ASOS Class 12 Psychology Chapter 23 মানুহ-পৰিবেশ পাৰস্পৰিক ক্রিয়া

ASOS Class 12 Psychology Chapter 23 মানুহ-পৰিবেশ পাৰস্পৰিক ক্রিয়া, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Psychology Chapter 23 মানুহ-পৰিবেশ পাৰস্পৰিক ক্রিয়া and select needs one.

ASOS Class 12 Psychology Chapter 23 মানুহ-পৰিবেশ পাৰস্পৰিক ক্রিয়া

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. ASOS Class 12 Psychology Chapter 23 মানুহ-পৰিবেশ পাৰস্পৰিক ক্রিয়া These solutions are part of SCERT All Subject Solutions. Here we have given Solutions for All Subject, You can practice these here.

মানুহ-পৰিবেশ পাৰস্পৰিক ক্রিয়া

Chapter : 23

23.1 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

তলত দিয়াসমূহৰ বাবে একো একোটা পদ প্ৰদান কৰা:

১। সামাজিক পাৰস্পৰিক কাৰ্যৰ গতিত মানুহৰ দ্বাৰা পৰিৱেশৰ ব্যৱহাৰ_____ ।

উত্তৰঃ পাৰিপাৰ্শ্বিক আচৰণ।

২। বান্ধবোৰ, বিদ্যালয়বোৰ, ঘৰবোৰ আদিৰ দৰে মানুহৰ কাৰ্যবোৰৰ ফলাফলবোৰ_____‌ ।

উত্তৰঃ আচৰণৰ উৎপাদনসমূহ।

৩। মানুহে পৰিৱেশ সম্পর্কে গ্ৰহণ কৰা বিশ্বাসবোৰ_______ ।

উত্তৰঃ পাৰিপাৰ্শ্বিক দিশস্থিতিসমূহ (Orientations)

৪। সংস্কৃতিৰ সকলোবোৰ দিশ_____ ।

উত্তৰঃ সামাজিক সাংস্কৃতিক পৰিবেশ।

৫। প্রাকৃতিক পৰিবেশৰ দিশসমূহ_____ ।

উত্তৰঃ ভৌতিক পৰিবেশ।

23.2 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ 

১। পানীৰ নাটনি কমোৱাৰ বাবে এটা পৰামৰ্শ দিয়া। 

উত্তৰঃ বৰষুণৰ বানী সংগ্ৰহ কৰণ।

২। বায়ু প্ৰদূষণ কমোৱাৰ বাবে কি কৰা উচিত হ’ব?

উত্তৰঃ CNG -ৰ প্ৰচলন।

৩। অপচয়িত উপাদানসমূহ ব্যৱহাৰৰ বাবে পৰামৰ্শ দিয়া।

উত্তৰঃ অপচয়িতৰ পূৰ্ব ব্যৱহাৰ আৰু পুনৰ কাৰ্যচক্ৰকৰণ।

পাঠ্য সমাপ্তিৰ অনুশীলনীৰ উত্তৰঃ 

১। মানুহ-পৰিবেশৰ পাৰস্পৰিক কাৰ্যৰ বিভিন্ন ধৰণৰ বাস্তবতাবোৰ (facts) কি? মানৱ আচৰণৰ ওপৰত পৰিবেশীয় প্ৰভাৱসমূহৰ বিষয়ে ব্যাখ্যা কৰা।

উত্তৰঃ আমি জানো যে ভৌতিক বা প্রাকৃতিক পৰিবেশে প্রত্যক্ষ অথবা পৰোক্ষভাবে আমাৰ আচৰণ প্ৰভাৱিত কৰে। উদাহণ হিচাপে, এইটো নিৰীক্ষণ কৰা হৈছে যে যেতিয়া বতৰ গৰম আৰু আর্দ্র বা জেকা অর্থাৎ সেমেকা হয় তেতিয়া ঠাণ্ডা বতৰৰ তুলনাত মানুহ অধিক খঙাল আৰু আক্ৰমণাত্মক প্ৰকৃতিৰ হয়। তোমালোকে নিশ্চয় দৈনন্দিন বাতৰি কাকতত গৰমৰ মাহবোৰত ‘পথ ক্রোধোন্মত্ততা”ৰ ঘটনাসমূহ বৃদ্ধিৰ কথা শুনিছা। এনে পাৰিপাৰ্শ্বিক চলকসমূহৰ ওপৰত অনুৰাগে এখন বিশেষ ক্ষেত্ৰ যাক পাৰিপাৰ্শ্বিক মনোবিজ্ঞান হিচাপে জনা যায়; বিকাশৰ দিশলৈ আমাক আগুৱাই দিছে।

মনোবিজ্ঞানৰ সেই ক্ষেত্ৰখন প্ৰাকৃতিক আৰু মানৱ সৃষ্ট উভয় দিশৰ মনোবৈজ্ঞানিক প্রক্রিয়াসমূহ আৰু ভৈতিক পৰিবেশসমূহৰ পাৰস্পৰিক সম্বন্ধৰ অধ্যয়নৰ প্ৰতি একান্তভাৱে নিয়োজিত কৰা হৈছে। পাৰস্পৰিক সম্বন্ধই দুটা উপায়ৰ প্ৰক্ৰিয়াৰ লগত য’ত পৰিবেশে মানৱ আচৰণসমূহ প্ৰভাৱিত কৰে আৰু মানৱ প্ৰাণীয়ে পৰিবেশৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে সেই বিষয়ে আলাপ আলোনা কৰে। এই পাৰস্পৰিক কাৰ্যৰ নানা দিশসমূহৰ বিষয়ে উপলব্ধি কৰাৰ বাবে আমি মুখামুখি হোৱা বিভিন্ন প্ৰকাৰৰ পৰিবেশৰ বিষয়ে উপলব্ধি কৰাটো উপকাৰী হ’ব নিশ্চয়। তলত পৰিবেশৰ মুখ্য প্ৰকাৰসমূহৰ বিষয়ে চমু বর্ণনা প্ৰদান কৰা হ’ল। 

ভৌতিক পৰিৱেশ: ইয়ে বাস্তৱতা আৰু সামাজিক-সাংস্কৃতিক পৰিঘটনাসমূহ যিবোৰে আমাক পৰিবেষ্টন কৰিছে তাক অন্তর্ভুক্ত কৰি লয়। শব্দ, উষ্ণতা, বতাহ আৰু পানীৰ গুণগত বৈশিষ্ট্য আৰু বিভিন্ন পদার্থ তথা বস্তুগৃহে আমাৰ চাৰিওফালৰ পৃথিৱীখনৰ ভৌতিক পৰিবেশ গঠন কৰিছে।

সামাজিক আৰু সাংস্কৃতিক পৰিবেশ: ইয়ে সামাজিক পাৰস্পৰিক ক্ৰিয়াৰ নানা দিশ ইয়াৰ নানা ধৰণৰ উৎপাদনকে সামৰি যেনে বিশ্বাসসমূহ, মনোভাৱসমূহ, বৈশিষ্ট্যহীনতাকে আদি কৰি সামৰি লয়। ইয়াৰ মাজত পদার্থগত আৰু অ-পদার্থগত নিশসমূহো অন্তৰ্ভুক্ত হৈ আছে।

মনোবৈজ্ঞানিক পৰিবেশ: ইয়ে যিকোনো এটা পাৰিপাৰ্শ্বিক অৱস্থাৰ লগত সম্পর্কযুক্ত হোৱা চেতনা আৰু অভিজ্ঞতাসমূহ অন্তর্ভুক্ত কৰি লয়। কিছুমান উদ্দীপিত কৰা আৰু আন্দোলিত কৰা প্ৰকৃতিৰ আৰু আন কিছুমান বিৰস আৰু বিৰক্তিদায়ক প্ৰকৃতিৰ হ’ব পাৰে। মনোবৈজ্ঞানিক প্ৰকাশৰ কথাষাৰ প্ৰায়েই সাংগঠনিক প্রসঙ্গত ব্যৱহাৰ কৰা হয়।

মানৱ আচৰণৰ ওপৰত পৰিবেশীয় প্রভাৱসমূহ: আমি আগৰ অংশত আলোচনা কৰিছো যে পৰিবেশে মানৱ আচৰণ প্ৰভাৱিত কৰে আৰু মানৱ আচৰণেও পাৰেবেশ প্রভাবিত কৰে, দুয়োটাই পাৰস্পৰিক ভাৱে ক্ৰিয়া কৰে। পৰিবেশৰ মানৱ প্ৰাণীৰ ওপৰত পুষ্টিসাধক আৰু ধ্বংসাত্মক দুয়োটা প্রভাবেই আছে।

সমগ্র মানৱ ইতিহাসত, মানুহক বানপানী, ভূমিকম্প আৰু অন্যান্য প্রাকৃতিক দুর্যোগসমূহে ভয় খুৱাই আহিছে। প্ৰচুৰ বিজ্ঞানসন্মত বিকাশ হোৱা সত্ত্বেও, আমি প্রাকৃতিক দুৰ্যোগসমূহৰ প্ৰভাৱসমূহ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই। বর্তমান কালত প্রাযুক্তিক অভিনব বস্তুসমূহ আৰু উন্নতিসমূহে আমাৰ বাবে পৰিবেশৰ বৰা সুপ্ত গুণ থকা ভয়সমূহ কঢ়িয়াই আনিছে, যিবোৰ মানৱ সৃষ্ট। এই আশংকাবেৰ শাৰীৰিকভাৱে ক্ষতিকাৰক আৰু চাপযুক্ত। মানুহে এই চাপবোৰৰ লগত মকামিল কৰিবলগীয়া হৈছে। মানৱ সৃষ্ট এনে চাপবোৰক অপবিত্র বস্তু বা দুষিতকাৰী বস্তু বুলি কোৱা হয় আৰু মৌলিকভাবে এয়া চাৰিপ্ৰকাৰৰ: বায়ু প্ৰদূষণ, পানী প্ৰদুষণ, শব্দ প্ৰদূষণ আৰু জনপূর্ণতা।

আমি বিভিন্ন প্ৰকাৰৰ প্ৰাকৃতিক দুর্যোগ পাওঁ যিবোৰে নানা ধৰণে মানৱ আচৰণ প্ৰভাৱিত কৰে। এই প্রাকৃতিক বিপর্যয়বোৰে ভূমিকম্প, আগ্নেয়গিৰিৰ উদ্‌গিৰণ, প্ৰবাহিত ধুমুহা, বা মালী, প্ৰচণ্ড ধুমুহা বা প্ৰৱল সামুদ্রিক বায়ু, দুর্ভিক্ষ, বানপানী ইত্যাদিক সামৰি লয়। লাটুৰ আৰু ভূজত হোৱা ভূমিকম্প আৰু উৰিষ্যাত হোৱা অতি শক্তিশালী প্ৰচণ্ড ধুমুহাই অকল সম্পত্তি আৰু প্ৰাকৃতিক পৰিবেশেৰে বিস্তাৰিত ক্ষতি কৰা নাছিল (গছ-গছনিসমূহ উভালি), মানুহৰ জীৱনৰ ওপৰতো অতি দীর্ঘকালীন প্রভাৱ পৰিছিল।

১। পৰিবেশৰ প্ৰতি ভৱিষ্যতৰ ভাবুকিবোৰ কি? এই ভাবুকিবোৰ আঁতৰ কৰাৰ বাৰে আমি কি কৰা উচিত?

উত্তৰঃ পূৰ্বতে উল্লেখ কৰি অহা অনুসৰি মানুহৰ কাৰ্যকলাপেও পৰিবেশ প্ৰভাৱিত কৰে। আচলতে, প্ৰায় প্ৰতিগৰাকী মানৱ প্ৰাণীয়ে, তেওঁৰ কাৰ্যকলাপৰ মাজেৰে বিশেষ কিছুমান প্ৰভাৱ পেলায় যিয়ে সচেষ্টভাৱে আৰু ধ্বংসাত্মক প্ৰক্ৰিয়াৰে আমি বসবাস কৰা পৰিবেশত বিশেষ কিছু বস্তু পঞ্জীভূত কৰাৰ ক্ষেত্ৰত অৱদান যোগায় যেতিয়া কোনো এগৰাকী লোকে এখন স্কুটাৰ, মটৰ চাইকেল অথবা গাড়ী চলায়, চুলিত দিয়া প্ৰে ব্যৱহাৰ কৰে, খাদ্য ৰান্ধে ইত্যাদিত পৰিবেশ প্রভাৱিত হয়। আমাৰ পৰিবেশ অৱনমিত হোৱাত আমাৰ সৰু সৰু কাৰ্যবোৰে লোৱা ভূমিকাৰ প্ৰভাৱৰ বিষয়ে আমি উপলব্ধি নকৰোঁ।

ভৱিষ্যতৰ বাবে পৰিকল্পনা কৰা: আগতে উল্লেখ কৰা অনুসৰি, ৰাষ্ট্ৰসংঘই পৃথিৱীৰ চাৰিওফালে পৰিবেশৰ ওপৰত প্ৰভাৱ পেলাই থকা মানুহৰ ক্ষতিকাৰক কাম কাজবোৰ নিয়ন্ত্ৰণ কৰাৰ বাবে সর্বান্তঃকৰণে কাম কৰি আছে। পৰিবেশ হৈছে প্ৰাকৃতিক ভাৱে প্ৰদান কৰা মূলধন যিবোৰৰ নিশ্চিত সীমাবদ্ধতা আছে আৰু আমি এনে সম্পদসমূহ সুবিবেচনাপূর্ণভাবে ব্যৱহাৰ কৰিবলৈ শিকিব লাগিব। বায়ু, পানী, খাদ্য, ইন্ধন ইত্যাদি সকলোবোৰ মানৱ জাতিৰ প্ৰতি এই পৰিবেশৰে উপহাৰ আৰু আমি এইবোৰ কৰিবলৈ শিকিব লাগিব। আমি পানী আৰু বায়ু সংৰক্ষণ কৰাৰ বাবে বিশেষ মনোযোগ দিব লাগিব।

পানী: আমি এনে প্রাকৃতিক সম্পদবোৰ ব্যৱহাৰ কৰি আছো যিবোৰ আমি পূৰণ কৰিব পৰা নাই আৰু পানীও তেনে এবিধ সম্পদ। আমাৰ পৃথিৱীৰ ওপৰত পানীৰ ভয়ানক নাটনি থকা আৰু কৃষিৰ বাবে গুৰুতৰ ভাবুকি থকা খুব কমেও প্রায় ৮০ খন দেশ আছে। এই দেশবোৰৰ ভিতৰত ভাৰতবৰ্ষও এখন দেশ য’ত পানীৰ নাটনিয়ে বেয়া ভাৱে কৃষিক্ষেত্ৰ প্ৰভাৱিত কৰিছে। কৰ্ণাটক আৰু তামিলনাডুত পানীৰ নাটনি হৈছে এটা উদাহৰণ। পানীৰ নাটনিয়ে ডাঙৰ ডাঙৰ চহৰবোৰত ভাবুকিৰ সৃষ্টি কৰিবলৈ আৰম্ভ কৰিছে।

বায়ু: মটৰ গাড়ী আৰু ঔদ্যোগিক নির্গমনৰ দ্বাৰা বায়ুৰ গুণগত বৈশিষ্ট্য বেয়াকৈ প্ৰভাৱিত হৈছে৷ এনে উৎসসমূহৰ পৰা বৃহৎ পৰিমাণৰ নিৰ্গমনে আমি উশাহ লোৱা বায়ুত ক্ষতিকাৰক আৰু বিষয় সম্বন্ধীয় গেছসমূহ যেনে– কার্বন মন’ক্সাইড, নাইট্ৰ’জেন ডাই-অক্সাইড, চালফাৰ ডাই-অক্সাইড ইত্যাদি বঢ়াই তুলিছে। পচন কাৰ্য প্ৰতিহত কৰাৰ বাবে আৰু জনস্বাস্থ্য ৰক্ষা কৰাৰ কাৰণে গুৰুত্বপূর্ণ প্রচেষ্টাসমূহৰ প্ৰয়োজন হৈছে।

অপচয়িত উপাদান: সম্ভৱত আটাইতকৈ সুস্পষ্ট মানৱ কাৰ্যৰ উপজাত দ্রব্য হৈছে অপচয়িত উপাদান যিবোৰ আমি উৎপাদন কৰো । আমাৰ কাৰ্যৰ অপচয়িত উৎপন্ন প্ৰসাৰিত হৈছে পুতিকাৰ পৰা জাবৰ- ভোহৰলৈ। এয়া মিউনিচিপালিটিবোৰ, কৰ্পোৰেচনবোৰ আৰু স্থানীয় প্রশাসনবোৰৰ বাবে এইবোৰ চম্ভালি লোৱাটো বৰ গুৰুত্বৰ সমস্যা। বৰ্তমানলৈ আমাৰ প্ৰায়বোৰ পুতিকা পোনে পোনে ব্যৱহাৰ নকৰাকৈ নদীবোৰত পৰিত্যাগকৰণ হৈছে। ইয়ে পানীৰ প্ৰদুষণৰ গুৰুতৰ সমস্যা সৃষ্টি কৰিছে ইয়ে আমাৰ নদীৰ পানী সেৱন কৰাৰ অনুপযুক্ত কৰি তোলে। এই গুৰুতৰ সমস্যাৰ প্ৰতি বৰ্তমান আমাৰ সচেতনতা বাঢ়িছে আৰু পুতিকাবোৰ নদীবোৰত তথা সাগৰত পেলাই নিয়াৰ আগতে এইবোৰ আগতীয়াকৈ ব্যৱহাৰ কৰি লোৱাৰ প্ৰচেষ্টা চলিছে।

গুৰুতৰ সমস্যাৰ প্ৰতি বৰ্তমান আমাৰ সচেতনতা বাঢ়িছে আৰু পুতিকাবোৰ নদীবোৰত তথা সাগৰত পেলাই দিয়াৰ আগতে এইবোৰ আগতীয়াকৈ ব্যৱহাৰ কৰি লোৱাৰ প্ৰচেষ্টা চলিছে।

আন এটা গুৰুতৰ সমস্যা উদ্ভুদ হয় আমি উৎপাদন কৰা অদ্ভুত পৰিমাণৰ জাবৰ-ভোহৰ। জাবৰ-জোথৰ পৰিত্যাগকৰণ, বিশেষকৈ অজৈৱ জহিখহি যাব নোৱাৰা দ্ৰৱ্য (যেনে- প্লাষ্টিক বেগসমূহ) এটা গুৰুত্বৰ সমস্যা। আমি তেনে দ্রব্য যেনে- প্লাষ্টিক বেগসমূহ দৈনন্দিন ব্যৱহাৰৰ বাবে ব্যৱহাৰ নকৰাৰ বাবে যত্ন ল’ব লাগিব।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top