ASOS Class 12 Psychology Chapter 24 মনোচিকিৎসা, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Psychology Chapter 24 মনোচিকিৎসা and select needs one.
ASOS Class 12 Psychology Chapter 24 মনোচিকিৎসা
Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. ASOS Class 12 Psychology Chapter 24 মনোচিকিৎসা These solutions are part of SCERT All Subject Solutions. Here we have given Solutions for All Subject, You can practice these here.
মনোচিকিৎসা
Chapter : 24
24.1 পাঠ্য অন্তর্গত প্রশ্নাবলীৰ উত্তৰঃ
তলত দিয়াসমূহৰ খালী ঠাই পুৰণ কৰা:
১। ডাক্তৰী আৰ্হিত ব্যৱহাৰ কৰা মানসিক চিকিৎসা সম্বন্ধীয় অভিগমন সমূহক_____ প্ৰতিকাৰ বুলি কোৱা হয়।
উত্তৰঃ ডাক্তৰী আৰ্হিত ব্যৱহাৰ কৰা মানসিক চিকিৎসা সম্বন্ধীয় অভিগমন সমূহক দৈহিক প্ৰতিকাৰ বুলি কোৱা হয়।
২। বৰ্তমান সময়ত ব্যৱহাৰ কৰা তিনিটা মূখ্য দৈহিক প্ৰতিকাৰসমূহ হৈছে ____, ______, _____ ।
উত্তৰঃ বৰ্তমান সময়ত ব্যৱহাৰ কৰা তিনিটা মুখ্য দৈহিক প্ৰতিকাৰসমূহ হৈছে কেমোথেৰাপী, ইলেকট্ৰ’কনভুলচিভ থেৰাপী আৰু চাইক ‘চাৰ্জাৰী।
৩। ______ মূলত মনবিক্ষীপ্তৰোগ চিকিৎসা কৰাৰ বাবে ব্যৱহাৰ কৰা হয়।
উত্তৰঃ নিউৰ’লেপটিকচ মুখ্য প্রশমক ঔষধ অথবা এনটিচাইক ‘টিকচসমূহ মূলত মনবিক্ষীপ্তৰোগ চিকিৎসা কৰাৰ বাবে ব্যৱহাৰ কৰা হয়।
৪। অৱসাদৰ চিকিৎসাৰ বাবে_____ ব্যৱহাৰ কৰা হয়।
উত্তৰঃ অৱসাদৰ চিকিৎসাৰ বাবে অৱসাদবিৰোধী ব্যৱহাৰ কৰা হয়।
৫। আকুলক ঔষধসমূহ মূলত_____ বিশৃংখলতাত ব্যৱহাৰ কৰা হয়।
উত্তৰঃ আকুলক ঔষধসমূহ মূলত উৎকণ্ঠা বা দুশ্চিন্তা বিশৃংখলতাত ব্যৱহাৰ কৰা হয়।
24.2 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ
তলত দিয়াবোৰৰ খালী ঠাঁই পূৰণ কৰা:
(i) অধিক বিস্তাৰিতভাবে যিটো অভিগমন মনোবিশ্লেষণত ব্যৱহাৰ কৰা হয় সেয়া হৈছে এটা কৌশল যিটোক মুক্ত_____ বুলি কোৱা হয়।
উত্তৰঃ অধিক বিস্তাৰিতভাৱে যিটো অভিগমন মনোবিশ্লেষণত ব্যৱহাৰ কৰা হয় সেয়া হৈছে এটা কৌশল যিটোক মুক্ত ভাবানুবাদ বুলি কোৱা হয়।
(ii) মনোবিশ্লেষণৰ উদ্দেশ্য হৈছে_____ সংঘাতসমূহ উপলব্ধি কৰা যিবোৰ ব্যক্তিৰ অস্বাভাৱিক আচৰণৰ বাবে দায়বদ্ধ।
উত্তৰঃ মনোবিশ্লেষণৰ উদ্দেশ্য হৈছে অসচেতন সংঘাতসমূহ উপলব্ধি কৰা যিবোৰ ব্যক্তিৰ অস্বাভাৱিক আচৰণৰ বাবে দায়বদ্ধ।
(iii) মনোবিশ্লেষণত ব্যৱহাৰ কৰা আন অভিগমনসমূহ হৈছে ____ আৰু _____ বৰ্ণনা কৰা।
উত্তৰঃ মনোবিশ্লেষণত ব্যৱহাৰ কৰা আন অভিগমনসমূহ হৈছে ডাক্তৰী, মনোগতিবিজ্ঞান সম্বন্ধীয়, আচৰণমূলক আৰু মানৱীয়তামূলক বৰ্ণনা কৰা।
(iv) থেৰাপীৰ আৰ্হি যিয়ে পৌৰাণিক অনুবন্ধনৰ নীতিসমূহ ব্যৱহাৰ কৰে তাক____, ___বুলি কোৱা হয়।
উত্তৰঃ থেৰাপীৰ আচৰণমূলক আৰ্হি যিয়ে পৌৰাণিক অনুবন্ধনৰ নীতিসমূহব্যৱহাৰ কৰে তাক কাৰ্যকাৰক আৰু অনুবন্ধন বুলি কোৱা হয়।
(v) আচৰণ থেৰাপীৰ ওপৰত নিৰ্ভৰ কৰা তিনিটা অভিগমন হৈছে ___, ____আৰু ___ ।
উত্তৰঃ আচৰণ থেৰাপীৰ ওপৰত নিৰ্ভৰ কৰা তিনিটা অভিগমন হৈছে ইমপ্লোচিয়ন থেৰাপী, ফ্লাদিং আৰু চিচটেমেটিক ডেচেনসিটাইজেচন।
পাঠ্য সমাপ্তিৰ অনুশীলনীৰ উত্তৰঃ
তলৰ প্ৰশ্নসমূহৰ উত্তৰবোৰ লিখা:
১। মনোবিশ্লেষণৰ মৌলিক লক্ষ্যসমূহ আৰু প্ৰক্ৰিয়াৰ বিষয়ে বৰ্ণনা কৰা।
উত্তৰঃ মনোবিজ্ঞান হৈছে আচৰণৰ বিজ্ঞান। মনোবিজ্ঞানে প্ৰতিটো জীৱন্ত প্ৰাণীৰে আচৰণৰ বিষয়ে প্রণালীবদ্ধভাৱে অধ্যয়ন চলায়। জীৱনৰ নানা পৰিৱেশ- পৰিস্থিতিত মানুহ আৰু অন্যান্য প্রাণীয়ে প্ৰদৰ্শন কৰা নানা ধৰণৰ দেহ মানসিক অনুক্রিয়া বা প্ৰতিক্ৰিয়াৰ সহায়েৰে প্ৰাণীৰ দৈহিক আৰু মানসিক আচৰণ প্ৰকাশিত হয়। জীৱনৰ নানা কাৰ্যকলাপ আৰু ঘটনাৰ মুখামুখি হোৱাৰ সময়ত সকলো প্রাণীয়ে বেলেগ বেলেগ দেহ মানসিক প্রতিক্ৰিয়া প্ৰদৰ্শন কৰে।
‘চিগমণ্ড ফ্রয়েডৰ মনোগতিবিজ্ঞান সম্বন্ধীয় আৰ্হিয়ে আভ্যন্তৰীণ, মনোবৈজ্ঞানিক উপাদনসূহৰ দ্বাৰা, মৌলিকভাৱে সমাধান নোহেৱা, অসচতন,বালকালৰ সংঘাত আদিৰ দৰে মানসিক বিশৃংখলতাসমূহ চোৱা-চিত কৰে। এই আৰ্হিত চিকিৎসা হিচাপে মনোবিশ্লেষণৰ কথালৈ উনুকিয়া হৈছে। মনোবিশ্লেষণৰ উদ্দেশ্য হৈছে এসচেতন সংঘাতসূহ যিবোৰ ব্যক্তিৰ মানসিক বিশৃংখলাৰ বাবে, সেইবোৰৰ বিষয়ে উপলব্ধি কৰা, আৰু তাৰ পিচত ব্যক্তিগৰাকীক ইয়াৰ বাবে সচেনতভাৱে সজাগ কৰি তোলা। ইয়ে ব্যক্তিগৰাকীক তেওঁ সমস্যাসমূহৰ লগত অধিক ফলপ্রসূভাৱে মকামিলা কৰিবলৈ অনুমতি দিয়ে ।
মনোবিশ্লেষণত অধিক বিস্তাৰিতভাৱে ব্যৱহাৰ কৰা অভিগমনটো হৈছ এটা কৌশল যিটোক মুক্ত ভাবানুবাদ বুলি কোৱা হয়। মৌলিক প্ৰক্ৰিয়াটো হৈছে এয়াই যে ৰোগীয়ে তেওঁৰ মনলৈ যি আহে তাকে কয়, যিহেতু ইয়ে অহমৰ বিবেচনামূলক ভূমিকা অথবা ভাবুকিস্বৰূপ হৈ উঠা অচেতন প্রবৃত্তিসমূহ ফালৰি কাটি যায়। মনোবিশ্লেষণৰ সৰ্বশেষৰ লক্ষ্য হৈছে বাস্তৱধৰ্মী পথেৰে, প্ৰতিৰক্ষা যন্ত্ৰৰচনাসমূহ ব্যৱহাৰ নকৰাকৈ নানা ধৰণৰ সমস্যাবোৰ মকামিলা কৰাৰ বাবে সক্ষম কৰি তোলাৰ কাৰণে ব্যক্তিত্বৰ সংশোধন ঘটোৱা। কেতিয়া সন্মোহন বা বিকাৰগ্ৰস্ত নিদ্ৰা আৰু সপোনৰ বিশদবৰ্ণনাকো চিকিৎসা প্রক্রিয়াক সহায় আগবঢ়োৱাৰ বাবে ব্যৱহাৰ কৰা হয়।
২। ইমপ্লচিয়ন থেৰাপী, ফ্লাদিং আৰু চিষ্টেমেটিক ডি-চেনচিটাইজেচনত ব্যৱহাৰ কৰা অভিগমনৰ পাৰ্থক্যসমূহৰ থূলমূল আভাস দিয়া।
উত্তৰঃ আচৰণমূলক আৰ্হিত বিশৃংখলতাসমূহক শিকি লোৱা অপসমাজিনামূলক আচৰণ হিচাপে লক্ষ্য কৰা হয়। ৱাটচন আছিল প্রথম ব্যক্তি যিয়ে পৰামৰ্শ আগবঢ়াইছিল যে মানসিক বিশৃংখলতাসমূহ যেনে— ভয়বসমূহ (নিশ্চিত বস্তুৰ প্ৰতি, এন্দুৰ বা সাপসমুহ ইত্যাদি) অনুবন্ধিত প্ৰক্ৰিয়াসমূহৰ পৰিভাষাৰে ব্যাখ্যা কৰিব পাৰি। আচৰণ চিকিৎসাসমূহে পৌৰাণিক অনুবন্ধনৰ নীতিসমূহ ব্যৱহাৰ কৰে, য’ত আচৰণ সংশোধন কৌশলসমূহ কাৰ্যকাৰক অনুবন্ধনৰ ওপৰত নিৰ্ভৰশীল।
আচৰণ চিকিৎসাত, ধাৰণাটো হৈছে যে, যদিহে অপলমাযোজনমূলক আচৰণ পৌৰাণিক অনুবন্ধনৰ দ্বাৰা আহৰণ কৰিব পৰা যায়, সেইবোৰ এক নীতিৰ দ্বাৰা নিশিকা কৰিবও পৰা যায়। আচৰণ চিকিৎসাৰ ওপৰত নিৰ্ভৰশীল তিনিটা অভিগমন হৈছে— ইম্প্লোচিয়ন থেৰাপী, ফ্লাদিং আৰু চিচটেমেতিক ডেচেনসিটাইজেচন।
ইমপ্ল’চিয়ন থেৰাপী আৰু ফ্লাদিং থেৰাপী এনে ধাৰণাৰ ওপৰত নিৰ্ভৰশীল যে, যদিহে ভয় প্রতিক্রিয়া সৃষ্টি কৰা উদ্দীপক এটা (যেনে সাপসমুহ) কোনে অসস্তোষজনক অভিজ্ঞতাৰে, যিটো উদ্দীপকটোৱে লগতে আনে, সঘনাই উপস্থাপন কৰা হয়, ইয়ে ভয়ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিবলৈ ইয়াক শক্তি হেৰুৱায়। ইমপ্ল’চিয়ন খেতাপীত, থেৰাপীষ্টে কোঠাৰ ভিৰত নিৰাপত্তাৰ মাজত ব্যক্তিগৰাকীক বাৰে বাৰে ভয়খোৱা উদ্দীপকৰ প্ৰতিৰূপসমূহ ব্যক্তিগৰাকীক প্ৰদৰ্শন কৰে। ব্যক্তিগৰাকীক ভয় খোৱা বস্তুটোৰ তেওঁৰলগত আটাইতকৈ ভয়ানক সংযোজন ভীতি প্রদর্শন কৰা আকাৰ কল্পনা কৰিবলৈ কোৱা হয়। কেইটামান প্ৰচেষ্টাৰ পিছত, উদ্দীপকটোৱে (অর্থাৎ সাপ) উৎকণ্ঠা সংঘটিত কৰিবপৰা ইয়াৰ শক্তি হেৰুৱায়।
ফ্লাদিঙত ব্যক্তিগৰাকীক ভয় বা উৎকণ্ঠা সৃষ্টি কৰা অৱস্থাটোৰ মুখামুখি হোৱাৰ বাবে বাধ্য কৰোৱা হয়। উদাহৰণস্বৰূপে উচ্চতাসমূহৰ প্ৰতি ভয়াতুৰ ব্যক্তি এগৰাকীক এটা অতি উচ্চ বিল্ডিঙৰ মুধচত উঠিবলৈ বাধ্য কৰোৱা হ’ব পাৰে। কিছুমান ব্যক্তিৰ সৈতে এই অভিগমন ফলদায়ক আৰু ইয়ে নির্দিষ্ট অৱস্থাৰ ভয় আঁতৰায়। ইমপ্ল’চিয়ন থেৰাপী আৰু ফ্লাদিং থেৰাপীৰ ফলপ্ৰসূতা সীমিত। এটা উত্তম প্ৰক্ৰিয়া হৈছে প্ৰণালীবদ্ধ ডি-চেনজিটাইজেচন।
প্রণালীবদ্ধ ডি-চেনচিটাইজেচনত, এগৰাকী ব্যক্তিক এটা অনুক্রম দৃশ্য কিছুমান বা ঘটনা কিছুমান গঠন কৰিবলৈ কোৱা হয় যিয়ে ক্রমাগতভাৱে ব্যক্তি গৰাকীক ভয় সৃষ্টি কৰা বস্তু বা অৱস্থাটোৰ সন্মুখীন হ’বলৈ আগুৱাই লৈ যায়। উদাহৰণ হিচাপে, এগৰাকী ব্যক্তি যাৰ মৃতদেহসমূহৰ প্ৰতি ভায় আছে তেওঁক এখন এম্বুলেন্সৰ কথা কল্পনা কৰিবলৈ কোৱা হ’ব পাৰে আৰু তাৰ পাচত উৎকণ্ঠাহীন অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ পৰামৰ্শ দিয়া হ’ব। ইয়াৰ পিছত তেওঁক এখন শ্মশানথলীৰ ওচৰলৈ যাবলৈ কোৱা হ’ব আৰু অৱশেষত ব্যক্তিগৰাকীক এটা মৃতদেহৰ ওচৰলৈ আহিবলৈ কোৱা হ’ব আৰু একেলগে উৎকণ্ঠাহীন অৱস্থাৰ ওপৰত নজৰ ৰাখিবলৈ কোৱা হ’ব।
৩। বৰ্তমান ব্যৱহাৰ কৰা তিনি প্ৰকাৰৰ দৈহিক থেৰাপী- কেমোথেৰাপী, ইলেক্ট্ৰ’কনভুলচিভ থেৰাপী আৰু চাইক ‘চাৰ্জাৰীৰ বিষয়ে চমুভাৱে বৰ্ণনা কৰা।
উত্তৰঃ ডাক্তৰী আৰ্হি অনুসৰি, অস্বাভাৱিক দৈহিক কাৰণত সংঘটিত হয় আৰু ই একপ্ৰকাস বেমাৰ, যাক বিভিন্ন ঔষধৰ সহায়ত চিকিৎসা কৰিব পৰা যায়। এই অভিগমনে বংশগতিসমূহ আৰু স্নায়বিক প্রেৰকসমূহৰ ভাৰসাম্যহীনতা সমূহৰ ভূমিকাসমূহ পৰীক্ষা কৰি চায়। ডাক্তৰী আৰ্হিত ব্যৱহাৰ কৰা মানসিক চিকিৎসা সম্বন্ধীয় অভিগমনসমূহক দৈহিক প্ৰতিকাৰ হিচাপে উপদেশ দিয়া হয় । তিনিটা দৈহিক প্ৰতিকাৰ, যিবোৰ বৰ্তমান ব্যৱহাৰ কৰা হৈছে, সেইবোৰ কেমোথেৰাপি, ইলেকট্র’গনভুলচিভ থেৰাপী আৰু চাইক চাৰ্জাৰি (Chemotherapy, electroconvulsive therapy (ECT) and Psychosurgery)
ECT– এ মনোবৈজ্ঞানিক বিশৃংখলাতত ভুগি থকা লোকজনক ইলেকট্ৰ’ডচৰ মাজেৰে মুখত কম সময়ৰ বাবে ইলেকট্রিক সোঁত প্রয়োগ কৰা প্রক্রিয়া অন্তর্ভুক্ত কৰি লয়। উদাহৰণ হিচাপে, এক পার্শ্বিক ECT(unilateral- ECT) ত দুটা ইলেকট্ৰ’ডত কুমৰ অঞ্চলত সংলগ্ন কৰি দিয়া হয় আৰু ১১০ ভল্টত প্রায় ২০০ মিলিএমপচ প্ৰৱাহ, ০.৫-৪ চেকেণ্ডলৈ এটা ইলেকট্ৰ’ডৰ পৰা আন এটা ইলেকট্ৰ ডলৈ অতিবাহিত কৰাই দিয়া হয়। ECT– অৱসাদ, দ্বিকেন্দ্রীক বিশৃংখলতা (মেনিয়া ডিপ্ৰেচন আৰু চিত্তাৰিকাৰগ্ৰস্ত মানসিক তাড়নাত বিশৃংখলতাসমূহ চিকিৎসা কৰাৰ বাবে ব্যৱহাৰ কৰা হয়।
চাইক চাৰ্জাৰীয়ে মনোবৈজ্ঞানিক কার্যকলাপ পৰিৱৰ্তন কৰাৰ বাবে মস্তিস্কত অস্ত্ৰোপচাৰ কৰা কাৰ্য অন্তর্ভুক্ত কৰি লয়। ইয়াক একমাত্ৰ চৰম মনোবৈজ্ঞানিক বিক্ষিপ্তত যেনে আক্রমনাত্মক মনোবিদনলন ৰোগীসকলক শেষ ৰক্ষাৰ উপায় হিচাপে ব্যৱহাৰ কৰা হয়।
আটাইতকৈ সাধাৰণ আৰু ফলদায়ক দৈহিক অভিগমন হৈছে ৰস চিকিৎসা যিয়ে বিশৃংখলতাত ভোগা ব্যক্তিগৰাকীক ঔষধসমূহ দিয়া প্ৰক্ৰিয়া অন্তৰ্ভুক্ত কৰি লয়। সাধাৰণতে তিনিটা প্ৰধান প্ৰকাৰৰ ঔষধ আছে। নিউৰ’লেবপটিকচ মুখ্য প্রশমক ঔষধ (নিদ্রাআনয়ক দ্রব্য) অথবা এনটিচাইকক ‘টিক্চসমূহ মূলত মনবিক্ষীপ্ত ৰোগ আৰু মানসিক বিক্ষিপ্ত ব্যৱস্থাৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়। অৱসাদবিৰোধীসমূহ বিভিন্ন বিশৃংখলতা, অৱসাদকে সামৰি চিকিৎসা কৰাৰ বাবে ব্যৱহাৰ কৰা হয়। আকুলক ঔষধসমূহ উৎকণ্ঠ বা দুশ্চিন্তা বিশৃংখলতাসমূহত মূলত ব্যৱহাৰ কৰা হয়।
৪। মানৱীয়তামূলক চাইক’ থেৰাপীত ব্যৱহাৰ কৰা বুনিয়াদী অভিগমন কি?
উত্তৰঃ ব্যক্তিত্বৰ মানৱীয়তামূলক দৃষ্টিভংগী অনুসৰি, মৌলিকভাৱে মানুহবোৰ ভাল আৰু মানুহে বৰ্ধন বিচাৰে আৰু জীৱনধাৰণৰ সুন্দৰ উপায়সমূহৰ প্ৰতি কাম কৰে। সকলো মানুহৰে আত্মসন্মানৰ আৰু মুক্ত পছন্দ অনুসৰি জীৱন গঢ় দি লোৱাৰ প্ৰয়োজন আছে। মানৱ প্ৰাণীবোৰে বিশেষ প্ৰকৃতিৰ কাৰণ তেওঁলোকৰ মুক্ত আকাংক্ষা আছে আৰু তেওঁলোকৰ সমৰ্থ হোৱা সকলো কাৰ্য সাধনৰ স্বাভাবিক প্রয়োজন। এগৰাকী লোকৰ নিজৰ সুগুগুণ দিঠকত পৰিণত কৰাৰ প্ৰয়োজনক আত্ম-দিঠকত পৰিণতকৰণৰ প্ৰতি মৌলিক মানৱ তাড়না বুলি কোৱা হয়। মানৱীয়তামূলক দৃষ্টিভংগী মনোবৈজ্ঞানিক বিশৃংখলতাসমূহ সংঘটিত হোৱা দেখ যায় কাৰণ বাহ্যিক পৰিবেশে ব্যক্তিগত বৰ্ধনৰ দিশত গতি কৰিবলৈ আমাক বাধা প্ৰদান কৰে।
আমাৰ চাৰিওফালে থকা মানুহবোৰে আণাৰ পৰা তেওঁলোকৰ আকাংক্ষাসমূহৰ দ্বাৰা হেচা প্ৰদান কৰে, আমি যেনেকুৱা তেনেভাৱে মানুহে আমাক গ্ৰহণ নকৰে। আমাৰ চাৰিওফালে থকা সকলোকে যদি আমাৰ প্ৰতি কোনো চতহীন ইতিবাচক শ্রদ্ধা প্ৰদান কৰে তেতিয়া আমি বাস্তৱতে যি ধৰণৰ আৰু আমি যি ধৰণৰ হ’বলৈ আকাংক্ষা কৰো তাৰ মাজত কথমপিহে কিবা ফাঁক থাকিব। ইয়াৰ দ্বাৰা ইয়াকে সূচোৱা হৈছে যে প্রকৃত সত্তা আৰু আদৰ্শ সত্তাৰ মাজত নাম মাত্র ফাঁকহে থাকিব। আমাৰ কাৰ্যসাধনত ইয়ে মহান সমন্বয়ৰ দিশলৈ আগুৱাই নিব, যাক সাদৃশ্য বা সামঞ্জস্য হিচাপে আখ্যা দিব পাৰি।
মানৱীয়তামূলক থেৰাপীৰ লক্ষ্য হৈছে এয়াই যে থেৰাপীষ্ট গৰাকীয়ে চৰ্তহীন ইতিবাচক সন্মানৰ পৰিৱেশ সৃষ্টি কৰি তেওঁৰ মক্কেলক তেওঁৰ আচল অনুভুতিসমূহৰ আৰু অভ্যন্তৰ সত্তাৰ লগত সংস্পৰ্শত থকাৰ অনুমতি দিয়ে। ইয়াৰ পিচত মক্কেলে দায়িত্ব ল’বলগীয়া হয় আৰু অভ্যন্তৰ সত্তাৰ অহোপুৰুষাৰ্থ অনুসৰি জীয়াই থাকে। ইয়ে সৰ্বশেষভাৱে বৰ্ধনৰ আৰু অধিক সন্তুষ্টিৰ দিশলৈ পৰিচালিত কৰে।