🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Assam Jatiya Bidyalay Class 5 History Chapter 2 পুৰণি অসমৰ ভৌগলিক সীমা আৰু অধিবাসীৰ চমু পৰিচয়

Assam Jatiya Bidyalay Class 5 History Chapter 2 পুৰণি অসমৰ ভৌগলিক সীমা আৰু অধিবাসীৰ চমু পৰিচয়, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় আপোন দেশৰ কথা Class 5 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 2 পুৰণি অসমৰ ভৌগলিক সীমা আৰু অধিবাসীৰ চমু পৰিচয় Class 5 History Question Answer can be of great value to excel in the examination.

Assam Jatiya Bidyalay Class 5 Apun Dekhor Kotha Chapter 2 পুৰণি অসমৰ ভৌগলিক সীমা আৰু অধিবাসীৰ চমু পৰিচয় Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 5 History Chapter 2 পুৰণি অসমৰ ভৌগলিক সীমা আৰু অধিবাসীৰ চমু পৰিচয় provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

পুৰণি অসমৰ ভৌগলিক সীমা আৰু অধিবাসীৰ চমু পৰিচয়

Chapter – 2

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

১। ৰামায়ণ আৰু মহাভাৰতৰ সময়ত অসম ৰাজ্যৰ নাম কি কি আছিল ?

উত্তৰ :- ৰামায়ণ আৰু মহাভাৰতৰ সময়ত অসম ৰাজ্যৰ নাম প্ৰাগজ্যোতিষ আৰু কামৰূপ আছিল। প্ৰায় দ্বাদশ শতিকালৈ এই দুয়োটা নামেৰেই অসম ৰাজ্যখন জনাজাত হৈছিল।

২। কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰ নামৰ পুথি দুখনৰ মতে পুৰণি কামৰূপ ৰাজ্যৰ সীমা কি আছিল লিখা।

উত্তৰ :- কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰ পুথি দুখনৰ মতে পুৰণি কামৰূপ ৰাজ্যৰ সীমা আছিল দক্ষিণে সাগৰ, পশ্চিমে কৰতোৱা নদী, উত্তৰে হিমালয় পৰ্বত আৰু পূৰ্ব দিকৰাই নৈ।

৩। পুৰণি কামৰূপ ৰাজ্যৰ চাৰিটা ভাগৰ নাম লিখা।

উত্তৰ :- পুৰণি কামৰূপ ৰাজ্যৰ চাৰিটা ভাগ আছিল, তাৰে একোটা ভাগক একোটা পীঠ বুলিছিল। সেই চাৰিটা পীঠ হ’ল – ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ বা সুৱৰ্ণপীঠ আৰু সৌমাৰপীঠ।

৪। অসমত বাস কৰা টাই জাতিৰ মানুহৰ চাৰিটা ভাগৰ নাম লিখা।

উত্তৰ :- অসমত বাস কৰা টাই জাতিৰ মানুহৰ চাৰিটা ভাগ হৈছে – আহোম, খামটি, নৰা আৰু ফাকিয়াল।

৫। পুৰণি অসম ৰাজ্য আৰু ৰাজধানীৰ নাম কি আছিল লিখা।

উত্তৰ :- পুৰণি অসম ৰাজ্যৰ নাম আছিল ক্ৰমে প্ৰাগজ্যোতিষ আৰু কামৰূপ। ৰাজধানীৰ নাম আছিল প্ৰাগজ্যোতিষপুৰ। বৰ্তমান গুৱাহাটী মহানগৰেই পুৰণিকালৰ প্ৰাগজ্যোতিষপুৰ।

৬। কোনখন গ্ৰন্থৰ মতে কামৰূপ ৰাজ্যৰ কোনজন ৰজাৰ দিনৰ পৰা আমাৰ ৰাজ্যখনৰ নাম ‘কামৰূপ’ হয় ?

উত্তৰ :- অতি পুৰণি কালত আমাৰ ৰাজ্যখনৰ নাম প্ৰাগজ্যোতিষ আছিল। কালিকা পুৰাণ গ্ৰন্থখনৰ মতে মহাৰাজ নৰকাসুৰৰ দিনৰপৰা আমাৰ ৰাজ্যখনৰ নাম কামৰূপ হয়।

৭। কামৰূপ ৰাজ্যৰ ভাগকেইটাৰ বিষয়ে লিখা।

উত্তৰ :- কামৰূপ ৰাজ্যৰ চাৰিটা ভাগ আছিল, তাৰে একোটা পীঠ বোলা হৈছিল। সেই কেইটা হ’ল – ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ বা সুৱৰ্ণপীঠ আৰু সৌমাৰপীঠ। কৰতোৱা নদীৰপৰা সোণকোষ নৈলৈকে ঠাইখণ্ডক ৰত্নপীঠ, সোণকোষৰপৰা ৰূপহী নৈলৈকে ঠাইখণ্ডক কামপীঠ, ৰূপহী নৈৰপৰা ভৈৰৱী বা ভৰালী নৈলৈকে ঠাইখণ্ডক স্বৰ্ণপীঠ আৰু ভৰলীৰ পৰা দিকৰাই নৈলৈকে ঠাইখণ্ডক সৌমাৰপীঠ বুলিছিল।

৮। কামৰূপ নামৰ উৎপত্তি কেনেকৈ হ’ল লিখা।

উত্তৰ :- কামৰূপ নামৰ উৎপত্তি সম্পৰ্কে এটি ধুনীয়া আখ্যান আছে। আখ্যানমতে মহাদেৱৰ ঘৈণীয়েক সতী আছিল দক্ষ প্ৰজাপতিৰ জীয়েক। এবাৰ দক্ষই নিজ ঘৰত এটা যজ্ঞৰ আয়োজন কৰি সেই যজ্ঞলৈ স্বৰ্গ, মৰ্ত্য, পাতালৰ আটাইকে নিমন্ত্ৰণ কৰিছিল যদিও নিজৰ জোৱায়েক শিৱক নামাতিলে। সতীয়ে নিমন্ত্ৰণ নোপোৱাকৈয়ে পিতাকৰ যজ্ঞস্থলীত উপস্থিত হোৱাত পিতাকে শিৱক শ্মশানবাসী, ভাঙুৰা, ভিকহু আদি বুলি সতীৰ আগতে গালি পাৰিলে। সতীয়ে পতিৰ অপমান সহ্য কৰিব নোৱাৰি যজ্ঞৰ স্থলীতে দেহত্যাগ কৰিলে। শিৱই এই খবৰ পাই দলেবলে গৈ দক্ষৰ যজ্ঞ ধ্বংস কৰিলে। তাৰ পিছতে তেওঁ সতীৰ মৃতদেহটো কান্ধত লৈ গোটেই ভাৰতভূমি ভ্ৰমি ফুৰিলে। এনেকৈ ভ্ৰমি ফুৰোতে সতীৰ উৱলি যোৱা দেহটোৰ বিভিন্ন অংশ ভাৰতৰ বেলেগ বেলেগ ঠাইত পৰিল আৰু সেইবোৰ ঠাই একোখন তীৰ্থস্থানত পৰিণত হ’ল। সতীৰ দেহৰ এটা অংগ নীলাচল পাহাৰতো পৰি তাতে কামাখ্যা তীৰ্থৰ উৎপত্তি হ’ল।

সতীৰ দেহ শেষ হোৱাৰ পাছত মহাদেৱ মহা তপস্যাত নিমগ্ন হোৱাত স্বৰ্গৰ দেৱতাসকলৰ মনত ভয় উপজিল। তেওঁলোকে পৰামৰ্শ কৰি শিৱৰ তপস্যা ভংগ কৰিবৰ বাবে কামদেৱক পঠিয়াই দিলে। কামদেৱক দেখিয়েই শিৱৰ ভীষণ খং উঠিল আৰু তেওঁৰ ক্ৰোধাগ্নিয়ে কামদেৱক ভস্ম কৰি পেলালে। কামদেৱৰ ঘৈণীয়েক ৰতিয়ে তেওঁৰ গিৰিয়েকক জীয়াই দিবলৈ মহাদেৱক স্তুতি কৰাত মহাদেৱ তুষ্ট হৈ ৰতিক বৰ দান কৰিলে। তেওঁৰ বৰত কামদেৱ আমাৰ এই দেশতে পুনৰ জন্ম পাই নিজৰূপ লাভ কৰিলে। তেতিয়াৰপৰা এই দেশৰ নাম কামৰূপ হ’ল।

৯। আমাৰ ৰাজ্যৰ নাম ‘অসম’ কেনেকৈ হ’ল লিখা।

উত্তৰ :- আমাৰ ৰাজ্যখনৰ নাম ‘অসম’ কেনেকৈ হ’ল এই বিষয়ে বেলেগ বেলেগ ব্যাখ্যা পোৱা যায়। টাইসকল অসমলৈ অহাৰ আগলৈকে এই দেশৰ নাম কামৰূপ আছিল। টাইসকলে নিজৰ সাহস, বুদ্ধি আৰু ৰণ-নৈপুণ্যৰ সহায়ত এই দেশৰ আদিবাসীসকলক নিজৰ অধীন কৰিছিল। তেওঁলোকৰ বুদ্ধি বিক্ৰমত মুগ্ধ হৈ থলুৱা লোকসকলে তেওঁলোকক ‘অসম’ অৰ্থাৎ তেওঁলোকৰ সমান কোনো নাই বুলি কৈছিল। থলুৱা লোকসকলৰ বহুতে ‘অসম’ শব্দটো ‘অহম’ বুলি উচ্চাৰণ কৰিছিল। ‘অহম’ শব্দটোৰ পৰাই এই দেশ অধিকাৰ কৰা টাইসকল ‘আহোম’ নামেৰে পৰিচিত হ’ল। লাহে লাহে আহোমসকলে শাসন কৰা ঠাইখনৰো নামো সকলোৰে মাজত ‘অসম’ নামেৰে জনাজাত হৈ পৰিল।

আন এক ব্যাখ্যামতে পাহাৰ পৰ্বতেৰে ভৰা কামৰূপ ৰাজ্যৰ ভূ-খণ্ড অসমান আৰু এই অসমান ভূখণ্ডৰ বাবেই ৰাজ্যখনৰ নাম ‘অসম’ হ’ল। কোনো কোনোৱে আকৌ ক’ব খোজে যে কামৰূপ ৰাজ্যৰ অতুলনীয় প্ৰাকৃতিক সৌন্দৰ্য্যত  মুগ্ধ হোৱাসকলে এই ঠাইখনক ‘অসম’ নাম দিছিল। এনেদৰে ‘অসম’ নামৰ উৎপত্তি সম্পৰ্কত বেলেগ বেলেগ ব্যাখ্যা পোৱা যায়। 

১০। প্ৰাচীন কালৰে পৰা অসমত বাসকৰা অধিবাসীসকলৰ আলোচনা কৰা।

উত্তৰ :- অতি পুৰণিকালত অসমত কিৰাত, ম্লেচ্ছ নামেৰে অভিহিত কিছুমান জাতিৰ মানুহে বাস কৰিছিল। কলিতা জাতিৰ মানুহবিলাকো অসমৰ সু-প্ৰাচীন অধিবাসী।

তাৰ পিছত অষ্ট্ৰিক, তিবেতো বাৰ্মান আদি জাতিৰ মানুহ আহি অসমত সোমায়। বৰ্তমান খাচীয়া-জয়ন্তীয়া পাহাৰ জিলাৰ খাচীয়া মানুহবিলাকে অষ্ট্ৰিক জাতিৰ। তিবেতো বাৰ্মান জাতিৰ মানুহবিলাকক চমুকৈ বড়ো বুলিও জনা যায়। কোচ, কছাৰী, লালুং গাৰো, ৰাভা প্ৰভৃতি মানুহবিলাক এই বড়ো জাতিৰ মানুহ। নগা, লুচাই, মিকিৰ আদি জাতিৰ মানুহবিলাকো বৃহৎ তিবেতো বাৰ্মান জাতিৰ অন্তৰ্গত। বৰ্তমানৰ ব্ৰাহ্মণ, কায়স্থ, কলিতা আদি জাতিৰ মানুহবিলাক আৰ্য জাতিৰ বংশধৰ। 

টাই বা চান নামৰ এজাতি মানুহ পূবফালৰপৰা অসম সোমায়। আহোম, খামটি, নৰা, ফাকিয়াল মানুহবিলাকে টাই জাতিৰ মানুহ।

বৰ্তমান অসমীয়া জাতি আৰ্য আৰু অনাৰ্যৰে গঠিত। অসমীয়া ভাষা, কৃষ্টি আৰু সভ্যতাত এই বিভিন্ন জাতি তথা জনগোষ্ঠীসমূহৰ যথেষ্ট অৱদান আছে।

ওপৰঞ্চি প্ৰশ্নোত্তৰ

১। এটা সময়ত কামৰূপ ৰাজ্যৰ সীমা পশ্চিমে কৌশিক নৈলৈকে বিস্তৃত আছিল। এই কৌশিক বা কুশী নদীখন ক’ত আছে ?

উত্তৰ :- বিহাৰ ৰাজ্যত।

২। ভগদত্ত ৰজাই কি সৈন্য আগত লৈ মহাভাৰতৰ কুৰুক্ষেত্ৰ ৰণত যোগ দিছিল ?

উত্তৰ :- ভগদত্ত ৰজাই কিৰাট আৰু চীন সৈন্য লৈ মহাভাৰতৰ কুৰুক্ষেত্ৰ ৰণত যোগ দিছিল।

৩। নৰক, ভগদত্ত আদি ৰজাসকল কোন জাতিৰ মানুহ ?

উত্তৰ :- নৰক, ভগদত্ত আদি ৰজাসকল কলিতা জাতিৰ মানুহ বুলি কোৱা হয়।

৪। অসমত বাস কৰা কেনে জাতিৰ নাম অনুসৰি আমাৰ ৰাজ্যখনৰ নাম ‘অসম’ হয় ?

উত্তৰ :- অসমত বাস কৰা আহোম জাতিৰ নাম অনুসৰি আমাৰ ৰাজ্যখনৰ নাম ‘অসম’ হোৱা বুলি কোৱা হয়।

৫। বৰ্তমান গুৱাহাটীৰ প্ৰাচীন নাম কি ?

উত্তৰ :- বৰ্তমান গুৱাহাটীৰ প্ৰাচীন নাম প্ৰাগজ্যোতিষপুৰ।

৬। কামদেৱৰ ঘৈণীয়েকৰ নাম কি ?

উত্তৰ :- কামদেৱৰ ঘৈণীয়েকৰ নাম ৰতিদেৱী।

৭। ‘প্ৰাগজ্যোতিষ’ নামৰ কেনেকৈ উৎপত্তি হয় ?

উত্তৰ :- পৌৰাণিক আখ্যানমতে সৃষ্টিৰ আদিতে হেনো সৃষ্টিকৰ্তা ব্ৰহ্মাই এই ঠাইতে বহি বিশ্বব্ৰহ্মাণ্ডৰ গ্ৰহ-নক্ষত্ৰ সৃষ্টি কৰিছিল অৰ্থাৎ জ্যোতিষ চৰ্চা কৰিছিল। তাৰ পৰাই ‘প্ৰাগজ্যোতিষ’ নামটোৰ উৎপত্তি হোৱা বুলি কোৱা হয়।

৮। সতীয়ে কিয় দেহত্যাগ কৰিছিল ?

উত্তৰ :- সতীয়ে নিজৰ পিতাক দক্ষ প্ৰজাপতিয়ে আয়োজন কৰা যজ্ঞলৈ নিমন্ত্ৰণ নোপোৱাকৈয়ে গৈছিল। তেওঁ গৈ উপস্থিত হোৱাত পিতাক দক্ষই সতীৰ পতি শিৱক শ্মশানবাসী, ভাঙুৰা, পগলা, ভিকহু আদি বুলি যজ্ঞ থলীত সকলোৰে সমুখতে গালি পাৰিছিল। সতীয়ে পতিৰ এই অপমান সহ্য কৰিব নোৱাৰি যজ্ঞৰ থলীতে দেহত্যাগ কৰে।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top