Assam Jatiya Bidyalay Class 7 Social Science Chapter 15 ভূ-অৱয়ৱ

Assam Jatiya Bidyalay Class 7 Social Science Chapter 15 ভূ-অৱয়ৱ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 7 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Class 7 Social Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 7 Social Science Chapter 15 ভূ-অৱয়ৱ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

ভূ-অৱয়ৱ

Chapter -15

ASSAM JATIYA VIDYALAYA

অসম জাতীয় বিদ্যালয়

প্রশ্ন ১। পর্বত বলিলে কি বুজা?

উত্তৰঃ ৯০০ মিটাৰতকৈ ওখ গছ-গছনি থকা শিলাময় ঠাইক পর্বত বোলে। 

প্রশ্ন ২। পৃথিৱীৰ দুখন ভংগিল পৰ্বতৰ নাম লিখা।

উত্তৰঃ হিমালয়, অল্পছ।

প্রশ্ন ৩। ভাৰতৰ স্তূপ পর্বতটো আৰু গ্ৰস্ত উপত্যকাটোৰ নাম লিখা। 

উত্তৰঃ সাতপুৰা স্তূপ পর্বত আৰু নর্মদা নদীৰ উপত্যকা গ্রস্ত উপত্যকা।

প্রশ্ন ৪। ভাৰতৰ দুখন পৰ্যটন কেন্দ্ৰৰ নাম লিখা।

উত্তৰঃ নাইনিতাল, দার্জিলিং।

প্রশ্ন ৫। পৃথিৱীৰ ভিতৰত উচ্চতম আৰু বৃহত্তম মালভূমি দুটাৰ নাম লিখা। 

উত্তৰঃ পামিৰ মালভূমি আৰু তিব্বত।

চমুটোকা লিখা—

ক) সঞ্চয়জাত পর্বত।

খ) তৃতীয় বৰ্গৰ ভূ-অবয়ব।

ক) সঞ্চয়জাত পর্বত : আগ্নেয়গিৰিৰ উদ্‌গিৰণত ভূগৰ্ভৰ পৰা ওলাই অহা লাভা জ্বালামুখৰ চাৰিওফালে জমা হৈ একোটা পর্বত বা পাহৰৰ সৃষ্টি হয়। এনেধৰণৰ পর্বত বা পাহাৰকে সঞ্চয়জাত পর্বত বোলে। জাপানৰ ফুজিয়ামা এনে ধৰণৰ পৰ্বত।

খ) তৃতীয় বৰ্গৰ ভূ-অবয়ৱ : তৃতীয় বৰ্গৰ ভূ-অৱয়ৱবোৰ হ’ল পৰ্বত-পাহাৰৰ বিভিন্ন অংশ। এইবোৰৰ ভিতৰত প্ৰধানকৈ শৃংগ, গিরিখাত, হিমগহ্বৰ, সমভূমি অঞ্চলৰ উপত্যকা, প্লাবনভূমি, ব-দ্বীপ আৰু জলভাগৰ দ্বীপ।

প্রশ্ন ৬। পার্বত্য অঞ্চল উদ্যোগত পিছপৰি থকাৰ কাৰণ কি? 

উত্তৰঃ সাধাৰণতে পার্বত্য অঞ্চলৰ ভূপ্রকৃতি অসমান। যাতায়াত ব্যৱস্থা অকোৱা পকোৱা কষ্টকৰ। ৰে’লপথ নিৰ্মাণ কৰা অতি কষ্টসাধ্য কাম। যাতায়াত অনুন্নত বাবে উদ্যোগৰ ক্ষেত্ৰত পিছপৰা। উদ্যোগৰ যন্ত্ৰ পাতিবোৰ আনিবলৈ অসুবিধা আৰু লগতে ব্যয়বহুল হয়। সেয়েহে পার্বত্য অঞ্চল উদ্যোগৰ ক্ষেত্ৰত পিছপৰা।

প্রশ্ন ৭। দ্বিতীয় বৰ্গৰ ভূ-অৱযৱৰ ওপৰত এটা টোকা লিখা। 

উত্তৰঃ দ্বিতীয় বৰ্গৰ ভূ-অৱয়ববোৰ হ’ল পৰ্বত পাহাৰ মালভূমি আৰু সমভূমি। সেইদৰে জলভাগৰ অংশবোৰ হ’ল মহীসোপান, মহীঢাল সমুদ্রতল, সমুদ্রখাত আৰু শৈলশিৰা।

পৰ্বত-পাহাৰ বুলিলে নানা গছ-গছনিৰে ভৰা ওখ শিলাময় ঠাইক বুজায়। ৯০০ মিটাৰতকৈ ওখবোৰক পৰ্বত আৰু তাতকৈ চাপৰবোৰক পাহাৰ বুলি কয়। পৰ্বত-পাহাৰ কেতিয়াবাহে গাই গুটীয়াকৈ থাকে। এখন পৰ্বতৰ কাষত বহুতো সৰু-বৰ পৰ্বত লগ লাগি থাকে।

উৎপত্তি অনুসৰি পৰ্বতক চাৰিটা ভাগত ভগাব পাৰি।

১) ভংগিল পর্বত। 

২) স্তূপ পর্বত। 

৩) সঞ্চয়জাত পর্বত। 

৪) ক্ষয়জাত পর্বত।

পৰ্বত-পাহাৰৰ ওপৰত সমান ঠাইক মালভূমি বোলে। গঠন অনুসৰি মালভূমিক কেইবাটাও ভাগত ভাগ কৰিব পাৰি। পৃথিৱীৰ উপৰিভাগত বহুতো সৰু-বৰ মালভূমি আছে।

ভূ-পৃষ্ঠৰ ওপৰৰ সমান ঠাইক সমভূমি বোলা হয়। সমভূমিবোৰ অৱশ্যে একেবারে সমান নহয়। ইয়াৰ মাজে মাজে সক টান শিলৰ অৱশিষ্ট থাকে। পৃথিৱীৰ শতকৰা ৮১ ভাগ ঠাই সৰু-বৰ সমভূমিয়ে আগুৰি আছে।

সমভূমিক প্ৰধানকৈ উপকূলীয় সমভূমি, ক্ষয়প্রাপ্ত সমভূমি আৰু সঞ্চয়জাত সমভূমিত ভাগ কৰিব পাৰি।

প্রশ্ন ৮। মালভূমি অঞ্চলে জনজীৱনত কেনেদৰে প্ৰভাৱ পেলায়? 

উত্তৰঃ মালভূমি অঞ্চলে জনজীৱনত বহুতো প্রভাৱ পেলায়। সকলো মালভূমিৰ ভূ-প্রকৃতি আৰু উচ্চতা একে নহয়। মালভূমিত বাস কৰা লোকৰ জীৱিকাও বেলেগ বেলেগ হয়। সমতলীয় মালভূমিৰ অনুকূল জলবায়ু আৰু সাৰুৱা ভূমিৰ কাৰণে কৃষি ভালদৰে হয়। ঘাঁহেৰে আবৃত মালভূমিত পশুপালন কৰিবলৈ সুবিধাজনক।

যিবোৰ মালভূমি খনিজ সম্পদত চহকী তাত নানা ধৰণৰ উদ্যোগ গঢ় লৈ উঠিছে।

মালভূমিৰ উচ্চতা সাগৰ পৃষ্ঠৰপৰা ওপৰত বাবে ইয়াৰ জলবায়ু স্বাস্থ্যকৰ। মালভূমিৰ যাতায়াত ব্যৱস্থাও উন্নত। সেয়েহে মালভূমি অঞ্চলত জনবসতি ঘন হয়। বহুতো মালভূমি আকৌ ফল-মূলৰ বাবেও বিখ্যাত। সেয়েহে মালভূমি অঞ্চলসমূহে জনজীৱনত বহুতো প্ৰভাৱ পেলায়।

প্রশ্ন ৯। সমভূমি অঞ্চলত জনবসতি ঘন কিয়?

উত্তৰঃ সমভূমি অঞ্চলত বহুতো সুবিধা থকা বাবে জনবসতি ঘন হয়। সমভূমি অঞ্চলৰ মাটিবোৰ সাৰুৱা হোৱা বাবে খেতি-বাতি ভাল হয়। সেয়েহে মানুহে ইয়াত বসবাস কৰিবলৈ ভাল পায়। সমভূমি অঞ্চলত যাতায়াত ব্যৱস্থা অতি উন্নত ধৰণৰ। আনকি সমভূমিৰ মাজেৰে বৈ যোৱা নদীসমূহেৰেও জল-পৰিবহণ ব্যৱস্থা আছে। সমভূমি অঞ্চলত প্ৰয়োজনীয় আটাইবোৰ সুবিধা থকাৰ বাবে নগৰ-চহৰবোৰ গঢ় লৈ উঠিছে। সেয়েহে সমভূমি অঞ্চলত জনবসতি ঘন হয়।

প্রশ্ন ১০। পাহাৰীয়া অঞ্চল কি কামৰ বাবে সুবিধাজনক?

উত্তৰঃ বনজ আৰু খনিজ সম্পদত পাহাৰীয়া অঞ্চলবোৰ চহকী। সেই সম্পদক কেন্দ্ৰ কৰি সৰু-সুৰা উদ্যোগ গঢ়ি তুলিব পাৰি। পাহাৰীয়া অঞ্চলবোৰ জলবিদ্যুৎ উৎপাদনৰ বাবে সুবিধাজনক। কৃত্রিম হ্রদৰ সৃষ্টি কৰি বিদ্যুৎ উৎপাদনৰ উপৰিও মীনপালনৰ ব্যৱস্থা কৰিব পাৰি। ওখত অৱস্থিত কাৰণে পাহাৰীয়া অঞ্চলত গৰম কম। এনেবোৰ অঞ্চল স্বাস্থ্যকৰ হোৱা বাবে পর্যটন কেন্দ্ৰ গঢ়ি তুলিব পাৰি।

প্রশ্ন ১১। ভাৰতৰ পাঁচখন পর্যটন কেন্দ্ৰৰ নাম লিখা। 

উত্তৰঃ শ্বিলং, টাৱাং, নাইনিতাল, দাৰ্জিলিং আৰু মৌচুৰি।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top