পালছ পোলিঅ’ টীকাকৰণ ৰচনা | Pulse polio vaccination Essay in Assamese

পালছ পোলিঅ’ টীকাকৰণ ৰচনা | Pulse polio vaccination Essay in Assamese

Join Telegram channel

শিশুসকল হ’ল ভৱিষ্যতৰ আশা আৰু ভৰসা। এওঁলোকৰ মাজতেই ভৱিষ্যতৰ নানান সপোন লুকাই থাকে। এওঁলোকেই হ’ব দেশৰ ভৱিষ্যৎ নাগৰিক৷ এওঁলোকৰ মাজৰ পৰাই হয়তো আমি পাম ভৱিষ্যতৰ কোনোবা জ্ঞানী-গুণী নেতা, বিখ্যাত শিল্পী, কবি, সাহিত্যিক বা বিজ্ঞানী। তাৰ কাৰণে প্ৰথমেই প্রয়োজন হয় ইহঁতৰ সঠিক লালন-পালন। যিহেতু সুস্থ পৰিচৰ্যাৰ মাধ্যমেৰেই তাৰ ক্ৰমবিকাশ সম্ভৱ৷ ইয়াৰ কাৰণে লাগে ভাল আৰু পুষ্টিকৰ খাদ্য যিয়ে সুস্থ, সবল কৰি ৰাখিব পাৰে। কিন্তু স্বাধীনতাৰ প্ৰায় ৬০ বছৰৰ পিছতো আমাৰ দেশৰ শিশুসকলৰ এটা বিৰাট অংশ অপুষ্টি আৰু বেমাৰৰ চিকাৰ হোৱা দেখা হৈছে।

পালছ পোলিঅ' টীকাকৰণ

ভাৰতবৰ্ষ বৰ্তমান অন্যান্য উন্নয়নশীল দেশবিলাকৰ ভিতৰত অন্যতম। কিন্তু ইয়াত এতিয়াও অধিকাংশ শিশু জন্মগ্রহণ কৰাৰ পিছত অনাহাৰে, পোহৰ-বতাহহীন আন্ধাৰ অসুস্থ পৰিৱেশত বসবাস কৰাৰ ফলত অপুষ্টিত ভোগে। তাৰ ফলত এওঁলোক সহজেই নানা প্রকাৰ বেমাৰত আক্রান্ত হয়। এই ৰোগবোৰৰ ভিতৰত অন্যতম আৰু মাৰাত্মক ৰোগ হ’ল পোলিঅ’। এই ৰোগত আক্রান্ত শিশুসকল শাৰীৰিকভাৱে বিকলাংগ হৈ পৰে। ৰোগাক্রান্ত শৰীৰত দুঃসহ যন্ত্রণা তো আছেই, লগতে অচল অংগ-প্রত্যংগত কর্মক্ষমতা নথকাত আনৰ গলগ্ৰহ হৈ গোটেই জীৱন থকিবলগীয়া হয়। সকলো সময়তেই আনৰ কৰুণাৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোক এক দুঃসহ জীৱন যাপন কৰিবলৈ বাধ্য হয়। সমীক্ষা অনুযায়ী পৃথিৱীৰ ভিতৰত ভাৰততেই পোলিঅ’ ৰোগাক্ৰান্তৰ সংখ্যা বেছি। উন্নয়নশীল দেশবোৰৰ অন্যতম হৈও এই অনগ্ৰসৰতা নিতান্তই হতাশাজনক।

পোলিঅ’ৰ প্রকোপ | Polio outbreaks

ভাইৰাছে পোলিঅ’ ৰোগৰ জীবাণু বহন কৰে। এইটো প্ৰধানতঃ মানৱদেহতেই বাস কৰে। এইবোৰে প্ৰধানতঃ মানৱদেহৰ মলৰ পৰা জীৱন ধাৰণ কৰে। কিন্তু ইহঁতৰ আয়ু বিশ্লেষণ কৰিলে দেখা যায় যে ইহঁত পানীত বাঁচি থাকে চাৰি মাহ আৰু মলত বাঁচে ছমাহ। প্ৰকৃতিত ইহঁতৰ তিনি প্ৰকাৰৰ প্রজাতি পোৱা যায়। ইহঁতৰ যিকোনো এটা প্ৰকাৰৰ পৰাই মানুহ পোলিঅ’ ৰোগাক্রান্ত হ’ব পাৰে। ইহঁত প্রথমে পানী আৰু খাদ্যৰ মাজেদি মানৱদেহত প্ৰৱেশ কৰে। পিছত পর্যায়ক্রমে অন্ধ্ৰ আৰু স্নায়ুতন্ত্ৰলৈকে ইয়াৰ দ্বাৰা আক্ৰান্ত হয় আৰু অংগ-প্ৰত্যংগবোৰ ক্ৰমশঃ পংগু হৈ যায়। ৰোগ ভোগ কৰি শিশুটো ক্রমশঃ বিবশ আৰু বিবৰ্ণ হৈ পৰে। লাহে লাহে হাত-ভৰিবোৰ ক্ষীণাই যায় আৰু কেতিয়াবা বেঁকা হৈ যায়। এই ক্ষেত্ৰত চিকিৎসকসকলে একো কৰিব নোৱাৰে। তেওঁলোক

ৰ অভিমত অনুযায়ী এই ৰোগৰ অবধাৰিত ফল হ’ল বিকলাংগতা। অপুষ্টিৰ ফলত পেশীবোৰ ক্ৰমশঃ শুকাই যায়। বর্তমান এই ৰোগৰ নিৰাময় চিকিৎসকসকলৰো অসাধ্য। এই ক্ষেত্ৰত প্ৰথমৰ পৰাই ৰোগৰ প্ৰকোপবোৰক এৰাই চলায়েই ইয়াৰ একমাত্ৰ প্ৰতিষেধক। আশ্চর্যজনকভাৱে দেখা গৈছে যে এই ৰোগ মূলতঃ সৰু সৰু ল’ৰা-ছোৱালীৰেই হৈ থাকে। যিহেতু শিশুসকল স্ব-নিৰ্ভৰ নহয় আৰু ইহঁতক সকলো সময়ত সতর্কও কৰা নাযায় সেয়ে সহজেই এই ভাইৰাছৰ চিকাৰ হয়। ডাঙৰবোৰেও পোলিঅ’ৰ পৰা ৰেহাই নাপায়। সমীক্ষাত দেখা গৈছে বিশ্বৰ প্ৰতি পাঁচজনৰ ভিতৰত পোলিঅ’ ৰোগাক্ৰান্তৰ সংখ্যা ভাৰততেই তিনিজন। ইয়াৰ পৰাই বুজিব পাৰি যে ভাৰতবৰ্ষতেই এই ৰোগীৰ সংখ্যা অধিক। বৰ্তমান পোলিঅ’ ৰোগাক্ৰান্তৰ সংখ্যা আঢ়ৈ লাখতকৈও অধিক।

Read Also: আর্থিক সকাহৰ অন্য নাম – আত্মসহায়ক গোট ৰচনা | Another Name For Financial Relief is Self-Help Groups Essay in Assamese

প্রতিষোধক টীকা আৱিষ্কাৰ | Discovery of vaccines

পোলিঅ’ৰ ক্ষেত্ৰত চিকিৎসাতকৈ অধিক প্রয়োজন হ’ল প্ৰতিৰোধ। ইয়াক প্ৰথমতেই নির্মূল কৰাই হ’ল ইয়াৰ একমাত্র প্রতিষেধক। বিজ্ঞানো খুব এটা পিছ পৰি থকা নাই। বর্তমান টীকাৰ মাধ্যমেৰে ৰোগ প্ৰতিৰোধৰ ব্যৱস্থা কৰা হৈছে। জোনাছ চালকে প্রথমে এই টীকা আৱিষ্কাৰ কৰে। তেওঁ তেতিয়া ) আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউইয়র্ক বিশ্ববিদ্যালয়ত জীবাণুতত্ত্বৰ ভাৰপ্ৰাপ্ত অধ্যাপক আছিল। ইনফ্লুয়েঞ্জা বিষয়ত গৱেষণা কৰিবলৈ গৈ তেওঁৰ দৃষ্টি এটা পোলিঅ’ ৰোগাক্রান্ত শিশুৰ ফালে আকৃষ্ট হয়। তেওঁ তেতিয়া মত পৰিৱৰ্তন কৰি পোলিঅ’ লৈ গৱেষণা আৰম্ভ কৰে। তেওঁ নিজকে সম্পূৰ্ণৰূপে এই সাধনাত আত্মনিয়োগ কৰিলে ৷ বহু বছৰৰ অক্লান্ত গৱেষণাৰ অন্তত তেওঁ পোলিঅ’ৰ প্ৰতিষেধক আৱিষ্কাৰ কৰিলে। কিন্তু তেওঁ এই বিষয়ে নিশ্চিত হ’ব পৰা নাছিল। কাৰণ যেতিয়ালৈকে তেওঁ কাৰোবাৰ ওপৰত এইটো প্ৰয়োগ কৰি সফল নহ’ব তেতিয়ালৈকে তেওঁৰ সাধনা সফল নহ’ব। শেষত সম্ভাব্য বিপদক সম্পূৰ্ণৰূপে উপেক্ষা কৰি তেওঁ নিজৰ ওপৰতেই এই টীকা প্ৰয়োগ কৰিলে। তাৰ পিছত তেওঁ পোলিঅ’ৰ জীৱাণু নিজৰ শৰীৰত সুমাই দিলে। বেছ কিছুদিন পিছতো তেওঁৰ শৰীৰত পোলিঅ’ৰ কোনো লক্ষণ প্রকাশ নাপালে ৷ তেতিয়া তেওঁ খুব আনন্দিত হ’ল আৰু পৰিয়ালৰ বাকী সদস্যসকলকো এই টীকা দিলে৷ তেওঁ বুজিব পাৰিলে যে শিশুক যদি শৈশৱতেই এই টীকা দিয়া হয় তেনেহলে সেই শিশু কোনোদিনে এই ৰোগৰ চিকাৰ নহ’ব। তাৰ পিছত তেওঁ এই আৱিষ্কাৰৰ কথা গোটেই বিশ্ববাসীক জনাই দিলে। ইচ্ছা কৰিলে তেওঁ এই আৱিষ্কাৰৰ দ্বাৰা প্ৰভূত অর্থ উপার্জন কৰিব পাৰিলেহেঁতেন। কিন্তু তেওঁ সেইটো কৰা নাছিল৷ তেওঁৰ এই ত্যাগে বিশ্ববাসীৰ মনৰ পৰা পোলিঅ’ৰ ভয়াবহতা আঁতৰ কৰিলে। এই ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱাৰ কাৰণে ডাঃ চালক আৰু ডাঃ চ্যাধনৰ নাম বুৰঞ্জীৰ পাতত জিলিকি থাকিব ৷

Read Also: Class 11 Biology Question Answer

প্রতিষেধক প্রদান কৰ্মসূচী

বিশ্ব স্বাস্থ্য সংস্থা (World Health Organisation চমুকৈ WHO )-ই ২০০০ চনৰ ভিতৰত পৃথিৱীৰ পৰা পোলিঅ’ নিৰ্মূলকৰণ আঁচনি হাতত লৈছিল। সেই আঁচনিত ভাৰতৰ Indian Academy of Pedriaty নামক এটা শিশু চিকিৎসক সংস্থাও চামিল হৈছিল। ভাৰতত এই কার্যসূচী সর্বপ্রথম পালিত হয় ১৯৯৪ চনৰ ২ অক্টোবৰ আৰু ৪ ডিচেম্বৰত। কিন্তু সেইবাৰ দেশৰ সকলো ঠাইত এই কাৰ্যসূচী পালন কৰা সম্ভৱ হোৱা নাছিল। তাৰ পিছত ১৯৯৬ চনৰ ৭ ডিচেম্বৰ আৰু ১৯৯৭ চনৰ ১৮ জানুৱাৰীত পালছ্ পোলিঅ’ খুওৱাৰ কাৰ্যসূচী পুনঃৰূপায়িত কৰা হয়। ইয়াৰ পিছত প্ৰতি বছৰ ২০ জানুৱাৰী আৰু ৬ নবেম্বৰৰ দিনা এই কাৰ্যসূচী পালন কৰাৰ কথা ঘোষণা কৰা হয়। এই কৰ্মসূচীত একমাত্র পাঁচ বছৰ আৰু তাতকৈ কম বয়সৰ শিশুসকলক পোলিঅ’ খুওৱা হয় । World Health Organisation -এ এই ক্ষেত্ৰত প্ৰতিটো দেশক সাহায্য কৰি আছে। WHO ৰ নিয়ম অনুযায়ী যি দেশত বছৰি এটাও পোলিঅ’ ৰোগী পোৱা নাযাব তেতিয়াই দেশখনক পোলিঅ’মুক্ত দেশ বুলি ক’ব পৰা যাব ৷ তদুপৰি পাঁচ বছৰৰ মূৰে মূৰে এই পালছ্ পোলিঅ’ টীকাকৰণ কৰ্মসূচী পালন কৰিলে দেশৰ পৰা পোলিঅ ৰোগৰ ভাইৰাছ আঁতৰ কৰিব পৰা যাব।

মন্তব্য

এইটো বিষয়ত চৰকাৰে সৰ্বতোভাৱে দায়িত্ব পালনত আগুৱাই আহিছে। ৰেডিঅ’, দূৰদৰ্শন সৰ্বত্ৰ এক ব্যাপক প্ৰচাৰ গঢ়ি তোলা হৈছে। তাৰোপৰি প্ৰতিটো ঘৰে ঘৰে গৈ নিজ নিজ অঞ্চলত এটা নিৰ্দিষ্ট ঠাইত মঞ্চত সৰু সৰু অনুষ্ঠানৰ মাজেৰে সকলোকে অৱগত কৰা হৈছে। তদুপৰি এই ক্ষেত্ৰত বিভিন্ন স্কুল-কলেজৰ ছাত্ৰবোৰো যদি আগুৱাই আহে তেনেহ’লে সুবিধা হয়। এই পৃথিৱীক পোলিঅ’মুক্ত কৰিবলৈ আমি সকলোৱে দায়িত্ব ল’ব লাগে। সকলোৰ স্বাৰ্থহীন অংশগ্রহণে পৰিকল্পনাটো বাস্তবায়িত হলে আমাৰ ভৱিষ্যৎ প্রজন্ম পোলিঅ’ৰ চিকাৰ নহ’ব৷

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top