Assam Jatiya Bidyalay Class 6 Assamese Chapter 15 পুতলা নাচ

Assam Jatiya Bidyalay Class 6 Assamese Chapter 15 পুতলা নাচ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় অসমীয়া Class 6 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 15 পুতলা নাচ Class 6 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 6 Assamese Chapter 15 পুতলা নাচ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 6 Assamese Chapter 15 পুতলা নাচ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

পুতলা নাচ

Chapter – 15

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

১। একোটিকৈ বাক্যত উত্তৰ লিখা।

(ক) কমলপুৰ গাঁৱত কিমান বছৰৰ মূৰত পুতলা নাচ অনুষ্ঠিত হৈছিল ?

উত্তৰঃ প্রায় দহ বছৰৰ মূৰত কমলপুৰ গাঁৱত পুতলা নাচ অনুষ্ঠিত হৈছিল।

(খ) গাঁওবুঢ়াৰ নাতিয়েকৰ নাম কি ?

উত্তৰঃ গাঁওবুঢ়াৰ নাতিয়েকৰ নাম ৰতন।

(গ) প্রাচীন ভাৰতবৰ্ষত পুতলা-নাট প্রচলনৰ কথা উল্লেখ থকা গ্রন্থ দুখনৰ নাম কি ?

উত্তৰঃ প্রাচীন ভাৰতবৰ্ষত পুতলা-নাচ প্রচলনৰ কথা উল্লেখ থকা গ্রন্থ দুখন হ’ল- মহাভাৰত আৰু কথাসৰিৎ সাগৰ।

(ঘ) পুতলাক সংস্কৃত ভাষাত কি বােলা হয় ?

উত্তৰঃ পুতলাক সংস্কৃত ভাষাত ‘পাঞ্চালিকা’ বােলা হয়।

(ঙ) অসমত প্রচলিত কাঠ-পুতলাবােৰ কিহৰ সহায়ত গঢ়া হয় ?

উত্তৰঃ অসমত প্রচলিত কাঠ-পুতলাবােৰ কুঁহিলাৰ সহায়ত গঢ়া হয়।

(চ) একোটা পুতলা নাচৰ দলত কিমানজনকৈ মানুহ থাকে ?

উত্তৰঃ একোটা পুতলা নাচৰ দলত ছয়-সাত গৰাকীকৈ মানুহ থাকে।

২। তিনি-চাৰিটামান বাক্যত হােৱাকৈ উত্তৰ লিখা।

(ক) পুতলা নাচৰ ইতিহাসৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ পুতলা নাচৰ উৎপত্তি কেতিয়া হৈছিল, সেইটো সঠিককৈ কোৱা টান। সমগ্র পৃথিৱীতে পুতলা নাচৰ প্রচলন আছে। ভাৰতবৰ্ষতে অতি প্রাচীন কালৰেপৰা পুতলা নাচৰ প্রচলন আছে। মহাভাৰত,কথাসৰি সাগৰ আদি গ্ৰন্থত ইয়াৰ উল্লেখ থকাৰ পৰা পুতলা নাচৰ প্রাচীনতাৰ কথা জানিব পাৰি। পুতলা নাচৰ পৰাই সংস্কৃত নাটকৰ উৎপত্তি হােৱা বুলিও অনেকে কয়। আনহাতে ভাৰতৰ অতি প্রাচীন ৰাজ্য ‘পাঞ্চাল’তে পুতলাৰ উৎপত্তি হােৱা বুলি ভাৰতীয়সকলে বিশ্বাস কৰে। ভাৰতবৰ্ষৰ অন্যান্য ঠাইৰ লগতে অসমতাে পুতলা নাচৰ প্রচলন অতি প্রাচীন। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অংকীয়া নাটৰ সৃষ্টিৰ মূলতেও পুতলা নাচ বুলি ধাৰণা কৰা হয়।

(খ) পুতলা নাচৰ পুতলাক মূলতঃ কেইটাভাগত ভাগ কৰা হৈছে আৰু ভাগকেইটা কি কি ?

উত্তৰঃ পুতলা নাচৰ পুতলাক মূলতঃ চাৰিভাগত ভগাব পাৰি।এই ভাগকেইটা হ’ল-

(ক) কাঠ পুতলা। 

(খ) হাত পুতলা।

(গ) মাৰি পুতলা। 

(ঘ) ছা পুতলা। 

এই চাৰিওটা ভাগৰ ভিতৰত সমগ্র পৃথিৱীতে কাঠ পুতলা নাচৰ প্রচলনেই বেছি। আমাৰ অসমতাে বর্তমান কাঠ পুতলাৰহে প্রচলন আছে যদিও প্রাচীন অসমত ছাঁ পুতলাৰ নাচৰৰ প্ৰচলন আছিল।

(গ) পুতলা নাচৰ পুতলা কেনেকৈ নচুওৱা হয় ?

উত্তৰঃ পুতলা নাচৰ কাঠ পুতলাবােৰ কুঁহিলাৰ সহায়ত গঢ়া হয়। কুঁহিলাত কাপােৰ, ৰাংপতা আদি মেৰিয়াই দি তাৰ ওপৰত হেঙুল-হাইল সানি আ-অলংকাৰ আৰু কানি-কাপােৰ পিন্ধোৱা হয়। পুতলাবিলাকত চকু,কাণ, নাক, হাত-ভৰি আদিও সুন্দকৈ সংযােগ কৰি দিয়া হয়। কেতিয়াবা প্রয়ােজন অনুসাৰে বিভিন্ন অস্ত্র-শস্ত্রও পুতলাৰ হাতত তুলি দিয়া হয়। নচুওৱাৰ কাৰণে পুতলাবােৰৰ বিভিন্ন অংগত কলা ৰঙৰ সুতাৰ জৰী সংযােগ কৰি ৰখা হয়। এই জৰীৰ সহায়তে পুতলাবােৰ নচুওৱা হয়।

আনহাতে ছা-পুতলা নাচৰ কাৰণে পুতলাবােৰ চেপেটাকৈ তৈয়াৰ কৰা হয়, পাছফালৰ পৰা শলিৰ সহায়ত পৰ্দাত ছ পেলােৱা হয় আৰু দৰ্শকে কেৱল ছাঁটোহে দেখিবলৈ পায় ।

(ঘ) পুতলা নাচত দর্শক আৰু অভিনেতাৰূপী পুতলাৰ মাজত কোনে, কেনেকৈ সম্পর্ক স্থাপন কৰে লিখা।

উত্তৰঃ পুতলা নাচত গায়ন-বায়নৰ দল এটি থাকে। এওঁলােকে খােল, তাল, মৃদংগ আদি বজায়। এওঁলােকৰ মাজত নৃত্য-গীতত বিশাৰদ মুখিয়াল এজন থাকে। এওঁক বায়ন বােলা হয়। এই বায়নজনেই দর্শক আৰু অভিনেতাৰূপী পুতলাৰ মাজত সম্পর্ক স্থাপন কৰে। ইয়াৰ বাবে তেওঁ পুতলাই অভিনয় কৰিবলগীয়া আখ্যানটো গীতৰ মাজেৰে পৰিবেশন কৰে।

৩। চমুটোকা লিখা।

মহাভাৰত, পুতলা নাচৰ সূত্ৰধাৰ।

উত্তৰঃ মহাভাৰত :- ভাৰতবৰ্ষৰ এখন অতি প্রাচীন মহাকাব্য। মহর্ষি ব্যাসদেৱে এই মহৎ কাব্যগ্রন্থখন ৰচনা কৰে। ইয়াত মহাভাৰতৰ যুদ্ধৰ বিভিন্ন কাহিনী অতি সাৱলীল ৰূপত বর্ণনা কৰা হৈছে।

পুতলা নাচৰ সূত্ৰধাৰ :- অংকীয়া নাটৰ দৰে পুতলা নাচতে এজন সূত্ৰধাৰ থাকে। এই সূত্ৰধাৰজন আৰ কাপােৰৰ আঁৰত থকাৰ বাবে দর্শকে তেওঁক দেখা নাপায়। এই সূত্ৰধাৰজনৰ মুখত এটা পেপা থাকে। এই পেপাৰে তেওঁ পুতলাবােৰৰ মাত উলিয়ায় আৰু পুতলাবােৰৰ বিভিন্ন অংগত গাঁঠি দিয়া কলা সুতাৰ জৰীৰ সহায়ত পুতলাবােৰ নচুৱায়। পুতলাৰ অংগী-ভংগীৰ লগত সংগতি ৰাখি সূত্ৰধাৰে পেঁপাৰে মাত উলিয়াই থাকে।

৪। বিপৰীত শব্দ লিখা।

ছাঁ ……………

গায়ন……………..

সৃষ্টি………………..

জন্ম………………… 

কলা………………

জীৱ………………

উত্তৰঃ  বিপৰী – শব্দ

ছাঁ – পোহৰ।

গায়ন – বায়ন।

সৃষ্টি – ধ্বংস।

জন্ম – মৃত্যু।

কলা – বগা।

জীৱ – জড়।

৫। উদাহৰণটো চাই বাকীকেইটা কৰা।

উদাহৰণ- বস্ত্র – বসন।

নাচ ……………….

পাত…………………

নাট ……………….

উত্তৰঃ বস্ত্র – বসন।

নাচ – নৃত্য।

পাত – পত্ৰিকা।

নাট – নাটক।

৬। কি বুলি কোৱা হয়-

(ক) যিয়ে নাটক ৰচনা কৰে…………………. 

(খ) যিয়ে নৃত্য কৰে………………………

(গ) যিয়ে অভিনয় কৰে…………………….. 

(ঘ) যিয়ে গীতত সুৰ দিয়ে……………………

(ঙ) যিয়ে বাদ্য বজায়………………………..

(চ) মঞ্চৰ পিছফাল………………………….

উত্তৰঃ (ক) যিয়ে নাটক ৰচনা কৰে = নাট্যকাৰ।

(খ) যিয়ে নৃত্য কৰে = নাচনী, নাচনি।

(গ) যিয়ে অভিনয় কৰে = অভিনেতা, অভিনেত্রী।

(ঘ) যিয়ে গীতত সুৰ দিয়ে = সুৰকাৰ।

(ঙ) যিয়ে বাদ্য বজায় = বাদক।

(চ) মঞ্চৰ পিছফাল = নেপথ্য।

৭। লােকনাট্য অনুষ্ঠান বুলিলে কি বুজা ? তুমি জনা কেইবিধমান লােকনাট্য অনুষ্ঠানৰ নাম লিখা।

উত্তৰঃ লােক সমাজৰ মাজত পুৰুষানুক্রমে চলি অহা বিশ্বাস, আচাৰ ব্যৱহাৰ,ধর্ম বা ঈশ্বৰ সম্বন্ধীয় চিন্তাক কেন্দ্ৰ কৰি সৃষ্টি হােৱা এক সামাজিক পৰিবেশ্য কলা বা নাট অনুষ্ঠানসমূহকে লােক নাট্য অনুষ্ঠান বােলা হয়।

অসমৰ কেইবিধমান লােক নাট্য অনুষ্ঠান হ’ল- ওজাপালি, কুশান গান, ভাৰী গান, অংকীয়া নাট, ঢুলীয়া অনুষ্ঠান ইত্যাদি।

৮। নাটক মঞ্চস্থ কৰা দেখিছানে ? নাটক এখন মঞ্চস্থ কৰোঁতে মঞ্চ এখন কেনেকৈ সজায় চমুকৈ লিখা।

উত্তৰঃ নাটক মঞ্চস্থ কৰা মই দেখিছাে। নাটকৰ মঞ্চ এখন নাটঘৰৰ একেবাৰে সন্মুখ ভাগত কিছু ওখকৈ তৈয়াৰ কৰা হয়। এই মঞ্চখনৰ সোঁ আৰু বাওঁফালে ওলােৱা-সােমােৱা কৰিবপৰা দুটা বাট থাকে। ইয়াত বেঁকাকৈ দুই বা তিনিখনমান সৰু আৰকাপােৰ দিয়া হয়। ইয়াত সূত্ৰধাৰজন নাইবা পৰিচালক একোজন দর্শকে ধৰিব নােৱাৰাকৈ থাকে। তেওঁ বিভিন্ন নির্দেশনাসমূহ ইয়াৰপৰাই দিয়ে। ইয়াৰ পিছত অর্থাৎ পাছফালে এখন কলা আঁৰ কাপােৰ দিয়া হয়। এই আঁৰকাপােৰখনৰ সন্মুখৰ ঠাইখিনিতহে নাট মঞ্চস্থ হয়। নাটক এখন মঞ্চস্থ হােৱাৰ আগেয়ে নাইবা শেষত মঞ্চৰ একেবাৰে সন্মুখ ভাগত একোখন আঁৰ কাপােৰ তৰি দিয়া থাকে। আনহাতে নাটক মঞ্চস্থ হােৱা মঞ্চখনৰ চিলিঙত কৌশলপূৰ্ণভাৱে পােহৰৰ কলাকুশলীবােৰ থাকে। এওঁলােকে পােহৰৰ বিভিন্ন কলা-কৌশল নাটকখনত প্রয়ােগ কৰে। মঞ্চৰ একেবাৰে সন্মুখত গা-তে লাগি থকা অংশত বাদ্যযন্ত্ৰীবােৰ বহে।

৯। বাক্য ৰচনা কৰা।

গাওঁবুঢ়া, গায়ন-বায়ন, সূত্ৰধাৰ, কুঁহিলা, হেঙুল-হাইতাল, আ-অলংকাৰ।

উত্তৰঃ গাওঁবুঢ়া :- গাঁৱৰ মুখিয়ালজনক গাওঁবুঢ়া বাঁ গাওঁপ্রধান বুলি কোৱা হয়।

গয়নবায়ন :- অংকীয়া নাটৰ দৰে পুতলা নাচতে গায়ন-বায়নৰ দল এটি থাকে।

সূত্ৰধাৰ :- পুতলা নাচত পুতলাৰ বিভিন্ন অংগী-ভংগীৰ লগত সংগতি ৰাখি সুত্রধাৰে মাত উলিয়ায়।

কুঁহিলা :- অসমত কাঠ-পুতলা কুঁহিলাৰ সহায়ত গঢ়া হয়।

হেঙুল-হাইল :- বহাগ বিহুত নাচনীহঁতে হেঙুল হাইতাল বােলাই নিজকে সজায়।

আ-অলংকাৰ :- আজিকালি সােণৰ আ-অলংকাৰৰ দাম বহুত বেছি।

অতিৰিক্ত পাঠভিত্তিক প্রশ্নোত্তৰ

১। পুতলা নাচ কোনখন গাঁৱত অনুষ্ঠিত হৈছিল ?

উত্তৰঃ কমলপুৰ গাঁৱত অনুষ্ঠিত হৈছিল।

২। কোন চনৰ ভয়ঙ্কৰ বানপানীয়ে কমলপুৰ গাঁওখন জুৰুলা কৰিছিল ?

উত্তৰঃ দুহেজাৰ চনৰ ।

৩। কমলপুৰ গাঁৱৰ গাঁওবুঢ়াৰ নাম কি ?

উত্তৰঃ নােমল বৰা।

৪। পুতলাবােৰ জড় নে জীৱ ?

উত্তৰঃ পুতলাবােৰ জুড়।

৫। কোনখন ভাৰতীয় প্রাচীন ৰাজ্যত পুতলাৰ উৎপত্তি হােৱা বুলি ভাৰতীয়সকলে বিশ্বাস কৰে ?

উত্তৰঃ পাঞ্চাল ৰাজ্যত।

৬। পুতলা নাচৰ অভিনয়ৰ বাবে কাহিনী ক’ৰপৰা লােৱা হয় ?

উত্তৰঃ পুতলা নাচৰ অভিনয়ৰ বাবে ৰামায়ণ,মহাভাৰত আদিৰপৰা কাহিনী লােৱা হয়।

৭। পুতলা নাচৰ সূত্ৰধাৰজনক দর্শকে কিয় দেখা নাপায় ?

উত্তৰঃ পুতলা নাচৰ সূত্ৰধাৰজন আঁৰ কাপােৰৰ আঁৰত থকাৰ বাবে দর্শকে তেওঁক দেখা নাপায়।

৮। পুতলা নাটখনত কোনে পবিচালকৰ ভূমিকা পালন কবে ?

উত্তৰঃ বায়নেই পুতলা নাচৰ নাটকত পৰিচালকৰ ভূমিকা পালন কৰে।

1 thought on “Assam Jatiya Bidyalay Class 6 Assamese Chapter 15 পুতলা নাচ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top