বন্যপ্রাণী সংৰক্ষণ ৰচনা | Wildlife Conservation Essay in Assamese

বন্যপ্রাণী সংৰক্ষণ ৰচনা | Wildlife Conservation Essay in Assamese

Join Telegram channel

বন্যপ্রাণী সংৰক্ষণ: এই বিশাল বিশ্বৰ জীৱজগৎ অসীম অনন্ত আৰু অতিকে ৰহস্যময়। অনুজীৱৰ পৰা আৰম্ভ কৰি হাজাৰ হাজাৰ শ্ৰেণীৰ জীৱৰে বিশাল বিশ্ব পৰিপূৰ্ণ। দুখৰ কথা যে মূলতঃ জীৱশ্ৰেষ্ঠ মানুহৰ স্বাৰ্থপৰতা, অৱহেলা তথা অপৰিণামদর্শিতাৰ বাবে বহু আকর্ষণীয় জীৱৰ এই পৃথিৱীৰ পৰা চিৰ বিলুপ্তি ঘটিছে। উল্লেখ্য যে প্রত্যেক বস্তুৱেই সদায় এটাৰ লগত আনটোৰ সম্পর্ক জড়িত হৈ থাকে, সি জীৱই হওক বা জড় বস্তুৱেই হওক৷ মানুহৰ লগতো ক’ৰবাত নহয় ক’ৰবাত প্ৰত্যক্ষ কিম্বা পৰোক্ষভাৱে হ’লেও অন্যান্য জীৱৰ সম্পৰ্ক নিহিত হৈ আছে। সেয়ে বর্তমান এই সম্পৰ্কৰ কথা চিন্তা কৰি আৰু ভবিষ্যতৰ কথা চিন্তা কৰি দেশে দেশে বন্যপ্রাণী সংৰক্ষণৰ প্ৰতি গুৰুত্ব আৰোপ কৰিবলৈ লৈছে। এই দিশত ভাৰতবৰ্ষও পিছ পৰি থকা নাই।

বন্যপ্রাণী সংৰক্ষণ

জীৱৰ বিলুপ্তি আৰু বিলোপ-সম্ভাৱনা

প্ৰাণী-বিশেষজ্ঞসকলৰ মতামত অনুযায়ী ১৬০০ খ্ৰীষ্টাব্দৰ পিছৰে পৰা প্ৰায় ১৩৪ বিধ ভিন্ন প্ৰজাতিৰ চৰাই আৰু স্তন্যপায়ী প্রাণী পৃথিৱীৰ পৰা চিৰকাললৈ হেৰাই গৈছে। সম্প্ৰতি বাঘৰ সংখ্যাও কমি আহিছে তথা নিশ্চিহ্ন হোৱাৰ পথলৈ আগবাঢ়িছে। ইয়াৰ উপৰি অন্যান্য জন্তু, যেনে— গঁড়, হাতী আৰু ভিন্ন প্ৰজাতিৰ পহু আদি দিনে দিনে হ্রাস হৈ আহিছে; এইক্ষেত্ৰত সতৰ্ক নহ’লে এই প্রাণীবিলাকো ইতিহাসত পৰিণত হ’ব।

Read Also: পালছ পোলিঅ’ টীকাকৰণ ৰচনা | Pulse polio vaccination Essay in Assamese

প্ৰাণীৰ বিলুপ্তিৰ ভিন্ন কাৰণ

প্ৰাণীবিলুপ্তিৰ প্ৰত্যক্ষ তথা পৰোক্ষ বহু কাৰণ নিহিত হৈ আছে। অৱশ্যে হিচাপবিহীন চিকাৰে প্রাণীবিলুপ্তিৰ ক্ষেত্ৰত বেছি প্রভাব বিস্তাৰ কৰিছে। বিশেষকৈ আমাৰ ভাৰতবৰ্ষত কিছুমান নির্দিষ্ট প্রাণী হত্যা কৰা হয় ব্যক্তিগত লাভালাভৰ বাবে। খড়গৰ বাবে, মূল্যবান দাঁতৰ বাবে হাতী তথা চাৰাৰ বাবে ঘৰিয়াল আদিৰ নিধন যজ্ঞ অহৰহ চলি আছে। সেইদৰে সৰহসংখ্যক কীট-পতংগ নিধন হয় মানুহে ভিন্ন কাৰণত প্ৰয়োগ কৰা ৰাসায়নিক দ্ৰব্যৰ জৰিয়তে। এনে কীট-পতংগৰ নিধনৰ ফলত প্ৰধানকৈ ইবোৰ খাই জীয়াই থকা অন্যান্য প্ৰাণীৰ খাদ্য অভাৱ আহি পৰে। অৱশ্যে সৰহসংখ্যক জীৱৰ প্ৰথম বিপদ হৈছে স্থানাভাৱৰ সমস্যা। জনস্ফীতিৰ বাবে কেৱল ভাৰতবৰ্ষতে নহয় বৰং সমগ্ৰ পৃথিৱীতে অৰণ্য অঞ্চল ক্ৰমে সংকুচিত হৈ আহিছে। মানুহে বেছি পৰিমাণে খালি ঠাইত নাইবা অবণ্য ভাঙি ঘৰ সাজিছে, জনবসতি গঢ়ি তুলিছে আৰু ইয়াৰ প্ৰভাৱে অৰণ্যবাসী বহু জীৱক বিপন্ন কৰি তুলিছে। আমাৰ ভাৰতবৰ্ষৰ দৰে উন্নয়নশীল দেশত কৃষিভূমিৰ বাবে অৰণ্য জ্বলোৱা কাৰ্যই অৰণ্য ধ্বংসত অৰিহণা যোগাইছে।

সমস্যা সমাধানৰ উপায়

ভাৰতবৰ্ষৰ নিচিনা দেশত কেৱল লুপ্তপ্রায় বন্য প্রাণীৰ চিকাৰ বন্ধ কৰিলেই নহ’ব লগতে সেই প্ৰাণী বা প্রাণীদেহৰ বিভিন্ন অংগ বিদেশলৈ ৰপ্তানি কৰাও বন্ধ কৰিব লাগিব। এনে দিশত মার্কিন যুক্তৰাষ্ট্ৰ অনেক আগুৱাই গৈছে, বিশেষকৈ তেওঁলোকৰ চৰকাৰে ১৯৭৩ চনত লুপ্তপ্রায় বন্যপ্রাণী আইন প্রণয়ন কৰি লুপ্তপ্রায় প্রাণী আৰু প্ৰাণীদেহৰ অংগ বিদেশৰ পৰা ক্ৰয় কৰাটো নিষিদ্ধ কৰিছে। আপাততঃ যিমান দিনলৈকে পৃথিৱীৰ সকলো দেশে বিলুপ্ত হ’বলৈ ধৰা প্ৰাণীৰ বেচা-কিনা বন্ধ নকৰিব, সিমান দিনলৈকে প্ৰাণীৰ বিলুপ্তি ঘটিয়ে থাকিব। বর্তমান ভাৰতবৰ্ষত বন্যপ্রাণী সংৰক্ষণৰ দিশত বিজ্ঞানীসকলে আশাৰ বতৰা দিছে। বিশেষকৈ ৰেডিঅ’ ছিগ্‌নেলৰ দ্বাৰা প্ৰাণীৰ গতিবিধি আৰু অন্যান্য দিশত পর্যবেক্ষণ কৰাৰ ক্ষেত্ৰত দিনে দিনে যথেষ্ট সহায়ক হৈ আহিছে। অন্যহাতে চিৰিয়াখানাবিলাকেও লুপ্তপ্রায় প্ৰজাতিৰ জীৱক সংৰক্ষণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। বৰ্তমান ভাৰতবৰ্ষৰ বহুকেইখন অৰণ্যটো বন্য-জীৱৰ সহজ তথা স্বাভাৱিক জীৱনযাত্ৰাৰ প্ৰতি গুৰুত্ব আৰোপ কৰিছে।

Read Also: Class 11 Education Question Answer

ৰাষ্ট্ৰীয় উদ্যান অভয়াৰণ্য

ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় উদ্যানবিলাক (National Park)ৰ ভিতৰত উত্তৰ প্ৰদেশৰ কৰবেট নেছনেল পার্ক সর্বজন সমাদৃত। ৫২৫.৮০ বৰ্গ কিলোমিটাৰ আগুৰি থকা কৰ্বেট পাৰ্কখন সমুদ্রপৃষ্ঠৰ পৰা ১২০০ ৰ পৰা ৪০০০ ফুট উচ্চতাত অৱস্থিত। বাঘ, হাতী, ভালুক, বনগাহৰি, চম্বৰ, হৰিণা আদিৰে পূৰ্ণ কৰ্বেট পাৰ্কৰ সম্পৰ্কে বিখ্যাত চিকাৰী তথা লেখক জিম কৰ্বেটে তেওঁৰ গ্ৰন্থত লিখি থৈ গৈছে- “ভাৰতবৰ্ষত যদি বাঘ বিলুপ্তি হয় তেন্তে এই দেশে সকলোতকৈ সুন্দৰ জীৱ এটি হেৰুৱাই দৰিদ্ৰ হ’ব।” মধ্যপ্ৰদেশৰ ‘কানহা’ অৰণ্যও বাঘৰ বিচৰণ ভূমি হিচাপে বিখ্যাত। ২৫৬ বর্গ কিলোমিটাৰ আবৰি থকা এই অৰণ্যখন ১৯৫৫ চনত নেছনেল পাৰ্কৰ মৰ্যাদা প্রদান কৰা হৈছিল। বাঘৰ বাদেও দীঘল শিঙৰ হৰিণৰ বাবে ‘কান্‌হা’ বিখ্যাত।

অসমৰ কাজিৰঙা অভয়াৰণ্য এক খড়গযুক্ত গড়ব বাবে পৃথিৱীবিখ্যাত। ৪৩০ বর্গ কিলোমিটাৰ আগুৰা কাজিৰঙা বনৰীয়া ম’হ, হৰিণ, বনগাহৰি, হাতী, মেথোন আৰু নানাবিধ চৰাইৰ বাসস্থান। সেইদৰে অসমৰ মানস অভয়াৰণ্যও হাতী, গড়, ম’হ, বাইচন, বাঘ, হৰিণ তথা নানাবিধ হাঁহ আৰু চৰাইৰ বাবে বিখ্যাত। গুজৰাটৰ গিৰ অভয়াৰণ্য সিংহ সংৰক্ষণৰ বাবে বিখ্যাত। ভাৰতবৰ্ষৰ একমাত্ৰ এই অৰণ্যতে সিংহ দেখিবলৈ পোৱা যায় ৷ দক্ষিণ ভাৰতৰ ‘মুদুমালাই আৰু পেৰিয়াৰ’ অভয়াৰণ্য হাতী, বাইচন, হৰিণ, কৃষ্ণমৃগ, বাঘ আদি বন্যজন্তুৰ বাবে বিখ্যাত। সেইদৰে পশ্চিমবঙ্গৰ সুন্দৰবন, ৰয়েল বেংগল টাইগাৰ’ৰ বাবে প্ৰসিদ্ধ ৷ বিশেষকৈ সুন্দৰবনত ব্যাঘ্ৰ প্ৰকল্পৰ যোগেদি বাঘ সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। উল্লিখিত অভয়াৰণ্যৰ উপৰি উৰিষ্যাৰ চিমলিপাল, কৰ্ণাটকৰ বান্দিপুৰ আদিৰ জনপ্রিয়তাও কম নহয়৷

উপসংহাৰ

ভাৰতবৰ্ষত মুঠ ৫৩ খন নেছনেল পার্ক তথা ২৪৭ খন অভয়াৰণ্য (Sanctuary) আছে। দেশৰ সৰ্বমুঠ মাটিকালিৰ শতকৰা ১২ ভাগ অর্থাৎ প্রায় ৯০,০০০ বর্গ কিলোমিটাৰ বনাঞ্চলে আগুৰি আছে। কিন্তু দুখৰ কথা যে এনে বিস্তৃত অৰণ্য থকা স্বত্বেও বন্যজীৱ সুৰক্ষিত নহয়। চোৰাং চিকাৰীয়ে জন্তুৰ শিং, দাঁত, চামৰা তথা হাঁড়ৰ বাবে ক্রমাগতভাৱে বন্য জন্তু হত্যা কৰি আহিছে। আনহাতে দোষী ধৰা পৰিছে যদিও দোষীৰ দৃষ্টান্তমূলক শাস্তি হৈছে বুলি ক’ব নোৱাৰি। বৰ্তমান প্ৰত্যেক ৰাজ্যিক চৰকাৰে চোৰাং চিকাৰ ৰোধ কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে যদিও সফল হৈছে বুলি একে আষাৰে ক’ব নোৱাৰি। আমাৰ জনগণে ব্যক্তিগতভাৱে বন্যপ্ৰাণী সংৰক্ষণত সহায় কৰিব লাগিব, অন্যথা ভবিষ্যতে ইবোৰৰ বিলুপ্তি তথা ধ্বংস মানুহৰ বাবেই অত্যন্ত বিপজ্জনক হৈ পৰিব।

আমি আশা কৰিছো বন্যপ্রাণী সংৰক্ষণ ৰচনাটোৱে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ বন্যপ্রাণী সংৰক্ষণ ৰচনাৰ সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top