুজনাৰ আদৰ্শ আছিল ভক্তিধর্ম বিকাশৰ আদৰ্শ। স্মর্তব্য যে এই যুগৰ কবিসকলৰ লিখনিত গুৰুজনাৰ ভক্তিধৰ্মৰ আদৰ্শই প্ৰসাৰতা লাভ কৰিছিল যদিও গভীৰতা হেৰুৱাই পেলায়। সত্ৰসমূহৰ গোসাঁই মহন্ত সকলেও তেওঁলোকৰ কাব্যত নতুনৰ সন্ধান নকৰি গুৰুজনাৰ আৰ্হিতে কাব্য ৰচনা কৰিবলৈ ধৰিলে। উত্তৰ শংকৰী যুগৰ কবিসকলৰ কাব্য ৰচনাৰ আধাৰ গ্ৰন্থ আছিল— ব্রহ্মবৈবর্ত পুৰাণ, পদ্মপুৰাণ, ধৰ্ম পুৰাণ, মহাভাৰত আদি সংস্কৃত গ্রন্থসমূহ।

তলত উত্তৰ শংকৰী যুগৰ কবি আৰু কবিতাৰ আলোচনা আগবঢ়োৱা হ’ল—

(ক) গোপাল আতাঃ

গোপাল আতা উত্তৰ শংকৰী যুগ এজন ধৰ্মপ্ৰচাৰক, নাট্যকাৰ হোৱাৰ উপৰিও এগৰাকী কবি আৰু গীতিকাৰ। তেও ৰচনা কৰা ‘উদ্ধৱযান’, ‘জন্মযাত্রা’ আৰু নন্দোৎসৱ নামৰ নাটকেইখনৰ গীতবোৰ অতি সুমধুৰ। নাটৰ গীতৰ বাহিৰেও তেওঁ বেলেগ গীত আৰু ঘোষা ৰচনা কৰিছে। গীতবোৰত মহাপুৰুষ মাধৱদেৱৰ প্ৰভাৱ সুস্পষ্ট কালসংহতিৰ সত্ৰবোৰত এই গীতবোৰক বৰগীত মৰ্যদা প্ৰদান কৰিছে। আতাই ৰচনা কৰা গীতবোৰত তেওঁৰ কবিত্ব শক্তিৰ নিদৰ্শন ফুটি উঠিছে।

(খ) পদ্মপ্রিয়াঃ

অসমৰ প্ৰথম গৰাকী মহিলা কবিৰ সন্মানেৰে সন্মানিত পদ্মপিয়াই কাব্য চৰ্চাৰ মূলতে আছিল মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ আৰু পিতাক গোপালদেৱৰ পৰা লাভ কৰা প্ৰভাৱ৷ তেওঁলোকৰ আৰ্হিতে পদ্মপিয়াই ৰাগ সংযোজন কৰি গীত ৰচনা কৰিছিল। তেওঁ ৰচনা কৰা গীতবোৰ ৰামগিৰি, ৰামকেলি আদি ৰাগৰ। পদ্মপিয়াই শংকৰ-মাধৱ-গোপালৰ বন্দনা গীতৰ মাজত ফুটাই তুলিছে।

(গ) গোপাল মিশ্রঃ গোপাল মিশ্রই কেইবাখনো গ্ৰন্থ ৰচনা কৰাৰ কথা জনা যায়। তাৰ ভিতৰত ‘ঘোষাৰত্ন’ উল্লেখযোগ্য। ‘শঙ্খচূড় বধ’, ‘মহিষাসুৰ বধ’ আদি গ্ৰন্থ তেওঁৰ ৰচনা বুলি দেৱেন্দ্ৰনাথ বেজবৰুৱাই উল্লেখ কৰিছে যদিও গ্ৰন্থ কেইখন পোৱা নাযায়। ‘ঘোষাৰত্ন’ নামঘোষা শ্ৰেণীৰ গ্ৰন্থ। ‘ঘোষাৰত্ন’ গ্রন্থখন পণ্ডিত হেমচন্দ্র গোস্বামীয়ে ১৫৮৮ খৃঃত আৰু সতেন্দ্ৰনাথ শৰ্মাই খৃঃ ১৬০০ মানতহে ৰচিত হৈছিল বুলি মত আগবঢ়ােিছ। গোপাল মিশ্ৰৰ পাণ্ডিত্যৰ নিদৰ্শন ‘ঘোষাৰত্ন’তে নিহিত হৈ আছে। 

(ঘ) গোবিন্দ মিশ্রঃ

গোবিন্দ মিশ্ৰৰ জন্ম হয় খৃষ্টীয় ষোড়শ শতাব্দীৰ মাজ ভাগত। গোবিন্দ মিশ্রই ভক্তিবিৱেক গ্রন্থ অনুবাদ কৰিছে। গোবিন্দ মিশ্র শ্রীমদ্ভাগৱতৰ অনুবাদ পদগীতা অতি সৰল ভাষাত ৰচিত অসমীয়া কাব্য সাহিত্যৰ মূল্যৱান গ্রন্থ। ভক্তিধৰ্মৰ গুৰুত্ব থকা এই অনুবাদ কাহিনীৰ বিস্তৃত বিৱৰণ পোৱা যায়। পদগীতাৰ উপৰিও ভক্তিবিৱেকৰ অসমীয়া পদানুবাদ কৰি তেওঁৰ পাণ্ডিত্যৰ পৰিচয় দাঙি ধৰিছে। পদগীতাৰ ৰচনাত তেওঁ শংকৰাচাৰ্য, ভাস্কৰীৰ মত আৰু হনুমন্তী টীকা, আনন্দগিৰি আৰু শ্ৰীধৰ স্বামীৰ টীকা বিচাৰ কৰি নিজ বুদ্ধিৰ প্ৰয়োগ ঘটাইছে বুলি উল্লেখ কৰিছে। দুয়োখন গ্ৰন্থতে কবিগৰাকীৰ মনীষাৰ চিন স্পষ্ট।

(ঙ) দামোদৰ দাসঃ

দামোদৰ দাস খৃষ্টীয় সপ্তদশ শতিকাৰ প্ৰথমাৰ্দ্ধৰ কবি আছিল। দামোদৰ দাসে মহাভাৰতৰ ‘শল্য-পৰ্ব’ আৰু ‘দ্ৰোণ-পৰ্ব’ ৰচনা কৰে। ‘শল্য-পৰ্ব’ৰ মাজেদি তেওঁৰ ভাগৱত ভট্টাচাৰ্যৰ প্ৰতি গুৰুভক্তি প্রকাশ পাইছে। আন হাতে ‘দ্ৰোণ-পৰ্ব’ত তেওঁৰ কৃষ্ণভক্তিয়ে ভক্তিৰ নিজৰা বোৱাইছে। তেওঁৰ ৰচনাৰ ভাষা প্ৰাঞ্জল, সহজে বুজিব পৰা বিধৰ। গ্রন্থ দুখনে দামোদৰ দাসৰ বৰ্ণনা শক্তি লগতে পাণ্ডিত্যৰ পৰিচয় দিয়ে।

(চ) ৰামমিশ্রঃ

জয়ধ্বজ সিংহৰ পৃষ্ঠপোষকতা লাভ কৰা ৰাম মিশ্ৰ উত্তৰ লক্ষীমপুৰ অঞ্চলৰ লোক। ভোগদৈ নদীৰ দিচৈৰ পাৰৰ গাঁৱতে থাকি ৰাম মিশ্ৰই কাব্য ৰচনা কৰিছিল। ৰাম মিশ্ৰই চাৰিখন গ্ৰন্থ ৰচনা কৰিছিল। সেয়া হ’ল — ‘হিতোপদেশ’, মহাভাৰতৰ ‘ভীষ্মপৰ্ব’, ‘পুতলা চৰিত্ৰ’ আৰু ‘বৃন্দাবন-চৰিত্ৰ’। ৰজা শহুৰৰ পুতেক ভদ্রসেন বৰুৱাৰ উৎসাহ আৰু আদেশ পাই ৰাম মিশ্রই ‘হিতোপদেশ’ অসমীয়ালৈ অনুবাদ কৰে। বৃন্দাবন চৰিত্ৰ ৰাম মিশ্ৰৰ মৌলিক ৰচনা। গ্ৰন্থখনিত বৃন্দাবনৰ ইতিহাস, ভূগোলৰ পৰিচয় দিয়াৰ লগতে বৃন্দাবনৰ লোক কথাকো তেওঁ ঠাই দিছে। কবিয়ে বৃন্দাবন ভ্রমণ কৰি লাভ কৰা অভিজ্ঞতাৰে অতি যত্ন সহকাৰে গ্ৰন্থখন ৰচনা কৰিছে।

(ছ) বিষ্ণু ভাৰতীঃ

বিষ্ণু ভাৰতী ‘ধ্ৰুৱ চৰিত্ৰ’ আৰু ‘ভাগৱত-ৰত্ন’ নামে দুখন গ্ৰন্থৰ ৰচক। তেওঁ নিজকে ‘কবিৰত্নসুত’ বুলি পৰিচয় প্ৰদান কৰিছে। বিষ্ণু ভাৰতী ৰচনাত প্ৰসিদ্ধ টীকাকাৰ শ্ৰীধৰ স্বামীৰ প্ৰভাৱ লক্ষ্য কৰা যায়। এই কথা তেওঁ নিজেই ‘ভাগৱত-ৰত্ন’ গ্ৰন্থখনৰ আৰম্ভণিতে উল্লেখ কৰিছে। দ্বাদশ স্কন্ধ ভাগৱতৰ সাৰ গ্ৰন্থ হৈছে ‘ভাগৱত-ৰত্ন’। ভাগৱত আচাৰ্যৰ ‘ভাগৱত-কথাসূত্ৰ’ৰ স’তে এই গ্ৰন্থখন তুলনা কৰিব পাৰি।

(জ) অনিৰুদ্ধ্ঃ

মায়ামৰা সম্প্ৰদায় গঠনত কৃতিত্ব লাভ কৰাৰ দৰে কাব্য আৰু গীত ৰচনাতো অনিৰুদ্ধদেৱে বিশেষ পাৰদৰ্শিতা দেখুৱাই থৈ গৈছে৷ নাহৰ আটি সত্ৰত থকা কালত অনিৰুদ্ধদেৱে পাঁচখন শাস্ত্ৰ ৰচনা কৰে। সেয়া হ’ল ছন্দত লিখা ভাগৱত পুৰাণ পঞ্চমস্কন্ধ ভাগৱতৰ মূল টীকাৰ ভাঙনি, পয়াৰ ছন্দত লিখা চতুৰ্থ স্কন্ধ ভাগৱতৰ পঁচিশ অধ্যায়ৰ পৰা  অধ্যায়লৈ মূল টীকাৰ ভাঙনি, ভক্তিমঙ্গল শাস্ত্ৰ, ছয়টা টোটয় ভটিমাৰে বৰগীতৰ গীতশাস্ত্ৰ আৰু কথা শ্লোকত ৰচনা কৰা গুপুত নিজশাস্ত্ৰ।

(ঝ) কবিৰাজ চক্ৰৱৰ্তীঃ

কবিৰাজ চক্ৰৱৰ্তীৰ প্ৰকৃত নাম ৰামনাৰায়ণ চক্ৰৱৰ্তী। তেওঁ স্বৰ্গদেউ ৰুদ্ৰসিংহ, শিৱসিংহ আৰু বৰৰজা ফুলেশ্বৰীৰ আমোলত ৰাজকবি আছিল। কবিৰাজ চক্ৰৱৰ্তীয়ে ‘ব্ৰহ্মবৈৱৰ্ত্ত পুৰাণ’, ‘গীতগোবিন্দ’, ‘শঙ্খচূড় বধ’, ‘শকুন্তলা’, ‘ভাস্বতী’ আদি গ্ৰন্থ ৰচনা কৰে।

ব্ৰহ্মবৈৱৰ্ত্তপুৰাণ’ত তেওঁ অতি দক্ষতাৰে উপমাৰ জৰিয়তে ৰাধা কৃষ্ণৰ সৌন্দৰ্যৰ বিৱৰণ দাঙি ধৰিছে। সেইদৰে প্ৰাকৃতিক দৃশ্য বৰ্ণনাত তেওঁৰ অপূৰ্ব পাৰদৰ্শিতা প্ৰকাশ পাইছে। মদাৰ, চম্পা, আম, মন্দন, খেজুৰ, ডালিম, কল, বেল, তেতেলী, ডিমৰু, মল্লিকা, মাধৱী, মালতী, কেতেকী, যূতি আদি ফল-ফুলৰ উল্লেখে কাব্যখন সুগন্ধিত কৰি তুলিছে। তাৰ মাজতে সোণ সুৱগা চৰাইছে কুলিৰ সুললিত কণ্ঠস্বৰে।

কবিৰাজ চক্ৰৱৰ্ত্তীৰ ‘গীত-গোবিন্দ’ তেওঁৰ কাব্যকৃতিৰ এক কালজয়ী নিদর্শন। জয়দেৱৰ কাব্যৰ গীতবোৰৰ অনুবাদেই হ’ল ‘গীত-গোবিন্দ’। শিৱসিংহৰ ৰাজত্বকালতে প্ৰস্তুত কৰা বুলি অনুমান কৰা এই কাব্যৰ এটি চিত্ৰৰূপো পোৱা যায়। কবিৰাজ চক্ৰৱৰ্ত্তীৰ আটাইকেইখন কাব্যতে অলঙ্কাৰৰ প্ৰাচুৰ্য লক্ষ্য কৰা যায়। সেইদৰে বৰ্ণনীয় বিষয়ৰ লগত সঙ্গতি ৰাখি উপযুক্ত শব্দচয়ন ব্যৱহাৰ কৰিছে। কবি-প্ৰসিদ্ধিৰে কবিৰাজ চক্ৰৱৰ্ত্তীৰ কাব্য উদ্বেলিত।

এইসকল কবিৰ উপৰিও বিদ্যা পঞ্চানন, কলাপচন্দ্র দ্বিজ, গোপালচৰণ দ্বিজ, কেৱশ কায়স্থ, অনন্ত কায়স্থ, লক্ষ্মীনাথ দ্বিজ আদি কবিয়ে অসমীয়া কাব্য সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে।

৬। প্রাক্‌-ৰোমাণ্টিক স্তৰৰ কবিতা সম্পর্কে এটি বিস্তৃত আলোচনা আগবঢ়োৱা? 

উত্তৰঃ ঊনবিংশ শতিকাৰ আৰম্ভণিতে অসমৰ সমাজ-জীৱনলৈ যি অন্ধকাৰ নামি আহিল তাৰ ফলত অসমীয়া ভাষা-সাহিত্যৰ অৱস্থা শোচনীয় হৈ পৰিল৷ সেইসময়তে মিছনেৰীসকলৰ চেষ্টাত একাজলি পোহৰ হৈ অৰুনোদই কাকতে ভুমুকি মাৰিলে৷ অৰুনোদই কাকততে সাহিত্যৰ বিভিন্ন শাখাসমূহৰ লগতে কবিতাৰো প্ৰকাশ ঘটে যদিও অধিকাংশ কবিতাই আছিল ধর্মমূলক। সেয়ে বিষয়বস্তু আৰু প্ৰকাশৰীতি ফালৰপৰা অৰুনোদইত প্রকাশিত বেছিভাগ কবিতাক ছন্দোবদ্ধ ৰচনা বা পদ্যহে বুলিব পাৰি, কিয়নো প্ৰায়বোৰ কবিতা আছিল বৰ্ণনা প্ৰধান আৰু সিবোৰত গীতিময়তাৰ অভাৱ দেখা গৈছিল। বিভিন্ন নীতিমূলক কবিতাও এই কাকতত প্ৰকাশ পায় যদিও কবিতাৰ প্ৰকৃত লক্ষণবোৰ এনে ৰচনাত দেখিবলৈ পোৱা নাযায়। প্রকৃতপক্ষে অসমীয়া কবিতাই প্ৰাক্‌-ৰোমাণ্টিক স্তৰতহে গঢ় লৈ উঠে। পৰৱৰ্তী স্তৰত নতুন নতুন বিষয়বস্তুৰে আৰু নতুন নতুন ৰূপেৰে অসমীয়া কবিতাই বিকাশৰ পথত আগবাঢ়ে। 

প্রাক্-ৰোমাণ্টিক স্তৰত কাব্যিক অৱদান আগবঢ়োৱা প্ৰধান কবিকেইজন হৈছে— ৰমাকান্ত চৌধুৰী, ভোলানাথ দাস, কমলাকান্ত ভট্টাচাৰ্য আৰু ৰত্নেশ্বৰ মহন্ত। এইসকল কবিয়ে অসমীয়া কবিতাৰ নানা দিশত নতুনত্ব আনিলে। অমিত্রাক্ষৰ ছন্দৰ প্ৰয়োগ, স্বদেশপ্ৰীতিৰ উন্মেষ আৰু জাতীয় চেতনাৰে এই সময়ৰ কবিতাই অসমীয়া কাব্য সাহিত্যক জিলিকাই তুলিলে। এইসকল কবিৰ পৰিচয়ৰ লগতে তেওঁলোকৰ সাহিত্যিক বৈষ্টিশ্যসমূহ তলত আলোচনা কৰা হ’ল—

(ক) ৰমাকান্ত চৌধুৰীঃ (১৮৪৬-১৮৮৯)

অসমীয়া কবিতা জগতত এটি নমস্য নাম হ’ল — ৰমাকান্ত চৌধুৰী। পিতৃৰ নাম লক্ষ্মীকান্ত চৌধুৰী ৷ গুৱাহাটীৰ পৰা এণ্ট্ৰেন্স পাছ কৰি গুৱাহাটী আৰু আন আন ঠাইত কাছাৰীত কেৰাণী কামত নিযুক্ত হয়। এওঁৰ প্ৰধান কীৰ্তি হ’ল— বঙ্গৰ কবি মাইকেল মধুসূদন দত্তৰ দৰে অমিত্রাক্ষৰ ছন্দৰ প্ৰয়োগ। এই ছন্দেৰে তেওঁ অভিমুন্য বধ কাব্যখন ৰচনা কৰি ১৮৭৫ চনত প্ৰকাশ কৰে।

কাব্যখনিৰ কাহিনী বিন্যাসলৈ মন কৰিলে দেখা যায় যে কাব্যখনি তিনিটা সৰ্গত বিভক্ত হৈছে— অভিশাপ সৰ্গ, বলহাৰী সৰ্গ আৰু মিলন সর্গ। কাব্যখনত, দ্বিতীয় সৰ্গত বীৰৰস আৰু তৃতীয় সৰ্গত আদি বা শৃঙ্গাৰ ৰসে প্রাধান্য পাইছে।

অমিত্রাক্ষৰ ছন্দৰ আৰ্হিত তেওঁ কাব্য ৰচনা কৰিছিল যদিও তেওঁৰ কাব্যৰ আধুনিক ভাষাৰ মাজত বৈষ্ণৱ কাব্যৰ আৰ্হিও নিহিত হৈ আছে—

দশ দিন যুদ্ধ কৰি ভীষ্ম মহাৱলী

যেতিয়া শুইলা বীৰে শৰ আসনত

মহাৰথী পাশুৱেও আনন্দ মনেৰে 

বজাইলা ঢাক,ঢোল, শিংঙ্গা, কৰতাল 

জগ ঝম্প ভেৰি দবা আপুনি শ্রীহৰি 

নিজ বাদ্য শঙ্খ লই, ফুৱায় বিজয় 

ঘোৰ নাদে বুজুৱায় সকল শব্দ 

হৰষিলা পাণ্ডৱক। সাগৰ সমান 

হাহাকাৰ ৰণ থলি, স্বামী নিধনত।

(অভিমন্যু বধ কাব্য)

তেওঁৰ কাব্যৰ অলংকাৰ প্ৰয়োগ সীমিত। সৰল প্ৰকৃতিৰ উপমা আদি অলংকাৰৰ সহায়ত তেওঁ কিছুমান জীৱন্ত ছবি অংকন কৰিছে। মাইকেল মধুসূদন দত্তৰ মেঘনাদ বধ কাব্যৰ আৰ্হিত তেওঁ এই কাব্য ৰচনা কৰিছে যদিও মাইকেলৰ দৰে কঠিন শব্দৰ অত্যাধিক ব্যৱহাৰ কৰা নাই। ইয়াৰ সলনি তেওঁ সৰল আৰু মনোৰম ভাষা শৈলীৰ মাজত কথিত ৰূপৰ ভালেমান শব্দ ঠায়ে ঠায়ে সুমুৱাই দিছে। তাৰফলত ভাষাৰ গাম্ভীর্য কমিলেও সৌন্দর্য হ্রাস পোৱা নাই৷ ইয়াৰ মাজতে কবিজনাৰ মৌলিক প্রতিভাও ফুটি উঠিছে। যেনে—

আহিলা ৰজনীদেৱী মনোহাৰী বেশে

আগুৰিলা কুৰুক্ষেত্ৰ, আবৰিলা ধৰা 

আঁতৰাই ৰশ্মিজাল আগুৰাণ দিয়া।

পিন্ধিলা ভালত ভাল ভেল্‌কি লগোৱা 

ছান্দ-সিন্দূৰৰ ফোটা। অপৰূপ ৰূপে 

ৰূপৰ টোপেৰে তৰাবোল ভূষিলাহা

নীলবর্ণ আকাশক। বহিয়া মলয়া বাও

ধীৰে ধীৰে, দেহী-দেহ কৈলা সুশীতল। 

(অভিমন্যু বধ কাব্য)

বঙ্গ কবিৰ কাব্য অনুকৰণৰ লগতে নিজৰ মৌলিক প্রতিভা সংযোজনেৰে ৰচনা কৰা ৰমাকান্ত চৌধুৰীৰ অভিমন্যু বধ অসমীয়া সাহিত্যত উল্লেখযোগ্য কাব্য। আনহাতে প্রকৃত ৰোমাণ্টিক সাহিত্যৰ বিকাশৰ আগমুহূৰ্তত বৈষ্ণৱ কাব্যৰ আদৰ্শৰ সৰোগত কৰি লিখা এই কাব্যখন অসমীয়া সাহিত্যজগতত সঁচাকৈয়ে লেখত ল’বলগীয়া ৷

(খ) ভোলানাথ দাস (১৮৫৮-১৯২৯) :

এই সময়ৰে আন এজন কবি ভোলানাথ দাস। ৰমাকান্ত চৌধুৰীৰ দৰে দাসেও স্বচ্চন্দ অমিত্রাক্ষৰেৰে ভৰা কবিতা ৰচনা কৰিছিল। নগাঁও আৰু কলিকতাত শিক্ষা লাভ কৰাৰ পিছত চৰকাৰৰ শিক্ষা আৰু ভূমি বিভাগত চাকৰি কৰে। তেওঁ আছিল এজন প্ৰতিভাৱান কবি। মনোৰম কোমল শব্দৰে ভৰপূৰ গীতিময় সৌন্দর্যেৰে ওপচা দুই-এটা কবিতাই তেওঁৰ প্ৰতিভাৰ উমান দিয়ে। তেওঁৰ কবিতা পুথি-পাঁচখন। তাৰে দুখন কবিতামালা (দুটা খণ্ড), দুখন চিন্তা-তৰঙ্গিনী (দুটা খণ্ড) আৰু সীতাহৰণ কাব্য।

ভোলানাথ দাসৰ কবিতা মালাৰ প্ৰথম খণ্ডৰ প্ৰথম সংস্কৰণৰ কথা জনা নাযায়, কিন্তু প্রথম খণ্ডৰ তৃতীয় সংস্কৰণ প্রকাশ হয় ১৮৮৪ চনত আৰু দ্বিতীয় খণ্ড ১৮৮৩ চনত প্ৰকাশ হয়। দুয়োটা খণ্ডতে কুৰিটিকৈ কবিতা সন্নিৱিষ্ট আছে। কবিতামালা মূলতঃ শিশুৰ উপযোগী কৰি ৰচনা কৰা কাব্যপুথি। সেয়ে নীতিকথা, উপদেশেৰে পুথিখনি পৰিপূৰ্ণ। তদুপৰি পুথিখনিৰ প্ৰাকৃতিক বর্ণনাখিনিও অতি আকর্ষণীয়।

তেওঁৰ চিন্তা-তৰঙ্গিনী কবিতা পুথিখন ১৮৮৪ চনত প্ৰকাশ পায়। এই পুথিৰ প্ৰথম খণ্ডৰ মাজত থকা নানা ভাৱৰ ভিতৰত এটি লক্ষণ হৈছে— দেশপ্ৰেম আৰু পৰাধীন দেশৰ প্ৰতি সচেতন মনোভাৱ। তেওঁৰ কবিতাৰ মাজত সমাজ সচেতনতাৰ সুৰ ধ্বনিত হৈছে এইদৰে—

থাকোঁতে তোসব, মোৰ হেৰ’ ভীৰুগণঙ্গ

শিৰত পাদুকাভাৰ, চৰণে শঙ্খল।

ক’তেবা সিদিনা হায় ক’তেবা ইদিন,

ক’ত স্বর্ণসিংহাসন ক’ত পদতম।

চিন্তা-তৰঙ্গিনীৰ দ্বিতীয় খণ্ডত কবিৰ মনৰ কোমল অনুভূতিখিনি আৰু অলপ বেছিকৈ জীৱন্ত হৈ উঠিছে। দুই এটি কবিতাত স্বদেশ চেতনাৰ লক্ষণো দেখা যায় যদিও কোমল বর্ণনাযুক্ত কবিতাসমূহততে তেওঁৰ কবিপ্ৰাণ উজ্বলি উঠিছে। এনে এটি কোমল কবিতা হ’ল মেঘ। কবিতাটিৰ মাজেৰে প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যই ধৰা দিছেহি। বিশাল আকাশত ভাঁহি ফুৰা শুকুলা মেঘৰ ৰূপ চাই কবিয়ে কৈছে

কৃষ্ণবক্ষে জ্বলে যেন স্ফটিকৰ মণি

কিম্বাশ্যাম দুর্বাদলে যথা জলবিন্দু জ্বলে

ছায়াবৃত জলে যেন শোভে কমলিনী 

বিস্তীর্ণ সমুদ্রে কিম্বা ধবল তৰণী।

এই মেঘেই যে কেতিয়াবা কৃষ্ণবৰ্ণ আৰু ভংয়কৰ ৰূপ ধাৰণ কৰে সেই কথা কবিয়ে অনুভৱ কৰে। ত্নিতু কবিৰ মানস পটত ভাঁহি প্ৰকৃতিৰ এই মনোৰম ৰূপক কবিয়ে কবিতাটিত সুন্দৰভাৱে অংকণ কৰিছে। সুন্দৰ উপমাই কবিতাটিক মনোমোহা কৰি তুলিছে।

ভোলানাথ দাসৰ অন্যতম কীর্তি-সীতাহৰণ কাব্য অসমীয়া সাহিত্যত লেখত লবলগীয়া৷ তেওঁ ছাত্ৰাৱস্থাতে থাকোঁতে ১৯৭১-৮ লৈ আসাম বিলাসিনী কাকতত এই কাব্য প্রকাশ পায় আৰু ই পুথি আকাৰে ১৯০২ চনতহে প্ৰকাশ লাভ কৰে।

কাব্যখনি সাতোটা সৰ্গত বিভক্ত। কাব্যখনিৰ বৰ্ণনা ৰীতি জটিল আৰু অলংকাৰেৰে ভৰপূৰ। তেওঁৰ সন্মুখত আছিল সুখ্যাত কবি মাইকেল মধুসূদন দত্তৰ মেঘনাদ বধ কাব্যৰ আদৰ্শ আৰু প্ৰেৰণা। তদুপৰি তেওঁৰ আগতেই ৰচনা কৰি উলিওৱা ৰমাকান্ত চৌধুৰীৰ

অভিমন্যু বধ কাব্যয়ো তেওঁৰ সন্মুখৰ পথ মুকলি কৰিছিল। ৰামায়ণৰ কাহিনীক আশ্ৰয় কৰি কাব্যখনিৰ শৰীৰ গঢ় লৈ উঠিছে। যদিও প্ৰচুৰ পৰিমাণে কবিৰ কল্পনাৰো মিশ্রণ ঘটিছে।

ভোলানাথ দাসৰ ৰচনা বৈশিষ্ট্য হ’ল— অমিত্রাক্ষর ছন্দৰ প্রয়োগ। মাইকেল মধুসূদনৰ দৰে ভোলানাথ দাসৰ ভাষা শৈলী সুন্দৰ আৰু নিমজ নহয় যদিও এই ছন্দৰ অনুসৰণ কৰাটোৱেই তেওঁৰ ডাঙৰ কৃতিত্ব। তদুপৰি অসমীয়া কবিতাৰ আধুনিক যুগৰ দ্বিতীয় বৰ্ণনাত্মক কাব্য হিচাপেও এই কাব্য পুথিখনি আদৰণীয়। ভোলানাথ দাস সম্পৰ্কে মহেশ্বৰ নেওগে অসমীয়া সাহিত্যৰ ৰূপৰেখাত কৈছে— অসমীয়া কাব্যলৈ এওঁৰ বৰঙণিৰ দুটা ঘাই বৈশিষ্ট্য অমিত্রাক্ষৰ ছন্দৰ প্ৰৱৰ্তন আৰু সবলভাৱে লিৰিকি কবিতাৰ প্ৰচলন। কাব্যখনিৰ প্রাকৃতিক চিত্র অংকণত কবিৰ মৌলিক প্ৰতিভাৰ সুন্দৰ প্ৰতিফলন ঘটিছে।

(গ) কমলাকান্ত ভট্টাচার্য (১৮৫৩-১৯৩৬)

কমলাকান্ত ভট্টাচাৰ্যৰ জন্ম হয় তেজপুৰৰ নদুৱাৰত। দেউতাক বানেশ্বৰ ভট্টাচার্য বৃটিছৰ ডাৰোগা আছিল। তেওঁ তেজপুৰ আৰু গুৱাহাটীত শিক্ষা গ্ৰহণ কৰি পিছত তেজপুৰ কাছাৰীত এটি চাকৰিত সোমায়। তেওঁৰ কাব্যিক জীৱনৰ উজ্জ্বল চানেকি চিন্তানল (আগছোৱা-১৮৯০) (শেষছোৱা-১৮৯২) আৰু চিন্তাতৰঙ্গ (১৯৩৩) চনত প্ৰকাশ পোৱা উল্লেখযোগ্য কবিতা পুথি ।

কমলাকান্ত ভট্টাচাৰ্যৰ কবিতাত খং আৰু বিদ্ৰোহৰ জুইকুৰা ইমানে বেছিকৈ জ্বলি আছিল যে তেওঁ ঘাইকৈ অগ্নিকবি বুলিহে জনাজাত। এওঁৰ ৰচনাৰ প্ৰধান বৈশিষ্ট্য হৈছে— তীব্র স্বদেশপ্রেম। ভট্টাচাৰ্যৰ কবিতাত কবিসুলভ কোমলতাৰ ঠাইত দেশৰ মানুহক ধিক্কাৰ দিয়া কঠোৰ মনোবৃত্তি এটি ফুটি উঠা দেখা যায়৷ তেওঁ দেখিছে আন দেশৰ তুলনাত আপোন দেশ কিমান পিছপৰা, অথচ অসমবাসী এতিয়াও অচেতন। সেয়ে তেওঁৰ কবিতাৰ প্ৰধান সুৰ আক্ষেপেৰে জৰ্জৰিত হৈ পৰিছে। নিজৰ দেশৰ লোকৰ প্ৰতি কৰা এনে আক্ষেপ তেওঁৰ কলমেৰে অগ্নিৰ দৰে বৰষিছে। কেৱল আক্ষেপ বা ক্ষোভ কৰিয়ে কবি ক্ষান্ত থকা নাই, বৰঞ্চ অসমৰ উন্নতিৰ হকে কাম কৰিবলৈ, চিন্তা কৰিবলৈ তেওঁ দেশবাসীক আহ্বান জনাইছে। দেশৰ সভ্যতা, সংস্কৃতি, সমাজ, ধর্ম, শিক্ষা, সাহিত্য আদি সকলো বিষয়তে কবিগৰাকীৰ গভীৰ দৃষ্টি আছিল—

এই নে অসম          নহয় শ্মশান 

       মনুষ্যত্বহীন যত নাৰী নৰ৷ 

ঊনৈশ শতিকা         সভ্য জগতত

       কি বাবে সকলো ভিখাৰী পৰৰ।

(পূৰ্ণিমা ৰাতিলৈ চাই)

তেওঁৰ অন্য এটি হৃদয় পৰশা কবিতা ‘পাহৰণি’ৰ মাজত কবিৰ হৃদয়ে যেন বিলাপ কৰি উঠিছে—

চিঞৰি মাতিছে শুনা ব্রহ্মপুত্রে

শিলনি ভৰাত নিৰলে বহি

বিলাপে ই নদে যেই দিন ধৰি

আৰ্যৰ গৌৰৱ পৰিল খহি।

তেওঁৰ চকুত পৰে জাতিভেদ আদি নানা কু-সংস্কাৰত এতিয়াও বুৰ গৈ আছে দুৰ্ভগীয়া দেশ৷ পৰাধীনতাৰ শিকলিত আবদ্ধ এই দেশৰ অন্ধকাৰৰ ভৱিষ্যতৰ কথা ভাবি তেওঁৰ প্ৰাণে কৈ উঠে—

নাই মিল কাৰো দুৰ্ম্মতি সন্তান

চৌষষ্টি পয়ষষ্টি বেলেগ জাত

ই হেন জাতিক হায় কোন দিনে

দিব একতাই সাদৰৰ মাতঙ্গ 

(পাহৰণি) )

দেশ আৰু স্বজাতিৰ বাবে সেয়ে কবিজনাৰ কবিতাত ফুটি উঠিছে আক্ষেপৰ অগ্নি। কিন্তু এই অগ্নি স্বদেশপ্ৰেমৰ দেশৰ জনতাৰ প্ৰতি থকা আকুল আহ্বান।

(ঘ) ৰত্নেশ্বৰ মহন্ত (১৮৬৪-১৮৯৩) :

গুৱাহাটীত ৰত্নেশ্বৰ মহন্তৰ জন্ম হয়। গুৱাহাটীতে তেওঁ স্কুলীয়া শিক্ষা লাভ কৰে যদিও নগাঁৱৰ পৰাহে এণ্ট্ৰেন্স পৰীক্ষাত উত্তীর্ণ হয়। আর্থিক অনাটনৰ বাবে তেওঁ উচ্চ শিক্ষা গ্ৰহণ কৰিব নোৱাৰিলে। অৱশেষত তেওঁ নগাঁৱৰ কাছাৰীত চাকৰি জীৱনৰ পাতনি মেলে।

ৰত্নেশ্বৰ মহন্তই আসাম বন্ধু, জোনাকী আৰু বিজুলী আদি কাকতত বহুতো প্রবন্ধ লিখিছিল৷ এগৰাকী প্ৰবন্ধকাৰ, নাট্যকাৰ হোৱাৰ উপৰিও তেওঁ আছিল এগৰাকী কবি। দুটা খণ্ডত তেওঁ কবিতাহাৰ নামৰ এখন কবিতা পুথি লিখিছিল ৷

কবিতাহাৰ আছিল ৰত্নেশ্বৰ মহন্তৰ কবিত্ব প্রতিভাৰ অপূৰ্ব চানেকি। তেওঁৰ স্তুতি, দুপৰ-নিশা, গাঁৱলীয়া বোৱাৰী, পত্নী-বিলাপ, সংসাৰ সুখ ঠাই আদি কবিতাই এক বিশেষ স্থান লাভ কৰিছে ।

‘গাঁৱলীয়া বোৱাৰী’ কবিতাটোত তেওঁ গাঁৱৰ বোৱাৰীৰ অৱস্থা বৰ্ণনা কৰিছে। লগতে নিৰক্ষৰ গাঁৱৰ বোৱাৰীৰ শিক্ষাৰিহীন জীৱনৰ অন্ধসংস্কাৰৰ কথাও উল্লেখ কৰি লিখিছে —

গাঁৱলীয়া বোৱাৰীৰ অন্তৰ এন্ধাৰ

শিক্ষাৰ পোহৰ নাই যত কুসংস্কাৰ,

কুসংস্কাৰে বশ হই

শাহু আইৰ বাক্য লই

সাংসাৰিক কাম কৰে এলাহ নকৰি

কাৰ্য-ক্ষম নাই গাঁৱলীয়া সৰিবৰিঙ্গ

বাস্তৱ সত্যৰ ওপৰত নিৰ্ভৰ কৰিয়েই তেওঁ কবিতাৰ বিষয়বস্তু গঢ়ি লয়। মন কৰিলে দেখা যায় যে কবিতা তেওঁ অতি ঘৰুৱা ভাষাৰে একোটা বিষয় সুন্দৰভাৱে দাঙি ধৰে।

প্ৰাক্ ৰোমাণ্টিক যুগৰ অন্য এজন কবি হৈছে বলদেৱ মহন্ত৷ তেওঁৰ কবিতাবোৰ আছিল ঘাইকৈ ল’ৰা-ছোৱালীৰ বাবে লিখা কবিতা। সেয়ে তেওঁৰ কবিতাবোৰ কেতিয়াবা নীতিশিক্ষামূলক, কেতিয়াবা সৰল হাস্যৰসাত্মক আৰু কেতিয়াবা উপদেশমূলক। তেওঁৰ উজুপাঠ নামৰ কবিতাপুথি ১৮৭৪ চনত প্ৰকাশ হয়। তেওঁৰ কবিতাৰ সৌন্দৰ্য হ’ল— নিমজ আৰু সৰল ছন্দৰীতি। সাৱলীল কথনভংগীৰ মাজেৰে ওৰেজীৱন মনত ৰৈ যাব পৰা কবিতা তেওঁ ৰচনা কৰিছিল

সুখ নাই সুখ নাই কতো ধৰুৱাৰ

অনুমাত্র সুখ নাই চিৰ ৰুগীয়াৰ

সুখ নাই যিটো সদা গোচৰত ফুৰে,

মাতৃৰ অসুখ যদি পুত্ৰ থাকে দূৰে।

(কাৰ সুখ নাই)

তেওঁৰ এনে সহজ-সৰল কবিতাবোৰে কিছুমান চিৰন্তন সত্যক নতুন ৰূপত সজাই তোলে। এনেকুৱা শুৱলা আৰু ঘৰুৱা ঠাঁচেৰে কবিতা ৰচনা কৰি কবি সাহিত্য জগতত বিৰল বুলি ক’ব পাৰি ।

এই সময়ৰে আন এগৰাকী কবি হ’ল— পদ্মাৱতী দেৱী ফুকননী (১৮৫৩-১৯২৭)। সুধৰ্মাৰ উপাখ্যান নামৰ প্ৰথম অসমীয়া উপন্যাসৰ আদিতম ৰূপৰ বাবে খ্যাত লেখকগৰাকীৰ কবি মনৰো পৰিচয় পোৱা যায়। সহজ-সৰল প্ৰকাশভঙ্গী তেওঁৰ কবিতাৰ প্ৰধান সৌন্দর্য। ব্যক্তিগত কোমলতাৰ ওপৰত প্রতিষ্ঠিত কবি গৰাকীৰ কবিতা আছিল অলংকাৰ ‘বিহীন। ‘ফুলৰাণী’ নামৰ কবিতাটিত তেওঁৰ মনোৰম ৰচনাশৈলীৰ পৰিচয় পোৱা যায়—

চোৱাচোন সখী, মোক কেনে দেখি, ৰূপহী হৈছোনে মই 

ফুলেৰেই সাজিছোঁ, কি ৰূপ ধৰিছোঁ, দেখিলে খাবানে ভয় 

সুগন্ধি ফুলৰ গাঁথি চন্দ্ৰহাৰ হিয়াত পিন্ধিছো সখী 

নৱৰত্নমালা গাঁথি যতনেৰে থৈছোঁ হাতত ৰাখি 

দহো আঙুলিত ফুলৰ আঙঠি পিন্ধিছো হেঁপাহত মই 

খোপাৰ ওপৰত মালতীৰ থোপা পৰিছে ভোমোৰায় ৷ 

ব্যক্তিগত অনুভৱৰ কোমলতাই কবিতাটিক মনোৰম কৰি তুলিছে। ‘প্ৰাৰ্থনা নামৰ অন্য এটি কবিতাত তেওঁৰ সলৰ প্ৰাণৰ ভগৱৎ বিশ্বাস ফুটি উঠা দেখা যায়।

অসমীয়া সাহিত্যলৈ তেতিয়াও প্ৰকাশ লাভ নকৰা ৰমন্যাসবাদ ৰেঙণি ফুকননীৰ কবিতাত দেখিবলৈ পোৱা যায়।

আলোচনাৰ পৰা দেখা গ’ল যে অসমীয়া সাহিত্যৰ এই প্ৰাক্‌ৰোমাণ্টিক কালছোৱাৰ সাহিত্য কিছুমান স্বকীয় বৈশিষ্ট্যৰে ভৰা আছিল৷ এইকালৰ সাহিত্য যেনেকৈ নিৰ্মাণ হৈছিল ইংৰাজী সাহিত্য আৰু বঙ্গীয় সাহিত্যৰ আৰ্হিত, তেনেকৈ আছিল আপোন মাটিৰ শংকৰদেৱ-মাধৱদেৱৰ বৈষ্ণৱ সাহিত্যৰ আদৰ্শৰ অনুপ্ৰেৰণা। স্বদেশৰ ভাষা সাহিত্যৰ বিপৰ্যয়ৰ সময়ছোৱাত ওলাই অহা এইসকল কবি সাহিত্যিক নিজৰ মৌলিক প্রতিভাৰে অসমীয়া সাহিত্যক জীপাল কৰি তুলিলে। নতুন ৰচনাৰীতি, প্রকাশভঙ্গীয়ে সাহিত্যত প্রকাশ লাভ কৰিলে। কিন্তু এটা কথা স্বীকাৰ কৰিব লাগিব যে এইসকল সাহিত্যিকৰ সন্মুখত অসমীয়া প্ৰাচীন কবিসকলৰ ভক্তিমূলক সাহিত্যৰ বাহিৰে আন কোনো আধুনিক সাহিত্যৰ চানেকি নাছিল। তেনে ক্ষেত্ৰত এনে চানেকিৰ আৰ্হি গ্রঙম কৰি আৰু নিজস্ব প্রতিভাৰে এই সাহিত্যিকসকলে সৃষ্টি কৰিছিল নতুন প্ৰকাশৰীতি, বাট মুকলি কৰিছিল ৰোমাণ্টিক জাগৰণৰ বাবে। সেয়ে এইকালৰ সাহিত্য আৰু সাহিত্যিক উভয়ে আছিল অসমীয়া সাহিত্যৰ নতুন নতুন ভাৱ আৰু শৈলীৰ পথ প্রদর্শক। গতিকে প্ৰাক্‌-ৰোমাণ্টিক স্তৰৰ সাহিত্য আৰু সাহিত্যিকসকলৰ অৱদান বিশেষ গুৰুত্বপূৰ্ণ বুলি অনুভৱ কৰিব পাৰি। 

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top