নিয়মানুবর্তিতা ৰচনা | Punctuality Essay in Assamese

নিয়মানুবর্তিতা ৰচনা | Punctuality Essay in Assamese

Join Telegram channel

সভ্যতাৰ জখলাত মানৱ আগুৱাই যােৱাৰ লগে লগে যি দিনাৰপৰাই ধর্ম, সমাজ সংগঠন আদিৰ সৃষ্টি হৈছে, সেই দিনাৰপৰাই প্রতি ধর্ম, প্রতি সমাজ, প্রতি সংগঠন শৃংখলাৰে, পৰিপাটিকে পৰিচালনাৰ কাৰণে নিৰ্ধাৰিত কিছুমান নিয়মৰ সৃষ্টি হৈছে আৰু সেই নিয়মৰ বশৱৰ্তী হৈয়েই সকলাে অনুষ্ঠান পৰিচালিত হৈ আহিছে। যত নিয়মৰ ধৰা-বন্ধা বন্ধন নাই, তাতেই বিশৃংখলতাৰ অবাধ ৰাজত্ব আৰু তাত কৃতকার্যতাৰ কোনাে স্বীকৃতি নাই। নিয়ম পালন কৰি সময়মতে কার্য সম্পাদন কৰাৰ নামেই নিয়মানুৱৰ্তিতা। এই নিয়মানৱর্তিতাই ব্যক্তিৰ জীৱনলৈ, জনজীৱনলৈ কৃতকার্যতা আৰু সমৃদ্ধি আনে।

নিয়মানুবর্তিতা ৰচনা

প্ৰকৃতিৰ নিয়মানুবর্তিতা

প্ৰকৃতিৰ বুকুৰ প্রতিটি বস্তুৱেই নিয়মৰ বশৱৰ্তী হৈ চলে। সূর্য পূবে উদয় হয়; নিশাৰ আন্ধাৰ দূৰ কৰি জগৎ পােহৰ কৰে; পশ্চিমত মাৰ যায়; নিশাৰ আন্ধাৰ নামি আহিজগৎ তমােময় কৰে। জোনবায়ে দেখা দি স্নিগ্ধ জ্যোতিৰে জগৎ জ্যোৎস্নাময় কৰি তােলে। বিশ্ব ব্রহ্মাণ্ডৰ গ্ৰহ-নক্ষত্রবােৰে প্ৰকৃতিৰ নিয়ম, মহাকর্ষর্ণনীতি অনুসৰণ কৰি সৃষ্টিৰ আদিম পুৱাৰেপৰা সীমাহীন নীলিমাৰ বুকুত বিচৰণ কৰি আছে; বতাহ বলি আছে আবহমান কালৰেপৰাই একেদৰে। নদ-নদী একেতিৰে বৈ আছে নিত্য-নিৰন্তৰ তৰু-লতিকাই বসন্তত পত্রে-পুষ্পে সুশােভিত হৈ বিকশিত কুসুমৰ মৃদুল সৌৰভেৰে চিৰদিন মানুহৰ মনােৰঞ্জন কৰি আহিছে। প্ৰকৃতিৰ কোনাে নিয়মৰে পৰিৱৰ্তন হােৱা নাই বাবেই সৃষ্টি অব্যাহত আছে কোনােবাদিনা কিবা এটা পৰিৱৰ্তন হ’লেই সৃষ্টিৰ বুকুত মহাপ্রলয় ঘটি সৃষ্টি ধ্বংস হৈ যাব। কিন্তু আমি সুসভ্য, বিবেকযুক্ত মানুহেসময়ৰ মূল্য বুজিবলৈকো চেষ্টা কৰাে আৰু নিয়ম ৰক্ষা কৰি চলিবলৈকো ইচ্ছা নকৰাে। নিয়মৰ বশৱৰ্তী হৈনচলাৰ ফলত মানুহে জীৱনত কেতিয়াবা বিৰাট বিপর্যয়ৰ সন্মুখীন হ’বলগা হয়। সেইবাবে ছাত্ৰ-ছাত্ৰীসকলে সৰুৰেপৰাই নিয়মানুবর্তিতাৰ অনুশীলন কৰা উচিত।

ঘৰুৱা পৰিৱেশত নিয়মানুবর্তিতা

নিয়মানুবর্তিতাৰ শিক্ষা শিশুৱে পিতৃ-মাতৃৰ যােগেদি ঘৰতে লাভ কৰিব পাৰে। সময় মতে খােৱা, শােৱা, উঠাৰ নিয়ম পিতৃ-মাতৃৰপৰা শিশুৱে ঘৰতে শিকে। এইবােৰ দৈনন্দিন কাম নিয়ম মতে কৰিলে, স্বাস্থ্য ৰক্ষা কৰাও হয়। সেই ক্ষেত্ৰত ইংৰাজী প্রবচন এফাকি প্রণিধানযােগ্য- “Early to bed and early to rise, makes a man healthy, wealthy and wise.” যি সকল লােকে খােৱা-শােৱাত অনিয়মী, তেনে লােক স্বাভাৱিকতে পেটৰ নানা ৰোগত আক্রান্ত হয়। পলমকে শােৱাপাটীৰপৰা উঠা লােকে কোনােদিনাই কোনাে কামাতে সময় ৰক্ষা কৰিব নোৱাৰে। কথাতে কয়- “শুই থকা শিয়ালে হাঁহ ধৰিব নােৱাৰে।”

গতিকে এই ক্ষেত্ৰত ছাত্র-ছাত্রীৰ খােৱা-শােৱাত যাতে অনিয়ম গঠন নহয় তালৈ পিতৃ-মাতৃয়েও বিশেষভাবে লক্ষ্য কৰা উচিত।

Read Also: দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ ৰচনা | The Impact of Science on Everyday Life Essay in Assamese

অনুশীলনৰ সময়

মানুহৰ জীৱনৰ একো একোটা অধ্যায়, একো একোটা কামৰ বাবে নির্দিষ্ট। শৈশৱ আৰু কৈশােৰ শিক্ষা লাভৰ যৌৱন কাল কৰ্মজীৱন আৰু গাহস্থ্য কর্তব্যত মনােনিৱেশৰ আৰু বৃদ্ধ কাল বিশ্রাম আৰু আধ্যাত্মিক চিন্তা-চৰ্চাৰ সময়। তাৰ বিপৰীতে আমি যদি শিক্ষালাভৰ সময়খিনি অবাবতে ৰং-ধেমালি কৰিহে কটাওঁ; যৌৱনত শিক্ষা লাভ কৰিবলৈহে চেষ্টা কৰো; বাৰ্দ্ধক্যই যেতিয়া কর্মশক্তি ৰহিত কৰিব, তেতিয়া জানাে জীৱনৰ সুখ-শান্তিৰ বাবে কৰ্ম-জীৱন আৰম্ভ কৰাটো সম্ভৱ হ’ব? গতিকে মানৱ জীৱনৰ যি পৰ্যায়ত, যি বিষয় অনুশীলন কৰাৰ প্রয়ােজন, তাক সেই পর্যায়ত অনুশীলন কৰিলে জীৱনত কোনাে দিনাই মানুহে হাবাথুৰি খােৱাৰ প্ৰয়ােজন নহয়,

সৈন্যবাহিনীৰ নিয়মানুৱর্তিত

নিয়মানুবর্তিতা সৈন্যবাহিনীৰ অলংকাৰ। দেশৰ প্ৰতিৰক্ষা সুৰক্ষিত কৰা, দেশৰ বিপৰ্যয়ৰ সময়ত জনতাৰ শাৰীত সমানে থিয় হােৱা, জনতাৰ কল্যাণত ব্ৰতী হােৱা তেওঁলােকৰ কর্তব্য। দেশ বহিঃশত্ৰুৰ দ্বাৰা আক্রান্ত হলে জীৱনৰ সৰ্বস্ব ত্যাগ কৰিও দেশ ৰক্ষা কৰা, প্রয়ােজন হলে দেশৰ বাবে আত্মােৎসর্গৰ বাবেও প্রতি মুহূর্ততে সাজু থকা, “কাৰ্যৰ সাধন কিম্বা শৰীৰ পতন” -এয়ে সৈন্য বিভাগৰ মূলনীতি। বিনা বাক্য ব্যয়ে, বিনা প্রতিবাদে আদেশ পালন কৰাটো তেওঁলােকৰ স্বীকৃত নীতি। তাকে নকৰি সৈন্যবাহিনীয়ে যদি প্রাত খােজতে আদেশৰ যুক্তি-যুক্ততাৰ বিচাৰ কৰিবলৈ যায়, সময়ৰ দায়িত্ব সময় মতেই পালন নকৰি বিভাগীয় নীতি উলংঘা কৰে, তেনেহ’লে নিশ্চয় দেশৰ প্ৰতিৰক্ষা বিপন্ন হ’ব; দেশত কোনাে লােকৰে নিৰাপত্তা নাথাকিব।

শাসকসকলৰ নিয়মানুবর্তিতা

সেইদৰে দেশৰ শাসকসকলে যদি পদে পদে চৰকাৰী ঘােষিত নীতি উলংঘা কৰে, কর্মচাৰীসকলে যদি নীতি মতে কাম কৰােতে হেমাহি কৰে, সময় মতে কামবােৰ কৰি নাযায় বিভাগীয় বিষয়াৰ আদেশ আদি পালন নকৰে, তেনেহ’লে দেশৰ শৃংখলা কেতিয়াও ৰ’ব নােৱাৰে, তেনে দেশ বিপন্ন নহৈ নােৱাৰে।

গতিকে শাসকসকলে, বিষয়াসকলে, কৰ্মচাৰীসকলে নীতি মানি চলিব লাগিব। তেতিয়াহে দেশে সুস্থিৰভাৱে আঁচনিসমূহ ৰূপায়ণত মনােনিৱেশ কৰি দেশৰ কল্যাণ সাধন কৰিব পাৰিব।

নিয়মানুবর্তিতা আৰু সময়ানুবর্তিতা

নিয়মানুবর্তিতাৰ লগত সময়ানুৱর্তিতা ওতপ্রােতভাৱে জড়িত। নিয়ম মানি চলা মানেই সময়ৰ লগত খােজ মিলাই আগবাঢ়ি যােৱা। ছাত্র-ছাত্রীসকলে নিয়ম মতে অধ্যয়নত ৰত হােৱা মানেই পঢ়িবলগীয়া বিষয়বােৰ সময় মতে পঢ়াটোকে বুজায়। ছাত্র-ছাত্ৰীয়ে যদি পৰীক্ষাত সময় মতে উপস্থিত হ’ব নােৱাৰে, তেনেহলে সকলাে প্রশ্নৰে উত্তৰ কৰি শেষ কৰাটোও সম্ভৱ নহয় আৰু সুখ্যাতিৰে কৃতকার্যতা লাভ কৰাটোও অসম্ভব। তাৰ অৰ্থ এয়ে যে পৰীক্ষাৰ নীতি উলংঘা কৰা মানেই কৃতকার্যতাৰ অন্তৰায়।

সমগ্র ইউৰােপ বিজয়ী নেপােলিয়নৰ সৈন্যবাহিনীয়ে ট্রাফালগাৰ যুদ্ধত পাঁচ মিনিট পলমকৈ যুদ্ধক্ষেত্ৰত অৱতীৰ্ণ হােৱাৰ কাৰণেই ইংলিছ চেনেল জয় কৰিব নােৱাৰি ইংলেণ্ড বিজয়ত বিফল হৈছিল। অকল সেয়ে নহয়, নেপােলিয়নে পৰাজয়ৰ গনি শিৰত লৈও পৰিত্ৰাণ পাব নােৱাৰিলে। ইংৰাজ সেনাপতি নেচনৰ হাতত বন্দী হ’বলগা হ’ল। তদুপৰি পিঞ্জৰাবদ্ধ হৈ সুদূৰ চেন্ট হেলেনা দ্বীপত তিল্ তিলকৈ শুকাই মৃত্যুবৰণ কৰিবলগা হৈছিল। নিয়মানুবর্তিতা উলংঘাৰ এনে শােকাবহ পৰিণতিৰ কাহিনী অনেক আছে।

অসমীয়া মানুহৰ মাজত নিয়মানুবর্তিতাৰ অতিশয় অভাৱ। বহু শিক্ষিত মানুহেও সময় মতে সভা-সমিতিত উপস্থিত হ’ব নােৱাৰে; বহুত সময়ত সভা-সমিতিবােৰ নির্দিষ্ট সময়তকৈ পলমকৈ আৰম্ভ হােৱা বাবে কার্যসূচীৰ অনেক বিষয় অকল যে পিছলৈকে থােৱা হয়, এনে নহয়, বহুতাে বিষয় কোনাে দিনেই আলােচনাৰ ভিতৰলৈ নহাকৈয়ে ৰৈ যায়। অনেক সময়ত কোনাে অনুষ্ঠানকে বাতিল কৰি দিবলগা হয়। খেতিয়কে যদি সময় মতে কঠীয়া নাপাৰে, মাটি চাহ নকৰে, সুখেৰে খােৱাৰ আশা কৰিব পাৰে কেনেকৈ? ভাতীত তপতােৱা লােহা ৰঙা হওঁতে নিয়াৰিত কোৰ দিলেহে দা-কটাৰীয়ে গঢ় ল’ব। চেঁচা পৰাত কোব দিলে শৰীৰেহে কষ্ট পাব। তাকে কৰিব নজনাৰ কাৰণে অসমীয়া জাতি ঘৰতে ভিক্ষাৰী হ’বলগা হৈছে আৰু বিদেশীয়ে আমাৰ সন্মুখতে এই অসমৰ বুকুৰপৰাই সােণ বুটলি নি আঢ্যন্ত হৈছে।

Read Also: Class 11 Geography Question Answer

ছাত্র-ছাত্রীসকলৰ বাবে ইয়াৰ আৱশ্যকতা

ছাত্র-ছাত্রীসকলৰ বাবে নিয়মানুবর্তিতাৰ প্ৰয়ােজন আটাইতকৈ বেছি। সােনকালে শুই উঠিব নােৱাৰিলে ঘৰত কৰি নিবলগীয়া কামখিনি সম্পূর্ণকৈ কৰি উঠি সেইদিনাৰ পাঠ্য বিষয়ত মনােনিৱেশ কৰাটো সম্ভৱ নহয়। আন ফালেদি দিনৰ পাঠ দিনে অধ্যয়ন কৰিব নােৱাৰিলে, পাঠৰ সংখ্যা যেতিয়া বাঢ়ি যায়, ফলস্বৰূপে পৰীক্ষা ঘৰত গৈ প্রশ্নকাকত হাতত লৈ চকুৱেদি সৰিয়হ ফুল দেখিব লাগিব। বহুতাে ছাত্র-ছাত্রীয়ে আগৰেপৰা নিয়মীয়া অধ্যয়নত ৰত নহৈ পৰীক্ষাৰ সময়ত টোপনি খতি কৰি, কঠোৰ পৰিশ্ৰম কৰি পঢ়ে। তাৰ ফলত স্বাস্থ্যহানি হয়। এনেভাৱে পৰীক্ষাৰ বাবে সাজু হ’বলৈ যাওঁতে খােৱা-বােৱাতাে অনিয়মিত হােৱা যায়; ফলত স্বাস্থ্যহানি হয়। এনে ছাত্র-ছাত্রীয়ে জীৱনত উগ্নতি লাভ কৰিব নােৱাৰে। ছাত্র-ছাত্রীসকলে এই কথা মনত ৰখা উচিত যে নিয়মানুবর্তিতা উগ্নতি লাভৰ প্ৰথম ঢাপ; আলস্য আৰু দীর্ঘসূত্রিতা তাৰ প্রধান শত্রু।

গতিকে অধ্যয়নত, খােৱা-শােৱা, ফুৰা-চকা আদি সকলাে ক্ষেত্ৰতে ছাত্র-ছাত্রীসকলে নিয়মানুবর্তিতা মানি চলা একান্ত কর্তব্য। নিয়মানুৱৰ্তিতা আহৰণ কৰাটোও শিক্ষাৰে এটা অংগ। বর্তমান জগতত জীৱনৰ প্রতি খােজতে নিয়মানুৱৰ্তিতাৰ প্রয়ােজন। ব্যয়ৰ ক্ষেত্ৰতাে ই প্রযােজ্য। ফুৰা-চকাতাে প্রযােজ্য। মুক্ত আকাশৰ তলত, মুক্ত বায়ুৰ মাজত ফুৰ-চকা কৰিলে স্বাস্থ্য ভাল হয়। সেয়ে নিয়মীয়া হ’ব লাগে; কাৰণ অনাই-বনাই ঘূৰি ফুৰাকে ফুৰা-চকা নুবুজায়।

খেল-ধেমালিতাে নিয়মীয়া হলে স্বাস্থ্য বর্ধন হয়। ইয়াতত নিয়মানুৱর্তিতাৰ একান্ত প্রয়ােজন। নিয়মীয়া ব্যায়ামে মনলৈ আনন্দও আনে, স্বাস্থ্যও আনে। ফুটবল খেলত নিয়মানুৱৰ্তিতাৰ একান্ত প্রয়ােজন। এঘাৰজন খেলুৱৈৰ সকলােটিয়ে পৰস্পৰ বুজা-পৰাৰ মাজত খেলিলে জয়লাভ অনিবার্য। তাকে নকৰি প্রত্যেকেই নিজা নিজাকৈ গ’ল দিবলৈ বিচাৰিলে খেলুৱৈসকলৰ মাজত সংহতিৰ অভাৱ হ’ব; ফলত পৰাজয় নিশ্চিত।

মন্তব্য

নিয়মানুবর্তিতাই মানুহক কর্তব্যপৰায়ণ কৰে। গতিকে ছাত্র জীৱনৰপৰাই নিয়মানুবর্তিতা আহৰণ কৰি ভৱিষ্যত জীৱন শৃংখলাপূর্ণ, পৰিপাটি আৰু সুন্দৰ কৰি গঢ়ি তুলিবলৈ সকলােটিয়ে চেষ্টা কৰা উচিত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top