The Economy of North-East India Unit 3 উদ্যোগ, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, The Economy of North-East India Unit 3 উদ্যোগ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. The Economy of North-East India Unit 3 উদ্যোগ Question Answer can be of great value to excel in the examination.
The Economy of North-East India Unit 3 উদ্যোগ
The Economy of North-East India Unit 3 উদ্যোগ Notes cover all the exercise questions in UGC Syllabus. The Economy of North-East India Unit 3 উদ্যোগ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
১৬ ৷ উত্তৰ-পূৰ্ব ভাৰতত পেকেজ ট্যুৰ চলোৱাৰ সম্ভাৱনা আৰু সমস্যাৰ এক আলোচনা কৰা।
উত্তৰঃ উত্তৰ-পূৱ ভাৰত প্ৰকৃতিৰ আশীৰ্বাদত পুষ্ট আৰু ই হৈছে বিশ্বৰ ভিতৰতে জৈৱভৌগোলিক অঞ্চলৰ এক কেন্দ্ৰবিন্দু। ই হৈছে বহু অর্থনৈতিক সম্পদৰ ভঁৰাল৷ সাংস্কৃতিক আৰু গোষ্ঠীগত ঐতিহ্যৰ ফালৰ পৰা ইয়াক সহজতে এক পৰ্যটনৰ থলী হিচাপে গঢ়ি তুলিব পাৰি। পৰ্যটনে উত্তৰ-পূৱ ভাৰতৰ ৰাজ্যসমূহত উপাৰ্জন আৰু কৰ্মসংস্থানৰ সুবিধা সৃষ্টি কৰাৰ যথেষ্ট সম্ভাৱনীয়তা আছে কিয়নো উত্তৰ পূৱ ভাৰত কেৱল গছ-গছনি আৰু জীৱ-জন্তুৰ ফালৰ পৰাই চহকী নহয়, ই জৈৱ-বৈচিত্ৰৰে ভৰপূৰ এক অঞ্চল।
উত্তৰ পূৱ ভাৰতত পেকেজ ট্যুৰ চলোৱাৰ সম্ভাৱনীয়তাঃ যদিও উত্তৰ-পূৱ ভাৰত দেশৰ ভিতৰতে অতি পিছপৰা অঞ্চল, তথাপিও পৰ্যটন উদ্যোগৰ যোগেদি এই অঞ্চলটোক আগবঢ়াই নিয়াৰ পূৰ্ণ সম্ভাৱনীয়তা আছে। উত্তৰ-পূৱ ভাৰত প্ৰকৃতিৰ আশীৰ্বাদত পুষ্ট আৰু ই হৈছে বিশ্বৰ ভিতৰতে চহকী এক জৈৱ-ভৌগোলিক অঞ্চল। ই হৈছে বিভিন্ন অর্থনৈতিক সম্পদৰ ভঁৰাল৷ ইয়াৰ এক চহকী সাংস্কৃতিক আৰু গোষ্ঠীগত ঐতিহ্য আছে যিয়ে উত্তৰ-পূৱ ভাৰতক সহজে এক পর্যটন থলী হিচাপে গঢ়ি তুলিব পাৰে।
ইয়াৰ উপৰি উত্তৰ-পূৱ ভাৰতৰ বিভিন্ন অঞ্চলত থকা অভয়াৰণ্যবোৰে পৃথিৱীৰ সকলো অঞ্চলৰে পর্যটক সকলক আকৰ্ষিত কৰিব পাৰে। উদাহৰণস্বৰূপে, অসমৰ গোলাঘাট জিলাত অৱস্থিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান প্ৰকৃতিৰ এক অনবদ্য উপহাৰ যি ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত প্ৰায় ৪২৯.৯৩ বৰ্গ কিল’মিটাৰ অঞ্চল আগুৰি আছে৷ ইয়াত থকা এশিঙীয়া গড়ৰ বাবে পৰ্যটকসকলৰ ই এক স্বৰ্গপুৰী। কাজিৰঙাৰ উপৰিও মানস অভয়াৰণ্যও আছে। এই অভয়াৰণ্য বনৰীয়া মহ আৰু অন্যান্য জীৱজন্তুৰ বাবে বিখ্যাত। ইয়াৰ উপৰি পবিতৰা আৰু ওৰাং অভয়াৰণ্যইও পৰ্যটকক আকৰ্ষিত কৰিব পাৰে।
জীৱ-জন্তু আৰু চৰাই-চিৰিকতিৰ বাহিৰেও এই অঞ্চলটোত বহুতো মাছ, বিৰল প্ৰজাতিৰ গছগছনি, ঔষধীয় উদ্ভিদ আৰু অৰ্কিড আদিত চহকী। ভালুকপুঙ, লোককৈ হ্রদ আদিয়ে পর্যটকক নৌকা বিহাৰ করিত, বাবে আকৰ্ষিত কৰিব। জাতিংগা, য’ত পক্ষীয়ে আত্মহত্যা কৰে বুলি কাসা হয় ৷ সেই জাতিংগাৰ কাহিনীয়ে এতিয়াও পৃথিৱীৰ বহু পৰ্যটকক আকৰ্ষিত কৰে।
ইয়াৰ উপৰি পৃথিৱীৰ সৰ্ববৃহৎ নদী দ্বীপ মাজুলীয়ে পর্যটন উদ্যোগক আগবঢ়াই নিয়াত হায় কৰে। ঐতিহাসিক সম্বল যেনে—’ৰংঘৰ, কাৰেংঘৰ, জয়সাগৰ, জয়দলৰ লগতে তেজগুৰুত অৱস্থিত শোণিতপুৰ (বান ৰজাৰ ৰাজধানী) আদিয়ে পর্যটকসকলক আকর্ষিত কৰিব পাৰে।
উত্তৰ-পূৱ ভাৰতৰ বিভিন্ন পাহাৰীয়া ঠাই (হিল ষ্টেচন) যেনে— হাফলং, শ্বিলং, টাৱাং, গেংটক আদি পৰ্যটকসকলৰ বাবে আকর্ষণীয় পর্যটন থলী। উত্তৰ পূৱ ভাৰতৰ, টি ট্যুৰিজিম আৰু গলফ্ ট্যুৰিজিম বা পর্যটনেও পর্যটকসকলক আকর্ষণ কৰে। উত্তৰ-পূৱ ভাৰত হৈছে বিভিন্ন জনগোষ্ঠীৰ মিলন থলী । ইয়াৰ জনগোষ্ঠীসমূহৰ বাৰে ৰহনীয়া কৃষ্টিয়ে দেশী-বিদেশী পর্যটক সকলক সহজেই আকর্ষণ কৰিব।
গতিকে দেখা যায় যে বিভিন্ন সম্পদেৰে ভৰপূৰ উত্তৰ-পূৱ ভাৰতত ‘পেকেজ ট্যুৰ’ৰ সম্ভাৱনীয়তা নুই কৰিব নোৱাৰি। ট্ৰেভেল এজেণ্টসমূহ এই ক্ষেত্ৰত আগবাঢ়ি অহা প্ৰয়োজন। চৰকাৰেও এই ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়োৱা উচিত। কাৰণ ইয়াৰ ফলত কৰ্ম সংস্থাপনৰ যোগেদি এই অঞ্চলৰ বহু নিবনুৱা উপকৃত হ’ব।
উত্তৰ-পূৱ ভাৰতত পেকেজ ট্যুৰ চলোৱাৰ সমস্যাঃ উত্তৰ-পূৱ ভাৰতত পৰ্যটন উদ্যোগৰ দ্বাৰা বিশেষকৈ ট্ৰেভেল এজেন্সিসমূহে আগবাঢ়ি আহিলে পেকেজ ট্যুৰৰ সহায়ত উত্তৰ-পূৱ ভাৰতক দেশ-বিদেশৰ পৰ্যটকৰ আগত চিনাকি কৰি দিব পাৰি।ইয়াৰ ফলত জীৱিকা তথা কর্ম সংস্থাপন সৃষ্টিৰো সম্ভাৱনা আছে। কিন্তু এইক্ষেত্ৰত বিভিন্ন সমস্যাও নথকা নহয়। এই সমস্যাসমূহ হ’ল –
(ক) আন্তঃগাঁথনিৰ অভাৱ।
(খ) অনুপযোগী যোগাযোগ ব্যৱস্থা।
(গ) ভৌগোলিক বিচ্ছিন্নতা।
(ঘ) গোষ্ঠীগত সংঘাতৰ ফলত সৃষ্টি হোৱা ৰাজনৈতিক অস্থিৰতা।
(ঙ) পুঁজিৰ অভাৱ।
(চ) উপযুক্ত ট্ৰেভেল এজেন্সিৰ অভাৱ।
(ছ) অঞ্চলটোৰ মানুহৰ সহযোগিতাৰ অভাৱ আৰু অজ্ঞতা।
(জ) পৰ্যটকক আকৰ্ষিত কৰাৰ বাবে অনুকূল বাতাবৰণৰ অভাৱ, ইত্যাদি।
তদুপৰি উত্তৰ-পূৱ ভাৰত এটা সৰু অঞ্চল নহয়। আঠখন ৰাজ্যৰে গঠিত এই অঞ্চলটো অতি বিশাল ৷ ইমান এটা বৃহৎ অঞ্চল ‘পেকেজ ট্যুৰ’ৰ যোগেদি ভ্ৰমণ কৰা সম্ভৱ নহয়৷ কাৰণ ইয়াৰ বাবে সময় আৰু অৰ্থৰ অধিক প্রয়োজন হ’ব।
১৭ ৷ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰসঙ্গৰ আঁত ধৰি ‘বহনক্ষম পৰ্যটন’ শব্দটোৰ অৰ্থ বিশ্লেষণ কৰা।
উত্তৰঃ পৰ্যটনৰ পৰিৱেশিক, অর্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক দিশৰ মাজত এক সমতা বজাই ৰাখি ধনাত্মক প্রভাৱেৰে পৰিৱেশতন্ত্রক সংৰক্ষণৰ প্ৰচেষ্টাৰে পৰ্যটনৰ নৱবিকশিত ধাৰণাই হৈছে বহনক্ষম পর্যটন। বহনক্ষম পর্যটনে এফালে যিদৰে আয় বৃদ্ধি, কর্মসংস্থাপন সৃষ্টি আৰু স্থানীয় পৰিস্থিতিতন্ত্ৰক সংৰক্ষণতে সহায় কৰে, সেইদৰে আনফালে পৰিৱেশ আৰু স্থানীয় সংস্কৃতিৰ ওপৰত সীমিত প্ৰভাৱেৰে ভৱিষ্যত প্ৰজন্মৰ বাবে পৰ্যটন সম্পদক সুৰক্ষিত কৰাতো মুখ্য ভূমিকা লয় ৷ বহনক্ষম পৰ্যটনে এনেদৰে পৰিস্থিতিতন্ত্ৰৰ সংৰক্ষণত পৰ্যটনৰ ইতিবাচক অৱদানৰ সম্ভাৱনা বৃদ্ধি কৰি কোনো অঞ্চল বা দেশৰ সামগ্ৰিক দীৰ্ঘম্যাদী বিকাশৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰে।
অসম তথা উত্তৰ পূৱাঞ্চল হৈছে হিমালয়ৰ ভংগুৰ আৰু ভূমিকম্পনযুক্ত মণ্ডলৰ অন্তৰ্গত । এই অঞ্চলত বৰষুণ প্ৰৱল । সেয়ে বাৰিষা কালত প্রবল বৃষ্টিপাতৰ বাবে ইয়াত ভূমিস্খলন এক ভয়াৱহ সমস্যাৰূপে দেখা দিয়ে। অসমৰ উজনি অঞ্চল অৰুণাচলত ইতিমধ্যে ১৬৮ টা বান্ধৰ নিৰ্মাণকাৰ্য চলি আছে নামনি সোৱাণশিৰিত নিৰ্মীয়মান হৈ আছে বৃহৎ বান্ধ৷ যোৱা দহ বছৰত অসম তথা উত্তৰ-পূৱৰ পৰ্যটন ক্ষেত্ৰসমূহত জধে মধে নিৰ্মাণ হৈছে ৰাস্তা ডাইনামাইট বিস্ফোৰণ ঘটাই পাহাৰ কাটি মুকলি কৰা হৈছে ঠাই, অৰণ্য, ধ্বংশ কৰি জলাশয় পুতি নির্মাণ কৰা হৈছে হোটেল, ল’জ ইত্যাদি। ব্যৱসায়িক কামত ব্যৱহাৰ কৰিবলৈ পাহাৰ আৰু নদীসমূহ বণিক গোষ্ঠীৰ হাতত বিক্ৰী কৰি দিয়া হৈছে।
পৰ্যটকৰ বাবে আকর্ষণীয় ঠাইসমূহত পৰ্যটকে এৰি যোৱা আৱৰ্জনা বৰ্ধিত হাৰত গাড়ী মটৰ,, উচ্চস্বৰৰ শব্দ, পানী আৰু বিদ্যুতৰ ব্যৱহাৰ আদিৰ ওপৰত প্ৰশাসনৰ অমনোযোগিতাই যেনেদৰে ভাবুকি মাতিছে জৈৱ বৈচিত্ৰলৈ, তেনেদৰে ধ্বংশ কৰিছে পাৰিপাৰ্শ্বিক আৰু নৈসর্গিক অৱস্থা। ফলস্বৰূপে প্ৰকৃতিৰ বহনক্ষমতা কমি আহিছে। এই সমস্যসমূহৰ পৰা হাত সাৰিবলৈ হ’লে প্রথমে আমি পাৰিপার্শ্বিক বহনক্ষমতাক সন্তুলিত কৰি ৰাখিব লাগিব ৷ পৰিৱেশত তথা সকলো জৈৱ বৈচিত্ৰ্যক সংৰক্ষণ কৰিবলৈ হ’লে বিকাশৰ গতিক পাৰিপাৰ্শ্বিকৰ লগত সন্তুলিত কৰি ৰখাটো অতি দৰকাৰী৷ ইয়াৰোপৰি বায়ু, পানী, মাটিৰ প্ৰদূষণ ৰোধ, জৈৱ বৈচিত্ৰতা, বিলুপ্তপ্রায় সকলো জীৱকুলৰ নিৰাপত্তাৰ বাবে আৰু প্ৰকৃতিক ৰক্ষণাবেক্ষণৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ৷ স্থানীয় ৰাইজক পাৰিপাৰ্শ্বিকতাৰ প্ৰতি ভাবুকি আহিব ধৰা বিষয়সমূহৰ প্ৰতি সচেতন কৰি তুলিব লাগিব যাতে পৰিৱেশক তেওঁলোকে বন্ধু হিচাপে গ্ৰহণ কৰিব পাৰে।
কিন্তু চৰকাৰৰ অমনোযোগিতাৰ বাবেই আজি আমাৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বনাঞ্চল সমূহ সংকটৰ গৰাহত পৰিছে। চোৰাং চিকাৰীৰ দ্বাৰা গড় হত্যা, বিদ্যুতস্পৃষ্ট হৈ হাতীৰ মৃত্যু, ৰাইজৰ হাতত বাঘ হত্যা, সংৰক্ষিত বনাঞ্চল অনুপ্ৰৱেশকাৰীৰ সংস্থাপন আদিৰ উপৰিও বানপানী, গৰাখহনীয়া আৰু পৰ্যটন ক্ষেত্ৰসমূহৰ প্ৰতি চৰম অমনোযোগিতাই আমাৰ পৰ্যটন ব্যৱস্থাটোক অধিক অৱনতিৰ ফালে লৈ যোৱা পৰিলক্ষিত হয়। এনেবোৰ কাৰণতে অসম তথা উত্তৰ পূৰ্বাঞ্চলত বহনক্ষম পৰ্যটনৰ গুৰুত্ব বাঢ়ি আহিছে।
১৮। অসম তথা উত্তৰ-পূৰ্বাঞ্চলত পৰিৱেশ পৰ্যটনৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোচনা কৰা।
উত্তৰঃ পৰিৱেশ পৰ্যটন আৰু অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ইয়াৰ অসমকে ধৰি সমগ্ৰ উত্তৰপূৰ্বাঞ্চল জৈৱ বৈচিত্ৰ্য্যৰ চহকী ক্ষেত্ৰ আৰু স্পর্শকাতৰ পৰিৱেশতন্ত্ৰ ৰূপে চিহ্নিত । অসমত খন ৰাষ্ট্ৰীয় উদ্যান, ১৮ খন অভয়াৰণ্য, ৪৬ খন পক্ষী আবাসভূমী, ৩১২ খন সংৰক্ষিত বনাঞ্চল আৰু ১৪৫ খন প্রস্তাৱিত বনাঞ্চলেৰে অসমৰ মুঠ মাটিকালিৰ ৩৫% আগুৰি আছে। এইখিনি সমলেৰে এহাতে যেনেকৈ পৰ্যটনক এক উদ্যোগলৈ ৰূপান্তৰিত কৰিব খোজা হৈছে, তাৰ লগে লগে সংকটৰ গৰাহত পৰিছে জৈৱ-বৈচিত্র্য, তৰু-তৃণ, জলাশয় আৰু বন্য জীৱ আৰু পক্ষীকুল, অক্টোবৰ মাহৰ পৰা ফেব্ৰুৱাৰী-মাৰ্চ মাহলৈকে অসমৰ ‘টুৰিষ্ট স্পট’ সমূহত পৰ্যটকৰ যথেষ্ট ভিৰ হয়। জাকে জাকে বনভোেজ খাবলৈ অহা পৰ্যটকে জমা কৰি যায় আৱৰ্জনা, যান-বাহনৰ ধোৱা, উচ্চ গ্ৰামৰ শব্দ আৰু খোৱা খাদ্যৰ পেলনীয়া দুৰ্গন্ধই প্ৰদূষিত কৰে মাটি, পানী আৰু বায়ুমণ্ডল।
কিমান পৰ্যটকৰ ভাৰ ঠাইখনে বহন কৰিব পাৰিব, শব্দৰ নিৰ্ধাৰিত মাত্ৰা কিমান হ’ব, বর্জ্য পদাৰ্থ আৰু আৱৰ্জনাৰ ব্যৱহাৰ ক’ত কেনেকৈ হ’ব এইবোৰৰ ওপৰত কোনো নীতি মানি চলা নহয় ৷ এনে সময়ত পৰিৱেশ পৰ্যটন অবিহনে পৰিৱেশ আৰু প্ৰকৃতিৰ নৈসর্গ ৰক্ষা কৰাৰ উপায় বিচাৰি পোৱা নাযায়। ইয়াৰ বাবে সঠিক পৰিৱেশ পৰ্যটন নীতি আৰু পৰ্যটকৰ আগ্ৰহ অতি প্রয়োজনীয় ।
অসমৰ পাৰিপাৰ্শ্বিক আৰু পৰিৱেশতন্ত্র অধ্যয়ন কৰি বিভিন্ন বিজ্ঞানী আৰু ভূ-তত্ত্ববিদে মতপোষণ কৰিছে যে পশ্চিম আৰু পূৱ হিমালয়ৰ অঞ্চল যথেষ্ট ভংগুৰ আৰুই এতিয়াও অস্থিৰ অৱস্থাত আছে। গতিকে এই অঞ্চলত ভূমিকম্প, ডাৱৰ, বৃষ্টি, প্ৰৱল বৰষুণ, হঠাৎ অহা বানপাণী আৰু ভূমিস্খলনৰ প্ৰৱণতা যথেষ্ট বেছি। ফলস্বৰূপে অসমৰ পৰ্যটনৰ বাবে আটাইতকৈ সুপ্ৰয়াসী আঁচনি হৈছে পৰিৱেশ পৰ্যটন।
আমাৰ দেশত যি ছয় ক্ষেত্র ‘ইক টুৰিজিম ক্ষেত্ৰ’ ৰূপে চিহ্নিত কৰা হৈছে তাৰ ভিতৰত উত্তৰপূৰ্বাঞ্চল এখন। অসমৰ গুৱাহাটী, কাজিৰঙা, মাজুলী, তেজপুৰ, শিৱসাগৰ, ভালুকপুঙ, মেঘালয়ৰ শ্বিলং আৰু চেৰাপুঞ্জী, নাগালেণ্ডৰ কোহিমা আৰু অৰুণাচলৰ টাৱাং এই অঞ্চলৰ অন্তৰ্গত।
অসমৰ পটভূমিলৈ যদি চাও তেন্তে দেখিম যে অসমলৈ এতিয়া দেশ তথা বিদেশৰ পৰ্যটকৰো আগমন বৃদ্ধি পাইছে। ইয়াৰ দ্বাৰা ৰাজহৰ পৰিমাণ বৃদ্ধি পালেও কিন্তু চিন্তাজনকভাৱে প্ৰকৃতিৰ ধাৰণ আৰু বহন ক্ষমতা ক্ৰমাৎ হ্রাস পাইছে৷ উদাহৰণস্বৰূপে প্রাকৃতিক পৰিৱেশৰ অত্যাধিক চাপ পৰা কাৰণে দেশৰ প্ৰায় ১০ শতাংশ বন্যপ্রাণী অৱলুপ্তিৰ পথত, বহুতো অঞ্চলত কৃষি জৈৱ বৈচিত্র্যতা ৯০ শতাংশ পর্যন্ত হ্রাস পাইছে৷ দেশৰ আধাতকৈও বেছি পানীৰ উৎস খোৱাৰ অনুপযোগী আমাৰ কপিলী জলবিদ্যুৎ প্রকল্পৰ জ্বল-ভাণ্ডাৰত ধৰা পৰা বিষাক্ত ছালফিউৰিক এছিডৰ বাবে সমগ্ৰ কপিলী নৈৰ পানী বিষাক্ত হৈ পৰিছে। দুই-তৃতীয়াংশৰো অধিক ভূমিৰ উৰ্বৰতা হ্রাস পাইছে। ইয়াৰোপৰি আমাৰ দেশত নগৰীকৰণৰ মাত্রা বৃদ্ধি পোৱাৰ লগে লগে নগৰ অঞ্চলত অট্টালিকা নিৰ্মাণ কৰা হৈছে আৰু এইবোৰৰ বাবে প্ৰয়োজন হৈছে বহুল পৰিমাণৰ বিদ্যুৎ।
গতিকে নগৰীকৰণ ব্যৱস্থাই পৰিৱেশৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱাটো স্বাভাৱিক। ইয়াৰোপৰি বিশ্ববেংকৰ উদ্যোগত চলোৱা এক সমীক্ষা মতে গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত ব্ৰহ্মপুত্ৰত পানীৰ পৰিমাণ হ্রাস পোৱাৰ লগতে উৎপাদনো হ্রাস পাব ৷ অসমৰ পৰ্যটন ক্ষেত্ৰসমূহত যিধৰণৰ আন্তঃগাঁথনি সেয়া পৰিৱেশৰ বাবে মুঠেও অনুকুল নহয়৷ চৰকাৰে এইক্ষেত্ৰত পৰ্যটন নীতি গ্ৰহণ কৰিছে যদিও সি ফলদায়ক নহয়। তদুপৰি ৰিজৰ্ট স্থাপন, ট্রেভেল এজেন্সী আদি খোলাৰ পৰিপ্ৰেক্ষিততত পৰিৱেশ সুৰক্ষাই ধ্বংসৰ মুখলৈ গতি কৰিছে, অসমত আজি বনাঞ্চলসমূহ সংকটৰ গৰাহত পৰিছে। চোৰাং চিকাৰীৰ দ্বাৰা গড় হত্যা, বিদ্যুৎস্পৃষ্ট হৈ হাতীৰ মৃত্যু, ৰাইজৰ হাতত বাঘ হত্যা সংৰক্ষিত বনাঞ্চলত অনুপ্ৰৱেশকাৰীৰ সংস্থাপন আদিৰ উপৰিও বানপানী, গৰাখহনীয়া আৰু পৰ্যটন ক্ষেত্ৰসমূহৰ প্ৰতি চৰম অমনোযোগিতাই আমাৰ পৰ্যটন ব্যৱস্থাটোক অধিক অৱনতিৰফালে লৈ যোৱা পৰিলক্ষিত হৈছে ৷ পৰিৱেশ পৰ্যটনৰ বাবে সঠিক নীতি গ্ৰহণ নকৰিলে হয়তো দ্রুত গতিত পৰিৱেশৰ অৱক্ষয় হৈয়ে থাকিব।
১৯ ৷ উত্তৰ-পূৰ্বাঞ্চলত উপলব্ধ খনিজ সম্পদসমূহৰ এটি চমু বৰ্ণনা দাঙি ধৰা ৷
উত্তৰঃ উত্তৰ-পূব ভাৰত খনিজ সম্পদত চহকী। খনিজ দ্রব্যসমূহৰ কিছুমান বাণিজ্যিক ভিত্তিত আৰু কিছুমান স্থানীয় ব্যৱহাৰৰ বাবে উদ্ঘাটন কৰা হয় ৷
এই অঞ্চলৰ উল্লেখযোগ্য খনিজাত দ্রব্যসমূহৰ এটি চমু বিৱৰণ তলত দাঙি ধৰা হ’ল—
(ক) কয়লাঃ উত্তৰ-পূব ভাৰতৰ অসমত টাৰছিয়াৰি কয়লাৰ উৎপাদন হয়। বিশেষজ্ঞসকলৰ মতে অসমত ৪,৫০০ নিযুত টন কয়লা সঞ্চিত অৱস্থাত আছে। উজনি অসমৰ মাকুম, জয়পুৰ, নাজিৰা আৰু নামফুকাত কয়লাৰ খনি আছে। অসমে মাকুম আৰু নাজিৰা কয়লা ক্ষেত্ৰৰ পৰা বছৰি প্ৰায় আধা নিযুত টনৰো অধিক কয়লা উৎপাদন কৰে ৷
মেঘালয় মালভূমিটো অধিক পৰিমাণৰ উৎকৃষ্ট কয়লা সঞ্চিত অৱস্থাত আছে। মেঘালয়ৰ সঞ্চিত কয়লাৰ পৰিমাণ হ’ল ৫৫৩.৪ নিযুত টন। ইয়াৰ গাৰো পাহাৰ অঞ্চলতে সৰ্বাধিক পৰিমাণৰ কয়লা আছে। মণিপুৰ আৰু অৰুণাচলতো কয়লা পোৱা যায়। ত্ৰিপুৰাত লিগনাইট কয়লা আৰু মিজোৰামত নিম্নখাপৰ কয়লা পোৱা যায়। নাগালেণ্ডৰ ওখা, মোককচাং, নাগিনীমৰা অঞ্চলতো নিম্নখাপৰ কয়লা পোৱা যায়। নাগালেণ্ডৰ সঞ্চিত কয়লাৰ পৰিমাণ হ’ল ২০ নিযুত টন আৰু অৰুণাচলৰ সঞ্চিত কয়লাৰ পৰিমাপ হ’ল ৯১ নিযুত টন।
(খ) পেট্রলিয়ামঃ ১৯৫৮ চনলৈকে ভাৰতবৰ্ষত খনিজ তেলৰ উৎপাদন কৰা হৈছিল কেৱল মাত্ৰ ডিগবৈ অঞ্চলত। ডিগবৈ তৈলক্ষেত্র ১৮৮৯ চনতে ইংৰাজসকলৰ দ্বাৰা আৱিষ্কাৰ কৰা হয় আৰু সেই সময়ৰ পৰাই খনিজ তেলৰ উৎপাদন কার্য তাত চলি আছে। অসমৰ নাহৰকটীয়াৰ তৈলক্ষেত্ৰ ভাৰতৰ ভিতৰত দ্বিতীয় বৃহৎ তৈলক্ষেত্ৰ। ভাৰতবৰ্ষৰ মুঠ খাৰবাতেল উৎপাদনৰ শতকৰা ৫৮ ভাগৰ যোগান ধৰে অসমে।
তেল আৰু প্ৰাকৃতিক গেছ আয়োগৰ মতে, সমগ্ৰ উত্তৰ- পূৰ্বাঞ্চল খনিজ তেলৰ ওপৰতে ভাহি আছে। অইল ইণ্ডিয়া লিমিটেড ১৯৭৬ চনত অৰুণাচল প্ৰদেশৰ চিৰাপ জিলাৰ খাৰৰ্চাঙত খনিজ তেল আৱিষ্কাৰ কৰে। ইয়াত বছৰি ৬০ হাজাৰ মেট্রিক টন খাৰুৱা তেল উৎপাদন কৰা হয় ৷ ইয়াৰ পিছত ৰাজ্যখনৰ টিৰাপ জিলাৰ কুমচাইত তেল আৱিষ্কাৰ হয়। নাগালেণ্ডৰ ওখা জিলাৰ চাম্পাং অঞ্চল, মোককচাং জিলাৰ চাতুকৰা- লখুনি অঞ্চল আৰু ক’হিমা জিলাৰ নিচুগড়ত খনিজ তেলৰ উৎপাদন হয়। মিজোৰামৰ উত্তৰ মধ্য অঞ্চল, মেঘালয় মালভূমিৰ ধোলাখাল আৰু সোনেশ্বৰী উপত্যকাত খনিজ তেলৰ উৎপাদন হয়। সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত বছৰি প্ৰায় ৫.৩. নিযুত টন তেল উৎপাদন হয়।
(গ) প্রাকৃতিক গেছঃ উত্তৰ-পূব ভাৰতৰ প্ৰাকৃতিক গেছ ঘাইকৈ অসম আৰু ত্ৰিপুৰাতে পোৱা যায়। বিশেষজ্ঞসকলৰ মতে, বর্তমান এই অঞ্চলৰ প্ৰাকৃতিক গেছৰ সঞ্চিত পৰিমাণ হ’ল ২৪০ বিলিয়ন ঘনমিটাৰ। অসমৰ তৈলক্ষেত্ৰসমূহত তেলৰ লগতে গেছো পোৱা যায়। নাহৰকটীয়া-মৰাণত দৈনিক ১০০ নিযুত ঘন ফুটকৈ প্ৰাকৃতিক গেছ আহৰণ কৰা হয়। এই দুটা ক্ষেত্ৰত সঞ্চিত হৈ থকা গেছৰ পৰিমাণ হ’ল ৪৮.৮৭ নিযুত টন। উজনি অসমৰ ডিব্ৰুগড় জিলাৰ টেঙাখাত এটা গেছভিত্তিক প্রকল্প ইতিমধ্যে গঢ়ি উঠিছে।
(ঘ) লোৰ আকৰঃ উত্তৰ-পূব ভাৰতৰ অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰাৰ ওচৰৰ চান্দোৰডিঙা পাহাৰ আৰু কামৰূপ জিলাৰ দক্ষিণৰ সীমামুৰীয়া অঞ্চলৰ হাঁহিমত লোৰ আকৰ পোৱা যায় ৷ এই দুটা অঞ্চলত সঞ্চিত লোৰ আকৰৰ পৰিমাণ ৫০ নিযুক্ত টন। ইয়াৰ উপৰিও অসমৰ গোৱালপাৰা জিলাৰ লেংগুপাৰা, নালংগা বিল, কুমৰিপাহাৰ, খাৰদাং, অভয়াপুৰীৰ ওচৰৰ মেলাজগড় আৰু শিৱসাগৰ জিলাৰ চৰাইদেউ পাহাৰ; মেঘালয়ৰ খাছি জয়ন্তীয়া অঞ্চলত আৰু মণিপুৰত লোৰ আকৰ পোৱা যায়।
(ঙ) তামঃ অসমৰ ধুবুৰী জিলাৰ বগৰীবাৰী অঞ্চলৰ মহামায়া পাহাৰত আৰু মেঘালয়ৰ ৰাণীঘাট, উমপিৰ্থাত, নাগালেণ্ড আৰু মণিপুৰত তামৰ খনি আছে।
(চ) ছিলিমেনাইটঃ ভাৰতবৰ্ষৰ মুঠ ছিলিমেনাইট উৎপাদনৰ ৯০ শতাংশ আহে মেঘালয় মালভূমিৰ পৰা৷ অতি উচ্চমানৰ বাবে ইয়াৰ ছিমিমেনাইট পৃথিৱী বিখ্যাত। এই অঞ্চলত ছিলিমেনাইটৰ বাৰ্ষিক উৎপাদন ১২ হাজাৰ টনৰো অধিক আৰু সঞ্চিত পৰিমাণ ২৫৫.৬ হাজাৰ মেট্রিক টন । এই পৰিমাণ সমগ্ৰ ভাৰতৰ ৮৩ শতাংশ। অসমৰ বকোৰ দক্ষিণত অৱস্থিত সোনা পাহাৰ লালমাটি অঞ্চলত প্রায় ২২ কিঃমি দীঘল আৰু ১৬ কিঃমিঃ বহল অঞ্চল এটাত ছিলিমেনাইট সঞ্চিত হৈ আছে। ইয়াৰোপৰি কাৰ্বি আংলঙৰ বিভিন্ন ঠাইত ইয়াক পোৱা যায়।
(ছ) চূণশিলঃ উত্তৰ-পূব ভাৰতৰ বিভিন্ন অঞ্চলত চূণশিল আহৰণ কৰা হয়। এই অঞ্চলৰ চুপশিলৰ মানদণ্ড অতি উন্নত। ইয়াৰ ক্ষেত্ৰবোৰ গাৰো, খাছি, জয়ন্তীয়া আৰু মিকিৰ পাহাৰৰ দক্ষিণেদি বিচ্ছিন্নভাবে একে লেথাৰিয়ে এটি বলয় হিচাপে আছে। এই অঞ্চলত অত্যাধিক পৰিমাণৰ চূণশিল সঞ্চিত অৱস্থাত আছে। অসমত ১৮৯.৬৮ টন, অৰুণাচলত ৫১৩.৯ নিযুত টন, মণিপুৰত ৪.৬ নিযুত টন, মেঘালয়ত ৩৩১৬.২ নিযুত টন আৰু নাগালেণ্ডত ৩৭৫ নিযুত টন চুনশিল সঞ্চিত হৈ আছে।
২০। উত্তৰ-পূৰ্বাঞ্চলত জলবিদ্যুৎ উৎপাদনৰ সম্ভাৱনীয়তাৰ বিষয়ে লিখা।
উত্তৰঃ বিদ্যুৎ শক্তিয়েই হ’ল কোনো এটা অঞ্চলৰ প্ৰগতিৰ মূল উৎস। বিশেষজ্ঞসকলৰ মতে সমগ্ৰ উত্তৰ-পূব ভাৰতৰ জলবিদ্যুৎ উৎপাদনৰ সাম্ভাব্য পৰিমাণ সমগ্ৰ ভাৰতৰ সাম্ভাব্য পৰিমাণৰ ৩০ শতাংশ। তদুপৰি সমগ্ৰ অঞ্চলটোৰ তাপবিদ্যুৎ উৎপাদনৰ সাম্ভাব্য পরিমাণ প্রায় ১৫০০ মেগাৱাট। এই অঞ্চলৰ ব্ৰহ্মপুত্ৰ, বৰাক আৰু এইবোৰৰ উপনৈবোৰে পাহাৰ-পৰ্বতীয়া ওখোৰামোখোৰা আৰু প্ৰচুৰ বৃষ্টিপাত হোৱা অঞ্চলৰ মাজেদি বৈ যাওঁতে বহুতো জলপ্রপাত আদিব সৃষ্টি কৰি জলবিদ্যুৎ উৎপাদনৰ সুবিধা কৰি দিছে।
বিশেষজ্ঞসকলৰ মতে, উপযুক্ত ব্যৱস্থা ল’লে কেৱল ব্ৰহ্মপুত্ৰৰ পৰাই ৩০ নিযুত কিল’ৱাট শক্তি উৎপাদন কৰিব পাৰি ৷ কিন্তু ইমান সুবিধা থকা স্বত্বেও অঞ্চলটোৰ বিদ্যুৎ উৎপাদন বৰ কম আৰু ধীৰ গতিৰ। ১৯৯০-৯১ চনত মুঠতে ১৮৪৫.৮৮ নিযুত ইউনিট বিদ্যুৎ উৎপাদন কৰে। প্ৰথম পঞ্চবার্ষিক পৰিকল্পনাৰ আগতে অঞ্চলটোত মাত্র ২৫০০ কিল’ৱাট সামর্থ্যৰ মাত্ৰ ১০/১২ টা মানহে ক্ষুদ্র জলবিদ্যুৎ উৎপাদন, কেন্দ্ৰ আছিল।
উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অৰুণাচলৰেই বিদ্যুৎ শক্তিৰ উৎপাদনৰ সাম্ভাব্য পৰিমাণ সৰ্বাধিক। বৰ্তমান ৰাজ্যখনত ২৫ টাৰো অধিক জলবিদ্যুৎ প্রকল্প আৰু বহুকেইটা ডিজেল জেনেৰেটিং ছেট আছে। অসমৰ জলবিদ্যুৎ উৎপাদনৰ সাম্ভাব্য পৰিমাণ ১৫০০ মেগাৱাট। মণিপুৰৰ জলবিদ্যুৎ উৎপাদনৰ সম্ভাৱনীয়তা ৩৭০০ মেগাৱাট আৰু ইয়াৰ ভিতৰত মাত্র ১০৭.৪ মেগাৱাটহে উৎপাদন কৰা হয়। নাগালেণ্ড, মিজোৰাম আৰু ত্ৰিপুৰা ৰাজ্যকেইখনত জলবিদ্যুৎ উৎপাদনৰ যথেষ্ট সম্ভাৱনীয়তা থকা স্বত্বেও চাহিদা অনুসৰি উৎপাদিত হোৱা নাই। মেঘালয়ৰো জলবিদ্যুৎ উৎপাদনৰ ক্ষমতা প্ৰচুৰ। কাৰণ, ইয়াৰ উপৰিভাগৰ ওখোৰা-মোখোৰা আৰু ভালেকেইটা জলপ্রপাত আছে। ইয়াৰ কেৱলমাত্ৰ উমত্ৰু আৰু উমিয়াম জলবিদ্যুৎ আঁচনিৰ প্রতিষ্ঠাপিত উৎপাদনৰ ক্ষমতা ১২৫২ মেগাৱাট। ইয়াৰোপৰি অঞ্চলটোত আন বহুতো প্রকল্প আছে।
উত্তৰ-পূৰ্বাঞ্চলৰ কেইটামান উল্লেখযোগ্য জলবিদ্যুৎ প্রকল্প হ’ল— উমত্রু জলবিদ্যুৎ প্রকল্প, উমিয়াম জলবিদ্যুৎ প্রকল্প, লগটক জলবিদ্যুৎ প্রকল্প আৰু কপিলী জলবিদ্যুৎ প্রকল্প। ইয়াৰ উপৰিও শেহতীয়াকৈ ব্ৰহ্মপুত্ৰ নদীৰ এখন উল্লেখযোগ্য উপনৈ সোৱণশিৰিত এটা বহুমুখী প্রকল্প নিৰ্মাণৰ কাম চলি আছে।
২১ ৷ অসমৰ তেল শোধনাগাৰসমূহৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ অসমত নিষ্কাশিত হোৱা তেল শোধনৰ উদ্দেশ্যে বৰ্তমানলৈ চাৰিটা তেল শোধনাগাৰ প্ৰতিষ্ঠা কৰা হৈছে।
সেইবোৰৰ বিষয়ে তলত আলোচনা কৰা হ’লঃ
(ক) ডিগবৈ তেল শোধনাগাৰঃ অসমৰ ডিগবৈ অঞ্চলত উৎপাদিত খাৰুৱা তেল শোধনৰ উদ্দেশ্যে অসম তেল কোম্পানীয়ে ১৯০১ চনত পৃথিৱীৰ দ্বিতীয়টো তেল শোধনাগাৰ ডিগবৈত প্ৰতিষ্ঠা কৰে। প্ৰথম অৱস্থাত দিনে ৫০০ বেৰেল অর্থাৎ প্রায় ৪০ টন উৎপাদন ক্ষমতাযুক্ত এইটো শোধনাগাৰত কেৱল কেৰাচিন, পেট্ৰ’ল আৰু ম’ম প্রভৃতি সীমিত পৰিসৰৰ দ্ৰব্যহে উৎপাদন কৰা হৈছিল। পৰৱৰ্তী সময়ত শোধন ক্ষমতা বৃদ্ধিৰ লগতে বিভিন্ন ধৰণৰ পেট্ৰ’লজাত সামগ্রী উৎপাদনৰ উদ্দেশ্যে ১৯৩২ আৰু ১৯৪০ চনত ইয়াৰ ব্যাপক সংস্কাৰ সাধন কৰা হয় । বৰ্তমান এই শোধনাগাৰৰ বাৰ্ষিক শোধন ক্ষমতা ৭.৫ লাখ টন।
(খ) নুনমাটি শোধনাগাৰঃ ১৯৫১ চনৰ পাছত মৰাণ, নাহৰকটীয়া আৰু হুগ্ৰীজানত অধিক পৰিমাণৰ খাৰুৱা তেলৰ নিষ্কাষণ আৰম্ভ হয়। লগে লগেই গুৱাহাটীৰ ওচৰৰ নুনমাটিত শোধনাগাৰ স্থাপনৰ যো-জা কৰা হয় ৷ আৰম্ভণিতে এই শোধনাগাৰৰ শোধন ক্ষমতা ৭.৫ লাখ টন আছিল যদিও বর্তমান এই ক্ষমতা ১.৫ নিযুত টনলৈ বৃদ্ধি পাইছে। উজনি অসমৰ নাহৰকটীয়াৰ পৰা পাইপেৰে খাৰুৱা তেল সৰবৰাহ কৰা হয়। এই শোধনাগাৰটোৱে পেট্ৰ’ল, ডিজেল, ম’ম, কোচিন, সীহযুক্ত পেট্ৰ’ল, ক’ক আদি উৎপাদন কৰে।
(গ) বঙাইগাঁও শোধনাগাৰ আৰু পেট্ৰ’ৰাসায়নিক প্রকল্পঃ ৰাজহুৱা খণ্ডত প্ৰতিষ্ঠিত এই শোধনাগাৰটো ১৯৭৯ চনত প্ৰতিষ্ঠা কৰা হয় ৷ উজনি অসমৰ তৈলক্ষেত্ৰসমূহৰ পৰা ৬০০ কিঃমিঃ আঁতৰৰ এই শোধনাগাৰলৈ পাইপেৰে খাৰুৱা তেল সৰবৰাহ কৰা হয়। এই শোধনাগাৰৰ বর্তমান শোধন ক্ষমতা ২.৫ নিযুত টন। এই শোধনাগাৰৰ প্ৰধান উৎপাদিত দ্রব্যসমূহ হ’ল পেট্র’ল, নেপথা, এভিয়ন, কেৰাচিন, কেলচিয়ামযুক্ত পেট্র’ল, ক’ক, ডিজেল, বিটুমেন প্রভৃতি ভিন্নধর্মী সামগ্রী।
(ঘ) নুমলীগড় শোধনাগাৰঃ অসমৰ চতুৰ্থ আৰু সৰ্ববহৎ তেল শোধনাগাৰটো গোলাঘাট জিলাত ধনশিৰী নদীৰ পাৰৰ নুমলীগড় নামে ঠাইত অৱস্থিত। ১৯৯৩ চনত নির্মাণ কার্য ১৯৯৭ চনৰ পৰা ইয়াত তেল শোধন আৰম্ভ হয়। ‘ই দেশৰ ভিতৰতে অন্যতম অত্যাধুনিক মানৰ তেল শোধনাগাৰ। ইয়াত ৰন্ধন গেছ, এভিয়ন, নেপথা, ক’ক, উচ্চ ক্ষমতাৰ ডিজেল, কেৰাচিন, ছালফাৰ, প্ৰভৃতি কিছুমান বিশেষ ধৰণৰ দ্ৰব্যও সৰ্বসাধাৰণতে শোধনাগাৰত প্রস্তুত হোৱা দ্রব্যসমূহৰ অতিৰিক্তভাৱে উৎপাদন কৰা হয়।
২২। অসমৰ তেল উদ্যোগৰ বিষয়ে এটি টোকা প্ৰস্তুত কৰা।
উত্তৰঃ নিষ্কাশনৰ লগে লগেই খনিজ তেল ব্যৱহাৰৰ উপযোগী হৈ নুঠে। বিভিন্ন ধৰণৰ অপদ্রব্য মিহলি হৈ থকা এই খনিজ তেলসমূহ শোধন কৰাৰ লগে লগে ইয়াৰ পৰা বিভিন্ন ধৰণৰ পেট্রলজাত দ্রব্য প্ৰস্তুত কৰা হয়। অসমত বৰ্তমানলৈকে এনে চাৰিটা শোধনাগাৰ স্থাপন কৰা হৈছে। এই শোধনাগাৰসমূহ হ’ল— যথাক্রমে অসম তেল কোম্পানীৰ অধীনৰ ডিগবৈ শোধনাগাৰ, নুনমাটি শোধনাগাৰ, বঙাইগাঁও তেল শোধনাগাৰ আৰু পেট্ৰ’ৰাসায়নিক প্রকল্প আৰু নুমলীগড় তেল শোধনাগাৰ। এই শোধনাগাৰসমূহত উৎপাদিত দ্ৰৱ্য্যসমূহৰ ভিতৰত কেৰাচিন, পেট্ৰ’ল, স্নেহক দ্রব্য, মম, ক’ক, দাহ্য গেছ, বিটুমেন, নেপথা, এভিয়ন, ডিজেল, ৰন্ধন গেছ, চালফাৰ প্ৰভৃতি উল্লেখযোগ্য। আকৌ নামৰূপৰ অসম পেট্ট’-ৰাসায়নিক প্ৰকল্পত তেল আৰু কিছুমান পেট্ৰ’লজাত সামগ্ৰী শোধন আৰু ৰূপান্তৰণ কৰি আন এক শ্ৰেণীৰ উদ্যোগ পৰিচালনা কৰা হয়। শেহতীয়াভাৱে ৰাজ্যখনৰ পেট্ৰ’লজাত সামগ্ৰীসমূহৰ ভিত্তিত উদ্যোগিক বিকাশ খৰতকীয়া কৰাৰ উদ্দেশ্য ডিব্ৰুগড় জিলাৰ লেপেটকটাত এটা গেছ ক্ৰেকাৰ প্রকল্প স্থাপন কৰা হৈছে।
২৩। উত্তৰ-পূৰ্বাঞ্চলৰ লো-তীখা শিল্পৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ উত্তৰ-পূৰ্বাঞ্চলত বৃহৎ লো-তীখাৰ কাৰখানা নাই। ১৯৮৫ চনত সেই সময়ত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই গুৱাহাটীৰ ওচৰৰ আমিনগাঁৱত এটি ক্ষুদ্র তীখা কাৰখানা মুকলি কৰে। এই কাৰখানা ব্যক্তিগত খণ্ডৰ আৰু ই’ ‘আসাম ইস্পাত লিমিটেড” নামেৰে জনাজাত। এই কাৰখানাই ১৯৮৮ চনৰ পৰা উৎপাদন আৰম্ভ কৰে। ইয়াত পুৰণা লো কেঁচামাল হিচাপে ব্যৱহাৰ কৰা হয়।
আমিনৰত ১৯৮৬ চনত আন এটা লো-তীখা কাৰখানা গঢ়ি উঠে। সেইটো হ’ল ব্ৰহ্মপুত্ৰ ষ্টীল (প্রাঃ) লিমিটেড। এই কাৰখানাটোৱেও অঞ্চলটোত পোৱা পুৰণা লো-তীখাৰ টুকুৰাবোৰ সংগ্ৰহ কৰি কেঁচামাল হিচাপে ব্যৱহাৰ কৰি লো তীখা উৎপাদন কৰে। ইয়াৰ উৎপাদন ক্ষমতা দৈনিক ১০০ টন খণ্ড তীখা। এই তীখাৰ পৰা ইয়াত ৮.১২ মিটাৰৰ লোৰ মাৰি আৰু কইল উৎপাদন কৰা হয়। ইয়াত লোৰ নলীও তৈয়াৰ কৰা হয়।
ইয়াৰোপৰি গুৱাহাটীত “কুমাৰ আইৰণ এণ্ড ষ্টীল কোম্পানী”, “অসম টিউব লিমিটেড”, “কুমাৰ বোলিং মিলচ”, “জয়চোৱাল ষ্টীল বোলিং মিলচ”, “হেইপচ ইণ্ডাষ্ট্রিজ প্রাইভেট লিমিটেড”, ডিব্ৰুগড়ৰ “ভাৰত ষ্টীল কোম্পানী”, “আগৰৱালা ইঞ্জিনিয়াৰিং ৱৰ্কচ”, তিনিচুকীয়াৰ “ইণ্ডিয়ান ষ্টীল এণ্ড ওৱাইৰ”, “মেনুফেকচাৰিং কোম্পানী” আদি বহুকেইটা বোলিং মিল বা অভিযান্ত্ৰিক প্ৰতিষ্ঠান উত্তৰ-পূব ভাৰতত আছে।
২৪। উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসম কিয় সকলো ক্ষেত্রতে আগবঢ়া?
উত্তৰঃ অসম উত্তৰ-পূৱ ভাৰতৰ একমাত্ৰ সমভূমিৰ প্ৰাধান্য থকা ৰাজ্য। তদুপৰি উত্তৰ-পূবৰ প্ৰতিখন ৰাজ্যৰ লগত দেশৰ বাকী অংশৰ স্থলসংযোগ একমাত্ৰ অসমৰ মাজেৰেহে সম্ভৱপৰ হয়। এই অৰ্থত অসম ৰাজ্যখনকে উত্তৰ-পূৱৰ বাকীবোৰ ৰাজ্যৰ পক্ষে ভাৰত-সংযোগী ৰাজপথ বুলিব পাৰি। উত্তৰ-পূৱ ভাৰতৰ কেন্দ্ৰীয় অৱস্থানত অৱস্থিত হোৱাৰ বাবে অসমৰ মাজেৰেহে অঞ্চলটোৰ অন্য যিকোনো দুখন ৰাজ্যৰ মাজত যোগাযোগ সুবিধাজনক হয়। অসমৰ গোলাঘাট জিলাৰ নুমলীগড়ৰ পৰা মণিপুৰ প্ৰদেশৰ ম্যানমাৰ সীমান্তত অৱস্থিত ৩৯ নং ৰাষ্ট্ৰীয় পথটোৱে নাগাৰাজ্য আৰু মণিপুৰৰ ৰাজধানী চহৰ যথাক্রমে ক’হিমা আৰু ইম্ফল পোনপটীয়াভাৱে সংযোগ কৰিছে। বাবাকী উত্তৰ-পূৱৰ আন যিকোনো দুখন ৰাজধানী চহৰৰ মাজত অসমৰ ভূ’ভাগ স্পৰ্শ নকৰাকৈ যাতায়াত কৰিব পৰা কোনো স্থল সংযোগ নাই। তদুপৰি শ্বিলং-তুৰা, ইটানগৰ-খুনচা, পাছিঘাট-টাৱাং টুৱেনচাং-ক’হিমা প্রভৃতি একেখন প্ৰদেশৰ ভিতৰতে অৱস্থিত দুখন গুৰুত্বপূৰ্ণ ঠাইৰ স্থলসংযোগ কার্যও অসমৰ মাজেৰেহে সম্ভৱপৰ হয়।
গতিকে অসম উত্তৰ-পূৱ ভাৰতৰ বাকী ছখন ৰাজ্যৰ মাজৰ সাংস্কৃতিক আৰু অৰ্থনৈতিক যোগসূত্ৰৰ প্ৰকৃত সূত্ৰধাৰ।
কৃষি, খনি, শিল্প-উদ্যোগ আৰু বেহা-বেপার প্রভৃতি অর্থনৈতিক কাম-কাজৰ লেখেৰেও অসম উত্তৰ-পূৱ ভাৰতৰ বাকী কেইখন ৰাজ্যৰ তুলনাত এক সুবিধাজনক স্থিতিত থকা দেখা যায়। সেয়েহে অঞ্চলটোৰ প্ৰায় প্ৰতিখন পার্বত্য ৰাজ্যই অর্থনৈতিকভাৱে অসমৰ ওপৰত কিছু পৰিমাণে হ’লেও নিৰ্ভৰ কৰিব লাগে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্থল পৰিবহণ, অর্থাৎ ৰেলৈ পৰিবহণে সেৱা গ্ৰহণ কৰাৰ ক্ষেত্ৰত উত্তৰ-পূৱ ভাৰতৰ প্ৰতিখন ৰাজ্যই অসমৰ ওপৰত বাৰুকৈয়ে নিৰ্ভৰ কৰিব লাগে।
২৫। অসমত কেনেধৰণৰ ভৌগোলিক অৱস্থাই জল পৰিবহণ ব্যৱস্থাত সহায় কৰে লিখা।
উত্তৰঃ অসম এখন নদী বহুল দেশ। পথ আৰু তেল পৰিবহণ ব্যৱস্থাৰ বহুল প্রচলনৰ পূৰ্বে ৰাজ্যখনৰ স্থানীয়, আঞ্চলিক আৰু আন্তঃআঞ্চলিক পৰিসৰৰ পৰিবহণ প্রকাৰ্য জল পৰিবহণৰ ওপৰতে নিৰ্ভৰশীল আছিল। অসমত নাব্য অর্থাৎ, নাও-জাহাজ চলাচলযোগ্য জলপথৰ মুঠ দৈর্ঘ্য হৈছে ৫,০২৩ কিঃমিঃ। এইনাব্য জলপথৰ ৪০,৯৮১ কিঃমি একমাত্ৰ সৰু অথবা মজলীয়া হাত নাও আৰু অৱশিষ্ট ৯২৫ কিঃমিঃ জলপথ মেচিন নাও অথবা ১০০ টন পর্যন্ত ভাৰবাহী জাহাজ চলাচলৰ উপযোগী হিচাপে গণ্য কৰিব পাৰি। বৰ্তমান অসমত ব্ৰহ্মপুত্ৰকে ধৰি সৰ বৰ ভালেমান নদীত বহুতো পাৰঘাট আছে। এনেবোৰ পাৰঘাটৰ ভিতৰত ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ পাৰত যথাক্রমে ২৯ টা আৰু ২৫ টা আৰু সোৱণশিৰি আৰু লোহিত আদি উপনৈসমূহৰ ৫ টা ঘাট পোৱা যায়।
২৬। উত্তৰ-পূৰ্বাঞ্চল শিল্প উদ্যোগ পিছপৰি ৰোৱাৰ কাৰণসমূহ আলোচনা কৰা ৷
উত্তৰঃ উত্তৰ-পূৰ্বাঞ্চল প্রাকৃতিক সম্পদত যথেষ্ট চহকী যদিও শিল্পোদ্যোগত এই অঞ্চলটো অতি পিছপৰা। ইয়াৰ কাৰণসমূহ হ’ল—
(ক) শক্তিঃ শিল্পোদ্যোগৰ বাবে শক্তি অপৰিহাৰ্য। উত্তৰ-পূব ভাৰতত কয়লাৰ উৎপাদন অতি কম। কিন্তু জলবিদ্যুৎ তথা বিভিন্ন তাপবিদ্যুৎ শক্তি উৎপাদনৰ প্ৰচুৰ সম্ভাৱনা থকা স্বত্বেও সেইবোৰৰ চাহিদা অনুসৰি উৎপাদন কৰিব পৰা হোৱা নাই ৷
(খ) পৰিবহণ ব্যৱস্থাঃ উত্তৰ-পূব ভাৰতৰ পৰিবহণ ব্যৱস্থা বৰ অনুন্নত। এটা অঞ্চলৰ উন্নতি পৰিবহণ ব্যৱস্থাৰ ওপৰতে ঘাইকৈ নিৰ্ভৰশীল। অঞ্চলৰ জল পৰিবহণ ব্যৱস্থাটো মৃতপ্ৰায় বুলিয়েই ক’ব পাৰি। স্থলপথো উন্নত নহয় আৰু পৰিবহণ ব্যয়ো অধিক। ৰেলপথৰ ব্যৱস্থা বৰ কম আৰু এইবোৰৰ কাৰ্যকাৰিতা বৰ উন্নত মানদণ্ডৰ নহয়। ব্ৰহ্মপুত্ৰৰ ওপৰত শৰাইঘাট, ভোমোৰাগুৰি আৰু নৰনাৰায়ণ সেঁতু— এই তিনিখন দলঙৰ নিৰ্মাণ কার্য সম্পূৰ্ণ হোৱাৰ পৰা পৰিবহণ ব্যৱস্থাৰ অসুবিধা কিছু লাঘৱ হৈছে। এই অঞ্চলৰ আকাশী পৰিবহণ ব্যৱস্থাও সীমিত আৰু ইয়াতো পৰিবহণ ব্যয় অত্যাধিক। তদুপৰি বাৰিষাৰ সময়ত স্থলপথ আৰু ৰেলপথ পানীত ডুব যোৱাৰ বাবে আৰু ছিগি যোৱাৰ বাবেও অঞ্চলটোৰ পৰিবহণ ব্যৱস্থাত অসুবিধা হয়। তেনে সময়ত দেশৰ আন অংশৰ লগত অঞ্চলটোৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰে। পৰিবহণ ব্যৱস্থা উন্নত নহ’লৈ শিল্পোদ্যোগৰ বাবে কেঁচামাল আৰু যন্ত্রপাতি আদিৰ সময়মতে যোগান ধৰা আৰু প্ৰস্তুত সামগ্ৰী বজাৰলৈ সময়মতে কঢ়িয়াই নিয়াত অসুবিধা হয়।
(গ) কাৰিকৰী জ্ঞানঃ শিল্পোদ্যোগ গঢ়ি তুলিবলৈ হ’লে সুদক্ষ শ্রমিক আৰু অভিজ্ঞতাসম্পন্ন পৰিচালক বিষয়াৰ প্ৰয়োজন। কিন্তু উত্তৰ-পূৰ্বাঞ্চলত এনে লোকৰ অভাৱ৷ থলুৱা শ্ৰমিক সকলো পৈণত নহয়। বনুৱা, কাৰিকৰ, বিষয়া আদিক প্রশিক্ষণ দিবৰ বাবেও নিৰ্ভৰযোগ্য প্ৰতিষ্ঠানৰ অঞ্চলটোত অভাৱ।
(ঘ) মূলধনঃ সকলোবোৰ ব্যৱস্থাৰ সুবিধা থাকিলেও মূলধন নহ’লে শিল্পানুষ্ঠান গঢ়ি তুলিব নোৱাৰি। উত্তৰ-পূব ভাৰতৰ লোকসকলৰ মাজত মূলধনৰ অভাৱ ৷
(ঙ) বজাৰঃ উত্তৰ-পূব ভাৰতৰ জনসংখ্যা কম আৰু মিশ্রিত। সেইবাবে ইয়াত উৎপাদন কৰা শিল্পজাত সামগ্ৰীৰ বিক্ৰী অতি সীমিত। অঞ্চলটোত শিল্পোদ্যোগ স্থাপন অত্যন্ত ব্যয়বহুল বাবে ইয়াত উৎপাদন কৰা শিল্পজাত দ্রব্যবোৰ বাহিৰৰ বৃহৎ বৃহৎ শিল্প প্রতিষ্ঠানসমূহত উৎপাদন কৰা সা-সামগ্ৰীৰ লগত ফেৰ মাৰিব নোৱাৰে।
(চ) চৰকাৰৰ উদাসীনতাঃ এই অঞ্চলৰ ৰাজ্য চৰকাৰবোৰে বিশেষকৈ অসমৰ ৰাজ্য চৰকাৰ শিল্পোদ্যোগৰ উন্নতি সাধনৰ প্ৰতি উদাসীন। কেন্দ্ৰীয় চৰকাৰেও এই অঞ্চলটো দেশৰ অন্যান্য অঞ্চলৰ শিল্পোদ্যোগসমূহৰ বাবে কেঁচামালৰ যোগান ধৰোঁতা হিচাপেহে গণ্য কৰি আহিছে।
(ছ) উদ্যোগীৰ অভাৱঃ উত্তৰ-পূব ভাৰতৰ লোকসকলৰ মাজত উদ্যোগী লোকৰ অভাৱ। অঞ্চলটোৰ লোকসকলে শিল্প কার্যত কোনো নিশ্চয়তা নাই বুলি ধন খটুৱাব নোখোজে৷ আকৌ, এই অঞ্চলৰ অধিকাংশ লোক চাকৰিৰ প্ৰতিহে আগ্রহী হোৱা দেখা যায়।
তদুপৰি আইন-কানুনৰ সমস্যা, ভূমিৰ অধিগ্রহণ আৰু অতি দূৰ-দূৰণিৰ ভিতৰুৱা অঞ্চলসমূহত থকা ইচ্ছুক উদ্যোগীবোৰে উদ্যোগ সম্বন্ধীয় খা-খবৰবোৰ ভালদৰে নোপোৱা আদিয়েও অঞ্চলটোৰ শিল্পোদ্যোগৰ উন্নতিত বাধা দি আহিছে।
২৭ ৷ উত্তৰ-পূৰ্বাঞ্চলৰ পৰিবহণ ব্যৱস্থাৰ বিষয়ে এটি টোকা যুগুত কৰা।
উত্তৰঃ উত্তৰ-পূব ভাৰতৰ পৰিবহণ ব্যৱস্থা অতি পিছপৰা। অসম উপত্যকা অঞ্চলক বাদ দিলে সমগ্ৰ উত্তৰ-পূব পাহাৰীয়া অঞ্চলটোতে ৰেল পৰিবহণ আৰু নৌ পৰিবহণৰ ব্যৱস্থা নাই। আকাশী পৰিবহণ ব্যৱস্থাও নাই বুলিবই পাৰি। প্ৰকৃতপক্ষে সমগ্ৰ উত্তৰ-পূব ভাৰতৰ যাতায়াত ব্যৱস্থা বৰ অনুন্নত। এই অঞ্চলৰ ভূ-প্রকৃতি আৰু ভাৰতবৰ্ষৰ প্ৰধান অংশৰ লগত এই অঞ্চলৰ এক প্ৰকাৰৰ বিচ্ছিন্নতাই এই অঞ্চলটোক উন্নত যাতায়াত ব্যৱস্থাৰ পৰা বিৰত ৰাখিছে। ব্ৰহ্মপুত্ৰ সমভূমি অঞ্চলত জল, পথ, ৰেল আৰু আকাশী— এই চাৰিও প্ৰকাৰৰ পৰিবহণ ব্যৱস্থাই আছে যদিও এইবোৰৰ ব্যৱস্থাও বৰ উন্নত নহয়। অসমক বাদ দি কেৱল নাগালেণ্ডৰ কিছু অংশতহে ৰেল পৰিবহণৰ ব্যৱস্থা আছে। আকাশী পৰিবহণৰ ক্ষেত্ৰতো অসমক বাদ দি বাকীকেইখন ৰাজ্যত স্থান বিশেষে কিছুমান হেলিপেড আছে। শেহতীয়াকৈ ত্ৰিপুৰাৰ বিমান পৰিবহণ ব্যৱস্থা কিছু উন্নত হৈছে।
অৱশ্যে, এই ক্ষেত্ৰত অসম বাকীকেইখন ৰাজ্যতকৈ কিছু আগবঢ়া। অসমৰ বৰঝাৰ গোপীনাথ বৰদলৈ বিমান কোঠাটো এই অঞ্চলৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ। ইয়াৰ উপৰিও অসমত আৰু পাঁচটা বিমানকোঠা আভ্যন্তৰীণ উৰণ সেৱা আৰু সামৰিক সেৱাৰ উদ্দেশ্যে ব্যৱহাৰ কৰা হয়। এই অঞ্চলক বাদ দিলে সমগ্র পার্বত্য অঞ্চলবোৰত একমাত্ৰ পৰিবহণ ব্যৱস্থা হ’ল মটৰ পৰিবহণ। এই পৰিবহণ ব্যৱস্থাত খৰচ অতি বেছি। তদুপৰি পথ নিৰ্মাণ আৰু মেৰামতি কৰিব লগা হোৱা বাবে ইয়াৰ খৰচ আৰু অধিক হোৱাত যোগাযোগ ব্যৱস্থা খুব ব্যয়বহুল হৈ পৰিছে। এইবোৰ কাৰণতে পাহাৰীয়া অঞ্চলটোত মটৰ পথৰ দূৰত্বও বৰ কম। এই অঞ্চলত আহল-বহল পোন ৰাস্তা নাই বুলিবই পাৰি। ব্ৰহ্মপুত্ৰ উপত্যকা আৰু সুৰমা উপত্যকা অঞ্চলত মটৰ পৰিবহণ, জল পৰিবহণ, বিমান পৰিবহণ আৰু ৰেল পৰিবহণ ব্যৱস্থা আছে যদিও এয়া দেশৰ আন অঞ্চলৰ তুলনাত অতি কম তথা অনুন্নত। অৱশ্যে, শেহতীয়াকৈ ষ্টীলৱেল পথৰ মুকলিৰ সম্ভাৱনা আৰু ইষ্ট-ৱেষ্ট ক’ৰিডৰৰ নিৰ্মাণ কাৰ্যই অঞ্চলটোলৈ পথ পৰিবহণৰ ক্ষেত্ৰত নতুন সম্ভাৱনা কঢ়িয়াই আনিছে।
২৮ ৷ উত্তৰ-পূবৰ কলা আৰু শিল্পকলাৰ বিষয়ে আলোচনা কৰা।
উত্তৰঃ বহু শতাব্দী ধৰি, উত্তৰ-পূব বিভিন্ন সংস্কৃতিৰ.এক মিশ্ৰিত উপাদান হৈ আহিছে, যি ইয়াত পোৱা হস্তশিল্পৰ সমৃদ্ধ বিন্যাসত প্রতিফলিত হয়। যেনে— বাঁহ আৰু বেতৰ সামগ্ৰী, মুখা, কাঠৰ কাৰুকাৰ্য, বস্ত্ৰ আদি। পর্যটকসকল অঞ্চলটোৰ কলা আৰু কাৰুশিল্পৰ বৈচিত্ৰ্যৰ দ্বাৰা আচৰিত হ’বলৈ বাধ্য। যদিও বেছিভাগ জনজাতি আৰু সম্প্ৰদায়ৰ তেওঁলোকৰ স্বকীয় হস্তশিল্প থাকে, সেইবোৰ তৈয়াৰ কৰিবলৈ ব্যৱহৃত সামগ্ৰীবোৰ মুখ্যতঃ একে।
বস্ত্ৰঃ কপাহ হৈছে সমগ্ৰ অঞ্চলৰ আটাইতকৈ জনপ্ৰিয় কাপোৰ, অৱশ্যে অসম আৰু মেঘালয় তেওঁলোকৰ ৰেচম ৰঙৰ হস্ততাঁতৰ বাবেও বিখ্যাত। অসমৰ শুৱালকুছি গাঁওখনক ‘পূবৰ মানচেষ্টাৰ’ বুলি অভিহিত কৰা হৈছে। কিয়নো ই অঞ্চলটোৰ আটাইতকৈ ডাঙৰ ৰেচম উৎপাদন কেন্দ্ৰ ৷ শুৱালকুচিৰ শিপিনীসকলে প্ৰজন্মৰ পৰা মুগা, পাট আৰু এৰিৰ দৰে উৎকৃষ্ট হাতেৰে বোৱা ৰেচম সৃষ্টি কৰি আহিছে। মুগাৰ এক সোণালী ৰং আছে যি ইয়াৰ পৰা তৈয়াৰ কৰা পোছাকবোৰক এক সমৃদ্ধি প্ৰদান কৰে, আনহাতে এৰী গৰম শীতৰ পোছাক তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। ৰেচম ব্যৱহাৰ কৰি শাৰী আৰু মেখেলা চাদৰ তৈয়াৰ কৰা হয়, যি হৈছে অসম মহিলাৰ পৰম্পৰাগত পোছাক, য’ত শৰীৰত দুটুকুৰা কাপোৰ মেৰিয়াই ৰখা হয়।
বেছিভাগ জনজাতিৰ এক অনন্য বয়ন থাকে আৰু আৰ্হিবোৰ কেৱল একেটা জনজাতিৰ গোত্ৰৰ ভিতৰতেই নহয়, কিন্তু তেওঁলোকৰ সামাজিক স্থিতিৰ ওপৰত নিৰ্ভৰ কৰি এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ আৰু একেটা গোত্ৰৰ সদস্যৰ ভিতৰতো পৃথক হয়।
নাগালেণ্ড শালৰ বাবে বিখ্যাত, যিবোৰ পৃথকে বোৱা তিনিটুকুৰা কাপোৰেৰে তৈয়াৰ কৰা হয় আৰু তাৰ পিছত একেলগে চিলাই কৰা হয়। মাজৰ টুকুৰাটো আন দুটাতকৈ অধিক সজোৱা হয়, যাৰ সাধাৰণতে একে ইমেজ থাকে। শালবোৰ মুখ্যতঃ ৰঙা, ক’লা আৰু নীলা আৰু বৰ্গ, ৰেখা আৰু ফিতাৰে গঠিত জ্যামিতিক আৰ্হিৰে সজ্জিত। ত্ৰিপুৰা, মণিপুৰ, মিজোৰাম আৰু অৰুণাচলৰ বিভিন্ন জনজাতিৰ বস্ত্ৰৰ এক সমৃদ্ধ আৰু বৈচিত্র্যপূৰ্ণ পৰম্পৰা আছে।
বেত আৰু বাঁহৰ শিল্পকলাঃ বাঁহ আৰু বেত অঞ্চলটোৰ সংস্কৃতিৰ সৈতে অবিচ্ছেদ্য। উত্তৰপূবৰ অৰণ্যবোৰত বাঁহ প্ৰচুৰ পৰিমাণে থাকে আৰু উদ্ভিদক সকলো ধৰণৰ সামগ্ৰী তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় – ঘৰ, আচবাব, দোলনা। অঞ্চলটোৰ বাঁহৰ শিল্পকলা ক্রমান্বয়ে জনপ্ৰিয় হৈ পৰিছে আৰু এতিয়াই সমগ্ৰ ভাৰতত উপলব্ধ।
কাঠখোদাইঃ কনিয়াক, ফম, খামতি, ৱাঞ্চো, নকটে, টাঙ্গা আৰু মনপা জনজাতি কাঠ খোদাইৰ দক্ষতাৰ বাবে বিখ্যাত। ৱাঞ্চো আৰু মৰুং কাৰুকাৰ্য পৰম্পৰাগতভাৱে তিনি প্ৰকাৰৰ আছিল। মনপাসকল তেওঁলোকৰ বাচন, বাটি, কাপ আৰু আনুষ্ঠানিক মুখাৰ বাবে বিখ্যাত। এ.ও.এছ.য়ে কাঠৰ পৰা ড্ৰাম তৈয়াৰ কৰে, কেতিয়াবা গছৰ গুৰিৰ পৰা মাত্ৰ এটা কাঠ ব্যৱহাৰ কৰি অৰুণাচল প্ৰদেশৰ খামতিসকল ভগৱান বুদ্ধৰ সুন্দৰ কাঠৰ ছবিৰ বাবে জনাজাত ৷ ছিকিমৰ লেপচা আৰু ভুটিয়াসকলে খোদাই কৰা কাঠৰ পৰা বেগচক কেন্দ্ৰীয় মেজ, বিভাজন পর্দা আৰু চকী প্ৰস্তুত কৰে।
ধাতুৰ কামঃ উত্তৰ-পূবৰ লোকসকলৰ লোহাৰ আৰু ধাতুবিদ্যাৰ দক্ষতা তেওঁলোকৰ উৎকৃষ্ট অস্ত্ৰ, সঁজুলি, বাদ্যযন্ত্ৰ আৰু গহনাত দৃশ্যমান। নাগালেণ্ডৰ আংগামি আৰু ৰেংমা জনজাতিক অঞ্চলটোৰ শ্ৰেষ্ঠ লোহাৰসকলৰ ভিতৰত গণ্য কৰা হয় । তেওঁলোকৰ এক শক্তিশালী যোদ্ধা পৰম্পৰা আছে, যাৰ বাবে তেওঁলোকে বহুতো অস্ত্ৰ-শস্ত্ৰ প্ৰস্তুত কৰিছিল, বিশেষকৈ বৰ্শা আৰু দাও (এক প্ৰকাৰৰ বহল তৰোৱাল)।
পিতল হৈছে অসমৰ কামৰূপ জিলাৰ এক গুৰুত্বপূৰ্ণ কুটিৰ উদ্যোগ, আনহাতে বৰপেটা জিলাই বেল ধাতুৰ ব্যৱসায়ত একচেটিয়া অধিকাৰ কৰে ৷
গহনাঃ সোণ, ৰূপ, মণি, হাড় আৰু পতংগৰ পাখিৰ দৰে বিভিন্ন সামগ্ৰীৰ পৰা তৈয়াৰ কৰা, অঞ্চলটোত প্ৰচলিত অলংকাৰবোৰ যথেষ্ট অনন্য। অৰুণাচলৰ জনজাতিবোৰ পিতল আৰু সোণৰ গহনা তৈয়াৰ কৰিবলৈ দক্ষ। নাগাসকলে চুৰিতৈয়াৰ কৰিবলৈ আৰু হাতীৰ দাঁত ৰচনা কৰিবলৈ কাঁচৰ টুকুৰা আৰু কাউৰীৰ খোলা ব্যৱহাৰ কৰে৷
২৯ ৷ মিজোৰামৰ হস্তশিল্পৰ বিষয়ে লিখা।
উত্তৰঃ মিজোৰামত কেইবাজনো শিল্পী আৰু দক্ষ শিল্পী আছে। মিজোৰামৰ সূক্ষ্মতা আৰু জটিল পৰম্পৰাগত ডিজাইনে তেওঁলোকক সুন্দৰ কৰি তোলে। মিজোসকলে এই আৰ্হিবোৰ ধৰি ৰাখিছে আৰু যুগযুগ ধৰি পাৰ হৈ গৈছে। এই উজাইনবোৰ তেওঁলোকৰ জনজাতীয় চেতনাত গভীৰভাৱে নিহিত আৰু তেওঁলোকৰ ঐতিহ্যৰ এক অবিচ্ছেদ্য অংশ।
তেওঁলোকৰ কাৰুশিল্পৰ ভিতৰত আছে—
(ক) বয়ন- বয়ন মিজো সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ। আনকি সৰুৰে পৰা সৰু ছোৱালীবোৰকো বয়ন কৰিবলৈ শিকোৱা হয়। বিভিন্ন জনজাতিয়ে আকর্ষণীয় শাল আৰু হেণ্ডবেগ প্রস্তুত কৰে। পুন নামৰ মহিলাসকলৰ বাবে পৰম্পৰাগত মিজো পোছাকবোৰ পৰম্পৰাগত তাঁতশালত বোৱা হয়। সেইবোৰ সূক্ষ্মআৰু উৎকৃষ্ট। এই চমাৰ্চ হৈছে মিজোৰামৰ এটা জনজাতি যাৰ থংচুও পুনৰ দৰে কেইবাটাও বিখ্যাত ডিজাইন আছে যাৰ অৰ্থ হৈছে বিখ্যাত কাপোৰ, পুন লাইচেনৰ অৰ্থ ৰঙা ৰঙৰ মাজৰ কাপোৰ, হুমাৰম হৈছে মহিলাসকলে পিন্ধা লংকাপোৰ আৰু জাকুওলাইজেন যি হৈছে অবিবাহিত ছোৱালীয়ে ব্যৱহাৰ কৰা ব্লাউজৰ টুকুৰা।
(খ) বাঁহ আৰু বেতৰ শিল্প- বাঁহ আৰু বেতৰ কাম গুৰুত্বপূৰ্ণ। তেওঁলোকে তেওঁলোকৰ বাঁহ আৰু বেতৰ কামত যথেষ্ট গৌৰৱ কৰে। সিহঁতে কোমল বেতৰ আঁহত নক্সা কৰে আৰু বাস্কেটবোৰ বহুতো উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰে।
(গ) পাইপ।
(ঘ) গহনা।
(ঙ) বাদ্যযন্ত্র।
৩০। নাগালেণ্ডৰ হস্তশিল্পৰ বিষয়ে লিখা।
উত্তৰঃ নাগালেণ্ড ভাৰতৰ সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ অংশ। নাগালেণ্ডত ১৬ টাতকৈও অধিক জনজাতি বাস কৰে ৷
নাগালেণ্ডৰ কলা আৰু কাৰুশিল্পৰ ভিতৰত আছে –
(ক) বয়ন-বয়ন মুখ্যতঃ নাগা জনজাতিৰ মহিলাসকলে কৰে। নাগা শালবোৰক আংগামি নাগা বুলিও জনা যায় । তেওঁলোকৰ উজ্জ্বল ৰং আৰু জন্তুৰ আৰ্হিৰ বোল্ড এমব্ৰইডাৰীৰ বাবে বিখ্যাত। প্রাচীন নাগা কাহিনীবোৰ মহিলাসকলে বোৱা পোছাক সামগ্ৰীৰ ওপৰত দেখুওৱা হৈছে।নাগালেণ্ডৰ অসংখ্য জনজাতিৰ দ্বাৰা তৈয়াৰ কৰা হস্ততাঁতবোৰত পৰম্পৰাগত আৰ্হি আৰু জীৱন্তৰং দেখুওৱা হৈছে।
(খ) কাঠৰ কাম।
(গ) কাঠত ফুল কটা কামৰ খটিয়ান-নাগালেণ্ডৰ ৱাঞ্চো, কনিয়াক আৰু ফম জনজাতিৰ ভাৰতৰ কিছুমান উৎকৃষ্ট উড়কাৰ্ভাৰ আছে। মিথুনৰ মুৰ, হৰ্ণবিল, মানুহৰ চিত্ৰ, হাতী, বাঘ আৰু লগ ড্রাম বা জাইলোফোন ডাঙৰ গৰ গুৰিটো খালী কৰি তৈয়াৰ কৰা হয়। কাঠৰ কাৰুকাৰ্য সাধাৰণতে তেওঁলোকৰ ধৰ্মীয় বিশ্বাস আৰু আচৰণৰ সৈতেও সম্পর্কিত। দৈনিক ব্যৱহাৰৰ বাবে বস্তু যেনে— বাচন আদিও তৈয়াৰ কৰা হয়।
(ঘ) গহনা নির্মাণ।
(ঙ) পাত্ৰ নিৰ্মাণ- এই শিল্পটো কেৱল মহিলাৰ দ্বাৰা কৰা হয়। নাগাসকলে হাতেৰে মাটিৰ পাত্ৰ তৈয়াৰ কৰে। তেওঁলোকে পাত্ৰ তৈয়াৰ কৰিবলৈ চকাটো ব্যৱহাৰ নকৰে ৷
(চ) ধাতুৰ শিল্পবিদ্যা হৈছে নাগা কলা আৰু কাকশিল্পৰ শেহতীয়া সংযোজন। স্থানীয় জনজাতিসকল সাধাৰণতে বৰ্শা আৰু ডাওৰ দৰে অস্ত্ৰৰ প্ৰতি তেওঁলোকৰ সম্পৰ্কৰ বাবে ধাতুশিল্প বা ক’লা স্মিথীৰ সৈতে জড়িত থাকে। নাগালেণ্ডৰ ৰেংমা জনজাতিক ধাতুশিল্পত সৰ্বশ্ৰেষ্ঠ বুলি গণ্য কৰা হয়। সুন্দৰকৈ সজোৱা বৰ্শাবোৰ টেক–এৱে হিচাপে উপলব্ধ তেওঁলোকে খোলা আৰু মণি, চৰাইৰ পাখি আৰু ফুল ব্যৱহাৰ কৰি বিভিন্ন সামগ্রী প্রস্তুত কৰে।
৩১। ত্ৰিপুৰাৰ হস্তশিল্পৰ বিষয়ে লিখা।
উত্তৰঃ ত্ৰিপুৰাত বৃহৎ সংখ্যক জনজাতি আৰু জনজাতীয় জনসংখ্যা আছে। সেয়েহে ইয়াত বিভিন্ন ধৰণৰ কাৰুশিল্পৰ পৰম্পৰা আছে যেনে-
(ক) হস্ততাঁত-ইয়াক ত্ৰিপুৰাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু পুৰণি শিল্প বুলি গণ্য কৰা হয় ৷ ত্ৰিপুৰাৰ প্ৰতিটো ঘৰত এটা সময়ত হস্ততাঁত আছিল আৰু ঘৰত সদায় কাপোৰ বোৱা হৈছিল৷ হস্ততাঁতৰ মুখ্য বৈশিষ্ট্য হৈছে বিভিন্ন ৰঙৰ বিক্ষিপ্ত এমব্ৰইডাৰীৰ সৈতে উলম্ব আৰু পথালি ফিটা।
(খ) বেত আৰু বাঁহৰ কাৰুশিল্প-বাঁহৰ পৰ্দা, টেবুলমেট আদিৰ দৰে সামগ্ৰী জনপ্ৰিয়।
(গ) সীতালপতি।
(ঘ) কাঠখোদাই।
(ঙ) ৰূপৰ অলংকাৰ।
(চ) পিতল আৰু বেল ধাতুৰ কাম-ত্ৰিপুৰাত তৈয়াৰ কৰা পিতল আৰু বেল ধাতুৰ সামগ্ৰীৰ সাৰাংশ হৈছে তেওঁলোকৰ সৰলতা ৷
৩২৷ ছিকিমৰ হস্তশিল্পৰ বিষয়ে লিখা।
উত্তৰঃ ৰাজ্যখনত পোৱা কাৰুশিল্পবোৰ হৈছে —
(ক) থাংকা চিত্র।
(খ) কার্পেট-ছিকিম মোটিফৰ সৈতে হাতেৰে বোৱা উলৰ কাৰ্পেটৰ বাবে জনাজাত ৷
(গ) হস্ততাঁত।
(ঘ) কাঠৰ খোদাই কৰা আৰু ৰং কৰা সামগ্ৰী-ছিকিমৰ লেপচা আৰু ভুটিয়াসকলে খোদাই কৰা কাঠৰ পৰা বেগচক (কেন্দ্রীয় মেজ), বিভাজন পৰ্দা আৰু চকী প্ৰস্তুত কৰে।
(ঙ) কাঠৰ মুখা।
(চ) বেত আৰু বাঁহৰ কাম।
(ছ) পৰম্পৰাগত টুপী।
(ছ) এমব্ৰইডাৰী কৰা সামগ্রী।