অসমীয়া গদ্যৰ চানেকি Unit 4 অৰুনোদই যুগৰ অসমীয়া গদ্যঃ

অসমীয়া গদ্যৰ চানেকি Unit 4 অৰুনোদই যুগৰ অসমীয়া গদ্যঃ নির্বাচিত পাঠ, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, অসমীয়া গদ্যৰ চানেকি Unit 4 অৰুনোদই যুগৰ অসমীয়া গদ্যঃ নির্বাচিত পাঠ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. অসমীয়া গদ্যৰ চানেকি Unit 4 অৰুনোদই যুগৰ অসমীয়া গদ্যঃ নির্বাচিত পাঠ Question Answer can be of great value to excel in the examination.

অসমীয়া গদ্যৰ চানেকি Unit 4 অৰুনোদই যুগৰ অসমীয়া গদ্যঃ নির্বাচিত পাঠ

Join Telegram channel

অসমীয়া গদ্যৰ চানেকি Unit 4 অৰুনোদই যুগৰ অসমীয়া গদ্যঃ নির্বাচিত পাঠ Notes cover all the exercise questions in UGC Syllabus. অসমীয়া গদ্যৰ চানেকি Unit 4 অৰুনোদই যুগৰ অসমীয়া গদ্যঃ নির্বাচিত পাঠ The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

৮। সত্যনাথ বৰাৰ গদ্যরীতিসমূহৰ বিষয়ে লিখা।

উত্তৰঃ জোনাকী যুগৰ যিসকল সাহিত্যিকৰ হাতত অসমীয়া গদ্যই বিশেষ সমৃদ্ধি আৰু পৰিপুষ্টি লাভ কৰিলে তেওঁলোকৰ ভিতৰত অন্যতম হ’ল সত্যনাথ বৰা। এক বস্তুনিষ্ঠ, সংহত গদ্যশৈলীৰে তেওঁ অসমীয়া গদ্যক এক নতুন মাত্ৰা প্ৰদান কৰিলে। সচেতনভাবে আধুনিক অসমীয়া গণ্যৰীতিৰ উৎকৰ্ষ সাধনেৰে ইয়াক নিৰ্দিষ্ট গঢ় দিবলৈ চেষ্টা কৰা সাহিত্যিকসকলৰ ভিতৰত সত্যনাথ বৰাক বাটকটীয়া বুলিব পাৰি।

গদ্যৰ উৎকৰ্ষ সাধনৰ বাবেই গদ্য ৰচনা কৰা সত্যনাথ বৰাৰ গদাৰীতি বিভিন্ন উপাদানৰ সহযোগত কি ৰূপত আৰু কিমান সফলৰূপে গঢ় লৈছে কে তলত আলোচনা কৰা হ’ল—

শব্দচয়ন : গদ্যৰীতিৰ বিশ্লেষণৰ ক্ষেত্ৰত এটি লক্ষ্য কৰিবলগীয়া গুৰুত্বপূৰ্ণ দিশ হ’ল শব্দচয়ন | বক্তব্যৰ উপযোগী শব্দৰ নিৰ্বাচন আৰু উপযুক্ত স্থানত তাৰ সংস্থাপন ভালগদ্যৰ বাবে অতি প্রয়োজনীয় বিষয়। লেখকৰ ভাব সৰল, স্পষ্ট, সহজবোধ্য ৰূপত উপস্থাপন কৰাত শব্দৰ ভূমিকা যথেষ্ট। সুদক্ষ লেখকে বিষয়বস্তুৰ প্ৰয়োজনত বিভিন্ন শ্রেণীৰ শব্দ ব্যৱহাৰ কৰি গদ্যক সাৱলীল কৰি গঢ়ি তোলে।

সত্যনাথ বৰাৰ গদ্যত অসমীয়া ভাষাৰ নিভাঁজ জতুৱা শব্দৰ প্ৰাধান্যই অধিক। অৱশ্যে তৎসম, অৰ্ধ-তৎসম আৰু দুই-এটা ইংৰাজী শব্দও মাজে মাজে ব্যৱহাৰ কৰিছে। কিন্তু অধিক ক্ষেত্ৰতে ধাই সচেতনভাবে ইংৰাজী আৰু তৎসম শব্দ পৰিহাৰ কৰা পৰিলক্ষিত হয়। তদুপৰি তেওঁৰ গদ্যত এনে কেতবোৰ অসমীয়া শব্দৰ ব্যৱহাৰ আছে যিবোৰ বৰ্তমান অপ্রচলিত আৰু সাধাৰণ পাঠকৰ বাবে অৰ্থ বুজিবলৈকো কঠিন। তেওঁ কেতিয়াবা নিজাকৈ সৃষ্টি কৰা দুই-এটা শব্দও গদ্যত ব্যৱহাৰ কৰা দেখা গৈছে। সত্যনাথ বৰাৰ গদ্যত ব্যৱহৃত বিভিন্ন শব্দৰ উদাহৰণ দাঙি ধৰা হ’ল। যেনে—

তৎসম শব্দ : অগ্নি, চক্র, গৃহ, স্ত্রী, ক্রোধ, শুভ্র, দক্ষ, কৃপণ, কর্ম, মর্ম, কন্যা, তৃণ, হুতাশন। 

অর্ধ-তৎসম শব্দ : যতন, ভগন, জনম, দইন।

তদ্ভৱ শব্দঃ জুই, জোনাক, ভঁৰাল, হাতী।

ইংৰাজী শব্দ : ইঞ্জিন, মাষ্টৰ, ফেল, টেলিগ্রাফ।

অনুৰূপ আৰু যুৰীয়া শব্দ : দেহে-কেহে, উগুল গুল, আঁতি-গুৰি ওৰ-খয়, চাটি-ফুটি, ওচ-মোচ। 

অপ্রচলিত জতুৱা শব্দ : লালসী, চিমা, ওসাং, ওখল, ধৈয়ালী, আপদাহ, নিমতলীয়া, আপালি।

নিভাঁজ জতুৱা শব্দ : আলাবাদু, ভৰক, টাটৰি, ভাও, ছাট, অতপালি, আৰি মৰা, ওৱাদানি ।

তদুপৰি সত্যনাথ বৰাৰ গদ্যত নিৰস্তৰে, পশিব আদি পুৰণি শব্দ; দখাষ্ট, খাস্তাং, বিয়াকর্ণ, তামোল-খালি আদি দৈনন্দিন জীৱনৰ সাধাৰণ কথা-বতৰাত ব্যৱহাত কথিত আৰু অপভ্রংশ ৰূপৰো প্ৰয়োগ লক্ষ্য কৰা যায়।

বাক্য গঠন : যথোপযোগী বাক্য গঠনৰ দ্বাৰাহে মনৰ ভাব স্পষ্ট আৰু সুন্দৰ ৰূপত প্ৰকাশ কৰা সম্ভৱ। বাক্য গঠনৰ সুনির্দিষ্ট নিয়ম উলংঘা কৰিলে ই ইঙ্গিত অৰ্থ প্ৰকাশ কৰিব নোৱাৰে।

অর্থাৎ ব্যাকৰণে নিৰ্দিষ্ট কৰি দিয়া নিয়ম অনুসৰি বাক্য বিন্যাস কৰিলেহে বক্তব্য বিষয় স্পষ্ট ৰূপত প্ৰকাশ পায় ।

সত্যনাথ বৰাৰ গঢ়াৰ এটা প্ৰধান বৈশিষ্ট্য হ’ল জতুৱা ঠাঁচৰ প্ৰয়োগ। তেওঁৰ সকলো লেখাৰ বাক্যৰীতি নিভাঁজ জতুৱা ঠাঁচযুক্ত। এনে প্রয়োগে বৰাৰ সাহিত্যৰাজিক এক বিশেষ সৌন্দর্য আৰু মাধুৰ্য দান কৰিছে। যেনে—

“মই সেই পাঁচশ সৰাধত খৰচ কৰিবলৈ হাক দিলোঁ, আৰু তেওঁৰ হাতে-কোচে যি আছে তাকে খৰছ কৰি কোনোমতে অনুষ্টুপীয়াৰূপে মুখৰ ছাই ফেৰা গুচাবলৈ দিহা দিলোঁ।”

“বিশেষকৈ অশিক্ষিত মানুহবোৰে বেগেতে একো কথাৰ ধাতু ধৰিব নোৱাৰে। “

এনেদৰে সত্যনাথ বৰাৰ গদ্যৰ মূল ভেঁটিটো নিভাঁজ জতুৱা ভংগিমাৰ ওপৰত ভিত্তি কৰিয়েই গঢ় লৈছে। তেওঁৰ ৰচনাত উভৈনদী হৈ থকা জতুৱা খণ্ডবাক্য আৰু বাক্যবোৰে অসমীয়া জাতি আৰু ভাষাৰ নিজস্ব স্বৰূপ প্ৰকাশৰ লগতে লেখকৰ অসমীয়া ভাষাৰ প্ৰতি থকা দায়িত্ববোধ, ভাষা ব্যৱহাৰৰ দক্ষতা আৰু ৰুচি-অভিৰুচিৰো পৰিচয় বহন কৰিছে। ‘পেটে-ভাতে খোৱা’, ‘টোটক লগাই ফুৰা’, ‘যমে শুধা ভাত খোৱা’, ‘বাউসিৰ বল’, ‘হাড়পকাইছে’, টাচৰি কোবা’, ‘চকুৰ কোটা’ আনি খণ্ডবাক্যবোৰে বৰাৰ গদ্যক জাতে পাতে জতুৱা কৰি গঢ়ি তুলিছে।

গদ্যৰ বিভিন্ন ৰীতিঃ কোনো লেখকে যেতিয়া নিজৰ বক্তব্য পোনপটীয়া ভাষাৰে পৰিমিতভাৱে প্ৰকাশ কৰে তেতিয়া তাক উকা গদ্যৰীতি আৰু অলংকাৰ, ফকৰা-প্রবচনেৰে জাক-জমকীয়া ভাষাৰে প্ৰকাশ কৰিলে তাক আলংকাৰিক গদ্যৰীতি বুলি কোৱা হয়। সত্যনাথ বৰাৰ গদ্যত ঠায়ে ঠায়ে আলংকাৰিক ৰীতি প্ৰকাশ পালেও অধিক ক্ষেত্রতেই তেওঁ উকা গদ্যৰীতিৰে পোনপটীয়াভাবেই বক্তব্য প্ৰকাশ কৰিছে। যেনে—

“ধাৰ কৰি ধন গোটাবলৈ বৰ উজ্, সেইদেখি অলপ কিহবাৰ নাটনি পৰিলেই মানুহ ধাৰলৈ মন মেলে। ই বৰ অযুগুত কথা। ধাৰ নিজেই এটা আপদ। সামান্য নাটনিত তালৈ হাত মেলা উচিত নহয়।”

সত্যনাথ বৰাৰ গদ্য সংখ্যাত বেছি নহ’লেও তেওঁ ইয়াত বক্তব্য বিষয় পাঠকৰ আগত স্পষ্ট, আকর্ষণীয় আৰু প্ৰত্যয়জনক ৰূপত উপস্থাপন কৰিবলৈ গৈ বিভিন্ন ভংগীৰ আশ্ৰয় লৈছে। ফলস্বৰূপে তেওঁৰ গদ্যৰীতি কেতিয়াবা বর্ণনামূলক, কেতিয়াবা নাটকীয় আৰু যুক্তিমূলক, কেতিয়াবা জ্ঞানজ্ঞাপক আৰু কেতিয়াবা চিন্তামূলক বা মনন বিষয়ক ৰূপত গঢ় লৈছে। উদাহৰণস্বৰূপে—

নাটকীয় গদ্য : “এনেতে জুইৰ গোন্ধ পাই ময়ো সেইখিনিত ওলালোঁগৈ । মোক দেখি কাকতীয়ে মাত লগালে, ‘ক লৈ যা অ মনহৰি’ ম‍ই ক’লো, ‘বপা ইয়ালৈকে আহিছোঁ। কালি ৰাতি মোৰ গৰুজনী নাহিল, এতিয়া পুৱা জানোচা ওলাইছে তাকে চাবলৈ আহিছিলো। পাছে ওচৰতে হুমহুমীয়া জুই দেখি সোমালে।”

যুক্তিনিষ্ঠ গদ্য : “সমস্ত জগত আৰু জগতৰ সমস্ত বস্তু সাতকলীয়া আওপুৰণি হৈছে। সময়েও জগতত ন বোলাব নোৱাৰে। সি বৰং জগতৰ আজোককা। সি সূৰ্য্যৰ মাকৰ বিয়া দেখিছে, চন্দ্ৰক কোলাত লৈ ডাঙ্গৰ কৰিছে আৰু গ্ৰহ নক্ষত্ৰৰ মূৰৰ বীজ গুচাইছে। তেনেহ’লে নতুন বছৰ কি? বছৰ সময়ৰ এটা ভাগ মাথোন।”

বর্ণনামূলক গদ্য : “আৰু এক বুঢ়ী আছিল কাশীত। এওঁৰ অৱতাৰ সত্য যুগত। এওঁ ফাং পাতি তপস্বী প্রধান ব্যাসদেবৰ তপস্যাৰ ফল নাশ কৰিছিল। পপীয়াৰ মুক্তিৰ দুৱাৰ মোক্ষভূমি বাৰাণসী মহাদেৱে থাপনা কৰাৰ পাছত উগ্র তপস্বী ব্যাসদেৱেও তেনেকুৱা এখন বাৰাণসী পাতিছিল আৰু সংকল্প কৰিছিল যে তাও মৰিলেও প্রাণী জীবন্মুক্ত হয়।”

জ্ঞানজ্ঞাপক বা বার্তাবাহক গদ্য : “উপসর্গবিলাক সংস্কৃত, সেই দেখি সিহঁত সংস্কৃত ধাতুৰ আগতহে ব্যৱহাৰ হয়। কেৱল নি, বি, অব, এই তিনিটা মাথোন অসমীয়া ভাষাত চলিত আছে। অসমীয়াত ইহঁত বিশেষ্য, বিশেষণ আদি পদৰ আগত বহে, ধাতুৰ আগত নবহে। যেনে— নি, নিলাজ, নিমাত, নিপানী, নিধাতু, নিনাও, নিজান, নিমৰমিয়াল ইত্যাদি।

চিন্তামূলক বা মননশীল গদ্য : “স্বৰূপাৰ্থত গতি এটা, সেই গতি বিশ্বব্যাপী আছে। ভিন্ন ভিন্‌ শৰীৰত গতি বিশ্বগতিৰ এটা ভাগ মাথোন। সেই ভাগ শৰীৰ বিশেষত বন্দী হৈ থাকে, পিছত শৰীৰ ধ্বংস হ’লৈ গাতি উদ্ধাৰ হৈ মূল গতিৰ লগ লাগে। এটা টেকেলিত পানী ভৰাই পুখুৰীত পেলাই দিয়া, টেকেলিটো পুখুৰীৰ তলত পৰি থাকিব, পানীখিনিও তাৰ ভিতৰত থাকিব, সেই টেকেলিৰ ভিতৰত পানী আৰু বাজত থকা পুখুৰীৰ পানী তেতিয়া ভিন্‌ ভিন্‌ হৈ থাকে ।

সত্যনাথ বৰাৰ গদ্যৰীতিৰ আন এটা উল্লেখযোগ্য বৈশিষ্ট্য হ’ল – বর্ণনাক্ষমতা। যিকোনো পৰিবেশ, দৃশ্য আদিক তেওঁ তেওঁৰ সাহিত্যত অতি জীৱন্ত ৰূপত বৰ্ণনা কৰিবলৈ সক্ষম হৈছে। পৰিৱেশ একোটাৰ সাৰ্থক ৰূপায়ণ কৰিবলৈ গৈ তেওঁ গণ্যত আৱেগসিক্ত কাব্যিক ভাষাও ব্যৱহাৰ কৰিছে। উদাহৰণস্বৰূপে—

“এতিয়া বেলি পাটত বহিছে। কি অপৰূপ পয়োভৰ। কোন ৰজা, কোন সম্রাট, কোন কালত এনেকুৱা পয়োভৰেৰে পাটত বহিছিল। নানানবিধ পোৱালি-বাখৰে সজোৱা হেঙ্গুলীয়া সিংহাসন, তাতে সূৰ্য্যদেৱ জেউতিৰে পশ্চিম আকাশ উজ্জ্বল কৰি বহি আছে। তেওঁৰ চাৰিওফালে অসংখ্যাত মেঘ-সেনাই ৰঙা হালধীয়া চিত্র-বিচিত্র সাজ পিন্ধি তেওঁক আৱৰি আছে।”

প্ৰাকৃতিক পৰিৱেশৰ আকৰ্ষণীয় চিত্ৰায়নৰ লগতে ‘কেন্দ্ৰসভা’ পুথিখনিত তেওঁ একোখন সভা অনুষ্ঠিত কৰাৰ এনে সূক্ষ্মাতিসূক্ষ্ম বর্ণনা আগবঢ়াইছে যে গোটেই সভাখনৰ এটা দৃশ্য পাঠকৰ সন্মুখত চিত্ৰবং ভাঁহি উঠে। তদুপৰি সত্যনাথ বৰাৰ গদ্যৰ আন এটা লেখত ল’বলগীয়া বৈশিষ্ট্য হ’ল ঠাইবিশেষে ব্যংগাত্মক ৰীতিৰ সাৰ্থক প্রয়োগ। কেৱল শব্দ আৰু বাক্যৰ চাতুৰ্যৰে হাস্যৰসৰ সৃষ্টি কৰাৰ উপৰি প্ৰয়োজন বিশেষে নিজৰ অভীপিত উদ্দেশ্য সিদ্ধ হোৱাকৈ ব্যংগাত্মক ৰচনাভংগীৰে তেওঁ সুন্দৰভাৱে বক্তব্য প্ৰকাশ কৰিছে। এনে ৰীতিয়ে পাঠকক এহাতে নির্মল হাঁহিৰ খোৰাক যোগাইছে। আনহাতে সমাজ আৰু ব্যক্তি জীৱনৰ প্ৰয়োজনীয় গহীন বিষয়ৰ ইংগিত দিশ বহন কৰিছে। এয়া গদ্য লেখক হিচাপে সত্যনাথ বৰাৰ কুশলহস্ততাৰ অন্যতম দিশ। উদাহৰণস্বৰূপে–

“এওঁ বৰ সাত্ত্বিক লোক। এওঁ দিনটোৰ ভিতৰত অতি কমেও নবাৰ মান গা ধোৱে। তিতা কাপোৰে ভাত খায়, মালা জপে আৰু গুৰু সেৱা নকৰাকৈ পানী টোপো ভিতৰ নকৰে। এওঁৰ আৰ্থিক অৱস্থাও ৰৰৈয়া। আগেয়ে এওঁ দুখীয়া আছিল; পাছত ককায়েক মৰিলত এখান উইল উলিয়াই হুজুৰত গোচৰ কৰি ককায়েক মৰিলত এখান উইল উলিয়াই হুজুৰত গোচৰ তৰি ককায়েকৰ সম্পত্তি এটাইখিনি পাইছে। ককায়েকৰ এটি ১২ বছৰীয়া ল’ৰা আৰু তাৰ মাক আছিল। তেওঁলোকে সম্পত্তি নাপালে”।

লেখকৰ সমালোচনামূলক মনোভাবৰ এনে ব্যংগাত্মক প্ৰকাশ অতি সাৰ্থক আৰু সৌন্দর্যপূর্ণ। সত্যনাথ বৰাৰ সকলো ৰচনাই গহীন বিষয়ক আৰু চিন্তাসমৃদ্ধ যদিও তেওঁ জটিল, তাত্ত্বিক বিষয়সমূহো বিভিন্ন প্রসংগ উত্থাপন, তুলনা প্রয়োগ আদিৰে সৰল ৰূপত দাঙি ধৰিছে। তদুপৰি বহু ঠাইত কাৰোবাক সম্বোধন কৰাৰ ভংগীৰে তেওঁ বিষয়বস্তু প্রকাশ কৰিছে। ‘কেন্দ্ৰসভা’ পুথিত বিভিন্ন উপদেশাত্মক কথা সভাপতিৰ ভাষণৰ ছলেৰে সন্নিৱিষ্ট কৰাত ৰচনাসমূহ ৰসাল আৰু আকৰ্ষণীয় হৈ উঠিছে। এনেদৰে নিজৰ ভাব, চিন্তা, বক্তব্য গদ্যৰ মাজেৰে প্ৰকাশ কৰিবলৈ গৈ.বিভিন্ন ভংগী প্ৰকাশ কৰাত সত্যনাথ বৰাৰ গদ্যৰ বিষয়বস্তুৰ বিশেষ বৈচিত্র্য নথকা সত্বেও ৰচনাৰীতিত বৈচিত্র্য আহি পৰিছে। অৱশ্যে দুই-এঠাইত হাসাস সৃষ্টিৰ চেষ্টা কৰাত সি ৰস সৃষ্টিৰে গদ্যৰ মান উন্নত নকৰি স্থূল হাস্যৰসৰহে পৰিচয় দিছে। অপ্রচলিত শব্দ ব্যৱহাৰকে ধৰি এনে দুই-এটা সাধাৰণ দোষ-ত্রুটি থাকিলেও সামগ্রিক বিচাৰত সত্যনাথ বৰাৰ গদ্যৰীতিক এক সফল গদ্যৰীতি বুলি ক’ব পাৰি। শব্দচয়ন, বাক্য ব্যৱহাৰ, অলংকাৰ আৰোপ, জতুৱা ঠাঁচৰ প্রয়োগ আদিৰ ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতাৰ পৰিচয় দিয়া সত্যনাথ বৰাৰ গদ্যৰ মাজত ভাল গদাৰীতিৰ বিভিন্ন লক্ষণ বিদ্যমান।

“ষ্টাইলেৰ ছয়টি গুণ (স্বচ্ছতা, সৰলতা, পৰিমিতি, বৈচিত্ৰা নাগৰিকতাও সৰসতা) এখানে লক্ষ্য করলাম, তা লেখক ব্যক্তিত্বকে পাঠকেৰ দৃষ্টিতে উজ্জ্বল ও প্রত্যক্ষ কৰে তোলে। এদেৰ অভাৱে স্টাইলেৰ অপকর্ম, অতি প্রয়োগে গুণেৰ হানি যাব যথার্থ ব্যৱহাৰে স্টাইলেৰ দৃঢ় প্রতিষ্ঠা। এই ছয়টি গুণেৰ সমবায়ে স্টাইলেৰ পূর্ণতা, অভাবে দুর্বলতা”।

বৰাৰ গদ্যত এই কেইটা গুণ স্পষ্ট ৰূপত বিদ্যমান। তেওঁৰ গদ্য পৰিমিত অথচ স্পষ্ট, সবল অথচ বৈচিত্র্যপূর্ণ। মার্জিত অথচ বসবাত্মক। কেতিয়াবা ব্যংগাত্মক ৰীতিৰে, কেতিয়াবা গহীন গম্ভীৰ পৰিমিত প্ৰকাশ ৰীতিৰে আৰু কেতিয়াবা পোনপটীয়া হাস্যভংগীৰে বিষয়বস্তু প্রকাশ কৰা সত্যনাথ বৰাৰ গদ্যৰীতিৰ মাজেৰে তেওঁৰ সংযমী ব্যক্তিত্ব, সমাজ সংস্কাৰমূলক মনোভাব, প্ৰথৰ চিন্তাশক্তি, সূক্ষ্ম দৃষ্টি। বক্তব্য বিষয়ৰ স্পষ্ট আৰু গভীৰ জ্ঞানৰ পৰিচয় পোৱা যায়। মুঠতে ভাষাশৈলী আৰু প্ৰকাশভংগী দুয়োটা দিশৰ পৰাই যথেষ্ট সফল ৰূপত গঢ় লোৱা সত্যনাথ বৰাৰ গদ্যৰীতিৰ মাজেদি এজন সচেতন গদ্যশিল্পীৰ স্পষ্ট ছবি প্রতিভাত হৈছে।

সত্যনাথ বৰাৰ আগলৈকে অসমীয়া সাহিত্যত কোনো লেখকে কেৱল গদ্যৰ উৎকৰ্ষ সাধনৰ বাবেই সাহিত্য সৃষ্টি কৰা নাছিল। সেয়েহে এক নিটোল আদর্শনীয় গদ্যৰ স্ৰষ্টা হিচাপে তেখেতে অসমীয়া সাহিত্যৰ বুৰঞ্জীত বিশেষ মর্যাদা লাভ কৰিবলৈ সক্ষম হৈছে।

৯। সত্যনাথ বৰাৰ সাহিত্যকৃতিৰ বিষয়ে লিখা। 

উত্তৰঃ বিবিধ সৃষ্টিকৰ্মৰে আধুনিক অসমীয়া ভাষা-সাহিত্য উন্নতিৰ বাবে অহোপুৰুষাৰ্থ চেষ্টা কৰা জোনাকীৰ সময়ৰ লেখকসকলৰ ভিতৰত সত্যনাথ বৰাও এজন। কিন্তু ইয়াৰ মাজতো এক নিজস্ব চিন্তাৰে, নিজস্ব পথেৰে বাট বুলি সফলতাৰে থিয় হ’ব পৰাটোৱেই তেওঁৰ প্ৰধান কৃতিত্ব। সত্যনাথ বৰাই গীত আৰু কবিতাৰ জৰিয়তেহে প্রথম সাহিত্য জগতত প্ৰৱেশ কৰিছিল। ডেকা কালত তেওঁ গীতিকাৰ হিচাপেই খ্যাতি লাভ কৰিছিল। কিন্তু অসমীয়া সাহিত্যত তেওঁৰ যুগমীয়া স্থান কবিতা আৰু গীতৰ জৰিয়তে নহয়। এজন চিন্তাশীল প্ৰৱন্ধকাৰ আৰু ব্যাকৰণবিদ হিচাপেহে তেওঁ অসামান্য খ্যাতিৰ অধিকাৰী হয়।

জ্ঞানগর্ভ বস্তুনিষ্ঠ প্রবন্ধ সৃষ্টিকে লক্ষ্য কৰি লোৱা সত্যনাথ বৰাৰ ৰচনাৰাজি হৈছে—

গীতাৱলী : গীতৰ পুথি।

কামৰূপী গীত : কামৰূপৰ কথিত ভাষাত লিখা গীতৰ পুথি। 

সাহিত্য বিচাৰ : (সাহিত্য) কলা বিষয়ক প্ৰৱন্ধ।

সাৰথি : ভাবগধুৰ চিন্তামূলক প্রবন্ধ।

আকাশ ৰহস্য : জ্যোতির্বিজ্ঞান বা বিজ্ঞানবিষয়ক পুথি।

কেন্দ্ৰসভা : ব্যঙ্গাত্মক আৰু চিন্তামূলক ৰচনা। 

চিন্তা-কলি: চিন্তামূলক প্রবন্ধ।

বহুল-ব্যাকৰণ : ব্যাকৰণ পুথি।

সত্যনাথ বৰাই প্ৰথমে আসাম বন্ধুৰ পাতত সাহিত্য চৰ্চা কৰিছিল। আগলৈ ঊষা, জোনাকী আদিতো তেওঁ লিখা-মেলা কৰিছিল। সাহিত্য, বিজ্ঞান, বুৰঞ্জী আদি বিষয়ৰ প্ৰৱন্ধৰ উপৰিও সেইসমূহৰ ভিতৰত কবিতাও আছিল। কিন্তু তেওঁৰ কবিতা পুথিখন প্ৰকাশিত নহ’ল ৷ বৰাৰ কবিতাসমূহ প্ৰধানকৈ প্ৰকৃতি বিষয়ক।

সত্যনাথ বৰাৰ প্ৰথম প্ৰকাশিত গ্রন্থ হ’ল ২৮ টা গীতৰ সংকলন গীতাবলী। ১৮৮৮ চনত পুথিখন প্ৰকাশ পাইছিল। আধুনিক অসমীয়া ভাষাত এইখন প্ৰথম গীতৰ সংকলন। সত্যনাথ বৰাৰ আনখন গীতৰ পুথি হ’ল কামৰূপীয়া লোকগীতৰ সংকলন। গীতসমূহ কামৰূপ জিলাৰ কথিত অসমীয়া ভাষাত ৰচিত।

বৰাৰ কেন্দ্ৰসভা পুথিখন এখন ব্যঙ্গাত্মক প্রবন্ধ পুথি । অসমীয়া ন-বোৱাৰী, অসমত স্ত্রী-শিক্ষা, অসমৰ জনসংখ্যা আদি বিষয়ক লৈ ৰচনা কৰা এইখন পুথি প্ৰকাশিত হৈছিল ১৯২৪ খৃষ্টাব্দত। পুথিখনত দুটা ভাগ আছে। প্রথম ভাগত ‘কেন্দ্ৰসভা’ নামৰ এটি সংঘৰ বিভিন্ন অধিৱেশনৰ বাদানুবাদ আৰু আলোচনা ভঙ্গীৰে ঊনবিংশ শতিকাৰ অসমীয়া সমাজৰ দোষ-ত্ৰুটিবোৰ দেখুৱাই নিবলৈ যত্ন কৰিছে। এই প্রবন্ধসমূহ জোনাকীত প্রথম ধাৰাবাহিকভাৱে প্ৰকাশ হৈছিল । দ্বিতীয় ভাগটো হ’ল সাতটা বিষয়ৰ সাতটো প্ৰৱন্ধ। খ্যাতিমতী বুঢ়ী, সুখৰ আৰ্হি, জীৱনৰ ছয় ঋতু, ভকতীয়া ব্যাকৰণ, নতুন বছৰ, বিদ্যাধৰ কাকতীৰ ফাকুৱা, বৰদৈচিলাৰ উপাখ্যান শীৰ্ষক ৰচনাসমূহত তেওঁ প্ৰথম ভাগৰ দৰে অধিৱেশনৰ ভংগী প্ৰয়োগ কৰা নাই ।

‘সাহিত্য-বিচাৰ’এখন সাহিত্য-সমালোচক পুথি। ১৮৮৮ত প্ৰকাশিত গ্ৰন্থখন অসমীয়া ভাষাত সাহিত্য-কলা বিষয়ক প্রথম প্ৰৱন্ধৰ পুথি। ইয়াত তেওঁ সাহিত্যৰ বিভিন্ন ভাগসমূহৰ গঠনগত দিশৰ আলোচনা কৰিছে। সাহিত্যৰ সাধাৰণ লক্ষণ, নাটক, পদ্য, চম্পু, গীত, গন্য আদি বিষয়ক লৈ মৌলিক সমালোচনাত্মক দৃষ্টিভংগীৰে তেওঁ পুথিখন ৰচনা কৰিছে। ‘সাহিত্য-বিচাৰ’ অসমীয়া সাহিত্য সমালোচনাৰ ভেঁটিস্বৰূপ।

সত্যনাথ বৰাৰ জীৱনৰ কীৰ্তিস্তম্ভ স্বৰূপ গ্ৰন্থ হ’ল— ‘সাৰথি” আৰু ‘চিন্তা-কলি’। ১৯১১ খৃষ্টাব্দত সাৰথি কিতাপ হিচাপে প্ৰকাশ হ’লেও পুথিৰ প্ৰবন্ধসমূহ আগতেই ঊষাত প্রকাশ হৈছিল। সাৰথিত ৩৪ টা প্ৰৱন্ধ আছে। চাৰিটা প্ৰধান ভাগ কৰি এই চুটি প্ৰৱন্ধসমূহ তেওঁ অন্তর্ভুক্ত কৰিছে। পুথিখনত মানুহৰ জীৱনৰ বাবে প্ৰয়োজনীয় চিন্তা, চৰিত্ৰ, দয়া, ক্রোধ, লোভ আদি বিভিন্ন বিষয় সম্পর্কে সাৱগর্ভ কথা প্ৰকাশ কৰিছে। চুটি আৰু সৰলভাৱে ৰচনা কৰা পুথিখনত সৌৰজগতৰ উৎপত্তি, গ্রহ-নক্ষত্ৰৰ গতি নেজাল পপীয়া তৰা, ধূমকেতু আদি বিষয়ৰ আলোচনামূলক প্ৰৱন্ধ আছে।

১৯২৫ চনত প্ৰকাশ হোৱা ‘বহল ব্যাকৰণ’ অসমীয়া ব্যাকৰণ পুথিসমূহৰ ভিতৰত এক উজ্জ্বল সৃষ্টি। ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাই অসমীয়া ভাষাত অসমীয়া ভাষাৰ প্ৰথমখন ব্যাকৰণ ৰচনা কৰাৰ পিছত পাঠ্যপুথি হিচাপে আনকেইখনমান ব্যাকৰণ ৰচিত হৈছিল যদিও হেমচন্দ্ৰ বৰুৱাৰ পিছত সত্যনাথ বৰাৰ ‘বহল ব্যাকৰণ’কে ‘অসমীয়া ব্যাকৰণৰ দ্বিতীয়’ আৰু ‘অধিকতৰ উজ্জ্বল মাইলৰ খুটি’বুলি কোৱা হয়। পৰৱৰ্তী সময়ত ৰচনা কৰা অসমীয়া ভাষাৰ বহুতো ব্যাকৰণৰে ভিত্তি হ’ল হেমচন্দ্ৰ বৰুৱা আৰু সত্যনাথ বৰাৰ ব্যাকৰণ। ব্যাকৰণখনৰ কিছুমান বিষয় পৰৱৰ্তী সময়ত গ্ৰহণযোগ্য হৈ থকা নাই। কিন্তু কাৰক, অব্যয়, সমাস আদিৰ আলোচনাৰ বাবে ‘বহুল ব্যাকৰণ’ আজিও গ্রহণযোগ্য আৰু আদৰ্শ পুথি হৈয়ে আছে। অসমীয়া ব্যাকৰণৰ ইতিহাসত পুথিখন নিঃসন্দেহে অতি উচ্চ স্থানৰ অধিকাৰী।

১০। (ক) সত্যনাথ বৰাৰ ‘ধনৰ ব্যৱহাৰ’ পাঠটিৰ মূল কথাখিনি চমুকৈ বৰ্ণনা কৰা। 

উত্তৰঃ আৰম্ভণিতে সত্যনাথ বৰাদেৱে ধনৰ উচিত ব্যৱহাৰ সম্পৰ্কে মত আগবঢ়াইছে। তেখেতে কৈছে যে— ধন উচিত ৰূপে ব্যৱহাৰ কৰিব নাজানিলে তাৰে সুফল পাব নোৱাৰি। পৃথিৱীত এনেকুৱা বহুত মানুহ আছে যি ধনৱন্ত হৈয়ো দৰিদ্ৰতাৰ চিকাৰ হয়। এইবিলাক মানুহক সাধাৰণতে কৃপণ বোলে। সেইদৰে যিবোৰ মানুহে ধন থাকোতে ধনৰ উচিত ব্যৱহাৰ নকৰে তাক নিৰ্ধনী বুলি ক’লেও ভুল কোৱা নহয়। আচল মতে কৃপণৰ ধন, ধন নহয়, ল’ৰাই ওমলা খোলাকটি। দ্বিতীয়তে বৰাদেৱে ধনৰ প্ৰকাৰ প্ৰসংগত কৈছে যে ধন দুই ৰকমৰ হ’ব পাৰে। প্ৰথম, ধনেৰে সুখ সম্পদৰ আহিলা- পাতিবোৰ গোটাই ল’ব পাৰি। ভোজনৰ বাবে ভাল বস্তু, পিন্ধনৰ বাবে ভাল কাপোৰ, থাকিবলৈ ভাল ঘৰ, আৰু হাতী, ঘোঁৰা, গাড়ী, দোলা, বন্দী, বেটি আদি কৰি সাংসাৰিক সুখ লাভৰ বাবে আহিলাবোৰ ধন থাকিলে কিনি আনি উপভোগ কৰিব পাৰি। 

দ্বিতীয়তে, ধনেৰে আনৰ উপকাৰ সাধিব পাৰি; ভাত নোহোৱাৰ বাবে ভাত, কাপোৰ নোহোৱাৰ বাবে কাপোৰ ধনেৰে দিব পৰা যায়। মানুহক বিপদত পৰিলে ধনেৰে সহায় কৰাৰ লগতে বিদ্যালয়, চিকিৎসালয় আদি স্থাপন কৰি জনসাধাৰণৰ উপকাৰ সাধিব পাৰি। কৃপণসকলে ভাবে যে, ভোগৰ নিমিত্তে ধন। লাজ ঢকা আৰু প্ৰাণ প্ৰবৰ্ত্তোৱা, এই দুইটাৰ বাবে আন কামত ধন লগোৱা কৃপণৰ ধৰ্ম নহয়। কৃপণৰ বিবেচনাত ধনৰ মূল্য সৰহ, কামৰ মূল্য কম। সেয়েহে কৃপণ লোকে নিজেও ধন খৰচ নকৰে আৰু আনে মানুহেও কৰিলে সহিব নোৱাৰে।

লিখকৰ মতে, অলপ-অচৰপ ধন খৰচ নকৰিলে সঙ্গ-অসজ কোনো বৃত্তিকেই চৰিতার্থ কৰিব নোৱাৰি। সেয়ে দয়া বৃত্তি ফলাব লাগিলেও ধন লাগে আৰু অহংকাৰ বা লোভ ফলাব লাগিলেও ধনৰ প্ৰয়োজন। সাধাৰণতে মানুহৰ দুটা কাৰণত কৃপণালিৰ জন্ম হয় প্রথম, কিছুমান মানুহে ধন উভৈনদী কৰি পৃথিৱীত এটা খ্যাতি ৰাখিবৰ মনেৰে কৃপণালি জন্মে। দ্বিতীয়তে, কিছুমান মানুহে সন্তান-সন্তুতিলৈ ধনৰ এটা অক্ষয় ভাণ্ডাৰ বান্ধি থ’বৰ মনেৰে কৃপণালি কৰে। কৃপণ আৰু এক শ্ৰেণীৰ আছে। সিহঁতৰ সজ বৃত্তিবোৰৰ তেজ কমি গ’লেও অসজ বৃত্তিবোৰ প্ৰবল থাকে আৰু সেই অসজ বৃত্তিবোৰ সিহঁতে আনৰ খৰচত সন্তুষ্ট কৰিবলৈ সদায় যত্ন কৰে। ভাল বস্তু খাবলৈ সিহঁতৰ বৰ অভিলাষ কিন্তু নিজৰ ধন খৰচ কৰি ভাল বস্তু কেতিয়াও নাখায় । নিজৰ ঘৰত সিহঁতৰ সদায় শাক ভাতৰ ব্যৱস্থা, কিন্তু লোকৰ ঘৰত উপাদেয় বস্তু নহ’লে ভোজন নকৰে, নিজৰ ঘৰত সদায় এখন আঞ্জা আৰু লোকৰ ঘৰত পাঁচখন বিচাৰে। নিজৰ কামত খোজকাঢ়ি এদিনৰ বাট যায়, কিন্তু আনৰ কামত বাহন নহ’লে এখোজো ন’লৰে। কৃপণ মানুহ কেৱল সঞ্চয় কৰাত উত্ৰাৱল, সিহঁতে কেৱল ধনৰ নিমিত্তে ধন গোটায়। আন একো সিহঁতৰ অভিপ্ৰায় নাথাকে। সিহঁতৰ বাবেই ধনেই সুখ। ধনৰ আন ব্যৱহাৰো সিহঁতে নাজানে, ল’ৰা-ছোৱালী বা আন পৰিয়াল নোহোৱা মানুহৰ পক্ষে কৃপণালি কৰি ধন সাঁচিবৰ কোনো কাৰণ দেখা নাযায়।

সত্যনাথ বৰাই কৃপণ আৰু ধোঁৱাখুলীয়াৰ মাজত তুলনা হিচাপে দেখুৱাইছে যে, কৃপণ কেবল সঞ্চয় কৰাত উত্ৰাৱল। আনহাতে, ধোঁৱাখুলীয়া মানুহ খৰচ কৰাত উত্ৰাৱল। কৃপণে ধনৰ ভাণ্ডাৰ কৰি মনত সন্তোষ লাভ কৰে আৰু ধোঁৱাখুলীয়াৰ পক্ষে ধন কিন্তু এটা অসহনীয় বোজাৰ দৰে আৰু বিষম আহুকাল স্বৰূপ। কৃপণেও ধনৰ উচিত ব্যৱহাৰ নাজানে আৰু ধোঁৱাখুলীয়াও ধনৰ উচিত ব্যৱহাৰ নাজানে। খৰচীৰ পক্ষে ধন এটা অসহনীয় বোজা আৰু খৰচৰ কোনো সকাম নেথাকিলেও সি এটা সকাম গঢ়ি লয়। এনে বিধৰ মানুহ এদিন ধনী আৰু এদিন দৰিদ্ৰ হয়, এদিন নানা ভোগ উপভোগ কৰে, এদিন লোণে ভাতে পেট ভৰায়, এদিন লোকক বৰ ভোজ দিয়ে, এদিন লোকৰ দুৱাৰত নিজে আঁচল পাতে।

অশিক্ষিত দুখীয়া মানুহে ধুমধামকৈ ধন খৰচ কৰা দেখিলে বিস্ময় মানে আৰু যি তেনেকৈ খৰচ কৰে তাক বৰলোক বুলি বিবেচনা কৰে। চোৰে চুৰি ধন খৰচ কৰিও তেওঁলোকৰ চকুত চমক সৃষ্টি কৰিব পাৰে। তেওঁলোকৰ মানত ধন খৰচ কৰাটো এটা মহতালিৰ কাম। তেওঁলোকে ধনী মানুহক ঈশ্বৰ জ্ঞান কৰে। ধনীৰ অত্যাচাৰক প্ৰতাপ বোলে। কুকামক ধেমালি বোলে আৰু ধনীৰ মাৰ-কিলক আদৰ জ্ঞান কৰে। লেখকৰ মতে অশিক্ষিত মানুহৰ ভাল-বেয়া, মান অপমান আদিব বোধ নাই।

লেখকে উল্লেখ কৰা অনুসৰি, অসঙ্গ বৃত্তিধাৰী লোকে তেনে বৃত্তিসমূহ আনৰ খৰচত সন্তুষ্ট কৰিবলৈ যত্ন কৰে। খাৱন-পিন্ধন আদিৰ সম্বন্ধে এই শ্ৰেণীৰ কৃপণৰ মুখত ডাংকোপ মৰা কথা নিজৰ ঘৰৰ আচল অৱস্থাৰ কথা তেনে লোকে কেতিয়াও সদৰী হ’বলৈ নিদিয়ে।

মানুহে ঋণক পাপৰ লগত তুলনা কৰে। যেনেদৰে পাপী মানুহে নানা লাঞ্ছনা ভোগে তেনেদৰে ঋণী মানুহেও লাঞ্ছনা ভোগ কৰিবলগীয়া হয়। ঋণ লোৱা মানুহে সমাজত গৰিহণা খায়। মান-মর্যাদা হেৰুৱায় আৰু মনৰ সুখ-শান্তি নোহোৱা হয়। লেখকে ঋণক ব্যাধিৰ লগত ৰিজাইছে। ব্যাধিয়ে যেনেদৰে মানুহৰ তেজ-মাংস ক্ষয় কৰে। তেনেদৰে ঋণেও মানুহৰ অৱস্থা ক্ষয় কৰে ব্যাধি এবাৰ হ’লে যেনেদৰে গুচাবলৈ টান, ঋণো এবাৰ হ’লে গুচাবলৈ টান হয়। ব্যাধি অনুক্রমে বাঢ়ি যোৱাৰ দৰে ঋণো বাঢ়ি যায়। ঋণ থাকিলে মানুহৰ অৱস্থাৰ উন্নতি নহয়। এনেবোৰ কাৰণতে ঋণক পাপৰ লগত তুলনা কৰা হয়।

আয় অনুসৰি খৰচ কৰাই অৰ্থ ব্যৱহাৰৰ মূলমন্ত্র। আয়ৰ জোৰ্থেই খৰচৰ জোখ হোৱা উচিত। আয় অলপ, খচ সৰহ সেয়েই দৰিদ্ৰ হ’বৰ চিন। যি মানুহে ধনৰ নাটনি এৰাব খোজে সি তাৰ আয়ৰ চাৰিভাগৰ এভাগ সাঁচি ৰখা উচিত। কিন্তু যি ধনৱন্ত হ’ব খোজে সি আয়ৰ পূৰা আধা সাঁচিব লাগে। এজন পণ্ডিতে কৈছে যে উৎপন্নৰ আধা সাঁচিলে মানুহ ধনী হ’ব পাৰে আৰু তেঁহাই সাঁচিলে নিধৰুৱা হৈ সুখেৰে খাই লৈ থাকিব পাৰে, এই কথা সৰহ আৰ্জ্জন আৰু অলপ আৰ্জ্জুন সুয়োতে খাটে।

সলাব বা কমাব নোৱাৰা কৰি খৰচৰ নিৰিখ বান্ধি লোৱা উচিত নহয়। আয় টুটি আহিলে সেই নিৰিখে খৰচো কমাই অনা উচিত, আনৰ নিন্দালৈ ভয় কৰি আয় কমি গ’লেও খৰচ অটুট ৰখা অযুগুত। খৰচ সম্বন্ধে কেতিয়াও চকুত লাজ ৰখা উচিত নহয়। তোমাৰ ভিতৰুৱা অৱস্থা তুমি মাথোন ভালকৈ জানা, আনে নাজানে। এতেকে নজনা তোমাৰ ভিতৰুৱা অৱস্থা তুমি মাথোন ভালকৈ জানা, আনে নাজানে। এতেকে নজনা মানুহৰ কথাত উতলা হৈ ভৰক ৰাখি থকা অনুচিত। দুখীয়া মানুহ ধনৱন্ত হ’লে, সি যেনে ভৰক দেখুৱাবলৈ লাজ নকৰে, সেইদৰে ধনৱন্ত মানুহেও দুখৰ দিনত ভৰক এৰিবলৈ লাজ কৰিব নালাগে। বহুত মানুহে সিহঁতৰ ভিতৰুৱা অৱস্থা ঢাকিবলৈ বাজৰ ভৰক সমানে ৰাখে, এই কথা অযুগুত। নিজৰ বেয়া অৱস্থা ৰিঙ্গিয়াই কৈ ফুৰা উচিত নহ’লেও তাক জোৰা তাপলি দি উপৰুৱা ঢাকনেৰে ঢাকি থোৱাও উচিত নহয়। ধনী মানুহ দুখত পৰিলে মানুহ তাক পুতৌ কৰে, কিন্তু অৱস্থা লুকাই ভৰক মাৰি ফুৰিলে, সি পুতৌ নাপায় এতেকে অৱস্থাহীন হ’লে বাজৰ ভৰক বাজৰ চাফ-চিকুণালি এৰি দি খৰচ কমোৱা উচিত৷ ইয়াকে কৰিব নোৱাৰি বহুত মানুহ অথাই বিপদত পৰে। 

খৰচ কমাবলৈ বুদ্ধি দিলে এইবিলাক মানুহে কয় যে আগৰ চলন সিহঁতৰ স্বভাৱত বহি গৈছে তাক এৰিব নোৱাৰে। ইহঁতে দুৰৱস্থাত পৰিলেও খাবলৈ ভাল বস্তু আৰু পিন্ধিবলৈ ভাল কাপোৰ বিচাৰে, দৌল-দুর্গোৎসৱ আদি যি বাপতীয়া বার্ষিক থাকে তাকো আগৰ আড়ম্বৰেৰে চলায়। বৰ সবাহ, ভোজ, দৌল-সুর্গোৎসৱ আদি বার্ষিক কিমান মানুহক দুখত পেলাইছে তাৰ লেখ দিব নোৱাৰি। এইবিলাক মানুহে জনা উচিত যে উৎসব আড়ম্বৰ আঢ্যৱন্ত বস্তু, দৰিদ্রক সি কেতিয়াও নুগুজে। খৰচ কমাব লাগে বাজৰ ভৰক একেবাৰে এৰি দিব লাগে। হাতী, ঘোঁৰা, বেটী, দুৰৱস্থাত পৰা মানুহৰ পক্ষে নহয়। দুর্দিনত দান দক্ষিণাও অযুগুত।

১০। (খ) ধনৰ ব্যৱহাৰ’ পাঠটিৰ আধাৰত সত্যনাথ বৰাৰ গণ্যৰ বিভিন্ন ৰীতিসমূহ আলোচনা কৰা।

উত্তৰঃ ‘ধনৰ ব্যৱহাৰ’ পাঠটি ‘সাৰথি’ ৰ পৰা তুলি দিয়া হৈছে। ‘ধনৰ ব্যৱহাৰ’ পাঠটিৰ আধাৰত সত্যনাথ বৰাৰ গদ্যৰ বিভিন্ন ৰীতিসমূহ আলোচনা কৰা হ’ল—

(ক) সত্যনাথ বৰাৰ গদাৰ এটা লেখতল ‘বলগীয়া বৈশিষ্ট্য হ’ল— ঠাইবিশেষে ব্যঙ্গাত্মক ৰীতিৰ প্ৰয়োগৰ সাৰ্থকতা। কেৱল শব্দ আৰু বাক্যৰ চাতুৰ্থৰে হাস্যৰসৰ সৃষ্টি কৰাৰ লগতে প্রয়োজন সাপেক্ষে নিজৰ অভীপিত উদ্দেশ্য সিদ্ধ হোৱাকৈ ব্যঙ্গাত্মক ৰচনাভঙ্গীৰে বক্তব্য প্ৰকাশ কৰিছে। উদাহৰণস্বৰূপে—

“মুঠ কথা লোকৰ ওপৰত পালে সিহঁতে ভালৰো ভাল খায়, ভালৰো ভাল পিন্ধে, কিন্তু নিজে খচে চলিব লাগিলে মোটা চাউলৰ ভাত খায় আৰু চৰিয়া সূতাৰ কাপোৰ পিন্ধি দিন কটায়।”

(খ) সত্যনাথ বৰাৰ সকলো ৰচনাই গহীন বিষয়ৰ আৰু চিন্তাসমৃদ্ধ যদিও তেওঁ জটিল, তাত্ত্বিক বিষয়সমূহো বিভিন্ন প্রসঙ্গ উত্থাপন, তুলনা প্রয়োগ আদিৰে সৰল কপত দাঙি ধৰিছে। এনেদৰে নিজৰ ভাব-চিন্তা, মন্তব্য, গদ্যৰ মাজেৰে প্ৰকাশ কৰিবলৈ গৈ বিভিন্ন ভংগী গ্রহণ কৰাত বৰাদেৱৰ গদ্যৰ বিষয়বস্তুৰ বিশেষ বৈচিত্র্য নথকা সত্ত্বেও ৰচনাৰীতিত বৈচিত্র্য আহি পৰিছে। যেনে ―

“আয় অনুসৰি খৰচ কৰাই অৰ্থ ব্যৱহাৰৰ মূল মন্ত্ৰ। আয়ৰ জোখেই খৰচৰ জোখ হোৱা উচিত। আয় অলপ, খৰচ সৰহ সেয়েই দৰিদ্ৰ হ’বৰ চিন। যি মানুহে ধনৰ নাটনি এৰাব খোজে সি তাৰ আয়ৰ চাৰিভাগৰ এভাগ সাঁচি ৰখা উচিত।”

(গ) সত্যনাথ বৰাৰ গদ্যৰীতিৰ আন এটা উল্লেখনীয় বৈশিষ্ট্য হ’ল — বর্ণনাক্ষমতা। যিকোনো পৰিৱেশ, দৃশ্য আদিক তেওঁৰ সাহিত্যত অতি জীৱন্ত ৰূপত বৰ্ণনা কৰিবলৈ সক্ষম হৈছে। যেনে— “ধনৰ দুই ৰকম ব্যৱহাৰ হ’ব পাৰে। প্ৰথম, ধনেৰে সুখ-সম্পদৰ আহিলা-পাতি গোটাই ল’ব পাৰি। ভোজনৰ ভাল বস্তু, পিন্ধনৰ ভাল কাপোৰ, বাসৰ ভাল ঘৰ, আৰু হাঁতী, ঘোঁৰা, গাড়ী, দোলা, বন্দী, বেটী আদি কৰি সাংসাৰিক সুখৰ আহিলাবোৰ ধন হ’লে গোটাই আনি উপভোগ কৰিব পাৰি। দ্বিতীয়, ধনেৰে আনৰ উপকাৰ সাধিব পাৰি; ভাত নোহোৱাৰ বাবে ভাত, কাপোৰ নোহোৱাৰ কাপোৰ ধনেৰে যতোৱা যায়, মানুহ-বিপদত পৰিলে ধনেৰে উদ্ধাৰ কৰিব পাৰি, আৰু বিদ্যালয়, চিকিৎসালয় আদি স্থাপন কৰি সৰ্বসাধাৰণৰ উপকাৰ কৰিব পাৰি।”

(ঘ) তেওঁৰ গদ্য সদায়েই আড়ম্বৰবিহীন। কোনো কথা প্ৰকাশ কৰিবলৈ গৈ তেওঁ কেতিয়াও দীঘলীয়া পাতনি নেমেলে। প্ৰতিটো প্ৰৱহৃত প্ৰথমেই হওঁক বা সমাপ্তিয়েই হওঁক বিশেষভাৱে প্রয়োজনীয় ভাব এটা অন্তৰ্নিহিত হৈ আছে। বৰাৰ সকলো ৰচনাতে শব্দ আৰু বাক্য ব্যৱহাৰৰ মিতব্যয়িতা লক্ষ্য কৰা যায়। উদাহৰণস্বৰূপে “ধন ঘটিবলৈ উ, কিন্তু ৰাখিবলৈ টান, এই কথা লোক নিৰন্তৰে কয় আৰু কথা আষাৰত যে সাৰ নাই, এনেও নহয়। জগতৰ সকলো মানুহে ধন আর্জে, কিন্তু দুই চাৰিজনহে ধনৱন্ত হয়।”

(ঙ) বিষয়বস্তুক নাটকীয়ভাৱে উপস্থাপন কৰাটো সত্যনাথ বৰাৰ গদ্যৰ আন এটা বৈশিষ্ট্য ইয়াৰ দ্বাৰা তেওৰ বৈশিষ্ট্যটো স্পষ্ট আৰু আকৰ্ষণীয় হৈ পৰিছে। উদাহৰণস্বৰূপে— “খৰচত হাত টান হ’লে যেনেকৈ কৃপণ নাম পায়, ওচমোচ নিবিচাৰি সৰহকৈ খৰচ কৰিলেও তেনেকৈ ধোঁৱাখুলীয়া নাম পায়। কৃপণ হোৱা যেনে নিন্দাৰ কথা, ধোঁৱাখুলীয়া হোৱাও তেনে নিন্দাব কথা। কৃপণেও ধনৰ উচিত ব্যৱহাৰ নাজানে, ধোঁৱাখুলীয়াই ধনৰ উচিত ব্যৱহাৰ নাজানে। এজন কেৱল সঞ্চয় কৰাত উত্ৰাৱল, এজন ক্ষয়স্কাৰ কৰাত উত্ৰাৱল।”

(চ) তেওঁৰ গদ্যৰীতিৰ আন এটা উল্লেখযোগ্য হ’ল— চিন্তামূলক বা মননশীল গণ্য। ফলস্বৰূপে তেওঁৰ বক্তব্য বিষয় পাঠকৰ আগত স্পষ্ট, আকর্ষণীয় আৰু প্ৰত্যয়জনক ৰূপত গঢ় লৈছে। উদাহৰণস্বৰূপে— “আয় অনুসৰি খৰচ কৰাই অৰ্থ ব্যৱহাৰৰ মূল মন্ত্ৰ। আয়ৰ জোখেই খৰচৰ জোখ হোৱা উচিত। আয় অলপ, খৰচ সবহ সেয়েই দৰিদ্ৰ হ’বৰ চিন। যি মানুহে ধনৰ নাটনি এৰাব খোজে সি তাৰ আয়ৰ চাৰি ভাগৰ এভাগ সাঁচি ৰখা উচিত। কিন্তু যি ধনৱন্ত হ’ব খোজে সি তাৰ আয়ৰ পূৰা আধা সাঁচিব লাগে।”

(ছ) জ্ঞানজ্ঞাপক বা বার্তাবাহক গদ্য সত্যনাথ বৰাৰ গদ্যৰীতিৰ আন এটা বৈশিষ্ট্য। উদাহৰণস্বৰূপে— “সলাব বা কমাব নোৱাৰা কৰি খৰচৰ নিৰিখ বান্ধি লোৱা উচিত নহয়। আয়ু টুটি আহিলে সেই নিৰিখে খৰচো কমাই অনা উচিত। আনৰ নিন্দালৈ ভয় কৰি আয় কমি গ’লৈও খৰচ অটুট ৰখা অযুগুত। খৰচ সম্বন্ধে কেতিয়াও চকুলাজ ৰখা উচিত নহয়।’

(জ) কূটচিহ্ন প্রয়োগ গ্যৰ এটি অতি প্রয়োজনীয় বিষয়। যথা স্থানত কূটচিহ্ন প্ৰয়োগ নকৰিলে বাকাই যথোপযুক্ত অর্থ প্রকাশ কৰিব নোৱাৰে। আনহাতে এই কূটচিহ্নৰ চাতুৰ্যপূৰ্ণ ব্যৱহাৰত সৰু বাক্য এটায়ো বহু ভাবৰ ইংগিত দিব পাৰে। সত্যনাথ বৰাই অতি সহজ-সৰল ভাষাৰে বিষয়বস্তু উপস্থাপন কৰিবলৈ যাওঁতে ডাৰি (।), কমা (,) আৰু ছেমিকলন (;) ৰ সাৰ্থক ব্যৱহাৰ কৰিছে। কিন্তু প্ৰয়োজনত প্ৰয়োগ কৰাৰ বাহিৰে এইবোৰত ব্যৱহাৰত তেওঁ চাতুৰ্যপূৰ্ণ কৌশল অৱলম্বন কৰা নাই। উদাহৰণস্বৰূপে— “ভোজনৰ ভাল বস্তু, পিন্ধনৰ ভাল কাপোৰ, বাসৰ ভাল ঘৰ, আৰু হাতী, ঘোঁৰা, গাড়ী, দোলা, বন্দী, বেটি আদি কৰি সাংসাৰিক সুখৰ আহিলাবোৰ ধন হ’লে গোটাই আনি উপভোগ কৰিব পাৰি। দ্বিতীয়, ধনেৰে আনৰ উপকাৰ সাধিব পাৰি, ভাত নোহোৱাৰ বাবে ভাত, কাপোৰ নোহোৱাৰ কাপোৰ ধনেৰে যতোৱা যায়, মানুহ বিপদত পৰিলে ধনেৰে উদ্ধাৰ কৰিব পাৰি।”

(ঝ) সত্যনাথ বৰাৰ গদ্যৰ এটি প্রধান বৈশিষ্ট্য হ’ল— জতুৱা ঠাঁচ ও ভাষা। এনে ভাষাৰীতিত বিবিধ ফকৰা, প্ৰবচন আদিৰ সন্নিৱেশে তেওঁৰ গদ্যক আৰু বেছি ৰসাল আৰু মনোৰম কৰি তুলিছে। এইবোৰৰ সুন্দৰ আৰু সুকৌশলী প্রয়োগত তেওঁৰ গদ্যগহীন বিষয়ক হোৱা সত্বেও সাধাৰণ পাঠকৰ বাবে আকৰ্ষণীয় হৈছে। যেনে—

“আচল মতে, কৃপণৰ ধন, ধন নহয়, লৰাই ওমলা খোলাকটি।”

“কৃপণক উপাসা কৰাৰ নিচিনা আৰু দুখ নাই।”

“বাজত বৰ চুৰিয়াৰ ফেৰ, ভিতৰত ঢকুৱাৰ বেৰ।”

“সিহঁতৰ ৰাজৰ ফাল বিতোপন, কিন্তু ভিতৰৰ ফাল কুগ্ধছ।”

“ফুল বচা চৰাঘৰ, স্বৰ্গ দেখা বৰ ঘৰ।” 

“নীতিবচন আছে যে কৃপণক উপাসা কৰাৰ নিচিনা আৰু দুখ নাই । যি ৰূপণৰ ভাতলৈ আশা কৰে, তাৰ কুকুৰ জীৱন।”

(ঞ) বৰাৰ গদ্যত এই কেইটা গুণ স্পষ্ট ৰূপত বিদ্যমান। তেওঁৰ গদ্য পৰিমিত অথচ স্পষ্ট, সৰল অথচ বৈশিষ্ট্যপূৰ্ণ, মাৰ্জিত অথচ ৰসব্যঞ্জক। কেতিয়াবা ব্যংগাত্মক ৰীতিৰে, কেতিয়াবা গহীন গম্ভীৰ পৰিমিত প্ৰকাশৰীতিৰে আৰু কেতিয়াবা পোনপটীয়া হাস্যভংগীৰে বিষয়বস্তু প্ৰকাশ কৰা সত্যনাথ বৰাৰ গণ্যৰীতিৰ মাজেৰে তেওঁৰ সংযমী ব্যক্তিত্ব, সমাজ সংস্কাৰমূলক মনোভাব, প্রথৰ চিন্তাশক্তি, সূক্ষ্ম দৃষ্টি, বক্তব্য বিষয়ৰ স্পষ্ট আৰু গভীৰ জ্ঞানৰ পৰিচয় পোৱা যায়। মুঠতে ভাষাশৈলী আৰু প্ৰকাশভংগী দুয়োটা দিশৰ পৰাই যথেষ্ট সফল ৰূপত গঢ় লোৱা সত্যনাথ বৰাৰ গদ্যৰীতিৰ মাজেদি এজন সচেতন গদ্যশিল্পীৰ স্পষ্ট ছবি প্রতিভাত হৈছে। সত্যনাথ বৰাৰ আগলৈকে অসমীয়া সাহিত্যত কোনো লেখকে কেৱল গদ্যৰ উৎকৰ্ষ সাধনৰ বাবেই সাহিত্য সৃষ্টি কৰা নাছিল। সেয়েহে এক নিটোল আদর্শনীয় গদ্যৰ স্ৰষ্টা হিচাপে তেখেতে অসমীয়া সাহিত্যৰ বুৰঞ্জীত বিশেষ মর্যাদা লাভ কৰিবলৈ সক্ষম হৈছে।

১১। সত্যনাথ বৰাদেৱে তেওঁৰ ‘ধনৰ ব্যৱহাৰ’ পাঠটিত গদ্যৰ শব্দচয়ন কেনেদৰে কৰিছে উল্লেখ কৰা। 

উত্তৰঃ গদ্যৰীতিৰ বিশ্লেষণৰ ক্ষেত্ৰত এটি লক্ষ্য কৰিবলগীয়া গুৰুত্বপূৰ্ণ দিশ হ’ল শব্দচয়ন। বক্তব্য বিষয়ৰ উপযোগী শব্দৰ নিৰ্বাচন আৰু উপযুক্ত স্থানত তাৰ সংস্থাপন ভাল গদ্যৰ বাবে অতি প্রয়োজনীয় বিষয়। লেখকৰ ভাব সৰল, স্পষ্ট, সহজবোধ্য ৰূপত উপস্থাপন কৰাত শব্দৰ ভূমিকা যথেষ্ট। সুদক্ষ লেখকে বিষয়বস্তুৰ প্ৰয়োজনত বিভিন্ন শ্ৰেণীৰ শব্দ ব্যৱহাৰ কৰি গদ্যক সাৱলীল কৰি গঢ়ি তোলে। সেয়েহে কোনো এজন লেখকৰ গদ্যৰ শব্দচয়নৰ আলোচনাত বিভিন্ন দিশলৈ চকু দিব লগা হয়। যেনে— তেওঁৰ ৰচনাত সহজ নে দুর্বোধ্য, প্রাচীন নে নতুন আদি কোন শ্ৰেণীৰ শব্দৰ প্ৰাচুৰ্য বেছি, তেওঁৰ কিবা প্ৰিয় শব্দ আছে নেকি, শব্দ ব্যৱহাৰত তেওঁ স্থান আৰু বিষয়ৰ পাৰ্থক্য ৰক্ষা কৰে নে তেওঁ শব্দবোৰ পোনপটীয়া অৰ্থত প্ৰয়োগ কৰে নে দ্বার্থকভাৱে প্রয়োগ কৰে ইত্যাদি। 

সত্যনাথ বৰাৰ গদ্যত অসমীয়া ভাষাৰ নিভাঁজ জতুৱা শব্দৰ প্ৰাধান্যই অধিক। অৱশ্যে তৎসম, অর্ধ-তৎসম আৰু দুই-এটা ইংৰাজী শব্দও মাজে মাজে ব্যৱহাৰ কৰিছে। কিন্তু অধিক ক্ষেত্ৰতে বৰাই সচেতনভাৱেই ইংৰাজী আৰু তৎসম শব্দ পৰিহাৰ কৰা পৰিলক্ষিত হয়। তদুপৰি তেওঁৰ গদ্যত এনে কেতবোৰ অসমীয়া শব্দৰ ব্যৱহাৰ আছে যিবোৰ বৰ্তমান অপ্রচলিত আৰু সাধাৰণ পাঠকৰ বাবে অৰ্থ বুজিবলৈকো কঠিন। তেওঁ কেতিয়াবা নিজাকৈ সৃষ্টি কৰা দুই-এটা শব্দও গদ্যত ব্যৱহাৰ কৰা দেখা গৈছে।

সত্যনাথ বৰাৰ গদ্যত ব্যৱহৃত শব্দৰ উদাহৰণ দাঙি ধৰা হ’ল— 

তৎসম শব্দ : ভূমণ্ডল, গৃহ, ধৰ্ম্ম, কৰ্ম্ম, কৃপা, শুভ্র, অগ্নি, কন্যা, দগ্ধ, আলয়, পুণ্য, পাপ, সৰ্ব্ব । 

অর্ধ-তৎসম শব্দ : যতন, অসজ, সজ, জনম, স্বৰ্গ, পৃথিৱী, সকাম, কৃপণ, সৰহ, খাৱন। 

তদ্ভৱ : হাতী, ঘোঁৰা, জোনাক, জুই, মানুহ, বন্দী।

ঘূৰীয়া শব্দ আৰু অনুৰূপ শব্দ : ল’ৰা-ছোৱালী, খাৱন-পিন্ধন, কু-কাম, মান-অপমান, আঁতি গুৰি, ওচ-মোচ, লোণে-ভাতে, ভাল-বেয়া, দুই-চাৰি, ঋণ-ব্যাধি, দুখ-সুখ, দান-দক্ষিণা। 

অপ্রচলিত জতুৱা শব্দ : ফাকতি, লালসী, কুচ্ছা ৰটনা, কট্‌কিনালি, ক্ষয়স্কাৰ, এসো, আমঠ, আসাদন, ঢিমা, পাটন, ওখল।

আহোম ভাষাৰ শব্দ : মাইহাং, ঢাকন।

নিভাঁজ জতুৱা শব্দ : কুম্বছালি, কট্‌কিনা, চভিয়া, ঠেৰেঙা, অতপালি, আলাবাদু, ফাকটি, আলজাল, ধাউতি।

তদুপৰি সত্যনাথ বৰাৰ গদ্যত নিৰন্তৰে, খাস্তা, দুই-চাৰিটা আদি দৈনন্দিন জীৱনৰ সাধাৰণ কথা বতৰাত ব্যৱহৃত কথিত আৰু অপভ্রংশ ৰূপৰো প্ৰয়োগ লক্ষ্য কৰা যায়। তেওঁৰ সাহিত্যত ব্যৱহৃত শব্দবোৰ সাধাৰণ পাঠকেও বুজি পোৱা চিনাকি শব্দ। কিন্তু সত্যনাথ বৰাৰ মূল অবয়ৱটো অতুৱা শব্দৰেহে নিৰ্মিত হৈছে। বৰাৰ গদ্য সাধাৰণতে চিন্তামূলক আৰু ভাবগধুৰ সেয়েহে গল্প, উপন্যাস আদিৰ সৰে সৃষ্টিশীল সাহিত্য বাংগাৰ্থবোধক শব্দৰ প্ৰয়োগ বিশেষ নাই। পোনপটীয়া অৰ্থতে শব্দ ব্যৱহাৰ কৰি তেওঁ গদ্য ৰচনা কৰিছে। কেবল ব্যংগ আৰু কটাক্ষৰ বাবেহে কেতিয়াবা তেওঁ চাতুর্যপূর্ণভাৱে শব্দ ব্যৱহাৰ কৰিছে। কিন্তু বিশেষ দৃশ্য, পৰিৱেশ একোটাক স্পষ্টৰূপে দেখুৱাবলৈ তেওঁ ঠায়ে ঠায়ে হিৰুত্তিবাচক শব্দৰ সুন্দৰ প্ৰয়োগ কৰা দেখা যায়। যেনে—

“এদিন এটা ডাঙ্গৰ খৰচ কৰিলে মানুহ দুখত নপৰে, কিন্তু সৰু সৰু খৰচ সৰহকৈ কৰিলে। অনুক্ৰমে দুখীয়া হৈ যায়। চুৰীয়া চৰ চোৰাং গতি, সি বেগতে চকুত নপৰে কিন্তু বছৰেকৰ খুৰীয়া খৰচৰ গোট কৰিলে ডাঙৰ চতকৈ ডাঙৰ হয়।”

এনেদৰে নিভাঁজ অসমীয়া শব্দকে আধাৰ কৰি গণ্যক জতুৱা ৰূপত গঢ়ি তোলা সত্যনাথ বৰাৰ শব্দ ব্যৱহাৰৰ অন্যতম বৈশিষ্ট্য হ’ল মিতব্যয়িতা। প্রয়োজনবোধে এটা শব্দও ব্যৱহাৰ নকৰা বাবে বৰাৰ গণ্য অতি সংহত, পৰিমিত আৰু নিটোল।

গদ্যত শব্দ প্ৰয়োগ ৰীতি সম্পর্কে সত্যনাথ বৰাৰ অভিমত হ’ল – “একে ঠাইতে কর্কশ আৰু মৃদু দুইও বিধ শব্দ ব্যৱহাৰ কৰিব নালাগে। যদি মৃদু অর্থাৎ কোমল শব্দ ব্যৱহাৰ কৰিব খোজা, তেন্তে এনে ঠাইত সেই শব্দ লগোৱা উচিত যে তাত যেন আগত বা পাছত এটাও কৰ্কশ শব্দ নাথাকে। কোমল আৰু কৰ্কশ শব্দ একে ঠাইতে লিখিলে ভাত আৰু ছটা চাউল মিহলোৱা যেন। লাগে।” এই সূত্ৰ ৰক্ষা কৰিয়ে তেওঁ গদ্যত শব্দ প্ৰয়োগ কৰিছে। যুক্তাক্ষৰী শব্দ ব্যৱহাৰ কৰা ঠাইত যুক্তাক্ষৰী শব্দ আৰু সৰল। কোমল শব্দ ব্যৱহাৰ কৰা ঠাইত শ্ৰুতিমধুৰ কোমল শব্দ ব্যৱহাৰ কৰা ঠাইত শ্ৰুতিমধুৰ কোমল শব্দৰ প্ৰাধান্যৰে তেওঁ গদ্য ৰচনা কৰিছে। ভাবৰ পার্থক্যভেদে ‘কোমল’ আৰু ‘কর্কশ’ শব্দৰ পাৰ্থক্য ৰাখি প্ৰয়োগ কৰা ৰীতিয়ে তেওঁৰ গদ্য ভাব স্পষ্ট ৰূপ প্ৰকাশত সহায় কৰিছে। যেনে— “খুচুৰীয়া খৰচৰ চোৰাং গতি, সি বেগতে চকুত নপৰে কিন্তু বছৰেকৰ খুচুৰীয়া খৰচৰ গোট কৰিলে ডাঙৰ খৰচতকৈ ডাঙৰ হয়। বেজীৰ জলঙ্গা মনে, কুঠাৰৰ জলঙ্গা নমনে এই বচনটো সকলো ঠাইতে প্রচলিত আছে।”

শব্দৰ এনে সুকৌশলী প্রয়োগ কৰিলেও তেওঁৰ শব্দ ব্যৱহাৰ কিন্তু সম্পূর্ণ দোষমুক্ত নহয়। এই একেটা উপকথা ৰচনাৰ কৌশল সম্পর্কে সত্যনাথ বৰাৰ গদ্যত ব্যৱহৃত কট্‌কিনালি, ক্ষয়স্কাৰ আদি শব্দও ত্রুটিমুক্ত নহয়। সেইদৰে কঠিন দুর্বোধ্য শব্দৰ ব্যৱহাৰো ভাল গদ্যৰ পৰিপন্থী। কিন্তু সত্যনাথ বৰাৰ গদ্যত এনে শব্দ থাকিলেও এয়া তেওঁৰ গদ্যৰীতিৰ দোষ বুলি চিহ্নিত কৰিব নোৱাৰি। কাৰণ তেওঁৰ গদ্যত ব্যৱহৃত বুজিবলৈ কঠিন হোৱা শব্দবোৰ কৃত্রিম বা সচেতনভাৱে প্রয়োগ কৰা জটিল শব্দ নহয়, অসমীয়া ভাষাৰ নিজা জতুৱা শব্দহে। তদুপৰি ঊনবিংশ শতিকাৰ শেষ আৰু বিংশ শতিকাৰ প্ৰথমছে বাতে এই সাহিত্যসমূহ ৰচনা কৰা হৈছিল। সময়ৰ দ্ৰুতগতিত কথনভংগী, ভাষা ব্যৱহাৰ আদিৰ যথেষ্ট পৰিৱৰ্তন হোৱা বাবেহে এইবোৰ বৰ্তমান সময়ৰ পাঠকৰ বাবে বুজিবলৈ অসুবিধা হৈছে। সামান্য দুই-এটা দোষ-ত্রুটি থাকিলেও সত্যনাথ বৰা শব্দচয়ন আৰু শব্দ প্রয়োগ দুয়োটা দিশৰ পৰা এজন সুদক্ষ গদ্য লেখক।

১২। “সত্যনাথ বৰাদেৱে বাক্যৰীতিৰ গঠনৰ দিশত অলংকাৰ প্ৰয়োগ সার্থকভাবেই কৰিছে।” ‘ধনৰ ব্যৱহাৰ’ পাঠটিৰ আলমত বিশ্লেষণ কৰা।

উত্তৰঃ যথোপযোগী বাক্য গঠনৰ দ্বাৰাহে মনৰ ভাব স্পষ্ট আৰু সুন্দৰ ৰূপত প্ৰকাশ কৰা সম্ভব।

সত্যনাথ বৰাদেৱে বক্তব্য বিষয়ৰ প্ৰয়োজন সাপেক্ষে বিভিন্ন ৰীতিৰ বাক্য গদ্যত ব্যৱহাৰ কৰিব পাৰিলে গদ্য শুৱনি হয় আৰু পাঠকৰো আমনি নালাগে। সত্যনাথ বৰাই সৰল, জটিল, আৰু যৌগিক এই তিনিটা শ্ৰেণীৰ বাক্যৰে গদ্যক সুন্দৰভাৱে ভাৰ উপযুক্ত বাহকৰূপে গঢ়ি তুলিছে। অৱশ্যে তিনিও শ্ৰেণীৰ বাক্য ব্যৱহাৰ কৰিলেও সত্যনাথ বৰাৰ গণ্যৰ অধিকাংশ বাক্যই সৰল যিকোনো ভাব বা বিষয়কে পোনপটীয়াভাৱে সৰল বাক্যৰীতিৰে প্ৰকাশ কৰাত তেওঁৰ গঢ়াই সাৱলীল ৰূপ পৰিগ্ৰহ কৰিছে। স্পষ্ট ভাব, স্পষ্ট চিন্তা আৰু ধাৰণাৰ বাবেহে ইয়াৰ প্ৰকাশ্যে ইমান স্পষ্ট আৰু প্ৰাঞ্জল হৈ উঠিছে। তদুপৰি বৰাৰ গদ্যত প্ৰশ্নবোধক বাক্যৰো যথেষ্ট প্ৰয়োগ লক্ষ্য কৰা যায়। যিকোনো বিষয় সম্পর্কে মনত জাগি উঠা প্রশ্নক তেওঁ তেনেরূপেই গদ্যত সন্নিবিষ্ট কৰিছে। প্ৰশ্নবোধক আৰু ভাববোধক বাক্যৰ সুন্দৰ প্ৰয়োগে তেওঁৰ গদ্যৰীতিক আন এক সৌন্দৰ্য প্ৰদান কৰিছে। যেনে— “হায়! কোনে কৈ দিব, ম‍ই ক’ৰ পৰা আহিলোঁ, ক লৈ যাম?”

লেখকৰ মনলৈ অহা অসীম অনন্ত প্রশ্নক তেনেভাৱেই তেওঁ গদ্যত প্ৰকাশ কৰি চিন্তা আৰু যুক্তিৰে তাৰ ব্যাখ্যা দাঙি ধৰিছে। গুৰুগম্ভীৰ বিষয়বস্তু একঘেয়ামী প্ৰকাশৰীতিৰ পৰা আঁতৰি এনে কৌশল অৱলম্বন কৰাত তেওঁৰ গদ্যই পাঠকৰ মন যোগাবলৈ সক্ষম হৈছে। তদুপৰি ঠায়ে ঠায়ে ঘৰুৱা কথ্যভংগীৰে বাক্য ৰচনা কৰি ভাব প্ৰকাশ কৰাত তেওঁৰ গদ্য ৰসাল আৰু স্বাভাৱিক হৈ উঠিছে। যেনে— “বাজত বৰ চুৰিয়াৰ ফেৰ, ভিতৰত ঢকুৱাৰ বেৰ এই ফঁকৰাটো যদিও মানুহে অকল ভৰকাল দৰিদ্ৰত ঘটায়, ই কৃপণতো ভালকৈ খাটে।”

বৰাৰ এনে বাক্যৰীতিত উজনি অসমৰ কথাৰীতিৰ প্রভাৱ স্পষ্ট। সত্যনাথ বৰাই বিষয়ভেদে ‘পাচে’, ‘তেহে’ আদি সাধাৰণ কথিত ভাষাত ব্যৱহৃত শব্দ ব্যৱহাৰ কৰি এক বিশিষ্টভংগীৰ বাক্য ৰচনা কৰা দেখা গৈছে। এয়া তেওঁৰ নিজস্ব পাৰদৰ্শিতা আৰু অসমীয়া ভাষাৰ নিভাঁজ ঘৰৱা ৰূপৰ সৈতে থকা একাত্মতাৰ পৰিচায়ক। কোনো লেখকৰ গদ্যত ক’বলৈ লিখা আৰু পঢ়িবলৈ লিখা কোনবিধ বাক্যৰ প্ৰাধান্য অধিক সেয়াও বিশ্লেষণ কৰা প্ৰয়োজন। সত্যনাথ বৰাই গদ্যত মাজে মাজে পঢ়িবলৈ লিখা বাক্য ব্যৱহাৰ কৰিছে যদিও তেওঁৰ গদ্যত ঘাইকৈ ক’বলৈ লিখা চুটি চুটি বাক্যৰ প্ৰাধান্যই অধিক। তেওঁৰ গদ্যৰ প্ৰতিটো সৰু সৰু বাক্যই একোটা ভাব বহন কৰে।

ইংৰাজী বাক্যৰীতিৰ প্ৰভাৱৰ পৰা আঁতৰত থাকি চুটি চুটি বাক্যৰে বৰাই তেওঁৰ ৰচনাৰাজিৰ মাজেদি এক বিশিষ্ট গদ্যশৈলী গঢ়ি তুলিছে। তেওঁৰ সাহিত্যসমূহ ঘাইকৈ চিন্তামূলক, গুৰুগম্ভীৰ বিষয়ক কেন্দ্ৰ কৰি ৰচিত হ’লেও এনে বাক্যৰীতিৰবোৰে বিষয়বস্তু পাঠকৰ সন্মুখত সহজবোধ্য আৰু সৰল ৰূপত দাঙি ধৰাত সহায় কৰিছে। তেওঁৰ বাক্যৰীতি পোনপটীয়া। সাধাৰণতে কথা কোৱাৰ দৰে বাক্য ব্যৱহাৰ কৰিয়ে তেওঁ মন্তব্য প্ৰকাশ কৰিছে। এনে নির্ভাজ পোনপটীয়া বাক্যৰীতিয়েই হৈছে বৰাৰ গদ্যৰ মূল সৌন্দর্য।

গল্প, উপন্যাস আদি সৃষ্টিশীল সাহিত্যত বক্তব্যৰ ইংগিতময় উপস্থাপন আৰু ভাষাৰ সৌন্দৰ্যৰ বাবে বিবিধ অলংকাৰ আদি প্রয়োগত একো অসুবিধা নাই। কিন্তু চিন্তামূলক গদ্যত অলংকাৰ আৰোপ প্ৰতিভাধৰ লেখকৰ পক্ষেহে সম্ভব। অন্যথা বর্ণনীয় বিষয়বস্তু অস্পষ্ট হোৱাৰ লগতে ই ভাষাৰীতিকো কৃত্ৰিম কৰি তোলে। সত্যনাথ বৰা মূলতঃ চিন্তাশীল গদ্য লেখক। তেওঁৰ কেওখন পুথিৰে ৰচনাৰীতি গুরুগম্ভীর বিষয়কেন্দ্রিক যদিও তেওঁ প্ৰায়বোৰ বিষয়কে বিভিন্ন উপমা প্রয়োগেৰে স্পষ্ট আৰু সৰল ৰূপত প্ৰকাশ কৰিছে। এনে উপমা, তুলনা আদিয়ে তেওঁৰ গদ্যক অপ্রয়োজনীয়ভাৱে ভাৰাক্ৰান্তনকৰি পাঠকৰ বাবে আকৰ্ষণীয় আৰু সহজবোধ্যহে কৰি তুলিছে। তেওঁৰ গদ্যৰ পৰা বিবিধ উপমা আৰু তুলনা প্ৰয়োগৰ উদাহৰণ দাঙি ধৰা হ’ল— “চকুৰে দৰ্শন আৰু ভৰিৰে বুলন কাম নকৰিলে তেনে মানুহৰ সেই, দুই চণ্ডিয়া নাই বুলি ধৰিব পাৰি। সেইদৰে যি মানুহে ধন থাকোতে ধনৰ কাৰ্য্য নকৰে তাক নিধনী বুলিলে যুক্তিৰ দোষ নহয়। আচল মতে কৃপণৰ ধন, ধন নহয়, লৰাই ওমলা খোলাকটি।”

সত্যনাথ বৰাই প্ৰায়বোৰ ক্ষেত্ৰতে তুলনাৰ বাবে থলুৱা উপমাৰ ব্যৱহাৰ কৰিছে। বিষয়ৰ লগতে সাহিত্যৰ তত্ত্ব আদিও তুলনাৰে সুন্দৰকৈ দাঙি ধৰিব পৰাটো তেওঁৰ প্ৰতিভাৰ অন্যতম দিশ। উপমাৰ উপৰি তেওঁৰ গদ্যত আন আন অন্যান্য অলংকাৰৰ প্ৰয়োগ দেখা যায়। যেনে

“অশিক্ষিত সামান্য মানুহৰ মানত ধন খৰচ কৰা এটা মহতালিৰ কৰ্ম্ম।”

“অসজ কাম কৰি অর্বুদ অর্থ ঘটিলেও সুখ্যাতি বা পুৰুষালি নাই।” (অনুপ্রাস) 

“ধন ঘটিবলৈ উৰু, কিন্তু ৰাখিবলৈ টান, এই কথা লোক নিৰস্তৰে কয় আৰু কথা আষাৰত যে সাৰ নাই, এনেও নহয়।”

“আয় অনুসৰি খৰচ কৰাই অৰ্থ ব্যৱহাৰৰ মূল মন্ত্ৰ।” (ৰূপক)

“খৰচত হাত টান হ’লৈ যেনেকৈ কৃপণ নাম পায়, ওচ মোচ নিবিচাৰি সৰহকৈ খৰচ কৰিলেও তেনেকৈ ধোঁৱাখুলীয়া নাম পায়।” (সমাসোক্তি)

“ঋণে মানুহক খৰচীয়ো কৰে, কাৰণ দুখ খৰচ কৰোঁতে মনত যেনে চিন্তা হয় ঋণৰ ধন খৰচ কৰোঁতে তেনে চিন্তা নহয়। ধন আৰ্জনৰ বহুত দুখ আৰু সেই দুখ আৰ্জ্জোতাৰ মনত সদায় থাকে, খৰচ কৰিবৰ সময়তো সেই দুখ মনত পৰে গতিকে দুখৰ ধনৰ অবাবত একড়া গলেও মন চেংচেঙ্গায়।” (সাৰ)

এনেদৰে বিভিন্ন অলংকাৰৰ সহায়ত বৰ্ণনীয় বিষয় ৰমণীয়ভাবে প্রকাশ কৰিলেও তেওঁৰ গদ্যত উপমা, ৰূপক আৰু অনুপ্ৰাসৰ বাহিৰে আন অলংকাৰৰ প্ৰয়োগ কম। প্রতিখন পুথিতে আদিৰ পৰা অন্তলৈকে থকা নিভাঁজ সৰলতাই হ’ল তেওঁৰ গদ্যৰ প্ৰধান অলংকাৰ।

ভাল গদ্যৰ বাবে প্ৰয়োজনীয় আন এবিধ উপকৰণ হ’ল— লয়। ভাবোপযোগী, শ্রুতিমধুৰ শব্দৰ সুন্দৰ বিন্যাস আৰু উপযুক্ত বিৰামৰ সহযোগত গঢ়ি তোলা গদ্যই যেতিয়া পাঠকৰ মনত এক অনুৰণন তুলিব পাৰে তেতিয়া তাক লয়যুক্ত গদ্য বুলি কোৱা হয়। গদ্যৰ লয় মানে কিন্তু নিয়মিত শব্দবিন্যাসেৰে সৃষ্টি কৰা ছন্দ নহয়। লেখকে সচেতনভাৱে গদ্যত লয় সৃষ্টি কৰিবলৈ গ’লে সি গদ্যক কৃত্ৰিম আৰু আমনিদায়কহে কৰে। কিন্তু কিছুসংখ্যক মানুহে দৈনন্দিন জীৱনৰ কথা-বতৰা সুন্দৰভাৱে কলাসন্মত ৰূপত কোৱাৰ দৰে লেখকেও তেওঁৰ বক্তব্য শুৱলাকৈ উপস্থাপন কৰিবলৈ যাওঁতেই যদি লয় অনুভূত হয়, তেন্তে সি গদ্যক সৌন্দর্যপূৰ্ণ কৰাৰ লগতে ইয়াৰ মানো বঢ়াই তোলে। সত্যনাথ বৰাৰ গদ্য অতি পোনপটীয়া আৰু অনাড়ম্বৰ যদিও ঠায়ে ঠায়ে অতি স্বাভাবিক আৰু সুন্দৰ ৰূপত লয় অনুৰণিত হৈছে। যেনে— “কৃপণেও ধনৰ উচিত ব্যৱহাৰ নাজানে, ধোঁৱাখুলীয়াইও ধনৰ উচিত ব্যৱহাৰ নাজানে। এজন কেৱল সঞ্চয় কৰাত উত্ৰাৱল, এজন ক্ষয়স্কাৰ কৰাত উত্ৰাৱল। খৰচীৰ পক্ষে ধন এটা অসহনীয় বোজা, এটা বিষম আহুকাল, তাক খৰচ কৰি অস্ত নকৰে মানে তাৰ মনত সন্তোষ নাই।”

উল্লিখিত অনুচ্ছেদত লেখকে কানীয় বিষয়বস্তু পোনপটীয়াভাবেই দাঙি ধৰিছে যদিও বাক্যকেইটাই ৰৈ ৰৈ এক অনুৰণন তুলিছে, চিন্তামূলক গদ্যকো এনেদৰে পাঠকক আহ্লাদ দিব পৰাকৈ ঠাই বিশেষে লয়যুক্ত ৰূপত গঢ়ি তুলিব পৰাটো বৰাৰ কুশল হস্ততাৰ পৰিচায়ক। কাৰণ ই তেওঁৰ বক্তব্যক আকৰ্ষণীয় আৰু ৰসপূৰ্ণ ৰূপত উপস্থাপনত সহায় কৰিছে। কিন্তু সামগ্রিকভাৱে সত্যনাথ বৰাৰ গদ্য লয়যুক্ত নহয়; পৰিমিত আৰু স্বাভাৱিক গতিৰ বাক্যৰেহে তেওঁ গদ্যৰীতি গঢ়ি তুলিছে।

(খ) ধনৰ ব্যৱহাৰ (গ) জাতীয় চৈতন্য

অতি চমু প্রশ্নোত্তৰঃ

১। বাণীকান্ত কাকতিৰ গৱেষণা গ্ৰন্থখনৰ নাম লিখা। 

উত্তৰঃ Assamese : Its Formation and Development.

২। ‘বাণীকান্ত ৰচনাৱলী’ৰ সম্পাদক কোন?

উত্তৰঃ মহেশ্বৰ নেওগ।

৩। ‘কলিতা জাতিৰ ইতিবৃত্ত’ কাৰ ৰচনা?

উত্তৰঃ বাণীকান্ত কাকতিৰ ।

৪। ‘Origin and Development of the Bengali Language’- কাৰ ৰচনা? 

উত্তৰঃ সুনীতি কুমাৰ চট্টোপাধ্যায়ৰ। 

৫। বাণীকান্ত কাকতিৰ গদ্যৰ দুটা বৈশিষ্ট্য লিখা ।

উত্তৰঃ (ক) বিষয়বস্তুৰ অনুকূলে যথাযোগ্য শব্দ ব্যৱহাৰ। 

(খ) সন্ধিযুক্ত শব্দৰ প্ৰাচুর্য।

৬। বাণীকান্ত কাকতিৰ মৰণোত্তৰভাৱে প্ৰকাশিত প্ৰৱন্ধ সংকলনৰ নাম কি?

উত্তৰঃ বাণী প্ৰতিভা (১৯৬৪)।

৭। ড° বাণীকান্ত কাকতিৰ ছদ্ম নামটি কি? 

উত্তৰঃ ড° বাণীকান্ত কাকতিৰ ছদ্মনাম — ভবানন্দ পাঠক।

৮। যতীন্দ্রনাথ দুৱৰাক বিশে শতিকাৰ ওণালংকৃত কৰি হিচাপে কোনে স্থান দিছিল? 

উত্তৰঃ ড° বাণীকান্ত কাকতিয়ে।

৯। ৰঘুনাথ চৌধাৰীক ‘বিহগী কবি’ ৰূপে কোনে আখ্যা দিছিল?

উত্তৰঃ বাণীকান্ত কাকতিয়ে।

১০। অম্বিকাগিৰী ৰায়চৌধুৰীৰ দেশানুৰাগমূলক গীত কবিতাকেইটি বিচক্ষণ আৰু মনোৰমভাৱে ইংৰাজীলৈ অনুবাদ কৰি কি নামৰে অভিহিত কৰে? 

উত্তৰঃ Songs of the Cell.

১১। ‘জাতীয় চৈতন্য’ প্ৰৱন্ধৰ এটি বৈশিষ্ট্য লিখা ।

উত্তৰঃ সাধাৰণ অসমীয়া শব্দৰ মধুৰ ব্যৱহাৰ তেওঁৰ প্ৰৱন্ধটিৰ অন্যতম বৈশিষ্ট্য। 

১২। ড° বাণীকান্ত কাকতিৰ কথাশৈলীৰ আটাইতকৈ মনোৰম গুণ কি?

উত্তৰঃ কল্পনাময় চিত্র গুণ।

১৩। মহাত্মা গান্ধীৰ ৰাজনৈতিক আদৰ্শ কিহৰ ওপৰত প্ৰতিষ্ঠিত? 

উত্তৰঃ আত্মিক মোচনৰ ওপৰত প্ৰতিষ্ঠিত।

১৪। ‘বৰ্ব্বৰ’ আৰু ‘ম্লেচ্ছ’ এই ভাষাবাচক শব্দ দুটাৰ ধাতুগত অৰ্থ কি? 

উত্তৰঃ ধাতুগত অর্থ— ‘অব্যক্তভাষণ’।

১৫। ৰাছিয়াৰ ৰাজধানী পূৰ্বতে কি আছিল? 

উত্তৰঃ ‘চেস্টপিটার্চ-বাগ’।

১৬। ‘বাগ’ শব্দটো কোন ভাষাৰ পৰা অহা বুলি বাণীকান্ত কাকতিদেৱে ঠাৱৰ কৰিছে? 

উত্তৰঃ জার্মান ভাষাৰ। 

১৭। ৰুচিয়াৰ ৰাজধানী পিছলৈ কি নামেৰে ৰখা হয়?

উত্তৰঃ পেট্রোগ্রাড।

১৮। ‘বার্গ’ আৰু ৰুরীয় শব্দ ‘গ্রাড’ৰ অর্থ কি?

উত্তৰঃ নগৰ।

১৯। ড° বাণীকান্ত কাকতিৰ মতে, পৰাধীনতা কেই প্ৰকাৰৰ?

উত্তৰঃ দুই প্ৰকাৰৰ।

২০। কোনটো জাতিয়ে নিজকে ‘Chosen people of God’ পৰিচয় দিছিল?

উত্তৰঃ পুৰণি ইহুদী জাতিয়ে।

২১। মনৰ পুষ্টি আৰু প্ৰকাশ কৰি মাধ্যমেৰে হয়? 

উত্তৰঃ ভাষাৰ মাধ্যমেৰে।

২২। “ভাষাৰ বান্ধেই সমাজ আৰু ৰাষ্ট্ৰৰ বান্ধ । ভাষা চৈতন্য নাথাকিলে জাতীয় চৈতন্য নাথাকে।”— কথাষাৰিৰ বক্তা কোন?

উত্তৰঃ ড° বাণীকান্ত কাকতি।

২৩৷ ‘জাতীয় চৈতন্য” পাঠটি ক’ৰ পৰা তুলি দিয়া হৈছে? 

উত্তৰঃ মহেশ্বৰ নেওগ সম্পাদিত ‘বাণীকান্ত ৰচনাৱলী’ শীৰ্ষক গ্ৰন্থখনৰ পৰা। 

চমু আৰু ৰচনাধৰ্মী প্ৰশ্নোত্তৰঃ

১। গ্রীক আৰু হিন্দু ভাষাৰ ব্যৱহৃত ‘বৰ’ আৰু ‘ম্লেচ্ছ’ শব্দ দুটাৰ ধাতুগত অর্থ কি? বর্তমানলৈকে এই দুটি শব্দৰে কাক অভিহিত কৰা হয়? 

উত্তৰঃ পুৰণি গ্ৰীক সভ্যতাৰ ‘বৰ’ আৰু পুৰণি হিন্দু সভ্যতাৰ ‘ম্লেচ্ছ’ দুয়োটা শব্দৰে ধাতুগত অৰ্থ হৈছে— ‘অব্যক্ত ভাষণে’। সভ্যতাৰ তল খাপৰ মানুহক তাচ্ছিল্য কৰাৰ অৰ্থত ব্যৱহাৰ কৰা হৈছিল।

২। ড° বাণীকান্ত কাকতিয়ে ‘মনৰ পৰাধীনতা’ সম্পর্কে কি কৈছে? 

উত্তৰঃ মনৰ পৰাধীনতা সর্বগ্রাসী, যক্ষ্মাৰোগৰ বীজাণুৰ নিচিনা মাৰাত্মক। মনেৰে পৰাধীনতা স্বীকাৰ কৰিলে কোনো জাতিৰেই মনুষ্যত্বৰ অৱকাশ নাথাকে। সেই কাৰণে ক্ষমতাৰ লোভত থকা দুৰাকাৰ্থীসকলে অধীনস্থসকলৰ মন জয় কৰিবলৈ চেষ্টা কৰে। মন জয় কৰিব নোৱাৰিলে ! নিজকে সর্বশ্রেষ্ঠ বুলি ভাবি থকাসকলে নিজৰ গৌৰৱ পূৰ্ব হোৱা বুলি ভাবে। আমাৰ শাস্ত্ৰতো আছে ‘মন এব মুষ্যাণাং কাৰণং বন্ধ মোক্ষয়োঃ”। মনেই বন্ধন আৰু মোচনৰ মূল কাৰণ।

৩। পুৰণি ইহুদী জাতিয়ে নিজৰ জাতীয় চৈতন্য ৰক্ষা কৰাৰ ক্ষেত্ৰত ড° বাণীকান্ত কাকতিৰ মত প্ৰকাশ কৰা।

উত্তৰঃ পুৰণি ইহুদী জাতিৰ ইতিহাসৰ সাঁথৰ। তেওঁলোকে নিজকেই Chosen people of God, ঈশ্বৰৰ বাছনিত উঠা শ্রেষ্ঠ জাতি বুলি পৰিচয় দিছিল। প্রবল খ্ৰীষ্টানসকলৰ অমানুষিক অত্যাচাৰত তেওঁলোকে নিজৰ থকা ঠাই, দেশে হেৰুৱাইছিল। কিন্তু জাতীয় চৈতন্য তেওঁলোকে

অক্ষুণ্ণ ৰাখিছিল। আজিৰ দিনত আর্থিক আৰু মানসিক জগতত যিবোৰ ডাঙৰ ডাঙৰ সত্যই তোলপাৰ লগাব লাগিছে, সেই আটাইবোৰেই বাছনিত উঠা ইহুদী ভাবুকৰ দান। 

৪। জাতীয় চৈতন্যই ভাষাৰ অস্তিত্ব ৰক্ষাত কেনেদৰে সহায় কৰে? 

উত্তৰঃ মনৰ পুষ্টি আৰু প্ৰকাশ হয় ভাষাৰ সহায়েৰে। সেই কাৰণেই জাতীয় চৈতন্য-গী লোকসকলে নিজৰ ভাষা আৰু তাৰ বিশুদ্ধতা ৰক্ষা কৰে। চৈতন্যৰ পৰিসৰ বঢ়াৰ লগে লগে ভাষাৰ প্রকাশিকা শক্তি বাঢ়ে। কোনো জাতিৰ অভিধান এখন মেলি চালে সেই জাতিৰ মানসিক পৰিত্ৰি মোটামুটি পৰিমাণ এটি পোৱা যায়। ভাষা চৈতন্য নাথাকিলে জাতীয় চৈতন্য নাথাকে। 

৫। যুদ্ধৰ পূৰ্বস্তৰৰ গদ্যৰ উত্তৰণৰ বিষয়ে লিখা। 

উত্তৰঃ  বিংশ শতিকাৰ শিৰ দশকলৈকে অসমীয়া গদ্য সাহিত্যত বিশেষকৈ উপন্যাসত বিৱৰণধর্মী গদ্যৰ প্ৰৱাহ এটা দেখিবলৈ পোৱা যায়। দণ্ডিনাথ কলিতা, দৈবচন্দ্র তালুকদাৰ আদিৰ ৰচনাত এই নিদর্শন পোৱা যায়।

চল্লিশৰ দশকত আত্মপ্ৰকাশ কৰা অসমীয়া গদ্য লেখকসকলৰ ভিতৰত বাণীকান্ত কাকতি, কৃষ্ণকান্ত সন্দিকৈ, ত্রৈলোক্যনাথ গোস্বামী, তীৰ্থনাথ শৰ্মা, নীলমণি ফুকন, ডিম্বেশ্বৰ নেওগ আদি বিশেষভাৱে উল্লেখযোগ্য। বিংশ শতিকাৰ প্ৰথমতে শৰৎ চন্দ্ৰ গোস্বামীৰ গাল্পিক প্ৰতিভা স্ফুৰিত হয়। গোস্বামীয়ে গল্পত ব্যৱহাৰ কৰা চুটি চুটি বাক্য আৰু ঔপভাষিক শব্দাবলীয়ে তেওঁৰ গদ্যৰ স্বকীয় প্ৰতিভাৰ নিদৰ্শন দাঙি ধৰিছে। গোস্বামীৰ প্ৰৱন্ধসমূহ বিশেষকৈ বিশ্লেষণাত্মক আৰু যুক্তিনিষ্ঠ। তেওঁৰ ৰচনাৰাজিত ইংৰাজী শব্দৰ প্ৰয়োগ কৰিলেও অসমীয়া লোকজীৱনৰ নিভাঁজ শব্দৰাজিৰ প্রয়োগে তেওঁৰ গদ্যক আকর্ষণীয় কৰি তুলিছে। নিভাঁজ অসমীয়া শব্দ, কখনভংগী আৰু কামৰূপী উপভাষাৰ শব্দৰ প্ৰয়োগ গোস্বামীৰ গদ্যৰ এটি লেখতল’বলগীয়া বৈশিষ্ট্য।

‘আৱাহন’ৰ সমমতে আত্মপ্ৰকাশ কৰা বিৰিঞ্চি কুমাৰ বৰুৱাই বীণা বৰুৱা আৰু ৰাস্না বৰুৱা ছদ্মনামত গল্প আৰু উপন্যাস ৰচনা কৰি গদ্যশিল্পীৰূপে খ্যাতিমান হয়। অসমীয়া জতুৱা ঠাঁচ আৰু প্রবাদ-প্রবচন, ফকৰা আদিৰ পৰ্যাপ্ত প্ৰয়োগ তেওঁৰ গদ্যৰীতিৰ অন্যতম বৈশিষ্ট্য হ’লেও ইংৰাজী শব্দৰ সন্নিৱেশ আৰু ইংৰাজী বাক্যৰীতিৰ প্রভাৱো যথেষ্ট পোৱা যায়। তেওঁৰ পট পৰিবৰ্তন, প্রবেশ নিষেধ আদি গল্পত ব্যৱহৃত ইংৰাজী শব্দসমূহে লেখকৰ গঢ়াৰীতিৰ স্বাভাবিকতা ৰক্ষা কৰি বিষয়ৰ ফলপ্ৰসূ আৰু স্পষ্ট প্রকাশত সহায় কৰিছে। শব্দ প্ৰয়োগৰ ক্ষেত্ৰত অতি সচেতন বৰুৱাই তৎসম, তদ্ভব, ঘৰুৱা আদি সকলো শ্ৰেণীৰ শব্দকে ৰচনাত স্থান দি গদ্যক সবল ৰূপত গঢ়ি তুলিছে। বিবিধ অলংকাৰপূৰ্ণ, ব্যঞ্জনাময় ভাষাৰ প্ৰয়োগৰ বাবে তেওঁৰ গদ্যৰীতি শ্ৰুতিমধুৰ আৰু ৰমণীয়। তেওঁ ইমান শুৱলাকৈ আলোচনাৰ বিষয়বোৰ প্ৰতিপাদন কৰিছে আৰু ঠায়ে ঠায়ে কাব্যিক মানুষই ইমান মনোৰম আবেশ আনি দিছে যে কাকতিৰ প্ৰদ্ধে সাহিত্যৰ গদ্য এক আৰ্হিস্বৰূপ হৈ পৰিছে। 

বিষয়বস্তুৰ চিত্ৰধৰ্মী ৰূপায়ণ, ইংগিতধর্মী প্ৰকাশৰীতি আৰু কল্পনাৰ মধুৰ সন্নিবেশৰ বাবে বৰুৱাৰ গদ্যই প্রাণবন্ত আৰু হৃদয়স্পর্শী ৰূপ পৰিগ্ৰহণ কৰিছে। শ্লেষাত্মক বাক্যৰ যথোপযোগী প্ৰয়োগ তেওঁৰ গন্যত যথেষ্ট দেখা যায়। সূক্ষ্মাতিসূক্ষ্ম সকলো বিষয়কে বণাঢ্য ৰূপত চিত্ৰিত কৰিবলৈ সক্ষম হোৱা বিৰিঞ্চি কুমাৰ বৰুৱাৰ উপন্যাসৰ গদ্য স্থান-বিশেষে কিছু কাব্যিক। অসমীয়া গদ্যৰীতিক স্পষ্টভাৱে সৰল কৰি তোলা বিৰিঞ্চি কুমাৰ বৰুৱাৰ গদাৰীতিৰ এটি নিদর্শন তুলি ধৰা হ’ল— “সেউজীয়া সৰ্ব ঋতুৰ বন্ধু, অপৰিবৰ্তনীয় তাৰ বৰ্ণ, কুলী ৰমনীৰ দৰে সকলোৰে লগত সেউজীয়াৰ আত্মীয়তা। সি ভাবিলে পুৰণি পৃথিৱীখনক সেউজীয়ায়ে নবীন শোভাবে অসামান্য কৰি ৰাখিছে। চাহ গছৰ সেউজী সৌন্দর্যত অৱসাদ নাই— আছে সম্মোহন।”

বৈচিত্র্যপূৰ্ণ ভাষা আৰু বলিষ্ঠ প্রকাশভংগীৰে গদ্যৰীতিক সবল ৰূপত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা আন এজন সাহিত্যিক হ’ল — নীলমণি ফুকন। তেওঁৰ গদ্যত তৎসম, তদ্ভৱ আৰু বিদেশী শব্দৰ উপৰি ঘৰৱা কথিত ভাষাৰ শব্দৰূপৰো সমাহাৰ লক্ষ্য কৰা যায় তদুপৰি ফুৰীয়া আৰু ধ্বন্যাত্মক শব্দৰ যথোপযোগী প্রয়োগে তেওঁৰ গদ্যক শ্ৰুতিমধুৰ কৰাৰ লগতে ইয়াৰ সৌন্দর্যও বঢ়াই তুলিছে। শব্দৰ দৰেই ফুকনৰ গণ্যৰ বাক্যৰাজিও অভিপ্রেত অৰ্থ প্ৰকাশক আৰু বলিষ্ঠ। একোটা চুটি, সৰল বাক্যৰে বৃহৎ ভাবৰ ইংগিত প্ৰকাশ কৰিব পৰাটো তেওঁৰ গদ্যৰ এটা সবল দিশ। সৰল বাক্যৰ লগতে যতিচিহ্নৰ সহযোগত গঠন কৰা যথেষ্ট দীঘল বাক্যও তেওঁ প্ৰয়োজনবোধে ব্যৱহাৰ কৰিছে। প্রশ্নবোধক, ভাৱবোধক আদি বাক্যৰ অৰ্থৱহ প্রয়োগ কৰা ফুকনৰ গণ্য বিবিধ অলংকাৰ, খণ্ডবাক্য আদিৰ সুন্দৰ প্ৰয়োগেৰেও সৌষ্ঠৱশৈলী। বিষয়বস্তুৰ সৈতে একাত্ম হৈ বক্তব্য প্ৰকাশ কৰা বাবে ঠায়ে ঠায়ে তেওঁৰ গদ্য আবেগ-অনুভূতিৰ পৰশত কাব্যিক আৰু আলংকাৰিক হৈ উঠিছে। উদাহৰণস্বৰূপে – “বিমান-বিহাৰী হংসপক্তিয়ে নীলাভ আকাশৰ চৰণত শুভ্ৰ মালাধাৰি অৰ্পণ কৰি দেৱতাৰ সন্ধানত ডৌকা কোবাই উৰি যাওঁতে ছিগি-ভাগি ওলমি পৰা সূৰ্যৰ ৰশ্মি-জাল আহি যেতিয়া চকুৰ আগত পৰে, তেতিয়া প্ৰাণে তাৰেই গুণজালি কাটি সাতোটা ৰঙত বোলাই ৰামধেনুত সংযোজন কৰি দিয়ে।”

এনে শ্রুতিমধুৰ আলংকাৰিক বাক্য প্ৰয়োগৰ লগতে চিত্ৰধৰ্মী মনোৰম বৰ্ণনাৰ সন্নিবেশ তেওঁৰ গদ্যৰ এটা লেখতল’বলগীয়া বৈশিষ্ট্য। নীলমণি ফুকনৰ এনে আকর্ষণীয় গদ্যৰীতি অসমীয়া গদ্য সাহিত্যৰ ইতিহাসত এক মূল্যবান সংযোজন বুলি ক’ব পাৰি। এফালে পৰিমিত সংযমী বাক্য আৰু আনফালে লয়যুক্ত আলংকাৰিক ৰীতিৰে তেওঁ গদাক সমৃদ্ধ কৰি এক নিজস্ব আসন লাভ কৰিবলৈ সক্ষম হৈছে।

গল্প ৰচনাৰে আৱাহন যুগতে আত্মপ্ৰকাশ কৰি গদ্যৰ সমৃদ্ধি সাধন কৰা আন এজন ব্যক্তি হ’ল কৃষ্ণ ভূঞা। বৈচিত্র্যপূর্ণ বিষয়ৰ অৱলম্বনত মিতব্যয়ী ভাষাৰীতিৰে ভূঞাই তেওঁৰ গদ্যক এক | সংযমী ৰূপ প্ৰদান কৰিছে। অসমীয়া প্ৰবাদ-পটন্তৰৰ প্ৰয়োগেৰে সৌষ্ঠৱপূৰ্ণ হ’লেও ইংৰাজী শব্দ-বাক্য আদিৰ বহুল ব্যৱহাৰ হয়াৰ এক উল্লেখনীয় বৈশিষ্ট্য। অৱশ্যে তেওঁৰ এই প্ৰয়োগে গদ্যৰীতিৰ বা গল্পৰ কোনো ক্ষতি কৰা নাই। বিষয়বস্তুক সুক্ষ্ম-সংবেদনশীল আৰু চাক্ষুস ৰূপত প্ৰকাশৰ লগতে শ্লেষোক্তি আৰু প্ৰতীকাত্মক ভাষাৰ সফল ব্যৱহাৰ ভূঞাৰ গদ্যৰ এটি মহত্বপূৰ্ণ দিশ। উদাহৰণস্বৰূপে— চৱা ঘৰত থকা ভগা চকীখনত বহি সি ভাবিলে তাৰ অদৃষ্টৰ কথা। এছাটি এছাৰেকশিয়ে তাৰ পিঠিখন তিয়াই পেলালে। সি বিজুলীৰ পোহৰত উঠি গৈ দুৱাৰখন মেলি বাহিৰলৈ চালে এন্ধাৰ ঘোৰ এন্ধাৰ লগে লগে ধুমুহা। বিজুলীৰ পোহৰত সি দেখে প্ৰকৃতিৰ ভীষণ ৰূপটো। হৃদি-মন্দিৰৰ তাৰ ভিতৰৰ দুৱাৰখন মেলি চালে— ঠিক বাহিৰৰ দৰেই এন্ধাৰ ধুমুহা।”

গল্পৰ মাধ্যমেৰে ব্যংগাত্মক গদ্যৰীতিৰো সুন্দৰ প্ৰয়োগ কৰা ভূঞাৰ গদ্যত কিন্তু শব্দ ব্যৱহাৰৰ ক্ষেত্ৰত কেতবোৰ এটা পৰিলক্ষিত হয়। স্ফীততা, অকুৰূপ আনি শব্দ প্ৰয়োগৰ উপৰি সঠিক স্থানত সঠিক শব্দ সন্নিবেশতো কোনো কোনো ক্ষেত্ৰত তেওঁ সফল হ’ব পৰা নাই।

নাটক, গল্প আৰু প্ৰৱন্ধ ৰচনাৰে অসমীয়া গদ্যক পৰিপুষ্ট কৰা জ্যোতিপ্ৰসাদ আগৰৱালাৰ ম্যনীতিয়েও অভিনবত্বৰ পৰিচয় দিবলৈ সক্ষম হৈছিল। সুন্দৰ মাৰ্জিত ভাষাৰীতিয়ে তেওঁৰ সকলো শ্ৰেণীৰ গদ্যকে অপৰূপ সৌন্দৰ্য আৰু মাধুৰ্য প্ৰদান কৰিছে। শব্দচয়নত সুনিপুণ আগৰৱালাই জনসাধাৰণৰ অপৰিচিত জটিল শব্দ সততে পৰিহাৰ কৰি চলিছিল। তেওঁৰ প্ৰৱন্ধৰ গদ্য যুক্তিনিষ্ঠ, বস্তুনিষ্ঠ, ভাৰসাম্যযুক্ত আৰু যথেষ্ট সবল। তেওঁৰ নাটকীয় গদ্যত থকা কাব্যিক সুৰে ইয়াক প্ৰভাৱিত কৰিব পৰা নাই। কিন্তু অতিশয় দীঘল কেতবোৰ জটিল বাক্যৰ প্ৰয়োগে ঠায়ে ঠায়ে গদ্যৰ স্বাভাবিক গতি বিঘ্নিত কৰাৰ লগতে অর্থবোধতো অসুবিধা জন্মাইছে। অৱশে তেওঁৰ নাটক আৰু গল্পৰ দৰেই ইয়াতো শান্ত সমাহিত, প্রসাদ গুণযুক্ত চুটি চুটি বাক্যৰ যথো প্রয়োগ দেখা যায়। তেওঁৰ গদ্যৰীতি সৰল, সংযমী আৰু সাৱলীল। মিতব্যয়ী ভাষা আৰু বৰ্ণনাৰীতিৰে বিষয়বস্তুৰ সাৰ্থক ৰূপায়ণত তেওঁক সফল বুলি ক’ব পাৰি। জ্যোতিপ্ৰসাদে অসমীয়া গদ্য সাহিত্যৰ ইতিহাসত সুকীয়া স্থান আৰু মৰ্যাদা লাভ কৰিবলৈ সমৰ্থ হৈছে নাটকীয় গদ্যৰ জৰিয়তে। স্বভংগীমাযুক্ত তেওঁৰ নাটকৰ গণ্য সমগ্ৰ অসমীয়া গদ্য সাহিত্যৰ ভিতৰতে একক আৰু অনন্য। শ্ৰুতিমধুৰ ব্যঞ্জনাপূর্ণ শব্দ আৰু আৱেগ-অনুভূতি ৰঞ্জিত বাক্য ব্যৱহাৰ কৰিলেও তেওঁৰ ভাষাৰীতি মূলতঃ সহজ-সৰল বুলি ক’ব পাৰি।

অসমীয়া গদ্য সাহিত্যত সূৰ্য্য কুমাৰ ভূঞাৰ গাদাৰ এক স্বকীয় পৰিচয় আছে। বুৰঞ্জী আধাৰিত বহু প্ৰৱন্ধ ৰচনাৰে ভূঞাই চিন্তাশীল গদ্য ৰচনাৰ ক্ষেত্ৰত এক সুন্দৰ নিজা আদৰ্শ সৃষ্টি কৰি গ’ল। গভীৰ অতীত প্ৰেম আৰু অতীত শ্ৰদ্ধাৰ বাবেই তেওঁৰ প্ৰায়বোৰ ৰচনাৰে কেন্দ্ৰীয় বহু হ’ল— ইতিহাস। কিন্তু বুৰঞ্জীৰ নীস সত্য ঘটনাকো ৰসাশ্রয়ী গদাৰ দৰে পাঠকৰ মনোগ্ৰাহী ৰূপত উপস্থাপন কৰিব পৰাতে তেওঁৰ সার্থকতা। তেওঁৰ গদ্যভংগীয়ে বুৰঞ্জীৰ চৰিত্ৰ, ঘটন আদিৰ প্ৰতি লেখকৰ মনৰ মাজত থকা গভীৰ আৱেগৰ পৰিচয় দিলেও তেওঁৰ সমগ্ৰ ৰচনাৰীতিৰ মাজত এক আদর্শনীয় সংযম বিৰাজমান। সৰল বৰ্ণনাৰীতিৰে বিবিধ ঘটনা প্ৰকাশ কৰা ভূঞায় গদ্যৰ মাজত ঠায়ে ঠায়ে যুক্তিনিষ্ঠ ৰীতি গঢ় লৈ উঠিছে। শব্দ ব্যৱহাৰৰ ক্ষেত্ৰত উদাৰ মনোভাৱৰ পৰিচয় দিয়া ভূঞাৰ ৰচনাত সংস্কৃত শব্দৰ যথেষ্ট ব্যৱহাৰ আছে যদিও সি ৰচনাক দুৰ্বোধ্য কৰা বিধৰ নহয়। বৰঞ্চ আৰ্যভিন্ন ভাষাৰ শব্দ, উপভাষাৰ শব্দকে ধৰি ধ্বন্যাত্মক শব্দলৈকে বিভিন্ন ধৰণৰ শব্দ প্রয়োগে তেওঁৰ গদ্যৰ প্ৰকাশিকা শক্তিক সবল কৰিহে তুলিছে। 

উদাহৰণস্বৰূপে আৱাহন’ত প্ৰকাশিত “বিজুলী’ গল্পটোৰ পৰা নিদর্শন দাঙি ধৰা হ’ল— “উম্মাদ প্ৰতিভাৰ বিকাৰ বা ৰূপান্তৰ নহয়নে ? সংসাৰক যশস্বী অসাধাৰণ চিন্তাযুক্ত সকলো কাম এই মানসিক উন্মাদনাৰ পৰা ওলোৱা নহয়নে? যিসকলে দিঠকত সপোন দেখে, অকল নিশা সপোন দেখা সকলতকৈ তেওঁলোকৰ জ্ঞানৰ সীমা বেছি, তেওঁলোকে চকুৰ আগতে অনন্তৰ ছয়া-ময়া দৃশ্য দেখে আৰু পৰম মহিমাময় ঈশ্বৰৰ সৃষ্টিৰহস্যৰ আভাস পায়।”

পঞ্চাশ ষাঠিৰ দশকত অসমীয়া গদ্য সাহিত্যই আদর্শগত আৰু কৌশলগত ক্ষেত্ৰত একমাত্রা আনিলে। বাস্তৱিকতে এই সময়ছোৱাত গদ্যৰ বিষয়বস্তুৰ পৰিসীমা সম্প্ৰসাৰিত হয়। বিশেষকৈ  ‘আবাহন’ যুগৰ লক্ষীধৰ শৰ্মা, মহম্মদ পিয়াৰ, চৈয়দ আব্দুল মালিক, হিতেশ ডেকা, নৱকান্ত বৰুৱা, দীননাথ শৰ্মা আদি গল্প-উপন্যাসত ৰোমাণ্টিক আৰু আধুনিক ভাবাদর্শই গুৰুত্ব লাভ হ কৰে। বিষয়বস্তু আৰু শৈলীৰ ক্ষেত্ৰতো সংক্ৰান্ত্ৰিকালৰ বৈশিষ্ট্য অনুভৱ কৰিব পাৰি। লক্ষীধৰ শৰ্মাৰ গল্প আৰু প্ৰৱন্ধসমূহৰ প্ৰকাশৰীতিত কোনো জটিলতা প্ৰত্যক্ষ কৰা নাযায় প্ৰকৃততে তেওঁৰ গদ্য সহজ-সৰল আৰু পোনপটীয়া। সীমিত পৰিসৰত বিষয়বস্তু স্পষ্ট ৰূপত দাঙি ধৰিব পৰাটো তেওঁৰ গদ্যৰীতিৰ অন্যতম বৈশিষ্ট্য। আৱাহন যুগত প্ৰতিষ্ঠা লাভ কৰা অসমীয়া সাহিত্যৰ আন এজন অন্যতম গদ্যলেখক হ’ল — চৈয়দ আব্দুল মালিক। গল্প, উপন্যাস, প্ৰৱন্ধৰ জৰিয়তে গদ্য লেখক ৰূপে পৰিচিত মালিকৰ গদ্যৰীতি অনাড়ম্বৰ, সহজ-সৰল আৰু স্পষ্ট। জতুৱা ঠাঁচ, প্রবাদ, প্রবচন আদিৰ আকৰ্ষণীয় প্রয়োগ তেওঁৰ গদ্যৰীতিৰ অন্যতম বৈশিষ্ট্য। ব্যংগাত্মক, গাম্ভীৰ্যপূৰ্ণ আৰু চিন্তামূলক ৰচনাৰীতিৰ প্ৰয়োগে তেওঁৰ গদ্য-ৰচনাক সাৰ্থক ৰূপত প্রকাশ ঘটাইছে। হিতেশ ডেকাৰ গণ্য সাধাৰণতে বর্ণনামূলক। তেওঁ গদ্যত গহীন, যুক্তিনিষ্ঠ, ৰোমাণ্টিক, প্ৰতীকাত্মক, হাস্যৰসাত্মক আৰু বিদ্রূপ এই আটাইকেইবিধ ভাবৰ প্ৰয়োগ দেখা যায়। তদুপৰি ডেকাৰ গদ্যত চৰিত্ৰ অনুসৰি ঔপভাষিক শব্দৰ লগতে বাংলা আৰু হিন্দী ভাষাৰ শব্দৰ প্ৰয়োগো দেখিবলৈ পোৱা যায়। গল্প লেখক মহিম বৰাৰ পৰিশীলিত, সংবেদনশীল আৰু চিন্তাকৰ্ষক গদাই বিষয়বস্তুক সজীৱতা প্ৰদান কৰাৰ লগতে ভাবক স্পষ্ট ৰূপত প্ৰকাশ কৰাত সফল হৈছে।

৬। ড° বাণীকান্ত কাকতিৰ বিষয়ে এটি পৰিচয়মূলক টোকা লিখা।

উত্তৰঃ ড° বাণীকান্ত কাকতি অসমীয়া সাহিত্যকাশৰ এক উজ্জ্বল নক্ষত্র। গৱেষক পণ্ডিত বাণীকান্ত কাকতিৰ জন্ম হয় ১৮৯৪ চনত বৰপেটাত। শিশুকালৰে পৰা অতি মেধাৱী আৰু অধ্যয়নপ্রিয় কাকতিয়ে স্কুলীয়া জীৱন পাৰ কৰে বৰপেটাত। কটন কলেজৰ পৰা বি. এ পাছ কৰাৰ পিছত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ৰ দুয়োটা গ্রুপতে সুখ্যাতিবে পাছ কৰাৰ লগতে দ্বিতীয় গ্ৰুপত ‘আশুতোষ স্বর্ণ পদক’ লাভ কৰে। পিছত ১৯৩৫ চনত সুনীতি কুমাৰ চট্টোপাধ্যায়ৰ তত্বাৱধানত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা পি. এইচ. ডি লাভ কৰে। তেওঁৰ গৱেষণা গ্রন্থ- Assamese Its Formation and Development এন গৱেষণা গ্রন্থয়েই নহয়; ই অসমীয়া ভাষাৰ মাইলৰ খুটিস্বৰূপ। ই তেওঁৰ জীৱনৰ কীৰ্তিস্তম্ভ। এই গৱেষণা গ্রন্থখন গ্রন্থ আকাৰত ছপা হৈ ওলাই ১৯৪১ চনতহে।

বাণীকান্ত কাকতিয়ে পোনতে কটন কলেজত অধ্যাপনা কৰিছিল আৰু পাছত অধ্যক্ষ ৰূপেও নিযুক্তি পাইছিল। শেষত কৰ্মজীৱনৰ সামৰণি পৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক আৰু কলাগুৰু ৰূপে। ১৯৫২ চনৰ ১৫ নৱেম্বৰত তেওঁৰ মৃত্যু হয়।

বাণীকান্ত কাকতিৰ বিভিন্ন আলোচনীৰ প্ৰকাশিত প্ৰৱন্ধসমূহ সংকলিত ৰূপত পাছলৈ প্ৰকাশ হৈছিল। ইয়াৰ ভিতৰত মুঠ চৈধ্যটা প্রবন্ধ সম্বলিত প্ৰবন্ধ হ’ল ১৯৪০ চনত প্ৰকাশিত ‘পুৰণি অসমীয়া সাহিত্য’। ঠিক তেনেকৈ ১৯৪৮৩ প্ৰকাশ পায় ছটা প্ৰৱন্ধৰ সংকলন সাহিত্য আৰু প্রেম’।

তেখেতৰ আন দুখন প্ৰৱন্ধ গ্ৰন্থ হ’ল— ‘পুৰণি কামৰূপৰ ধৰ্মৰ ধাৰা’ (১৯৫৫) আৰু ‘কলিতা জাতিৰ ইতিবৃত্ত’ (১৯৪৩)। ইংৰাজী ভাষাত ৰচিত দুখন আপুৰুগীয়া গ্ৰন্থ— ‘The Mother goddess Kamakhya’ Visivite Myths and Legends”। তেওঁৰ মৰণোত্তৰভাৱে প্রকাশিত প্ৰৱন্ধ সংকলন হ’ল — বাণী প্রতিভা (১৯৬৪)। কাকতিৰ আন এখন দুর্লভ গ্রন্থ হ’ল মান্নান জি. এ নটেশন এণ্ড কোম্পানীৰ পৰা তেওঁলোকৰ Saint of India Series- অত ওলোৱা শংকৰদেৱ সম্পৰ্কীয় কিতাপখন তাৰ নাম আছিল — Sankardeva বা Life and Teaching Sankardeva (১৯২৩)।

এইবোৰৰ উপৰি প্ৰৱন্ধ সংকলনত স্থান নোপোৱা বহুতো সাহিত্য-বিচাৰৰ প্ৰৱন্ধ আছে যিবিলাক অসমীয়া সাহিত্যৰ আপুৰুগীয়া সম্পদ। আনহাতে তেওঁ কেতেকী, ফুলৰ শৰাই, দহিকতৰা কথা-কবিতা, তুমি আমি কাব্য গ্ৰন্থৰ পৰিচয় অথবা পাতনিৰূপে বহুতো সমালোচনামূলক প্ৰৱন্ধ ৰচনা কৰি গৈছে। ভবানন্দ পাঠক ছদ্মনামতো তেওঁ বহুতো প্রবন্ধ-নিবন্ধ যুগুতাই গৈছে। বাণীকান্ত কাকতি অসমীয়া ভাষা-সাহিত্যৰ আগশাৰীৰ পণ্ডিত আৰু সমালোচক। কাকতিন প্রতিভা বিশেষভাবে তিনিটা দিশত ব্যাণ্ড হৈ আছে— ভাষাতত্ত্ব চর্চা, সংস্কৃতি চর্চা আৰু সাহিত্য আলোচনা। সংস্কৃত আৰু পাশ্চাত্য সাহিত্যৰ অধ্যয়নেৰে পুষ্ট কাকতিৰ সমালোচনাৰ পদ্ধতি আছিল তুলনামূলক। ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাত কাকতি সমানেই দখল থকা লোক।

৭। বাণীকান্ত কাকতিৰ গদ্যৰীতিৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। 

উত্তৰঃ গভীৰ চিন্তাসমৃদ্ধ আলোচনা আৰু গৱেষণাপ্রসূত ৰচনাৰে অসমীয়া সাহিত্যক পৰিপুষ্ট কৰা এজন উল্লেখযোগ্য গদ্য লেখক হ’ল বাণীকান্ত কাকতি। অসমৰ পৰম্পৰাগত ঐতিহ্যবোধ, আধুনিক চিন্তা, প্রাচ্য আৰু পাশ্চাত্যৰ বিভিন্ন সাহিত্যৰ অধ্যয়নলব্ধ জ্ঞানৰ সুসমন্বয়ত ৰচিত কাকতিৰ ৰচনাৰাজিৰ জৰিয়তে এক নিজৰ সাহিত্যিক গদ্যৰীতি গঢ় লৈ উঠা পৰিলক্ষিত হয়। পুৰণি আৰু আধুনিক অসমীয়া সাহিত্যৰ সুন্দৰ সমালোচনা, ভাষা-সংস্কৃতি বিষয়ক গৱেষণামূলক ৰচনা আৰু শিশু সাহিত্য এই তিনিটা শাখাত তেওঁৰ ৰচনাৰাজি বিভক্ত।

কাকতিৰ ভাষাৰীতিৰ এক বিশেষ বৈশিষ্ট্য হ’ল— বিষয়বস্তুৰ অনুকূলে যথাযোগ্য শব্দ ব্যৱহাৰ । তেওঁৰ ৰচনাৰ শব্দসমূহে, বিষয়বস্তুৰ সৈতে থকা লেখকৰ গভীৰ সম্পৰ্ক আৰু স্পষ্ট ধাৰণা আৰু লগতে তাৰ প্ৰতি থকা সৰল আন্তৰিকতাৰ পৰিচয় দাঙি ধৰে। উদাহৰণস্বৰূপে— “আজিৰ দিনত অসম দেশ সৰ্বভাৰতৰ মুকলি চৰণীয়া পথাৰ। মাটি, বেহা-বেপাৰ আৰু চাকৰিৰ আশাত বাটে বাটে অগণন অব্যক্ত-ভাষীয়ে ভল্ভনাই ফুৰিব লাগিছে। সময়ত অব্যক্ত-ভাষীৰ প্ৰাধান্য হ’লে (হোৱাটো প্ৰায় সম্ভাৱনাৰ দুৱাৰ্ডলিত থিয় দিয়া যেন লাগিছেই) আমিহে অব্যক্ত-ভাষীৰ শ্ৰেণী: হৈ পৰিমগৈ।”

এনেধৰণে বিষয়োপযোগী তথা শ্ৰুতিমধুৰ শব্দৰ সাবলীল প্রয়োগে তেওঁৰ গদ্যক গহীন বিষয়ক হোৱা সত্বেও মনোৰম আৰু পাঠকৰ বাবে আকৰ্ষণীয় কৰি তুলিছে। কিন্তু কাকতিয়ে শব্দচয়নৰ ক্ষেত্ৰত যথেষ্টভাৱে তৎসম শব্দৰ আশ্ৰয় লোৱা দেখা যায়। অৱশ্যে এনে ব্যৱহাৰে তেওঁৰ গনক অস্বাভাবিক কৰি তোলা নাই। উদাহৰণস্বৰূপে— “তীব্র ভাষৎ সূর্যৰ পোহৰে পাত্রভেদে স্নিগ্ধ, মধুৰ কিৰণ বিলোৱাৰ দৰে পৰম পুৰুষেও পাত্রভেদে এই অজলা প্রাণী সকলৰ ভিতৰত সৰল মাধুৰ্য প্ৰকাশ কৰি সকলোৰে মন হৰণ কৰিছে।”

এনেদৰে কাকতিৰ গদ্যত ক্রন্দন, মাৎসর্য, স্নেহ, চক্ষু, অমৃত, লৌহ, চূর্ণ আদি বহুতো তৎসম শব্দৰ সমাহাৰ দেখা যায়। শব্দ ব্যৱহাৰৰ ক্ষেত্ৰত তেওঁ ৰক্ষণশীল নহয়। সেয়েহে তেওঁৰ ৰচনাত সংস্কৃতৰ দৰেই ইংৰাজী শব্দৰো মুকলি ব্যৱহাৰ পৰিলক্ষিত হয়। বিষয়বস্তুৰ উপযুক্ত সাবলীল প্রকাশৰ বাবেই য’তেই সার্থক বুলি অনুভৱ কৰিছে তাতেই ইংৰাজী শব্দক গদ্যত স্থান দিছে। তদুপৰি বহু ক্ষেত্ৰতে ইংৰাজী শব্দৰ লগতে অসমীয়া ৰূপটোও তেখেতে উল্লেখ কৰিছে। বাণীকান্ত কাকতিৰ গদ্যত ব্যৱহৃত কেতবোৰ ইংৰাজী শব্দৰ নিদৰ্শন হ’ল—

(ক) জীৱনৰস (life pulsation)

(খ) বিপৰীত প্ৰণালী (Inverted process)  

(গ) দার্শনিক প্রেমবাদ (Platonic love)

(ঘ) অক্ষৰ (Syllable)

(ঙ) তাম-বৰণীয়া (Hazel eyes )

(চ) দৈৱশক্তি (Genius)

(ছ) চিৰ শিশু (eternal child)

(জ) চিৰ প্ৰেমিক ( eternal lover)

এনেদৰে ইংৰাজী ৰূপৰ উল্লেখে কাকতিৰ গদ্যক দুর্বোধ্য কৰি তোলা নাই। বৰঞ্চ শব্দবোৰৰ প্রকৃত অন্তর্নিহিত তাৎপর্য উপলব্ধিত সহায়হে কৰিছে। তদুপৰি কাকতিয়ে তেওঁৰ ৰচনাত সচেতনভাৱে বহু যুক্তাক্ষৰী শব্দৰ প্ৰয়োগ কৰা দেখা গৈছে। উদাহৰণস্বৰূপে— “উদ্ভাসিত চকুত জ্ঞানৰ দীপ্তিৰ ঠাইত প্ৰেমৰ স্নিগ্ধ প্রভা জিলিকিবলৈ ধৰিলে।”

তদুপৰি কাকতিৰ গদ্যৰ শব্দ ব্যৱহাৰৰ আন এটা চকুত লগা বৈশিষ্ট্য হ’ল সন্ধিযুক্ত শব্দৰ প্রাচুর্য। যেনে— ধৰ্মাৰণ্য, সূর্যোদয়, ফলোন্মুখী, স্নেহাভিষিক্ত, কাতৰোক্তি ।

সৰল বাক্যৰীতি ভাল গদ্য লিখকৰ এটি প্রধান সম্পদ। গদ্য লেখকে ভাব অনুকূলে বাক্য গঢ়িবলৈ যাওঁতে ব্যাকৰণৰ কঠোৰ ৰীতি আৰু জতুৱাভংগী দুয়োটাকেই বহু সময়ত উলংঘা কৰা দেখা যায়। চিন্তাশীল প্ৰৱন্ধ লেখক বাণীকান্ত কাকতিৰ গদ্য বিশ্লেষণ কৰিলে দেখা যায় যে সৰল-জটিল, চুটি-দীঘল আদি বিবিধ ভংগীৰ বাক্যৰ সমাহাৰ ঘটিছে যদিও তেওঁৰ বাক্য প্ৰধানকৈ অসমীয়া ভাষাৰ জতুৱা ঠাঁচযুক্ত বুলি ক’ব নোৱাৰি। অৱশ্যে জতুৱা ঠাঁচৰ বাক্য যে তেখেতে গদ্যত একেবাৰেই ব্যৱহাৰ কৰা নাই তেনে নহয়। ঠায়ে ঠায়ে এনে বাক্যও কাকতিৰ গদ্যত বিচাৰি পোৱা যায়। উদাহৰণস্বৰূপে— “আকাশতো কেইডোখৰমান উটি ফুৰা ডাৱৰ কনাই ফুৰিব লাগিছে।” “সি মাহাত্ম্যৰ আটোপ এ গালি দেখুৱাব।”

কিন্তু সামগ্ৰিক বিচাৰত কাকতিৰ গদ্যৰীতি জতুৱা ঠাঁচ প্রধান বুলিব নোৱাৰি। কিন্তু সেইবাবেই তেওঁৰ বাক্যৰীতি বিফল বা ত্রুটীযুক্ত বুলি ক’ব পৰা নাযায়। কাৰণ আন বিবিধ কৌশলেৰে সজ্জিত তেওঁৰ বাক্যই চিত্তামূলক গদ্যৰূপে পাঠকৰ সন্মুখত বিষয়বস্তু স্পষ্ট ৰূপত দাঙি ধৰাৰ লগতে সি মনোধর্মী গদ্যৰ দৰে পাঠকৰ হৃদয়তো গভীৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম। বিষয়বস্তুৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ বাক্য ব্যৱহাৰ কৰা কাকতিয়ে ক’বলৈ লিখা চুটি চুটি সকল বাক্যৰ উপৰি দীঘল বাক্যৰীতিৰো যথেষ্ট আশ্রয় লোৱা দেখা গৈছে। কেতিয়াবা বহু ভাব সন্নিবিষ্ট একোটা দীঘল বাক্যৰেই এটা অনুচ্ছেদ ৰচনা কৰিছে। যেনে— “জাতীয় সাহিত্য এই ভাবমণ্ডলৰ প্ৰত্যক্ষ ৰূপ, জাতীয় সাহিত্যই যি পৰিমাণে বিকাশ লাভ কৰে, সেই পৰিমাণে আমি ব্যক্তি হিচাপে আৰু সমাজ বা জাতি হিচাপে জীৱনৰ গুৰুত্ব অনুভৱ কৰোঁ, সেই পৰিমাণে সঙঘবদ্ধ জীৱনৰ সোৱাদ পাওঁ, সেই পৰিমাণে উমৈহতীয়া ভাবৰাশিত বৰ্তি থকা বুলি সাধাৰণ উদ্দেশ্য আৰু সাধাৰণ প্ৰেৰণাৰ দ্বাৰা অনুপ্ৰাণিত হওঁ; জাতীয় জীৱন বিকাশত যিসকলে সহায় কৰি আহিছে, সেইসকলক বেলেগ বেলেগ যুগৰ আদৰ্শ অনুসাৰে ঋষি, কবি, দার্শনিক, সাহিত্যিক আদি বিশেষণেৰে বিভূষিত কৰি লোকসমাজে চিৰকলীয়া শ্ৰদ্ধা দেখুৱাই আহিছে।”

যতিচিহ্ন, সংযোজক অব্যয় আদিৰ প্ৰয়োগেৰে এনেদৰে কাকতিয়ে যথেষ্টভাৱে দীঘল বাক্য = গদ্যত প্ৰয়োগ কৰিছে। গঠনৰ দিশৰ পৰা দীঘল হোৱাৰ লগতে তেওঁৰ এনে বহু বাক্য জটিলো। প্রয়োজন বিশেষে দীঘল বাক্যক প্রাধান্য দিয়া কাকতিৰ গদ্যত সৰল, চুটি, বাক্যৰ ব্যৱহাৰো কম নহয়। উদাহৰণস্বৰূপে “কাণখোৱা কবিতা বৈষ্ণৱ কবি শ্ৰীধৰ কন্দলি বিৰচিত। এওঁ শংকৰদেৱৰ সমসাময়িক আৰু তেওঁৰ প্ৰিয়পাত্ৰ আছিল। কীৰ্তন-ঘোষাৰ অন্তৰ্গত ‘ঘুচা যাত্ৰা’ শ্ৰীধৰ কন্দলি ৰচিত শংকৰদেৱৰ প্ৰিয়জনৰ ৰচনা বুলি ‘ঘুনুচা যাত্ৰা’ক কীৰ্তনৰ অন্তৰ্গত কৰি লোৱা হৈছে।”

এনেধৰণৰ চুটি বাক্যই বিষয়বস্তু খতীয়াকৈ আগুৱাই নিয়াৰ লগতে তাক পাঠকৰ বাবেও সহজ কৰি তুলিছে। তদুপৰি আন বিভিন্ন ৰীতিয়েও কাকতিয়ে বাক্যক সমৃদ্ধ কৰা দেখা গৈছে। বিষয়বস্তু বা ভাব অনুসৰি তেখেতে যথেষ্ট সংখ্যক সংস্কৃত বাক্যৰ লগতে ইংৰাজী বা সংস্কৃত যা পুৰণি সাহিত্যৰ উদ্ধৃতি আদি সন্নিবিষ্ট কৰিও বাক্য ৰচনা কৰিছে। কেতিয়াবা আকৌ সম্পূর্ণ তদ্ভৱ শব্দৰেও বাক্য ৰচনা কৰিছে। তলত কাকতিৰ গদ্যত ব্যৱহৃত এনে বিভিন্ন শ্ৰেণীৰ বাক্যৰ নমুনা দাঙি ধৰা হ’ল—

ইংৰাজী বাক্য আৰু বাক্যাংশ সন্নিৱিষ্ট বাক্য :

“সেইজনৰেই আজি ন্যায় বিচাৰত দোষাৰোপ কৰাটো true to salt হয়নে?” 

“সমালোচকে কোৱাৰ দৰে, ‘a mere nothing’ ই এটি বিৰাট শূন্যতা, ইয়াৰ মীমাংসা ভৱিষ্যতৰ হাতত।”

পুৰণি সাহিত্যৰ উদ্ধৃতি সন্নিবিষ্ট বাক্য :

“ইয়াক ‘পৰম আনন্দ সাগৰত’ উটি যোৱা মাধৱদেৱৰ মহাপ্ৰস্থানিক গীত বুলিব পাৰি — গুৰু ভৈলা তাত কৰ্ণবীৰ, কৃষ্ণ ভৈল অনুকূল বায়ু।”

সৰল বৰ্ণনামূলক বাক্যৰ উপৰি প্ৰশ্নবোধক, ভাববোধক আদি বাক্যৰ যথোপযোগী প্রয়োগেৰে সফল লেখকে তেওঁলোকৰ গদ্যক বৈচিত্র্যময় আৰু বসসমৃদ্ধ ৰূপত গঢ়ি তুলিছে। বাণীকান্ত কাকতিয়েও এনে বিবিধ বাক্য যথেষ্ট চাতুর্যপূর্ণভাবেই গদ্যত ব্যৱহাৰ কৰিছে।

প্রশ্নবোধকৰ দৰেই ভাববোধক বাক্যৰো অৰ্থৱহ, ইংগিতময় প্রয়োগ কাকতিৰ গদ্যত পৰিলক্ষিত হয় ৷ তেনে বাক্যৰ নিদৰ্শন দাঙি ধৰা হ’ল – “ভাষানুবাদ কৰাটোৱেই ধৰ্ম-দ্রোহী কাম, তাৰ ওপৰত মূলৰ লগত সামঞ্জস্য নেথাকিলেতো কথাই নাই !”

বাণীকান্ত কাকতিয়ে গদ্য ৰচনাত কথনভংগীৰ ঘৰুৱা ভাষাৰ বাক্যক প্রাধান্য দিয়া নাই। কিন্তু ইয়াৰ পৰিৱৰ্তে বিষয় সংগতি ৰক্ষা কৰি যেনে গঢ়ৰ বাক্যৰেই প্ৰয়োজন অনুভৱ কৰিছে তেনে ৰূপৰ বাক্যকেই ৰচনা কৰিছে। সংস্কৃত আৰু ইংৰাজী বাক্যৰীতিৰ দ্বাৰা প্ৰভাৱিত কাকতিয়ে বিভিন্ন ভংগীৰে বাক্য গঠন কৰি সেইবোৰক স্পষ্ট আৰু অতি প্ৰভাৱশালী ৰূপত থিয় কৰাবলৈ সক্ষম হৈছে। চিন্তামূলক হোৱা সত্বেও গদ্যক ৰসসমৃদ্ধ ৰূপত গঢ়ি তোলাত শব্দচয়নৰ দৰেই তেওঁৰ বাক্যৰীতিয়েও বিশেষ ভূমিকা পালন কৰিছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top