Assam Jatiya Bidyalay Class 6 Assamese Chapter 14 পুখুৰীৰ কথা

Assam Jatiya Bidyalay Class 6 Assamese Chapter 14 পুখুৰীৰ কথা, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় অসমীয়া Class 6 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 14 পুখুৰীৰ কথা Class 6 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 6 Assamese Chapter 14 পুখুৰীৰ কথা Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 6 Assamese Chapter 14 পুখুৰীৰ কথা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

পুখুৰীৰ কথা

Chapter – 14

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

১। প্রথমে কোৱা, তাৰ পাছত লিখা।

(ক) অনন্যাই পঢ়া কিতাপখনৰ নাম কি আছিল ?

উত্তৰঃ অনন্যাই আন আন সাধুৰ লগতে কমলা কুঁৱৰীৰ সাধু থকা কমলা কুঁৱৰীৰ সাধু’ নামৰ কিতাপখন পঢ়িছিল।

(খ) শিৱসাগৰ, জয়সাগৰ,গৌৰীসাগৰ পুখুৰীক কিয় সাগৰ বুলি কোৱা হয় ?

উত্তৰঃ শিৱসাগৰ, জয়সাগৰ, গৌৰীসাগৰ আদি পুখুৰীৰ আকাৰ এশ পুৰা মাটিৰ পৰিমাণতকৈ অধিক। মানুহে এইবােৰক সাগৰৰ লগতহে তুলনা কৰে। সেইবাবে এইবােৰ পুখুৰীক সাগৰ বুলি কোৱা হয়।

(গ) শিৱসাগৰ পুখুৰী কোনে খাইছিল ?

উত্তৰঃ আহােম স্বৰ্গদেউ শিৱসিংহৰ পত্নী অম্বিকা দেৱীয়ে শিৱসাগৰ পুখুৰী খন্দাইছিল।

(ঘ) জয়সাগৰ পুখুৰী কোনে খন্দাইছিল ?

উত্তৰঃ স্বৰ্গদেউ ৰুদ্ৰসিংহই জয়সাগৰ পুখুৰী খন্দাইছিল।

(ঙ) শিৱসাগৰ আৰু জয়সাগৰ পুখুৰীৰ দৰে শিৱসাগৰত থকা আন কেইটামান পুখুৰীৰ নাম লিখা।

উত্তৰঃ শিৱসাগৰ আৰু জয়সাগৰৰ দৰে শিৱসাগৰত থকা আন কেইটামান পুখুৰী হ’ল- গৌৰীসাগৰ পুখুৰী, ৰুদ্ৰসাগৰ পুখুৰী, ন-পুখুৰী, পুৰণি পুখুৰী, ৰাজমাও পুখুৰী, লিগিৰী পুখুৰী ইত্যাদি।

(চ) শিৱসাগৰ,জয়সাগৰ আদি কেনেদৰে খান্দিছিল লিখা।

উত্তৰঃ শিৱসাগৰ, জয়সাগৰ আদি পুখুৰীবােৰ দ-কৈ মাটি খালি কৰা নাছিল। সমান ঠাই এখনৰ চাৰিওফালে ওখ পাৰ বান্ধি লৈ মাজত পানীৰ উহ ফুটুৱাই দিয়া হৈছিল। তলৰপৰা ফুটাইদি পানী ওলাই পুখুৰী চপচপীয়া হৈ পৰিছিল। অতি খৰাং বতৰতাে এই পুখুৰীবােৰ শুকাই নাযায়।

(ছ) পুৰণি পুখুৰীবােৰ অতি ডাঙৰকৈ খন্দোৱাৰ কাৰণ কি আছিল ?

উত্তৰঃ আগৰ দিনত বৰ্তমানৰ দৰে মেচিনত পানী তুলি ঘৰে ঘৰে পানীৰ যােগান ধৰা, ৰাজহুৱা স্থানত পানীৰ যােগান ধৰা বা আধুনিক জলসিঞ্চনৰ ব্যৱস্থা নাছিল। গতিকে সর্বসাধাৰণ ৰাইজৰ যাতে পানীৰ অভাৱ নহয় তাৰ বাবে কাহানিও শুকাই নােযােৱা বৃহৎ পানীৰ উৎসৰ বৰ প্রয়ােজন আছিল। সেয়ে পুৰণি কালত পুখুৰীবােৰ অতি ডাঙৰকৈ খন্দোৱা হৈছিল। ইয়াৰ উপৰিও স্বৰ্গদেউ বা আন ৰজাসকলে তেওঁলােকে যিবােৰ উদ্দেশ্যত কিছুমান পুখুৰী খন্দাইছিল, সেইবােৰৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ কাৰণেও এনে বৃহৎ পুখুৰী খন্দাইছিল।

(জ) অতীতৰ বিশাল পুখুৰীবােত মাছ-কাছ জিওৱা, লগতে ভেট,পদুম, বােওৱাৰ কাৰণ কি বুলি ভাবা ?

উত্তৰঃ বিশাল পুখুৰী খন্দোৱা আমাৰ উপৰি পুৰুষসকল ধৰ সৌন্দর্যপিপাসু আছিল। জোনাক নিশা পুখুৰীবােৰত ফুল ফুলি থকা দেখিলে, তাত বনৰীয়া হাঁহ আহি চৰি ফুৰা দেখিলে, পানীত মাছ কাছই খেলি থকা দেখিলে আমাৰ দৰে তেওঁলােকৰাে মনত বৰ আনন্দ লাগিছিল। সেইবাবে হয়তাে তেওঁলােকে বিশাল বিশাল পুখুৰীবােৰত অসংখ্য ভেট,পদুম ৰুইছিল আৰু অলেখ মাছকাছি জীয়াইছিল।

(ঝ) অসমৰ গাঁৱলীয়া সমাজত পুখুৰীৰ প্ৰয়ােজনীয়তা সম্পর্কে লিখা।

উত্তৰঃ অসমৰ গাৱলীয়া সমাজত পুখুৰীৰ প্রয়ােজনীয়তা অনেক। খােৱা পানী টুপিৰ বাবে ,মাছ-পুঠি এটি জীয়াৰ বাবে, পাকতে কাপােৰকেইটা থুকুছা মাৰি ধুবৰ বাবে,গাটো তিয়াবৰ বাবে পানীটুপি’ ঘৰৰ পুখুৰীৰ পৰাই পােৱা যায়। ইয়াৰ উপৰিও বিভিন্ন সামাজিক কর্ম যেনে- বিবাহৰ পানী তােলা, পূজাৰ পানী তােলা, মৃতকৰ কাম-কাজ আদিত পুখুৰীৰ পানী ব্যবহৃত হয়।

(ঞ) কমলা কুঁৱৰীৰ সাধুটো শিক্ষকক সুধি জানি লৈ নিজৰ ভাষাৰে লিখা।

উত্তৰঃ প্রাচীন অসমীয়া সাধুকথাত উল্লেখিত এগৰাকী আহােম স্বৰ্গদেউৰ ৰাণী। প্রবাদ আছে যে এবাৰ ৰাজ্যজুৰি পানীৰ অভাৱ হােৱাত সপােনত দেখামতে এটা শুকান পুখুৰীত ৰাণী অর্থাৎ কমলা কুঁৱৰীক নমাই দিয়াত পুখুৰী পানীৰে ভৰি পৰিছিল আৰু কুঁৱৰী সেই পানীতেই ডুব গৈছিল।

(চ) বাক্য সাজা।

আমন জিমন, উপৰিপুৰুষ, যুগমীয়া, সম্পদ, জলসিঞ্চন।

উত্তৰঃ আমন জিমন (দুখ মনে) :- আশা কৰা ফলাফল নােপােৱাৰ বাবে তৃষ্ণাই আমন জিমনকৈ কোঠাতে বহি আছে।

উপৰিপুৰুষ (আগৰ প্ৰজন্মৰ পুৰুষ) :- আমাৰ উপৰিপুৰুষসকল দুৰদর্শী তথা সৌন্দর্যপিপাসু আছিল।

যুগমীয়া (চিৰদিনীয়া) :- মাক জয়মতীৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ বাবে ৰুদ্ৰসিংহ স্বৰ্গদেৱে জয়সাগৰ পুখুৰী খন্দাইছিল।

সম্পদ (সম্পত্তি) :- অসম প্রাকৃতিক সম্পদত চহকী।

জলসিঞ্চন (পানী সিচি দিয়া কাৰ্য) :- সময়মতে জলসিঞ্চন কৰিব পাৰিলে কৃষিত অধিক ফচল পােৱা যায়।

৩। পাঠটোৰপৰা যুৰীয়া শব্দবােৰ বিচাৰি উলিয়াই লিখা।

উত্তৰঃ ‘পুখুৰীৰ কথা’ নামৰ পাঠটোত থকা যুৰীয়া শব্দবােৰ হ’ল- আমন-জিমন, দুই-তিনিখন, খেতি-পথাৰ, ৰজা-মহাৰজা, মঠ-মন্দিৰ, দ’ল-দেৱালয়, চিন-চাব, মাছ-কাছ, মাছ-পুঠি, পুঠি-খলিহনা আদি।

পাঠভিত্তিক ব্যাকৰণৰ আলােচনা

(১) কাৰক কাক বােলে ? ই কেইবিধ আৰু কি কি ? উদাহৰণসহ বুজাই লিখা।

উত্তৰঃ বাক্য এটাত ক্রিয়াৰ লগত যিবােৰ পদৰ সম্বন্ধ থাকে,সেইবােৰকে কাৰক বােলে। যেনে- অভিলাষাই ভাত খালে। ইয়াত ‘খালে’ ক্ৰিয়াৰ লগত কর্তা অভিলাষা’ৰ সম্বন্ধ আছে।

কাৰক মুঠতে ছয়বিধ-

(ক) কর্তাকাৰক :- কৰ্তাৰ লগত ক্রিয়াৰ যি সম্বন্ধ স্থাপিত হয়, তাক কর্তাকাৰক বােলে । যেনে- সীতাই কিতাপ পঢ়িছে। ইয়াত ‘পঢ়িছে’ ক্রিয়াৰ লগত কর্তা সীতাৰ সম্বন্ধ আছে।

(খ) কর্মকাৰক :- যাৰ ওপৰত কৰ্তাই ক্রিয়া সম্পাদন কৰে তাক কর্মকাৰক বােলে। যেনে- মই দেউতাক ক’লাে। ইয়াত ‘মই’ কর্তাই ‘দেউতাক’ কৰ্মৰ ওপৰত ক্রিয়া সম্পাদন কৰিছে।

(গ) কৰণ কাৰক :- কর্তাই যাৰ সহায়ত ক্রিয়াটো সম্পাদন কৰে তাক কৰণ কাৰক বােলে। যেনে- মায়ে কটাৰীৰে তামােল কাটিছে। ইয়াত কর্তা ‘মায়ে’ কটাৰীৰ সহায়ত ক্রিয়াটো সম্পাদন কৰিছে।

(ঘ) নিমিত্ত কাৰক :- কাৰােবাৰ নিমিত্তে কিবা কৰা বা কাৰােবাক সম্প্রদান কৰা অৰ্থত নিমিত্ত কাৰক বােলা হয়। যেনে- মই ভগৱানলৈ অঞ্জলি যাচিছোঁ।

(ঙ) অপাদান কাৰক :- আনৰপৰা পৃথক কৰা অৰ্থত অপাদান কাৰক কোৱা হয়। যেনে- গছৰপৰা আমটো সৰিলে।

(চ) অধিকৰণ কাৰক :- ক্রিয়া য’ত সম্পাদন হয়, তাকেই অধিকৰণ কাৰক বােলে। যেনে- গছত বহুত আম আছে। ইয়াত গছত আম থকা কাৰ্যটো সংঘটিত হৈছে।

(২) কোনটো কাৰকত কি বিভক্তি যােগ হয় লিখা।

উত্তৰঃ কাৰক – বিভক্তি

কর্তাকাৰক – প্রথমা বিভক্তি (এ, ই)

কর্মকাৰক- দ্বিতীয়া বিভক্তি (অ, ক)

কৰণ কাৰক – তৃতীয়া বিভক্তি (ৰে)

নিমিত্ত কাৰক – চতুর্থী বিভক্তি (লৈ)

অপাদান কাৰক – পঞ্চমী বিভক্তি (ৰ, পৰা)

অধিকৰণ কাৰক – সপ্তমী বিভক্তি (ত)

৩। সম্বন্ধ পদ কি ?

উত্তৰঃ যিবােৰ পদৰ ক্ৰিয়াৰ সৈতে পােনপটীয়া সম্পর্ক নাই, সেইবােৰক সম্বন্ধ পদ বােলা হয়। যেনে- পায়েলৰ ভায়েকে তােমাক মাতিছে। ইয়াত মাতিছে’ ক্রিয়াপদৰ লগত ‘পায়েল’ৰ পােনপটীয়া সম্পর্ক নাই।

অতিৰিক্ত পাঠভিত্তিক প্রশ্নোত্তৰ

১। বিভিন্ন সাধু বা কাহিনীবােৰ লেখকে কি বুলি অভিহিত কৰিছে ?

উত্তৰঃ বিভিন্ন সাধু বা কাহিনীবােৰ আমাৰ ভাষা-সাহিত্যৰ লগতে সংস্কৃতিৰৰ অমূল্য সম্পদ বুলি লেখকে অভিহিত কৰিছে।

২। সাধাৰণ গতিৰে জয়সাগৰ পুখুৰীৰ চাৰিওফালে এপাক খােজ কাঢ়িলে কিমান সময় লাগে ?

উত্তৰঃ এঘণ্টাতকৈও অধিক।

৩। স্বৰ্গদেউ বা আন ৰজাসকলে বিভিন্ন স্মৃতি যুগমীয়া কৰি ৰাখিবৰ বাবে কি কি কাম কৰিছিল ?

উত্তৰঃ স্বৰ্গদেউ বা আন ৰজাসকলে নিজৰ, লগতে আন কোনাে গুরুত্বপূর্ণ ব্যক্তি অথবা বিশেষ ঘটনা আদিৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ বাবে পুখুৰী খন্দোৱা, দ’ল বন্ধোৱা, গড় সাজা, পকীঘৰ নিৰ্মাণ কৰা আদি কার্য কৰিছিল।

৪। আহােম স্বৰ্গদেউ শিৱসিংহৰ পত্নীৰ নাম কি আছিল ?

উত্তৰঃ অম্বিকা দেৱী।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top