দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ ৰচনা | The Impact of Science on Everyday Life Essay in Assamese

দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ ৰচনা | The Impact of Science on Everyday Life Essay in Assamese

Join Telegram channel

এই শতাব্দীত বিজ্ঞানে উন্নতিৰ জখলাত এনেভাৱে আবােহণ কৰি গৈ আছে যে মানুহে মাধ্যাকর্ষণৰ সীমা অতিক্ৰম কৰি মহাকর্ষৰ বুকুত পৰি দি গ্রহ-গ্রহান্তৰতাে বিচৰণ কৰিবলৈ প্ৰয়াস কৰিছে। মহাকাশত সাঁতুৰি-নাদুৰি মানুহৰ মনীষাক মানুহেই দেৱত্ব প্রদান কৰিবলৈ সক্ষম হৈছে। আনকি মানুহেই টেষ্ট টিউবৰ বুকুতে প্রাণ স্পন্দন সক্ষম কৰি, জিন সৃষ্টি কৰি স্রষ্টাকে প্রত্যাহ্বান জনাব খুজিছে। এনে এটা যুগত বিজ্ঞানৰ লগত মানুহ এনে ওতপ্রােতভাৱে বিজড়িত হৈ পৰিছে যে দৈনন্দিন জীৱনত বিজ্ঞানে কেনে ব্যাপক আৰু বিচিত্রভাৱে প্ৰভাৱ পেলাই মানুহ আৰু বিজ্ঞানক একাকাৰ কৰি পেলাইছে তাৰ বিৱৰণ দিয়াটো কষ্টসাধ্য হৈ পৰিছে। বর্তমান সময়ত বিজ্ঞানেই মানুহৰ প্রধান অৱলম্বন যেন পৰিলক্ষিত হৈছে।

দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ ৰচনা

মানুহ বিজ্ঞানৰ ওপৰত নিৰ্ভৰশীল হৈছে

বিজ্ঞানে ঘড়ীৰ নিচেই সূক্ষ্ম যন্ত্রপাতি, সামান্য বেজী, বৰশী আৰম্ভ কৰি দৈত্যকায় ইঞ্জিন, বায়ুতকৈও বেগী মহাকাশযান আৰু সাধাৰণ বন্দুক আৰম্ভ কৰি মহাশক্তিশালী, পৃথিৱী ধ্বংসকাৰী এটম বােমালৈকে অলেখ অপাৰ বস্তু সৃষ্টি কৰিছে কৃত্রিম উপগ্রহ আদিকো সৃষ্টি কৰি মহাকৰ্ষণৰ বুকুত এৰি দি গ্রহ-নক্ষত্ৰৰ দৰেই বিশ্ব-ব্রহ্মাণ্ডত বিচৰণ কৰাইছে। এনে এটা যুগত প্ৰকৃততে মানুহ বিজ্ঞানৰ হাতৰ পুতলাত পৰিণত হৈছে।

Read Also: মানৱ সভ্যতাৰ বিকাশত বিজ্ঞানৰ অৱদান ৰচনা | The Contribution of Science to The Development of Human Civilization Essay in Assamese

বিজ্ঞানৰ অৱদান

মানুহৰ দৈনন্দিন জীৱনৰ কৰ্ম-প্রণালী আৰু জীৱন-যাত্রা বিজ্ঞানকেই কেন্দ্ৰ কৰি পৰিচালিত হৈছে। এজন মানুহে পাটীৰপৰা উঠিয়েই দাঁত ঘঁহিবলৈ অকণমান টুথপেষ্ট ব্রাছডালৰ মূৰত লগাই লৈছে; টুথপেষ্ট, ব্ৰাছ বিজ্ঞানৰে অৱদান। অর্থাৎ চকু মােহাৰিয়ে যি বস্তুত হাত দিছাে বিজ্ঞানে যােগান ধৰিছে। মুখখন ধুবলৈ পানী বিচাৰি টেপত হাত দিছে; পানীও বৈজ্ঞানিক যন্ত্রই যােগান ধৰিছে টেপটোও যােগান ধৰিছে; তাৰ পাছত এডােখৰ কটি বা লােফ লৈ একাপ চাহত মুখ দিছাে। ৰুটি, লােফ, চাহৰ পিয়লা, চাহপাত তৈয়াৰ কৰিছে বৈজ্ঞানিক আহিলাই। পুৱা ৰেডিঅ’টো পকাই দি বন্দনা অনুষ্ঠান শুনি মনটোত পবিত্রতা সানি লৈ শ্ৰষ্টাৰ প্ৰতি কৃতজ্ঞতাত দিনটো শান্তিৰে অতিবাহিত কৰিবলৈ তেওঁৰ চৰণত মূৰ দোৱাইছো; ধূপ এডাল জ্বলাই কোঠাটোৰ পৰিৱেশ মধুৰ কৰি লৈছাে। এনেতে বাতৰি কাকতখন আহি হাতত পৰিছে, জগতত বাতৰি, ৰেডিঅ’টোৰ যােগে আৰু কাকতখনৰ যােগে নিচেই পুৱাতে ঘৰতে বহি পাইছাে।

আনহাতেদি গৃহিণীয়ে গৃহস্থক ৰান্ধি বাঢ়ি খুৱাই অফিচ-কাছাৰী, স্কুল-কলেজলৈ পঠাবলৈ ৰন্ধা-বঢ়াৰ ব্যৱস্থা কৰিছে; পুৱাতে কেঁচা শাক-পাচলি, নপচা মাছ উলিয়াই আনিছে ফ্রিজৰপৰা। ষ্টোভটো জ্বলাইছে হয় কেৰাচিন তেলেৰে বা গেছ ব্যৱহাৰ কৰিহে নাইবা ইলেকট্রিক হিটাৰত কুকাৰটো বা ৰন্ধা পাত্র বহুৱাই দিছে; পােন্ধৰ-বিশ মিনিটৰ পাছত ৰন্ধা শেষ। তেল পাইছাে মিলৰপৰা, মছলা পাইছাে মেচিনত গুৰি কৰা; সামান্য পৰিশ্ৰমতে আৰু কম সময়তে ৰন্ধাবঢ়া শেষ হল বিজ্ঞানৰ সঁজুলিয়ে আমাৰ পৰিশ্ৰমাে কমাই দিলে আৰু সময়াে ৰাহি কৰি দিলে। কার্যালয় যদি ওচৰতে হয়, খােজ কাঢ়ি যাব পাৰি; অলপ দূৰ হ’লে চাইকেল, মইৰ চাইকেল ৰিক্সা, মটৰ বা ৰেলত গৈ কলিকতাৰ নিচিনা ঠাইত ট্রামেৰে গৈ কম সময়ত আৰু কম খৰচতে উপস্থিত হ’বগৈ পাৰি।

কাগজ, কলম, পেন্সিল, চিয়াঁহী আদি যন্ত্রই তৈয়াৰ কৰি আমাক সহায় কৰি দিছে; কিতাপ, পুথিৰ হাজাৰ হাজাৰ কপি কম সময়ত তৈয়াৰ কৰি দি ছাত্র-ছাত্রী বিদ্যা-শিক্ষাত সহায় কৰি দিছে। কোর্ট, কাছাৰী, কাৰ্যালয়ত আৱশ্যকীয় লাখ লাখ ৰচিদ, ফর্ম, বহী-পত্ৰ যন্ত্ৰত দিনে ৰাতি তৈয়াৰ হৈ আছে; যাৰ ফলত কোনাে কাগজ-পত্ৰৰ অভাৱ নােহােৱাকৈ অবিৰামভাৱে চৰকাৰী-বেচৰকাৰী সকলাে কামকাজ সুকলমে চলি আছে। দৈনিক কলম পিহি পিহি শ্ৰম কৰাৰপৰা ত্রাণ কৰিছে টাইপ ৰাইটাৰে, কম্পিউটাৰ লিথু যন্ত্রই। বিজুলী বস্তিয়ে জগৎ জোনালীময় কৰি তুলিছে; এটা বুটাম টিপিয়েই ৰঙা, বগা, সেউজীয়া, নীলা, হালধীয়া কত ধৰণৰ যে পােহৰৰ সমাৱেশ ঘটাব পাৰি চকুৰ নিমিষতে।

গ্রীষ্মৰ উৎকট গৰমৰপৰা পৰিত্ৰাণ পাইছে বিজুলী-পাংখাৰ সহায়ত; হাড় কঁপােৱা জাৰৰপৰা মানুহ ৰক্ষা পৰিছে শীততাপ নিয়ন্ত্রিত ব্যৱস্থাৰ যােগেদি। দিনটোৰ পৰিশ্ৰমৰ ফলত হােৱা ক্লান্তি দূৰ কৰিছাে ছবিঘৰত সােমাই মানসিক আনন্দ লাভ কৰি। সময়কো জুখিছাে ঘড়ীৰ সহায়ত; সময় জুখি জুখি কামৰ ভাগ কৰিবলৈ সমৰ্থ হৈছে ঘড়ীৰ বাবেই। ৰং-বিৰঙৰ, লাহ-বিলাহৰ সাজ-পাৰ, বিলাসৰ সামগ্রী, নানা খাদ্যসামগ্রী বিজ্ঞানে যােগান ধৰি মানুহক সভ্যতাৰ বাটত দ্রুতগতিৰে আগবাঢ়ি যােৱাত প্রভূত সহায় কৰিছে। মানুহে আজি সময়ৰ লগত উৰি ফুৰিছে বিজ্ঞানক বুকুত লৈ।

আজিৰ খেতিয়কেও পাৱাৰ টিলাৰ ট্ৰেক্টৰ, ৱাটাৰ পাম্পৰ সহায়ত কম পৰিশ্ৰমত, অধিক উপার্জন কৰিবলৈ সমৰ্থ হৈছে। ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি এগুণত পাঁচগুণ উপার্জন কৰিবলৈ একেডৰা মাটিতে তিনি-চাৰিটাকৈ বছৰটোত খেতি কৰিবলৈ সক্ষম হৈছে। যিখিনি ধানৰ চাউল উলিয়াবলৈ টেকীত দহদিন বানিবলগা হৈছিল, সেইখিনি এঘণ্টাতে বানি দি এক কুইন্টল সৰিয়হ এঘণ্টাতে পেৰি তেল উলিয়াই বিজ্ঞানে আমাক পৰিশ্ৰমৰপৰা ৰেহাই দিছে। শিপিনীক সূতাৰ যােগান ধৰিছে যন্ত্রই; কাপােৰ-কানি পাইছাে যন্ত্ৰৰপৰা। জোতা-মােজা, চেলে পিন্ধি ভৰিকেইখনক আৰাম দিছে বিজ্ঞানৰ সহায়তে।

গাড়ী, মটৰ, উৰাজাহাজ, পানীজাহাজ আদিয়ে পৃথিৱীখন ঠেক আৰু সৰু কৰি পেলাইছে; দেশ-বিদেশৰ লগত সংযােগ ৰক্ষা কৰিছাে টেলিগ্রাম, টেলিফোন, মােবাইল টেলিফোন, ৱায়াৰলেছৰ যােগেদি। ঘৰতে বহি থাকি দূৰৰ লােকৰ লগত মুখামুখিকৈ কথা পাতিব পাৰিছাে, সুখ দুখৰ বাতৰি পৰিৱেশন কৰিব পাৰিছে ফোনৰ সহায়ত।

আমি বেমাৰ-আজাৰত আক্ৰান্ত হৈছাে। ঔষধ যােগাইছে বিজ্ঞানে। ইনজেকশ্যনৰ সহায়ত মৃত্যু-মুখী বােগীক আৰােগ্য কৰাব পাৰিছাে। শৰীৰৰ হাড় ভাঙিছে, প্লাষ্টাৰৰ সহায়ত জোৰা দিয়াইছাে। শৰীৰৰ ভিতৰত অচিন ৰােগে বাহ লৈছে, ধৰিব পৰা নাই, ভিতখন চাব পৰা নাই; এক্স-ৰে যন্ত্রই ভিতৰখন আমাৰ চকুৰ আগত ফটফটীয়াকৈ দেখুৱাই দি ৰােগ নির্ণয় কৰাত সহায় কৰি উপযুক্ত চিকিৎসাৰ দিহা কৰাত ইন্ধন যােগাইছে। কোনাে কাৰণত স্বাস্থ্য হানি হৈছে, স্বাভাৱিক আহাৰে পুষ্টি সাধন কৰিব পৰা নাই; ভিটামিন টেবলেট, টনিক খাই পুষ্টিসাধন কৰিছাে, স্বাস্থ্য ঘূৰাই পাইছে।

বিদেশৰ প্রসিদ্ধ চিকিৎসকৰ সৈতে পােনপটীয়াকৈ উপদেশ গ্রহণ কৰি ৰােগীৰ অপাৰেচন কৰাৰ ব্যৱস্থা হৈছে।

আমাৰ দৈনন্দিন ব্যৱহাৰৰ সাজপাৰখিনি চিলাই কৰি ল’বলৈ বেজী, সূতা, চিলাই কল আদিৰ যােগান ধৰিছে বিজ্ঞানে। ঘৰ-দুৱাৰ সজাৰ সঁজুলি টিনপাত, গজাল, ললা, বিলাতীমাটি আদিও আমাক বিজ্ঞানে যােগান ধৰি নিৰাপত্তা দান কৰিছে। ঘৰ-দুৱাৰ ধুনীয়াকৈ সজাই তােলাৰ নানা সঁজুলি আমি পাইছাে বিজ্ঞানৰ যােগেদি। ৰন্ধা-বঢ়াৰ সঁজুলি, খােৱা-বােৱাৰ বাচনবর্তনখিনিকো বিজ্ঞানেই যােগান ধৰিছে।

মুঠতে বিজ্ঞানে নৱ নৱ সৃষ্টিৰে আমাৰ দৈনন্দিন জীৱনৰ অতি সহজসাধ্য কৰি তুলি অতিশয় আৰামদায়ক কৰি তুলিছে। আমি পুৱা শুই উঠাৰপৰা টোপনি যােৱাৰ মুহূৰ্তলৈকে য’তে হাত দিছে, যিফালে দৃষ্টি ঘূৰাইছাে তাতেই বিজ্ঞানে ভূমুকি মাৰিছে; তাতেই বিজ্ঞানে- “কেনেভাৱে আপােনাক সহায় কৰিব পাৰাে?” বুলি আমাৰ আদেশৰ কাৰণে বাধ্যভাৱে দণ্ডায়মান হৈছেহি। আধুনিক পৃথিৱীখনত বিজ্ঞানৰ সহায় নহ’লে মানুহে মাটিত এখােজো থিৰেৰে দিব নােৱৰা পৰিৱেশৰ সৃষ্টি হৈছে।

অপকাৰ

বিজ্ঞানৰ এই বিপুল সম্ভাৰে এনেভাৱে প্ৰভাৱ বিস্তাৰ কৰি প্ৰকৃততে সকলাে ক্ষেত্ৰতে আমাৰ কল্যাণেই সাধন কৰিছেনে? এই ক্ষেত্ৰত ডাইনৰ এষাৰ কথা প্রণিধানযােগ্য। ডাইনে কৈছিল যে বিজ্ঞানে মানুহৰ চিন্তাশক্তি এনেভাৱে বৃদ্ধি কৰিছে আৰু শাৰীৰিক শ্রম এনেভাৱে কমাই তুলিছে যে এসময়ত মগজুৰ বৃদ্ধি হৈ হৈ মানুহৰ মূৰটো ডাঙৰ হৈ পৰিব আৰু হাত-ভৰিৰ চালনা নােহােৱাৰ বাবে চিয়াঁ হৈ কেংগেৰুৰ আগ ঠেং দুখনৰ দৰে হ’বগৈ; আৰু শেষত মানুহটো হৈ পৰিব কুষ্মাণ্ডসদৃশ। এই মন্তব্য হাঁহি উৰুৱাই দিব পাৰি; কিন্তু তাৰ সত্যতা নুই কৰিব নােৱাৰি। বিজ্ঞানে পৃথিৱীখন সমৃদ্ধিশালী কৰি তুলিছে সঁচা, দৈনন্দিন জীৱন আৰামদায়ক আৰু সহজসাধ্য কৰি তুলিছে সঁচা, কিন্তু অত্যধিক অমৃতেও বদহজমীৰ সৃষ্টি কৰাৰ দৰে, প্ৰচুৰ আৰামৰ, আমােদ-প্রমােদৰ, বিলাসিতাৰ সামগ্ৰীয়ে মানুহক ভাৰাক্ৰান্তও কৰি তুলিবলৈ বােধহয় বৰ বেছি দিন নাই। গাড়ী মটৰৰ আৱির্ভাৱে মানুহক এলেহুৱা কৰিছে; দুখােজ বাটো মানুহে খােজ কাঢ়ি যাবলৈ আজি কালি ইচ্ছা নকৰে৷ মানুহৰ যুক্তি-ভৰিক কিয় কষ্ট দিওঁ? সেই ভৰি এদিন পংগু নহৈ থাকিবনে?

যন্ত্ৰৰ দ্বাৰা উৎপাদিত সামগ্রীবােৰ পাই আমি ঘৰতে হাতেৰে তৈয়াৰ কৰি ল’ব পৰা সামগ্ৰীবােৰক অৱহেলা কৰিছাে, পাহৰি গৈছাে। অজ্ঞতাত অৱহেলাত আমাৰ বহুতাে কুটীৰ-শিল্প কালৰ বুকুত হেৰাই যাবলগা হৈছে। বিজ্ঞানে মুখতে যােগােৱা নানাবিধ মছলা, সুস্বাদু খাদ্য সামগ্রী পাই পুৰণি কুজিথেকেৰা, গাজটেঙা, কাঁহুদি, খালি আৰু কত কি যে বস্তু আমি পাহৰি পেলাইছাে। পৰিণামত আমাৰ পেটটো বেমাৰৰ ভঁৰাল কৰি লৈছাে। কল-কাৰখানাৰ আৱৰ্জনাই, ধোঁৱাই বায়ুমণ্ডল বিষাক্ত কৰি তুলিছে, নগৰ চহৰৰপৰা উটুৱাই দিয়া আৱৰ্জনাবােৰে নদ-নদীবােৰ বিষাক্ত কৰি তুলিছে। নানা বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা, বিস্ফোৰণ আদিয়েও বায়ুমণ্ডলত তেজস্ক্রিয়তাৰ সৃষ্টি কৰি, বেমাৰৰ জীৱাণুৰে পৃথিৱী ভৰপূৰ কৰি মানুহক মৃত্যু মুখলৈ ঠেলি দিছে।

Read Also: Class 11 Assamese Question Answer

মন্তব্য

গতিকে বিজ্ঞানৰ অৱদানৰ প্রতি অত্যুৎসাহী হৈ পৰাটো কল্যাণকৰ বুলি ভবা উচিত নহয়। তদুপৰি বিজ্ঞানৰ বিপুল শক্তিৰ বলত বলীয়ান হৈ মানুহে ভগৱানৰ অস্তিত্বক প্রত্যাহান জনােৱাটো কিমানদূৰ সমীচীন হৈছে ভাবি চাবলগীয়া। আনফালে বিজ্ঞানৰ ওপৰত নিৰ্ভৰশীল হৈ মানুহে কর্ম-বিমুখ হৈ পৰাটো মংগলজনক বুলিও ভাবিব নােৱাৰি।

আমি আশা কৰিছো দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ ৰচনাটোৱে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ ৰচনাৰ সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top