ASOS Class 12 Assamese (MIL) Chapter 20 ব্যাকৰণ

ASOS Class 12 Assamese (MIL) Chapter 20 ব্যাকৰণ, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Assamese (MIL) Chapter 20 ব্যাকৰণ and select needs one.

ASOS Class 12 Assamese (MIL) Chapter 20 ব্যাকৰণ

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Assamese (MIL) Chapter 20 ব্যাকৰণ Solutions for All Subject, You can practice these here.

ব্যাকৰণ

Chapter : 20

সম্ভাব্য প্রশ্নোত্তৰঃ

ণত্ব বিধি আৰু ষত্ব বিধি

১। ণত্ব বিধিৰ দুটা নিয়ম লিখি উদাহৰণ দিয়া। 

উত্তৰঃ (১) একেটা পদতে থকা ঋ, ৰ, ষ-ৰ পাছত দন্ত্য ‘ন’ মৃদ্ধণ্য ‘ণ’ হয়। যেনে— ঋণ, তৃণ, বর্ণ, কৃষ্ণ, কৃষ্ণাণ।

(২) এটা পদৰ ভিতৰত থকা ঋ, ৰ, ষ আৰু ‘ন’ৰ মাজত স্বৰ বৰ্ণ, ক বর্গ, প বৰ্গ, ৰ ৱ, হ আৰু অনুস্বাৰ ব্যৱধান থাকিলেও দন্ত্য ন’মূৰ্দ্ধণ্য ‘ণ’হয়। যেনে- ৰুক্মিণী, কৃপণ, গহণ, পাষাণ, দর্পণ।

২। অনুষ্ঠান, প্রণাম (কি কাৰণে মূৰ্দ্ধণ্য ‘ষ’ আৰু মূৰ্দ্ধণ্য ‘ণ’ হৈছে)।

উত্তৰঃ অনুষ্ঠান : ‘অনু’ উপসৰ্গৰ পিছত থকা ‘স্থা’ ধাতুৰ ‘স’ ‘ষ’ হয়। 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

প্ৰণাম : ‘প্ৰ’ উপসৰ্গৰ পিছত ‘নম’ শব্দ থাকিলে মূৰ্দ্ধণ্য ‘ণ’ হয়।

৩। তলৰ যিকোনো দুটা শব্দত ‘ণ’ বা ‘ষ’ কি কাৰণে হৈছে, লিখা ঋণ, বর্ণ, কষ্ট, দোষ।

উত্তৰঃ ঋণ — একেটা পদতে থকা ‘ঋ’, ৰ, ‘ষ’-ৰ পাছত দন্ত্য ‘ন’ মূর্ধণ্য ‘ণ’ হোৱা বাবে।

বৰ্ণ — একেটা পদতে থকা ‘ঋ’, ৰ, ষ -ৰ পাছত দন্ত্য ‘ন’ মূর্ধণ্য ‘ণ’ হোৱা বাবে।

কষ্ট — মূর্ধণ্য ‘ট’ ৰ লগত যুক্ত হোৱা বাবে দন্ত্য ‘স’ মূর্ধণ্য ‘ষ’ হৈছে।

দোষ — ‘দোষ’ শব্দত স্বাভাৱিকতে ‘ষ’ ৰ ব্যৱহাৰ হৈছে।

৪। ‘তৃণ’ নাই বা ‘কৰুণ’ শব্দত কি কাৰণে ‘ণ’ ব্যৱহাৰ হয়, লিখা।

উত্তৰঃ তৃণ : তৃণ শব্দত স্বাভাৱিকতেই ‘ণ’ ব্যৱহাৰ হৈছে। 

কৃষক : কৰুণ শব্দত ‘ৰ’ ৰ পিছত থকা বাবে দন্ত্য ‘ন’ মূর্ধণ্য ‘ণ’ হৈছে। 

৫। ‘কৃষক’ নাইবা ‘যুধিষ্ঠিৰ’ শব্দত কি কাৰণে ‘ষ’ ব্যৱহাৰ হয়, লিখা। 

উত্তৰঃ কৃষক : ‘অ’ ‘আ’ ৰ বাহিৰে অন্য স্বৰবৰ্ণ, ‘ক’ নাইবা ‘ৰ’ ৰ পিছত থকা প্ৰত্যয়ৰ দন্ত্য ‘স’ মূর্ধণ্য ‘ষ’ হয়। সেইবাবে কৃষক শব্দত মূর্ধণ্য ‘ষ’ হৈছে।

যুধিষ্ঠিৰ : ‘স্থ’ শব্দৰ ‘স’ আৰু ‘যুধি’ শব্দৰ পিছত থকা ‘স্থিৰ’শব্দত ‘স’ মূৰ্ধণ্য ‘ষ’ হয়। সেইবাবে যুধিষ্ঠিৰ শব্দত মূর্ধণ্য ‘ষ’ হৈছে। 

৬। তলৰ শব্দ দুটাত ‘ণ’/’ষ’ কি কাৰণে হৈছে? — কাৰণ; কষ্ট।

উত্তৰঃ কাৰণ : ‘ৰ’ ৰ পিচৰ ‘ন’মূৰ্দ্ধণ্য ‘ণ’ হয়।

কষ্ট : ‘ট’ ৰ লগত যুক্ত হলে ‘স’ মূৰ্দ্ধণ্য ‘ষ’ হয়।

৭। ণত্ব বিধি নাইবা ষত্ব বিধিৰ দুটা নিয়ম লিখি উদাহৰণ দিয়া। 

উত্তৰঃ ণত্ব বিধি : (১) একোটা পদতে থকা ঋ, ৰ, ষ–ৰ পাছৰ দন্ত্য ‘ন’ মূৰ্দ্ধণ্য ণ’ হয়। যেনে— ঋণ, তৃণ, বৰ্ণ, হৰণ, কৃষ্ণ, কৃষাণ।

(২) এটা পদৰ ভিতৰত থকা ঋ, ৰ, ষ আৰু দন্ত্য ‘ন’ ৰ মাজত স্বৰ বৰ্ণ, ক বৰ্গ, প বৰ্গ, ৰ, ৱ, হ আৰু অনুস্বাৰ ব্যৱধান থাকিলেও দন্ত্য ন’ মূৰ্দ্ধণ্য ‘ণ’ হয়। যেনে— ৰুক্মিণী, কৃপণ, গ্রহণ পাষাণ, দর্পণ। 

ষত্ব বিধি : (১) অ, আ-ৰ বাহিৰে অন্য স্বৰবৰ্ণ ‘ক’ নাইবা ‘ৰ’-ৰ পিছত থকা প্রত্যয়ৰ দন্ত্য ‘স’মূৰ্দ্ধন্য ‘ষ’ হয়। যেনে— ভৱিষ্যৎ, শ্ৰীচৰণেষু, হিতেষী, প্রাণাধিষু। 

(২) মূৰ্দ্ধণ্য ‘ট’ আৰু ‘ঠ’-ৰে যুক্ত হ’লে সদায় ‘ষ’ হয়। যেনে— মিষ্ট, দুষ্ট, আকৃষ্ট, ষষ্ঠ, ওষ্ঠ।

৮। তলৰ শব্দ দুটাত ‘ণ’ আৰু ‘ষ’ কি কাৰণে হৈছে বুজাই লিখা : 

পৰায়ণ ; সুষম।

উত্তৰঃ পৰায়ণ : পৰ শব্দৰ পিছত থকা ‘অয়ন’ শব্দৰ দন্ত্য ‘ন’, মুদ্ধণ্য ‘ণ’ হয়।

সুষম : ‘সু’ আৰু ‘বি’ উপসৰ্গৰ পিছত থকা সম শব্দৰ দন্ত্য ‘স’ মূর্ধণ্য ‘ষ’ হোৱা নিয়ম অনুসৰি ‘ষ’ হৈছে।

৯। তলৰ শব্দবোৰত মুৰ্দ্ধণ্য ‘ণ’ হোৱাৰ কাৰণ দশোৱা।

(ক) সোণ। (খ) ঘৃণা। (গ) ঋণে। (ঘ) কোণ। 

উত্তৰঃ (ক) সোণ : কিছুমান দন্ত্য ‘ন’ স্বাভাৱিকতে মুগ্ধণ্য ‘ণ’ হয়। ‘সোণ’ শব্দত স্বভাৱতে মূৰ্দ্ধণ্য ‘ণ’ হৈছে।

(খ) ঘৃণা : পদৰ ভিতৰত ঋ, ৰ আৰু ‘ষ’ ৰ পিছত থকা দন্ত্য ‘ন’ আৰু মূৰ্দ্ধন্য ‘ণ’ হয়। ‘ঘৃণা’ শব্দত সেয়ে ‘ণ’ হৈছে।

(গ) ঋণে : পদৰ ভিতৰত থকা ঋ, ৰ আৰু ‘ষ’ ৰ পিছত থকা দন্ত্য ‘ন’ মূৰ্দ্ধন্য ‘ণ’ হয়। ‘ঋণে’ শব্দত সয়ে মূৰ্দ্ধণ্য ‘ণ’ হৈছে।

(ঘ) কোণ : কিছুমান শব্দত স্বাভাৱিকতে মূৰ্দ্ধণ্য ‘ণ’ হয়। ‘কোণ’ শব্দত স্বাভাৱিকতে মূৰ্দ্ধণ্য ‘ণ’ হৈছে।

সন্ধি-প্ৰকৰণ

১। সন্ধি কাক বোলে উদাহৰণ দি বুজাই লিখা। 

উত্তৰঃ ওচৰা-উচৰি দুটা শব্দৰ প্ৰথম শব্দটো শেষৰ বৰ্ণৰ লগত দ্বিতীয় শব্দৰ প্ৰথম বৰ্ণৰ মিলনকে সন্ধি বোলা হয়। 

যেনে জগৎ+নাথ = জগন্নাথ; তৎ+উপৰি = তদুপৰি; পৰি+কাৰ = পৰিষ্কাৰ ইত্যাদি।

২। সন্ধি কেইপ্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ সন্ধি তিনি প্ৰকাৰৰ — স্বৰসন্ধি, ব্যঞ্জনসন্ধি আৰু অনুস্বাৰ সন্ধি বা বিসর্গ সন্ধি।

(ক) স্বৰসন্ধি : স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ যি সম্বন্ধ হয় তাকে স্বৰসন্ধি বোলে। যেনে— হিম+আলয় = হিমালয়, আশা+অতীত = আশাতীত ইত্যাদি।

(খ) ব্যঞ্জন সন্ধি : ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বা স্বৰবৰ্ণৰ যি সন্ধি হয় তাক ব্যঞ্জন সন্ধি বোলে। যেনে— উ+নতি = উন্নতি, মাহ+এক = মাহেক ইত্যাদি। 

(গ) অনুস্বাৰ বা বিসর্গ সন্ধি : অনুস্বাৰ আৰু বিসৰ্গৰ লগত ব্যঞ্জনবৰ্ণৰ সন্ধি হলে এনে সন্ধি হয়। যেনে— সম্+গতি = সংগতি, মনঃ+মত = মনোমত ইত্যাদি।

৩। ব্যঞ্জন সন্ধি বুলিলে কি বুজা? ব্যঞ্জন সন্ধিৰ তিনিটা নিয়ম লিখা। 

উত্তৰঃ ব্যঞ্জন বৰ্ণৰ লগত অন্য ব্যঞ্জন বর্ণ বা স্বৰ বৰ্ণৰ যি সন্ধি হয়, তাকে ব্যঞ্জন সন্ধি বোলে। ব্যঞ্জন সন্ধিৰ নিয়মবোৰ তলত দিয়া ধৰণে দেখুৱাব পাৰি।

(ক) ‘চ’ নাইবা ‘ছ’ পাছত থাকিলে আগত থকা ‘ত্‌’ আৰু ‘দ’ ৰ ঠাইত ‘চ’ হয়। 

যেনে— উৎ+চাৰণ = উচ্চাৰণ, সৎ+চিন্তা = সচিন্তা, উৎ+ছেদ = উচ্ছেদ, বিপদ+চিন্তা = বিপচ্চিন্তা।

(খ) পাছত ‘জ’ বা ‘ঝ’ থাকিলে আগত থকা ‘ত’, ‘দ’ ৰ ঠাইত ‘জ’ হয়। যেনে— উৎ+জ্বল = উজ্জ্বল, জগৎ+জননী = জগজ্জননী, বিপদ্+জাল = বিপজ্জাল, সৎ+জন = সজ্জন। 

(গ) পাছত ‘ট’ বা ‘ঠ’ থাকিলে আগত ত্ আৰু দৰ ঠাইত ট হয়। যেনে— মহৎ+টঙ্কাৰ = মহট্টঙ্কাৰ।

৪। অনুস্বাৰ বা বিসর্গ সন্ধিৰ তিনিটা নিয়ম লিখা।

উত্তৰঃ বিসর্গ সন্ধিৰ নিয়ম কেইটামান তলত দিয়া ধৰণে দেখুৱাব পাৰি। 

(ক) দ্বিতীয় শব্দৰ আদিত ক্ৰমে চ, ছ, ঠ আৰু ত, থ থাকিলে আগৰ শব্দ শেষত থকা বিসর্গ ক্রমে শ, ষ আৰু সলৈ পৰিৱৰ্তন হয়। যেনে— নিঃ+চয় = নিশ্চয়, শিৰঃ + ছেদন = শিৰশ্ছেদন, ধনু + টঙ্কাৰ = ধনুষ্টঙ্কাৰ, নিঃ + তেজ = নিস্তেজ, মনঃ + তাপ = মনস্তাপ।

(খ) দ্বিতীয় শব্দৰ আদিত অ বা বৰ্গৰ তৃতীয়, চতুৰ্থ বা পঞ্চম বর্ণ বা য, ৰ, ল, ৱ, হ থাকিলে আগৰ শব্দৰ শেষৰ অ-ৰ পিছৰ স-জাত বিসৰ্গ আৰু অ-দুয়ো মিলি ও হয় আৰু লগে লগে পাছৰ অ-লোপ পায়। যেনে— মনঃ+অভিমত = মনোভিমত, মনঃ+অভিলাষ = মনোভিলাষ, অধঃ+গতি = অধোগতি, শিৰঃ+ভূষণ = শিৰোভূষণ, মন+যোগ = মনোযোগ, সৰঃ+বৰ = সৰোবৰ, মনঃ+হৰ = মনোহৰ। 

(গ) দ্বিতীয় শব্দৰ আদিত অ-ৰ বাহিৰে অন্য স্বৰবৰ্ণ থাকিলে প্রথম শব্দৰ শেষৰ অ-কাৰৰ পাছত থকা স-জাত বিসর্গ লোপ হয় আৰু লোপৰ পাছত সন্ধি নহয়। যেনে— অতঃ+এব = অতএব।

৫। তলত দিয়াবোৰৰ সন্ধি ভাঙি দেখুওৱা।

উত্তৰঃ বিদ্যাৰম্ভ = বিদ্যা + আৰম্ভ।

যোগেশ্বৰ = যোগ + ঈশ্বৰ।

মহাত্মা = মহান + আত্মা।

অৰুণোদয় = অৰুণ + উদয়।

দেশাচাৰ = দেশ + আচাৰ।

বিদ্যালয় = বিদ্যা + আলয়।

মতান্তৰ = মত + অন্তৰ।

বিদ্যুৎসাহী = বিদ্যা + উৎসাহী।

চিন্তাকুল = চিন্তা + আকুল।

অতীন্দ্রিয় = অতি + ইন্দ্ৰিয়।

সীমাবদ্ধ = সীমা + আৱদ্ধ।

উচ্চাভিলাষ = উচ্চ + অভিলাষ।

গুণাগুণ = গুণ + অগুণ।

কটূক্তি = কটু + উক্তি।

পুৰুষোত্তম = পুৰুষ + উত্তম।

নিৰুপায় = নিৰ + উপায়।

উচ্চাংগ = উচ্চ = + অংগ।

সিংহাসন = সিংহ + আসন।

সূর্যোদয় = সূর্য + উদয়।

নিশ্চিত = নিঃ + চিন্ত।

চলাচল = চল + অচল।

গায়ন = গৈ + অন।

সমাস

১। সমাস কাক বোলে? সমাস কেইবিধ আৰু কি কি? প্ৰতিবিধৰে উদাহৰণ দিয়া।

উত্তৰঃ সমাস : আমাৰ বাক্যবোৰত দুটা বা ততোধিক শব্দ গোট খাই এটা শব্দত পৰিণত হোৱা ব্যৱস্থাক সমাস আখ্যা দিয়া হৈছে। হেমচন্দ্ৰ বৰুৱাৰ মতে “অর্থ সংগতি থকা দুই বা বহুপদ মিলি এটা পদ হোৱাৰ নাম সমাস।” সত্যনাথ বৰাৰ মতে “দুটা বা অধিক পদ গোট খাই এটা হোৱাকে সমাস বোলা হয়।” যেনে— পীত অম্বৰ আছে যাৰ পীতাম্বৰ। যিকেইটা পদত সমাস হয় সিহঁতৰ প্রত্যেককে সমস্যমান পদ বোলে। যেনে— ‘পীত’, ‘অম্বৰ’। সমাহ হৈ সিদ্ধ হোৱা পদক সমস্ত পদ বোলে। যেনে— ‘পীতাম্বৰ’। সমাসৰ অৰ্থ প্ৰকাশ কৰা পদসমূহক সমাসবাক্য বা ব্যাসবাক্য বোলে। যেনে— পীত অম্বৰ আছে যাৰ তেওঁ পীতাম্বৰ— ইয়াত ‘পীত অম্বৰ আছে যাৰ’– ব্যাস বাক্য। সমাস মুঠতে ছয়বিধ—দ্বন্দ্ব, বহুব্ৰীহি, কর্মধাৰয়, তৎপুৰুষ, দ্বিগু আৰু অব্যয়ীভাব। ইয়াৰ বাহিৰেও নঞ বোলা এবিধ সমাহ আছে, সি তৎপুৰুষ সমাসৰ অন্তর্গত। তলত প্ৰতিবিধৰে চমু আলোচনা কৰা হ’ল—

দ্বন্দ সমাস : দুটা বা ততোধিক সংজ্ঞা শব্দ লগ হৈ যি সমাস হয়, তাক দ্বন্দ্ব সমাস বোলে। ই তিনিবিধ— (১) ইতৰেতৰ দ্বন্দ্ব, (২) সমাহৰ দ্বন্দ্ব, (৩) একশেষ দ্বন্দ্ব।

ইতৰেতৰ দ্বন্দ্ব : যি দ্বন্দ্ব সমাসত সমস্যামান পদবোৰৰ অৰ্থ একেই থাকে তাকে ইতৰেতৰ দ্বন্দ্ব সমাস বোলে। যেনে— হৰি আৰু হৰ = হৰিহৰ; পাণ আৰু তামোল = পাণ তামোল।

সমাহাৰ দ্বন্দ্ব : যি দ্বন্দ্ব সমাসত সমস্ত পদে ব্যাপ্ত পদৰ অৰ্থৰ উপৰি অন্য অৰ্থ প্ৰকাশ কৰে, তাকক সমাহাৰ দ্বন্দ্ব বোলে। যেনে— ‘ঘৰৰ কাঁহী-বাটি’ — ইয়াত ‘কাঁহী-বাটি’ সমস্ত পদে কাঁহী, বাটি, লোটা, ঘটি, কলহ, চৰিয়া আদি বচন বৰ্তনক বুজাইছে।

একশেষ দ্বন্দ্ব : যি দ্বন্দ্ব সমাসত ব্যপ্ত পদবোৰৰ প্ৰথমটোহে বচন যুক্ত হৈ ব্যৱহাৰ কৰা হয়, বাকীবোৰ লোপ পায়, তাক —একশেষ দ্বন্দ্ব সমাস বোলে। যেনে— মাহী, পেহী আৰু খুৰী আহিছিল = মাহীহঁত আহিছিল।

বহুব্রীহি সমাস : যি সমাসত সমস্ত পদে ব্যাপ্ত পদবিলাকৰ ব্যুৎপত্তিগত অর্থ নুবুজাই আন বিশেষ অর্থ বুজায়, তাক বহুব্রীহি সমাস বোলে। যেনে— চক্ৰ আছে পানীত যাৰ, তেওঁ চক্রপাণি (বিষ্ণু)। নীল অম্বৰ যাৰ, তেওঁ নীলাম্বৰ (বলোৰাম)।

ব্যতিহাৰ বহুব্রীহি : পৰস্পৰ একে কাৰ্যকে কৰা বুজাবলৈ দুই বা ততোধিক পদৰ যি সমাস হয়, তাক ব্যতিহাৰ বজ্ৰীহি সমাস বোলে। যেনে— হাতে হাতে ধৰি কৰা যি যুঁজ : হতাহতি। মুখে মুখে কৰা যি যুঁজ : মুখামুখি।

কর্মধাৰয় সমাস : বিশেষ্য আৰু বিশেষণ পদৰ যি সমাস হয়, তাক কর্মধাৰয় সমাস বোলে। 

যেনে— 

উৰা যি জাহাজ = উৰাজাহাজ। 

মৰু যি ভূমি = মৰুভূমি।

তৎপুৰুষ সমাস : যি সমাসত আদিৰ ব্যাপ্ত পদ প্ৰথমবাৰ বাদে আন বিভক্তিত থাকে, আৰু শেষ ব্যাপ্ত পদৰ অৰ্থই প্রধান হয়, তাকে তৎপুৰুষ সমাস বোলে। 

যেনে— চোৰক ধৰা = চোৰধৰা। বনত জাত = বনজাত। 

তৎপুৰুষ সমাস ছয়বিধ : দ্বিতীয়া, তৃতীয়া, চতুর্থী, পঞ্চমী, ষষ্ঠী আৰু সপ্তমী তৎপুৰুষ সমাস।

২। সমাসৰ সংজ্ঞা দিয়া। সমাস কেইবিধ? প্ৰত্যেকৰে এটা এটা উদাহৰণ দিয়া।

উত্তৰঃ দুই বা ততোধিক পদ বা পদ থকা বাক্য বা বাক্যাংশ লগ লাগি একপদ হ’লেই সমাস হয়। যেনে— বেঙেনাৰ নিচিনা বোল (ৰং) যাৰ সি বেঙেনাবুলীয়া। এই বেঙেনাবুলীয়া এটা সমাস সিদ্ধ পদ। 

সমাস মুঠতে সাতবিধ— দ্বন্দ্ব, বহুব্ৰীহি; কর্মধাৰয়; তৎপুৰুষ; দ্বিগু; অব্যয়ীভাব; উপপদ সমাহ আৰু নঞ তৎপুৰুষ সমাস।

উদাহৰণঃ (১) দ্বন্দ্ব : হাৰ আৰু হৰ = হৰিহৰ।

(২) বহুব্রীহি : চক্ৰ আছে পানীত যাৰ = চক্ৰপাণি।

(৩) কর্মধাৰয় : উৰা যি জাহাজ = উৰাজাহাজ।

(৪) তৎপুৰুষ : হাতেৰে সজা = হাতেসজা।

(৫) দ্বিগু সমাস : সাত পুৰুষৰ সমাহাৰ = সাতপুৰুষ।

(৬) অব্যয়ীভাব সমাস : বনৰ সমীপ = উপবন।

(৭) উপপদ সমাস (নিত্য সমাস) : জলত চৰে যি = জলচৰ। 

(৮) নঞ, তৎপুৰুষ সমাস : ন-ধর্ম = অধর্ম।

৩। ব্যাস বাক্যৰ সৈতে সমাসৰ নাম লিখা—

ভাই-ভনী, দোমাহী, কাপুৰুষ, পিতৃ-ভক্তি।

উত্তৰঃ ভাই-ভনী : ভাই আৰু ভনী, দ্বন্দ্ব সমাস।

কাপুৰুষ : কু যি পুৰুষ, কর্মধাৰয় সমাস।

পিতৃ-ভক্তি : পিতৃলৈ ভক্তি, তৎপুৰুষ সমাস।

৪। ব্যাস বাক্যৰ সৈতে সমাসৰ নাম লিখা— 

ৰাজসিংহাসন, পঞ্চামৃত, উপকূল, অনুচিত।

উত্তৰঃ ৰাজসিংহাসন : সিংহ অংকিত ৰজাৰ যি আসন, কর্মধাৰয় সমাস।

পঞ্চামৃত : পঞ্চম অমৃতৰ মিশ্রণ, দ্বিগু সমাস।

উপকূল : কূলৰ সমীপ, অব্যয়ীভাৱ সমাস। 

অনুচিত : ন + উচিত, নঞ তৎপুৰুষ সমাস।

৫। তলৰ যিকোনো দুটা শব্দৰ ব্যাস বাকেৰে সৈতে সমাসৰ নাম লিখা।

পদ্মনাভ, মৰুভূমি, মাতৃপূজা, হলধৰ।

উত্তৰঃ পদ্মনাভ — ব্যাসবাক্য – পদ্ম আছে নাভিত যাৰ (বিষ্ণু) – বহুব্রীহি সমাস।

মৰুভূমি — ব্যাসবাক্য – মৰু যি ভূমি – কর্মধাৰয় বহুব্ৰীহি সমাস।

মাতৃপূজা — ব্যাসবাক্য – মাতৃলৈ পূজা – চতুর্থী তৎপুৰুষ সমাস।

হলধৰ — ব্যাসবাক্য-হল (নাঙল) ধৰে যি (বলভদ্ৰ) – বহুব্ৰীহি সমাস।

৬। ব্যাস বাক্যেৰে সৈতে সমাসৰ নাম লিখা। 

ভাই-ভনী; পীতাম্বৰ; জলচৰ; দোমাহী।

উত্তৰঃ ভাই-ভনী = ভাই আৰু ভনী = ইতৰেতৰ দ্বন্দ্ব সমাস।

পীতাম্বৰ = পীত অম্বৰ যাৰ = বহুব্রীহী সমাস। 

জলচৰ = জলত চলে যি = নিত্য সমাস।

দোমাহী = দুই মাহৰ সমাহাৰ = দ্বন্দ্ব সমাস।

সমোচ্চাৰণ শব্দ

১। তলত দিয়াবিলাকৰ সমোচ্চাৰণ শব্দৰ অৰ্থ লিখা।

উত্তৰঃ 

১। কুল = জাত।

কূল = পাৰ।

২। কাণ = শুনা ইন্দ্ৰিয়।

কান = কান্ধ, দাঁতি।

৩। কণা = চকুৰে নেদেখা। 

কনা = আঁটি (কুঁহিয়াৰৰ একো মুঠা)।

৪। কুট = চিন, এটা দফা।

কূট = কপট।

৫। কাচ = কাপোৰ থুকুচি ধোৱা।

কাঁচ = চিচা।

৬। কাজি = মুছলমানৰ বিচাৰক।

কাজী = বোৱা-কটাত পাকৈত তিৰোতা।

৭। কুঞ্জ = এবিধ ফুলৰ নাম।

কুণ্ড = ঘূৰণীয়া গাঁত, যজ্ঞ আদি কৰা ঠাই। 

৮। কেৰাহি = এফলীয়াকৈ চোৱা।

কেৰাহী = ৰন্ধাৰ পাত্ৰ।

৯। খাট = শোৱাৰ বিচনা।

খাত = খেতিৰ পাম।

১০। খটীয়া = এবিধ পহু।

খতীয়া = কামত উপস্থিত নথকা কাল।

১১। গড় = এবিধ জন্তু, মাটিৰ ওখ ঢাপ।

গৰ = বস্তুৰ তলত পাৰি দিয়া কাঠ।

১২। গিৰি = পৰ্বত।

গীৰি = গৰাকী।

১৩। ঘাটি = কম হোৱা বা টোটা; যান-বাহন ৰোৱা ঠাই।

ঘাতী = বধ কৰোঁতা।

১৪। চল = সুবিধা।

ছল = ঠগ, প্ৰতাৰণা।

১৫। ছয় = সংখ্যা ৬।

চয় = সমূহ।

১৬। চা = চোৱা, বিবেচনা কৰা।

ছাঁ = ছায়া।

১৭। ছাউনী = সৈন্য থকা ঠাই।

ছাউনি = ঘৰৰ চালৰ খেৰৰ তৰপ।

১৮। চাল = ঘৰৰ ওপৰৰ ফাল।

ছাল = গছৰ বাকলি, প্ৰাণীৰ গাৰ পাতল ঢাকনি।

১৯। ছাতি = ৰ’দ-বৰষুণৰ পৰা পাতল ঢাকনি।

ছাটি = দূৰলৈ সিঁচৰতি কৰি দিয়া।

২০। চাই = দেখি।

ছাই = ভস্ম।

বিপৰীতার্থক শব্দ

১। তলত দিয়া শব্দবোৰৰ বিপৰীতার্থক শব্দ লিখা।

উত্তৰঃ 

শব্দবিপৰীতার্থক শব্দ
অমৰমৰণশীল।
অমৃতবিষ, গৰল।
অনুকূলপ্ৰতিকূল।
অৰ্পনগ্ৰহণ।
অভ্যাসঅনভ্যাস।
অনুবৃহৎ।
অধমউত্তম।
অনুৰাগবিৰাগ।
অলসঅনলস।
অভাৱউভৈনদী, প্ৰচুৰ।
আদিঅন্ত।
আয়তীবিধবা।
আনন্দনিৰানন্দ।
আয়ব্যয়।
আগপাছ।
আপদবিপদ।
আড়ম্বৰঅনাড়ম্বৰ।
আধুনিকপ্ৰাচীন।
আৰম্ভসমাপ্ত।
আগমনপ্ৰত্যাগমন।
আনন্দনিৰানন্দ, বিষাদ।
আন্ধাৰপোহৰ।
আশানিৰাশা।
আস্তিকনাস্তিক।
আদৰঅনাদৰ।
আকাশপাতাল।
আবাহনবিসৰ্জন।
আপোনপৰ।
আচাৰঅনাচৰ।
আৰোহণঅৱৰোহন।

প্রতিশব্দ বা সমার্থক শব্দ

১। সমার্থক শব্দ কাক বোলে? উদাহৰণ দিয়া।

উত্তৰঃ এটা শব্দই ভিন ভিন অৰ্থ বুজাব পাৰে একে অৰ্থ বুজাব পৰা একাধিক শব্দ ভাষাত থাকিব পাৰে। একে অৰ্থ বুজোৱা এনেকুৱা শব্দবোৰকেই সমার্থক শব্দ বোলে। যেনে–

(ক) পৃথিৱী – বসুন্ধৰা, বসুমতী, ধৰণী, মেদিনী, ধৰা, ধৰিত্ৰী, ভূ। 

(খ) ৰাতি – নিশা, ৰজনী, যামিনী, বিভাৱৰী আদি। 

২। তলত দিয়া শব্দবোৰৰ সমাৰ্থক বা প্রতিশব্দ লিখা।

উত্তৰঃ 

আকাশগগন, অম্বৰ, অভ্র, অন্তৰীক্ষ।
নক্ষত্রজ্যোতিষ্ক, তাৰকা।
সূৰ্যবেলি, ৰবি, ভাস্কৰ, আদিত্য, তপন।
চন্দ্ৰজোন, ইন্দু, শশী, চন্দ্ৰমা।
পৃথিৱীবিশ্ব, জগত, ধৰণী, ধৰা, বসুমতী।
পানীজল, সলিল, নীৰ, বাৰি।
নদীনৈ, তটিনী, সৰিৎ।
সাগৰসমুদ্র, জলধি, বাৰিধি, পয়োধি।
তৰংগঢৌ, লহৰ, উর্মি, হিল্লোল।
মেঘডাৱৰ, নীৰদ, জলধৰ, পয়োধৰ।
বৰষুণবৃষ্টি, মেঘৰস, মেঘোদক।
বানপানীবন্যা, প্ৰাৱল, বান।
বৰফতুষাৰ, হিম, নীহাৰ।
মাটিভূমি, মৃৎ, মৃত্তিকা, স্থল।
শিলপাথৰ, পাষাণ, উপল।
পর্বতপাহাৰ, গিৰি, ভূধৰ, ক্ষিতিধৰ।
বতাহবায়ু, পৱন, সমীৰ, সমীৰণ।
ৰাতিনিশা, ৰজনী, যামিনী।
ঈশ্বৰপ্রভু, বিধাতা, পৰমেশ্বৰ, জগদীশ।
অগ্নিজুই, বহ্নি, হুতাশন।

৩। তলত দিয়া শব্দবোৰৰ সমাৰ্থক বা প্রতিশব্দ লিখা।

উত্তৰঃ 

অতি — অত্যন্ত, অতিশয়, অধিক, খুব, পৰম।

অমৃত — অমিয়, পীয়ুস, সুধা।

অলপ — কিঞ্চিত, সামান্য, এধানমান।

আদৰ — প্ৰশংসা, মৰম, শলাগ, সাধুবাদ, শিষ্টাচাৰ।

আকাশ — গগন, অম্বৰ, নভঃ, ব্যোম, শূন্য।

আলহী — অতিথি, অভ্যাগত, আগন্তুক। 

আদিত্য — সূৰ্য, বেলি, ৰবি, ভাস্কৰ, দিবাকৰ।

ইচ্ছা — অভিলাষ, আকাংক্ষা, বাসনা, স্পৃহা, বাঞ্ছা, লালসা, অভিপ্রায়, প্রবৃত্তি, আগ্রহ।

ঈশ্বৰ — পৰমেশ, পৰমেশ্বৰ, জগদীশ, ভগৱান, ঈশ, প্রভু, ধাতা, পৰমপিতা, নাৰায়ণ, দীননাথ, দীনবন্ধু, বিধাতা, আল্লা, খোদা, কৃষ্ণ, দয়াময়, কৰুণাময়। 

ঈশ — জগৎ পিতা, জগতস্রষ্টা, ভগৱান।  

উত্তম — শ্ৰেষ্ঠ, উৎকৃষ্ট, ভাল, সুন্দৰ। 

ঋণ — ধাৰ, দেনা, কৰ্জ।

কথা — শব্দ, উক্তি, বচন, বিৱৰণ, আখ্যান, অভিপ্ৰায়, বাক্য।

কাপোৰ — বস্ত্ৰ, অম্বৰ।

কাণ — কৰ্ণ, শ্ৰৱণেন্দ্ৰিয়।

কটকী — দূত, বার্তাবহ, ৰাজদূত, পাঁচনি, টেকেলা।

কিৰণ — আলোক, ৰশ্মি, পোহৰ, দীপ্তি, জেউতি।

কুসুম — ফুল, পুষ্প।

কন্যা — পুত্ৰী, জীয়েক।

কৃষ্ণা — যদুমণি, যাদৱ, শ্যামকাণু।

কপাল — ভাগ্য।

গছ — বৃক্ষ, বিৰিষ, তৰু। 

গংগা — ভাগীৰথী, জাহ্নবী।

গাখীৰ — দুগ্ধ, দধি।

ঘৰ — গৃহ, ভৱন, আবাস, আলয়, নিলয়, বাসভৱন।

ঘোঁৰা — অশ্ব, হয়, বাজী, তুৰংগ, ঘোটক।

চকু — নয়ন, নেত্র, দর্শনেন্দ্রিয়, লোচন, আঁখি, অক্ষি,

বিশেষ্য বিশেষণৰ পৰিবৰ্তন

১। বিশেষ্যৰ পৰা বিশেষণলৈ আৰু বিশেষণৰ পৰা বিশেষ্যলৈ নিয়া। 

(ক) বন্দী।

(খ) পৃথিৱী।

(গ) মংগল।

(ঘ) সাঁচিপতীয়া।

(ঙ) সৌন্দর্য।

(চ) মহ‍ৎ।

উত্তৰঃ  

বিশেষ্যবিশেষণ
বন্দীবন্দিত।
পৃথিৱীপাৰ্থিৱ।
মংগলমাংগলিক।
বিশেষণবিশেষ্য
সাঁচিপতীয়াসাঁচিপাত।
সৌন্দর্যসুন্দৰ।
মহৎমহান।

প্রত্যয়

১। প্রত্যয় কাক বোলে? উদাহৰণ দি বুজাই লিখা। 

উত্তৰঃ ভাষা একোটাৰ বা মূলৰ সৈতে যিবোৰ সৰ্গ লগ লাগি অইন কিছুমান নতুন নতুন শব্দৰ সাধন কৰে, সেইবোৰ সৰ্গকে প্রত্যয় বোলে।

উদাহৰণস্বৰূপে—

(ক) ৰান্ধ + অন্ + ঈ = ৰান্ধনী।

বহাগ + ঈ = বহাগী।

খেত্ + ই + অক = খেতিয়ক।

কাপোৰ + খন = কাপোৰখন।

বাঘ + ইনী = বাঘিনী।

(খ) কৰ্‌ + আ = কৰা।

খা + অন্ = খাৱন।

পক্ + ইল = পকিল।

শুন + ওঁতা = শুনোঁতা।

খা + ইছ্‌ + ইল + ই = খাইছিল।

ওপৰৰ উদাহৰণবোৰত প্রাতিপদিক আৰু ধাতুৰ সৈতে কিছুমান ভিন ভিন বৰ্ণ যোগ হৈ কিছুমান নতুন নতুন শব্দ সাধন হৈছে। নতুন নতুন শব্দ সাধন কৰা এনেবোৰ সৰ্গকে প্রত্যয় বোলে। ওপৰৰ উদাহৰণবোৰত ক্ৰমে অন্, ঈ, ই, অক, খন, ইনী, আ, অন, ইল, ওঁতা, ইছ, ইল, ই আদিবোৰ সৰ্গৰ উদাহৰণ৷ 

২। প্রত্যয় কেইবিধ উদাহৰণ দি বুজাই লিখা।

উত্তৰঃ প্ৰত্যয় সাধাৰণতে দুবিধ। যেনে— কৃৎ প্রত্যয় আৰু তদ্ধিত প্রত্যয়।

কৃৎপ্রত্যয় : যিবোৰ প্রত্যয়ে বিভিন্ন ধাতুৰ পিছত যোগ হৈ নতুন নতুন শব্দ সাধন কৰে, সেইবোৰ প্ৰত্যয়কে কৃৎ প্রত্যয় বোলে।

তলত এনেধৰণৰ কৃৎ প্রত্যয়ৰ কেইটামান উদাহৰণ দাঙি ধৰা হ’ল।

— অক, মৰ + অক = মৰক।

— অতি, খজুৱা + অতি = খজুৱতী।

— অতী, বো + অতী = বোৱতী।

— অন, বুৰ + আন = বুৰণ।

— অনি, উজা + অনি = উজনি।

— অনী, নাচ + অনী = নাচনী।

— অনিয়াৰ, মাগ + অনিয়াৰ = মাগনিয়া।

— অনীয়া, খোজ + অনীয়া = খোজনীয়া।

— ই, হাঁহ + ই = হাঁহি।

— উৰা, কান্দ + উৰা = কান্দুৰা।

তদ্ধিত প্রত্যয় : বিশেষ্য, বিশেষণ আদি শব্দৰ পিছত যোগ হৈ নতুন শব্দ গঠন কৰা প্ৰত্যয়বোৰক তদ্ধিত প্রত্যয় বোলে।

তলত তদ্ধিত প্রত্যয়ৰ কেইটামান উদাহৰণ দাঙি ধৰা হ’ল।

– অক, খেতি + অক = খেতিয়ক।

– অচয়ী, ঘৰ + অচীয়া = খৰচীয়া।

– অনি, ধান + অনি = ধাননি।

– অৰীয়া, নাও + অৰীয়া = নাৱৰীয়া।

– অলীয়া, গাঁও + অলীয়া = গাঁৱলীয়া।

– আঙ, চোৰ্‌ + আঙ্ = চোৰাং।

– আম, + ফুল + আম = ফুলাম।

– আৰী, জুৱা + আৰী = জুৱাৰী।

– আলি, ঘটক + আলি = ঘটকালি।

– ঈ, কথক + ঈ = কথকী।

তদ্ধিত প্রত্যয়সমূহৰ অৰ্থভেদে আৰু কিছুমান বেলেগ বেলেগ ভাগ দেখা যায়। যেনে— (ক) কেৱল শব্দ সাধনৰ তদ্ধিত প্রত্যয়, (খ) লিংগবাচক তদ্ধিত, (গ) একক গোট বা নিৰ্দেশক তদ্ধিত আৰু (ঘ) বচনবাচক তদ্ধিত প্রত্যয়। 

৩। তদ্ধিত প্রত্যয় কাক বোলে? তদ্ধিত প্রত্যয়ৰ ভাগবোৰ দেখুৱাই উদাহৰণ দি বুজাই লিখা।

উত্তৰঃ বিশেষ অৰ্থ বুজাবৰ নিমিত্তে বিশেষ্য আদি শব্দৰ পাছত যিবিলাক প্ৰত্যয় যোগ দি নতুন শব্দ সাধন কৰা হয়, সেইবিলাক প্রত্যয়কে তদ্ধিত প্রত্যয় বোলে।

অসমীয়া ভাষাত তদ্ধিত প্রত্যয়সমূহক চাৰিটা ভাগত ভাগ কৰি দেখুৱাব পাৰি। যেনে— (ক) কেৱল শব্দৰ সাধনৰ তদ্ধিত, (খ) লিংগবাচক তদ্ধিত, (গ) একক গোট বা নির্দেশক তদ্ধিত আৰু (ঘ) বচনবাচক তদ্ধিত।

যেনে—

(ক) কেৱল শব্দ সাধনৰ তদ্ধিত : তদ্ধিত প্রত্যয়বোৰৰ কিছুমানে প্রাতিপদিক বা শব্দৰ লগত যোগ হৈ যেতিয়া নতুন নতুন শব্দৰ সাধন কৰে, সেইবোৰকে কেৱল শব্দ সাধনৰ তদ্ধিত বোলা হয়।

উদাহৰণস্বৰূপে—

– ই, খেত্ + ই = খেতি।

– অনি, ধান + অনি = ধাননি। 

– অলীয়া, গাঁও + অলীয়া গাঁৱলীয়া।

– ঈ, পেট + ঈ = পেটী।

– ঈয়া, ঢোল + ঈয়া = ঢুলীয়া। 

অৰীয়া, নাও + অৰীয়া = নাৱৰীয়া।

(খ) লিংগবাচক তদ্ধিত : যিবোৰ তদ্ধিত প্রত্যয়ে বিশেষ্য, বিশেষণ আদি শব্দৰ পিছত যোগ হৈ পুৰুষ আৰু স্ত্ৰীৰ লিংগ ভেদ কৰি দেখুৱায়; সেইবোৰ প্রত্যয়কে লিংগবাচক প্রত্যয় বোলে। ইয়াৰ আকৌ দুটা ভাগ হ’ব পাৰে। যেনে— পুংলিগবাচক তদ্ধিত স্ত্রীলিংগবাচক তদ্ধিত প্রত্যয়।

উদাহৰণস্বৰূপে—

আ, মাহ + আ = মহা।

পেহ + আ = পেহা।

মাখন + আ = মখনা।

কাজল + আ = কজলা।

ঈ, বগ + ঈ = বগী।

ইনী, বাঘ + ইনী = বাঘিনী।

নী, বৰা + নী = বৰানী।

অনী, ফুকন + অনী ফুকননী।

(গ) একক গোট বা নির্দেশক তদ্ধিত : কিছুমান তদ্ধিত প্রত্যয়ে গোট বা একক পৰিমাণৰ নিৰ্দেশ কৰে বাবে সেইবোৰ প্ৰত্যয় এই শ্ৰেণীত সোমাই পৰে। এইবোৰ প্ৰত্যয়ক নির্দিষ্টতা বাচক প্রত্যয় বুলিও কোৱা হয়। 

উদাহৰণস্বৰূপে—

টো, খন, ডাল, জন, গৰাকী আদি এনেবোৰ প্ৰত্যয়ৰ উদাহৰণ। যেনে— ল’ ৰাটো, গছডাল, মানুহজন, তিৰোতাগৰাকী আদিত এই প্রত্যয়বোৰৰ প্ৰয়োগ হৈছে।

(ঘ) বচন বাচক তদ্ধিত প্রত্যয় : যিবোৰ প্ৰত্যয় বিশেষ্য, বিশেষণ আদি শব্দৰ পিছত যোগ হৈ বহুবচনৰ অৰ্থ প্ৰকাশ কৰে, সেইবোৰকে বচনবাচক তদ্ধিত প্ৰত্যয় বোলে। উদাহৰণস্বৰূপে, অসমীয়া ভাষাত বোৰ, বিলাক, সকল, জাক, হঁত, মখা আদি বচনবাচক তদ্ধিত প্রত্যয়। যেনে— ল’ ৰাবোৰ, মানুহবিলাক, পণ্ডিতসকল, চৰাইজাক, ল’ৰাহঁত, চেনিমখা ইত্যাদিত বচনবাচক প্রত্যয়সমূহৰ প্রযোগ হৈছে।

৪। তদ্ধিত প্রত্যয় কাক বোলে? অসমীয়া ভাষাৰ কেইটামান তদ্ধিত প্রত্যয়ৰ উদাহৰণ দিয়া।

উত্তৰঃ বিশেষ্য বা বিশেষণ আদি শব্দৰ পাছত যিবোৰ প্ৰত্যয় যোগ হৈ নতুন নতুন শব্দৰ সাধন হয়, সেইবোৰ প্ৰত্যয়কে তদ্ধিত প্রত্যয় বোলে। তলত অসমীয়া ভাষাৰ কেইটামান তদ্ধিত প্রত্যয়ৰ উদাহৰণ দিয়া হ’ল।

– অকখেতি + অক = খেতিয়ক।বুধি + অক = বুধিয়ক।
– অতীয়াআগ + অতীয়া = আগতীয়া।বাপ + অতীয়া = বাপতীয়া।
– অনিকচু + অনি = কচুৱনি। তেল + অনি = তেলনি।
– অৰয়ীনাও + অৰীয়া = নাৱৰীয়া।লগ + অৰীয়া = লগৰীয়া।
– অলীৰঙা + অলী = ৰাঙলী।
– অলীয়ামিছা + অলীয়া = মিছলীয়া। মাজ + অলীয়া = মজলীয়া।
– আঙ্চোৰ + আঙ্ = চোৰাং।থিৰ + আঙ্ = থিৰাং।
– আৰীজুৱা + আৰী = জুৱাৰী। সোণ + আৰী = সোণাৰী।
– আলখং + আল = খঙাল। নেজ + আল = নেজাল।
– ঈকঙাল + ঈ = কঙালী।জোনাক + ঈ = জোনাকী।
– ঈয়াপর্বত + ঈয়া = পৰ্বতীয়া।নেপাল + ঈ = নেপালী।
– উৰাদন্দ + উৰা = দন্দুৰা।মাজ + অলীয়া = মজলীয়া।
– উৱাবজাৰ + উৱা = বজৰুৱা।ঘৰ + উৱা = ঘৰৱা।
– ওৱালীসোণ + ওৱালী = সোণোৱালী।ৰূপ + ওৱালী = ৰূপোৱালী।
– কাৰগল্প + কাৰ = গল্পকাৰ। গীতি + কাৰ = গীতিকাৰ।

৫। কৃৎ প্রত্যয় কাক বোলে? অসমীয়া কৃৎ প্রত্যয়ৰ কেইটামান উদাহৰণ দিয়া।

উত্তৰঃ যিবোৰ প্রত্যয়ে ধাতুৰ পিছত যোগ হৈ নতুন নতুন শব্দ সাধন কৰে, সেইবোৰ প্ৰত্যয়কে কৃৎ প্রত্যয় বোলে। অসমীয়া ভাষাত প্ৰয়োগ হোৱা কৃৎ প্রত্যয় কেইটামানৰ উদাহৰণ তলত দাঙি ধৰা হ ‘ল।

– অকমৰ + অক = মৰক।
– অতিখজুৱা + অতি = খজুৱতি।
– অন্কাট্ + অন্ = কাটন। খা + অন্ = খাৱন। ফুৰ্‌ + অন্ = ফুৰন। মাগ্ + অন = মাগন।
– অনউজা + অনি = উজনি। জান্ + অনি = জাননি। ঢাক্‌ + অনি = ঢাকনি। বুজ্‌ + অনি = বুজনি।
– অনিয়াৰমাগ + অনিয়াৰ = মাগনিয়াৰ। সাঁচ + অনিয়াৰ = সাঁচনিয়াৰ।
– অনীদা + অনী = দাৱনী। ৰো + অনী = ৰোৱনী।
– অৰিয়াখা + অৰীয়া = খাৱৰীয়া। পল + অৰীয়া = পলৰীয়া।
– আৰুযুঁজ + আৰু = যুঁজাৰু। শিক + আৰু = শিকাৰু।
– ঈয়াৰাখ + ঈয়া = ৰখীয়া। মাৰ + ঈয়া = মৰীয়া।
– উৰাকান্দ্ + উৰা = কান্দুৰা। কাহ + উৰা = কাহুৰা।
– ওনাপা + ওনা = পাওনা।
– উৱৈপঢ় + উৱৈ = পঢ়ুৱৈ।
– অনীয়াখোজ + অনীয়া = খোজনীয়া। বিলা + অনীয়া = বিলনীয়া।
– অনাখুন্দ্ + অনা = খুন্দনা। বাজ্ + অনা = বাজনা।
– অতীয়াসাঁচ + অতীয়া = সাঁচতীয়া।

৬। তলৰ শব্দত কি প্রত্যয় যোগ হৈছে লিখা। 

গৰু, টেঙেচি, পানখিলা, পতিয়ন, বুধিয়ক, বাঘিনী, ৰূপহ।

উত্তৰঃ গৰু = গো + ৰূপ।

টেঙেচি = টেঙা + চি।

পানখিলা = পান + খিলা।

পতিয়ন = পতিয়া + অন্।

বুধিয়ক = বোধ + ই + অক।

বাঘিনী = বাঘ + নী।

ৰূপহ = ৰূপ + হ।

৭। তলৰ শব্দত কি প্রত্যয় যোগ হৈছে লিখা। 

বিহুৱা, কথকী, ৰূপহ, পতিয়ন, তলতীয়া, খাৱন, অঘাইত।

উত্তৰঃ বিহুৱা = বিহু + উৱা।

কথকী = কথা + অক্ + ঈ।

ৰূপহ = ৰূপ + হ।

পতিয়ন = পতিয়া + অন।

তলতীয়া = তল + অতীয়া।

খাৱন = খা + অন্।

অঘাইত = অঘ + আইত্।

৮। তলৰ শব্দত কি প্রত্যয় যোগ হৈছে লিখা। 

ঔৱা, কথকী, গঞা, দঁতুৱা, দেখনিয়াৰ, পতিয়ন, মিছলীয়া।

উত্তৰঃ ঔৱা = ঔ + আ।

কথকী = কথা + অক্ + ঈ।

গঞা = গাঁও + ঈয়া।

দঁতুৱা = দাঁত + উৱা।

দেখনিয়াৰ = দেখ্‌ + অন্ + ইয়াৰ।

পতিয়ন = পতিয়া + অন্। 

মিছলীয়া = মিছা + অলীয়া।

৯। তলৰ শব্দত কি প্রত্যয় যোগ হৈছে লিখা।

গঞা, পৈয়েৰা, ফঁপৰা, দৰদী, ৰণথলী, শেহতীয়া। 

উত্তৰঃ গঞা = গাঁও + ইয়া।

পৈয়েৰা = পৈ + এৰা।

ফঁপৰা = ফাঁপৰ + আ।

দৰদী = দৰদ + ঈ।

ৰণথলী = ৰণথল + ঈ।

শেহতীয়া = শেহ + অতীয়া।

১০। অসমীয়া ভাষাৰ নিৰ্দিষ্টতাবাচক প্রত্যয় কাক বোলে বুজাই লিখি কেইটামান প্রত্যয়ৰ কথা উল্লেখ কৰা। অথবা নির্দেশাত্মক প্রত্যয় কাক বোলে? উদাহৰণ দি বুজাই লিখা। 

উত্তৰঃ কোনো বস্তু বা বিষয় আদিক নিৰ্দিষ্টকৈ বুজাবলৈ অসমীয়া ভাষাত কিছুমান প্রত্যয় ব্যৱহাৰ কৰা হয়। এইবোৰ প্ৰত্যয়কে নির্দিষ্টবাচক বা নির্দেশাত্মক প্ৰত্যয় বোলে। এই প্রত্যয়বোৰ বিশেষ্য, বিশেষণ আৰু সংখ্যাবাচক শব্দৰ উপৰি, দ্বিতীয় পুৰুষৰ বাহিৰে আন কিছুমান সৰ্বনামৰ পিছতো যোগ হয়। শব্দ বিভক্তি যোগ হ’লে সেইবোৰৰ পাছতহে যোগ হয়। অসমীয়া ভাষাৰ নিৰ্দিষ্টতাবাচক প্ৰত্যয় কিছুমানৰ উদাহৰণ তলত দাঙি ধৰা হ’ল।

(ক) – আখি – কলআখি।

(খ) – কণ – ক্ষুদ্রার্থে কণি ল’ৰাকণ, ল’ৰাকণি, ছোৱালীকণি।

(গ) – কুৰা – জুইকুৰা।

(ঘ) – খিলা – পাণখিলা, কাগজখিলা।

(ঙ) – গাল – ভাতগাল, মুৰিগাল।

(চ) – ঘৰ – মানুহঘৰ, দৰাঘৰ।

(ছ) – চপৰা – মাটিচপৰা।

(জ) – জাক – চৰাইজাক।

(ঝ) – ফাকি – কথাফাকি, কবিতাফাকি।

(ঞ) – টো – আমটো, মানুহটো, মাছটো।

(ট) – খন – কাগজখন, ঢাৰিখন।

(ঠ) – ডাল – বাঁহডাল, মাৰিডাল। 

(ড) – জন – মানুহজন, ল’ৰাজন, সিজন, ইজন।

(ঢ) – গৰাকী – মানুহগৰাকী, তিৰোতাগৰাকী, মন্ত্ৰীগৰাকী ইত্যাদি। 

ইয়াৰ উপৰি ঘটি, চমকা, চলু, চাব, চেলেকা, ছটা, ছোৱা, জোপা, টুকুৰা, থান, থোকা, থোপা, দোঙা, পাট, পাব, পাহ আদি বহুতো শব্দৰ নিৰ্দিষ্টতাবাচক প্রত্যয় হিচাপে প্রয়োগ হোৱা দেখা যায়।

১১। অসমীয়া ভাষাক পুৰুষবাচক নিৰ্দিষ্টতাবাচক প্রত্যয়সমূহৰ বিষয়ে এটি চমুটোকা লিখা।

উত্তৰঃ অসমীয়া ভাষাত সম্বন্ধ বুজোৱা আই, বোপাই, মা, দেউতা, পেহা, পেহী আদি বিভিন্ন শব্দবোৰৰ পাছত কিছুমান প্রত্যয় যোগ দিয়া হয়। এই প্রত্যয়বোৰৰ প্রয়োগত এটা নিৰ্দিষ্ট বৈশিষ্ট্য দেখা যায়। সাধাৰণতে সম্বন্ধবাচক শব্দৰ সৈতে জড়িত সর্বনাম শব্দৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰুষ অনুযায়ী এই প্রত্যয়বোৰ ভিন ভিন হোৱা দেখা যায়। এনেবোৰ প্ৰত্যয়কে অসমীয়া ভাষাত পুৰুষবাচক নির্দিষ্টতাবাচক প্রত্যয় বুলি জনা যায়। তলত এই প্রত্যয়বোৰ দেখুওৱা হ ‘ল—

(ক) – ০ (একো যোগ নহয়) এৰ, এৰা, এক। 

(খ) সম্বন্ধ বুজোৱা শব্দটো আকাৰন্ত হ’লে প্ৰত্যয়বোৰৰ ৰূপ হ’ব — ০ (একো যোগ নহয়), ৰ, ৰা, ক। 

যেনে— মোৰ আই, তোৰ মায়েৰ, তোমাৰ মায়েৰা, তাৰ মাক মোৰ পেহী, তোৰ পেহীয়েৰ, তোমাৰ পেহীয়েৰা, তাৰ পেহীয়েক মোৰ মোমাই, তোতৰ মোমায়েৰ, তোমাৰ মোমায়েৰা, তাৰ মোমায়েক মোৰ দাদা, তোৰ দদায়েৰ, তোমাৰ দদায়েৰা, তাৰ দদায়েক। সৰ্বনাম শব্দৰ বহুবচনৰ ক্ষেত্ৰতো এই প্রত্যয়বোৰ একেধৰণেই প্রয়োগ হ’ব।

বিশেষ বিশেষ অৰ্থত ব্যৱহাৰ হোৱা কিছুমান শব্দৰে বাক্য-ৰচনা

১। তলত উল্লেখ কৰা জতুৱা ঠাঁচবোৰৰ অৰ্থ প্ৰকাশ কৰি বাক্য ৰচনা কৰা।

উত্তৰঃ (১) অজীন পাতকী : (কাৰো লগত মিলিব নোৱাৰা লোক) সি অজীন পাতকী বাবে কাৰো লগত প্ৰিয় হ’ব নোৱাৰে। 

(২) অহুকাণে পহুকাণে : (অ’ৰ-ত’ৰ পৰা) তাৰ বিয়াৰ খবৰটো অহুকাণে- পহুকাণে গম পাইছো।

(৩) আঁচলৰ ধন : ৰমেন মাক-দেউতাকৰ আঁচলৰ ধন আছিল। 

(৪) আকাশত চাং পতা : (অস্বাভাৱিক কল্পনা কৰা) আকাশত চাং পতা কথাবোৰেৰে পেট নভৰে। 

(৫) আঁঠু লোৱা : (শৰণাপন্ন হোৱা) ভুল কৰিলি যেতিয়া মাষ্টৰৰ ওচৰত আঁঠু ল’বই লাগিব। 

(৬) আঁঠুৱা তলৰ মহ : (সমুলি পৰৰ অধীন হোৱা) আঁঠুৱা তলৰ মহ হোৱা বাবে সি নিবিচৰাকৈ মিছা কথা ক’বলগীয়া হ’ল।

(৭) আঙুৱা ভৰা : (প্ৰবঞ্চনা কৰা) কাম কৰিবলৈ আহিম বুলি আগতিয়াকৈ পইচা নি তাই মোক আভুৱা ভৰিলে।

(৮) অজৌ গছত ৰজৌ গুটি : (অতি দুষ্ট) নতুনকৈ স্কুলত অহা ল ‘ৰাটো অজৌ গছৰ বজৌ গুটি দেই। 

(৯) আলাসৰ লাৰু : (অতি মৰমৰ) সিহঁতৰ আলাসৰ লাৰু একমাত্ৰ সন্তানটোক ভগবানে কাঢ়ি নিলে।

(১০) অলপ পানীৰ মাছ : (দুৰ্বল) শত্ৰুক কেতিয়াও অলপ পানীৰ মাছ বুলি লাই নিদিবা।

(১১) উঠিপৰি লাগ : (অহোপুৰুষাৰ্থ কৰ) আটায়ে উঠিপৰি লাগি কামটো কৰিলেহে সমাধা হ’ব।

(১২) উৰহীৰ ওৰ : (কোনো কথাৰ প্ৰকৃত ৰহস্য) তোমাৰ কথাখিনি শুনিহে মই উৰহীৰ ওৰ ধৰিব পাৰিলোঁ। 

(১৩) ঊনৈশত বা বলা : (আনন্দত ঘূৰি ফুৰা) নতুন গাড়ী পাই তাৰ ঊনৈশত বা বলিছে।

(১৪) একাদশত বৃহস্পতি : (ভাগ্য সুপ্রসন্ন হোৱা) তাৰ একাদশত বৃহস্পতি হোৱা বাবে জয়জয় ময়ময় হ’ব লাগিছে। 

(১৫) এলাইবাদু : (কোনো কামৰ নোহোৱা) এলাইবাদু হৈ সি কিদৰে কামটো পালেনো?

(১৬) কথা চহকী : (বেছিকৈ কথা কোৱা লোক) ইমান কথা চহকী বাবে তেওঁক মোৰ ভাল নালাগে। 

(১৭) কুন্দত কটা : (অতি ধুনীয়া) এই বদমাছ ল’ৰাটোৱে এইহেন কুন্দত কটা ছোৱালীজনী লৈ আহিল।

(১৮) কাঁহ পৰি জিন যোৱা : (নিজম বা নিস্তব্ধ হোৱা) শংকৰদেৱে কথা কোৱাত ৰজা নৰনাৰায়ণৰ ৰাজসভা কাঁহ পৰি জিন গৈছিল।

(১৯) কাঠ সংস্কাৰ কৰা : (মৃতকৰ সংস্কাৰ কৰা) কোনো নাহিল বাবে ওচৰ-চুবুৰীয়াই তেওঁৰ কাঠ সংস্কাৰ কৰিলে। 

(২০) খাই পাত ফলা : (অশলাগী) তই খাই পাত ফলা লোক বাবেই মোৰ বিপদত এবাৰ দেখা নিদিলি। 

(২১) গাই-বাই চা : (চেষ্টা কৰি চা) এইবাৰ গাই-বাই চাই কামটো সমাধা কৰিবা।

(২২) গাখীৰতে ম’হৰ খুটি : (শুভদিন উপস্থিত হোৱা) নতুন গাড়ী লৈছেহে; চাকৰিটো হাতত লাগিল তাৰ গাখীৰতে ম’হৰ খুঁটি। 

(২৩) গোজেই গজালি মেলা : (অস্থায়ী স্থায়ী হৈ পৰা) বিভিন্ন প্ৰান্তৰ পৰা লোক আহি অসমত গোজেই গজালি মেলিছে। 

(২৪) চকুৰে সৰিয়হ ফুল দেখা : (বহুত কষ্ট পোৱা) মানুহৰ মাৰত ল’ৰাটোৱে চকুৰে সৰিয়হ ফুল দেখিছে।

(২৫) চুকৰ ভেকুলী : (একো নজনা লোক) আজিৰ যুগত তোৰ দৰে চুকৰ ভেকুলীৰ কোনো মূল্য নাই।

(২৬) চালে চকু ৰোৱা : (বৰ ধুনীয়া) তুমি ঘৰটো সঁচাকৈয়ে চালে চকু ৰোৱাকৈ তৈয়াৰ কৰিছা।

(২৭) জয়দেউ কাকূতি : (বৰকৈ কৰা মিনতি) জয়দেউ কাকৃতি কৰিও সৰু ছোৱালীজনীয়ে তাইৰ পৰা ৰক্ষা নাপালে।

(২৮) জাকত জিলিকা : (চকুত লগা) তিৰোতা গৰাকী সুন্দৰ সাজপাৰেৰে জাকত জিলিকা হৈ পৰিছে।

(২৯) টিঙিৰি তুলা : (বৰ খঙাল) ইমান টিঙিৰি তুলা হৈ ধৈৰ্য নেহেৰুৱাবি। 

(৩০) টুপাই বুৰ মাৰ : (ফাঁকি দিয়া) বিপদত পৰিলে টকা ধাৰলৈ দিম বুলি সময়ত সি টুপাই বুৰ মাৰিলে।

(৩১) ডলাৰ বগৰী : (থান-থিত নথকা) ডলাৰ বগৰী হৈ ঘূৰি ফুৰিলে তোৰ ক’ত সংস্থাপন হ’ব।

(৩২) ডাং-কটা : (অতি দুষ্ট) সেই তিৰোতাজনী বৰ ডাং কটা দেই। 

(৩৩) ঢৌতে খৰ মাৰ : (জঞ্জালৰ মাজতো সময় উলিওৱা) আপুনি ঢৌতে খৰ মাৰি কামটো কৰি দিয়া বাবে ধন্যবাদ।

(৩৪) ঢোলৰ লগত টেমেকা : (লগত এনেয়ে লগৰী হোৱা) ঢোলৰ লগৰ টেমেকা হৈ সি মন্ত্ৰীৰ পিছত ঘূৰি ফুৰে।

(৩৫) তৰা নৰা ছিঙা : (বৰ বেগেৰে) খবৰটো শুনি সি তৰা নৰা ছিঙি দৌৰিব লাগিল।

(৩৬) তলি উদং : (একো নথকা) ঘৰখন ইমান তলি উদং কৰিব ৰাখিব লাগেনে?

(৩৭) থৰকাছুটি এৰ : (বিতত্‌ হোৱা) প্ৰকাণ্ড সাপটোৱে তাৰ থৰকাছুটি এৰালে।

(৩৮) তিতা কেঁহা লগা : (আমনিদায়ক হৈ পৰা) একেটা কাম কৰি কৰি তাৰ হেনো তিতা কেঁহা লাগিছে।

(৩৯) তেজক পানী কৰ : (অতি পৰিশ্ৰম কৰা) তেজক পানী কৰি সি টকাখিনি উপাৰ্জন কৰিছিল।

(৪০) ধোৱাখুলীয়া : (অতি খৰছী) ধোৱাখুলীয়া লোকৰ উন্নতি নাই। 

(৪১) নলে গলে লগা : (অতি বন্ধু) নলে গলে লগা বন্ধু হৈও ৰাজুই তাক বিশ্বাসঘাটকতা কৰিলে। 

(৪২) নপতা ফুকন : (নিজে নিজে ডাঙৰ মানুহ হোৱা) সি নপতা ফুকনটো হৈ থাকিলে ক’ত আদৰ পাব।

(৪৩) পানীৰ তলৰ কাঁইট : (অজান শত্রু) তাক পানীৰ তলৰ কাঁইট বুলি ভবা নাছিলো দেই।

(৪৪) পোটক তোল : (প্রতিশোধ লোৱা) এইবাৰ তাৰ পোটক তুলিহে এৰিম। 

(৪৫) ফুটুকাৰ ফেন : (অসাৰ) ইমান তাইক বুজালোঁ, সকলো ফুটুকাৰ ফেন হ’ল। 

(৪৬) বিধি পথালি দিয়া : (কামত বাধা দিয়া) কবিতাৰ বিয়াখন হ’বলগীয়া আছিলেই; পিছে ককায়েকে বিধিপথালি দিলে।

(৪৭) বিনা মেঘে বজ্রপাত : (বিপদ উপস্থিত হোৱা) একমাত্র উপার্জনক্ষম মানুহটো ঢুকালত সিহঁতৰ বাবে বিনা মেঘে বজ্ৰপাত যেন লাগিল। 

(৪৮) বিৰ দি বাট নোপোৱা : (বহুত মানুহ উপস্থিত হোৱা) ৰাসত অনুষ্ঠিত হোৱা থিয়েটাৰ ভগাৰ লগে লগে ৰাষ্টাত বিৰ দি বাট নোপোৱা হ’ল। 

(৪৯) বুকুৰ কুটুম : (অতি মৰমৰ) ৰিমি অতি কম দিনৰ ভিতৰতে মোৰ বুকুৰ কুটুম হৈ পৰিল।

(৫০) ভাত উঠা : (আয়ুস নাইকিয়া হোৱা) বেমাৰ যিমানহে লাগিছে এতিয়া ভাত উঠিব যেনহে পাওঁ।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top