SEBA Class 8 Science Important Chapter 18 তৰা আৰু সৌৰজগত Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 8 Science Important Chapter 18 তৰা আৰু সৌৰজগত Solutions and select need one. SEBA Class 8 Science Additional Solutions Download PDF. SEBA Class 8 General Science Important Solutions in Assamese.
SEBA Class 8 Science Important Chapter 18 তৰা আৰু সৌৰজগত
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 8 General Science Important Notes in Assamese are part of All Subject Solutions. Here we have given General Science Important Solutions For Class 8 SEBA for All Chapters, You can practice these here.
তৰা আৰু সৌৰজগত
Chapter: 18
| IMPORTANT QUESTION AND ANSWER |
অতি চমু প্ৰশ্ন উত্তৰ:
১। গ্ৰহ আৰু নক্ষত্র কাক বোলে? উদাহৰণ দিয়া।
উত্তৰঃ যিবোৰ জ্যোতিষ্কৰ নিজা পোহৰ নাই তাক গ্ৰহ আৰু যিবোৰৰ নিজা পোহৰ আছে তাক নক্ষত্র বোলে। উদাহৰণ- সূর্য নক্ষত্র কিন্তু পৃথিবী গ্রহ।
২। পূর্ণিমা আৰু অমাবশ্যা মানে কি?
উত্তৰঃ যিদিনা আকাশত চন্দ্ৰটো সম্পূৰ্ণ ৰূপত দেখা যায় তাক পূর্ণিমা আৰু যিদিনা সম্পূর্ণৰূপে দেখা নাযায় তাক অমাবশ্যা বোলে।
৩। কাঁচিজোন কি? চন্দ্রকলা কাক বোলে?
উত্তৰঃ অমাবশ্যাৰ পিছৰ দিনা চন্দ্ৰৰ মাত্ৰ এটা ক্ষুদ্র অংশ যাক কাঁচিখনৰ দৰে দেখি, তাকে কাঁচিজোন বোলে।
পূৰ্ণিমাৰ পাছৰ পৰা অমাৱশ্যালৈ চন্দ্ৰটোৰ উজ্জ্বল অংশৰ বিভিন্ন পর্যায়ক চন্দ্রকলা বোলে।
৪। চন্দ্ৰপৃষ্ঠৰ বিষয়ে লিখা।
উত্তৰঃ চন্দ্ৰপৃষ্ঠ ধূলিময় আৰু অনুৰ্বৰ। ইয়াত পানী আৰু বায়ু নাই। গতিকে জীৱও নাই চন্দ্ৰপৃষ্ঠত পৃথিৱীৰ দৰে ওখ ওখ পাহাৰ পৰ্বত আছে।
৫। চন্দ্ৰপৃষ্ঠত কোনে কেতিয়া প্ৰথমবাৰৰ বাবে পদাৰ্পন কৰিছিল?
উত্তৰঃ 1969 চনৰ 21 জুলাই তাৰিখে আমেৰিকাৰ মহাকাশচাৰী নিল আর্মষ্টঙে পোন প্ৰথমবাৰৰ বাবে চন্দ্ৰপৃষ্ঠত পদার্পণ কৰিছিল। দ্বিতীয় জন মহাকাশচাৰী আছিল এডুইন এলড্রিন।
৬। পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব কিমান? সূৰ্যৰ পৰা পৃথিৱীলৈ পোহৰ আহোতে কিমান সময় লাগে?
উত্তৰঃ পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব 15 কোটি কি.মি. (প্রায়)। সূৰ্যৰ পৰা পৃথিৱীলৈ পোহৰ আহিবলৈ ৪ মিনিট সময় লাগে।
৭। পৃথিৱীৰ পৰা সূৰ্যৰ পাছতে থকা নক্ষত্ৰৰ নাম কি? ইয়াৰ দূৰত্ব আলোকবৰ্ষত কিমান?
উত্তৰঃ পৃথিৱীৰ পৰা সূৰ্যৰ পাছতে থকা নক্ষত্ৰ হ’ল প্রক্সিমা ছেণ্টাউৰি। ইয়াৰ দূৰত্ব 4.3 আলোকবর্ষ।
দীঘল প্ৰশ্ন উত্তৰ:
১। সৌৰজগতৰ পৃথিৱী গ্ৰহৰ ওপৰত চমুটোকা লিখা।
উত্তৰঃ পৃথিৱী সৌৰজগতৰ একমাত্ৰ গ্ৰহ য’ত জীৱৰ অৱস্থিতি আছে। কিছুমান অনুকূল পৰিৱেশৰ বাবে পৃথিৱীত জীৱৰ সৃষ্টি আৰু তাৰ নিৰন্তৰ বিকাশ সম্ভৱ হৈছে। সূর্য আৰু পৃথিৱীৰ মাজত থকা যথোচিত দূৰত্বটো হৈছে এনেবোৰ অনুকূল অবস্থাৰ অন্যতম ; ইয়াৰ বাবেই পৃথিৱীৰ উষ্ণতাৰ পৰিসৰ জীৱৰ উপযোগী হৈছে, ইয়াত পানী পোৱা যায়, উপযুক্ত বায়ুমণ্ডল আৰু অ’যনৰ আৱৰণ আছে।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.



