Assam Sports GK – অসমৰ ক্ৰীড়া সাধাৰণ জ্ঞান

[ অসমৰ ক্ৰীড়া – 2 ]

1. ‘আকাঙ্খাৰ আটলান্টিক’ নামৰ ক্ৰীড়া ভিত্তিক  উপন্যাসখনৰ লিখক কোন ?

Join Telegram channel

উত্তৰঃ শ্যামা প্ৰসাদ শৰ্মা।

2. ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেনিচ প্ৰতিযোগিতাত জয় লাভ কৰা অসমৰ প্ৰথম খেলুৱৈ কোনজন ?

উত্তৰঃ চুচেন দাস।

3. ১৯৮৫ চনত বেংককত অনুষ্ঠিত   ফুটবল প্ৰতিযোগিতাত ভাৰতীয় জুনিয়ৰ ফুটবল দলক প্ৰতিনিধিত্ব কৰা অসমীয়া ফুটবলাৰজন কোন ?

উত্তৰঃ ফ্রান্সিচ বৰুৱা।

4. ভাৰতীয় টেবুল টেনিচ দলক প্ৰতিনিধিত্ব কৰা অসমৰ প্ৰথম গৰাকী খেলুৱৈ কোন ?

উত্তৰঃ নন্দিনী বৰুৱা।

5. ভাৰতীয় স্কুল ক্ৰিকেট দলত স্থান  লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈ গৰাকী কোন ?

উত্তৰঃ মাধুৰ্য প্ৰসাদ বৰুৱা।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

6. ১৯৯৬ চনত ৰাষ্ট্ৰীয়  জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত তিনিটা মীড ৰেকৰ্ডসহ নটা স্বৰ্ণ পদক বিজয়ী অসমীয়া খেলুৱৈজন কোন ?

উত্তৰঃ এলভিছ আলী হাজৰিকা।

7. ভাৰত ‘এ’ দলত অন্তর্ভুক্ত  হোৱা অসমৰ প্ৰথম ক্ৰিকেটাৰ কোন ?

উত্তৰঃ জাবেদ জামান।

8. ভাৰতীয় ফুটবল দলক অলিম্পিকত প্ৰতিনিধিত্ব কৰা অসমৰ প্ৰথম ফুটবলাৰ কোন ?

উত্তৰঃ বীৰেন বড়ো।

9. কোন চনত বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হোৱা নাছিল ?

উত্তৰঃ ১৯৮০ চনত।

10. বিশ্ব টেবুল টেনিচ প্ৰতিযোগিতাৰ জুনিয়ৰ শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰা অসমীয়া খেলুৱৈ গৰাকী কোন ?

উত্তৰঃ পল্লৱী পৰাশ।

11. ভাৰতৰ বক্সিং দলত স্থান  লাভ কৰা অসমৰ প্ৰথম গৰাকী খেলুৱৈ কোন ?

উত্তৰঃ বিতোপন শইকীয়া।

12. ১৯৯২ চনৰ গুৱাহাটীত অনুষ্ঠিত ফেডাৰেচন কাপ কেৰম চেম্পিয়নশ্বিপত পুৰুষৰ ছিংগলছ খিতাপ কোনে অৰ্জন কৰিছিল ?

উত্তৰঃ চিৰাজ উদ্দিন আহম্মেদ।

13. ৰঞ্জী ট্ৰফী চেম্পিয়নশ্বিপত ১০০০ ৰাণ আৰু ১০০ টা উইকেট লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈ গৰাকী কোন ?

উত্তৰঃ গৌতম দত্ত ।

14. অলিম্পিক গেমছত অংশ গ্ৰহণ কৰা অসমৰ প্ৰথম খেলুৱৈ গৰাকী কোন ?

উত্তৰঃ টালিমেৰণ আও (১৯৪৮ চন)।

15. অসমৰ কোন গৰাকী সাঁতোৰবিদে ৯ টা সোণৰ পদক পাইছিল ?

উত্তৰঃ এলভিচ আলী হাজৰিকা।

16. ৰাষ্ট্ৰীয়  জুডো চেম্পিয়নশ্বিপত অসমৰ কোন গৰাকী খেলুৱৈয়ে প্ৰথম পদক অৰ্জন কৰিছিল ?

উত্তৰঃ মানস দাস (১৯৮৯ চন)।

17. ইংলণ্ডত প্ৰচলিত ‘হোৱা  ডেট টাইগা’ নামৰ খেলবিধ অসমত কোনে আৰম্ভ কৰিছিল ?

উত্তৰঃ সুখদেৱ গোস্বামী।

18. ১৯৮৫ চনত ৰাষ্ট্ৰীয়  সাঁতোৰ প্ৰতিযোগিতাত পদক পোৱা  অসমীয়া খেলুৱৈজন কোন ?

উত্তৰঃ মিঠু বৰুৱা।

19. এছিয়ান গেমচত সোণৰ পদক পোৱা প্ৰথম অসমীয়া খেলুৱৈ কোন ?

উত্তৰঃ ভোগেশ্বৰ বৰুৱা (১৯ ৬৬ চন)।

20. অসমৰ কোন গৰাকী প্ৰসিদ্ধ ফুটবল খেলুৱৈ এজন যশস্বী চলচ্চিত্ৰ পৰিচালক হিচাপে খ্যাত ?

উত্তৰঃ নিপ বৰুৱা।

1 thought on “Assam Sports GK – অসমৰ ক্ৰীড়া সাধাৰণ জ্ঞান”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top