Assam Jatiya Bidyalay Class 7 Social Science Chapter 14 পৃথিৱীৰ বিভিন্ন স্তৰ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 7 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Class 7 Social Science Question Answer can be of great value to excel in the examination.
Assam Jatiya Bidyalay Class 7 Social Science Chapter 14 পৃথিৱীৰ বিভিন্ন স্তৰ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.
পৃথিৱীৰ বিভিন্ন স্তৰ
Chapter -14
ASSAM JATIYA VIDYALAYA
অসম জাতীয় বিদ্যালয়
প্রশ্ন ১। ভূগৰ্ভত থকা গলিত পদাৰ্থক কি বুলি কোৱা হয়?
উত্তৰঃ লাভা।
প্রশ্ন ২। ‘ছিয়াল স্তৰটো কি কি পদাৰ্থৰে গঠিত?
উত্তৰঃ ছিলিকা আৰু এলুমিনিয়ামেৰে গঠিত।
প্রশ্ন ৩। ভূত্বকে পৃথিৱীৰ মুঠ আয়তনৰ কিমান শতাংশ ঠাই আগুৰি আছে?
উত্তৰঃ ৫ শতাংশ।
প্রশ্ন ৪। ভূত্বক বুলিলে কি বুজা?
উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ কঠিন তৰপটোক ভূত্বক বোলা হয়।
প্রশ্ন ৫। পৃথিৱীৰ বিভিন্ন স্তৰকেইটাৰ ছবি আঁকি দেখুওৱা।
উত্তৰঃ

প্রশ্ন ৬। খালী ঠাই পূৰ কৰা—
ক) ভূত্বকতে মহাদেশ আৰু ________ আছে।
খ) ছিমা স্তৰটো ছিলিকা আৰু ________ ৰে গঠিত।
উত্তৰঃ ক) ভূত্বকতে মহাদেশ আৰু মহাসাগৰবোৰ আছে।
খ) ছিমা স্তৰটো ছিলিকা আৰু মেগনেছিয়ামেৰে গঠিত।
প্রশ্ন ৭। লো আৰু নিকেলেৰে গঠিত স্তৰটোত কি নামেৰে জনা যায়?
উত্তৰঃ নিফে।
প্রশ্ন ৮। পৃথিৱীৰ কেন্দ্ৰৰ পদাৰ্থখিনিক কি বোলা হয়?
উত্তৰঃ মেগমা।
প্রশ্ন ৯। আগ্নেয় শিল কাক বোলে লিখা।
উত্তৰঃ আগ্নেয়গিৰিৰ উদ্গিৰণৰ ফলত ভিতৰৰ পৰা ওলাই অহা উত্তপ্ত লাভা লাহে লাহে ঠাণ্ডা হৈ শিলত পৰিণত হয়। এনে শিলক আগ্নেয়শিল বোলে।
প্রশ্ন ১০। পৃথিৱীৰ বিভিন্ন স্তৰ কেইটাৰ বিষয়ে লিখা।
উত্তৰঃ চুয়েছ নামৰ ভূ-বিজ্ঞানীজনৰ মতে পৃথিৱীৰ অন্তৰ্ভাৰ্গক তিনিটা ভাগত ভাগ কৰিছে। সেই ভাগকেইটা হৈছে— ছিয়াল, ছিমা আৰু নিফে। অন্য ভূ-বিজ্ঞানীসকলে এই স্তৰকেইটাক ভূ-ত্বক, প্ৰাবাৰ আৰু শাহ বুলি নামকৰণ কৰিছে।
ভূত্বক হ’ল পৃথিৱীৰ একেবাৰে ওপৰৰ স্তৰটোৰ নাম। ই আটাইতকৈ পাতল। ইয়াৰ ঘণত্ব ২.৭৫ আৰু গড় ডাঠ ২০ কিঃ মিঃ। ইগ্রেনাইট শিলাৰে গঠিত। চিলিকা আৰু এলুমিনিয়াম উপাদান প্রধানভাৱে পোৱা যায় বাবে এই স্তৰটোক চমুকৈ ছিয়াল বোলে।
ছিয়াল ঔৰৰ তলৰ ঔৰটো তুলনামূলকভাৱে গধুৰ উপাদান বেছল্ট শিলাৰে গঠিত। এই স্তৰটোৰ ঘণত্ব ৩.১ৰ পৰা ৫ আৰু ডাঠ প্রায় ২৯০০ কিঃমিঃ। এই ঔৰটোত চিলিকা আৰু মেগনেছিয়ামৰ পৰিমাণ বেছি বাবে ইয়াক ছিমা বোলে। কিছুমান ভূ-বিজ্ঞানীয়ে এই স্তৰটোক প্ৰাবাৰ বুলি কয়।
ছিমা স্তৰটোৰ পৰা একেবাৰে ভূ-কেন্দ্ৰলৈ থকা স্তৰটো আটাইতকৈ গধুৰ উপাদানেৰে গঠিত। এই উপাদানবোৰৰ ভিতৰত নিকেল আৰু লোৰ প্ৰাচুৰ্যতা অধিক। এই স্তৰৰ ঘণত্ব ১১ আৰু ডাঠ প্রায় ৩৫০০ কিঃ মিঃ। এই স্তৰটোক চমুকৈ নিফে বুলি কোৱা হয়। ভূত্বকে পৃথিৱীৰ মুঠ আয়তনৰ ৫ শতাংশ, প্রাবাবে ৮০ শতাংশ আৰু শাহ স্তৰটোৱে ১৫ শতাংশ ঠাই আগুৰি আছে।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.