SEBA Class 6 Assamese Important Chapter 4 ৰোওঁগৈ ব’লা গছৰ পুলি Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 6 Assamese Important Solutions and select need one. SEBA Class 6 Assamese Important Question Answers Download PDF. SCERT Class 6 Assamese (উন্মেষ) Important Solutions.
SEBA Class 6 Assamese Important Chapter 4 ৰোওঁগৈ ব’লা গছৰ পুলি
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 6 Assamese (উন্মেষ) Additional Solutions are part of All Subject Solutions. Here we have given SEBA Class 6 Assamese Additional Question Answer for All Chapters, You can practice these here.
ৰোওঁগৈ ব’লা গছৰ পুলি
Chapter: 4
| IMPORTANT QUESTION ANSWER |
১। মননে কিহৰ ছবি আঁকি আছিল?
উত্তৰঃ মননে এটা গছ পুলিৰ ছবি আঁকি আছিল।
২। বন মহোৎসৱ সপ্তাহত কি কৰা হয়?
উত্তৰঃ বন মহোৎসৱ সপ্তাহত গছপুলি ৰোপণ আৰু বন সুৰক্ষাৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয়।
৩। কিমান খ্রীষ্টাব্দত কেশদা মহন্তৰ জন্ম হৈছিল?
উত্তৰঃ ১৯৩৯ খ্রীষ্টাব্দত কেশদা মহন্তৰ জন্ম হৈছিল।
৪। কেশদা মহন্ত কোন আছিল?
উত্তৰঃ কেশদা মহন্ত এগৰাকী বিশিষ্ট গৱেষক, সাহিত্য সমালোচক আৰু শিশু সাহিত্যিক আছিল।
৫। কিমান চনত কেশদা মহন্তৰ মৃত্যু হৈছিল?
উত্তৰঃ ২০১৮ চনত কেশদা মহন্তৰ মৃত্যু হৈছিল।
খালী ঠাই পূৰ কৰা:
১। বন মহোৎসৱ শনিবাৰে জিলা ___________ আৰম্ভ হয়।
উত্তৰঃ বন মহোৎসৱ শনিবাৰে জিলা পুথিভঁৰালত আৰম্ভ হয়।
২। মননে গান গাইছিল আৰু __________ আঁকি আছিল।
উত্তৰঃ মননে গান গাইছিল আৰু ছবি আঁকি আছিল।
৩। সুমনা আৰু ৰিতুপনে বন মহোৎসৱৰ বাবে গছত __________ আৰু আমলখি লগাব।
উত্তৰঃ সুমনা আৰু ৰিতুপনে বন মহোৎসৱৰ বাবে গছত শিলিখা আৰু আমলখি লগাব।
৪। বন মহোৎসৱত মানুকণ, ৰিম্জিম্ আৰু আকাশীয়ে পুলিত _________দিব।
উত্তৰঃ বন মহোৎসৱত মানুকণ, ৰিম্জিম্ আৰু আকাশীয়ে পুলিত পানী দিব।
৫। ৰিতুপনে বন মহোৎসৱৰ সময়ত এটা ___________ গাব বুলি কৈছিল।
উত্তৰঃ ৰিতুপনে বন মহোৎসৱৰ সময়ত এটা গান গাব বুলি কৈছিল।
শুদ্ধ/অশুদ্ধ লিখা:
১। বন মহোৎসৱ জিলা পুথিভঁৰালত অনুষ্ঠিত হৈছিল।
উত্তৰঃ শুদ্ধ।
২। মননে বন মহোৎসৱৰ বাবে নাচি নাচি গান গাব নালাগে বুলি কৈছিল।
উত্তৰঃ অশুদ্ধ।
৩। সুমনা আৰু ৰিতুপনে বন মহোৎসৱত অংশ ল’বলৈ সম্পূৰ্ণ সাজু।
উত্তৰঃ শুদ্ধ।
৪। পুলিবোৰ গৰু-ছাগলীয়ে খাই নষ্ট নকৰে।
উত্তৰঃ অশুদ্ধ।
৫। বন মহোৎসৱৰ সময়ত হাতোৰা, কোৰ আৰু খন্তি লৈ যাবলৈ সুমনাই কয়।
উত্তৰঃ শুদ্ধ।

