Axomiya Kobitar Saneki Unit 1 অসমীয়া কবিতাৰ সংক্ষিপ্ত ইতিহাস

Axomiya Kobitar Saneki Unit 1 অসমীয়া কবিতাৰ সংক্ষিপ্ত ইতিহাস, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Axomiya Kobitar Saneki Unit 1 অসমীয়া কবিতাৰ সংক্ষিপ্ত ইতিহাস Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Axomiya Kobitar Saneki Unit 1 অসমীয়া কবিতাৰ সংক্ষিপ্ত ইতিহাস Question Answer can be of great value to excel in the examination.

Axomiya Kobitar Saneki Unit 1 অসমীয়া কবিতাৰ সংক্ষিপ্ত ইতিহাস

Join Telegram channel

Axomiya Kobitar Saneki Unit 1 অসমীয়া কবিতাৰ সংক্ষিপ্ত ইতিহাস Notes cover all the exercise questions in UGC Syllabus. The Axomiya Kobitar Saneki Unit 1 অসমীয়া কবিতাৰ সংক্ষিপ্ত ইতিহাস provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

৭। ৰোমাণ্টিক কবিতাৰ প্ৰধান লক্ষণসমূহ কি কি?

উত্তৰঃ ৰমন্যাসবাদ মূলতঃ পাশ্চাত্যৰ চিন্তা। ফৰাচী বিপ্লৱৰ ফল, ৰুচোৰ প্ৰকৃতিৰ প্ৰতি প্রত্যাৱৰ্তনৰ ধাৰণা আদি বিভিন্ন কাৰণত পাশ্চাত্যত ৰমন্যাসবাদৰ মূল চিন্তা চেতনাই গা কৰি উঠে আৰু ই ক্রমান্বয়ে সমস্ত বিশ্বত ব্যাপ্ত হৈ পৰে।

অসমলৈ ৰোমাণ্টিক চিন্তা চেতনাৰ বাট কাটি আনে কলিকতাত শিক্ষাৰত হৈ থকা প্ৰৱসুৱা ছাত্ৰসকলে। বিশেষকৈ চন্দ্ৰকুমাৰৰ ‘বনকুঁৱৰী’ নামৰ প্ৰথম ৰোমাণ্টিক কবিতাত প্রকাশে সার্থক উন্মেষ ঘটায়। ৰমন্যাসবাদীসকলৰ ৰচনা কেতবোৰ বিশেষ লক্ষণ সমালোচক সকলে প্রত্যক্ষ কৰিছে। তাৰে ভিতৰত উল্লেখনীয় লক্ষণবোৰ হ’ল— .

(ক) প্রকৃতি প্রীতিঃ

ৰুচোৰ প্ৰকৃতিৰ প্ৰতি প্রত্যাবর্তনৰ ধাৰণাই ৰোমাণ্টিক কবিসকলৰ মনত প্ৰকৃতিৰ প্ৰতি এক আকৰ্ষণৰ জন্ম দিয়ে। জগতৰ সকলো সৎগুণ প্ৰকৃতিৰ বুকুতে নিহিত হৈ আছে বুলি বিশ্বাস কৰা ৰোমাণ্টিক কবিসকলে সেয়েহে প্ৰকৃতিৰ অনিৰ্বাচনীয় সৌন্দৰ্যৰ সন্ধানত নিজকে ব্ৰতী কৰিছিল আৰু সেয়েহে প্ৰকৃতি প্রীতি আছিল ৰমন্যাসিক কবিসকলৰ এক বিশিষ্ট লক্ষণ।

(খ) সাধাৰণ বস্তুত অসাধাৰণত্ব আৰোপঃ

ৰোমাণ্টিক কবিসকলে জগতৰ সকলো সৰু বস্তুৰ মাজতে অসাধাৰণত্ব দেখিবলৈ পাইছিল। আমাৰ ৰঘুনাথ চৌধুৰীদেৱে কেতেকীৰ মাজতো পৃথিৱীৰ সকলো সততা সকলো সৌন্দর্য দেখিবলৈ পোৱাৰ দৰে তেওঁলোকে সাধাৰণ বস্তুৰ মাজতে অসাধাৰণত্ব আৰোপ কৰিছিল৷

(গ) ৰহস্যৰ সূক্ষ্ম অনুভূতিঃ

ৰোমাণ্টিক কবিসকলে অতি বিচক্ষণভাৱে সৌন্দৰ্য ৰহস্য আৰু বিস্ময়ক একীভূত কৰিছিল। তেওঁলোকে সকলোৰে মাজত এক সূক্ষ্ম ৰহস্য বিচাৰৰ যত্ন কৰিছিল।

(ঘ) মন্ময় ধর্মিতাঃ

অন্তৰৰ ভাৱৰাজিক এক সাৰ্বজনীন ৰূপ দিয়াই হ’ল মন্ময়ধর্মিতা। ৰোমাণ্টিক কবিসকলৰ কল্পনাত তেওঁলোকৰ মনৰ সকলোবোৰ সৰু বস্তুৱেই একোটা সার্বজনীন ৰূপ ল’বৰ চেষ্টা কৰিছে। বস্তু একোটাৰ অস্তিত্বই তাৰ অৰ্ন্তলোকৰ অভিজ্ঞতা আৰু তাৰ সামগ্ৰিক ৰূপ তৃষ্ণাৰ অন্বেষণে ৰোমাণ্টিক কবিসকলৰ ভাৱনাক সাৰ্বজনীন ৰূপ দিছে।

(ঙ) জীৱনৰ মৌলিক সৰলতাৰ প্ৰতি আকর্ষণঃ

ৰুচোৰ ধাৰণাই আছিল যে জীৱনটো মৌলিকভাৱে সৎ আৰু সুন্দৰ। সামাজিক আৱহাৱাইহে মানুহক অসুন্দৰ কৰি তোলে৷ সেয়েহে তেওঁলোকে সাধাৰণ মানুহ বা চহা জীৱনৰ সৰলতাৰ প্ৰতি এক বিশেষ ধৰণৰ আদান-প্রদান অনুভৱ কৰিছিল। জীৱনৰ এই মৌলিক সৰলতাৰ প্রতি অন্বেষণ ৰোমামিটক কবিতাৰ এক অন্যতম বৈশিষ্ট্য। 

(চ) অতীত প্ৰীতি আৰু মধ্যযুগৰ ভাবান্বেষণঃ

মধ্যযুগৰ মাজত থকা লোক জীৱনৰ এক বিশেষ আকর্ষণ আছিল। অতীতৰ বিভিন্ন বৈচিত্র্যই তেওঁলোকৰ মনত বিশেষভাৱে ধৰা দিছিল। আনকি অসমীয়া ৰোমাণ্টিক কবিসকলৰ কল্পনাতো বাৰে বাৰে মধ্যযুগৰ ভাবান্বেষণ প্রত্যক্ষ কৰিব পাৰি ।

(ছ) কাৰুণ্যতাঃ

সমসাময়িক সামাজিক ঘটনাৱলীৰ বাবে ৰোমাণ্টিক কবিসকল হয়তো বৰ সুখী নাছিল। সৎ আৰু অসত্ৰ দ্বন্দ্বই সৃষ্টি কৰা এক দোদ্যোল্যমান মানসিক অৱস্থাই অনবৰতে তেওঁলোকৰ অন্তৰ আলোড়িত কৰি ৰাখিছিল। সেয়েহে প্রচলিত অৱস্থা বা সংসাৰখনৰ প্ৰতি এক অনীহা আৰু কাৰুণ্যতাৰ ভাবো তেওঁলোকৰ কবিতাৰ মাজত ফুটি উঠিছিল।

(জ) এক সতেজ বৌদ্ধিক অনুসন্ধিৎসাঃ

ৰোমাণ্টিক কবিসকল যদিও বিশেষভাৱে কল্পনাপ্রবণ আছিল বা সৌন্দৰ্যৰ কল্পলোকত উটি ভাঁহি ফুৰিছিল তথাপিও তেওঁলোকৰ চিন্তাৰ মাজত আছিল এক সতেজ বৌদ্ধিক অনুসন্ধিৎসা।

(ঝ) স্বতঃস্ফুর্ত্ততাঃ

ৰোমাণ্টিক কবিসকলে তাহানিৰ ধৰা-বন্ধা নীতি নিয়মবোৰ ভাঙিবলৈ যত্ন কৰিছিল আৰু নিজৰ কবিতাৰ কাননত মুক্তভাৱে বিচৰণ কৰাৰ চেষ্টা কৰিছিল। তেওঁলোকৰ কল্পনা স্বতঃস্ফূর্ত্ত, উন্মুক্ত। 

(ঞ) পুৰণি ছন্দ ৰীতি আদিৰ পুনৰুত্থানঃ

ৰোমাণ্টিক কবিসকলে যেনেদৰে অতীতৰ প্ৰতি প্ৰীতি অনুভৱ কৰিছিল, তেনেকৈ অতীতৰ ছন্দ অলংকাৰবোৰক নতুন ৰূপত সজাই তুলিছিল আৰু নিজৰ কবিতাত স্থান দিছিল।

সামগ্ৰিকভাৱে ৰমন্যাসবাদ মুক্ত ধাৰণা, কল্পনাৰ বিচৰণৰ ক্ষেত্র। এই কেন্দ্ৰটোকে তেওঁলোকে ৰহস্যৰ অনুভূতি, বৌদ্ধিক অনুসন্ধিৎসা আদিৰে সজাই তুলিছিল ।

৮। ৰোমাণ্টিক কবি হিচাপে দেৱকান্ত বৰুৱাৰ কবি প্ৰতিভাৰ বিষয়ে আলোচনা আগবঢ়োৱা?

উত্তৰঃ অসমীয়া কবিতাত ৰোমাণ্টিক ভাবাদর্শ অধিক ঘণীভূত হৈ প্ৰকাশ পাইছে দেৱকান্ত বৰুৱাৰ কবিতাত। তেওঁৰ সৰহভাগ কবিতাৰ অন্তৰালতে অনুভৱ কৰা যায় ভাল পোৱাৰ ভাবাবেগৰ তপত উম। মহেশ্বৰ নেওগদেৱে কৈছে— “দুটি—এটি কবিতাত ৰত্নকান্ত বৰকাকতীৰ ছন্দৰ মৃদু প্ৰভাৱেৰে আৰম্ভ কৰি ৰবাৰ্ট ব্রাউনিঙৰ ড্ৰেমেটিক মনোলগ্ বা নাটকীয় নির্জনোক্তিৰ ৰূপ আৰু গদ্যৰ সমীপৱতী কাব্যশৈলী গ্ৰহণ কৰি দেৱকান্ত বৰুৱাই ৰোমাণ্টিক প্ৰেমৰ কবিতাত এটি অভিনৱ ভংগী প্রয়োগ কৰিলে, তাক যেন নতুন এক জীৱন দান কৰিলে।” এখন বৈচিত্রময় জগতৰ কবি দেৱকান্ত বৰুৱা৷ ‘মই কবি’ বুলি নিজৰ পৰিচয় দাঙি ধৰা বৰুৱাই ভাষাৰ তুলিৰে অচিনাকি সুন্দৰৰ ছয়া-ময়া ছবি আঁকে। লগতে সৃষ্টি কৰে ‘অমৃতৰ অপূৰ্ব মূৰতি ছন্দৰ ৰহণ সানি ধৰাৰ ধূলিৰে।’ তেনেস্থলতো কবিৰ অন্তৰ্খনি কিন্তু বেদনাৰে নীলা, ঠিক সাগৰখনৰ দৰেই।

 ‘মোৰ ই অন্তৰখনি সাগৰৰ দৰে নীলা, বেদনাৰে।’ 

কেতিয়াও সাগৰ নেদেখা কবিয়ে কিন্তু হৃদয়ৰ বেদনা বুজাবলৈ সাগৰৰ নীলাখনিকেই বাছি লৈছে। কবিৰ আকাশচুম্বী ভালপোৱাই যেতিয়া পৰিপূৰ্ণতা লাভ কৰিব নোৱাৰিলে, তেতিয়াই তেওঁৰ হৃদয়ে ল’লে অসিত বৰণ। সমুদ্ৰৰ বুকুত শত শত ঢৌ উঠি আকৌ তাতেই বিলীন হৈ যোৱাৰ দৰে ‘সাগৰ দেখিছা’ কবিতাটোত কবিৰ ভালপোৱাৰ অনুভূতি একত্ৰিত হৈছে। তেওঁৰ এই ভালপোৱাৰ উত্তাপ প্ৰিয়াই অনুভৱ কৰিব পৰা নাই। তেওঁ শুনিবলৈ পোৱা নাই কবিৰ অন্তৰৰ বাসনাৰ ধ্বনি। তেওঁৰ নিৰ্বোধ প্ৰিয়াই অনুভৱ কৰিব নোৱাৰে, শুনিবলৈ নাপায় লগতে তেওঁ দেখিবলৈও নাপায় প্ৰেমৰ ৰশ্মিৰে আলোকিত হৈ পৰা কবিৰ হিয়াৰ আকাশৰ ৰঙৰ উৎসৱ। তেনেগৰাকী প্ৰিয়াক সম্বোধি কবিয়ে কৈছে— 

‘মই জানো তুমি কিটো জানা। হেৰা মোৰ হিয়াহীনা প্রিয়াঙ্গ

তুমি জানা মাথোঁ

তুমি তুমি, মই মই।’

প্ৰেমৰ আৱেগেৰে কৰি ৰোমাঞ্চিত৷ ‘সহজ প্রভাৰে আজি নাশিবা তিমিৰ তুমি, অন্ধকাৰ মোৰ জগতৰ’ বুলি কবিয়ে আশাৰ সাগৰত উটিভাঁহি ফুৰিছে যদিও প্ৰেমৰ মায়াৰে মৰমী ৰূপহীক আৱৰি ৰাখিব পৰা নাই। কবিয়ে বিচাৰে দুখৰ বোকাৰে পূৰ্ণ পৃথিৱীত হৃদয়ৰ ৰক্তিম শোণিতেৰে সিক্ত জয় পৰা মালতীৰ গোৰৱৰ মালা গাথি মিলনৰ সোণবৰণীয়া কাৰেং সাজিবলৈ।

দেৱকান্ত বৰুৱাই মৰমীক বিদায় জনাবলগীয়া হৈছে যদিও তাৰ বাবে তেওঁক দোষাৰোপ নকৰি বৰং কৈছে—

‘পংকৰ কলংক ঢাকি পংক বেদনাৰে তুমি

নিষ্কলংক পূর্ণ শতদল,

তোমাৰ পাহিত সখিঙ্গ বিশ্বৰ মাধুৰী শেষ

শেষ তাতে অমৃত গৰল।’

কলংপাৰত বহি কবি দেৱকান্ত বৰুৱাই অলেখ সপোন ৰচিছে। কবিৰ কবি প্রতিভা বিকাশত প্ৰিয়াৰ লগতে কলংখনিৰো অৰিহণা অনন্য। সোণাৰুৰ সোণালী যৌৱনে কবিকো যৌৱনৰ মাদকতা অনুভৱ কৰাইছে যদিও তেওঁ সংশয়ত ভুগিছে। কাৰণ,

আমাক পাহৰি যাব অনাগত ভৱিষ্যই, মানুহৰ

মিছা ইতিহাসে

আমাক পাহৰি যাব প্রভাতৰ পূবেৰুণ, সন্ধিয়াৰ 

সুন্দৰ আকাশে।

সেয়ে তেওঁ সিদ্ধান্ত লৈছে, ‘বিনন্দীয়া পৃথিৱীৰ নিতউ নতুন শোভা ল’ম আৰু শেষবাৰ চাই’ তথাপি বিচাৰে প্ৰিয়তমাৰ তপত বুকুৰ অকণি পৰশ। কবিৰ কঙাল হৃদয়ে বিচাৰে ‘হাঁহিৰ বিজুলী এটি, দুটুপি চকুলো ভৰা এযুৰি নয়ন।’

দেৱকান্ত বৰুৱাৰ প্ৰেমে মৃত্যুৱে তাৰ শেষ সীমা বুলি বুজি পায়। ‘তুমি আৰু মই সজা প্ৰেমৰ পৃথিৱীখনি মৃত্যু তাৰ সীমা। ক্ষন্তেকীয়া জীৱনকালত জীৱনৰ সুমধুৰ মুহূৰ্তবোৰ আঁকোৱালি ল’বলৈ প্ৰেমে তেওঁক সকিয়াই দিছে। সেয়ে দেৱকান্তৰ প্ৰেমে অতীন্দ্ৰিয়স্তৰলৈ গতি কৰা নাই। প্ৰেমৰ মাদকতাই তেওঁক বিৰহৰ সীমনালৈ ঠেলি পঠিয়াইছে যদিও সেই বিৰহে মনত হতাশাৰ সৃষ্টি কৰা নাই। কবিৰ মতে,

ফুলিছো পদুমটি, ওঁঠতে লগাই ওঁঠ, মনোৰমাঙ্গ 

তুমি আৰু মই ৷

খন্তেকীয়া জীৱনকালত, ক্ষণভংগুৰ এই পৃথিৱীৰ কবি নিজেও মৰহি যাব। সেয়ে এই চুমাচুমি পাপ হ’লেও তালৈ কবিয়ে ভ্রূক্ষে নকৰে; কবিৰ একো ক্ষতিও নহয়। কাৰণ এই ধূলিৰে ধূসৰিত পৃথিৱীত কবিৰ বাবে এয়াই স্বৰ্গ। দেৱকান্তৰ প্ৰেম সফল নে বিফল তাৰ কোনো স্পষ্ট ইংগিত নাথাকিলেও জীৱনক বঞ্চনা হিচাপেহে গ্ৰহণ কৰিছে ৷ 

কবিৰ বাবে আনটো সত্য হ’ল প্ৰিয়াৰ গভীৰ প্ৰেম আৰু তেওঁৰ ‘দেহৰ খাঁজে খাঁজে থকা অনুপম আত্মৰ সুৰভি। প্ৰিয়াৰ প্ৰেমৰ প্ৰতি ইমান গভীৰ বিশ্বাস আৰু আস্থা আন কোনো অসমীয়া কবিৰ লেখাত দেখিবলৈ পোৱা নাযায়। ইয়াতেই দেৱকান্তৰ কবিতাৰ আকৰ্ষণীয়তা আৰু কবিজনাৰ বৈশিষ্ট্য ।

দেৱকান্ত বৰুৱাৰ একমাত্ৰ কবিতা পুথি সাগৰ দেখিছা। ইয়াত সাতত্রিশটা কবিতা সন্নিৱিষ্ট হৈছে। কবিৰ প্ৰেমৰ অমৃততুল্য স্বৰূপ এই কবিতা সংকলনটিৰ মাজেৰে প্ৰকাশ কৰিছে।

৯। জোনাকী যুগৰ অসমীয়া কবিতা সম্পর্কে আলোচনা কৰা?

উত্তৰঃ জোনাকীযুগত অসমীয়া কাব্য সাহিত্যলৈ ৰোমাণ্টিকতাৰ বাৰ্তা কঢ়িয়াই আনে বনকুঁৱৰী নামৰ কবিতাৰ জৰিয়তে চন্দ্ৰকুমাৰ আগৰৱালাই। চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা পুথি দুখন— প্রতিমা আৰু বীণবৰাগী। আগৰৱালাৰ কবিতাত পাশ্চাত্য কবি কীটছৰ প্ৰভাৱ দেখা যায়। আগৰৱালাৰ কবিতাত প্ৰকৃতিৰ ৰহস্যময় সৌন্দর্য, সৌন্দৰ্যৰ উপাসনা, মানৱ বন্দনা ইত্যাদিয়েই প্ৰধানকৈ লক্ষ্য কৰা যায়। জোনাকী কাকতৰ যোগেদি সাহিত্যৰ যুগান্তৰ অনাসকলৰ ভিতৰত লক্ষ্মীনাথ বেজবৰুৱা সৰ্বগ্ৰণী। তেওঁ আছিল একেধাৰে কবি, নাট্যকাৰ, হাস্যৰসিক গল্পকাৰ আৰু সমালোচক। সেইবাবে ‘জোনাকী যুগ’ক বেজবৰুৱা

যুগ’ বুলিও অভিহিত কৰা হয়। বেজবৰুৱাৰ প্ৰিয়তমা, প্রিয়তমাৰ সৌন্দৰ্য, প্রেম আদি প্রণয়মূলক কবিতা, ৰোমাণ্টিক কবিৰ কল্পনা আৰু ভাবপ্ৰৱণতাৰ সুন্দৰ নিদৰ্শন। অসমীয়া সাহিত্যৰ প্ৰথমটো বেলাড ‘ধনবৰ আৰু ৰতনী’ বেজবৰুৱাদেৱে প্ৰেমৰ ভিত্তিতেই সৃষ্টি কৰিছিল। বেজবৰুৱাদেৱৰ কবিতাত স্বদেশপ্ৰেম আৰু আধ্যাত্মিক অনুভূতিও বিৰাজমান। তেখেতৰ একমাত্ৰ কবিতাপুথিখন হ’ল— কদমকলি। জোনাকী যুগৰ আন এজন অন্যতম কাণ্ডাৰী হ’ল হেমচন্দ্র গোস্বামী যাৰ জোনাকীত প্রকাশিত ‘কাকো আৰু হিয়া নিবিলাও’, ‘পুৱা’নামৰ কবিতাই কাব্য আন্দোলনক নতুন মাত্ৰা প্ৰদান কৰে। গোস্বামীৰ “প্ৰিয়তমাৰ চিঠি’ অসমীয়া সাহিত্যৰ প্ৰথম চনেট। গোস্বামীৰ কবিতাবোৰ আছিল অনুভূতি, কল্পনা আৰু ৰচনা সৌষ্ঠৱৰ দ্বাৰা অধিক পৈণত ৰচনা আৰু স্বদেশপ্রীতি, হাস্যৰস প্ৰেমৰ তিনিটি সুতিৰদ্বাৰা সংযুক্ত ।

এইসকলৰ উপৰিও পদ্মনাথ গোহাঞিবৰুৱাকো অৱদানো কম নহয়৷ গোহাঞিবৰুৱা বিশেষকৈ গদ্যশিল্পী আছিল; তৎসত্বেও তেওঁৰ তিনিখন কবিতা পুথি— লীলা, জুৰণি আৰু ফুলৰ চানেকী অসমীয়া সাহিত্যলৈ দান দি গৈছে। তেওঁৰ কবিতাত শোকে প্রাকৃতিক দৃশ্যৰ বৰ্ণনা ভাবাবেগৰ স্বাধীন প্রকাশ সমাজ অনুমোদিত প্ৰেমৰ ৰূপ দেখিবলৈ পোৱা যায়। আনন্দচন্দ্ৰ আগৰৱালাইও অসমীয়া সাহিত্যৰ কবিতাৰ ভঁৰাল অনুদৃত কবিতা আৰু কিছু মৌলিক কবিতাৰে চহকী কৰি গৈছে। ৰোমাণ্টিক যুগৰ কবি চন্দ্ৰধৰ বৰুৱাৰ কবিতাত সমাজ সংস্কাৰৰ মনোভাৱ দেখিবলৈ পোৱা যায়। তেওঁ হঠাৎ পেট্টিয়ত ‘মহাপুৰুষে ভেটি খালে’ কবিতাত সমাজৰ গোড়ামী আৰু ভণ্ডামিক তীব্র ব্যঙ্গ বাণেৰে আঘাত কৰিছে। হিতেশ্বৰ বৰবৰুৱাদেৱে কেইবাখনো কবিতা পুথিৰ দ্বাৰা জোনাকী যুগক এক উচ্চ পর্যায়লৈ লৈ গৈছিল। বৰুৱাৰ কবিতাত শোক, প্রেম,নাৰী চৰিত্ৰৰ প্ৰাধান্য সকলোবোৰ দেখা যায়। ৰোমাণ্টিক  বৈশিষ্ট্য লৈ অসমীয়া কাব্যসম্ভাৰ টনকীয়াল কৰাসকলৰ ভিতৰত অন্যতম আছিল ৰঘুনাথ চৌধুৰী। 

তেখেতৰ কবিতাটিত ঘাইকৈ প্ৰকৃতি প্রেমেই মুখ্য স্থান লাভ কৰিছিল। তেখেতৰ প্ৰধান কবিতা পুথিকেইখন হ’ল— সাদৰী, কেতেকী আৰু দহিকতৰা। এইসকলৰ উপৰিও জোনাকী যুগত ৰমন্যাসবাদৰ দ্বাৰা অসমীয়া কাব্যসাহিত্যৰ ভঁৰাল চহকী কৰা অন্যান্য কবিসকল আছিল— নীলমণি ফুকন, অম্বিকাগিৰি ৰায়চৌধুৰী, দুৰ্গেশ্বৰ শৰ্মাৰ্ষ দণ্ডিৰাম কলিতা, যতীন্দ্ৰনাথ দুৱাৰা, ধৰ্মেশ্বৰী দেৱী বৰুৱানী, শৈলধৰ ৰাজখোৱা, নলিনীবালা দেৱী, ৰত্নকান্ত বৰকাকতি, প্ৰসন্নলাল চৌধুৰী, জ্যোতিপ্ৰসাদ আগৰৱালা, গণেশ গগৈ, দেৱকান্ত বৰুৱা আদি। এই কবিসকলে তেওঁলোকৰ কাব্যিক প্রতিভাৰ দ্বাৰা জোনাকী যুগৰ কাব্যক জ্যোতিষ্মান কৰি গৈছে। তেওঁলোকৰ হাতত ধৰিয়েই ৰোমাণ্টিক কাব্য সাহিত্যই ১৯৪০ চনলৈকে অসমীয়া সাহিত্যত ৰাজত্ব কৰিছিল। কিন্তু শেষৰফালে ৰোমাণ্টিক কবিতাৰ গাঁঠনি অত্যন্ত দুৰ্বল হৈ পৰাৰ বাবে নতুন কবিতাক বাট এৰি দি ৰোমাণ্টিক কবিতা পথৰ পৰা আঁতৰি যাব লগা হৈছিল।

১০। জোনাকী কাকত আৰু ৰমন্যাসবাদ— এই সম্পর্কে এটি টোকা যুগুত কৰা?

উত্তৰঃ অসমীয়া ভাষা সাহিত্য চৰ্চা আৰু উত্তৰণৰ ক্ষেত্ৰত জোনাকী কাকতখনৰ ভূমিকা বিশেষভাৱে উল্লেখযোগ্য। জোনাকীয়ে মৃত্যুমূখী অসমীয়া ভাষা সাহিত্যক জীপাল কৰায়ে নহয়, ইউৰোপীয় সাহিত্যৰ বিশেষ ভাবাদর্শযুক্ত ৰূপক আমদানি কৰি আনিলে। এই ভাবধাৰাযুক্ত ৰূপটো হ’ল— ৰোমাণ্টিক ভাবাদর্শযুক্ত সাহিত্য ।

জোনাকী কাকতৰ জন্মৰ পটভূমি : দশম-একাদশ শতিকাৰ ভিতৰত জন্মলাভ কৰা নব্য ভাৰতীয় আর্যভাষাসমূহৰ ভিতৰত অসমীয়া ভাষা ভাৰতীয় আন প্ৰান্তীয় ভাষাতকৈ অসমীয়া ভাষাঢো সাহিত্য চৰ্চাৰ ক্ষেত্ৰত আগবঢ়া আছিল। চৰ্যাপদৰ পৰা আৰম্ভ কৰি প্রাক্‌-শংকৰী, শংকৰী, শংকৰোত্তৰ যুগত অসমীয়া সাহিত্যই এখন স্বকীয় আসন দখল কৰিছিল। কিন্তু মান-মৰাণৰ আক্ৰমণ, আহোম, কোচ ৰাজ্যৰ পতন, ১৮২৬ চনত ইয়াণ্ডাবু সন্ধি মতে অসমৰ শাসনভাৰ ইংৰাজৰ হাতলৈ যোৱা ইত্যাদি কাৰকে অসমৰ ৰাজনৈতিক তথা সামাজিক জীৱন অস্থিৰ কৰি তুলিছিল। সাহিত্য চৰ্চাৰ অনুকূল পৰিবেশ নথকাত অসমীয়া মানুহে সাহিত্য চৰ্চাৰ প্ৰতি এক প্ৰকাৰ পিঠি দিছিল৷ এনে এক পৰিস্থিতিৰ মাজতে ইংৰাজ চাহাবে অসমৰ অফিচ-আদালতত কেৰাণী, মহৰী চাকৰিৰ বাবে বঙলা লোক কিছুমানক আমদানি কৰি আনিছিল। এইসকলৰ প্ৰৰোচনাতে ১৮৩৬ চনত ইংৰাজ চাহাবে অসমৰ বিদ্যালয়, চৰকাৰী কাৰ্যালয়, আদালতৰ পৰা অসমীয়া ভাষাক আঁতৰাই বাংলা ভাষাক জাপি দিলে। ইয়াৰ প্ৰভাৱ অসমীয়া ভাষা-সাহিত্যত সুদূৰ-প্ৰসাৰী আছিল। অসমীয়া মানুহৰ সাহিত্য-চৰ্চা ক্ষেত্ৰত বাধাৰ প্ৰাচীৰ হিচাপে থিয় দিলে।

অসমীয়া ভাষা-সাহিত্যৰ এনে এক জটিল সন্ধিক্ষণত আশাৰ ৰেঙণি দেখা দিলে অসমত খ্ৰীষ্টান ধৰ্ম প্ৰচাৰলৈ অহা খ্ৰীষ্টান পাদুৰীসকলৰ আগমনে। অসমত খ্ৰীষ্টান ধৰ্ম প্ৰচাৰত ভাষাৰ সমস্যাই দেখা দিয়াত এওঁলোকে অসমত অসমীয়া ভাষা পুনৰ প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়ি আহিল। এই ক্ষেত্ৰত আনন্দৰাম ঢেকিয়াল ফুকনৰ নাম বিশেষভাৱে উল্লেখযোগ্য। অসমীয়া ভাষা পুনৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ফুকনে পাদুৰী চাহাবসকলক সকলো প্ৰকাৰে সহায় কৰিছিল। অসমীয়া ভাষা পুনৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত হেমচন্দ্ৰ বৰুৱা আৰু গুণাভিৰাম বৰুৱাৰ প্ৰচেষ্টাও আছিল যথেষ্ট। এওঁলোকৰ প্ৰচেষ্টাতে ১৮৭৩ চনত অসমীয়া ভাষাই পূৰ্বৰ স্থান অধিকাৰ কৰিলে। কিন্তু এই সময়ছোৱাত বিশ্বৰ আন সাহিত্য বিশেষকৈ ইউৰোপীয় সাহিত্যই নতুন ভাব আদৰ্শৰ দ্বাৰা বহুখিনি আগবাঢ়ি গ’ল। অসমৰ গাতে লাগি থকা বাংলা সাহিত্যও নতুন ভাবাদর্শ গ্রহণ কৰি উন্নতিৰ জখলাৰে আগবাঢ়িছিল। মাথোন পিছ পৰি ৰ’ল অসমীয়া ভাষা। 

১৮৪৬ চনত মিছনেৰীৰ যত্নত প্ৰকাশিত অৰুণোদয়ে প্ৰচাৰধৰ্মী সাহিত্যৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। মৌলিক আৰু সৃষ্টিধর্মী সাহিত্যৰ পৰা বঞ্চিত অসমীয়াক হেমচন্দ্ৰ বৰুৱা আৰু গুণাভিৰাম বৰুৱাই একক প্রচেষ্টাৰে স্বদেশ প্ৰেম তথা জাতীয়তাবোধযুক্ত সাহিত্য ৰচনাত আত্মনিয়োগ কৰিছিল। এওঁলোক দুজনৰ ওপৰিও ৰমাকান্ত চৌধুৰী, ভোলানাথ দাস, লম্বোধৰ বৰা, কমলাকান্ত ভট্টাচার্য আদিয়ে অসমীয়া সাহিত্য উন্নতিৰ বাবে প্ৰচেষ্টা চলাইছিল।

হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱা আৰু এওঁলোকৰ সহযোগীসকলৰ প্ৰচেষ্টাত অসমীয়া ভাষা-সাহিত্যই কিছু পৰিমাণে ঠন ধৰি উঠিছিল। ইয়াৰ পিছতে অসমীয়া ভাষা-সাহিত্যৰ চৰ্চাৰ কেন্দ্ৰ কলিকতালৈ সলনি হ’ল। কলিকতাত উচ্চ শিক্ষা গ্ৰহণ কৰি থকাএদল ডেকা যুৱকে অসমীয়া ভাষা-সাহিত্য চৰ্চাৰে অসমীয়া ভাষা-সাহিত্য উন্নতিৰ বাবে আগবাঢ়ি আহিল। হেমচন্দ্ৰ, গুণাভিৰাম আৰু তেখেতসকলৰ সহযোগীসকলে অসমীয়া সাহিত্যৰ যি ভেটি নির্মাণ কৰিলে তাত মন্দিৰ নিৰ্মাণ কৰিবলৈ নতুন এদল পাশ্চাত্য শিক্ষাৰে শিক্ষিত ডেকা আগবাঢ়ি আহিল’। এইসকলৰ ভিতৰত চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোঁহাঞি বৰুৱা, সত্যনাথ বৰা, কনকলাল বৰুৱা আদি অন্যতম। এওঁলোকৰ যত্নতেই ১৮৮৮ চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা চমুকৈ অঃভাঃউঃসঃৰ জন্ম হয়। এই সভাৰ মুখপাত্ৰ হিচাপে ১৮৮৯ চনত চন্দ্ৰকুমাৰ আগৰৱালাৰ সম্পাদনাত ‘জোনাকী’ মাহেকীয়া কাকতখন কলিকতাৰ পৰা প্ৰথম প্ৰকাশ হৈছিল। জোনাকী কাকতখনৰ প্ৰকাশ অসমীয়া সাহিত্যৰ যুগান্তকাৰী ঘটনা, আধুনিক অসমীয়া সাহিত্যৰো জন্মোৎসৱ। জোনাকীৰ প্রথম সংখ্যাতে প্রকাশ পোৱা চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘বনকুঁৱৰী’ কবিতাটো প্ৰথম ৰোমাণ্টিক কবিতা। এই কবিতাটো প্ৰকাশৰ লগে লগে অসমীয়া সাহিত্যত ৰোমাণ্টিক সাহিত্যৰ উন্মেষ ঘটে। জোনাকী কাকতখনৰ প্ৰকাশৰ মূল উদ্দোশ্য আছিল অসমীয়া সাহিত্যৰ উন্নতি সাধন কৰা। 

চন্দ্ৰকুকাৰ আগৰৱালা জোনাকীৰ ‘আত্মকথা’ত সেই কথা উল্লেখ কৰিছে……আমি যুঁজিবলৈ উলাইছো আন্ধাৰৰ বিপক্ষে, উদ্দেশ্য দেশৰ উন্নতি, জোনাক। জোনাকী কাকতৰ লিখকসকলে পাশ্চাত্য সাহিত্যৰ ভাবধাৰা গ্ৰহণ কৰিছিল। বিশেষকৈ ৰোমাণ্টিক ভাবাদৰ্শযুক্ত বিভিন্ন শ্ৰেণীৰ কবিতা যেনে— প্রকৃতিমূলক, ছনেট, শোক কবিতা, ব্যংগ কবিতা, স্বদেশপ্রেমমূলক, ৰসহ্যমূলক আদি বিভিন্ন কবিতাৰ লগতে পাশ্চাত্য দৃষ্টিভংগীয়ে নাটক, গল্প, উপন্যাস, জীৱনী, ৰম্যৰচনা, সমালোচনা আদিয়ে অসমীয়া সাহিত্যক ঠন ধৰাই তুলিছিল। 

মন্যাসবাদঃ

ৰমন্যাসবাদ হ’ল সাহিত্যৰ এক বিশেষ চেতনা। অষ্টাদশ শতিকাৰ শেষ আৰু ঊনবিংশ শতিকাৰ আদি ভাগত ইউৰোপত এই বিশেষ সাহিত্যিক চেতনাই আত্ম প্ৰকাশ কৰিছিল। কল্পনা হ’ল এই সাহিত্যিক চেতনাৰ মূলমন্ত্র। ক্লাচিকেল বা ধ্রুপদী সাহিত্যৰ একঘ্ৰেৰীয়াই কবিসাহিত্যিকসকলৰ বাবে আমনিদায়ক হ’ল। তাৰ পৰা ওলাই অহাৰ চেষ্টাতে ৰমন্যাসবাদৰ জন্ম। ৰোমাণ্টিক বা ৰমন্যাসবাদ কোনো এটা বিশেষ সাহিত্যিক গোষ্ঠীৰ মতবাদ নহয়। সাহিত্য তথা শিল্পকৰ্মৰ আধাৰত ই এক মনোভংগী অথবা মেজাজৰ প্ৰকাশ। ফৰাচী বিপ্লৱৰ বাণীয়ে কবি-সাহিত্যিকসকলক প্ৰভাৱাম্বিত কৰিছিল। এই ৰাজনৈতিক আন্দোলনটোৱে এক নতুন চিন্তা চেতনাৰ জন্ম দিলে। ফৰাচী বিপ্লৱৰ সাম্য, মৈত্ৰী আৰু স্বাধীনতা বাণীৰ প্ৰতি আকৰ্ষিত হৈ কবি ইয়াৰ পূৰ্বে কেৱল ৰাজনৈতিক পৰাধীনতাই নহয়, চিন্তা আৰু বিকাশৰ পৰাধীনতাই মানুহক সেই সময়ত বান্ধি ৰাখিছিল। ৰুছো, কাণ্ট, হেগেল আদি দাৰ্শনিকসকলৰ মুক্তি চেতনায়েও কবি-সাহিত্যিকসকলক আকর্ষিত কৰিছিল। কল্পনাই স্বাধীনতা পালে। ইয়াৰ প্ৰভাৱ পৰিল সাহিত্যত। বিশেষকৈ কবিতাত।

ৰমন্যাসবাদৰ সংজ্ঞাঃ

ৰমন্যাসবাদ বা ৰোমাণ্টিক সাহিত্যৰ এটা নির্দিষ্ট সংজ্ঞা দিয়াত ব্যৰ্থ হৈছে সাহিত্য-সমালোচকসকল। ইয়াৰ কাৰণ হ’ল কল্পনাই ইয়াৰ মূল আমঠু হোৱাত ৰোমাণ্টিক সাহিত্য একাধিক লক্ষণযুক্ত বৈচিত্র্যধর্মী। ৰমন্যাসিক চিন্তা চেতনাই ধ্রুপদী চিন্তা চেতনাৰ পৰা আঁতৰি আহি কল্পনাক অবাধ স্বাধীনতা দিয়াত ইয়াৰ প্ৰকৃতি বিচিত্রময় হৈ পৰিল।

সমালোচক পেটাৰে ৰমন্যাসবাদক সৌন্দৰ্যৰ লগত অদ্ভুদৰ মিলন বুলি অভিহিত কৰিছে। [ Addition of strangeness‌ ]। আন এজন সমালোচক হাইনৰ মতে ধ্রুপদী শিল্পই সসীম আৰু ৰোমাণ্টিক শিল্পই অসীমক ব্যঞ্ছিত কৰিছে [ Classic art Portrays the finite, romantic art also suggest the infinite ]‌। ৰমন্যাসবাদৰ আন এক সংক্ষিপ্ত সংজ্ঞা দাঙি ধৰিছে থিয়োভৰ বাট চ ডাণ্টনে। তেওঁৰ মতে ৰমন্যাসবাদ হ’ল বিস্ময়ৰ পুনজাগৰণ [Renascence of wonder] ৰমন্যাসবাদৰ এটা সন্তোষজনক সংজ্ঞা দিবলৈ যত্ন কৰিছে সমালোচক এম্বাৰক্ৰম্বিয়ে। তেওঁৰ মতে বাহ্যিক অভিজ্ঞতাৰ পৰা আঁতৰি গৈ অন্তলোকৰ ওপৰত দৃষ্টি নিবন্ধ কৰাটোৱেই ৰমন্যাসবাদ [Romanticism is withdrawal from outer experience to concentrate upon the inner]. ৰমন্যাসবাদৰ এটা ভাল সংজ্ঞা হিচাপে আমি হাৰফোৰ্ডৰ সংজ্ঞাটোৰ কথা ক’ব পাৰো। তেওঁৰ মতে কল্পনা শক্তিৰ অসামান্য বিকাশেই ৰমন্যাসবাদ [Romanticism is the extraordinary development of imaginative sensibility] ৰোমাণ্টিক সাহিত্যৰ বিচিত্ৰ প্ৰকাশভংগীৰ বাবে এটা নির্দিষ্ট সংজ্ঞা দিব পৰা নাযায়। তথাপিতো ৰোমাণ্টিক সাহিত্যৰ ক্ষেত্ৰত এটা কথা ক’বই লাগিব যে কল্পনাই ৰোমাণ্টিক সাহিত্যৰ প্ৰাণ৷

ৰমন্যাসবাদ বা ৰোমাণ্টিক সাহিত্যৰ প্ৰধান লক্ষণঃ

ৰোমাণ্টিক সাহিত্যৰ প্ৰধান লক্ষণসমূহ হ’ল মণ্ময়ধর্মীতা বা ব্যক্তিনিষ্ঠতা, কল্পনা প্ৰৱণতা, প্ৰকৃতিপ্ৰীতি, উদাৰ মানসিকতা, বিস্ময় ভাব, অতীতৰ প্ৰতি শ্রদ্ধাশীল মনোভাৱ, ভৱিষ্যতৰ ৰঙীণ কল্পনা, প্রেম, সৌন্দৰ্যৰ প্ৰকাশ, স্বদেশানুৰাগ, গ্ৰাম্য জীৱনৰ সৰলতা, কল্পনাৰ সহায়ত আত্মমুক্তিৰ মনোভাৱ, অলৌকিকতা, বাস্তৱ বিমূখীতা, ৰহস্যবাদী চিন্তা-চেতনাৰ প্ৰকাশ ইত্যাদি।

মন কৰিবলগীয়া কথা যে, ৰোমাণ্টিক কবি-সাহিত্যিকসকলৰ ৰচনাত ওপৰত উল্লেখ কৰা সকলোবোৰ লক্ষণেই একেলগে প্রকাশ নাপায়। কবি-সাহিত্যিকসকলৰ ৰচনাত দুই-এটা লক্ষণহে প্ৰকাশ পোৱা দেখা যায়৷ উদাহৰণস্বৰূপে অসমীয়া সাহিত্য জগতৰ প্ৰথম ৰোমাণ্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ মাজত প্ৰকৃতিপ্ৰীতি, প্ৰেম আৰু সৌন্দর্য, সাধাৰণ মানুহৰ মহত্ব ঘোষণা আদি বিষয়সমূহহে প্রকাশ পাইছে।

১১। যুদ্ধোত্তৰ যুগৰ অসমীয়া কবিতাৰ বৈশিষ্ট্যসমূহৰ বিষয়ে লিখা?

উত্তৰঃ যুদ্ধোত্তৰ যুগৰ অসমীয়া কবিতাৰ বিচৰণ ক্ষেত্ৰখন অতি বহল। এক বিশাল আয়তনৰ মাজতো আধুনিক কবিতাই কেইটিমান বিশিষ্ট লক্ষণ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। যুদ্ধোত্তৰ যুগৰ অসমীয়া Answer Bank of 3rd sem. Assamese (Honours: C-6) কবিতাৰ বৈশিষ্ট্যসমূহ হৈছে —

(ক) নগৰীয়া যান্ত্ৰিক জীৱনৰ ছবিঃ

কুৰিশতিকাৰ সমাজ হৈ পৰিছে ক্ৰমশঃ নগৰকেন্দ্রিক। বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ প্ৰসাৰ সাধন হোৱাৰ লগে লগে যান্ত্ৰিক ব্যৱস্থাৰ লগত নগৰীয়া সমাজ আৱদ্ধ হ’বলৈ বাধ্য হৈ পৰিছে। ইয়াৰ ফলস্বৰূপে ব্যক্তিসত্ত্বা সেই যান্ত্ৰিক ব্যৱস্থাৰ এক বিশেষ অৱস্থালৈ ৰূপান্তৰিত হৈছে। চহৰীয়া সভ্যতাত মানুহ হৈ পৰিছে একান্তভাৱে নিসংগ। যন্ত্র যুগৰ প্ৰভাৱে মধ্যবিত্তৰ জীৱন কৰি তুলিছে ৰুগ্ন, শ্বাসৰুদ্ধ। মানুহৰ লগত মানুহৰ সম্পৰ্কৰ পৰিবৰ্তন ঘটিছে আৰু সেই সম্পৰ্ক ক্ৰমে যান্ত্ৰিক আৰু হৃদয়হীন হৈ পৰিছে। জীৱন হৈ পৰিছে আত্মকেন্দ্ৰিক, সংকীৰ্ণ। জৈৱিক সমস্যাই মানুহক কৰি তুলিছে ব্যস্ত। এনে নগৰকেন্দ্ৰিক সভ্যতাৰ বায়ু পানীৰে শোষিত ব্যক্তি মানসৰ প্ৰতিফলন ঘটিছে আধুনিক কবিতাৰ ক্ষেত্ৰখনতো।

(খ) মার্ক্সীয় দর্শনঃ নতুন সমাজ গঢ়াৰ প্ৰয়াসঃ

সকলো লোককে সম-অধিকাৰ দান কৰি এখন শোষণহীন, শ্ৰেণীহীন সমাজ গঢ়াৰ বাবে কালমার্ক্সে বিজ্ঞান ভিত্তিক যি সাম্যবাদী চিন্তাধাৰাৰ আদৰ্শ সমাজৰ আগত প্ৰকাশ কৰিলে সেই আদৰ্শ আধুনিক কবিসকলৰো মূল আদৰ্শ হৈ পৰিল। ৰোমাণ্টিক যুগত সুন্দৰৰ আৰাধানাই কবি-মানসক প্ৰভাৱিত কৰাৰ দৰে আধুনিক কবি সকলকো মার্ক্সীয় দর্শনে সর্বাত্মকভাৱে প্ৰভাৱিত কৰিছে। ধনীক শ্ৰেণীৰ শোষণ, নিপীড়ণ আৰু বঞ্চনাৰ বিৰুদ্ধে শোষিত শ্ৰেণীয়ে একত্ৰিতভাৱে বিপ্লৱ কৰিবলৈ মার্ক্সে আগবঢ়োৱা নতুন মতবাদে আধুনিক কবিৰ চিত্তভূমিতো আলোড়ন তোলা দেখা গৈছে। এই আদৰ্শক মূল আদর্শ স্বৰূপে লৈ এখন শ্রেণীহীন নতুন সমাজ গঢ়াৰ প্ৰয়াসত বিশ্বৰ কবিসকলে কলম হাতত লোৱাৰ দৰে আধুনিক অসমীয়া কবিসকলেও কলম তুলি লৈছে। প্ৰকৃততে আধুনিক অসমীয়া কবিতাৰ এক সবল কাব্য-ধাৰা মার্ক্সীয় দৰ্শনৰ প্ৰভাৱৰদ্বাৰা সম্পূৰ্ণ প্ৰভাৱিত। 

(গ) ফ্রয়েডীয় মনোবিজ্ঞানঃ ইয়াৰ প্ৰভাৱ

মনোবিজ্ঞানী ফ্রয়েডৰ মতে আমাৰ চেতন মনৰ সকলো আশা, আকাংক্ষা, কামনা-বাসনা, প্ৰেৰণা-প্ৰয়োজন, অভিপ্রায় আদি বাস্তৱত পুৰণ নহয়। এই অৱদমিত অপূৰ্ণ আশা-আকাংক্ষাবোৰ আমাৰ অজ্ঞাতে চেতন মনৰ পৰা অচেতন মনত ঠাই লয় আৰু ফলস্বৰূপে সেইবোৰ অজ্ঞাত অভিপ্রায়ত পৰিণত হৈ সময়ে সময়ে চেতন মনত প্ৰকাশ লাভ কৰিবলৈ ইচ্ছা কৰে। এই অজ্ঞাত দেহ মানসিক প্ৰয়োজনতাৰ মাজতেই আৱদ্ধ হৈ থাকে আৰু সেইবাবে ফ্রয়েডে ইয়াক যৌন কামনাৰ অন্তবর্তী বুলি অভিহিত কৰিছে। ফ্রয়েডে মূলতঃ আমাৰ অৱচেতন মনৰ বিভিন্ন ক্ৰিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে আৰু অৱচেতন মনৰ গোপন ৰহস্য উদ্‌ঘাটন কৰিবলৈ সক্ষম হৈছে। অৱচেতন মনৰ কাৰ্য সমূহৰ এপৰত গুৰুত্ব আৰোপ কৰি ফ্ৰফ্রয়েডে মনোবিজ্ঞানৰ যি তথ্য আৱিস্কাৰ কৰিছে সেই তথ্যৰ দ্বাৰা আধুনিক অসমীয়া কবিসকল প্ৰভাৱিত। ফ্রয়েড়ৰ এই মনোবিজ্ঞানৰ প্ৰভাৱতেই আধুনিক কবিতাত চিন্তাধাৰাৰ অসংবদ্ধতা পৰিলক্ষিত হৈছে।

(ঘ) বর্তমান জীৱনৰ ক্লান্তি আৰু নৈৰাশ্যবোধঃ

বিভিন্ন সমস্যাৰদ্বাৰা বৰ্তমানৰ জীৱন হৈ পৰিছে ভাৰাক্ৰান্ত। চৌদিশৰ সমাজ জীৱনত সংঘটিত নানা ঘটনা, নানা সমস্যাই জনমানসক চিন্তাক্লিষ্ট কৰি তুলিছে। সামাজিক আৰু বিশেষকৈ অৰ্থনৈতিক সমস্যাৰদ্বাৰা জৰ্জৰিত সমাজত নৈতিক প্ৰমূল্য সমূহৰ ক্ৰমে ক্ৰমে অৱক্ষয় হোৱাৰ ফলত সমাজ জীৱনত ক্ৰমে গঢ় লৈ উঠিছে এক অনিশ্চয়তাৰ বাতাবৰণ।

মানুহৰ লগত মানুহৰ আন্তৰিক সহানুভূতি ক্ৰমে ভাগি পৰিছে— জীৱনৰ প্ৰতিটো খোজতে সন্দেহ, অনিশ্চয়তাই মূৰ দাঙি উঠিছে। সমাজত সহানুভূতিৰ বিপৰীতে গঢ় লৈ উঠিছে ক্ৰমে হিংসা, দ্বেষ আৰু ক্ষোভৰ বাৰ্তাবৰণ; ফলত জীৱনলৈ নামি আহিছে ক্লান্তি আৰু নৈৰাশ্যবোধ।

(ঙ) ইতিহাস চেতনাঃ

আধুনিক কবিতাৰ আন এটি ধর্ম ইতিহাস চেতনা। ইতিহাস সম্পর্কে আধুনিক কবি মন সচেতন। আধুনিক কবিয়ে অতীতক বৰ্তমানৰ সমভূমি আৰু সমকালত চাবলৈ বিচাৰে। কবিতাৰ ইতিহাস চেতনা সম্পর্কে জীৱনানন্দ দাসে কৈছে— কবিয়ে সমাজক উপলব্ধি কৰাৰ প্ৰয়োজন আছে, কবিতাৰ অস্থিৰ ভিতৰত থাকিব ইতিহাস চেতনা আৰু হৃদয়ত থাকি স্পষ্ট সময়জ্ঞান। ইতিহাসৰ প্ৰকৃত উপলব্ধিয়ে কবিৰ মনলৈ নমাই আনে প্রজ্ঞা আৰু নতুন চেতনাবোধ।

(চ) জৈৱ দেহজ কামনা আৰু প্ৰেমৰ সামগ্ৰিক ৰূপৰ প্রত্যক্ষীকৰণ : আধুনিক কবি প্ৰেমৰ শ্বাশত ৰূপত বিশ্বাসী নহয়, দেহজ ৰূপত বিশ্বাসী। কুৰি শতিকাৰ শৰীৰ বিদ্যা আৰু মনোবিজ্ঞানে মনৰ বিভিন্ন স্তৰৰ ৰহস্য উদ্ঘাটন কৰিবলৈ সমৰ্থ হোৱাৰ ফলত আৰু তাৰ লগতে সামাজিক অৱক্ষয়ে ৰোমাণ্টিক প্রণয়াদর্শক পদে পদে ব্যাহত কৰাৰ ফলত প্ৰেমৰ চিৰন্তন ৰূপৰ প্ৰতি আস্থা ক্ৰমে হেৰাই গৈছে। নিৱনুৱা সমস্যা, দাৰিদ্র্য, চহৰৰ সংকীৰ্ণ পৰিসৰে প্ৰেমৰ উচ্ছাস আৰু আবেগক অৰ্থহীন কৰি তুলিছে। দেহজ প্ৰেমত সৌন্দর্য পিপাসাই চৰম পৰিতৃপ্তি লাভ কৰে। সেয়েহে শ্বাশত প্ৰেমৰ তুলনাত ক্ষণিক প্রেমেই কবিৰ দৃষ্টি আকৰ্ষণ কৰিছে। অতীন্দ্ৰিয় প্ৰেমৰ তুলনাত দেহজ প্রেমে আধুনিক কাব্যত মুখ্য স্থান লাভ কৰিছে।

(ছ) বিজ্ঞানৰ সামগ্ৰিক প্ৰভাৱঃ

পদার্থ বিজ্ঞান, জীৱ বিজ্ঞান, মনোবিজ্ঞান, গ্রহতত্ত্ব, ভূতত্ত্ব, নৃতত্ত্ব প্রভৃতি ভিন ভিন বিজ্ঞানৰ মতবাদে আধুনিক কবিৰ চিন্তাধাৰাত প্ৰভাৱ বিস্তাৰ কৰিছে। প্যাংকৰ বিকিৰণ তত্ত্ব, হাইজেন বাৰ্গৰ অনির্ণেয়তাৰ প্ৰতি নীতি, আইনষ্টাইনৰ আপেক্ষিকতাবাদ আৰু পদার্থ বিজ্ঞানীৰ তত্ত্ব, জীৱ বিজ্ঞানৰ দিশত ডাউইনৰ তত্ত্ব, ফ্ৰেজাৰ, মাৰ্গান প্ৰমুখ্যে নৃতত্ত্ববিদৰ দৃষ্টিভংগী, গ্ৰহতত্ত্ব, ভূতত্ত্ববিদৰ নতুন নতুন আৱিষ্কাৰ আদিয়ে আধুনিক কবিৰ মানসিক দিগন্তত প্ৰভাৱ পেলাইছে।

এনেদৰে আধুনিক অসমীয়া কবিতাৰ ক্ষেত্ৰখনলৈ বিভিন্ন দিশৰ পৰা নানান উপাদান আহি পৰিছে। বিষয়বস্তুৰ ক্ষেত্ৰত আধুনিক অসমীয়া কবিতাৰ গোস্বামী শষ্ট্যৰাজি আলোচনা কৰি সমালোচক ত্ৰৈলোক্যনাথ গোস্বামীয়ে কৈছে— ‘আধুনিক কবিসকলৰ বৈশিষ্ট্য সজাগ জীৱন চেতনা। সামাজিক, ৰাজনৈতিক, অর্থনৈতিক নানান সমস্যাৰ চাকনৈয়াত হাবু-ডুবু খাই ভাগৰি পৰা জনগণৰ প্ৰতি কবিসকলৰ পৰোক্ষ সহানুভূতি আছে আৰু আছে সাম্য মৈত্রী জয়ৰ ক্ষীণ কল্পনা। নতুন দৃষ্টিভংগীৰ সহায়ত জীৱন-ধাৰাৰ নতুন মূল্যাংকন বিচৰাৰ প্ৰয়াস এনেবোৰ কবিতাৰ মাজেৰে স্পষ্ট হৈ পৰিছে।

১২। যুদ্ধোত্তৰ যুগৰ আধুনিক অসমীয়া কবিতা সম্পর্কে এটি আলোচনা যুগুত কৰা?

উত্তৰঃ আধুনিকতা এটা আপেক্ষিক শব্দ। কবিতাৰ ক্ষেত্ৰত আধুনিকতা বিচাৰ কৰাটো প্ৰকৃততে কঠিন কমা। কবিৰ মনৰ জগত আৰু পাঠকৰ মনৰ জগতত একে সময়তে নতুন চেতনা-অনুভূতিৰ আদান-প্রদান হয় তেতিয়াই কবিতাত আধুনিকতা স্বীকৃতি হয়। আধুনিক কবিতা দৰাচলতে দ্বিতীয় মহাযুদ্ধোত্তৰ কালৰ কবিতা ৷ মহাযুদ্ধই কঢ়িয়াই অনা নতুন চেতনা, সামাজিক পৰিৱৰ্তন আদিয়ে নতুন পৰিৱৰ্তন আনিছিল। এই পৰিৱৰ্তন সবল কৰি তুলিছিল জয়ন্তী আলোচনীয়ে। জয়ন্তীৰ কবিতাত সমাজ চেতনা বলিষ্ঠ ৰূপত প্ৰকাশ পাইছিল যদিও প্রগতিবাদত বিশেষ গুৰুত্ব দিয়াৰ বাবে তাত জীৱনৰ সামগ্ৰিক ৰূপ প্ৰকাশিত হোৱা নাছিল অৱশ্যে জয়ন্তীয়ে প্ৰগতিবাদী কবিতাৰ ক্ষেত্ৰত এক ঐতিহাসিক সূচনাৰ সৃষ্টি কৰিছিল। পৰৱৰ্তী কালৰ পছোৱা ৰামধেনু আলোচনীয়ে এই প্ৰৱাহটোক শক্তিশালী ৰূপ দিছিল।

ৰামধেনু যুগৰ কবিতাৰ আঙ্গিক, বিষয়বস্তু দুয়োটাৰে আমূল পৰিৱৰ্তন হৈছিল৷ দৰাচলতে, এই সময়ৰ কবিতাত বিষয়বস্তুৰ নিৰ্বাচন, শব্দচয়ন, বাক্য বিন্যাস, প্রতীক, চিত্রকল্প, ছন্দ সজ্জা আদি সকলো দিশতে নতুনত্ব আছিল। পূৰ্বৰ কবিতাৰ যৌগিক ছন্দৰ পৰা আঁতৰি আহি মুক্তক স্পন্দিত গদ্য ৰূপত আত্মপ্ৰকাশ কৰিলে। শব্দচয়নৰ ক্ষেত্ৰত ইংৰাজী, সংস্কৃত, বাংলা, হিন্দী আদি ভাৰতীয় ভাষাৰ প্ৰভাৱ পৰিল। জাপানী বাইকু কবিতাৰ ৰূপ অসমীয়া কবিতালৈ প্ৰৱাহিত হ’ল ৷ যুদ্ধোত্তৰ যুগৰ অসমীয়া কবিতাত কবিয়ে প্রতীক আৰু চিত্ৰকল্পৰো সংযোজন কৰিলে। কবিতা জটিল আৰু দুবোধ্য হৈ আহিল। নতুন নতুন ভাৱ, অভিজ্ঞতা, বাস্তৱ দৃষ্টিভংগী, আঙ্গিকৰ অভিনৱত্ব সোমাই পৰি এই ধাৰাৰ কবিতাই অসমীয়া কাব্য জগতলৈ এটা নতুন যুগ আহ্বান কৰি আনিলে।

যুদ্ধোত্তৰ যুগৰ কবিসকলৰ ভিতৰত অমূল্য বৰুৱাৰ চমকপ্ৰদ আৱিৰ্ভাৱে অসমীয়া কাব্যমোদীৰ মনত আলোড়নৰ সৃষ্টি কৰিছিল। মার্ক্সীয় দর্শনত বিশ্বাসী অমূল্য বৰুৱাৰ কবিতাৰ বিষয়বস্তু আছিল কয়লা, কুকুৰ, বেশ্যা আদি। মৰোণোত্তৰভাৱে প্ৰকাশিত তেওঁৰ একমাত্র কবিতা পুথি অচিনা৷ এই গৰাকী কবিয়ে মাত্র ২৪ বছৰ বয়সতে কলিকতাৰ সাম্প্ৰদায়িক সংঘৰ্ষত প্ৰাণ হেৰুৱায়। অমূল্য বৰুৱাই উন্মোচন কৰা প্ৰগতিবাদী ধাৰাটোৰ গুৰি ধৰে ভৱানন্দ দত্তই ৰাজপথ, পূবেৰুণ আদি কবিতাৰ যোগেদি। একেদৰে চক্ৰেশ্বৰ ভট্টাচাৰ্যই মাথোঁ এখন নোট আদি কবিতাৰ যোগেদি পৰৱৰ্তী কেইবাজনো কবিক সাম্যবাদী ভাৱনাৰে উদ্বুদ্ধ কৰিবলৈ সক্ষম হয়। আধুনিক লক্ষণ বিশিষ্ট, প্রগতিশীল দৃষ্টিভংগীযুক্ত আৰু বৈপ্লৱিক চেতনাৰ অসমীয়া কবিতা ৰচনা ধীৰেন্দ্ৰ নাথ দত্ত এইক্ষেত্ৰত সৰ্বাগ্রণী। ১৯৩৩ চনত প্রকাশিত অভিযান কাব্য সংকলনৰ পাতনিত কৈছে— মোৰ অভিযান সকলো প্ৰকাৰ জড়তা, দীনতা, হীনতাৰ বিৰুদ্ধে সমাজৰ কঠোৰ বান্ধোনৰ বিৰুদ্ধে। ইয়াৰ পিছতে আগবাঢ়ি আহিল অন্য এক প্রতিভা— হেম বৰুৱা। তেওঁৰ কবিতাতে প্রতীক আৰু চিত্ৰকল্পৰ আধুনিক প্রয়োগ প্রথম দেখা গৈছিল। বালিচন্দা (১৯৪৯), মনময়ুৰী (১৯৬৫) তেওঁৰ দুখন কবিতাৰ পুথি। এনেদৰে দেখা যায় যে যুদ্ধোত্তৰ যুগৰ অসমীয়া কবিতাৰ শুভাৰম্ভ ঘটিছে প্রগতিবাদী কবিতাৰ যোগেদি। পৰৱৰ্তী কালত এই বিশিষ্ট প্রগতিবাদী বা মার্ক্সবাদী ধাৰাটোক প্রতিনিধিত্ব কৰে হীৰেন গোহাই, হীৰেণ ভট্টাচাৰ্য, আমলেন্দু গুহ, কেশৱ মহন্ত, হেমাঙ্গ বিশ্বাস আদি কবিসকলে । 

যুদ্ধোত্তৰ যুগত যিগৰাকী কবিৰ কবিতাই আধুনিক কবিতাক সুপ্রতিষ্ঠিত কৰাত আৰু জনপ্রিয়তা বৃদ্ধিত সহায় কৰিলে, তেওঁ হ’ল নৱকান্ত বৰুৱা৷ অসমীয়া কবিতাত মুক্তক আৰু স্পন্দিত গদ্য ব্যৱহাৰত তেখেতে বৈচিত্ৰ্যৰ সৃষ্টি কৰিলে। চল্লিশৰ দশকৰ শেষৰফালে কবি ৰূপে আত্মপ্ৰকাশ কৰি তেওঁ সপ্তম দশকৰ শেষলৈকে ছখন কবিতাৰ পুথি ৰচনা কৰে— হে অৰণ্য, হে মহানগৰ, এটি দুটি এঘাৰটি তৰা, ৰাৱণ, মোৰ আৰু পৃথিৱী, যতি আৰু কেইটিমান স্কেছ, এখন স্বচ্ছ মুখাৰে ইত্যাদি। যান্ত্ৰিক আৰু নাগৰিক সভ্যতাৰ দানৱীয় অভিব্যক্তিৰ প্রতি ঘৃণা, প্রাচীন ঐতিহ্য, সচেতন দৃষ্টিভংগী, মানৱতাবাদ, আধুনিক সমাজ-সভ্যতাই জন্ম দিয়া দ্বিধা, সংকোচ আৰু সুস্থ সমাজ ব্যৱস্থাৰ প্রতি আগ্রহ এই কাব্য সংকলনকেইটিত প্রকাশ পাইছে ।

নৱকান্ত বৰুৱাৰ আবিৰ্ভাৱৰ লগে লগে অসমীয়া কবিতাত এটা নতুন ধাৰাৰ সৃষ্টি হয়। বহুতে এই ধাৰাটোক বুদ্ধিনিষ্ঠ ধাৰা বুলিও অভিহিত কৰিব খোজে। এই ধাৰাটো মূলতঃ পাশ্চাত্যৰ এলিয়ট, অডেম, স্পেণ্ডাৰ, বোডলেয়াৰ, লুই, মায়াকভস্কি, বিস্কে আদি ইউৰোপীয় কবিৰ দ্বাৰা প্ৰভাৱিত। নৱকান্ত বৰুৱাক এই ধাৰাটোৰ নায়ক বুলি কোৱা হয়। নীলমণি ফুকন, ভবেন বৰুৱা, মহেন্দ্ৰ বৰা, অজিৎ বৰুৱা, মহিম বৰা, হৰি বৰকাকতি আদি কবিও এই ধাৰাৰ অন্যতম।

নীলমণি ফুকনৰ (১৯৩৩) কবিতা বুদ্ধিদীপ্ত আৰু চিত্ৰময় ৰচনা তেওঁ যুদ্ধোত্তৰ যুগৰ এজন জনপ্রিয় কবি। তেওঁৰ কবিতাৰ পুথিসমূহৰ ভিতৰত সূৰ্য হেনো নামি আহে এই নদীয়েদি, নির্জনতাৰ শব্দ, আৰু কি নৈশব্দ, ফুলি থকা সূর্যমুখী ফুলটোৰ ফালে, কাঁইট, গোলাপ আৰু কাঁইট, গোলাপী জামুৰ লগ্ন, কবিতা আদি। মহেন্দ্ৰ বৰাৰ কাব্য সাধনাৰ আৰম্ভণি বিংশ শতিকাৰ চল্লিশৰ দশকত। তেওঁৰ কবিতা পুথি কেইখন হ’ল জাতিস্মৰ, এই নদীয়েদি ইত্যাদি। তেওঁৰ কবিতাত ভাৰতীয় দৰ্শনৰ প্ৰভাৱ স্পষ্ট। জন্মান্তৰাবাদত বিশ্বাসী এইজনা কবিৰ কবিতাৰ ঘাই সুৰ মন্যাসিক চেতনা। বিংশ শতিকাৰ পঞ্চম আৰু ষষ্ঠ দশকৰ কবি হৰি বৰকাকতি। তেওঁৰ কাব্য পুথি হৈছে— কোনোবা শীতৰ এক বগা সন্ধিয়াত, হৰি বৰকাকতিৰ কবিতা, সময় বালিৰ খোজ। হোমেন বৰগোহাঞি বুদ্ধিনিষ্ঠ ধাৰাৰ অন্যতম কবি। তেওঁৰ কবিতাৰ পুথি হৈমন্তী। মহিম বৰাৰ কবিতাত জন্মান্তৰবাদ, জীৱন, মৃত্যু আৰু কৌতূহল সংশয়ৰ মনোভাৱ আছে। একমাত্ৰ কবিতাৰ পুথি ৰঙাজিঞা।

বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য সমাজবাদী ধাৰাৰ এজন উল্লেখযোগ্য কবি। তেওঁ জয়ন্তী, পছোৱা আৰু ৰামধেনু আলোচনীত কাব্য চৰ্চা কৰিছিল। বিষ্ণুৰাভা এতিয়া কিমান ৰাতি, ফেঁচা, বৰ ভূঁইকঁপ আদি উৎকৃষ্ট কবিতা। সমাজবাদী ধাৰাৰ আন এজন কবি অমলেন্দু গুহ। তেওঁৰ কবিতাত শ্রমজীৱী, কৃষক-বনুৱা মানুহৰ সংগ্ৰামৰ ছবি আছে। বাওপন্থী চিন্তা চেতনাৰে সমৃদ্ধ আন এগৰাকী কবি তথা গাতিকাৰ হ’ল কেশৱ মহন্ত। আমাৰ পৃথিৱী, আগন্তুক আদি তেওঁৰ উল্লেখযোগ্য কাব্য সংকলন। প্রগতিবাদী ধাৰাটোৰ আন এগৰাকী বিশিষ্ট কবি ৰাম গগৈ তেওঁৰ কাব্য পুথি মাটিৰ স্বপ্ন। 

সুগন্ধি পখিলাৰ কবি ৰূপে হীৰেন ভট্টাচাৰ্যৰ কবি প্ৰতিভাই সপ্তম দশকতে পূর্ণ বিকাশ লাভ কৰিলে। প্রগতিশীল সমাজ চেতনা তেওঁৰ প্ৰথম পৰ্যায়ৰ কবিতাত ধৰা দিছিল। প্ৰকাশি কাব্য পুথি— ৰৌদ্ৰকামনা, মোৰ দেশ মোৰ প্ৰেমৰ কবিতা, বিভিন্ন দিনৰ কবিতা, সুগন্ধি পখিলা আদি। বিপ্লৱী চেতনা, বাস্তৱতা, মানৱতাবোধৰ প্ৰেৰণা সমৃদ্ধ আন এগৰাকী সমাজবাদী কবি হ’ল হেমাঙ্গ বিশ্বাস। কুল খুৰাৰ চোতাল তেওঁৰ কাব্যপুথি।

যুদ্ধোত্তৰ যুগৰ ৰমন্যাসিক কবি হ’ল নিৰ্মলপ্ৰভা বৰদলৈ ৷ কাব্যিক অনুভূতিক অতি সংক্ষেপে অথচ সংবেদনশীলভাৱে, মঞ্জুল ভাষা আৰু চিত্রধর্মী ভাষাত প্ৰকাশ কৰিছে। তেওঁৰ কাব্য সংকলনকেইটি হ’ল— বন ফৰিঙৰ ৰং, দিনৰ পাছত দিন, সমীপেষু, অন্তৰঙ্গ।

ৰমন্যাসবাদী, প্রতীকবাদ, প্রগতিবাদ আদি কেওবিধৰে প্ৰতিফলন থকা কবি গৰাকী হ’ল বীৰেণ বৰকটকী। তেওঁৰ কবিতাৰ সংকলন দুখন মন্বন্তৰ আৰু চিৰন্তন। ১৯৪০ চনৰ পৰা ১৯৭০ চনৰ ভিতৰত আৱিৰ্ভাৱ হোৱা আন আন কবিসকলৰ ভিতৰত বীৰেশ্বৰ বৰুৱা, দিলীপ বৰুৱা, হীৰেন্দ্ৰনাথ দত্ত, ভবেন বৰুৱা, হৰেকৃষ্ণ ডেকা, দীনেশ গোস্বামী, নলিনীধৰ ভট্টাচাৰ্য, ৰবীন্দ্ৰ সৰকাৰ আদিৰ নাম উল্লেখ কৰিব পাৰি ৷

ওপৰত কম-বেছি পৰিমাণে আলোচনা কৰা কবিসকলৰ বাহিৰেও ষাঠিৰ দশক বা তাৰ আগেয়ে আৰু সত্তৰ আৰু আশীৰ দোমোজাত আত্মপ্ৰকাশ কৰি কাব্য-চৰ্চা কৰা আন কেইবাজনো কবিৰ নাম নাথাকিলে এই আলোচনা সম্পূৰ্ণ নহ’ব।

কবীন ফুকন গভীৰ মননশীল ধাৰাটোৰ কবি। তেওঁ ষাঠিৰ দশকৰ কবি। ষাঠিৰ দশকত আত্মপ্রকাশ কৰা আন এজন কবি আনিছ উজ জামান। সনন্ত তাঁতী সত্তৰৰ দশকত আত্মপ্ৰকাশ কৰা কবি সকলৰ অন্যতম। তদুপৰি এই সময়ৰ বিশিষ্ট কবিসকলৰ ভিতৰত অনুভৱ তুলসী, নীলিম কুমাৰ, জ্ঞান পূজাৰী, অনুপমা বসুমতাৰী, ৰাজীৱ বৰুৱা, বিপুলজ্যোতি শইকীয়া, তুলিকা চেতিয়া য়েইন, জ্যোতিৰেখা হাজৰিকা, আদিৰ নাম ল’ব পাৰি। শোষণৰ বিৰুদ্ধে সংগ্রাম আৰু নতুন সমাজ এখনৰ প্ৰতি আগ্ৰহ সৰহভাগ নবীন কবিৰে কেন্দ্ৰীয় চিন্তা।

১৩। যুদ্ধোত্তৰ যুগৰ আধুনিক অসমীয়া কবিতাৰ ধাৰা সম্পর্কে এটি আলোচনা আগবঢ়োৱা?

উত্তৰঃ আধুনিক কবিতা মূলতঃ জনতাৰ কবিতা। জন-জীৱনৰহাই-উৰুমিৰে আধুনিক কবিতা মুখৰিত। যুদ্ধোত্তৰ যুগৰ কবিতাৰ বিষয়, ভাৱ আঙ্গিক আদি দিশৰ পৰা আধুনিক কবিতাৰ কেইবাটাও ধাৰা নিৰ্ণয় কৰিব পাৰে। ভাৱৰ দিশৰ পৰা—

(ক) সমাজবাদী ভাৱধাৰাৰ কবিতা : আধুনিক কবিসকলে মানুহৰ অস্তিত্ব আৰু সমাজ-জীৱনৰ মূল্যায়নৰ ভেটিত কবিতা ৰচনা কৰি আহিছে। জড়তাগ্রস্ত সমাজ জীৱনৰ বুকুত নতুন দিনৰ প্ৰাণ প্ৰতিষ্ঠা কৰিবৰ বাবে তেওঁলোক জনতাৰ মাজলৈ ওলাই আহিছে। জনজীৱনৰ দুখ-যন্ত্ৰণাৰ উপশম ঘটাবলৈ এইসকল কবিয়ে চেষ্টা কৰিছে। এইদল কবিৰ ভিতৰত ভবানন্দ দত্ত, অমূল্য বৰুৱা, মেব বৰুৱা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, কেশৱ মহন্ত, নলিনীধৰ ভট্টাচাৰ্য, বীৰেণ বৰকটকী, ৰাম গগৈ, ৰবীন্দ্ৰ সৰকাৰ নাম ল’ব পাৰি।

সমাজবাদী ধাৰাৰ কবি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ কবিতাত এক উচ্চ আদর্শবাদ, জনতাৰ ওপৰত তেওঁৰ সশ্রদ্ধ আস্থা আৰু এখন সাম্যবাদী সমাজ ৰচনাৰ সপোন প্ৰতিফলিত হৈছে। তেওঁৰ ‘বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি’, ‘শঙ্কৰদেৱ’, ‘আত্মজ্ঞান’ আদি কবিতাত মানৱতাবাদ, ন্যায় আৰু সমতাৰ আদৰ্শৰ প্ৰতি থকা দৃঢ় বিশ্বাসৰ ধ্বনি শুনিবলৈ পোৱা যায়। 

বিহুৰ তলিত চিফুং বাঁহীৰ কৰুণ সুৰ

বড়ো নাচনিৰ নাচোনৰ তাল ভাগে

জনতাৰ চকু চকুৰ পানীৰে পূৰ। (বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য)

(খ) নৱ্য ৰোমাণ্টিক ভাৱধাৰাৰ কবিতাঃ যুদ্ধোত্তৰ যুগৰ এচাম কবিয়ে ৰোমাণ্টিক ভাৱধাৰাকে লৈ আধুনিক দৃষ্টিভংগীৰে কবিতা লিখিছে। এইসকল কবিৰ কবিতাত সামাজিক চেতনাৰ প্ৰভাৱ স্পষ্ট। নৱ্য-ৰোমাণ্টিক ভাৱধাৰাৰ কবিসকলৰ চেতনাত ৰোমাণ্টিক ভাৱধাৰা, সত্য আৰু সুন্দৰৰ আৰাধানাৰ ভেঁটিতহে নতুন সমাজ গঢ়াৰ প্ৰয়াস দেখা হৈছে। এই ভাৱধাৰাৰ কবিতাত আধ্যাত্মিক শুভবুদ্ধি, কলাসৰ্বস্বতা, প্রকৃতি, যৌৱনৰ বিষণ্নতা, দীর্ঘশ্বাস, যৌনতাৰ প্ৰকাশ, সংশয়, অতৃপ্তি, নিৰাশা-হতাশা, নিস্তেজ-নিষ্ক্রিয় সৌন্দর্যবোধৰ অনুভূতি দেখা যায়। এই দলৰ কবিসকলৰ ভিতৰত নৱকান্ত বৰুৱা, হৰি বৰকাকতি, ভবেন বৰুৱা, হোমেন বৰগোহাঞি, নীলমণি ফুকন, অজিৎ বৰুৱা, মহেন্দ্ৰ বৰা, হীৰেন ভট্টাচাৰ্য ইত্যাদি কবিৰ নাম উল্লেখ কৰিব পাৰি।

আংগিকৰ ধাৰা 

(ক) প্রতীকবাদী ধাৰাঃ প্রতীক হ’ল শব্দ বা শব্দ গুচ্ছৰ অৰ্থসম্বলিত ৰূপ। প্রতীকে কবিতাৰ ভাষা ব্যঞ্জনাময় কৰি তোলে। প্রতীকবাদ হ’ল এক সাহিত্যিক আন্দোলন যত প্রতীকেই কবিতাৰ মূল আত্মা। অর্থাৎ প্রতীক আৰু প্ৰতীকবাদ একে বস্তু নহয়। প্রতীকবাদীসকলে ব্যৱহাৰ কৰা প্রতীক তেওঁলোকৰ স্বকীয় অভিজ্ঞতাৰ আধাৰত নির্মিত বাবে সৰ্বসাধাৰণৰ বাবে বহুসময়ত তাক বুজি পোৱা কঠিন হৈ পৰে। দৰাচলতে প্রতীকবাদী কবিসকলে কবিতাত এখন সম্পূর্ণ চিত্ৰ ৰচনা কৰি নিদিয়ে, মাথোঁ পাঠকৰ অনুভৱৰ বাবে গোটেই দিয়ে কবিতাৰ শব্দ, ভাৱ আৰু চিত্রকল্প।

১৯ শতিকাৰ ফৰাছী প্রতীকবাদী আন্দোলনৰ ফলত এই ধাৰা অসমীয়া কবিতালৈ আহিল। প্রতীকবাদী কবিসকলৰ ভিতৰত নৱকান্ত বৰুৱা, মহেন্দ্ৰ বৰা, হোমেন বৰগোহাঞি, হেম বৰুৱা, অজিৎ বৰুৱাৰ নাম উল্লেখযোগ্য। অসমীয়া কবিতাত প্রতীকবাদী কবিতাৰ বিভিন্ন উদাহৰণ পোৱা যায়৷ তাৰ ভিতৰত অজিৎ বৰুৱাৰ ‘জেংৰাই১৯৬৩’ কবিতাত আমি প্রতীকবাদী প্রকাশ দেখা পাওঁ—

ডকা বজোৱা মোৰ হৃদয় ডংকা 

অংক নিমিলে যিনিলে লংকা 

ডংকা বজোৱা যিনিলে বজোৱা

ডংকা বজোৱা…

(খ) চিত্ৰকল্পবাদী ধাৰাঃ পশ্চিমীয়া সাহিত্যত বিংশ শতাব্দীৰ দ্বিতীয় দশকত কেইজনমান ইংগমার্কিন কবিয়ে চিত্রকল্পবাদী আন্দোলন গঢ়ি তুলিছিল। মনত ৰখা উচিত যে, চিত্রকল্প আৰু চিত্ৰকল্পবাদ একে নহয়। চিত্রকল্পবাদীসকলৰ মতে চিত্রকল্প কবিতাৰ আঙ্গিক নহয় ই কবিতাৰ প্ৰাণ বা আত্মা। চিত্রকল্পবাদী আন্দোলনৰ গুৰি ধৰোঁতা টমাচ আগেষ্ট হিউম আৰু এজৰা পাউণ্ডে চিত্ৰকল্পৰ সম্পৰ্কত এই কথা স্পষ্ট কৰি গৈছে। এই আন্দোলনৰ প্ৰভাৱ বিশ্বৰ বিভিন্ন সাহিত্যত পৰে। অসমীয়া সাহিত্যৰ বিশেষকৈ কবিতাৰ ক্ষেত্ৰত এই প্ৰভাৱ পৰে।  চিত্ৰকল্পবাদী ধাৰাৰ অন্তৰ্গত কবি হিচাপে আমি হেম বৰুৱা, নৱকান্ত বৰুৱা, বীৰেশ্বৰ বৰুৱা, মহেন্দ্ৰ বৰা, নীলমণি ফুকন, হৰি বৰকাকতি, নিৰ্মল প্ৰভা বৰদলৈ, হোমেন বৰগোহাঞি, হীৰেন ভট্টাচাৰ্য আদিৰ কথা উল্লেখ কৰিব পাৰো। 

হৰি বৰকাকতিৰ কবিতাত মনোৰম চিত্ৰকল্পৰ সমাৱেশ ঘটিছে প্ৰিয়াৰ চিঠিত—

‘কোনো নাই, নাই। সাৰে আছে মাথোঁ

হেজাৰ প্ৰিয়াৰ চকুৰ লোতক গোট মাৰি

হোৱা আকাশৰ চেচা জোন।

নিৰ্মলপ্ৰভা বৰদলৈয়ে কম শব্দতে নিটোল চিত্ৰকল্প ৰচনা কৰিছে। কবিয়ে ফাগুণৰ চিত্ৰ আঁকিছে এনেদৰে—

নীলা পাটৰ সাজযোৰত

ফাকু ৰঙৰ

জকমকীয়া বুটা।

এনেদৰে, এদল কবিৰ যত্নত চিত্ৰকল্পবাদী ধাৰাই অসমীয়া কবিতাৰ ইতিহাসক উজল কৰি তুলিছিল ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top