আমাৰ প্ৰয়োজন – Our Needs (বায়ু, পানী, মাটি, খাদ্য, আশ্ৰয়, বস্ত্ৰ)

আমাৰ প্ৰয়োজন – Our Needs (বায়ু, পানী, মাটি, খাদ্য, আশ্ৰয়, বস্ত্ৰ – Air, Water, Soil, Food, Shelter, Clothes) is the TET Notes to each chapter is provided in the list so that you can easily browse throughout different TET syllabus wise notes for আমাৰ প্ৰয়োজন – Our Needs (বায়ু, পানী, মাটি, খাদ্য, আশ্ৰয়, বস্ত্ৰ – Air, Water, Soil, Food, Shelter, Clothes).

Join Telegram channel

আমাৰ প্ৰয়োজন – Our Needs

7. খাদ্য (Food):

জৈৱ প্ৰক্ৰিয়াসমূহ চলাই নিয়াৰ উদ্দেশ্যে সকলো জীৱই খাদ্য গ্ৰহণ কৰে। অৱশ্যে খাদ্যৰ প্ৰকাৰ, পৰিমাণ, গুণাগুণ আদি জীৱভেদে বেলেগ বেলেগ হয়। খাদ্যত নানা প্ৰকাৰৰ পুষ্টিকাৰক দ্ৰব্য থাকে, প্ৰ’টিন, ভিটামিন আৰু নানা প্ৰকাৰৰ খনিজ পদাৰ্থ থাকে। মানুহে উদ্ভিদ আৰু প্ৰাণীৰপৰা নানা তৰহৰ খাদ্য গ্ৰহণ কৰে। বেছিভাগ খাদ্য মানুহে ৰান্ধি খায় আৰু জুতি লগাই ৰান্ধি খায়। বিভিন্ন প্ৰকাৰৰ ফল, গাখীৰ, মাখন, ঘি, মাহজাতীয় শস্য আদিও মানুহে খায়। মানুহ একোজনে সঠিক পৰিমাণৰ সঠিক খাদ্য সঠিক সময়ত খালে শৰীৰৰ কাৰণে ভাল। খাদ্যত পোষক পদাৰ্থৰ (nutrients) অভাৱ ঘটিলে নানা প্ৰকাৰৰ অভাৱজনিত ৰোগ হ’ব পাৰে। অনুন্নত দেশবোৰত খাদ্য সমস্যা হৈছে এটা প্ৰধান সমস্যা।

খাদ্যৰ প্ৰকাৰ (Types of Food):- খাদ্যৰপৰা পোৱা মুখ্য উপাদানবোৰ হ’ল-

(ক) প্ৰ’টিন (Protein).

(খ) কাৰ্ব’হাইড্ৰেট (Carbohydrates).

(গ) চৰ্বি তথা তেল জাতীয় পদাৰ্থ (Fats and Oils).

(ঘ) আহজাতীয় পদাৰ্থ (Fibres).

(ঙ) খনিজ লৱণ (Mineral Salts).

খাদ্যৰপৰা ভিটামিন আৰু আন কিছুমান সূক্ষ্ম উপাদান পোৱা যায়। কিছুমান খাদ্য উদ্ভিদজাত আৰু আন কিছুমান প্ৰাণীজাত।

উদ্ভিদজাত খাদ্য:-

(ক) বীজ শস্য (Cereals)- ধান, ঘেহু, জোৱাৰ, বজ্ৰা ইত্যাদি।

(খ) দাইল জাতীয় শস্য (Pulses)- বিভিন্ন জাতৰ দাইল, বুট, মগু, মটৰ মাহ ইত্যাদি।

(গ) শাক-পাচলি (Vegetables)- আলু, কবি, বেঙেনা, বিন, লাউ, পালেং, পিয়াঁজ ইত্যাদি।

(ঘ) ফল (Fruits)- কল, কমলা, কুহিয়াৰ, ডালিম, আপেল, আঙুৰ ইত্যাদি।

(ঙ) তেল (Oil)- মিঠাতেল, বাদাম তেল, ৰিফাইন তেল, নাৰিকল তেল ইত্যাদি। 

(চ) মচলা (Spices)- আদা, নহৰু, হালধি, ডালচেনি, জিৰা, জালুক, জলকীয়া ইত্যাদি।

(ছ) পানীয় দ্ৰব্য (Beverages)- চাহ, কফি ইত্যাদি।

প্ৰাণীৰপৰা পোৱা খাদ্যৰ ভিতৰত আছে:-

(ক) মাছ, (খ) মাংস, (গ) কণী, (ঘ) গাখীৰ আৰু অন্যান্য দুগ্ধজাত পদাৰ্থ (মাখন, পনিৰ, ঘিউ ইত্যাদি), (ঙ) মৌ 

শাক-পাচলিৰ শ্ৰেণী বিভাজন:-

(ক) শিপা থকা শাক-পাচলি- আলু, গাজৰ, কাঠআলু, ইত্যাদি।

(খ) পত্ৰবহুল শাক-পাচলি- লাই, পালেং, লফা আদি।

(গ) বৃক্ষদত্ত শাক-পাচলি- পুৰা কল, জাহাজী কল, পচলা, কলফুল, বাহগাজ ইত্যাদি।

সন্তুলিত আহাৰ (Balanced Diet):- যি আহাৰত পোষক দ্ৰব্যবোৰৰ পৰিমাণ প্ৰয়োজনীয় মাত্ৰাত থাকে তেনে আহাৰক সন্তুলিত আহাৰ বোলা হয়। স্বাস্থ্য ভালে ৰাখিবলৈ হ’লে সন্তুলিত আহাৰ খাব লাগে। খাদ্যৰপৰা শক্তি পোৱা যায়। পূৰ্ণ বয়স্ক মানুহ এজনে খাদ্যৰপৰা গড় হিচাবে দৈনিক প্ৰায় 2,240 কিল’ কেলৰি শক্তি পাব লাগে।

খাদ্যবস্তুৰ সংৰক্ষণ (Storage of Food):- বীজ শস্য, দাইল জাতীয় শস্য, বিভিন্ন পাচলি আৰু ফলমূল ভৰালত ভালদৰে জমা কৰি ৰখাটো এটা ডাঙৰ সমস্যা। বিভিন্ন বতৰত যিহেতু বিভিন্ন খাদ্যবস্তু উৎপন্ন হয় সেই কাৰণে উপযুক্তভাৱে মজুত কৰি ৰখা ব্যৱস্থাও থাকিব লাগে। ইয়াৰ বাবে উপযুক্তভাৱে নিৰ্মাণ কৰা শীতল গৃহৰ ব্যৱস্থা কৰিব লাগে। ভৰালত থোৱাৰ আগতে শস্যবোৰ ভালদৰে শুকুৱাব লাগে; ভেকুৰ আৰু কীট-পতংগৰপৰা বচাবলৈ ব্যৱস্থা ল’ব লাগে। বিভিন্ন খাদ্যবস্তু সংৰক্ষণ কৰি ৰখাৰ আন কিছুমান পদ্ধতিও আছে; যেনে-

(ক) শুকান খাদ্য সংৰক্ষণ (Dehydration):- খাদ্যবস্তু (যেনে, মাছ) ৰ’দত শুকাই বা আন প্ৰকাৰে সংৰক্ষণ কৰিব পাৰি আৰু পিছত খাব পাৰি। সেইদৰে কচু আৰু আন কিছুমান বস্তু সংৰক্ষণ কৰি ৰাখিব পাৰি।

(খ) নিমখ দিয়া খাদ্য (Salting Food):- নিমখ দি মাছ, মাংস সংৰক্ষণ কৰিব পাৰি, আচাৰ বনাব পাৰি। নিমখৰ উপস্থিতিত বেক্টেৰিয়াবোৰ মৰি যায় আৰু এইদৰে আচাৰ কৰা পদ্ধতি অতি জনপ্ৰিয়।

সংৰক্ষিত খাদ্য বস্তু বায়ু নিৰুদ্ধ টিনত ভৰাই ৰাখিলে বহু দিনলৈ ভালে থাকে। খাদ্য সংৰক্ষণৰ ন ন পদ্ধতি এতিয়া উদ্ভাৱন কৰা হৈছে আৰু সেই কাৰণে আজি-কালি খাদ্যবস্তুৰ অপচয়ৰ পৰিমাণ কমিব ধৰিছে।

পুষ্টিহীনতা ৰোগ (Deficiency Disease):- শৰীৰত পুষ্টিকৰ দ্ৰব্যৰ অভাৱ হোৱাৰ ফলত যি ৰোগ হয় তাকে পুষ্টিহীনতা ৰোগ বা অভাৱজনিত ৰোগ বোলে। খাদ্যৰ পৰা শৰীৰে পোষক দ্ৰব্য অথবা পুষ্টিকৰ দ্ৰব্য লাভ কৰে। এই দ্ৰব্য ঘাইকৈ তিনি প্ৰকাৰৰ:-

(ক) শক্তি উৎপাদনকাৰী দ্ৰব- উদাহৰণ: কাৰ্ব’হাইড্ৰেট’, প্ৰ’টিন আৰু স্নেহ পদাৰ্থ ।

(খ) দেহ গঠনকাৰী দ্ৰব্য- উদাহৰণ: প্ৰ’টিন আৰু খনিজ লৱণ । আৰু 

(গ) পৰিপোষক দ্ৰব্য- উদাহৰণ: ভিটামিন, খনিজ লৱণ আৰু পানী। পুষ্টিহীনতাৰ কাৰণে হোৱা ৰোগ কিছুমান হৈছে- মেৰাজমাছ (marasmus), কুৱাশ্বিয়ৰকৰ (kwashiorkor), ৰক্তহীনতা (anaemia), পয়ালগা (rickets), গৰল (goitre), বেৰি বেৰি (beriberi), পেলাগ্ৰা (pellagra), স্কাৰ্ভি (scurvy) ইত্যাদি।

ৰক্তহীনতা: শৰীৰত লৌহ-যৌগ আৰু ভিটামিন B12 ৰ অভাৱৰ ফলত এই ৰোগ হয়; শৰীৰত লোহিত ৰক্ত কণিকাৰ সংখ্যা কমি যায়; মানুহজন দুৰ্বল হয়।

ৰিকেট: ভিটামিন D ৰ অভাৱৰ কাৰণে সৰু ল’ৰা-ছোৱালীৰ এই ৰোগ হয়; হাড়বোৰ কোমল হয়, বিকৃত হয়, ভৰি ধেনুভিৰীয়া হয়। 

বেৰি বেৰি: ভিটামিন B1 ৰ অভাৱৰ কাৰণে এই ৰোগ হয়; মাংসপেশী দুৰ্বল হয়, চলাচল কৰাত অসুবিধা হয়, পক্ষাঘাত হ’ব পাৰে।

পশুধনৰ দানাপানী (Animal Fodder):- গৰু-ম’হ, ছাগলী, ভেড়া ছাগলী, ঘোৰা, হাহ-পাৰ, কুকুৰা আৰু গাহৰিক খুৱাবৰ কাৰণে ব্যৱহাৰ কৰা খাদ্যবস্তুক দানাপানী (Fodder) আৰু জন্তুৰ আহাৰ (Animal Feed) বোলা হয়। এইবোৰ খাদ্যৰ অধিকাংশই উদ্ভিদজাত। 

জন্তুৰ আহাৰ মুখ্য উপাদান হৈছে ৰুক্ষ আহাৰ (roughage) আৰু ঘনীকৃত ৰস (Concentrates)। জন্তুৰ খাদ্যত ঘাইকৈ থাকে ঘাহ, খেৰ, গছৰ পাত, তেল, পিঠা, চেপেটা পিঠা আৰু বৰি, যৌগ আহাৰ আৰু মিশ্ৰ আহাৰ।

দানাপানীত ব্যৱহাৰ কৰা হয় ঘাহ, ঘেহু, বজ্ৰা, চয়াবিন, জোৱাৰ, ওট, বালি, গম, আলফালফা, ব্ৰাছিকা, ৰাইৰ গুটি, চালগোম ইত্যাদি। 

যৌগ আহাৰ (Compound Feeds) আৰু খাদ্য দ্ৰব্যবোৰ বিভিন্ন বস্তু মিহলি কৰি প্ৰস্তুত কৰা হয়। তাত আৱশ্যকীয় সকলো পোষক দ্ৰব্য সম্পূৰ্ণকৈ থাকিব লাগে। জন্তুৰ বিশেষ আৱশ্যকতা মতে দানাপানী অথবা যৌগ আহাৰ প্ৰস্তুত কৰা হয়। গাখীৰ, কণী আদি উৎপাদনৰ কাৰণে অতিৰিক্ত খাদ্যৰ যোগান ধৰিবলগীয়া হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top