Assam Jatiya Bidyalay Class 5 History Chapter 6 আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক চুকাফা

Assam Jatiya Bidyalay Class 5 History Chapter 6 আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক চুকাফা, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় আপোন দেশৰ কথা Class 5 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 6 আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক চুকাফা Class 5 History Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 5 Apun Dekhor Kotha Chapter 6 আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক চুকাফা Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 5 History Chapter 6 আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক চুকাফা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক চুকাফা

Chapter – 6

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

১। একোটিকৈ বাক্যত উত্তৰ লিখা।

(ক) চুকাফাই জন্মগ্ৰহণ কৰা ৰাজ্যখনৰ নাম কি ?

উত্তৰ :- চুকাফাই ম্যুং মাও ৰাজ্যত জন্মগ্ৰহণ কৰিছিল।

(খ) এই ৰাজ্যখন কোনখন দেশৰ অন্তৰ্গত ?

উত্তৰ :- ম্যুং মাও ৰাজ্যখন চীন দেশৰ অন্তৰ্গত।

(গ) চুকাফাৰ দেউতাকৰ ৰাজ্যখনৰ নাম কি ?

উত্তৰ :- চুকাফাৰ দেউতাকৰ ৰাজ্যখনৰ নাম আছিল ম্যুংখু ম্যুং জাও।

(ঘ) টাই আহোমসকলে স্থাপন কৰা প্ৰথম প্ৰদেশ বা ম্যুংখনৰ নাম কি ?

উত্তৰ :- টাই আহোমসকলে স্থাপন কৰা প্ৰথম প্ৰদেশ বা ম্যুংখনৰ নাম খামজাং।

(ঙ) চুকাফাই পোন প্ৰথমে ক’ত ৰাজধানী পাতিছিল ?

উত্তৰ :- চুকাফাই পোন প্ৰথমে চৰাইদেউত ৰাজধানী পাতিছিল।

(চ) চৰাইদেউৰ পুৰণি নাম কি ?

উত্তৰ :- চৰাইদেউৰ পুৰণি নাম ‘চেৰাই দয়’।

(ছ) ‘ম্যুং ডুণ চূণ খাম’ৰ অৰ্থ কি ?

উত্তৰ :- ‘ম্যুং ডুণ চূণ খাম’ৰ অৰ্থ হ’ল সোণৰ বাগিচাৰে ভৰা দেশ।

(জ) চুকাফাৰ অসম প্ৰৱেশৰ সময়ত মৰাণসকলৰ ৰজা কোন আছিল ?

উত্তৰ :- চুকাফাৰ অসম প্ৰৱেশৰ সময়ত মৰাণসকলৰ ৰজা আছিল বদৌছা।

(ঝ) চুকাফাৰ অসম প্ৰৱেশৰ সময়ত বৰাহীসকলৰ ৰজা কোন আছিল ?

উত্তৰ :- চুকাফাৰ অসম প্ৰৱেশৰ সময়ত বৰাহীসকলৰ ৰজা আছিল থাকুমথা।

(ঞ) অসমত বুৰঞ্জী লিখা প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিল ?

উত্তৰ :- চুকাফাই অসমত বুৰঞ্জী লিখা প্ৰথা প্ৰৱৰ্তন কৰিছিল।

২। আহোমসকলৰ প্ৰথমজন ৰজাৰ নাম কি ? তেওঁ কোনখন পৰ্বত পাৰ হৈ অসমত প্ৰৱেশ কৰিছিল ?

উত্তৰ :- আহোমসকলৰ প্ৰথমজন ৰজাৰ নাম চুকাফা। তেওঁ পাটকাই পৰ্বত পাৰ হৈ অসমত প্ৰৱেশ কৰিছিল।

৩। আহোম ৰাজ্যত প্ৰথমে কোন দুটা মন্ত্ৰীৰ পদ আছিল ?

উত্তৰ :- আহোম ৰাজ্যত প্ৰথমে বুঢ়াগোহাঁই আৰু বৰগোহাঁই বুলি দুটা মন্ত্ৰীৰ পদ আছিল।

৪। খালী ঠাই পূৰ কৰা।

(ক) __________ গিৰিপথেদি চুকাফাই অসমত প্ৰৱেশ কৰিছিল।

উত্তৰ :- পাংচৌ ।

(খ)  __________ খ্ৰীঃত চুকাফাই অসমত প্ৰৱেশ কৰিছিল।

উত্তৰ :- ১২২৮ 

(গ)  __________ খ্ৰীঃত চৰাইদেউত চুকাফাই ৰাজধানী পাতিছিল।

উত্তৰ :- ১২৫৩ 

(ঘ) চুকাফাই  __________ সকলক চাংমাই পদত নিয়োগ কৰিছিল।

উত্তৰ :- চুকাফাই বৰাহী সকলক চাংমাই পদত নিয়োগ কৰিছিল।

৫। চুকাফাই ওচৰ – চুবুৰীয়াসকলৰ সৈতে মিলাপ্ৰীতি বৃদ্ধি কৰিবলৈ কি কি কৰিছিল ?

উত্তৰ :- চুকাফা উদাৰ মনোভাৱৰ দূৰদৃষ্টিসম্পন্ন লোক আছিল । ওচৰ – চুবুৰীয়াসকলৰ সৈতে মিলাপ্ৰীতি বৃদ্ধি কৰিবলৈ তেওঁ বিভিন্ন উপায় অৱলম্বন কৰিছিল । 

প্ৰথমতে তেওঁ থলুৱা জাতিৰ লগত বৈবাহিক সম্বন্ধ স্থাপন কৰি মিত্ৰতা কৰিছিল। চুকাফাই অসমলৈ অহাৰ সময়ত দিখৌ আৰু দিচাং নৈৰ মাজৰ ঠাইখিনি মৰাণ আৰু বৰাহী নামৰ দুটা জাতিয়ে শাসন কৰিছিল। তেওঁ এই দুই ৰাজবংশৰ চাৰিগৰাকী কন্যা বিয়া কৰাইছিল । তেওঁৰ লগত অহা মানুহবিলাকেও মৰাণ, বৰাহী, চুতীয়াৰ কন্যা বিয়া কৰাই বংশ বৃদ্ধি কৰিছিল।

তদুপৰি চুকাফাই মৰাণ, বৰাহী আদি জাতিৰ লোকক ৰজাঘৰীয়া বিষয়বাব দি এই থলুৱা জাতিবিলাকৰপৰা মৰম বুটলিবলৈ সক্ষম হৈছিল। যোগ্যতা অনুসৰি তেওঁ বিভিন্ন লোকক বিভিন্ন কামত নিয়োগ কৰিছিল। মৰাণসকলক তেওঁ মৌ যোগনীয়া, খৰিকটীয়া, হাতীচুংগী আদি কামত নিয়োগ কৰিছিল। আনহাতে, বৰাহীসকলক নিয়োগ কৰিছিল চাংমাই, কুকুৰাচোৱা‌, হাঁহচোৱা আদি কামত। ইয়াৰ ফলত ৰজাঘৰলৈ নানা ঠাইৰ মানুহৰ ভাষা, সামাজিক ৰীতি – নীতিৰ আগমন ঘটিল। এনে ব্যৱস্থাৰ ফলত আহোমসকলৰ লগত ওচৰ – চুবুৰীয়া লোকৰ মিলাপ্ৰীতি বৃদ্ধি পাইছিল আৰু আহোমসকলক তেওঁলোকে আপোন বুলি ভাবিবলৈ লৈছিল।

৬। চুকাফাই কেনেকৈ অসমত আহোম ৰাজ্য স্থাপন কৰিছিল ? 

উত্তৰ :- চুকাফাই অসমত আহোম ৰাজ্য স্থাপন কৰা কামটো দৃঢ়মনোভাৱ, বীৰত্ব, কষ্টসহিষুতা  আৰু ৰাজনৈতিক বিচক্ষণতাৰে ভৰা এক দুঃসাহসিক ঘটনা বুলিব পৰা যায়।

চুকাফাৰ পূৰ্বৰ ৰাজ্য আছিল ম্যুং মাও। ১২১৫ খ্ৰীষ্টাব্দত তেওঁ ৭০০০ সহযাত্ৰীৰ সৈতে হাতী, ঘোঁৰা, যুদ্ধৰ সা – সঁজুলি আদি লৈ পূৰ্বৰ ৰাজ্য ত্যাগ কৰি যাত্ৰা আৰম্ভ কৰে। তেওঁৰ এই যাত্ৰাপথ আছিল অত্যন্ত দুৰ্গম আৰু দীঘলীয়া। যাত্ৰাপথত তেওঁ নৈ জান জুৰি, পাহাৰ – পৰ্বত, হিংস্ৰ জীৱ জন্তুৰে পৰিপূৰ্ণ অটব্য অৰণ্য অতিক্ৰম কৰিছিল। বাটত চাউলকে ধৰি অন্যান্য খাদ্যবস্তুৰ অভাৱ হোৱাত সুবিধাজনক ঠাইত কিছুদিন ৰৈ সেইবোৰ নিজে উৎপাদন কৰি লৈছিল। এইদৰে ১৩ বছৰ কাল ভ্ৰমণ কৰি বৰ্তমানৰ পাটকাই পৰ্বতৰ কাষৰীয়া ঠাইবোৰত ঘূৰি – পকি চুকাফাৰ দলটো খামজাং নামৰ এখন ঠাইত উপস্থিত হয় আৰু ৰাজ্য স্থাপন কৰে। এই খামজাঙেই হ’ ল টাই-আহোম সকলৰ প্ৰথম ম্যুং বা প্ৰদেশ।

তাৰ পাছত তেওঁ পাটকাই পৰ্বতৰ পাংচৌ গিৰিপথ হৈ নগা গাঁও কিছুমানৰ মাজে মাজে আগুৱায়। বাটত মাজে-সময়ে চুকাফাৰ দলটোক নগাবিলাকে বাধা দিয়াত চুকাফাই নগাবিলাকক দমন কৰে আৰু তেওঁলোকে চুকাফাৰ বশ্যতা স্বীকাৰ কৰে । এনেদৰে আগুৱাই ১২২৮ খ্ৰীঃত চুকাফাই লুইতৰ পাৰৰ সৌমাৰ অঞ্চলৰ তিপামত উপস্থিত হয়। তিপামত তিনি বছৰ থকাৰ পাছত ৰাজধানী পাতিবৰ বাবে উপযুক্ত ঠাইৰ সন্ধান কৰি অভয়পুৰ, হাবুং, দিখৌমুখ, শিমলুগুৰি আদি ঠাইতো কেইবছৰমান থাকে। অৱশেষত ১২৫৩ খ্ৰীঃত বৰ্তমানৰ চৰাইদেউত তেওঁ ৰাজধানী পাতে। চৰাইদেউৱেই হৈছে আহোম ৰজাসকলৰ প্ৰথম ৰাজধানী। এনেদৰেই চুকাফাই অসমত আহোম ৰাজ্য স্থাপন কৰিছিল।

ওপৰঞ্চি প্ৰশ্নোত্তৰ

১। চুকাফা পিতৃ সূত্ৰে কোন ৰাজবংশৰ ? 

উত্তৰ :- চুকাফা পিতৃ সূত্ৰে ম্যুং ৰি ম্যুং ৰাম ৰাজবংশৰ।

২। আহোম সকলে স্থাপন কৰা প্ৰথম ম্যুং বা প্ৰদেশ বৰ্তমান কোন দেশৰ অন্তৰ্গত ?

উত্তৰ :- আহোমসকলৰ প্ৰথম ম্যুং বৰ্তমান ম্যানমাৰৰ অন্তৰ্গত।

৩। ‘চেৰাই দয়’ৰ অর্থ কি ? 

উত্তৰ :- ‘চেৰাই দয়’ৰ অর্থ হ’ ল উজ্জ্বল পাহাৰৰ  দেশ।

৪। চুকাফাক ক’ত মৈদাম (সমাধি) দিয়া হৈছিল ? 

উত্তৰ :- চুকাফাক চৰাইদেউত মৈদাম দিয়া হৈছিল।

৫। চুকাফাই ম্যুংমাও ত্যাগ কৰি যাত্ৰা কৰোঁতে লগত কি কি আছিল ? 

উত্তৰ :- চুকাফাই ম্যুং মাওৰ পৰা ৭০০০ সহযাত্ৰী, ৩০০ ঘোঁৰা, ২টা হাতী, তিনি হাজাৰটা ভাত ৰন্ধা চৰু, তেওঁৰ ৰাণী তিনিগৰাকী, ল’ৰা দুটা আৰু যুদ্ধৰ সা-সঁজুলিয়ে সৈতে যাত্ৰা কৰিছিল।

৬। চুকাফাই মৰাণসকলক কি কি কামত নিয়োগ কৰিছিল ?

উত্তৰ :- চুকাফাই মৰাণসকলক মৌ যোগনীয়া, খৰিকটীয়া, হাতীচুংগী আদি কামত নিয়োগ কৰিছিল।

৭। চুকাফাই বৰাহীসকলক কি কি কামত নিয়োগ কৰিছিল ?

উত্তৰ :- চুকাফাই বৰাহীসকলক চাংমাই, কুকুৰাচোৱা, হাঁহচোৱা আদি কামত নিয়োগ কৰিছিল।

৮। “একেখন হাবিতে দুটা বাঘ নাথাকে, একেখন পাটতে দুজন ৰজা নবহে। সেয়েহে তুমি আন এখন ৰাজ্য খাবলৈ যোৱা।” এই কথাষাৰ কোনে, কাক কৈছিল ?

উত্তৰ :- এই কথাষাৰ চুকাফাৰ এনায়েকে (মাকৰ মাক) চুকাফাক কৈছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top