ড্ৰাগছ – এক সামাজিক সমস্যা ৰচনা | Drugs a Social Problem Essay in Assamese

ড্ৰাগছ – এক সামাজিক সমস্যা ৰচনা | Drugs a Social Problem Essay in Assamese

Join Telegram channel

এখন দেশৰ সামগ্রিক উন্নয়নৰ মূল চালিকাশক্তি হৈছে যুব সমাজ। কিন্তু সম্প্রতি এই যুৱ সমাজতেই বিভিন্ন কেৰোণে ধৰিবলৈ আৰম্ভ কৰিছে। ঘাইকৈ চৈধ্য বছৰ বয়সৰ পৰা ত্ৰিশ বছৰৰ অনূর্ধ্ব তথা অবিবাহিত যুৱক-যুৱতীৰে যুৱ সমাজ গঠিত। পৰিৱেশ পৰিস্থিতিৰ প্ৰতিকূলতাত ইয়াৰে এচাম যুৱক-যুৱতীযে আত্ম নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱাৰ ফলত বিপথে গতি কৰিছে আৰু উঠি অহা চামকো বিপথে যাবলৈ উদ্বুদ্ধ কৰিছে। বৰ্তমানৰ ভোগসর্বস্ব বস্তুবাদী সমাজৰ সৈতে ফেৰ মাৰিবলৈ গৈ এচাম যুৱক-যুৱতীয়ে আকৌ কৃত্ৰিম সুখানুভূতি লাভৰ বাবে সহজতে মাদকদ্রব্য গ্ৰহণ কৰিবলৈ লৈছে। এনে এক মাৰাত্মক বৰবিহস্বৰূপ মাদকদ্রব্য হৈছে ড্ৰাগ্‌ছ। ড্ৰাগ্‌ছৰ প্ৰভাৱে বৰ্তমানৰ যুৱচামক এক অনিশ্চিত ভৱিষ্যতলৈ লৈ গৈছে।

ড্ৰাগছ - এক সামাজিক সমস্যা ৰচনা Drugs a Social Problem Essay in Assamese

ভয়াৱহ সমস্যা হিচাপে ড্ৰাগছ | Drugs as a serious problem

ড্ৰাগ্‌ছ আসক্তি বর্তমান সময়ত সমগ্ৰ বিশ্বতে এক ভয়াৱহ সমস্যা হিচাপে পৰিগণিত হৈছে, প্রথম অৱস্থাত বিশ্বৰ উন্নত দেশবিলাকত ড্ৰাগ্‌ছ আসক্তি প্ৰচুৰ আছিল যদিও পিছলৈ ই অনুন্নত আৰু উন্নয়নশীল দেশসমূহতো বিয়পি পৰে। ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত হৈ আছে হাজাৰ হাজাৰ লোক আৰু বিলিয়ন ডলাৰৰ লেনদেন। প্রশ্ন হয় যে এই ব্যৱসায় বা ইয়াৰ সৰবৰাহ ৰোধ কৰিব নোৱাৰি নেকি? চৰকাৰীভাৱে ড্ৰাগ্‌ছ সৰবৰাহ বন্ধ ঘোষণা কৰিলেও বৰ্তমান ভাৰতবৰ্ষলৈ অবৈধভাৱে পাকিস্তান, বার্মা, থাইলেণ্ড, আফগানিস্তান, হংকং আৰু বহুতো লেটিন আমেৰিকান দেশৰ পৰা চোৰাং সৰবৰাহ ঘটে।

সাধাৰণতে ড্ৰাগ্‌ছ তৈয়াৰ হয় আফিম (Opium)ৰ পৰা। অৱশ্যে ইয়াৰ লগত ৰাসায়নিক প্ৰক্ৰিয়াৰে অন্যান্য নিচাযুক্ত পদার্থও সংযোগ কৰা হয়। বৰ্তমান বজাৰত উপলব্ধ এই মাৰাত্মক বৰবিহস্বৰূপ ড্ৰাগ্‌ছ বিভিন্ন প্ৰকাৰৰ পোৱা যায়; যেনেঃ এল এছ ডি, হেরোইন, ক’কেইন, চাৰাচ ইত্যাদি। উল্লেখযোগ্য যে এবাৰ ড্ৰাগ্‌ছ সেৱন কৰিলে, পিছত ইয়াক ত্যাগ কৰা অসম্ভৱ হৈ পৰে। ড্ৰাগছ গ্ৰহণকাৰীয়ে সাধাৰণতে বেজিৰ ছিৰিঞ্জৰ দ্বাৰা দেহৰ ৰক্ত সিৰাত, ধূম্ৰপান নাইবা গিলি খোৱা আদি বিভিন্ন পদ্ধতিৰে গ্ৰহণ কৰে। আমাৰ দেশত ড্ৰাগ্‌ছৰ আদান-প্রদান হয় সাধাৰণতে পৰিত্যক্ত ঘৰ, নিৰ্জন ঠাই, হোটেল, পার্ক আদিত। ড্রাগ্ছ যিহেতু ব্যয়বহুল নিচাযুক্ত দ্রব্য, এই দ্ৰব্য দুখীয়া শ্ৰেণীৰ বাবে সহজসাধ্য নহয়। সেয়ে দেখা যায় যে ড্ৰাগ্‌ছ ব্যৱসায়ীৰ প্ৰৰোচনাত পৰি সাধাৰণতে অধিক টকা থকা পিতৃ-মাতৃৰ সন্তানসকলেই প্ৰথমে ড্রাগ্‌ছ সেৱনৰ ক্ষেত্ৰত অভ্যস্ত হয়।

Read Also: ৰেগিং – এক সামাজিক ব্যাধি ৰচনা | Ragging – a social disease Essay in Assamese

ড্ৰাগছ গ্ৰহণৰ ফলত কি কি হ’ব পাৰে | What are the consequences of taking drugs?

ড্ৰাগ্‌ছ সেৱনৰ ফলাফল অতি ভয়ানক। কাৰণ এনে আসক্তিৰ ফলশ্ৰুতিত এজন লোক তিল তিলকৈ মৃত্যুৰ মুখলৈ আগবাঢ়ে। বিশেষকৈ বেজিৰে ড্ৰাগ্‌ছ লোৱাৰ বাবে এইড্ৰ লগতে বিভিন্ন ৰোগৰ বীজাণুৰ সংক্রমণ ঘটে। সেইদৰে দুৰ্বলতা পেটৰ বিষ, ক্ষয় ৰোগ, হেপাটাইটিছ, শৰীৰৰ কঁপনি, অস্বাভাৱিক ৰক্তচাপ, যকৃতৰ বিভিন্ন ৰোগ, দৃষ্টিহীনতা, নিদ্রাহীনতা, আভোক আদি বিভিন্ন ৰোগৰ কাৰকে দেহত ঠাই লয়। কেন্সাৰ ৰোগৰ কাৰকেও কেতিয়াবা ড্ৰাগ্‌ছ সেৱনকাৰীৰ দেহত দেখা দিব পাৰে। ড্ৰাগছ সেৱনৰ ফলত মানসিক দিশতো যথেষ্ট প্ৰভাৱ পৰে। মানসিক দিশত সাধাৰণতে আত্মহত্যাৰ প্ৰৱণতা, অকাৰণতে উত্তেজিত হোৱা, হতাশাত ভোগা, উদাসীনতা, অসংযত আচৰণ প্রভৃতি কাৰকে দেখা দিব পাৰে।

ড্ৰাগছৰ কবলত অসম | Assam in the Grip of Drugs

সমগ্ৰ বিশ্ব তথা ভাৰতবৰ্ষৰ লগতে সম্প্ৰতি অসমতো বৰবিহস্বৰূপ ড্ৰাগ্‌ছ সেৱনৰ আসক্তিয়ে ভয়াৱহ ৰূপ লোৱাৰ উপক্ৰম হৈছে। অসমত মূলতঃ ড্ৰাগ্‌ছ সৰবৰাহ হয় মণিপুৰ সীমান্তইদি। বৰ্তমান অসমত ড্ৰাগ্‌ছ আসক্তি প্ৰচুৰ নহ’লেও উঠি অহা যুৱচামৰ মাজত ক্ৰমশঃ ইয়াৰ প্ৰভাৱ বাঢ়ি আহিছে। বিশেষকৈ অসম পুলিচ, ৰে’লৱে পুলিচ আদিয়ে মাজেসময়ে ড্রাগ্‌ছসহ ড্ৰাগ্‌ছ সৰবৰাহকাৰী ধৰা পৰাৰ কথা প্ৰচাৰ মাধ্যমৰ যোগেদি প্ৰচাৰ হৈ আহিছে। ২০০৯ চনৰ ছেপ্টেম্বৰ মাহত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান কোঠত ড্ৰাগ্‌ছসহ আটক হৈছিল সুদূৰ নাইজেৰিয়াৰ এজন লোক। এনেবোৰ দিশলৈ লক্ষ্য কৰিলে সহজেই অনুমান কৰিব পাৰি যে বৰ্তমান অসমত ড্ৰাগ্‌ছৰ চাহিদা বৃদ্ধি পাবলৈ ধৰিছে।

Read Also: Class 11th Sociology Solution

প্ৰতিকাৰ | Remedies

ড্রাগ্‌ছ আসক্তিয়ে ব্যক্তিগতভাৱে ক্ষতি কৰাৰ লগতে সমাজ, অর্থনীতি, ৰাজনীতি আদি সকলোতে ঋণাত্মক প্রভাৱ পেলায়। সুস্থ চিন্তা অবিহনে সুস্থ সমাজ এখন কল্পনা কৰিব নোৱাৰি। ড্ৰাগ্‌ছৰ দৰে অশুভ আসক্তিক ৰোধ কৰাৰ প্ৰথম উপায় হৈছে- যুৱশক্তিৰ সদায় সৎকর্ম, সৎ চিন্তাত প্রবৃত্ত কৰি ৰখা৷ দ্বিতীয়তে, পিতৃ-মাতৃ, সমাজৰ অগ্ৰণী লোক, শিক্ষক তথা চৰকাৰখনো সদায় সচেষ্ট হ’ব লাগিব। সেইদৰে আনুষ্ঠানিক শিক্ষাৰ উপৰি সুকুমাৰ কলা, দয়াশীল মনোভাব গঢ় ল’বৰ বাবে যুৱসমাজক উদগণি যোগাব লাগিব আৰু আৱেগক সংযত কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগিব।

উপসংহাৰ

কর্মহীনতাই মনলৈ আলস্য ভাব আনে। তদুপৰি বিৱেকে সৃষ্টিশীল কৰ্মৰ চিন্তাচৰ্চা কৰিব নোৱাৰিলে আপোনা-আপুনি বদ্‌অভ্যাস বা বদচিন্তা কৰিবলৈ আৰম্ভ কৰে। ফলস্বৰূপে বদ্‌চিস্তাধাৰাই অসৎ পথত খোজ দিবলৈ অনুপ্ৰেৰণা যোগায়। কর্মসংস্কৃতিৰে যুৱপ্ৰজন্মক আগবঢ়াই নিয়াৰ দায়িত্ব আমাৰ সকলোৰে ৷ সমাজৰ বুদ্ধিজীৱীসকলেও আগভাগ লৈ দেশ তথা জাতিৰ ভৱিষ্যৎ প্ৰজন্মক দিক্‌দৰ্শন কৰি ড্ৰাগ্‌ছৰ দৰে বৰবিহবিধক ৰোধ কৰিবলৈ ওলাই অহা উচিত। চৰকাৰেও অধিক গুৰুত্ব প্ৰদান কৰি ড্ৰাগ্‌ছৰ প্ৰচলন সমূলঞ্চে নাশ কৰিবলৈ তীব্ৰ প্ৰচেষ্টা হাতত লোৱা দৰকাৰ; কাৰণ যুব মানসত এবাৰ ড্ৰাগ্‌ছৰ আসক্তিয়ে ঠাই ল’লে জাতি তথা দেশৰ অধঃপতন অনিবার্য।

আমি আশা কৰিছো ড্ৰাগছ – এক সামাজিক সমস্যা ৰচনা ৰচনাটোৱে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ ড্ৰাগছ – এক সামাজিক সমস্যা ৰচনা ৰচনাৰ সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।

1 thought on “ড্ৰাগছ – এক সামাজিক সমস্যা ৰচনা | Drugs a Social Problem Essay in Assamese”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top