ASOS Class 12 Psychology Chapter 29 চাপ আৰু তোমাৰ স্বাস্থ্য, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Psychology Chapter 29 চাপ আৰু তোমাৰ স্বাস্থ্য and select needs one.
ASOS Class 12 Psychology Chapter 29 চাপ আৰু তোমাৰ স্বাস্থ্য
Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. ASOS Class 12 Psychology Chapter 29 চাপ আৰু তোমাৰ স্বাস্থ্য These solutions are part of SCERT All Subject Solutions. Here we have given Solutions for All Subject, You can practice these here.
চাপ আৰু তোমাৰ স্বাস্থ্য
Chapter : 29
29.1 পাঠ্য অন্তৰ্গত প্রশ্নাৱলীৰ উত্তৰঃ
তলত দিয়াবোৰৰ চমু উত্তৰ দিয়া।
(ক) মানসিক চাপ কি?
উত্তৰঃ আভ্যন্তৰীণ হেঁচা (মানসিক) দৰাচলতে কিছুমান অপৰিহাৰ্য উপাদান বা বাহ্যিক কাৰণৰ বাবে পৰে।
(খ) বিভিন্ন প্ৰকাৰৰ মানসিক চাপৰ নাম লিখা।
উত্তৰঃ যোগাত্মক আৰু ঋণাত্মক ফলাফল।
29.2 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ
১। তলত দিয়া প্রশ্নসমূহ সঁচা নে মিছা লিখা।
(ক) মানসিক চাপৰ বাবে বিচনাত পেচাব কৰে। সঁচা /মিছা
উত্তৰঃ মিছা।
(খ) কথা লাগি ধৰা আৰু মঞ্চত ভাষণ দিবলৈ ভয় কৰাৰ মুখ্য কাৰণ হ’ল— উদ্বিগ্নতা আৰু ভয়তে বিতত হোৱা অৱস্থাৰ সৃষ্টি হোৱা সঁচা /মিছা
উত্তৰঃ সঁচা।
(গ) মানসিকভাৱে এজন মানুহ ভাৰাক্ৰান্ত হয়, তেতিয়া সাধাৰণতে মানুহ শাৰীৰিকভাৱে দুৰ্বল হৈ পৰে আৰু জ্বৰ-কাহ আদি বেমাৰৰ উপসৰ্গই দেখা দিয়ে। সঁচা /মিছা
উত্তৰঃ সঁচা।
২। মানসিক চাপৰ ফলত দেখা স্বাস্থ্যৰ বিসংগতিসমূহৰ (শাৰীৰিক আৰু মানসিক) বিষয়ে লিখা।
উত্তৰঃ পাকস্থলীৰ ঘা, ৰোগ (asthma), উচ্চ ৰক্তচাপ, পেট ফুলি থকা আদি।
৩। আমি কেনেকৈ দৈনন্দিন জীৱনত দেখা দিয়া মানসিক সমস্যাৰ মোকবিলা কৰিম?
উত্তৰঃ ব্যায়ামৰ দ্বাৰা, শৰীৰ শিথিল কৰা, সময়ৰ স’তে খোজ দিয়া যা সময় মানি লা, যোগাত্মক চিন্তা-চর্চা।
পাঠ্য সমাপ্তিৰ অনুশীলনীৰ উত্তৰঃ
১। মানসিক চাপ বুলিলে কি বুজা? উদাহৰণ দিয়া।
উত্তৰঃ মানসিক চাপ আচলতে এক প্ৰকাৰৰ হেঁচা, য’ত কিছুমান অস্থিৰ বা উদ্বিগ্নতাৰ ভৰা অভিজ্ঞতা অৰ্জন কৰা হয়। কেতিয়াবা নিজৰ বাবে, অন্য ব্যক্তিৰ পৰা আৰু আমাৰ পৰিৱেশৰ পৰাও মানসিক হেঁচা বা চাপ অনুভৱ কৰা হয়।
নিজৰ দ্বাৰা সৃষ্টি কৰা চাপবোৰ:
ধৰি লোৱা তুমি পৰীক্ষাৰ বাবে কোনো প্রস্তুতি কৰা নাই আৰু পৰীক্ষাৰ আগদিনা সকলো পঢ়ি শেষ কৰিব বিচাৰিছা। তুমি কিন্তু সকলো পঢ়ি বা শিকি শেষ কৰিব নোৱাৰা। লাহে লাহে তোমাৰ মানসিক উদ্বেগ বাঢ়িবলৈ আৰম্ভ কৰিবা। এয়া এক মানসিক চাপত সোমাই পৰিছা।
মানসিক চাপ সদায় ঋণাত্মক নহয়। উদাহৰণস্বৰূপে উল্লেখ কৰিব পাৰি যে, তুমি যদি কোনো পৰীক্ষাৰ আগতে উদ্বিগ্ন বা উৎকণ্ঠিত নোহোৱা, তুমি নিশ্চয় নিজকে পৰীক্ষাৰ বাবে সাজু কৰি তুলিব নোৱাৰিবা আৰু ফলাফল কেতিয়াও আশানুৰূপ নহ’ব। কেতিয়াবা অকণমান মানসিক উৎকণ্ঠাই আমাৰ যিকোনো কামৰ ফলাফল যোগাতক কৰি তোলে। সেয়েহে মানসিক চাপৰ যোগাত্মক দিশটোক “eustress” বোলে, যাৰ অৰ্থ হ’ল– ‘যোগাত্মক ফলাফল’। ঋণাত্মক মাত্ৰাক কোৱা হয়— “Distress” অর্থাৎ যাতনা বা পীড়া বুলি।
পৰিবেশৰ দ্বাৰা সৃষ্টি কৰা মানসিক চাপবোৰ: ধৰি লোৱা, তোমাৰ শস্যখিনি পকিছে আৰু চপাবৰ সময় হৈছে। কিন্তু হঠাৎ দীঘলীয়া বৰষুণে তোমাক অসহায় আৰু উদ্বিগ্ন কৰি তুলিছে। গতিকে বতৰৰ বাবেই তোমাৰ মানসিক চাপ বাঢ়িছে।
আনৰ দ্বাৰা সৃষ্ট মানসিক চাপসমূহ: ধৰা হ’ল সকলোফালৰ পৰাই তোমাৰ পদোন্নতি হ’ব লাগে। কিন্তু তুমি কাম কৰা সংগঠন বা অনুষ্ঠানটোৰ হেমাহিৰ বাবে সেয়া হৈ উঠা নাই। গতিকে আনৰ বাবে তোমাৰ মানসিক হেঁচা বাঢ়ি গৈছে।
২। মানসিক চাপৰ বিভিন্ন প্রতিক্রিয়াসমূহৰ বিষয়ে লিখা।
উত্তৰঃ চাপৰ প্ৰতিক্ৰিয়াৰক আমি কেইবাটাও ভাগত ভাগ কৰিব পাৰো। দৈহিক, ভাবপ্রবণ, প্ৰজ্ঞানাতক আৰু আচৰণসূচক।
১। দৈহিক বা শৰীৰতাত্বিক প্রতিক্রিয়াসমূহ: এই প্ৰতিক্ৰিয়াৰ ফলত মানৱ শৰীৰত চলি থকা ক্ৰিয়াসমূহত বাধা আহি পৰে আৰু মানসিক চাপ ইয়াৰ ঘাই কাৰণ। মানব শৰীৰত মানসিক চাপৰ ফলত দেখা দিয়া প্রতিক্রিয়া হ’ল—
(ক) হৃদযন্ত্র আৰু নাড়ী-স্পন্দনৰ ক্ৰিয়া বেছিকৈ বাঢ়ে।
(খ) মাংশপেশীবোৰ স্নায়বিক কাৰণত টনটনীয়া হৈ উঠে।
(গ) ডিঙি আৰু মুখ শুকাই যায়।
(ঘ) পেটটো বেয়া লাগে।
(ঙ) কঁপনি উঠা ইত্যাদি।
সাধাৰণতে, দুৰ্বল শৰীৰত যিকোনো ধৰণৰ বেমাৰে দেখা দিব পাৰে, কাৰণ মানসিক হেঁচাই প্রথমতেই শৰীৰটো অকামিলা কৰি তোলা। সেয়েহে এই লক্ষণসমূহক কোৱা হয় – মনোদৈহিক প্রতিক্রিয়া বুলি। ঠিক সেইদৰে যদি আমাৰ উশাহ-নিশাহৰ ক্ৰিয়াটো দুৰ্বল হয়, তেন্তে মানসিক চাপ বৃদ্ধি পায় আৰু শেষত ই এজমা বা শ্বাসৰোগলৈ পৰিৱৰ্তিত হ’ব পাৰে। মানসিক চাপে, আমাৰ যদি খাদ্য হজম প্রক্রিয়া ঠিক নাথাকে তেতিয়া সহজেই আক্ৰমণ কৰে। ফলত ভিতৰত ঘা হ’ব পাৰে। সেয়েহে মানসিক চাপে আমাৰ নিৰোগী এটা শৰীৰ বেমাৰী কৰি তুলিব পাৰে।
২। ভাবপ্রৱণ প্রতিক্রিয়াসমূহ: অনুভূতিমূলক অথবা ভাবপ্ররণ প্রতিক্রিয়া সাধাৰণতে আৱেগিক। মানসিক চাপত ভোগা মানুহৰ সাধাৰণতে কিছুমান বিশেষ লক্ষণ দেখা যায়। যেনে – বিষণ্ণতা, খং, বদমেজাজী বা হঠাৎ খং উঠা, অধিক আৱেগিক আদি।
৩। প্রজ্ঞানাত্মক প্রতিক্রিয়াসমূহ:
তলত উল্লেখ কৰা প্রতিক্রিয়াসমূহ আমি এইকেইটা ভাগত ভাগ কৰিব পাৰো–
(ক) অতি কম মনোযোগ।
(খ) কোনো এটা নতুন কথা একোটা উৎসাহতে শিকিব নোৱাৰা।
(গ) পাহৰি যোৱাৰ স্বভাৱ।
(ঘ) সময়ত সঠিক সিদ্ধান্ত ল’ব নোৱৰা।
(ঙ) বিপাঙত পৰা।
(চ) বদ্ধমূল ধাৰণা।
(ছ) বিয়োগাত্মক বা বেয়া চিন্তা-ধাৰণা।
প্ৰকৃতিৰ লগত শাৰীৰিক, অনুভুতিমূলক আৰু প্ৰজ্ঞানাত্মক ধাৰণাসমূহৰ গোপন প্রতিক্রিয়া ঘটে। অন্য কথাত ক’বলৈ হ’লে, প্ৰত্যেক ব্যক্তিৰ ক্ষেত্ৰতে এই স্বভাৱসমূহ বিদ্যমান হৈ থাকে, কেতিয়াবা ইয়াক বাহ্যিক ৰূপত দেখা যায়। এই আচৰণসমূহ হ’ল—
(ক) কন্দা কটা কৰা।
(খ) অসংলগ্নভাবে কথা কোৱা।
(গ) কোনো সম্বন্ধ নথকা বক্তৃতা বা কথা।
(ঘ) আঘাত কৰা।
(ঙ) জোৰেৰে ভঙা আঘাত কৰা বা প্ৰচণ্ড আঘাত কৰা। আদি।
৩। মানসিক চাপৰ উৎসসমূহ কি কি?
উত্তৰঃ মানসিক চাপ বা হেঁচাৰ উৎসবোৰক আমি চাৰি ভাগত ভাগ কৰিব পাৰোঁ। যেনে— পৰিয়াল, বৃত্তিগত /শৈক্ষিক, ব্যক্তিগত আৰু পৰিবেশ সংক্রান্তীয়।
(ক) পৰিয়াল: তোমাৰ পৰিয়ালৰ কোনো সদস্যৰ খুব জটিল বেমাৰ হোৱাৰ বাবে তুমি মানসিক চাপত আছা। গতিকে মানসিক চাপৰ উৎস হৈছে তোমাৰ পৰিয়াল। অন্যহাতে পৰিয়ালকেন্দ্রিক আন কেতবোৰ মানসিক চাপ। যেনে – টকা-পইচাৰ নাটনি, গিৰিয়েক-ঘৈণীয়েক মাজত মনোমালিন্য আদি।
(খ) বৃত্তিগত/ শিক্ষাগত: এজন ছাত্র বা ছাত্ৰীৰ মানসিক চাপ হৈছে– পৰীক্ষা বা হোষ্টেল সংক্রান্তীয়। অন্যহাতেদি এজন শিক্ষকে যদি ভালকৈ শিক্ষা দিব নোৱাৰে, তেতিয়াও মানসিক চাপ লক্ষ্য কৰা দেখা যায়। তাৰোপৰি বৃত্তিগত সমস্যাৰ ক্ষেত্ৰত কম দৰমহা, মালিকৰ কঠোৰ নিৰ্দেশ, সহকর্মী বা তলতীয়া কৰ্মীৰ অসহযোগ, কাম কৰা পৰিৱেশ নথকা আদি কাৰণবোৰেই ঘাইকৈ মানসিক চাপৰ উপাদান।
(গ) ব্যক্তিগত: ব্যক্তিগত মানসিক চাপৰ ভিতৰত, যেনে— নিজকে অদক্ষ বুলি ভবা, হীনমন্যতা আৰু অসুৰক্ষিত বুলি ভবা আদি ৷
(ঘ) পৰিৱেশ সংক্ৰান্তীয়: পৰিৱেশ সংক্রান্তীয় কিছুমান চাপ, যেনে— হঠাৎ জুই লগা, খৰাং, ভূমিকম্প, সাগৰীয় প্রবল ঢৌ আৰু ধুমুহা, বানপানী আদি। বেছি জনসংখ্যা, অতি বেয়া শৌচ-পেচাব বা নলা-নৰ্দমাৰ ব্যৱস্থা, প্রদূষণ আদিও পৰিৱেশ সংক্রান্তীয় চাপ।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.