ASOS Class 12 Economics Chapter 16 যোগান আৰু যোগান নিৰ্ণয়কাৰী উপাদানসমূহ

ASOS Class 12 Economics Chapter 16 যোগান আৰু যোগান নিৰ্ণয়কাৰী উপাদানসমূহ, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Economics Chapter 16 যোগান আৰু যোগান নিৰ্ণয়কাৰী উপাদানসমূহ and select needs one.

ASOS Class 12 Economics Chapter 16 যোগান আৰু যোগান নিৰ্ণয়কাৰী উপাদানসমূহ

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Economics Chapter 16 যোগান আৰু যোগান নিৰ্ণয়কাৰী উপাদানসমূহ Solutions for All Subject, You can practice these here.

যোগান আৰু যোগান নিৰ্ণয়কাৰী উপাদানসমূহ

Chapter : 16

পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

1. যোগান বুলিলে কি বুজা?

উত্তৰঃ কোনো এজন বিক্রেতাই অথবা উৎপাদন প্রতিষ্ঠানে কোনো এটা সময়ত আৰু প্ৰদত্ত দামত যি পৰিমাণ দ্ৰব্যৰ যোগান অথবা যি পৰিমাণ দ্ৰব্য বিক্ৰী কৰিবলৈ বিচাৰে, সেই পৰিমাণেই হ’ব যোগান। যোগানৰ সূত্ৰ চাহিদাৰ সূত্ৰৰ সম্পূৰ্ণ বিপৰীত। যোগানৰ সূত্ৰ অনুসৰি বস্তুৰ দাম বাঢ়িলে যোগান বাঢ়ে আৰু দাম কমিলে যোগান কমে। দাম বাঢ়িলে লাভৰ পৰিমাণ বাঢ়ে আৰু সেই কাৰণে বস্তুৰ যোগানো বৃদ্ধি হয়। আনহাতে দাম কমিলে লাভ কমে আৰু যোগানো কমি যায়। যোগানৰ বিধিৰ এনে প্ৰকৃতিৰ কাৰণে দ্ৰব্যৰ যোগান ৰেখা চাহিদা ৰেখাৰ সম্পূৰ্ণ বিপৰীতধর্মী হয়।

চাহিদাৰ সূত্ৰৰ দৰেই যোগানৰ সূত্ৰটোও কেইটামান ধাৰণাৰ ভিত্তিত প্ৰতিষ্ঠিত।

এটা দ্ৰব্যৰ দৰৰ পৰিৱৰ্তনৰ লগে লগে, ইয়াৰ যোগানৰ পৰিৱৰ্তন হ’ব; যদি–

১। দ্রব্যটোৰ বিকল্প দ্ৰব্যৰ দাম অপৰিৱৰ্তিত থাকে।

২। দ্ৰব্যটোৰ উৎপাদনী ব্যায়ৰ কোনো পৰিৱৰ্তন নহয়। আৰু

৩। দ্ৰব্যটোৰ ভৱিষ্যতত দৰ পৰিৱৰ্তনৰ কোনো সম্ভাৱনা নাথাকে।

2. কোনো এটা দ্ৰব্যৰ যোগানক প্রভাবান্বিত কৰিব পৰা উপাদানসমূহ চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ কোনো এটা দ্ৰব্যৰ যোগানক প্ৰবাৱান্বিত কৰিবৰ পৰা উপাদানসমূহ হ’ল—

(ক) অন্যান্য দ্রব্যবিলাকৰ দাম বা মূল্য।

(খ) উৎপাদনৰ উপাদান বিলাকৰ দাম বা মূল্য। এটা দ্ৰব্যৰ উৎপাদনী ব্যয়ে ইয়াৰ যোগানৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা পৰিলক্ষিত হয়। যদি উৎপাদনৰ উপাদানসমূহৰ অথবা কোনো এটা বা ততোধিক উপাদানৰ দৰ বৃদ্ধি পোৱাৰ কাৰণে এটা দ্ৰব্যৰ উৎপাদনী ব্যয় বৃদ্ধি হয়, তেতিয়া দ্ৰব্যটোৰ যোগান কমি যায়। আনহাতে উৎপাদন ব্যয় হ্রাস হ’লে দ্ৰব্যৰ যোগান বৃদ্ধি পৰিলক্ষিত হয়। কাৰণ, উৎপাদনী ব্যয় কম হোৱাৰ কাৰণে একে পৰিমাণৰ ব্যয়ৰ সহায়ত অধিক উৎপাদন সম্ভৱপৰ হয়।

(গ) উৎপাদনৰ লক্ষ্য বা উদ্দেশ্য।

(ঘ) যোগানক প্রবাৱান্বিত কৰিব পৰা আন এটা উপাদান হ’ল উৎপাদন কৌশল। এখন দেশৰ কাৰিকৰী আৰু প্ৰযুক্তিবিদ্যাৰ অৱস্থা আৰু অগ্ৰগতিৰ ওপৰতো বিভিন্ন দ্রব্য–সামগ্ৰীৰ যোগান নিৰ্ভৰশীল; যদি দেশখনৰ প্ৰযুক্তিবিদ্যাৰ উন্নতি ঘটে, তেতিয়া এনে উন্নত প্রযুক্তিবিদ্যা বিভিন্ন উৎপাদন ক্ষেত্ৰত ব্যৱহাৰ কৰি উৎপাদনী ব্যয়ৰ সংকোচন ঘটাই দ্রব্য–সামগ্ৰীৰ যোগান বৃদ্ধি কৰিব পাৰি।

3. কোনো এটা দ্ৰব্যৰ দামে ইয়াৰ যোগানক কেনেদৰে প্ৰবাৱান্বিত কৰে, ব্যাখ্যা কৰা।

উত্তৰঃ যদি কোনো এটা দ্ৰব্যৰ দাম বাঢ়ে, তেন্তে এই কার্যই বিক্ৰেতাক অধিক পৰিমাণে দ্ৰব্যটো বিক্ৰী কৰিবলৈ অনুপ্ৰেৰণা যোগাব, কিয়নো তেওঁ অধিক পৰিমাণে বিক্ৰী কৰিব পাৰিলে অধিক লাভান্বিত হ’ব পাৰিব। আনহাতে দ্রব্যটোৰ দাম হ্ৰাস পালে তেওঁৰ বাবে অধিক অনুপ্ৰেৰণা নাথাকিব। এনে কাৰ্যই তেওঁৰ লাভৰ পৰিমাণ হ্ৰাস কৰিব। গতিকে যেতিয়া কোনো এটা দ্ৰব্যৰ দাম বাঢ়ে ইয়াৰ যোগানৰ পৰিমাণ বৃদ্ধি পায় আৰু তেতিয়া ইয়াৰ দাম কমি ইয়াৰ যোগান ধৰা পৰিমাণ হ্ৰাস পায়। গতিকে কোনো এটা দ্ৰব্যৰ দাম আৰু ইয়াৰ যোগান ধৰা পৰিমাণ এই দুয়োটাৰ মাজত পোনপটীয়া সম্পর্ক স্থাপন হয়।

4. যোগানৰ বিধিটো ব্যাখ্যা কৰা। আৰু বিধিটো ব্যাখ্যা কৰোতে ইয়াত থকা অভিধাৰণাসমূহ আঙুলিয়াই দিয়া।

উত্তৰঃ কোনো এটা দ্ৰব্যৰ দাম আৰু ইয়াৰ যোগান এই দুয়োটাৰ মাজত পোনপটীয়া সম্পৰ্কটো বিধি ৰূপত প্ৰকাশ কৰা হয় আৰু ইয়াক যোগান বিধি বুলি কোৱা হয়। যোগান বিধি মতে অন্যান্য বিষয়সমূহ একে থাকিলে বজাৰত কোনো এটা দ্ৰব্যৰ দাম আৰু সেই দামত যোগান ধৰা পৰিমাণৰ মাজত পোনপটীয়া সম্পর্ক থাকে। যোগান বিধিটোৱে কোনো এটা দ্ৰব্যৰ দাম আৰু আৰু ইয়াৰ যোগানৰ সম্পৰ্কটোৰ কথাটোৰ কথাহে কয়। অৰ্থাৎ দ্ৰব্যটোৰ দামে ইয়াৰ যোগানক প্ৰভাৱ পেলায়।

যোগানবিধিৰ অভিধাসমূহ হ’ল—

(ক) অন্যান্য বিষয়সমূহ একে থাকিলে, কোনো এটাৰ দ্ৰব্যৰ যোগান ধৰা পৰিমাণ বৃদ্ধি পায় যেতিয়া ইয়াৰ দাম বৃদ্ধি পায় আৰু দাম হ্রাস পালে যোগানো হ্রাস পায়।

(খ) অন্যান্য বিষয়সমূহ একে থকা মানে যোগানক প্রভাবান্বিত কৰিব পৰা অন্যান্য উপাদান সমূহে দ্রব্যটোৰ যোগানত প্ৰভাৱ নেপেলায়।

(গ) ব্যক্তিগত যোগান অনুসূচী হ’ল, কোনো এটা সময়ত বিভিন্ন দৰত এজন বিক্রেতাই দ্রব্য এটাৰ যোগান ধৰা পৰিমাণ।

(ঘ) বজাৰ যোগান হ’ল কোনো এটা সময়ত কোনো প্রদত্ত দামত সকলোবিলাক বিক্রেতাই দ্ৰব্যটোৰ যোগান ধৰা পৰিমাণবোৰৰ সমষ্টি।

(ঙ) বজাৰ যোগান অনুসূচীটোৱে বিভিন্ন দামত সকলোবিলাক বিক্রেতাই কোনো এটা দ্রব্য যোগান ধৰা পৰিমাণকে বুজোৱা হয়।

(চ) যেতিয়া কোনো এটা উৎপাদন প্ৰতিষ্ঠানৰ যোগান অনুসূচীখন লেখ কাগজত উপস্থাপন কৰা হয়, তেতিয়া আমি এডাল ৰেখা পাওঁ আৰু সেই ৰেখাডালকে উৎপাদন প্রতিষ্ঠানটোৰ যোগান ৰেখা বুলি কোৱা হয়৷

(ছ) যেতিয়া বজাৰ যোগান অনুসূচীখন লেখ কাগজত উপস্থাপন কৰা হয়, তেতিয়া আমি বজাৰ যোগান ৰেখাডাল পাওঁ।

(জ) যোগান ৰেখা বাঁওফালৰ পৰা সোঁফাললৈ উৰ্দ্ধমুখী।

(ঝ) যোগান বিধিটো মতে অন্যান্য বিষয় একে থাকিলে, কোনো এটা দ্ৰব্যৰ মূল্য আৰু ইয়াৰ যোগান খৰা পৰিমাণ—এই দুয়োটা লেখৰ মাজত পোনপটীয়া সম্পর্ক স্থাপন হয়।

5. বজাৰ যোগান অনুসূচী আৰু ৰজাৰ যোগান ৰেখাৰ মাজৰ পাৰ্থক্য উলিওৱা।

উত্তৰঃ কোনো এটা দ্ৰব্যৰ বিভিন্ন দাম, ইয়াৰ যোগানৰ পৰিমাণৰ বিষয়ে যি তালিকা প্ৰস্তুত কৰা হয়, তাকেই যোগানৰ অনুসূচীত বুলি কোৱা হয়। ব্যক্তিগত আৰু বজাৰৰ চাহিদা তালিকাৰ দৰে ব্যক্তিগত আৰু বজাৰৰ যোগান তালিকা প্ৰস্তুত কৰিব পৰা যায়। এটা দ্ৰব্যৰ বিভিন্ন দাম বা দৰত এজন যোগানকাৰীয়ে দ্রব্যটো যি পৰিমাণে বজাৰত যোগান ধৰে, সেই বিষয়ে তথ্যৰ যোগান ধৰা তালিকাখনেই হৈছে ব্যক্তিগত যোগান তালিকা। আনহাতে ববজাৰৰ যোগান তালিকা হৈছে ব্যক্তিগত বিক্রীদাৰৰ যোগান তালিকাৰ সমষ্টি। 

উদাহৰণস্বৰূপে বজাৰত ‘ক’ আৰু ‘খ’নামৰ দুটা উৎপাদন প্রতিষ্ঠানে কলম বিক্ৰী কৰে। এই দুটা প্ৰতিষ্ঠানৰ যোগান অনুসূচী আৰু বজাৰ যোগান অনুসূচী তলৰ তালিকাত দেখুওৱা হ’ল।

প্ৰত্যেকটো দামত উৎপাদন প্রতিষ্ঠান দুটাই যোগান ধৰা কলমৰ পৰিমাণ যোগ কৰি প্ৰতিটো দামত বজাৰ যোগান পোৱা যায়। তালিকাৰ 4 নং স্তম্ভত বজাৰ যোগান দেখুওৱা হৈছে।

বজাৰ যোগান তলত বজাৰ যোগান ৰেখাৰ দ্বাৰা দেখুওৱা হ’ল ৷

6. কোনো এটা দ্ৰব্যৰ দৰ যেতিয়া পৰিৱৰ্তন নহয় অথচ উৎপাদকজনে অধিক পৰিমাণে ইয়াক যোগান ধৰিবলৈ প্ৰস্তুত – ই কেনেকৈ সম্ভৱ হয় ব্যাখ্যা কৰা।

উত্তৰঃ সাধাৰণতে কোনো এটা দ্ৰব্যৰ উৎপাদকৰ লক্ষ্য বা উদ্দেশ্য হ’ল লাভ সৰ্বোচ্চ কৰা। গতিকে তেওঁ দ্ৰব্যটোৰ সেই পৰিমাণটোহে উৎপাদন কৰে, যিয়ে তেওঁক সর্বোচ্চ লাভ আনি দিব পাৰে। কিন্তু কেতিয়াবা এজন উৎপাদকে তেওঁৰ লাভ সৰ্বোচ্চ কৰাতকৈ বিক্ৰী সৰ্বাধিক কৰিবলৈহে বিচাৰে। তেওঁৰ লাভৰ লক্ষ্যত বিৰূপ প্ৰভাৱ নপৰাকৈয়ো উৎপাদন আৰু বিক্ৰী বঢ়াই গৈ থাকে। গতিকে এজন উৎপাদকৰ লক্ষ্যইয়ো দ্ৰব্যটোৰ যোগানত প্ৰভাৱ পেলাব পাৰে।

7. কোনো এটা দ্ৰব্যৰ যোগানৰ সম্প্ৰসাৰণ আৰু যোগান বৃদ্ধি এই দুয়োটাৰ মাজৰ পাৰ্থক্য উলিওৱা।

উত্তৰঃ যোগানৰ হ্ৰাস–বৃদ্ধিৰ লগত ইয়াৰ সম্প্ৰসাৰণ আৰু সংকোচনৰ পার্থক্য আছে। যেতিয়া আন অৱস্থাসমূহ অপৰিৱৰ্তিত থকাৰ অৱস্থাত এটা দ্রবৰ দাম বৃদ্ধি হ’লে ইয়াৰ যোগান বৃদ্ধি হয় আৰু দাম কমি গ’লে যোগান কমি যায়, তেতিয়া যোগানৰ এনে পৰিৱৰ্তনক ক্ৰমান্বয়ে ইয়াৰ সম্প্ৰসাৰণ আৰু সংকোচন বা যোগানৰ পৰিমাণৰ পৰিৱৰ্তন বুলি কোৱা হয়। যোগানৰ এনে পৰিৱৰ্তনক একেডাল যোগান ৰেখাই প্রতিনিধিত্ব কৰে। আনহাতে যেতিয়া দামৰ পৰিৱৰ্তন নহ’লেও আন কোনো উপাদানৰ প্ৰভাৱত এটা দ্ৰব্যৰ যোগানৰ পৰিৱৰ্তন হয় তাক যোগানৰ হ্ৰাস–বৃদ্ধি বা যোগানৰ পৰিৱৰ্তন বুলি কোৱা হয়। যোগানৰ হ্ৰাস–বৃদ্ধিৰ ক্ষেত্ৰত যোগান ৰেখা পূৰ্বৰ স্থানৰ পৰা নতুন স্থানলৈ গতি কৰে। তলৰ চিত্ৰৰ সহায়ত যোগানৰ হ্ৰাস–বৃদ্ধি আৰু সম্প্ৰসাৰণ–সংকোচনৰ মাজত থকা পার্থক্য দেখুওৱা হৈছে।

তালিকাৰ 1 নং স্তম্ভত দেখুওৱা প্ৰতিটো মূল্যত যোগান বৃদ্ধি পাইছে। 

মূল যোগান ৰেখাডাল হ’ল SS আৰু তাৰ প্ৰতিমূল্য বা দামত বর্দিত যোগান দেখুওৱা ৰেখাডাল S\S\ । গতিকে যোগান বৃদ্ধি হয়, যোগান ৰেখ‍ সোফালে স্থানান্তৰিত হয় আৰু ই এই কথা দেখুৱায় যে একেটা দামতে যোগান বৃদ্ধি পায়। মূল যোগান ৰেখা SS ৰ ক বিন্দুত দেখুওৱা হৈছে যে কলমৰ 4 টকা দামত যোগানৰ সংখ্যা হ’ল 40 টা কলম। আনহাতে নতুন যোগান S\S\ ৰ খ বিন্দুটোৱে দেখুৱাইছে একেটা দামতে (4 টকা দামত) যোগান ধৰা কলমৰ সংখ্যা 50 টালৈ বৃদ্ধি পাইছে। কাঁড় চিনেৰে দেখুওৱা কাৰ্যই যোগান ৰেখা সোফাললৈ স্থানান্তৰিত হৈছে।

গতিকে দ্ৰব্য এটাৰ দাম বৃদ্ধি হ’লে যদি ইয়াৰ যোগান বৃদ্ধি হয়, তেন্তে ইয়াক যোগানৰ সম্প্ৰসাৰণ বুলি কোৱা হয়। আনহাতে দ্ৰব্যটোৰ দাম একে থাকি যেতিয়া যোগানক প্রভাবান্বিত কৰা অন্যান্য উপাদানবিলাক পৰিবৰ্তনৰ বাবে যোগানৰ বৃদ্ধি হয়, তাক যোগানৰ বৃদ্ধি বুলি কোৱা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top