ASOS Class 12 Economics Chapter 3 অর্থনৈতিক উন্নয়ন আৰু ভাৰতীয় অর্থব্যৱস্থা

ASOS Class 12 Economics Chapter 3 অর্থনৈতিক উন্নয়ন আৰু ভাৰতীয় অর্থব্যৱস্থা, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Economics Chapter 3 অর্থনৈতিক উন্নয়ন আৰু ভাৰতীয় অর্থব্যৱস্থা and select needs one.

ASOS Class 12 Economics Chapter 3 অর্থনৈতিক উন্নয়ন আৰু ভাৰতীয় অর্থব্যৱস্থা

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Economics Chapter 3 অর্থনৈতিক উন্নয়ন আৰু ভাৰতীয় অর্থব্যৱস্থা Solutions for All Subject, You can practice these here.

অর্থনৈতিক উন্নয়ন আৰু ভাৰতীয় অর্থব্যৱস্থা

Chapter : 3

3.1. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

1. বন্ধনী ভিতৰত দিয়া উপযুক্ত শব্দেৰে খালা ঠাই পূৰণ কৰাঃ

(ক) _____ (অর্থনৈতিক উন্নয়ন, অর্থনৈতিক বিকাশ) মানে দীর্ঘকালীন সময়ত মুঠ উৎপাদন বৃদ্ধি হোৱা বুজায়?

উত্তৰঃ অৰ্থনৈতিক বিকাশ মানে দীর্ঘকালীন সময়ত মুঠ উৎপাদন বৃদ্ধি দেশৰ হোৱা বুজায়।

(খ) অর্থনৈতিক উন্নয়ন (উন্নত, উন্নয়নশীল) _____ দেশৰ সমস্যা?

উত্তৰঃ অৰ্থনৈতিক উন্নয়ন উন্নত দেশৰ সমস্যা।

(গ) অর্থনৈতিক বিকাশ ______ দেশৰ সমস্যা (উন্নত, অনুন্নত)?

উত্তৰঃ অর্থনৈতিক বিকাশ উন্নয়নশীল দেশৰ সমস্যা।

(ঘ) অর্থনৈতিক ______ মানে প্রকৃত আয়বৃদ্ধি আৰু আয়ৰ অসমতা আৰু দৰিদ্ৰ লোকৰ সংখ্যা হ্রাস? (উন্নয়ন, বিকাশ)

উত্তৰঃ অৰ্থনৈতিক উন্নয়ন মানে প্ৰকৃত আয়বৃদ্ধি আৰু আয়ৰ অসমতা আৰু দৰিদ্ৰ লোকৰ সংখ্যা হ্রাস।

(ঙ) যেতিয়া অর্থনৈতিক ______ সংঘটিত হয়, জনমূৰি প্ৰকৃত আয় বাঢ়ে আৰু অন্যান্য আনুষ্ঠানিক পৰিৱৰ্তন ঘটে, ইয়াক অর্থনৈতিক ______ বোলে। (উন্নয়ন, বিকাশ)

উত্তৰঃ যেতিয়া অৰ্থনৈতিক বিকাশ সংঘটিত হয়, জনমূৰি প্ৰকৃত আয় বাঢ়ে আৰু অন্যান্য আনুষ্ঠানিক পৰিৱৰ্তন ঘটে, ইয়াক অর্থনৈতিক উন্নয়ন বোলে।

(চ) ভাৰতীয় অর্থব্যৱস্থা এটা ______ অর্থব্যৱস্থা (উন্নত, উন্নয়নশীল)।

উত্তৰঃ ভাৰতীয় অৰ্থব্যৱস্থা এটা উন্নয়নশীল অর্থব্যৱস্থা।

(ছ) ভাৰতৰ বয়স্ক ______ হাৰ অতি বেছি (সাক্ষৰতা, নিৰক্ষৰতা)।

উত্তৰঃ ভাৰতৰ বয়স্ক নিৰক্ষৰতা হাৰ অতি বেছি।

(জ) যৌথ পৰিয়াল ব্যবস্থাই ______বাধা দিয়ে। (শ্রমিকৰ গতিশীলত আস্তগাঠনিমূলক উন্নয়নত)।

উত্তৰঃ যৌথ পৰিয়াল ব্যৱস্থাই শ্রমিকৰ গতিশীলতা বাধা দিয়ে।

(ঝ) ভাৰতৰ মূলধনৰ ______ আছে। (দুষ্প্রাপ্যতা, প্রাচুর্যতা)

উত্তৰঃ ভাৰতৰ মূলধনৰ দুষ্প্ৰাপ্যতা আছে।

3.2. পাঠ্য অন্তর্গত প্রশ্নাবলীৰ উত্তৰঃ

তলত দিয়া উক্তিবোৰৰ শুদ্ধ স্থানত (√) চিন দিয়াঃ

1. বিশ্বৰ দেশবিলাক উন্নত আৰু অনুন্নত ভাগত ভাগ কৰা ভিত্তি হ’ল—

(ক) জনমুৰি প্ৰকৃত আয়।

(খ) গড় আয়ুস।

(গ) সাক্ষৰতাৰ হাৰ।

(ঘ) নিয়োগহীনতাৰ স্তন।

উত্তৰঃ (ক) জনমুৰি প্ৰকৃত আয়।

2. উন্নত দেশবিলাকত এই বিলাক দেখা যায়—

(ক) অতি বেছি জন্মহাৰ আৰু অতি বেছি মৃত্যুহাৰ।

(খ) অতি বেছি জন্মহাৰ আৰু অতি কম মৃতুহাৰ।

(গ) অতি কম জন্মহাৰ আৰু অতি কম মৃত্যুহাৰ।

উত্তৰঃ (গ) অতি কম জন্মহাৰ আৰু অতি কম মৃত্যুহাৰ।

3. উন্নয়শীল দেশসমূহত—

(ক) বেছিভাগ লোকেই সেৱা খণ্ডত নিয়োজিত।

(খ) কৃষিয়েই প্রধান উপজীব্য বা জীৱিকা।

(গ) উদ্যোগ খণ্ডত উন্নত প্রযুক্তি প্ৰয়োগ কৰা হয়।

(ঘ) প্রাপ্তবয়স্কৰ সাক্ষৰতাৰ স্তৰ যথেষ্ট উচ্চ। 

উত্তৰঃ (খ) কৃষিয়েই প্ৰধান উপজীৱ্য বা জীৱিকা।

পাঠ্য সমাপ্তি অনুশীলনীৰ উত্তৰঃ

1. অর্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ মাজত প্ৰভেদ লিখা।

উত্তৰঃ অর্থনৈতিক বিকাশ হ’ল দীর্ঘকালীন সময়ত মুঠ উৎপাদিত দ্রব্য আৰু সেৱাৰ অবিৰতভাবে বৃদ্ধি পোৱা। অৱশ্যে এনে বৃদ্ধি নিৰ্দিষ্ট সময়ৰ বাবে নহয়। ই এটা দীর্ঘকালীন অবিৰত কাৰ্য্য। হঠাতে অথবা কোনো এক সময়ত যিকোনো কাৰণে মুঠ দ্ৰব্য আৰু সেৱাৰ পৰিমাণ বৃদ্ধি পোৱাটোকে অর্থনৈতিক বিকাশ বুলি অভিহিত কৰিব পৰা নাযায়। উদাহৰণ স্বৰূপে যদি কৃষিৰ উৎপাদন কেৱল এটা বৰ্ষত বাঢ়ে, কিন্তু পৰৱৰ্তী বছৰসমূহত বৃদ্ধি নহয়, তেন্তে এই বৃদ্ধিক অর্থনৈতিক বিকাশ বুলি ক’ব নোৱাৰি। সেয়ে আমি অর্থনৈতিক বিকাশ বুলি ক’লে কোনো এখন দেশৰ দীর্ঘকালীন সময়ত উৎপাদিত দ্রব্য আৰু সেৱাৰ পৰিমাণ বৃদ্ধি হোৱাটোকে বুজায়। ই সকলোবোৰ দ্ৰব্য আৰু সেৱাৰ পৰিমাণ বৃদ্ধি নুবুজায়। ই হ’ল সামগ্রিকভাৱে মুঠ উৎপাদন বৃদ্ধি হোৱা কাৰ্য। কিছুমান দ্ৰব্য আৰু সেৱাৰ মুঠ পৰিমাণ বৃদ্ধি বেছি আৰু কিছুমান দ্ৰব্য আৰু সেৱাৰ পৰিমাণ কম। ইয়াৰে কিছুমান দ্ৰব্য আৰু সেৱাৰ পৰিমাণ কমিবও পাৰে, কিন্তু সেয়ে হ’লেও সামগ্রিকভাৱে দ্ৰব্য আৰু সেৱাৰ মুঠ পৰিমাণ বৃদ্ধি হয়।

আনহাতে অর্থনৈতিক উন্নয়নৰ সংজ্ঞাটো অৰ্থনৈতিক বিকাশৰ সংজ্ঞাতকৈ বহল। অর্থনৈতিক উন্নয়নৰ সূত্ৰত অৰ্থনৈতিক বিকাশ অন্তৰ্ভুক্ত হোৱাৰ উপৰি জীৱনৰ অন্যান্য দিশত অন্যান্য কিছুমান ইতিবাছক পৰিৱৰ্তনো অন্তর্ভুক্ত কৰা হয়। অর্থনৈতিক উন্নয়নে সকলো দিশকে সামৰি লয়।

অর্থনৈতিক উন্নয়ন হ’ল অৰ্থনৈতিক বিকাশ, ৰাষ্ট্ৰীয় আয় বিতৰণৰ ইপ্সিত পৰিৱৰ্তন আৰু কাৰিকৰী তথা অন্যান্য আনুষ্ঠানিক পৰিৱৰ্তনবিলাক। কেৱল অর্থনৈতিক বিকাশ হ’লেই অর্থনৈতিক উন্নয়ন নুবুজায়। অর্থনৈতিক উন্নয়ন হ’বলৈ হ’লে কোনো এখন দেশত উৎপাদিত দ্রব্য আৰু সেৱাৰ বৰ্দ্ধিত পৰিমাণে সেই দেশখনৰ জনসাধাৰণৰ জীৱনধাৰণৰ মানদণ্ড বৃদ্ধি কৰিব পাৰিব লাগিব ৷ অর্থাৎ অর্থনৈতিক বিকাশৰ সময়ছোৱাত জনমুৰি প্ৰকৃত আয় বৃদ্ধি, দৰিদ্ৰতা নির্মূলকৰণ, নিবনুৱা দূৰীকৰণ, আয়ৰ অসমতা হ্ৰাস আদি হৈছে নে নাই সেই কথা নিশ্চিত হ’ব পাৰিব লাগিব আৰু তেতিয়াহে অর্থনৈতিক উন্নয়নৰ দিশত অর্থনীতি আগবাঢ়িছে বুলি ক’ব পাৰি।

উদাহৰণস্বৰূপে যদি কোনো এখন দেশত দ্ৰব্য আৰু সেৱাৰ উৎপাদনৰ পৰিমাণ এটা নিৰ্দিষ্ট হাৰত বৃদ্ধি পায় কিন্তু ইয়াৰ জনসংখ্যাও একে বা ততোধিক হাৰত বৃদ্ধি পায়, তেন্তে ইয়াৰ জনমুৰি প্ৰকৃত আয় হয় একেই থাকিব নহয় হ্রাস পাব। তেনে ক্ষেত্ৰত যদিও মুঠ উৎপাদন বৃদ্ধি পায়, মানুহৰ জীৱন ধাৰণৰ মানদণ্ডৰ উন্নতি প্ৰকৃততে নহয়।

একেদৰে জনমুৰি আয় বৃদ্ধি পোৱাৰ লগতে আয়ৰ অসমতা বৃদ্ধি পালে, ইয়াৰ অৰ্থ এইটো হ’ব যে অৰ্থনৈতিক বিকাশৰ সুবিধা সকলো লোকৰ মাজত সমানে ভাগ নহ’ল। ধনী সকল বেছি ধনী হ’ল আৰু দুখীয়াসকলৰ বেছি দুখীয়া হ’ল। তেনেকুৱা ই অর্থনৈতিক উন্নয়ন নুবুজায়। এই অৱস্থাত প্রকৃত আয় বৃদ্ধি পোৱা বাবে অর্থনৈতিক বিকাশ হ’ব; কিন্তু অর্থনৈতিক উন্নয়ন নহ’ব এই কাৰণেই যে আয়ৰ অসমতাও বৃদ্ধি পাইছে।

মুঠৰ ওপৰত আমি ক’ব পাৰো যে অৰ্থনৈতিক উন্নয়ন হ’ল অর্থনৈতিক বিকাশ আৰু পৰিৱৰ্তন। ইয়াত পৰিৱৰ্তন মানে অৰ্থনীতিৰ গুণগত পৰিৱৰ্তনকে বুজাইছে। এইবিলাক হ’ল জনসাধাৰণৰ জীৱনধাৰণৰ মানদণ্ড উন্নতি, আয়ৰ অসমতা হ্রাস, দক্ষতা বৃদ্ধি, উৎপাদন কৌশলৰ উন্নয়ন, উদ্যোগিক খণ্ডৰ দ্ৰুত বিকাশ দৃষ্টিভংগীৰ ইতিবাচক পৰিবৰ্তন ইত্যাদি।

2. বিশ্বৰ অৰ্থব্যবস্থা উন্নত আৰু অনুন্নত ভাগত ভাগ কৰিবৰ বাবে বিশ্ববেঙ্কে চিহ্নিত কৰা কাৰকসমূহ কি কি?

উত্তৰঃ বিশ্বৰ অৰ্থব্যৱস্থা উন্নত আৰু অনুন্নত ভাগত ভাগ কৰিবৰ বাবে বিশ্ববেঙ্কে চিহ্নিত কৰা চাৰিটা কাৰক হ’ল – 

(ক) নিম্ন আয়।

(খ) নিম্ন মধ্য আয়।

(গ) উচ্চ মধ্য আয়। আৰু 

(ঘ) উচ্চ আয়।

নিম্ন আয় আৰু নিম্নমধ্য আয় — এই দুটা উন্নয়নশীল দেশৰ ভিতৰ পৰে আৰু উচ্চ মধ্য আয় আৰু উচ্চ আয় – এই দুটা উন্নত দেশৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে।

উন্নয়নশীল আৰু উন্নত দেশৰ বিভাজনটো তলত তালিকাৰ সহায়ত দেখুওৱা হ’ল —

3. ভাৰতীয় আৰু উন্নত অৰ্থব্যৱস্থাৰ বৈশিষ্ট্যবিলাক ব্যাখ্যা কৰা।

উত্তৰঃ উন্নয়নশীল অর্থব্যৱস্থাৰ সকলোবোৰ বৈশিষ্ট্যই ভাৰতীয় অৰ্থব্যৱস্থাত বিৰাজমান। ভাৰতীয় অৰ্থব্যৱস্থাৰ প্ৰধান বৈশিষ্ট্যসমূহ তলত আলোচনা কৰা হ’ল। 

(ক) নিম্ন স্তৰৰ আয় নিম্নঃ নিম্ন পৰ্যায়ৰ আয়ে নিম্ন পৰ্যায়ৰ জীৱন ধাৰণ মানদণ্ডকে বুজায়। স্বাধীনতাৰ পিছত উৎপাদন যদিও বৃদ্ধি পাইছে, জনমুৰি আয় বৃদ্ধি পোৱা নাই। ইয়াৰ কাৰণ হ’ল উৎপাদন বৃদ্ধিৰ লগে লগে জনসংখ্যাও ক্ষীপ্ৰতাৰে বৃদ্ধি পাইছে। আয়ৰ ক্ষেত্ৰত বিস্তৃত অসমতা আছে। জনসংখ্যাৰ এক তৃতীয়াংশ লোক দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে; অর্থাৎ এই সংখ্যক জনসংখ্যাই নিম্নতম প্রয়োজনীয়তাখিনিও যোগাৰ কৰিব নোৱাৰে। তেওঁলোকৰ জীৱনধাৰণৰ মানদণ্ড নিম্ন হোৱা বাবে শ্ৰমিকৰ উৎপাদনশীলতাও নিম্ন।

(খ) কৃষিৰ প্ৰাধান্যতাঃ ভাৰতৰ প্ৰায় দুই–তৃতীয়াংশ লোক কৃষিকাৰ্যৰ লগত জড়ত। ৰাষ্ট্ৰীয় আয়লৈ কৃষিৰ অৱদান প্রায় 30 শতাংশ। ভাৰত ৰাষ্ট্ৰীয় আয়লৈ কৃষিৰ এনে অৱদানৰ বিপৰীতে উন্নত দেশবিলাকত কৃষিখণ্ডৰ পৰা ৰাষ্ট্ৰীয় আয়লৈ অহিৰণা 2 শতাংশৰ পৰা 4 শতাংশ আৰু শ্রমিক শক্তিৰ মাত্ৰ 2% ৰ পৰা 9% লৈহে কৃষিখণ্ডত জড়িত থাকে। ভাৰতৰ কৃষিৰ বাবে জলসিঞ্চন প্ৰধানকৈ বৰষুণৰ পানীৰ ওপৰত নিৰ্ভৰশীল। আনহাতে কৃষিত প্ৰয়োগ কৰা প্ৰযুক্তিও অতি নিম্ন মানৰ অথবা পিছপৰা যদিও কিছুমান অঞ্চলত কৃষিৰ আধুনিক পদ্ধতি প্রয়োগ কৰা হৈছে, তথাপিও দেশৰ বিস্তৃত অঞ্চলত আওপুৰণি কৃষি পদ্ধতিকে ব্যৱহাৰ কৰা হৈ আহিছে। কৃষিৰ বিস্তৃত ভূমি এতিয়াও জলসিঞ্চন সুবিধাই সামৰি ল’ব পৰা নাই।

(গ) মূলধনৰ অভাৱঃ জনসাধাৰণৰ আয় নিম্ন হোৱাৰ বাবে জনসাধাৰণৰ সঞ্চয়ৰ হাৰো নিম্ন আৰু ইয়াৰ ফলত মূলধন গঠনৰ হাৰো কমি গৈছে। মূলধনৰ অভাৱত প্রাকৃতিক আৰু মানৱসম্পদসমূহৰ সম্পূৰ্ণৰূপে ব্যৱহাৰ হোৱা নাই অথবা অব্যৱহৃত হৈ আছে। ভাৰতৰ নৰীকৰণযোগ্য আৰু অনবীকৰণ অযোগ্য সম্পদবিলাকৰ আহৰণো প্ৰচুৰ সম্ভাৱনা আছে। মূলধনৰ অভাৱত সেইবিলাকৰো পূৰ্ণ ব্যৱহাৰ হোৱা নাই।

(ঘ) অনুন্নত প্রযুক্তি কৌশলঃ ভাৰতীয় অর্থব্যৱস্থাত প্ৰায় সকলোবোৰ খণ্ডৰ উৎপাদনতেই ব্যৱহৃত প্ৰযুক্তি কৌশল অতিশয় পিছপৰা গৱেষণা আৰু উন্নয়নৰ বাবে কৰা বায়ো অতিশয় কম। কেৱল মুষ্টিমেয় উদ্যোগতহে উন্নত প্রযুক্তি ব্যৱহাৰ কৰা হৈছে।

(ঙ) অপর্যাপ্ত বা তাৰকীয় আর্ন্তগাঠনিমূলক সুবিধাঃ আর্ন্তগাঠনিমূলক সুবিধা বুলিলে শক্তি, পৰিবহন, যোগাযোগ আদিকে বুজা যায়। দেশৰ উদ্যোগিক উন্নয়ৰ বাবে এই সুবিধাবিলাক অত্যাৱশ্যকীয়। সেইবিলাকে কৃষি আৰু সেৱাখণ্ডৰ উন্নয়নতো প্রভাৱ পেলায়। কিন্তু দেশত এই সকলোবোৰ সুবিধা পর্যাপ্ত নহয়।

(চ) উচ্চ হাৰত জনসংখ্যা বৃদ্ধিঃ ভাৰতত জনসংখ্যা অতিশয় বেছি। জনসংখ্যা বৃদ্ধিৰ হাৰে সম্পদৰ ওপৰত অতৰিক্ত হেঁচা দিয়ে। এনে অৱস্থাত মুঠ উৎপাদন বা ৰাষ্ট্ৰীয় আয় বাঢ়িলেও জনমুৰি আয় কমকৈহে বাঢ়ে।

(ছ) নিৰক্ষৰতা উচ্চ হাৰঃ ভাৰতত নিৰক্ষৰতাৰ হাৰ বেছি। 1951 চন পৰা এই হ্ৰাস পাবলৈ লৈছে যদিও এই পৰিমাণ এতিয়াও উচ্চ হৈয়ে আছে ভাৰতত মুঠ জনসংখ্যাৰ প্ৰায় আধাভাগেই অশিক্ষিত। আকৌ পুৰুষৰ তুলনাত মহিলাৰ মাজত অশিক্ষিতৰ হাৰ বেছি।

(জ) শিশু মৃতুৰ হাৰ বেছিঃ ভাৰতত প্রতি হাজাৰ জীৱিত অৱস্থাত শিশুৰ জন্মৰ এবছৰৰ ভিতৰত হোৱা মৃত্যুৰ সংখ্যা বেছি। এই কথাই প্ৰমাণ কৰে যে চিকিৎসা সেৱা, স্বাস্থ্য সেবা, উৎকৃষ্ট খাদ্য আদিৰ অভাৱ অথবা অতিশয় পিছপৰা।

(ঝ) কৰ্ম্ম আৰু জীৱন সম্পৰ্কে পৰম্পৰাগত পুৰণি দৃষ্টিভঙ্গীঃ ভাৰতীয় সমাজব্যবস্থা বিভিন্ন জাতি আৰু উপজাতিৰে সংমিশ্ৰণ আৰু এই বিলাক বহুতো সমস্যাৰো সৃষ্টি কৰিছে। ধৰ্ম্মীয় আৰু সামাজিক আওপুৰণি চিন্তাধাৰা আৰু বিশ্বাসে বৈজ্ঞানিক সমাজখন প্রতিষ্ঠা কৰাত বাধা স্বৰূপ হৈছে। উদাহৰণ স্বৰূপে সন্তান জন্মটো ঈশ্বৰৰ অৱদান বুলি ভবা হয়। প্রত্যেক পৰিয়ালেই কেৱল ল’ৰা সন্তানৰহে পোষকতা কৰে। বিবাহক সাৰ্বজনীন সংস্কাৰ বুলি ভবা হয়, অৰ্থাৎ প্ৰত্যেকেই বিবাহিত জীৱন কটাব লাগিব বুলিয়েই ভবা হয়, ইত্যাদি ধাৰণাৰে সমাজব্যৱস্থা পৰিচালিত।

(ঞ) যৌথ পৰিয়াল ব্যৱস্থাঃ প্রচলিত যৌথ পৰিয়াল ব্যৱস্থাৰ ফলত শ্ৰমিকৰ গতিশীলতা বাধাপ্রাপ্ত হয়। পৰিয়ালৰ সদস্যসকলে নিম্ন জীৱনৰ মানদণ্ড হ’লেও যৌথ পৰিয়ালতেই থাকিবলৈ ভাল পায়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top