Assam Jatiya Bidyalay Class 5 Science Chapter 8 খাদ্যবস্তুৰ সংৰক্ষণ

Assam Jatiya Bidyalay Class 5 Science Chapter 8 খাদ্যবস্তুৰ সংৰক্ষণ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় বিজ্ঞান Class 5 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 8 খাদ্যবস্তুৰ সংৰক্ষণ Class 5 Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 5 Science Chapter 8 খাদ্যবস্তুৰ সংৰক্ষণ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 5 Science Chapter 8 খাদ্যবস্তুৰ সংৰক্ষণ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

খাদ্যবস্তুৰ সংৰক্ষণ

Chapter – 8

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ


১। খোৱা বস্তু প্ৰায়ে নষ্ট কৰা বেক্টেৰিয়া দুবিধ কি ? 

উত্তৰঃ খোৱাবস্তু প্ৰায়ে নষ্ট কৰা বেক্টেৰিয়া দুবিধ হল ছাম ‘নেলা আৰু ক্লছষ্টিডিয়াম।

২। দূষিত পানীৰ কাৰণে হব পৰা ছয়বিধ বেমাৰৰ নাম উল্লেখ কৰা।

উত্তৰঃ দূষিত পানীৰ পৰা হোৱা ছয়বিধ বেমাৰৰ নাম হ’ল-

১। টাইফয়ড।

২। কলেৰা।

৩। যক্ষ্মা।

৪। সূচোৰা হেঁপাটাইটিছ।

৫। পলিঅ’ আৰু এমিবিয় গ্ৰহণী।

৩। খোৱা বস্তু কেনেদৰে সংৰক্ষণ কৰিব পাৰি ?

উত্তৰঃ ফল-মূল, শাক-পাচলি, গাখীৰ, কণী, আদি খোৱা বস্তু বোৰ বেছি কম উষ্ণতাত থলে বহুদিনলৈ নষ্ট নোহোৱাকৈ থাকে। তাই বাবে ফ্ৰীজ ব্যৱহাৰ কৰা হয়। মাছ, মাংস, আৰু শাক-পাচলি খুব কম উষ্ণতাত ১-২ মাহলৈ ভালদৰে ৰাখিব পাৰি। 

ভেঁকুৰ, বেক্টেৰিয়া আদি খোৱা বস্তুৰ ওপৰত সহজে গজে। এইবোৰ হলেই খোৱা বস্তু নষ্ট হয়। সেয়েহে শাক-পাচলি শুকুৱাই বতাহ সোমাব নোৱাৰা পাত্ৰত ৰাখিলে বেক্টেৰিয়া বা ভেঁকুৰ গজিব নোৱাৰে। তেতিয়া শাক -পাচলি বহুদিনলৈ খোৱাৰ উপযোগী হৈ থাকে।

আচাৰ কৰোতে খোৱা বস্তুৰ লগত নিমখ ভিনেগাৰ মিহলোৱা হয়। এইদৰে থোৱা খোৱা বস্তুত সহজে ভেঁকুৰ গজিব নোৱাৰে।

ফল-মূলৰ পৰা জাম, জেলি তৈয়াৰ কৰিও বহুদিনলৈ থৈ খাব পাৰি। এনে কৰোতে কিছুমান ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয়।

৪। খোৱা বস্তুৰ ক্ষেত্ৰত লবলগীয়া সাৱধানতাৰ বিষয়ে লিখা।

উত্তৰঃ খোৱা বস্তু বিভিন্ন জীৱানুৰ দ্বাৰা সহজে দূষিত হয়। সেইবাবে খোৱা বস্তু খুব পৰিস্কাৰ কৈ ৰখা দৰকাৰ। লেতেৰা হাতেৰে খোৱা বস্তু চুব নালাগে। অপৰিষ্কাৰ হাতত লাগি থকা বেক্টেৰিয়া খোৱা বস্তুৰ লগত মিহলি হয়। খোৱা বস্তু সদায় ভালদৰে ধুই চাফা পাত্ৰত ঢাকি ৰাখিব লাগে।

খোৱা বস্তু মুকলিকৈ ৰাখিলে খোৱা বস্তুৰ ওপৰত মাখি , পইতাচোৰা আদি পৰিব পাৰে। এইবোৰৰ গাত লাগি থকা জীৱণুৱে সহজে খোৱা বস্তু দূষিত কৰে।

খোৱা বস্তু ৰন্ধা বা খোৱা ঠাইলৈ কুকুৰ , মেকুৰী আদি পোহনীয়া জীৱ-জন্তুক যাবলৈ দিব নালাগে। এইবোৰ জন্তুৰ গাত থকা জীৱণুৱে খোৱা বস্তু দূষিত কৰে।

অতিৰিক্ত প্ৰশ্নোওৰ

১। দূষিত পানীত কেনেধৰণৰ অণুজীৱ থাকে ?

উত্তৰঃ দূষিত পানীত ভাইৰাছ, বেক্টেৰিয়া, ভেঁকুৰ , প্ৰ’ট’জবা আদি বিভিন্ন ধৰণৰ অণুজীৱ থাকে।

২। বেক্টেৰিয়াৰ বৈশিষ্ট্য কেনেকুৱা ?

উত্তৰঃ বেক্টেৰিয়াৰ গাত প্ৰাণী আৰু উদ্ভিদ উভয়ৰে বৈশিষ্ট্য পোৱা যায়। 

৩। জিৱানু নাশকৰন কি ?

উত্তৰঃ গাখীৰ উতলাই অৰ্থাৎ চেঁচা কৰিলে গাখীৰত থাকিব পৰা বহুতো বেমাৰৰ বীজানু ধ্বংস হয়। এই প্ৰক্ৰিয়াটোক বীজাণু নাশকৰন বোলে।

৪। পৃথিৱীত কিমান বেক্টেৰিয়া আছে ?

উত্তৰঃ পৃথিৱীত ২০০০ বিধতকৈ বেছি বেক্টেৰিয়া আছে।

৫। দূষিত পানী খোৱাৰ ফলত কি কি ৰোগ হব পাৰে ?

উত্তৰঃ দূষিত পানী খোৱাৰ ফলত নানা ধৰণৰ হুঁচৰা বেমাৰ হয়।

১। টাইফয়ড, কলেৰা, ডিচেণ্ট্ৰি, গ্ৰেষ্ট’ৰাৰ্চাইটিছ, ডায়েৰীয়া, যক্ষ্মা আদি।

২। সোঁচৰা হেঁপাটাইটিছ, পলিঅ’ আদি ৰোগবোৰ ভাইৰাছ নামৰ অণুজীৱৰ দ্বাৰা দূষিত পানীৰ পৰা হয়।

৩। দূষিত পানীত প্ৰট’জবা নামৰ অণুজীৱ থাকে। এমিৱীয় গ্ৰহণী, জিয়াৰডিয়েছিছ আদি ৰোগবোৰ এইবোৰ অণুজীৱৰ দ্বাৰা দূষিত পানী খালে হয়। 

৪। ঘূৰণীয়া পেলু, চেপেটা পেলু, ফিটা পেলু, আদি পেলোবোৰ দূষিত পানী খোৱাৰ ফলত হয়।

৬। খোৱা পানী কেনেকৈ পৰিশোধন কৰি খাব লাগে ?

উত্তৰঃ খোৱা পানী প্ৰথমে ফিল্টাৰ কৰি ১০ৰ পৰা২০ মিনিট সময় পৰ্যন্ত উতলাব লাগে । তেতিয়া পানীত থকা অণুজীৱ আৰু বেক্টেৰিয়া বোৰ ধ্বংস হয়। উতলাই লোৱা পানী পৰিস্কাৰ পাত্ৰত থৈ ভালদৰে ঢাকি থব লাগে।

৭। ঘৰতে খোৱা পানীৰ ফিল্টাৰ এটা কেনেকৈ সাজিব পাৰি। বৰ্ণনা কৰা।

উত্তৰঃ এটা অলপ ডাঙৰ আকাৰৰ পাত্ৰ লৈ তাৰ তলপিনে এটা বিন্ধা কৰা হল। অলপ শিলগুটি বালি আৰু কাঠ কয়লা বেলেগে বেলেগে ভালদৰে ধুই লোৱা হল। পাত্ৰটোৰ তলিৰ পৰা ২৫ ছেন্টিমিতাৰ ওপৰলৈ শিলগুটিখিনি ভৰোৱা হল। শিলগুটিখিনিৰ তৰপটোৰ ওপৰত ২৫ ছেন্টিমিতাৰ খহটা বালিখিনিৰে পুৰ কৰা হল। এইবাৰ ইয়াৰ ওপৰত ১৫ ছেন্টিমিতাৰ ডাঠ কাঠ কয়লাৰ তৰপ এটা দিয়া হল । কয়লাবোৰ যাতে ঠিকমতে থাকে তাৰ বাবে এই তৰপটোৰ ওপৰত ৫-১০ ছেন্টিমিতাৰ ডাঠকৈ শিলগুটিৰ আন এটা তৰপ দিয়া হল। এই আটাইকেইটা তৰপে কলহটোৰ দুই-তৃতীয়াংশ পুৰ কৰে। পাত্ৰটো পুৱাই লোৱা শিল, বালি আৰু কাঠ কয়লাৰ তৰপ কেইটাৰ মাজেৰে পানী নিগৰি আহোঁতে দূষিত পানীত থকা মলিয়ন বস্তু বোৰ ৰৈ যায়। পৰিস্কাৰ পানী পাত্ৰটোৰ তলৰ বিন্ধাটোৰে ওলাই আহে । এইটো পাত্ৰৰ তলপিনে কাষত এটা টেপ লগাই লবও পাৰে। 

ফিল্টাৰটোৰ বালি, শিলগুটিবোৰৰ মাজৰ সুৰুঙাবোৰ পানীত থকা গেদ আৰু মলিয়ন বস্তুৰে বন্ধ হৈ গলে শিল, বালি আৰু কয়লাখিনি নতুনকৈ ধুই লব লাগে। ফিল্টাৰটোৰ পানী সম্পূৰ্ণ বীজানুমুক্ত কৰিবলৈ কেইটোপালমান ক্ল’ৰিন দ্ৰৱ দিয়া দৰকাৰ। এইদৰে সাজি লোৱা ফিল্টাৰৰ সহায়ত পানীত থকা গোটা , মলিয়ন পদাৰ্থ আৰু ৰোগ সৃষ্টি কৰা বেক্টেৰিয়া সহজে আঁতৰ কৰিব পাৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top