Understanding Global Politics Unit 5 আমি কিয় পৃথিৱীখনক একত্ৰিত কৰিব লাগে?

Understanding Global Politics Unit 5 আমি কিয় পৃথিৱীখনক একত্ৰিত কৰিব লাগে?, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Understanding Global Politics Unit 5 আমি কিয় পৃথিৱীখনক একত্ৰিত কৰিব লাগে? Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Understanding Global Politics Unit 5 আমি কিয় পৃথিৱীখনক একত্ৰিত কৰিব লাগে? Question Answer can be of great value to excel in the examination.

Understanding Global Politics Unit 5 আমি কিয় পৃথিৱীখনক একত্ৰিত কৰিব লাগে?

Join Telegram channel

Understanding Global Politics Unit 5 আমি কিয় পৃথিৱীখনক একত্ৰিত কৰিব লাগে? Notes cover all the exercise questions in UGC Syllabus. Understanding Global Politics Unit 5 আমি কিয় পৃথিৱীখনক একত্ৰিত কৰিব লাগে? provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Why We Need To Bring The World Together?

POLITICAL SCIENCE

UNDERSTANDING GLOBAL POLITICS

(গোলকীয় ৰাজনীতিৰ বোধগম্যতা)

অতি চমু প্রশ্নোত্তৰঃ

১। UNEP ৰ সম্পূৰ্ণ ৰূপ কি?

উত্তৰঃ United Nations Environment Programme (ৰাষ্ট্রসংঘৰ পৰিৱেশ আঁচনি)।

২। ভূ–সন্মিলন মানে কি?

উত্তৰঃ ভূ–সন্মিলন হ’ল ১৯৯২ চনৰ জুনত ব্রাজিলৰ ৰিঅ’দি জেনেইৰ’ত ৰাষ্ট্রসংঘই অনুষ্ঠিত কৰা পৰিৱেশ আৰু উন্নয়ন সম্প্রর্কীয় সন্মিলন।

৩। সেউজগৃহ গেছ নিৰ্গত মানে কি?

উত্তৰঃ পৃথিৱীয়ে এৰি দিয়া গেছসমূহ বাহিৰলৈ যাব নোৱাৰি বায়ুমণ্ডলত থাকি যায়। এই গেছকে সেউজীগৃহ গেছ বোলে।

৪। UNFCCC ৰ সম্পূৰ্ণ ৰূপটো লিখা।

উত্তৰঃ United Nations Framework Convention on Climate Change (ৰাষ্ট্রসংঘৰ জলবায়ু পৰিৱর্তন সভা)।

৫। বিশ্বজনীন উষ্ণতা বৃদ্ধিৰ কাৰক হিচাপে থকা দুটা গেছৰ নাম লিখা।

উত্তৰঃ কার্বন ডাই অক্সাইড (CO₂), মিথেন।

৬। কেতিয়াৰ পৰা পৰিৱেশ সম্পৰ্কীয় বিষয়সমূহে বিশেষ গুৰুত্ব লাভ কৰিছিল? 

উত্তৰঃ ১৯৭২ চনৰ ষ্টকহ’ম ঘোষণা পত্ৰৰ পিছৰে পৰা।

৭। ব্রিটানিক এনচাইক্লোপেডিয়াৰ মতে পৰিৱেশ কি?

উত্তৰঃ ব্রিটেনিকা এনচাইক্লোপেডিয়াৰ মতে— “পৰিৱেশ বুলিলে জীৱ জগতত প্রভাৱ বিস্তাৰ কৰা সমস্ত বাহ্যিক প্ৰভাৱ (জৈৱিক আৰু অজৈৱিক) বা জনসমাজৰ চাৰিওকাষে থকা প্ৰাকৃতিক শক্তিসমূহক বুজা যায়”।

৮। ‘গোলকীয় উমৈহতীয়া’শব্দটো কোনটো শব্দৰ পৰিৱৰ্তে প্ৰয়োগ কৰা হয়?

উত্তৰঃ পৰিৱেশ শব্দটোৰ পৰিৱৰ্তে।

৯। গোলকীয় উমৈহতীয়া বুলিলে কি বুজায়?

উত্তৰঃ সাধাৰণতে গোলকীয় উমৈহতীয়াই বিশ্বৰ সমস্ত জৈৱ সমাজত প্রভাৱ বিস্তাৰ কৰিব পৰা প্ৰাকৃতিক ব্যৱস্থাক বুজায়। গতিকে গোলকীয় উমৈহতীয়া বুলিলে সমগ্র মানৱ জাতিয়ে একেলগে ব্যৱহাৰ কৰা বায়ুমণ্ডল, জলমণ্ডল, ভূ–মণ্ডল আৰু জীৱমণ্ডলক বুজায়।

১০। কেতিয়াৰ পৰা বিশ্ব সম্প্রদায়ে পৰিৱেশজনিত সমস্যাৰ ওপৰত গুৰুত্ব দিছিল? 

উত্তৰঃ ১৯৭২ চনৰ ষ্টকহম সন্মিলনৰ পিছৰ পৰাই বিশ্ব সম্প্রদায়ে পৰিৱেশজনিত সমস্যাৰ ওপৰত গুৰুত্ব দিছিল।

১১। প্ৰদূষণ বুলিলে কি বুজায়?

উত্তৰঃ সাধাৰণতে প্ৰদূষণ বুলিলে জৈৱিক, ৰাসায়নিক আৰু জৈৱিক পৰিৱেশৰ ওপৰত হোৱা কৃত্ৰিম পৰিৱৰ্তনক বুজায়।

১২। CDM ৰ সম্পূৰ্ণ নাম কি?

উত্তৰঃ কাৰ্বন নিষ্কাশন সীমিতকৰণ প্ৰযুক্তি (Clean Development Mechanism)।

১৩। ষ্টকহ’ম সন্মিলনৰ প্ৰধান উদ্দেশ্য কি আছিল?

উত্তৰঃ ষ্টকহ’ম সন্মিলনৰ প্ৰধান উদ্দেশ্য আছিল মানৱ পৰিৱেশৰ সুৰক্ষা আৰু উন্নয়নৰ বাবে চৰকাৰ আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহ উদ্‌গণি যোগোৱা আৰু ইয়াৰ বাবে প্ৰধানকৈ মানি। চলিবলগীয়া বিধিসমূহ প্ৰস্তুত কৰি উলিওৱা।

১৪। ষ্টকহ’ম সন্মিলনৰ এটা পৰামৰ্শ উল্লেখ কৰা।

উত্তৰঃ ষ্টকহ’ম সন্মিলনৰ এটা পৰামৰ্শ হ’ল– পৰিৱেশ প্ৰদূষণ ৰোধ কৰা।

১৫। UNEP ৰ এটা কার্যাবলী লিখা।

উত্তৰঃ UNEP ৰ এটা কাৰ্যাৱলী হ’ল— পৰিৱেশ সম্পৰ্কীয় কাৰ্যসমূহ সম্পাদনৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধি কৰা আৰু প্ৰয়োজন সাপেক্ষে উপযুক্ত নীতি নিৰ্দ্ধাৰণ কৰা।

১৬। কিমান চনত পৰিচালনা পৰিষদে বাসস্থান সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত কৰিছিল?

উত্তৰঃ ১৯৭৬ চনত পৰিৱেশ সম্পৰ্কীয় পৰিচালনা পৰিষদে বাসস্থান সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত কৰিছিল।

১৭। বিশ্ব পৰিৱেশ দিৱস উদ্‌যাপন কৰাৰ মূল্য লক্ষ্য কি আছিল?

উত্তৰঃ বিশ্ব পৰিৱেশ দিৱস উদ্‌যাপন কৰাৰ মূল লক্ষ্য আছিল পৰিৱেশ সংবন্ধন আৰু সংৰক্ষণৰ বাবে বিশ্বৰ জনগণক সচেতন কৰি তোলা।

১৮। কিমান তাৰিখত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়?

উত্তৰঃ ৫ জুন তাৰিখত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়।

১৯। কিমান চনৰ, কোন সন্মিলনতে আন্তঃৰাষ্ট্ৰীয় সম্প্রদায়ে জলবায়ু পৰিৱৰ্তন চুক্তিপত্র স্বাক্ষৰ কৰিছিল?

উত্তৰঃ ১৯৯২ চনৰ ৰিঅ’ সন্মিলনতে আন্তঃৰাষ্ট্ৰীয় সম্প্রদায়ে জলবায়ু পৰিৱর্তন চুক্তিপত্র স্বাক্ষৰ কৰিছিল।

২০। বসুন্ধৰা সন্মিলনৰ এটা গুৰুত্বপূৰ্ণ ব্যৱস্থাৱলী লিখা?

উত্তৰঃ বসুন্ধৰা সন্মিলনৰ এটা গুৰুত্বপূৰ্ণ ব্যৱস্থাৱলী হ’ল অৰণ্য সম্পৰ্কত গ্ৰহণ কৰা অৰণ্য ব্যৱস্থাপনা, সংৰক্ষণ আৰু সুস্থিৰ বিকাশ সম্পৰ্কীয় দলিল।

২১। কেতিয়া আৰু ক’ত ৩৯ নং আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ ব্যৱস্থাৱলীৰ সন্মিলন অনুষ্ঠিত হৈছিল?

উত্তৰঃ ২০০৯ চনৰ ১২–১৬ জুলাইত আমেৰিকা যুক্তৰাষ্ট্ৰৰ জর্জিয়াত ৩৯ নং আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ ব্যৱস্থাৱলীৰ সন্মিলনখন অনুষ্ঠিত হৈছিল। 

২২। সেউজ জলবায়ু পুঁজি গঠনৰ মুখ্য উদ্দেশ্য কি আছিল?

উত্তৰঃ সেউজ জলবায়ু পুঁজি গঠনৰ মুখ্য উদ্দেশ্য আছিল দুখীয়া আৰু উন্নয়নমূলক ৰাষ্ট্ৰসমূহক কার্বন নির্গতকৰণ ৰহিত শক্তি ব্যৱহাৰ প্ৰণালী অৱলম্বন কৰাত সহায় কৰা।

২৩। সহযোগিতামূলক নিৰাপত্তা মানে কি?

উত্তৰঃ সহযোগিতাৰ জৰিয়তে নিৰাপত্তা নিশ্চিত কৰিব বিচৰা প্ৰয়াস বা প্রচেষ্টাক সহযোগিতামূলক নিৰাপত্তা বুলিব পাৰি।

২৪। জনসাধাৰণে কিয় প্ৰব্ৰজন কৰে?

উত্তৰঃ উন্নত আৰু নিৰাপদ জীৱনৰ সন্ধানত।

২৫। নিৰাপত্তাৰ প্ৰতি ভাবুকি সৃষ্টি কৰা দুটা নতুন উৎসৰ নাম লিখা।

উত্তৰঃ বিশ্ব দৰিদ্ৰতা আৰু প্ৰব্ৰজন আৰু স্বাস্থ্য মহামাৰী।

২৬। ক্ষমতাৰ ভাৰসাম্যৰ এটা বৈশিষ্ট্য লিখা।

উত্তৰঃ ক্ষমতাৰ ভাৰসাম্যই এক স্থিতাবস্থা বাহাল ৰখাত গুৰুত্ব দিয়ে।

২৭। ক্ষমতাৰ ভাৰসাম্য ৰক্ষাৰ এটা পদ্ধতি উল্লেখ কৰা।

উত্তৰঃ মিত্রতা স্থাপন।

২৮। ‘ক্ষমতাৰ বিকাশ, বৃদ্ধি আৰু প্ৰকাশেই হৈছে ৰাষ্ট্ৰৰ উদ্দেশ্য।’— এই কথাষাৰ কোনে কৈছিল।

উত্তৰঃ এৰিক কাফমেনে।

২৯। মৰগেনথোৰ সামূহিক নিৰাপত্তা নীতিটো উল্লেখ কৰা।

উত্তৰঃ প্ৰত্যেকেই সকলোৰে বাবে আৰু সকলোৱে প্ৰত্যেকৰ বাবে।

৩০। মৰগেনথোৱে আদৰ্শক কেইটা ভাগত ভাগ কৰিছে।

উত্তৰঃ তিনিটা।

চমু আৰু ৰচনাধর্মী প্ৰশ্নোত্তৰঃ

১। পৰিৱেশ প্ৰদূষণৰ ফলাফলসমূহ আলোচনা কৰা।

উত্তৰঃ পৰিৱেশৰ প্ৰদুষণ জীৱ–জন্তুৰ বাবে বিপদজনক। ই সকলোকে ধ্বংসৰ পথলৈ লৈ যাব পাৰে। পৰিৱেশৰ প্ৰদূষণে সৃষ্টি কৰা সংকটসমূহক এইদৰে উল্লেখ কৰিব পাৰি—

(ক) পৰিৱেশৰ প্ৰদূষণে বায়ুক দূষিত কৰিব ইয়াৰ ফলত জীৱ–জন্তুৰ বাবে উপযুক্ত পৰিমাণে বিশুদ্ধ বায়ুৰ অভাৱ হ’ব। এই অভাৱ বিশেষকৈ মানুহৰ বাবে বৰ ক্ষতিকাৰক।

(খ) প্ৰদূষণৰ ফলত বানপানী আৰু খৰাং বতৰৰ সৃষ্টি হ’ব পাৰে। পৃথিৱীৰ বিভিন্ন ঠাইত এনে ধৰণৰ ঘটনা সমনে ঘটি আছে।

(গ) প্ৰদূষণৰ এটা কাৰণ হ’ল বনাঞ্চল ধ্বংস কার্য। এই কার্যই মানুহ আৰু অন্যান্য জীৱ– জন্তুৰ বাবে জীয়াই থকাৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ দ্বাৰা বনাঞ্চলৰ ওপৰত নিৰ্ভৰশীল

মানুহ আৰু অন্যান্য প্ৰাণীৰ বিশেষ ক্ষতি হয়। 

(ঘ) প্ৰাকৃতিক পৰিৱেশ বিনষ্ট হ’লে কৃষিকাৰ্যত ব্যাঘাত ঘটে আৰু মানুহৰ খাদ্যবস্তুৰ অভাৱ হয়।

(ঙ) পৰিৱেশৰ প্ৰদূষণৰ ফলত বেমাৰ–আজাৰে দেখা দিয়ে। পৰিৱেশ প্ৰদূষণৰ প্ৰক্ৰিয়া চলি থাকিলে এসময়ত ৰোগ নিবাৰণৰ সমস্যাই সীমা চেৰাই যাব পাৰে।

(চ) পৰিৱেশ প্ৰদূষণে উত্তৰ পুৰুষৰ আটাইতকৈ বেছি ক্ষতি সাধন কৰে। ই তেওঁলোকৰ ভৱিষ্যতক বিপদজনক কৰিব পাৰে।

২। জৈৱ বৈচিত্ৰতাৰ চুক্তিপত্ৰৰ মূল ব্যৱস্থাৱলীসমূহ কি কি?

উত্তৰঃ জৈৱ বৈচিত্ৰতাৰ চুক্তিপত্ৰৰ মূল ব্যৱস্থাৱলীসমূহ হ’ল—

(ক) জৈৱিক সম্পদসমূহৰ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰীয় আইন বা তেনে নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰা।

(খ) কোনো ৰাষ্ট্ৰৰ ব্যক্তিগত খণ্ডৰ কোম্পানীসমূহে অন্য ৰাষ্ট্ৰৰ পৰিৱেশৰ ওপৰত পেলোৱা প্রভাৱৰ বাবে আইনী দায়বদ্ধতা আৰোপ কৰা।

(গ) উন্নত প্রযুক্তিসমূহ ৰেহাই মূল্যত হস্তাস্তৰ কৰা।

(ঘ) জৈৱ প্ৰযুক্তিৰ কোম্পানীসমূহক নিয়ন্ত্ৰণ কৰা।

(ঙ) জৈৱিক সামগ্ৰীসমূহৰ মালিকীস্বত্ত্ব আৰু এইসমূহৰ উপলব্ধকৰণ।

(চ) উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ জৈৱিক সামগ্ৰীসমূহ উদ্‌ঘাটন কৰাৰ বাবদ ক্ষতিপূৰণ প্ৰদান, ইত্যাদি। 

৩। মানৱ পৰিৱেশ সম্পৰ্কত ঘোষণাপত্ৰৰ প্ৰধান গুৰুত্বপূৰ্ণ নীতিসমূহৰ বিষয়ে আলোচনা কৰা। 

উত্তৰঃ মানৱ পৰিৱেশ সম্পৰ্কত ঘোষণাপত্ৰৰ প্ৰধান গুৰুত্বপূৰ্ণ নীতিসমূহৰ বিষয়ে তলত আলোচনা কৰা হ’ল—

(ক) মানৱীয় দায়বদ্ধতা (Human Responsibility): প্রত্যেক ব্যক্তিৰে সুস্থ আৰু মৰ্যাদাসম্পন্ন জীৱন যাপনৰ বাবে এক সুস্থ গুণ সম্পন্ন পৰিৱেশত জীৱন ধাৰণৰ উপযুক্ত সুবিধা লাভৰ অধিকাৰ আছে। সেয়ে প্রত্যেকজন ব্যক্তিয়েই বৰ্তমানৰ লগতে ভবিষ্যত প্রজন্মৰ বাবেও পৰিৱেশৰ ৰক্ষা আৰু উন্নত কৰাৰ দায়িত্বও আছে। অর্থাৎ সুস্থ পৰিৱেশ লাভ কৰাটো যেনেদৰে আমাৰ অধিকাৰ তেনেদৰে পৰিৱেশ সুস্থ কৰি ৰখাটো আমাৰ দায়িত্ব।

(খ) প্ৰাকৃতিক জৈৱ বৈচিত্ৰ্য্যৰ সুৰক্ষা (Safeguard of natural ecosystem): এই পৃথিৱীত উপলব্ধ প্ৰাকৃতিক সম্পদসমূহ, যেনে— বায়ু, পানী, ভূমি, জলাশয়, জান–জুৰিকে ধৰি আমাৰ প্ৰাকৃতিক জৈৱ বৈচিত্ৰতাক সুৰক্ষিত কৰিব লাগে যাতে বৰ্তমানৰ লগতে ভৱিষ্যত প্রজন্ময়ো ইয়াক ভোগ কৰিব পাৰে।

(গ) পৰিৱেশ প্ৰদূষণ ৰোধ কৰা (Prevention of Environmental Pollution): মানৱৰ লগতে জলস্থলৰ জীৱকূলৰ জীৱন বিপন্ন কৰিব পৰাকৈ বায়ু, জল আৰু স্থল প্ৰদূষণ ৰোধৰ বাবে ৰাষ্ট্ৰসমূহে সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিব।

(ঘ) ৰাষ্ট্ৰৰ অধিকাৰ (Right of the States): প্রত্যেক ৰাষ্ট্ৰৰে নিজা চাৰিসীমাৰ ভিতৰত উপলব্ধ প্রাকৃতিক সম্পদৰ ওপৰত অধিকাৰ আছে। কিন্তু এই অধিকাৰ প্ৰয়োগ কৰিবলৈ যাওঁতে চাব লাগিব যাতে তেনে কার্যই আন ৰাষ্ট্ৰৰ অধিকাৰ খৰ্ব নকৰে বা নিজ ৰাষ্ট্ৰীয় চাৰিসীমাৰ বাহিৰত গৈ ইয়াক প্ৰয়োগৰ ব্যৱস্থা কৰা নহয়।

(ঙ) আন্তঃৰাষ্ট্ৰীয় বাধ্যবাধকতা (International liabilities): ৰাষ্ট্ৰসমূহে কোনো ৰাষ্ট্ৰই নিজা ৰাষ্ট্ৰীয় এলেকাৰ বাহিৰত কৰা পৰিৱেশৰ হানিকাৰক সম্পৰ্কীয় কাৰ্যৰ বাবে পৰিৱেশ ক্ষতি কৰা ৰাষ্ট্ৰখনৰ প্ৰতি গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাপনাৰ লগতে ভুক্তভোগী ৰাষ্ট্ৰখনৰ প্ৰাপ্য ক্ষতিপূৰণ সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় আইন প্ৰস্তুত কৰাত সহযোগিতা আগবঢ়াব।

গতিকে দেখা যায় যে মানৱ পৰিৱেশ সম্পৰ্কীয় ষ্টকহ’ম ঘোষণাপত্ৰই ৰাষ্ট্ৰসমূহে পৰিৱেশ প্রদূষণ আদি সম্পৰ্কত পালন কৰিবলগীয়া দায়িত্ব আৰু কৰ্তব্যসমূহ স্পষ্ট কৰি দিছে। অৱশ্যে ষ্টকহ’ম ঘোষণাপত্ৰৰ নীতিসমূহ ৰাষ্ট্ৰসমূহে মানি চলিবলৈ বাধ্য নহয় যদিও আন্তঃৰাষ্ট্ৰীয় সজাগতা সৃষ্টি তথা বৰ্তমানৰ আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত এই দিশসমূহে প্রধান বিষয় হিচাপে বিবেচিত হোৱাত এই দিশসমূহ মানি চলিবলৈ ৰাষ্ট্ৰসমূহে এক প্ৰকাৰৰ বাধা হৈ পৰিছে।

৪। পৰিৱেশ সুৰক্ষাৰ বাবে কৰা কেতবোৰ আনুষ্ঠানিক আৰু বিত্তীয় ব্যৱস্থাপনাৰ ব্যৱস্থা সম্পর্কে লিখা।

উত্তৰঃ পৰিৱেশ সুৰক্ষাৰ বাবে কৰা কেতবোৰ আনুষ্ঠানিক আৰু বিত্তীয় ব্যৱস্থাপনাৰ ব্যৱস্থায় সমূহ হ’ল—

(ক) পৰিৱেশ সম্পৰ্কীয় কাৰ্যসূচীৰ বাবে পৰিচালনা পৰিষদ (Governing Council for Environment Programme): ষ্টকহ’ম সন্মিলনে পৰিৱেশ সম্পৰ্কীয় কাৰ্যসূচীৰ বাবে এখন পৰিচালনা পৰিষদ গঠনৰ বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত প্ৰস্তাৱ উত্থাপন কৰাৰ সিদ্ধান্ত লয়। এই পৰিচালনা পরিষদখন ৫৪ জন সদস্যৰে গঠিত হ’ব আৰু ইয়াৰ কাৰ্যকাল তিনিবছৰীয়া হ’ব। বিশ্বৰ ভৌগোলিক অঞ্চলসমূহৰ পৰা সমানুপাতিক প্ৰতিনিধিত্বৰ ভিত্তিত এই ৫৪ জন সদস্য নিৰ্বাচিত কৰা হ’ব। এই পৰিচালনা পৰিষদৰ মুখ্য কাৰ্য হ’ব বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ চৰকাৰৰ মাজত পৰিৱেশ সম্পৰ্কীয় দিশত সহযোগিতা বৃদ্ধি কৰা আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন সংগঠনৰ দ্বাৰা কাৰ্যকৰী কৰা বিভিন্ন কাৰ্যসূচীৰ সুসমন্বয় সাধন কৰা।

(খ) পৰিৱেশ সম্পৰ্কীয় সচিবালয় (Environment Secretariate): ষ্টকহ’ম সন্মিলনে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ দ্বাৰা এখন পৰিৱেশ সচিবালয় প্ৰতিষ্ঠাৰ বাবে পৰামৰ্শ আগবঢ়ায়। এনে পৰিৱেশ সচিবালয়ৰ মুখ্যকাৰ্য হৈছে ৰাষ্ট্ৰসংঘৰ পৰিৱেশ সম্পর্কীয় কাৰ্যসূচীসমূহৰ সমন্বয় সাধন কৰা। আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহক পৰামৰ্শ দিয়া, বিশ্বৰ বিজ্ঞানীসকলৰ মাজত সহযোগিতা বৃদ্ধি কৰা, ৰাষ্ট্ৰসংঘৰ দ্বাৰা কাৰ্যকৰীকৰণৰ বাবে হ্রস্বম্যাদী আৰু দীর্ঘম্যাদী পৰিকল্পনা প্ৰস্তুত কৰা।

(গ) পৰিৱেশ সম্পৰ্কীয় পুঁজি (Environmental Fund): বিশ্ব পৰিৱেশ সম্পৰ্কীয় কাৰ্যসূচীসমূহ বাস্তৱত কাৰ্যকৰী কৰিব পৰাকৈ অতিৰিক্ত পুঁজি যোগান ধৰিব পৰাকৈ এক পৰিৱেশ সম্পৰ্কীয় পুঁজি গঠনৰ পৰামৰ্শ আগবঢ়ায়। সন্মিলনৰ সিদ্ধান্ত মৰ্মে এই পুঁজি ইচ্ছাধীন বৰঙণিৰ দ্বাৰা গঠন কৰা হ’ব।

(ঘ) পৰিৱেশ সম্পৰ্কীয় সহযোগিতা বোর্ড (Environmental Coordination Board): ষ্টকহ’ম সন্মিলনে বিশ্ব পৰিৱেশ সম্পৰ্কীয় কাৰ্যসূচীসমূহ ৰূপায়ণ তথা সমন্বয় সাধন কৰাৰ বাবে এখন পৰিৱেশ সম্পৰ্কীয় বোর্ড গঠনৰ বাবে পৰামৰ্শ আগবঢ়ায়।

৫। ধৰিত্ৰী সন্মিলনে গ্ৰহণ কৰা চূড়ান্ত দলিলৰ প্ৰধান বিষয়সমূহ লিখা।

উত্তৰঃ ধৰিত্ৰী সন্মিলনে গ্রহণ কৰা চূড়ান্ত দলিলৰ প্ৰধান বিষয়সমূহ তলত উল্লেখ কৰা হ’ল—

(ক) দলিলখনৰ মতে উন্নত ৰাষ্ট্ৰসমূহৰ ক্ষেত্ৰত কেৱল সেউজ গৃহ গেছৰ নিৰ্গতকৰণ হ্ৰাসৰ নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত আইনগতভাৱে বাধিত হোৱা অর্থপূর্ণ, বাস্তৱিক আৰু সামানুপাতিক লক্ষ্য সমূহহে (Legally binding, meaningful, realistic and equitable targets) বিবেচনা কৰিব।

(খ) ধৰিত্ৰী সন্মিলনৰ পিছতো বাদ পৰি যোৱা ৰাষ্ট্ৰসমূহেও চুক্তিপত্ৰখনৰ অনুমোদন জনাব আৰু কাৰ্যকৰী কৰিব।

(গ) বিষাক্ত ৰাসায়নিক পদাৰ্থসমূহৰ ক্ষেত্ৰত সুৰক্ষিত বিকল্পৰ সন্ধান কৰিব আৰু উদ্ভাৱন হোৱা তেনে প্রযুক্তি অনুমত বা দুখীয়া ৰাষ্ট্ৰসমূহলৈও হস্তান্তৰ কৰিব।

(ঘ) উন্নয়নশীল ৰাষ্ট্ৰসমূহলৈ পৰিৱেশনৰ ফালৰ পৰা উপযুক্ত বুলি বিবেচিত প্রযুক্তিসমূহ হস্তান্তৰৰ বাবে উন্নত ৰাষ্ট্ৰসমূহৰ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব।

(ঙ) জৈৱ বৈচিত্ৰতা ৰক্ষাৰ বাবে কাৰ্যক্ষম ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে আপুৰুগীয়া বা লুপ্তপ্রায় জীৱসমূহ সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিব।

(চ) উন্নত ৰাষ্ট্ৰসমূহে সেউজ গৃহ গেছ নিৰ্গতকৰণৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ দ্বাৰা নির্ণিত লক্ষ্যত (০.৭ শতাংশ) উপনীত হ’বৰ বাবে চেষ্টা চলাব।

(ছ) ৰাষ্ট্ৰসংঘৰ সুস্থিৰ বিকাশ আয়োগৰ (UN Commission on Sustainable Development) অধীনত অৰণ্যানিৰ সুৰক্ষাৰ বাবে আন্তঃচৰকাৰী মঞ্চ (Intergovernmental Forum) গঠন কৰিব ইত্যাদি।

৬। কিয়ট’ আচৰণবিধিৰ মুখ্য ব্যৱস্থাৱলীসমূহ লিখা।

উত্তৰঃ কিয়ট’ আচৰণবিধিৰ মুখ্য ব্যৱস্থাৱলীসমূহ হ’ল—

(ক) ১৯৯০ চনৰ পৰ্যায়লৈকে বায়ুমণ্ডলৰ সেউজ গৃহ গেছৰ পৰিমাণ হ্ৰাস কৰিবলৈ হ’লে ‘Annex-I’3 ৰাষ্ট্ৰসমূহে গড়ে ৫.২ শতাংশ এই গেছসমূহৰ নিৰ্গতকৰণ হ্ৰাস কৰিব। সেই অনুসৰি আমেৰিকাই ২০১২ চনৰ ভিতৰত ৭ শতাংশ, ইউৰোপীয় সংঘৰ অন্যান্য সদস্য ৰাষ্ট্ৰই ৮ শতাংশ, কানাডাই ৬ শতাংশ, জাপানে ৬ শতাংশ সেউজ গৃহ গেছ নিষ্কাশণ হ্ৰাস কৰিব। ৰাছিয়ায়ো ১৯৯০ চনৰ নিৰ্গতকৰণ স্তৰতে ভৱিষ্যতৰ নিৰ্গতকৰণ স্থবিৰ ৰাখিব লাগিব। অন্যহাতে অষ্ট্রেলিয়াই ৮ শতাংশ পর্যন্ত নির্গতকৰণ বৃদ্ধি কৰিব পাৰিব।

(খ) উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ বাবে নিৰ্গতকৰণৰ কোনো সীমাবদ্ধতা নাই যদিও সেউজ গৃহ গাছ নিৰ্গতকৰণৰ উৎসসমূহ নিয়ন্ত্ৰণৰ বাবে প্ৰচেষ্টা চলাব লাগিব।

(গ) সেউজ গৃহ গেছৰ গোটেই ছটা গেছৰে (কাৰ্বন–ডাই–অক্সাইড, নাইট্ৰাছ অক্সাইড, মিথেন, HFSC, PFS আৰু ছালফাৰ হেঙ্গায়’ৰাইড) নির্গতকৰণ হ্ৰাস কৰিব।

(ঘ) সেউজ গৃহ গেছ নিৰ্গতকৰণ সীমিতকৰণৰ সময়সীমা ২০০৮ চনৰ পৰা ২০১২ চন হ’ব। 

(ঙ) নির্গতকৰণ কৰ্তনৰ উপায় হিচাপে নিৰ্গতকৰণ বাণিজ্য (Emmission Trading), যৌথ প্রকল্প কাৰ্যকৰীকৰণ বা স্বচ্ছ উন্নয়ন সঁজুলি (Clean Development Mechanism) অন্তৰ্ভুক্ত কৰা হ’ব। সাধাৰণতে ‘Non–Annex–I’ দেশসমূহে এই তিনিটা দিশৰ ওপৰত গুৰুত্ব দিব। উন্নত ৰাষ্ট্ৰসমূহে উন্নয়নশীল ৰাষ্ট্ৰসমূহত প্রকল্প কার্যকৰীকৰণত সহায় কৰিব পাৰিব।

(চ) যিহেতু আচৰণবিধিয়ে শাস্তিমূলক ব্যৱস্থাৱলীৰ বিষয়ে চিন্তা কৰা নাই সেয়ে সেই বিষয়টো ১৯৯৮ চনত Buenos Aires ত অনুষ্ঠিত হ’বলগীয়া (COP4) সভাত আলোচনা কৰা হ’ব।

৭। বিশ্ব ৰাজনীতিত পৰিৱেশৰ প্ৰভাৰসমূহ বহলাই আলোচনা কৰা।

উত্তৰঃ ষ্টকহ’ম ঘোষণাপত্ৰৰ পিছৰে পৰাই পৰিৱেশ সম্পর্কীয় বিষয়টো বিশ্ব ৰাজনীতিৰ এক গুৰুত্বপূর্ণ বিষয় হিচাপে পৰিগণিত হৈছে। পৰিৱেশৰ বিষয়টোৱে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত পেলোৱা প্রভাৱসমূহ এনেদৰে আলোচনা কৰিব পাৰি —

(ক) পাৰিপাৰ্শ্বিক স্থায়িত্বতাঃ বৰ্তমানৰ বজাৰমুখী অর্থনৈতিক ব্যৱস্থাত ৰাষ্ট্ৰৰ উপৰিও বহুৰাষ্ট্ৰীয় বাণিজ্যিক প্রতিষ্ঠাসমূহে বিশ্বৰ চুকে কোনে থকা সম্পদসমূহৰ উদ্‌ঘাটন আৰু প্ৰয়োগৰ ওপৰত গুৰুত্ব দিয়াৰ ফলত সমস্ত জৈৱ বৈচিত্ৰতাৰ প্ৰতি ভাবুকি অহা দেখা গৈছে। ফলত আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত ৰাষ্ট্ৰসমূহে পাৰিপাৰ্শ্বিক স্থায়িত্বতাত আগবঢ়োৱা বৰঙণিৰ গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে। উদাহৰণস্বৰূপে বিশ্বৰ জলবায়ু পৰিবৰ্তনৰ কথাটোৱেই ধৰা হয়। চিন্তাবিদসকলৰ মতে উদ্যোগীকৰণৰ কামত প্ৰয়োগ কৰা অশোধিত প্রাকৃতিক ইন্ধন প্ৰদানৰ ফলত বায়ুমণ্ডলত কার্বন–ডাই–অক্সাইডৰ পৰিমাণ বৃদ্ধি হৈ গৈ আছে। ফলত বিশ্বৰ জলবায়ুৰ পৰিৱৰ্তন ঘটি জনসাধাৰণৰ জীৱন যাত্ৰাত ভাবুকি আহিছে। চিন্তাবিদসকলৰ মতে উন্নত ৰাষ্ট্ৰসমূহে বায়ুমণ্ডলৰ এনে ক্ষতি সাধনত বেছি আগভাগ লৈছে। তেওঁলোকৰ মতে উন্নত ৰাষ্ট্ৰসমূহত উন্নয়ন তথা উৎপাদন আৰু উপভোগৰ দ্বাৰা সৰহভাগ কার্বন–ডাই–অক্সাইড বায়ুমণ্ডললৈ নিৰ্গত হয়। যোৱা ১৫০ বছৰে উন্নত দেশসমূহে প্রায় ৮০ শতাংশ কার্বন–ডাই–অক্সাইড বায়ুমণ্ডললৈ নিষ্কাশিত কৰিছে।

জলবায়ু পৱিৰ্তনৰ আন্তঃচৰকাৰী কাৰ্যবাহী পৰিষদে (Inter–governmental Panel on Climate Change–IPCC) ৰ মতে বায়ুমণ্ডলত কার্বন–ডাই–অক্সাইডৰ অৱস্থিতিৰ পৰিমান কমাই ৬০–৮০ শতাংশ কৰিব পাৰিলেহে জলবায়ু সুস্থিৰ কৰিব পৰা যাব। কিন্তু উন্নত ৰাষ্ট্ৰসমূহে এই পৰামৰ্শ মানি ল’ব বিচৰা নাই। তেওঁলোকৰ মতে এনে কাৰ্যই ৰাষ্ট্ৰৰ অৰ্থনৈতিক বিকাশত বাধা দিব। ফলস্বৰূপে উন্নত ৰাষ্ট্ৰসমূহে উন্নয়নশীল ৰাষ্ট্ৰসমূহত উৎপাদিত সামগ্ৰী ক্রয়ৰ জৰিয়তে নিজ ৰাষ্ট্ৰৰ দ্বাৰা কাৰ্বন–ডাই–অক্সাইডৰ নিৰ্গতকৰণৰ পৰিমাণ হ্ৰাস কৰি এই ৰাষ্ট্ৰসমূহক জলবায়ু পৰিৱৰ্তনৰ ভাগিদাৰ কৰাৰ ৰাজনীতিৰ নামিছে। বহুতো ৰাষ্ট্ৰই কার্বন নিষ্কাশণ সীমিতকৰণ প্রযুক্তি যাক Clean Development Mechanism (CDM) নামেৰে জনা যায়। সেই অনুসৰি উন্নত ৰাষ্ট্ৰসমূহে অনুন্নত আৰু উন্নয়নশীল ৰাষ্ট্ৰসমূহত এনে CDM উৎপাদন প্রকল্পসমূহত বিনিয়োজন কৰিব আৰু ইয়াৰ দ্বাৰা কাৰ্বন–ডাই–অক্সাইড নির্গতকৰণত কম বৰঙণি আগবঢ়োৱাৰ নাম ল’ব। এনেদৰে পৰিৱেশনৰ স্থায়িত্বতা বৰ্তাই ৰখাৰ নামত উন্নত ৰাষ্ট্ৰসমূহে কিয়ট’ প্ৰটকলৰ সীমাবদ্ধতাৰ মাজতে থাকি অনুন্নত ৰাষ্ট্ৰৰ ভৱিষ্যত প্ৰজন্মৰ অধিকাৰৰ বিনিময়ত নিজৰ দোষৰ বোজা কমোৱাৰ প্ৰতিযোগিতাৰ ৰাজনীতিত অৱতীৰ্ণ হোৱা দেখা গৈছে।

(খ) জাতি ৰাষ্ট্ৰ ব্যৱস্থালৈ অহা প্ৰত্যাহ্বানঃ পৰিৱেশৰ ভাৰসাম্যতাৰ প্ৰশ্নটো লৈ পৰিৱেশ বিজ্ঞানীসকলে আগৰ জাতি ৰাষ্ট্ৰৰ ধাৰণাৰ সলনি কৰি স্থানীয় সুস্থিৰ পৰিৱেশ প্রশাসন ব্যৱস্থা গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। তেওঁলোকৰ মতে ৰাষ্ট্ৰই হৈছে সর্বোচ্চ ক্ষমতাধাৰী অনুষ্ঠান যি সম্পদ সংগ্ৰহৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰে। তেওঁলোকৰ মতে যিহেতু ৰাষ্ট্ৰীয় সম্পদৰ প্ৰয়োগ, আহৰণ আৰু উদ্‌ঘাটনৰ দায়িত্ব ৰাষ্ট্ৰৰ হাততে থাকে গতিকে ৰাষ্ট্ৰ পৰিচালনাৰ দায়িত্ব এনে সমাজক দিব লাগে যি স্থানীয় সম্পদ আৰু পাৰিপাৰ্শ্বিকতাৰ ওপৰত ইয়াৰ প্ৰভাৱৰ কথা জানে। ফলত পৰিৱেশৰ প্ৰশ্নই পূৰ্বৰ জাতি ৰাষ্ট্ৰৰ ধাৰণা সলনি কৰি পৰিৱেশৰ লগত নিজকে বৰ্তাই ৰাখিব পৰা সমাজৰ দ্বাৰা শাসিত ৰাষ্ট্ৰৰ ওপৰত গুৰুত্ব দিছে।

(গ) উত্তৰ–দক্ষিণৰ বিভাজনঃ বৰ্তমানৰ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ ক্ষেত্ৰত পৰিৱেশৰ বিষয়টোৱে গুৰুত্বপূৰ্ণ স্থান লাভ কৰাৰ লগে লগে উত্তৰ গোলাৰ্ধক উন্নত ৰাষ্ট্ৰসমূহে দক্ষিণৰ অনুন্নত আৰু উন্নয়নশীল ৰাষ্ট্ৰসমূহক নিবনানীকৰণ (Aforestation), জনসংখ্যা বিস্ফোৰণ, উদ্যোগীকৰণ আদিৰ বাবে পৰিৱেশ প্ৰদূষণত বেছি অৰিহণা যোগাইছে বুলি অভিযোগ দিবলৈ লোৱাত পৰিৱেশ সম্পৰ্কীয় সন্মিলন মঞ্চ আদিত দুয়ো গোলাৰ্ধৰ ৰাষ্ট্ৰসমূহৰ মাজত মতামত সম্পৰ্কত বিভাজন হোৱা দেখিবলৈ পোৱা যায়। এই সুয়ো গোলাৰ্ধৰ ৰাষ্ট্ৰসমূহৰ মাজত পাৰিপাৰ্শ্বিক অৱক্ষয়ৰ কাৰণ, ইয়াক দূৰীকৰণৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰলী, উত্তৰৰ উন্নত ৰাষ্ট্ৰসমূহৰ সহযোগত দক্ষিণৰ ৰাষ্ট্ৰসমূহত প্ৰতিষ্ঠা কৰা উদ্যোগ আদিৰ বাবে পৰিৱেশ অৱক্ষয়ৰ দায়িত্ব ল’বলৈ উন্নত ৰাষ্ট্ৰৰ অস্বীকাৰ আদি নানান কাৰণত দুয়ো শ্ৰেণীৰ ৰাষ্ট্ৰৰ মাজত বিভাজন আহি পৰিছে। ফলত ‘গোলকীয় উমৈহতীয়া’ ব্যৱস্থাৰ অৱক্ষয়ৰ বাবে ইপক্ষই সিপক্ষক জগৰীয়া কৰা ধৰণৰ ৰাজনীতিয়ে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ দিশসমূহ নিৰ্ণয় কৰা দেখা গৈছে।

(ঘ) পৰিৱেশ সম্পৰ্কীয় বিষয়সমূহৰ ৰাজনীতিকৰণঃ ১৯৯০ চনৰ পৰা পৰিৱেশ সম্পৰ্কীয় বিষয়সমূহ ৰাষ্ট্ৰসমূহৰ বৈদেশিক নীতিৰ লগতে আন্তর্জাতিক ৰাজনীতিৰ বিষয় হিচাপে পৰিগণিত হৈছে। উন্নত ৰাষ্ট্ৰসমূহে অনুন্নত আৰু উন্নয়নশীল ৰাষ্ট্ৰসমূহক পৰিৱেশ তথা জলবায়ু পৰিৱৰ্তনৰ দৰে বিষয়সমূহক লৈ বিভিন্ন সময়ত সমালোচনা কৰাৰ লগতে দুয়োপক্ষই দুযোপক্ষক দোষাৰোপ কৰাৰ ৰাজনীতি তথা বোকা ছটিওৱা ৰাজনীতিৰে সমস্যা সমাধানৰ পৰিৱৰ্তে সমস্যা জটিল কৰাহে পৰিলক্ষিত হৈছে। আমেৰিকাৰ দৰে ৰাষ্ট্ৰৰ মতে জলবায়ু পৰিৱৰ্তনৰ দৰে ঘটনাক সাধাৰণ প্ৰযুক্তিগত আৰু অৰ্থনৈতিক সমস্যা বুলিব পাৰি যি নেকি সেউজ গৃহ গেছ (Green House Gas) নির্গতকৰণৰ বাবে সৃষ্টি হৈছে। গতিকে উন্নয়নশীল ৰাষ্ট্ৰসমূহলৈ নতুন প্রযুক্তিগত সাহায্য আৰু এনে প্রযুক্তি প্ৰয়োগৰ বাবে উৎসাহ বৃদ্ধিৰ দ্বাৰা সমাধান কৰিব পাৰি।

(ঙ) উন্নত ৰাষ্ট্ৰসমূহৰ মত ভিন্নতাঃ পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ কাৰণ সম্পৰ্কত উন্নত ৰাষ্ট্ৰসমূহৰ মাজতো মতভিন্নতা দেখা যায়। ৰাষ্ট্ৰসমূহে ৰাষ্ট্ৰীয় প্ৰগতিত সহায় কৰা উদ্যোগসমূহৰ দিশ বিবেচনা কৰিহে পৰিৱেশ প্ৰদূষণৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাৱলী সম্পৰ্কত নিজস্ব মতামত প্ৰকাশ কৰা দেখা যায়। বিশেষকৈ প্রাকৃতিক সম্পদৰ ওপৰত গঢ় লৈ উঠা উদ্যোগিক ৰাষ্ট্ৰসমূহে কেতিয়াও সেউজ গৃহ গেছ নিৰ্গতকৰণৰ কাৰণে জলবায়ু পৰিৱৰ্তন আৰু ইয়াৰ বাবে কার্বন–ডাই–অক্সাইড নির্গতকৰণৰ হ্ৰাসৰ কথাটো গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰিবলৈ টান পায়। উদাহৰণস্বৰূপে ইউৰোপীয় ৰাষ্ট্ৰসমূহৰ ভিতৰত জার্মানী, অষ্ট্রিয়া, ছুইডেন, বেলজিয়াম, ফিনলেণ্ড, ইটালী, ফ্রান্স, নেডাৰলেণ্ড আদি ৰাষ্ট্ৰই সেউজ দল (Green Party) গঠনৰ ওপৰত গুৰুত্ব দিলেও কয়লা, তেল আৰু প্ৰাকৃতিক গেছৰ সৰ্বোচ্চ উৎপাদনকাৰী ৰাষ্ট্ৰ আমেৰিকাই এইকেইটাক খণ্ডৰ পৰা আহৰণ কৰা শকত বৰঙণি তথা এইকেইটা খণ্ডৰ লগত জড়িত স্বার্থান্বেষী দলসমূহৰ হেঁচাত কাৰ্বন–ডাই–অক্সাইড নিষ্কাশণ তথা সেউজ দল সম্পৰ্কত পৃথক স্থিতি গ্রহণ কৰিছে। তেনেদৰে OPEC ৰাষ্ট্ৰসমূহেও কার্বন–ডাই–অক্সাইড নির্গতকৰণ কমাবৰ বাবে তেল আৰু প্ৰাকৃতিক গেছ উৎপাদনত বাধা প্ৰদান কৰে তেতিয়া ৰাষ্ট্ৰসমূহৰ অৰ্থনীতিও সম্পূৰ্ণৰূপে ভাঙি যোৱাৰ সম্ভাৱনা থাকিব। গতিকে এইসমূহ ৰাষ্ট্ৰৰ বাবেও জলবায়ু সুস্থিৰতাৰ সম্পৰ্কত স্থিতি সেউজ দেশৰ অংশীদাৰ ৰাষ্ট্ৰসমূহৰ সৈতে নিমিলিৰ।

(চ) পৰিৱেশ ব্যৱস্থাপনাৰ মানদণ্ডঃ ১৯৬০ দশকৰ আৰম্ভণিতে আন্তঃৰাষ্ট্ৰীয় মানদণ্ড নিৰূপণকাৰী সংগঠনৰ (International Organization for Standardization–ISO) এখন কার্যকৰী সমিতি (Technical Committee ISO / TC 207) গঠন কৰি পৰিৱেশ ব্যৱস্থাপনাৰ মানদণ্ড নিৰূপণৰ ব্যৱস্থা কৰা হয়। এই সমিতিয়ে বিশ্ব পৰিৱেশ ব্যৱস্থাপনাৰ বাবে ISO 14000 নামৰ এক আন্তঃৰাষ্ট্ৰীয় মানদণ্ড নিৰ্ধাৰণ কৰি উলিয়ায়। তদুপৰি ISO 14000 পৰিয়ালৰে ভিতৰত ISO 14001 নামৰ এক বিশেষীকৰণ ব্যৱস্থা প্ৰস্তুত কৰি উলিয়ায়। ISO 14001 ক সকলো পৰিৱেশ ব্যৱস্থাপনাৰ মুখ্য অংশ বুলিব পাৰি। এখন ৰাষ্ট্ৰ বা এটা সংগঠনে পৰিৱেশ সম্পৰ্কত ব্যবস্থাপনা নিৰূপণ কৰি ৰাষ্ট্ৰখন বা সাংগঠনিক ISO 14001 ৰ আধাৰত প্ৰমাণপত্ৰ দিয়া হয়। অৱশ্যে ISO 14001 ক বাধ্যতামূলক প্রমাণীকৰণ বুলিব নোৱাৰি। সংগঠনসমূহে ইচ্ছা সাপেক্ষে এনে প্ৰমাণপত্ৰ সংগ্ৰহ কৰিব পাৰে। কিন্তু বর্তমানে বিশ্বৰ সকলো ৰাষ্ট্ৰই আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাপনাই নিৰ্দ্ধাৰণ কৰা সুস্থিৰ উন্নয়ন তথা প্রাকৃতিক সম্পদৰ সুস্থ ব্যৱহাৰৰ ওফৰত গুৰুত্ব দিয়া বাবে আন্তঃৰাষ্ট্ৰীয় লেনদেনৰ ক্ষেত্ৰত ISO 14001 ৰ দ্বাৰা নিৰ্দ্ধাৰিত অনুপাতত প্রাকৃতিকভাৱে ভাৰসাম্য স্তৰত উৎপাদিত সামগ্ৰীৰ ওপৰত গুৰুত্ব দিয়া হয় বাবে ইয়াৰ গুৰুত্বতা সকলো ক্ষেত্ৰতে স্পষ্ট হৈছে।

(ছ) ধৰিত্ৰী দিৱস আৰু বিশ্ব পৰিৱেশ দিৱসঃ প্রত্যেক বছৰৰ ২২ এপ্রিল তাৰিখটো সমগ্ৰ বিশ্বই ধৰিত্ৰী দিৱস হিচাপে উদ্‌যাপন কৰে। ধৰিত্ৰী দিৱসৰ মুখ্য উদ্দেশ্য হৈছে বিশ্বৰ জনসাধাৰণক এই পৃথিৱীখনৰ সৌন্দৰ্য আৰু সম্পদ সম্পৰ্কত সচেতন কৰি তোলাৰ লগতে পৃথিৱীখনক অধিক সৌন্দৰ্যময়ী আৰু জীৱন ধাৰণাৰ বাবে অনুকূল কৰি ৰাখিবৰ বাবে আহ্বান জনোৱা আৰু এই সম্পৰ্কত জনগণৰ মনত দায়িত্ববোধৰ উন্মেষ ঘটোৱা। ইয়াৰ বাবে বিশ্বৰ অত্যাধিক জনসংখ্যা বৃদ্ধি, শক্তি বা ইছনৰ পেলনীয়া আদি সম্পর্কত সচেতনতা গঢ়ি তুলি “Give Earth a Chance” নামৰ বাণীৰে ১৯৭০ চনৰ ২২ এপ্রিল তাৰিখৰ পৰা বিশ্ব ধৰিত্ৰী দিৱস পালন কৰি অহা হৈছে।

১৯৭২ চনৰ ষ্টকহ’ম সন্মিলনক দিনটোৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ৫ জুন তাৰিখটো বিশ্ব পৰিৱেশ দিৱস হিচাপে উদ্‌যাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। বিশ্ব পৰিৱেশ দিৱস উদ্‌যাপন কৰাৰো মূল লক্ষ্য হৈছে পৰিৱেশ সংবর্দ্ধন আৰু সংৰক্ষণৰ বাবে বিশ্বৰ জনগণক সচেতন কৰি তোলা।

৮। পৰিৱেশ সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাপনাৰ চুক্তিপত্ৰৰ বিষয়সমূহ আলোচনা কৰা?

উত্তৰঃ পৰিৱেশ সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাপনাৰ চুক্তিপত্ৰৰ বিষয়সমূহ তলত আলোচনা কৰা হ’ল—

(ক) ষ্টকহ’ম সন্মিলন, ১৯৭২ঃ পৰিৱেশ সম্পৰ্কীয় সজাগতা সৃষ্টি, পৰিৱেশ সংৰক্ষণ তথা সুস্থিৰ উন্নয়নত গুৰুত্ব দি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হোৱা সন্মিলন তথা আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাপনাসমূহৰ ভিতৰত ষ্টকহ’ম সন্মিলনক প্ৰথমটো পদক্ষেপ বুলি কোৱা হয়। ইয়াৰ আগতে ৰাষ্ট্ৰসংঘৰ বিভিন্ন বিশেষীকৃত অভিকৰণে পৰিৱেশৰ ওপৰত আলোচনা কৰিছিল যদিও সেয়া স্পষ্ট আৰু কাৰ্যকৰী ৰূপত হোৱা নাছিল। সেয়ে ১৯৬৮ চনত চুইডেনৰ প্ৰতিনিধিবর্গই ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত মানৱ পৰিৱেশৰ (Human Environment) ওপৰত এক সন্মিলন অনুষ্ঠিত কৰিবৰ বাবে প্ৰস্তাৱ উত্থাপন কৰিছিল। ১৯৬৮ চনৰ ৩ ডিচেম্বৰ তাৰিখে সাধাৰণ সভাই এই প্রস্তাৱত সন্মতি জনাই ১৯৬৯ চনত সচিব প্ৰধানক এই সন্মিলনখন অনুষ্ঠিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ দায়িত্ব দিছিল। সেই ২৭ জন সদস্যৰে এখন প্ৰস্তুতি সমিতিও ১৯৬৯ চনত ৰাষ্ট্ৰসংঘৰ উদ্যোগত প্ৰতিষ্ঠা কৰা হয়। এনেদৰে ১৯৬৮ চনৰ পৰা চলোৱা প্ৰচেষ্টাৰ পৰিণতিত ১৯৭২ চনৰ জুন মাহৰ ৫ তাৰিখৰ পৰা ১৬ চুইডেনৰ ষ্টকহ’ম চহৰত ৰাষ্ট্ৰসংঘৰ উদ্যোগত বিশ্বৰ প্ৰথমখন পৰিৱেশ সন্মিলন সার্বজনীন ৰূপত অনুষ্ঠিত হয়। ষ্টকহ’ম সন্মিলনৰ প্ৰধান উদ্দেশ্য আছিল মানৱ পৰিৱেশৰ সুৰক্ষা আৰু উন্নয়নৰ বাবে চৰকাৰ আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহক উদ্‌গণি যোগোৱা আৰু ইয়াৰ বাবে প্ৰধানকৈ মানি চলিবলগীয়া বিধি (Guideline) সমূহ প্ৰস্তুত কৰি উলিওৱা।

(খ) মানৱ পৰিৱেশ সম্পৰ্কীয় কর্ম আঁচনিঃ ষ্টকহ’ম সন্মিলনৰ মূল নীতিসমূহ বাস্তৱত কাৰ্যকৰী কৰাৰ উদ্দেশ্যে এক কর্ম আঁচনিও প্রস্তুত কৰি উলিওৱা হয়। পৰিৱেশ সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ মাধ্যমেৰে আন্তঃৰাষ্ট্ৰীয় কৰ্ম আঁচনি বাস্তৱত কাৰ্যকৰী কৰাৰ ওপৰত গুৰুত্ব দিয়া হয়। এই কৰ্ম আঁচনিখন তিনিটা খণ্ডত বিভক্ত কৰা হৈছে—

(i) প্রথম খণ্ড—আন্তঃৰাষ্ট্ৰীয়ভাৱে তাৎপর্যপূর্ণ বুলি বিবেচিত সমস্যাসমূহক চিনাক্ত কৰিবৰ বাবে ধৰণী কাৰ্যসূচী (Earth Watch Programme) প্ৰস্তুত কৰা হৈছে যাতে ইচ্ছাকৃতভাৱে পৰিৱেশৰ সংকট সৃষ্টিৰ কাৰ্যসমূহৰ সম্পৰ্কত সতৰ্ক কৰি দিব পৰা যায়।

(ii) দ্বিতীয় খণ্ডই পৰিৱেশন ব্যৱস্থাপনাৰ দিশসমূহ আলোচনা কৰাৰ বিপৰীতে।

(iii) তৃতীয় খণ্ডই পৰিৱেশৰ উন্নয়নত সহায়ক দিশসমূহ, যেনে— শিক্ষা, প্রশিক্ষণ, ৰাজহুৱা তথ্য আৰু বিত্ত সম্পৰ্কীয় দিশসমূহ আলোচনা কৰিছে।

(গ) বিশ্ব পৰিৱেশ দিৱস নিৰ্দ্ধাৰণ সম্পৰ্কীয় পৰামৰ্শাৱলীঃ বিশ্বৰ জনসাধাৰণৰ মনত পৰিৱেশ সম্পৰ্কীয় সচেতনতা সৃষ্টিৰ বাবে ষ্টকহ’ম সন্মিলনে এটা দিন বিশ্ব পৰিৱেশ দিৱস হিচাপে উদ্‌যাপন কৰাত একমত হয় আৰু সেই অনুসৰি ৫ জুন তাৰিখটো ‘বিশ্ব পৰিৱেশ দিবস’ হিচাপে পালন কৰাৰ সিদ্ধান্ত লয়।

(ঘ) পাৰমাণৱিক অস্ত্ৰ–শস্ত্ৰ পৰীক্ষণ সম্পৰ্কীয় প্ৰস্তাৱঃ ষ্টকহ’ম সন্মিলনে বায়ুমণ্ডলত পাৰমাণৱিক অস্ত্ৰ–শস্ত্ৰৰ পৰীক্ষা কাৰ্যক একেমুখে গৰিহণা দিয়াৰ লগতে যিসমূহ ৰাষ্ট্ৰই বায়ুমণ্ডলত এনে পৰীক্ষা কৰাৰ কথা ভাবিছে সেই ৰাষ্ট্ৰসমূহে বায়ুমণ্ডল তথা পৰিৱেশক সংক্রমিত কৰিব পৰা তেনে পৰীক্ষা কৰাৰ পৰা বিৰত থাকিবলৈ আহবান জনায়। এই প্রস্তাবেৱ ঘোষণাপত্ৰৰ ২৬ নং নীতি সমৰ্থন কৰিছে। এই নীতি অনুসৰি পাৰামাণৱিক পৰীক্ষাৰ প্ৰভাৱৰ পৰা মানুহ আৰু বিশ্ব পৰিবেশক ৰক্ষণাবেক্ষণ দিব লাগে।

(ঙ) মানৱ পৰিৱেশ সম্পৰ্কীয় ৰাষ্ট্ৰসংঘৰ দ্বিতীয় সন্মিলন অনুষ্ঠিতকৰণ সম্পৰ্কীয় পৰামৰ্শাৱলীঃ ষ্টকহ’ম সন্মিলনে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাক বিশ্ব মানৱ পৰিবেশ সম্পৰ্কীয় দ্বিতীয়খন সন্মিলন অনুষ্ঠিত কৰিবৰ বাবে পৰামৰ্শ আগবঢ়ায়।

(চ) ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মিলনৰ সিদ্ধান্তসমূহৰ কাৰ্যকৰীকৰণ সম্পৰ্কীয় সিদ্ধান্তঃ ষ্টকহ’ম সন্মিলনৰ সিদ্ধান্তসমূহ যাতে বিশ্বৰ ৰাষ্ট্ৰসমূহে ৰাষ্ট্ৰীয় পৰ্যায়ত কার্যকৰী কৰে তাৰ বাবে ৰাষ্ট্ৰসমূহৰ চৰকাৰসমূহলৈ এই সিদ্ধান্তসমূহ প্ৰেৰণ কৰাৰ প্ৰস্তাৱ লোৱা হয়।

৯। UNEP ৰ প্ৰধান কাৰ্যাৱলীসমূহ লিখা।

উত্তৰঃ UNEP ৰ প্ৰধান কাৰ্যাৱলীসমূহ হ’ল—

(ক) পৰিৱেশ সম্পৰ্কীয় কাৰ্যসমূহ সম্পাদনৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধি কৰা আৰু প্রয়োজন সাপেক্ষে উপযুক্ত নীতি নিৰ্দ্ধাৰণ কৰা।

(খ) ৰাষ্ট্ৰসংঘৰ দ্বাৰা পৰিৱেশ সম্পৰ্কীয় কাৰ্যসমূহ নির্দেশনা আৰু সমন্বয়ৰ বাবে সাধাৰণ নীতি সম্পৰ্কীয় পৰামৰ্শ আগবঢ়োৱা।

(গ) ৰাষ্ট্ৰসংঘৰ অধীনত চলি থকা বিভিন্ন পৰিৱেশ সম্পৰ্কীয় কাৰ্যসূচীৰ সম্পৰ্কত কাৰ্যবাহী সঞ্চালকে দাখিল কৰা প্ৰতিবেদন গ্ৰহণ আৰু পুনৰীক্ষণ কৰা।

(ঘ) বিশ্বৰ পাৰিপাৰ্শ্বিক পৰিস্থিতিৰ ওপৰত দৃষ্টি ৰখা যাতে সমগ্ৰ বিশ্বজুৰি গুৰুত্ব লাভ কৰা আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সম্পৰ্কীয় সমস্যাসমূহৰ প্ৰতি ৰাষ্ট্ৰীয় চৰকাৰসমূহে উপযুক্ত বিবেচনা কৰি সঠিক ব্যৱস্থা গ্ৰহণ কৰে।

(ঙ) ৰাষ্ট্রসংঘৰ গণ্ডীৰ ভিতৰত থাকি আন্তঃৰাষ্ট্ৰীয় বৈজ্ঞানিক আৰু অন্যান্য পেশাদাৰী সমাজক আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সম্পৰ্কীয় জ্ঞান আৰু তথ্য আহৰণ, মূল্যায়ন আৰু বিনিময়ত সহায় আগবঢ়োৱা আৰু আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সম্পৰ্কীয় কাৰ্যসূচীসমূহৰ কাৰিকৰী আৰু প্ৰয়োগ সম্পৰ্কীয় দিশসমূহৰ প্ৰতি উপযুক্ত বৰঙণি আহবঢ়োৱা।

(চ) আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সম্পৰ্কীয় কার্যসূচীসমূহ যাতে তৃতীয় বিশ্বৰ উন্নয়নশীল ৰাষ্ট্ৰসমূহেও বাস্তৱত কার্যকৰী কৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা, এই আঁচনিসমূহৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্রভাৱসমূহ অবিৰতভাৱে পুনৰীক্ষণ কৰা আৰু উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ উন্নয়নমূলক পৰিকল্পনা বা অগ্ৰাধিকাৰ ক্ষেত্ৰসমূহত যাতে আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সম্পর্কীয় কাৰ্যসূচীসমূহ অন্তর্ভুক্ত হয় তাৰ ব্যৱস্থা কৰা।

(ছ) পৰিৱেশ পুঁজিৰ সম্পদ ব্যৱহাৰৰ সৈতে জড়িত কাৰ্যসূচীসমূহ পুনৰীক্ষণ কৰা আৰু বার্ষিক অনুমোদন জনোৱা।

পৰিচালনা পৰিষদে ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ জৰিয়তে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভালৈ ইয়াক বাৰ্ষিক প্ৰতিবেদন প্ৰেৰণ কৰিব লাগে।

১০। নাইৰোৰি ঘোষণাপত্ৰৰ প্ৰধান ব্যৱস্থাৱলীসমূহ আলোচনা কৰা।

উত্তৰঃ নাইৰোবি ঘোষণাপত্ৰৰ প্ৰধান ব্যৱস্থাৱলীসমূহ হ’ল—

(ক) ঘোষণা পত্ৰৰ মতে পৰিৱেশ প্ৰদূষণৰ মূলতঃ হৈছে দৰিদ্ৰতা আৰু খাদ্যবস্তুৰ পেলনীয়া স্বভাৱ। কিয়নো এই দুয়োটা ব্যৱস্থাতে মানুহে পৰিৱেশৰ ওপৰত বেছিকৈ নিৰ্ভৰ কৰিবলগীয়া হয়। সেয়ে এক আন্তঃৰাষ্ট্ৰীয় উন্নয়ন কৌশল (International Development Strategy) আৰু নতুন আন্তঃৰাষ্ট্ৰীয় অর্থনৈতিক শৃংখলা (New International Economic Order) অবিহনে পৰিৱেশ ক্ষয়ীভৱন ৰোধ কৰিব পৰা নাযাব বুলি ঘোষণা পত্ৰত উল্লেখ কৰা হয়।

(খ) মানৱ পৰিৱেশৰ সুৰক্ষাৰ বাবে মানৱ জাতিৰ লগতে সমগ্ৰ ৰাষ্ট্ৰীয় কৰ্তৃপক্ষই আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা, যুদ্ধৰ বিভীষিকাৰ পৰা মুক্ত অৱস্থা প্ৰদানৰ ব্যৱস্থা কৰাৰ লগতে সশস্ত্ৰীকৰণৰ নামত বৌদ্ধিক আৰু প্ৰাকৃতিক সম্পদৰ বিনষ্টকৰণ, জাতিগত বৈষম্য, উপনিৱিশিক বা অন্যান্য শোষণ, বৈদেশিক দমন আদিৰ বিৰুদ্ধে ঠিয় দিব লাগিব।

(গ) সাধাৰণতে পৰিৱেশ সম্পৰ্কীয় সমস্যাসমূহ কোনো ৰাষ্ট্ৰত প্ৰথমে আৰম্ভ হৈ সমগ্ৰ বিশ্ব ছানি ধৰে। গতিকে ৰাষ্ট্ৰসমূহে তেনে পৰিৱেশজনিত সমস্যা আলোচনা বিবেচনাৰ মাধ্যমেৰে বা প্রয়োজন হ’লে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ মাধ্যমেৰে সামগ্রিকভাৱে সমাধান কৰিবৰ বাবে চেষ্টা কৰিব লাগে।

(ঘ) উন্নত ৰাষ্ট্ৰসমূহে উন্নয়নশীল ৰাষ্ট্ৰসমূহে সন্মুখীন হোৱা গভীৰ পৰিৱেশীয় সমস্যাসমূহ সমাধানৰ বাবে সহায় কৰা উচিত।

(ঙ) পৰিৱেশ বিনষ্ট নোহোৱাকৈ প্রাকৃতিক সম্পদসমূহৰ উদ্‌ঘাটন আৰু প্ৰয়োগ কৰিব পৰাকৈ পৰিৱেশৰ উপযোগী ব্যবস্থাপনা আৰু কৌশল উদ্ভাবন কৰা আৰু পৰম্পৰাগত কৃষি ব্যৱস্থাৰ সলনি কৰি আধুনিক ব্যৱস্থা উদ্ভাৱনৰ ওপৰত গুৰুত্ব দিয়া।

(চ) ইতিমধ্যে যি ধৰেণ পৰিৱেশ বিনষ্ট কৰা হ’ল সিয়েই বৰ্তমানৰ মানৱ জাতিৰ বাবে বোজাত্বৰূপ আৰু পুনৰ উন্নীতকৰণ বহু খৰচী। এনেক্ষেত্ৰত ৰাষ্ট্ৰসমূহৰ মুখ্য দায়িত্ব হ’ল পৰিৱেশৰ ক্ষতি সাধনত বাধা দিব পৰাকৈ উপযুক্ত পৰিৱেশৰ অনুকূল পৰিকল্পনা প্ৰস্তুত কৰি উলিওৱা।

(ছ) আমাৰ এই ক্ষুদ্র গ্ৰহটো যাতে ভৱিষ্যত প্রজন্মৰ বাবেও বাসোপযোগী কৰি ৰাখিব পৰা যায় তাৰ বাবে বিশ্বৰ ৰাষ্ট্ৰসমূহৰ চৰকাৰৰ লগতে সমূহ বিশ্ববাসীয়ে পৰিৱেশৰ ক্ষতিসাধন ৰোধ কৰিবৰ বাবে চেষ্টা কৰিব লাগে।

১১। ৰিঅ’ ঘোষণাপত্র কি? এই ঘোষণাপত্ৰৰ প্ৰধান কেইটামান নীতিৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ ১৯৯২ চনৰ ধৰিত্ৰী সন্মিলনে পৰিৱেশ আৰু উন্নয়নৰ ওপৰত এখন ঘোষণাপত্রও গ্ৰহণ কৰে যাক ৰিঅ’ ঘোষণাপত্ৰ নামেৰে জনা যায়। ৰিঅ’ ঘোষণাপত্ৰই ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা গঢ়ি তুলি এক নৱ গোলকীয় অংশীদাৰী ব্যৱস্থা সৃষ্টি কৰিব বিচাৰে যাতে সমাজ আৰু জনসাধাৰণক পৰিৱেশ আৰু উন্নয়নৰ সুস্থিৰতাৰ লগত সাঙুৰি ল’ব পৰা যায়। ঘোষণা পত্রই উন্নয়ন আৰু পৰিৱেশৰ সুস্থিৰতা ৰক্ষাৰ ক্ষেত্ৰত সমাজ আৰু জনসাধাৰণক মুখ্য স্থান বুলি চিহ্নিত কৰিছে। ৰিঅ’ ঘোষণাপত্ৰত সৰ্বমুঠ ২৭ টা নীতি আছে। ইয়াৰে প্ৰধান কেইটামান নীতি হ’ল—

(ক) নীতি (১): পৰিৱেশৰ সুস্থিৰতা ৰক্ষা কৰি দেশৰ সমাজৰ বিকাশত মানুহেই মুখ্য দায়িত্ব পালন কৰে। গতিকে প্ৰত্যেক ব্যক্তিকে প্ৰকৃতিৰ সৈতে খাপ খুৱাই এক সুস্থ আৰু উৎপাদনমুখী জীৱন কটাব পৰাকৈ জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰিব লাগে।

(খ) নীতি (২): ৰাষ্ট্ৰসংঘৰ চনদ আৰু আন্তঃৰাষ্ট্ৰীয় আইন মতে প্রত্যেক ৰাষ্ট্ৰৰে নিজা চাৰিসীমাৰ ভিতৰত থকা প্ৰাকৃতিত সম্পদৰ ওপৰত সাৰ্বভৌম ক্ষমতা আছে। কিন্তু ৰাষ্ট্ৰসমূহে এই অধিকাৰ উপভোগ কৰিবলৈ যাওঁতে চাব লাগিব যাতে নিজ ৰাষ্ট্ৰৰ পৰিৱেশ আৰু উন্নয়নৰ নীতিতে আন ৰাষ্ট্ৰক পৰিৱেশ বিনষ্ট কৰিব নোৱাৰে বা ৰাষ্ট্ৰীয় অধিকাৰ ক্ষেত্ৰৰ পৰিধি ভাঙি নিজৰ পৰিৱেশ আৰু উন্নয়নৰ নীতি কার্যকৰী কৰা নহয়।

(গ) নীতি (৩): বৰ্তমানৰ আৰু ভবিষ্যত প্ৰজন্মৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখিহে ৰাষ্ট্ৰই বৰ্তমানৰ বিকাশৰ পৰিকল্পনা প্রস্তুত কৰিব লাগে।

(ঘ) নীতি (8): ৰাষ্ট্ৰসমূহে সুস্থিৰ বিকাশৰ লক্ষ্যত উপনীত হ’বলৈ হ’লে উন্নয়নৰ প্ৰক্ৰিয়াৰ ভিতৰত পৰিৱেশ সুৰক্ষাৰ দিশসমূহো অন্তৰ্ভুক্ত কৰি ল’ব লাগিব। অর্থাৎ পৰিৱেশ সুৰক্ষাৰ দিশসমূহ বিকাশৰ পৰা পৃথক বিষয় বুলি গণ্য কৰিব নালাগে।

(ঙ) নীতি (৫): সুস্থিৰ বিকাশৰ লক্ষ্যত দৰিদ্ৰতা নির্মূলকৰণো এক লক্ষ্য বুলি অন্তৰ্ভুক্ত কৰিব লাগে আৰু ইয়াৰ বাবে সকলো ৰাষ্ট্ৰ আৰু জনসাধাৰণে সহযোগিতা আগবঢ়াব লাগে। দৰিদ্ৰতা নিৰ্মূলকৰণৰ লক্ষ্য সকলো ৰাষ্ট্ৰৰে ৰাষ্ট্ৰীয় নীতিৰ ভিতৰত অন্তৰ্ভুক্ত কৰিলে বিশ্বৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ড আৰু অভাৱৰ ক্ষেত্ৰত থকা বৈষম্য দূৰ কৰিব পৰা যাব।

(চ) নীতি (৮): ৰাষ্ট্ৰসমূহে সুস্থিৰ বিকাশ আৰু জীৱন ধাৰণৰ উচ্চ মানদণ্ডৰ বাবে উৎপাদনৰ সুস্থিৰতাবিহীন উৎপাদন আৰু উপভোগ ব্যৱস্থা হ্ৰাস কৰিব আৰু উপযুক্ত জনসংখ্যা নীতি গ্ৰহণ কৰিব।

(ছ) নীতি (১০): ৰাষ্ট্ৰই পৰিৱেশৰ সমস্যাসমূহ সমাজৰ সকলো স্তৰৰ জনসাধাৰণৰ সহযোগিতাত সমাধানৰ বাবে প্ৰচেষ্টা চলাব। ৰাষ্ট্ৰীয় কৰ্তৃপক্ষই দেশৰ নাগৰিকক পৰিৱেশ সম্পর্কীয় সকলো তথ্য স্পষ্টকৈ জনাৰ সুবিধা কৰিব। ৰাষ্ট্ৰই বিপদসংকুল সামগ্ৰী আৰু জনসাধাৰণৰ পৰিৱেশ বিনষ্টকাৰী কাম–কাজ সম্পৰ্কত ব্যাপক সজাগতা সৃষ্টিৰ বাবে প্ৰচেষ্টা হাতত ল’ব ।

(জ) নীতি (১৩): প্ৰদূষণ আৰু পৰিৱেশ বিনষ্টকাৰী কাম–কাজৰ বাবে ভুক্তভোগীসকলে যাতে উপযুক্ত ক্ষতিপূৰণ লাভ কৰিব পাৰিব তাৰ বাবে ৰাষ্ট্ৰীয় আইন প্ৰস্তুত কৰাৰ লগতে কাৰ্যকৰী কৰিব।

১২। পৰিৱেশ সংক্রান্ত সমস্যাসমূহ আলোচনা কৰা।

উত্তৰঃ প্ৰাকৃতিক পৰিৱেশ মানৱ জীৱনৰ অবিচ্ছেদ্য অংগ। ইয়াৰ সৈতে মানুহৰ জীৱন নানাভাৱে জড়িত হৈ আছে। কিন্তু মানৱ সভ্যতাৰ বিকাশৰ লগে লগে প্ৰকৃতি কলুষিত হৈ আছে। মানুহে প্রাকৃতিক পৰিৱেশক এনেদৰে ধ্বংস কৰি আছে যে ইয়াৰ ফলত মানৱ জাতিৰ ভবিষ্যত যিকোনো সময়ত এন্ধাৰ হ’ব পাৰে। পৰিৱেশ প্ৰদূষণৰ ফলত বহুতো সমস্যাই দেখা দিছে।

(ক) পানীঃ পানীৰ সৈতে পৰিৱেশৰ ওতঃপ্রোত সম্পর্ক আছে। পানী নহ লৈ কোনো জীৱ–জন্তু জীয়াই থাকিব নোৱাৰে। কিন্তু আজি প্ৰায় সকলো ঠাইতে পানী প্রযুষিত হৈছে। ইয়াৰ বাবে পৰিৱেশ প্ৰদূষণৰ সমস্যাই দেখা দিছে। পানীৰ অপব্যৱহাৰৰ বাবে কিছুমান ঠাইত পানীৰ নাটনি হৈছে। পানীৰ পৰা মানুহৰ নানা ধৰণৰ বেমাৰ–আজাৰ হৈছে। সেয়েহে বেমাৰৰ পৰা ৰক্ষা পাবলৈ হ’লে বিশুদ্ধ পানীৰ প্ৰয়োজন। বহুতো কাৰণত পানীৰ ভৌত আৰু ৰাসায়নিক গুণাৱলীসমূহৰ পৰিৱৰ্তন ঘটে। ই স্বাভাৱিক জীৱন–যাত্ৰাত বাধাৰ সৃষ্টি কৰিব পাৰে। দূষিত পানীয়ে যেনেকৈ মানুহৰ মাজত ব্যাপক হাৰত ৰোগৰ বীজাণু বিয়পাব পাৰে, তেনেকৈ পর্যাপ্ত পৰিমাণৰ পানীৰ অভাৱে জলবায়ু আৰু কৃষিকার্যৰ ক্ষেত্ৰতো নানাধৰণৰ ব্যাখ্যাত জন্মাব পাৰে।

(খ) জনস্বাস্থ্যঃ পৰিৱেশ নানা কাৰণত প্ৰদূষিত হৈছে। এই প্ৰদূষণৰ ফলত পৃথিৱী ব্যাপী জনস্বাস্থ্য ৰক্ষা কৰাৰ সমস্যাই দেখা দিছে। পানী, মাটি, জলবায়ু আদিৰ অপব্যৱহাৰৰ বাবে পৰিৱেশ বিনষ্ট হৈছে। ইয়াৰ ফলত নানাধৰণৰ বেমাৰ–আজাৰ আৰু কিছুমান দুৰাৰোগ্য ৰোগেও দেখা দিছে।

(গ) জলবায়ুঃ প্রাকৃতিক সম্পদৰাজি ধ্বংস কৰাৰ ফলত জলবায়ুৰ পৰিৱৰ্তন হোৱা দেখা যায়। এসময়ত এই জলবায়ু জনবসতিৰ বাবে অনুপযুক্ত হ’ব পাৰে। পৃথিৱীৰ উষ্ণতা দিনে দিনে বৃদ্ধি পাই আহিছে। বনাঞ্চল ধ্বংসৰ ফলতো জলবায়ুৰ পৰিৱৰ্তন হৈছে। পৃথিৱীৰ নানা ঠাইত খৰাৎ অৱস্থাৰ সৃষ্টি হোৱাৰ বাবে জীৱ–জন্তু নানা সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে।

(ঘ) ভূমি বা মাটিঃ ভূমি বা মাটি প্রাকৃতিক পৰিৱেশৰ এটা বিশেষ উপাদান। মাটিৰ অপব্যৱহাৰ আৰু ইয়াৰ প্ৰদূষণৰ বাবেও পৰিৱেশ বিনষ্ট হৈছে। মাটিৰ সদব্যৱহাৰ নহ’লে ই নানা সমস্যাৰ সৃষ্টি কৰিব পাৰে।

(ঙ) বায়ু প্ৰদূষণঃ মানুহে ভালদৰে জীৱন–যাপন কৰিবৰ বাবে বিশুদ্ধ বায়ুৰ একান্ত প্রয়োজন। বর্তমান বিশ্বত প্রায়বিলাক দেশতে বায়ু প্ৰদূষিত হৈছে। এই প্ৰদূষণ বিশেষকৈ নগৰাঞ্চলত হোৱা দেখা যায়। প্রাকৃতিক পৰিৱেশ ধ্বংস হোৱাৰ বাবেই বায়ু প্ৰদূষিত হৈছে।

(চ) বনাঞ্চল ধ্বংসঃ বনাঞ্চল ধ্বংস কৰাৰ ফলত সকলো জীৱ–জন্তুৱে বিপর্যয়ন সন্মুখীন। হ’ব লাগিব। মানুহে আর্থিক লাভালাভৰ বাবে বনাঞ্চল ধ্বংস কৰি আছে। এনে কার্যই বায়ুক প্ৰদূষিত কৰাত বিশেষভাৱে সহায় কৰিছে।

(ছ) জনসংখ্যা বৃদ্ধিঃ কিছুমান দেশত অত্যাধিক হাৰত জনসংখ্যা বৃদ্ধি পাইছে। জনসংখ্যা বৃদ্ধিক নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে ই পৰিৱেশক বিনষ্ট কৰিব পাৰে। প্ৰদূষিত পৰিৱেশে যেনেকৈ মানুহৰ জীৱনক বিপন্ন কৰিব পাৰে তেনেকৈ অধিক হাৰত জনসংখ্যা বৃদ্ধি হ’লেও ই পৰিৱেশক ধ্বংস কৰিব পাৰে। জনসংখ্যাই পৰিৱেশৰ এই ধাৰণ ক্ষমতাৰ অতিক্রম কৰিলে নানাধৰণৰ সমস্যাই দেখা দিব।

(গ) উদ্যোগীকৰণঃ উদ্যোগীকৰণেও পৰিৱেশক প্ৰদূষিত কৰাত সহায় কৰিছে। উদ্যোগীকৰণৰ ফলত প্ৰাকৃতিক সম্পদৰাজিক এইদৰে ধ্বংস কৰা হৈছে যে ই পৰিৱেশৰ অপূৰণীয় ক্ষতি সাধন কৰি আছে। অধিক উদ্যোগীকৰণে বিভিন্ন দেশৰ বায়ু, পানী, মাটি আদিক প্ৰদূষিত কৰিছে। এইদৰে অ–নিয়ন্ত্রিতভাৱে উদ্যোগীকৰণ চলি থাকিলে ই যে পৰিৱেশ সংক্রান্ত বহুতো সমস্যাৰ সৃষ্টি কৰিব সেই বিষয়ে কোনো সন্দেহ নাই।

(ঝ) নগৰীকৰণঃ এতিয়া বিশ্বব্যাপী নগৰীকৰণ প্ৰক্ৰিয়াই গা কৰি উঠিছে। সকলো দেশতে বিশেষ সা–সুবিধা আৰু উন্নতমানৰ জীৱন–ধাৰণৰ বাবে মানুহে নগৰলৈ ঢাপলি মেলিছে। নগৰীকৰণৰ ফলত বহুতো নগৰৰ সৃষ্টি হৈছে আৰু বহুতো মানুহ একে ঠাইতে বসবাস কৰাৰ বাবে সেইবিলাকত প্রাকৃতিক পৰিৱেশ বিনষ্ট হ’ব ধৰিছে।

(ঞ) নদী–প্ৰদূষিকৰণঃ নগৰীকৰণ আৰু বনাঞ্চল ধ্বংসৰ ফলত বহুতো দেশৰ নদ–নদীবিলাকৰ পানী প্ৰদূষিত হৈছে। ভাৰতবৰ্ষৰ সৰহভাগ নদীৰ অৱস্থা বৰ শোচনীয়। এইবিলাকে চাৰিওফালে ৰোগৰ বীজাণু বিয়পাইছে। তাৰোপৰি মানুহে বিশুদ্ধ পানী সংগ্ৰহ কৰিব নোৱাৰা হৈছে। মানুহে নানা প্ৰকাৰে নদীৰ পানী প্ৰদূষিত কৰি আছে। ইও প্ৰাকৃতিক পৰিৱেশ নষ্ট হোৱা আন এটা কাৰণ।

এতেকে দেখা যায় যে পৰিৱেশ নানাভাবে প্রদূষিত হৈছে। এই প্ৰদূষণ প্ৰক্ৰিয়াক বন্ধ কৰিব নোৱাৰিলে ই মানৱ জাতিলৈ আৰু অন্যান্য জীৱ–জন্তলৈ ধ্বংস মাতি আনিব।

১৩। চমুটোকা লিখাঃ

(ক) জলবায়ু পৰিৱৰ্তনৰ লিমা সম্মিলন।

উত্তৰঃ ২০১৪ চনৰ ডিচেম্বৰ মাহত পেৰুৰ ৰাজধানী চহৰ লিমাত বিশ্ব জলবায়ু পৰিৱৰ্তনৰ আন এখন বার্ষিক সন্মিলন আন্তঃচৰকাৰ জলবায়ু পৰিৱৰ্তন মণ্ডলী (Inter Governmental Panel on Climate Change) ৰ উদ্যোগত অনুষ্ঠিত হয়। এই সন্মিলনৰো মুখ্য উদ্দেশ্য আছিল ২০১৫ চনত স্বাক্ষৰ কৰিবলগীয়া সাৰ্বজনীন জলবায়ু পৰিৱর্তন চুক্তি সম্পৰ্কত আলোচনা কৰা। এই সন্মিলনেও ১৯৯৭ চনৰ কিয়ট’ আচৰণ বিধিৰ দফাসমূহ কাৰ্যকাৰিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অৱশ্যে কার্বন নির্গতকৰণ বা সেউজ গৃহ গেছসমূহৰ নির্গতকৰণ হ্ৰাস সম্পৰ্কত লিমা সন্মিলনতো উন্নত আৰু উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ মাজত মত পাৰ্থক্যৰ সূচনা হয়। ভাৰতবৰ্ষকৈ প্ৰমুখ্য কৰি উন্নয়নশীল ৰাষ্ট্ৰসমূহে অভিমত দিয়ে যে সেউজ গৃহ গেছসমূহৰ অতিমাত্ৰা নিৰ্গতকৰণৰ বাবে বিশ্বৰ উন্নত ৰাষ্ট্ৰসমূহ ঘাইকৈ জগৰীয়া। গতিকে উন্নত ৰাষ্ট্ৰসমূহে কৰা ক্ষতিপূৰণৰ বাবে উন্নয়নশীল আৰু অনুন্নত ৰাষ্ট্ৰসমূহে অতিৰিক্ত ব্যয় বহন কৰিবলগীয়া হোৱাটো নৈতিকভাৱে গ্রহণযোগ্য হ’ব নোৱাৰে। গতিকে উন্নত ৰাষ্ট্ৰসমূহে উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ ক্ষীপ্ৰ বিকাশত বাধা হ’ব পৰাকৈ কাৰ্বন নির্গতকৰণ ৰোধৰ আচিলা লৈ বাধা দিব নালাগে। তদুপৰি কাৰ্বন নির্গতকৰণ ৰোধৰ বাবে প্ৰয়োজনীয় প্রযুক্তিবিদ্যা আৰু সম্পদ যোগান ধৰাটো উন্নত ৰাষ্ট্ৰসমূহৰ নৈতিক দায়িত্ব বুলি বিবেচনা কৰিব লাগে। বহু বিতৰ্কৰ অন্তত লিমা সন্মিলনে উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ এই দাবী গ্ৰহণ কৰি উমৈহতীয়া কিন্তু পার্থক্যমূলক দায়িত্ব গ্রহণ নীতি (Common but differentiated responsiblity) গ্রহণ কৰে। এই নীতিয়ে বিশ্বৰ পৰিৱেশৰ সমস্যা সমাধানৰ বাবে উন্নত ৰাষ্ট্ৰসমূহৰ বাবে অধিক দায়িত্বক স্বীকৃতি দিয়ে। তদুপৰি উন্নত ৰাষ্ট্ৰসমূহৰ দ্বাৰা পৰিৱেশৰ বিনষ্ট সাধন প্ৰক্ৰিয়াই উন্নয়নশীল আৰু অনুন্নত ৰাষ্ট্ৰসমূহৰো জলবায়ুৰ পৰিৱৰ্তন আনি এই ৰাষ্ট্ৰসমূহকো লোকচান আৰু ক্ষতি কৰিছে। গতিকে উন্নত ৰাষ্ট্ৰসমূহে উন্নয়নশীল আৰু উন্নত ৰাষ্ট্ৰসমূহৰ প্ৰতি আৰ্থিক সাহায্য আগবঢ়োৱাৰ লগতে উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ উন্নয়নৰ প্ৰক্ৰিয়া খৰতকীয়া কৰিবৰ বাবে প্ৰয়োজনীয় উন্নয়ন প্রকল্পসমূহলৈ কাৰ্বন নিৰ্গতকৰণৰ প্ৰয়োজনীয় অভিযোজন (Adaptations) প্রদানত অনুমতি আগবঢ়ায়। কিন্তু উন্নত ৰাষ্ট্ৰসমূহে উন্নয়নশীল ৰাষ্ট্ৰসমূহলৈ প্ৰদান কৰিবলগীয়া আর্থিক সাহায্য সম্পৰ্কত এই সন্মিলনত সর্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাছিল।

(খ) জলবায়ু পৰিৱৰ্তন সম্পর্কীয় সন্মিলন (Climate Change Convention)।

উত্তৰঃ গোলকীয় উষ্ণতা বৃদ্ধি আৰু অ’জন স্তৰৰ ক্ষয়ীভৱনৰ দৰে ঘটনাই বিশ্ববাসীক সচকিত কৰি তোলাৰে পৰাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৰাষ্ট্ৰসমূহে পৰিৱেশৰ এইকেইটা দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ লয়। ১৯৮৮ চনৰ ডিচেম্বৰ মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভায়ো বিশ্ব জলবায়ু সংগঠন (World Meteorological Organization–WMO) ৰ জৰিয়তে বিশ্ব জলবায়ু কাৰ্যসূচীৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰাৰ সিদ্ধান্ত লয়। এনে সিদ্ধান্তৰ পৰিণতিতে ১৯৯২ চনৰ ৰিঅ’ সন্মিলনতে আন্তঃৰাষ্ট্ৰীয় সম্প্রদায়ে জলবায়ু পৰিৱর্তন চুক্তিপত্র (Climate Change Convention 1992) স্বাক্ষৰ কৰে।

বিশ্ব জলবায়ু পৰিৱৰ্তন চুক্তিপত্ৰৰ অনুচ্ছেদ ১ ত জলবায়ু পৰিৱৰ্তনৰ সংজ্ঞা নির্ণয় কৰি কোৱা হৈছে যে জলবায়ু পৰিৱৰ্তন হৈছে বিশ্বৰ জলবায়ুৰ স্বাভাৱিক প্ৰকৃতিৰ পৰিৱৰ্তন যি পৰিৱৰ্তন মানুহৰ প্ৰত্যক্ষ বা পৰোক্ষভাৱে কৰা কাৰ্যৰ দ্বাৰা বায়ুমণ্ডলৰ গঠনৰ পৰিৱৰ্তনৰ বাবে সাধিত হৈছে।

বিশ্ব জলবায়ু পৰিৱৰ্তন সন্মিলনৰ মুখ্য উদ্দেশ্য হৈছে বায়ুমণ্ডললৈ কাৰ্বন–ডাই–অক্সাইডৰ নিৰ্গতকৰণ হ্ৰাস কৰা। এই চুক্তিপত্ৰখনে উন্নত ৰাষ্ট্ৰসমূহক কার্বন–ডাই–অক্সাইড নির্গতকৰণ বা সেউজ গৃহ গেছসমূহৰ নিৰ্গতকৰণ হ্ৰাস কৰি ২০০০ চনৰ ভিতৰত ১৯৯০ চনৰ পৰ্যায়লৈ নিবৰ বাবে চুক্তিবদ্ধ কৰে। সেই অনুসৰি উন্নত ৰাষ্ট্ৰসমূহে লোৱা পৰিকল্পনা ৰাষ্ট্রসংঘক দাখিল কৰিবলৈ নিৰ্দেশ নিয়াৰ লগতে সেউজ গৃহ গেছ আৰু কাৰ্বন–ডাই–অক্সাইডৰ দৰে গেছসমূহ শোষণ কৰা উৎসসমূহ সংৰক্ষণৰ বাবেও নির্দেশ দিয়ে। উন্নয়নশীল ৰাষ্ট্ৰসমূহে কাৰ্বন–ডাই–প্রক্সাইড আৰু সেউজ গৃহ গেছসমূহৰ নিৰ্গতকৰণ সীমিত কৰিব নালাগে যদিও তেওঁলোকে সেউজ গৃহ গেছসমূহৰ নিৰ্গতকৰণ উৎসসমূহ চিনাক্ত কৰি ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিয়ে।

১৪। গোলকীয় নাগৰিক সমাজৰ কেইটামান বৈশিষ্ট্য লিখা।

উত্তৰঃ গোলকীয় নাগৰিক সমাজৰ কেইটামান উল্লেখযোগ্য বৈশিষ্ট্য হ’ল—

(ক) গোলকীয় নাগৰিক সমাজে ব্যক্তি, সংগঠন, বেচৰকাৰী সংগঠন, সামাজিক আন্দোলনৰ বৃহৎ সমূহ আৰু নেটৱৰ্কক বুজায় যিয়ে আন্তর্জাতিক উদ্দেশ্যৰ বাবে কাম কৰে।

(খ) গোলকীয় নাগৰিক সমাজ হৈছে গোলকীকৰণৰ বিশ্বত নাগৰিকৰ অংশগ্ৰহণৰ এক নতুন ৰূপ। ই ৰাজ্যিক বা ৰাষ্ট্ৰীয় সীমা অতিক্রমি কাম কৰে।

(গ) গোলকীয় নাগৰিক সমাজক ‘সমাজৰ সমাজ’ নাইবা ‘বিশ্বজনীন সমাজ’ বুলিও ক’ব পাৰি। ই এতিয়াও গোলকীয়  স্থানীয়, ৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰত বিকশিত হৈ আছে।

(ঘ) গোলকীয় নাগৰিক সমাজে আন্তর্জাতিক সম্পৰ্কত অন্যান্য ৰাজা MNC বা TNC, আৰু আন্তৰ্জাতিক সংগঠনতকৈ এক বিশেষ ভূমিকা পালন কৰে।

(ঙ) বেছিভাগ গোলকীয় সামাজিক আন্দোলনে গোলকীয় নাগৰিক সমাজৰ মাধ্যমেৰে প্ৰচাৰিত হয়।

১৫। বেচৰকাৰী সংস্থা হিচাপে গ্রীণপিচ (Greenpeace) ৰ বিষয়ে চমুকৈ আলোচনা কৰা।

উত্তৰঃ গ্রীণপিচ হৈছে এটা আন্তঃৰাষ্ট্ৰীয় বেচৰকাৰী সংস্থা যিয়ে পৰিৱেশ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে কাম কৰে। ইয়াক 1971 চনত বেনকুওবাৰ, কানাডাত গঠন কৰা হৈছিল আৰু বৰ্তমান 46 খন দেশত ইয়াৰ ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় কাৰ্যালয় আছে। গ্ৰীণপিচ বৰ্তমান ইয়াৰ কাম কাজৰ বাবে গোটেই বিশ্বতে বিখ্যাত হৈছে।

গ্রীণপিচৰ লক্ষ্য আৰু উদ্দেশ্যঃ গ্রীণপিচে পৰিৱেশ সমস্যাৰ সমাধানৰ বাবে অহিংস আৰু সৃজনীমূলক প্ৰচাৰ চলায়। ইয়াৰ মুখ্য উদ্দেশ্য হৈছে পৃথিৱীখনক বর্তমান প্ৰজন্মৰ লগতে ভৱিষ্যত প্ৰজন্মৰ বাবেও বৰ্তাই ৰখা আৰু প্ৰতিপালন কৰা।

গ্রীণপিচৰ মুখ্য লক্ষ্যসমূহ হৈছে—

(ক) পৃথিৱীত সমস্যাৰ সৃষ্টি কৰা বিষয়সমূহ বাছনি কৰা।

(খ) পেলনীয়া আৰু ধ্বংসকাৰীভাৱে মাছ মৰাৰ বাধা দিয়া আৰু সামুদ্রিক সংৰক্ষণৰ বাবে এক আন্তঃৰাষ্ট্ৰীয় নেটৱৰ্ক গঢ়ি তোলা।

(গ) অৱশিষ্ট পুৰণি অৰণ্য সমূহ ৰক্ষা কৰা যাৰ ওপৰত বহুতো মানুহ, পশু–পক্ষী আৰু গছ–গছনি নিৰ্ভৰ কৰে।

(ঘ) নিৰস্ত্ৰীকৰণৰ সপক্ষে কাম কৰা আৰু অস্ত্রশস্ত্ৰৰ ক্ষেত্ৰত অতি কম প্রাকৃতিক সম্পদৰ ব্যৱহাৰ কৰা।

(ঙ) সামাজিক আৰু জৈৱিকভাৱে কৃষি কৰ্মৰ অভ্যাসৰ দ্বাৰা বহনক্ষম কৃষিৰ প্ৰচাৰ চলোৱা ইত্যাদি।

সততে উন্নয়নৰ নামত আওকাণ কৰা দিশটো ‘পৰিৱেশ সুৰক্ষা’ক গ্ৰীণপিচে লক্ষ্য হিচাপে লৈ আগবাঢ়ি গৈছে।

গ্রীণপিচৰ ভূমিকাঃ

(ক) গ্রীণপিচে জলবায়ু পৰিৱৰ্তন ৰোধৰ বাবে মানৱজাতিক প্ৰাকৃতিক সম্পদৰ অৱক্ষয়ৰ ৰোধৰ বাবে আহ্বান জনায়। ই মূলতঃ ব্যক্তিৰ দ্বাৰা হোৱা জলবায়ু পৰিৱৰ্তনৰ কাৰকসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ই মানুহৰ ফলত হোৱা জলবায়ু পৰিৱৰ্তন বন্ধ কৰাৰ জৰুৰী প্রয়োজনীয়তাৰ ওপৰত আলোকপাত কৰিছে। তেওঁলোকে বিশ্ব বেংক, এছিয়ান ডেভেলপমেন্ট বেংকৰ দৰে আন্তৰ্জাতিক আগশাৰীৰ সংস্থাসমূহক অভিযোগ কৰে যে, তেওঁলোকে বৃহৎ বিদ্যুৎ প্রকল্পৰ বাবে পুঁজি যোগান ধৰে যি পৰিৱেশত প্রতিকূল প্রভাৱ পেলায়। গ্রীণপিচ বা সেউজ শান্তি আন্দোলনে পৰিষ্কাৰ শক্তিখণ্ড বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে যিয়ে বিদ্যুৎ উৎপাদনৰ বাবে নৱীকৰণযোগ্য শক্তি সম্পদৰ ব্যৱহাৰ কৰে। তেওঁলোকে দাবী কৰে যে, জীৱাশ্ম ইন্ধন জ্বলাই বৃহৎ–বৃহৎ শক্তিখণ্ডই পৰিৱেশক যথেষ্ট পৰিমানে অৱনমিত কৰিছে।

(খ) নব্য উদাৰতাবাদ আৰু গোলকীকৰণৰ দ্বাৰা ৰাষ্ট্ৰসমূহৰ তীব্ৰ বিকাশ হ’ব বুলি ধাৰণা কৰা হৈছিল যদিও প্ৰকৃতাৰ্থত নব্য উদাৰতাবাদে নিবনুৱা দূৰীকৰণ আৰু বহলক্ষম উন্নয়ন নিশ্চিত কৰিব নোৱাৰিলে। ৰাজহুৱা পৰিৱহন, আৱর্জনা পানী শোধন, নৱীকৰণযোগ্য শক্তিখণ্ড ইত্যাদিত কর্মশক্তি বৃদ্ধি কৰিলে নিৱনুৱা সমস্যা হ্রাস হোৱাৰ লগতে ইতিবাচক পৰিৱেশগত প্ৰভাৱ সৃষ্টি কৰিব পাৰে বুলি সেউজ শক্তিয়ে ঠাৱৰ কৰে।

(গ) গ্রীণপিচে ভাৰতত ই–আৱৰ্জনা পুনর্ব্যৱহাৰৰ প্ৰভাৱৰ বিষয়ে গৱেষণা কৰিছিল। ভাৰতবৰ্ষত ই–আবর্জনা পুনর্ব্যৱহাৰ অত্যন্ত অনিয়ন্ত্রিত। ই অনিয়ন্ত্রিত ই–আবর্জনা পুনর্ব্যৱহাৰৰ পৰিণাম অধ্যয়ন কৰিছিল। গ্রীণপিচে অধ্যয়নৰ দ্বাৰা লক্ষ্য কৰিছিল যে, বৈদ্যুতিক সঁজুলি ব্যবহৃত বিপদজনক ৰাসায়নিক পদাৰ্থবোৰ পুনৰ্ব্যৱহাৰৰ সময়ত বায়ুমণ্ডলত এৰি দিয়া হৈছিল৷ ই–আৱৰ্জনাৰ পুনৰ্ব্যৱহাৰ কৰা এলেকাবোৰত ভূ–গর্ভস্থ পানী আৰু বায়ু দূষিত হয়। ই পুনর্ব্যৱহাৰ কৰা কামৰ কৰ্মী আৰু চাৰিওফালৰ সম্প্ৰদায়ৰ স্বাস্থ্যৰ ওপৰতো বিৰূপ প্ৰভাৱ পেলায়। সেয়েহে গ্রীনপিচে এক বিকল্প নীতিৰ বাবে চেষ্টা কৰি আছে যিয়ে বৈদ্যুতিক সামগ্ৰী নিৰ্মাতাক সামগ্ৰীৰ পুনর্ব্যৱহাৰৰ দ্ধায়িত্ব আৱণ্টন কৰে। ইয়াৰ দ্বাৰা সুৰক্ষিত পুনৰ্ব্যৱহাৰৰ পদ্ধতিবোৰ এক নিয়ম হৈ পৰিব আৰু ই–সামগ্ৰীবোৰত বিপদজনক পদাৰ্থৰ ব্যৱহাৰ নাইকিয়া কৰা হ’ব।

সমালোচনাঃ

বিভিন্ন সময়ত গ্রীণপিচে বিভিন্ন সমালোচনাৰ সন্মুখীন হৈ আহিছে। যেনে—

(ক) সমালোচকসকলে কয় যে, গ্ৰীণপিচ চলোৱা প্ৰচাৰ অভিযানবোৰ অতিৰঞ্জিত আৰু অবৈজ্ঞানিক। তেওঁলোকে এনে অতিৰঞ্জিত আৰু অবৈজ্ঞানিক প্ৰচাৰসমূহ আদালতলৈ গৈ তাৰ পৰা সমৰ্থন কৰা দাবী কৰে। তেওঁলোকে উত্থাপন কৰা দাবীবোৰ যুক্তিসন্মত নহয়।

(খ) আভ্যন্তৰীণ দলীয় গঠনঃ ৱিন প্ৰাণ্টৰ মতে, গ্রীণপিচ হৈছে এক পদানুক্রমিক আৰু অগণতান্ত্রিক সংগঠন যিয়ে কৰা অভিযানবোৰৰ ওপৰত ইয়াৰ সদস্যসকলৰ খুব কম নিয়ন্ত্রণ ৰখাৰ অনুমতি দিয়ে। গ্রীণপিচৰ এক কঠোৰ আমোলাতান্ত্ৰিক আৰু সীমাৰেখাৰ আধিপত্যবাদী আভ্যন্তৰীণ গাঁথনি আছে।

(গ) সোণালী চাউলৰ বিৰোধীতাঃ গ্রীণপিচে সোণালী ধানৰ / চাউল ৰোৱাৰ বিৰোধীতা কৰি কয় যে, ই আনুবংশিক সংশোধিত খাদ্যৰ ৰাস্তা মুকলি কৰিব। 2013 চনৰ ছেপ্তেম্বৰ মাহত কেইবাজনো বিশিষ্ট বিজ্ঞানীয়ে গ্রীণপিচক সোণালী চাউলৰ বিৰোধীতাৰ বাবে গৰিহণা দি এখন পত্ৰ প্ৰকাশ কৰিছিল যে, সোণালী চাউল হৈছে এক প্ৰকাৰৰ চাউল যাক সংশোধন কৰাৰ ফলত ইয়াত সাধাৰণ চাউলত কৈ অধিক ভিটামিন ‘এ’ থাকে যিয়ে দরিদ্র দেশবোৰত যোগান ধৰি উপযুক্ত পুষ্টি প্ৰদান কৰিব।

যদিও গ্ৰীণপিচক বিভিন্ন ধৰণেৰে সমালোচনা কৰা হৈছে, তথাপি পৰিৱেশ সুৰক্ষা আন্দোলনৰ ক্ষেত্ৰত ইয়াৰ যথেষ্ট অৰিহণা আছে। গ্রীণপিচৰ আগতে বিভিন্ন সংগঠনে পৰিৱেশ অৱক্ষয়ৰ বিৰুদ্ধে মাত মাতিছিল যদিও এইবোৰে নীতি নিৰ্ধাৰণত কোনো বিশেষ ভূমিকা পালন কৰিব

নোৱাৰিলে। গ্রীণপিচৰ আন্দোলনৰ ফলস্বৰূপে এতিয়া অধিক সংখ্যক চৰকাৰে পৰিৱেশ সুৰক্ষাক অর্থনৈতিক আৰু ৰাজনৈতিক নীতিৰ মূলসুঁতিত একত্ৰিত কৰিছে। গ্ৰীণপিচ আন্দোলনৰ ফলতেই এক নব্য ধাৰণা ‘সেউজীয়া চাকৰি’ যি পৰিৱেশ পুনৰুত্থানত সহায় কৰে আৰু গুৰুত্ব বিষয় হিচাপে স্থান লাভ কৰিছে।

১৬৷ গোলকীয় নাগৰিক সমাজ বুলিলে কি বুজা?

উত্তৰঃ গোলকীয় নাগৰিক সমাজে সমূহৰ বিশাল সমাৱেশক বুজায়, যিয়ে সীমা অতিক্রমি আৰু চৰকাৰৰ আয়াত্তৰ বাহিৰত কাম কৰে। অৰ্থাৎ ‘গোলকীয় নাগৰিক সমাজ’ হৈছে পৰিয়াল, ৰাজ্য আৰু বজাৰৰ মাজত অৱস্থিত এক ধাৰণা, মূলবোধ, প্রতিষ্ঠান, নেটৱৰ্ক আৰু ব্যক্তিৰ ক্ষেত্ৰ যি ৰাষ্ট্ৰীয় সীমা, ৰাষ্ট্ৰীয় ৰাজনীতি আৰু ৰাষ্ট্ৰীয় অৰ্থনীতিৰ সীমাৰ বাহিৰত কাম কৰে। 1999 চনৰ চিয়েটল বিশ্ব বাণিজ্য সংস্থা প্ৰতিবাদৰ পৰা 2010 ৰট’ৰ’ণ্ট G20 প্ৰতিবাদলৈকে ক্রমবর্ধমান গোলকীয় নাগৰিক সমাজে ৰাষ্ট্ৰ আৰু ৰাজ্যসমূহৰ দায়বদ্ধতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি আহিছে। ই গোলকীয় চৰকাৰৰ / প্ৰশাসনৰ অনুপস্থিতিত বিভিন্ন বিষয় আৰু গোলকীয় শাসনৰ প্ৰতি পোনপটীয়াকৈ দায়বদ্ধ আন্তর্জাতিক পদক্ষেপৰ অন্বেষণৰ সুযোগ প্ৰদান কৰে। গোলকীয় নাগৰিক সমাজে বিভিন্ন সমস্যাৰ বিশ্বব্যাপী জনমত কঢ়িয়াই আনে আৰু নীতিগত ধাৰণাবোৰ আন্তৰ্জাতিক কাৰ্যসূচীত ৰাখে। ই পৰোক্ষভাৱে বিশ্বব্যাপী কার্যকলাপ প্রভাৱিত কৰাৰ বাবে ব্যক্তি বা সমূহৰ সামৰ্থ্য শক্তিশালী কৰে আৰু আন্তৰ্জাতিক সিদ্ধান্ত গ্রহণ প্রক্রিয়াও ইয়াৰ দায়বদ্ধতা বৃদ্ধি কৰাত সহায় কৰে। উদাহৰণস্বৰূপে, আফগানিস্তানত অক্সফামৰ অধিকাৰৰ সংকট অভিযানত মহিলাক অংশগ্ৰহণৰ সুযোগ প্ৰদান কৰি আন্তৰ্জাতিক আৰু আফগান ৰাষ্ট্ৰীয় আৰু স্থানীয় চৰকাৰৰ কাৰ্যসূচীত আগবঢ়াই দিয়াত হৈছিল। এই অভিযানে সাধাৰণ লোকসকলক (বিশেষকৈ আফগান মহিলাক) স্থানীয়, ৰাষ্ট্ৰীয় আৰু গোলকীয় পৰ্যায়ত শাসনৰ প্রৱেশাধিকাৰ প্ৰদান কৰে আৰু তেওঁলোকক প্ৰভাৱিত কৰা বিশ্বব্যাপী সিদ্ধান্তবোৰৰ ওপৰৰ এক মাত মতাৰ সুযোগ প্ৰদান কৰে।

গোলকীয় নাগৰিক সমাজে ৰাজনৈতিক চিহ্ন বহল নকৰে। গতিকে ইমুখ্যতঃ ৰাজনৈতিকভাৱে স্বতন্ত্ৰ আৰু স্বঃসংগঠিত গোলকীয় নাগৰিক সমাজে সমাজৰ বিভিন্ন সমস্যাৰ হ’কে মাত মাতি এইবোৰক চৰকাৰৰ কাষলৈ নিয়াত সহায় কৰে যাতে নীতি নির্ধাৰণ প্ৰক্ৰিয়াত এই সমস্যাসমূহে স্থান পায়। এনে সমস্যাসমূহৰ কাৰণে গোলকীয় নাগৰিক সমাজে বেচৰকাৰী সংস্থা, ব্যক্তি বা সমূহৰ দ্বাৰা কাৰ্য পৰিচালনা কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top