প্রাথমিক স্তৰত ইংৰাজী শিক্ষা ৰচনা | English Education at Primary Level Essay in Assamese

প্রাথমিক স্তৰত ইংৰাজী শিক্ষা ৰচনা | English education at primary level Essay in Assamese

মাতৃভাষা যিকোনো জাতিৰ সাংস্কৃতিক আৰু সামাজিক জীৱনৰ শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত মূল ভিত্তি যিয়ে মানৱ মনক সুদৃঢ় কৰাৰ লগতে সচেতনতাও বৃদ্ধি কৰে। মাতৃভাষাৰ মাধ্যমতেই সর্বপ্রথম শিক্ষাৰ সূচনা ঘটে। শিশুৰ প্ৰাথমিক শিক্ষা যে মাতৃভাষাৰ দ্বাৰাই আৰম্ভ হোৱা উচিত এই কথা সর্বজনস্বীকৃত। এই কাৰণেই ক্ষমতাসীন কংগ্ৰেছ চৰকাৰে প্ৰাথমিক স্তৰত ইংৰাজী শিক্ষা বন্ধৰ ঘোষণা কৰে। সুদীৰ্ঘ ২২ বছৰৰ পিছত যোৱা ২০০০ চনত আকৌ ইংৰাজী বিষয়ক প্রাথমিক স্তৰত লোৱাৰ কাৰণে চৰকাৰে সিদ্ধান্ত লয়।

প্রাথমিক স্তৰত ইংৰাজী শিক্ষা ৰচনা English education at primary level Essay in Assamese

Read Also: প্রতিবন্ধীসকলৰ প্ৰতি সামাজিক কর্তব্য ৰচনা | Social Duty with Disabilities Essay in Assamese

পুনঃপ্ৰৱৰ্তনৰ কাৰণ | Reason for Reintroduction

পুনঃপ্ৰৱৰ্তনৰ কাৰণ হিচাবে ক’ব পৰা যায়, প্রাথমিক স্তৰৰ পৰা ইংৰাজী শিক্ষা বাদ দি পঞ্চম শ্রেণীত A,B,C,Dৰ পৰা আৰম্ভ কৰাৰ সিদ্ধান্ত ৰাজ্যৰ জনসাধাৰণে মানি ল’ব পৰা নাছিল। যাৰ ফলত চৰকাৰে প্ৰাথমিক শ্ৰেণীত ইংৰাজী শিক্ষাৰ গুৰুত্ব বুজি ইংৰাজী পুনঃপ্ৰৱৰ্তনৰ সিদ্ধান্ত লৈছে। চৰকাৰে ইংৰাজী শিক্ষাক নিৰ্বাস। দিলেও ৰাজ্যৰ বহুতো বিদ্যালয়ত বিশেষকৈ ইংৰাজী মাধ্যমৰ বিদ্যালয়ত ইংৰাজী শিক্ষা প্ৰৱৰ্তিত আছিল। অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষেত্ৰত এই ঔদাসীন্য ৰাজ্যৰ জনসাধাৰণে মানি ল’ব পৰা নাছিল। শিল্প-বিজ্ঞান সাহিত্য-সংস্কৃতি সকলোবোৰেই আত্মীকৰণত শিক্ষাৰ প্ৰয়োজন অনিবাৰ্য আৰু প্ৰাথমিক স্তৰৰ পৰাই এই ভাষা আয়ত্ত কৰিব নোৱাৰিলে সেই ভাষা-শিক্ষাৰ ভেঁটি গঢ়ি নুঠিব। সেয়ে চৰকাৰৰ নতুন সিদ্ধান্ত অনুযায়ী দ্বিতীয় শ্ৰেণীৰ পৰা ইংৰাজী শিক্ষা প্ৰৱৰ্তন কৰাৰ কথা কোৱা হৈছে।

মতবিৰোধ | Disagreement

অৱশ্যে প্রাথমিক স্তৰত বিশেষকৈ প্ৰথম শ্ৰেণীৰ পৰা ইংৰাজী প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত বুদ্ধিজীৱীসকলৰ মাজত মতবিৰোধ থকা দেখা যায়। বহুতে ভাবে নাগালেণ্ডৰ বাহিৰে ভাৰবতৰ্ষৰ বেলেগ কোনো ৰাজ্যত তৃতীয় শ্ৰেণীৰ আগত ইংৰাজী পঢ়োৱা নহয়। মহাত্মা গান্ধী, ৰবীন্দ্ৰনাথ ঠাকুৰ প্ৰমুখ মনীষীবৃন্দ ইংৰাজী শিক্ষাৰ ঘোৰ বিৰোধী আছিল । বিদেশতো প্রাথমিক স্তৰত মাতৃভাষাৰ প্ৰাধান্য আছিল। কিন্তু বর্তমান ভাৰতীয় জনগণে এই সিদ্ধান্ত মানি ল’ব পৰা নাই।

Read Also: Class 3 Assamese Question Answer

মন্তব্য

কেৱলমাত্ৰ অসমৰ বাহিৰে ভাৰতৰ অন্যান্য ৰাজ্যবিলাকত ইংৰাজী নোহোৱাকৈ চলা অসম্ভৱ। এই কাৰণেই প্রাথমিক স্তৰত ইংৰাজী শিক্ষা ব্যৱস্থাৰ পুনঃ প্ৰৱৰ্তন সমর্থনযোগ্য। কিন্তু পদ্ধতি, বিষয়বস্তু নিৰ্দ্ধাৰণ, ইংৰাজী শিক্ষাদানৰ পৰিকাঠামো ইত্যাদিৰ বিষয়ে গুৰুত্ব নিদিলে এই প্রয়াস নিষ্ফল হৈ যোৱাৰ সম্ভাৱনাই অধিক।

আমি আশা কৰিছো প্রাথমিক স্তৰত ইংৰাজী শিক্ষা ৰচনা ৰচনাটোৱে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ প্রাথমিক স্তৰত ইংৰাজী শিক্ষা ৰচনা ৰচনাৰ সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top