Assam Jatiya Bidyalay Class 7 Social Science Chapter 5 ভাৰতলৈ ইউৰোপীয়ৰ আগমণ

Assam Jatiya Bidyalay Class 7 Social Science Chapter 5 ভাৰতলৈ ইউৰোপীয়ৰ আগমণ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 7 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Class 7 Social Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 7 Social Science Chapter 5 ভাৰতলৈ ইউৰোপীয়ৰ আগমণ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

ভাৰতলৈ ইউৰোপীয়ৰ আগমণ

Chapter -5

ASSAM JATIYA VIDYALAYA

অসম জাতীয় বিদ্যালয়

প্রশ্ন ১। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী কোন চনত গঠন হৈছিল?

উত্তৰঃ ১৬০০ খ্রীঃত।

প্রশ্ন ২। ভাস্ক’-ডা-গামা কোন আছিল?

উত্তৰঃ ভাস্ক’-ডা-গামা এজন পর্তুগীজ নাবিক আছিল।

প্রশ্ন ৩। ফৰাচী ইষ্ট ইণ্ডিয়া কোম্পানী কোন চনত গঠন হৈছিল?

উত্তৰঃ ১৬৬৪ খ্ৰীঃত।

প্রশ্ন ৪। জ্যা কলবাৰ্ট কোন আছিল?

উত্তৰঃ জ্যাঁ কলবাৰ্ট চতুর্দশ লুইৰ বিত্তমন্ত্ৰী আছিল। এওঁৰ উদ্যোগত ১৬৬৪ খ্ৰীঃত ফৰাচী ইষ্ট ইণ্ডিয়া কোম্পানী প্রতিষ্ঠিত হয়।

প্রশ্ন ৫। ওলণ্ডাজসকলে ভাৰতৰ কোন ঠাইত প্রথমে বাণিজ্যকুঠি পাতিছিল?

উত্তৰঃ মছলি পট্টমত।

প্রশ্ন ৬। ভাস্ক’-ডা-গামাই ভাৰতৰ কোন ঠাইত প্ৰথমে উপস্থিত হৈছিল?

উত্তৰঃ ভাস্ক’-ডা-গামাই উত্তমাশা অন্তৰীপ অতিক্রমি ভাৰতৰ কালিকট বন্দৰত উপস্থিত হয়।

প্রশ্ন ৭। কোনে প্রথমে ভাৰতৰ লগত বাণিজ্যিক সম্পর্ক গঢ়ি তোলে? 

উত্তৰঃ পর্তুগীজসকলেই পোনপ্ৰথমে ভাৰতৰ লগত বাণিজ্যিক সম্পর্ক গঢ়ি তোলে।

প্রশ্ন ৮। পর্তুগীজ শক্তিৰ প্ৰতিষ্ঠাতা কোন?

উত্তৰঃ অলফন্‌চ’-দি-আলবুকাক আছিল ভাৰতত পৰ্তুগীজ শক্তিৰ প্ৰতিষ্ঠাতা।

প্রশ্ন ৯। বার্থলমিউ ডিয়াজ কোন? তেওঁ কি আৱিষ্কাৰ কৰিছিল? 

উত্তৰঃ বার্থলিমিউ ডিয়াজ এজন পর্তুগীজ নাবিক। তেওঁ উত্তমাশা অন্তৰীপৰ কাষেৰে ভাৰতলৈ নতুন জলপথৰ আৱিষ্কাৰ কৰিছিল।

প্রশ্ন ১০। কোনে, কেতিয়া প্ৰথমটো ডাচ্চ ফেক্টৰি ভাৰতত প্ৰতিষ্ঠা কৰিছিল?

উত্তৰঃ এডমিলে ভন ডেৰ হেগেনে ১৬০৫ খ্ৰীঃত ভাৰতত প্ৰথমটো ডাচ্চ ফেক্টৰি প্ৰতিষ্ঠা কৰিছিল।

প্রশ্ন ১১। ফৰাচীসকলে ভাৰতৰ ক’ত আৰু কাৰ নেতৃত্বত মূল ঘাটি প্রতিষ্ঠা কৰিছিল?

উত্তৰঃ ফৰাচীসকলে ভাৰতৰ পণ্ডিচেৰীত মূল ঘাটি পাতিছিল। ইয়াৰ নেতৃত্ব বহন কৰিছিল ডুপ্লে।

প্রশ্ন ১২। দোস্ত আলি কোন আছিল? 

উত্তৰঃ দোস্ত আলি কৰ্ণাটকৰ নবাব আছিল।

প্রশ্ন ১৩। কৰ্ণাটকৰ সিংহাসনৰ অধিকাৰক লৈ কাৰ কাৰ মাজত টনা আঁজোৰা লাগিছিল?

উত্তৰঃ চান্দ চাহিব আৰু মহম্মদ আলীৰ মাজত।

প্রশ্ন ১৪। ভাৰতত পৰ্তুগীজসকল কিয় ব্যৰ্থ হৈছিল? 

উত্তৰঃ সপ্তদশ শতিকাৰ মাজভাগৰ পৰা পৰ্তুগীজৰ ভাৰতীয় খোপনিত গড়াখহনীয়া আৰম্ভ হয়। ওলান্দাজ আৰু ইংৰাজৰ লগত হোৱা বাণিজ্যিক আৰু সামৰিক প্রতিন্দন্দ্বিতাত পৰ্তুগীজসকল বিধ্বস্ত হ’ল। মোগল সম্রাট ছাহজাহানে হুগলীৰ পৰা পর্তুগীজ শক্তিক বিতাড়িত কবি পর্তুগীজক ভাৰত ত্যাগ কৰিবলৈ বাধ্য কৰিছিল।

আলবুকার্কৰ পিছত পৰ্তুগীজসকলৰ দুৰ্নীতি পৰায়ণতা, অনুশাসনহীনতা, ধর্মান্ধতা, নৃশংসতা, প্রতিশোধপূর্ণ বাণিজ্যিক আচৰণ, সু-প্রশাসনৰ অভাৱ আদিৰ ফলত পৰ্তুগীজসকল ভাৰতৰ পৰা আঁতৰি যাবলৈ বাধ্য হৈছিল।

প্রশ্ন ১৫। ওলন্দাজসকলে ভাৰতত কেনেকৈ বাণিজ্যৰ প্ৰসাৰ ঘটাইছিল লিখা। 

উত্তৰঃ ১৬০২ খ্ৰীঃত ইউনাইটেড ডাচ্চ ইষ্ট ইণ্ডিয়া কোম্পানী গঠন কৰি ডাচ্চসকলে পর্তুগীজৰ একচেতীয়া বাণিজ্যিক প্ৰত্যাহ্বান জনাইছিল। ভাৰতবৰ্ষতো ডাচ্চ বাণিজ্যই প্রসার লাভ কৰে। ১৬০৫ খ্রীঃত এডমিলে ভন ডেৰ হেগেনে ভাৰতৰ মছলিপট্টমত প্ৰথমটো ডাচ্চ ফেক্টৰী প্ৰতিষ্ঠা কৰিছিল। ৰেচমী সূতা, নীল জখাৰ, কপাহী কাপোৰ, চাউল, কানি ইত্যাদিৰ ব্যৱসায়েৰে ডাচ্চসকল প্ৰচুৰ লাভৱান হৈছিল। ভাৰতীয় বস্ত্ৰক বিশ্বৰ বজাৰত শ্ৰেষ্ঠ ৰণ্টানি সামগ্রীরূপে প্রতিষ্ঠা কৰিছিল ডাচ্চসকলে। নাগপট্টনম আৰু চুচুৰা আছিল ডাচ্চৰ প্ৰধান ঘাটি। সপ্তদশ শতিকাত গোটেই মচলাৰ বজাৰখন ডাচ্চসকলে নিয়ন্ত্রণ কৰি প্ৰচুৰ লাভৱান হৈছিল।

প্রশ্ন ১৬। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কেনেদৰে মোগল সম্রাটৰ পৰা সুবিধা আদায় কৰিছিল?

উত্তৰঃ ১৬১৩ খ্ৰীঃত মোগল সম্রাট জাহাংগীৰে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক চুৰাটত বাণিজ্য কুঠি পাতিবলৈ ফমান দিছিল। ইয়াৰ ফলত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত খোপনি পুতিবলৈ সুবিধা পালে। ১৭১৭ খ্ৰীঃত ইংৰাজসকলে সমগ্ৰ ভাৰততে বছৰি তিনি হাজাৰ টকাৰ বিনিময়ত বিনা শুল্কে অবাধ ব্যৱসায় কৰাৰ অধিকাৰ মোগল সম্রাটৰ পৰা লাভ কৰিছিল। আনকি মোগল সম্রাট ফারুকচিয়াৰে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক নিজা মুদ্রা প্রচলন কৰিবলৈও ফৰমানৰ দ্বাৰা অধিকাৰ দিছিল। ভাৰতত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বহুতো সুবিধা আদায় কৰিছিল।

প্রশ্ন ১৭। ইউৰোপীয় বণিকসকল ভাৰতলৈ কিয় বেপাৰ কৰিবলৈ আহিছিল। লিখা।

উত্তৰঃ বহুকালৰ আগৰ পৰাই পাশ্চাত্য দেশবোৰৰ লগত ভাৰতৰ বাণিজ্যিক সম্পৰ্ক আছিল। পাশ্চাত্য দেশবোৰত ভাৰতৰ পন্য সামগ্ৰীৰ প্ৰচুৰ চাহিদা আছিল। খ্ৰীষ্টিয় সপ্তম শতিকাত ভাৰতৰ সাগৰীয় বাণিজ্য আৰৱৰ নিয়ন্ত্ৰণলৈ যায়। তৎস্বত্বেও ইউৰোপত ভাৰতীয় সামগ্ৰীৰ গুৰুত্ব কমা নাছিল। আনকি ইউৰোপীয় বণিকসকলে আৰৱৰ পৰা ভাৰতীয় ৰেচম, মণি-মুকুতা আৰু মচলা কিনি ইউৰোপত বিক্ৰী কৰি প্ৰচুৰ অৰ্থ উপাৰ্জন কৰিছিল।

১৪৫৩ খ্ৰীঃত অটমান তুর্কী সাম্ৰাজ্যৰ অধিপতিয়ে এছিয়া মাইনৰ আৰু কনষ্টাণ্টিন প’ল অধিকাৰ কৰে। ফলত প্ৰাচ্য আৰু পাশ্চাত্যৰ বাণিজ্য ভীষণভাৱে ক্ষতিগ্ৰস্ত হৈছিল।

পঞ্চদশ শতিকাৰ শেষৰফালে ইউৰোপত নৱজাগৰণে বহুতো পৰিৱৰ্তন আনিলে। বাণিজ্যিক দিশত ইউৰোপীয় দেশসমূহ শক্তিশালী আছিল। ভাৰতত ইউৰোপীয় দেশসমূহে বাণিজ্যৰ প্ৰসাৰ কৰি বিপুল অর্থ ঘটিছিল। শেষত ইংলেণ্ডেও ভাৰতত বাণিজ্য কৰিবলৈ মন মেলিছিল। আৰু ১৬০৮ খ্ৰীঃত ভাৰতত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বাণিজ্য কুঠি নির্মাণত উদ্যোগী হয়।

প্রশ্ন ১৮। নৱজাগৰণে ইউৰোপীয়সকলক কেনেদৰে সহায় কৰিছিল আলোচনা কৰা।

উত্তৰঃ নৱজাগৰণে ইউৰোপীয়সকলক অভূতপূর্ব সহায় কৰিলে। নৱজাগৰণে ইউৰোপীয় লোকসকলক নতুন সাহস আৰু অনুপ্ৰেৰণা দিলে। সেয়েহে তেওঁলোকে নজনাক জানিবলৈ গোটেই বিশ্বতে দুঃসাহসিক অভিযান চলালে। এই দুঃসাহসিক অভিযান এটাৰ নেতৃত্ব দিয়া বাহলিমিউ ডিয়াজ নামৰ পৰ্তুগীজ নাৱিক এজনে ১৪৮৭ খ্ৰীঃত আফ্ৰিকাৰ দক্ষিণ সীমাৰ উত্তমাশা অন্তৰীপৰ কাষেৰে নতুন জলপথ এটাৰ সন্ধান দিলে। ১৪৯৮ খ্ৰীঃত পর্তুগীজ নাৱিক ভাস্ক’-ডা-গামাই সেই জলপথেৰেই আগবাঢ়ি আহি ভাৰতৰ পশ্চিম উপকূল কালিকট বন্দৰত উপস্থিত হয়। পৰৱৰ্তী সময়ত এই জনপথেৰেই ভাৰতলৈ পৰ্তুগীজ, ডাচ্চ, ইংৰাজ আৰু ফৰাচী বণিকসকল ভাৰতলৈ আহে। এই বণিকসকলেই মুকলি কৰিলে ভাৰতৰ ইতিহাসৰ নতুন অধ্যায়।

প্রশ্ন ১৯। দ্বিতীয় কৰ্ণাটক যুদ্ধৰ ঘটনাৱলীৰ বিৱৰণ দিয়া।

উত্তৰঃ ১৭৪৯ খ্ৰীঃত কৰ্ণাটকৰ আগৰ নৱার দোস্ত আলিৰ জোৱায়েক চান্দ চাহিবক মাৰাঠাসকলে মুকলি কৰি দিয়ে। তেওঁ আহি কৰ্ণাটকৰ নৱাব আনোৱাৰ উদ্দিনক ওফৰাই নিজে নৱাব হ’বলৈ মন কৰিলে।

ঠিক সেই সময়তে হায়দৰাবাদৰ নিজাম আজফজাহৰ মৃত্যু হ’ল। নিজামৰ সিংহাসনক লৈ মৃত নিজামৰ জী-নাতি মুজাফৰ জং আৰু নিজামৰ পুত্ৰ নাছিব জঙৰ মাজত থকা-খুন্দা লাগিল। ডুপ্লেই ফৰাচী স্বাৰ্থ পূৰাবলৈ কর্ণাটকত চান্দ চাহিবক আৰু হায়দৰাবাদৰ সিংহাসনৰ ক্ষেত্ৰত মুজাফ জঙক সহায় কৰিবলৈ স্থিৰ কৰিলে। দুয়োজনৰ লগত গোপনে চুক্তি কৰি ১৭৪৯ খ্ৰীতে চান্দ চাহিব, মুজাফৰ জং আৰু ফৰাচী সৈন্যৰ সন্মিলিত সৈন্য বাহিনীয়ে কৰ্ণাটকৰ নৱাব আনোৱাৰ উদ্দিনক আক্ৰমণ কৰিলে।

অম্বৰ যুদ্ধত আনোৱাৰ উদ্দিন পৰাজিত হ’ল আৰু পুতেক মহম্মদ আলিয়ে ত্রিচনপল্লীত আত্মগোপন কৰে। চান্দ চাহিব কৰ্ণাটকৰ ৰজা হ’ল আৰু কৃতজ্ঞতাৰ চিন স্বৰূপে ডুপ্লেক পণ্ডিচেৰীৰ কাষৰ ৮০ খন গাঁও দান দিলে। ফলত কৰ্ণাটকত ফৰাচীসকল গজগজীয়া হৈ পৰিল।

ইপিনে ফৰাচী সৈন্যৰ সহায়ত নাছিৰ জঙক পৰাস্ত কৰি ১৭৫০ চনত মুছাফৰ জং হায়দৰাবাদৰ নিজাম হয়। নাছিৰ জং পলাই ব্ৰিটিছৰ শৰণাপন্ন হয়। মুছাফৰ জঙে নিজাম হৈ ফৰাচীসকলক ডিঙি, মচলিপট্টম আদি অঞ্চল দিয়াৰ উপৰিও বিপুল অৰ্থ আৰু ডুপ্লেক ব্যক্তিগতভাৱে এখন জায়গীৰ প্ৰদান কৰে।

ফৰাচীসকলৰ উত্থান দেখি ইংৰাজে হায়দৰাবাদত নাছিৰ জং আৰু কর্ণাটকত মহম্মদ আলিক সহায় কৰিলে। ফলত দুয়োটা কোম্পানীৰ ভাৰতত যুদ্ধ লাগিল।

চান্দ চাহিবে সিংহাসন নিষ্কণ্টক কৰিবলৈ ফৰাচী সৈন্যৰ সহায়ত মহম্মদ আলিক ত্রিচনপল্লীত অৱৰোধ কৰে। কিন্তু চেন্নাইৰ গৱৰ্ণৰ চন্দাৰ্চে ১৭৫১ খ্ৰীঃত ৰবাৰ্ট ক্লাইব নামৰ নতুন বিষয়া এজনক মহম্মদ আলিৰ সাহায্যৰ বাবে প্ৰেৰণ কৰে। ৰবাৰ্ট ক্লাইবৰ সন্মুখত চান্দ চাহিব আৰু ফৰাচী জেক লই আত্মসমৰ্পণ কৰে। চান্দ চাহিবক হত্যা কৰি মহম্মদ আলিক কৰ্ণাটকৰ নৱাব – পাতে। আনহাতে, হায়দৰাবাদৰ নিজাম মুজাফৰ জঙে বেছিদিন ৰাজত্ব কৰিবলৈ নাপালে। আততায়ীৰ হাতত তেওঁৰ মৃত্যু হয়। তেতিয়া ফৰাচী সেনাধ্যক্ষ বুছীয়ে নিজাম উল মুল্কৰ তৃতীয় পুত্র চালাবৎ জঙক নিজাম পাতিলে। নতুন নিজামে ‘উত্তৰ চৰকাৰ’ নামৰ এটা বিশাল অঞ্চল ফৰাচীসকলক দান দিলে।

ডুপ্লেৰ কাৰ্যকলাপত ফ্ৰান্সৰ গৃহ কর্তৃপক্ষ অসন্তুষ্ট হয় আৰু গডেহু নামৰ নতুন গৱৰ্ণৰ নিযুক্ত কৰে। গডেহুৱে দায়িত্ব লৈ ইংৰাজৰ লগত সন্ধি কৰিলে। সন্ধিৰ চৰ্তমতে উভয়পক্ষই ভাৰতৰ ৰাজন্যবর্গৰ ভিতৰুৱা বিবাদত জড়িত নহ’বলৈ মান্তি হ’ল। আৰু ‘উত্তৰ চৰকাৰ’ অঞ্চলত ইংৰাজসকলে এখন নগৰ লাভ কৰে।

প্রশ্ন ২০। ইংৰাজ ফৰাচী বিবাদত ইংৰাজৰ সফলতাৰ কাৰণবোৰ আলোচনা কৰা।

উত্তৰঃ সাংগঠনিক দিশৰ পৰা ব্ৰিটিছসকল ফৰাচীসবলতকৈ বহুত সুদৃঢ় আৰু শক্তিশালী আছিল। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আছিল ৰাজ‍ৱা বেচৰকাৰী প্রতিষ্ঠান। ই ৰাষ্ট্ৰীয় হস্তক্ষেপৰ পৰা প্ৰায় মুক্ত আছিল। নিজৰ বাণিজ্য বহলোৱাৰ লগতে কোম্পানীক শক্তিশালী কৰিছিল। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সামৰিক আৰু ৰাজনৈতিক ক্ষেত্ৰত খৰতকীয়া সিদ্ধান্ত ল’ব পাৰিছিল। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সকলো সময়তে ব্যৱসায়িক স্বার্থক আগস্থান দিছিল।

ব্ৰিটিছসকলৰ বংগ, চেন্নাই আৰু মুম্বাই এই তিনিওটা ঠাইত শক্তিশালী সামৰিক দুর্গ আছিল। সেয়েহে প্রয়োজনত সহজেই সামৰিক সাহায্য লাভ কৰিছিল। ইংৰাজসকলৰ বহুতো শক্তিশালী নৌ-বাহিনী আছিল বাবে সাগৰৰ ওপৰত তেওঁলোকৰ কৰ্তৃত্ব আছিল।

ইংৰাজী কৰ্মচাৰীৰ একাগ্রতা, সংঘবদ্ধ দলীয় প্রচেষ্টা, দেশৰ উন্নতিৰ প্রতি শ্রদ্ধা ইত্যাদিব বাবে তেওঁলোক সফল হৈছিল।

প্রশ্ন ২১। কোনে ভাৰতীয় বস্ত্ৰক বিশ্বৰ বজাৰত শ্ৰেষ্ঠ ৰপ্তানি সামগ্ৰীৰূপে প্রতিষ্ঠা কৰিছিল?

উত্তৰঃ ডাচ্চসকলে ভাৰতীয় বস্ত্ৰক বিশ্বৰ বজাৰত শ্ৰেষ্ঠ ৰপ্তানি সামগ্ৰীৰূপেপ্রতিষ্ঠা কৰিছিল।

প্রশ্ন ২২। বার্থল মিউ ডিয়াজ কোন? তেওঁ কি আৱিষ্কাৰ কৰিছিল? 

উত্তৰঃ বার্থল’মিউ ডিয়াজ আছিল এগৰাকী দুঃসাহসী পর্তুগীজ নাবিক। আফ্ৰিকাৰ দক্ষিণ সীমাৰ উত্তমাশা অন্তৰীপৰ কাষেৰে ইউৰোপৰ পৰা ভাৰতলৈ জলপথৰ আৱিষ্কাৰ কৰিছিল ১৪৮৭ খ্ৰীঃত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top