Philosophical Foundations of Education Unit 4 পাশ্চাত্য দৰ্শনৰ সম্প্ৰদায়সমূহ আৰু শিক্ষাত ইয়াৰ প্ৰভাৱ

Philosophical Foundations of Education Unit 4 Western Schools of Philosophy and their Influences in Education | পাশ্চাত্য দৰ্শনৰ সম্প্ৰদায়সমূহ আৰু শিক্ষাত ইয়াৰ প্ৰভাৱ Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Philosophical Foundations of Education Unit Philosophical Foundations of Education Unit 4 Western Schools of Philosophy and their Influences in Education | পাশ্চাত্য দৰ্শনৰ সম্প্ৰদায়সমূহ আৰু শিক্ষাত ইয়াৰ প্ৰভাৱ to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Philosophical Foundations of Education Unit Philosophical Foundations of Education Unit 4 Western Schools of Philosophy and their Influences in Education | পাশ্চাত্য দৰ্শনৰ সম্প্ৰদায়সমূহ আৰু শিক্ষাত ইয়াৰ প্ৰভাৱ Question Answer can be of great value to excel in the examination.

Philosophical Foundations of Education Unit 4 পাশ্চাত্য দৰ্শনৰ সম্প্ৰদায়সমূহ আৰু শিক্ষাত ইয়াৰ প্ৰভাৱ

Join Telegram channel

Philosophical Foundations of Education Unit 3 Indian Schools of Philosophy and their Influences in Education | ভাৰতীয় দৰ্শনৰ সম্প্ৰদায়সমূহ আৰু শিক্ষাত ইয়াৰ প্ৰভাৱ Notes cover all the exercise questions in UGC Syllabus. The Philosophical Foundations of Education Unit 3 Indian Schools of Philosophy and their Influences in Education | ভাৰতীয় দৰ্শনৰ সম্প্ৰদায়সমূহ আৰু শিক্ষাত ইয়াৰ প্ৰভাৱ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

পাশ্চাত্য দৰ্শনৰ সম্প্ৰদায়সমূহ আৰু শিক্ষাত ইয়াৰ প্ৰভাৱ

EDUCATION

PHILOSOPHICAL FOUNDATION OF EDUCATION

শিক্ষাৰ দাৰ্শনিক ভিত্তি

Very Short Question:

প্ৰশ্নঃ 1. Idealism’ শব্দটো ক’ৰ পৰা উত্পত্তি হৈছিল ?

উত্তৰঃ গ্ৰীক শব্দ ideain শব্দৰ পৰাই Idealism শব্দৰ উত্পত্তি হৈছিল । 

প্ৰশ্নঃ 2. “Theory of Ideas’ নামৰ গ্ৰন্থখনৰ প্ৰণেতা কোন ? 

উত্তৰঃ প্লেটো । 

প্ৰশ্নঃ 3. Idealism as philosophical Doctrine” নামৰ গ্ৰন্থখনৰ উল্লেখ কৰা মতে “Idealism” শব্দটো উত্পত্তি হোৱা পৃথক শব্দ দুটা কি কি ? 

উত্তৰঃ ‘Idea’ আৰু Ideal’ 

প্ৰশ্নঃ 4. “Idealism as a philosophical Doctrine” গ্ৰন্থখনৰ ৰচক কোন ? 

উত্তৰঃ প্ৰফেছাৰ হ’মলে । 

প্ৰশ্নঃ 5. আদৰ্শবাদ দৰ্শনে সাধাৰণতে কেনে ধৰণৰ বিষয়ৰ ওপৰত গুৰুত্ব দিয়ে ? 

উত্তৰঃ আত্মা, পৰমাত্মাৰ ওপৰত । 

প্ৰশ্নঃ 6. আদৰ্শবাদ দৰ্শনৰ পিতৃস্বৰূপ হিচাপে কাক গণ্য কৰা হয় ? উত্তৰঃ প্লেটোক আদৰ্শবাদৰ পিতৃজ্ঞান কৰা হয় । 

উত্তৰঃ আত্মা, পৰমাত্মাৰ ওপৰত । 

প্ৰশ্নঃ 7. বিখ্যাত দাৰ্শনিক শিক্ষাৰ বিদ্যালয় ‘একাডেমিয়া” আৰু ‘দাৰ্শনিক পজাৰ ধাৰণা’ৰ সৃষ্টিকৰ্তা কোন ? 

উত্তৰঃ দাৰ্শনিক প্লেটো । 

প্ৰশ্নঃ 8. “The Republic” গ্ৰন্থখনৰ প্ৰণেতা কোন আছিল ? 

উত্তৰঃ দাৰ্শনিক প্লেটো । 

প্ৰশ্নঃ 9. আদৰ্শবাদ বা ভাৱবাদৰ এটা বৈশিষ্য় উল্লেখ কৰা । 

উত্তৰঃ ঈশ্বৰ. আত্মা, চৈতন্য, মন আদিত বিশ্বাস ভাৱবাদৰ এক মূল বৈশিষ্ট্য । 

প্ৰশ্নঃ 10. আত্মগত আদৰ্শবাদৰ জনক কোন ? 

উত্তৰঃ ব্ৰিটিছ দাৰ্শনিক জৰ্জ বাৰ্কলি আত্মগত বা আত্মনিষ্ঠ ভাৱবাদৰ প্ৰৱৰ্তক । 

প্ৰশ্নঃ 11. বস্তুগত ভাৱবাদৰ প্ৰৱৰ্তক কোন ? 

উত্তৰঃ জৰ্জ উইলহেম হেগেল বস্তুগত আদৰ্শবাদৰ প্ৰৱৰ্তক । 

প্ৰশ্নঃ 12. অৱভাষিক বা পৰিদৃশ্য়মান আদৰ্শবাদৰ প্ৰৱৰ্তক কোন ? 

উত্তৰঃ জাৰ্মান দাৰ্শনিক ইমুৱেল কান্ট । 

প্ৰশ্নঃ 13. আদৰ্শবাদৰ মতে চিৰন্তন মূল্যবোধ কোনবোৰ ? 

উত্তৰঃ সত্য়, শিৱ আৰু সুন্দৰ অথবা সত্য়, শিৱ আৰু সাধুতা । 

প্ৰশ্নঃ 14. প্ৰকৃতিবাদ দৰ্শনৰ এটা সুফল উল্লেখ কৰা ? 

উত্তৰঃ ইয়াত শিশুসকলে স্বাধীনভাৱে আৰু আনন্দমনেৰে শিক্ষা গ্ৰহণ কৰিব পাৰে । 

প্ৰশ্নঃ 15. “Pragmatism” (প্ৰয়োগবাদ) শব্দটোৰ উত্পত্তি কোনভাষাৰ পৰা হৈছিল ? 

উত্তৰঃ গ্ৰীক ভাষাৰ পৰা । 

প্ৰশ্নঃ 16. “Pragmatism” শব্দৰ ফৰাচী ভাষাৰ কোনটো শব্দৰ পৰা অহা বুলি কোৱা হয় ? 

উত্তৰঃ Pragma শব্দৰ পৰা । 

প্ৰশ্নঃ 17. গ্ৰীক শব্দ “Pragniatus’ ৰ অৰ্থ কি ? 

উত্তৰঃ ক্ৰিয়া সম্পাদনা কৰা । 

প্ৰশ্নঃ 18. প্ৰয়োগবাদ দৰ্শনৰ পিতৃস্বৰূপ বুলি কাক কোৱা হয় ? 

উত্তৰঃ চি এছ পিয়েৰচক । 

প্ৰশ্নঃ 19. চি এছ পিয়েৰচে কিমান চনত প্ৰয়োগবাদ দৰ্শনৰ আৰম্ভণি কৰিছিল ? 

উত্তৰঃ 1978 চনত । 

প্ৰশ্নঃ 20. জন ডিউইৱে প্ৰয়োগবাদ দৰ্শনৰ ওপৰত ভিত্তি কৰি 1896 চনত গৱেষণাগাৰ বিদ্যালয় ক’ত স্থাপন কৰিছিল ? 

উত্তৰঃ চিকাগো চহৰত । 

প্ৰশ্নঃ 21. প্ৰয়োগবাদ দৰ্শনৰ এটা প্ৰধান বৈশিষ্ট্য উল্লেখ কৰা ।

উত্তৰঃ প্ৰয়োগবাদে মানৱ শক্তিৰ ওপৰত অধিক গুৰুত্ব দিয়ে । 

প্ৰশ্নঃ 22. প্ৰয়োগবাদৰ এটা ইতিবাচক দিশ উল্লেখ কৰা । 

উত্তৰঃ প্ৰয়োগবাদে ক্ৰিয়াৰ ওপৰত অধিক প্ৰাধান্য় দিয়ে । 

প্ৰশ্নঃ 23. প্ৰয়োগবাদৰ এটা নেতিবাচক দিশ উল্লেখ কৰা । 

উত্তৰঃ প্ৰয়োগবাদে পূৰ্ব নিৰ্ধাৰিত আৰু স্থানী সত্য় তথা মূল্য়বোধ বিশ্বাস নকৰে । 

Short Question: 

প্ৰশ্নঃ 1. আদৰ্শবাদ বা ভাৱবাদ মানে কি বুজা ? 

উত্তৰঃ আদৰ্শবাদ বা ভাৱবাদআটাইতকৈ পুৰণি দৰ্শন বুলিও মানুহৰ প্ৰক-তিৰ পৰাই সৃষ্টি হৈছে । এই দৰ্শনক আধ্যাত্মিক দৰ্শন বুলিও কোৱা হয় । আদৰ্শবাদৰ দৰ্শন আদৰ্শবাদী ধাৰণাৰ লগত জড়িত । এই দৰ্শনৰ মতে, আধ্যাত্মিক জগতখন বাহ্যিক জগততকৈ অধিক গুৰুত্বপূৰ্ণ । কাৰণ ব্হ্যিক জগতখন মৰণশীল, আৰু ধ্বংসাত্মক বিধৰ । কিন্তু আধ্যাত্মিক জগতখন সঁচা, অমৰ আৰু সদাজাগ্ৰত । গতিকে ব্যক্তিৰ আদৰ্শ, অনুভূতি আদি গুৰুত্বপূৰ্ণ । মন আৰু আত্মাৰ অধ্যয়ন আদৰ্শবাদৰ বিশেষ দিশ । 

প্ৰশ্নঃ 2. আদৰ্শবাদ বা ভাৱবাদ দৰ্শনৰ দুটা মূল নীতি উল্লেখ কৰা । 

উত্তৰঃ আদৰ্শবাদ বা ভাৱবাদ দৰ্শনৰ দুটা মূল মীতি হৈছে- 

ক) মন আৰু আত্মাই হ’ল প্ৰকৃত বাস্তৱ । 

খ) ভগৱান বা পৰমাত্মাই সকলো জ্ঞানৰ উত্স । 

প্ৰশ্নঃ 3. আদৰ্শবাদ দৰ্শন অনুসৰি শিক্ষাৰ দুটা লক্ষ্য উল্লেখ কৰা । 

উত্তৰঃ আদৰ্শবাদ দৰ্শন অনুসৰি শিক্ষাৰ দুটা লক্ষ্য হৈছে- 

ক) আদৰ্শবাদ দৰ্শনৰ মতে শিক্ষাৰ প্ৰধান লক্ষ্য হ’ল -ব্যক্তিৰ সৰ্বাত্মক বিকাশৰ মাজেৰে আত্ম উপলব্ধিক সহায় কৰা । 

খ) নৈতিক মূল্য়বোধৰ বিকাশৰ লগতে সত্য়, শিৱ, সুন্দৰৰ পৰম মূল্যবোধসমূহৰ উপলব্ধি আদৰ্শবাদৰ মতে শিক্ষাৰ অতি গুৰুত্বপূৰ্ণ লক্ষ্য় । 

প্ৰশ্নঃ 4. আদৰ্শবাদ বা ভাৱবাদ দৰ্শনে কেনে ধৰণৰ পাঠ্যক্ৰমৰ ওপৰত গুৰুত্ব প্ৰদান কৰে উল্লেখ কৰা । 

উত্তৰঃ আদৰ্শবাদ বা ভাৱবাদ দৰ্শনে তলত দিয়া ধৰণৰ পাঠ্যক্ৰমৰ ওপৰত গুৰুত্ব প্ৰদান কৰে- 

ক) শাৰীৰিক ক্ৰিয়া – দাৰ্শনিক এৰিষ্টট’লৰ মতে সুস্থ দেহতহে সুস্থ মনৰ বিকাশ সম্ভৱপৰ । সেই অনুসৰি পাঠ্যক্ৰমত শাৰীৰিক আৰু স্বাস্থ্য সংক্ৰান্তীয় বিষয়সমূহে স্থান লাভ কৰে । সুস্বাস্থ্য়ই বিভিন্ন শাৰীৰিক দক্ষতাৰ বিকাশত সহায় কৰে । 

খ) নৈতিক ক্ৰিয়া – শিক্ষাৰ্থীক নৈতিক শিক্ষা প্ৰদানৰ বাবে পাঠ্যক্ৰমত কলাত্মক বিষয়, কাব্যসাহিত্য়, ধৰ্ম, নীতি শিক্ষা আদি বিষয়বোৰ অন্তৰ্ভুক্ত কৰা হয় । 

প্ৰশ্নঃ 5. আদৰ্শবাদ দৰ্শনে গ্ৰহণ কৰা দুটা শিক্ষণ পদ্ধতিৰ বিষয়ে উল্লেখ কৰা । 

উত্তৰঃ আদৰ্শবাদ দৰ্শনে গ্ৰহণ কৰা দুটা শিক্ষণ পদ্ধতি হৈছে – 

ক) চক্ৰেটিছৰ প্ৰশ্নোত্তৰ পদ্ধতি । 

খ) প্লেটোৰ কথোপকথন পদ্ধতি । 

প্ৰশ্নঃ 6. আদৰ্শবাদৰ দুটা সবলতা উল্লেখ কৰা । 

উত্তৰঃ আদৰ্শবাদৰ দুটা সবলতা হ’ল- 

ক) আদৰ্শবাদে উচ্চ নৈতিক চৰিত্ৰ গঠন আৰু সত্য়, শিৱ, আৰু সুন্দৰৰ দৰে পৰম মূল্যবোধৰ উপলব্ধিৰ ওপৰত গুৰুত্ব দিয়ে । 

খ) ব্যক্তিত্বৰ সৰ্বাত্মক আৰু সৰ্বোত্কৃষ্ট বিকাশৰ জৰিয়তে আত্ম উপলব্ধিৰ ওপৰত আদৰ্শবাদে জোৰ দিয়ে । 

প্ৰশ্নঃ 7. আদৰ্শবাদ দৰ্শনৰ দুটা দুৰ্বলতা উল্লেখ কৰা । 

উত্তৰঃ আদৰ্শবাদ দৰ্শনৰ দুটা দুৰ্বলতা হৈছে- 

ক) সাম্প্ৰতিক সময়ৰ বিজ্ঞান-প্ৰযুক্তিত নিৰ্ভৰ সমাজৰ লগত সমাযোজিত হ’বলৈ আদৰ্শবাদী চিন্তাধাৰাই সকলো সময়তে সহায় কৰিব নোৱাৰে । 

খ) শ্ৰেণী শিক্ষণৰ ক্ষেত্ৰত আদৰ্শবাদৰ আত্মা, পৰমাত্মা আদিৰ দৰে বিমূৰ্ত ধাৰণাসমূহৰ বিশেষ প্ৰাসংগিকতা নাথাকে । 

প্ৰশ্নঃ 8. আদৰ্শবাদ দৰ্শনৰ দুটা বৈশিষ্ট্য় লিখা । 

উত্তৰঃ ১) আদৰ্কশবাদী চিন্তাধাৰা মূলতঃ মানৱকেন্দ্ৰিক । 

২) আদৰ্শবাদ দৰ্শন ভাৱমূলক, সেয়ে ইয়াক ভাৱবাদ বুলিও কোৱা হয় । 

প্ৰশ্নঃ 9. আদৰ্শবাদৰ প্ৰকাৰ কেইটা কি কি ? 

উত্তৰঃ আদৰ্শবাদৰ প্ৰকাৰ হৈছে – 

১) আত্মগত আদৰ্শবাদ (Subjective Idealism) 

২) বস্তুগত আদৰ্শবাদ । 

৩) অৱভাষিকবা প্ৰিদৃশ্যমান আদৰ্শবাদ (Phenomenalistic Idealism) 

প্ৰশ্নঃ 10. প্ৰকৃতিবাদ দৰ্শনৰ দুটা বৈশিষ্ট্য় লিখা । 

উত্তৰঃ প্ৰকৃতিবাদ দৰ্শনৰ দুটা বৈশিষ্ট্য় হৈছে- 

১) প্ৰকৃতিবাদ বাস্তৱিক আৰু পৰীক্ষণ জ্ঞানৰ ওপৰত বিশ্বাসী । 

২) প্ৰকৃতিবাদত প্ৰকৃতিয়ে সকলো আৰু প্ৰকৃতি শিশুৰ প্ৰথম শিক্ষক । 

প্ৰশ্নঃ 11. প্ৰকৃতিবাদৰ ভাগ বা শাখা কেইটা কি কি ? 

উত্তৰঃ প্ৰকৃতিবাদৰ ভাগ বা শাখা কেইটা হ’ল- 

১) শাৰীৰিক বা বাহ্যিক প্ৰকৃতিবাদ (Physical Naturalism) 

২) যান্ত্ৰিক প্ৰকৃতিবাদ (Mechanical Naturalism) 

৩) জৈৱিক প্ৰকৃতিবাদ (Biological Naturalism) 

প্ৰশ্নঃ 12. প্ৰকৃতিবাদ দৰ্শনৰ দুটা মূল নীতি উল্লেখ কৰা । 

উত্তৰঃ  প্ৰকৃতিবাদ দৰ্শনৰ দুটা মূল নীতি হ’ল- 

১) প্ৰকৃতিয়ে সকলো জ্ঞানৰ প্ৰধান উত্স । 

২) সকলো ধৰণৰ সত্য, আদৰ্শ, মূল্যবোধ প্ৰকৃতিৰ সৈতে জড়িত । 

প্ৰশ্নঃ 13. প্ৰকৃতিবাদৰ মতে দুটা শিক্ষা নীতিৰ কথা উল্লেখ কৰা । 

উত্তৰঃ প্ৰকৃতিবাদৰ মতে দুটা শিক্ষা নীতি হ’ল – 

১) শিক্ষা ব্যৱস্থাত শিশুৱেই কেন্দ্ৰীয় ভূমিকা পালন কৰে । 

২) শিশুৰ আচৰণ, প্ৰকৃতিৰ ওপৰত ভিত্তি কৰি শিক্ষা ব্যৱস্থা প্ৰস্তুত কৰা হয় । 

প্ৰশ্নঃ 14. প্ৰকৃতিবাদে গ্ৰহণ কৰা দুটা শিক্ষা পদ্ধতি উল্লেখ কৰা । 

উত্তৰঃ প্ৰকৃতিবাদে গ্ৰহণ কৰা দুটা শিক্ষা পদ্ধতি হ’ল – 

১) কামৰ মাজেৰে শিক্ষা । 

২) খেলাভিত্তিক পদ্ধতি । 

প্ৰশ্নঃ 15. প্ৰকৃতিবাদৰ দুটা গুণাগুণ উল্লেখ কৰা । 

উত্তৰঃ প্ৰকৃতিবাদৰ দুটা গুণাগুণ হ’ল- 

১) শিক্ষা প্ৰক্ৰিয়াত শিশুক সন্মুখৰ পৰা শিক্ষা প্ৰদান কৰাত গুৰুত্ব প্ৰদান কৰে । 

২) শিশুসকলে যাতে আনন্দ মনেৰে শিক্ষণীয় অভিজ্ঞতা আহৰণ কৰিব পাৰে ওপৰত গুৰুত্ব প্ৰদান কৰে । 

প্ৰশ্নঃ 16. প্ৰকৃতিবাদৰ দুটা কু-ফল উল্লেখ কৰা । 

উত্তৰঃ প্ৰকৃতিবাদৰ দুটা কু-ফল হ’ল- 

১) প্ৰকৃতিবাদ দৰ্শনে শিল্প আৰু আন যোগাযোগ মাধ্যমক সম্পূৰ্ণৰূপে অৱহেলা কৰে । 

২) কেৱল শাৰীৰিক বা বাহ্যিক জগতখন শিক্ষা প্ৰদানৰ ক্ষেত্ৰত উপযোগী নহয় । 

প্ৰশ্নঃ 17. প্ৰয়োজবাদ দৰ্শনত বিশ্বাসী দুজন দাৰ্শনিক নাম উল্লেখ কৰা । 

উত্তৰঃ প্ৰয়োজবাদ দৰ্শনত বিশ্বাসী দুজন দাৰ্শনিক নাম হ’ল –

১) চি এচ পিয়েৰচ ।

২) জন ডিউই । 

প্ৰশ্নঃ 18. প্ৰয়োগবাদ দৰ্শনৰ দুটা নীতি উল্লেখ কৰা । 

উত্তৰঃ প্ৰয়োগবাদ দৰ্শনৰ দুটা নীতি হ’ল- 

১) মানুহ সামাজিক, জৈৱিক আৰু নৈতিক প্ৰকৃতিৰ । 

২) মন ব্যক্তিৰ পৰিৱেশৰ দ্বাৰা পৰিচালিত বিষয় । 

প্ৰশ্নঃ 19. প্ৰয়োগবাদ দৰ্শনৰ প্ৰধান বৈশিষ্ট্য়ৰ বিষয়ে লিখা । 

উত্তৰঃ প্ৰয়োগবাদ দৰ্শনৰ প্ৰধান বৈশিষ্ট্য় হৈছে- 

১) প্ৰয়োগবাদে পূৰ্ব নিৰ্ধাৰিত সত্য়ত বিশ্বাস নকৰে । 

২) প্ৰয়োগবাদৰ মতে সত্য় ফলাফলৰদ্বাৰা নিৰ্ধাৰিত হয় । 

প্ৰশ্নঃ 20. প্ৰয়োগবাদী শিক্ষাৰ দুটা বৈশিষ্ট্য়ৰ বিষয়ে উল্লেখ কৰা । 

উত্তৰঃ ১) প্ৰয়োগবাদী দৰ্শনৰ মতে শিক্ষা এক জীৱনজোৰা প্ৰক্ৰিয়া । 

২) প্ৰয়োগবাদী দৰ্শনৰ মতে শিক্ষা হ’ল অভিজ্ঞতাৰ এক পুনঃসংগঠন প্ৰক্ৰিয়া । 

প্ৰশ্নঃ 21. প্ৰয়োগবা দৰ্শনৰ মতে দুটা শিক্ষাৰ লক্ষ্যৰ কথা উল্লেখ কৰা । 

উত্তৰঃ প্ৰয়োগবাদ দৰ্শনৰ মতে দুটা শিক্ষা লক্ষ্য হৈছে – 

১) মানৱ জীৱনৰ নতুন মূল্যবোধৰ সৃষ্টি । 

২) শিশুৰ সৰ্বাংগীণ বিকাশ সাধন কৰা । 

প্ৰশ্নঃ 22. প্ৰয়োগবাদ দৰ্শনৰ মতে পাঠ্যক্ৰমৰ ৰচনাৰ দুটা নীতি উল্লেখ কৰা । 

উত্তৰঃ ১) উপযোগিতাৰ নীতি ।

২) আগ্ৰহৰ নীতি । 

প্ৰশ্নঃ 23. প্ৰয়োগবাদ দৰ্শনে গ্ৰহণ কৰা দুটা শিক্ষা পদ্ধতিৰ কথা উল্লেখ কৰা । 

উত্তৰঃ প্ৰয়োগবাদ দৰ্শনে গ্ৰহণ কৰা দুটা শিক্ষা পদ্ধতি হ’ল- 

১) প্ৰকল্প পদ্ধতি ।

২) পৰীক্ষণ পদ্ধতি । 

প্ৰশ্নঃ 24. প্ৰয়োগবাদ দৰ্শনে শিক্ষা ব্যৱস্থাত কেনেধৰণৰ অনুশাসনৰ পোষকতা কৰে ? 

উত্তৰঃ প্ৰয়োগবাদ দৰ্শনে শিক্ষা ব্যৱস্থাত  তলত দিয়া ধৰণৰ  অনুশাসনৰ পোষকতা কৰে-

১) সামাজিক অনুশাসন । 

২) গণতান্ত্ৰিক অনুশাসন । 

প্ৰশ্নঃ 25. প্ৰয়োগবাদ দৰ্শনৰ দুটা সুফল উল্লেখ কৰা । 

উত্তৰঃ প্ৰয়োগবাদ দৰ্শনৰ দুটা সুফল হৈছে – 

১) প্ৰয়োগবাদে ক্ৰিয়াৰ ওপৰত অধিক গুৰুত্ব দান কৰে । 

২) প্ৰয়োগবাদে গণতান্ত্ৰিক আৰু সামাজিক মূল্যবোধত অধিক গুৰুত্ব দিয়ে । 

প্ৰশ্নঃ 26. প্ৰয়োগবাদ দৰ্শনৰ দুটা কুফল উল্লেখ কৰা । 

উত্তৰঃ প্ৰয়োগবাদ দৰ্শনৰ দুটা কুফল হৈছে- 

১) প্ৰয়োগবাদে পূৰ্ব নিৰ্ধাৰিত আৰু স্থায়ী সত্য় তথা মূল্যবোধত বিশ্বাস নকৰে । 

২) প্ৰয়োগবাদে আধ্যাত্মিক জগতখনৰ ওপৰত গুৰুত্ব আৰোপ কৰা নাই । 

প্ৰশ্নঃ 27. আদৰ্শবাদ দৰ্শনৰ মূল চাৰিটা নীতি উল্লেখ কৰা । 

উত্তৰঃ আদৰ্শবাদ দৰ্শনৰ মূল চাৰিটা নীতি হ’ল- 

১) বিশ্বব্ৰহ্মাণ্ডৰ সকলো বিষয়বস্তুৰ অন্তৰালত এক ঈশ্বৰৰ বা ঐশ্বৰিক শক্তি বিদ্যামান, যিসকলে বাস্তৱৰ স্ৰষ্টা । 

২) মন আৰু আত্মাই হ’ল প্ৰকৃত বাস্তৱ । 

৩) মানহ ঈশ্বৰৰ শ্ৰেষ্ঠ সৃষ্টি, আধ্যাত্মিক শক্তি যাৰ বিশেষত্ব । 

৪) ভগৱান বা পৰমাত্মাই সকলো জ্ঞানৰ উত্স । 

প্ৰশ্নঃ 28. আদৰ্শবাদৰ মতে শিক্ষাৰ লক্ষ্য় কেনে হোৱা উচিত ? 

উত্তৰঃ আদৰ্শবাদৰ মতে শিক্ষাৰ লক্ষ্য হ’ল- 

১) আদৰ্শবাদ দৰ্শনৰ মতে শিক্ষাৰ প্ৰথম লক্ষ্য হ’ল- ব্যক্তিৰ সৰ্বাত্মক বিকাশৰ মাজেৰে আত্ম উপলব্ধি সহায় কৰা । 

২) নৈতিক মূল্যবোধৰ লগতে সত্য়, শিৱ, সুন্দৰৰ পৰম মূল্যবোধসমূহৰ উপলব্ধি আদৰ্শবাদৰ মতে শিক্ষাৰ গুৰুত্বপূৰ্ণ লক্ষ্য । 

৩)  নৈতিক মূল্যবোধৰ লগতে সত্য়, শিৱ, সুন্দৰৰ পৰম মূল্যবোধসমূহৰ উপলব্ধি আদৰ্শবাদৰ মতে শিক্ষাৰ গুৰুত্বপূৰ্ণ লক্ষ্য । 

৪) এই দৰ্শনৰ আন এক গভীৰ লক্ষ্য় হ’ল সজ চৰিত্ৰ আৰু সজ আদৰ্শ গঠনৰ মাজেৰে পৱিত্ৰ জীৱন-যাপনৰ প্ৰস্তুতি প্ৰদান কৰা । 

প্ৰশ্নঃ 29. আদৰ্শবাদ দৰ্শনে গ্ৰহণ কৰা শিক্ষাৰ কেইটামান পদ্ধতি উল্লেখ কৰা । 

উত্তৰঃ আদৰ্শবাদ দৰ্শনে গ্ৰহণ কৰা শিক্ষাৰ কেইটামান পদ্ধতি হ’ল- 

ক) চক্ৰেটিছৰ প্ৰশ্নোত্তৰ পদ্ধতি । 

খ) প্লেটোৰ কথোপকথন পদ্ধতি । 

গ) এৰিষ্টটলৰ আগমন-নিগমন পদ্ধতি । 

ঘ) ফ্ৰৱেলৰ কিন্দাৰ গাৰ্টেন পদ্ধতি । 

প্ৰশ্নঃ 30. আদৰ্শবাদে কেনে ধৰণৰ অনুশাসনৰ পোষকতা কৰে ? 

উত্তৰঃ আদৰ্শবাদ দৰ্শনৰ মতে সম্পূৰ্ণ অনুশাসনৰ পৰিৱেশতহে শিশুসকলৰ বিকাশ সম্ভৱ হয় । অনুশাসিত জীৱনে অনুশাসিত মনৰ জন্ম দিয়ে, যিয়ে নেকি আত্ম উপলব্ধি আৰু আধ্যাত্মিক লক্ষ্য আহৰণত সহায় হয় । অৱশ্যে এই দৰ্শনে বাহ্যিক অনুশাসন অথবা শাৰীৰিক শাস্তিৰ পোষকতা নকৰে । আদৰ্শবাদ দৰ্শনে অভ্যন্তৰীণ অনুশাসন আৰু আত্ম অনিশাসনৰ ওপৰত বিশ্বাসী । নৈতিক তথা সাংস্কৃতি মানদণ্ডৰ আধাৰত পৰিশোধ কৰিব পাৰিলে আভ্য়ন্তৰীণ অনুশাসন সম্ভৱপৰ হয় । আকৌ, আত্মবিশ্লেষণ, অন্তঃদৰ্শন তথা জীৱনৰ প্ৰতি সুনিয়ন্ত্ৰিত দৃষ্টিভংগীয়ে আত্ম অনুশাসন জন্ম দিয়াত সহায় কৰে । আদৰ্শবাদ দৰ্শনৰ মতে বিদ্যালয়ত শিক্ষাৰ্থীৰ কাম-কাজ নিয়ন্ত্ৰিত আৰু নিৰ্দেশিত হোৱাটো উচিত আৰু মৰম-চেনেহ তথা সহানুভূতিশীল পৰিৱেশ বিৰাজ কৰা উচিত । 

প্ৰশ্নঃ 31. আদৰ্শবাদ দৰ্শনৰ চাৰিটা বৈশিষ্ট্য় লিখা । 

উত্তৰঃ আদৰ্শবাদ দৰ্শনৰ চাৰিটা বৈশিষ্ট্য় হ’ল- 

১) আদৰ্শবাদ দৰ্শন মতে জগতখন মনোধমী । জগতৰ সকলো বস্তুৱে অস্তিত মনৰ ওপৰত নিৰ্ভৰ কৰে । 

২) আদৰ্শবাদে জগতখনৰ আধ্যাত্মিক ব্যাখ্যা আগবঢ়াইছে । জগতখন যিহেতু মনোধৰ্মী গতিকে ই জড় বা যান্ত্ৰক নহয়, আধ্যাত্মিকহে । 

৩) আদৰ্শবাদী চিন্তাধাৰ মূলতঃ মানৱকেন্দ্ৰিক । মানুহৰ মন বা চেতনাৰ কাৰণে ই বস্তুজগতৰ পৰা পৃথক । 

৪) আদৰ্শবাদ দৰ্শনত মূলতঃ প্ৰমূল্যৰ ওপৰত অধিক গুৰুত্ব দিয়া দেখিবলৈ পোৱা যায় । আত্মজ্ঞানেই হ’ল পৰম প্ৰমূল্য আৰু ব্যক্তি হ’ল প্ৰমূল্য় ৰক্ষাৰ বাবে দায়বদ্ধ ।

প্ৰশ্নঃ 32. প্ৰকৃতিবাদৰ পাঁচটা বৈশিষ্ট্য় বিষয়ে লিখা । 

উত্তৰঃ প্ৰকৃতিবাদৰ পাণচটা বৈশিষ্ট্য় হ’ল – 

১) প্ৰকৃতিবাদ দৰ্শনে বাস্তৱিক আৰু পৰীক্ষণ জ্ঞানৰ ওপৰত অধিক বিশ্বাসকৰে, আধ্যাত্মিক জ্ঞানৰ ওফৰত নহয় । 

২) প্ৰকৃতিবাদ দৰ্শনে প্ৰাকৃতিক নিয়ম-কানুনৰ দ্বাৰা শিক্ষাৰ্থী প্ৰকৃতি জীৱন গঢ় দিয়াটো বিচাৰে । 

৩) প্ৰকৃতিবাদ দৰ্শনৰ মতে প্ৰকৃতিয়ে হ’ল সকলো আৰু প্ৰকৃতি হ’ল শিশুৰ প্ৰথম শিক্ষক । 

৪) প্ৰকৃতিবাদ দৰ্শনত কোনো স্থিৰ, নিৰ্ধাৰিত, বাহ্যিক বা আধ্যাত্মিক সত্য়ৰ স্থান নাই । 

৫) প্ৰকৃতিবাদ দৰ্শনত ব্যক্তিৰ ‘মন’ বা ‘আত্মাৰ” ব্যাখ্যা বা আলোচনা পোৱা নাযায় । 

প্ৰশ্নঃ 33. প্ৰকৃতিবাদ দৰ্শনৰ পাঁচটা মূল নীতি উল্লেখ কৰা । 

উত্তৰঃ প্ৰকৃতিবাদ দৰ্শনৰ পাঁচটা মূল নীতি হ’ল –

১) প্ৰকৃতিবাদৰ মতে প্ৰকৃতিয়েই হ’ল সকলো জ্ঞানৰ প্ৰধান উত্ল । 

২)  প্ৰকৃতিবাদৰ মতে নিৰ্ধাৰিত প্ৰয়োজন পূৰণৰ বাবে মূল্য়বোধ সৃষ্টি হয় । 

৩) প্ৰকৃতিবাদৰ মতে সকলো হত্য, আদৰ্শ, মূল্যবোধ প্ৰকৃতি লগত জড়িত । 

৪) প্ৰকৃতিবাদৰ ব্যক্তিয়েই মূল প্ৰধান্য় লাভ কৰে । 

৫) প্ৰকৃতিবাদ দৰ্শন মতে সত্য় জ্ঞান বা বাস্তৱ জ্ঞান ইন্দ্ৰিয় পৰাই আহৰণ কৰা হয় । 

প্ৰশ্নঃ 34. প্ৰকৃতিবাদৰ চাৰিটা শিক্ষানীতিৰ বিষয়ে উল্লেখ কৰা । 

উত্তৰঃ প্ৰকৃতিবাদৰ চাৰিটা শিক্ষানীতি- 

১) প্ৰকৃতিবাদ দৰ্শনৰ মতে শিক্ষা ব্যৱস্থাত শিশুসকলেই মুখ্য ভূমিকা পালন কৰে । 

২) প্ৰকৃতিবাদে শিশুৰ আচৰণ, প্ৰকৃতিৰ ওপৰত ভিত্তি কৰি শিক্ষা ব্যৱস্থা প্ৰস্তুত কৰাত গুৰুত্ব প্ৰদান কৰে । 

৩) প্ৰকৃতিবাদে শিক্ষাৰ ক্ষেত্ৰত শিশুসকলক সৰ্বোচ্চ স্বাধীনতা প্ৰদান কৰে । 

৪) প্ৰকৃতিবাদ দৰ্শনৰ মতে শিক্ষা ব্যৱস্থাত কিতাপ বা পুথি সম্বন্ধীয় জ্ঞানৰ কোনো স্থান নাই । 

প্ৰশ্নঃ 35. প্ৰকৃতিবাদ দৰ্শনৰ চাৰিটা কু-ফল বা দোষ আলোচনা কৰা । 

উত্তৰঃ প্ৰকৃতিবাদ দৰ্শনৰ চাৰিটা কু-ফল বা দোষ হ’ল –

১) প্ৰকৃতিবাদ দৰ্শনৰ এটা প্ৰধান দোষ হ’ল যে এই দৰ্শনে শিল্প আৰু আন আন যোগাযোগ মাধ্য়মসমূহক সম্পূৰ্ণৰূপে আওকাণ কৰিছে । 

২) অনেয় এটা উল্লেখযোগ্য় দুৰ্বলতা হ’ল যে কেৱল শাৰীৰিক বা বাহ্য়িক জগতখন শিক্ষা লাভৰ ক্ষেত্ৰত উপযোগী নহয় । 

৩) এই দৰ্শনৰ আন এটা ডাঙৰ দোষ এয়ে যে শিক্ষা আহৰণৰ ক্ষেত্ৰত কণ কণ ছাত্ৰ-ছাত্ৰীক অবাধ স্বাধীনতা প্ৰধান কৰাটো কেতিয়াও উচিত হ’ব নোৱাৰে । 

৪) প্ৰকৃতিবাদ দৰ্শনৰ আন এক উল্লেখযোগ্য কু-ফল এয়ে যে- স্কুল স্থাপনৰ বাবে সদয়ে উপযোগী প্ৰকৃতিক পৰিৱেশ বিচাৰি পোৱাটো সম্ভৱ নহয় । 

প্ৰশ্নঃ 36. প্ৰয়োগবাদ দৰ্শনৰ মূল নীতি চাৰিটা উল্লেখ কৰা । 

উত্তৰঃ ক) প্ৰয়োগবাদ দৰ্শনৰ মতে মানুহৰ ব্যৱহাৰিক জীৱনত কামত অহা বিষয়বস্তুহে অৰ্থপূৰ্ণ আৰু মূল্যৱান । 

খ) প্ৰয়োগবাদ দৰ্শনৰ মতে জগতত সকলো বস্তুৱেই পৰিৱৰ্তনশীল কোনো বস্তুৱেই স্থায়ী আৰু পূৰ্ব নিৰ্ধাৰিত নহয় । 

গ) প্ৰয়োগবাদৰ মতে এই জগতত কোনো চিৰন্তন বা পৰম সত্য় নাই । মানুহেই হ’ল সকলো আৰু বাস্তৱতাৰ স্ৰষ্টা । 

ঘ) প্ৰয়োগবাদৰ মতে মানুহে প্ৰয়োজনীয় মূল্যবোধ নিজে সৃষ্টি কৰি লয়, কোনো মূল্যবোধেই পূৰ্ব নিৰ্ধাৰিত, পৰম বা চিৰন্তন নহয় । 

প্ৰশ্নঃ 37. প্ৰয়োগবাদ দৰ্শনৰ পাঁচটা মূল বৈশিষ্ট্য়ৰ বিষয়ে উল্লেখ কৰা । 

উত্তৰঃ প্ৰয়োগবাদ দৰ্শনৰ পাঁচটা মূল বৈশিষ্ট্য় হ’ল- 

ক) প্ৰয়োগবাদ দৰ্শনে পূৰ্বনিৰ্ধাৰিত সত্য়ত বিশ্বাস নকৰে । এই দৰ্শনৰ মতে পৃথিৱীত কোনো কথা বা বিষয়েই চিৰদিনৰ বাবে সত্য়, সুন্দৰ আৰু গ্ৰহণযোগ্য় ৰূপত বৰ্তি থাকিব নোৱাৰে । 

খ) প্ৰয়োগবাদ হ’ল ক্ৰিয়াভিত্তিক দৰ্শন । চিন্তা নতুবা আদৰ্শতকৈ প্ৰয়োগবাদ দৰ্শনে ক্ৰিয়া বা কাৰ্যৰ ওপৰত অধিক প্ৰাধান্য় কৰে । 

গ) প্ৰয়োগবাদে মানৱ শক্তিৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰে । মানৱ শক্তিব বলতেই মানুহে যিকোনো পৰিৱেশকেই নিজৰ তথা সমাজৰ উপযোগী আৰু উপকাৰী হিচাপে গঢ়ি তুলিবলৈ সক্ষম হয় । 

ঘ) প্ৰয়োগবাদ উপযোগিতাৰ ওপৰত বিশ্বাসী । যিকোনো সত্য় বা নীতিৰ বাস্তৱিকতা উপযোগীতাৰ ওপৰত নিৰ্ভৰ কৰে । 

প্ৰশ্নঃ 38. পাঠ্যক্ৰম প্ৰস্তুতকৰণৰ ক্ষেত্ৰত প্ৰয়োগবাদে কেনে ধৰণৰ নীতি গ্ৰহণ কৰে উল্লেখ কৰা । 

উত্তৰঃ প্ৰয়োগবাদ দৰ্শনে পাঠ্যকেৰম ৰচনাৰ ক্ষেত্ৰত গ্ৰহণ কৰা নীতি হ’ল- 

ক) উপযোগিতাৰ নীতি ।

খ) আগ্ৰহ নীতি ।

গ) শিশুৰ কাৰ্য আৰু অভিজ্ঞতাৰ নীতি । 

ঘ) অভিজ্ঞতাৰ নীতি ।

ঙ) সহঃসম্বন্ধৰ নীতি । 

প্ৰশ্নঃ 39. প্ৰয়োগবাদ দৰ্শনৰ মতে শিক্ষাদানৰ কেইটামান পদ্ধতিৰ বিষয়ে উল্লেখ কৰা । 

উত্তৰঃ প্ৰয়োগবাদ দৰ্শনৰ মতে শিক্ষাদানৰ কেইটামান পদ্ধতি হ’ল – 

ক) প্ৰকল্প পদ্ধতি । 

খ) কামৰ মাজেৰে শিক্ষা ।

গ) পৰীক্ষণ পদ্ধতি । 

ঘ) সমন্বয় পদ্ধতি । 

ঙ) আলোচনা পদ্ধতি । 

প্ৰশ্নঃ 40. প্ৰয়োগবাদ দৰ্শনৰ চাৰিটা গুণৰ বিষয়ে উল্লেখ কৰা । 

উত্তৰঃ প্ৰয়োগবাদ দৰ্শনৰ চাৰিটা গিণ- 

ক) প্ৰয়োগবাদ দৰ্শনৰ শিক্ষা জগতলৈ প্ৰধান আৱদান হ’ল প্ৰকল্প পদ্ধতি । 

খ) প্ৰয়োগবাদ দৰ্শনে পুথিগত জ্ঞান আহৰণ কৰাতকৈ শিশুসকলে ক্ৰিয়াত্মক জ্ঞান আহৰণ কৰাত অধিক গুৰুত্ব আৰোপ কৰে । 

গ) প্ৰয়োগবাদ দৰ্শনে ক্ৰিয়াৰ ওপৰত বেছি গুৰুত্ব দিয়ে । সেয়ে ‘কামৰ জৰিয়তে শিক্ষা’ হৈছে এই দৰ্শনৰ শিক্ষা জগকলৈ এক বিশেষ আৱদান । 

ঘ) প্ৰয়োগবাদে সামাজিক আৰু গণতান্ত্ৰিক মূল্যবোধত অধিত গুৰুত্ব দিয়ে । 

প্ৰশ্নঃ 41. প্ৰয়োগবাদৰ চাৰিটা দোষ উল্লেখ কৰা । 

উত্তৰঃ প্ৰয়োগবাদৰ চাৰিটা দোষ হৈছে- 

১) প্ৰয়োগবাদে স্থায়ী সত্য় মূল্যবোধত বিশ্বাস নকৰে । 

২) প্ৰয়োগবাদে আধ্যত্মিক জগতকনৰ ওপৰত গুৰুত্ব আৰোপ কৰা নাই । 

৩) প্ৰয়োগবাদে শিক্ষাৰ কোনো পূৰ্ব নিৰ্ধাৰিত লক্ষ্যত বিশ্বাস নকৰে । 

৪) প্ৰয়োগবাদ দৰ্শনে কোনো ধৰণৰ চৰম মানদণ্ডৰ ওপৰত গুৰুত্ব আৰোপ নকৰে । 

প্ৰশ্নঃ 42. আদৰ্শবাদ মানে কি ? 

উত্তৰঃ আদৰ্শবাদ বা ভাৱবাদ হৈছে দৰ্শনৰ এক অতি পুৰণি চিন্তাধাৰা । ই বৰ্তমানেও মানুহৰ বিভিন্নভাৱে প্ৰভাৱ বিস্তাৰ কৰি আহিছে । আদৰ্শবাদী সকলে মন’ আৰু ‘আত্ম’ৰ ধাৰণাৰ আধিক গুৰুত্ব দিয়ে । আদৰ্শবাদ দৰ্শনৰ লগত জড়িত মুখ্য দাৰ্শনিকসকল হ’ল – চক্ৰেটিছ, প্লেটো, ডেকাৰ্ট, কান্ট, বাৰ্লি, স্পিনোজা আদি বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তি বিজ্ঞানৰ দিনটো এই দৰ্শনে মানুহৰ মন আৰু আচৰণ প্ৰভাৱিত আৰু পৰিচালিত কৰাৰ প্ৰয়োজন অনুভৱ কৰা হয় । আমাৰ দেশত অতি প্ৰাচীন কালৰে পৰাই ঋষি মুনি আৰু দাৰ্শনিক সকলৰ মন এই চিন্তাধাৰাই প্ৰভাৱিত কৰি আহিছে । যাৰ প্ৰতিফলন হৈছে বেদ আৰু উপনিষদসমূহৰ যোগেদি । বৰ্তমানেও তাৰ প্ৰাসংগিকতা বহলভাৱে অনুভৱ কৰা হয় । 

অধ্যাত্মবাদৰ যোগেদিহে জীৱনৰ চৰম সত্য় অনুভৱ কৰিব পৰা যায় । বস্তুবাদী জগতৰ জ্ঞান হৈছে অসম্পূৰ্ণ আৰু একপক্ষীয়, ইয়াক সম্পূৰ্ণ কৰিব পৰা যায় আত্মিক দিশৰ বিবেচনাৰ দ্বাৰাহে, গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰেই পৰিচালিকা শক্তি স্বৰূপ এক আত্মিক শক্তি বিদ্যমান । এই চিৰন্তন শক্তি স্বৰূপ পৰম ব্ৰহ্মই হৈছে প্ৰকৃত বাস্তৱ আৰু হৈছে পৰম সত্য় । এই সত্য়ৰ উপলব্ধিয়েই হৈছে আমাৰ জীৱনৰ চৰম বা সৰ্বোচ্চ লক্ষ্য় আৰু ইয়েই হৈছে প্ৰকৃত জ্ঞান। ইন্দিয়ৰ যোগেদি অনুভৱহে আদৰ্শবাদৰ বাবে প্ৰগণযোগ্য । 

প্ৰশ্নঃ  43. আদৰ্শবাদৰ প্ৰধান হোতা বা প্ৰবক্তাসকলৰ নাম লিখা ।

উত্তৰঃ আগৰ্শবাদী দৰ্শনৰ মূল হোতা বা প্ৰৱক্তাসকল হ’ল প্লেটো, কমেনিয়াচ, কান্ট, পেষ্টালজী, হেগেল, ফ্ৰৱেল, ৰবীন্দ্ৰনাথ ঠাকুৰ, মহাত্মা গান্ধী ইত্য়াদি । 

প্ৰশ্নঃ 44. আদৰ্শবাৰ মতে শিক্ষাৰ লক্ষ্য় কি হোৱা উচিত ? 

উত্তৰঃ ভাববাদী দৰ্শনৰ মতে ঈশ্বৰৰ এটি প্ৰধান সৃষ্টিধৰ্মী কৰ্ম হ’ল মানুহৰ ব্যক্তিত্ব গঠন । ভাববাদী দৰ্শনৰ শিক্ষাৰ মূল উদ্দেশ্য হ’ল শিশুবিলাকক বিকাশৰ পথত লৈ গৈ এজন পূৰ্ণাংগ মানুহৰূপে গঢ়ি তোলা । শিক্ষাৰ লক্ষ্য়ই সৰ্বজনীন শিক্ষা আৰু নৈতিক আৰু আধ্যাত্মিক মূল্যবোধৰ শিক্ষা দিয়াৰ ওপৰত গুৰুত্ব দিয়ে । 

প্ৰশ্নঃ 45. আদৰ্শবাদীসকলে সমৰ্থন কৰা শিক্ষণ পদ্ধতিৰ বিষয়ে উল্লেখ কৰা । 

উত্তৰঃ আদৰ্শবাদীসকলে পৰম্পৰাগত শিক্ষণ প্ৰণালীক সমৰ্থন কৰে । সেইবোৰ হ’ল বক্তৃতা, প্ৰশ্নৰ ব্যৱহাৰ, আলোচনা আদি । 

প্ৰশ্নঃ 46. প্ৰকৃতিবাদ মানে কি ?

উত্তৰঃ আদৰ্শবাদৰ দৰেই প্ৰকৃতিবাদো হৈছে দাৰ্শনিকসকলৰ এক পুৰণি চিন্তা । এই দৰ্শনে সকলো কথা পদাৰ্থবোৰ সৃষ্টিৰে বিচাৰ কৰে । জড় আৰু জীৱজগতৰ বাস্তৱত আৰু প্ৰত্যক্ষ ইন্দ্ৰিয় অভিজ্ঞতাকহে বিচাৰৰ বিষয় হিচাপে এই দৰ্শনত গণ্য কৰা হয় । মাথোঁন প্ৰকৃতিয়েহে আমাৰ সমগ্ৰ দাৰ্শনিক চিন্তা আৰু বিচাৰ বিবেচনাৰ প্ৰকৃত উত্তৰ দিব পাৰে । প্ৰকৃতিবাদে পদাৰ্থক বা প্ৰকৃতিক ভগৱানৰ প্ৰভাৱৰ পৰা পৃথক কৰে আৰু মন বা আত্মাক জড় জগতৰ আন্তৱৰ্তীয় বিষয় স্বৰূপে গণ্য় কৰে । সকলো আত্মিক ক্ষমতাকেই পৰিহাৰ কৰি সম্পূৰ্ণ বাস্তৱ আৰু প্ৰত্যেক্ষ অভিজ্ঞতাৰে প্ৰকৃতিৰ ৰহস্য উদ্ঘাটন কৰাটোৱেই হৈছে প্ৰকৃতিবাদৰ মূল উদ্দেশ্য । প্ৰকৃতি জৈৱিক অস্তিস্ব থকাৰ কথা ই স্বীকাৰ কৰে । সেয়েহে মানুহৰ সকলো জৈৱিক, মনোবৈজ্ঞানিক আৰু সামাজিক ক্ৰিয়া আচৰণৰ মূল উত্স হৈছে প্ৰবৃত্তিসমূহ । এনে জৈৱিক প্ৰবণতা মনোবিজ্ঞানে বাস্তৱ আৰু বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰিব পাৰে । 

প্ৰশ্নঃ 47. শিক্ষাৰ প্ৰাকৃতিক অৱস্থাত শিক্ষকৰ ভূমিকা ব্যাখ্যা কৰা । 

উত্তৰঃ প্ৰকৃতিবাদী শিক্ষা আঁচনিত শিক্ষকে শিক্ষণ প্ৰক্ৰিয়াত হস্তক্ষেপ কৰিব নোৱাৰে । শিক্ষকৰ দায়িত্ব হ’ব শিক্ষণ প্ৰক্ৰিয়াৰ বাবে গ্ৰহণযোগ্য বাতাবৰণ সৃষ্টি কৰা । তেওঁ শিক্ষণ প্ৰক্ৰিয়াত সুবিধাপ্ৰদক হিচাপে ৰ’ব । 

প্ৰশ্নঃ 48. প্ৰকৃতিবাদৰ দৰ্শন কি কি কাৰণত স,মালোচনাৰ সন্মুখীন হৈছে ? 

উত্তৰঃ প্ৰকৃতিকবাদী দৰ্শনক তলত দিয়া ধৰণেৰে সমালোচনা কৰা দেখা যায় – 

১) সকলো শিশুৰ ক্ষেত্ৰত প্ৰাকৃতিক ধাৰণাৰে শিক্ষাৰ সুবিধা প্ৰদান কৰাটো বৰ জটিল কাম । 

২) বৰ্তমান সময়ৰ শিক্ষাত পাঠ্যপুথি আৰু আন আন আহিলাসমূহ অবিহনে শিক্ষাদান আৰু আহৰণ অসম্ভৱ হ’ব । 

৩) শিশুসকল হ’ল অপৰিক্ক, সেয়েহে চূড়ান্তভাৱে স্বাধীনতা প্ৰদান কৰাটো আন্যায় হ’ব । 

প্ৰশ্নঃ 49. চমু টোকা লিখাঃ 

ক) শাৰীৰিক প্ৰকৃতিবাদঃ  

উত্তৰঃ দাৰ্শনিক ৰুছে এই মতবাদক বিশ্বাস কৰিছিল ষ শাৰীৰিক প্ৰকৃতিবাদী দাৰ্শনিক সকলৰ মতে মানুহৰ জীৱনটো প্ৰকৃতিৰ কিছুমান নীতি নিয়ম মতে চলে বা চলি থাকে । তেওঁলোকৰ মতে মানৱ জীৱনটো প্ৰকৃতিৰ অধীন আৰু সকলো ক্ষেত্ৰতে প্ৰকৃতিয়ে আমাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে । 

খ) জৈৱিক প্ৰকৃতিবাদঃ 

উত্তৰঃ জৈৱিক প্ৰকৃতিবাদৰ প্ৰধান পৃষ্ঠপোষক আছিল ডাৰউইন । এই জৈৱিক প্ৰকৃতিবাদে জীৱজগতৰ ক্ৰমবিৱৰ্তনবাদত বিশ্বাস কৰে । এই অনুসৰি সকলো জীৱৰেই এক গতি প্ৰৱণতা আৰু বিকাশ প্ৰৱণতা নিহিত থাকে আৰু তাৰ ফলত জীৱ নিম্নতাৰ পৰা উচ্চতাৰ পৰ্যায়লৈ গতি কৰে । জৈৱ প্ৰকৃতিবাদী দাৰ্শনিক সকলৰ মতে প্ৰকৃতি আৰু পৰিৱেশৰ লগত খাপ খুৱাই নিজকে উপযুক্তভাৱে গঢ়ি তোলাটোৱেই শিক্ষাৰ উদ্দেশ্য হ’ব লাগে । 

গ) যান্ত্ৰি প্ৰকৃতিবাদঃ 

উত্তৰঃ যান্ত্ৰীক প্ৰকৃতিবাদৰ মতে সমগ্ৰ বিশ্ব এক যান্ত্ৰিক বহিঃশক্তিৰ দ্বাৰা নিয়ন্ত্ৰিত আৰু পৰিচালিত । তেওঁলোকে মানুহকো এক যন্ত্ৰ হিচাপে বিবেচনা কৰে । এই যন্ত্ৰটো বহিঃজগতৰ পদাৰ্থ বাবহিঃপৰিৱেশৰ উদ্দীপকৰ দ্বাৰা প্ৰত্যাৱৰ্ত ক্ৰিয়াৰ যোগেদি যান্ত্ৰিকভাৱে পৰিচালিত হয়।  

প্ৰশ্নঃ 50. প্ৰয়োগবাদ কি ? 

উত্তৰঃ দৰ্শন হ’ল জগতৰ স্বৰূপ অনুসন্ধান কৰা আৰু চৰম মূল্যৰাজি আৱিস্কাৰ কৰাৰ এক প্ৰচেষ্ঠা । কিন্তু প্ৰয়োগবাদে এনে এটা দৃষ্টিভঙ্গী মানি ল’ব নোখোজে । “Pragmatism’ ইংৰাজী এই মূল শব্দটো গ্ৰীক “pragmatus’ ৰ পৰা উত্পত্তি হৈছে যাৰ অৰ্থ হৈছে ‘ক্ৰিয়া কৰা’ বা ‘কাৰ্য সম্পাদনা কৰা’ ইয়াৰ পৰাই অনুমান-কৰিব পাৰি যে প্ৰয়োগবাদে চিন্তাতকৈ কামৰ ওপৰতহে অধিক প্ৰাধান্য দিয়ে । ক্ৰিয়াত অধিক গুৰুত্ব দিয়াৰ বাবেই ইয়াত বিশ্বাস কৰা হয় যে ক্ৰিয়া প্ৰথমেই উদ্ভৱ হয় আৰু এনে  ক্ৰিয়াইহে চিন্তাৰ অৱতাৰণা কৰে । মানুহৰ ক্ৰিয়াৰ চিন্তা জন্ম দিয়া বাবে ক্ৰিয়া অভিজ্ঞতা আমাৰ মুখ্য বিবেচিত হয় । সকলো চিন্তা মানুহৰ এই ক্ৰিয়া অভিজ্ঞতাৰে পুনৰ মূল্যায়ন আৰু পুনৰ নিৰ্দ্ধাৰণ কৰি ল’ব লাগে । এই পৃথিৱীত সেয়েহে কোনো কথা আৰু অভিজ্ঞতাই চিৰদিনৰ বাবে সত্য আৰু সুন্দৰ স্বৰূপ পৰিগণিত হ’ব অথবা বৰ্তি থাকিব নোৱাৰে । মানুহে নিজেই সকলে কথাৰ মূল্য নিজ অভিজ্ঞতাৰে নিৰ্দ্ধাৰণ কৰে । কোনো কথাৰ সত্য় মানুহৰ দ্বাৰাহে নিৰ্দ্ধাৰিত হয়, ভগৱানৰ দ্বাৰা নহয় । এয়ে হৈছে প্ৰয়োগবাদ দৰ্শনৰ বৰ্তমান বিবেচ্য বিষয় । প্ৰয়োগবাদী দৰ্শনৰ মূল চিন্তাবিদসকল হ’ল জন ডিউই, পিয়াৰ্চ, জেম্চ চিলাৰ, বেকন, কিলপেট্ৰিক ইত্যাদি । 

প্ৰশ্নঃ 51. শিক্ষাৰ ক্ষেত্ৰত প্ৰয়োগবাদৰ দৰ্শন কেইটামান সু্থ প্ৰভাৱৰ বিষয়ে লিখা । 

উত্তৰঃ প্ৰয়োগবাদ দৰ্শনৰ কেইটামান সুস্থ প্ৰভাৱৰ বিষয়ে তলত  লিখা হ’ল – 

ক) প্ৰয়োগবাদ দৰ্শনে শিক্ষাৰ সামাজিক দিশটোৰ ওপৰত গুৰুত্ব দিছে । 

খ) প্ৰয়োগবাদে ক্ৰিয়াৰ যোগেদি শিক্ষা নীতিত গুৰুত্ব দিছে । ইয়াৰ ফলত শিক্ষা বাস্ৱ জীৱনৰ ওচৰ চাপিল । 

গ) এই দৰ্শনে শিক্ষাৰ উত্পাদনমুখীতাৰ দিশটোৰ ওপৰত গুৰুত্ব দিছে । 

ঘ) প্ৰয়োগবাদ দৰ্শনে শিশুৰ সামাজিক ক্ৰিয়াত আংশ গ্ৰহণৰ যোগে দি সামাজিক অনুশাসনৰ মনোভাৱ গঢ় দি তোলাৰ পোষকতা কৰিছে সি সচাঁকৈয়ে আদৰ্ণীয় । ই শিশুসকলৰ মনত দায়িত্বভাৱ জগাই তুলিব । 

প্ৰশ্নঃ 52. আদৰ্শবাদ দৰ্শনৰ বৈশিষ্ট্য় লিখা । 

উত্তৰঃ আদৰ্শবাদ দৰ্শনৰ চাৰিটা বৈশিষ্ট্য় হ’ল- 

১) আদৰ্শবাদ দৰ্শন মতে জগতখন মনোধমী । জগতৰ সকলো বস্তুৱে অস্তিত মনৰ ওপৰত নিৰ্ভৰ কৰে । 

২) আদৰ্শবাদে জগতখনৰ আধ্যাত্মিক ব্যাখ্যা আগবঢ়াইছে । জগতখন যিহেতু মনোধৰ্মী গতিকে ই জড় বা যান্ত্ৰক নহয়, আধ্যাত্মিকহে । 

৩) আদৰ্শবাদী চিন্তাধাৰ মূলতঃ মানৱকেন্দ্ৰিক । মানুহৰ মন বা চেতনাৰ কাৰণে ই বস্তুজগতৰ পৰা পৃথক । 

৪) আদৰ্শবাদ দৰ্শনত মূলতঃ প্ৰমূল্যৰ ওপৰত অধিক গুৰুত্ব দিয়া দেখিবলৈ পোৱা যায় । আত্মজ্ঞানেই হ’ল পৰম প্ৰমূল্য আৰু ব্যক্তি হ’ল প্ৰমূল্য় ৰক্ষাৰ বাবে দায়বদ্ধ ।

প্ৰশ্নঃ 53. প্ৰকৃতিবাদৰ বৈশিষ্ট্য় বিষয়ে লিখা । 

উত্তৰঃ প্ৰকৃতিবাদৰ পাণচটা বৈশিষ্ট্য় হ’ল – 

১) প্ৰকৃতিবাদ দৰ্শনে বাস্তৱিক আৰু পৰীক্ষণ জ্ঞানৰ ওপৰত অধিক বিশ্বাসকৰে, আধ্যাত্মিক জ্ঞানৰ ওফৰত নহয় । 

২) প্ৰকৃতিবাদ দৰ্শনে প্ৰাকৃতিক নিয়ম-কানুনৰ দ্বাৰা শিক্ষাৰ্থী প্ৰকৃতি জীৱন গঢ় দিয়াটো বিচাৰে । 

৩) প্ৰকৃতিবাদ দৰ্শনৰ মতে প্ৰকৃতিয়ে হ’ল সকলো আৰু প্ৰকৃতি হ’ল শিশুৰ প্ৰথম শিক্ষক । 

৪) প্ৰকৃতিবাদ দৰ্শনত কোনো স্থিৰ, নিৰ্ধাৰিত, বাহ্যিক বা আধ্যাত্মিক সত্য়ৰ স্থান নাই । 

৫) প্ৰকৃতিবাদ দৰ্শনত ব্যক্তিৰ ‘মন’ বা ‘আত্মাৰ” ব্যাখ্যা বা আলোচনা পোৱা নাযায় । 

প্ৰশ্নঃ 54. প্ৰকৃতিবাদ দৰ্শনৰ পাঁচটা মূল নীতি উল্লেখ কৰা । 

উত্তৰঃ প্ৰকৃতিবাদ দৰ্শনৰ পাঁচটা মূল নীতি হ’ল –

১) প্ৰকৃতিবাদৰ মতে প্ৰকৃতিয়েই হ’ল সকলো জ্ঞানৰ প্ৰধান উত্ল । 

২)  প্ৰকৃতিবাদৰ মতে নিৰ্ধাৰিত প্ৰয়োজন পূৰণৰ বাবে মূল্য়বোধ সৃষ্টি হয় । 

৩) প্ৰকৃতিবাদৰ মতে সকলো হত্য, আদৰ্শ, মূল্যবোধ প্ৰকৃতি লগত জড়িত । 

৪) প্ৰকৃতিবাদৰ ব্যক্তিয়েই মূল প্ৰধান্য় লাভ কৰে । 

৫) প্ৰকৃতিবাদ দৰ্শন মতে সত্য় জ্ঞান বা বাস্তৱ জ্ঞান ইন্দ্ৰিয় পৰাই আহৰণ কৰা হয় । 

Essay Type Question: 

প্ৰশ্নঃ 1. আদৰ্শবাদী মানে কি ? দাৰ্শনিক সত্ৰ হিচাপে আদৰ্শবাদৰ নীতিসমূহৰ বিষয়ে আলোচনা কৰা । 

উত্তৰঃ আদৰ্শবাদ বা ভাৱবাদ হৈছে দৰ্শনৰ এক অতি পুৰণি চিন্তাধাৰা । ই বৰ্তমানেও মানুহৰ বিভিন্নভাৱে প্ৰভাৱ বিস্তাৰ কৰি আহিছে । আদৰ্শবাদী সকলে মন’ আৰু ‘আত্ম’ৰ ধাৰণাৰ আধিক গুৰুত্ব দিয়ে । আদৰ্শবাদ দৰ্শনৰ লগত জড়িত মুখ্য দাৰ্শনিকসকল হ’ল – চক্ৰেটিছ, প্লেটো, ডেকাৰ্ট, কান্ট, বাৰ্লি, স্পিনোজা আদি বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তি বিজ্ঞানৰ দিনটো এই দৰ্শনে মানুহৰ মন আৰু আচৰণ প্ৰভাৱিত আৰু পৰিচালিত কৰাৰ প্ৰয়োজন অনুভৱ কৰা হয় । আমাৰ দেশত অতি প্ৰাচীন কালৰে পৰাই ঋষি মুনি আৰু দাৰ্শনিক সকলৰ মন এই চিন্তাধাৰাই প্ৰভাৱিত কৰি আহিছে । যাৰ প্ৰতিফলন হৈছে বেদ আৰু উপনিষদসমূহৰ যোগেদি । বৰ্তমানেও তাৰ প্ৰাসংগিকতা বহলভাৱে অনুভৱ কৰা হয় । 

অধ্যাত্মবাদৰ যোগেদিহে জীৱনৰ চৰম সত্য় অনুভৱ কৰিব পৰা যায় । বস্তুবাদী জগতৰ জ্ঞান হৈছে অসম্পূৰ্ণ আৰু একপক্ষীয়, ইয়াক সম্পূৰ্ণ কৰিব পৰা যায় আত্মিক দিশৰ বিবেচনাৰ দ্বাৰাহে, গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰেই পৰিচালিকা শক্তি স্বৰূপ এক আত্মিক শক্তি বিদ্যমান । এই চিৰন্তন শক্তি স্বৰূপ পৰম ব্ৰহ্মই হৈছে প্ৰকৃত বাস্তৱ আৰু হৈছে পৰম সত্য় । এই সত্য়ৰ উপলব্ধিয়েই হৈছে আমাৰ জীৱনৰ চৰম বা সৰ্বোচ্চ লক্ষ্য় আৰু ইয়েই হৈছে প্ৰকৃত জ্ঞান। ইন্দিয়ৰ যোগেদি অনুভৱহে আদৰ্শবাদৰ বাবে প্ৰগণযোগ্য । 

আদৰ্শবাদৰ মূল নীতিসমূহ- 

১)  আদৰ্শবাদে বিশ্বাস কৰে যে চৰম সত্য় মানুহৰ মনোজগততহে নিহিত হৈ থাকে, বস্তুবাদী জগতত নহয় । আমাৰ আনস্তৰামাৰ যোগেদি পোৱা আধ্যাত্মিক জ্ঞানহে চৰম সত্য় আৰু ইয়াকেই চূড়ান্ত বাস্তৱ স্বৰূপ আদৰ্শবাদী সকলো বিবেচনা কৰে । 

২) এই দৰ্শনে বিশ্বাস কৰে গোটেই বিশ্বতে এক আত্মিক শক্তি বা প্ৰভাৱ বিদ্যামান, যাৰ কেতিয়াও মৃত্যু বা বিনাশ নহয় । এই শক্তিক অনুভৱ কৰিব পৰাটোৱেই হৈছে জীৱনৰ চূডান্ত মূল্যবোধ এই মূল্যবোধৰ উপলব্ধি ব্যক্তিৰ আত্মবিশ্বাস আৰু আত্মঅনুসন্ধানৰ যোগেদিহে সম্ভৱ হ’ব পাৰে । 

৩)  আদৰ্শবাদী দৰ্শনে বিশ্বাস কৰে যে মানুহৰ বিকাশ দুটা পৰিৱেশৰ পৰা সম্ভৱ হয় । এবিধ বাস্তৱ জগতৰ বাস্তৱাদী দৈহিক পৰিৱেশ আৰু আনব্ধ হ’ল মনোজগতৰ আত্মিক পৰিৱেশ । আদৰ্শবাদৰ মতে আত্মিক পৰিৱেশ অধিক গুৰুত্বপূৰ্ণ । 

৪) মানুহে ইন্দ্ৰিয়ৰ যোগেদি আহৰণ কৰা জ্ঞানতকৈ মনৰ যোগেদি আহৰণ কৰা জ্ঞানৰ উপলব্ধি আদৰ্শবাদীসকলে বেছি গুৰুত্ব দিয়ে । 

৫) ব্যক্তিৰ বাহ্যিক অংগৰ বিকাশতকৈ আৰ্থিক দিশৰ ভাব আনুভুতি আদিৰ প্ৰতি আদৰ্শবাদৰ দৰ্শনে অদিক প্ৰধান্য় দিয়ে । 

৬) আদৰ্শবাদে বিশ্বাস কৰে যে মানুহৰ আত্মা হৈছে অবিনাশী আৰু চিৰন্তন, যাৰ কেতিয়াও ধ্বংস বা মৃত্যু নহয় । 

৭) আদৰ্শবাদে জীৱনৰ চিৰন্তন মূল্যবোধ থকাৰ কথা বিশ্বাস কৰে । এই মূল্যবোধ হৈছে সত্য়, শিৱ, সুন্দৰৰ অনুভৱ । 

৮) আদৰ্শবাদীসকলৰ মতে ভগৱানৰ উপলব্ধি অথবা ভগৱানক জানিব পৰাটোকে হৈছে আমাৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ জ্ঞান । 

প্ৰশ্নঃ 2. শিক্ষাৰ তাত্ত্বিক আৰু ব্যৱহাৰিক দিশত আদৰ্শবাদৰ অৱদানসমূহৰ বিষয়ে মল্যায়ন কৰা । 

উত্তৰঃ অতি প্ৰাচীনকালৰে পৰা শিক্ষাৰ ক্ষেত্ৰত আদৰ্শবাদে প্ৰভাৱ বিস্তাৰ কৰি আহিছে । ই শিক্ষাৰ সকলো দিশতে ৰেখাপাত কৰিছে । প্ৰাচীন ভাৰতৰ শিক্ষা আদৰ্শবাদৰ দ্বাৰাই ৰচিত আৰু পৰিচালিত হৈছ্ল । আদৰ্শবাদক জীৱনৰ কৰ্মক্ষেত্ৰ আৰু শিক্ষাক্ষেত্ৰ স্বৰূপে গঢ় দি তুলিছিল । আদৰ্শবাদে ছাত্ৰৰ ব্যক্তিত্বৰ পূৰ্ণ বিকাশ সাধনত গুৰুত্ব আৰোপ কৰে । এই দৰ্শন আধুনিক শিক্ষাৰ বাবেও অতি প্ৰেৰণাদায়ক । শিক্ষাৰ বিভিন্ন তাত্ত্বিক আৰু প্ৰয়োগিক দিশত এই আদৰ্শবাদ দৰ্শনে পেলোৱা প্ৰভাৱৰ বিষয়ে নিম্নলিখিতভাৱে বৰ্ণমা কৰিব পাৰি । 

ক) আদৰ্শবাদ আৰু শিক্ষাৰ লক্ষ্যঃ আগৰ্শবাদে শিক্ষাৰ লক্ষ্য মানুহৰ আধ্যাত্মিক জীৱনৰ প্ৰয়োজনৰ ফালৰ পৰা বিবেচিত কৰে । এই দৰ্শনৰ মতে এজন মানুহক সম্পূৰ্ণ আদৰ্শবাদন কৰি গঢ়ি তোলাটো শিক্ষাৰ লক্ষ্য় হ’ব লাগে । বাস্তৱ সত্য, আধ্যাত্মিক জগত, আৰু চিন্তাজগতৰ ওপৰত গুৰুত্ব আৰোপ কৰি শিক্ষাৰ মাজেৰে মানুহৰ মন, আত্মা আৰু মানসিক চিন্তাধাৰাৰ উত্কৰ্ষ সাধন কৰা শিক্ষাৰ লক্ষ্য হোৱা উচিত । 

আদৰ্শবাদৰ মতে শিক্ষাৰ লক্ষ্য হ’ব লাগে- 

১) ব্য়ক্তিৰ আধ্যাত্মিক জীৱনৰ বিকাশ সাধন কৰা । 

২) ব্য়.ক্তিক আত্ম-উপলব্ধি আৰু আত্ম-মুক্তি লাভত সহায় কৰা । 

৩) ব্য়ক্তিৰ জীৱাত্মাক পৰমাত্মাৰ লগত মিলিত কৰা । 

৪) দেহ, মন আৰু আত্মাৰ বিকাশ সাধন কৰা । 

৫) ব্যক্তিৰ মনত সত্য়-শিৱ-সুন্দৰৰ চিৰন্তন মূল্যবোধ জগাই তোলা । 

খ) আদৰ্শবাদ আৰু পাঠ্যক্ৰমঃ আদৰ্শবাদৰ মতে শিক্ষাৰ এটা লক্ষ্য় যিহেতু অটি শিশুক আদৰ্শবান কৰি তোলা সেয়েহে শিক্ষা ক্ষেত্ৰত পাঠ্যক্ৰমখন এনেভাৱে যুগুত কৰিব লাগে যাতে ই শিশুৰ দৈহিক, মানসিক আৰু আত্মিক সকলো ধৰণৰ বিকাশ সাধন কৰিব পাৰে । আদৰ্শবাদী, দাৰ্শনিক সকলৰ মতে পাঠ্যক্ৰমখনে ছাত্ৰ-ছাত্ৰীৰ মনত আধ্যাত্মক চেতনা জগাই তুলি চৰম সত্য় ভগৱানৰ উপলব্ধিত সহায় কৰিব লাগে । ইযাৰ বাবে মানবীয় অনুভুতি আৰু অভিজ্ঞতা দান কৰিব পৰা বিষয় যেনে দৰ্শন, ধৰ্ম, নীতিজ্ঞান, কলা-সংস্কৃতি, সাহিত্য, ইতিহাস আদি পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগে । আদৰ্শবাদৰ মতে পাঠ্যক্ৰমখনে ব্যক্তিৰ সংজ্ঞা মতে, অনুভূতিক আৰু ক্ৰিয়াত্মক এই তিনিও দিশৰে বিকাশ সাধনত গুৰুত্ব দিব লাগে।

গ) আদৰ্শবাদ আৰু শিক্ষণ পদ্ধতিঃ অদৰ্শবাদে শিক্ষাৰ কোনো এটা নিৰ্দিষ্ট পদ্ধতিৰ বিষয়ে বৰ্ণনা কৰা নাই । আত্মাৰ বিকাশেই আদৰ্শবাদৰ মতে শিক্ষা প্ৰধান লক্ষ্য় । সেয়েহে আদৰ্শবাদে শিক্ষাৰ ক্ষেত্ৰত আত্মজ্ঞান অথবা নিজে নিজে শিকাৰ ওপৰত বেছি গুৰুত্ব দিছে । আদৰ্শবাদী সকলৰ মতে শিক্ষকে তেওণৰ নিজ ব্যক্তিত্ব প্ৰভাৱৰ যোগেদি এক নিজস্ব শিক্ষণ পদ্ধতি গঢ়দি তুলিব লাগে । 

ঘ) আদৰ্শবাদ আৰু আনুশাসনঃ আদৰ্শবাদীসকলে বিশ্বাস কৰে যে শিশুৰ আত্মপ্ৰকাশ আৰু আত্মউপলব্ধিৰ বাবে স্বাধীনতাৰ প্ৰয়োজন । কিন্তু তেওঁলোকে শিশুক মুক্ত স্বাধীনতা দিয়াৰ পোষকতা নকৰে । তেওঁলোকৰ মতে এই স্বাধীনতা হোৱা উচিত আত্মনিয়ন্ত্ৰিত আৰু নিজ বিবেকৰ দ্বাৰা পৰিচালিত । গতিকে আদৰ্শবাদে বাহ্যিক আনুশাসনৰ পৰিৱৰ্তে আত্ম অনুশাসন বা আভ্যন্তৰীণ অনিশাসনৰ ওপৰত বিশ্বাস কৰে । 

ঙ) আদৰ্শবাদ আৰু শিক্ষকঃ আদৰ্শবাদৰ মতে শিক্ষাৰ ক্ষেত্ৰত শিক্ষকসকলৰ ভূমিকা অতি গু ৰুত্বপূৰ্ণ । শিক্ষকৰ ব্যক্তিত্বক সদায় ছাত্ৰ-ছাত্ৰীসকলে অনুসৰণ কৰে । শিক্ষাৰ ক্ষেত্ৰত শিক্ষকে ছাত্ৰৰ বাবে সদায় বন্ধু, দাৰ্শনিক আৰু পথ প্ৰদৰ্শক হিচাপে অংশ গ্ৰহণ কৰে । আদৰ্শবাদী দাৰ্শনিকসকলে শিক্ষকক মালীৰ লগত তুলনা কৰিছে । প্ৰতিজোপা ফুল ফুলিবৰ বাবে মালীয়ে যিদৰে যত্ন ল’ব লাগে, সেইদৰে শিক্ষকেও বাগিছা সদৃশ বিদ্যালয়ৰ প্ৰত্যেক ছাত্ৰৰ ব্যক্তিত্ব পূৰ্ণ প্ৰস্ফুটিত কৰি তুলিবৰ বাবে তেনে যতন ল’ব লাগে । আদৰ্শবাদৰ মতে শিক্ষাৰ ক্ষেত্ৰত শিক্ষকৰ স্থান অতি উচ্চ । 

প্ৰশ্নঃ 3. বৰ্তমান শিক্ষাত আদৰ্শবাদ দৰ্শনে কেনেবোৰ সুস্থ আৰু অসুস্থ প্ৰভাৰ পেলাইছে আলোচনা কৰা । 

উত্তৰঃ আদৰ্শবাদ দৰ্শন হৈছে এক পুৰণি চিন্তাধাৰা যি বৰ্তমানেও মানুহৰ মনোজগত আৰু ক্ৰিয়া জগত ক্ষেত্ৰত তলত উল্লেখ কৰা সুপ্ৰভাৱ সমূহ দেখিবলৈ পাওঁ । 

সুস্থ প্ৰভাৱঃ ক) আদৰ্শবাদে বৰ্তমান সময়ৰ বস্তুবাদী প্ৰয়োগমুখী আৰু যান্ত্ৰিক যুগৰ তত্কালীন শিক্ষাৰ লক্ষ্য়ত থকা সীমাবদ্ধতা গুচাই আধ্যাত্মিক দিশৰ এক বহল, উদাৰ আৰু মানৱীয় নীতিৰ ওপৰত শিক্ষাৰ লক্ষ্য় আদৰ্শ স্থিৰ কৰিব পাৰে । 

খ) আদৰ্শবাদে ব্যক্তিৰ নৈতিক দিশৰ উত্কৰ্ষ সাধনৰ যোগে চৰিত্ৰ গঠনৰ ওপৰত গুৰুত্ব দিয়ে । 

গ) যান্ত্ৰিকতা আৰু উপযোগীতাসমূহক আজিৰ শিক্ষা ব্যৱস্থাৰ মাজত ছাত্ৰ-ছাত্ৰীৰ মনত সত্য় শিৱ আৰু সুন্দৰৰ অনুভৱ আৰু মূল্যবোধ জগাই তোলাটো হৈছে এক দায়িত্ব পূৰ্ম কৰ্তব্য় । এই ক্ষেত্ৰত আদৰ্শবাদ দৰ্শন সহায় কৰে । 

ঘ) আদৰ্শবাদে দেহ মন আৰু আত্মাৰ এক সুসামঞসযপূৰ্ণ ব্যক্তিত্ব গঢ়াৰ ওপৰত গুৰুত্ব দিয়ে যিটো ছাত্ৰ, শিক্ষক আৰু সমাজৰ সকলো লোকৰ বাবে প্ৰেৰণাদায়ক । 

অসুস্থ প্ৰভাৱঃ 

ক) বৰ্তমান বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ প্ৰায়োগিক চিন্তাধাৰাই আধ্যাত্মিকতা আৰু ইয়াৰ প্ৰভাৱক মানিবলৈ নিবিচাৰে । আদৰ্শবাদীসকলৰ আধ্যাত্মিক সূত্ৰই কোনো ক্ষেত্ৰতে বস্তুনিষ্ঠ পৃথিৱীৰ ৰসায়ন, জৈৱ, পদাৰ্থ বিজ্ঞান আদিত প্ৰভাৱ ন নেপেলায় ।

খ) আদৰ্শবাদীসকলে শিক্ষা ক্ষেত্ৰত শিক্ষকক অতি উচ্চস্থান দিছে । যাৰ ফলত শিক্ষাক্ষেত্ৰত শিক্ষকসকল সদায় সক্ৰিয় আৰু  শিক্ষাৰ্থীসকল সদায় নিস্ক্ৰীয় হৈ থাকিব লগা হয়। 

গ) আদৰ্শবাদীসকলে শিক্ষাদানৰ বাবে কোনো এটা নিৰ্দিষ্ট পদ্ধতিৰ কথা উল্লেখ কৰা নাই । 

প্ৰশ্নঃ 4. প্ৰকৃতিবাদ মানে কি ? প্ৰকৃতিবাদে শিক্ষাৰ তাত্ত্বিত আৰু ব্যৱহাৰিক দিশত কেনেদৰে প্ৰভাৱ পেনাইছে, আলোচনা কৰা । 

উত্তৰঃ আদৰ্শবাদৰ দৰেই প্ৰকৃতিবাদো হৈছে দাৰ্শনিকসকলৰ এক পুৰণি চিন্তা । এই দৰ্শনে সকলো কথা পদাৰ্থবোৰ সৃষ্টিৰে বিচাৰ কৰে । জড় আৰু জীৱজগতৰ বাস্তৱত আৰু প্ৰত্যক্ষ ইন্দ্ৰিয় অভিজ্ঞতাকহে বিচাৰৰ বিষয় হিচাপে এই দৰ্শনত গণ্য কৰা হয় । মাথোঁন প্ৰকৃতিয়েহে আমাৰ সমগ্ৰ দাৰ্শনিক চিন্তা আৰু বিচাৰ বিবেচনাৰ প্ৰকৃত উত্তৰ দিব পাৰে । প্ৰকৃতিবাদে পদাৰ্থক বা প্ৰকৃতিক ভগৱানৰ প্ৰভাৱৰ পৰা পৃথক কৰে আৰু মন বা আত্মাক জড় জগতৰ আন্তৱৰ্তীয় বিষয় স্বৰূপে গণ্য় কৰে । সকলো আত্মিক ক্ষমতাকেই পৰিহাৰ কৰি সম্পূৰ্ণ বাস্তৱ আৰু প্ৰত্যেক্ষ অভিজ্ঞতাৰে প্ৰকৃতিৰ ৰহস্য উদ্ঘাটন কৰাটোৱেই হৈছে প্ৰকৃতিবাদৰ মূল উদ্দেশ্য । প্ৰকৃতি জৈৱিক অস্তিস্ব থকাৰ কথা ই স্বীকাৰ কৰে । সেয়েহে মানুহৰ সকলো জৈৱিক, মনোবৈজ্ঞানিক আৰু সামাজিক ক্ৰিয়া আচৰণৰ মূল উত্স হৈছে প্ৰবৃত্তিসমূহ । এনে জৈৱিক প্ৰবণতা মনোবিজ্ঞানে বাস্তৱ আৰু বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰিব পাৰে । 

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ওপৰত প্ৰতিষ্ঠিত বৰ্তমান শিক্ষাত নতুন নতুন চিন্তাধাৰাসমূহ গঢ় দি তোলাত প্ৰকৃতিবা দৰ্শনৰ বিশেষ প্ৰভাৱ আছে । প্ৰকৃতিবাদে শিক্ষাৰ প্ৰতিটো দিশতে প্ৰভাৱ বিস্তাৰ কৰিছে । এই সম্পৰ্কে নিম্নলিখিত দিশসমূহ আমাৰ বিবেচনাযোগ্য । 

ক) প্ৰকৃতিবাদ আৰু শিক্ষাৰ লক্ষ্যঃ প্ৰকৃতিবাদ দৰ্শনৰ মতে শিক্ষাই শিশুৰ নিজ ব্যক্তিসত্তাৰ আত্মপ্ৰকাশ কৰি তুলিব লাগে । শিশুৰ ব্যক্তিসত্তা আত্মপ্ৰকাশ আৰু বিকাশ সাধনেই হৈছে এই দৰ্শনৰ মতে শিক্ষাৰ প্ৰধান লক্ষ্য় । ৰুচোৰ প্ৰকৃতিবাদ চিন্তাধাৰাৰ মতেও শিশু প্ৰকৃতিৰ মুক্ত প্ৰাকৃতিক পৰিৱেশত স্বাভাৱিক বিকাশ সাধনেই হৈছে শিক্ষাৰ লক্ষ্য় প্ৰকৃতিবাদ দৰ্শনৰ মতে শিক্ষাই জৈৱিক গুণৰাশিৰ বিকাশ সাধনৰ ওপৰত গুৰুত্ব দিব লাগে । 

খ) প্ৰকৃতিবাদ আৰি পাঠ্যক্ৰমঃ পাঠ্যক্ৰম সম্বন্ধে বিভিন্ন প্ৰকৃতিবাদী দাৰ্শনিকসকলে বিভিন্ন মতামত দাঙি ধৰিছে । ৰুচোৰ মতে 12 বছৰ বয়সলৈৈ শিশুক কোনো ধৰণৰ অনুষ্ঠানত প্ৰঠ্যক্ৰমৰ জৰিয়তে শিক্ষা দিব নালাগে । তেওঁৰ মতে পৰিৱেশৰ বিভিন্ন বিষয়ৰ পৰা পোৱা প্ৰত্যক্ষ অভিজ্ঞতাৰ জৰিয়তে শিশুয়ে জ্ঞান লাভ কৰিব পাৰে । প্ৰকৃত্বাদ দৰ্শনে ছাত্ৰ-ছাত্ৰীসকলে যাতে প্ৰকৃতি জগতক বাস্তৱ দৃষ্টিৰে জানিবলৈ আৰু বুজিবলৈ সক্ষম হয় । তাৰ বাবে বিজ্ঞানৰ বিষয়সমূহ অধ্য়য়নৰ ওপৰত গুৰুত্ব দিয়ে । সাধাৰণতে প্ৰকৃতিবাদে গুৰুত্ব দিয়া বিষয় সমূহ হ’ল প্ৰকৃতি অধ্য়য়ন, কৃষি, বাগিছা, কলা, শিল্প, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, ভূতত্ত্ব বিজ্ঞান, জ্য়োতিবিজ্ঞান ইত্যাদি । 

গ) প্ৰকৃতিবাদ আৰু শিক্ষণ পদ্ধতিঃ প্ৰকৃতিবাদ দৰ্শনে শিক্ষাদানৰ পদ্ধতিৰ ক্ষেত্ৰৰ এক বৈল্পৱিক পৰিৱৰ্তন আনিছে । ব্যক্তিয়ে বাস্তৱ পৰিস্থিতিৰ পৰা প্ৰত্যক্ষ অভিজ্ঞতাৰ যোগেদি শিক্ষা লাভৰ ওপৰত প্ৰকৃতিবাদে গুৰুত্ব দিয়ে । শিক্ষাৰ ক্ষেত্ৰত ক্ৰিয়াৰ যোগেদি শিকাৰ ওপৰত এই দৰ্শনে গুৰুত্ব দিয়ে । ক্ৰিড়া-ভিত্তিক বা খেলা প্ৰৱণ পদ্ধতি প্ৰকৃতিবাদৰে অৱদান । 

 ঘ) প্ৰকৃতিবাদ আৰু অনুশাসনঃ প্ৰকৃতিবাদে নীতি- নিয়মৰ দ্বাৰা শাসিত অৰ্থাত বাহ্যিক অনুশাসন ভোগ কৰিব দিব লাগে । এইদৰে শিশুক তেওঁলোকে বিচাৰ ধৰণে কাম কৰিবলৈ স্বাধীনতা দিলে তেওঁলোকৰ মনত দায়িত্ববোধৰ ভাৱ বাঢিব আৰু ইয়ে শিশুক আত্ম অনুশাসিত হ’বলৈ অনুপ্ৰেৰণা যোগায় । 

ঙ) প্ৰকৃতিবাদ আৰু শিক্ষকঃ প্ৰকৃতিবাদে শিশুক শিক্ষকৰ পৰিৱৰ্তে অধিক স্বাধীনতা প্ৰদান কৰে । তেওঁলোকৰ মতে শিশুৰ আত্মপৰিচালিত ক্ৰিয়াকলাপত শিক্ষকৰ কোনো প্ৰভাৱ আৰু প্ৰভুত্ব নাথাকে । এই দৰ্শনৰ মতে শিক্ষকৰ দায়িত্ব হৈছে ছাত্ৰ আত্ম ক্ৰিয়া আৰু আত্ম শিক্ষাৰ বাবে প্ৰয়োজনীয় পৰিৱেশ ৰচনা কৰি তোলা । তেওঁ শিক্ষা মঞ্চত আঁৰ কাপোৰৰ পৰা শিক্ষা পৰিচালনাৰ সকলো দায়িত্ব পালন কৰিব লাগে । 

গতিকে বৰ্তমান বিজ্ঞান আৰু বস্তুবাদী জগতৰ চিন্তাধাৰাই আমাক প্ৰকৃতিবাদ দৰ্শনৰ এক বাস্তৱ দৃষ্টি দান কৰিছে । বৰ্তমান শিক্ষাত মনোবিজ্ঞানৰ ব্যাপক প্ৰয়োগে এই দৰ্শনক অধিক কাৰ্যক্ষম, পৰীক্ষা সাপেক্ষে আৰু গ্ৰহণযোগ্য কৰি তুলিছে । সেয়েহে ক’ব পাৰি যে প্ৰকৃতিবা দৰ্শনে শিক্ষাৰ তাত্ত্বিক আৰু ব্যৱহাৰিত, দিশত বৰ্তমান বিজ্ঞান আৰু কাৰিকৰী বিজ্ঞানৰ এক সময় উপযোগী চিন্তা দৰ্শন গঢ় দি তুলিছে । 

প্ৰশ্নঃ 5. শিক্ষাৰ পাঠ্যক্ৰম ওপৰত প্ৰকৃতিবাদৰ প্ৰভাৱ বৰ্ণনা কৰা । 

উত্তৰঃ শিক্ষাত প্ৰকৃতিবাদৰ অৱদান কেইবাধৰণে পোৱা যায় । ওঠৰ শকিতাত জাঁ জেক ৰুচ’ই প্ৰকৃতিবাদৰ আধুনিকীকৰণ কৰি শিক্ষা জগতত এক বিপ্লৱৰ সৃষ্টি কৰিছিল । ইউৰোপত ৰক্ষণশীল শিক্ষা ব্যৱস্থা বিৰুদ্ধে শক্তিশালী মত দাঙি ৰচ’ই শিক্ষাৰ্থীৰ প্ৰকৃতি, প্ৰয়োজন আৰু সামৰ্থ্য অনুযায়ী শিক্ষা দিয়াৰ কথা ঘোষণা কৰিছিল । ৰুচ’ই ‘এথলি’ নামৰ গৱেষণামূলক কিতাপ লিখি ‘প্ৰকৃতিৰ বুকুত প্ৰকৃতিৰ নিয়মেৰে শিক্ষা দিয়া, ‘নেতিবাচক শিক্ষা, স্তৰ অনুযায়ী শিক্ষা আদি কেইবাটাও নিয়মেৰে শিক্ষা দিয়া, মেতিবাচকশিক্ষা, স্তৰ অনুযায়ী শিক্ষা আদি কেইবাটাও নতুন মত দাঙি ধৰি শিক্ষা জগতত বৈপ্লৱিক পৰিৱৰ্তন আনিছিল । ৰুচ’ই নীতি অনুসৰণ কৰি ইউৰোপৰ বিভিন্ন দেশে শিক্ষাৰ বিৱৰ্তন আনিছিল । শিশুৰ বিকাশ স্তৰ অনুযায়ী হোৱা এক অবিৰত পদ্ধতি আৰু প্ৰত্য়েক স্তৰৰে নিজস্ব বৈশিষ্ট্য় আছে বোলা ৰচ’ৰ নীতিয়ে মনোবিজ্ঞানৰ চিন্তাধাৰাতো পৰিৱৰ্তন আনিছিল কাৰণ সেই সময়ত শিশুক বয়স্ক ক্ষুদ্ৰ সংস্কৰণ, জন্মতে শিশু দুষ্ট হৈ জন্মে আদি বিশ্বাসৰ কাৰণে সেই সময়ত ডাঙৰে নিজ ইচ্ছা অনুযায়ী জ্ঞান আহৰণ, আচৰণ, চলন-ফুৰণ, পিন্ধন আতি নিয়ন্ত্ৰণ কৰিছিল । উলত নিজ ইচ্ছাৰে একো কাম কৰিব পৰা নাছিল । ফলত নিজ ইচ্ছাৰে একো কাম কৰিব পৰা নাছিল । 

পাঠ্য়ক্ৰম সম্পৰ্কে প্ৰকৃতিবাদীসকলৰ কেইবাটাও মত আছে । জাঁ জেক ৰুচ’ই প্ৰকৃতিবাদৰ বুকুলৈ ঘূৰি যোৱা নীতি শিক্ষাত ব্যৱহাৰ কৰি নেতিবাচক বা ঋণাত্মক শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল । এওঁৰ মতে শিশুৱে স্বাধীনভাৱেৰে প্ৰকৃতিৰ বিষয়বস্তু জানিবলৈ প্ৰত্য়েক্ষ অভিজ্ঞতা সঞ্চয় কৰিব । প্ৰকৃতিৰ বিভিন্ন উপাদনৰ পৰা ব্যক্তিয়ে অভিজ্ঞতা সঞ্চয় কৰি বুৰঞ্জী, ভূগোল, পদাৰ্থ, ৰসায়ন, উদ্ভিদ বিদ্যা প্ৰণীবিদ্যা আদিৰ বিষয়ে জ্ঞান লাভ কৰিব । বয়স অনুযায়ী মুক্তভাৱে ব্যক্তিৰ শাৰীৰিক, মানসিক বিকাশ হোৱাও শিক্ষাৰ এক অংগ । প্ৰকৃতিবাদীসকলে শিশুৰ জন্মজ প্ৰবৃত্তি, ইচ্ছা আৰু খেলা-ধূলা, নৃত্য-গীত আৰু আন সহ পাঠ্যক্ৰমৰ সুপ্ত সামৰ্থ্য়, শক্তি আৰু ইচ্ছাক বিকশিত কৰিবলৈ সমৃদ্ধ পৰিৱেশৰ প্ৰয়োজন, য’ত শিশুৰ স্বাধীনতা থাকে নিজৰ মতে চলিবলৈ । ফ্লুৱেলে সুপৰিকল্পিত পৰিৱেশৰ মাজত খেলা সামগ্ৰীৰ মাজেৰে শিক্ষা দিয়াৰ কথাটো কৈছিল । 

স্পেন্সাৰে আত্মসংৰক্ষণৰ বাবে দেহতত্ত্বৰ নীতি আয়ত্ব কৰাৰ কথা উল্লেখ কৰিলেও বিজ্ঞান শিক্ষাৰ ওপৰতো প্ৰধ্যন্য় দিছিল । 

প্ৰকৃতিবাদীয়ে চিৰন্তন সত্য় বা অপাৰ্থিৱ মস্য়বোধত বিশ্বাস নকৰে । তেওঁলোকৰ বাবে প্ৰকৃতি বা পদাৰ্থই আচল বাস্তৱ । গতিকে বাস্তৱৰ লগত মুখামুখি হ’বলৈ প্ৰকৃতি অধ্য়য়ন কৰাটো অতি প্ৰয়োজন । 

শিশুৰ প্ৰাকৃতিক বিকাশৰ বাবে বিভিন্নধৰণৰ বিষয় থাকিলেও শিশুৰ প্ৰয়োজন অনুযায়ী বিষয়বস্তু বাছিবলৈ শিশুৰ স্বাধীনতা থাকিব  । শিক্ষাৰ্থীৰ প্ৰয়োজন অনুযায়ী পাঠ্যক্ৰমো পৰিৱৰ্তন হ’ব লাগে । 

প্ৰকৃতিবাদ আৰু শিক্ষণ প্ৰণালীঃ 

শিক্ষণ পদ্ধতিত প্ৰকৃতিবাদে বৈপ্লৱিক মত দাঙি ধৰিছিল । উগ্ৰমতৰ জাঁ-জেক ৰুচ’ই শিশুৱে প্ৰাকৃতিক পৰিৱেশত নিজৰ ইচ্ছামতে অভিজ্ঞতা গোটাই শিক্ষালাভ কৰাৰ কাৰণে, যুক্তি দিছিল । তেওঁলোকে শিক্ষণ প্ৰণালীত তলৰ কেইটা বিষয়ৰ ওপৰত গুৰুত্ব দিছিল । 

ক) শিক্ষা হ’ব শিশু দেন্দ্ৰিক, বিষয় কেন্দ্ৰিক নহয় । শিশুক বুজি শিশুৰ মতে শিক্ষাদান কৰিব লাগে । গতানুগতিক শিক্ষাত বিষয়ৰ পৰা জ্ঞান আহৰণত প্ৰধান্য় দিছিল কিন্তু প্ৰতৃতিবাদত শিশুৰ প্ৰকৃতিৰ ওপৰত প্ৰাধান্য় দিছিল । 

খ) প্ৰবৃত্তিৰ দ্বাৰা প্ৰভাৱিন্বিত হৈ শিশুৱে বিভিন্ন ক্ৰিয়াত প্ৰবৃত্ত হয় । অনেকুৱা ক্ৰিয়াৰ পৰা শিশুৱে অভিজ্ঞতা লাভ কৰে । শিশুৱে নিজেই নিৰীজ্ঞণ পৰীক্ষণ আৰু অভিজ্ঞতা সংগঠন কৰি জ্ঞান অৰ্জন কৰে । ব্যক্তিয়ে স্ব-ইচ্ছাৰে কামত আত্ম নিয়োগ কৰি যি অভিজ্ঞতা লাভ কৰে সি স্থায়ী আৰু বাস্তৱমুখী হয় । গতিকে প্ৰকৃতিবাদীৰ কৰ্মভিক্তিক শিক্ষণ পদ্ধতিয়ে আধুনিক শিক্ষা পদ্ধতিত বিশেষ স্থান অধিকাৰ কৰিছে । 

গ) খেলা নীতিৰে শিক্ষাদান কৰাটো প্ৰকৃতিবাদীসকলৰ শিক্ষা জগতত আন এক আৱদান আছিল । কেলা হ’ল স্বভাৱজাত এক ইচ্ছা  যিটো সকলো শিশুৰ মাজত দেখা যায় । শিশুৱে খেলাত স্বতঃস্ফুৰ্ত আৰু স্বাধীনভাৱে যোগদান কৰি আনন্দ লাভ কৰে । খেলাক উদ্দেশ্যপূৰ্ণভাৱে সমগঠিত কৰি খেলাৰ মাজেৰে শিক্ষাদান কৰাটোত শিক্ষাৰ্থী বেছি উপকৃত হ’ব বুলি ভবা হয় । 

ঘ) প্ৰকৃতিবাদে বক্তৃতা, মৌখিক শিক্ষা, স্মৰণ কৰা আদিত বিশ্বাস নকৰে । এইবোৰ শিশুৰ মন আকৰ্ষিত কৰিব নোৱাৰে । কিন্তু শিশুৱো নিজেই কোনো কাম শিকো বুলি মনোনিৱেশ কৰিলে সেই অভিজ্ঞতা স্থায়ী হয় । 

প্ৰশ্নঃ 6. প্ৰকৃতিবাদ কি ? প্ৰয়োগবাদ দৰ্শনে কি কি কাৰণত সমালোচনাৰ সন্মুখীন হৈছে উল্লেখ কৰা । 

উত্তৰঃ দৰ্শন হ’ল জগতৰ স্বৰূপ অনুসন্ধান কৰা আৰু চৰম মূল্যৰাজি আৱিস্কাৰ কৰাৰ এক প্ৰচেষ্ঠা । কিন্তু প্ৰয়োগবাদে এনে এটা দৃষ্টিভঙ্গী মানি ল’ব নোখোজে । “Pragmatism’ ইংৰাজী এই মূল শব্দটো গ্ৰীক “pragmatus’ ৰ পৰা উত্পত্তি হৈছে যাৰ অৰ্থ হৈছে ‘ক্ৰিয়া কৰা’ বা ‘কাৰ্য সম্পাদনা কৰা’ ইয়াৰ পৰাই অনুমান-কৰিব পাৰি যে প্ৰয়োগবাদে চিন্তাতকৈ কামৰ ওপৰতহে অধিক প্ৰাধান্য দিয়ে । ক্ৰিয়াত অধিক গুৰুত্ব দিয়াৰ বাবেই ইয়াত বিশ্বাস কৰা হয় যে ক্ৰিয়া প্ৰথমেই উদ্ভৱ হয় আৰু এনে  ক্ৰিয়াইহে চিন্তাৰ অৱতাৰণা কৰে । মানুহৰ ক্ৰিয়াৰ চিন্তা জন্ম দিয়া বাবে ক্ৰিয়া অভিজ্ঞতা আমাৰ মুখ্য বিবেচিত হয় । সকলো চিন্তা মানুহৰ এই ক্ৰিয়া অভিজ্ঞতাৰে পুনৰ মূল্যায়ন আৰু পুনৰ নিৰ্দ্ধাৰণ কৰি ল’ব লাগে । এই পৃথিৱীত সেয়েহে কোনো কথা আৰু অভিজ্ঞতাই চিৰদিনৰ বাবে সত্য আৰু সুন্দৰ স্বৰূপ পৰিগণিত হ’ব অথবা বৰ্তি থাকিব নোৱাৰে । মানুহে নিজেই সকলে কথাৰ মূল্য নিজ অভিজ্ঞতাৰে নিৰ্দ্ধাৰণ কৰে । কোনো কথাৰ সত্য় মানুহৰ দ্বাৰাহে নিৰ্দ্ধাৰিত হয়, ভগৱানৰ দ্বাৰা নহয় । এয়ে হৈছে প্ৰয়োগবাদ দৰ্শনৰ বৰ্তমান বিবেচ্য বিষয় । প্ৰয়োগবাদী দৰ্শনৰ মূল চিন্তাবিদসকল হ’ল জন ডিউই, পিয়াৰ্চ, জেম্চ চিলাৰ, বেকন, কিলপেট্ৰিক ইত্যাদি ।

প্ৰয়োগবাদে যদিও বহুতো ভাল দিশক সামৰি লৈছে তথাপিও ইয়াৰ কেতবোৰ দোষ বা ত্ৰূটি পৰিলক্ষিত হয় যাৰ বাবে ই সদায়ে সমালোচনাৰ সন্মুখীন হৈছে । তলত এই সম্বন্ধীয় দিশবোৰ আলোচনা কবা হ’ল – 

১) প্ৰয়োগবাদে শিশুৰ নৈতিক, আধ্যাত্মিক আৰু মৌন্দৰ্য্য অনুভূতিৰ বিকাশ সাধনত প্ৰয়োজনীয় গুৰুত্ব প্ৰদান কৰা নাই । 

২) প্ৰয়োগবাদ দৰ্শনৰ ওপৰত প্ৰতিষ্ঠিত প্ৰকল্প পদ্ধতিৰ শিক্ষাত অধিক সময় আৰু শ্ৰমৰ প্ৰয়োজন হয় । 

৩) কুমলীয়া শিশুক শিক্ষাৰ উপযোগীতা আৰু উত্পাদনশীলতাৰ ধাৰণা দিয়াটো গ্ৰহণযোগ্য নহয় । কিয়নো ইয়াৰ ফলত শিশুৱে প্ৰকৃত আনন্দ লাভৰ পৰা বঞ্চিত হয় । 

৪) প্ৰয়োগবাদ দৰ্শনে আধ্যাত্মিক মূল্য়বোধক মানি নলয় আৰু আধ্যাত্মিক মূল্য়বোধ নাথিকিলে মানুহে মনত সুখ আৰু শান্তিৰ উপলব্ধি কৰিবলৈ অসমৰ্থ হ’ব । 

৫) প্ৰয়োগবাদী শিক্ষা অতি ব্যয়বহুল । ইয়াত উন্নত পৰীক্ষাগাৰ আৰু দামী সা-সজুঁলিৰ প্ৰয়োজন হয় । এইবোৰ আমাৰ ভাৰতীয় সকলোবোৰ বিদ্যালয়ে যোগান ধৰিবলৈ অসমৰ্থ । 

প্ৰশ্নঃ 7. প্ৰয়োগবাদৰ মতে কেনেধৰণৰ নীতিৰ ওপৰত ভিত্তি কৰি পাঠ্য়ক্ৰম প্ৰস্তুত কৰিব লাগে? প্ৰয়োগবাদৰ কেনে ধৰণৰ অনুশাসন শিক্ষাত মানি চলে ? ব্যাখ্যা কৰা । 

উত্তৰঃ প্ৰয়োগবাদৰ দৰ্শনৰ মতে পাঠ্য়ক্ৰম প্ৰস্তুত কৰা প্ৰধান নীতিসমূহ হ’ল- 

১) ব্যৱহাৰিক প্ৰয়োজনীয়তা পূৰণৰ নীতি । 

২) পৰিৱৰ্তনশীলতাৰ নীতি । 

৩) জ্ঞানৰ সংহতিৰ নীতি । 

৪) সামগ্ৰিক ব্যক্তিত্ব বিকাশৰ নীতি । 

৫) শিশুৰ আগ্ৰহ আৰু প্ৰয়োজনীয়তা নীতি । 

১) সামাজিক অনুশাসনঃ প্ৰয়োগবাদ দৰ্শনে শিক্ষাৰ্থীৰ সামূহিক কাৰ্য আৰু উদ্দেশ্যমূলক কাৰ্যত অংশগ্ৰহণ কৰি সামাজিক গুণ আহৰণ কৰাটো বিচাৰে । 

২) গণতান্ত্ৰিক অনুশাসনঃ স্বাধীনতা হৈছে প্ৰকৃত অনুাসনৰ শিক্ষা আৰু এনেকুৱা অনুসান বাহিৰৰ পৰা প্ৰদান কৰিব নোৱাৰি । স্বাধীনতা প্ৰয়োগবাদী দাৰ্শনিকসকলৰ অন্য়তম দৃষ্টিভংগী । 

৩) আত্ম অনুশাসনঃ প্ৰয়োগবাদৰ মতে শিক্ষাৰ্থীৰ কাৰ্য তেওঁলোকৰ আগ্ৰহৰ লগত জডিত । যদি শিক্ষাৰ্থীয়ে নিজ পছন্দ অনুসৰি কাৰ্য সম্পাদনা কৰিব পাৰে , তেন্তে অনুশাসনৰ কোনো সমস্যা নাথাকে । 

৪) সামাজিক দায়িত্বৰ দ্বাৰা অনুশাসনঃ প্ৰয়োগবাদ দৰ্শনে সামাজিক পৰিৱেশত সামাজিক কাৰ্য সহযোগিতাৰ মনোভাৱেৰে সম্পাদনা কৰাটো বিচাৰে । শিক্ষকসকলে সামাজিক দায়িত্বৰ ভাব সৃষ্টি কৰাৰ মানসিকতাৰে অনুশাসন সৃষ্টি কৰিব লাগে । 

প্ৰশ্নঃ 8. প্ৰয়োগবাদ দৰ্শনৰ সবলতা আৰু দুৰ্বলাতসমূহ ব্যাখ্যা কৰা । 

উত্তৰঃ প্ৰয়োগবাদ দৰ্শনৰ মূল সবলতাসমূহ হ’ল- 

১) প্ৰয়োগবাদ দৰ্শনে মানুহৰ ব্যৱহাৰিক জীৱনৰ প্ৰয়োজনীয়তাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে, যাক নেকি সময়োপযোগী বিবেচনা বুলিব পৰা যায় । 

২) প্ৰয়োগবাদ দৰ্শন হ’ল গণতান্ত্ৰিক মূল্যবোধৰ ওপৰত বিশ্বাসী । 

৩)  প্ৰয়োগবাদ দৰ্শনে শিক্ষাৰ্থীৰ বৰ্তমান জীৱন সমৃদ্ধিশালী কৰি তোলাৰ ওপৰত দিয়া গুৰুত্বই শৈক্ষিক আৰু বৃত্তীয় পৰাৰ্শদানৰ বিকাশত বিশেষ অৰিহণা যোগাইছে । 

৪) প্ৰয়োগবাদ দৰ্শনে শিশুকেন্দ্ৰিক, কৰ্মকেন্দ্ৰিক আৰু সমাজকেন্দ্ৰিক পাঠ্যক্ৰম ৰচনাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে । 

৫) অনুশাসনৰ ক্ষেত্ৰত প্ৰয়োগবাদৰ আত্ম অনুশাসন আৰু সামাজিৰ অনুশাসনৰ নীতি অতি ফলপ্ৰসূ আৰু গ্ৰহণযোগ্য় । 

৬) শিক্ষণ পদ্ধতিে ক্ষেত্ৰত প্ৰয়োগবাদ দৰ্শনে বৈপৱিক পৰিৱৰ্তন সূচনা কৰিছে । প্ৰকল্প পদ্ধতি প্ৰয়োগবাদৰ গুৰুত্ব আৱদান । 

প্ৰয়োগবাদৰ দুৰ্বলতাসমূহ হ’ল- 

১) প্ৰয়োগবাদে যিকোনো বিষয়বস্তুৰ ব্যৱহাৰিক মূল্য়ৰ ওপৰত অত্যধিক গুৰুত্ব আৰোপ কৰে। ফলত শিক্ষাৰ্থীৰ মনত যান্ত্ৰিক প্ৰৱণতাৰ জন্ম হয় । 

২) প্ৰয়োগবাদ দৰ্শনে আধ্যাত্মিক আৰু পৰম মূল্যবোধৰ অৱস্থিতিক অস্বীকাৰ কৰে । কিন্তু বৰ্তমানৰ সামাজিক পৰিস্থিতিত এনে মূল্যবোধৰ প্ৰয়োজনীয়তা সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিব নোৱাৰি । 

৩) প্ৰয়োগবাদে শিক্ষাত পূৰ্ব নিৰ্ধাৰিত লক্ষ্য়ৰ বিৰোধিতা কৰে কিন্তু লক্ষ্য়হীন শিক্ষা ব্যৱস্থা বঠাহীন নাৱৰ দৰেই । 

৪) প্ৰয়োগবাদে ব্যক্তিৰ আধ্যাত্মিক দিশটোক অস্বীকাৰ কৰে । কিন্তু প্ৰকৃততে আধ্যাত্মিকতা অবিহনে মানুহ পশুৰ শাৰীলৈ অৱনমিত হ’ব । 

৫) প্ৰয়োগবাদ দৰ্শনৰ মতে সত্য় তথা বাস্তৱ আৰেক্ষিক আৰু সকলো ব্যক্তিয়ে নিজ জীৱনত সত্য় আৰু বাস্তৱ নিজে আৱিস্কাৰ কৰে । প্ৰয়োগবাদৰ এই বিশ্বাস বিজ্ঞানসন্মত বুলিব নোৱাৰি । 

প্ৰশ্নঃ 9. প্ৰকৃতিবাদ মানে কি ? প্ৰকৃতিবাদে শিক্ষাৰ তাত্ত্বিত আৰু ব্যৱহাৰিক দিশত কেনেদৰে প্ৰভাৱ পেনাইছে, আলোচনা কৰা । 

উত্তৰঃ আদৰ্শবাদৰ দৰেই প্ৰকৃতিবাদো হৈছে দাৰ্শনিকসকলৰ এক পুৰণি চিন্তা । এই দৰ্শনে সকলো কথা পদাৰ্থবোৰ সৃষ্টিৰে বিচাৰ কৰে । জড় আৰু জীৱজগতৰ বাস্তৱত আৰু প্ৰত্যক্ষ ইন্দ্ৰিয় অভিজ্ঞতাকহে বিচাৰৰ বিষয় হিচাপে এই দৰ্শনত গণ্য কৰা হয় । মাথোঁন প্ৰকৃতিয়েহে আমাৰ সমগ্ৰ দাৰ্শনিক চিন্তা আৰু বিচাৰ বিবেচনাৰ প্ৰকৃত উত্তৰ দিব পাৰে । প্ৰকৃতিবাদে পদাৰ্থক বা প্ৰকৃতিক ভগৱানৰ প্ৰভাৱৰ পৰা পৃথক কৰে আৰু মন বা আত্মাক জড় জগতৰ আন্তৱৰ্তীয় বিষয় স্বৰূপে গণ্য় কৰে । সকলো আত্মিক ক্ষমতাকেই পৰিহাৰ কৰি সম্পূৰ্ণ বাস্তৱ আৰু প্ৰত্যেক্ষ অভিজ্ঞতাৰে প্ৰকৃতিৰ ৰহস্য উদ্ঘাটন কৰাটোৱেই হৈছে প্ৰকৃতিবাদৰ মূল উদ্দেশ্য । প্ৰকৃতি জৈৱিক অস্তিস্ব থকাৰ কথা ই স্বীকাৰ কৰে । সেয়েহে মানুহৰ সকলো জৈৱিক, মনোবৈজ্ঞানিক আৰু সামাজিক ক্ৰিয়া আচৰণৰ মূল উত্স হৈছে প্ৰবৃত্তিসমূহ । এনে জৈৱিক প্ৰবণতা মনোবিজ্ঞানে বাস্তৱ আৰু বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰিব পাৰে । 

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ওপৰত প্ৰতিষ্ঠিত বৰ্তমান শিক্ষাত নতুন নতুন চিন্তাধাৰাসমূহ গঢ় দি তোলাত প্ৰকৃতিবা দৰ্শনৰ বিশেষ প্ৰভাৱ আছে । প্ৰকৃতিবাদে শিক্ষাৰ প্ৰতিটো দিশতে প্ৰভাৱ বিস্তাৰ কৰিছে । এই সম্পৰ্কে নিম্নলিখিত দিশসমূহ আমাৰ বিবেচনাযোগ্য । 

ক) প্ৰকৃতিবাদ আৰু শিক্ষাৰ লক্ষ্যঃ প্ৰকৃতিবাদ দৰ্শনৰ মতে শিক্ষাই শিশুৰ নিজ ব্যক্তিসত্তাৰ আত্মপ্ৰকাশ কৰি তুলিব লাগে । শিশুৰ ব্যক্তিসত্তা আত্মপ্ৰকাশ আৰু বিকাশ সাধনেই হৈছে এই দৰ্শনৰ মতে শিক্ষাৰ প্ৰধান লক্ষ্য় । ৰুচোৰ প্ৰকৃতিবাদ চিন্তাধাৰাৰ মতেও শিশু প্ৰকৃতিৰ মুক্ত প্ৰাকৃতিক পৰিৱেশত স্বাভাৱিক বিকাশ সাধনেই হৈছে শিক্ষাৰ লক্ষ্য় প্ৰকৃতিবাদ দৰ্শনৰ মতে শিক্ষাই জৈৱিক গুণৰাশিৰ বিকাশ সাধনৰ ওপৰত গুৰুত্ব দিব লাগে । 

খ) প্ৰকৃতিবাদ আৰি পাঠ্যক্ৰমঃ পাঠ্যক্ৰম সম্বন্ধে বিভিন্ন প্ৰকৃতিবাদী দাৰ্শনিকসকলে বিভিন্ন মতামত দাঙি ধৰিছে । ৰুচোৰ মতে 12 বছৰ বয়সলৈৈ শিশুক কোনো ধৰণৰ অনুষ্ঠানত প্ৰঠ্যক্ৰমৰ জৰিয়তে শিক্ষা দিব নালাগে । তেওঁৰ মতে পৰিৱেশৰ বিভিন্ন বিষয়ৰ পৰা পোৱা প্ৰত্যক্ষ অভিজ্ঞতাৰ জৰিয়তে শিশুয়ে জ্ঞান লাভ কৰিব পাৰে । প্ৰকৃত্বাদ দৰ্শনে ছাত্ৰ-ছাত্ৰীসকলে যাতে প্ৰকৃতি জগতক বাস্তৱ দৃষ্টিৰে জানিবলৈ আৰু বুজিবলৈ সক্ষম হয় । তাৰ বাবে বিজ্ঞানৰ বিষয়সমূহ অধ্য়য়নৰ ওপৰত গুৰুত্ব দিয়ে । সাধাৰণতে প্ৰকৃতিবাদে গুৰুত্ব দিয়া বিষয় সমূহ হ’ল প্ৰকৃতি অধ্য়য়ন, কৃষি, বাগিছা, কলা, শিল্প, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, ভূতত্ত্ব বিজ্ঞান, জ্য়োতিবিজ্ঞান ইত্যাদি । 

গ) প্ৰকৃতিবাদ আৰু শিক্ষণ পদ্ধতিঃ প্ৰকৃতিবাদ দৰ্শনে শিক্ষাদানৰ পদ্ধতিৰ ক্ষেত্ৰৰ এক বৈল্পৱিক পৰিৱৰ্তন আনিছে । ব্যক্তিয়ে বাস্তৱ পৰিস্থিতিৰ পৰা প্ৰত্যক্ষ অভিজ্ঞতাৰ যোগেদি শিক্ষা লাভৰ ওপৰত প্ৰকৃতিবাদে গুৰুত্ব দিয়ে । শিক্ষাৰ ক্ষেত্ৰত ক্ৰিয়াৰ যোগেদি শিকাৰ ওপৰত এই দৰ্শনে গুৰুত্ব দিয়ে । ক্ৰিড়া-ভিত্তিক বা খেলা প্ৰৱণ পদ্ধতি প্ৰকৃতিবাদৰে অৱদান । 

 ঘ) প্ৰকৃতিবাদ আৰু অনুশাসনঃ প্ৰকৃতিবাদে নীতি- নিয়মৰ দ্বাৰা শাসিত অৰ্থাত বাহ্যিক অনুশাসন ভোগ কৰিব দিব লাগে । এইদৰে শিশুক তেওঁলোকে বিচাৰ ধৰণে কাম কৰিবলৈ স্বাধীনতা দিলে তেওঁলোকৰ মনত দায়িত্ববোধৰ ভাৱ বাঢিব আৰু ইয়ে শিশুক আত্ম অনুশাসিত হ’বলৈ অনুপ্ৰেৰণা যোগায় । 

ঙ) প্ৰকৃতিবাদ আৰু শিক্ষকঃ প্ৰকৃতিবাদে শিশুক শিক্ষকৰ পৰিৱৰ্তে অধিক স্বাধীনতা প্ৰদান কৰে । তেওঁলোকৰ মতে শিশুৰ আত্মপৰিচালিত ক্ৰিয়াকলাপত শিক্ষকৰ কোনো প্ৰভাৱ আৰু প্ৰভুত্ব নাথাকে । এই দৰ্শনৰ মতে শিক্ষকৰ দায়িত্ব হৈছে ছাত্ৰ আত্ম ক্ৰিয়া আৰু আত্ম শিক্ষাৰ বাবে প্ৰয়োজনীয় পৰিৱেশ ৰচনা কৰি তোলা । তেওঁ শিক্ষা মঞ্চত আঁৰ কাপোৰৰ পৰা শিক্ষা পৰিচালনাৰ সকলো দায়িত্ব পালন কৰিব লাগে । 

গতিকে বৰ্তমান বিজ্ঞান আৰু বস্তুবাদী জগতৰ চিন্তাধাৰাই আমাক প্ৰকৃতিবাদ দৰ্শনৰ এক বাস্তৱ দৃষ্টি দান কৰিছে । বৰ্তমান শিক্ষাত মনোবিজ্ঞানৰ ব্যাপক প্ৰয়োগে এই দৰ্শনক অধিক কাৰ্যক্ষম, পৰীক্ষা সাপেক্ষে আৰু গ্ৰহণযোগ্য কৰি তুলিছে । সেয়েহে ক’ব পাৰি যে প্ৰকৃতিবা দৰ্শনে শিক্ষাৰ তাত্ত্বিক আৰু ব্যৱহাৰিত, দিশত বৰ্তমান বিজ্ঞান আৰু কাৰিকৰী বিজ্ঞানৰ এক সময় উপযোগী চিন্তা দৰ্শন গঢ় দি তুলিছে । 

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top