ASOS Class 12 Assamese (MIL) Chapter 30 শোণিত কুঁৱৰী, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Assamese (MIL) Chapter 30 শোণিত কুঁৱৰী and select needs one.
ASOS Class 12 Assamese (MIL) Chapter 30 শোণিত কুঁৱৰী
Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Assamese (MIL) Chapter 30 শোণিত কুঁৱৰী Solutions for All Subject, You can practice these here.
শোণিত কুঁৱৰী
Chapter : 30
সম্ভাব্য প্রশ্নোত্তৰঃ
(ক) তলৰ প্ৰশ্নসমূহৰ অতি চমু উত্তৰ দিয়া :
১। জ্যোতিপ্রসাদ আগৰৱালাৰ জন্ম ক’ত আৰু কিমান চনত জন্ম হৈছিল?
উত্তৰঃ ১৯০৩ খৃঃত জুন মাহত ডিব্ৰুগড় কমলাবাৰী চাহবাগানত জ্যেতিপ্রসাদ আগৰৱালাৰ জন্ম হয়।
২। তেওঁৰ পিতৃৰ নাম কি?
উত্তৰঃ পৰমানন্দ আগৰৱালা।
৩। জ্যোতিপ্রসাদে কিমান চনত ‘জয়মতী’ ফিল্ম উলিয়াইছিল?
উত্তৰঃ ১৯৩৫ চনত।
৪। জ্যোতিপ্ৰসাদৰ প্ৰথম নাটকখনৰ নাম কি?
উত্তৰঃ ‘শোণিত কুঁৱৰী।’
৫। জ্যোতিপ্রসাদ আগৰৱালাই কোন দেশত বোলছবি নিৰ্মাণৰ প্ৰশিক্ষণ লৈছিল?
উত্তৰঃ জার্মানীত।
৬। জ্যোতিপ্রসাদ আগৰৱালাই নিৰ্মাণ কৰা দ্বিতীয়খন কথাছবিৰ নাম কি?
উত্তৰঃ ইন্দ্ৰমালতী।
৭। জ্যোতিপ্ৰসাদ আগৰৱালাই সম্পাদনা কৰা কাতকখনৰ নাম কি?
উত্তৰঃ দৈনিক অসমীয়া।
৮। জ্যোতিপ্রসাদ আগৰৱালাৰ নাটকসমূহক কেইটা ভাগত ভগাব পাৰি?
উত্তৰঃ দুটা ভাগত— কাব্যধৰ্মী আৰু নাট্যধৰ্মী নাট।
৯। ‘জোনাকী’ চিনেমা হল কোন চনত সাজি উলিওৱা হৈছিল?
উত্তৰঃ ১৯৩৭ চনত।
১০। অসম্পূর্ণ ৰূপত থকা জ্যোতিপ্ৰসাদ আগৰৱালাৰ দুখন নাটকৰ নাম লিখা।
উত্তৰঃ কনকলতা, সুন্দৰ কোঁৱৰ।
১১। জ্যোতিপ্রসাদ আগৰৱালাৰ পত্নীৰ নাম কি আছিল?
উত্তৰঃ দেৱযানী ভূঞা।
১২। ‘শোণিতকুঁৱৰী’ নাটৰ বিষয়বস্তু কোনখন পুৰাণৰ পৰা সংগৃহীত?
উত্তৰঃ হৰিবংশ, ভাগৱত পুৰাণৰ পৰা সংগৃহীত।
১৩। ‘শোণিতকুঁৱৰী’ নাটকৰ আৰম্ভণিৰ ক্ষেত্র কি?
উত্তৰঃ বাণৰজাৰ ৰাজকাৰেঙৰ ফুলনিৰ ভিতৰত।
১৪। দ্বাৰকালৈ চিত্রবিক্রেতা হিচাপে কোনে গৈছিল?
উত্তৰঃ চিত্ৰলেখাই।
১৫। অগ্নিগড়ত ঊষা-অনিৰুদ্ধৰ গন্ধর্ব বিবাহ কাৰ দ্বাৰা সম্পন্ন হৈছিল?
উত্তৰঃ চিত্ৰলেখাৰ দ্বাৰা।
১৬। অনিৰুদ্ধ আৰু বাণৰজাৰ মাজত হোৱা যুদ্ধখনত কোন জয়ী হৈছিল?
উত্তৰঃ বাণৰজা।
১৭। চিত্ৰলেখা কাৰ জীয়ৰী আছিল?
উত্তৰঃ বাণাসুৰৰ মন্ত্ৰী কুম্ভাণ্ডৰ জীয়ৰী আছিল।
১৮। অনিৰুদ্ধৰ পিতৃ কোন?
উত্তৰঃ প্ৰদ্যুন্ম।
১৯। জ্যোতিপ্ৰসাদ আগৰৱালাই কিমান বছৰ বয়সত শোণিতকুঁৱৰী নাট ৰচনা কৰে?
উত্তৰঃ ১৪ বছৰ বয়সত।
২০। শোণিতকুঁৱৰী নাটত কিমানটা অংক কিমানটা দৃশ্য আছে?
উত্তৰঃ পাঁচটা অংক আৰু ২৩টা দৃশ্য আছে।
২১। শোণিতকুঁৱৰী নাটত কিমানটা গীত সন্নিৱিষ্ট হৈছে?
উত্তৰঃ ১২টা গীত।
22। ঊষা-অনিৰুদ্ধৰ মিলন সংবাদ কোনে বাণাসুৰক দিছিল?
উত্তৰঃ কুঁজী বুঢ়ীয়ে।
২৩। কাৰ মধ্যস্থতাত হৰি-হৰৰ যুদ্ধৰ সমাপ্তি ঘটে?
উত্তৰঃ ব্ৰহ্মাৰ মধ্যস্থতাত।
২৪। নাটকীয় পৰিবেশ ৰচনাৰ ক্ষেত্ৰত কেইপ্ৰকাৰৰ গীত ব্যবহৃত হয়?গীতসমূহ কি কি?
উত্তৰঃ দুই প্ৰকাৰৰ গীত ব্যৱহৃত হয়। গীতসমূহক অন্তৰংগ আৰু বহিৰংগ বুলি কোৱা হয়।
২৫। জ্যোতিপ্রসাদৰ নাটসমূহত কাহিনী আৰু চৰিত্ৰৰ ভিতৰত কোনটোৱে অধিক গুৰুত্ব লাভ কৰিছে?
উত্তৰঃ চৰিত্ৰই।
২৬। চিত্রলেখাই কাৰ আগত ‘পদুমকলি’ নৃত্য প্ৰদৰ্শন কৰে?
উত্তৰঃ বাণৰজাৰ আগত।
২৭। জ্যোতিপ্রসাদে এখনেই নায়ক প্রধান নাট ৰচনা কৰিবলৈ হাত দিছিল। সেইখনৰ নাম কি?
উত্তৰঃ খনিকৰ।
২৮। শোণিতকুঁৱৰী নাটকত কিমানটা দৃশ্য সংযোজিত হৈছে?
উত্তৰঃ ২৩টা।
২৯। কাৰ ওচৰত প্ৰতিযোদ্ধা কামনা কৰি বাণৰজাই প্ৰাৰ্থনা কৰিছিল?
উত্তৰঃ শংকৰৰ ওচৰত।
(খ) তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়া :
১। জ্যোতিপ্ৰসাদ আগৰৱালাই ‘শোণিতকুঁৱৰী’ নাটকখন কোন চনত আৰু কিমান বছৰ বয়সত ৰচনা কৰিছিল? শোণিতকুঁৱৰী নাটকৰ মূল কাহিনীভাগ ক’ৰ পৰা সংগ্ৰহ কৰিছিল?
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাই ‘শোণিতকুঁৱৰী’ নাটকখন ১৯১৭ চনত মাত্র ১৪ বছৰ বয়সত ৰচনা কৰিছিল।
‘শোণিতকুঁৱৰী’ নাটকৰ মূল কাহিনীভাগ তেওঁ হৰিবংশ, ভাগৱত পুৰাণ আদিৰ উপৰি অনন্ত কন্দলী ৰচিত কুমৰ হৰণ কাব্য, পীতাম্বৰ কবিৰ ঊষাপৰিণয় কাবা আদিৰ পৰা সংগ্ৰহ কৰিছিল।
২। জ্যোতিপ্ৰসাদৰ নাটসমূহক কেইটা আৰু কি কি ভাগত বিভক্ত কৰা হৈছে? জ্যেতিপ্ৰসাদে লিখি সম্পূৰ্ণ কৰা নাটকেইখনৰ নাম উল্লেখ কৰা।
উত্তৰঃ জ্যোতিপ্ৰসাদৰ নাটকসমূহক দুটা ভাগত বিভক্ত কৰা হৈছে। ভাগ দুটা হ’ল— (১) কাব্যধর্মী নাটক আৰু (২) নাট্যধর্মী নাটক।
জ্যোতিপ্ৰসাদৰ সম্পূৰ্ণ নাটকেইখন হ’ল— শোণিতকুঁৱৰী, কাৰেঙৰ লিগিৰী, ৰূপালীম, লভিতা, খনিকৰ, নিমাতী কইনা বা ৰূপকোঁৱৰ আৰু সোণপখিলী।
৩। কি কাৰণত চিত্ৰলেখা চৰিত্ৰটো ত্যাগৰ আদৰ্শৰে নিৰ্মিত চৰিত্ৰ আখ্যা দিয়া হৈছে?
উত্তৰঃ চিত্ৰলেখা ঊষাৰ সখীয়েক। সখীয়েক ঊষাৰ মনোকামনা পূৰণ কৰিবলৈ আৰু সখীয়েকৰ সন্তুষ্টিৰ বাবে চিত্ৰলেখাই নিজৰ কথা পাহৰি গৈছে। দুখ-সুখ, বিপদ-আপদ, প্ৰেম-প্ৰীতিৰ কথা নাভাবি প্ৰকৃত সখীৰ কৰ্তব্য পালনত ব্ৰতী হৈছে। নাটকৰ সামৰণিত চকুলো মচি মচি অথচ আনন্দমনেৰে সখীয়েকক বিদায় দিছে। নিজৰ দুখ ঢাকি আনৰ সুখৰ নিমিত্তে নিজকে বিলাই দি চিত্রলেখাই ত্যাগৰ মহিমাৰে মহিমামণ্ডিত হৈ পৰিছে। সেয়ে চিত্ৰলেখাৰ চৰিত্ৰ ত্যাগৰ আদৰ্শৰে প্রদীপ্ত।
৪। চিত্রলেখাই কি ছদ্মবেশ ধাৰণ কৰি কি উদ্দেশ্যে দ্বাৰকাত প্ৰৱেশ কৰিছিল?
উত্তৰঃ চিত্ৰলেখাই চিত্র বিক্রেতা বালকৰ ছদ্মবেশ ধাৰণ কৰি দ্বাৰকাত প্ৰৱেশ কৰিছিল। দ্বাৰকাত অনিৰুদ্ধক ঊষাৰ প্ৰণয়ৰ সংবাদ দিয়াৰ উদ্দেশ্যে চিত্ৰলেখাই প্ৰৱেশ কৰিছিল। ঊষা-অনিৰুদ্ধৰ মাজত সংযোগ গঢ়ি মিলনদৃতীৰ ভূমিকা লৈছিল। দুয়োৰে মাজত মিলন ঘটোৱাৰ উদ্দেশ্যেই দ্বাৰকাত প্ৰৱেশ কৰিছিল।
৫। চমুটোকা লিখা :
বাণৰজা, চিত্ৰলেখা, ঊষা, অনিৰুদ্ধ।
উত্তৰঃ বাণৰজা : জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘শোণিত কুঁৱৰী’ নাটকত ভালেমান চৰিত্ৰৰ সমাবেশ ঘটিছে। তাৰ ভিতৰত এটি গুৰুত্বপূৰ্ণ চৰিত্ৰ হ’ল বাণাসুৰ বা বাণৰজা৷ বাণাসুৰ দৈত্যৰাজ বলিৰ পুত্ৰ। এওঁ শোণিতপুৰৰ ৰজা আছিল আৰু তেওঁৰেই জীয়ৰী ঊষা। বাণৰজা তপ-জপ আৰু বল-বীর্যত অনন্য আৰু শিৱৰ পৰম ভক্ত আছিল। শিৱৰ বৰত অদম্য বীৰ হৈ পৰা বাণৰ সমকক্ষ প্রতিদ্বন্দ্বী নোহোৱাত দম্ভ-অহংকাৰো দিনে দিনে বাঢ়ি গৈছিল। বাণাসুৰে যুদ্ধত দেৱতাসকলক পৰাভূত কৰি দেৱৰাজ ইন্দ্ৰ, বৰুণ, অগ্নি আদি দেৱতাক বন্দীশালত ৰাখিছিল। তাৰ পিছতো তেওঁ ৰণতৃষ্ণা দূৰ কৰিবলৈ সমকক্ষ যোদ্ধা বিচাৰি শিৱৰ ওচৰত প্ৰাৰ্থনা জনাইছে।
ইফালে বাণৰজাৰ কন্যা ঊষা যৌৱনপ্ৰাপ্ত হ’লত বিয়াৰ বাবে উপযুক্ত বীৰপাত্ৰ বিচাৰি ৰজা চিন্তিত হৈছে। উপযুক্ত পাত্ৰৰ অপেক্ষাত তেওঁ ঊষাক অগ্নিগড়ত আবদ্ধ কৰি ৰাখিছে, যাতে ভুলতে ঊষাই অপাত্ৰক বৰণ নকৰে। কিন্তু অগ্নিগড়ত চিত্ৰলেখাৰ সহযোগত শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধৰ লগত ঊষাৰ গোপন মিলন ঘটিল। কুঁজীৰ মুখে সেই সংবাদ পাই বাণে মুহূর্ততে অগ্নিগড়ত উপস্থিত হ’ল আৰু অনিৰুদ্ধক নাগপাশেৰে বন্দী কৰি থয়। নাৰদৰ মুখে সেই সংবাদ পাই শ্রীকৃষ্ণ সসৈন্যে আহি শোণিতপুৰত উপস্থিত হ’ল আৰু বাণাসুৰৰ লগত প্ৰচণ্ড যুদ্ধত প্ৰবৃত্ত হ’ল। বাণৰজাৰ ৰণতৃষ্ণা দূৰ হ’ল যদিও যুদ্ধত তেওঁ পৰাজিত হ’ল।
তেনে পৰিস্থিতিত শিৱ আৰু শ্ৰীকৃষ্ণৰ মাজত যুদ্ধৰ সম্ভাৱনাই দেখা দিয়ে যদিও ব্ৰহ্মাৰ হস্তক্ষেপত সেয়া উপশম হয়। অৱশেষত বাণৰজাই অনিৰুদ্ধ কোঁৱৰৰ লগত নিজ কন্যা ঊষাৰ বিয়া পাতি দিয়ে।
এইদৰেই ‘শোণিত কুঁৱৰী’ নাটকত বাণ পৰাক্ৰমী, শিৱৰ পৰম ভক্ত, দাম্ভিক, অহংকাৰী আৰু মহা বলশালী চৰিত্ৰৰূপে চিত্ৰিত কৰিছে। ৰণতৃষ্ণা বাণ চৰিত্ৰৰ অন্যতম বৈশিষ্ট্য।
চিত্ৰলেখা : ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘শোণিত কুঁৱৰী’ নাটকৰ এটি মনোৰম চৰিত্ৰ হৈছে চিত্ৰলেখা। চিত্ৰলেখা বাণাসুৰৰ মন্ত্ৰী কুত্তাগুৰ জীয়ৰী তথা ঊষাৰ সখীয়েক। সখী হিচাপে চিত্রলেখা ঊষাৰ অভিন্ন হৃদয়া। চিত্ৰলেখা মায়াবিদ্যাত পাৰদৰ্শী, চিত্রবিদ্যাত সুদক্ষ, সংগীত বিদ্যাত পাৰ্গতা, নৃত্যপটিয়সী আৰু কলা-কুশলী। চিত্রলেখা ঊষা-অনিৰুদ্ধৰ মিলনদূতী।
‘শোণিত কুঁৱৰী’ নাটকত চিত্ৰলেখাৰ ভূমিকা অতি শক্তিশালী। বাণৰজাৰ ইচ্ছা অনুসৰি নাটৰ আৰম্ভণিতে চিত্ৰলেখাই ‘পদুমকলি’ নৃত্য প্ৰদৰ্শন কৰিছে। তাৰ পাছত ঊষা আৰু আন আন সখীসকলৰ লগত চিত্ৰলেখাই ৰাংঢালী গাভৰুৰূপে ৰং-ধেমালি কৰিছে, ঠাট্ট-মস্কৰা কৰিছে আৰু মনৰ আনন্দত নাচিছে, গাইছে। ঊষাক অগ্নিগড়ত নিৰ্বাসন দিয়াত সখী প্ৰাণগত চিত্ৰলেখাও অগ্নিগড়ত থাকিব লৈছে। ঊষাৰ সুখত সুখী আৰু দুখত দুখী হৈছে। ঊষাই সপোন স্বামীক বিচাৰি হাহাকাৰ কৰাত চিত্ৰলেখাই ঊষাক বুজনি দি দেৱতা-মানৱ-দানৱ-কিন্নবৰ চিত্ৰ ভূর্জপত্ৰত আঁকি অনিৰুদ্ধ কোঁৱৰক চিনাক্ত কৰিছে আৰু কোঁৱৰক আনিবলৈ দ্বাৰকালৈ যাত্ৰা কৰিছে। চিত্র-বিক্রেতা বালকৰ ছদ্মবেশত দ্বাৰকাত প্ৰৱেশ কৰি। চিত্ৰলেখাই অনিৰুদ্ধৰ কাষ চাপি সুযোগ বুজি ঊষাৰ ছবি দেখুৱাই নিজৰ উদ্দেশ্যৰ কথাও প্ৰকাশ কৰিছে। নিজৰ পৰিচয় প্ৰমাণ কৰিবলৈ চিত্ৰলেখাই অসামান্য নৃতা পৰিবেশন কৰি অনিৰুদ্ধক মুগ্ধ কৰি অগ্নিগড়ত উপস্থিত কৰা হৈছে। চিত্ৰলেখাৰ সাহসী আৰু কৌশলী প্রচেষ্টাতে ঊষা-অনিৰুদ্ধৰ মাজত গন্ধর্ব বিবাহ সম্পন্ন হৈছে।
ঊষা-অনিৰুদ্ধৰ ‘মিলনদূতী’ চিত্ৰলেখা চৰিত্ৰটো ত্যাগৰ আদর্শেৰে নিৰ্মিত। সখীয়েকৰ মনোকামনা পূৰণ আৰু সন্তুষ্টিৰ বাবে চিত্ৰলেখাই নিজৰ দুখ-বেজাৰ, বিপদ-আপদৰ কথা নাভাবি প্ৰকৃত সখীৰ কৰ্তব্য পালনত ব্ৰতী হৈছে। নিজৰ দুখ ঢাকি ৰাখি আনৰ আনন্দৰ বাবে নিজকে বিলাই দিব পৰাতেই চিত্ৰলেখা চৰিত্ৰৰ মহত্ত্ব প্রকাশ পাইছে।
ঊষা : ‘শোণিত কুঁৱৰী’ নাটকৰ নায়িকা হ’ল ঊষা। নাটকখনৰ নামকৰণো ‘শোণিত কুঁৱৰী’ অৰ্থাৎ ঊষাৰ নামেৰেই হৈছে। ঊষা শোণিতপুৰৰ ৰজা বাণাসুৰৰ একমাত্র কন্যা। ঊষাৰ যৌৱনপ্ৰাপ্তি আৰু অপৰূপ সৌন্দৰ্যই বাণ ৰজাক চিন্তিত কৰি তুলিছিল। সেয়ে যৌৱনৰ তাড়নাত তাই যাতে অযোগ্য দৰাক বাছি ল’ব নোৱাৰে আৰু বিবাহ পর্যন্ত যাতে সতীত্ব ৰক্ষা কৰে, তাৰ বাবে ঊষাক ৰজাই অগ্নিগড়ত আবদ্ধ কৰি ৰাখিলে। অগ্নিগড়ত ঊষাৰ লগত আছিল সখীপ্রাণ চিত্ৰলেখা। অগ্নিগড়ত থাকোতেই যৌৱনৰ তাড়নাত ব্যাকুল হোৱা ঊষাই আই ভগৱতীৰ কৰুণা বিচাৰিলে। ঊষাৰ প্ৰাৰ্থনাত সন্তুষ্ট হোৱা ভগৱতীৰ বৰতে ঊষাই সপোন স্বামীক পালে।
সপোন স্বামীক দিঠকত নাপাই ঊষাৰ হৃদয় হাহাকাৰ কৰি উঠিল। সখী চিত্রলেখাই অঁকা ছবি চাই ঊষাই সপোন স্বামী অনিৰুদ্ধ কোঁৱৰক চিনাক্ত কৰিলে। চিত্ৰলেখাৰ সাহস, কৌশল, বুদ্ধিমত্তা আৰু ত্যাগৰ বলতে অগ্নিগড়ত ঊষাই অনিৰুদ্ধ কোঁৱৰক কাষতে পালে আৰু গন্ধৰ্ব প্ৰথাৰে পতিবৰণ কৰিলে। কিন্তু কুঁজীৰ মুখে সেই কথা বাণ ৰজাই জানিব পাৰি কোঁৱৰক নাগপাশেৰে বন্দী কৰিলে। শ্ৰীকৃষ্ণৰ নেতৃত্বত যাদব বাহিনীৰ লগত বাণাসুৰৰ যুদ্ধ হ’ল আৰু যুদ্ধত বাণাসুৰৰ পৰাজয় হ’ল। পিছত বাণৰ সন্মতি সাপেক্ষে অনিৰুদ্ধৰ লগতে ঊষাৰ বিবাহ কার্য সম্পন্ন হয় আৰু ঊষাই দ্বাৰকাৰ স্বামীগৃহলৈ ৰাওনা হয়।
দেখা যায় যে ‘শোণিত কুঁৱৰী’ নাটকৰ কাহিনী ঊষাক কেন্দ্ৰ কৰিয়েই আৰম্ভ হৈছে, আগবাঢ়িছে আৰু সম্পূৰ্ণ হৈ পৰিসমাপ্তি ঘটিছে। কেন্দ্ৰীয় চৰিত্ৰ ৰূপে ঊষাক নাট্যকাৰে ৰূপ-সৌন্দৰ্য আৰু যৌৱনৰ আকৰ ৰূপে গঢ়ি তুলিছে। অৱেশ্য চিত্ৰলেখাৰ দৰে কাৰ্যক্ষম নহৈ নাটকৰ ঊষাৰ চৰিত্ৰটি মৰম-আলসুৱা।
অনিৰুদ্ধ : ‘শোণিত কুঁৱৰী’ নাটকৰ নায়ক অনিৰুদ্ধ শ্ৰীকৃষ্ণৰ নাতি আৰু প্ৰদ্যুম্নৰ পুত্ৰ। নাটখনত অনিৰুদ্ধৰ চৰিত্ৰটো সাহস, বীৰত্ব আৰু শৌর্য- বীৰ্যৰ প্ৰতীক ৰূপত চিত্ৰিত হৈছে। সদ্য যৌৱনপ্ৰাপ্ত অনিৰুদ্ধ কোঁৱৰ নাটখনত উপজিয়েই প্ৰেমিক ৰূপত অৱতীৰ্ণ হৈছে। প্ৰকৃতি জগতত বসন্তৰ উপলব্ধি কৰি প্ৰেমময় হৈ পৰা অনিৰুদ্ধই শোণিত কুঁৱৰী ঊষা সুন্দৰীৰ ছবি দেখি আৰু তেওঁৰেই পাণিপ্ৰাৰ্থী বুলি জানিব পাৰি এবাৰ ওচৰৰ পৰা চাবলৈ ব্যাকুল হৈ পৰিছে। চিত্ৰলেখাৰ সহযোগত অনিৰুদ্ধ গৈ অগ্নিগড়ত উপস্থিত হৈছে আৰু অন্তৰৰ প্ৰেম-অনুৰাগৰ ফলস্বৰূপে গন্ধৰ্ব প্ৰথাৰে ঊষাৰ লগত বিবাহ সম্পন্ন কৰিছে।
এইখিনিলৈকে ৰোমাণ্টিক নায়ক ৰূপে দেখা অনিৰুদ্ধৰ চৰিত্ৰত হঠাতে নাটকীয় পৰিৱৰ্তন আহিছে। কুঁজীৰ মুখে বাণ ৰজাই ঊষা-অনিৰুদ্ধৰ মিলনৰ বাতৰি পাই খঙত উগ্ৰমূৰ্তি ধাৰণ কৰি আহি অগ্নিগড়ত উপস্থিত হৈছে। ৰুদ্ৰমূৰ্তি ধৰা বাণ ৰজাৰ সন্মুখত অনিৰুদ্ধই সাহস, বীৰত্ব, শৌর্য-বীৰ্যৰ অধিকাৰী ৰূপত আত্মপ্রকাশ কৰিছে। বাণে আক্ৰমণ কৰিবলৈ যোৱাত ‘বীৰৰ সন্তান মই। যুদ্ধ কৰিব জানো। কাপুৰুষৰ দৰে মৰিবলৈ প্ৰস্তুত নহওঁ’ বুলি বাণৰ সৈতে যুদ্ধত অৱতীৰ্ণ হৈছে।
(গ) তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া :
১। শোণিত কুঁৱৰী নাটকৰ নাট্যকাৰ হিচাপে জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰিচয় দিয়া।
উত্তৰঃ অসমীয়া সাহিত্য আৰু ভাষা-সংস্কৃতিৰ এজন একনিষ্ঠ সেৱক জ্যোতিপ্ৰসাদ আগৰৱালাৰ ১৯০৩ চনত হৰিবিলাস আগৰৱালা পৰিয়ালত জন্ম হৈছিল। তেওঁৰ দেউতাকৰ নাম আছিল পৰমানন্দ আগৰৱালা। প্রথম অসমীয়া কথাছবি ‘জয়মতী’ৰ নিৰ্মাণ জ্যোতিপ্ৰসাদ আগৰৱালাই কৰিছিল। অসমীয়া সাহিত্য-সংস্কৃতি জগতৰ এক উজ্জ্বল নক্ষত্র জ্যোতিপ্ৰসাদ আগৰৱালাই বহুতো গীত, কবিতা, শিশু-সাহিত্য সৃষ্টি কৰি থৈ গৈছে। স্বাধীনতা আন্দোলনৰ সময়ছোৱাত তেখেতে ভালেমান স্বদেশপ্রেমমূলক গীত-মাত, কবিতা আদি ৰচনা কৰিছিল। ‘লুইতৰ পাৰৰ অগ্নিসুৰ’ নামৰ কবিতা পুথিখন তেখেতৰ অন্যতম কবিতা পুথি। তেখেতৰ কবিতাত বিপ্লৱীসুৰ, জাতীয়তাবাদ, ৰাইজৰ প্ৰতি দায়বদ্ধতা আৰু ইতিহাসৰ লগত একাত্মবোধ ভাবধাৰা পৰিস্ফুট হয়।
অসমীয়া নাট্য সাহিত্যক উন্নতিৰ শিখৰত প্ৰতিষ্ঠা কৰিবলৈ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই এক দৃঢ় প্ৰচেষ্টা হাতত লৈছিল। কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰে ৰচনা কৰা তেওঁ নাটককেইখন হ’ল— শোণিত কুঁৱৰী (১৯২৫), কাৰেঙৰ লিগিৰী (১৯৩৭), ৰূপালীম (১৯৬০), লভিতা (১৯৪৮), নিমাতী-কইনা বা ৰূপকোঁৱৰ কনকলতা আৰু সুন্দৰকোঁৱৰ নাটক দুখন সম্পূর্ণ নাটক নহয়৷ ল’ৰালি কালৰ পৰা বাণ ৰংগমঞ্চৰ সৈতে জড়িত জ্যোতিপ্ৰসাদ আগৰৱালা নিজে এজন ভাল অভিনেতাও আছিল। সেই বাবে হয়তো মঞ্চায়নৰ খুটি-নাতি তেওঁ ভালদৰে আয়ত্ত কৰিব পাৰিছিল। নাটকৰ বিষয় আৰু আংগিকৰ প্ৰতি সজাগ হৈ নাটক ৰচনা কৰা ৰোমান্টিক যুগৰ একমাত্ৰ নাট্যকাৰজন আছিল জ্যোতিপ্ৰসাদ আগৰৱালা।
তেওঁৰ প্ৰথম নাটক শোণিত কুঁৱৰী ৰচনা কৰাৰ সময়ত জ্যোতিপ্ৰসাদ আগৰৱালা এজন কম বয়সীয়া ভাবালু ডেকা। নাটকখনিৰ বিষয়বস্তু পৌৰাণিক। এই খনেই তেওঁৰ একমাত্ৰ পৌৰাণিক নাটক। ইয়াৰ কাহিনীভাগ হৰিবংশ আৰু ভাগৱত পুৰাণত পোৱা যায়। কিন্তু অনন্ত কন্দলিৰ ‘কুমৰ হৰণ’ কাব্যৰ বিষয়বস্তুৰ লগতহে শোণিত কুঁৱৰীৰ কথাবস্তুৰ মিল দেখা যায়। অৱশ্যে প্ৰাক্-শংকৰী যুগৰ পীতাম্বৰ কবিৰ ‘ঊষা পৰিণয়’ৰ লগতো শোণিত কুঁৱৰীৰ কাহিনীভাগ যথেষ্ট সাদৃশ্য আছে। শোণিতকুঁৱৰীৰ কাহিনীভাগৰ যথেষ্ট সাদৃশ্য আছে।
শোণিত কুঁৱৰী নাটকৰ প্ৰথম অংক আৰম্ভ হৈছে বাণৰ ৰজা কাৰেঙৰ ফুলনিত। ঊষা- অনিৰুদ্ধৰ প্ৰেমেই নাটকখনৰ মূল বিষয়বস্তু। শোণিতপুৰৰ ৰজা বাণৰ একমাত্র জীয়াৰী উষাই সপোনত অনিৰুদ্ধক দেখা পাই তেওঁকে স্বামী বৰণ কৰে। উপায়ন্তৰ হৈ সখীয়েক চিত্ৰলেখাই অনিৰুদ্ধক দ্বাৰকাৰ পৰা বাণৰ নগৰীৰ অগ্নিগড়লৈ অনিৰুদ্ধক লৈ আনে। গন্ধৰ্ব প্ৰথা মতে দুয়োৰে তাতে বিবাহ হয়। বাণৰ কাণত এই খবৰ বিয়পী পৰাৰ লগে লগে তেওঁ অনিৰুদ্ধৰ বিৰুদ্ধে যুদ্ধ কৰে। বাণৰ শিৱ ভক্তি, ঊষাৰ স্বপ্ন দর্শন, চিত্ৰলেখাৰ দ্বাৰা কুমাৰ অৰ্থাৎ অনিৰুদ্ধক হৰণ, হৰি-হৰৰ যুদ্ধ— এইবোৰ ঘটনাই শোণিত কুঁৱৰী নাটকত ঠাই পাইছে। অৱশেষত সামাজিক প্রধা মতে ঊষা-অনিৰুদ্ধৰ বিবাহ সম্পন্ন হৈছে। পৌৰাণিক কাহিনীটোত হৰি-হৰৰ যুদ্ধখনে প্রাধান্য পাইছে। তাৰ বিপৰীতে নাটকখনত ঊষা অনিৰুদ্ধৰ প্রণয় কাহিনীয়ে প্রাধান্য লাভ কৰিছে।
জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিখন নাটকতে বিভিন্ন বিষয়ৰ কাহিনীক কাব্যধৰ্মী আৰু নাট্যধৰ্মী গুণেৰে বিশেষভাৱে ৰূপায়িত কৰা হৈছে আৰু প্ৰতিখন নাটকতে সুন্দৰৰ পূজাৰী শিল্পী গৰাকীয়ে তেওঁৰ অনন্য প্ৰতিভাৰ স্বাক্ষৰ ৰাখি গৈছে।
২। শোণিত কুঁৱৰী নাটকৰ কাহিনীভাগ চমুকৈ বৰ্ণনা কৰা।
উত্তৰঃ ‘শোণিত কুঁৱৰী’ নাটৰ কাহিনীভাগ পৌৰাণিক। কাহিনীভাগ চমুকৈ— ৰাজকাৰেঙৰ ফুলনিৰ ভিতৰত বাণৰ জীয়ৰী উষাই নতুন ছবি লাগে বুলি পিতাকক কৈছে। বাণে প্রতিশ্রুতি দিছে। তাৰ পাছত উষাৰ সখী চিত্ৰলেখাৰ পদুমকলি নাচ চাব খুজিছে। চিত্ৰলেখাই নাচি দেখুৱাইছে। নাচ চাই বেছ হৈছে বুলি বাণে শলাগিছে। তেনেতে বাণৰ সেনাপতি প্রসেনজিত আহি উপস্থিত হয়। বাণৰ নিৰ্দেশত দেৱতাসকলক বাণৰ সন্মুখত উপস্থিত কৰোৱা হৈছে। বাণৰ কথামতে ইন্দ্ৰই বশ্যতা স্বীকাৰ কৰিছে। বাকী দেৱতাসকলে বশ্যতা স্বীকাৰ নকৰা বাবে পোতাশালত ৰাখিবলৈ দি বাণে তেওঁৰ পৰম উপাস্য দেৱ শংকৰক স্মৰণ কৰে। শংকৰৰ আবিৰ্ভাব হোৱাত বাণে তেওঁৰ ৰণ তৃষ্ণা দূৰ কৰিবলৈ সমকক্ষ প্ৰতিযোদ্ধা কামনা কৰে। শংকৰে আশীৰ্বাদ কৰিছে প্ৰতিযোদ্ধা পাবি বুলি।
বিয়াৰ বয়স সমাগত হোৱা নিজ কন্যাক বাণে সুৰক্ষিত স্থান অগ্নিগড়ত ৰাখিছে। ঊষাৰ সৈতে সখীয়েক চিত্ৰলেখা আৰু কুঁজী বুঢ়ী আলপৈচান ধৰাকৈ আছে। ঊষাই ভগৱতীক স্বামী কামনাৰে প্ৰাৰ্থনা জনাইছে। ভগৱতীয়ে আশীৰ্বাদ দিছে। সেই ৰাতিয়ে উষাই সপোনত অনিৰুদ্ধই আলিংগন কৰা দেখে। ৰাতিপুৱা অনিৰুদ্ধক কাষত নাপাই ঊষা ব্যাকুল হৈ পৰিছে। সখীয়েক চিত্ৰলেখাই সখীৰ অন্তৰৰ মৰ্মবেদনা উপলব্ধি কৰি তেওঁৰ স্বামীক আনি দিবলৈ প্রতিশ্রুতি দিছে। চিত্ৰলেখাই ত্রিভূবনৰ কোঁৱৰ সকলৰ ছবি আঁকি দেখুৱাইছে। অনিৰুদ্ধৰ ছবি দেখি ঊষাই লাজতে ওৰণি লৈ নাৰীৰ সহজাত প্রবৃত্তিৰে নিজ মনৰ কথা প্ৰকাশ কৰিছে।
প্ৰতিশ্ৰুতি অনুসৰি চিত্ৰলেখাই অনিৰুদ্ধক আনিবলৈ দ্বাৰকা অভিমুখে যাত্ৰা কৰে। দ্বাৰকাত চিত্ৰলেখাই চিত্র বিক্রেতা বালকৰ ভাও ধৰি অনিৰুদ্ধৰ ওচৰ চাপে। ছবি দেখি অনিৰুদ্ধ মোহিত হয়। তেনেতে চিত্রলেখাই কৌশল খটুৱাই উষাৰ ছবিখন মাটিত পেলাই দিয়ে। ছবিখন দেখি অনিৰুদ্ধ ব্যাকুল হৈ পৰে আৰু ছবিখনৰ বিষয়ে জানিবলৈ বিচাৰে। চিত্ৰলেখাই সকলো বিৱৰণ দি ঊষা যে তেওঁৰেই প্রণয়প্রার্থী সেই কথাও ব্যক্ত কৰে। চিত্ৰলেখা যে উষাৰে সখীয়ে সেই কথা পতিয়ন নিয়াবলৈ চিত্ৰলেখাই নৃত্যপর্যন্ত কৰি দেখুৱাইছে।’
চিত্ৰলেখাৰ সমস্ত কথা বিশ্বাসেৰে লৈ অনিৰুদ্ধ চিত্ৰলেখাৰ লগত অগ্নিগড়লৈকে গ’ল। চিত্রলেখাই গন্ধর্বপ্রথা মতে ঊষা অনিৰুদ্ধৰ মাজত বিয়া পাতি দিলে। এই সংবাদ কুজীবুঢ়ীয়ে বাণ ৰজাক দিলেগৈ। বাণৰজাই খঙত জ্বলি উঠিল আৰু কুজীবুঢ়ীৰ নাক-কাণ কাটিবলৈ নিৰ্দেশ দি অগ্নিগড় পালেহি। অগ্নিগড়ত ঊষা অনিৰুদ্ধক আলিংগনৰত অৱস্থাত দেখি তীব্ৰ খঙত অনিৰুদ্ধক তিৰস্কাৰ কৰিবলৈ ধৰিলে। অৱশেষত দুয়ো যুদ্ধত প্ৰবৃত্ত হ’ল। যুদ্ধত অনিৰুদ্ধক পৰাস্ত কৰি বাণে অনিৰুদ্ধক পোতাশালত বন্দী কৰি থ’লে। এই সংবাদ নাৰদে দ্বাৰকাধিপতি কৃষ্ণক দিলে। কৃষ্ণই সসৈন্যে আহি বাণৰ সৈতে যুদ্ধ কৰে। যুদ্ধত বাণ পৰাস্ত হয়। বাণ পৰাস্ত হোৱা দেখি শিৱই বাণৰ সন্য লৈ কৃষ্ণৰ সৈতে যুদ্ধ কৰিবলৈ উদ্যত হয়। কৃষ্ণই সুদৰ্শন চক্ৰ আৰু শিৱই ত্ৰিশূল লৈ যুদ্ধৰ বাবে সাজু হোৱাত সকলোৱে কঁপিবলৈ ধৰে। এনেতে দুয়োৰো মাজত ব্ৰহ্মাৰ আবিৰ্ভাব হয়। ব্রহ্মাই দুয়োকো অস্ত্ৰ সম্বৰণ কৰিবলৈ আহবান জনায়। ইয়াতে হৰি হৰৰ যুদ্ধৰ সমাপ্তি ঘটে আৰু ঊষা অনিৰুদ্ধৰ মিলন ঘটে। মিলনৰ লগে লগে নাটৰ সামৰণি পৰে।
৩। শোণিত কুঁৱৰী নাটকৰ কাহিনীভাগৰ যোগেদি নাটকখনিত কি বিষয়বস্তু প্রকাশ পাইছে বিশ্লেষণ কৰি দেখুওৱা।
উত্তৰঃ ‘শোণিত কুঁৱৰী’নাটকখনৰ কাহিনী ভাগৰ মাজেদি কেইটিমান বিষয়বস্তু প্রতিফলিত হোৱা দেখা যায়। নাটৰ বিষয়বস্তু প্রধানত প্রেম মূলক অথবা ৰোমান্টিক ধৰ্মী। প্ৰেমৰ শক্তিৰে ঊষা অনিৰুদ্ধৰ মিলন সম্ভব হৈ উঠিছে। দ্বিতীয়তে নাটকখন নায়িকা প্রধান।কাহিনীতকৈ চৰিত্ৰ সৃষ্টিৰ ক্ষেত্ৰত নাট্যকাৰে অধিক গুৰুত্ব আৰোপ কৰা দেখা যায়। ঊষা চৰিত্ৰক কেন্দ্ৰ কৰিয়ে জ্যোতিপ্ৰসাদে ‘শোণিত কুঁৱৰী’ নামেৰে নাটকখন নামকৰণ কৰা বুলি ভাবিব পাৰি। নাটকৰ কাহিনীভাগ পৌৰাণিক যদিও কল্পনাৰ ৰহনো নথকা নহয়। গীতৰ প্ৰাচুৰ্যতাও নাটকীয় বিষয়বস্তুক উপস্থাপন কৰাৰ অন্য এক দিশ বুলি কব লাগিব।
কিয়নো চৰিত্ৰৰ মানসিক অৱস্থাৰ চিত্ৰণ আৰু পৰিস্থিতিৰ উজ্জ্বলতা গীত সমূহেই বৃদ্ধি কৰা দেখা যায়। বিশেষকৈ অংগৰ গীতবোৰ নোহাৱা কৰিলে গোটেই নাটখনৰে অপূৰণীয় ক্ষতি হ’ব পাৰে। আনফালে বিষয় বস্তুক উপস্থাপনৰ বাবে জ্যোতিপ্রসাদে মঞ্চনিৰ্দেশনাত যি বিস্তৃত ব্যাখ্য দিছে সেইটো বাদ দিলেও নাটকীয় পৰিবেশ বিনষ্ট হোৱাৰ সম্ভাবনা নুই কৰিব নোৱাৰি। গতিকে নাটক এখনত পৰিৱেশ সৃষ্টিও বিষয়বস্তুৰে ভিতৰুৱা বুলি কব পৰা যায়। শোণিত কুঁৱৰী নাটকৰ ক্ষেত্ৰত নাট্যকাৰে উপযুক্ত পৰিৱেশ ৰচনা কৰি মূল বিষয় বস্তুক স্পষ্টৰূপত দাঙি ধৰিব পাৰিছে।
৪। শোণিত কুঁৱৰী নাটকৰ কোনটো চৰিত্ৰ তোমাৰ আটাইতকৈ প্ৰিয়? নাটকখনিত সেই চৰিত্ৰটোৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা।
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাই ‘শোণিত কুঁৱৰী’ নাটকত কেবাটাও চৰিত্ৰ সন্নিবিষ্ট কৰিছে। আটাইকেইটা চৰিত্ৰৰ ভিতৰত মোৰ প্ৰিয় চৰিত্ৰটি হ’ল— চিত্রলেখা। চিত্রলেখা নায়িকা নহ’লেও নাটকখনত তেওঁৰ ভূমিকা গুৰুত্বপূর্ণ। চিত্ৰলেখা চৰিত্রটি ত্যাগৰ আদৰ্শৰে নিৰ্মিত। নিজৰ দুখ ঢাকি আনৰ আনন্দৰ বাবে নিজক বিলাই দি স্বকীয় মহিমাৰে মহিমামণ্ডিত হৈ উঠিছে। সেয়ে এই চৰিত্ৰটিয়ে মোৰ অন্তৰ চুই গৈছে।
চিত্রলেখা মন্ত্রী কুম্ভাণ্ডৰ জীয়ৰী তথা উষাৰ সখীয়েক। নাটখনৰ আৰম্ভণিৰ পৰা শেষলৈকে চিত্ৰলেখাই অপৰিহাৰ্য ৰূপত নাটকখনত সোমাই পৰিছে। প্ৰথম অংকত বাণৰ ইচ্ছানুযায়ী চিত্রলেখাই ‘পদুমকলি’ নৃত্য প্রদর্শন কৰিছে। তাৰ পাছত চিত্রলেখাই আন সখীসকলৰ সৈতে উষাক লৈ ৰং-ধেমালি কৰিছে, ঠাট্টা-মস্কৰা কৰিছে আৰু মনৰ আনন্দত নাচিছে, গাইছে। উষা যেতিয়া অগ্নিগড়ত থাকিবলৈ লয, উষাই যেতিয়া সপোনৰ স্বামীক বাস্তবত বিচাৰি নাপাই হাঁহাকাৰ কৰিছে চিত্রলেখাই প্রবোধ দিছে; সোনকালে সপোনৰ স্বামীক আনি দিয়াৰ প্ৰতিশ্ৰুতি দিছে। সপোন স্বামীক চিনাক্তকৰণ কৰিবলৈ ভুজপত্ৰত ত্রিভূবনৰ দেৱতা, দানব, গন্ধর্ব, কিন্নৰ, মানৱ সকলো কুমাৰৰ ছবি আঁকি দেখুৱাবলৈ ধৰে।
শ্ৰীকৃষ্ণৰ পাছত যেতিয়া তেওঁৰ নাতি অনিৰুদ্ধৰ ছবি আঁকিলে ঊষা চঞ্চল হৈ পৰিল আৰু লাজতে ওৰণিৰে মুখ ঢাকিলে। উষাৰ সপোন স্বামী চিনাক্ত কৰণ হোৱাৰ লগে লগে চিত্ৰলেখাই অনিৰুদ্ধক আনিবলৈ দ্বাৰকা অভিমুখে যাত্ৰা কৰে। দ্বাৰকাত চিত্রলেখাই চিত্রবিক্রেতাৰ ছদ্মবেশ ধাৰণ কৰি প্ৰবেশ কৰিছে আৰু সুযোগ বুজি অনিৰুদ্ধৰ কাষ চাপিছে। চিত্ৰলেখাই কৌশলেৰে অনিৰুদ্ধক উষাৰ ছবি প্রদর্শন কৰি দেখুৱাইছে। অৱশেষত চিত্ৰলেখাই অনিৰুদ্ধক সেই চিত্র প্রদান কৰিছে আৰু নিজ উদ্দেশ্যৰ কথা ব্যক্ত কৰিছে। চিত্ৰলেখাই ঊষা যে অনিৰুদ্ধৰ প্ৰণয়প্রার্থী সেই কথা উল্লেখ কৰি অনিৰুদ্ধৰ মন আকৰ্ষিত কৰিছে। তথাপি অনিৰুদ্ধই চিত্ৰলেখাৰ সঁচা পৰিচয় পাবলৈ নৃত্য প্ৰদৰ্শন কৰি দেখুৱাবলৈ কৈছে। চিত্রলেখায়ো নৃত্য প্ৰদৰ্শন কৰি অনিৰুদ্ধৰ মন জয় কৰে। সেই সুযোগ লৈয়ে চিত্রলেখাই অনিৰুদ্ধক লৈ যায় অগ্নিগড়লৈ। অগ্নিগড়ত গন্ধর্ব প্রথা মতে অতি সাহসেৰে ঊষা অনিৰুদ্ধৰ মাজত বিবাহ সম্পন্ন কৰাইছে। নাটৰ সামৰণিত চকুলো মচি অথচ আনন্দ মনেৰে সখীয়েক ঊষাক চিত্ৰলেখাই বিদায় দিছে।
নিজৰ দুখ ঢাকি ৰাখি আনৰ বাবে অলেখ দুখ কষ্ট সহি নিজক বিলাই দিছে। ইয়াতে চিত্ৰলেখা চৰিত্ৰৰ মহত্ত্ব প্ৰকাশ পাইছে। চিত্ৰলেখাই ঊষা-অনিৰুদ্ধৰ ‘মিলনদৃতী’ৰ ভূমিকা লৈ গোটেই নাটখনৰ কাহিনীভাগক গতি দিছে। সেয়ে শোণিত কুঁৱৰী নাটত ঊষা চৰিত্ৰতকৈয়ো চিত্ৰলেখা চৰিত্রটি অধিক সক্রিয়। চিত্রলেখাই নিঃস্বার্থভাবে ‘সখীয়েকৰ ভূমিকা পালন কৰি আদৰ্শ আৰু ত্যাগৰ মহানতা তথা উদাৰতা প্রকাশ কৰিবলৈ সক্ষম হৈছে। শেষত অনিৰুদ্ধৰ সৈতে ঊষাৰ মিলন সম্ভব হৈ উঠিছে শ্ৰীকৃষ্ণৰ জৰিয়তে, চিত্ৰলেখাৰ ত্যাগেৰে।
৫। শোণিত কুঁৱৰী নাটকৰ তোমাৰ আটাইতকৈ প্ৰিয় পুৰুষ চৰিত্ৰ অৰ্থাৎ কোনটো চৰিত্ৰক ‘নায়ক’ বুলি অভিহিত কৰিব পাৰি?
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাই ‘শোণিত কুঁৱৰী’ নাটকত কেবাটাও চৰিত্র সন্নিবিষ্ট কৰিছে। ইয়াত পুৰুষ চৰিত্ৰ শ্ৰীকৃষ্ণ, গণক, নাপিত, ইন্দ্রদের আদি নানানটা চৰিত্ৰৰ সমাবেশ ঘটিছে যদিও সেইবোৰ চৰিত্ৰ অনিৰুদ্ধ আৰু বাণৰজাৰ তুলনাত নিষ্প্রভ। এইবোৰৰ ভিতৰত নায়ক চৰিত্ৰ হ’ল অনিৰুদ্ধ। নাট্যকাৰে ‘শোণিত কুঁৱৰী’ নাটকত অনিৰুদ্ধক সাহস, বীরত্ব, শৌর্য-বীর্য আদি গুণেৰে চিত্ৰিত কৰি নায়ক চৰিত্ৰৰ শাৰীত তুলিব বিচাৰিছে নাটকৰ কাহিনীৰ পম খেদি অনিৰুদ্ধ চৰিত্রটিকে নায়ক আখ্যা দিব লাগিব।
শোণিত কুঁৱৰী নাটৰ পুৰুষ চৰিত্ৰ অনিৰুদ্ধ হ’ল কৃষ্ণৰ নাতি, প্রদ্যুম্মৰ পুত্ৰ। অনিৰুদ্ধ চৰিত্ৰটি নাটকত ভুমুকি মাৰিছে এজন যৌৱনপ্ৰাপ্ত ডেকাৰ ৰূপত। নাট্যকাৰৰ কল্পনাত অনিৰুদ্ধ উপজিয়ে প্রেমিক। যৌৱনৰ অফুৰন্ত স্পৰ্শত অনিবন্ধ প্ৰেমিক হৈ পৰিছে। বিচাৰি ফুৰিছে কল্পনাৰে জীৱনৰ বাঞ্চিত প্রেমিকাক। যৌৱনৰ আৱেগপূৰ্ণ মুহুৰ্ত আৰু কল্পনামধুৰ অৱস্থাতে যেতিয়া অনিৰুদ্ধই জানিব পাৰিলে – বাণ ৰজাৰ কন্যা উষা তেওঁৰ প্ৰণয়প্রার্থী। তেওঁৰ অন্তৰ থৌকি-বাথৌ হ’ল। সেয়ে তেওঁ চিত্ৰলেখাক ক’লে-“লৈ বলা, এবাৰ চাওগৈ মই-বিশ্বসংসাৰত সিঁচৰিত হৈ থকা বিৰাট সৌন্দৰ্য্য য’ত একে ঠাইতে খুপ খাই আছে।’ চিত্ৰলেখাই অনিৰুদ্ধক লৈ গৈছে অগ্নিগড়লৈ।
আগ্নিগড়ত ঊষা অনিৰুদ্ধৰ গোপনে গন্ধৰ্বপ্ৰথা মতে বিবাহ সম্পন্ন হৈছে। আকাংক্ষিত মিলন ঘটিছে। এই খবৰ পাই বাণ লৱৰি আহিছে। খঙত উগ্ৰমূৰ্তি ধাৰণ কৰি অনিৰুদ্ধৰ সৈতে যুদ্ধত প্ৰবৃত্ত হৈছে। অনিৰুদ্ধও বীৰৰ বংশধৰ। নিজৰ বীৰত্ব আৰু সাহসেৰে বাণৰ লগত যুদ্ধ কৰিছে। আনহাতে বাণে উষাক আঘাত কৰিবলৈ উদ্যত হৈছে তেতিয়া অনিৰুদ্ধই বীৰৰ কৰ্তব্য সোঁৱৰাই দি কৈছে— “শান্ত হওক, জ্ঞানহীন নহক। অবলাক অস্ত্রঘাত কৰিবলৈ অস্ত্ৰৰ সৃষ্টি হোৱা নাই। বীৰ আপুনি।” এনে উক্তিয়ে অনিৰুদ্ধৰ সহানুভৱতাৰ পৰিচয় দিয়ে। যুদ্ধত অনিৰুদ্ধই হাৰি পোতাশালত বন্দী হ’বলগা হয় যদিও অনিৰুদ্ধৰ বীৰত্বক প্ৰসংশা কৰিব লাগিব। শেষত অনিৰুদ্ধৰ সৈতে ঊষাৰ মিলন সম্ভব হৈ উঠিছে শ্ৰীকৃষ্ণৰ জৰিয়তে, চিত্ৰলেখাৰ ত্যাগেৰে।