ৰে’ল ভ্ৰমণৰ অভিজ্ঞতা ৰচনা | Train Travel Experience Essay in Assamese

ৰে’ল ভ্ৰমণৰ অভিজ্ঞতা ৰচনা | Train Travel Experience Essay in Assamese

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

যাত্ৰাৰ প্ৰস্তাব দিনবাৰ সহযাত্রী স্থান।  জেঠমহীয়া গৰম ৷ গুৱাহাটী মহানগৰীত দুপৰবেলা বেলিয়ে খাও খাও মূৰ্তি ধৰিছে। লোডশ্বেডিং, কাৰেণ্ট নাই। গৰমত দেহা জ্বলি পুৰি উঠা অৱস্থা। হঠাৎ সৰু মামা আহি আমাৰ গুৱাহাটীৰ ঘৰত উপস্থিত আৰু আহিয়েই মোক সুধিলেহি “দার্জিলিঙলৈ যাবি?”। মনটো উৎফুল্লিত হৈ উঠিল, মোৰ মুখৰ পৰা মাত্ৰ এটা শব্দই ওলাল- “কেতিয়াকৈ”? মামাই ক’লে, অহা ২৭ মে’। টিকট কৰা হৈ গৈছে লগতে ৰিজাৰ্ভিচনো৷ ঘৰৰ পৰা অনুমতি পাবলৈ অসুবিধা নহ’ল । যিহেতু তেতিয়া আমাৰ দুয়োৰে গ্ৰীষ্ম বন্ধ । মই ছাত্ৰ আৰু সৰু মামা বিদ্যালয়ৰ শিক্ষক, সেয়ে নিজৰ কৰ্তব্যত গাফিলতি কৰাৰ প্ৰশ্নই নুঠে।

ৰে'ল ভ্ৰমণৰ অভিজ্ঞতা ৰচনা

যাত্ৰাৰ প্ৰস্তুতি | Preparations for the Journey

চাওঁতে চাওঁতে দিন আগুৱাই গ’ল, যাত্ৰাৰ প্ৰস্তুতিও আৰম্ভ হ’ল। উৎসাহ আৰু ব্যস্ততাত মোৰ ৰাতি টোপনি নোহোৱা হ’ল; যেন কিবা এক অভিযানলৈহে যাবলৈ ওলাইছো। গুৱাহাটীৰ পৰা আমি শিলিগুৰিলৈকে যাম, শিলিগুৰিতে আমাৰ বেষ্ট কেম্প। কিছু গৰম কাপোৰ আৰু নিত্য প্রয়োজনীয় বয়বস্তু লগত ল’লো।

Read Also: সফলতা ৰচনা | Success Essay in Assamese

যাত্ৰাৰম্ভ আৰু প্রাথমিক অভিজ্ঞতা | Start of the Journey and Initial Experience

২৭ মে’ তাৰিখে সন্ধ্যা ঠিক সাত বজাত কলকাতা অভিমুখী মেইল গাড়ীখনে যাত্ৰা আৰম্ভ কৰিলে। ৰিজাৰ্ভিচন আছিল যদিও ৰাতি ভাল টোপনি নহ’ল। গোটেই নিশা কেৱল সপোন বিভোৰ হৈ উৎসুকতাৰেই পাৰ কৰিলো। পুৱা পাঁচ বজাত আমি নিউ জলপাইগুৰি পালোগৈ আৰু হাতমুখ ধুই পুৱাৰ আহাৰ গ্ৰহণ কৰি কিছুসময় বিশ্রাম ললো। তাৰ পিছত ৰিক্সাৰে শিলিগুৰি জংচন পালোগৈ। শিলিগুৰিৰ পৰাই সৰু মটৰ গাড়ী নাইবা ট্রয় ট্রেনেৰে দাৰ্জিলিঙলৈ যাব পাৰি। আমি ট্রয় ট্রেনেৰেই দাৰ্জিলিঙলৈ যাত্ৰা কৰিলো ।

ভ্রমণকালীন বিচিত্র অভিজ্ঞতা, পথৰ বৰ্ণনা | Strange experiences during the trip, description of the route

দার্জিলিং যাত্রাকালত ট্রয় ট্রেনৰ পৰা দৃষ্টিগোচৰ হোৱা বাহিৰৰ প্ৰাকৃতিক দৃশ্যৰাজিয়ে মোক বাৰুকৈয়ে আপ্লুত কৰিছিল। ট্ৰেনখন প্রথমে সমতল ভূমিৰ পৰাই আগবাঢ়ে আৰু শিলিগুৰি এৰি অদূৰৱৰ্তী পাহাৰপুৰীৰ দিশে গমন কৰে। যাত্রাপথত অনেক কাঠৰ কাৰখানা, শাৰী শাৰী গছ আৰু চাহবাগিচাৰ মনোমোহা সমাবেশ। মাজে মাজে আকৌ দুয়োকাষে ঘন হাবি আৰু এই হাবিৰ মাজতেই একো একোটা নিৰ্দিষ্ট দূৰত্বত একোটাকৈ ষ্টেচন। ওচৰা ওচৰিকৈ দুটা পথ, এটি ট্রেন আৰু আনটি মটৰ গাড়ীৰ পথ ৷ কিছুদূৰ যোৱাৰ পিছতে ‘চুক্‌না’ নামৰ এটি ষ্টেচনত ট্ৰেনখন তিনি অংশ দবা তিনি পথেৰে বেলেগ বেলেগ দিশেৰে গতি কৰে৷ চাৰিওফালে ঘন আৰু সেউজীয়া হাবি, শাল, দেবদাৰু আৰু পাইন গছৰ দীঘল লানি।

কিছু দূৰ যোৱাৰ পিছত পাহাৰৰ ওপৰত পৰা ৰিণিকি ৰিণিকি দেখা যায় যাত্ৰা আৰম্ভ কৰা শিলিগুৰি জলপাইগুৰিৰ সমতলভূমি। মাজবাটতে ‘ৰংটং’ ষ্টেচন, সন্মুখৰফালে অধিক থিয় পাহাৰ। এই ‘ৰংটং’ ষ্টেচনতে ট্ৰেনৰ পিছফালেও এটা ইঞ্জিন সংযোগ কৰে। এনে লাগে যেন দুটি ইঞ্জিনে ট্রেনখন ঠেলিহেঁচি পাহাৰৰ ওপৰলৈ লৈ গৈছে। ইয়াৰ পিছতে তিনিধাৰিয়া ষ্টেচন, অতিশয়, মনোমোহা ঠাই। থিয় পাহাৰ, কাষত তিনিধাৰিয়া ওলমি থকা সপোনপুৰী যেন লাগে। ইয়াৰ পৰাই কিছু শীতলতা অনুভৱ কৰা যায়। পাহাৰৰ গাত জমা হৈ থকা টুকুৰা টুকুৰ মেঘে কথা পতা তিনধাৰিয়া সমুদ্রপৃষ্ঠৰ পৰা তিনি হাজাৰ ফুট ওপৰত অৱস্থিত। তিনিধাৰিয়া পাৰ হ’লেই সেউজীয়াৰ ৰাজ সমাৰোহ, চাৰিওফালে সেউজ পাহাৰ, চপৰাচপৰ মেঘ আৰু তাৰ মাজতে ধ্যানমগ্ন ঋষিৰ দৰে থমথমকৈ বহি আছে গয়াবাৰী ষ্টেচনটি। গয়াবাৰীৰ নাতিদূৰত মহানন্দা; য’ত জলপ্ৰপাত আৰু ঝৰণাৰ লীলাখেলা।

প্ৰকৃতিৰ এনে খেলা চাই চাই কাৰ্চিয়াং নামৰ ঠাইটুকুৰা পাওঁতে দুপৰীয়া এক বাজিছিল অথচ সেইহেন দুপৰ বেলাতো দেহত ঠাণ্ডা লাগিছিল। সমুদ্রপৃষ্ঠৰ পৰা ৪,৮০০ ফুট উচ্চতাত অৱস্থিত কাৰ্চিয়াঙৰ মনোহৰ পৰিৱেশ সঁচাকৈয়ে স্বৰ্গপুৰী সদৃশ ৷ কাৰ্চিয়াং পাৰ হ’লেই শীতৰ প্ৰকোপ বেছি হয়। চাৰিওফালে ধোঁৱাময় মেঘৰ আবৰণ, সেই মুহূর্তত নিজকে কোনোবা মেঘলোকবিহাৰী যেন লাগে। পথ ক্রমশঃ অধিক থিয় আৰু দুৰ্গম। টুং চোনাদা আদি কৰি এটা এটাকৈ ষ্টেচন পাৰ হৈ গৈ ঘুম ষ্টেচন পোৱা যায়। সমুদ্রপৃষ্ঠৰ পৰা ৭,৫০০ ফুট উচ্চতাত অৱস্থিত ঘুম ষ্টেচনৰ পৰা দাৰ্জিলিঙলৈ অলপ নামি যাব লাগে। ঘুম ষ্টেচনৰ কিছু আঁতৰতে ঘুম গুহা আৰু সমুখত বাতাচিয়া লুপ। নাতিদূৰত পাহাৰৰ গাত হেলান দি অস্পষ্ট দার্জিলিং । পাইন গছৰ ছাঁ গছকি গছকি দার্জিলিং গৈ পাওঁতে তেতিয়া আবেলি তিনি বাজিছিল।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

Read Also: Class 9 Geography Question Answer

উপসংহাৰ, (গন্তব্য) স্থান পোৱাৰ মুহূৰ্তত | Conclusion, at the moment of reaching destination

ষ্টেচন নামিছোহে মাত্র এদল কুলি আৰু বিভিন্ন হোটেলৰ প্ৰতিনিধিয়ে আমাক আগুৰি ধৰিছিল । মামা মই দুয়ো হতভম্ব। বহুসময় ধৰি আমি কথা কবলৈ সুবিধাই নাপালো। অৱশেষত চিঞৰি কোৱাৰ দৰেই তেওঁলোকক ক’লো, আমাক কুলি নালাগে আৰু হোটেলো নালাগে। কাৰণ মই সৰু মামাৰ কুলি আৰু সৰু মামাই মোৰ হোটেল।

আমি আশা কৰিছো ৰে’ল ভ্ৰমণৰ অভিজ্ঞতা ৰচনা ৰচনাটোৱে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ ৰে’ল ভ্ৰমণৰ অভিজ্ঞতা ৰচনাৰ সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top