সন্ত্রাসবাদ ৰচনা | Terrorism Essay in Assamese

সন্ত্রাসবাদ ৰচনা | Terrorism Essay in Assamese

Join Telegram channel

বৰ্তমান সমগ্ৰ বিশ্বৰ সৰু-বৰ সকলো ঠাইতে বৃহৎ সমস্যা হিচাপে দেখা দিছে সন্ত্রাসবাদে। সন্ত্রাসবাদীৰ অনৈতিক কার্যকলাপৰ বাবেই সম্প্ৰতি সকলো ঠাইৰে সাধাৰণ জনতাৰ শান্তিৰে জীয়াই থকাৰ ভৰসা নাইকিয়া হৈ আহিছে। কাৰণ সন্ত্রাসবাদীয়ে নিৰীহ লোকক হত্যা কৰিবলৈ বা বলপূর্বক সা-সম্পত্তি লুট কৰিবলৈ অলপো কুণ্ঠাবোধ নকৰে।

সন্ত্রাসবাদ ৰচনা | Terrorism Essay in Assamese

সন্ত্রাসবাদ মানেই হৈছে এনে কিছুমান মানুহৰ সমষ্টি; যিয়ে বলপ্রয়োগ কৰি সাধাৰণ জনতাক দমন কৰি ৰাখিব বিচাৰে নাইবা নিজৰ ক্ষমতা প্ৰদৰ্শন কৰি হত্যা, লুণ্ঠন আদিৰ দ্বাৰা ভীতি প্ৰদৰ্শন কৰি জনসাধাৰণৰ ওপৰত প্ৰতিপত্তি বিস্তাৰ কৰিবলৈ চেষ্টা কৰে।

বিশ্বৰ বিভিন্ন প্ৰান্তত সন্ত্ৰাসবাদ | Terrorism in Different Parts of the World

বৰ্তমান সময়ত বিশ্বৰ ভিতৰত পেলেষ্টাইন আৰু ইজৰাইলতে ভয়াৱহভাৱে সন্ত্রাসবাদে গা কৰি উঠিছে বুলি ক’ব পাৰি। পশ্চিম এছিয় এই দেশ দুখনত সন্ত্রাসবাদ গঢ় লোৱাৰ মূলতেই আছিল ৰাজনৈতিক খাম-খেয়ালি। সেইদৰে মিউনিচ অলিম্পিক ভেলেইজত বেপেৰুৱাভাৱে বহু খেলুৱৈক হত্যা কৰা ঘটনাই গোটেই বিশ্বকে জোকাৰি গৈছিল। আয়াৰলেণ্ড, আফগানিস্তান, বার্মা আদি সন্ত্রাসবাদী কাৰ্যকলাপৰ বাবে বর্তমানেও কুখ্যাত। ওচমা বিন লাডেনৰ নিৰ্দেশত আফগানী সন্ত্রাসবাদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মূল শাসনযন্ত্রটোকে আত্মঘাতী প্ৰক্ৰিয়াৰে ধ্বংস কৰি সমগ্ৰ বিশ্বকে সন্ত্রাসবাদৰ বিষয়ে ভাবিবলৈ বাধ্য কৰালে। সেইদৰে কিছুদিনৰ পূৰ্বে শ্রীলংকাৰ ক্রিকেট দলক অতর্কিতে গুলী বৰ্ষণ কৰি পাকিস্তানী সন্ত্রাসবাদীয়ে নিজৰ বৰ্বৰতাৰ পৰিচয় দাঙি ধৰিছিল। শ্রীলংকাৰ সন্ত্ৰাসবাদী প্রভাকৰণৰ তাণ্ডৱৰ কথা সকলোৰে অৱগত। ইয়াৰ পৰা সহজেই অনুমান কৰিব পাৰি যে বিশ্বৰ সন্ত্ৰাসবাদৰ প্ৰসাৰ দিনে দিনে বৃদ্ধি পাবলৈ ধৰিছে।

Read Also: ড্ৰাগছ – এক সামাজিক সমস্যা ৰচনা | Drugs a Social Problem Essay in Assamese

ভাৰতবৰ্ষত সন্ত্ৰাসবাদ | Terrorism in India

বিশ্বৰ বিভিন্ন ঠাইৰ দৰে ভাৰতবৰ্ষতো সন্ত্রাসবাদে জ্বলন্ত সমস্যা হিচাপে দেখা দিছে। ভাৰতবৰ্ষত, বিশেষকৈ জম্মু আৰু কাশ্মীৰ, অসম, মণিপুৰ, অন্ধ্ৰপ্ৰদেশ, বিহাৰ আদিকে ধৰি প্ৰায়বিলাক ৰাজ্যতে সন্ত্রাসবাদে গা কৰি উঠিছে। অৱশ্যে এনে সন্ত্ৰাসবাদ গা কৰি উঠাত অৰিহণা যোগাইছে চুবুৰীয়া ৰাজ্যকেইখনৰ সন্ত্রাসবাদী সংগঠনৰ প্ৰৰোচনাই । তেওঁলোকে নিজ স্বাৰ্থ পূৰণৰ খাতিৰত কুকৰ্ম কৰিবলৈ অস্ত্র-শস্ত্ৰ যোগান, ধনৰ যোগান তথা আশ্রয় প্ৰদান কৰাত সন্ত্রাসবাদীসকল অধিক সবল হৈ উঠিছে।

বহুসময়ত ভাৰতবৰ্ষত স্থানীয় সন্ত্রাসবাদীৰ সহযোগত বিদেশী সন্ত্রাসবাদীয়েও প্ৰৱেশ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰিবলৈ সুবিধা লাভ কৰিছে; যাৰ বাবে কটকটীয়া নিৰাপত্তা থকা সত্ত্বেও ভূতপূর্ব প্রধানমন্ত্ৰী ৰাজীৱ গান্ধীক আত্মঘাতী বোমাৰে উৰুৱাই দিছিল। তদুপৰি যাত্রীবাহী বিমান সন্ত্রাসবাদীয়ে অপহৰণ কৰি নিয়াৰ নজিৰ এইখন ভাৰতবৰ্ষতে আছে। সম্প্রতি ভাৰতবৰ্ষত সন্ত্রাসবাদীৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ ফলত বহুলোকৰ প্ৰাণহানি হোৱাৰ লগতে সা-সম্পত্তি নষ্ট হোৱাৰ কথা সৰ্বজনবিদিত। মুম্বাইৰ তাজ হোটেলত সন্ত্রাসবাদীৰ আত্মঘাতী আক্ৰমণ আৰু নিৰীহ লোকক হত্যা আদি কাৰ্যই মানুহৰ জীৱনটোক মূল্যহীন কৰি তুলিছে। সৌ সিদিনা কাশ্মীৰৰ ভাৰত প্ৰাক সীমান্তত উৰিত ১৮জনকৈ ভাৰতীয় সেনা জোৱানক সন্ত্রাসবাদীৰ অতর্কিত আক্রমণ আদিয়ে জনতাক চিন্তান্বিত কৰি তুলিছে।

সন্ত্রাসবাদ আৰু অসম | Terrorism and Assam

অসমতো বর্তমান সন্ত্রাসবাদী কার্যকলাপত সাধাৰণ জনতাৰ জীৱন মূল্যহীন হৈ পৰিছে। সৰু-বৰ বহুকেইটা সন্ত্রাসবাদী সংগঠনে নিতৌ হত্যাকাণ্ড বা বোমা বিস্ফোৰণ ঘটাই নিজৰ প্ৰতিপত্তি তথা শক্তি প্ৰদৰ্শন কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। ২০০৮ চনৰ ৩০ অক্টোবৰৰ গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন ঠাইত ধাৰাবাহিক বোমা বিস্ফোৰণ আৰু কোকৰাঝাৰৰ বালাজান তথা তিনিচুকীয়া জিলাত সন্ত্রাসবাদীয়ে সাধাৰণ জনতাক নির্মমভাৱে গুলীয়াই হত্যা কৰা আদি তাৰেই প্ৰমাণ। অসমত সন্ত্রাসবাদ গঢ় দিয়াত তথা উৎসাহ দিয়াত প্ৰধানকৈ সহায় কৰি আহিছে চুবুৰীয়া দেশকেইখনৰ সন্ত্ৰাসবাদী সংগঠনবোৰে। চুবুৰীয়া ৰাজ্যকেইখনৰ মাজেৰে গোপনে সৰবৰাহ হৈ আহিছে অত্যাধুনিক অস্ত্র-শস্ত্ৰৰ লগতে জালনোট, যিয়ে দেশৰ অৰ্থনীতিত বাৰুকৈয়ে প্ৰভাৱ পেলাইছে। অসমৰ সন্ত্ৰাসবাদী কার্যকলাপ নির্মূল কৰিবলৈ চৰকাৰে যথেষ্ট চেষ্টা চলাইছে যদিও সফল হ’ব পৰা নাই । উল্লেখযোগ্য যে সন্ত্রাসবাদ নির্মূল কৰিব নোৱাৰিলে বিদেশী ৰাষ্ট্ৰই আগুৰি থকা অসম ৰাজ্যখন সন্ত্ৰাসবাদীৰ ভূ-স্বৰ্গ হ’বলৈ বেছি দিন নালাগিব।

Read Also: Class 11th Sociology Solution

সন্ত্ৰাসবাদৰ প্ৰতিকাৰৰ উপায় | Ways to Remedy Terrorism

বর্তমান সময়ত সন্ত্রাসবাদীৰ নেটৱৰ্ক সমগ্র বিশ্বতে বিয়পি পৰিছে। বিশেষকৈ পূর্ণ প্রশিক্ষণপ্রাপ্ত উগ্ৰপন্থীৰ দ্বাৰা পৰিচালিত সন্ত্রাসবাদৰ বিপৰীতে থিয় দিবলৈ আৰক্ষী তথা সেনা বাহিনীকো সমান শক্তিশালী কৰি তুলিবলৈ চৰকাৰে প্ৰথমে পদক্ষেপ গ্ৰহণ কৰিব লাগিব। সেইদৰে সীমান্ত অঞ্চলত যি গুপ্ত পথেৰে সন্ত্ৰাসবাদী প্ৰৱেশ কৰে, সেই পথ অনুসন্ধান কৰি সম্পূৰ্ণৰূপে ছীল কৰাৰ ব্যৱস্থা কৰিব লাগিব। তদুপৰি সীমান্ত পথেৰে যাতে সন্ত্রাসবাদীয়ে প্ৰৱেশ কৰিবলৈ সুবিধা নাপায়, তাৰ বাবে চৰকাৰে কঠোন ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু প্ৰয়োজনবোধে অধিক আৰক্ষী বা সেনা মোতায়েন কৰিব লাগিব। প্রয়োজন হ’লে সন্ত্রাসবাদ দমনৰ বাবে সমগ্ৰ বিশ্বক একগোট কৰাৰ প্ৰয়াস কৰিব লাগিব। ৰাজ্যৰ স্থানীয় সন্ত্রাসবাদী সংগঠনবোৰ আলোচনাৰ মাধ্যমেৰে সজ পথলৈ আনিবলৈ চেষ্টা কৰিব লাগিব; সময় সাপেক্ষে কঠোৰ দমন নীতিও গ্ৰহণ কৰিব লাগিব৷ অৱশ্যে এইক্ষেত্ৰত চৰকাৰৰ লগতে দেশৰ জনতাও মাৰবান্ধি ওলাই আহিব লাগিব।

এজন সন্ত্রাসবাদী জন্মতে সন্ত্রাসবাদী হৈ নাহে; পৰিৱেশ পৰিস্থিতিয়েহে সন্ত্রাসবাদী হ’বলৈ বাধ্য কৰায়৷ এইক্ষেত্ৰত ঘৰ বা সমাজখনৰ ভূমিকা অত্যধিক। সি যি কি নহওক, সন্ত্রাসবাদ মানেই দেশৰ অধঃপতন আৰু এখন দেশৰ শান্তিপ্রিয় জনতাই কেতিয়াও সন্ত্রাসবাদ বা উচ্ছৃংখল জীৱন কামনা নকৰে। সন্ত্রাসবাদ যিদিনালৈকে থাকিব, সিদিনালৈকে মানুহৰ জীৱন মূল্যহীন। সেয়ে আমি সকলোৱে একগোট হৈ সন্ত্ৰাসবাদৰ বিপৰীতে থিয় দি এখন শান্তিপূর্ণ সমাজ গঠন কৰিবলৈ আগবাঢ়ি অহা উচিত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top