ASOS Class 12 Assamese (MIL) Chapter 11 সাৰাংশ লিখন, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Assamese (MIL) Chapter 11 সাৰাংশ লিখন and select needs one.
ASOS Class 12 Assamese (MIL) Chapter 11 সাৰাংশ লিখন
Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Assamese (MIL) Chapter 11 সাৰাংশ লিখন Solutions for All Subject, You can practice these here.
সাৰাংশ লিখন
Chapter : 11
পাঠভিত্তিক আৰ্হি প্ৰশ্নোত্তৰঃ
১। অসৎ উপায় অৱলম্বন কৰি কেইজন কেইদিনলৈ মানুহ বোলাইছে, কেইদিনলৈ ভাতে-ভঁৰালে খাই আছে? কোনো ছাত্ৰই অসৎ উপায়েৰে সমনীয়া ছাত্ৰতকৈ চোকা আৰু তেজাল দেখুৱাব পাৰে কিন্তু সেই সামান্য অসৎ উপায়ৰ বীজ শিপাই উঠিলে সেই বীজে ছাত্ৰৰ ভৱিষ্যৎ জীৱনৰ ভেটি-মাটি খান্দে।
উত্তৰঃ সততাই হ’ল জীৱনৰ উন্নতিৰ চাবি-কাঠি। ছাত্ৰসকলৰ ক্ষেত্ৰতো এই কথা খাটে। নিজকে সমনীয়াতকৈ পাৰ্গত দেখুৱাবলৈ গৈ কোনোবা ছাত্ৰই অসৎ পথ অৱলম্বন কৰি সামাজিকভাৱে ভাল ল’ৰা বোলাব পাৰে কিন্তু সেই ছাত্ৰৰ ভৱিষ্যৎ যে অন্ধকাৰ ই ধুৰূপ।
২। দেশৰ ভাষাৰ যিমান দিনলৈ শ্ৰীবৃদ্ধি নহয়, তিমান দিনলৈকে দেশৰ উপকাৰ নহয়৷ দেশৰ উপকাৰ কৰিব লাগিলে প্ৰথমতে দেশৰ ভাষাৰ শ্রীবৃদ্ধি কৰিবলৈ যত্ন কৰা উচিত। এই বিদ্যা মাতৃভাষাৰ যেনেকৈ সোনকালে আৰু অলপ শ্ৰমতে শিকিব পাৰি অন্য ভাষাৰে নোৱাৰি। কিয়নো আন ভাষাৰে শিকিব লাগিলে সেই ভাষা শিকোতেই সৰহ সময় যায়। পাছত জ্ঞান শিকিবলৈ মুঠেই অলপ সময়হে থাকে আৰু ইয়াক যেনে সুন্দৰৰূপে বুজিব পাৰি আনক তেনে ৰূপে নোৱাৰি। এতেকে জনা গ’ল যে স্বদেশ আৰু স্বদেশী ভাষা দুয়োৰো সম্বন্ধ আছে।
উত্তৰঃ মাতৃভাষাই হ’ল জ্ঞান আহৰণৰ প্ৰকৃত আহিলা। মাতৃভাষাৰ উন্নতিৰ ওপৰতে সকলো নিৰ্ভৰশীল। গতিকে মাতৃভাষাৰ সৰ্বতোপ্ৰকাৰৰ উন্নতিৰ প্ৰয়াসত ব্ৰতী হ’ব লাগে।
৩। ৰাইজৰ দূত স্বৰূপে সদায় সচেতন থাকি, অন্যায়, অত্যাচাৰ আসোঁৱাহ, অভাৱ-অসুবিধা উলিয়াই দি দুখ-দুৰ্দশাৰ কাৰণ ঘুকুতি প্রকাশ কৰি, উচিত বিধি-ব্যৱস্থাৰ আলোচনা কৰি দেশ-বিদেশৰ ন ন কথা বিচাৰি, দেশৰ মঙ্গলৰ বাটত আগবঢ়াবলৈ বাতৰি কাকতৰ চেষ্টা। সমাজৰ কামলৈ, ৰাইজৰ হিতৰ কাৰণে বাতৰি কাকত লাগে।
উত্তৰঃ বাতৰি কাকতেই গণতন্ত্ৰৰ ভেটি সুদৃঢ় কৰে। জনগণৰ মঙ্গলৰ কাৰণে ইয়ে সদায় সচেতনতা প্ৰকাশ কৰে। দেশৰ জনগণক ইয়াৰ দ্বাৰাই গোট খুৱাই ৰখা হয়। গতিকে বাতৰি কাকত বিশেষ উপকাৰী।
৪। সজ ব্যৱহাৰত নম্রতা মিহলালে উপকাৰ সৰহ হয়। দাম্ভিক কথাই মানুহৰ কামত কাঁড় ফুটা দিয়ে। আনৰ লগত আলাপ-আলোচনা কৰোতে দম্ভালি এৰি নম্ৰ হোৱা উচিত। নম্রতা ডাঙৰ আশাৰ চিন। নম্রতা এটা মনৰ গুণ, মিঠা-মাত তাৰ ফল। মনত নম্ৰ ভাৱ থাকিলে মুখেৰে আপোনা-আপুনি মিঠা মাত ওলায়। মনত অহংকাৰ ৰাখি নম্ৰ হ’লে মানুহক চল কৰা হয়। তেনেকুৱা আচৰণ কৰা অনুচিত।
উত্তৰঃ মানুহ মনে-প্রাণে নম্ৰ হ’ব লাগে। নম্রতাই মানুহক সকলোৰে ওচৰত প্ৰিয় কৰি তোলে। মনে-প্রাণে নম্ৰ নহ’লে অন্তৰৰ অহংকাৰ প্ৰকাশ পায় আৰু তেনে আচৰণ কৰা ব্যক্তিক মানুহে সহজে চিনি পায়।
৫। জাতীয় সংহতিৰ আন এটা ডাঙৰ অন্তৰায় হৈছে জাতীয় শিক্ষা নীতিৰ থৰক-বৰক অৱস্থা। জাতীয় জীৱন সৰ্বাঙ্গ-সুন্দৰ কৰি গঢ়ি তুলিবলৈ যি সুস্থিৰ আৰু সু-পৰিকল্পিত শিক্ষানীতিৰ প্ৰয়োজন তাৰ অভাৱত অসংখ্য আদর্শহীন- লক্ষ্যহীন, অকর্মঠ শিক্ষিত নিবনুৱাৰ সৃষ্টি হৈছে। এই নিবনুৱা সমস্যা এনে ভয়াবহ হৈ পৰিছে যে জাতিৰ স্থিতিকে কঁপাই তুলিছে।
উত্তৰঃ দেশৰ সংহতি নিৰ্ভৰ কৰে সু-শিক্ষাৰ ওপৰত। এই শিক্ষানীতি ঠিক নোহোৱা বাবে দেশত নিবনুৱা সমস্যাৰ সৃষ্টি হৈছে। গতিকে দেশৰ সৰ্বাঙ্গীন উন্নতিৰ কাৰণে সুশিক্ষাৰ প্ৰয়োজন।
৬। উদ্গতিৰ আন এটা আহিলা চৰিত্ৰ। সৎ চৰিত্ৰ উদ্গতিৰ পথৰ প্রবল সহায়। যি মানুহে সৎ চৰিত্ৰকে সাৰথি কৰি উদ্গতিৰ পথত যাত্ৰা কৰে তাক কোনো অপায়ে পশিব নোৱাৰে। ধনৰ বল আৰু বিদ্যাৰ বল একোৱে চৰিত্ৰ বলৰ সমান হ’ব নোৱাৰে। কু-চৰিত্ৰৰ কুফল ধন বা বিদ্যাৰে খণ্ডাব নোৱাৰি। ধনৱন্ত আৰু বিদ্যাৱন্ত মানুহো চৰিত্ৰৰ দোষত ৰসাতলে যায়। চৰিত্ৰহীন মানুহৰ শত্ৰু সৰহ। এতেকে সংসাৰত সিহঁতৰ বিপদে সৰহ।
উত্তৰঃ জীৱনৰ সকলো উন্নতিৰ মূল হ’ল চৰিত্ৰ। ইয়াৰ বল সৰ্বাধিক। ধন আৰু বিদ্যাৰ বলতকৈ চৰিত্ৰ বল বেছি। ধনবান আৰু বিদ্বান লোকো চৰিত্ৰ দোষত ৰসাতলে যায়। চৰিত্রহীন মানুহৰ শত্ৰুও সৰহ।
৭। তুমিয়েই তোমাৰ গৰাকী। নিজে চেষ্টাৰ দ্বাৰাই ভাল কাম কৰি ভাল হ’বলৈ চেষ্টা নকৰিলে কেৱল পূজা-অৰ্চনাৰ দ্বাৰা মানুহ ভাল হ’ব নোৱাৰে। গতিকে সৰুৰ পৰা ভাল ভাবি কাম কৰি, ভাল কথা কৈ নিজৰ জীৱন গঢ়ি ল’ব লাগিব। বুদ্ধদেৱে তেওঁৰ মৃত্যুৰ আগতে শিষ্যবিলাকক এইদৰে কৈ দেহত্যাগ কৰে— আন কোনেও তোমাক সহায় কৰিব নোৱাৰে, নিজেই নিজৰ সহায় হোৱা।
উত্তৰঃ মানুহক সহায় কৰিবলৈ কোনো নাই। নিজৰ কৰ্মই মানুহৰ সকলো সুখ-দুখৰ উৎস। সৎ কামৰ দ্বাৰা জীৱন গঢ়ি ল’লেহে জীৱনত সুখ- শান্তি লাভ কৰিব পাৰে।
৮। আজিকালি আমাৰ সকলো ভুল বা অকৃতকাৰ্যতাৰ বাবে দেশৰ চৰকাৰ বা সমাজক দোষাৰোপ কৰাটো এটা ৰীতিত পৰিণত হৈছে। এনে মনোবৃত্তি ভুল। এনে চিন্তা পৰাধীন লোকৰহে লক্ষণ। স্বাধীন মনৰ মানুহে নিজৰ বিফলতাৰ বাবে আনক দোষ নিদিয়ে। সেই দায়িত্ব নিজে মূৰ পাতি লয়। অধিকাৰৰ কথা ক’লে তাৰ লগতে দায়িত্বও আহি পৰে। আমি কাৰোবাক কিবা দিলেহে তেওঁৰ পৰা কিবা এটা পাবলৈ আশা কৰিব পাৰো। দান কৰিলেহে প্ৰতিদান পায়। দেশ বা সমাজৰ একো সেৱা নকৰাকৈ প্ৰতিদান পায় দেশ বা সমাজৰ ওচৰত একো দাবীও কৰিব নোৱাৰোঁ। আমি সমাজৰ কিবা কামত লাগিলেহে সমাজে আমাক আদৰি ল’ব। সেইবাবে সমাজৰ কামত আনিব পৰাকৈ প্ৰথমতে নিজক প্ৰস্তুত কৰাহে যুগুত।
উত্তৰঃ স্বাধীন দেশৰ নাগৰিকৰ প্ৰধান কৰ্তব্য হোৱা উচিত চৰকাৰ বা দেশৰ প্ৰতি দায়বদ্ধ হোৱা। সকলো কথাৰ কাৰণে চৰকাৰক দোষাৰোপ কৰাৰ পৰিৱৰ্তে প্ৰকৃত নাগৰিকে নিজৰ অধিকাৰ আৰু কৰ্তব্যৰ প্ৰতিহে বেছি সচেতন হয়। সমাজ, দেশ নাইবা চৰকাৰৰ কাৰণে নিজে কিবা কৰাৰ পাছতহে তাৰ প্ৰতিদান পোৱাৰ আশা কৰিব লাগে।
৯। সিদ্ধি নহ’লে কাম এৰি দিয়া চঞ্চল মানুহৰ ৰীতি। চঞ্চল মানুহে কৰিব বুলি কাম এটা হাতত লয় আৰু জয়জয়তে তাক বৰ উৎসাহেৰে কৰে পাছে কামটো সিদ্ধ নহ’লে এৰি পেলায়। জনাই সেই কামত হাত নিদিয়ে। প্রতিজ্ঞা কৰি কামত লগা মানুহেহে ঘনে পতি চেষ্টা কৰে। আৰম্ভ কৰা কাম এবাৰত নিসিজিলে পুনৰায় চেষ্টা কৰাকে অধ্যৱসায় বোলে। অধ্যবসায় মনত লুকাই থকা প্ৰতিজ্ঞাৰ ফলহ্ল মনত প্ৰতিজ্ঞা থাকিলে মানুহে অধ্যৱসায়ৰ যোগেদি কামত সিদ্ধি লাভ কৰিব পাৰে।
উত্তৰঃ সকলো কামত সিদ্ধি লাভৰ মূলমন্ত্ৰ হ’ল অধ্যৱসায়। অধ্যৱসায়ৰ আঁৰত থাকে প্রতিজ্ঞা। প্রতিজ্ঞা মনত থাকিলে মনপুতি কাম কৰি সিদ্ধি লাভ কৰিব পাৰে। চঞ্চলতা পৰিহাৰ কৰিব নোৱাৰিলে সিদ্ধি লাভ নহয়। চঞ্চল মানুহে কোনো এটা কামত লাগি থাকিব নোৱাৰে। গতিকে সিদ্ধি লাভ কৰিবলৈ সাধনা আৰু প্ৰতিজ্ঞাৰ দৰকাৰ।
১০। দীর্ঘকাল জীয়াই থাকিলেই মানুহক সাধাৰণতে দীর্ঘজীৱী বোলে। কিন্তু প্রকৃতাৰ্থত তেনে মানুহ দীর্ঘজীৱী নহয়। যি সংসাৰত সৰহ কাম কৰে তাকেহে দীর্ঘজীৱী বোলা উচিত। সময় জীৱনৰ জোখ নহয়। জীৱনৰ আচৰ জোখ কাম। এশবছৰৰ কাম যদি কোনোৱে কুৰি বছৰত কৰি থৈ মৰে তেনেহ’লে তাক এশ বছৰ জীয়াই থকা বুলি ধৰিব পাৰি। যি কাম নকৰে সি জীয়াই থকা-নথকা সমান।
উত্তৰঃ মানুহৰ জীৱন জোখ সময়েৰে নহয়, কামেৰেহে হয়। দীর্ঘদিন বাচি থাকিলেই মানুহ দীর্ঘজীৱী নহয়। যিয়ে বেছি কাম কৰে সি অলপ আয়ুসত মৰিলেও সিহে প্ৰকৃতাৰ্থত দীর্ঘজীৱী। কাম নকৰা মানুহ জীয়াই থকা-নথকা সমান।
১১। সৎ কাম কৰিবলৈ, ধৰ্মত চলিবলৈ দেশৰ নিমিত্তে জীৱন দিবলৈ, উপদেশ দি কিতাপ লিখা বা দীঘল দীঘল বক্তৃতা দিয়া সহজ কাম, কিন্তু সেইবিলাক উপদেশ মতে কাম কৰা বৰ টান। এই কাৰণে মুখৰ উপদেশ মানুহে বৰকৈ নামানে আৰু নানা প্ৰকাৰ ওজৰ-আপত্তি উলিয়াই সেই মতে কাম কৰিবলৈ যতন নকৰে। কিন্তু মানুহে বাস্তৱতে যি কাম এবাৰ কৰিছে, সেই কাম টান হ’লেও অসাধ্য বুলি ওজৰ কৰিবলৈ বাট নাথাকে। মানুহৰ জীৱনৰ আৰ্হি অব্যর্থ বীজ; সি সকলো ঠাইতে গজে। জীৱনৰ আৰ্হি নলৈ মানুহে নোৱাৰে।
উত্তৰঃ সকলো প্ৰকাৰ উপদেশতকৈ জীৱনৰ দৃষ্টান্ত বেছি কাৰ্যকাৰক। উপদেশতকৈ আৰ্হি শ্রেষ্ঠ। উপদেশে যি কার্য সাধন কৰিব নোৱাৰে, আৰ্হিয়ে আমি তাতোকৈ বহুত বেছি আৰু মহৎ কাৰ্য সাধন কৰিব পাৰে। আৰ্হিৰ আগত অসাধ্য বুলি কোনো কাম থাকিব নোৱাৰে।
১২। ‘আহিনৰ পথাৰৰ গোন্ধ
কেনেবাকৈ নাকত আহি লাগিলে
মই হেৰা পাওঁ মোৰ দেউতাক,
দোকানৰ জাপ-ভঙা গামোচাৰ সুবাসত
হে’ৰা পাওঁ মোৰ আইক।
মই মোক মোৰ সন্তানৰ
কাৰণে ক’ত থৈ যাম?
ক’ত ?’
উত্তৰঃ কবিৰ মনত অতীতৰ মধুৰ স্মৃতি আৰু ভৱিষ্যতৰ মানৱীয় অস্তিত্বৰ প্ৰতি গভীৰ সংশয় আৰু সন্দেহৰ ভাবে গভীৰভাৱে আলোড়িত কৰিছে। অতীতৰ সজীৱ, প্ৰাণস্পর্শী স্মৃতি, গাঁৱলীয়া সমাজৰ আহিন মাহৰ পথাৰৰ ধাননিৰ পৰা ভাহি অহা পথৰুৱা গোন্ধে আৰু ‘গামোচাৰ জাপ ভঙা সুবাসে’ এতিয়াও কবিক জীৱনৰ আপোনজনৰ স্মৃতি জাগ্ৰত কৰে। কিন্তু আজিৰ আধুনিক সভ্যতা বা যান্ত্রিক যুগত সেই গ্রাম্য সংস্কৃতি দুষ্প্ৰাপ্য হৈ পৰিছে। কবিৰ বিষণ্ণতাবোধ সৃষ্টি হৈছে অনাগত ভৱিষ্যতক লৈ।
১৩। এই গৰাকী কবিৰ এটা প্ৰিয় প্রতীক হ’ল আকাশ। কবিৰ চকুৰ আকাশে সম্ভৱতঃ ‘মহাজীৱনৰ মুক্তিৰ ইংগিত বহন কৰি আনে।’ কবি একান্তভাবেই মাটিৰ পৃথিৱীৰ আৰু মাটিৰ মানুহৰ কবি। এই পৰিচিত পৃথিৱীখনক আৰু ইয়াৰ মানুহবিলাকক তেখেতে গভীৰভাৱে ভাল পায়। মানৱতাবাদী কবিতা জীৱনৰে বন্দনা। জীৱন-জীৱিকা, সত্য-অসত্য, বকৰাণি আৰু বিশ্ব— এইবোৰক লৈয়ে কবিতা।
উত্তৰঃ কবিতা হ’ল মানুহৰ জীৱনৰ অভিজ্ঞতাৰ ফচল। মানৱতাবাদী কবিয়ে মাটিৰ পৃথিৱীত মাটিৰ কবিতা লিখি জীৱনৰ সত্যকে প্ৰকাশ কৰি আহিছে।
১৪। প্রণিধানযোগ্য যে ৰঘুনাথ চৌধাৰীৰ কবি প্ৰতিভাৰ বিকাশত ইংৰাজী ৰোমাণ্টিক কবিতাৰ পোনপটীয়া প্ৰভাৱ পৰিলক্ষিত নহয়। শংকৰী তথা সংস্কৃত সাহিত্যৰ অধ্যয়নেহে তেওঁৰ মনত প্ৰভাৱ বিস্তাৰ কৰিছিল। আমাৰ অতি চিনাকি শব্দ চয়ন, চিত্রকল্প, ছন্দসজ্জা প্রয়োগ কৰি তেওঁ তেওঁৰ কাব্যদেহা নিৰ্মাণ কৰিছে। মৌমাখিয়ে বিভিন্ন ফুলৰ পৰা ৰস আহৰণ কৰাৰ দৰে বিভিন্ন পৌৰাণিক আখ্যান, সংস্কৃত কাব্য সাহিত্যৰ অক্ষয়ভাণ্ডাৰৰ পৰা তেওঁ উপযুক্ত শব্দ, বাক্যাংশ চয়ন কৰি নিজ কবিত্ব গুণেৰে সেয়া বিভূষিত কৰি কাব্য ৰচনাত প্রবৃত্ত হৈছিল।
উত্তৰঃ ৰঘুনাথ চৌধাৰীয়ে মৌমাখিয়ে বিভিন্ন ফুলৰ পৰা আহৰণ কৰি মৌ গোটোৱাৰ দৰে ইংৰাজী ৰোমাণ্টিক কবিতাৰ ভাব, শংকৰী তথা সংস্কৃত সাহিত্যৰ সাৰ গ্ৰহণ কৰি নিজস্ব ভাষাৰ শব্দ চয়ন, চিত্রকল্প, ছন্দশিল্পৰ প্ৰয়োগেৰে কবিত্ত্বৰ স্বকীয় প্ৰতিভাৰে কাব্য ৰচনাত প্ৰবৃত্ত হৈছিল।
৫। আহিছে মানুহ গাইছে মানুহ
মানুহ ময়াপী জীৱ।
মানুহ সোঁতত অন্ত নাইকিয়া
বুলিলে মৰত কিয়?
মানৱী জনম দিয়া উটুৱাই
মানৱী কৰম সোঁতে
মানুহৰ মৰম বুজিবা মানুহে
ধৰম যে মৰমতে।
মানুহেই লগ মানুহেই সংগ
মানুহেই পৰাৎপৰ,
এই যে পৃথিৱী স্বৰ্গতো অধিক
মানুহৰ নিজাপী ঘৰ।
মানুহেই দেৱ মানুহেই সেৱ
মানুহ বিনে নাই কেৱ,
কৰা কৰা পূজা পাদ্য অৰ্ঘ্য লই
জয় জয় মানৱ দেৱ।
—চন্দ্ৰকুমাৰ আগৰৱালা
উত্তৰঃ স্বৰ্গতকৈও সুন্দৰ এই পৃথিৱীয়েই হ’ল মানুহৰ চিৰন্তন আবাসভূমি। অনন্তকাল ধৰি পৃথিৱীৰ বুকুলৈ মানুহ আহিছে আৰু গৈছে। তাৰ কোনো অন্ত নাই। এই সংসাৰত মানুহেই শ্রেষ্ঠ জীৱ। সংসাৰত মানুহেই দেৱ, মানুহেই সেৱ। মানুহক সেৱা কৰাই শ্রেষ্ঠ মানৱ ধৰ্ম। সেইকাৰণে মানৱৰ মংগলৰ বাবে মানুহে সদায় সেৱা আগবঢ়াব লাগে।
১৬। ভক্ত প্ৰহ্লাদৰ গভীৰ বিশ্বাস
হৰি মাৰে কোনে
বুকুত পৰ্বত সাগৰ গৰ্ভত
নাজানিলে হৰি বিনে।
সীতাৰ মাহাত্ম্য অগ্নিতো প্ৰখৰ
জাহ যোৱা ভয় নাই
সেইহে অগণি পৰীক্ষাত ভয়
নকৰিলে সীতাই আই।
বলিৰ ছলন দাঁতা কৰ্ণৰ
নোহে কথা উপাখ্যান
বিশ্বাসৰ সেয়ে জ্বলন্ত প্রমাণ
তাতে জীয়ে সত্যবান
জীৱন পৰীক্ষা মুহূর্তে মুহূর্তে হয়
বিশ্ববাসীয়ে বিচলিত কদাপি নহয়।
উত্তৰঃ ভগৱানৰ প্ৰতি যাৰ অটল বিশ্বাস, তেওঁলোকক হাজাৰ বিপদ-আপদ, বাধা-বিঘিনিয়েও বিচলিত কৰিব নোৱাৰে। প্ৰহ্লাদৰ বুকুত শিল বান্ধি সাগৰত পেলাই, সীতাক অগ্নিত পৰীক্ষা কৰি, বলি আৰু কৰ্ণক ছলনা কৰি, সত্যবানক, নানা প্রলোভন দেখুৱায়ো তেওঁলোকক প্ৰকৃত পথৰ পৰা বিচলিত কৰি নোৱাৰিলে। বিপদ-আপদবোৰ জীৱনৰ একোটা পৰীক্ষা। তাতে বিচলিত হোৱা উচিত নহয়।
১৭। উইৰ সঞ্চয় মাটি কৰকৰা
মোৰ সঞ্চয় বিচনীখন,
উইৰ সঞ্চয়ে মাটি ৰস হৰে
মৌৰ সঞ্চয়ত মধু বৰ্ষণ।
বাঢ়ে কৃপণৰ সঞ্চয়ত নিতে
আন্ধাৰ মাথোন চোৰ চাঙত,
জ্ঞানৰ সঞ্চয়ে পোহৰ বিলায়
মনৰ নেদেখা কুন্ধিবোৰত
পুণ্যতোয়া গংগাজল সাঁচি থ’লে
হয় শান্তিয়নী পবিত্র জল
সোণৰ পাত্ৰতো ম’হৰ ঘূলিৰ
ডাল সিঁচি থ’লে নহয় নির্মল।
সাঁচি থোৱাকেই সঞ্চয় নকয়।
যদি তাৰে হিত সাধন নহয়।
— নীলমণি ফুকন
উত্তৰঃ মৌয়ে জগতক মধু বিতৰণ কৰিবলৈ, জ্ঞানীয়ে জগতৰ অজ্ঞান আন্ধাৰ দূৰ কৰিবলৈ আৰু গংগাজল জগতক শুচি কৰিবলৈ সঞ্চয় কৰে। উঁয়ে গোটোৱা মাটি, কৃপণে গোটোৱা ধনৰ পৰা জগতৰ কল্যাণ সাধন নহয়। যি সঞ্চয়ৰ পৰা জগতৰ মহৎ কল্যাণ সাধন হয়, সিহে প্রকৃত সঞ্চয়।
১৮। চকুটোহে লক্ষ্য মাছটোৰ নহয়,
চকুবিনে নেদেখিলে
সেয়েহে অর্জুনে লক্ষ্যভেদ কৰি
সয়ম্বৰ সমাধিলে।
মনতে বৰিলে সত্যৱানক
সাবিত্ৰীৰ হ’ল ধ্যান
মৰাশ জীয়ালে যম আঁতৰিলে
পালে ঘূৰি সত্যৱান।
কাল সৰ্প আহি দংশে লখিন্দাৰ
সপোন দিঠক হ’ল
বেউলা উটিল মৰাশ উঠিল
সপোন সপোনে ৰ’ল।
লক্ষ্য, ধ্যান, ইচ্ছা একাগ্র হ’লেই
অসাধ্য সাধন হয় তাৰেই।
উত্তৰঃ একাগ্র সাধনা থাকিলে লক্ষ্য সদায় সফল হ’বই। একাগ্র সাধনাৰ বাবেই অর্জুনে মাছৰ চকু বিন্ধি লক্ষ্যত সিদ্ধিলাভ কৰিলে। সাবিত্ৰী আৰু বেউলাই সর্পদংশনত নিহত স্বামীসকলক পুনৰ জীৱন দান কৰিব পাৰিলে। লক্ষ্য স্থিৰে ৰাখি একাগ্ৰভাৱে সাধনা কৰিলে কৃতকার্যতা আহিবই।
১৯। উদ্গতিৰ পথত বহুত হুল, জেং আছে। আকাংক্ষাৰ চোকা ৰাগীত পৰি মতলীয়া নহ’লে কোনেও তালৈ বেগেতে আগনাবাঢ়ে। উদ্গতি কৰি ডাঙৰ হ’বলৈ সকলো মানুহৰ মনত এটা অথিৰ, ধুঁৱলী অনিশ্চিত ৰকমৰ বাঞ্ছা আছে। কিন্তু তেনেকুৱা ধুঁৱলী বাঞ্ছা মানুহৰ কেতিয়াও পূৰ নহয়। উদ্গতিৰ বাঞ্ছা থিৰ, নিশ্চিত আৰু বলীয়া হাতীৰ নিচিনা উদণ্ড হ’ব লাগে। তেহে উদ্গতিৰ পথৰ বিকট বাধাবোৰৰ সন্মুখ হ’ব পাৰি। এনেকুৱা উদণ্ড বাঞ্ছাকেই ওপৰত আকাংক্ষা বোলা হৈছে। উদ্গতিৰ দৃষ্টান্ত দেখিলে আৰু সেই বিষয়ে সদায় আন্দোলন কৰিলে মানুহৰ মনত তেনে বিধৰ আকাংক্ষাৰ উদ্ভৱ হয়। মানুহৰ মনৰ ওপৰত দৃষ্টান্তৰ অদ্ভুত ক্ষমতা। শস্যক্ষেত্ৰত যেনেকৈ হালোৱাই হালৰ গৰুক আগুৱাই যাবলৈ খুঁচি দিয়ে, কার্যক্ষেত্ৰতো দৃষ্টান্তই মানুহৰ মনক উদ্গতিৰ পথত আগুৱাই যাবলৈ খুঁচি দিয়ে।
—সত্যনাথ বৰা
উত্তৰঃ মানুহৰ জীৱনৰ উন্নতিৰ বাট বাধা-বিঘিনিৰে কণ্টকাকীর্ণ। তাক অতিক্ৰম কৰিবলৈ হ’লে উন্নতিৰ আকাংক্ষা দৃঢ় হ’ব লাগিব। মহৎ লোকৰ জীৱনৰ চানেকীয়েই সেই আকাংক্ষা দৃঢ় কৰি উন্নতি লাভত মানুহক সহায় কৰে।
২০। ফুলনিত কোনে নিশা নাচিছিল
ছিগি ৰই গ’ল মণি।
ৰঙিলীৰ ভাব হাঁহি নাচোনৰ
ৰ’ল চিন এই কণি।
উত্তৰঃ ৰাতি আহি যেন সেই ফুলনিখনত থকা কোনোবা পৰীয়েহে নাচিছিলহি। তেওঁলোকৰ গাত থকা মণিধাৰি ছিগি এনেদৰে গছৰ পাতত লাগি ৰ’ল। এই নিয়ৰটুপিয়ে যেন ৰাতিৰ সেই পৰীসকলৰ আনন্দ-উৎসৱ, হাঁহি-নাচোনৰ চিনহে।