ASOS Class 12 Economics Chapter 17 দৰ নিৰ্দ্ধাৰণ, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Economics Chapter 17 দৰ নিৰ্দ্ধাৰণ and select needs one.
ASOS Class 12 Economics Chapter 17 দৰ নিৰ্দ্ধাৰণ
Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Economics Chapter 17 দৰ নিৰ্দ্ধাৰণ Solutions for All Subject, You can practice these here.
দৰ নিৰ্দ্ধাৰণ
Chapter : 17
পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ
1. অতিৰিক্ত যোগান বুলিলে কি বুজা? দ্রব্য এটাৰ ওপৰত অতিৰিক্ত যোগানৰ প্ৰভাৱ কি হ’ব চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা।
উত্তৰঃ যদি কোনো দামত বজাৰ যোগান বজাৰ চাহিদাতকৈ অধিক হয় সেই দামত বজাৰত অতিৰিক্ত যোগান সৃষ্টি হয়।
কোনো এটা দ্ৰব্যৰ যেতিয়া অতিৰিক্ত যোগান হয়, তেতিয়া নিম্নলিখিত পৰিৱৰ্তনসমূহ সংঘটিত হয়–
(ক) চাহিদাতকৈ যোগান অধিক হ’লে প্রদত্ত দামত সকলোবিলাক বিক্রেতাই মুঠ পৰিমাণটো বিক্ৰী কৰিব নোৱাৰিব।
(খ) দ্ৰব্যটোৰ দাম হ্ৰাস পোৱাৰ লগে লগে চাহিদাৰ সম্প্ৰসাৰণ ঘটিব আৰু সংকোচন হ’ব। ইয়াৰ ফলত অতিৰিক্ত যোগান হ্রাস পাব।
(গ) এই পৰিৱৰ্তনবিলাক অর্থাৎ মূল্য হ্ৰাস, চাহিদাৰ সম্প্ৰসাৰণ আৰু যোগানৰ সংকোচন আদি সংঘটিত হোৱাটো চলি থাকিব যেতিয়ালৈকে দামটো চাহিদা আৰু যোগানৰ সমান হোৱা অৱস্থাত নৰয়গৈ।
(ঘ) এইদৰে অতিৰিক্ত যোগান নিঃশেষ হৈ যাবগৈ আৰু ভাৰসাম্য দৰ আৰু ভাৰসাম্য পৰিমাণ প্রতিষ্ঠা কৰা হ’বগৈ।
দ্রব্য এটাৰ ওপৰত অতিৰিক্ত যোগানৰ কিদৰে প্রভাৱ পৰে ওপৰৰ চিত্ৰৰ সহায়ত দেখুওৱা হ’ল।
2. অতিৰিক্ত চাহিদা বুলিলে কি বুজা? কোনো এটা দ্ৰব্যৰ মূল্যৰ ওপৰত অতিৰিক্ত চাহিদাৰ প্ৰতিক্ৰিয়া কি হ’ব? উদাহৰণৰ সহায়ত ব্যাখ্যা কৰা।
উত্তৰঃ যেতিয়া দ্রব্যটোৰ কোনো এটা দামত ইয়াক চাহিদা কৰা পৰিমাণ যোগান ধৰা পৰিমাণতকৈ অধিক হয়, ইয়াক অতিৰিক্ত চাহিদা বুলি কোৱা হয়।
অতিৰিক্ত চাহিদাই নিম্নোক্ত পৰিৱৰ্তনবিলাক সংঘটিত কৰে—
(ক) ক্রেতাসকলৰ মাজত প্ৰতিযোগিতাৰ সৃষ্টি হোৱা বাবে দ্ৰব্যটোৰ দাম বৃদ্ধি পাবলৈ ধৰে।
(খ) দাম বাঢ়ি যোৱাৰ লগে লগে ইয়াক চাহিদা কৰা পৰিমাণ হ্ৰাস পাবলৈ ধৰে। কিয়নো মূল্য বা দৰ বাঢ়ি যোৱাৰ লগে লগে ইয়াক কম পৰিমাণেহে বিচাৰে।
(গ) দাম বাঢ়ি যোৱাৰ লগে লগে ইয়াৰ যোগান বৃদ্ধি পাবলৈ ধৰে। ইয়াৰ কাৰম হ’ল যেতিয়া দ্ৰব্যৰ দাম বাঢ়ে বিক্রেতাই দ্ৰব্যটো বেছিকৈ যোগান ধৰিব বিচাৰে।
(ঘ) দ্ৰব্যটোৰ দাম বৃদ্ধিয়ে চাহিদাৰ সংকোচন ঘটায় আৰু যোগানৰ সম্প্ৰসাৰণ ঘটায় আৰু এই কাৰ্য চলি থাকে যেতিয়ালৈকে দামটো এনে পৰ্যায় পায়গৈ য’ত চাহিদা কৰা পৰিমাণ আৰু যোগান ধৰা পৰিমাণ সমান হয়গৈ।
(ঙ) এইটোৱেই হ’ব ভাৰসাম্য দাম আৰু ইয়েই ভাৰসাম্য পৰিমাণো নিৰ্দ্ধাৰণ কৰে।
দ্রব্য এটাৰ ওপৰত অতিৰিক্ত চাহিদাৰ কিদৰে প্ৰভাৱ পৰে তলত চিত্ৰ ৰ সহায়ত দেখুওৱা হ’ল।
চিত্ৰ – 17.2 অতিৰিক্ত চাহিদা
3. কোনো এটা দ্ৰব্যৰ ভাৰসাম্য দাম চাহিদা ৰেখা আৰু যোগান ৰেখাৰ জৰিয়তে কেনেদৰে নিৰ্ধাৰণ হয়? উদাহৰণৰ সৈতে ব্যাখ্যা কৰা।
উত্তৰঃ বজাৰৰ ভাৰসাম্য বুলিলে এনে এটা স্থিতিক বুজায় য’ত বজাৰ চাহিদা আৰু বজাৰৰ যোগান পৰস্পৰ সমান হয়। অর্থাৎ ভাৰসাম্য হ’বলৈ হ’লে তলৰ চৰ্তটো পূৰণ হ’ব লাগিব।
বজাৰ যোগান = বজাৰ চাহিদা
বজাৰৰ ভাৰসাম্য অৱস্থাটো তলৰ তালিকাৰ সহায়ত উপস্থাপন কৰা হ’ল।
1 নং স্তম্ভত প্রতি কি. গ্রা আলুৰ বিভিন্ন দাম দেখুওৱা হৈছে। 2 নং স্তম্ভত বিভিন্ন দামত আলুৰ বজাৰ চাহিদা আৰু 3 নং স্তম্ভত বিভিন্ন দামত আলুৰ বজাৰ যোগান দেখুওা হৈছে। যেতিয়া প্ৰতি কি. গ্ৰা আলুৰ দাম 6 টকা হয়, ইয়াৰ যোগান হয় 30 কি. গ্রা। কিন্তু ইয়াক চাহিদা কৰা পৰিমাণ হ’ল 10 কি. গ্ৰা হে। যেতিয়া দাম 6 টকাৰ পৰা 2 টকালৈ হ্ৰাস পায়, চাহিদা বৃদ্ধি পায়, কিন্তু যোগান হ্রাস পায়। বিক্রেতাজনে প্রতি কি. গ্ৰা আলুৰ দাম 6 টকাকৈ স্থিৰ কৰিছে। এই দামত যোগান হ’ল 30 কি. গ্ৰা আৰু চাহিদা হ’ল 10 কি. গ্রা। অর্থাৎ এই দামত কেৱল 10 কি. গ্রাম আলুহে বিক্ৰী কৰিব পৰা হ’ল। ইয়াৰ ফলত আলুৰ দাম কমাব লাগিব আৰু এই দামত প্রতি কি. গ্ৰামত 5 টকাকৈ নামিল। তেতিয়া এই দামত আলুৰ চাহিদা 10 কি. গ্ৰামৰ পৰা 15 কি. গ্ৰামলৈ বৃদ্ধি পালে আৰু যোগান 30 কি. গ্ৰামৰ পৰা 25 কি. গ্ৰামলৈ হ্ৰাস পালে। কিন্তু তেতিয়াও যোগান চাহিদাতকৈ বেছি হৈয়ে আছে। সেয়ে দৰ অধিক কমিব লাগিব আৰু এই দাম যেতিয়া প্ৰতি কি. গ্ৰামত 4 টকা হয় তেতিয়া চাহিদা আৰু যোগান দুয়োটা সমান হয়গৈ। ক্রেতাই 20 কি. গ্রাম আলু চাহিদা কৰিছে অথবা কৰিব বিচাৰিছে আৰু বিক্ৰেতাই 20 কি. গ্রাম আলুকে একেটা দামত বিক্ৰী কৰিব বিচাৰিছে। গতিকে, এইটোৱেই হ’ব ভাৰসাম্য দাম।
4. কোনো এটা দ্ৰব্যৰ ভাৰসাম্য দাম নিৰ্ধাৰিত হয় য’ত ৰজাৰ চাহিদা আৰু বজাৰ যোগানৰ সমান হয়। ভাৰসাম্য দামতকৈ মূল্য বেছি বা কম হ’লে কি অৱস্থাৰ সৃষ্টি হয়?
উত্তৰঃ কোনো এটা দ্ৰব্যৰ ক্ৰেতাসকলে কম দামত ইয়াক বেছিকৈ চাহিদা আৰু বেছি দামত কমকৈ চাহিদা কৰে। দ্ৰব্যটোৰ বিক্ৰেতাসকলে বেছি দামত বেছিকৈ যোগান ধৰে আৰু কম দামত কমকৈ যোগান ধৰে। ক্রেতা আৰু বিক্ৰেতাসকলৰ এই আচৰণসমূহ চাহিদা আৰু যোগান বিধিৰ দ্বাৰাহে সহজে বুজিব পাৰি। দ্ৰব্যটোৰ এনে দাম থাকিব পাৰে য’ত ইয়াৰ চাহিদা যোগাম পৰস্পৰ সমান হয়। দ্ৰব্যটোৰ এনে দামটোৱেই ভাৰসাম্য দাম।
প্ৰকৃততে বিক্ৰেতাই স্থিৰ কৰা দামত বজাৰ যোগান, সেই দামত বজাৰ চাহিদাতকৈ বেছি বা কম হ’ব পাৰে। এই দামত বজাৰ চাহিদা আৰু বজাৰ যোগান সমান হয়। সেইবাবেই ভাৰসাম্য দাম নহয়। বজাৰত বিক্ৰেতাই স্থিৰ কৰা দামটোত যোগানৰ পৰিমাণ চাহিদাতকৈ বেছি। অর্থাৎ বিক্রেতাই সেই দামত বিক্ৰী কৰিব খোজা পৰিমাণটোতকৈ ক্রেতাই কমকৈ চাহিদা কৰিছে। এনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত বিক্রেতাই যথেষ্ট গ্রাহক নোপোৱাৰ বাবে বিক্ৰী কৰিব খোজা দ্রব্যবোৰ বিক্ৰী কৰিবলৈ দাম কমাই দিব। যদি দাম ভাৰসাম্য দৰতকৈ বেছি হয় তেন্তে চহিদাৰ পৰিমাণ কমি যায় আৰু যোগানৰ পৰিমাণ বৃদ্ধি পায়।
5. আমৰ প্ৰতিদিনে বজাৰ চাহিদা আৰু বজাৰ যোগান অনুসূচী তলত দিয়া হ’ল—
দাম (প্ৰতি কি. গ্ৰা) | চাহিদা কৰা পৰিমাণপ্ৰতিদিন কি. গ্ৰা. হিচাপত | যোগান ধৰা পৰিমাণ প্ৰতিদিনে কি. গ্ৰা. হিচাপত |
9 | 4 | 14 |
7 | 6 | 11 |
5 | 8 | 8 |
3 | 10 | 5 |
1 | 12 | 3 |
ওপৰৰ তালিকাৰ ভিত্তি কৰি তলত দিয়া প্রশ্নবিলাকৰ উত্তৰ দিয়া।
1. আমৰ ভাৰসাম্য দাম কি হ’ব?
উত্তৰঃ আমৰ ভাৰসাম্য দাম হ’ব 5 টকা।
2. এই মূল্যত চাহিদা আৰু যোগান ধৰা পৰিমাণ কিমান হ’ব?
উত্তৰঃ এই মূল্যত চাহিদা আৰু যোগান ধৰা পৰিমাণ হ’ল— ৪ কিলোগ্রাম।
3. যদি দাম ভাৰসাম্য দৰতকৈ বেছি হয়, তেন্তে কি পৰিৱৰ্তনবিলাক সংঘটিত হব?
উত্তৰঃ যদি দাম ভাৰসাম্য দৰতকৈ বেছি হয় তেন্তে চহিদাৰ পৰিমাণ কমি যায় আৰু যোগানৰ পৰিমাণ বৃদ্ধি পায়।
4. যদি দাম ভাৰসাম্য ভাৰসাম্য দৰতকৈ কম হয়, তেন্তে কি পৰিবৰ্তন সংঘটিত হ’ব?
উত্তৰঃ যদি দাম ভাৰসাম্য দৰতকৈ কম হয় তেন্তে চহিদাৰ পৰিমাণ বাঢ়ি যায় আৰু যোগানৰ পৰিমাণ হ্রাস পায়।
6. কোনো এটা দ্ৰব্যৰ চাহিদা আৰু যোগান পৰিৱৰ্তনবিলাকে ভাৰসাম্য দামত কেনেদৰে প্ৰতিক্ৰিয়া কৰে চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা।
উত্তৰঃ দামৰ ওপৰত চাহিদা বৃদ্ধিৰ প্ৰভাৱঃ
চিত্ৰ নং 17.4: দামৰ ওপৰত চাহিদা বৃদ্ধিৰ প্ৰভাৱ
চিত্ৰত DD আৰু SS ৰেখা দুডাল ক্ৰমে মূল চাহিদা আৰু যোগান ৰেখা৷ এই দুয়োটা ৰেখাই পৰস্পৰে A বিন্দুত ছেদ কৰিছে। গতিকে ভাৰসাম্য দাম হ’ল OP আৰু ভাৰসাম্য পৰিমাণটো হ’ল OQ। যেতিয়া চাহিদা বৃদ্ধি পায়, তেতিয়া চাহিদা ৰেখাডাল সোঁফালে স্থানান্তৰ হয় D\D\। এতিয়া যোগান ৰেখাডাল একে থাকিলে নতুন চাহিদা ৰেখা D\D\ য়ে যোগান ৰেখা SS ত A\ বিন্দুত ছেন কৰে। A\ বিন্দুৰ পৰা ভাৰসাম্য দৰ OP\ পোৱা গ’ল আৰু নতুন ভাৰসাম্য পৰিমাণটো হ’ল OQ\।
দামৰ ওপৰত চহিদা হ্রাস প্ৰভাৱঃ ভাৰসাম্য দাম হ’ল OP আৰু ভাৰসাম্য পৰিমাণটো হ’ল OQ। যেতিয়া চাহিদা হ্রাস পায়, তেতিয়া চাহিদা ৰেখাডাল বাঁওফালে স্থানান্তৰ হয়। নতুন চহিদা ৰেখা ডাল হ’ল D\D\। অপৰিবৰ্তিত যোগান ৰেখা SS আৰু নতুনত চাহিদা ৰেখা D\D\ ৰ ছেদবিন্দুটো হ’ল A\I A\ বিন্দুৰ পৰা ভাৰসাম্য দৰ OP\ পোৱা গ’ল আৰু নতুন ভাৰসাম্য পৰিমাণটো হ’ল OQ\।
চিত্ৰ নং 17.5 : দামৰ ওপৰত চাহিদা হ্ৰাসৰ প্ৰভাব
দামৰ ওপৰত যোগান বৃদ্ধিৰ প্ৰভাৱঃ যোগান বৃদ্ধি হোৱাৰ ফলত SS ৰেখাডাল S\S\ সোঁফাললৈ স্থানান্তৰ হৈছে। মূল চাহিদা ৰেখা আৰু নতুন যোগান ৰেখাই এতিয়া B বিন্দুতে ছেদ কৰিছে আৰু নতুন ভাৰসাম্য পৰিমাণ OQ\ হৈছে আৰু এই দাম মূল ভাৰসাম্য দাম OP তকৈ কম। সেইদৰে এই বিন্দুটোৱে নতুন ভাৰসাম্য পৰিমাণ OQ\ দেখুৱাইছে আৰু ই আগৰ OQ পৰিমাণতকৈ বেছি। গতিকে দ্ৰব্যটোৰ যোগান বৃদ্ধি হ’লে আৰু চাহিদা অনুসূচী থাকিলে ভাৰসাম্য দাম মূল পায় আৰু ভাৰসাম্য পৰইমাণ বৃদ্ধি পায়।
দামৰ ওপৰত যোগান হ্ৰাসৰ প্ৰভাৱঃ যোগান হ্রা পালে ভাৰসাম্য দাম OP\ নিৰ্দ্ধাৰিত হয়। এই নতুন ভাৰসাম্য দাম মূল ভাৰসাম্য দামতকৈ OP অধিক হয়। আনহাতে নতুন ভাৰসাম্য পৰিমাণ OQ\ মূল ভাৰসাম্য পৰিমাণ OQ তকৈ কম হয়।