SEBA Class 10 Assamese Sample Paper – 4 | দশম শ্ৰেণীৰ অসমীয়া প্ৰশ্নকাকত

Join Telegram Groups

SEBA Class 10 Assamese Sample Paper – 4, HSLC Model Question Answer, দশম শ্ৰেণীৰ অসমীয়া প্ৰশ্নকাকত to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Assamese Sample Paper Class 10 SEBA can be of great value to excel in the examination.

SEBA Class 10 Assamese Simple Paper and Question Answer

SEBA Class 10 Assamese Sample Paper – 4

HSLC Model Question Paper provided is as per the Latest Assam Board Curriculum and covers all the questions from the SEBA Textbooks. Access the detailed SEBA Class 10 Assamese Sample Paper – 4 provided here and get a good grip on the subject. Access the SEBA Class 10 Assamese Sample Paper – 4, Class X Model Question Answer of Assamese in Page Format. Make use of them during your practice and score well in the exams.

অসমীয়া প্ৰশ্নকাকত

PART – IV

ASSAMESE

Group – A ( ক – বিভাগ ) মূল্যাংক : ৭৫ 

১। তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা— 

( ক ) বর্তমান প্রচলিত শিক্ষাৰ দোষ কি কি ? 

উত্তৰঃ বর্তমান প্রচলিত শিক্ষা যথেষ্ট দোষযুক্ত । প্রচলিত শিক্ষা ব্যৱস্থাৰ দোষবোৰ হ’ল এই শিক্ষা কামৰ শিক্ষা নহয় । ইয়াত ব্যৱহাৰিক জীৱনৰ লগত জড়িত শিক্ষা দিয়াতকৈ বিদ্যায়তনিক দিশতহে বেছি গুৰুত্ব দিয়া হয় । এই শিক্ষা ব্যৱস্থাত ছাত্ৰৰ দৈহিক , মানসিক প্রস্তুতিলৈ গুৰুত্ব নিদি শিক্ষা প্ৰদান কৰা হয় । যাৰ ফলত শিক্ষা আয়ত্ত কৰাত ছাত্রসকল যথেষ্ট বিফল হয় । সকলো ছাত্রকে সর্বাত্মক দিশত শিক্ষা প্ৰদান কৰাৰ বিপৰীতে , প্রচলিত শিক্ষা ব্যৱস্থাই লঘিষ্ঠ সংখ্যক ছাত্রকহে সর্বাত্মক দিশত উপযুক্ত কৰি তোলে । আজিৰ শিক্ষা যথেষ্ট প্রতিযোগিতামূলক । যাৰ ফলত ছাত্ৰই লাভ কৰা শিক্ষাৰ পৰা কিমান জ্ঞান লাভ কৰিছে তাত গুৰুত্ব নিদি কিমান শতাংশ নম্বৰ লাভ কৰিছে তাতহে বেছি প্রাধান্য দিয়া হয় । এইবোৰেই হৈছে বৰ্তমান প্রচলিত শিক্ষাৰ দোষ । 

( খ ) ‘ ভাৰতীয় সংস্কৃতি ’ পাঠটোৰ সাৰাংশ লিখা । 

উত্তৰঃ হেম বৰুৱাই ভাৰতীয় সংস্কৃতি যে , মিলনৰ সংস্কৃতি তাকে ক’ব বিচৰা হৈছে । ভাৰতীয় সংস্কৃতি গঢ়লৈ উঠিছে আর্য , অনার্য , মংগোলীয়, দ্রাবিড় আদি জনগোষ্ঠীৰ অতীতত ভাৰতলৈ আহি বসবাস কৰিবলৈ লোৱা গ্ৰীক , শক , হু আদি বিভিন্ন জাতিৰ সমন্বয়ৰ মাজেৰে । আদিৰে পৰা মোগল , ৰাজপুত আদি বংশৰ শাসন কালত ভাৰতীয় সংস্কৃতিৰ ভালেমান নতুন নতুন দিশৰ আগমন ঘটে । 

আর্য – অনার্য দেৱ – দেৱীৰ কথা কোৱাৰ লগতে , উত্তৰ ভাৰতীয় আৰু দক্ষিণ ভাৰতীয় ভাস্কৰ্যৰ আভাসো ইয়াত প্ৰকাশ পাইছে । ভাৰতীয় সংস্কৃতিৰ ওপৰত বিশেষকৈ ভাস্কর্য , চিত্ৰ আদিত ইছলামীয় সংস্কৃতিৰ প্ৰভাৱ পৰিছে , এই কথাই সংস্কৃতিৰ মিলনকে বুজায়।আধ্যাত্মিকতাবাদ, সাহিত্য , চিত্র শিল্প , সংগীত , ভাস্কর্য আদি প্ৰতিটো দিশতেই এটা জাতিৰ প্ৰভাৱ আনটো জাতিৰ ওপৰত পৰিছে । সংস্কৃতিৰ এই তথ্য আগবঢ়াওতে লিখকে বুৰঞ্জীৰ বিষয়েও কৈছে । 

মুঠতে ভাৰতীয় সংস্কৃতি পাঠটোৰ সাৰাংশ হ’ল এয়ে যে সংস্কৃতি এদিনতে গঢ়ি উঠা এটা বস্তু নহয়। যুগ যুগ ধৰি বিভিন্ন জাতি – জনজাতিৰ মিলনৰ ফলতে ভাৰতীয় সংস্কৃতিৰ সৃষ্টি । 

( গ ) অসমৰ বৈচিত্র্যপূর্ণ জনগোষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা পৰিছে – কথাষাৰৰ গুৰুত্ব ব্যাখ্যা কৰি অসমৰ জনগোষ্ঠীৰ বৈচিত্র্যৰ কথা বর্ণনা কৰা । 

উত্তৰঃ কথাফাঁকিয়ে বৰ্তমানৰ অসমীয়া জাতিটো যে কোনো এক বিশেষ গোষ্ঠীৰ পৰা সৃষ্টি হোৱাৰ পৰিৱৰ্তে বিভিন্ন ভাষা গোষ্ঠীৰ কলা – সংস্কৃতিৰ ৰীতি – নীতি বা আচাৰ অনুষ্ঠানৰ সংমিশ্ৰণতহে বৃহৎ অসমীয়া জাতি গঢ় লৈ উঠিছে তাকে বুজাব বিচাৰিছে । অর্থাৎ অসমীয়া জাতি বিভিন্ন জাতি – উপজাতি , জনগোষ্ঠী আদিৰ দ্বাৰা গঢ়িত নানাৰঙী ফুলেৰে গঠিত এডাল সুগন্ধি পুষ্প – মালা স্বৰূপ ৷ 

বিভিন্ন সময়ত বিভিন্ন জনজাতীয় লোকসকলৰ অসমলৈ আগমন ঘটিছিল । ত্রয়োদশ শতিকাত মংগোলীয় জনগোষ্ঠীৰ অসমলৈ আগমন ঘটিছিল। ইয়াৰে আগৰে পৰাই বড়ো , কছাৰী , কোচ – চুতীয়া , দেউৰী- ডিমাছা , মিচিং , তিৱা আৰু কাৰ্বি জনজাতিৰ লোকসকল অসমত আছিল । অতীত অসমৰ বাসিন্দা বুলিলে অকা , ডফলা , আবৰ – মিছিমি আদি জনগোষ্ঠীও অন্তর্ভুক্ত হৈছিল । এই জনজাতি সকলৰ সংস্কৃতিৰ ধৰ্মই বিশেষ স্থান লাভ কৰিছিল । তদুপৰি অসমীয়া সংস্কৃতিত এই জনজাতিবোৰৰ যথেষ্ট উপাদান আছে । 

মিছিং , কছাৰী , তিৱা , কাৰ্বি আদি সম্প্রদায়ে নিজ নিজ উপভাষা জীয়াই ৰখাৰ উপৰি অসমীয়া ভাষাকো আয়ত্ত কৰি নিজকে অসমীয়া বুলি পৰিচয় দিছিল । ব্ৰিটিছে অসমত চাহ বাগান পতাত ইয়াত কাম কৰিবলৈ বিহাৰ , উৰিষ্যা , মধ্যপ্রদেশ আদিৰে পৰাও চাওতালী , মুণ্ডা , ভূমিজ , তাঁতী আদি জনগোষ্ঠীয়ে অসমীয়া মাত – কথা গ্ৰহণ কৰি অসমীয়া আচাৰ , নীতি , সাজ – পাৰ গ্ৰহণ কৰি অসমীয়া জাতিব অবিচ্ছেদ্য অংগ হৈ পৰে ।

চতুৰ্থ দশকত পূৰ্ববংগৰ পৰা অহা মৈমনসিংসকলেও নিজৰ মাতৃভাষা ত্যাগ কৰি অসমীয়া ভাষা গ্ৰহণ কৰি অসমীয়া জাতিৰ সৌষ্ঠৱ বৃদ্ধি কৰিছিল । অর্থাৎ এই সকলোবোৰ জনগোষ্ঠীক লৈয়েই অসমীয়া জাতি । সেয়েহে এওঁলোকৰ আচাৰ – নীতি , কলা সংস্কৃতিৰ লগতে বহুতো জনজাতীয় শব্দ সম্ভাৰো অসমীয়া ভাষাত অন্তর্ভুক্ত হৈছে । সেয়ে লেখক আব্দুছ ছাত্তাৰদেৱে কৈছে যে অসমৰ বৈচিত্র্যপূর্ণ জনগোষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা হৈছে । 

২। তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা— 

( ক ) বৰ্তমানৰ শিক্ষা ব্যৱস্থাক কিয় আঁসোৱাহযুক্ত বুলি কোৱা হয় ? 

উত্তৰঃ আমাৰ বৰ্তমানৰ শিক্ষা ব্যৱস্থা যথেষ্ট আঁসোৱাহপূর্ণ । এই শিক্ষা কামৰ শিক্ষা নহয় । আমাৰ শিক্ষা ব্যৱস্থাত শিকোৱা কথাৰ লগত বাস্তৱত বিশেষ সম্পর্ক দেখা নাযায় । ছাত্রই বিদ্যায়তনিক দিশত আগবাঢ়ি প্রতিযোগিতাত প্ৰথম বা দ্বিতীয় হ’ব পাৰিছে নে নই , সেই কথাতহে বৰ্তমানৰ শিক্ষাই বেছি প্রাধান্য দিয়ে । উদাহৰণস্বৰূপে , ছাত্ৰসকলে পাঠ্যক্ৰমত ‘ দুখীয়াক মৰম কৰিবা ’ এই বাক্যশাৰী পঢ়িব । কিন্তু শিক্ষকে ইয়াৰ বাক্য , শব্দ গঠন শিকোৱাৰ ওপৰতহে গুৰুত্ব দিব । 

ছাত্ৰসকলে সমাজক দুখীয়াক তিৰস্কাৰ কৰিছে নে মৰম কৰিছে তাক চাবলৈ শিক্ষক , অভিভাৱক কোনোৱে প্ৰয়োজনবোধ নকৰে । বিদ্যালয়ত দিনটোৰ পৰিশ্ৰমৰ অন্তত শ্ৰেণীৰ শেষৰফালে দিয়া হয় ব্যায়াম শিক্ষা । শ্ৰেণীৰ আটাইবোৰ ছাত্ৰক শিক্ষা , খেল – ধেমালি আদিত আগবঢ়াই নিয়াৰ ওপৰত গুৰুত্ব নিদি প্রতিভাবান সকলকহে বেছি গুৰুত্ব দিয়া হয় । যাৰ ফলত পিছপৰা সকল পিছ পৰিয়ে ৰয় । বৰ্তমানৰ শিক্ষাই ছাত্ৰক বিদ্যালয়ৰ ভিতৰত থাকি আগবাঢ়ি যোৱাত উৎসাহ যোগাইছে যদিও বিদ্যালয়ৰ বাহিৰত ঘৰৰ বা সমাজৰ কামত ছাত্ৰ আগবঢ়োৱাত উৎসাহ যোগোৱা নাই । এইবোৰেই হৈছে বৰ্তমানৰ শিক্ষা ব্যৱস্থাৰ ঘাই দোষ । সেইবাবে বৰ্তমানৰ শিক্ষা ব্যৱস্থাক আঁসোৱাহযুক্ত বুলি কোৱা হয় ৷ 

( খ ) “ ইন্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে ।”— কথাষাৰৰ বক্তা কোন ? ইণ্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠবোৰ আধাৰত বুজাই লিখা । 

উত্তৰঃ ইন্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধা আছে ।’— কথাষাৰৰ বক্তা শ্বাৱানা বাইদেউ । ইন্টাৰনেটৰ পৰা পোৱা সুবিধা বহুত।আমি যিকোনো এটা বিষয়ৰ ওপৰত জানিবলৈ হ’লে ইন্টাৰনেটৰ সহায় ল’ব পাৰো । কম্পিউটাৰত জানিব বিচৰা বিষয়টোৰ নাম টাইপ কৰাৰ লগে লগে নিমিষতে কম্পিউটাৰ স্ক্ৰীনত সেই বিষয়টোৰ বিৱৰণ ওলাই আহিব । এনেদৰে ঘৰতে বহি দেশ – বিদেশৰ বিভিন্ন বা – বাতৰি পোৱাৰ লগতে কম্পিউটাৰ স্ক্রীনতে দেশ – বিদেশৰ বিভিন্ন ঠাই দর্শন কৰিব পাৰো । 

ইয়াৰ উপৰিও ই – মেইলৰ জৰিয়তে দেশ – বিদেশৰ বন্ধু – বান্ধৱীৰ লগত কথা পাতিব পাৰোঁ ৷ ভিডিঅ ’ কলিঙৰ জৰিয়তে দূৰ – দূৰণিৰ বন্ধু – বান্ধৱীৰ লগত ইজনে সিজনক চাই কথা পাতিব পাৰোঁ । বিজ্ঞানৰ বিভিন্ন পৰীক্ষা – নিৰীক্ষাৰ বিষয়ে শিকি ল’ব পাৰো ৷ কোনো ঠাইলৈ যাবৰ বাবে ঘৰত বহিয়েই আকাশীযান ৰে’ল বা বাছৰ টিকট কৰিব পাৰো । আনকি আন ঠাইত থকা – খোৱা সুবিধাৰ বাবে ঘৰত বহিয়েই হোটেল ঠিক কৰিব পাৰো । ই – বেংকিঙৰ সহায়ত আন ঠাইলৈ মুহূৰ্তৰ ভিতৰতে টকা পঠাব পাৰো । আমি বজাৰলৈ নোযোৱাকৈ ঘৰত বহিয়েই প্রয়োজনীয় সামগ্ৰীবোৰ ক্ৰয় কৰিব পাৰোঁ ৷ গতিকে আমাৰ কষ্ট আৰু সময় লাঘৱ হয় । 

কৰা ইমানবোৰ সুবিধা থকাৰ পিছতো কিন্তু ইন্টাৰনেটৰ অসুবিধা নথকা নহয় । বহুতো ল’ৰা – ছোৱালীয়ে ইন্টাৰনেটৰ গেমৰ প্ৰতি এনেদৰে আকৰ্ষিত হৈ পৰিছে যে পঢ়া – শুনাৰ প্রতি মনোযোগ অতি কমি আহিছে । ইন্টাৰনেটে মানুহক ওচৰ চুবুৰীয়া আপোনজনৰ পৰা আঁতৰাই আনিছে ৷ ইন্টাৰনেটত অনবৰতে ব্যস্ত থকা ল’ৰা – ছোৱালীৰ কর্মোদ্যম কমি অহাৰ লগতে এলাহ বৃদ্ধি পায় । এইবোৰৰ উপৰি ফেচবুক , ৱাটচএপ আদি ছ’চিয়েল মিডিয়াৰ জগতখনত নতুন প্রজন্ম সোমাই পৰিছে ৷ ফলত তেওঁলোকে কিতাপৰ জগতখনৰ পৰা আঁতৰি অহাই নহয় , খেলা ধূলাৰ ফালেও সম্পূর্ণ পিঠি দিছে । মোবাইলত থকা ৱাটচএপ , টুইটাৰ , ইউ – টিউব , ফেচবুক আদিৰ দ্বাৰা বহুতো মিছা বাতৰিও প্ৰচাৰ হয় । এজনে আনজনলৈ প্ৰেৰণ ভুৱা বাতৰিয়ে সমাজত ভয়ানক সমস্যাৰ সৃষ্টি কৰে । 

গতিকে দেখা যায় ইন্টাৰনেটৰ মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে । 

( গ ) অৰুণিমা সিনহাৰ এভাৰেষ্ট অভিযানৰ বৰ্ণনা দিয়া ৷ 

উত্তৰঃ মাউন্ট চামছেৰ কাংৰিৰ শিখৰত উপস্থিত হ’ব নোৱাৰাৰ বেদনাই অৰুণিমাৰ মনোবল কমাই পেলাব নোৱাৰিলে । বৰং তেনে অৱস্থাৰে ২১,১০৮ ফুট ওপৰলৈ যাব পৰা কথাষাৰে মাউন্ট এভাৰেষ্টলৈ যাৱ পাৰটো যে সম্ভৱপৰ সেইটো অধিক দৃঢ়তাৰে সাব্যস্ত কৰিলে । এইবাৰ অৰুণিমা মাউন্ট এভাৰেষ্ট বগাবলৈ সাজু হ’ল । পর্বতাৰোহণৰ যাৱতীয় সা – সৰঞ্জামৰ লগতে অৰুণিমাই দুটাকৈ কেমেৰাও লগত ল’লে৷তেওঁৰ অভিপ্রায় হ’ল মাউন্ট এভাৰেষ্টৰ শৃংগত থিয় হৈ ফটো তোলাৰ , ভিডিঅ’ৰ জৰিয়তে বিশ্ববাসীক নিজৰ বিৰল অভিজ্ঞতাৰ বিষয়ে জনোৱা ।

চাৰি নং কেম্প পাঁওতে অৰুণিমাৰ দুয়োখন ভৰিৰ পৰা তেজ নিগৰি ভয়ঙ্কৰ অৱস্থা হৈছিল । লগত যোৱা শ্বেৰপাজনে অৰুণিমাক বাৰে বাৰে কৈছিল যে টিকোনো মুহূর্তত অক্সিজেন শেষ হৈ যাব । তেতিয়া আৰু মৃত্যুক সাৱটি লোৱাৰ বাহিৰে আন কোনো উপায় নাথাকিব । 

অদম্য সাহস আৰু উৎসাহেৰে তেওঁ আগবাঢ়ি গৈ আছিল । তেজ নিগৰি থকা আঁঠু দুটাৰপৰা কমালেৰে তেজ মছি মছি আগুৱাই গৈ থাকোঁতে বাটত তেওঁ বহুতো অভিযাত্ৰীৰ মৃতদেহ দেখা পাইছিল । কিন্তু একোৱে তেওঁক নিৰস্ত্ৰ কৰিব পৰা নাছিল । প্রচণ্ড পৰিশ্ৰম , অদম্য মনোবল আৰু কষ্টসহিষ্ণুতাৰ ফল অৱশেষত ফলিল । কাঠমাণ্ডুৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ বাৱন দিনৰ অন্তত নিশা প্রায় আঠ বজাৰ অৰুণিমা সিন্‌হাই ৮,৮৪৮ মিটাৰ উচ্চতাত অৱস্থিত মাউন্ট এভাৰেষ্টৰ শৃঙ্গত ২০১৩ চনৰ ২১ মে ’ তাৰিখে পদাপর্ণ কৰিবলৈ সক্ষম হ’ল । অৰুণিমাৰ এই দুঃসাহসিক পর্বতাৰোহণৰ আন এটা তথ্য উল্লেখ কৰিব লাগিব যে , অৰুণিমা সিনহাই হ’ল বিশ্বৰ প্ৰথমগৰাকী বিকলাংগ মহিলা যিয়ে মাউন্ট এভাৰেষ্টৰ শৃঙ্গ আৰোহণ কৰে । 

৩। তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা ।

( ক ) “ কামত ল’ৰা – ছোৱালী বুলি ভাগ নাই । যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকৈ কৰা ।’— এই কথাষাৰৰ বক্তা কোন ? তেওঁ কিয় এই কথাষাৰ ক’বলগীয়া হৈছিল আঁতিগুৰি মাৰি লিখা। 

উত্তৰঃ এই কথাষাৰৰ বক্তা পলহঁতৰ গণিতৰ শিক্ষক ৰঞ্জিত হাজৰিকা । 

পলহঁতৰ পঢ়া বিদ্যালয়খনৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কাজিৰঙা অভয়াৰণ্যলৈ নিয়া হৈছিল । দুখন বাছত বেছ হুলস্থুল আৰু নাচ – গান কৰি শিক্ষাৰ্থীসকল আগবাঢ়িল কাজিৰঙা অভিমুখে । বাছৰ ভিতৰতে শিক্ষকসকলে ছাত্ৰ – ছাত্ৰীৰ মাজৰপৰা নেতা – নেত্রী পাতি দিলে । পাহি আৰু বিদিশাক দায়িত্ব দিয়া হ’ল বাছত থকা ছাত্ৰ – ছাত্ৰীৰ সংখ্যা গণনা কৰিবলৈ আৰু অসুবিধানসমূহ চকু দিবলৈ । নৱম শ্ৰেণীৰ সৌৰভ আৰু আফতাবক দায়িত্ব দিয়া হ’ল খাদ্যবস্তুৰ পেকেট আৰু পানীৰ বটল সকলোৰে মাজৰ সমভাৱে বিতৰণ কৰিবলৈ । সৌৰভে কামটো টান পাইক’লে যে পাহি আৰু বিদিশাই খাদ্য বিলাওক , সি আৰু আফতাবে সিহঁতক দিয়া কামটো কৰিব । সি যুক্তি দি ক’লে সিহঁত যিহেতু ল’ৰা , লগৰীয়াবোৰে উৎপাত কৰিলে শাসনো কৰিব পাৰিব আৰু অসুবিধাবোৰো চাব পাৰিব । 

সৌৰভৰ কথা শুনি গণিতৰ শিক্ষক ৰঞ্জিত হাজৰিকা মহাশয়ৰ খং উঠিল আৰু তেখেতে উক্ত কথাষাৰেৰে সৌৰভ আৰু আফতাবক বুজাব বিচাৰিলে যে ল’ৰা – ছোৱালী সকলো সমান । ছোৱালীয়ে কৰিব পৰা কাম ল’বাইও কৰিব পাৰিব লাগিব । 

( খ ) আমাৰ দেশৰ অধিকাংশ লোক আজিও কেনে অৱস্থাত আছে , পাঠটোৰ আধাৰত বুজাই লিখা । 

উত্তৰঃ আজিৰ স্বাধীন আৰু উন্নত দেশবোৰ তিনি – চাৰিশ বছৰ আগেয়ে যি অৱস্থাত আছিল , তেনেদৰে আমাৰ দেশৰ অধিকাংশ লোক আজিও এই অৱস্থাতে বাস কৰিছে । এই কুৰি শতিকাৰ মাজ ভাগতো আমাৰ দেশত অজ্ঞানতা – কু – সংস্কাৰে নির্বিবাদে ৰাজত্ব কৰিছে । আজি গাঁও অজ্ঞানতা আৰু কু – সংস্কাৰৰ লীলাভূমি । আমাৰ গাঁওবোৰত মাথোন আমাৰ পুৰণি সভ্যতা , শিক্ষা আৰু সাধনাৰ অলপ অৱশেষ দেখিবলৈ পোৱা যায় , কিন্তু অনেক দিনৰ অজ্ঞানতাই সেই সভ্যতাক অসভ্যতা , সেই শিক্ষাক অশিক্ষা আৰু সেই সাধনাক কপটতাত পৰিণত কৰিছে । আনহাতে বিলাতৰ বিশ্ববিদ্যালয় আদিত ছাত্রই সহপাঠী দুখীয়া ছাত্রক সহায় কৰাৰ ব্যৱস্থা কৰে , দেশৰ কোনো নতুন আন্দোলন হ’লে তাত পার্যমানে নেতাসকলৰ লগত হাত উজান দিয়ে । আমাৰ দেশত ছাত্ৰৰ এনে সহযোগিতা আৰু দেশহিতৈষিতা শিক্ষা কৰিবৰ সুবিধা নাই । 

৪। তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা । 

( ক ) অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া । 

উত্তৰঃ ভাৰতীয় চিত্ৰকলাৰ সৰ্বশ্ৰেষ্ঠ পৰিপূৰ্ণ ৰূপ অজন্তা গুহাৰ শিল্পকলাত দেখা যায় ৷ পশ্চিমঘাট পর্বতমালাৰ ইন্দ্ৰিয়াদি নামৰ অশ্বখুৰাকৃতিৰ পাহাৰৰ গাত অজন্তা গুহা অৱস্থিত । ইয়াৰ শিল্প কলা অনন্তকালৰ বাবে সঞ্জীৱিত হৈ আছে । ইয়াৰ জৰিয়তে ভালেমান গতি – প্ৰগতিৰ সমন্বয় উজ্জ্বল হৈ আছে । ইয়াৰ ছবিবোৰত দুটা ভাৱবস্তু প্ৰকাশ পাইছে । এটা হৈছে সন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন ৷ দুয়োবিধ ভাৱবস্তু ছবি একেলগে গুহাত অংকিত হৈছে । সমূহীয়া জীৱন প্রকাশক ছবিবোৰত ফুটি উঠিছে শক্তি , খ্যাতি , প্রেম আৰু যৌৱন । সন্যাস জীৱনৰ ছবিবোৰত আছে দয়া ধ্যান আৰু মৌনতা । ভাৱবস্তুৰ পৰা পৃথক যদিও দুটোবিধ ছবিয়ে একেলগে অংকিত হৈছে । জীৱনৰ অ- সামঞ্জস্যক একেলগে গ্রহণ কৰিব পৰা শক্তিৰ সম্ভেদ এই শিল্পকলাত আছে। প্রাক্ মুছলিম যুগৰ জীৱন প্ৰাচুৰ্যৰ কথাও এই শিল্পকলাত দেখা যায় । পুৰুষ , মহিলা , শিশু বিবিধ ভংগিমাত সকলোবোৰ একে ঠাইতে অংকিত হৈছে । জীৱনৰ প্ৰাচুৰ্যই যেন শিল্পীক মতলীয়া কৰিছে ৷ ছবিবোৰৰ ভাৱবস্তুৰ অ – সামঞ্জস্যৰ মাজতো বাস্তৱৰ অখণ্ডতাৰ কথা বিস্তৃত হোৱা হোৱা নাই । শিল্পীৰ শিল্পজগত আৰু বাস্তৱ জীৱনৰ মাজত এক সুন্দৰ সমন্বয় ইয়াত স্থাপিত হৈছে । 

( খ ) কোনজন ইৰাণ শাসকে কেনেদৰে ভাৰতবৰ্ষত বিভীষিকাৰ সৃষ্টি কৰিছিল ? 

উত্তৰঃ নাদিৰ শ্বাহ নামৰ শাসকজনে ভাৰতত বিভীষিকাৰ সৃষ্টি কৰিছিল । তেওঁ ১৭৩৭ চনৰ পৰা ১৭৪৭ লৈ ইৰাণত শাসন কার্য চলায়। তেওঁ সেই সময়ৰ ভাৰতৰ মোগল সম্রাট মহম্মদ শ্বাহক পৰাস্ত কৰি (১৭৩৯ ) এটা বিকাশ ৰাজভঁৰাল লুট কৰে । তেওঁ বহুতো ভাৰতীয় নাগৰিকক হত্যা কৰি কহিনুৰ হীৰা , মুকুটা , আদিৰ উপৰিও হাতী , ঘোঁৰা , উট লৈ গৈছিল । ভাৰতবৰ্ষৰ পৰা ইমানবোৰ সা – সম্পত্তি লুট কৰি নিছিল যে পৰৱৰ্তী তিনিবছৰ তেওঁ দেশবাসীৰ পৰা কোনো কৰ সংগ্ৰহ কৰা নাছিল । 

৫। তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা— 

( ক ) ‘ শিক্ষা ’ বুলিলে কি বুজা ? 

উত্তৰঃ শিক্ষাৰ পৰিসৰ অতি বহল । কেৱল লিখা – পঢ়া কৰাকে শিক্ষা নুবুজায় । মানুহৰ জীৱনৰ লক্ষ্য কি , কি কি কাম কৰিলে মানৱ জীৱন সার্থক হয় , সাংসাৰিক জীৱনত কৃতকাৰ্য হোৱাৰ উপায় আদি বিষয়ৰ জ্ঞানকে শিক্ষা বুলি বুজা যায় । 

( খ ) ফ্রম্ ভল্গা টু গংগাৰ বিষয়বস্তু কি ? 

উত্তৰঃ পণ্ডিত ৰাহুল সংস্কৃতায়নৰ ফ্রম্ ভল্গা টু গংগাত একালত ভাৰতীয় বিশাল ভূ খণ্ডইন ন মানৱ পুঞ্জক আহ্বান জনাইছিল , এছিয়াৰ চৌদিশৰ পৰা অহা লোকেৰে দেশ প্লাৱিত হৈছিল আৰু প্রত্যেকেই ব্যক্তিগত প্রতিভা অনুসৰি সংস্কৃতি ৰচনাত অৰিহনা যোগাইছিল সেই বিষয়ে উল্লেখ আছে । 

( গ ) অসমীয়া থলুৱা ভাষা কেনেকৈ কটকটীয়া হ’ল ? 

উত্তৰঃ ত্রয়োদশ শতিকাৰ পিছত নানা কাৰণত নানা ঠাইৰ পৰা মানুহ অসমত বসবাস কৰিবলৈ লয় । এই মানুহবোৰৰ সকলোৰে একো একোটা নিজ ভাষা আছিল । কিন্তু অসমলৈ আহি সকলোৱে অসমীয়া ভাষাক মাতৃভাষাক মাতৃভাষাৰূপে গ্রহণ কৰিলে । তেতিয়া সেই ভাষাবোৰৰ কিছুমান শব্দ অসমীয়া ভাষাত সোমাই পৰি অসমীয়া ভাষাটোক কটকটীয়া কৰিলে । 

( ঘ ) সুৰ বস্তুৰ ওপৰত লোকসংগীতৰ প্ৰভাৱ বুলিলে কি বুজা ? 

উত্তৰঃ ভাৰতীয় উচ্চাংগ সংগীত গাম্ভীর্যপূর্ণ আৰু বিচিত্র । কিন্তু উত্তৰ ভাৰতৰ সংগীতে এটা নতুন বস্তু আমাৰ চকুত পেলায় । গাম্ভীৰ্যৰ লগতে ঠায়ে ঠায়ে এই সংগীতত এক উৰণীয়া ভাবৰ সংযোগ দেখা যায় । ইয়াকেই সুৰ বস্তুৰ ওপৰত লোকসংগীতৰ প্রভাৱ বোলে ৷ 

৬। তলৰ যিকোনো তিনিটা প্ৰশ্নৰ উত্তৰ লিখা – 

( ক ) পশ্চিমৰ শিক্ষা আৰু সভ্যতাৰ লগত কি ভাবৰ ঢৌ আহিছে বুলি কোৱা হৈছে । 

উত্তৰঃ পশ্চিমৰ শিক্ষা আৰু সভ্যতাৰ লগত এটি পবিত্র সাম্যভাবৰ ঢৌ আহিছে বুলি কোৱা হৈছে । 

( খ ) ড° প্রণয়ী দত্তই কি বিষয়ত ডক্টৰেট ডিগ্রী লাভ কৰিছিল ? 

উত্তৰঃ ‘ মহাজাগতিক ৰশ্মিৰ ৰেডিঅ ’ বিকিৰণ ’ বিষয়ত । 

( গ ) অৰুণিমা সিন্‌হাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল ? 

উত্তৰঃ ভলীবল খেলত । 

( ঘ ) পল আৰু পাহি কোন শ্রেণীত পঢ়ে ? 

উত্তৰঃ পল নৱম শ্ৰেণীত আৰু পাহি অষ্টম শ্রেণীত পঢ়ে । 

( ঙ ) খেজুৰৰ পৰা তৈয়াৰ কৰা পৰঠাৰ নাম কি ? 

উত্তৰঃ নুন কুমাই । 

৭। তলৰ যিকোনো এছোৱা প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা । 

( ক ) “ ভাৰত বুৰঞ্জীত কেনেকৈ স্থানীয় আৰু বহিৰাগতৰ মাজত এটা সাংস্কৃতিক সমন্বয় গঢ়ি উঠিছিল তাৰ প্ৰমাণো অলেখ আছে । ” 

উত্তৰঃ ওপৰৰ কথাষাৰ আমাৰ পাঠ্যপুথিত অন্তৰ্ভূক্ত হেম বৰুৱাৰদ্বাৰা ৰচিত “ ভাৰতীয় সংস্কৃতি ” নামৰ পবন্ধটিৰ পৰা তুলি অনা হৈছে । 

ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ সংস্কৃতি । অতি প্রাচীন কালৰে পৰাই পবাহমান হৈ থকা বিভিন্ন জাতি – উপজাতিৰ সংমিশ্ৰণত গঢ়ি উঠা এই সংস্কৃতি । বুৰঞ্জীত আছে আৰ্যসকল ভাৰতবৰ্ষলৈ অহাৰ আগতে ইয়াত অনাৰ্যসকলে বাস কৰিছিল। আৰ্যসকলে লগত লৈ অহা সংস্কৃতিতকৈয়ো অনাৰ্যসকলৰ এক চহকী সংস্কৃতি আছিল । মহেঞ্জাদাৰো আৰু হপ্পাত পোৱা প্রাচীন স্মৃতি – চিহ্নই ইয়াৰ পৰিচয় দিয়ে । আৰ্যসকলে অনাৰ্য সংস্কৃতি গ্ৰহণ কৰি নিজকে আৰু বেছি চহকী কৰে আৰু আর্য – অনার্যৰ মাজত থকা ভেদ – ভাব বহু পৰিমাণে আঁতৰাই মিলনৰ সেঁতু সাজে । আর্য সংস্কৃতিৰ পূজা – পদ্ধতিত অনার্য অৰ্থাৎ থলুৱা সংস্কৃতিৰ প্ৰভাৱ স্পষ্ট । আদিতে আৰ্যসকলৰ দেৱী পূজা নাছিল । শিৱক অনাৰ্যৰ দেৱতা বুলি কোৱা হয় ৷ মহেঞ্জাদাৰোত মাটি খান্দি পোৱা প্রাচীন সভ্যতাৰ ভগ্নাৱশেষত ধ্যানৰত শিৱৰ প্ৰতিমূৰ্তি পোৱা গৈছে । ইয়ে প্রমাণ কৰে শিৱ আৰ্যপূৰ্ব দেৱতা । মৃতকক খাদ্য দ্রব্য দিয়াটোও থলুৱা সংস্কৃতিৰ পৰাই ভাৰতীয় সংস্কৃতিত সোমাইছে । এই বিষয়ে ড° সৰ্বপল্লী ৰাধাকৃষ্ণণে কৈছিল যে ‘ কালীয় দমন ’ ঘটনাটো আৰ্যই অনার্যক সংস্কাৰ কৰাৰ প্রতীক । আর্যসকলে অনার্য সংস্কৃতি চালি – জাৰি সু – সংস্কৃতিবোৰ নিজৰ সামৰি লৈ এক বিশাল ভাৰতীয় সংস্কৃতি গঢ়ি তোলে। 

( খ ) সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায় । 

উত্তৰঃ প্রশ্নোদ্বৃত কথাফাকি আমাৰ পাঠ্যপুথিত অন্তৰ্গত হেম বৰুৱা বিৰচিত ‘ ভাৰতীয় সংস্কৃতি ’ পাঠটোৰ পৰা বুটলি অনা হৈছে । 

কলাশিল্পৰ প্ৰকাৰ আৰু কলাশিল্পই যে ভাৰতীয় সংস্কৃতিৰ এক বিৰাট অংশ আগুৰি আছে তাকে ক’বলৈ গৈ উক্ত কথাষাৰৰ অৱতাৰণা কৰিছে। 

সকলো বস্তু সৃষ্টিৰ একোটা আর্ট বা কলা থাকে । নিখুঁত বস্তুৰ সৃষ্টি হলে কলা নিখুঁত হয় আৰু অসামঞ্জস্যতাই খামখেয়ালি কলাৰ সৃষ্টি কৰে । সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰে । এটাৰ উদ্দেশ্য আৰু কার্য জাকজমকতাৰ সৃষ্টি আৰু আনটোৰ উদ্দেশ্য সংযম আৰু আড়ম্বৰহীনতা । এটাই বাহ্যিক আড়ম্বৰৰ জৰিয়তে প্রকাশ বিচাৰে আৰু আনটোৱে আমাৰ অন্তৰাত্মাক স্পৰ্শ কৰি অভিভূত কৰে । প্ৰথমটোৱে বিৰাট পটভূমিৰ অৱতাৰণা কৰে আৰু দ্বিতীয়টোৱে নকৰে । এক কথাত ক’বলৈ গ’লে প্ৰথমটোৰ বৰ্হিজাগতিক বিস্তৃতি আছে , দ্বিতীয়টোৰ নাই । কিন্তু দুয়োটাৰ সংমিশ্ৰণৰ ফলতহে সমাজৰ প্রতিবিম্ব প্রতিফলিত হয় । 

৮। তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা— 

( ক ) বৰগীতটিৰ মূলভাৱ লিখা ৷ 

উত্তৰঃ মাধৱদেৱ বিৰচিত ‘ হৰি হেৰোৰে বাপ পশিলো শৰণে ‘ শীর্ষক প্রার্থনামূলক বৰগীতটো দাস্য ভক্তিৰ উৎকৃষ্ট নিদর্শন । বৈষ্ণৱ ধৰ্মৰ ইষ্ট দেৱতা বিষ্ণুৰ অংশ স্বৰূপ শ্ৰীকৃষ্ণৰ ওচৰত শৰণ লৈ সংসাৰৰ পৰা মুক্তি পোৱাৰ কথা এই বৰগীতটোত প্ৰকাশ পাইছে ।

ভগৱানৰ ওচৰত শৰণ লোৱা কবিয়ে তেওঁক জীৱনে মৰণে নেৰিবলৈ ভগৱানক কাকৃতি কৰিছে। যোগসন্ধি পুৰুষসকলে যাক ধ্যান কৰে , সমস্ত বেদে যাক বিচাৰি নাপায় , সহস্ৰ মুখ অনন্তই যাৰ গুণ গাই শেষ কৰিব নোৱাৰে , সেইজনা পৰম পুৰুষৰ মহিমা কবিৰ দৰে অধমে জানিবলৈ অপৰাগ । বিষয় – বাসনাত মত্ত কবিয়ে ইয়াৰ পৰা পৰিত্ৰাণ বিচাৰি ভগৱানৰ চৰণত শৰণ লৈছে । ভকতৰ ত্ৰাণকৰ্তা ভগৱান । সেয়ে কবিয়ে ভগৱানৰ ওচৰত কাতৰভাৱে তেওঁক সংসাৰৰ মায়া মোহৰপৰা পৰিত্ৰাণ কৰিবলৈ প্ৰাৰ্থনা কৰিছে।

ভগৱানৰ দাসৰূপে নিজকে প্রতিপন্ন কৰা এই বৰগীতটোত কবিয়ে তেওঁক সংসাৰৰ যন্ত্ৰণাৰ পৰা মুক্তি দিবলৈ ভগৱানক খাটিছে । নিজকে ভগৱানৰ চৰণত সমৰ্পণ কৰি এই সংসাৰৰ মায়াৰ বন্ধনৰ পৰা মুক্তি হ’বলৈ এইদৰে প্ৰাৰ্থনা কৰাৰ মাজেৰে কবিৰ ভক্তিধৰ্মৰ প্ৰতি পৰাকাষ্ঠা প্রকাশ পাইছে । 

( খ ) কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিৱৰি লিখা । 

উত্তৰঃ প্ৰকৃতিৰ ৰূপ আৰাধনাৰ আঁৰত কবি ৰঘুনাথ চৌধাৰীৰ ‘ প্রশস্তি ’ কবিতাটোত ঈশ্বৰ ভক্তিৰ স্বৰূপ সোমাই আছে । প্রকৃতিৰ সন্মোহিনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখা জনৰ অস্তিত্ব দেখিবলৈ পাইছে । কালৰাত্ৰিৰ অস্তত যিদৰে পূৱাৰ সূৰুযে পোহৰৰ সম্ভাৰ কঢ়িয়াই আনি সর্বত্রতে বিলাই দিয়ে , জল – স্থল আনকি অন্তৰীক্ষও জিলিকি উঠে । সেইদৰে গছ – বন , ফুল – ফলেও যেন আনন্দত আত্মহাৰা হৈ পৰিছে , চৰাই – চিৰিকটি আদিয়েও সকলোতে দেৱতাৰ সন্ধান কৰিছে । 

( গ ) ‘ জিকিৰ ’ কবিতাটোৰ কবি আজান ফকিৰৰ চমু পৰিচয় দিয়া । 

উত্তৰঃ এইজনা ইছলামধর্মী সাধকৰ প্রকৃত নাম ছৈয়দ মইনুদ্দিন । মইনুদ্দিনৰ অন্য নাম আছিল ছৈয়দ মীলান বা মীৰান ছাহ । ছাহ মীৰানৰ জন্ম খ্ৰীষ্টিয় সপ্তম শতিকাৰ প্রথম ভাগ অর্থাৎ ১৬১০ চন বুলি অনুমান কৰা হৈছে । আজান ফকিৰ দ্বাৰা ৰচিত জিকিৰ আৰু জাৰীবোৰ অসমীয়া সাহিত্যৰ কালজয়ী সম্পদ । আজান ফকিৰে ৰচনা কৰা কিছুমান গীতৰ পৰা ধাৰণা হয় যে তেওঁ তেতিয়াৰ বৈষ্ণৱ কাব্য আৰু ধৰ্মতত্ত্বৰো কিছু অধ্যয়ন কৰিছিল । তেওঁ ৰচনা কৰা গীতবোৰ সহজ অসমীয়া ভাষাত , অসমীয়া জতুৱা ঠাঁচ , উপমা আদি ব্যৱহাৰ কৰি সাধাৰণ নিৰক্ষৰ লোকেও সুৰ ধৰি গাব পৰাকৈ কৰিছিল । তাৰ বাবেই এই জিকিৰ গীতবোৰ সকলোৰে মাজত জনপ্রিয় বনগীত হিচাপে বিয়পি পৰিছিল । 

আজান ফকিৰ এজন পীড় বা ধৰ্মগুৰু আৰু বলী বা সত্যদ্ৰষ্টাৰূপে স্বীকৃতি লাভ কৰিছিল আৰু বহুতেই তেওঁক এজন তত্ত্বজ্ঞানী চুফী সাধক বুলিও মানি লৈছিল । তেওঁ জ্ঞান মাৰ্গতকৈ ভক্তি মাৰ্গত অধিক গুৰুত্ব দিছিল । 

৯। তলৰ যিকোনো তিনিটা প্ৰশ্নৰ উত্তৰ লিখা । 

( ক ) ৰঘুনাথ চৌধাৰী কোন কেইখন কাকতৰ লগত জড়িত আছিল ? 

উত্তৰঃ ৰঘুনাথ চৌধাৰী গুৱাহাটীৰ পৰা প্ৰকাশিত ‘ জোনাকী ’ কাকতৰ সহকাৰী সম্পাদক হিচাপে আৰু ‘ মইনা ’ ‘ জয়ন্তী ’ আৰু ‘ সুৰভি ’ নামৰ আলোচনীৰ সম্পাদক হিচাপে জড়িত আছিল ৷

( খ ) চৈয়দ আব্দুল মালিকৰ ৰচিত উপন্যাস কেইখনমানৰ নাম উল্লেখ কৰা । 

উত্তৰঃ ‘ ৰথৰ চকৰি ঘূৰে ’, ‘ সূৰুযমুখীৰ স্বপ্ন ’,‘পহুমৰা হাবিৰ বাট’, ‘জেতুকা পাতৰ দৰে ’, ‘ৰূপতীৰ্থৰ যাত্ৰী ’, ‘ধন্য নৰ তনু ভাল ’, ‘ অঘৰী আত্মাৰ কাহিনী ’, ‘ ৰূপাবৰিৰ পলস ’ আদি । 

( গ ) হৰেকৃষ্ণ ডেকাই কোন চনত কি বিষয়ত ক’ৰ পৰা স্নাতকোত্তৰ ডিগ্রী লাভ কৰে ? 

উত্তৰঃ হৰেকৃষ্ণ ডেকাই ১৯৬৫ চনত ইংৰাজী বিষয়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্রী লাভ কৰে ৷ 

( ঘ ) ‘ জিকিৰ গীত ’ জনপ্ৰিয় হোৱাৰ মূল কাৰণ কি ? 

উত্তৰঃ এই গীতবোৰ সহজ অসমীয়া ভাষাত ৰচিত হোৱাৰ লগতে জতুৱা ঠাঁচ , উপমা আদিৰ প্ৰয়োগ কৰি অতি সাধাৰণ নিৰক্ষৰ জনেও সুৰ ধৰি গাব পৰাকৈ ৰচিত বাবে এই গীত জনপ্রিয় হৈ পৰিছিল। 

Leave a Reply

Scroll to Top