ASOS Class 12 Economics Chapter 2 অৰ্থ ব্যৱস্থাৰ মৌলিক সমস্যাসমূহ

ASOS Class 12 Economics Chapter 2 অৰ্থ ব্যৱস্থাৰ মৌলিক সমস্যাসমূহ, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Economics Chapter 2 অৰ্থ ব্যৱস্থাৰ মৌলিক সমস্যাসমূহ and select needs one.

ASOS Class 12 Economics Chapter 2 অৰ্থ ব্যৱস্থাৰ মৌলিক সমস্যাসমূহ

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Economics Chapter 2 অৰ্থ ব্যৱস্থাৰ মৌলিক সমস্যাসমূহ Solutions for All Subject, You can practice these here.

অৰ্থ ব্যৱস্থাৰ মৌলিক সমস্যাসমূহ

Chapter : 2

2.1. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

1. বন্ধনী ভিতৰত দিয়া শব্দবিলাকৰ পৰা উপযুক্ত শব্দ বাছি উলিয়াই খালী ঠাই পূৰ কৰা।

(ক) _____ (দৰ, ব্যৱহাৰ, চাহিদা) ৰ তুলনাত সম্পদবিলাক দুষ্প্রাপ্য।

উত্তৰঃ চাহিদাৰ তুলনাত সম্পদবিলাক দুষ্প্রাপ্য।

(খ) সম্পদৰ দুষ্প্ৰাপ্যতাৰ কাৰণেই ______ (চাহিদা পছন্দ, যোগান) সমস্যাৰ উদ্ভব হয়।

উত্তৰঃ সম্পদৰ দুষ্প্ৰাপ্যতাৰ কাৰণেই পছন্দ সমস্যাৰ উদ্ভব হয়।

(গ) অভাৱবিলাক_____ আৰু_____ৰ (দ্ৰব্য সেৱা, চাহিদা, যোগান) দ্বাৰা পুৰণ কৰা হয়।

উত্তৰঃ অভাৱবিলাক দ্ৰব্য আৰু সেৱাৰ দ্বাৰা পুৰণ কৰা হয়। 

(ঘ) যন্ত্রপাতিবিলাক ______ (প্ৰাকৃতিক, মানৱ তৈয়াৰী, মানৱ) সম্পদ।

উত্তৰঃ যন্ত্ৰপাতিবিলাক মানৰ তৈয়াৰী সম্পদ।

2.2. পাঠ্য অন্তৰ্গত প্রশ্নাবলীৰ উত্তৰঃ

1. তলত দিয়া উক্তিবোৰ সত্য নে অসত্য কোৱা—

(ক) সম্পদৰ মিতব্যয়ী ব্যৱহাৰ মানে এইবিলাকৰ ব্যৱহাৰৰ ক্ষেত্ৰত কৃপণালি কৰা।

উত্তৰঃ অসত্য।

(খ) অর্থনৈতিক সমস্যাৰ উদ্ভৱ হোৱা কাৰণ হ’ল সম্পদবিলাকৰ দুষ্প্ৰাপ্যতা আৰু সেইবিলাকৰ বিকল্প ব্যৱহাৰযোগ্যতা।

উত্তৰঃ সত্য।

(গ) উপভোক্তা আৰু উদ্যোক্তা উভয়েই অর্থনৈতিক সমস্যাৰ সম্মুখীন হয়।

উত্তৰঃ সত্য।

(ঘ) এজন বুদ্ধিয়ক উপভোক্তাই তেওঁৰ সকলোবোৰ অভাৱ পূৰণ কৰিব পাৰে

উত্তৰঃ অসত্য।

2.3. পাঠ্য অন্তৰ্গত প্রশ্নাবলীৰ উত্তৰঃ

শুদ্ধ উত্তৰত (√) চিনি দিয়াঃ

1. কি উৎপাদন কৰিব লাগে, এই সমস্যাটোৰ উদ্ভৱ হয়— 

(ক) ৰাজনৈতিক ভিন্নতাৰ বাবে।

(খ) আয়ৰ সমতাৰ বাবে।

(গ) নিবনুৱা অৱস্থাৰ বাবে।

(ঘ) সম্পদৰ দুষ্প্ৰাপ্যতাৰ বাবে।

উত্তৰঃ (ঘ) সম্পদৰ দুষ্প্ৰাপ্যতাৰ বাবে।

2. উৎপাদনৰ মূলধন ভিত্তিক কৌশল হ’ল— 

(ক) উৎপাদন কার্যত কেৱল মূলধন ব্যৱহাৰ।

(খ) উৎপাদন গোটটোত পুঁজিপতিৰ মালিকানা থাকে।

(গ) মূলধনজাত দ্রব্য উৎপাদনৰ বাবে ব্যৱহাৰ কৰা এটা কৌশল।

(ঘ) দ্রব্য উৎপাদনত শ্ৰমতকৈ মূলধন বেছিকৈ ব্যৱহাৰ কৰা হয়। 

উত্তৰঃ (গ) মূলধনজাত দ্রব্য উৎপাদনৰ বাবে ব্যৱহাৰ কৰা এটা কৌশল।

3. সম্পদৰ আকণ্টন সমস্যাটো এই কেইটাৰ কোনটো বিষয়ৰ লগত জড়িত? 

(ক) কি উৎপাদন কৰিব লাগে?

(খ) কেনেকৈ উৎপাদন কৰিব লাগে?

(গ) কাৰ বাবে উৎপাদন কৰিব লাগে?

(ঘ) উল্লেখিত আটাইকেইটা?

উত্তৰঃ (ঘ) উল্লেখিত আটাইকেইটা।

2.4. পাঠা অন্তর্গত প্রমাৱলীৰ উত্তৰঃ

তলত দিয়া উক্তিবোৰৰ কোনটো শুদ্ধ আৰু কোনটো অশুদ্ধ লিখা। 

(ক) কোনো এটা অৰ্থব্যৱস্থাত সম্পদবিলাকৰ বিকাশ মানে এই বিলাকৰ পূৰ্ণ আৰু দক্ষতাপূৰ্ণ ব্যৱহাৰ।

উত্তৰঃ অসত্য।

(খ) এটা অৰ্থব্যৱস্থাত সম্পদৰ বিকাশ হোৱাৰ কাৰণ হ’ল সম্পদবিলাকৰ পৰিমাণগত আৰু গুণগত উন্নয়ন।

উত্তৰঃ অসত্য।

(গ) সকলোবোৰ অৰ্থব্যৱস্থাৰে মূল বা কেন্দ্ৰীয় সমস্যা হ’ল উন্নয়নৰ বাবে সম্পদবিলাক বিচাৰি উলিওৱা।

উত্তৰঃ সত্য।

(ঘ) যদি বিকল্প ব্যৱহাৰ বিলাকৰ মাজত সম্পদবিলাকৰ পুনৰ আৱণ্টন হ’লে অর্থব্যৱস্থাত মুঠ উৎপাদন বৃদ্ধি হয়, তেন্তে ই সম্পদবিলাকৰ পূৰ্ণ আৰু দক্ষ ব্যৱহাৰ হোৱা বুজায়।

উত্তৰঃ সত্য।

(ঙ) উৎপাদন সম্ভবিতা ৰেখা থকা যিকোনো এটা বিন্দুৱে সম্পদবিলাকৰ দক্ষ ব্যৱহাৰ বুজায়। 

উত্তৰঃ সত্য।

(চ) উৎপাদন সম্ভাৱিতা ৰেখা বাঁওফালে অৱস্থিত যিকোনো এটা বিন্দুেৱে সম্পদৰিলাকৰ অদক্ষ ব্যৱহাৰ বুজায়।

উত্তৰঃ অসত্য।

(ছ) উৎপাদন সম্ভাৱিতা ৰেখাৰ তলত থকা যিকোনো এটা বিন্দুৱে সম্পদৰ বিকাশ বুজায়।

উত্তৰঃ অসত্য।

(ঘ) উৎপাদন সম্ভাবিতা ৰেখাই সম্পদৰ আবণ্টনৰ সমস্যা দেখুৱায়। 

উত্তৰঃ সত্য।

পাঠ্য সমাপ্তি অনুশীলনীৰ উত্তৰঃ

1. সম্পদৰ দুষ্প্ৰাপ্যতা আৰু সেইবিলাকৰ বিকল্প ব্যৱহাৰ মানে কি বুজা?

উত্তৰঃ যিবিলাক দ্ৰব্য আৰু সেৱাই আমাৰ অভাৱ পূৰণ কৰে সেইবিলাক অৰ্থব্যৱস্থাত উৎপাদন কৰ হয়। সেইবিলাক উৎপাদন কৰোঁতে বিভিন্ন প্ৰকাৰৰ সম্পদ প্রয়োজন হয়, যেনে— মানৱ সম্পদ, প্রাকৃতিক সম্পদ আৰু মানুহৰ তৈয়াৰী সম্পদ অর্থাৎ মূলধন।

এনে সম্পদবিলাক ভূমি, শ্রম, মূলধন আৰু সংগঠন অথবা উদ্যোক্তা আদি ভাগত ভাগ কৰা হয়। কোনো এটা অর্থব্যৱস্থাত এনেবোৰ সম্পদ কেৱল সীমিত পৰিমাণহে পোৱা যায়। কোনো কোনো অর্থনীতিত এইবিলাকৰ পৰিমাণ বেছিকৈও পোৱা যাব পাৰে; কিন্তু এইবিলাক পৰিমাণ অসীম নহয়। গতিকে সীমিত পৰিমাণৰ সম্পদেৰে কেৱল সীমিত পৰিমাণৰ দ্ৰব্য আৰু সেৱাহে উৎপাদন কৰিব পাৰে। সেয়ে চাহিদাৰ তুলনাত এই সম্পদবিলাকৰ যোগান কম। অন্য কথাত ক’বলৈ গ’লে সম্পদৰ দুষ্প্ৰাপ্যতা থাকে। কোনো এটা সম্পদৰ যোগান চাহিদাৰ তুলনাত কম হ’লে ইয়াক দুষ্প্রাপ্য সম্পদ বুলি কোৱা হয়।

যেতিয়া কোনো এটা সম্পদ বিভিন্ন দ্রব্য বা সেৱা উৎপাদনত ব্যৱহাৰ হয়, তেতিয়াই ইয়াৰ বিকল্প ব্যৱহাৰ থকা বুলি কোৱা হয়। যিদহে আমাৰ আয় বিভিন্ন দ্ৰব্য আৰু সেৱা ক্ৰয় কৰাত ব্যৱহাৰ কৰা হয়, একেদৰে কোনো এটা অৰ্থনীতিৰ সম্পদসমূহৰো বিভিন্ন দ্ৰব্য আৰু সেৱা উৎপাদনত ব্যৱহাৰ কৰা হয়। এবাৰ যেতিয়া কোনো এটা সম্পদ কিছুমান নিৰ্দিষ্ট দ্রব্য আৰু সেৱা উৎপাদনত ব্যৱহাৰ কৰা যায়, তেতিয়া সেই সম্পদটি অন্যান্য দ্রব্য অথবা সেৱা উৎপাদনত ব্যৱহাৰ কৰিব নোৱাৰি। উদাহৰণস্বৰূপে, এটুকুৰা ভূমি যদি ঘেঁহু উৎপাদনত ব্যৱহাৰ কৰা হয়, সেই একে টুকুৰা ভূমি একে সময়তে ধান, কুঁহিয়াৰ বা অন্যান্য শস্য উৎপাদনত ব্যৱহাৰ কৰিব নোৱাৰি।

2. এটা অর্থনৈতিক সমস্যাৰ কিদৰে উদ্ভৱ হয়? যদি সম্পদবিলাকৰ পৰিমাণ অসীম হ’লহেঁতেন তেন্তে অর্থনৈতিক সমস্যাৰ উদ্ভৱ হ’লহেঁতেন নে?

উত্তৰঃ এটা অৰ্থব্যৱস্থাই বিচৰা সকলোবিলাক দ্রব্য উৎপাদন কৰিব নোৱাৰে। যদি ই একধৰণৰ কিছুমান দ্রব্য বা সেৱা উৎপাদন কৰে, তেন্তে আন ধৰণৰ দ্ৰব্য আৰু সেৱাৰ উৎপাদনৰ পৰা বিৰত থাকিব লাগিব। ইয়াৰ ফলত সম্পদৰ ব্যৱহাৰৰ ক্ষেত্ৰত পছন্দতাৰ সমস্যাৰ উদ্ভৱ হয়। গতিকে এনে ধৰণে উদ্ভৱ হোৱা পছন্দতাটোৱেই এক অর্থনৈতিক সমস্যা। প্রকৃতপক্ষে অর্থনৈতিক সমস্যাটো অৰ্থাৎ পছন্দতাৰ সমস্যাটো উপভোক্তা আৰু উৎপাদক দুয়ো শ্ৰেণীৰ লোকৰ ক্ষেত্ৰত উদ্ভব হয়। উপভোক্তাৰ ক্ষেত্ৰত এই সমস্যাটোৰ উদ্ভৱ হয় তেতিয়াই, যেতিয়া তেওঁলোকৰ সীমিত আয়েৰে দ্ৰব্য আৰু সেৱা ক্ৰয় কৰিব লগা হয়। আনহাতে উৎপাদসকলে এই সমস্যাৰ সন্মুখীন হয়, যেতিয়া দুষ্প্রাপ্য সম্পদসমূহ বিভিন্ন দ্রব্য আৰু সেৱা উৎপাদনত ব্যৱহাৰ কৰিব লগা হয়।

উদাহৰণস্বৰূপে যদি কোনো এখন খেতিপথাৰত ঘেঁহু আৰু কুঁহিয়াৰ এই দুয়োটাই উৎপাদন কৰিব লগা হয়, তেতিয়াই এই অর্থনৈতিক সমস্যাটোৰ উদ্ভৱ হয়। অর্থাৎ সমস্যাটো হ’ল পথাৰখনত ঘেঁহু উৎপাদন কৰা হ’বনে কুঁহিয়াৰ উৎপাদন কৰা ঙ’ব অথবা এই দুয়োটা উৎপাদন কৰা হ’ব। যদি দুয়োটাই উৎপাদন কৰা হয়, তেন্তে কি অনুপাতত উৎপাদন কৰা হ’ব। গতিকে দেখা যায় যে খেতিপথাৰখন এটা দুষ্প্ৰাপ্য সম্পদ আৰু ইয়াৰ বিকল্প ব্যৱহাৰ আছে। ইয়াতেই অৰ্থনৈতিক সমস্যটোৰ উদ্ভৱ হৈছে।

প্ৰত্যেকটো অৰ্থনীতিৰ সম্পদৰ পৰিমাণ সীমিত। কোনো একা ধনী বা উন্নত অর্থব্যৱস্থাত হয়তো বেছি পৰিমাণৰ সম্পদ থাকিব পাৰে; কিন্তু সেইবিলাকৰ পৰিমাণ অসীম নহয়। গতিকে সম্পদৰ এই দুষ্প্ৰাপ্যতাৰ বাবেই নিৰ্বাচন সমস্যাটোৰ উদ্ভব হয় আৰু প্ৰত্যেক অর্থনীতিয়ে এই সমস্যাত ভোগে। ধনীয়েই হওক বা অন্যান্য অর্থনীতিয়েই হওঁক এই বিষয়ত কোনো পার্থক্য নাথাকে। সেয়ে সম্পদবিলাকৰ দুষ্প্ৰাপ্যতাৰ বাবেই সমস্যাৰ উদ্ভৱ হয় আৰু ইয়োই কেন্দ্ৰীয় বা মূল সমস্যাবিলাকৰো সৃষ্টি কৰে।

কোনো এটা অর্থব্যৱস্থাত তিনিটা মূল সমস্যাৰ উদ্ভৱ হ’ব পাৰে। সেই কেইটা হ’ল—

(ক) কি কি দ্ৰব্য আৰু সেৱা উৎপাদন কৰিব লাগিব আৰু সেইবিলাকৰ কিমান পৰিমাণৰ উৎপাদন কৰিব লাগিব?

(খ) কেনেকৈ উৎপাদন কৰিব লাগিব অর্থাৎ উৎপাদন কৌশল কি? 

(গ) কাৰ বাবে উৎপাদন কৰিব লাগিব?

3. উৎপাদন সম্ভাৱিতা ৰেখাৰ সহায়ত কোনো এটা অৰ্থনীতিৰ কেন্দ্ৰীয় বা মূল সমস্যাসমূহ ব্যাখ্যা কৰা।

উত্তৰঃ প্ৰত্যেকটো অৰ্থনীতিৰ সম্পদৰ পৰিমাণ সীমিত। কোনো একা ধনী বা উন্নত অর্থব্যৱস্থাত হয়তো বেছি পৰিমাণৰ সম্পদ থাকিব পাৰে; কিন্তু সেইবিলাকৰ পৰিমাণ অসীম নহয়। গতিকে সম্পদৰ এই দুষ্প্ৰাপ্যতাৰ বাবেই নির্বাচন সমস্যাটোৰ উদ্ভৱ হয় আৰু প্ৰত্যেক অর্থনীতিয়ে এই সমস্যাত ভোগে। ধনীয়েই হওক বা অন্যান্য অর্থনীতিয়েই হওঁক এই বিষয়ত কোনো পার্থক্য নাথাকে। সেয়ে সম্পদবিলাকৰ দুষ্প্ৰাপ্যতাৰ বাবেই সমস্যাৰ উদ্ভৱ হয় আৰু ইয়োই কেন্দ্রীয় বা মূল সমস্যাবিলাকৰো সৃষ্টি কৰে।

কোনো এটা অৰ্থব্যৱস্থাত তিনিটা মূল সমস্যাৰ উদ্ভৱ হ’ব পাৰে। সেই কেইটা হ’ল—

(ক) কি কি দ্ৰব্য আৰু সেৱা উৎপাদন কৰিব লাগিব আৰু সেইবিলাকৰ কিমান পৰিমাণৰ উৎপাদন কৰিব লাগিব?

(খ) কেনেকৈ উৎপাদন কৰিব লাগিব অর্থাৎ উৎপাদন কৌশল কি? 

(গ) কাৰ বাবে উৎপাদন কৰিব লাগিব?

প্রত্যেক অৰ্থব্যৱস্থাত ইয়াৰ ব্যৱহাৰযোগ্য সম্পদৰ পৰিমাণ সীমিত, আনহাতে জনসাধাৰণে চাহিদা কৰা বা বিচৰা দ্ৰব্য আৰু সেৱাৰ পৰিমাণ অসংখ্য বা অসীম। গতিকে সীমিত সম্পদেৰে মানুহে বিচৰা সকলোবোৰ দ্ৰব্য উৎপাদন কৰিব পৰা নাযায়। গতিকে তেতিয়াই এটা সমস্যাৰ উদ্ভব হয় — সীমিত সম্পদেৰে কিছুমান দ্রব্য বা সেৱাহে যিহেতু উৎপাদন কৰিব পৰা যায়, সেয়ে কোনবিলাক দ্রব্য বা সেৱা উৎপাদন কৰিব লাগিব আৰু সেইবিলাকৰ পৰিমাণ কিমান হ’ব সেই বিষয়ে সিদ্ধান্ত ল’ব লগা হয়।

কেনেকৈ উৎপাদন কৰা হয়, সেই কথাটো উৎপাদন কৌশল নিৰ্বাচনৰ কৰাৰ লগত জড়িত। অর্থাৎ উৎপাদন কার্যত কি কৌশল প্ৰয়োগ কৰা হ’ব, এই প্ৰশ্নটো সেই সমস্যাৰ লগত জড়িত। উৎপাদন কৌশল মানে দ্রব্য উৎপাদনৰ বাবে উৎপাদনৰ বিভিন্ন উপাদান বিলাকৰ মাজত সঠিক অনুপাত নির্ণয় কৰি উৎপাদন কার্যত ব্যৱহাৰ কৰা হয়।

আমাৰ কোনোৱেই সকলোবিলাক অভাৱ পূৰণ কৰিব নোৱাৰো। কোনো এটা অৰ্থব্যৱস্থাত যিহেতু উৎপাদন কৰা নহওঁক, ই সকলো লোকৰে অভাৱ এইবিলাক পূৰণ কৰিব নোৱাৰে। গতিকে সমস্যাটো হ’ল কোন লোকে কিমান পৰিমাণৰ দ্ৰব্য বা সেৱা পাব পাৰে। এই সমস্যাটো হ’ল বিতৰণৰ সমস্যা, অর্থাৎ যি পৰিমাণেই উৎপাদন নহওঁক, সেই পৰিমাণটো বিভিন্ন লোকৰ মাজত বিতৰণ কৰাটো।

সম্পদৰ সম্ভাৱিতা ৰেখাঃ কোনো এটা অৰ্থব্যৱস্থাৰ কেন্দ্ৰীয় বা মূল সমস্যাবিলাকক চিত্ৰৰ সহায়ত কৰিব পৰা যায়। এই উদ্দেশ্যে ব্যৱহৃত চিত্রক উৎপাদন সম্ভাৱিতা বা সম্ভাব্য ৰেখা বুলি কোৱা হয়।

সম্পদৰ আবণ্টনৰ সমস্যাঃ কোনো এটা অর্থনীতিত কেৱল সীমিত সম্পদহে থাকে আৰু এনেবোৰ সম্পদৰেই বিভিন্ন দ্রব্য উৎপাদনত ব্যৱহাৰ কৰা হয়। এই সীমিত সম্পদবিলাকেৰে অৰ্থব্যৱস্থাই বিভিন্ন দ্রব্য জোট উৎপাদন কৰিব পাৰে। ই সম্ভাৱ্য উৎপাদিত জোটবিলাকৰ যিকোনো এটাকে পছন্দ কৰি ল’ব পাৰে।

এটা উদাহৰণৰে এই কথাৰ ব্যাখ্যা কৰিব পাৰি। ধৰা হ’ল, কোনো এটা অৰ্থব্যৱস্থাত ইয়াৰ সম্পদ ব্যৱহাৰ কৰি কেৱল দুটা দ্রব্য যেনে কাপোৰ আৰু ঘেঁহু উৎপাদন কৰিবলৈ বাছনি কৰা হৈছে। ধৰা হ’ল, এই প্রদত্ত সম্পদৰ পূৰ্ণ দক্ষ ব্যৱহাৰ কৰি ঘেঁহু আৰু কাপোৰৰ তলত দিয়া জোঁটবিলাক উৎপাদন কৰিব পাৰে।

উৎপাদন সম্ভাৱিতা অনুসূচী

উৎপাদন সম্ভাবিতা জোট কাপোৰ (কোটি মিটাৰ) ঘেঁহু (লাখ কুইণ্টল)

A010
B19
C27
D34
E40

তালিকাৰ পৰা দেখা যায় যে প্ৰদত্ত সম্পদেৰে কোনো এটা অৰ্থব্যৱস্থাই ঘেঁহু আৰু কাপোৰ উৎপাদন কৰা পাঁচটা জোট আছে। A উৎপাদন জোটটোত দেখুওৱা হৈছে যে যদি সম্পদবোৰ কেৱল ঘেঁহু উৎপাদনতে ব্যৱহাৰ হয়, তেন্তে ই 10 কুইণ্টল ঘেঁহু উৎপাদন কৰিব পাৰে। আনহাতে B উৎপাদন সম্ভাৱিতা জোটটোত দেখুওৱা হৈছে যে ই 1 কোটি মিটাৰ কাপোৰ আৰু 9 লাখ কুইণ্টল

ঘেঁহু উৎপাদন কৰিব পাৰে। সেইদৰে উৎপাদন সম্ভাব্য জোটসমূহ C, D আৰু E ত প্ৰদত্ত সম্পদ ব্যৱহাৰ কৰি কাপোৰ আৰু ঘেঁহু উৎপাদনৰ বিভিন্ন জোটসমূহ দেখুওৱা হৈছে। এই জোটসমূহ লেখা কাগজত উপস্থাপন কৰি ওপৰত দেখুওৱা হ’ল।

ওপৰৰ চিত্ৰত A বিন্দুত কাপোৰ আৰু ঘেঁহুৰ প্ৰথমটো সম্ভাব্য জোঁট দেখুওৱা হৈছে। এই জোঁটটোত উৎপাদনৰ পৰিমাণ 10 লাখ কুইণ্টল আৰু কাপোৰৰ উৎপাদন নাই। B বিন্দুত উৎপাদন জোঁটটো হ’ল 1 কোটি মিটাৰ কাপোৰ আৰু 9 লাখ কুইণ্টল ঘেঁহু। একেদৰে A, B, C, D আৰু E বিন্দু কেইটাই ঘেঁহু আৰু কাপোৰৰ পাঁচবিধ বিকল্প উৎপাদন ভোঁট দেখুৱাইছে। কোনো এটা অৰ্থব্যৱস্থাই ইয়াৰ সম্পদ পূৰ্ণ আৰু দক্ষতাৰ ব্যৱহাৰ কৰি এই জোঁটবিলাকৰ উৎপাদন কৰিব পাৰে।

যেতিয়া আমি উৎপাদন সম্ভাৱিতা A ৰ পৰা E লৈ গতি কৰো, তেতিয়া আমি সম্পদৰ ব্যৱহাৰ ঘেঁহু উৎপাদনৰ পৰা কাপোৰ উৎপাদনলৈ হস্তান্তৰ কৰোঁ। AE ৰেখাডালেই হ’ল উৎপাদন সম্ভাৱিতা ৰেখা। এই ৰেখাত প্রত্যেক বিন্দুৱেই প্রদত্ত সম্পদৰ ব্যৱহাৰৰ পৰা কাপোৰ আৰু ঘেহুঁৰ জোঁট উৎপাদনৰ সম্ভাৱনা দেখুৱায়। সেয়ে অর্থব্যৱস্থাত এনে ধৰণৰ সম্ভাব্য জোঁটবিলাকৰ পৰা কোনটো জোঁট বাছনি হ’ব, সেই বিষয়ে সিদ্ধান্ত ল’ব লগা হয়। এই কথাটোৱেই সম্পদৰ আৱণ্টন নির্বাচন বা বাচনি সমস্যাটো ব্যাখ্যা কৰে।

4. সম্পদবিলাকৰ পূৰ্ণ ব্যৱহাৰ আৰু বিকাশ মানে কি বুজা?

উত্তৰঃ সম্পদবিলাক দুষ্প্রাপ্য হোৱাৰ বাবে সেইবিলাকৰ পূৰ্ণ আৰু সুদক্ষ্য ব্যৱহাৰ হোৱা প্ৰয়োজন। গতিকে, সমস্যাটোৰ দুটা দিশ আছে। 

(ক) সকলোবিলাক সম্পদৰে ব্যৱহাৰ হ’ব লাগিব। আৰু 

(খ) প্ৰত্যেকটো সম্পদেই সুদক্ষভাৱে ব্যৱহাৰ হোৱা প্রয়োজন।

(ক) সকলোবিলাক সম্পদৰে ব্যৱহাৰ হ’ব লাগিবঃ কোনো সম্পদেই অব্যৱহাৰ অথবা নিষ্ক্রিয় হৈ থাকিব নালাগে। যদি সম্পদৰ ব্যৱহাৰ নহয় অথবা নিষ্ক্রিয় হৈ থাকে, তেন্তে ই সম্পদৰ অপচয় কৰা বুজাব। নিবনুৱা সমস্যাটো পর্যাপ্ত মানৱ সম্পদৰ অব্যৱহাৰৰ বাহিৰে আন একো নহয়। যদি সকলোবোৰ সম্পদৰে ব্যৱহাৰ হয়, তেন্তে দ্ৰব্য আৰু সেৱা উৎপাদনৰ পৰিমাণ বৃদ্ধি পাব। সেয়ে প্রত্যেক অর্থনীতিয়ে সম্পদৰ পূৰ্ণ ব্যৱহাৰৰ নিমিত্তে পৰিকল্পনা আৰু নীতি তৈয়াৰ কৰে। 

(খ) সম্পদৰ সুদক্ষ্য ব্যৱহাৰঃ দুষ্প্ৰাপ্য সম্পদবিলাক অব্যৱহাৰৰ হোৱা উচিত নহয়। প্রত্যেক সম্পদৰেই সুদক্ষ ব্যৱহাৰ হোৱা উচিত। সম্পদৰ দক্ষ ব্যৱহাৰ তেতিয়াহে হ’ব যেতিয়া অর্থব্যৱস্থাত সম্পদবিলাক বিভিন্ন বিকল্প ব্যৱহাৰবিলাকৰ মাজত পুনৰ আবণ্টনৰ পৰা মুঠ উৎপাদন বৃদ্ধি নহয়। যদি সম্পদবিলাকৰ আটাইতকৈ সুদক্ষ ব্যৱহাৰ নহয় তেন্তে সেইবিলাকক অপব্যৱহাৰ বুলি কোৱা হয়। সম্পদৰ অপব্যৱহাৰ হ’লেও এইবিলাকৰ অপচয়কে বুজায়। সেয়ে প্রত্যেক অর্থনীতিয়ে ইয়াৰ দুষ্প্ৰাপ্য সম্পদবিলাক আটাইতকৈ বেছি দক্ষতাৰে ব্যৱহাৰ কৰিবৰ বাবে উন্নত প্রযুক্তি আৰু উৎপাদন কৌশল প্রয়োগ কৰে। 

সম্পদৰবিলাকৰ পৰিমাণ বৃদ্ধি আৰু এইবিলাকৰ গুণগত মান উন্নয়ন হোৱাকে সম্পদৰ বিকাশ বুলি কোৱা হয়।

আমি সকলোৱে অধিক দ্ৰব্য আৰু সেৱা পাব বিচাৰো। কিন্তু অধিক সম্পদ নাথাকিলে আমি সেইবিলাক পাব নোৱাৰো। গতিকে আমি অধিক উৎপাদন কৰিবলৈ গ’লে অতিৰিক্ত সম্পদৰো প্ৰয়োজন হ’ব। অর্থাৎ কোনো এটা অৰ্থব্যৱস্থাৰ বিকাশ হোৱাটো নিৰ্ভৰ কৰে ইয়াৰ প্ৰাপ্ত সম্পদৰ ওপৰত।

কোনো এটা অৰ্থনীতিত কেৱল সম্পদৰ পৰিমাণ বৃদ্ধি হ’লেই সম্পদৰ বিকাশ হোৱা বুলি ক’ব নোৱাৰি, সম্পদবিলাকৰ গুণগত মানো বৃদ্ধি পাব লাগিব। যিমানে প্রাকৃতিক সম্পদপ্রাপ্ত হ’ব, সিমানে মূলধনজাত দ্ৰব্যৰো উৎপাদন হ’ব। ইয়াৰ লগতে সম্পদৰ গুণগত মানো উন্নীত কৰিব লাগিব। উদাহৰণস্বৰূপে, যেতিয়া অধিক পাৰদৰ্শী শ্রমিক পোৱা যাব, তেতিয়া উন্নত মূলধনজাত দ্ৰব্যৰ উৎপাদন কৰিব পৰা যাব।

বর্তমান সময়ত বেছিভাগ উন্নত ধনী দেশেই ধনী হোৱাৰ কাৰণ হ’ল তেওঁলোকৰ সম্পদৰ বিকাশ ঘটাটো। গতিকে কৈনেকৈ অতিৰিক্ত সম্পদ অৰ্থব্যৱস্থাবিলাকে আহৰণ কৰিব যায়, সেইটো অন্যতম সমস্যা হৈ পৰিছে। প্রত্যেক অর্থব্যবস্থাই বিভিন্ন অর্থনৈতিক সমস্যাৰ সম্মুখীন হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top